স্বাৰ্থৰ সমাজ।
(সামাজিক নাটক)
লিখক—
শ্ৰীৰত্নধৰ বৰুৱা।
( যোৰহাট )
—x—
১৯৪০ চন। মূল্য ১৷৷৹ ( ডেৰ টকা)
আমাৰ সমাজৰ কেই গৰাকীমান দুৰ্ভগীয়া বিধবা
ব্ৰাহ্মণীৰ বিলাই-বিপত্তিয়েই এই নাটক খনি লিখিবলৈ মোক
কলম ধৰায়। অলপীয়া বিদ্যা-বুদ্ধিৰে এনে অযথা সাহস
কৰাতো অন্যায় হলেও নামঘোষাত শ্ৰীশ্ৰীমাধৱদেৱে লিখা—
“অধমে কেবল দোষ লৱয় মধ্যমে গুণ
দোষ লৱে কৰিয়া বিচাৰ।
উত্তমে কেৱল গুণ লৱয় উত্তমোত্তমে
অল্পগুণ কৰিয়া বিস্তাৰ॥
ঘোষা ফাকিৰ আশ্বাসত অনুপ্রাণিত হৈ এই নাটক
খনি লিখি প্ৰকাশ কৰিলো। ইয়াত উল্লেখ কৰা সামৰণিত
বাজে প্রায় খিনিয়েই প্রকৃত ঘটনা, তাতে মাথোন অলপ
ৰং-ৰহণ সনা হৈছে ।
হাতে লিখা অৱস্থাতে নাটক খনি মোৰ পূজনীয়
শ্ৰীযুত চক্ৰধৰ বৰুৱা সাহিত্য ৰত্ন দেৱে অনুগ্ৰহ কৰি আগৰ
পৰা গুৰিলৈকে বৰ মনযোগেৰে পঢ়ি মন্তব্য কৰে যে ই নাটকতকৈও গ্রন্থ স্বৰূপেহে বেচি হৃদয়গ্রাহী হব। শ্রদ্ধেয়
শ্ৰীযুত মুৰুলীধৰ বৰুৱা ককাইদেৱে নাটক খনি পঢ়ি বৰ্ত্তমান
সমাজৰ উপযোগী আৰু সাৰুৱা বুলি মত প্রকাশ কৰে।
মোৰ নিজা পৰিচালনাত কৃষ্ণবিহাৰী বাগানৰ নাট্য
সমিতিয়ে এই নাটক খনি তিনিবাৰ অভিনীত কৰি মোক
উৎসাহিত কৰে আৰু ৰঙ্গমঞ্চৰ অসুবিধা খিনি গুচাবলৈ মোক
যথেষ্ট সুবিধা দিয়ে। এই অভিনয় প্রতি বাৰতে আশাতীত
দর্শক হৈছিল আৰু সকলোৱে নাটক খনিৰ মৰ্ম্ম উপলব্ধি
কৰি আপ্যায়িত হৈছিল।
ওপৰুক্ত সকলোৰে ওচৰত মই সেইবাবে আন্তৰিকতা
ভৰা কৃতজ্ঞতা জনাইছো । অসমৰ ৰঙ্গমঞ্চ, বিলাক, নাটক
বাচনিত ই ঠাই পালে কৃতার্থ মানিম।
ৰজাহাউলী, যোৰহাট। তাং ১৯৪০ সন,। ১ আহিন ।
|
|
শ্ৰীৰত্নধৰ বৰুৱা। প্রণেতা
|
| নিৰ্মলচন্দ্ৰ শৰ্মা — |
সৎসাহী ডেকা।
|
| ৰজনীকুমাৰ— |
এজন কৰ্ম্মচাৰী।
|
| নগেন্দ্ৰ— |
ঐ পুতেক
|
| যোগেন্দ্ৰ— |
ঐ সৰু পুতেক।
|
| পুৰুষোত্তম— |
গাঁৱৰ সমজুৱা পণ্ডিৎ।
|
| হীৰালাল— |
এজন উইভিং মাষ্টৰ।
|
| গনেশ— |
ঐ বন্ধু
|
| ধেনুৰাম— |
গনেশৰ বন্ধু।
|
| মুকুন্দ, উজিৰ— |
নগেনৰ বন্ধু।
|
| দাৰোগাবাবু— |
থানাৰ দাৰোগা।
|
| চিপাহী— |
ঐ চিপাহী
|
| সন্যাসী— |
এজন ব্ৰহ্মচাৰী।
|
| বিছাৰক— |
প্ৰধান আইন সঙ্গত বিহোতা।
|
| কমল— |
গনেশৰ বৈনায়েক।
|
| দধি— |
ঐ সৰু ভায়েক
|
| পিয়ন, মাধ ইত্যাদি— |
|
| মুৰ্ত্তিমতী— |
|
ৰজনীৰ স্ত্ৰী
|
| ভাৰতী— |
|
নগেনৰ স্ত্ৰী
|
| শশীপ্রভা- |
|
ঐ সহচৰী
|
| প্রমীলা – |
|
বিধবা ছোৱালী।
|
|
|
নিৰ্ম্মলৰ ভবিষ্যত তিৰুতা।
|
| হেমপ্রভা— |
|
গনেশৰ স্ত্ৰী।
|
দেবেনৰ মাক জেউতিৰ ,, |
 |
ঐ গাঁৱৰ বুঢ়ী।
|
|
|
১ম দৃশ্য —ৰজনীকুমাৰৰ ঘৰ , ভিতৰৰ কোঠা—
(ৰজনী আৰু মূৰ্তিমতী )
|
| ৰজনী
|
হেৰা! নগেনে এতিয়া
উনৈশ বছৰত ভৰি দিছেহি
মাথোন, কিন্তু দেখাত তাৰ বয়স ২০। ২২ বছৰ যেন
দেখি। মোৰ মনেৰে তাক কলিকতালৈ পঠিয়াই অলপ
চকু গজা কৰিব পাৰিলে বেয়া নহয়। চোৱাচোন মই
বৰগোলাৰ ঘৰত মহাজনী খাতা লিখোতে লিখোতে বুঢ়া
হলোহি। আজি ১০/১২ বছৰ সিহঁতৰ লগত চাকৰীত
থাকি সিহঁতৰ কাৰবাৰবোৰ দেখি শুনি বুজিব পাৰিছো
যে কলিকতাইহে প্ৰধান কাৰবাৰৰ ঠাই। সেই বাবে
তাক কলিকতালৈ পঠাই কাৰবাৰৰ বিষয়ে অলপ শিকাই
বুজাই, আনিব পাৰিলে লাহেকৈ বুঢ়া বয়সত চাকৰী
এৰি, কাৰবাৰ এটা কৰিব পাৰো। আজি-কালি কেঞা
মহাজনহঁতে অঞ্চল মৰাপাটৰ কাৰবাৰতে লাখ লাখ টকা
উপাৰ্জন কৰিছে। তুমিও বোধ কৰো বেয়া নোবোলা।
পিচে প্ৰধানতঃ কলিকতাত নিজৰ মানুহ নাথাকিলে
|
|
|
আনক লৈ কাৰবাৰ নচলিব। সেই
বাবে লৰাটোকে তালৈ পঠাব খুজিছো। পিচে তোমাৰনো কি মত?
|
| মূৰ্তিমতী—
|
মোকনো সেইবোৰ কথা সোধে কিয়? সোণাইক
আঁতৰলৈ পঠাই মইনো বুকুখন উদংকৰি কেনেকৈ থাকো?
হওতে ফুৰিলে চাকিলেহে দুটা কথা শিকে। তাৰ উপ
ৰিও তাৰ লগৰ লৰাই বিয়া কৰালে, “লৰাই পঢ়িছে
পঢ়িছে” বুলি থাকোতেই গৈছে। যদিহে সচাকৈয়ে তাক
পঠিয়াই তেনেহলে তাৰ বিয়াখন পাতি পঠাব পাৰি-
লেহে ভাল। তাকো সুধি চাওক সি বা বিমান দুৰ
যাবলৈ ইচ্ছা কৰেনে নকৰে। মই ভাবোঁতে সি মোক
এৰি আঁতৰলৈ যাবলৈ মন নকৰিব হবলা।
|
| ৰজনী—
|
তেনেহলে ল'ৰাক ঘৰতে ৰাখি থ'লে সি আৰু
গোটগৰুহে হব। চোৱাচোন মগন গাওঁবুঢ়াৰ পুতেকে
কলিকতাত পঢ়ি আহি এতিয়া জাকত জিলিকা হৈ
ওকালতি কৰিছে। সেইবোৰেতো বিয়া বাৰু কৰি থৈ
কলিকতাত পঢ়িবলৈ যোৱা নাই বুজিছা, যদি সি ভাল
হৈ আহে তেন্তে, আগলৈ ধনী মানুহৰ ঘৰৰ ছোৱালীকে
পাম। চোৱাচোন এতিয়া, মগনৰ পুতেকলৈ ক'ত ধনী
মানুহে ছোৱালী যাচি যাচি দিছে।
|
| মূৰ্তিমতী—।
|
এ' আমাৰনো তেনে কপাল হ'বনে?। মগনৰ ল'ৰা
পঢ়াত ভাল আছিল; পিছে মই এটা কথা কও এই
দৰে দিনে ৰাতিয়ে খাটি আপনি যি দুটা পইছা জমা
|
|
|
কৰিছে, তাক এতিয়াই ভাঙিলে আপুনি বুঢ়াকালত চলিব
কেনেকৈ? তাৰ উপৰিও যোগেনকো পঢ়াব লাগিব নহয়।
|
| ৰজনী—
|
তাক পড়াবলৈ—মই জীয়াই থাকিলে বেচি টকা
নেলাগে। কাৰণ মোৰ সৈতে আমাৰ মহাজনৰ বৰ
ভাল। তাৰ ল'ৰা-ছোৱালী নাই, সি আনক পঢ়া
শুনাত সহায় কৰিছে— সেইবোৰ মই দেখিয়েই আছো।
ময়ো মহাজনৰ পৰাই সহায় পাম বুলিহে আগ বাঢ়িছো;
তুমি টকাৰ কাৰণে চিন্তাকে নকৰিবা। তাৰ উপৰিও
ডাঙৰ মানুহ বহুতৰ লগত মোৰ চিনাকী, কলে যেয়ে
সেয়ে সহায় কৰিব।
|
| মূৰ্ত্তি—
|
বাৰু যদি সুবিধা কৰিব পাৰে তাকো সুধি মেলি
চাওক। কিন্তু কেঞা মহাজনে সহায় নকৰিলে ভাঙৰ
মানুহৰ ওপৰতে ভাৰসা কৰি আপনি মন নেমেলিব
দেই। ডাঙৰ মানুহৰনো আপোনাৰ লগত কিহৰ খাটিৰ।
|
| ৰজনী—
|
ভাল কৈছা! ডাঙৰ ডাঙৰ মানুহ, কাৰবাৰী, উকীল,
কেচাৰীৰ আমোলা, চাহ বাগিচাৰ মালিক—এই আটাই
বোৰৰে আমাৰ মহাজনৰ ঘৰত ধাৰ আছে। তাৰ
উপৰিও মই মহাজনক কৈ কতবোৰক কম সুদত টকা
ধাৰলৈ দিয়াইছো। হওতে মোৰ ভাৰ ভেটিকে নাই—
পিছে পুৱা-গধূলি মোক বিচাৰি অহা ডাঙৰ ডাঙৰ
মানুহবিলাকলে তুমি মন কৰা নাইনে? সেই ফেৰা
উপকাৰনো আনৰ পৰা পাই কত।
|
| মূৰ্ত্তি—
|
থক, থক : লোকৰ টকা লোকক দিয়৷⸺ এনেনো
খোচ-নামটো! এতিয়া সোনকাল কৰক,আপোনাৰো
কামলৈ যাবৰ সময় হলহি। ময়ো যাওঁ, ভাত ৰান্ধোগৈ।
|
| ৰজনী—
|
নহয়, নহয়, শুনাচোন; নগেনকো মাতি আনি সোধা।
|
| মূৰ্ত্তি—
|
সি এতিয়া নাই বোধ কৰো ভূঞাৰ ঘৰত অংক
শিকিবলৈ গৈছে।
|
| ৰজনী—
|
বাৰু সি আহিলে কাণ চুৱাবা মই কামৰ পৰা
আহি গধুলি তাকো বুজাই মেলি সুধিম।
|
| যোগেন —
|
আই! আই! ভাত ৰান্ধিবলৈ নোযোৱানে!
নহলে মোৰ স্কুললৈ যাবলৈ বেলি হব। ( ৰজনীলৈ
চাই ) দেউতা! আপোনাক লগ পাবলৈ বাহিৰত
মানুহ ৰৈ আছে।
|
| ৰজনী —
|
বাৰু গৈছে৷ (মূৰ্ত্তিলৈ চাই ) তুমি যোৱা, বেলি
নকৰিবা।
|
| যোগেন—
|
আই! কিহৰনো কথা পাতিছিলা?
|
| মূৰ্ত্তি —
|
এৰা, বোপাই! ককায়েৰক কলিকতালৈ পঢ়িবলৈ
পঠাব খুজিছে।
|
| যোগেন—
|
মোকো পঠিয়াবনে কি আই? ময়ো যাম;
আমি দুয়ো একেলগে থাকিম। মোৰ কথাও। দেউতাক কবাচোন।
|
| মূৰ্ত্তি—
|
এৰা নহয়নো কি ? এটাক পঠিয়াবলৈকে টান, তয়ো আকৌ ওলা; মাৰে অকলে হিয়া-মূৰ ধুনি মৰক। যা, যা সেইবোৰ কথা তোক নালাগে।
|
২য় দৃশ্য⸺ ৰাজবাট ।
( গান গাই গাই নগেনৰ প্ৰবেশ )
গান ।
পুহ মহীয়া পকা অঙঠা কাৰো ভাগ্যত হয়।
কাৰো ভাগত আঠিয়া কলা বেচা পানী কয়।
কোনোৰ কপালত জাপৰ ঊম
কোনোৰ গছৰ তল।
কোনো উঠে বৰ চাঙত
কোনো ৰসাতল।
(ৰচোতা—L. N. Eezlaruah)
(ধেনুৰামৰ প্ৰবেশ )
| ধেনুৰাম –
|
ভাই। তোমাৰ কপাল সুদাসুদি নহয়। শুনিবলৈ পাইছো তোমাক হেনো কলিকতালৈ পঠাব, কিজানি দেউতাৰাও যাব।
|
| নগেন—
|
সচাকৈয়েনে? তুমি কেনেকৈ জানিলা ?
|
| ধেনু—
|
পুনাৰাম মণ্ডলৰ ঘৰত
ওলাইছিল।কথাটো সঁচা
দেও। তুমি আৰু আমাৰ লগ এৰিবা।কলিকতাৰ
পৰা আহি আমাৰতো লগ নোলোৱাই; ডাঙৰ মানুহ
হবা দেও। আমাক আৰু চিনি নোপোৱাই হবা।
|
| নগেন—
|
থোৱা, থোৱা সেইবোৰ কথা। পিছে ভাই মোক
যদি পঠিয়াই মই হলে তোমালোকলৈ কেতিয়াও
নেপাহৰো।
|
| ধেনু—
|
তুমি যোৱাতো ঠিকেই পিচে। এদিন বহি তাচ,
পাশা খেলি ফূৰ্তি কৰা য'ক; তুমি বা আকৌ
কেতিয়াকৈ আহা! অ' আৰু এটা কথা, তোমাক হেনো
দেও, বিয়া কৰোৱাইহে পঠাব।
|
| নগেন—
|
কেলেই! কেলেই! ভাই কলিকতালৈ গলে বিয়া
কৰাতহে যাব লাগেনে কি?
|
| ধেনু —
|
নহয় দেও, তোমাৰ মাৰাই অকলে থাকিবলৈ
বেয়া পাব দেখি। তাতে নকও দেও।
|
| নগেন —
|
কোৱা, কোৱা, মোৰে শপত।
|
| ধেনু—
|
বোৱাৰী আনি বা কৰাই খাবলৈ বুদ্ধি কৰিছে।
|
| নগেন—
|
মই এতিয়াই বিয়া নকৰাও বুজিছা। মোৰ যদিও
বিয়া কৰাৰ সময় হৈছে তথাপি মই ঘুৰি আহিলেহে বিয়া কৰাম। দেউতা আইৰ কথা মতেই হবনে?
|
| ধেনু—
|
তেতিয়া হলে যাবলৈ নোপোৱা।
|
| নগেন—
|
সিও হয়! বাৰু ভাই, ঘৰততো সকলো গম
|
|
|
পাম। মই এতিয়া যাও—ভাত খাবৰ - হল, স্কুললৈ যাবলৈ।
|
| বেলু—
|
আজি স্কুললৈ যাবলৈ এৰা; সেই বাবে একো বেয়া নহয়। অলপ দেখা শুনা কৰি আটাইকেউতা গোটখাই স্ফুৰ্টি কৰো।
|
| নগেন—
|
মই তেন্তে স্কুললৈ বুলি ওলাই আহোগৈ৷ মই তোমাক নন্দৰ দোকানতে লগ পাম। তুমি সিহঁতকো ৰাখিবা।
|
| ধেনু--
|
বাৰু তুমি আহাগৈ; কোনো চিন্তাকে নকৰিবা। পিচে এটা কথা— আমাৰ হাতত হলে পয়চা এটিও নাই। নন্দ দোকানীয়ে উঠনা নিদিয়ে; তুমি আনিলেহে হব।
|
| নগেন—
|
ভয় নকৰিবা; কালি মই হাতমাৰি থৈছো। পিচে বাকচৰ পৰা বাহিৰহে কৰিব পৰা নাই।
|
| ধেনু—
|
কিহৰনো হাত মাৰিলা? যদি আনিব নোৱাৰিলা।
|
| নগেন—
|
নহয়হে বাকচৰ এচুকত থৈ দিছো, দেউতাই বিচাৰি নেপাই মোক শপত খাবলৈ কৈছিল; মই বাকচৰ পৰা অনা নাই বুলি গোঁসাই ঘৰত শপত খালো। ধৰিব নোৱাৰিলে মোকা
|
| ধেনু—
|
তুমি যে ভয় নকৰিলা শপত খাবলৈ।
|
| নগেন—
|
ভাল কৈছা। মইতো বাকচৰ পৰা টকাতো বাজ কৰি অনা নাই।
|
| ধেনু—
|
তোমাৰ হলে বৰ বুদ্ধি। যেনে তেনে
সৰকোৱা।
|
| নগেন—
|
দেউতা কামলৈ গলেই সৰকাৱ পাৰিম, পিচে অলগ
দেৰিহে হ'ব। মই বাৰু যাওঁ। তুমি ঠিক থাকিবা দেই।
|
| ধেনু—
|
( অকলে গান গাই প্ৰস্থান।)
|
|
|
“পুহ মহীয়া পকা অঙঠা" আদি গাই গাই প্ৰস্থান।
|
| ৰজনী—
|
বুইছা ভালেই হৈছে। মোকো কলিকতাৰ গাদীলৈ বদলি কৰিছে,
তাৰ ঘাই জন কৰ্ম্মচাৰী মৰা বাবে। মই
ভালকে পাইছো; পিছে মই লৰাটোৰ বিয়া খন পাতি
থৈহে যাওঁ বুলিছো। মহাজনক অলপ টকাৰ
সহায়ো বিচাৰিছো।
|
| মূৰ্তি—
|
আপুনিও যাব, বৰ ৰোপাকো লৈ যাব। মইনে।
অকলৈ কেনেকৈ থাকিম!
|
| ৰজনী—
|
তুমি সেই বাৰে চিন্তাকে নকৰিবা। ভালৈ ছোৱালী
এজনী বিয়া কৰাইহে যাম।
|
| মূৰ্ত্তি—
|
ছোৱালীনো ক'ত পাইছে?
|
| ৰজনী—
|
ভাল কৈছা। কতই ছোৱালী গুজিবহি লাগিছে।মই সেই বোৰলৈ কাণহে কৰা নাই। বুজিছা, মুহীধৰ বৰাৰ ছোৱালী জনীকে ঠিক কৰিছো। তেওঁবিলাক নিচেই দুখীয়া নহয় অলপ ৰসো আছে। আপদে বিপদে সময়ত সহায়ও পাম। একেবাৰে লাং-বাৰি টোকোনা এঘৰৰ ছোৱালী ধুনীয়া হলেও মোক নেলাগে, অলপ অৱস্থা ভাল চাইহে মই মন মেলিছো। তুমি কি কোৱা?
|
| মূৰ্ত্তি—
|
এৰা, ময়ো মুহিধৰৰ ছোৱালীজনী দেখিছো। দেখিবলৈ বেয়া নহয় আৰু বৰ চট্চটিও নহয়—গহীন ছোৱালী।
|
| ৰজনী—
|
তুমি তাক বুজাই মেলি কবা।—সিনো কি কয়।
মই এতিয়া যাওঁ, মোৰ কাম আছে।
|
| মূৰ্ত্তি—
|
বাৰু যাওক, সি আহিলে সুধিম।
বিয়া খন সচাকৈয়ে ঠিক কৰিলেই। এনেকৈ হওতে বেয়া হোৱা নাই, মাত্ৰ পঢ়া-শুনা ছোৱালী বাবেহে ভয়।
|
| নগেন—
|
আই! মোক হেনো কলিকতালৈ পঠিয়াব খুজিছে। সচাঁনে আই?
|
| মূৰ্ত্তি—
|
এৰা বোপাই, দেউতাৰকো কলিকতালৈ পঠাইছে। সেই বাবে তোকো লগত লৈ যাও বুলিছে। পিছে, বোপাই মোৰহে দুখ; তয়ো যাবি, দেউতাৰো যাব।
|
|
|
ঈশ্বৰে মোক অকলে অকলে থাকিব লগা কৰিলে, নগলেও নহয়। দেউতাৰকো অকলে পঠাবলে মনে নকয়। তয়ো দুটা কথা শিকিবি, সেই বাবে তোকো নিও বুলিছে।
|
| নগেন—
|
আই মই যাম, কলিকতালৈ গলে বহুত ভাল কথা শিকিলে পায়। কথাতে কয় বোলে “দেশ ফুৰে যি চাৰি কথা চাৰি শিকে সি।" পিছে মোৰ কানি - কাপোৰ কম আছে,দেউতাক আনি দিবলৈ ক'বা।
|
| মূৰ্ত্তি—
|
বোপাই, সেইবোৰ কথা থচোন। তোলৈ ছোৱালী এজনী বিয়া কৰাবলৈ ইচ্ছা। ময়ো অকলশৰীয়া তাতে বুঢ়ী হলোহি। কিজানি বোপাই, তোৰ বিয়াখন নেদেখাকৈয়ে মৰি যাও। তোৰ লগৰ ল'ৰাই বিয়া কৰাই ছোৱালী ঘৰ সুমুৱাই ছোৱালীৰ বন কৰা খাব লাগিছে।
|
| নগেন—
|
তোমালোকৰ আৰু সদাই বিয়াৰ কথায়েইহে।
|
| মূৰ্ত্তি—
|
এৰা বোপাই, চা-চোন নিধি মৌজাদাৰনীয়ে বন কৰা খাম খাম বুলিয়েই মৰি গল মনৰ আশা মনতে গল।
|
| নগেন—
|
বাৰু তোমালোকে যি কৰা কৰা, সেইবোৰ কথা মোক নেলাগে।
|
৪র্থ দৃশ্য—মুহিধৰ বৰাৰ ঘৰ ।
( ভাৰতী উপবিষ্টা )
| শশী--
|
( প্রবেশ ) সখি, হেৰা ! তুমি দেখোন স্কুললৈ যাবলৈ এৰিলা, নপঢ়ো বুলিছানে কি ডাঙ্গৰ হলা দেখি ! আজি দেখোন তোমাৰ মনতো কিবা যেন দেখিছো! কাৰবাৰ সৈতে প্ৰেমৰ বান্ধ পৰিছানে কি ?
|
| ভাৰতী—
|
এনেবোৰ কথা নকবা দেও। তুমি আৰু সদায় কিবাকিবি বোৰ কৈ থাকা।
|
| শশী—
|
বাৰু নকও; বেয়া নেপাবা। স্কুললৈ নোযোৱা দেখিহে কৈচো। সখি আজিকালি দিনত পঢ়িব শুনিব বেচিকৈ লাগে । তাৰ লগে লগে গান-বাজনা, হাতৰ কাম ইত্যাদি সকলো শিকিব লাগে । তেহে সংসাৰত সুখেৰে খাব পাৰি । আজিকালি সেইবোৰ সকলো জানিলেহে ভাল পায়। তাতে মই আকৌ শুনিবলৈ পাইছো—তুমি আকৌ কলে বেয়া নেপাবা—এনেকে হওতে বেয়া পাব নেলাগে—যি জনলৈহে—তোমাক নকও।
|
| ভাৰতী-
|
মই দেখোন ঘৰ-দুৱাৰৰ কান বন কৰিয়েই আজৰি নেপাও; তাতে আকৌ আলহী-দুলহী তাৰউপৰি সূতা কটা, কাঁহী-বাটি ধোৱা, ঘৰ-দুৱাৰ সৰা-মচা ; এইবোৰত লাগি থাকোতেই সময় যায়, গান-বাজনা শিকিবলৈ সময়কে নেপাওঁ।
|
| শশী—
|
কেলেই! তোমালোকৰ চাকৰ-নাকৰ নাই জানো? মই হলে ঠাই সৰা-মচা, লেতেৰা কামবোৰ কৰিবলৈ বৰ বেয়া পাও দেও। ঠাই-ঠুই মচিলে হাতৰ আঙ্গুলি আৰু আঙঠিবোৰ বৰ বেয়া হয়, খেতোবোৰ দেখিছো নহয় তামোল কাটোতে আঙ্গুলিবোৰৰ গতি। সেইবোৰ দেখিলে তাইহঁতৰ হাতে কটা তামোল এখন খাবলৈও ঘিণ লাগে দেও। মই দেখোতে ঠাই মচা, তামেाল কটা কামবোৰ উঠাই দিব লাগে-- কত দামৰ অলঙ্কাৰ বেয়া হয়। ইংৰাজবোৰে ভাল কৰে দেও―মেজত খায় আৰু তামোলো নেখায়।
|
| ভাৰতী—
|
তুমিনো ঘৰত কি কি বন কৰা? মই হলে দেও আটাইবোৰ কৰিব লাগে।
|
| শশী—
|
আগেয়ে আমাৰ ঘৰতো তেনেকুৱা বেয়া নিয়মবোৰ আছিল, ককাইদেউহঁত কলেজৰ পৰা অহাৰ পাচত সেই বোৰ নিয়ম উঠাই দিছে। আমাক পঢ়িব শুনিবলৈ কয়, গান-বাজনা, বেজীৰ কাম শিকিবলৈ কয় আৰু সদায় চাফা চিকোণ কাপোৰ-কানি পিন্ধিবলৈ কয়।
|
|
|
(ভাৰতীৰ হাতলৈ চাই) সেইবোৰ তোমাৰ হাতত কিহৰ ৰং লগালা? –হাত খন একেবাৰে দেখিবলৈ ঘিণ লগা কৰিলা।
|
| ভাৰতী—
|
এৰা দেও বিহুত ল'ৰা-ছোৱালীবোৰক জেটুকা বাতি দিওতে মোৰ হাততো ৰং ধৰিলে।
|
| শশী-
|
ইস, ইস্! তুমি একেবাৰে গাৱঁলীয়া হৈ আছা। সেই কাৰণে তুমি আৰু অলপ বেচিকৈ পঢ়িবলৈ শিকা। (অলপ ৰৈ মই) আজি বঙ্গালী “নভেল” এখন পঢ়িছিলো। বাস্তৱতে আজিকালি ছোৱালীবোৰ তেনেকুৱা হব লাগে। পিচে বুইচা আমি এতিয়াও তেনেকুৱা হব পৰা নাই। তুমি যদিও স্কুলত পঢ়িছো তত্ৰাচ চহা ফেচনৰ কাপোৰ-কানি পিন্ধা আৰু ৰিহা-মেখেলা এতিয়াও এৰিব পৰা নাই। আজিকালি এইবোৰে নুশুৱাই। বুইচা, তুমি বহল পাৰিৰ শাৰীকে পিন্ধিবা— দামো সস্তা আৰু তাকো মেখেলাৰ দৰে পিন্ধিব পাৰিবা। মাত্ৰ অলপ ফেৰটো দি ষ্টাইল লগাই দিলেই সেয়ে বেচি দামৰ হৈ পৰিব। তোমাক বেচি ধুনীয়া ও দেখিব। তুমি দেউতাৰাক শাৰী আনি দিবলৈ কৰা।
|
| ভাৰতী -
|
কবলৈ বেয়া লাগে দেও। আমাৰ বা কপালত কি লেখা আছে। এতিয়াৰ পৰা ধুন-পেচ মাৰিবলৈ শিকিলে আগলে সেইদৰে নেপালে বেয়া লাগিব নহয়।
|
| শশী—
|
তুমি একেবাৰেই ভোদা দেও। আজিকালি নিজে চাই-চিন্তিহে বিয়া কৰাব লাগে। আগৰ দিনত দ্ৰৌপদী, সীতা কতবোৰে নিজে চাই-চিন্তিহে স্বামী বৰণ কৰিছিল। মই হলে বুইচা, সেইবোৰ অন্ধ বিশ্বাসত ৰাজী নহওঁ। চোৱাচোন আগতে নজনা
|
|
|
নুশুনা এজনৰ লগত কেনেৈক ভাল পোৱাপুই হ'ব
পাৰে। অলপ দেখা-শুনা থাকিব লাগে তেহে!
