সৰাপাত (প্ৰভাত হালৈ)
বিল্বেশ্বৰ
লিখক:শ্ৰীপ্ৰভাত হালৈ (ডাইনাপালী)
দূৰভাষ:৯৮৬৪৮৫৬৪৪২
| প্ৰকাশক | : | লিখক |
| গ্ৰন্থস্বত্ব | : | লিখক |
| পৰিকল্পনা | : | লিখক |
| ব্যৱস্থাপনা | : | শ্ৰীদিপজিৎ হালৈ |
| শ্ৰীসুৰজিৎ হালৈ | ||
| প্ৰথম প্ৰকাশ | : | ১১ ফেব্ৰুৱাৰী / ২০১৭ ইং |
| অৰিহনা | : | ৫০.০০ টকা |
| মুদ্ৰণ | : | ফ্ৰেইণ্ডচ্ অফছেট প্ৰেছ, বেলশৰ বজাৰ |
ওজাপালি শিল্পী শ্ৰীপ্ৰভাত হালৈৰ দ্বাৰা ৰচিত “সৰাপাত” নামৰ কবিতা পুথিখনৰ হাতে লিখা পাণ্ডুলিপিটো পঢ়িবলৈ পাই সুখী হলোঁ। আলোচ্যমান পুথিখনত বিভিন্ন ভাবৰ বিষয়বস্তু সম্বলিত বিভিন্ন শিৰোনামৰ উনৈশটা কবিতা সন্নিবিষ্ট হৈছে। কবিতাবোৰৰ নাম, বিষয়বস্তু আৰু তাৰ বৰ্ণনা ব্যতিক্ৰম ধৰ্মী। কিছুমান কবিতা ব্যঙ্গাত্মক ভাবৰ আৰু কথোপকথন ভঙ্গিৰ ছান্দিক তথা কাব্যিক ৰূপৰ কথাকবিতা সদৃশ
“উপাধি সন্মিলন” নামৰ কবিতাটোৰে গ্ৰন্থখন আৰম্ভ কৰি “পোকৰ সমাবেশ” নামৰ কবিতাটোৰে সমাপ্তি ঘটাইছে। পুথিখনত উপাধি সন্মিলন, লোকেল মাছৰ সভা, ঢেঁকীৰ চকুলো, আলু-কচুৰ মেল, গৰুৰ মেল, সম্পাদকীয়, গছৰ ধৰ্ণা, নিষ্পেশিত ধান প্ৰজাতি, চৰাইৰ মহাসভা, পঢ়াশালি প্ৰশ্ন ১, পঢ়াশালি প্ৰশ্ন ২, জ্যেষ্ঠ নাগৰিক, ৰাজধানী, জন্তুৰ অভিৱৰ্তন, ঘৰৰ সজুলি, খেতিৰ সজুলি, স্বাধীনতা, আই মোৰ, পোকৰ সমাবেশ- এই উনৈশটা কবিতা আছে।
কবিয়ে কবিতাবোৰ মিত্ৰাক্ষৰী ছন্দত ৰচনা কৰিছে যদিও কোনো কোনো কবিতাৰ ছন্দ পতন ঘটিছে। সেইবুলি কবিতাবোৰ অপঠনীয় হোৱা নাই। সাধাৰণ অথচ গুৰুত্বপূৰ্ণ বিষয়বস্তুক লৈ সহজ-সৰল ভাষাত লিখা কবিতাবোৰৰ মাজেৰে কবিৰ নিজ দেশৰ জাতি, মাটি, ভেটিৰ প্ৰতি থকা আত্মীয়তা তথা দেশ আৰু জাতিৰ প্ৰতি থকা ভালপোৱা ভাব প্ৰকাশ পাইছে। অসমীয়া জাতিৰ পুৰণা কৃষ্টি-সংস্কৃতি অটুট ৰখাৰ এক মনোভাব কবিতাবোৰৰ মাজেৰে প্ৰতিভাত হৈছে। কবিতাবোৰৰ মাজেৰে কবিৰ হৃদয়ত অনুভূত ভাব-অনুভূতিৰ স্পষ্ট প্ৰকাশ ঘটিছে। অৰ্দ্ধ শিক্ষিত এচাম অসমীয়া মানুহে যে নিজৰ চিৰকলীয়া ভাষা, সংস্কৃতি বেয়া বুলি হীনমন্যতাত ভুগী তাক বাদ দিয়াৰ মনোভাবেৰে আনৰ ভাষা সংস্কৃতি ভাল বুলি তাৰ প্ৰতি অন্ধ ভাবে আকৃষ্ট হৈছে -কবিতাবোৰৰ মাজেৰে সেই ভাবো প্ৰকাশিত হৈছে। কবিয়ে ভৱিষ্যতলৈও কাব্য চৰ্চ্চা অব্যাহত ৰাখিলে অসমীয়া সাহিত্য জগতত এগৰাকী কবি হিচাপে পৰিচিত হবলৈ সক্ষম হব। পুথিখন প্ৰকাশ হ'লে সুহৃদয় পাঠক সমাজে সাদৰে ইয়াক আদৰি লব বুলি কামনা কৰি, কবি গৰাকীলৈ শুভেচ্ছা জনালোঁ।
ড° প্ৰমোদ হালৈ
প্ৰাক্তন অধ্যক্ষ, কামৰূপ মহাবিদ্যালয়, চামতা,
প্ৰাক্তন সভাপতি, নলবাৰী জিলা সাহিত্য সভা
৩০/১০/২০১৬ ইং
