সৰাপাত (প্ৰভাত হালৈ)/খেতিৰ সঁজুলি
খেতিৰ সজুলি
নাঙল চাচিবা সাৱধানেৰে
মুঠি চাচিবা ভাল।
দীঘল সাজেৰে গজাল মাৰিবা
নহ’লে উঠিযাব ফাল॥
ডিলা চাচিবা পুৰথ বাহৰ
তাতে খোপ ৰাখিবা ছয়।
জুৱলী কাতিবা সমান সমান
নহ’লে পাপৰ ভয়॥
জুৱলীত দিবা চাৰিটা শইল
দুদাল জুতনী জৰি।
বাৰিষা হ’লে নেজ জুতনী
আগে থবা সাজু কৰি॥
কোদালেৰে কাষ কাতিবা
মাটি পেলাবা মাজত।
কোনা তুলি নাঙল ঘুৰাৰ
পিচত পৰিবা লাজত॥
সামাৰ বাই মৈ জুৰিবা
খৰালীত লাগে মৈ জৰি।
বাৰিষাৰ কাৰণে ভলুকাৰ দাকুৰা
আগতেই থবা কৰি।
মৈ বান্ধিবা বুঢ়া বেটেৰে
তাত নলগাবা জৰি।
পটাৰ জৰিৰে মৈ নেবান্ধিবা
নহলে যাবা পৰি॥
শইচৰ কাষত হাল বালে
গৰুক মুখখাৰা দিবা।
আবেলি হ’লে চপৰা ভাঙিবলৈ
দলি বাৰিটো নিবা।।
এচাৰিৰ মুৰত পাচান মাৰিবা
মাথো সাৰথি কৰি।
গৰুৰ গাত এচাৰি পাচান
বৰকৈ নাথাকিবা ধৰি॥
গৰুৰ বাবে দৰখ-পঘা
বতিবা খৰ পাকত।
দুষ্ট হ’লে নাকি জৰি মাৰি
দিবা গৰুৰ নাকত॥
মৰনাৰ খেৰ জোকাৰিবলৈ
ওখনীৰ দীঘল দাত।
দাতৰ আগত জোং নাৰাখিবা
লাগি যাব পাৰে গাত॥
খেৰ ঘুগুলা গুচাবলৈ
বৰ চালনী খন লবা।
ৰৈনা খনেৰে গুটিধানবোৰ
মাজত দম কৰি থবা॥
নাঙল থবলৈ হাকোতা দুদাল
গোহালীৰ বেৰত থবা আৰি।
কাচি, খন্টি, যতনাই থবা
দুই-তিনি ডাল এচাৰি॥
সূৰ্য্য নোউঠোতেই হাল নিবা
সোনকালে মেলিবা হাল।
হোলোঙা চাচিবা ঘন পাবৰ
ডাঙৰী আনিবলৈ ভাল॥
খেতিৰ সজুলী সমুহ
নাঙল
|
ফাল
|
ডিলা |
পঘা
|
নাকিজৰি
|
ওখনী |