আমাৰ সমাজখন একেবাৰে বেয়া। মাইকী মানুহৰ
ওপৰত বৰ অত্যাচাৰ। সকলো জোৰ-জুলুমৰ কথা।
বিয়া দিলো যেতিয়া ভাল পাবই লাগিব। আগেয়ে
এনেবোৰ নিয়ম কৰি মাইকীৰ স্বাধীনতা একেবাৰে
লোপ পেলালে।
|
| ভাৰতী—
|
মই দেও তেনেকুৱা হব নোৱাৰো, কাৰণ মোৰ
পিতৃ-মাতৃৰ ওপৰত বিশ্বাস আছে। তেওঁবিলাকে
কেতিয়াও নিজৰ চোৱালী এজনী বেয়া লৰা এটালৈ
দি পুৰি নেখায়। বুইছা কপালত যি আছে তাক
কোনেও খণ্ডাব নোৱাৰে। সীতা দেবী ৰজাৰ বোৱাৰী
হৈয়া বনত বাস কৰিব লগাত পৰিছিল।
|
| শশী—
|
সেইটো হয়। পিচে সীতাই কিমান কষ্ট ভোগ
কৰিও যে শেহত ৰামচন্দ্ৰৰ বিশ্বাসত সোমাব নোৱাৰি
পাতাললৈ যাব লগা হল।
সেই দিনৰ কথা এৰা,এতিয়া ৰামো নাই ৰাম ৰাজ্যও নাই।
ভাগ্যক খামোচ
মাৰি ধৰি থাকিলে নহয়। অলপ নিজেও যত্ন কৰিব
লাগে।
|
| ভাৰতী—
|
নিজৰ কৰ্ম্মফল কোনেও খণ্ডাব নোৱাৰে।তুমি
বোধ কৰো কৰ্ম্মফল নামানা।
|
| শশী—
|
কৰ্ম্মফল মই নেমানো—কাৰণ নিজেই নিজৰ
ফল ঘুৰাব পাৰি।
|
| ভাৰতী—
|
সেইটো হয়; কৰ্ম্মফল ঘুৰাব পাৰে সচাঁ। যদিহে ভগবানৰ চৰণত আত্ম-সমৰ্পণ কৰিব পাৰে।
|
| শশী—
|
মই দেখোতে তুমি তেওঁক বিয়া কৰাবলৈ ভাবিয়েই ললা। মই হলে এনেদৰে নোৱাৰো দেও।
|
| ভাৰতী—
|
তোমালোক ধনী মানুহ। মই শুনিবলৈ পাইছে৷ তোমাক তেনো মগন গাওঁবঢ়াৰ পুতেকলে ঠিক কৰিছে। তুমি আৰু উকিলনীহে হবা দেও।
|
| শশী—
|
তুমি কেনেকৈ গম পালা?
|
| ভাৰতী—
|
তুমিতে নোকোৱা মই গম পাইছো। পিচে তুমি চিঠি-পত্ৰ দিছানে নাই?
|
| শশী —
|
তোমাক মিছা নকও দেও, দিছো। উত্তৰহে পোৱা নাই। তাতে এটা কথাহে। তেওঁবিলাকৰ ন-বৌৱেকহঁতে এতিয়াও ভূঁই-কঠীয়া ৰোৱে। একেবাৰে চহা দেও।
|
| শশী –
|
সেই কাৰণে হে মই চিঠি-পত্ৰ দিছো। কি কৰিব পাৰো চাওঁ।
|
| ভাৰতী—
|
তোমালোকৰ টকা আছে; দেউতাৰাই হেজাৰচেৰেক মান দিলে সেইবোৰ কাম এৰি দিব।
|
| শশী –
|
(হাতৰ ঘড়ীলৈ চাই) আজি তোমাৰ ইয়াত বহুত দেৰি কৰিলোহি। অনেক কথা পাতিলো দেও। মোন চাগে “মিউজিক মাষ্টৰ” আহি বহিহে আছেহি।
|
| ভাৰতী—
|
যোৱা সখি! আকৌনো বেগেতাই কত লগ পাম।
|
৫ম দৃশ্য—পুৰুষোত্তমদেৱৰ ঘৰ।
(পুৰুষোত্তমদেৱে পাঁজি-পুথি চাই বহি আছে; এনেতে
নিৰ্ম্মলচন্দ্ৰৰ প্ৰবেশ আৰু দেউক প্ৰণাম কৰি বহে)।
| পুৰু—
|
কল্যানমস্ত! কি হেতু আহিলা বোপা? অ' তোমাৰ পিতাৰৰ শ্ৰাদ্ধৰ সময় পাইছেহি নহয় তুমি চাগে কবই নোৱাৰা।
|
| নিৰ্ম্মল—
|
ওচৰ চাপিছেহিনেকি, দেউ?
|
| পুৰু—
|
হওতে আৰু বেচিদিন থাকিব নেপাই, তিথিটো তোমাৰ মনত আছেনে? অ' মনত পৰিছে মোৰ লেখাই আছে- চতুৰ্থী নহয়নে?
|
| নিৰ্ম্মল—
|
হয় দেউ; ( অলপ ৰৈ ) আপোনালোকে এই বিষয়ে যিমান যত্নত থাকে, অন্য বিষয়ে যদি থাকিলেহেঁতেন!
|
| পুৰু—
|
পাৰোতে জানো লেখি থও। আজিকালি এনেয়ে বাপেক-মাকৰ শ্ৰাদ্ধৰ কাৰণে আওহেল৷; তাকে তিথিটো মনত পেলাই নিদিলে তিথিৰ মূৰত পানী চলু দিয়াৰো যে ভিকাচন ভাগিব।
|
| নিৰ্ম্মল—
|
মই লিখিবলৈ হাক দিয়া নাই।
|
| পুৰু—
|
পিচেনো তেন্তে কিহৰ কথা কৈছা?
|
| নিৰ্ম্মল—
|
আমাৰ সমাজত এইটো এটা বৰ বেয়া নিয়ম হৈছে বিধবাৰ পুনৰ সংস্কাৰ নোহোৱা। তাৰ বাবে আপোনালোকে কোনেও যত্ন নকৰে।
|
| পুৰু—
|
বোপা! বিধবাৰ আৰু উপাই নাই। দ্বিতীয় সংস্কাৰ হ'ব পৰা কোনো বিধি-শাস্ত্ৰত পোৱা নাই।
|
| নিৰ্ম্মল—
|
পাবলৈ আপোনালোকে যত্নও কৰা নাই।
|
| পুৰু—
|
যত্ন কৰিলেও মিছা। ৰঘুনন্দন ভট্ট আদিয়ে যি স্থূলত নোৱাৰিলে আমি কোন কুটা।
|
| নিৰ্ম্মল —
|
যদিহে নোৱাৰে—
নষ্টে মৃতে প্ৰবজিতে পতিতে চ মৃত পতৌ,
পঞ্চ আপৎসু নাৰীনাং পতিৰণ্য বিধিয়তে।
এই শ্লোকটো কিছু আছে?
|
| পুৰু—
|
সেইটো বাগদত্তা কন্যাৰ বিষয়েতহে।
|
| নিৰ্ম্মল—
|
বাৰু তেন্তে এইটো শুনকচোন। “পাণি গ্ৰহে মৃতে বালা কেবলং মাত্ৰ সংস্কৃতা। না চ অক্ষত যোনিসাং পুনঃ সংস্কাৰ বিধিয়তে॥” এইটোৱে কি কলে?
|
| নিৰ্ম্মল—
|
এইটো একে কেতিয়াও হব নোৱাৰে। কাৰণ ব্ৰাহ্মণৰ বাগ্দত্তা কন্যাৰ বিয়াৰ আগতে স্বামীৰ সঙ্গ কেতিয়াও নহয়। বিয়া দিয়াৰ পাচতে যিবিলাক স্বামীৰ ঘৰলৈ
|
|
|
নেযাওতেই বিধবা হয়; সেইবোৰৰ পুনৰ সংস্কাৰ হব পাৰে। এইটো বাগদত্তাৰ সুৰলৈ নেযায়।
|
| পুৰু—
|
আমি সেইটো ধৰিব নোৱাৰো।
|
| নিৰ্ম্মল—
|
নোৱাৰিবতো। যদি নেথাকিলেহেতেন তেনেহলে নিয়োগ প্ৰথা মতে আগৰ দিনত কেনেকৈ গিৰীয়েক মৰাৰ পিচত দেওৰেক বা বংশৰ আনক গ্ৰহণ কৰিব পাৰিছিল। তাৰ ভুৰি ভুৰি প্ৰমাণ আছে। আৰু সেই প্ৰথাৰ বাবে কোনো ব্ৰাহ্মণ ক্ষত্ৰিয় সেই কালত সমাজৰ
পৰা বৰ্জ্জিত হোৱাও নছিল। সেই বোৰৰে নাতি-পুতি হৈ তেওঁবিলাককে অৱমাননা কৰা হোৱা নাইনে? ব্যাসে বিচিত্ৰবীৰ্য্য মৰাৰ পাচত কেনেকৈ অম্বালিকাৰ গৰ্ভত পুত্ৰ উৎপাদন কৰাইছিল?
|
| পুৰু—
|
নিয়োগ প্ৰথা চলাব পাৰি। কিন্তু সেই লৰা-ছোৱाলী বোৰক কোন বৰ্ণত পৰিণত কৰিবা?
|
| নিৰ্ম্মল—
|
ব্ৰাহ্মণ হলে ব্ৰাহ্মণ, ক্ষত্ৰিয় হলে ক্ষত্ৰিয়।
|
| পুৰু—
|
মিছা; সেই প্ৰথা নেপালত চলাই তিকাব নোৱাৰিলে। বিধবাৰ পুনৰ পতি বৰণ হলে এতিয়াও লৰা-ছোৱালীবোৰক ব্ৰাহ্মণ কৰিব নোৱাৰি যেসী বুলি ব্ৰাহ্মণতকে হীন
কৰি থৈছে।
|
| নিৰ্ম্মল—
|
বেচ তেনেহলে বিধবাত পতিত হোৱা আজি-কালি কেইটা মতাক বেয়া কৰি ৰাখিছে? মাইকী জনীৰ হলে তৎক্ষণাৎ জাতটো যায় আৰু ঘূৰাই আনিব নোৱাৰি
|
|
|
কিন্তু মতাটো হলে প্ৰায়চিত্ত কৰিলেই ভাল হৈ পৰে।
|
| পুৰু—
|
পতিত হোৱাৰ প্ৰমান ভালকে দিব নোৱৰা বোৰেহে ভাল হৈছে।
|
| নিৰ্ম্মল—
|
বেচ কথা! যদি কোনো প্ৰথাকে নলয় তেনেহলে বিধবাক ব্ৰহ্মচৰ্য্য ব্ৰত, শিকাবলৈ সমাজে যত্ন কৰিছেনে?
|
| পুৰু—
|
বিধবা হলে সেইটে৷ কৰিবই আৰু কৰিয়েই আছে। তাৰ বাবে ব্ৰত, উপবাস আদি কৰিবলৈ কোৱা হয়েই নহয়। এই দৰেই ব্ৰহ্মচৰ্য্য ব্ৰত শিকে।
|
| নিৰ্ম্মল—
|
ব্ৰহ্মচৰ্য্য ব্ৰত ইমান ঢিলা নহয়। আজি ভাৰতত ব্ৰহ্মচৰ্য্য ব্ৰত ইমান সুকলমে কৰিব পৰা হলে আমাৰ গাৱঁৰ সেই হলিৰাম শৰ্ম্মাই ৬০ বছৰ বয়সতো পুনৰ বিয়া নকৰালেহেতেন। সমাজৰ এইবোৰ কেলেঙ্কাৰ গুচাব নোৱাৰিলে আমাৰ ধ্বংস ই নিশ্চয়। সমাজৰ পৰা এই নীতি গুচাবই লাগিব। মই প্ৰাণেপণে যত্ন কৰিম। আৰু নিজেও আগ বাঢ়িলে যদি হয় তালৈকো কুণ্ঠিত নহও।
|
| পুৰু—
|
ইস্ ইস্ আজি কি কুক্ষণত এইটোক লগ পালো। আমি বোৰ বুঢ়া হলোহি, এনে প্ৰথা গুচাব নোৱাৰিলো, এই ফুকলীয়া লৰাটোৰ মুখত এনে কথা। পাষণ্ড কটা। ভাল বামুণৰ ঘৰত চাণ্ডালটোকে জন্ম ললিহি! পঢ়ি শুনি ইয়াকে পালি?
|
| নিৰ্ম্মল—
|
গালি পাৰিছে কিয় দেউ?
|
| পুৰু—
|
আকৌ কৈছহে, সাত পুৰুষক নৰকলৈ পঠালি বন্দী—চণ্ডাল।
|
| নিৰ্ম্মল—
|
আপোনাৰ নিচিনা স্বাৰ্থপৰ ব্ৰাহ্মণৰ পৰা একো নহয়। আপুনি চাই থাকক মই পণ্ডিতৰ মত আনি নিশ্চয় বিধৱা বিবাহ কৰামেই।
|
| পুৰু—
|
গুচি যা; কটা চাণ্ডাল!—চকুৰ আগৰ পৰা আতৰ হ। ধৰ্ম কৰ্ম একেবাৰে নমনা হলি!
|
| নিৰ্ম্মল—
|
যাম, খং কৰে কিয়?
|
১ম দৃশ্য—ৰজনীৰ ঘৰ।
(ভাৰতী—আৰু প্ৰমীলা)।
| প্ৰমীলা—
|
তোমাৰ ওচৰলৈ আহিলে সদায় আৰু তোমাক মনটো মাৰি থকাহে দেখো। সদায় নো কি ভাবি চিত্তি থাকা।
|
| ভাৰতী—
|
ভনীটী। তুমি বোধ কৰে৷ আমাৰ ঘৰ খনৰ কথা নেজানা। মোৰ শহুৰে কলিকতাত চাকৰি পোৱা বাবে মোৰ স্বামীকো তাত পঢ়াবলৈ সুবিধা দেখি লৈ গল।
|
| প্ৰমীলা—
|
অইন্বোৰ লৰাই দেখেন ইয়াতে ভালকৈ পঢ়িছে!
|
|
|
বোধ কৰো ভাত ভালকৈ পঢ়ায়—সেই বাবেহে নিছে।(অলপ ৰৈ ) ওঁ! মই বুজিছো।
|
| ভাৰতী—
|
বাৰু; মোৰ কথা শুনাচোন। তোমাৰ আগত মই কবলৈ লাজ নকৰো বুইছা। আমাৰ তেখেতে পঢ়াৰ লগে লগে কুসঙ্গ পাই কু অভ্যাসত পৰিবলৈ ধৰিছে।
|
| প্ৰমীলা—
|
তুমি কেনেকৈ জানিলা? মিছা কথা।
|
| ভাৰতী—
|
বুইছা! মোৰ শহুৰ এজন বহুগুণী মানুহ।তেখেতৰ ওচৰত মোৰ স্বামীয়ে কোনো কথা লুকাই ৰাখিব নোৱাৰিলে। তেখেতে আইলৈ দিয়া চিঠিৰ পৰাই মই সকলো বুজিব পাৰিছো। লেখা পঢ়া এৰি তেখেতে বিলাস সাগৰত গা উটুৱাই দিছে। তাতে তেখেতৰ যৌৱন অৱস্থা। এইবোৰ জানি মোৰ শহুৰে তেখেতক স্কুলৰ পৰা এৰুৱাই কাৰবাৰত লগাই দিছে—কিজানি কাৰবাৰত লাগিলে ভাল হয় বুলি। পিচে মোৰ ভাগ্য চোৱা, তেখেতে মনত বেচি আনন্দহে পাইছে! কাৰণ কলিকতা হৈছে বিলাসৰ ঠাই। যি পিনেই চায় সেই পিনেই চকু জুৰায়। তাতে সেই ঠাইত সোণৰ সংসাৰ ধ্বংস কৰা আৰু ইহকাল পৰকালৰ সৰ্ব্বস্ব নষ্ট কৰা কত যে মদ আৰু ৰমক-জমক বহুমূলীয়া কাপোৰ পিন্ধা পিশাচীৰ দল। সেইবোৰ দেখি মেলি মোৰ স্বামীয়ে মনত আনন্দ পাই সেই মহা নগৰীত বিলাসৰ সোতত অধঃপতনৰ বাটত দিনে দিনে গা উটুৱাই দিছে। সেই বাবেই
|
| প্ৰমীলা—
|
তুমি ইমানবোৰ কথা কেনেকৈ জানিলা?কেতিয়াবা জানো কলিকতা দেখিছিলা? নজনা-নুশুনা কথা ভাবি লোকৰ কথাত এইদৰে মুৰ ঘুমাই কিয় মৰিছা? অনাহকত বেজাৰ কৰি নেথাকিবা।
|
| ভাৰতী—
|
লোকে কোৱাও শুনিছো আৰু নিজেও দেখিছো।
পাপ কাম কৰিবলৈ গলে টকাৰ শ্ৰাদ্ধ কৰা হয় আৰু টকাও বেচি পৰিমাণে লাগে। সংসাৰ কৰ্ম্মক্ষেত্ৰ আৰু পৰীক্ষাৰ স্থান। মানুহ যি পিনেই ঢাল লয় সেই পিনেই অতি শীঘ্ৰে যায়। মুঠ কথা অৰ্থই অনৰ্থৰ মূল, পাপত পিচলি যোৱা বস্তু। মই জানিছো তেখেতে টকাও অনেক উপাৰ্জন কৰিছে; কিন্তু সকলে। পাপ কামত উৰাইছে। যদি উপাৰ্জ্জন হোৱা টকা শহুৰৰ হাতত দিলেহেতেন তেহে তেখেতৰো বিশ্বাস হয়। ভালকৈ নেজানিলে নিজৰ পুতেকৰ কথা বেয়াকৈ কিয় লেখিব?
|
| প্ৰমীলা—
|
বাস্তবিকতে দুখ লাগিব লগীয়া। তুমি এটা কাম কৰা। যেনে তেনে তুমিও তেখেতৰ লগতে থাকিবলে যত্ন কৰা। যদিহে বেয়া কামৰ ফালে ঢাল লৈছে তুমি তেওৰ লগতে থাকিলে সিমান দূৰ আগ বাঢ়িব নোৱাৰিব—কাৰণ তুমি অতি বুদ্ধিমতী। (এনেতে যোগেনৰ প্ৰবেশ আৰু ভাৰতীৰ হাতত চিঠি এখন দিয়েহি। ভাৰতীয়ে চিঠি পঢ়ে)।
|
| প্ৰমীলা —
|
যোগেন বোপা, ককাইদেৱেৰাৰ চিঠিনেকি? নবৌ-
বোৰ মনটো দেখি তেনে যেনহে লাগিছে।
|
| ভাৰতী —
|
হয়, তেখেত সকলৰেই চিঠি। দুৰ্গা পূজাৰ বাবে
তেখেত সকল ছয়ো আহিব। মই বহুত কথা তোমাৰ
আগত কলো কাৰো আগত নকবা দেই। মনৰ দুখত
হে কৈছিলো। চোৱাচোন স্বামী সেনা তিৰোতাৰ
প্ৰধান ধৰ্ম্ম আৰু স্বামীৰ ওণ কীৰ্ত্তন কৰা মহা-
স্তোত্ৰ পাঠৰ নিচিনা। মই সেইবোৰ জানিও স্বামীৰ
নিন্দা ৰটিছে৷ — প্ৰাণৰা এই হুমাৰৰ কাৰণেহে। পুত্ৰ-
হাৰা মাতৃয়ে জানে যে হিয়াৰ ধুনা কান্দোনে আৰু
শত শত অনুনয় নিয়েও পুতেকক ঘূৰাই আনিব
নোৱাৰে তথাপিও নেকান্দি পাৰেনে? তেখেতে বেয়া
অভ্যাসবোৰ এৰিলেই হয়। মই জানিও যে নিন্দা কৰি
মহা পাপক সঞ্চয় কৰিছো তাতেই বুজিবা মোৰ মনৰ
অৱস্থা। এই অভাগিনীৰ কান্দোনে যদি তেখেতক অধঃ-
পতনৰ বাটৰ পৰা ঘূৰাই আনিব পাৰে তেহে মোৰ
কপাল। মুঠতে ৰইচা ঈশ্বৰৰ ওচৰত দিনে ৰাতিয়ে মোৰ
এয়েই হে প্ৰাৰ্থনা।
|
| মূৰ্ত্তি—
|
হেৰ চাৰি পাঁচ বছৰৰ মূৰত লৰাটো আৰু শহুৰেৰ ঘৰলৈ আহিব, তই অলপ খোৱা-বোৱাৰ দিহা কৰহি। সদায়নো প্ৰমীলাৰ সৈতে কিহৰ মেল মাৰি থাক! (প্ৰমীলালৈ চাই ) প্ৰমীলা আইটী তোমাক চাগৈ ঘৰত বিচাৰি ফুৰিছে। তুমি ইয়ালৈ অহা কব পাৰে জানো?
|
| প্ৰমীলা -
|
পাৰে বুঢ়ী আই, বোৱাৰীয়েকৰ লগত কথা পাতি ভাল পাওঁ, সেই বাবেহে আহো। মোৰনো আৰু কিহৰ চিন্তা বুঢ়ী আই?
|
| মূৰ্ত্তি—
|
নহয় আই বেজাৰ নকৰিবা। বামুণৰ ছোৱালী সৰুতে বিধবা হলা, কি কৰিবা! কপাল, আইটী! এতিয়া তোমাৰ মাত্ৰ ঈশ্বৰ আৰাধনা আৰু মৃত স্বামীৰ সদগতিৰ কাৰণে ঈশ্বৰক খটায়েহে ঘাই কথা—সেয়েহে তোমাৰ মুক্তিৰ পথ।
|
| ভাৰতী—
|
আই সেইবোৰ কথা তেওঁক নকব। বেয়া পায়। ( প্ৰমীলালৈ চাই ) তুমি যোৱাগৈ মাজে সময়ে আহিবাচোন—ময়ো অকলশৰীয়া।
|
| মূৰ্ত্তি—
|
ওঁ, ঘৰত আৰু তাইৰ কাম নাই নহয়! তোমাৰ লগত খেল মাৰিলেই হবনে?
(প্ৰমীলালৈ চাই ) আইটী তাত-সুত কিবা লগাইছানে?
|
| প্ৰমীলা—
|
পাতৰ কাপোৰ এখন লগাইছো। পিছে ফুল দিবৰ কাৰণে গুণা নাই, সেই কাৰণে তাত খন বান্ধতে আছে। সিদিনা ধৰাধৰ দেউৰ পুতেকৰ হাতত পইছা দিলো আজিলৈকে গুণা দিয়াহি নাই।
|
| মূৰ্ত্তি—
|
ঘৰত আপোন মানুহ নেথাকিলে বৰ অসুবিধা, সেই কাৰণে মই তাত-পুত ববলৈ এৰিয়েই দিছো।
|
| প্ৰমীলা —
|
তেওঁ হলে আগেয়ে নিয়ম মতেই আনি মেলি দিয়েহি। এই বাৰহে দেৰি কৰিছে। বোধ কৰো কিবা বেমাৰ তেজাৰ হব পায়।
|
| মূৰ্ত্তি—
|
লৰাটো বেয়া নহয়, আমাৰ বোপাৰ সৈতে সমনীয়াই—ইদিন মানৰহে যদি ডাঙৰ হয়। এতিয়া ডাঙৰ হৈ কোন স্বভাব-চৰিত্ৰ হৈছে জানো?
|
| প্ৰমীলা—
|
নহয় বুঢ়ী আই, তেওঁৰ স্বভাব-চৰিত্ৰ বৰ ভাল! আমাৰ গাওঁ খনত লোকৰ দুখ দেখিলে দুখ কৰা লৰা অতি কম, অকল তেৱেঁইহে। মই কেতিয়াবা ভাবি-চিন্তি দুখ কৰি থাকিলে মোক বুজাই মেলি মনৰ দুখ পাতল কৰিবলৈ কত ভাল উপদেশ দিয়েহি।
|
| মুৰ্ত্তি –
|
(স্বগতঃ) এৰা সেই বোৰেইহে লেঠা। (প্ৰকাশ্যে) বাৰু যোৱা আইটী মোৰো কাম-বন বহুত পৰি আছে।
|
| প্ৰমীলা –
|
বাৰু আহিলো বুঢ়ী আই। (প্ৰমীলাৰ প্ৰস্থান)
|
২য় দৃশ্য— ৰাজবাট।
(অকলে অকলে নিৰ্ম্মলৰ প্ৰবেশ)
| নিৰ্ম্মল—
|
হায় দেশখনৰ কি হ'ল? তিৰোতাৰো তিৰোতাৰ ওপৰত অত্যাচাৰ! উস! মোৰ ভনী জনীৰ বিয়াৰ দিনা প্ৰমীলা বোলা বিধবা ছোৱালী জনীয়ে মোৰ ভনীৰ শিৰত সেন্দুৰ দিবলৈ আগ বঢ়াত তেওঁক সেন্দুৰ কণো দিবলৈ নিদিলে। তেওঁৰ সেই আশা উদ্যমৰ ফুলি অহা আনন্দৰ জেউতিত বাধা পৰিলত বেচেৰীৰ মুখ ক’লা পৰি গল। কতই মুখে মুখে কবলৈ ধৰিলে যাত্ৰানাস্তি, কুলক্ষণী। গিৰীয়েকৰ মূৰ খোৱা জনীয়ে ভাল কামলৈ আগ বাঢ়িছে চোৱা! কতই ফিছিঙা-ফিছিঙি কৰি হেচি-ঠেলি শিয়াল কুকুৰৰ দৰে আতৰাই দিলে। তেওঁ সহ্য কৰিব নোৱাৰি উচুপি উচুপি কান্দি পেলালে। তথাপিও কাৰো দয়া নহল বৰঞ্চ এনে সমাজলৈ কিয় আহিছিলি বুলি কেউফালৰ পৰা ঠাট্টাহে কৰিবলৈ ধৰিলে। পুৰুষৰ হৃদয়হে কঠোৰ বুলি ভাবিছিলো তিৰোতাৰো হৃদয় যে এনে কঠোৰ হব পাৰে তাক ভাবিবই নোৱাৰিছিলো। আয়ৈ দেহি সেই সমাজত আৰু যি কেইগৰাকী বিধবা আই সকল আছিল সকলোৱেই তললৈ মুখ কৰি জয় পৰি গল। সমাজ- সমাজ এবাৰ ভাবি চোৱা বাল্য সতী বিধবাৰ এনে কৰুণ শোকত দেশ ৰসাতললৈ নেযাবনে? যিবিলাকে বিধবানো
|
|
|
কি তাকে বুজিব পৰা হোৱা নাই। সেই
বিলাকৰনো কেনেকৈ বিধবা ভাব হব? ক'ত
বিলাক বিধবাই বিধবা-ব্ৰত কৰক ছাৰি শহুৰেক-
শাহুৱেক, বোৱাৰী-জীয়াৰী, বৰজন-দেওৰেকহঁতৰ
সেৱা-শুশ্ৰূষা কৰিয়েই তত
নাপায়। তাতো মনত সুখ নাই, কিয়নো সেই
সেৱাৰ এফেৰিমান ক্ৰটী
হলেই বিধবাই সেই ঘৰ পৰিত্যাগ কৰি অমোচনীয়
কলঙ্কৰ বোজা মূৰত লৈ সমাজত কাল যাপন
কৰিব লাগিব।
|
(আনফালৰ পৰা প্ৰমীলাৰ প্ৰবেশ )
| প্ৰমীলা—
|
মইনো নেদেখা নুশুনা মৃত স্বামীৰ সদগতিৰ
কাৰণে কেনেকৈ ভাবো? মোৰ মনত সকলো সপোন
যেনহে লাগে। মোকনো বিধবা বোলে!
