সমললৈ যাওক

সৰাপাত (প্ৰভাত হালৈ)/উপাধি সন্মিলন

ৱিকিউৎসৰ পৰা

উপাধি সন্মিলন

 

লুইতৰ পাৰত  লাচিতৰ চোতালত
 বহিব উপাধি সন্মিলন।
শঙ্কৰ মাধৱৰ  কীৰ্ত্তন ঘোষাৰে
 ওপৰৰ ৰভাখন॥
চাৰিও ফালে  চাৰিটা জাতিৰ
 ৰভাৰ চাৰিটা খুতি
ঐক্যৰ জৰীৰে  বৰ সযতনে
 ৰভাখন থৈছে যুটি॥
কনকলতা  মুলাগাভৰুই
 সাৰিছে ৰভাৰ তল।
জয়া বেউলাই  পানী চতিয়াই
 পবিত্ৰ কৰিছে থল॥
কুশল কোঁৱৰ  মনিৰামহঁতে
 ফুৰিছে সকলোকে মাতি।
ৰঞ্জীত বৰপূজাৰী  অনিল বড়াই
 প্ৰতিবেদন লিখিছে খাতি॥
আজান ফকিৰৰ  জিকিৰৰ ধ্বনিৰে
 হ'ব আৰম্ভ সভাৰ কাম।

এইয়েই প্ৰথম  লাচিতৰ চোতালত
 উপাধি সন্মিলন নাম॥
সভাৰ জাননী  পাই সকলোৰে
 মনত আনন্দ বৰ।
বাৰে ৰহনীয়া  উপাধি সন্মিলন
 প্ৰথম এইয়া অসমৰ॥
বৰদলৈ, বৰদেউৰী  ৰায়মেধি, হাজৰিকা
 আৰু ওলাল বৰপূজাৰী।
বৰ কটকী  কটকী শৰ্মা
 লগত আহিল মুচাহাৰী॥
ভট্ট ভট্টাচাৰ্য্য  কাকতি, দাস
 আৰু পাটোৱাৰী।
বুজৰবৰুৱা  কলিতা, ডেকা
 দৈমাৰী, স্বৰ্গীয়াৰী॥
হালৈ, তালুকদাৰ  বৈশ্য, বৰ্মন
 আৰু মজুমদাৰ।
কৈৱৰ্ত্ত, কেওট  মেধি, সাউদ
 ঘাটোৱাৰ, ধানোৱাৰ॥
বণিক্য, ৰাজবংশী  কোচ, মেছ
 আহিল চি্​ল, লহকৰ।
শ‍ইকীয়া, বৰবৰা  খাউণ্ড

 আৰান্ধৰা খণ্ডকাৰ
ডাউকা, ভড়ালী  সুত্ৰধৰ
 তিৰ্কী মুণ্ডা তাতী।
কুৰ্মী, গোপাল  কৈৰী, মিনচ
 পাটগিৰী, ভাগবতী
বৰবৰুৱা  হাতীবৰুৱা
 দত্ত, কুমাৰ, অধিকাৰী।
কচাৰী, ব্ৰহ্ম  দেউৰী, বড়ো
 নাৰ্জাৰী, খাখলাৰী॥
দাধৰা, দিহিঙ্গীয়া  বৰভূঞা
 গন্ধীয়া দস্তিদাৰ।
আলী, আহমেদ  চেখ, হক
 গোস্বামী, মালাকৰ॥
শালৈ, বেজবৰুৱা  তামুলী, নাথ
 তেলেঙ্গা, কন্দপান
চৌধুৰী, ভূঞা  পাঠক, মোটক
 জখৰীয়া, ৰহমান॥
হাগজেৰ দেৱবৰ্মা  গাইব্লং সিনহা
 বৰফুকন, সোনোৱাল।
হাজোৱাৰী, বাগলাৰী  মাৰান্দি, লগান
 মণ্ডল, ঘোচ, লস্কৰ, পাল॥

