সৰাপাত (প্ৰভাত হালৈ)/আই মোৰ
আই মোৰ
শস্য শ্যামলা অসমী আই
ৰূপে গুনে আছিল অনুপমা।
পাহাৰে ভৈয়ামে জানে জুৰি
আই মোৰ আছিল মনোৰমা॥
কাৰ স্বাৰ্থত অসমী আই মোৰ
সপ্ত খন্দত বিভক্ত হ’ল।
পাহাৰ ভৈয়ামৰ ঐক্যৰ এনাজৰী
কাৰ আঘাটত চিঙি গ’ল॥
পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ লাই খুটি
কোনে পেলাই দিলে দলিয়াই।
সাত ভনীৰ সাত ৰাগিনী
আকাশে বতাহে ভাহি যায়॥
সাত ভনীৰ চকুপানীবোৰে
বৰ্ষা ঋতু নমাই আনে।
পাহাৰ ভৈয়াম একাকাৰ কৰি
ধুই লৈ যায় প্ৰলয়ৰ বানে।
কোনে বুজিব আইৰ মনৰ ব্যথা
বিচ্ছেদৰ এই দুৰহ বেদনা।
সাত ভনীৰ আচলে আচলে
কিয় জ্বলে আজি অগনি কনা।।
নগা ভনী অসমী আইক
বাৰে বাৰে কৰে আক্ৰমন।
বেদখল কাৰি অগনি জ্বালি
ক’ত নিৰিহৰ ল’লে প্ৰাণ॥
আপাতনী ভনী আইৰ বুকুত
বহুৱাব খোজে সিমাৰ খুটি।
ভনীহতৰ এনে ব্যৱহাৰত
আইৰ বুকু যায় ফুটি॥
আইৰ বুকুত উদন্দ পুত্ৰৰ
আগ্নেয় অস্ত্ৰৰ জন-জননী।
নিৰিহৰ তেজেৰে হোলী খেলে
ৰক্তে ৰঞ্জিত আৰি চকুমনি॥
অসমী আইৰ অসমীয়া পুত্ৰৰ
দুৰ্গতিৰ সীমা নহোৱা হ’ল॥
শস্য শ্যামলা আইৰ বুকুত
বিদেশীৰে আজি ভৰি গ’ল॥
অসমৰ ক’ত চৰণীয়া পথাৰ
আজি গৰু চৰাবলৈ নাই ঠাই।
কোনে আনিলে কোনে থাপিলে
তাৰ হিচাব লওঁতা নাই॥
অসমীয়া আজি সংখ্যা লঘু হ’ল
নিজৰ মাটি নিজৰ ঘৰত।
অসমত আজি নতুন বাংলা
বনাঞ্চল গাওঁ আৰু চহৰত॥
কিয় আজি কোনেওঁ নেভাবে
উত্তৰ পুৰুষৰ ভবিষ্যত।
বিদেশী যদি অসম ভৰিল
অসমীয়াবোৰ থাকিব ক’ত॥
অসমীয়া জাতিৰ ভবিষ্যত পুৰুষৰ
শিৰোনামা লিখিবা কাৰ।
আই অসমী কিমাননো বব
দুৰ্ব্বিৰ্ষহ এনে বিদেশীৰ ভাৰ
আইৰ বুকুৰ তেজ শুকাই গ’ল
নিশকতীয়া হৈছে আই।
অকৃত সন্তানৰ আজি
খবৰ লবলৈ আহৰি নাই॥
নিজৰ স্বাৰ্থত বন্দি সকলো
আইৰ কথাত নকৰে কান।
ধ্বংসৰ মুখলৈ গৈছা আগবাঢ়ি
কোনে ৰাখিব আইৰ মান॥