বোধ কৰো সেই সপোনৰ স্বামী মৰা বাবে
আৰু কপালত সেন্দুৰৰ ফোঁট লব নোৱাৰাৰ বাবেই মই
বিধবা নাম পাইছো। কিন্তু বিধবা ভাব কেনেকুৱা
আজিলৈকে মই অনুভৱ কৰিব পৰা নাই, কাকনো
সুধিম কোনে কব? লগৰ সমনীয়াহিলাকেও মোক
দেখিলে আগৰ দৰে কথা-বতৰা নেপাতে। তেওঁ
বিলাক নিজৰ স্বামীৰ ৰূপতে মুগ্ধ হৈ থাকে। হায়
বিধতা মোকনো কিয় বিধবা কৰিলা!
|
( কান্দি কান্দি গুচি যায় )
| ভাৰতী—
|
( অকলে অকলে ) হে প্ৰভু মোক মাৰি নিনিয়া
কিয়? অত দিনৰ মূৰত তেখেত আহিল- ( এনেতে
নগেনৰ প্ৰবেশ) আপুনি আৰু দুদিন মানো থাকিব
নোৱাৰেনে? অত দিনৰ মূৰত ঘৰলৈ আহিছে আকৌ
বা কেতিয়াকৈ আহিব পাৰে। দুদিন মানৰ পাচত
গলে জানো অসুবিধা হব?
|
| নগেন —
|
মোৰ অনেক কাম আছে। কাৰবাৰ কৰি লোকৰ
হাতত একেবাৰে এৰি দিব নোৱাৰো নহয়। মোৰ বস্তু বাঢ়নি
সোপা বান্ধি ষ্টেচনলৈ পঠাই দিবা।
এতিয়া যাওঁ, মোৰ বাহিৰত কাম আছে। (ভাৰতীয়ে
ভৰিত ধৰি সেৱা কৰে ) এইবোৰ আকৌ কি? (প্ৰস্থান)
|
| ভাৰতী—
|
ঘৰলৈ আহিলে পাঁচ ছয় দিনতকৈ থকাটোও
টান! থাকিবলৈ অনুৰোধ কৰিলেই সেইবোৰ কয়
মোৰ শাহু-শহৰেও তাকে বিশ্বাস কৰে। যি কেইদিন
থাকে মোৰে সৈতে ভালকৈ কথাকে নাপাতে। ৰাতি
দুপৰত উলাইহি - সদায় মোৰ লগত অসং ব্যৱহাৰ
আছেই, ই মোৰ ভাগ্য। তথাপি মই অসন্তষ্ট নহও
মোৰ স্বামী দেৱতা তেওঁ মোৰ ওপৰত যেনেকুৱা
ব্যৱহাৰকেই নকৰক তথাপি মই চিৰদিন ভক্তি কৰিম
ভাল পাম আৰু পূজা কৰিম। তেৱেইহে মোৰ
আৰাধ্য দেৱতা।
|
| হেৰ, বোপাৰ বস্ত-বাহনি সোপা চাই মেলি বন্ধাই
থোৱাবি, সি আজি যাব।
|
|
| ভাৰতী—
|
আই তেখেতে দেখোন ইমান সোনকালে যাবলৈ
ওলাল!
|
| মূৰ্ত্তি—
|
মই কব নোৱাৰো; কলিকতাত থাকি তাৰ মন
একেবাৰে কাৰবাৰত লাগি গৈছে। কথা বতৰা বোৰো
বঙ্গালী ধৰণৰ। মোক প্ৰথমে আতি বাহিৰৰ পৰা মা মা
বুলি মাতিলত মই পাভমাৰি বাগিছাৰ সেই মগনীয়া
বুঢ়ী জনীয়ে মাতিছে বুলিহে ভাবিছিলো, পিচতহে
চিনি পাইছো।
|
| ভাৰতী—
|
আই! সকলো বিপৰীত দেখিতো। বাৰু মই সকলো
বান্ধি দিমগৈ। বাটত খাবলৈ অলপমান জা-জলপান
দিব লাগিব নহয়।
|
| মূৰ্তি —
|
নেলাগে হেনো, বাটত সকলো পায়, – আমাৰ জলপান
অইনৰ আগত উলিয়াবলৈকো হেনো লাজহে পায়।
আৰু কৈছে চিৰা, কোমল চাউল, ঘিলা পিঠা এইবোৰ
হেনো খাবলৈকো এৰিলে। বিলাতী বস্তু সেই কিবাকিবি
বোৰতে খাই অভ্যাস হৈছে বোলে।
হাতত পইচা থাকিলে একোৰে অসুবিধা নাই হেনো।
|
| ভাৰতী—
|
( স্বগতঃ ) উস্, ইমান দূৰ হলগৈনে? হে প্ৰভু!
|
|
|
তুমি মোৰ স্বামীক ৰক্ষা কৰিবা। (প্ৰকাশ্যে) বাৰূ
আই মই সকলোবোৰ ঠিক কৰোগৈ।
|
| মূৰ্ত্তি—
|
বোধ কৰো সি এইক বাৰু নেপায়। অইন লৰাই
ঘৈণীয়েকৰ লগত এনেদৰে ব্যবহাৰ কৰা দেখা নাই।
এইক তাৰ লগতে পঠিয়াই দিম নে কি? (অলপ ৰৈ) বাৰু
কিবা এটা কৰিব লাগিব। এবাৰ তাকো লৈ যাবলে
কমচোন কি কয়। (প্ৰস্থান )
|
[ মুকুন্দ, হীৰালাল আৰু উজিৰৰ প্ৰবেশ। ]
| মুকুন্দ—
|
ভাই হীৰালাল। নগেন্দ্ৰ গ'লনে কি?
|
| হীৰা—
|
মই কেবাদিনো লগ পোৱা নাই, কব নোৱাৰো।
( নগেনৰ প্ৰবেশ ) তই বহুত দিন জীবি ভাই। তোৰ
নাম লওতেই তই ওলালিহিয়েই। পিছেনো কাহানিকৈ
যাবি?
|
| নগেন্দ্ৰ—
|
ভাই যাবলৈ ওলাই আহিলোৱেই।
|
| নগেন্দ্ৰ—
|
সচাঁকৈয়ে আকৌ। মুকুন্দ ভাই তহঁত একেবাৰে
খালত সোমাই আছ হেৰ। অন্ততঃ এবাৰ কলিকতাখন
চাই ল।
|
| মুকুন্দ—
|
থ, থ, পইচা এটা নাই, অইন চাৰি আজি কেইদিনমান
পইচাৰ অভাবত মন এঢোকাকে মাৰিব পৰা নাই তই
আকৌ কলিকতালৈ যোৱাৰ কথা কৈছ। পিছে নগেন
ভাই ভই বোলে তাত খুব ফুৰ্ত্তি কৰিছ।
|
| নগেন —
|
পিচে হীৰালাল তোমাৰ আৰু উইভিং শিকোৱা আদায়
হোৱা নাইনে? তোমাৰ কপাল বৰ ভাল ভাই। ভাল
জানিবা সাধু পুৰুষজন হৈ মানুহবোৰৰ ভিতৰ সোমাই
লৈ উইভিং শিকাইছা।!
|
| হীৰা—
|
ভাল ধৰিছ ভাই। তোৰ আগত নকৈ আৰু কাৰ
আগত কম? এইবাৰ হলে আমাৰ লগত তই বেচ মিলিচ।
পিচে এটা কথা, উইভিং শিকাওতে ছোৱালী এজনীৰ
ওপৰত মোৰ বৰ মন খাইছে ভাই। যদি তাইক
কেনেবাকৈ সৰকাৰ পাৰো তেনেহলে মই তাইক তোমাৰ
তালৈকে লৈ যামগৈ। ভুমি ঘৰ এটা সুবিধা কৰি দিব
পাৰিবানে?
|
| নগেন্দ্ৰ—
|
ভাল কথা কৈছা! ঘৰৰ কি আকাল হইছে? পাৰিলে
আজিয়েই ওলোৱা।
|
| হীৰা—
|
এটা কথা ভাই, ধৰাধৰ দেউৰ পুতেক নিৰ্মল চন্দ্ৰকো
কেতিয়াবা কেতিয়াবা তালৈ যোৱা দেখো।
|
| মুকুন্দ—
|
তুমিও ভাই তেনেই ভোদাৰাম। নিৰ্ম্মলে তোমাক
কি কৰিব পাৰে?—তালৈ ভয় কিহৰ?
|
| উজিৰ—
|
থোৱা সেইবোৰ কথা। ভাই মদ এবটল আন খাও
- তাতে তই যাবিগৈয়ে।
|
| নগেন—
|
এবটলে কি হব। হো এইয়া পইচা নে, লৈ আহগৈ।
( নগেনে জেপৰ পৰা পইচা উলিয়াই দিয়ে আৰু উজিৰে
লৈ প্ৰস্থান )
|
|
|
( স্বগতঃ) ইহঁতো মোৰ লগৰেই, তালৈ যদি হীৰালালে
নিব পাৰে, মোৰ সুবিধা হব।
|
| হীৰা—
|
মুকুন্দ ভাই, তুমি এটা বুদ্ধি দিয়া।
|
| মুকুন্দ—
|
ক'ত বুদ্ধি আছে! তাৰ বাবে তুমি চিন্তাকে নকৰিবা।
|
| হীৰা—
|
পিছে ভাই তোমাৰ এড্ৰেচটো দিয়া তুমি গলেগে
চব মিছা হব।
|
| নগেন—
|
দিম বাৰু, তুমি ভাই ভয় নকৰিবা। সেই খিনি
পালেগৈ তোমাক কোনে ধৰে? ছোৱালীজনী বিয়া
দিলেনে?
|
| মুকুন্দ—
|
দিছিল। বিধবা হল।
|
| নগেন —
|
তেনেহলে একো ভয় নাই। আমাৰ গাওঁৰ মানুহ-
বোৰ একেবাৰে ভোদা। তুমি যত্ন কৰিলেই পাৰিবা।
(মদ লৈ উজিৰৰ প্ৰবেশ, সকলোৱে মদ খায়-
নগেনে বেচিকে খায় )
|
| মুকুন্দ—
|
নগেন ভাই, তই বহুত বেচি খাইছ—কেনেবাকৈ
বাটত গোলমাল কৰিবি ভাই। আৰু নাখাবি।
|
| নগেন –
|
থ, ও, তহঁতৰ অলপতে ভয়! মই অলপ হলে একো ভাল নেপাও। ভাই মোৰ এতিয়া কলিকতালৈ মনত পৰিছে- এটা কথাৰ কাৰণে।
|
{{playscript|gap=5|মুকুন্দ –|ক, ক, ভাই কিনো কথা?
| নগেন —
|
এতিয়া মোৰ সময় নাই। ভাই হীৰালাল তোমাৰে মোৰে একে আশাই ভাই ঈশ্বৰেহে জানে। মোৰ ভাই ঘৰলৈ অহাৰ কথা মনত পৰিলে একেবাৰে বেয়া লাগে। (পুনৰ মদ খাব) ভাই হীৰালাল! খুব যত্ন কৰিবি দেই। (আকৌ মদ খায়)
|
| উজিৰ—
|
কি মজা চানা ভজা মদৰ লগত খাবলৈ,
|
| মুকুন্দ—
|
মদ নাখালে আপ টু-ডেট্ কিমান টান হবলৈ।
|
| নগেন—
|
মদ ভোক্তাক যি ঘিণায় যাব সি নৰকলৈ।
|
| হীৰা—
|
ঠিক কথা। গীতাত শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছে;—
অহং তিষ্ঠামি বৈকুণ্ঠ যোগিনাং হৃদয়েন চ।
মদ ভোক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ॥
অৰ্থাৎ ভগবান শ্ৰীকৃষ্ণই কৈছে বোলে মই বৈকুণ্ঠতো নেথাকো, যোগীৰ হৃদয়তো নেথাকো, মদ ভোক্তাসকলে যত মদ খাই আটাত পাৰে, স্ফুৰ্ত্তি কৰে
|
|
|
তাতেতে মই থাকো। আৰু এই কথা “নাৰদে” কোৱা আৰু সি ৰদ বা বাতিল হব নোৱাৰে।
|
| নগেন—
|
তেনেহলে কি পৰোৱাই —লগাঁও ফুৰ্ত্তি—
|
( এনেতে ৰেলৰ ঘন্টা বাজে )
| হীৰা—
|
ভাই ৰেলৰ ঘণ্টা পৰিলেই !
|
(লৰালৰিকে সকলোৰে প্রস্থান)
৫ম দৃশ্য— ভাৰতীৰ ঘৰ ।
[ভাৰতী উপবিষ্টা।]
| ভাৰতী—
|
উস্ উস্, কি যান্ত্রণা ! মোৰ শাহু-শহুৰে অলপো মোৰ দুখ নুবুজিলে। এইদৰে চাৰি পাচ বছৰ গল। তেখেতৰ বেয়া ব্যবহাৰ দেখিও যদি লোকে ক্ষমা কৰিছে ব্যভিচাৰৰ দণ্ডতো ঈশ্বৰে দিবই। সেই দণ্ডৰ পৰা তেখেতক ৰক্ষা কৰিম কেনেকৈ? হে ভগবান! মই নিৰাশ্ৰয়, অবলা। মোৰ স্বামীক কু পথৰ পৰা ঘূৰাই আনা।
|
(কান্দে)
| প্রমীলা -
|
কান্দিছা কিয়? তোমাৰনো কি হল?
|
| ভাৰতী—
|
কি বুজিবা মোৰ প্ৰাণৰ জ্বালা ! বুজিলাহেতেন যদি-
|
| প্ৰমীলা—
|
মই কেনেকৈ বুজিন! বোধ কৰো ভুমি মোৰ কথা
নেজানা। আজি বাৰু মই তোমাক মোৰ সকলো কথা
কৈ মনৰ হেপাহ পলাম। শুনা, বুইছা যেতিয়া মোক
বিয়া দিছিল তেতিয়া মই বিয়া কাক বোলে নেজানো!
বিয়া দিয়াৰ চাৰি পাচ মাহৰ মূৰতে মোৰ স্বামী মৰে।
তেতিয়া মোৰ বয়স ১২, মোৰ আই বোপায়েও তাৰ অলপ
দিনৰ পিচতেই ইহ সংসাৰ পৰিত্যাগ কৰে আৰু মোক
পোহ-পাল কৰা কেৱেই নাইকিয়া হয়। বংশৰ দুই এজনে
খা-খবৰ লয় আৰু মাজে সময়ে নিৰ্মলচন্দ্ৰয়ো বুজ লয়
আৰু এইদৰেই মোৰ জীৱন যাবলৈ ধৰে।
|
| ভাৰতী—
|
উস্, একে পথৰে পথিক! অত দিনে তুমিতো মোক
কোৱা নাই। তাৰ পিচত কোৱাচোন।
|
| প্ৰমীলা—
|
এতিয়া মোৰ লৰালি কালৰ ওৰ পৰিল, এতিয়া
মই ভাল পোৱা কাক বোলে, প্ৰেম কাক কয় আৰু স্বামী
কি হস্ত মই অনুভৱ কৰিবলৈ ধৰিলো। বয়সৰ লগে লগে
মোৰ হৃদয়ত নানা কথা সোমাবলৈ ধৰিলে। তুমি
বেয়া নেপাবা আৰু বাধা নিদিবা!মোৰো জানো সুখ
আৰু কামনা নাই? মোৰো জানো হৃদয় নাই? মই কি
সুখ ভোগ কৰিবলৈ ইচ্ছা নকৰো? মই কি এইদৰেই
আজীবন সকলো সুখ বিসৰ্জন কৰি দুখকে মাথোন
আকোৱালি ধৰি থাকিম।
|
| ভাৰতী—
|
তোমাৰ আৰু উপায় নাই। তুমি ব্ৰাহ্মণৰ ছোৱালী
|
|
|
—তোমাৰ স্বামীৰ চৰণ চিন্তাৰ বাহিৰে আৰু গতি নাই। তুমি বাৰু কি কৰিবা!
|
| প্ৰমীলা—
|
কেলেই? দ্বিতীয়বাৰ বিবাহ কৰাব নোৱাৰিমনে? পুৰুষে যে স্ত্ৰীৰ মৃত্যুৰ নৌ চাৰি দিন হওতেই পুনৰ বিবাহ কৰাব পাৰে তিৰোতাই নো কিয় নোৱাৰিব?
|
| ভাৰতী—
|
শুনা, পুৰুষ যি বিলাকে পুনৰ বিবাহ কৰে সেই বিলাকে তেওঁবিলাকৰ ঘৰ নচলাৰ বাবে, আৰু লৰা-ছোৱালী নেথাকিলে পুত্ৰ-মুখ দৰ্শন কৰি নৰকৰ পৰা উদ্ধাৰ হবৰ কাৰণেহে কৰে।
|
| প্ৰমীলা -
|
পুত্ৰ নহলে তিৰোতাই নো নৰকৰ পৰা উদ্ধাৰ পায় কেনেকৈ? আৰু অনেকক দেখিছো লৰা-ছোৱালী নেলাগে নাতি-পুতি হওতেও বিয়া কৰায়। সেই বিলাক একা?
|
| ভাৰতী—
|
যি বিলাকে ইমান সুবিধা থকা সত্ত্বেও বিয়া কৰায় সেই বিলাকে অৱশ্যে ইন্দ্ৰিয় পৰিতৃপ্তিৰ কাৰণেই কৰায়?
|
| প্ৰমীলা—
|
পুৰুষে যেতিয়া ইমানবোৰ সুবিধা থকাতো বিয়া কৰায় তিৰোতাই নোৱাৰিব কিয়?
|
| ভাৰতী—
|
আজি কালি শুনিছো — বিধবা বিবাহ চলাবৰ কাৰণে বৰ যত্ন চলিছে কিন্তু হৈ উঠা নাই, —আৰু ব্ৰাহ্মণ পণ্ডিত সকলেও ভাল নেদেখে।
|
| প্ৰমীলা —
|
যদি শাস্ত্ৰত নাই তেন্তে এতিয়াও শুধৰাই ললেই হয়। শাস্ত্ৰতো আগেয়ে মানুহে হে কৰিছিল।
|
| ভাৰতী—
|
কাঁহৰ বাচন ভাগিলে পুনৰ সাঁচত নিদিয়ে মানে
|
|
|
তাক জোৰাব নোৱাৰে। নতুন ব্যৱস্থা কৰিবলৈ তেনে
মানুহ ওলোৱা নাই। অৱশ্যে তুমি ইচ্ছা কৰিলে এনেয়ে
এজনলৈ যাব পাৰিবা, কিন্তু সমাজত—
|
| প্ৰমীলা—
|
তুমি তেনেহলে বাল্য বিধবাৰ পুনৰ বিবাহ হোৱাত
সহানুভূতি নেদেখুউৱা? তুমি মোৰ নিচিনা কম বয়সীয়া
বিধবাৰ দুখ কেনেকৈ বুজিবা? চোৱাচোন, ভাল অলঙ্কাৰ-
পাতি পিন্ধিব নোৱাৰো, সেন্দুৰ ল'ব নোৱাৰা, ভাল
কাপোৰ-কানি পিন্ধিব নোৱাৰো মাছ-মাংস যাব নোৱাৰো।
পুৰুষন হলে এইবোৰ বাধা-বিযিনি একোৱেই নাই আৰু
পুনৰ বিয়া কৰাব পাৰে কিন্তু ডিৰোতাই নোৱাৰে।
পুৰুষৰ যিমান বাৰ ইচ্ছা বিয়া কৰাবলৈ শাস্ত্ৰত লিখিলে
কিন্তু তিৰোতাৰ বেলিকা হলে সেই নিয়ম নেথাকে।
এই বিলাক পুৰুষবিলাকৰ স্বাৰ্থপৰতা নহয়নে?
|
| ভাৰতী—
|
সমাজত আগৰে পৰা এইদৰেই চলি আহিছে।
|
| প্ৰমীলা —
|
বোধ কৰো পঢ়িছা – তাৰা, মন্দোদৰী আদি যি
বিলাকৰ নাম নলেও মহাপাপ নাশ হয় তেওঁবিলাকেও
পুনৰ বিয়া কৰাইছিল। তথাপিও তুমি কোৱানে যে
দ্বিতীয়বাৰ পতি বৰণ বিধি-সঙ্গত নহয়?
হত ভাগিনী বিধবা! তাইৰ কৰ্তব্য মাথো নন্দেক আদিৰ পদসেৱা
পুৰুষে বুঢ়া কালতো একোজনী সৰু ছোৱালী বিয়া
কৰাব পাৰে৷ কিন্তু স্বামী কাক বোলে নাজানে, এনে
এজনী ছোৱালীয়ে বিধবা হলে পুনৰ পতি বৰণ কৰিব
|
|
|
নোৱাৰে। এয়েই সমাজৰ নীতি! ধিক ধিক এনে সমাজ। কেলেই পুৰুষৰ দেহ যেনেকৈ ৰক্ত মাংসৰে গঠিত আমাৰোতো তেনে দেহাই।
|
| ভাৰতী —
|
তুমি বিধবা হৈ এনে কথ৷ কলে মহা পাপ হব।
|
| প্ৰমীলা—
|
কি কোৱা! মা পাপ হব?
|
| ভাৰতী —
|
পাপ নহলেনো হিন্দুৱে এনে কঠোৰ নিয়ন কৰি
ৰাখিব কিয়?
|
| প্ৰমীলা —
|
হিন্দুৰ নাম নুমাব, ব্ৰাহ্মণ জাতি ধ্বংস হব। তিনিকুৰি বছৰীয়া বুঢ়ায়ো একোজনী বিয়া কৰাইছে ইও কি সহ্য! তেনেহলে বিয়া নুবুলিবা— "বিয়া পাগল বুঢ়াৰ বিয়া বুলিবা।”
|
(এনেতে কেনোত্তম দেউৰ প্ৰবেশ)
| পুৰুষ—
|
( নেপথ্যত) ঘৰত কোনোবা আছেনে?
|
| প্ৰমীলা—
|
( ডিঙি মেলি চাই) বুঢ়া এজন আহিছে। আহক
ইয়ালৈকে সোমাই আহক।
|
| পুৰুষ —
|
(প্ৰবেশ কৰি) আইহঁত চিৰজীবী হোৱা।
|
| প্ৰমীলা—
|
হয়নে আপ! আপোনাৰ কোন কোন আছে?
|
| পুৰুষ—
|
কেও নাই, আইদেউ! মই অকলশৰীয়া। দিন হল মোৰ তিৰুতা মৰা, তাৰ পৰা আৰু বিয়া কৰাবকে পৰা নাই টকা পইচাৰ অভাব আইদেউ।
|
| পুৰুষ—
|
চিনিব পৰা নাই জানো? মই ব্ৰাহ্মণ। অৱস্থা বেয়া দেখি মাজে সময়ে এই দৰে ফুৰো। মোৰ বহুত সম্পত্তি আছিল পিছে সকলোবোৰ চুৰ কৰি নিলে! মই ভাল বামুণৰ ঘৰৰে পৰা আছিলো, পিচে অভাৱৰ নিমিত্তেই ঘৰখন আকৌ পাতিব নোৱাৰিলো।
|
| প্ৰমীলা —
|
আপুনি এই বুঢ়া বয়সতনো আকৌ কিয় বিয়া কৰাব খুজিছে?
|
| পুৰুষ—
|
অকলশৰীয়া দেখিছাই নহয়, তাতে ঘৰখনো নচলে, আইদেউ।
|
| প্ৰমীলা —
|
কি নিয়ম কি দেশাচাৰ! এই তিনিকুৰি বছৰ বয়সতো বুঢ়াই পুনৰ বিবাহৰ কাৰণে আশা কৰিছে আৰু সেই আশা পূৰণ কৰিবলৈ সমাজৰ বাট মুকলি। এয়ে সমাজ! সমাজ একেবাৰে ধ্বংস হ'ল।
|
| পুৰুষ—
|
কি হব আইদেউ? তোমাৰ দেখোন বৰ খং।
|
| প্ৰমীলা -
|
যদিহে নিতান্তই আপোনাৰ বিয়া কৰাবলৈ ইচ্ছা আছে, তেন্তে আপোনাৰ যুটীয়া বিধবা এগৰাকী বিয়া কৰাব পাৰিলে বেয়া নহয়।
|
| পুৰুষ—
|
( কাণত আঙ্গুলি দি ) শ্ৰীবিষ্ণু। শ্ৰীবিষ্ণু! এনে কথা নকবা আইদেউ! তুমি চাগৈ বামুণী ছোৱালী নোহোৱা, সেই বাবেহে এনে কথা এনে কথা কৈছা।
|
| ভাৰতী—
|
দেউ নাযাব, ৰব। অলপ দক্ষিণা ধৰক।
|
(ভিতৰলৈ গৈ দক্ষিণা আনি দেউক দিন প্ৰধান কৰে)
(প্ৰমীল৷ আৰু ভাৰতীৰ প্ৰস্থান)
| পুৰুষ—
|
এই জনীনো কাৰ ছোৱালী অ'? (প্ৰস্থান )
|
৬ষ্ঠ দৃশ্য—মাজবাট
(তলমূৰ কৰি গুণি গুণি পুৰুষোত্তম দেউৰ প্ৰবেশ)
| পুৰুষ--
|
উস্! উস্! এই ছোৱালী জনীয়ে মোক বিধবা বিবাহ কৰাবলৈ কয়। ইমান সাহ! নাই, নাই, দেশ একেবাৰেই তললৈ গল। সৰু ডাঙৰ একো নমনা হল। মই ভাবোতে ছোৱালীজনী বিধবা হব পায়। নহলে তাইৰ মুখত এনে কথা নোলায়। সিহঁতে আমাৰ সমাজৰ একো বান্ধ নাইকীয়া হল বুলি ভাবিছে। এনেকৈ ভাবিবলৈ গলে কিহৰনো সমাজ। এই চকুৰে দেখোতেই আমাৰ আপুদেৱে নাম ঘৰত বৰ শৰাই খাইছিল। পিচে এতিয়া মোক আগপাত এখন দিও নোসোধা হল। কিন্তু মধুৰামে হলে কেচাৰীত চৰকাৰী কাম কৰাৰ বাবেই আগধৰি শৰাইখন পায়। উস্ উস্ এই ৰজাৰ দিনত আমাৰ সাতাম পুৰুষীয়া
|
|
|
মান ভাগৰ কথাৰো বিচাৰ নোহোৱা হ'ল উপাধি
নোহোৱা বোৰেও “বৰুৱা ফুকন" লেখা হল! এইটোহে
টান লাগিছে। সমাজখন আকৌ ভালকৈ গঢ়িব
নোৱাৰিলে সকলো ৰসাতললৈ যাব।
|
| গনেশ—
|
কি হ'ল দেউ? কাৰ সৈতেনো কথা পাতিছে?
এইদৰে অকলে অকলে কথা পাতি ফুৰা দেখিলে
মানুহে আপোনাক বলিয়া বুলিব চাব।
|
| পুৰুষ—
|
আমাৰ সমাজৰ একেবাৰে বান্ধ নাইকিয়া হৈছে।
|
| পুৰুষ—
|
ভাল বুধিছ, বোপাই! ছোৱালী এজনীয়েও নোক
বিধবা এজনী বিয়া কৰাবলৈ কয়।
|
| গনেশ —
|
( হাঁহি ) ভাল কৈছে; পাৰিলে আনক এজনী।
|
| পুৰুষ—
|
হেৰ বৰ সাহ দেখোন। তয়ো সিহঁতৰে ফলীয়া।
কটা, সমাজ নাইকিয়া বুলি ভাবিছনে কি?
|
| গনেশ—
|
থোৱা, থোৱা, তোমাৰ সমাজ। সিদিনা মই তৰাজুলি
বাগিছালৈ—আমাৰ গাৱঁৰ লক্ষীধৰ শৰ্ম্মা কেৰাণী থকাৰ
বাবে গৈছিলো। মই গৈ দুপৰীয়া ওলালত তেওঁ ভৰং কৰে
ওলাই আহি দেখা দিলত মই প্ৰথমে উচাপ খাই উঠিলো।
|
| পুৰুষ—
|
হেৰ এই দিন দুপৰতে উচাপ খালিনে?
|
| গনেশ—
|
কি দেখিম! সেই আঁচ-বাঁচ গৰীয়াই পিন্ধা মেখেলা
খন পিন্ধি ওলালহি তেওঁ, মই আৰু দেউ! ভাল
কৰিলো, ভুলকৈ কেৰেণীৰ ঘৰ বুলি কৰবাতহে সোমা-
লোহি ভাবি তেনেই অপ্ৰস্তুত হলো। কিন্তু মুখৰ ফালে
চাই দেখিলো আমাৰ সেই লক্ষীধৰহে!
|
| পুৰুষ—
|
হেৰ পোন্ধো এৰিলেনে?
|
| গনেশ—
|
ভাল কৈছে, দেউ! আৰু বা কি!
|
| পুৰুষ —
|
এৰা, এৰা, বোপাই, আমাৰ আৰু বামুণৰ নিয়ম
একেবাৰে গ'ল।
|
| গনেশ—
|
পিছেনো এতিয়া যায় কোন ফালে?
|
| পুৰুষ—
|
শুনিবলৈ পাইছো— আজি ধনীৰামৰ প্ৰায়শ্চিত্তৰ
দিন। পাৰিলে তাৰ পৰাই পাক এটা মাৰি আহোগৈ?
|
| গনেশ—
|
দেউ, সেইটো বিধবাত পতিত হৈয়ো ভাল হবনে?
পুৰুষ—নহয় বোপাই, বিধবা চুৰুণীয়ে তাকে চোৰ বুলি
ভালকৈ প্ৰমান দিব পৰা নাই।
|
| গনেশ —
|
এৰা, তাতে আমাৰ হৰেশ্বৰ পণ্ডিতো সেই খেলত
সোমাল। তেখেতে প্ৰায়শ্চিত্তৰ বিধান দিয়াত বৰ ওস্তাদ।
আন বোৰতকৈ তেওঁ এই পালিত বৰ কোব দেখো।
|
| পুৰুষ—
|
শাস্ত্ৰৰ মত লৈহে বিধান দিব পাৰে। তহঁতে সেই
বোৰ কথা কেনেকৈ বুজিবি।
|
| গনেশ—
|
বাৰু যাওকগৈ দেউ বেলি হব। নহলে যে তাৰো
মুদা মৰিব।
|
| পুৰুষ—
|
এৰা, যাওহে বোপাই। ( যাব খুজি আঁতৰলৈ চাই )
সৌৱানো কোন আহিছে?
|
|
|
( দুয়ো সেই কালেই চাই থাকে এনেতে হীৰালালৰ প্ৰবেশ )
|
| হীৰালাল—
|
হেৰা ককাইহঁত, তোমালোক কৰ মানুহ আৰু
কলৈ যোৱা?
|
| গনেশ—
|
এৰা বাবু, মই বজাৰৰ ফালে গৈছিলো। আমাৰ
ঘৰ সৌৱা।
|
| হীৰা—
|
সেইবোৰ সূতা আনিছানে কি?
|
| গনেশ—
|
হয়, অলপ গুণাও আনিছো। পিচে গুণা মোৰ
নহয়— লোকৰ হে।
|
| হীৰা—
|
কেনেকুৱা গুণানো আনিছা দিয়াচোন বাৰু চাওঁ।
|
| গনেশ—
|
আপুনি কি চিনি পাব! এইয়া, চাওক বাৰু-
( গুণা দেখুৱায় )
|
| হীৰা—
|
মোক জানো চিনি নোপোৱা মই উইভিং- মাষ্টৰ
নহয়। ভাল কৰি তোমালোকৰ ঘৰত কানি কাপোৰ
ববলৈ সুবিধা কৰি দিবা। চোৱাচোন বিদেশী কাপোৰে
আমাৰ কিমান ধন নিছে?
|
| গনেশ—
|
আমাৰ কাপোৰ বোৱা চলেই। পিচে এইবোৰ
সূতা বৰ কাপোৰৰহে। গ্লণা বোৰহে কেনেকুৱা জানো।
লোকৰ বস্তু আনি বদনামতে পৰিব লাগেনে কিয়েই!
|
| গনেশ—
|
এ সেই নিৰ্ম্মলচন্দ্ৰই আনিবলৈ দিছিল, পিচে
তেওঁৰো নহয়। আমাৰ গাৱঁৰ সেই প্ৰমীলা বোলা
ছোৱালী জনীৰহে।
|
| হীৰা—
|
তুমি নিৰ্ম্মলচন্দ্ৰক চিনি পোৱানে কি?
|
| হীৰা—
|
এই গুণা তেন্তে তুমি প্ৰমীলাৰ কাৰণেহে আনিছা,
নহয়নে? ( স্বগত ) যিহকে বিচাৰো তাকে পাইছো।
( প্ৰকাশ্যে ) ভালেই হৈছে; ময়ো তালৈকে যাবলৈহে
আহিছো। গুণা খিনি ময়েই লৈ যাব পাৰিম। তেওঁ
চাগৈ গুণালৈ বাট চাইয়ে আছে। কাৰণ আজি কেবা
দিনৰ আগতে মই তালৈ যাওঁতেই তেওঁৰ কাপোৰত
ফুল দিবৰ হৈছিল। ছোৱালী জনীৰ বুদ্ধিতো হলে বৰ
ভাল দেও। এবাৰ দেখুৱালেই টপ কৰে ধৰি লয়।
তাৰ উপৰি কথা-বতৰা বোৰো বৰ ভদ্ৰ। বোধ কৰো
সৰুৰে পৰা ভাল শিক্ষা পাইছিল।
|
| গনেশ—
|
হয়, পিচে কপাল ফুটা।
|
| হীৰা—
|
ছোৱালীটি বেয়া নহয়। তেওঁ বিয়া নকৰাইনে
আকৌ?
|
| পুৰুষ—
|
কি কোৱা বোপা! তুমি এই দেশৰ নহয়নে কি?