ভাষা জননীৰ প্ৰতি থকা প্ৰবল ইচ্ছা শক্তিৰ আত্ম প্ৰকাশেই সাহিত্য সৃষ্টি কৰে। লিখকে প্ৰকাশ কৰা চন্দ্ৰৰ মিল ৰাখি পদ্যৰ আকাৰত লিখা এই “সৰাপাত” নামৰ কিতাপখনে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কাল্পনিক প্ৰতিচ্ছবিৰে হেৰাই যাবলৈ উপক্ৰম কৰা প্ৰাকৃতিক জগতৰ বিভিন্ন গছ-লতিকা, চৰাই-চিৰিকতি, জীৱ-জন্তু, অসমীয়া শব্দ বিভ্ৰান্তিৰ ওপৰত আঘাত কৰা ভাষাৰ আক্ৰমনাত্মক চিন্তাৰ ভাবধাৰা প্ৰকাশ কৰিবলৈ কৰা প্ৰচেষ্টা শলাগিবলগীয়া। সচেতন নাগৰিক আৰু যুৱ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞান বৃদ্ধিত কিছু সহায় কৰিলে লিখকৰ আশা ফলৱতী হব। লিখনিৰ জৰিয়তে ভাষা জননীক সেৱা কৰিবলৈ সুমতি দিয়াৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ইতি-
ভৱদীয়
শ্ৰীনৰেন্দ্ৰ নাথ হালৈ
অৱসৰপ্ৰাপ্ত শিক্ষক ও
সভাপতি, নলবাৰী জিলা মুক্তি যুঁজাৰু সন্মিলন
২৭-১১-২০১৬ ইং
মানুহে কথাতেই কয় – “অভাৱেই আবিষ্কাৰৰ মূল”। কিন্তু প্ৰভাত হালৈৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় ‘আগ্ৰহেই আবিষ্কাৰৰ মূল।’ তুহ জুই উমি উমি জ্বলাৰ নিচিনা হালৈৰ কবিতা শ্ৰৱণত মন উমি উমি জ্বলিব ধৰিছে। ছন্দ মিলাই কবিতা লিখাত তেনেই পাকৈত। ইয়াৰ আগতেওঁ বিল্বেশ্বৰ দেৱালয়ৰ আদি কথাৰ কিতাপ এখনি লিখি সমাদৰ লাভ কৰিছিল। নিজৰ শিক্ষাতকৈয়ে যে জ্ঞান শ্ৰেষ্ঠ তেওঁৰ কবিতাই প্ৰমাণ কৰিছে। ‘সৰাপাত’ কবিতাৰ পুথিখনত প্ৰাচীন-আধুনিক সামগ্ৰী, লুপ্ত হৈ যোৱা আচাৰ, নীতি, সমাজৰ পৰিবৰ্ত্তন, ৰুচিৰ পৰিবৰ্ত্তন, বিশেষকৈ ‘পানীমুতুৰা’ গঙ্গাটোপ মাছ আদিৰ কথা মনত পেলাই ৰসগ্ৰাহী কৰি তুলিছে। হালৈক একপ্ৰকাৰ গৱেষণা পুস্ত কবি বুলি কলেও ভূল নহ’ব। ঘৰৰ পুতেকহঁতক কৈছিল – টকা-পইচা স্থায়ী নহয়, মোৰ কিতাপ কেইখনহে স্থায়ী হৈ ৰ’ব। ১৯ টা কবিতাৰ মাধ্যমেৰে সুন্দৰ এখনি বাস্তৱ ছবি ডাঙি ধৰিছে।
কবিতা কেইটা পঢ়ি পঢ়ুবৈয়ে বেচ আমোদ পাব ৷ কবি হালৈক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰাপাতে সমাজত সমাদৰ লাভ কৰিবই।
যাদৱ সেন ডেকা
উপ-সভাপতি, সাহিতিক পেঞ্চনাৰ,
অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম (বেলশৰ)
সৰাপাতৰ পাতে পাতে…
| ▷ | উপাধি সন্মিলন | ১ | |
| ▷ | লোকেল মাছৰ সভা | ৭ | |
| ▷ | ঢেকীৰ চকুলো | ১১ | |
| ▷ | আলু কচুৰ মেল | ১৩ | |
| ▷ | গৰুৰ মেল | ১৬ | |
| ▷ | সম্পাদকীয় | ১৯ | |
| ▷ | গছৰ ধৰ্ণা | ২৫ | |
| ▷ | নিস্পেশিত ধান প্ৰজাতি | ৩৫ | |
| ▷ | চৰাইৰ মহাসভা | ৩৭ | |
| ▷ | পঢ়াশালি | ||
| ☆ প্ৰশ্ন নং (১) | ৪১ | ||
