সৰাপাত (প্ৰভাত হালৈ)/গছৰ ধৰ্ণা
গছৰ ধৰ্ণা
থলুৱা গছবোৰৰ অকাল ধংস
দেখিলে লাগে বৰ দুখ।
বিদেশী গছে আহি অসমত
শুৱাইছে পদুলী মুখ॥
স্থানীয় গছৰ অকাল ধংস দেখি
বুঢ়া বট গছে খালে ভয়।
চাওঁতে চাওঁতে স্থানীয় গছবোৰ
এতিয়া দেখো নাইকিয়া হয়॥
ভাবি চিন্তি বুঢ়া বট গাছে
মনত এটা সিদ্ধান্ত ল’লে
মানুহৰ বিপক্ষে ধৰ্ণা দিয়া হক
সকলোকে আদৰি ক’লে
সকলো প্ৰজাতিৰ গছ ওলাই আহা
কোনোওঁ নাথাকিবা ৰৈ।
আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে আমি
ধৰ্ণা দিওঁ আহা গৈ॥
বুঢ়া বট গছৰ আহ্বান পাই
সকলো গছৰ আনন্দ বৰ।
ধৰ্ণা দিবলৈ ওলাই আহিল
যত থলুৱা গছ অসমৰ॥
আম আহিল, কলাজামু আহিল
আহিল নাৰিকল, তামোল, তাল।
চেনী চম্পা, মালভোগ, মনোহৰ কল
আহিল সোনাৰু, চেগুন, শাল॥
কেচেলপা, জাহাদী, পুৰা কল
আহিল বৰতমনি, দ্বিগবিজয়।
চন্দন, শিলিখা, ভোমোৰা আহত
নাগেশ্বৰ নাহৰ গন্ধসৰৈ॥
ভলুকা, মকাল, ঘৰা জাতি
ভেন্দা, কতাহ বিজুলী বাহ।
খেজুৰ, আঠিয়াকল ৰামকল আহিল
সকলোৰে মনত আছে দাহ॥
চজিনা, চতিয়ানা, মজ, শিমলু
আহিল শশন, মাকৰী শাল॥
আমলখি, বগৰী, কাজিনেমু
দেবদাৰু, পমা, ওদাল।
লাউবন্ধা, তেজপাত, চাউলধোৱা কৰঙা
গোহাৰা ভজা হিদাল॥
কমলা টেঙা জনৰু টেঙা
আহিল বৰথেকেৰা কুজি।
দেৱা ডুমৰু বেল তেতেলি
আহিল ধৰ্ণাৰ সময় বুজি॥
খুদি জাম আহিল কেকো বাহ আহিল
আজাৰা বকুল কুহিমলা।
মদাৰ, কৃষ্ণচুৰা, জিয়া ঔ ওলাল
ধৰ্ণালৈ যাওগৈ বলা॥
ঘোৰানিম শেৱালী কামিনী কাঞ্চন
জলফাই অৰ্জুন জাৰল।
খুদি জামু, ঘাপখৰা, বেল,
ওলাল গৈ ধৰ্ণাৰ থল॥
খৈৰা, ৰাধা চুৰা, শাওৰা, কৰ্দৈ
কদম চাওঁ আৰু আমাৰী।
পাকৰী, কেন্দু, ৰবাৰ টেঙা
ওলাল বৰ গামাৰী॥
অমিতা মধুৰী আম জলফাই
শ্ৰীফল আৰু হালধীয়া
যুখুৰী, সাওঁৰাই চিঞৰী ক’লে
সকলোৱে নাহানো কিয়া।
বুনবকুল চিচু চিৰিজ বনচোম
যঞ্জ ডম্বৰু নাহৰ।
কিনো চাই আছা তহতে বাৰু
অলপ খৰ ধৰ কৰা॥
কপাহ আহিল কৰবিৰ আহিল