বিধবাৰ আকৌ বিয়া হয়নে? ব্ৰাহ্মণৰ ছোৱালী, এনে
কথা নকবা। বোধ কৰো তুমি বাহ্মণ নহয়।
|
| গনেশ—
|
তেখেতে একো বেয়া সোধা নাই। আজিকালি
বিধবা বিবাহ চলাব খুজিছে নহয়;বহুতে তাত মতো
দিছে।(হীৰালৈ চাই )এৰা, আমিও শুনিছো,
নিৰ্ম্মলে তেনা বিধবা বিবাহ কৰাব, আৰু সমাজত
বিধবা বিবাহ চলাবলৈ যত্ন কৰিব।
|
| পুৰুষ—
|
কি কোৱা? নিৰ্ম্মলচন্দ্ৰই বিয়া কৰাব! তই
দেখোন পৃথিবীত ধৰ্ম-কৰ্ম নোহোৱা
কথা কৱ। তই সমাজ নাই বুলি ভাবিছনে কি? কটা পাষণ্ড, এনে
কথা নকবি। উস্ উস্ এনে কথা শুনিব নেপায়।
( উচাৎ মাৰি গুচি যায় )
|
| গনেশ—
|
যোৱা, যোৱা, মৰিবলৈ মাথোন চাৰিটা দিন আছে
তেওঁ হলে এতিয়াও বিয়া কৰাবলৈ হামৰাও কাঢ়ি ফুৰিব
পায়। আনৰ কথা শুনিলেহে খেপ লাগে।
|
| হীৰা —
|
পিচে হেৰা, তোমাক এটা কথা সোধোচোন। তুমি
মোক অলপ উপকাৰ কৰিবানে?
|
| গনেশ—
|
আমিনো আপোনাক কিহৰ উপকাৰ কৰিব পাৰো?
বাৰু তেওঁ কওকচোন- কিবা বিপদত পৰিছেনে কি?
|
| হীৰা—
|
তেনেকুৱা একো হোৱা নাই। সেই ছোৱালীজনী
ময়েই বিয়া কৰাও সুবিধা কৰি দিয়া।
|
| গনেশ—
|
( অলপ ভাবি ) আপুনি জানো তাইক বিয়া
কৰাব পাৰিব? ছোৱালীজনী বৰ বুধিয়ক! আমি কেবা
জনেও তলে তলে শুনিবলৈ পাইছো নিৰ্ম্মলেই তাইক
|
বিয়া কৰাব। সেই গুণে বামুণৰ লৰাটো নষ্ট হোৱাতকৈ
আমি এটা বুদ্ধি পাঙিছিলো।
হীৰা—কিনো বুদ্ধি কোৱাচোন।
| গনেশ—
|
এইবোৰ উৎপাত হোৱাতকৈ তাইক নি ভোমোৰা-
গুৰী বাগিচাৰ মেনেজাৰ চাহাবকে দিবলৈ
কৰিছিলো। চাহাবটোৰ মেমো নাই। সেই গুণে সি
এজনী অসমীয়া ছোৱালীকে বিচাৰিছে। যিয়ে দিব
পাৰিব তাক হেনো কাম-কাজ এটাও দিবা।
|
| হীৰা—
|
তোমালোকে তেনে কাম নকৰিবা। মোক বন্দবস্ত
কৰি দিবা, ময়েই যি হয় দিম।
|
| গনেশ—
|
কোনো কথা নাই। ( স্বগতঃ ) ভাল দাওঁটো
পাইছো। কেনে হয় চাওঁ। নিৰ্ম্মলৰো মুদা মৰিব।
( প্ৰকাশ্যে) চাহাবক দিয়াতকৈ আপোনাকে আনি দিম।
কোনো কথা নাই। আপুনি সেই বিষয়ে
চিন্তাকে নকৰিব।
|
| হীৰা—
|
বাৰু,এতিয়া যাওঁ। মই আকৌ আহিম। ( যাব
খুজি ) অ' গুণাখিনি মোক দিয়া।
|
| গনেশ—
|
যদি নিৰ্ম্মলে বিচাৰে, তেন্তে কি কম?
|
| হীৰা —
|
ইয়াৰনো দাম কিমান?
|
| গনেশ—
|
বেচি নহয়; চাৰি টকা আঠ অনা।
|
| হীৰা —
|
হোৱা তেন্তে। এইয়া টকা লোৱা। ( জেপৰ পৰা
টকা উলিয়াই দিয়ে) টকাকে তেওঁক দি দিবা আৰু
|
|
|
গুণা আনিবলৈকে পাহৰিলা বুলি কৈ দিবা।
মোৰ কথা আকৌ নকবা দেই। মই এতিয়া যাওঁ।
তোমাৰ ওচৰত আকৌ ওলামগৈ।( প্ৰস্থান )
|
| গনেশ—
|
বাৰু যাওক, হক বাপেকে থিতাতে আজি পাঁচ
মহা লাভ হল। জোৰণিটো বেয়া হোৱা নাই; এওঁৰ
পৰা আৰু সৰকাৰ পৰা যাব। ( প্ৰস্থান )
|
| প্ৰমীলা—
|
( স্বগতঃ ) আজি অত দিন হল, তেখেতক গুণা
আনিবলৈ দিয়া- আজিলৈকে নাপালো। আগেয়ে
হওঁতে কোনো বস্তু আনিবলৈ দিলে ইমান দেৰি
নকৰে। এই বাৰহে তাতখন বান্ধতে থাকিব লগা হল।
|
|
|
অ' মাষ্টৰ বাবু! আহক। আপুনি আজি আৰু বেয়াহে
পাব। আজিলৈকে কাপোৰ খনত ফুলকে দিব পৰা
নাই মাথোন গুণাৰ অভাৱত। মোৰ হলে পাঁচ বাটি
ব-ৰে বোৱা মোৰটো শিকি বৰ ভাল লাগিছে। কাপোৰ
খনো বৰ ভাল হয়।
|
| হীৰা —
|
গুণাৰ নিমিত্তে যদি দিগদাৰ হৈছে, মোৰ হাততো
অলপ গুণা আছে। লাগিলে তাকে দিব পাৰো।
মোক আন এঘৰ মানুহে আনিবলৈ দিছিল। হোৱা
এইয়াকে লোৱা।
|
| প্ৰমীলা—
|
তেওঁবিলাকৰ আকৌ দিগদাৰ হব নহয়।
|
| হীৰা—
|
তেওঁবিলাকৰ এথোন গুণা দিবৰ হোৱা নাই। তুমি
ইয়াকে লোৱা।
|
| প্ৰমীলা—
|
মোৰ হাতত এতিয়া ধন নাই। যি আছিল গুণা
আনিবলৈকে দিলো। সেই বাবে আপোনাৰ গুণা
নেলাগে, মাষ্টৰ বাবু।
|
| হীৰা—
|
পইছাৰ কাৰণে একো চিন্তা কৰিব নেলাগে। নোক
এতিয়া পইছা নিদিলেও হব।
|
| প্ৰমীলা —
|
আপুনি ধনৰ নিমিত্তেই দেশ এৰি বিদেশত চাকৰি
কৰিছেহি। মই আকৌ আপোনাৰ ধন লৈ লাগে
যদি দিবকে নোৱাৰিম; তেতিয়া আপোনাৰো দিগদাৰ
হব নহয়।
|
| হীৰা—
|
নহয়, মই অকলশৰীয়া মানুহ মোৰ তেনেকুৱা
গৰজ নহয়। কাকো মই দিবও নেলাগে। মই বিয়াকে
কৰোৱা নাই।
|
| প্ৰমীলা —
|
( অলপ ভয় কৰি ) সৰ্ব্বনাশ! ইপিনে
মাষ্টৰেও বেয়া পাব। নিৰ্ম্মলেও বা কয় কি। (প্ৰকাশ্যে)
মাষ্টৰ বাবু, মোক আজি গুণা নেলাগে। এই কেইদিন
|
|
|
তাঁত খন বান্ধতে আছে। মোৰো গা বৰ ভাল নহয়।
পিচত গা ভাল পালে খবৰ খাতি লৈ ময়েই আনিমগৈ?
|
| হীৰা—
|
আইদেউ! বেয়া পাইছানে কি?
|
| হীৰা—
|
আইদেউ! নমতা হলা দেখোন? তোমাৰ দুখ দেখিলে
বেয়া লাগে আৰু তোমালৈ মোৰ বৰ মৰম লাগে।
তুমি নেজানা তোমাক যে মই কিমান ভাল পাওঁ।
|
| প্ৰমীলা—
|
আপুনি এনে কথা নকব। মইনো আপোনাক
কি উপকাৰ কৰিছো।
|
| হীৰা—
|
তুমি অসন্তষ্ট হৈছা কিয়? বেজাৰ কৰিছা কিয়?
তোমাক যে মই ভাল পাওঁ।
|
| প্ৰমীলা—
|
আপুনি এনে কথা নকব। আপুনি ইয়াৰ পৰা
গুচি যাওক, মোৰ এতি আপোনাৰ ব্যৱহাৰ ভাল হোৱা
নাই।
|
| হীৰা—
|
ক্ষমা কৰিবা, তুমি যে মোৰ সৰ্ব্বস্ব। মই তোমাৰ
কাৰণে প্ৰাণত্যাগ কৰিবলৈকো কুণ্ঠিত নহওঁ।
|
| প্ৰমীলা —
|
আপোনাৰ এনে দুৰ্বলতাৰ কথা শুনি বৰ বেয়া
পালো। তুচ্ছ এজনী অৱলাৰ কাৰণে আপুনি প্ৰাণ
ত্যাগ কৰিব নালাগে।
|
| হীৰা—
|
প্ৰমীলা, তুমি বুজিব পৰা নাই মোৰ এই হিয়াৰ
ফলিত তোমাৰ এই ৰূপ মাধুৰী কি দৰে অঙ্কিত হৈছে।
প্ৰমীলা, তোমাৰ সেই ৰূপ লাৱণ্য মোক এবাৰ হিয়া
|
|
|
ভৰি ভোগ কৰিবলৈ দি মোৰ হৃদয়ৰ যন্ত্ৰণা দূৰ কৰা।
প্ৰমীলা, সঁচাকৈয়ে কোৱাচোন ভূমি মোৰ হবানে?
|
| প্ৰমীলা—
|
( খঙেৰে ) যি কথা আজিলৈকে মোক কোনেও
কবলৈ সাহ পোৱা নাই তেনে কথা আজি তই মোক
শুনালিহি। এই নিতান্ত নৰ পিশাচ। ধৰ্মাধৰ্ম জ্ঞান-
শূণ্য নহলে এনে কথা তই মোক নুশুনালিহিহেঁতেন
তোৰ কি দয়া ময়া নাই, এই নিঃসহায় অৱলাক যে এনে
নিষ্ঠুৰ ব্যৱহাৰ কৰিছ। (স্বৰ্গতঃ) হায় নিৰ্ম্মল! এই
সময়ত তুমি ক'ত! দুখীনীৰ বিপদ এবাৰ নিজ চকুৰে
চাই যোৱাহি। আজি এই অভাগীনীৰ অমূল্য সতীত্ব
ৰত্ন হেৰাবৰ উপক্ৰম। হে ভগৱান, মোক ৰক্ষা কৰা।
( প্ৰকাশ্যে ) মই তোৰ প্ৰেম ভিক্ষাৰিণী নহওঁ। বৰঞ্চ
মই তোৰ ছাত্ৰী। ছাত্ৰীৰ প্ৰতি গুৰুৰ ব্যৱহাৰ এয়েনে?
|
| হীৰা—
|
প্ৰানেশ্বৰী, মোৰ প্ৰাণৰ পুতলী, তুমি সেইবোৰ গুৰু
ছাত্ৰীৰ কথা বাদ দিয়া। তুমি মোৰ হৃদয় অধিকাৰ
কৰিছা - এতিয়া ইবোৰ সিবোৰ গালে কেনেকৈ হব?
( থাপ মাৰি প্ৰমীলাৰ কাপোৰত ধৰে আৰু প্ৰমীলাই
কান্দিবলৈ ধৰে )
|
| প্ৰমীলা—
|
হেৰ নৰাধম! ব্ৰাহ্মণৰ কন্যা মই—তোৰ মাতৃৰ
নিচিনা। ভালে ডালে তই মোৰ কাপোৰ এৰি দে।
পুত্ৰ হৈ মাতৃৰ প্ৰতি এনে অনাচাৰ।
হে পিতা! এবাৰ
আহি চাই যোৱাহি তোমাৰ আদৰৰ প্ৰমীলাৰ
|
পাষণ্ডৰ হাতত পৰি কি দুৰ্গতি হৈছে। ( খঙেৰে ) এৰি
দে পাষণ্ড! নহলে তোৰ বুকুত এই ছুৰি বহুৱাই দিন,
কিম্বা নিজৰ ডিঙিতে ৰেপ দিম।
| হীৰা―
|
( ব্যস্ত হৈ; একো নকৰিবা, একো নকৰিবা—
মই যাওঁ।
|
| প্ৰমীলা—
|
হে ভগবান! আজি তুমি সাক্ষী হবা। এই বিপদ
সঙ্কুল সংসাৰ নিৰাশ্ৰয়া অবলাৰ ঠাই নহয়। আজি
মই নিজ হাতে নিজৰ বুকুত এই ছুৰি বহুৱাই এই
সংসাৰৰ হাত সাৰিম। হায় নিৰ্ম্মল এই সময়ত
তোমাক দেখা নেপালো। যাও, আৰু এই জনমলৈ
তোমাৰ ওচৰত বিদায়।
|
|
|
(প্ৰমীলাই বুকুত চুৰি মাৰিব খোজে এনেতে নিৰ্ম্মল
আহি থাপ মাৰি প্ৰমীলাৰ হাতৰ পৰা চুৰিখন কাঢ়ি
লয়। )
|
| নিৰ্ম্মল—
|
কি কাণ্ড কৰিব খুজিছিলা প্ৰমীলা?
|
| প্ৰমীলা—
|
অ' আপুনি! কেতিয়া আহিল?
|
| নিৰ্ম্মল—
|
এই মাত্ৰ আহিছো আৰু তোমাৰ কাণ্ড দেখি
অবাক হৈছো। তোমাৰ আজি
কি হৈছে? আত্মহত্যা কৰিবলৈ উদ্যত হৈছিলা কিয়?
আৰু তুমি কান্দিছা কেলৈ?
|
| নিৰ্ম্মল—
|
তুমি ইমান কাতৰ কিয়?
|
| প্ৰমীলা —
|
নিৰাশ্ৰয়াৰ মৰণেইহে মঙ্গল। আজি এটা পাষণ্ডই
মোৰ সতীত্ব নষ্ট কবিলৈ ওলাইছিল।
|
| নিৰ্ম্মল—
|
কোন সেই পাপিষ্ঠ? প্ৰমীলা তাৰ নাম কি কোৱা।
মই তাৰ সমুচিত প্ৰতিফল দিম। নহলে মোৰ এই
জীৱন ধৰাই অসাৰ। কোন - প্ৰমীলা, কোন সেই দুৰাত্মা?
|
| প্ৰমীলা —
|
হীৰালাল মাষ্টৰ।
|
| নিৰ্ম্মল—
|
হীৰালাল। হীৰালাল! তাৰ ইমান সাহনে? তোমাক
আহি ঘৰতে এনে অপমান কৰেহি। উস্ যদি অলপ
আগতে পালোহিহেঁতেন তেন্তে আজি তাৰ তেজেৰে
হাত ৰাঙলী হলহেঁতেন। শুনা প্ৰমীলা, যেতিয়ালৈকে
সেই নৰাধমক ইয়াৰ প্ৰতিশোধ দিব নোৱাৰো তেতিয়া-
লৈকে মই নেৰিছো, ই ধুৰুপ জানিবা। এতিয়া মই যাওঁ।
(যাব খোজে )
|
| প্ৰমীলা —
|
আপুনি এই হতভাগিনীৰ নিমিত্তে আপোনাৰ এই
হেন অমূল্য জীৱন বিপদত পেলাব নেলাগে!
বিপদ আপদ মোৰ চিৰ লগৰীয়া, মোৰ ভাগ্যত যি আছে
সেয়েই হব।
|
| নিৰ্ম্মল—
|
তুমি বেজাৰ নকৰিবা। মই প্ৰতিজ্ঞা কৰিছো সেই
পাষণ্ডক তাৰ দুষ্কৰ্ম্মৰ প্ৰতিফল দিহে এৰিম।
|
| প্ৰমীলা—
|
মোৰ কাৰণে ইমান দুখ কষ্ট সহ্য কৰিবলৈ আপুনি
কিয় ওলাইছে? মই দুৰ্ভগীয়া জীৱ- মোৰ কাৰণে
কিয় কষ্ট কৰিব লাগিছে?
|
| নিৰ্ম্মল —
|
তোমাৰ দুখ দেখি মোৰ বেয়া লাগিছে। তাতে
তুমি নিৰাশ্ৰয়া। পিছে মই আজি এটা কথা
সোধো যদি মোৰ ভুল হয় তেন্তে ক্ষমা কৰিবা। তুমি
পুনৰ বিবাহ কৰাবলৈ ৰাজী হবানে?
|
| নিৰ্ম্মল—
|
যদি এই কথা সোধাত বেয়া পাইছা, তেন্তে মোক
ক্ষমা কৰিবা।
|
| প্ৰমীলা—
|
ক্ষমা! ক্ষমা কৰিবলৈ আপুনিতো একো দোষৰ
কথা কোৱা নাই। মই ৰাজী হব পাৰো যদি পুৰুষৰ
ভিতৰত শ্ৰেষ্ঠ পাওঁ।
|
| নিৰ্ম্মল—
|
বেচ! মই তেন্তে বিচাৰিবলৈ যত্ন কৰো।
|
| প্ৰমীলা—
|
আপুনি যদি দয়া কৰে—
|
| নিৰ্ম্মল—
|
মই তোমাৰ কাৰণে উপযুক্ত পাত্ৰ বিচাৰিম, সেই
বাবে তুমি কোনো চিন্তা নকৰিবা। মই এতিয়া যাওঁ।
|
| প্ৰমীলা —
|
এখন্তেক ৰ'ব, মই বেগেতে আহিম। ( প্ৰস্থান )
|
| নিৰ্ম্মল—
|
( অকলে অকলে ) হে অভিমানী ভাৰত সন্তান!
যদিও তোমালোকে নকলি চাহাব সাজি কোট পেন্ট
পিন্ধি টেবুলৰ ওপৰত কাটা চামুচেৰে আহাৰ কৰিবলৈ
শিকিলা কিন্তু তোমালোকে ইংৰাজৰ গুণ খিনি গ্ৰহণ
কৰিব পৰা নাই। তোমালোকে মাথোন বিধবা বিবাহৰ
কথা কলে নাক কোচাই ক'ব জানা যে আমাৰ চৈধ্য
পুৰুষে বিধবা বিবাহ কৰোৱা নাই। মদ খোৱাৰ কথা
|
|
|
কলে “মদ বৰ ভাল বস্তু, সুসভ্য ইংৰাজ জাতিৰ বৰ
আদৰৰ সামগ্ৰী” বুলি তাকে খাই মনুষ্যত্ব হেৰুৱাই বেশ্যাৰ
ঘৰত কাল যাপন কৰিব পাৰা, তেতিয়া চৈধ্য পুৰুষৰ
নীতি নিয়ম ঠেঙৰ তলত। ধিক সমাজ! এনেবোৰ
কুসংস্কাৰ আঁতৰাবলৈ একেবিও যত্ন নাই। আজি মই
তোমালোকৰ কুলাঙ্গাৰ হৈ ওলাইছো— বিধবা বিবাহ
চলাবলৈ পাৰ্যমানে যত্ন কৰিম আৰু নিজেও কৰাম।
চাওচোন তোমালোকৰ চকু মেল খাইনে নেখায়।
( কাপোৰৰ তলত এধাৰ ফুলৰ মালা লৈ আহি প্ৰমীলাই
নিৰ্ম্মলৰ ডিঙিত পিন্ধাই দি আঠু লয়। )
|
| প্ৰমীলা—
|
দাসীৰ অপৰাধ ক্ষমা কৰিব।!
|
| নিৰ্ম্মল—
|
তুমি ভুল কৰিলা, প্ৰমীলা। মই তোমাক এতিয়া
বিবাহ কৰাব নোৱাৰো। কাৰণ এতিয়াও আমাৰ
সমাজ অন্ধ বিশ্বাসতে পোত খাই আছে। এতিয়া মই
তোমাক গ্ৰহণ কৰিলে সমাজে আমাক ঠাই নিদি এঘৰীয়া
কৰিব।
|
| প্ৰমীলা —
|
দাসীৰ সৰ্ব্বস্ব আপোনাৰ চৰণত অৰ্পণ কৰিলো,
তথাপিও আপুনি মোক গ্ৰহণ নকৰে?
|
| নিৰ্ম্মল—
|
তুমি বাৰু বেজাৰ নকৰিবা। মই তোমাক বিয়া
কৰাম; কিন্তু এতিয়াই নহয়। মই দেশে বিদেশে ফুৰি
ভাল ভাল পণ্ডিতৰ মত আনিব লাগিব। এইটো
|
|
|
নিশ্চয় প্ৰমীলা! তুমি মোৰ জীৱনে মৰণে পত্নী
হবা। তোমাৰ পৰা মোৰ এই ব্ৰতত বিশেষ উপকাৰ
হব।
|
| প্ৰমীলা —
|
এতিয়াও সমাজ! সমাজৰ মতামতৰ ওপৰত নিৰ্ভৰ
কৰিহে আপুনি বিয়া কৰাব? হে সমাজ! আজি চকু
মেলি চোৱা—বাল্য বিধবাক কুমাৰীৰ দৰে ব্যৱহাৰ
কৰিব নোৱাৰি কি বাবে। হে সমাজ! তোমালোকে
বিধবাৰ হৃদয়ৰ বেদনা নেজানা, আৰু বিধবাৰ
কৰুন কান্দোনলৈ অলপো কাণ নকৰা। বিধবা
বিবাহ কৰালে পুৰুষৰ চৰিত্ৰ বেয়া হব বুলি
যিবিলাকে আশংকা কৰে তেওঁবিলাকক কওঁ যে সেইটো
তেওঁবিলাকৰ ভূল। বাল্য বিধবাৰ পুনৰ বিবাহ
নোহোৱাৰ কাৰণেই পৰ পুৰুষৰ সংস্পৰ্শত দেশত কত
ভয়ানক ভয়ানক পাপ কাম হব লাগিছে, মনে
মনে ভ্ৰূণ হত্যা কৰিছে, সোনৰ সংসাৰ নৰকত পৰিণত
কৰিছে তাৰ লেখ জোখ নাই। সমাজে কিন্তু তালৈ
কেৰেপকে নকৰে। মই জানো ক'ত বালা বিধবাই
যৌবনত ভৰি দি আত্ম দমন কৰিব নোৱাৰি কুলৰ
কলঙ্ক আনিছে। লজ্জাত পৰি কতই সমাজক পদাঘাট
কৰি কত চাহাবৰ অভিলাষ পূৰ্ণ কৰিছে। হে সমাজ!
তথাপিও বিধবা বিবাহৰ প্ৰয়োজনীয়তা তোমালোকে
অনুভব নকৰা।
|
| নিৰ্ম্মল—
|
প্ৰমীলা! তুমি দুখ নকৰিবা। বিধবা বিবাহ চলাবৰ
কাৰণে মই প্ৰাণপনে যত্ন কৰিম। মইতো তোমাক
বিয়া কৰামেই, কিন্তু অকল ময়েই কৰালে সমাজৰ একো
নহয়। বিশেষকৈ যদি মই তোমাক এতিয়াই বিয়া
কৰাও তেন্তে মোৰ জীৱনৰ ব্ৰতত কিছু বাধা পৰিব।
কাৰণ মানুহে ভাবিৱ যে মোৰ স্বাৰ্থসিদ্ধিৰ নিমিত্তেহে
মই এই ব্ৰতৰ ব্ৰতী হৈছো। (স্বগত:) এতিয়াও কৈছো
হে অভিমানী ভাৰত সন্তান সকল! ম্লেচ ভাব, ম্লেচ
আচাৰ পৰিত্যাগ কৰা। যি কৰিলে দেশৰ উপকাৰ হয়
তেনে কাম কৰা। মাথোন সভা-সমিতি পাতি থাকি-
লেই নহয়, কাৰ্যত পৰিণত কৰা। নেতা হৈ বক্তৃতা
দিলেই নহয়। বক্তৃতাৰে নাম কৰিলে নচলে। বক্তৃতাৰে
উত্তেজনা কৰাতকৈ সমাজ সংস্কাৰত ব্ৰতী হোৱা। উইভিং
শিকাবলৈ তিৰোতাৰ স্কুল পাতি দিয়া। তিৰোতাই যেনেকৈ
ডাক্তৰী, বেৰিষ্টাৰী পঢ়ি যেই সেই বিষয়ৰ শিক্ষয়ত্ৰীৰ
উপযুক্তা হৈছে সেই দৰে উইভিঙৰে৷ শিক্ষয়ত্ৰী পাতা।
মতাবোৰক সেই কামৰ পৰা গুচাই দিয়া, নহলে
একেবাৰেই সৰ্ব্বনাশ হব।
|
| প্ৰমীলা —
|
সমাজক কওঁ আত্মহত্যা ভ্ৰূণহত্যা কৰিছে; কৰিছে
কোনে? কৰিছে, তোমালোকে অৱজ্ঞা কৰা সেই
বিধবাই। সেই কাৰণে যদি এই পাপ দূৰ কৰিব
খোজা তেন্তে বিধবা বিবাহ সমৰ্থন কৰি গ্ৰহণ কৰা
|
|
|
তেহে শান্তি হব। নহলে কেতিয়াও তোমালোকৰ মঙ্গল নহয়।
|
| নিৰ্ম্মল—
|
এই অন্ধ বিশ্বাসেৰে গোট খাই থকা পাপৰ গোজ উঘালিবলৈ প্ৰাণপনে যত্ন কৰিম। তুমি এতিয়া থাকা, মই ঘুৰি পকি আহি সোনকালেই তোমাক ৰীতিমতে বিয়া কৰামতি।
|
তোমাৰ বাহিৰে গোটেই জগতে
ঘৃণাৰ চকুৰে চায়। ( হে)
মৰম স্নেহৰ বিনিময়ে যে
বিপদ চপাই যায়। (হে)
আপোন পৰ সকলো বুজিছো
হৃদয়ৰ বীনা ভাঙ্গি পেলাইছো
( মোৰ) হৃদয়াসনত বহুৱান বুলি
তোমাৰ কথাকেই সদায় ভাবিছোঁ।
প্ৰথম দৃশ্য—দেবেনৰ মাৰল ঘৰ।
|
|
(দেবেনৰ মাক—আগত তামোলৰ বঁটাটো লৈ অকলে অকলে)
|
| দেবেনৰ মাক—
|
ভাল যেনিবা পোতা শালৰ পৰা ওলাইছো মুঠতে
ইহঁতক ভাতহে দিব লাগে। শুকান খৰি এডালো বিচাৰি
দিবলৈ টান পায়। তেহেলেই বুঢ়ী বেটী ম'ৰ বা ত'ৰ।!
|
(এনেতে জেউতীৰ মাকৰ প্ৰবেশ )
| দেবেনৰ মাক —
|
এৰা দেও কোনোমতে যেনিবা আখলৰ পৰা
ওলাইছো।
|
| জেউতীৰ মাক—
|
নকব আৰু আমি যেনিবা নিকিনা বান্দী
কিজনীহে হলোহঁক। আপোনাৰতো ভালেই। মই
আকৌ ভাতৰ ঠালিটোকে ডাঙ্গিব নোৱাৰো নহয়।
|
| দেবেনৰ মাক—
|
কি কৰিবা দেও। তামোল এখন খোৱা।
|
| দেবেনৰ মাক—
|
পিচে আজিনো কি মন কৰি অহিলা।
|
| জেউতীৰ মাক—
|
কেবা দিনো অহা নাই দেখি আজি এইফালে
ওলাই আহিলো। পিচে ভাতনো কিহেৰে খালে।
|
| দেবেনৰ মাক—
|
কিহেৰেনো খাবা দেও। মাছ দুটা মান
পাইছিলে৷ তাৰেই ঢেকীয়া শাক দুদাল মানেৰে টেঙা
|
|
|
আঞ্জা অকণ মান কৰিলো। শাক পাত এডাল পাবলৈ
নাই। আমাৰ আকৌ হাকিমে ঢেকীয়া শাক দুডাল
মান দিলে বৰ ভাল পায়। তাকো পাবলৈকে নাই।
বোৱাৰীজনীয়ে যেনিবা বাৰীৰ ধাপতে বিচাৰি দুডাল
মান আনি দিলে তাৰেই লেঠাতো মাৰিলো, তোমালোকে-
নো কি টেঙ্গা খাইছা।
|
| জেউতীৰ মাক—
|
আমাৰ কেচা টেঙ্গা দেখিবলৈকে নাই।
আপোনাৰ তেওঁ ঢেকীয়া কিডাল বাৰীত বিচাৰিবলৈকে
আছে, আমাৰ সিও নাই। বাটৰ দাঁতিৰ দুডাল
বুটলিবলৈও সাধ্য নাই হতশ্ৰী হোৱা বোৰে তাতেহে
মৰেগৈ। শাক পাত এডালো খাব নোৱাৰা কৰে।
|
| দেবেনৰ মাক—
|
ভাল কথা কৈছা সিদিনা মই ওলাই যাওঁতে
নামঘৰৰ দাঁতিত দেখি বুটলিবলৈ ধৰিছিলো সোমাবকে
নোৱাৰিলো, মতাৰ পৰা মাইকীলৈ এটাইবোৰে নাম
ঘৰটোৰ আৰ লৈয়ে মৰেহি। ধৰ্ম্ম-কৰ্ম্মলৈ ভয় নাইকীয়া
হল। ঈশ্বৰে তাহাঁতক নেদেখেও।
|
| জেউতীৰ মাক—
|
এৰা, এৰা, নকব আৰু। পিচে আমাৰ
গাৱঁৰ ৰজনীৰ ল'ৰাটোৰ কথা শুনিছেনে?
