সমললৈ যাওক

সৰাপাত (প্ৰভাত হালৈ)/আলু কচুৰ মেল

ৱিকিউৎসৰ পৰা

আলু কচুৰ মেল

 

এদিন দুপৰীয়া  প্ৰখৰ ৰদত
 বজাৰত কোনোৱে নাই।
আলু, কচুই  মিটিং পাতিছে
 সেই সুবিধাকন পাই॥
আলু, কচু  বেঙেনা, পটল
 জিকা, কোমোৰা, লাউ।
বিলাহী, বেঙেনা  তিতা কেৰেলা
 নিলেজী যাৰ নাউ॥
আদা, পিয়াজে  ঢেকীয়াক ক’লে
 মিটিঙলৈ যাও ব’লা।
ভাত কেৰেলাই  মৰিচাক ক’লে
 তইয়ো এবাৰ ওলা॥

সভাপতি হৈ  ৰঙালাউটোৱে
 লগালে এসাৰ মাত।
আমি নহ’লে  মানুহবোৰে
 খাব নোৱাৰে ভাত॥
আলুই ক’লে  ধিৰ কন্ঠস্বৰে
 সভাপতিলৈ চাই।
খেতিয়ক সকলৰ  অত্যচাৰত মোৰ
 নাম নষ্ট হৈ যায়॥
যধে মধে আনি  সাৰ ধালিছে
 বেচি ফল পাবৰ মনে।
নিজৰ গোন্ধ মই  নিজেই পাইছো
 মোকনো খাব কোনে॥
হঠাৎ সভাসদ  উচ্‌​প খাই উঠিল
 তিতা কেৰেলাৰ মাতত।
সকলোৰে বোলে  গেষ্টিক বেমাৰ
 কোনেওঁ নলই পাতত॥
চজিনাই বোলে  মোৰ কিন্তু
 কোনো কথা নাই।
বছৰে বছৰে  মোৰ কিন্তু
 দাম বাঢ়িহে যায়॥
মুলাই বোলে  মোৰো অলপ

 কব লগাহে আছে
যি সোপাহে  সাৰ ধালেহি
 তিতা লাগি যায় পাছে॥
কোমোৰাই বোলে  মোৰটো আৰু
 ৰবৰেই উপাই নাই।
টিঙৰ চালত  উঠাই দিলে যে
 দেহা-দেই পুৰি যায়॥
ভাত কেৰেলাই  বোলো মোকতো
 সকলোৱেই জানে।
সাৰ গোৱৰ  একো নিদিয়ে
 চিঙে আৰু আনে॥
উৰহি-বেঙেনাই  মাত লগালে
 আমাৰো হৈছে ভয়।
কচু, ধেকীয়াই  মাত লগালে
 আমাৰ হ’লে একো নাই।
আদৰো নাই  যত্নওঁ নাই
 কম পইছাতেই পাই॥
ধন্দুলী বোলে  আজিৰ বাবে
 মিটিং সামৰি থোৱা।
দোকান দাৰ  উপস্থিত হৈছে

 নিজৰ স্থানলৈ যোৱা॥
সভাপতিৰ কিন্তু  ভাষন খিনি
 তেওঁৰ পেটতেই ৰল॥

 

পাচলী সমূহ

আলু
লাইশাক
পটল
লাউ
তিতাকেৰেলা
ঢেকীয়া
ৰঙালাউ
কোমোৰা
ভোল
গাজৰ

চালগোম
বেঙেনা
জিকা
বিলাহী
আদা
ভাতকেৰেলা
মুলা
উৰহী
ওলকৱি

কচু
পালেংশাক
কোমোৰা
নিলাজী
পিয়াঁজ
মৰিচা
চজিনা
ধন্দুলী
বন্ধাকবি