সমললৈ যাওক

সৰাপাত (প্ৰভাত হালৈ)/গৰুৰ মেল

ৱিকিউৎসৰ পৰা

গৰুৰ মেল

এদিন দুপৰীয়া  আহতৰ তলত
 এজনী বুঢ়ি গাই।
গছৰ তলত  শুইয়ে আছে
 ঘাহ পাগুলী খাই॥

এনেতে এটি  বুঢ়া হালোৱাই
 কাষত হ’লেহি ঠিয়
কি হে মাহী  ঘাহ খাব এৰি
 শুই আছানো কিয়॥
কান জোকাৰী  বুঢ়ি গাইজনী
 হালোৱাক লগালে মাত।
ঘুৰোতে ঘুৰোতে  ভাগৰ লাগিছে
 জিৰাইছো গছৰ চাত
ৰাতি পুৱাতে  গিৰিহতে আনি
 ইয়াত খুটি মাৰি ঠৈ গ’ল
এতিয়ালৈ এটোপ  পানীও নিদিয়ে
 ইমান বেলী হৈ গ’ল
দেহতো মোৰ  শকতি নাই
 বয়সত হৈছো বুঢ়া
নেজানো কেনেকৈ  জিয়াই থাকিম
 কামুৰি দুৱৰীৰ মুৰা॥
হালোৱাই ক’লে  গাইজনীক চাই
 দুখ নকৰিবা মাহী।
দানা পানী  যোগাৰ কৰি
 এতিয়াই নিব আহি॥
হুমনীয়াহ কাঢ়ি  ক’লে গাইজনী

 বুঢ়া হালোৱালৈ চাই।
কেনে দানাপানী  বহুদিন ধৰি
 চকুৰেই দেখা নাই॥
আমুল কনদেঞ্চ  লেক্তজিন এভ্ৰিদে
 কিমান গাখীৰ পাই।
গাখীৰৰ অভাব  পূৰ্ণ কৰিছে
 আমালৈ কোনে চাই॥
ঘাহ দানা পানী  একোকে নেলাগে
 বান্ধিবলৈ নেলাগে ঘৰ।
দুদিনমান পিচত  বিক্ৰি কৰি দিব
 কিহৰ প্ৰয়োজন মোৰ॥
গাইৰ কথা শুনি  বুঢ়া হালোৱাই
 দুখেৰে লগালে মাত।
কিবা বোলে এটা  পাৱৰ তিলা আহি
 আমাৰো মাৰিলে ভাত॥
দানাপানী তাক  একোৱে নালাগে
 কেৱল তেলেই খাই।
কম সময়ত  আমাৰ দহগুন
 কাম কৰি ঠৈ যায়॥
পাৰে হালবাব  ধানো কাতিব
 মৰনাওঁ দিব মাৰি।

আমাৰ আৰু  কিহৰ প্ৰয়োজন
 সিয়েই তানিব গাড়ী॥
নানান গাখীৰ  বজাৰত ওলাইছে
 সাৰো কিনিব পাই।
গোবৰো নালাগে  গাখীৰো নালাগে
 কোনে পোহে হালোৱা গাই॥