|
| দেবেনৰ মাক—
|
ক'তা কি কথা কোৱাচোন।
|
| জেউতীৰ মাক —
|
কথা বুলিলেই বতাহ। নাই শুনা যদি থ'কেই।
|
| দেবেনৰ মাক—
|
কোৱাছোন কোৱা, মইনো কাৰ আগত ক'ম।
মোৰ শপত কোৱাচোন। মই কাকো নকওঁ। মোকনো
|
|
|
কিমান লগাই যুজাই ফুৰা দেখিছা।
|
| জেঃ মাক—
|
এৰা পাপ কথা জানো লুকাই থাকিব। বাক
আপুনি খালি কাকো নকব।
|
| দেঃ মাক —
|
ভয় নকৰিবা মই কাকো নকওঁ। কলেনো
আমাক কোনে শূলত দিব।
|
| জেঃ মাক―
|
লৰাটো কলিকতালৈ গৈছিল নহয়। সি বোলে
তাত তেনেই গুচিল জাত কুল এৰিলে।
|
| দেঃ মাক —
|
অ' সেইটো গম পাইছো।
|
| জেঃ মাক—
|
সি বোলে তাত মদৰ পৰা মুখ নুগুচুৱাই
হ'ল। বাপেকে বোলে কিবা কাৰবাৰ এটাত লগাইছিল।
সি কাৰবাৰ এৰি মদ খাই নটীৰ ঘৰত হে ঠাই লৈছে।
|
| দেঃ মাক—
|
থোৱা দেও, তুমি তেনেবোৰ কথা ক'ত শুনিলা।
|
| জেঃ মাক—
|
মই এনেয়ে সাজি কোৱা নাই।
আমাৰ ভতিজাটোও তাতে আছেগৈ নহয়; সি বোলে ঘৈণীয়েকলৈ
লিখিছিল। মই আজি তাইৰ মুখে শুনিলো।
|
| দেঃ মাক—
|
কি কৰিবা, আজিকালি লৰাবোৰ একেবাৰে
গুচিল। চোৱাচোন বাপেকে যেনিবা ইমান কষ্ট কৰি
ধন ঘটিলে নি মদ খাই নটিনীৰ ডিঙ্গিত আঁৰিবলৈহে।
আমাৰ লৰাই কৰা হলে....
|
| জেঃ মাক—
|
এটাইবোৰ তেনে হবনে? আমাৰ হলে ভতিজা
লৰাটোৰ তেনে নাই।
|
| দেঃ মাক—
|
হেৰ মাধ— (মাধই ভিতৰৰ পৰা
মাত লগাই
|
|
|
আই দেউতা ) তামোল এটা লৈ আহ। এটাইবোৰ
কোলেই হব হো। ভালৰ ভাল কথা। মই হলে
এটা কথাততে বৰ দুখ পাইছো দেও।
সেই তাৰ ঘৈণীয়েক জনীলৈ মনত পৰি। ছোৱালী
জনী হলে বৰ ভাল। আমাৰ বোৱাৰী বোৰৰ নিচিনা নহয়।
আমাৰ আজি দুবছৰ তিনিবছৰ হ'ল ভালকৈ আই
বুলিয়ে নেমাতে। কব লগাটো কোনো মতে হেলিয়াই
টেলিয়াইতে কয়। দেহি ছোৱালী জনীৰ চাগৈ বৰ দুখ
হৈছে। তাইৰ কপাল খনো! মই বাৰু শাহুৱেকক
সুধি চামগৈ।
|
| জেঃ মাক—
|
মোৰ কথা হলে নকব।
|
| দেবেনৰ মাক—
|
তুমি ভয় নকৰিবা।
মই বাৰু তোমাৰ কথা নকওঁ।
|
| জো মাক—
|
কি কৰে কৰিব, মোক হলে বিপদত নেপেলাব।
|
| দেঃ মাক—
|
থোৱা দেও, তোমাৰ আৰু ভয়টো।
মোৰো গাৱঁৰ পৰা পাক এটা মাৰি আহিবৰ মন আছিল,
বেলি গধুলিয়েই হ'ল। (এনেতে মাধই তামোল-পান আনে)
|
| মাধ—
|
আই দেউতা তামোল এইয়া।
|
| দেঃ মাক—
|
তইনো অথনিৰ পৰা ক'লে গৈছিলি অ', মাতি
থাকিলেও পাবলৈ নাই।
|
| মাধ—
|
কলৈকো যোৱা নাই আই, তামোল গাঁতৰ পৰা
উলিয়াইহে আনিছো।
|
| দেঃ মাক—
|
হে'ৰ, কালি উলিওৱা তামোলবোৰ ধুকালেই
নে? মোৰ ঘৰত এই জনী ভাল সাখিনী সোমালহি,
খনত খন পেলাই খাবলৈ মাৰ বাপেৰে কিমান তামোল পান দিছে।
|
| মাধ—
|
আই দেউতা আজি ৰজনীৰ ঘৰলৈ সবাহলৈ মাতি-
ছিল নহয়, নেযায় নে কি?
|
| দেঃ মাক—
|
হেৰ তই হবলা এতিয়াহে কবলৈ সময় পাইছ।
|
| মাধ—
|
মই কবলৈ পাহৰিলোৱেই আই দেউতা।
|
| দেঃ মাক—
|
হেৰ তই যেনিবা পাহৰিলিয়েই মোৰ ঘৰত
জানো আৰু মানুহ নাই, মৰিল নে কি? কথাষাৰ কব
নোৱাৰিলে?
|
| জেঃ মাক—
|
দিয়ক মোক তামোল এখন। ময়ো যাওঁ
পলমহে হ'ল।
|
| দেঃ মাক—
|
লোৱা, ( তামোল দিয়ে ) বাৰু যাবাহে,
যাবলৈ ওলাওগৈ; ( দুয়োৰে প্ৰস্থান )
|
| মাধ—
|
সবাহলৈ যাম, মিঠে খাবলৈ পাম
কলকিটা ঠাইতে থম
বাকলিটো লৈ আহিম
থমগৈ বাপেকে সেই পাতৰ কোঠাতে।
পৰিব বাপেকে সেই জনী
তেহে পাব মজা ফেৰা।
|
তেতিয়াহে চিনি পাব
শাহুৱেকে দিব কিল ফেৰা।
তেহে মোক চুবলৈ দিব পেৰা।
দ্বিতীয় দৃশ্য—বৰ ঘৰৰ বাৰন্দা।
|
|
( মূৰ্তিমতীয়ে তামোল কাটি থাকে, ভাৰতীয়ে সূতা কাটে। )
|
| মূৰ্তিমতী—
|
শুনিছনে আমাৰ কাৰবাৰত একো লাভ হোৱা
নাই বোলে! আমাৰ বোপাইটোক নতুন কোমল-
মুখীয়া মানুহ পাই এটায়ে ঠগিছে। সি লোকচান
হোৱা দেখি মনৰ বেজাৰত ঘৰকে নচপা হব।
|
| ভাৰতী—
|
আই, মইনো কেনেকৈ শুনিম। চিঠি পাইছেনে
কি? তেখেতসকলৰ ভালনে? মোলৈতো চিঠি-পত্ৰ
নিদিয়েই৷ মোৰ বোধেৰে তেখেতৰ দোষতহে লোক-
চান পৰিছে। দেউতাই তেখেতক বিশ্বাস কৰি তেখেতৰ
ওপৰতে সকলো এৰি দিয়া মই ভাল দেখা নাই।
মই কলে মোৰ কথালৈ কোনে কাণ কৰিব।
|
| মূৰ্ত্তিমতী—
|
তোৰ পৰাহে এনে হৈছে। তই যি দিন ধৰি
মোৰ ঘৰ সোমালিহি সেই দিনাৰ পৰা মোৰ ঘৰ
|
|
|
খন ভাগিল। তইহে কুলক্ষিণী, তোৰ পৰাহে মোৰ
লৰাৰ এনে হৈছে।
|
| ভাৰতী—
|
এৰা, ময়ে কুলক্ষিণী। আপোনাক
বুলি কৈছো। আই খং কৰে কিয়?
|
| মূৰ্তিমতী—
|
মুখে মুখে উত্তৰ নিদিবি দেই।
তই কুলক্ষিণী নহয় কি আজি চাৰি পাঁচ বছৰ হ'ল তেও লৰা-
ছোৱালী এটা নহল। ভাল যেনিবা ধমনী জনী পুহিছো।
|
|
|
( এনেতে দেবেনৰ মাকৰ প্ৰবেশ)
|
| মূৰ্তিমতী—
|
আছোতো দেও, মোৰ জানো
সুখ আছে। যি বা ঘৰত এজনী ধমনী সোমালহি, তাই সোমাবৰ
পৰা মোৰ ঘৰখন ভাগিল। সি ঘৰলৈ আহিলে
তাইৰে সৈতে নবনে। সেইদেখি এদিন মান থাকিয়ে
গুচি যায়। এইৰে পৰা তাৰ এনে হৈছে।
|
| দেঃ মাক—
|
নহয়, তোমাৰ লৰাহে বেয়া। তাৰ গাততে
দোষ আমি শুনিবলৈ পাইছে৷, বোৱাৰীয়েৰৰ গাত
দোষ নাই।
|
| মূৰ্তিমতী—
|
নেলাগে বাৰু উচুতীয়াই মাতিব। তোমালোকৰ
পৰাইহে মোৰ বোৱাৰী গুচিল।তেনে কথা কবলৈ নাহিবা।
|
| দেঃ মাক—
|
সঁচা কথা কলে বেয়া পোৱা। লৰাই মদে
ভাতে একে কৰিছে। কাৰবাৰ কৰা দূৰৰ কথা, জীয়াই
যে থাকিব তাৰে আশা ক'ম।
|
| মূৰ্ত্তিমতী—
|
মোৰ লৰা তেনে নহয়। তোমালোক মোৰ
শত্ৰু দেখিহে এনেকৈ কৈছা। মোৰ আগত এনে কথা
নকবা। ভাল নহব।
|
{{playscript|gap=5| দেবেনৰ মাক—|নাহো দেও, সবাহলৈ মাতিছিলা দেখিহে
আহিছিলো।
(মূৰ্ত্তিমতী খঙেৰে উঠি যায় )
| ভাৰতী—
|
আই বেয়া নেপাব।মোৰ বাবে আপুনি মুখ পাতি
কেলেই এনে কথা শুনিব লাগিছে। মনে মনে থ’ক।
মোৰ কপালত যি আছে তাক কোনোও খণ্ডাব নোৱাৰে।
মানুহে এবাৰ পাপক প্ৰশ্ৰয় দিলে তাৰ হাত এৰাব
নোৱাৰে আৰু। বহুত যত্ন কৰিও ঘুৰাই অনা টান।
যি অজ্ঞানীৰ দৰে লোভ, মোহ, কাম, ক্ৰোধৰ বশীভূত হৈ
ইন্দ্ৰিয় দমন কৰিব নোৱাৰে সি নিজেই ধ্বংস হয়।
আই, মানুহে নিজৰ জ্ঞান নিজেই হেৰুৱায়। তাক আৰু
বিচাৰি ক'ত পাব। এই বিশাল জগতত যিহকে বিচাৰে
তাকে পায়। ইয়াত আৰু ঈশ্বৰৰ দোষ নাই। যি
যেনেকুৱা কাম কৰে সি তেনেকুৱাই ফল ভোগ কৰে।
দুদিনৰ কাৰণে বিহকে অমৃত বুলি আকোৱালি ধৰি
শেহত সেই বিহৰে জ্বালা যন্ত্ৰণা ভোগ কৰে।
চাকিত যেনেকৈ চগাবোৰ জাপ দিয়ে মানুহেও সেইদৰে পাপত
|
|
|
লিপ্ত হৈ নিজৰ সৰ্ব্বনাশ কৰে।
|
| দেঃ মাক—
|
এৰা ময়ো সিবেলি আহোতে তাৰ গতি মতি
বৰ ভাল দেখা নাছিলো। সেইবোৰ ঠাইত থাকি কেনে
সুন্দৰ চেহেৰা হব লাগিছিল। পিচে তাৰ শৰীৰ ফালে
চাবই নোৱাৰি।
|
| ভাৰতী—
|
ভাল কৈছে আই, তেখেতক দেখি মোৰ বুকু শুকাই
গৈছিল মন একেবাৰে অস্থিৰ হৈছিল কিন্তু আই তেখেতৰ
ব্যৱহাৰ দেখি একেবাৰে আচৰিত হলো। যি দুৰাতি আছিল।
মাত্ৰ কেতিয়াকৈ যাই সেয়েহে চিন্তা। মোক চকুৰ কুটা
দাঁতৰ হুল যেনহে দেখে। আই মই তথাপি তেখেতক
একান্ত মনেৰে সেৱা শুশ্ৰষা কৰো, তত্ৰাচ মোক সদাই
শিয়াল কুকুৰৰ দৰে চেই চেই কৰে। মই সদাই ভাবো
তেখেত জীয়াই থাকিলেই মোৰ সৰ্ব্বস্ব। তেখেতে যে
বিলাস সাগৰত পৰি গা উটুৱাই দিছে পাপত লিপ্ত হৈছে
সেইটো মই আগৰে পৰা জানো। ভাবো সুকোমল
দেহাত যেন কাঁইটে বিন্ধিছে। সজাই থোৱা ফুলনীত
যেন জুই লাগিছে। তত্ৰাচ মোৰ শাহু শহুৰে পুতেকক
বিশ্বাস কৰি কলিকতাত এৰি দিছে। আই মইযে
স্বামীৰ মুখ নেদেখাকৈ কেনেকৈ কাল যাপন কৰিছো
তাক একমাত্ৰ অন্তৰৰ্য্যামী ভগবানে হে জানিছে। আৰু
আয়ে মোৰ শুকান মুখখন দেখি অলপ যদি বুজিলে-
হেঁতেন।
|
| দেঃ মাক—
|
বেজাৰ নকৰিবি আই। মই আৰু যাওঁতে।
সবাইলৈ নেথাকো। বেয়া নেপাবি। শাহুৱেৰৰ জোকোৰাই
ভোক গুচিল। ভাল কথা কলে বেয়া পায়।
|
| ভাৰতী―
|
থক আই শাহৰ কথাত নেলাগিব। মাজে সময়ে
মোৰে শপত আহিবচোন।
|
|
|
( দেবেনৰ মাকৰ প্ৰস্থান৷ ভাৰতীয়ে ভাবি গুণি থাকো-
তেই মূৰ্ত্তিমতীৰ প্ৰবেশ। )
|
| মূৰ্তিমতী—
|
হেৰ তই দেখোন সবাহৰ নাম গাবলৈ নগলি?
ইজনীয়ে সুধিছে সিজনীয়ে সুধিছে বোৱাৰীয়েৰ ক'ত মই
বোলো আহিব এতিয়া। আহিব আহিব কৰি থাকোতেই
সবাহ ভাগিল সেৱা এটাও কৰিবলৈ নগলি। তাৰেই
সবাহটো পাতিছিলো। এইদৰে হলে তই মোৰ ঘৰত
থাকিব নোৱাৰ। ভালে তাতে সি তোক দেখিব নোৱাৰে
বাৰু সি আহক —
|
-
| যোগেন—
|
আই, দেউতাৰ পৰা টেলিগ্ৰাম এটা আহিছে।
ভাৰতী—কি লিখিছোনো বোপাটি?
|
| মূৰ্ত্তিমতী—
|
বোধ কৰো সি আহিব পাই। এইবাৰ সি
আহিলে তোৰ উদ্ভন্দালি জৰাম। এইবাৰ সি তোক
নেৰাখে।
|
| যোগেন—
|
আই কি হলনো নবৌক নো এইবোৰ কি কৈছা?
টেলিগ্ৰামত লিখিছে দাদাৰ বোলে বৰ বেমাৰ। দেউতাই
|
|
|
লৈ আহিছে। কাইলৈ আবেলিৰ গাড়ীত পাবহি। (প্ৰস্থান)
|
( ভাৰতীয়ে শুনি উচুপিবলৈ ধৰে )
| মূৰ্ত্তিমতী—
|
কি কলি মোৰ বোপাই বেমাৰ। মোৰ বোপাই
টোৰ চাগৈ কিমান কষ্ট হৈছে। বাপেৰে মুৰা মুৰিলৈহে থাকে।
|
| গনেশ—
|
উইভিং মাষ্টৰজন আহিম বুলি আজিলৈকে নাহিল।
মানুহটো হলে বেয়া নহয়। পইটা গোটাচেৰেক সৰকাব
পাৰিম যেন লাগিছে। তাতে নিৰ্ম্মলো নাই। সময়তে বৰ ভাল হৈছে।
|
(এনেতে বাজৰ পৰা হীৰালালে মাত লগাই )
| হীৰালাল—
|
গনেশ বাবু আছেনে?
|
| গনেশ—
|
আছো। ইয়ালৈকে আহক ( হীৰালালাৰ প্ৰবেশ )
আপোনাৰ কথা এইমাত্ৰ ভাবিছিলো। মানুহজন এই আহিম
বুলি নাহিল কিয়? ভাবিছিলো বোলো আমাৰ নিচিনা
দুখীয়া মানুহৰ ঘৰলৈ আহিবলৈ বেয়াকে পালে কিস্তানি?
|
স্বাৰ্থৰ সমাজ।
হীৰালাল — নহয় মোৰ কাম থকা বাবেহে আহিব নোৱাৰিলো;
|
|
তাতে তোমাৰ ঘৰ বিচাৰি নেপাই কেবা দিনো উভটি
গৈছো।
|
| গনেশ—
|
অচিনাকি মানুহ বৰ দুখ পালে দেহি।
|
| হীৰালাল—
|
সেইবোৰ কথা বাৰু এতিয়া থোৱা; সিদিনা যে
কথাটো কৈছিলো মনত আছেনে? পিচে মোক উপকাৰ
কৰা।
|
| গনেশ—
|
কওকচোন কি কথা। উপকাৰ কৰিব পাৰোনে
নোৱাৰো এতিয়া।
|
| হীৰালাল—
|
তুমি কাৰো তাগত নকবা দেই। মই এদিন
প্ৰমীলাৰ ঘৰলৈ গৈছিলো। পাচে তাইক কথাটো কলত
তাই মোক ভালেখিনি তিৰষ্কাৰ কৰিলে। সেই দিনাৰ
পৰা মনত বৰ দুখ লাগি আছে। তাৰ প্ৰতিশোধ
লবলৈ মই উপায় এটা উলিয়াইছো। তুমি এটা কাম
কৰি দিয়া। তাইক তুমি চাহাবক দিওঁগৈ বুলি আনি
ছদিন মান তোমাৰ ঘৰতে ৰাখাহি।
|
| গনেশ—
|
তাইৰ ইমান সাহনে! আপোনাক গালি পাৰে।
বাৰু আপুনি কোনো চিন্তা নকৰিব মই সকলো ঠিক থাক
কৰি দিম।
|
| হীৰালাল—
|
যদিহে ধৰি আনিব পাৰা মই তোমাক ৰূপ ২৫
টকা দিম আৰু তোমাৰ ঘৰত থকা কেইদিনৰ খোৱা
খৰচ মইয়ে দিম। তুমি মাত্ৰ তাইক ভয় খুৱাবা
|
|
|
চাহাবক দিম বুলি। মই তাৰ পাচত কিজানি কিবা
এটা কৰিব পাৰোৱেই। তোমাৰ ঘৰত ৰাখিবলৈ জানো
কিবা অসুবিধা হব। ঘৈণীয়েৰক কবা কাকো নকব।
|
| গনেশ —
|
সেই বাবে চিন্তাকে নকৰিব। আপুনিও যাব জানো।
|
| হীৰালাল—
|
মই গলে মিছা। মই তাইক বিপদত পৰাটো
দেখুৱাইহে যদি কাৰ্য্য সাধিব পাৰো।
|
| গনেশ—
|
তেনেহলে আপুনি যাব
নালাগে। আজি গধুলিকৈ মোৰ লগৰ কেইটাকে৷ কম।
পিচে সিহঁত কেইটাকহে—
|
| হীৰালাল—
|
সেই বাবে কোনো চিন্তা নকৰিবা। হোৱা
এইয়া এতিয়া পাঁচ টকা দিছো, তোমালোকৰ বাট
খৰছৰ বাবে।
|
| গনেশ—
|
মোৰ নিমিত্তে নালাগে পিছে তাহাঁতৰ কাৰণেতে।
অ' এটা কথা আমাৰ ঘৰৰ মানুহে আজি কেবাদিনো
ভাত পানীকে খোৱা নাই মোৰে সৈতে কথা এটাত
ওখোনা-ওখোনি লাগি। খঙত জানোচা কথাটো কাৰ
বাৰ আগত কৈ দিয়ে।
|
| গনেশ —
|
হওঁতে একো হোৱা নাই। সিদিনা সিজনী বিয়া
এখনলৈ যাবলৈ মোক ভাল চাই চোলা এটা আনিবলৈ
কলে! মই কলো বোলো তোমাৰ দেখোন সেইবোৰ
চোলা আছেই। সেইবোৰকে পিন্ধিবা খাদৰৰ হল
বুলিয়ে বেয়া হলনে? তাই কলে সেইবোৰ পুৰণা
|
|
|
ধৰণৰ চোলা নিপিন্ধে। সেইবোৰ চোলা পিন্ধি বিয়ালৈ
নাযায়, লোকে বোলে ফিচিঙা ফিচিঙি কৰিব, সেই দেখি
পেতি কোট, এটা আৰু ভাল চিল্কৰ ব্লাউজ এটা লাগে।
ময়ো কথাটো ভাবি চালো কথাটো সচা সমাজত চলাচোলা-
কাপোৰ দিয়াতে ভাল। পিচে আনিবলৈও হাতত
পইচা এটাও নাই। তেওঁ ফ্ৰেন্চ কোম্পানীৰ পৰা
এটা চাই চিতি উঠনাকৈ আনো বুলি গৈছিলো; পিচে
আগৰ বহুত বাকী থকাৰ বাবে উঠনাকৈ নিদিয়ে। সেয়ে
মোৰ ওপৰত ৰোহ।
|
| হীৰালাল —
|
দোকানত নো কিমান বাকী আছে?
|
| গনেশ —
|
বেচি নহয় দহ বাৰ টকা মানহে হব।
|
| হীৰালাল—
|
হোৱা মোৰ হাতত এতিয়া ভঙা টকা নাই এই
দহটকীয়া নোট খনকে লৈ যোৱা ভাল চাইচিতি চোলা
এটা আনি দিয়াহি। মই এতিয়া যাওহে কেবা ঘৰটো
সোমাব লগা আছে।
|
| গনেশ—
|
বাৰু যাওক। ফান্দত পৰিছে নাই চাহাবৰ হব নাই
মাষ্টৰৰ হব।
|
[ ৪ৰ্থ দৃশ্য—ভাৰতীৰ ঘৰ। ]
| ভাৰতী—
|
আজি কালি নহায় হলা দেখোন।
|
| প্ৰমীলা—
|
বহুত অসুবিধাতহে আহিব পৰা নাই দেও।
|
|
|
তোমাৰ গিৰিয়েৰাৰ বেমাৰ বুলি শুনিছিলো; এতিয়া
কেনে হৈছে।
|
| ভাৰতী—
|
তেখেত আহিবৰ আজি বহুত দিন হল। এতিয়া
বেমাৰ অলপ বাৰু হৈছে। ইফালে সিফালে ঘুৰিব
পৰা হৈছে।
|
| প্ৰমীলা —
|
হবতোন। তোমাৰ ওচৰ পালে বেমাৰ ভাল হব
মই আগেয়ে জানিছিলো।
|
| ভাৰতী—
|
ঠাট্টা কৰা কেলৈ। তুমি কি গম পাবা, যি দিনা
আহি ওলাইছিলহি তেখেতৰ অৱস্থা দেখি মোৰ যে কি
বেজাৰ লাগিছিল তোমাক এতিয়া কেনেকৈ বুজাম।
এতিয়াও ৰাতি হলে যিহে কাহৰ খুন্দা। উশাহ নিশাহ
বন্ধ হৈ যোৱা যেন দেখো। কিমান ৰাতি টোপনি
খতি কৰি ওচৰত বহি থাকোতেই ৰাতি পুৱাই। পিচে
দদাইদেৱে তুলসী পাতৰ ৰস খুৱাবলৈ কোৱাত তাকে
খুৱালত অলপ ৰক্ষা পৰিছে। মই পিচে সেইটো
কামহে বৰ টান পাইছিলো।
|
| প্ৰমীলা —
|
তুমি সেইটোকেহে বৰ টান পালা। ঘৰে ঘৰে
শিপা সুপলি বিচাৰি বাৰে বাৰে কোৱাঠ কৰি কবিৰাজৰ
দৰৰ খুৱাবলৈ হোৱা হলে আধ্যাই। ডাক্তৰৰ দৰবৰ
যেনিবা সেইবোৰ নাই—বাকা আৰু খুউৱা। কবিৰাজক
নলগালা ভালেই হল।
|
| ভাৰতী—
|
নহয়। তুমি বুজিছা এটা মই কৈছো এটা।
|
|
|
তুলসী পাতৰ ৰস উলিওৱা কি বৰ টান কাম আচল
কথা হৈচে তুলসী পাত মাইকী মানুহ চিঙিব নেপাই।
আৰু চিঙিলো দেও কি কৰিবা, বোধ কৰো তুলসী দেৱীয়ে
অভিশাপ নিদিয়ে। কাৰণ মোৰ স্বামীৰ
কাৰণেহে চিঙিলো আৰু সদায় ভালেখিনি প্ৰাৰ্থনা
কৰিহে চিঙো। তাকে কৰোতে কেতিয়াবা দেৰী হয়।
সেই বাবেই নেকি মোৰ ওপৰত বৰ খং আৰু কত যে
বেয়া গালি পাৰে। মই মোৰ শক্তিৰে পাৰোমানে
কায়মনোবাক্যে সেৱা শুশ্ৰুষা কৰো। সিমানতো মোক
কুকুৰ মেকুীৰৰ দৰে খেদি দিয়ে। মোৰ ভাগ্যৰ কথা
কি কম।
|
| প্ৰমীলা—
|
মই আজিহে তোমাৰ পৰা শুনিছো। তুমি বৰ
অসাধাৰণ ছোৱালী। তোমাক ঈশ্বৰে ভাল কৰিব।
তোমাক যে এতিয়াও ভাল নেপাই এইটো শুনিহে মই
বৰ আচৰিত। মই হলে একো বুজিব পৰা নাই।
|
| ভাৰতী—
|
ইয়াকে বহু শুনিলা। যেতিয়া প্ৰথমে আতে তেখে
তৰ অৱস্থা দেখি যি মৰ্মান্তিক যন্ত্ৰণা অনুভব কৰিছিলো
সেইটো অন্তৰ্যামী ভগবানে জানে। তুমি কেনেকৈ
বুজিবা! কেতিয়াবা বেজাৰত চকুৰ পানীৰে বুকু উটুৱাই
দিওঁ। মাজে মাজে এনেহে লাগে এই বেমাৰ মোৰ
নহল কিয়? সিমানতো জানো এদিন এষাৰ ভাল
মুখৰ মাত দিলে। সাধাৰণ কথাতে লাগি কত যে
|
|
|
গালি পাৰিলে। কয় তই ওলাই যা. মোৰ ঘৰৰ পৰা
বাহিৰ হ। চকুৰ আগৰ পৰা আঁতৰ হ'। মই কওঁ
নেযাওঁ। কাৰণ মই গলে মোৰ স্বামীক কোনে প্ৰতি-
পাল কৰিব। আৰু ভাবো যদিওবা প্ৰতিপাল কৰিলেই
'মানব জন্মৰ কৰ্ত্তব্য কৰ্ম্ম তিৰুতাৰ প্ৰধান ব্ৰত স্বামীসেৱা
নকৰি মই কিয় যাম। সকলো সহ্য কৰো ভাবো
হিন্দুৰ ছোৱালী হৈ জন্ম লৈছিলো যেতিয়া স্বামী সেৱাই
একমাত্ৰ ধৰ্ম্ম।
|
| প্ৰমীলা —
|
(স্বৰ্গতঃ) উস মোৰ কাৰণেই নিৰ্ম্মলে দেশে বিদেশে
কত কষ্ট ভোগ কৰিছে মই সুখত বহি আছো (ফুটাই)
বাৰু তোমাক এটা কথা কও তুমি এটা কাম কৰিবা।
তেওঁ যেনেকৈ ভাল পায় তাকে কৰিবা। বোধ কৰো
তুমি ভাল কাপোৰ কানি পিন্ধি তেওঁৰ ওচৰত নাথাকা
মলিয়ন কাপোৰেৰে যোৱা।
|
| ভাৰতী—
|
যোৱা, সেই দৰেও চাইছিলো। তথাপি না না
অকথ্য কথা কয়।
|
| প্ৰমীলা —
|
তেওঁৰ ওচৰলৈ যাওঁতে হাঁহি মাতি যাবা। এই দৰে
মুখ ওলোমাই নেযাবা।
|
| ভাৰতী—
|
সকলো মিছা। তাকে দেখি শাহুৱে লগতে উজান
দিয়ে। মোক যেতিয়া বিয়া কৰাই আনে তেতিয়া মোৰ
সিমান জ্ঞান নাছিল। এদিন এজোৰা নতুন ডাঠ শাৰী আনি
দিছিল; পিচে মই কলো ডাঠ শাৰী জাৰকালি পিন্ধিম।
|
|
|
সেই কথাতে মোক যে কত ভৎৰ্সনা কৰিলে কবলৈ গলে
এতিয়াও বুকুত খুন্দা মাৰি ধৰে। সেয়ে নহয় খুব
মাৰিলেও। সেই বোৰ মনত পৰিলে এতিয়াও অকলে
অকলে বহি কান্দো।
|
| প্ৰমীলা—
|
তোমাক কেতিয়াবা মাৰা-বাপেৰাৰ ঘৰলৈ পঠায়নে?
