সৰাপাত (প্ৰভাত হালৈ)/ঢেকীৰ চকুলো
ঢেকীৰ চকুলো
শুনিচনে হেৰ আঘোনী বাই
দিন কাল উকলি গ’ল
চাচোন চা এতিয়া আমাৰ
মূল্যই নোহোৱা হ’ল
এইখন ঘৰৰ ক’ত যে কাম
অকলে কৰিছিলো মই।
কিনো কম তোৰ আগত
সকলো জান তই॥
ধান বানিছিলো গুৰা খুন্দিছিলো
ক’ত খুন্দিছিলো চিৰা।
জালা, হালধি ক’ত খুন্দিছিলো
ক’ত খুন্দিছিলো জিৰা॥
লাউ, কোমোৰাৰ গুটি খুন্দিছিলো
আৰু খুন্দিছিলো ঔ।
তইতো সকলো দেখিয়েই আছ
হয় নে নহয় কৌ॥
বিহুৰ বতৰত দিন-ৰাতি নাই
কেবল খুন্দাই কাম।
হোলাৰ চেলাৰ আহিবৰ পৰাই
মোৰ কোনেওঁ নলয় নাম॥
ঘৰটো চাচোন উৰুশি গৈছে
মোৰ গাত পৰিছে পানী।
পখালিতো চা গোবৰে জাবৰে
দমাই থৈছেহি আনি॥
চাচোন আঘোনী বিয়াৰ সময়ত
যাত্ৰাৰ সান্দহ খুন্দাৰ বেলা।
মোৰ কাষতেই কতদিন তহতে
পাতিছিলি ৰঙৰ মেলা॥
তেল সেন্দুৰ মোকো পিন্ধাইছিলি
গাইছিলি বিয়া নাম।
অতিতৰ সেই কথাবোৰ আঘোনী
কেনেকৈ পাহৰি যাম।
মই যেতিয়া চাউল উলিয়াইছিলো
তাত আছিল ভিতামিন
হোলাৰ চেলাৰে চাউল উলিয়াই
একোৱে নাথাকে চিন॥
নব্য জগতৰ সভ্য মানুহে
দেখাত চাফ চিকুন পাই
কেচাই পকাই এসোপা সিজাই
মনৰ হেপাহতে খাই॥
খাদ্যত যেতিয়া খাদ্য সাৰ নেথাকে
দেহত নেথাকে তেজ।
পুষ্টি হিনতা ৰোগে ধৰিলেহে
তেতিয়াহে লাগে বেজ॥