সৰাপাত (প্ৰভাত হালৈ)/চৰাইৰ মহাসভা
চৰাইৰ মহাসভা
অভয়াৰণ্যত চৰাইবোৰে
পতিলে মহাসভা।
বাঢ়ৈ টকোৰাৰ তত্বাবধানত
সাজিলে সুন্দৰ ৰভা॥
বুঢ়া ধনেশ সভাপতি
ভাটো সাধাৰণ সম্পাদক।
ঢোৰা কাউৰীক দায়িত্ব দিলে
প্ৰচাৰ বিভাগত॥
মইনা চৰাই মাল্যপ্ৰদানত
কুলিৰ আৰম্ভনী গীত।
গছ খোলাই তবলা বজাব
সবাৰো জুৰাব চিত॥
দেও কতৰাই নৃত্য কৰিব
ময়ুৰে ধৰিব চালি।
বৰটোকলাই দোতৰা বজাব
বগলী বজাব কাহি॥
অভ্যৰ্থনাত মাছৰোকা
বাহকুকা ডাউকক লৈ
ঘন চিৰিকাই তামোল দিব
শালিকীৰ লগ হৈ
শগুন আহিল পাতীকাউৰী সহ
আহিল চেক চেকীয়া কায়।
বাজ আহিল চিলনী আহিল
মহাসভাৰ খবৰ পাই॥
পানী কাউৰী-শৰালী হাহ
আহিল ধেকৰ, কৰা
টিপচী আহিল কপৌ আহিল
বহু দুৰ দুৰণিৰ পৰা॥
তিয়া আহিল বুলবুলি আহিল
দেও হাঁহ আহিল লৰি।
জাকে জাকে বনকুকুৰা
আহিল লচৌপচৌ কৰি॥
ফেচা আহিল হুদু আহিল
আহিল শামুক খোলা।
হুতুক তুকিয়া, বৌ কাকা,
পাট মাদৈ গপত ফুলা॥
গঙ্গা চিলনী ধুপচী চৰাই
আহিল একে লগ হৈ
আৰা আহিল তাৰা আহিল
সভালৈ যাওঁ গৈ।
সদৌ শেষত কেতেকী আহিল
কেতেকীৰ সৌৰভ লৈ।
সাজি কাচি আহিল কনামুচৰী
সভাত মিলিল বালীমাহীও গৈ॥
পাৰ আছিল চালৰ মুধত
খবৰত পলম হ’ল।
টিপচী জনীক লগত লৈ
দুয়ো সভালৈ গ’ল॥
চৰাই সমূহ
|
বাঢ়ৈচকোৱা
|
ধনেশ
|
ভাটৌ
|