সমললৈ যাওক

সৰাপাত (প্ৰভাত হালৈ)/জ্যেষ্ঠ নাগৰিক

ৱিকিউৎসৰ পৰা

জেষ্ঠ নাগৰিক

হায় জেষ্ঠ নাগৰিক।
ধিক ভাই শতাধিক॥
কি দেখো কি শুনো।
শুনি দেখো নহয় কোনো॥
সকলোৰে মনত দুখ।
লাজতে কোনোৱে নেমেলে মুখ॥
ল'ৰা-তিৰোতাৰ মোহত পৰি।

দেহৰ তেজক পানী কৰি॥
ভোকে লঘোনে কষ্ট পাই।
কাৰ বাবেনো আৰ্জিলো হায়॥
যি তিৰোতাৰ মোহত পৰি।
মা, পিতাক দিলে আতৰ কৰি॥
ভাই, ভনী হতো হ’ল পৰ।
এৰিলে৷ আলহি দুলহিৰ ঘৰ॥
তিৰি চলিক বুকুত লৈ
সপোন ৰচিলো নতুন কৈ॥
গ’ল বয়স, গ’ল প্ৰজাৰ পাল।
এতিয়াহে লাগিল কাল॥
যেতিয়া হ’লো কৰ্মহিন।
নুপুৱাই ৰাতি নেযাই দিন॥
সময়ত নেপাওঁ চাহ-ভাত।
খুজিলে শুনো কথুৱা মাত।
লৰা-বোৱাৰী কৰে শতৰু জ্ঞান।
তিৰোতায়ো নকৰে মান॥
লাগিল ৰোগ সোতৰিল চাল।
থকাত কৈ যেন নথকাই ভাল॥
কোনোৱে আকৌ খাব নেপাই।
বুঢ়া কালত খুজিব যায়॥

কাৰবাক দিয়ে উলিয়াই।
ঘৰত থাকিবলৈ নিদিয়ে ঠাই।
পথ আৰু গছৰ তল,
অথবা বৃদ্ধাশ্ৰমে আশ্ৰয়ৰ থল॥
অশান্তি মাঠো অশান্তি,
চকুলো বয় দিন ৰাতি॥
অবৰ্ণনীয় দুখ হাই।
কবলৈও নাথাকে ঠাই॥
বুঢ়াৰ কথাত নকৰে কান
বেচিকৈ ক’লে পাই অপমান॥
যি সময়ত লাগিছিল সুখ।
সেই সময়তে আহিল দুখ॥
দুৰ্বল শৰীৰ নচলে ভৰি
আধা পেটেৰে থাকে পৰি॥
বেচিকৈ খালে অসুখ হব
ভাল কাপোৰ খিনি আতৰাই থব।
মানুহৰ আগত বিবৰি কয়
খাই উঠিয়ো পাহৰি যায়॥
হাই কল্পনাৰ কাৰেং ঘৰ।
হাই পত্নী-পুত্ৰ মৰমৰ॥
হাই ধন্য মানৱ জীৱন।
শেষ সংঙ্গি মাথো নাৰায়ণ॥