তেখেতসকলে এইবোৰ কথা জানে নে নেজানে?
|
| ভাৰতী—
|
জানিবলৈ আছে আৰু। এবাৰ আমাৰ ঘৰলৈ
নিবলৈ অহাত তেখেতে পঠাব নোখোজাত আয়ে
বৰকৈ কোৱাত দুদিনলৈ পঠাইছিল। পিচে মই
আহিবৰ দিনা বিচূৰ্তি হলো সেই বাবেই নিজে গৈ আই
বোপাইক নোকোৱাকৈ চুলি কোচাত ধৰি গাড়ীত তুলি
লৈ আহিল। মই ক'ত যে কাকুতি মিনতি কৰিলো
তত্ৰাচ মোক এৰি নিদিলে। আই বোপাইক যে
কিমান গালি পাৰিলে কি ক'ম। ঘৰ আহি পালত
বাকী বোৰেও লগতে উজান দিলে। মই মনৰ বেজাৰত
শোৱা কোঠাৰ মাটিতে পৰি মোৰ সেই দুৰ্দশাৰ কথা
ভাবি ভাবি ঈশ্বৰৰ চৰণত কত যে চকু পানী পেলালো।
কাতৰ কৰি মনে মনে কত কথা কলো। তাৰ পাচত
নিৰাশ্ৰয়ৰ আশ্ৰয় শান্তি হীনৰ শান্তি দাতা যম ৰজাক
আহ্বান কৰিলো। কত বাৰ যে মাৰি নিবলৈ খাটিলো।
যি তিৰুতা স্বামীৰ চকুৰ কুটা, শাহু-শহুৰৰ দাঁতৰ হুল
তেনে তিৰুতা জীয়াই থকাৰ সকাম কি? আই বোপাইকো
|
| প্ৰমীলা—
|
আয়ুস থাকিলে তুমি কেনেকৈ মৰিবা। তুমি মৰো
বুলিলেই মৰিব পাৰিবানে?
|
| ভাৰতী—
|
সেইটোও ভাবিছিলো। ভাবিছিলো বিহু খাই আত্ম-
হত্যা কৰি মৰো। আত্মহত্যা মহাপাপ কৰিবলে সাহ
নহল। সিজন্মৰ মহাপাপৰ ফল এতিয়া ভুগিছো, এই
জন্মত কিছুমান পাপ কৰি পৰ জন্মলৈ আৰ্জি লবৰ মন
নাই। এইবোৰ ভাবি চিন্তি থাকোতেই টোপনি
আহিল। টোপনিতে যেন কোনোবাই কাণে কাণে কলে
তোৰ ভাল হব; সাৰ পাই দেখো ওচৰত কোনো নাই।
|
| প্ৰমীলা —
|
ময়ো দেও কালি ৰাতি সমাজিক দেখিছিলো।
তোমাৰ কথাটো শুনিহে মনত পৰিছে। মোক যেন
শুই থকা অৱস্থাতে কোনোবা গোটাচেৰেকে হৰি লৈ
গৈছিল। মই হেনো.......... থক নকওঁ।
|
| ভাৰতী—
|
কোৱাচোন কোৱা, সমাজিকত কত কথা দেখি কলেই
দাই হ'বনে?
|
| প্ৰমীলা—
|
বাৰু কওঁ তোমাক নকৈনো কাক ক'ম। এনেতে
মই হেনো কান্দি কান্দি চিঞৰি চিঞৰি কৈছো নিৰ্ম্মল ,
নিৰ্ম্মল মোক ৰক্ষা কৰা। এনেতে সাৰ পালো।
|
| ভাৰতী—
|
কি বৰ কথাতো তেওঁৰ নামটো লৈকে টান
পাইছিলা।
|
| প্ৰমীলা—
|
এৰা এনেইহে। মই এতিয়া যাওঁহে দেই। ইয়াত
বহুত বেলি কৰিলোহি।
|
( আন কালৰ পৰা মুৰ্তিমতীৰ প্ৰবেশ )
| মুৰ্তিমতী—
|
হেৰ বোপাই অহা নাইনে? এতিয়ালৈকে সি
নাহিল; গধূলি হবৰ হ'ল।
|
| ভাৰতী—
|
আই ফুৰিবলৈ গলে সদাই ৰাতি কৰে। নিজে
নিজৰ শৰীৰৰ কথা নুবুজিলে আন কোনে বুজাব।
|
| মুৰ্তিমতী—
|
সিহঁতে এনেয়ে বেয়া গাৰে নুফুৰে।
( এনেতে ধলং বলং কৰি নগেনৰ প্ৰবেশ )
হেৰ মোৰ বোপাইটো দেখোন ধলং পলং কৰি আহিছে।
গাত বল নাইকিয়া দেখি মুৰ ঘুৰাইছে। বোপাই তইনো
বেচি দূৰলৈ কেলেই ফুৰিবলৈ গৈছিলি।
|
| নগেন—
|
মোৰ বিচনা ক'ত। (ভাৰতীলৈ চাই ) তই ইয়াত
কি কৰিছ। মোৰ চতুৰ আগৰ পৰা আঁতৰ হ'। তোক
মই ভাল নেপাওঁ। (মাৰিবলৈ গৈ পৰি যায়, পুনৰ
উঠিবলৈ যত্ন কৰে )
|
| মুৰ্তিমতী—
|
হেৰ ধৰচোন ধৰ বোপাইৰ মুৰটো অলপ বিচি দে
চোন। তেলপানী এটোপাও দে।
|
( ভাৰতীয়ে নগেনৰ মূৰটো কোলাত লৈ বিচি দিয়ে )
| ভাৰতী—
|
কালিও এনে কৰিছিল, আই। ( নগেনলৈ চাই )
কিবা খাবনে?
|
| নগেন —
|
মই নাখাওঁ তই মোক ক'ত ৰাখিছ। তই মোৰ
ওচৰৰ পৰা য৷। প্ৰাণেশ্বৰী তুমি ক'ত।
|
| ভাৰতী—
|
মনে মনে থক। মই ওচৰত থাকিলেও বেয়া
পাইনে। আই ওচৰলৈ আহকচোন মুখ খন বৰ বেয়া
বেয়া গোন্ধাইছে।
|
| মূৰ্তিমতী—
|
তই একোটা এনেয়ে আপদ চপাৱ একো হোৱা
নাই বিচি দে।
|
| ভাৰতী —
|
নহয় আই কালিও এনেদৰে ভেকেতা ভেকেত
গোন্ধাইছিল! তাৰ পাচত বমি কৰিলে। বমি বিলাকৰ
যি অকতা গোন্ধ : গোন্ধত ভিতৰত থাকিব নোৱাৰা
হৈছিল, ইস্ কি যে গোন্ধ নিশ্চয় কিবা বেয়া বস্তু
খাই আহিছিল।
|
| মূৰ্তিমতী—
|
কিতো খাবগৈ অ' কি খাব, এনে মোৰ নজনা
নুশুনা লৰাটো। মূৰঘুৰোৱা বাবে বায়ু পিত্ত জ্বলিলে।
বমি হলে গোন্ধায়েই। এতিয়া মনে মনে থাক, টোপনি
আহিছে সাৰ পালে মোক মাতিবি।
|
| ভাৰতী —
|
ভাবিছিলো স্বামী আহিলে তেখেতক চাই চকুৰ
তৃপ্তি পলাম হৃদয়ত আনন্দ পাম; কিন্তু সকলো মিচা।
মোৰ বিশ্বাস এখেতে ফুৰিবলৈ গৈ পাপমতি বন্ধু বান্ধবৰ
লগত অতিপাত মদ খাই আহে। ইৰাত সহ্য
নহয় বমি কৰেহি। মইটো মদৰ গোন্ধ কেনেকুৱা তাক
|
|
|
নেজানো গোলাপ ফুলৰ নিচিনা নে কেতেকী ফুলৰ
নিচিনা? কিন্তু কালিৰ বমিবোৰৰ গোন্ধতো
হলে মদৰ দৰে লাগিল। মই এনে গোন্ধ কেতিয়াও পোৱা
নাই। কোনে বিশ্বাস কৰিব এনে দেহাত এই কাম
কৰিছে বুলি। তে ভগবান! মোৰ স্বামীক এই পাপ
পথৰ পৰা ঘৰাই আনা। প্ৰভু, তুমি বিনে মোৰ আন
কোনো নাই। এই হতভাগীৰ কান্দোনলৈ কাণ কৰা।
তুমিয়েই একমাত্ৰ বৰ্ত্তা। বিপদত পৰি তোমাক স্মৰণ
কৰা বাবে ক্ষমা কৰিবা। হে প্ৰভু এই কেচুৱা কালতে
অভাগীৰ মূৰত কিয় অশান্তিৰ বোজা পেলালা।
|
পঞ্চম দৃশ্য গণেশৰ চ'ৰাঘৰ।
| গনেশ—
|
মাষ্টৰ বাৰ জনৰ টকা পইচা দুটামান আছে
কোনোমতে কামটো সমাধা কৰিব পাৰিলে দুটকামান
পোৱা হব। ঠগীৰামকো লগত লব লাগিব। আন এটা
কথা দেখুৱাই কামটো কৰাব পাৰিম। সি হওঁতে
আহিবৰো হৈছে।
|
| গনেশ—
|
আছো আহা দেও, মই তোমাৰ ওচৰলৈ যাওঁ
বুলিছিলো, পিছে তুমি আহিলা ভালেই কৰিলা।
|
| ধেনুৰাম—
|
কিবা দৰকাৰ আছোনে কি?
|
| গনেশ —
|
আছেতো, নোহোৱা হ'লেনো ইমান বিচাৰ কৰোনে?
পিচে কালি হাটত ভোমোৰা গুৰিৰ চাহাব জনক
লগ পাইছিলো। চাহাবে হেনো এতিয়ালৈকে মানুহ
এজনী বিচাৰি পোৱা নাই। আমি প্ৰমীলাকে দি থৈ
আহোগৈ ব'লা। টকা দুটামান পাম। ভূমিও এনেয়ে
ঘৰতে আছা; কাম কাজ এটাত সোমাব পাৰিবা।
তাইক তেনো নিৰ্মলে সমাজৰ মাৰ ভাঙি বিধবা বিবাহ
কৰাব খুজিছে।
|
| ধেনুৰাম—
|
ভূমিও তাকে বিশ্বাস কৰিছা। বিধবাৰ আকৌ
বিয়া হবনে? বিধবা বিবাহ কৰিবলৈ আমাৰ গাৱঁত
তেনে সাহিয়াল মতা লৰা কোনটো আছে।
|
| গনেশ—
|
ভাল কৈছা নিৰ্মলে হেনো ভাটিৰ পণ্ডিতৰ মত
আনি বিয়া কৰাবহি। আমি তাৰ আগতে লেঠাটো
মাৰি থও ধৰা। সমাজৰো মাৰটো থাকিব।
|
| ধেনুৰাম—
|
তাইক বোলে মাষ্টৰজনে নিব। তেওঁ কিবা এটা
লেঠাও লগাইছে বোলে। সি মিছাকৈয়ে হাবাথুৰি খাই
ফুৰিছে।
|
| গনেশ—
|
নাই মিছা, তেওঁ কথাটো কলতে তাই বহুত তিৰস্কাৰ
কৰিলে।
|
| ধেনুৰাম—
|
তুমিনো কেনেকৈ গম পালা।
|
| গনেশ—
|
মই তেওঁক লগ পাইছিলো।মানুহজন বৰ ভাল
দেও। অৱস্থাও বেয়া নহয়। ভাল মানুহৰ ঘৰৰ
লৰা যেন লাগে।
|
| ধেনুৰাম—
|
ভালেই হল তেওঁ চাগৈ এজনী বিয়া কৰাই থৈছে;
তাই মান্তি হোৱা হলে লেঠাহে লাগিলহেঁতেন।
|
| গণেশ—
|
তেওঁ বোলে বিয়াকে কৰোৱা নাই।
|
| ধেনুৰাম—
|
তেনেহলে ভালেই হৈছে? তোমাৰ ভনীয়েৰকে
বন্ধবস্ত কৰা। তুমিনো কিমানক আশা দি আৰু ভেটি
ভাৰ খাই থাকা।
|
| গনেশ—
|
এৰা তুমি কোৱা কথাটোও বেয়া নহয়। পিছে
মই তেওঁক প্ৰমীলাক ধৰি আনি দিম বুলি কথা দিলো।
এতিয়া মুখ এৰিব নোৱাৰা হ'লো।
|
| ধেনুৰাম—
|
আনিলেও মিছা; কৈছা নহয় বহুত গালি পাৰিলে
বুলি; ধৰি আনিলেই মান্তি হব জানো।
|
| গনেশ—
|
ধৰি আনিব পাৰিলে বদনাম ওলালে সমাজত ঠাই
নেপালে, মান্তি নহৈ কৰিব কি?
|
| ধেনুৰাম—
|
অনাটো একো টান কাম নহয়। পিছে তোমাৰ
ভনীয়েৰৰ বিষয়ে কি কৰা। তাই আৰু এতিয়া ঘৰতে
বুঢ়ী হবগৈ। উঠি থাকিবৰ কিজানি দহ বছৰ মান হ'ল।
|
| গনেশ—
|
হেৰা নজনা নুশুনা পৰদেশী এটালৈনো বাৰু কেনেকৈ
দিয়া। তুমি নভবা নিচিন্তা কৰি কথা একোটা কোৱা আৰু।
|
| গনেশ—
|
তুমিয়েই নহলে বিয়া কৰোৱা। আমাৰ ঘৰৰ মানুহেও
তোমালৈ দিয়াৰ কথা বৰকৈ কৈছে। তুমি না আৰু
সদায় দাংবৰলা হৈয়ে থাকিবানে? ঘৰ খন নেপাতা জানো?
|
| ধেনুৰাম —
|
পাতোনো কেনেকৈ দেও আগৰ দৰে ঘৰৰ অৱস্থাও
নাই : যিবা দুটা এটা লিখা-পঢ়া শিকিছিলো তাকো
অভ্যাস নথকাত পাহৰি গলো। সৰুতে হাল কোৰ
বাবলৈকো নিশিকিলো। এতিয়ানো বিয়া কৰাই খাও
কেনেকৈ? তাৰ উপৰি বিয়াখন জানো ঘপহ কৰে পতা
মুখৰ কথা : অলঙ্কাৰ পাতি এডাল নাই।
|
| গনেশ —
|
সেই গুণেহে কৈছো ভোমোৰাগুৰিৰ
চাহাবক তাইক দিব পাৰিলে বাগিচাতে কামো এটা পাবা।
তুমি বাগিচাত সোমাব পাৰিলে অৱস্থা ভাল হবলৈ
কেইদিন লাগিছে। নিদিব পাৰিলে বকচিচো দিব।
|
| ধেনুৰাম—
|
তুমি সচাকৈয়ে কৈছানে?ভনীয়েৰাক দিবা
জানো?
|
| গনেশ—
|
মোৰ কথা এটাতে। মই তেনে হৰক তৰক
কথাৰ মানুহ নহওঁ। দিম বুলিছো যেতিয়া তুমি
দুখীয়া হলেও দিম। ভুমি মাত্ৰ কোনো মতে কাম
এটাত সোমাই লোৱা।
|
| ধেনুৰাম —
|
তোমাৰ ভায়েহঁতে কয় কি? তুমিতো অকলে
দিও বুলি দিব নোৱাৰা।
|
| গনেশ—
|
মই ভাইহঁতক কলেই হব। সিহঁতে মোৰ কথাত
অমত নহয়।
|
| ধেনুৰাম—
|
এনেকে হওঁতে কথাটো হয়।
সৰুটোৰ কাৰণেহে অলপ ভয়। সি আকৌ দুটামান
পঢ়ি-শুনি আজি-কালি আন ধৰণৰ হৈছে।
|
| গনেশ—
|
সেই বাবে তুমি চিন্তাকে
নকৰিবা । বোপায়ে
মৰিবৰ সময়ত তাহাতকে মোক গতাই দি গৈছে।
আৰু তাহাতকো কৈ গৈছে মই
যিহকে কওঁ তাকে
শুনিবলৈ। মাটি-বাৰী, টকা-শিকা ভাগ নকৰি মোকেই
গতাই দি গৈছে । মোৰ কথাত আপত্তি কৰিলে
সম্পত্তি পোৱাই টান হ'ব।
|
| ধেনুৰাম—
|
সেইটো সচাঁ, পিচে সৰুটো
তোমাৰ ডাঙৰ
ভনীয়েৰাৰ দেওৰেকৰ লগত বৰ নলেগলে লগ তাতে
ভনীয়েৰাই বা কয় কি ?
|
| গনেশ—
|
তাই আকৌ কৱ কি।
বোপায়ে মৰিবৰ সময়ত
তাইক মাটি এডোখৰ দিবলৈ বৰকৈ কৈ গৈছিল।
যদিহে তাই লোকৰ কথা শুনে তেন্তে মাটি পোৱাটো
মূদা মৰিব। সেই ডোখৰ মাটি তোমাকে দিম।
বোপায়ে জীয়েকক দিবলৈ কৈছিল; যেই সেই এজনীক
দিলেই হ'ল ৷ তাতে তোমাৰো অৱস্থা বেয়া; মাটি
ডোখৰ পালে দুবেলা দুমুঠি খাবলৈ হব ।
|
| ধেনুৰাম —
|
তুমি দেখিছো মোৰ কাৰণে বৰ ভাবিছা
|
| গনেশ—
|
নেভাবিম কেলৈ? গাৱঁৰ নে মাৱৰ তাতে তুমি
ভালৰ ঘৰৰ পৰা। এতিয়া অৱস্থা বেয়া হৈহে কাহিল
হৈছা।
|
| ধেনুৰাম—
|
তেনেহলে মইনো এতিয়া কি কৰিব লাগিব।
|
| গনেশ—
|
আজি গধূলিকৈ ওলাই আহিব। যেতিয়া টোপনি
যাব লাহেকৈ মুখত সোপা দি চকুকেইটা বান্ধি লৈ
আহিমগৈ।
|
| ধেনুৰাম—
|
তোমাৰ ঘৰত থলেহি আটাইবোৰে গম পাব নহয়।
|
| গনেশ—
|
মই তাৰ উপায় কৰিম। দুদিনমান ৰাখি চাওক
দিথৈ আহিমগৈ।
|
| ধেনুৰাম—
|
বাৰু তেন্তে মই গধূলিকৈ সোনকালে খাই বৈ
আহিম, তুমি সাজু হৈ থাকিবা। মই এতিয়া যাওঁহে।
|
| গনেশ—
|
বাৰু যোৱা পলম নকৰিবা।
|
|
|
কথাটোৰ অলপ আশা ধৰিছে। দুদিনমান ঘৰতে ৰাখি
হীৰালালক দিম, সিমানতো মান্তি নহলে চাহাবক দি থৈ
আহিমগৈ। চাহাবৰ পৰাও টকা চেৰেক পাম। ধেনু -
ৰামে কামটো পালে তাকো আশা দি দি টকাচেৰেক
সৰকাব পাৰিম।
|
( দধিৰাম আৰু কমলৰ প্ৰবেশ )
|
|
(কমললৈ চাই) তুমি কেতিয়া আহিলা।তোমালোকৰ
|
|
|
ঘৰত ভালনে? নবৌয়েৰাৰ ভালনে? দধি, তয়ো আহিলি
দেখোন তহঁতৰ স্কুল বন্ধ নে কি?
|
| কমল—
|
আমাৰ ঘৰত সকলোৰে ভাল। দধিহঁতৰ স্কুল
বন্ধ নহয়। মইহে মাষ্টৰক কৈ তাক ছুটি লোৱাই
আনিছো।
|
| গনেশ—
|
হেৰ দধি তই এই দৰে কমলৰ লগত স্কুলৰ পৰা ছুটি
লৈ আজিৰ পৰা নাহিবি।
|
| কমল—
|
আপুনিনো খং কৰিছে কিয়? বায়েকে কোৱা
বাবেহে আহিছে। নবৌৱে কেবাদিনো কোৱাতহে আপো-
নাৰ ওচৰলৈ আহিছোঁ।
|
| গনেশ—
|
কি কৈ পঠাইছে কোৱা। মোৰ কাম আছে যাব
লাগে সোনকালে কোৱা। তোমাৰো ঘুৰি যাবলৈ দেৰি হব।
|
| কমল—
|
নবৌয়ে কৈ পঠাইছে, চেনেহীৰ কাৰণে ভাল দৰা
এটা পাইছে; আপোনাৰনো কি মত সুধি পঠাইছে।
|
| গনেশ—
|
তোমালোকৰ সেইবোৰ কথাৰ দৰকাৰ নাই। মই
মোৰ ভনীক কেতিয়া বিয়া দিব লাগে জানো। নবৌয়েৰাক
কবাগৈ।
|
| কমল—
|
মই সেইবোৰ কি জানো; পঠিয়াইছে দেখিহে আহিছো।
|
| গনেশ—
|
ওলাই যোৱা জীয়ৰী ছোৱালী এজনীৰ ইমান কথা।
আমি তিনিটা ভাই ককাই থাকোতে তাইহে মোৰ ভনীৰ
দৰা বিচাৰি দিব পাৰে। হে'ৰ দধি তই সিহঁতৰ ঘৰলৈ যাৱনে কি?
|
| দধি—
|
কেতিয়াবা কেতিয়াবা যাওঁ।
|
| গনেশ—
|
মনত ৰাখিবি আজিৰ পৰা সিহঁতৰ ঘৰলৈ গলে
মোৰ ঘৰত সোমাব নোৱাৰিবি। আৰু কমলৰ লগত
ফুৰা দেখিলে তোক মই স্কুল এৰুৱাই দিম।
|
| কমল—
|
মইনো আপোনাৰ ভায়েকক কি কৰিলো।
|
| গনেশ —
|
তুমি একো কৰা নাই, পানী-দুনি এটোপা খাই
সোনকালে যোৱাগৈ।
|
| কমল—
|
আৰু এটা কথা সুধিবলৈ কৈছিল।
|
| কমল—
|
নবৌৱে সুধিছে দেউতাকে দিবলৈ কোৱা মাটি ডোখৰ
কেতিয়াকৈ নামজাৰী কৰাব।
|
| গনেশ—
|
মই এতিয়া কব নোৱাৰো। তাইৰ হবলা মাটি
ডোখৰ নেপাই টোপনীয়েই অহা নাই। ওলাই যোৱা
জীয়ৰী ছোৱালীবোৰৰ বিশ্বাস নাই। তাহাঁতি পাৰেমানে
গিৰিয়েকৰ ঘৰলৈ চুচিব।
|
| দধি—
|
ককাইদেউ, দেউতাই যদি দিবলৈ কৈছিল মাটি
ডোখৰনো দি নিদিয়ে কেলৈ।
|
| গনেশ—
|
তোক মই পৰামৰ্শ দিবলৈ মতা নাই। হেৰা কমল
তাইক কবাগৈ মাটিৰ কথা মাজুটোৱেহে জানে। বাৰু
তোমালোক এতিয়া যোৱা। (দধি আৰু কমলৰ প্ৰস্থান )
দধিক তাত পঢ়িবলৈ থলে ভাল নহব। বোপাইয়ে
হওতে আগেয়েই কৈছিল; সেই ঘৰ মিতিৰৰ সৈতে
|
|
|
বৰকৈ আহ-যাহ নকৰিবলৈ। তাক তাত থলে বেয়াহে
হব। মই এইটোতহে লাগিছো; তাই দৰা বিচাৰি
দিলেতে মই মোৰ ভনীলৈ দৰা পাম। নহলে দৰা
নোলাবই বাৰু ককায়েৰে সম্পত্তি খুৱাম।
|
( পুৰুষোত্তম দেউৰ প্ৰবেশ )
| পুৰুষোত্তম—
|
কি কৰিছ অ' গনেশ।
|
| গনেশ —
|
আছোহে দেউ; আজি দেখোন অসময়ত ওলালহি।
|
| পুৰুষোত্তম—
|
এৰা বোপাই আজি ৰাতিপুৱাই বৰজনী
ভনীয়েৰৰ ঘৰৰ ফালে গৈছিলো। ঘূৰি আহোঁতে তাহাঁতৰ
ঘৰত সোমাইছিলো। তহঁতৰ খা-খবৰ দি যাওঁ বুলি
সোমালো।
|
| গনেশ —
|
তাহাঁতৰ ভাল বুলি খবৰ পাইছো—এতিয়া তাইৰ
দেওৰেক কমল আহিছিল।
|
| পুৰুষোত্তম—
|
তেনে গম পাইছাই। ভনীয়েৰৰ সৈতে যোৰা
চাবলৈ সোঁৱৰণী এখন দিছিল : বোপাই হওতে মই
বহুত ৰাহি যোৰা চাইছো, এই দুখনৰ দৰে সোৱৰণী
মিল পোৱা নাই। মই কওতে এইবাৰ তালৈকে দি
পেলা। চাচোন তহঁতৰ দেখিহে ইমান দিন ৰাখিব
পাৰিছ। ঘৰতে আধা বুঢ়ী হলহি। আমাৰ ছোৱালী
হোৱা হলে তাইৰ জীয়েককো বিয়া দিবৰ হলহেঁতেন।
|
| গনেশ—
|
পাৰোতে জানো ৰাখিছো দেউ।
|
| পুৰুষোত্তম—
|
এৰা সেইটো বুজিছো। ভায়েৰ ককায়েৰহঁতৰ
|
|
|
মতটো মিলিলেহে। সিদিনা মাজুটো মোৰ ওচৰলৈ
গৈছিল; সি হেনো বেলেগ হয়।
|
| গনেশ —
|
কি কলে দেউ সি সিমান পালেগৈনে।
|
| পুৰুষোত্তম—
|
ভাল কৈছ বোপাই; মাটি বাৰীৰে। কথা
সুধিছিলহে ভাগত কিমান পৰিব।
|
| গনেশ—
|
অ' ইহঁতক মই ঘৰৰ ভিতৰত সাপহে পুহিছো,
দেউ আজিকালি ককাই-ভাইৰ বিশ্বাস নাইকীয়া
হল।
|
| পুৰুষোত্তম—
|
নকবি আৰু বোপাই, আজিকালি দিন-কাল
গুচিল। তোৰ আগত নকৈ কি। সি হেনো ধাৰৰ
ভাগ নলয়। আৰু বাপেৰ থাকোতেই বোলে মাটি
এডোখৰ তোৰ ঘৈণীয়েৰৰ নামে লৈ থৈছে।
সঁচানে কি?
|
| গনেশ —
|
হয় দেউ, বোপায়ে তেওঁৰ নামত লবলৈ মানা কৰাত
আমাৰ তাইৰ নামেই মাটি ডোখৰ লৈ থৈছো।
|
| পুৰুষোত্তম—
|
পিতাৰৰ নামেনো লবলৈ কেলৈ মানা কৰিছিল?
|
| গনেশ —
|
বোপায়ে যে আগেয়ে মানুহ জনী আনিছিল তেওঁৰ
ঘৰ তাতে। পিতায়ে লব লাগিলে তেওঁকে খাবলৈ দিব
লাগিব; সেইহে মোৰ নামে লবলৈ কৈছিল। মই আকৌ
তাইৰ নামেই মাটিডোখৰ লৈ থৈছো।
|
| পুৰুষোত্তম—
|
আজিকালি চকু গজা লৰা নহয়।
|
| গনেশ—
|
মই ভাবিছিলো, ভনী জনী বিয়া দি তাহাঁতৰো ঘৰ
খন পাতিম। এতিয়া আৰু মই মন নকৰো। কাৰণ শেহত
|
|
|
মোৰ অথান আবান লৰা কেইটাৰ কষ্ট হব।
|
| পুৰুষোত্তম—
|
বাৰু সেইবোৰ যি কৰ কৰিবি। বাপেৰৰ শৰা-
ধত যে মাটি ডোখৰ দিছিলি; মোকনো কেতিয়াকৈ
দিবি। তহঁতৰ এই খন দেখিহে মোক মাটি ডোখৰ
গটাই দিবলৈ কৈ আছো।
|
| গনেশ—
|
দেউ আপোনাৰ ধানৰ পৰা অসুবিধা হৈছে?
|
| পুৰুষোত্তম—
|
নাই হোৱা। দান দিয়া বস্তু সোনকালে দি
মোক লেঠা মাৰি পেলাব লাগে। দান দি ৰাখি থব
নাপায়।
|
| গনেশ—
|
দেউ আপোনাক মাটিডোখৰ খাই থাকিবলৈ দিলেই
নহবনে? মইটো মাটিডোখৰ দান কৰা নাই, তাত হোৱা
শস্যহে আপোনাক দিম বুলিছিলো।
|
| পুৰুষোত্তম—
|
হেৰ তই জানো তাম তুলসী লৈ ভূমি দান কৰা
নাছিলি। এতিয়া পাহৰিলিয়েইনে?
|
| গনেশ—
|
পাহৰা নাই। আমি জানোয়েই বামুণে হাল বাই
খেতি কৰিব নোৱাৰেই। আমিহে খেতি কৰি দিব
লাগিব। মাত্ৰ কিমান ধান দিব লাগিব তাক ঠিক কৰি-
বলৈহে মাটিৰ পৰিমান কৈছিলো।
|
| পুৰুষোত্তম—
|
আজি কালি দেশত ধৰ্ম্ম কৰ্ম্ম একো নাইকীয়া
তল। এবাৰ দান উচৰ্গি এতিয়া কৈছ দান কৰা নাই।
নিদিলে নিদিবি; এইদৰে দিম দিম বুলি টু-টুৱাই থাক
কেলৈ। তোক কিবা মই খুজিছিলোনে? মোক দান
|
|
|
দিম বোলাতহে কৈছিলো। দানৰ বস্তু দিলেহে মৃত্যুকে
পায়।
|
| গনেশ—
|
দেউ আপুনি ভুল বুজিছে।
আগৰ কালত ৰজাই
যি বোৰ মাটি দৌল দেৱালয়ৰ কাৰণে দান কৰিছিল।
সেইবোৰটো বিক্ৰি কৰিব নোৱাৰে। আপুনি যেতিয়া-
লৈকে আমাৰ পুৰোহিত হৈ থাকিব তেতিয়ালৈকে আপুনি
ভোগকৰি থাকিব, আপোনাৰ অবিহনে যি জন হব তেওঁ
পাব। তেহে বোপাইৰ নামটো থাকিব। অ' আপোনাক
হবলা একেবাৰে লিখা-পঢ়া কৰি দিব লাগে। তেতিয়া
আপুনি বেচি কিনি টকা কেইটা লব পাৰিব। সেইটো
কৰিলে বোপাইৰ শৰাধত দিয়া মাটিৰ মুৰ মৰিব।
সেইটো হবলৈ মই নিদিওঁ।
|
| পুৰুষোত্তম—
|
আনকো সুধি চাবি। শৰাধত দিয়া দান কেনেকৈ
দিয়ে।
|
| গনেশ—
|
সুধিবই নেলাগে। ময়ে জানো। আপুনি বাৰু সেই
কাৰণে চিন্তা কৰিব নালাগে। যি হয় এটা কৰিম।
কথা এটা শুনিছো সচানে? নিৰ্ম্মলে বোলে ভাটীৰ পৰা
পণ্ডিতৰ সন্মত আনি প্ৰমীলাক বিয়া কৰাব খুজিছে?
|
| পুৰুষোত্তম—
|
আমি তাৰ মানত পণ্ডিত নহৱেই নে? ভাটিনো
কোনে মত দিব।
|
| গনেশ—
|
যদিহে নিৰ্ম্মলেঔ কেনেবাকৈ মত আনিব পাৰে তেতিয়া
দেউ, আপোনালোকৰ নাকত খোলা ঘঁহিবহি। মোৰ মনেৰে
|
|
|
ইমানবোৰ হোৱাতকৈ চাহাবকে দি দিও। সমাজৰ বান্ধো
ৰব, আপুনি কেনে দেখে?