গোৱালা, কুৰ্মী  হুচেইন, শ‍ইকীয়া
 আহিল খান, চিকদাৰ
চৌধুৰী, চহৰীয়া  ৰয়, বৰবড়া, সেনডেকা
 তহবিলদাৰ, মুদিয়াৰ॥
বুঢ়াগোঁহাই  পানী ফুকন, ধৰ
 আৰু চাং কাকতী।
বৰপাত্ৰগোহাই  চেতিয়া, ফুকন
 যায় আনন্দেৰে অতি॥
চাউদাং বৰুৱা  ঢেকীয়াল ফুকন
 আৰু ওলাল ডেকা ৰজা।
মিলিব সকলে  ৰভাৰ তলত
 কেনেনো হব মজা॥
গগৈ, চুতীয়া  সুত, মৰান, মহন্ত
 খাৰঘৰীয়া, সন্দিকৈ
নেওঁগ, চমুৱা  কুকুৰ চোৱা মিলি
 সন্মিলন ওলাব গৈ॥
সিংহ, পাচনী  পুৰকায়স্থ
 মালিক, চক্ৰবৰ্ত্তী, সুত, গলত
যথা সময়ত  মিলিল আহি
 একতাৰ ৰভাৰ তলত॥

উপাধী সমূহ

বৰপুজাৰী
বড়া
বৰদলৈ
বৰদেউৰী
ৰাইমেধী
হাজৰিকা
বৰকটকী
কতকীশৰ্মা
মুচাহাৰী
ভট্ট
ভট্টাচাৰ্য্য
কাকতি
দাস
পাটোৱাৰী
বুজৰবৰুৱা
কলিতা
ডেকা
দৈমাৰী
স্বৰ্গীয়াৰী
হালৈ

কৈৱৰ্ত্ত
কেওঁত
মেধী
সাউদ
ঘাটোৱাৰ
ধানোৱাৰ
হাতীবৰুৱা
ৰাজবংশী
কোচ
মেচ
শীল
লহকৰ
শ‍ইকীয়া
বৰবড়া
খাউণ্ড
আৰান্ধাৰা
খণ্ডকাৰ
ডাউকা
ভড়ালী
সুত্ৰধৰ

গোপাল
কৈৰী
মিনচ
পাটগিৰী
ভাগৱতী
বৰবড়া
বনিক্য
দত্ত
কুমাৰ
অধিকাৰী
কচাৰী
ব্ৰহ্ম
দেউৰী
বড়ো
নাৰ্জাৰী
খখলাৰী
দাধৰা
দিহিঙ্গীয়া
বৰভূঞা
গন্ধীয়া

তালুকদাৰ
বৈশ্য
বৰ্মন
মজুমদাৰ
হক
গোস্বামী
মালাকৰ
শালৈ
বেজবৰুৱা
তামুলী
নাথ
তেলেঙ্গা
কন্দপান
চৌধুৰী
ভূঞা
পাঠক
মোটক
জীয়া
ৰহমান
হাগজেৰ
দেৱবৰ্মা

তিৰ্কি
মুণ্ডা
তাতী
কুৰ্মী
চাউদাংবৰুৱা
মণ্ডল
ধেকীয়ালফুকন
লস্কৰ
পাল
গোৱালা
কুৰ্মি
হুচেন
শ‍ইকীয়া
খান
শিকদাৰ
চৌধুৰী
চহৰীয়া
ৰয়
বৰবড়া
সেনডেকা
তহবিলদাৰ

দষ্টিদাৰ
আলি
আহমেদ
চেখ
লগাম
ডেকাৰজা
ঘোষ
গগৈ
চুতিয়া
সুত
মৰাণ
মহন্ত
খাৰঘৰীয়া
সন্দীকৈ
নেওগ
চমুৱা
কুকুৰচোৱা
সিংহ
পাচনী
পুৰকায়স্থ
মালিক

গাইব্লং
সিনহা
বৰফুকন
সনোৱাল
চাংকাকতি
বৰপাত্ৰগোহাই

মুদিয়াৰ
বুঢ়াগোহাই
পানীফুকন
ধৰ
বাগলাৰী
চেতিয়াফুকন

চক্ৰবৰ্ত্তী
সুত
গলত
হাজোৱাল
মাৰান্দি
হুজুৰী