সৰাপাত (প্ৰভাত হালৈ)/ঘৰৰ সঁজুলি
ঘৰৰ সজুলি
ৰান্ধিবলৈ কেৰাহী, হান্দি, দেক্সি
খাবলৈ কাহী-বাটি।
খন্টি, খন্টা, কোদাল লাগে
খান্দিবলৈকে মাটি॥
চাহ খাবলৈ গিলাচ পিয়লা বানবাটি
বহিবলৈ লাগে পিৰা।
গাড়ো খুৰা বাটিৰ প্ৰয়োজন
খাবলৈ দৈ চিৰা॥
পিতলৰ কলহ তাম কলহ
মাটি কলহৰ পানী।
গৰমৰ দিনত অতিথিক
এঘটি দিবা আনি।
চাহ কৰিবলৈ কেটলী, চচ
ধৰিবলৈ লাগে স’প।
লাগতি খৰি নেপালে যে
ৰান্ধনীৰ বাঢ়িব গপ॥
ৰান্ধিবলৈ চৌকা, উধান,
কেৰাহী থবলৈ খুটি।
চুৰকনীত নাৰিকল চুৰুকি
লাৰু খাবলৈ জুতি॥
হাত ধুবলৈ পিতলৰ চৰিয়া
পানী বুৰাবলৈ মগ।
টিংঙৰ পানী বুৰাবলৈ সুবিধা
নাথাকিলে কলহত খাবা ঠগ॥
কাতিবলৈ দা-কতাৰি
খৰি ফালিবলৈ কুঠাৰ।
টেল থবলৈ তেলৰ চুঙা
কৈৰাত গাই খিৰাব মজাৰ॥
নিমখ থবলৈ খোলা লাউ
ধান জুখিবলৈ কঠা, দোন
ধান থবলৈ ডুলি, তালা
নেলাগে বুলিবা কোন॥
ধান-উশাবলৈ থালি লাগে
কাঢ়িবলৈ ধান কাৰা পাচি।
দাঙি নিবলৈ দুকুলী, খৰাহী,
কাযত ধান কাৰা থবা সাঁচি॥
তৰকাৰী কাতিবলৈ বথি লাগে
লাৰিবলৈ লাগে কৰচ।
দৈ-চিৰাৰ বাটিত চামোচ দিবা
মানুহে বুলিব চৰচ॥
খাই উঠি খৰিকা লাগে
খৰিকা মুঠাত পাবা।
কুলা, চালনী, গুৰাচালনী লৈ
ধেকী শাললৈ যাবা।
ঢেকী শালক, বাঢ়নী, ফটাকাপোৰ
বঢ়াবলৈ লাগে লুৰি।
ঢেকীৰ আগত ঢেকীতোলা খুটি
ঢেকীশাল শুৱনী বুঢ়ী॥
চাহ চেকিবলৈ চেকনী লাগে
বস্তু শুকাবলৈ ডালা।
জপাৰ ভিতৰত কাপোৰ নথলে
নিগনিয়ে দিব জালা॥
ভাৰ বান্ধিবলৈ শিকা বাঙ্কা
মাহ কলা দলিবলৈ জাত।
উহোৱা ধান কাঢ়িবলৈ ধানকাৰা
কাৰো নুশুনিবা মাত॥
বিচনাত পাৰিবলৈ কানিৰ তলপাৰা
মুৰ থবলৈকে গাৰু।
ঠান্দাৰ দিনত কাথাৰ তলত
কোনেনো মাতে আৰু॥
বহিবলৈ লাগে চকী,বেঞ্চ
শুবলৈ বিচনা খন আগে।
ন কাপোৰ থবলৈ আলমাৰী বাকচ
আলনা এডালো লাগে॥
বস্তু জুখিবলৈ তুলাচনী
গুৰা খুন্দিবলৈ উৰাল।
কাঠৰ পেৰাত তেল পেৰিলে
খাবলৈকে বৰ ভাল॥
গাখীৰ থবলৈ ঘাই, কাতা
ধাকনি দিবলৈ মালে।
টেকেলী মুখৰ পিঠা সোৱাদ
বুজিবা এবাৰ খালে॥
পাট কাতিবলৈ হাকোতা দা
পোহৰ হাৰিকেন চাকী।
ৰদ, বৰষুণে জাপি, চাটি
গৰিবক দিবা একঠা বাকি॥
পিঠা জাপি, মূৰত ল’লে
গাত নপৰে পানী।
চেপা, চহৰা-জাল পাতি
মাছ ধৰি খাবা আনি॥
জাকৈ, খাৱৈ সজাই ৰাখিবা
বিচনী থবা ধুই।
গৃহিনীক দিবা শালপাতি
নহ’লে থাকিব শুই॥
পলোৱা, জুলুকী, টঙি জাল
মাছ মৰাৰৰে যোগাৰ।
ঘাহ, ধান, কাতিবলৈ কাচি
হোলোঙাৰে বান্ধিবা ভাৰ॥
ঘৰৰ সজুলি সমুহ
কেৰাহী
|
হান্দি
|
ডেক্সি |
খোলালাউ
|
দোন
|
কথা |