|
| পুৰুষোত্তম—
|
তাই যদি আকৌ এটালৈ যাব খুজিছে; সেইটো
কৰিলে বেয়া নহয়।
|
| গনেশ —
|
যদি চাহাবক দিয়ে তেন্তে তাই তাত নাথাকিলে আকৌ
গুচি আহিব নহয়।
|
| পুৰুষোত্তম—
|
সেইটো একো টান কথা নহয়। তাতে তাই
মুখৰা ছোৱালী।
|
| গনেশ—
|
আপুনি এটা কাম কৰিব, যদি মই চাহাবক দিয়াত
মোৰ নামটো ওলাই; আপুনি সমাজত উলিয়াই দিব;
সেই দিনা যে উইভিং মাষ্টৰ জন লগ পাইছিল, তেওঁ
পলুৱাই নিওঁতে মই বাটত তেওঁৰ হাতৰ পৰা উদ্ধাৰ
কৰি আনিছো বুলি তেওঁৰ লগত অপবাদটো প্ৰচাৰ
হলে মই বলে পাৰিম।
|
| পুৰুষোত্তম—
|
যি কৰ কৰি থাক, মোৰহে মাটিডোখৰৰ
লেঠাটো নামাৰিলি।
|
| গনেশ—
|
সেই বাবে চিন্তা নকৰিব। মই এনেয়ে চুপতিহে
মাৰিলো। আপোনাক দিম বুলিছো যেতিয়া দিম। এতিয়া আপুনি যক মই আকৌ লগ পাম।
|
(ভাৰতীয়ে বহি কিতাপ পঢ়ি থাকে। এনেতে নগেনৰ
প্ৰবেশ।)
| নগেন —
|
তুমি এতিয়াও শোৱা নাইনে?
|
| ভাৰতী—
|
ঘৰৰ সকলো শুলে মইহে আছো, সদায় এইদৰে আপোনালৈ বাট চায় বহি থাকোতেই গৈছে। ভাত-পানী তেনেই চেচা হল। এতিয়া চেচা ভাতবোৰনো কেনেকৈ খাব।
|
| নগেন—
|
মই ভাত নেখাওঁ, বন্ধু এজনৰ ঘৰত খাই আহিছো, তুমি খালা জানো।
|
| ভাৰতী—
|
আজি দেখোন মোৰ বিষয়ে বৰ খবৰ লৈছে। কত দিন এইদৰে নোখোৱাকৈয়ে গৈছে সিমানতো আপুনি জানো বুজে. কত ৰাতি এইদৰে বহি বহিয়ে কটাইছো তাক একমাত্ৰ ঈশ্বৰেহে জানিছে। আপুনি হৈছে মোৰ প্ৰাণৰ দেৱতা স্বামী গুৰু। তিৰোতাৰ স্বামী সেৱা কৰাৰ বাহিৰে আৰু জীৱনত কি লক্ষ আছে। সেইটোতো আপুনি নুবুজে। আপোনাৰ চৰণ স্পৰ্শৰ পৰাও হত ভাগিনীক বঞ্চিত কৰে।
|
| নগেন —
|
( গহিনাই ) থোৱা, থোৱা সেইবোৰ কথা
চোৱাচোন কলিকতাত থাকোতে সদায় কাৰবাৰৰ বিষয়
ভাবোতেই যায়। ঘৰত আহি তোমাৰ লগত প্ৰেমালাপ
কৰো চাৰি মনৰ পৰা সেইবোৰ চিন্তা নুগুচেই। আজি
তোমাক বহুত কথা কব লগা আছে।
|
| ভাৰতী—
|
আপুনি সঁচাকৈয়ে খাই আহিছেনে? নাই বেচি
ৰাতি হোৱা বাবেহে নেখাওঁ বুলিছে।
|
| নগেন—
|
ৰবা অথন কথাটো শুনা তোমাৰ আগত নো কি
মিছা কম, মই কিছুদিন পুৰিত থাকোগৈ বুলিছো।
চোৱাচোন মোৰ শৰীৰ দিনে দিনে অতি বেয়া হৈ
গৈছে। সাগৰৰ হেৱা পানী ললে কিজানি সোনকালে
স্বাস্থ্য ভাল হয়।
|
| ভাৰতী—
|
সেইটো বৰ ভাল কথা; পিচে ময়ো লগতে যাম হলে।
|
| নগেন—
|
তুমি কেলৈ যাব লাগিছে।
|
| ভাৰতী—
|
কেলৈ গিৰিয়েকৰ লগত জানো ঘৈণীয়েক নেযায়।
মই নগলে আপোনাক তাত কোনে প্ৰতিপাল কৰিব।
মই জগন্নাথ মহা প্ৰভুকো দৰ্শন কৰিব পাৰিম। মই
আপোনাৰ লগত এইবাৰ যামেই।মোক নিবই লাগিব।
|
| নগেন—
|
মই তোমাক লগত নিব নোৱাৰো। গাঁৱলীয়া মাইকী
মানুহ ৰেলত নিবলৈ বৰ টান। মনত শান্তি নেপালে
শৰীৰো বেগেতাই ভাল নহয়।
|
| ভাৰতী—
|
মই লগত থাকিলেইনো আপোনাৰ কিয় অশান্তি
|
|
|
হয়। আপুনি মোক অকনো দেখিব নোৱাৰে।
|
| নগেন—
|
দেখিব পৰা নপৰা কথা নহয়। অশিক্ষিত তিৰোতাক
মই লগত বিদেশলৈ নিবলৈ ভাল নেপাও তুমি যাবলৈ
নধৰিবা। মই তোমাক নিনিওঁ।
|
| ভাৰতী—
|
বাৰু মই যোৱাৰ কথা দেউতাকে৷ কৈ চাম।
তেখেতে আপোনাক অকলে নপঠায়।
|
| নগেন—
|
তুমি এইবোৰ কথা দেউতাক নকবা ইমান দিনৰ
মূৰত ঘৰলৈ আহিছে। শুনিলে বেয়া পাব। বহুত
ৰাতি হল শোওঁগৈ যাওঁ।
|
|
|
( ৰজনীৰ শোৱা কোঠা। মূৰ্তিমতীয়ে তামোল কাটি
থাকে। ৰজনী আহি বহেহি। )
|
| ৰজনী —
|
হেৰা মই ঘৰলৈ অহাৰ কাৰণ জানানে? তোমাৰ
বৰ পুতেৰাই ভালকৈ একা মোৰ মাৰি আহিছে।
|
| মূৰ্তিমতী—
|
আপুনি তেনে কথা নকব মোৰ বোপাই তেনে
নহয়। 'আপোনাৰ লগত থাকিহে যদি বেয়া হৈছে।
|
| ৰজনী —
|
তুমি পুতেৰাৰ কথা কবলৈকে নিদিয়া। মইনো
বাপোকিটো হৈ মিছাকৈয়ে কৈছোনে?
|
| ৰজনী —
|
কৰিবলৈ আৰু বাকী থোৱা নাই। বংশধৰে নটিনী
|
|
|
জনীচেৰেকৰ লগত মদ খাই মোৰ টকা পইচ৷ সোপাকে
উৰালে৷ হিচাপ পত্ৰ দিব লাগে বুলি ইয়াত সোমাই
আছেহি। তাৰ বেমাৰ ভাল হবৰ ইমান দিন হ'ল;
তত্ৰাচ সি জানো কাৰবাৰৰ কথা ভাবিব নেপাই।
তাৰ উপৰি পুলিচে সদায় তাৰ খবৰ লয়হি। কুলাধমে
গম পাই ঘৰত সোমাই আছেহি।
|
| মূৰ্ত্তিমতী—
|
বোপাই লৰা মানুহ, কিবা জগৰ জাতি লগালে
যদি সৰুৱাবলৈ কাৰবাৰ কৰক।
|
| ৰজনী —
|
মই কি কৰিম মোৰ হাতত টকা এটাও নাই যি
খাটছিলো সকলো তাৰ হাততে। সি অহাৰ আগতে
এখন বিলৰ পচিশ শ টকা পাইও জমা কৰা নাই।
চোৱাচোন এই বুঢ়া বয়সত সি মোক চাৰিও ফালে লেঠাত
পেলাই সৰ্বনাশ কৰিলে। এতিয়া পাত কিনাৰ দিন,
কেনেকৈ মই সুদা হাতেৰে কাৰবাৰ চলাও।
তাৰ উপৰি যাক আগধন দিছে সিয়ো মৰা পৰিব।
|
| মূৰ্তিমতী—
|
বাৰু আপুনি মাতি আনি তাক সোধকচোন;
কিজানি তাৰ হাতত টকা আছেই। সিনো অ'তবোৰ
টকা কিহত খৰচ কৰিব। মোৰ বিশ্বাস কৰবাত জমা
থব পায়।
|
| ৰজনী—
|
থোৱা তোমাৰ বিশ্বাস। তুমিয়ে সোধাগৈ।
|
( ৰজনী উচাত মাৰি উঠি যায় )
| ভাৰতী—
|
মোকনো নিবলৈ কিয় অমান্তি হৈছে। মই লগত
গলেনো তেখেতৰ কি অপকাৰ হব। এনেকৈ হওঁতে
বহুত অসুবিধা আছে। মোৰ মনটো কিবা কিবা
লাগিছে দেখোন।
|
( এনেতে চিন্তান্বিত নগেনৰ প্ৰবেশ )
|
|
আপুনি দেখোন বৰ চিন্তা কৰি আহিছে।
|
| নগেন—
|
মই চিন্তা কৰিছো বুলি তুমি কেনেকৈ জানিলা।
|
| ভাৰতী—
|
আপোনাৰ মুখৰ চেহেৰা আৰু চকুৰ পৰাই বুজিব
পাৰিছো।
|
| নগেন—
|
থোৱা তোমাৰ কবিতা, ব্যৱসায়ী মানুহ আমি তোমাৰ
কবিতাৰ ভাব বুজিব নোৱাৰো। এনেয়ে শৰীৰ বেয়া;
তাতে কাৰবাৰৰ চিন্তা, তোমাৰ ওচৰলৈ আহিলে সকলো-
বোৰৰ কৈফিয়ৎ মই দিব নোৱাৰো।
|
| ভাৰতী—
|
আপোনাক কথা এটা সোধো। মই শুনিবলৈ
পাইছো ............ ময়ে যে শুনিছো এনে নহয়। মই
আপোনাৰ আগত লুলুকুৱাও। আপুনি মোৰ স্বামী;
স্বামীৰ আগত আত্ম গোপন নকৰো। কৰিলে মহা পাপ
হব। আপুনি বোলে কাৰবাৰৰ বিষয়ে একেবাৰে কাণ-
সাৰ এৰি দিছে আৰু বহুত টকাও হেনো জমা নকৰা কৰি
লৈ আহিছে। আপোনাৰ খবৰ দিনৌ পুলিচে কলিকতাত
লব লাগিছে। সচাকৈ কওকচোন আপুনিনো কি জগৰ
|
|
|
লগাই আহিছে। আপুনি এনেকুৱা কিয় হল। টকা
বোৰ যেনেকৈ উৰাইছে সেই দৰে হলে ধন সম্পত্তি
কেই দিন থাকিব। আমি আৰু বাটৰ ভিক্ষাৰীহে
হব লাগিব।
|
| নগেন —
|
মিছামিছিকৈয়ে এইবোৰ কেপ-কেপাই আছা।
মোৰ বেমাৰ ভিতৰি ভিতৰি বৰ টানেই হৈছে।
|
| ভাৰতী—
|
আপোনাৰ কি বেমাৰ হৈছেনো?
|
| নগেন—
|
এই বেমাৰেই মোক মাৰিব।
|
| ভাৰতী—
|
মানুহৰ বেমাৰ হলেই মৰেনে? এনেকুৱানো কি
মাৰাত্মক বেমাৰ হৈছে? বেমাৰৰতো নাম আছে।
আচলতে আপোনাৰনো কি বেমাৰ হৈছে কওকচোন।
|
| নগেন—
|
আচল কথা নকলি কথা মই নেজানো।
বেমাৰ হৈছে কৈছো, নপতিয়ালে কি কৰিম।
|
| ভাৰতী—
|
বেমাৰ হৈছে যদি ডাক্তৰ কবিৰাজক দেখুৱাওক।
দৰব জাতি খাওক। অলপ দিন জিৰণি ললে ভাল হ'ব।
|
| নগেন —
|
মিছা মই ডাক্তৰক দেখুৱাই দৰব জাতি ৰীতি মতে
খাইয়ে আছো; একো গুণ হোৱা নাই সেইহে সিদিনা
তোমাৰ আগত পুৰীলৈ যোৱাৰ কথা কৈছিলো। ঠাই
সলনি হলে ভাল হয়েইবা।
|
| ভাৰতী—
|
কেতিয়ামানে যাও বুলিছেনো।
|
| ভাৰতী—
|
কেতিয়ামানকৈ ঘূৰিব। দেউতাক সুধিছিল জানো
সকলো কথা ঠিক ঠাক কৰি যোৱাতে ভাল। যদিও
কাৰবাৰৰ লোকচান হব কি কৰিব দেহাতকৈ ধন ডাঙৰ
নহয়। মোক তেওঁ বেমাৰৰ কথাটো কৱলৈকে বিশ্বাস
নকৰিলে।
|
| নগেন —
|
মই যাম বুলিছো যামেই। যাবলৈ নেপালে মই যে
মৰিম ই নিশ্চয়।
|
| ভাৰতী—
|
আপোনাৰ কথাবোৰ শুনি মোৰ বৰ সন্দেহ হৈছে।
মোক ইমানতো ভুৱা দিছে কেলৈ। আপুনি যি দিনাই
পুৰিলৈ যাওঁ বুলিলে সেই দিনাৰ পৰা মোৰ সন্দেহ
হৈছে। আপুনি মোক পৰিত্যাগ কৰি মোৰ চকুৰ
আঁতৰ হবলৈ মন কৰিছে। যদিও মোৰ এই সন্দেহ
ভাবৰ পৰা আপোনাৰ ওচৰত শত অপৰাধে অপৰাধী
হৈছো তেওঁ মোৰ মনে বিশ্বাস কৰা নাই।
|
| নগেন—
|
মই তোমাৰ সন্দেহ ভাব গুচাৱ নোৱাৰো।
সকলো কথাতে তুমি মোক সন্দেহ চকুৰে চোৱা।
মই মোৰ নিজৰ কৰ্ত্তব্য বুজো। মোৰ যেতিয়া গা ভাল হ'ৱ ভেতিয়া
ঘূৰি আহিম তাত কিহৰ সন্দেহতো। মই এতিয়া যাওঁ।
মোৰ বস্তু বাঢ়নিবোৰ সোনাৰামৰ হাতত ষ্টেচনলৈ
পঠাই দিবা।
|
ভাৰতী—সঁচাকৈয়েনো তেখেত বেমাৰৰ বাবে যাবলৈ
|
|
ওলাইছেনে? মই কিয় মিচাতে চিন্তা কৰি মৰিছো।
কিয়নো এনে ভাববোৰ আহিছে। তেখেতৰ বেয়া স্বভাৱৰ
কথা মনত পৰিছে জানোচা কোনো পিশাচিৰ ফান্দত
পৰি যাবলৈ ওলাইছে। (অলপ ৰৈ ) নহয় এনে
চিন্তা কৰা বেয়া। মই হৈছো অবলা ইমান সন্ধানৰ
যোগ্য নহয়। হে দয়াময় মোৰ স্বামীক ৰক্ষা কৰা।
অধ:পতন হবলৈ নিদিবা।
|
চতুৰ্থ দৃশ্য—গনেশৰ ঘৰৰ এটা কোঠা।
( প্ৰমীলাই অকলে অকলে বহি কান্দি থাকে। )
| প্ৰমীলা—
|
হে প্ৰভু এই অভাগিনীক বিপদৰ পৰা উদ্ধাৰ কৰা।
তুমি বিনে কোনে দয়া কৰিব। হায় মোৰ জীৱনৰ
সৰ্ব্বস্ব নিৰ্ম্মলৰ লগত আৰু দেখা নহল। হে প্ৰভৃ
মোক মাৰি নিয়া।( কান্দে ) ( হেমপ্ৰভাৰ প্ৰবেশ। )
|
| হেমপ্ৰভা —
|
তুমি কান্দিছা কিয়। তুমি নেকান্দিবা, মই
তোমাক এই বিপদৰ পৰা উদ্ধাৰ কৰিম। তোমাৰ
কপাল ভালেই বুলিছো। মোৰ গিৰিহতে তোমাক সেই
পাষণ্ডটোৰ হাতৰ পৰা ননা হলে তোমাৰ কি দশা হল-
হেতেন। তুমি নিৰ্ম্মলক লগ পাবা, নেকান্দিবা (চকু
পানী মচি দিয়ে ) মই তোমাৰ চুলি আচুৰি ফোট দি
|
|
|
দিও। এই দৰে আউলী বাউলী হৈ থাকিলে দেখিবলৈ
বেয়া হয়।
|
(মূৰ আচুৰি দি ফোট দিয়ে )
|
|
এইয়া আৰ্চি চোৱাচোন এতিয়া তোমাৰ মুখখনি কেনেকৈ
জিলিকি উঠিছে। এতিয়াহে ভাল হৈছে। এনে সুন্দৰ
মুখ খনি আই ঐ দেহি।
|
| প্ৰমীলা —
|
বাইদেউ মোৰ ৰূপৰ কথা প্ৰশংসা নকৰিব। মোৰ
ৰূপত কলা ডাৱৰ পৰিল।
|
| হেমপ্ৰভা—
|
কেলৈ হ'ব। অলঙ্কাৰ নাইকিয়া তিৰোতাৰ ৰূপেই
অলঙ্কাৰ। মোৰ যদি তোমাৰ নিচিনা ৰূপ থাকিলহেঁতেন ভনিটী—
|
| প্ৰমীলা —
|
আপুনি মোৰ ৰূপৰ কথা কৈ কিয় জোৰ দিছে।
আপোনাৰ কথা বোৰ শুনি মোৰ জ্বলা জুই দুগুণে
উথলি উঠিছে। চবচোন এই ৰূপ যৌবন যাৰ
চৰণত অৰ্পিম বুলি অকলঙ্কিত কৰি ৰাখি আছো সেই
নিৰ্ম্মল আজি ক'ত, মই ক'ত। শেষ সময়ত এবাৰ
দেখিবলৈও নেপালো। নিৰ্ম্মলৰ কাৰণে কান্দি কান্দি
কাল কটাইছো। এনেবোৰ কথা কৈ অশান্তি নবঢ়াৱ
বাইদেউ।
|
| হেমপ্ৰভা—
|
নহয় ভনীটি, তোমাৰ মনৰ বেজাৰ পাতলাবলৈ
হে এনেবোৰ কথা কৈছো, দোষ হলে ক্ষমা কৰিবা।
|
| প্ৰমীলা —
|
মই আপোনাক ক্ষমা কৰিম। আপোনাৰ স্বামীয়ে
মোক সেই পাষণ্ডৰ হাতৰ পৰা ননা হলে মোক বা
সি কি কৰিলেহেতেন! আপুনিও মোৰ কাৰণে বহুত কষ্ট
কৰিছে এনেস্থলত আপোনাৰ মুখত এনে কথা নুশুৱায়।
আপনি ওচৰলৈ আহিলে মনত কিমান শান্তি পাওঁ।
মোৰ জীৱনত আপোনাৰ উপকাৰৰ কথা পাহৰিব
নোৱাৰো! বাইদেউ, আপুনি মোৰ মানত স্বৰ্গৰ দেৱী।
|
| হেমপ্ৰভা—
|
বাৰু সেইবোৰ থোৱা। আজি লৰাহতৰ
দেউতাক ঘৰত নাই। তুমি অকলে শুবলৈ ভয়
কৰা যদি বেয়া নেপালে ময়ে তোমাৰ লগত শুমহি।
|
| প্ৰমীলা—
|
থওক বাইদেউ মইনো আপুনি শুলে বেয়া পামনে?
আপুনি মোৰ লগত শুলে ৰাতি লৰাচোৱালী কেইটাৰ ভয়
লাগিব পাৰে। সেইদেখি তাহাতৰ লগতে শুৱক।
এই অকলে থাকি থাকি অকলে শুবলৈ সিমান ভয়
নলগা হৈছে।
|
| হেমপ্ৰভা—
|
বাৰু তেনে এই কটাৰি খনকে বিচনাৰ দাঁতিত
থবা। দা-কটাৰি থাকিলে ৰাতি ভয় নাখায়। তেনে
মই এতিয়া৷ শোওঁগৈহে।
|
| প্ৰমীলা—
|
এনে উদাৰ তিৰোতা। লোকৰ কাৰণে ইমান কষ্ট
কৰে।
|
| প্ৰমীলা—
|
পাপিষ্ঠ তই ইয়ালৈ কিয় আহিছ। তোৰ কু-চক্ৰী
নৰ পিশাচৰ মুখ দেখিলেও পাপ।মোৰ মুখৰ
আগৰ পৰা দূৰ হ'। সতীৰ অপমান ঈশ্বৰে কেতিয়াও
সহিব নোৱাৰে। তই এদিন নহয় এদিন ইয়াৰ প্ৰতি-
ফল পাবি নৰাধম।
|
| হীৰালাল—
|
তুমি মিছাতে ইমান খং কৰিছা কিয়? তুমি
এতিয়া মোৰ হাতত।
|
| প্ৰমীলা —
|
কি কলি মই এতিয়া তোৰ হাতত!
হীৰালাল— হয়, তুমি যদি এতিয়া মোক বিয়া কৰাবলৈ
মান্তি নোহোৱা তেনে তোমাক নি চাহাবক দিবগৈ।
কোনেও গমকে নেপাব। সেই দেখি প্ৰমীলা তুমি।
মোৰ হবলৈ মান্তি হোৱা; নহলে তোমাৰ শাস্তি
অনিবাৰ্য্য। প্ৰমীলা .........
|
| প্ৰমীলা—
|
প্ৰাণ গলেও তোৰ নিচিনা নৰাধমৰ তিৰুতা নহওঁ।
মোৰ ইয়াৰ পৰা ভালে ভালে আঁতৰ হ'।
|
| হীৰালাল—
|
প্ৰিয়ে মোক তুমি ইমান খং কৰিছা কিয় মত
তোমাৰ কোনো অপকাৰ কৰা নাই, অভাগাক প্ৰেম
আলিঙ্গনে কৃতাৰ্থ কৰা—
|
| প্ৰমীলা —
|
( আঁতৰি যায় ) সাৱধান পাপিষ্ঠ, মোৰ গাত
হাত নিদিবি। তোৰ মঙ্গল নহব। এতিয়াও কৈছো
সাৱধান।
|
| হীৰালাল—
|
প্ৰিয়া তোমাৰ বিৰহত মই দেই পুৰি মৰিছো,
মিচাতে আৰু তৰ্ক নকৰিবা তোমাৰ এই অপৰূপ ৰূপ
লাবন্য ভোগদানে মোক কৃতাৰ্থ কৰা। আহা প্ৰিয়া
। আগবাঢ়ি যায়। (প্ৰমীলাই কপি কঁপি পাচ হুহকি যায় )
|
| প্ৰমীলা—
|
মাষ্টৰ বাৰু তোমাৰ ভৰিত ধৰিছো। এই নিঃসহায়া
অবলাৰ ধৰ্ম্ম নষ্ট নকৰিবা। এই দেহ, মন, প্ৰাণ, মই
নিৰ্ম্মলক অৰ্পণ কৰিলো। তুমি মোক তোমাৰ ভনী বুলি ৰক্ষা কৰা।
|
| হীৰালাল—
|
এতিয়া ভণী-ফণী কৰিলে নহব। তুমি কথাৰে
ভুলাবলৈ মই লৰা নহয়। সহজে যদি মোৰ হবলৈ
মান্তি নোহোৱা; তেতিয়া তোমাৰ ওপৰত অত্যচাৰৰ
সীমা নেথাকিব।
|
| প্ৰমীলা—
|
মই প্ৰাণ থাকে মানে কেতিয়াও তোমাৰ এই নিচ
প্ৰস্তাবত মান্তি হব নোৱাৰো।
|
| হীৰালাল—
|
পুনৰ কৈছো তুমি মান্তি হোৱা, নহলে
তোমাৰ ভবিষ্যত আন্ধাৰ। পাঁচমিনিট সময় দিছো
ভাবিচোৱা নহলে তোমাক আজি কোনে ৰক্ষা কৰে চাম।
|
| প্ৰমীলা—
|
( স্বগত: ) কি কৰো, মোৰ কাৰণেই আজি নিৰ্ম্মল
দেশে বিদেশে কষ্ট কৰি ফুৰিছে ( আঠু কাঢ়ি ) হে দেৱাদিদেৱ মহাদেৱ
এই অভাগিনীক আজি এই
|
|
|
কামাতুৰ নৰ ৰাক্ষসৰ হাতৰ পৰা ৰক্ষা কৰা। হে প্ৰভু
তুমি ৰক্ষা নকৰিলে সতীৰ পৰম ৰত্ন সতীত্ব ধন কোনে
ৰক্ষা কৰিব। হে আই! সীতা মাতৃক ঠাই দিয়াৰ দৰে
মোকো এই বিপদৰ সময়ত তোমাৰ গৰ্ভত ঠাই দিয়া।
|
| হীৰালাল—
|
মই আৰু ৰব নোৱাৰো তোমাৰ মত কি?
|
| প্ৰমীলা—
|
( স্বগতঃ ) অন্য উপায় কৰিব লাগিল নহলে হাত
সৰাৰ উপায় নাই [ ফুটাই ] মই দেখিছো তুমি মোক
বৰ ভাল পোৱা। মই তোমাৰ ভালপোৱা প্ৰমাণহে
কৰিলো। মই তোমাক মনে মনে কিমান ভাল পাওঁ
তাক কেনেকৈ দেখুৱান। তোমাৰ মনৰ ভাব বুজিবলৈহে
অতপৰ এনে কথা কৈছিলো। মই পৰা হলে হনু
মানৰ দৰে বুকু ফালি তোমাক কিমান ভাল পাও তাক
দেখুৱালোহেতেন। তোমাৰ এই মন-মোহন ৰূপে মোৰ
হৃদয় অধিকাৰ কৰি আছে। মই তোমাৰ বাহিৰে আন
কাৰো নহওঁ।
|
| হীৰালাল —
|
অতদিনে মোক কিয় কোৱা নাছিলা। মোক
কিয় ইমান কষ্ট দিলা।
|
| প্ৰমীলা —
|
কষ্ট কৰিলেহে সাগৰৰ তলৰ মাণিক তুলিব পাৰে।
সোন পৰীক্ষা কৰিবলৈ হলে জুইত পুৰিলেহে হব।
সেই কাৰণে মই তোমাৰ ভালপোৱাটো প্ৰকৃতঃ নে
ৰূপজ তাকহে চালো।
|
| হীৰালাল—
|
প্ৰিয়া এতিয়াহে মোৰ মন আনন্দত উঠলি উঠিছে।
|
| প্ৰমীলা —
|
তোমাৰ নিচিনা সৰ্ব্বগুণাকৰ প্ৰেমিক পোৱা
মোৰ নিচিনা হতভাগীৰ পৰম সৌভাগ্যৰ বিষয়।
|
| হীৰালাল—
|
তোমাৰ মধুময় কথা শুনি সচাঁকৈয়ে
মোৰ হৃদয় মোহিত হৈছে। প্ৰমীলা তোমাৰ মন বুজিব
নোৱাৰি অনেক কটু কথা কলো; মোক ক্ষমা কৰিবা।
হে মোৰ হৃদয়ৰ অধিশ্বৰী মোৰ প্ৰাণৰ পুতলী ভূমি
মোক অনুমতি কৰা তোমাক মই মোৰ হৃদয় সিংহাসনত
বহুৱাও।
|
| প্ৰমীলা—
|
( স্বগতঃ ) আকৌ বিপদ। ( ফুটাই ) তুমি যেতিয়া-
লৈকে মোক নিয়মমতে বিয়া নকৰোৱা তেতিয়ালৈকে
তোমাৰ প্ৰস্তাৱত মান্তি হব নোৱাৰো।
|
| হীৰালাল—
|
তেনেহলে কেতিয়া বিবাহ হব।
|
| প্ৰমীলা —
|
তুমি ভাল দিন-বাৰ এটা চোৱাই ঠিক কৰাগৈ।
ফাল্গুণ মানত হলে ভাল হব। এতিয়া মোৰ শৰীৰ
বৰ ভাল নহয়।
|
| হীৰালাল —
|
তোমাৰ কথাতে মই মান্তি হলো। হোৱা
এয়া এইয়া মদ আনিছো তোমাৰ কোমল হাতেৰে
এটোপা বাকি দিয়া।
|
| প্ৰমীলা—
|
মই সেইবোৰ চুবলৈ ভাল নেপাওঁ, নিজেই বাকি
খাওক।
|
( হীৰালালে নিজে বাকি খায় )
| হীৰালাল—
|
প্ৰমীলা তোমাক মই সোণক লৈ গনেশৰ ঘৰৰ
পৰা নিম। তুমি চিন্তা নকৰিবা। প্ৰাণেশ্বৰী মই
এতিয়া যাওঁ, মই তোমাৰ চৰণত ধৰিছো মোৰ দোষ
ক্ষমা কৰিবা।
|
| প্ৰমীলা—
|
প্ৰভু আজিলৈ ৰক্ষা কৰিলা।
এতিয়৷ কি কৰো।
|
(বেগেৰে হেমপ্ৰতাৰ প্ৰবেশ )
| হেমপ্ৰভা—
|
ভনীটি, ভনীটি মোৰ স্বামীক ৰক্ষা
কৰা,বৰ বিপদ, বৰ বিপদ, মই তোমাৰ ভৰিত ধৰিছো,
পুলিচে তোমাক বিচাৰি বিচাৰি খলক লগাইছে।
মোৰ গিৰিহঁতক পুলিচে বিচাৰিছে। তোমাক হেনো
তেখেতে ধৰি আনিছে। তোমাক যদি আজি পুলিচে
ইয়াত পায়হি মোৰ স্বামীৰ কি গতি হব। ভণীটি
তুমি মোৰ মুখলৈ চাই এই পিনেই সোনকালে গুচি
যোৱা। পাপিষ্ঠ হীৰালালে ফুচুলাই মোৰ স্বামীক
এই বিপদত পেলাইছে। তেওঁক ধৰি নিলে এই
এমাদিনা লৰা-ছোৱালী কেইটাৰে কেনেকৈ থাকিম,
তোমাৰ ভৰিত ধৰিছো তুমি বেগেতে ইয়াৰ পৰা ওলাই
যোৱা। ভনাটি মোক ৰক্ষা কৰা।
|
| প্ৰমীলা —
|
আপুনি মোৰ জীৱন ৰক্ষা কৰিছে। মোক
কেনেকৈ সুখেৰে ৰাখিব পাৰে তাৰ বাবে ইমান
যত্ন কৰিছে। মই আপোনাৰ স্বামীক ৰক্ষা কৰিম
ভয় নকৰিব। মই গুচি গলে আৰু বিপদ চাপিবহে।
|
| হেমপ্ৰভা—
|
তেনেহলে তুমি নোযোৱা।
|
| প্ৰমীলা—
|
যাব পাৰো। কিন্তু—
|
| হেমপ্ৰভা—
|
কিন্তু কি? তুমি নোযোৱানে কি ভনীটি?