| ☆ প্ৰশ্ন নং (২) | ৪২ | ||
| ▷ | জ্যেষ্ঠ নাগৰিক | ৪৩ | |
| ▷ | ৰাজধানী | ৪৬ | |
| ▷ | জন্তুৰ অভিৱৰ্ত্তন | ৪৯ | |
| ▷ | ঘৰৰ সঁজুলি | ৫৮ | |
| ▷ | খেতিৰ সঁজুলি | ৬৪ | |
| ▷ | স্বাধীনতা | ৬৭ | |
| ▷ | আই মোৰ | ৭২ | |
| ▷ | পোকৰ সমাবেশ | ৭৫ |
ইতিহাস বিহীন, কিছু অতীত কালৰ বুকুত যি নিদ্ৰামগ্ন, ভবিষ্যতে যেতিয়া অতীতক বিচাৰিব, কোনে দিব অতীতৰ হেৰাই যোৱা ৰংচঙিয়া বাৰেৰহনীয়া দিনবোৰৰ সাক্ষী। নৱ প্ৰজন্মই নকৰিবনে উপলুঙা, নিদিবনে ধিক্কাৰ, অতীত আৰু বৰ্ত্তমানৰ সু-পুৰুষ সকলক! কোনে নেজানে বুৰঞ্জী জাতিৰ মেৰুদণ্ড। ৰজা মহাৰজাৰ কাহিনীয়ে বুৰঞ্জী নহয়। বুৰঞ্জী সাহিত্য, সংস্কৃতি দেশৰ বৈদিক, বৌদ্ধিক, লোককলা, নৈ-জান, জুৰি, পশু-পখী সকলো এখন দেশৰ ইতিহাস।
এনেবোৰ হেৰাই যাব খোজা খিনিক সযতনে বুটলি আনি, ভবিষ্যতলৈ থৈ যাবলৈ প্ৰয়াস কৰিছো। কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম কৰা অসমৰ বাৰেৰহনীয়া সম্পদবোৰ “সৰাপাত”ৰ মাজত বিচাৰিলে নিশ্চয় কিয়দাংশ সুৰক্ষা হব বুলি মোৰ মনৰ ধাৰণা।
সৰাপাতৰ বুকুত থকা অতীত বুৰঞ্জীখন উদ্ধাৰ কৰিবলৈ প্ৰয়াসহে কৰিছো মাত্ৰ। কিছু পোতযোৱা পাত পচি সৰি মাটিৰ তলতেই ৰৈ গ’ল। খান্দিলো কিছু অতীত, কিছু বৰ্ত্তমান, সকলো সম্ভৱ নহ’ল। তথাপি মই ভাগৰি পৰা নাই। ঘন কুঁৱলী ফালি এখোজ দুখোজ কৈ আগবাঢ়ি যোৱা পথিকৰ দৰে সীমাহিন আকাঙ্খ্যা বুকুত বান্ধি সৰাপাতবোৰ বুটলিছোঁ।
আশা বহু পুৰণি, দৈন্যতাৰ পঙ্কিল বোকাত পোতগৈ থাকি সৰাপাতবোৰ পোহৰলৈ আনিব পৰা নাছিলো। অকন আশা, অকন আশ্ৰয় আৰু মোৰ বন্ধুবৰ বসন্ত মহস্ত, প্ৰমোদ কলিতা, প্ৰবীন শৰ্মা আৰু বৃহত্তৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সমাজৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সমুহ সদস্যৰ উৎসাহ উদ্গনিতে সৰাপাতক বোকোচাত তুলি ললোঁ। সৰাপাতৰ দুৱাৰ দলিতে সৰাপাতক পাঠকৰ ওচৰত পৰিচয় কৰি দিবলৈ মোৰ চিৰ শ্ৰদ্ধাৰ মোমাইদেউ ড০ প্ৰমোদ হালৈ, মোৰ খুৰাদেউ শ্ৰীযুত নৰেন্দ্ৰ নাথ হালৈ, জ্যেষ্ঠ ভাতৃ স্বৰূপ শ্ৰীযুত যাদব সেন ডেকালৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ।শ্ৰীমনোৰঞ্জন ডেকা (নাউ) আৰু শ্ৰীউদয় বৰ্মনলৈ থাকিল মোৰ অকৃত্ৰিম মৰম। কিতাপখন পাণ্ডুলিপিতে চকুফুৰাই বৰ্ণাশুদ্ধিৰ কিছু দায়িত্ব লোৱা বাবে মোৰ বোৱাৰী পল্লবীলৈ মোৰ আন্তৰিক মৰম স্নেহ যাচিছোঁ।
ভুল-ক্ৰতি মোৰ কাম্য নহয়, ভুল হয়তো বহুতো হব পাৰে। তাৰ বাবে মই দুঃখিত।
সদৌ শেষত পাঠকৰ ওচৰলৈ আগবঢ়ালো সৰাপাতবোৰ। আশাকৰো সহৃদয় পাঠকে “সৰাপাত” বুটলি লব।
শ্ৰীপ্ৰভাত হালৈ (ডাইনাপালি)
|
|
|