আহিল তৰুৱা কদম।
তাকে দেখি সৰু গছবোৰে
লগালে খদম দম॥
ডাঙৰবোৰ যোৱা দেখা পাই
সৰু গছবোৰেও কয়।
আমি বোৰতো গছৰেই প্ৰজাতি
আমিও লগ হও গৈ॥
সিজু আকন ঢেকীয়া বিহলঙনী
পচতিয়া ভেতে ফুল।
নৰসিংহ বেঙেনা জলকীয়াই
লগাই দিলে হুলষ্ঠুল॥
দাদিগ দিগা কাতা খুতুৰা
আৰু ভেন্দি কন্তিকাৰী।
মানকচু, কলাকচু, নলকচু
তৰা, জৰা আৰু নল খাগৰী॥
নৰসিংহ বৰাই নোখোৱাকচু
খেৰ, উলু আৰু পাটেগজা।
ঘহৰ, কুহিয়াৰ, ধান গমধান
ওলাল কপাল ফতলা মজা॥
বগা বিৰিনা, কাহীবন দনধকুৱা
বতা জাতিৰ সৰু বৰ।
গেন্ধেফুলে তুলশীক ক’লে
ওলা সোন কাল কৰ॥
আদা হালধী কেতুৰী বেহু
বৰ কপাহ আৰু দোৰোন
শিয়াল লেজাই বিৰিনাক ক’লে
তই অলোৱা নাই চোন॥
পাৰিজাত ফুল শালিকাৰ কন্ঠ
গোলাপ আৰু গন্ধৰাজ।
নীলকণ্ঠ তগৰ চম্পা
সকলোবোৰ ওলাল বাজ॥
ভেন্দা এৰা জাতি তিতবগৰী
গধুলী গোপাল ফুল।
তাকে দেখি জবা, অপৰাজিতা
থলপদ্মই লগালে হুলুস্থুল॥
কঞা আনাৰস কেতেকী ফুল
আৰু গধুলী গোপাল।
পাটবাহাৰ ৰক্তজবা সিজু
ওলাল ধৰ্ণালৈ ভাল॥
গছবোৰ যোৱা দেখা পাই
লটা বোৰেও কয়।
মানুহবোৰৰ অত্যাচাৰত দেখো
আমাৰো সকলোৱে ওলা।
গছৰ লগত আমাৰ লটা বোৰেওঁ
যোগ দিওঁ গৈ বলা॥
পান, জালুক, জিকা, তিয়হ
কোমোৰা ৰঙালাউ।
মাধবীলতা কুঞ্জলতা
আমিও ধৰ্ণালৈ যাওঁ॥
জাৰমনী লতা আকাশী লতা
নেচেৰা, পটল, ভোল।
ভেদাই লতা, কোৱা ভাতুৰী
সোনকালে ওলা ব’লা॥
সিদ্ধিলতা বাঘআচৰা লতা
ভুই কুমুৰা, তেতেলি পাতা।
বিয়েনী সাবতা, হাৰজোৰা
গুনৰাজ উৰহীকো মাতা॥
ঢেকীয়া পতিয়া গছ আলু
আৰু আহিল নিলেজী মাহী।
চেকেলী খুণ্ডা পিপলী পুৰৈ
আহিল আনন্দ মনে হাঁহি॥
হাতীসুৰা বাঙী চিকহু
আৰু ওলাল কপৌ লতা
যোৱা আলু আৰু নিশিগন্ধা
ওলাল শুনি ধৰ্ণাৰ কথা॥
|
বটগছ
|
আম
|
কলাজামু
|
|
হলস
|
চিধা
|
শখন
|
|
যজ্ঞডম্বৰু |
নাহৰ |
কপাহ |
সৰুগছ
|
সিজু
|
আকন
|
ধেকীয়া
|
|
অপৰাজিতা
|
থলপদ্ম
|
কঞা
|
লতা প্ৰজাতি
|
পান
|
জালুক
|
জিকা
|