|
| প্ৰমীলা —
|
হে প্ৰভূ! এতিয়া মই কলৈ যাওঁ। এতিয়া
সমাজত কেনেৈ মুখ দেখুওৱাম।
|
| হেমপ্ৰভা—
|
হে মোৰ স্বামী ভূমি কিয় পাপত লিপ্ত হৈছিলা।
তোমাৰ এতিয়া এনে দুখ দেখি মই কেনেকৈ জীয়াই
থাকো ( বুকুত নিজে চুৰি মাৰি পৰি যায় )
|
| প্ৰমীলা—
|
কি কৰিলে বাইদেউ, সৰ্ব্বনাশ কৰিলে মই যাম,
যাম বাইদেউ।
|
| প্ৰমীলা—
|
নৰ পিশাচতুল্য দস্যু, স্বামীৰ প্ৰতি আপোনাৰ
ইমান অচলা ভক্তি। বাইদেউ, বাইদেউ, এবাৰ ভনিটী
বুলি মাতক এই খন হাতত কিহৰ চিঠি। মই আৰু
পলাও থাকিলে বিপদ।
|
(ভাৰতী আৰু মূৰ্তিমতী বহি থাকে ৰজনীৰ প্ৰবেশ। )
| ৰজনী—
|
হেৰ তোৰ আগত সি কিবা কৈছিল নে কি?
|
| ভাৰতী—
|
দেউতা মোৰ আগত বেমাৰ হোৱা বাবে পুৰীলৈ
যাম বুলি কৈছিল। বেমাৰ ভাল হলেই আহিব।
|
| মূৰ্ত্তিমতী—
|
এৰা মোৰ বোপাই এনেয়ে যোৱা নাই।
|
| ৰজনী —
|
মই বুজিছো। প্ৰভৃ মোক ভাল বিপদত পেলালা।
সি কিবা টকা নিকা তোৰ হাতত দিছিল নেকি?
|
| ভাৰতী—
|
নাই দিয়া দেউতা, আজিলৈকে মোৰ হাতত
পইচা এটাও দিয়াৰ কথা কব নোৱাৰো।
|
| ৰজনী —
|
হে প্ৰভূ মোক ভাল বিপদত পেলালা। মই এতিয়া
কাৰবাৰ চলাও কেনেকে। চাৰিওপিনে লেঠাত পেলাই
ভাল বুঢ়াকালত পোৱে এই কামোৰ মাৰিলে। এতিয়া
কৰো কি? ই মৰা হলেও ভাল আছিল।
|
| মূৰ্ত্তিমতী—
|
আপুনি বোপাইটোক শাও দিছে কেলেই। সি
গা ভাল নহয় দেখিহে গৈছে। ভাল হলেই আহিব।
|
| ৰজনী —
|
কি কৰিম অ'ত দিনে চাকৰি কৰি যি দুটা পইচা
ঘটিছিলো; তাকো তাৰ হাতত কাৰবাৰ কৰিবলে দিলো;
সি যে এনে কৰিব তাক কেনেকৈ জানিম। এতিয়া
কাৰবাবৰ দিন, এই সময়ত যদি মৰাপাত কিনিব
নোৱাৰো, তেতিয়া কেনেকৈ কাৰবাৰ চলিব। তাৰ
উপৰি ধাৰে টেতুগুৰি পালেহি।
|
| ভাৰতী—
|
দেউতা আপনি চিন্তা নকৰিব। মোৰ অলঙ্কাৰ
|
|
|
সোপা বন্ধক দিয়েই কাৰবাৰ চলাওক। কাৰবাৰত লাভ
হলে এনে দুগুণ তিনিগুণ লৈ দিব পাৰিব।
|
| ৰজনী ―
|
( চকু পানী টোকে ) হে প্ৰভু মই জীয়াই থাকোতেই
মোৰ বোৱাৰীৰ হাতৰ কানৰ বেচি খাব লগাত পেলালা।
|
| ভাৰতী—
|
বেচি খোৱাৰ কথাতো কোৱা নাই। ব্যৱসায়ী
মানুহে গহণা পাতি কৰি থৈ কোনো ডাঙৰ জগৰত
টকাৰ দৰকাৰ হলে বন্ধক কিম্বা বিক্ৰী কৰি টকা অনাটো
একো বেয়া নহয়। আপুনি তেনে কথা নকৱ কপালত
আছে যদি কাৰবাৰত লাভ হলে এনে ক'ত গুণ লব
পাৰিম।
|
| ৰজনী—
|
হেৰ আই তই মোক বুজাব নেলাগে। মই বুজিছো।
চাচোন চাকৰি কৰি চুলি পকালো যদি হতভগীয়াই
অসৎ কামত টকাবোৰ উৰাই মোৰ বুকুৰ তেজ নেখালে
হেঁতেন তেনেহলে তই মোক এনে পৰামৰ্শ দিবলৈ নেপাৱ।
যদি ব্যৱসায় বহলাবলৈ তোৰ গাৰ গহণা সোলোকাই
নিব লগা হোৱা হলে বেজাৰ নকৰিলোহেতেন।
সেইটোতো নহয়। সি বা আৰু ক'ত কিমান লেঠাত পেলাই
থৈছে। ভাবতো বিশ্বাস নাই। তই তোৰ অলঙ্কাৰ
বন্ধক দিবলৈ কৈ'ছ ধিক! ধিক!! এই জীৱনত মই
জীয়াই থাকোতে তোৰ হাত কাণ শুদা কৰিব নোৱাৰো।
|
| ভাৰতী—
|
এইবোৰ অনাহক কথাত কিয় বেজাৰ কৰিছে, কাৰ
|
|
|
ভাগ্য কোনে নিব পাৰে।( স্বগতঃ) উস্ ইমান কষ্ট
আত্মহত্যাকে কৰোনেকি। নহয়, মই মৰিলে বুঢ়াকালত
শহুৰক প্ৰতিপাল কৰিব কোনে। ( ফুটাই ) দেউতা
আপুনি যদি এইদৰে ভাবি ভাবি সময় নিয়াই আমিবোৰে
খাম কেনেকৈ। এইদৰে বেজাৰ কৰি থাকিলে একো
লাভ নাই। দেউতা আপতি ধৈৰ্য্য ধৰক; অলঙ্কাৰ
আপুনিয়ে দিছিল, আপুনিয়ে নিব হলে আকৌ আপুনিয়ে
দিব। ইয়াৰ বাবে বেজাৰ কৰাৰ মই একো কাৰণ
নেদেখো। যোগেন বোপা আছে তেওঁ আজিকালি
কাম কাজৰ ভাৰ লব পৰা হৈছে তেওঁকো শিকাই
বজাই লওক। এনেকৈ হতাশ হৈ বহি থাকিলে সকলো
পিনে ধ্বংশ পাব।
|
| ৰজনী—
|
আই অলঙ্কাৰ বেচিনো কিমান পাম বুলি ভাবিচ,
অতি টানে হয় যদি এহেজাৰ টকা, তাৰে কি হ'ব।
|
| ভাৰতী—
|
তাৰেই কোনোমতে নচলালে ধাৰবোৰ কেনেকৈ
মৰিব।
|
| ৰজনী —
|
গহনা বন্ধক দিলেও তেও ধাৰহে হব। আকৌ সুদ
কৰ পৰা দিম।
|
| ভাৰতী—
|
ঈশ্বৰে যি কৰে সেয়ে হ'ব। সকলো তেওঁৰ ইচ্ছা।
এবছৰ মান চাওক সিমানতো নহলে আৰু আমাৰ ভাগ্য।
মোৰ হলে বিশ্বাস এইবাৰ নিজহাতে কাৰবাৰ কৰিলে
নিশ্চয় লাভ হ'ব।
|
| ৰজনী—
|
আই হেৰ তোৰ ইমান বিবেচনা কেনেকৈ হৈছে মই
ভাবি অবাক। যদি মোৰ ভাগ্য ভাল হোৱা হলে এই
কালত এনে বিপদত নপৰিলোহেতেন।
হত ভগাৰো এনে মতি গতি নহলহেতেন। তাৰ দোষতে এই
সোনৰ সংসাৰ চাৰখাৰ হৈছে।
|
| ভাৰতী—
|
নহয় দেউতা সুখ দুখ পৰিবৰ্ত্তনশীল। আপুনি
পুণ্যৱন্ত লোক, আপোনাৰ কপালেৰেই ইমান দিন
সুখেৰে খাইছোহঁক। আমিবোৰে আমাৰ কপালেৰে
আপোনাৰ সোনৰ সংসাৰ ধ্বংশ কৰিছোহি। আপোনাৰ
এই পুণ্যময় জীৱনত ভগৱানক চিন্তি পুনৰ কাম কৰিলে
নিশ্চয় ফলৱতী হব। আমি দুখত পৰি তেওঁক প্ৰাণ-
পনে প্ৰাৰ্থনা কৰিলে নিদিয়াকৈ থাকিব নোৱাৰে।
দয়াৰ সাগৰ ভগৱানে দয়াবিন্দুৰ পৰা বঞ্চিত নকৰে।
|
ষষ্ঠ দৃশ্য ৰাজবাট। পুৰুষোত্তমৰ প্ৰবেশ।
| পুৰুষোত্তম—
|
আজি কোনফালে যাওঁ। পঞ্জিকা মেলি কতনো
চালো তেও কাৰো শৰাধৰ তিথি এটা আজিৰ তাৰিখত
নেপালো। মানুহবোৰে শান্তি স্বস্ত্যয়ন কৰিবলৈও
এৰিলে। সেই দেখিহে দেশত এনে উৎপাত।
|
( আনফালৰ পৰা ধেনুৰামৰ প্ৰবেশ )
| ধেনুৰাম—
|
(স্বগতঃ) যাকে দেখিব নোৱাৰো তাকেহে পাও।
আকৌ এতিয়া কৰা দান-দক্ষিণা। আশীৰ্ব্বাদ কৰিবই
|
|
|
নহয়। বাৰু আজি ভালকৈয়ে দিম। (ফুটাই) পিচে
দেউ কোন ফালে যায়।
|
| পুৰুষোত্তম—
|
যাবা কলৈ। দেশৰ উৎপাতৰ কথা ভাবি
ভাবি এই ফালে ওলাই আহিলো। এইবোৰ নেদেখা
নুশুনাকৈ মৰিব পৰা হলে ভাল আছিল।
|
| ধেনুৰাম —
|
মৰিব লগা হলনো কেলৈই দেউ, দেশৰনো
কি উৎপাত দেখিলে।
|
| পুৰুষোত্তম—
|
কি কবি বোপাই তহঁতৰ লগৰ এটাই বিধবা
বিবাহ চলাব খোজে নহয়। আমিও তাতে মত দিব
লাগে। আমি কও বিধবা নিজৰ কপালৰ দোষত হয়।
নহলে কিছুমান যে ফোটে সেন্দুৰে মৰে; কিছুমাননো
কিয় ফুলতে বিধৱা হয়। তহঁতৰ গা উঠা দেখি
সিদিনা এজনীয়ে মোকো বিধবা বিবাহ কৰিবলৈ কৈছিল।
তাইৰ কাৰণেই গনেশৰ যি হব লগা হৈছে—
|
| পুৰুষোত্তম —
|
শুনা নাই জানো তহতৰ গাৱঁৰ প্ৰমীলা বোলা
ছোৱালী জনী ৰাতি মানুহ এটাৰ লগত যোৱা দেখি
গনেশে লগ পাই, তাৰ হাতৰ পৰা এৰুৱাই আনি
তাহাঁতৰ ঘৰতে থৈছিলহি; তাই সেইটো খঙতে গনেশৰ
ঘৈণীয়েকক কাটি থৈ গুচি গল। বোপাই মানুহটোৰ
ঘৰখন একে বাৰে ভাঙ্গি থৈ গ'ল। সেই দেখি আজি
কালি কাকো কোনেও উপকাৰ কৰিব নেপাই। সেয়েহে
|
শাস্ত্ৰত কৈ গৈছে উপকাৰীক অজগৰে খায়।
| ধেনুৰাম—
|
দেউ আপোনাৰ কথাটো শুনাত ভুল হৈছে যেন
পাও। প্ৰমীলা কেতিয়াও তেনে স্বভাবৰ ছোৱালী নহয়।
আপোনাৰ কথাটো মই বিশ্বাস কৰিব নোৱাৰিলো।
কথা আনহে কিবা।
|
| পুৰুষোত্তম—
|
বিশ্বাস নকৰ যদি কি কৰিম। যি শুনিছো
তাকেতে কৈছো। কপালত যাৰ যি লিখা আছে তাক
কোনেও খণ্ডাব নোৱাৰে। গনশটোৰহে বুঢ়া কালত বৰ
দুখ হ'ল। এজনী আনিবলৈ লৰাচোৱালীও হ'ল এজাক।
|
| ধেনুৰাম—
|
থক, থক, আপোনালোকৰ কথাবোৰ আৰু।
গনেশৰ এতিয়া দুকুৰি বছৰতো বৰলা হলত ঘৰ পাতি-
বলৈ চিন্তা কৰিছে। ছোৱালী এজনী ফুলতে বাৰী
হলে তাইৰ হলে দোষ দিব কপালক; বিয়া দিবৰ
সময়ত যোৰা নাহিলেও আহিছে বুলি লিখি দিব।
তাৰ প্ৰমাণ সিদিনা পাভৈ বাগিচাৰ কোৰণীৰ লৰাটোৰ
সৈতে যোৰা থানুৰাম শৰ্মাৰ ছোৱালীজনীৰে সৈতে
নাহে। তেওঁ কতৰ হতুৱাই চোৱালে, উপাই নেপাই
সিংহদেৱ গোসায়ে দিলে লিখি বিয়া হব পাৰে বুলি।
লৰাটোৱেও কিমান, আপত্তি কৰিলে সিমানতো গোসায়ে
ভাল বুলিছে বুলি দিলে বিয়া খন পাতি পিচে তাৰ
ফল কি হ'ল। সেই বোৰহে তেওঁ আপোনালোকৰ
শাস্ত্ৰৰ কথা। তেওঁ কয় বিধবা হলে তাইৰ কপাল।
|
| পুৰুষোত্তম—
|
হেৰ বোপাই তহঁতি একেটাতে ধ'ৰ। আমি
কব পৰাতে ফুলপানী ছিগাৰ জেধৰ বৰুৱাই যোৱা
নহাত গৰু এজনী দান কৰি বিয়া কৰাই গজ গজ কৰে
পাচোটা লৰা থৈ মৰি গল। হেৰ ধেনুৰাম! ছোৱাচিতাত
ভূল নাই; তহঁতে মিছাতে দোষাৰোপ কৰ। চাচোন
আজিকালি যিমান বিধৱা হয়, আগৰতো সিমান নাছিল।
কিয় ক'ব পাৰ জানো। মই কওঁ শুন আজিকালি
ছোৱালীবোৰে সকলো নীতি নিয়ম এৰি দিলে, সেন্দুৰৰ
ফুট এটাও লবলৈ লাজ কৰা হল। আগেয়ে আমাৰ
আইহতে তিনটা ফোঁট লৈছিল। এতিয়া খেতো জনীয়ে
কপালত সেন্দুৰ লগাবলৈকে টান পোৱা হ'ল। আগৰ
তিৰোতা বোৰে দাঁতত সকা লগাইছিল কাৰণ গিৰিয়েকৰ
আগত বগা দাত উলিয়াব নেপাই। এতিয়া সেইবোৰ
এৰিলেই অইন চাৰি তামোল নেখাই ধপাতত ধৰিলে।
আগেয়ে চুলি মেলি ফুৰিব নেপাই। এতিয়া চুলিৰ
আগতহে গাঠিতো দিয়া হ'ল। এনেবোৰ নিয়ম হলে
দেশত কেলৈ উৎপাত নহব।
|
| ধেনুৰাম—
|
আপোনালোকে তাকে নকৈ কি বব। আগৰ
দৰে থাকিলে যে আজিকালি নচলে।
|
| পুৰুষোত্তম—
|
এৰা নচলিবতো। আগেয়ে জানো কৰবাত
নটিনীৰ লগত পলাই যোৱা দেখিছিলি। তহঁতৰ ৰজনী
মুক্তিয়াৰৰ লৰাটোলৈকে নেচাৱ কেলেই। বেচি কথা
|
|
|
আৰু নকবি মনে মনে থাক। এতিয়ানো নতুন হৈ
কৰিছ কি?
|
| ধেনুৰাম—
|
এটাই কৰিলে বুলি এটাই বোৰে কৰিবনে?
|
| পুৰুষোত্তম—
|
তেনেহলে কয় কেলৈ।
|
| ধেনুৰাম—
|
পাৰোতে জানো কৈছে, আপোনালোকে পালে এই
বয়সতো একোজনী আনিব। বিধবা হলে কৱ তহঁতৰ
কপাল, ব্ৰহ্মচৰ্য্য পালন কৰ।
|
| পুৰুষোত্তম—
|
তহঁতি দেখিছো দেশ তললৈ নিয়াবি।
|
| ধেনুৰাম—
|
বাৰু আপোনালোকেই ওপৰত ৰাখক।
|
( গছৰ তল। গনেশ বহি থাকে। )
| গনেশ—
|
হায়, হায় মোক যে একেবাৰে সৰ্বনাশ কৰিলে।
মোৰ দশা কি হব। তাইক বাৰু মোৰ তিৰুতাই
কি কৰিছিল। উস্ উস্ তাইক যদি এবাৰ লগ পাও
ইয়াৰ প্ৰতিশোধ লম।
|
|
|
[ আন ফালৰ পৰা নিৰ্ম্মলৰ প্ৰবেশ ]
|
| নিৰ্ম্মল —
|
গনেশ তোমাৰ হ'ল কি?
|
| গনেশ —
|
যি হব লগা হল। তুমিনো কৰ পৰা আহিলা।
কেতিয়া পালাহি।
|
| নিৰ্ম্মল —
|
মই আজি পাবৰ কেবাদিনো হল। তোমাক কথা
এটা সোধো কবা দেই। প্ৰমীলা দেখোন ঘৰত নাই। তাই কলৈ গ'ল কব পাৰানে?
|
| গনেশ —
|
কি কম সোনাই তাই মোক যি কৰিব লাগে কৰিলে।
|
| নিৰ্ম্মল —
|
কি কৰিলে হোঁ। কোৱাচোন কি কৰিলে। মই
কিবা উপকাৰ কৰিব পাৰো বা।
|
| গনেশ—
|
এতিয়া আৰু উপকাৰৰ অতীত হল। এতিয়া আৰু
সেইবোৰ কথা কোনে শুনিব। বিশ্বাসেই বা কৰিব
কোনে। এদিন ৰাতি প্ৰমীলাইৃ অচিনাকী মানুহ
এটাৰ লগত যোৱা দেখি তাৰ হাতৰ পৰা জোৰ কৰি
তাইক কাঢ়ি মই আনি মোৰ ঘৰতে থলোহি... ... ...
(কান্দি কান্দি) মোৰ তিৰোতাক খাই পলাই গল।
|
| নিৰ্ম্মল—
|
(আচৰিত হৈ) কি প্ৰমীলাক কোন পাষণ্ডই ধৰি
নিছিল! কোন সি? কোৱাচোন তাৰ পাচত কি হল।
|
| গনেশ —
|
তাৰ পাচত আৰু কি হব।
|
| নিৰ্ম্মল —
|
সি আন কোনো নহয় নিশ্চয় হীৰালালহে। যদি
|
|
|
হীৰালালেই মোৰ সঙ্কল্প আৰু অতদিনৰ সাধনা ধ্বংশ
কৰিছে তেনে তাৰ প্ৰতিশোধ লম, যাৰ কথা শুনিলে
মানুহৰ নোম শিয়ৰি উঠিব।
|
| গনেশ —
|
তেওঁ একো কৰা নাই বোপাই, তেওঁ নহয়।
|
| নিৰ্ম্মল —
|
( স্বগত:) যাৰ কাৰণে অত কষ্ট কৰি সমাজৰ
অনিয়নীত প্ৰথা উঠাবলৈ কাৰবাৰ কৰিছো তেওঁ আজি
ক'ত। (ফুটাই) প্ৰমীলাই তোমাৰ ঘৈনিয়েৰক কি বাবে
হত্যা কৰিব এনে মিছা কথা নকবা।
|
| গনেশ —
|
মিছা কথা নহয়। তাই কম ছোৱালী নহয়।
|
| নিৰ্ম্মল—
|
বাৰু তুমি হীৰালাল ক'ত থাকে কব পাৰানে।
|
| গনেশ—
|
মই কেনেকৈ কম, হীৰালালনো কোনটো তাকে
ভালকে চিনি নেপাওঁ। তাকনো কেলেই বিচাৰিছা।
|
| নিৰ্ম্মল —
|
মই তাক লগ পাব লাগে। সিয়েই এই কামৰ
মূল। তাক ইয়াৰ প্ৰতিশোধ দিম।
|
| গনেশ—
|
মোৰটো সকলো গলেই। এতিয়া যদি নিৰ্ম্মলে
প্ৰমীলাক লগ পাই সকলো কথা ওলাই পৰিব
তেতিয়া মই কি কৰিম। হীৰালালক বা নিৰ্ম্মলে কৰে
কি? ইয়াৰ মনটো যেনেকুৱা দেখিছো ই প্ৰমীলাক
বিচাৰি উলিয়াই উলিয়াব। হীৰালালকো পোতক দিব।
ইয়াৰ আগতে এটা প্ৰতিকাৰ কৰিব লাগিব। নহলে
সকলো ওলাই পৰিব।
|
দ্বিতীয় দৃশ্য— ভাৰতীৰ ঘৰৰ ফুলনী।
| ভাৰতী—
|
আজি অত দিন হল তেখেতৰ একো খা-খবৰ
নাপালো। যাবৰ ইমান দিন হ'ল ঘুৰিও নাহিল। হায়
প্ৰাননাথ নিৰ্ম্মল! তুমি ক'ত। হে গছ-লতা-ফুল-পাত
তোমালোকে মোৰ স্বামীক ঘুৰাই আনা, নহলে মোৰ
এই জীৱন মিছাতে মাটি হব। কি অপৰাধৰ বাবে
মোক এই দৰে ত্যাগ কৰিছা। তুমি
আচলৰ ধন তুমি মোৰ জীৱণ। তুমিয়ে মোৰ আৰাধ্য
দেৱতা। তুমি কলৈ গলা। তোমাৰ চৰণত মইনো
কি অপৰাধ কৰিলো। হে স্বামী, তুমি মোক কিয়
বঞ্চিত কৰিছা। হে প্ৰভু, আৰাধ্য দেৱতা তোমাৰ
কাৰণেই এই দেহ মন প্ৰাণ লৈ আছো। ইমানতো
তুমি নুবুজিলা। হায় বিধতা কিয় ইমান কষ্ট দিছা;
মোক মাৰি নিনিয়া কিয়। হে স্বামী আজি তুমি ক'ত
এই হতভাগীৰ ক্ৰন্দনলৈ মন কৰি উভতি আহা।
|
| দেবেনৰ মাক—
|
কি কৰিছ আই; তোক দেখিলে আৰু বেজাৰ
হে লাগে। কি কৰিবি আই তোৰ কপাল।
|
| ভাৰতী—
|
তেখেতৰ গা কোনকুৱা হৈছে তাৰ খবৰ আজিলৈকে একো নাপালো
সদায় আহিব আহিব বুলি বাট চাই আছো।
|
| দেঃ মাক—
|
সি আৰু কত আহিব। বেশ্যাৰ লগত পৰি
চাগৈ সকলো পাহৰিছে।
|
| দেঃ মাক—
|
তই জানো কব নোৱাৰ।
|
| ভাৰতী—
|
মই কেনেকৈ জানিম আই।
|
| দেঃ মাক—
|
সঁচাকৈয়ে তই গম পোৱা নাইনে।
|
| ভাৰতী—
|
গম পোৱা হলেনো নাই পোৱা বুলি কওনে।
কওকচোন আই কথাটো কি।
|
| দেঃ মাক—
|
সেই তাহানি যে গানগোৱা নটিনী কেইজনী
আহিছিল তাহাঁতৰ লগতে গল বোলে। মই আকৌ
তই কব পাৰ বুলিহে ভাবিছিলো।
|
| ভাৰতী—
|
হায় মোৰ কপাল। প্ৰানেশ্বৰ তোমাৰ এনে কাম।
|
| দেবেনৰ মাক—
|
( মুৰতো দাঙ্গি ৰিহাৰ আগেৰে বিচি দিয়ে )
( স্বগতঃ) ভাল কামটো কৰিলো। তাই জানে বুলিয়ে
কথাটো কৈ দিলো। ( ফুটাই ) বেজাৰ নকৰিবি আই
বেজাৰ কৰিলে কি হব। পাৰিলে বিচৰাই আনিবলৈ
চেষ্টা কৰ। ( ভাৰতী পোনহৈ বহে এনেতে পুৰুষোত্তমৰ
প্ৰবেশ )
|
| পুৰুষোত্তম—
|
কি কৰিছা আইটী।
|
| দেঃ মাক—
|
অ' দেউ কোন ফালৰ পৰা আহিলনো। আহক,
বহক দেউ ( পাটি ঢৰা এখন দিয়ে )
|
পুৰুষোত্তম—অ' তুমিহে মই আকৌ হেৰিয়াৰ মাক বুলিহে
ভাবিছিলো। ( ভাৰতীলৈ চাই ) আইদেউ তোমাৰ গা
অসুখনেকি?
ভাৰতী—দেউ মোৰ শৰীৰ বৰ ভাল নহয়।
| পুৰুষোত্তম —
|
কি হৈছে। কিবা ৰিষ্ট-তিষ্ট পৰিছে কিজানি।
চোৱাই চিতাই প্ৰতিকাৰ কৰিলে ভাল হব।
|
| ভাৰতী—
|
শৰীৰ অসুখতকৈ মনৰ অশান্তিহে বেচি দেউ।
|
| পুৰুষোত্তম—
|
তোমাৰনো আকৌ কিহৰ মনৰ অশান্তি।
|
| ভাৰতী —
|
মোৰ স্বামী গা ভাল নহয় দেখি পুৰিলৈ যাওঁ বুলি
গল, আজিলৈকে একো খা খবৰ নেপাই মনটোত বৰ
অশান্তি লাগিছে।
|
| পুৰুষোত্তম—
|
বাৰু মই মঙ্গলকে এখন চাও। ( পাজি মেলি
চাই থাকে নিৰ্ম্মলৰ প্ৰবেশ )
|
| দেবেনৰ মাক—
|
অ' বোপাটি তুমি কেতিয়া আহিলা? আইটি
এওঁক চিনি পোৱানে।
|
| পুৰুষোত্তম—
|
চিনি নেপাৱ কেলেই এওঁৱেই পুৰুষ পোৱালি
বিধবা বিয়া কৰাৰ খোজা ডেকা। বোপা তোমাৰ
বিধবা প্ৰনয়নী তোমাক এৰি কলৈ গল কব পাৰানে?
বোপাই এইবোৰ ভাব এৰি দে মিছাকৈয়ে সমাজৰ
কেলেঙ্কাৰী নানিবি।
|
| নিৰ্ম্মল—
|
আপোনাৰ মতামত লবলৈ মই অহা নাই।
আপুনি বুঢ়া মানুহ মনে মনে বহি থাওক।
|
| পুৰুষোত্তম—
|
আঙ্গুলি তোৱাবই নোৱাৰি তোমাৰ ভালৰ
কাৰণেহে কৈছো; চোৱাচোন তোমাক আশা দি তলে
তলে তুমি নাইকিয়াত কোনোবা এটাৰ লগত যোৱা
দেখি গণেশৰ কি অৱস্থা হল। সেই বাবেহে কও
দুষ্ট হোৱাৰ এবাৰ লেকাম চিগিলে আকৌ নতুন দিলেও
বশ কৰা টান। এবাৰ সমাজৰ বান্ধ চিঙ্গি গলে
আকৌ বান্ধ থোৱা আশা কম। লোকক দেখুৱাই বান্ধ
খালেও স্বভাৱ ভাল নহয়।
|
| ভাৰতী—
|
দেউ আপুনি তেনে কথা নকব। মই প্ৰমীলাৰ
স্বভাৱ চৰিত্ৰ বেচকৈ জানো। কেতিয়াও তেওঁৰ তেনে
স্বভাৱ নহয়।
|
| পুৰুষোত্তম—
|
আইদেউ সকলোকে তোমাৰ নিচিনা বুলি
নেভাবিবা।
|
| নিৰ্ম্মল—
|
মই তোমাৰ ওচৰলৈকে আহিছো, প্ৰমীলা কলৈ
গল কব পাৰানে?
|
| পুৰুষোত্তম—
|
আও তাই কম ছোৱালী নহয়।
এওঁকো বেয়া কৰিবলৈ বৰকৈ অহা-যোৱা কৰিছিল।
বলে নোৱাৰি বাপেকে দেশকে এৰিলে।
|
| ভাৰতী—
|
দেউ মিছাকৈয়ে তেনেকৈ নকব।
মই সিমান দূৰ কব নোৱাৰো। তেওঁ প্ৰায়েই মোৰ ওচৰলৈ আহে।
তেওঁ সদাই দুখ কৰে তেওঁ যেনিবা বিধবা আমি
যেনিবা জীয়া বাৰী।
|
| নিৰ্ম্মল—
|
মই তোমাৰ কথাও সকলো শুনিছো। তেওঁক লগ
পাবলৈ মই যথেষ্ট যত্ন কৰিম।
|
| দেঃ মাক—
|
এৰা বোপাটি পাৰিলে খবৰ লবাচোন। এই
ছোৱালী জনীৰ দুখ দেখিলে বৰ বেজাৰ লাগে।
|
| নিৰ্ম্মল—
|
বাৰু মই যাওহে ( প্ৰস্থান )
|
| পুৰুষোত্তম—
|
মই উঠো ( প্ৰস্থান )
|
| দেঃ মাক—
|
ময়ো যাওহে ( প্ৰস্থান )
|
|
|
নৈৰ কাষৰ আশ্ৰম। সন্যাসী এজন বহি থাকে।
|
| প্ৰমীলা—
|
এ হৰি ক'ত উলিয়ালাহি। হে ভগবান তুমি
যদি মোক কুৰূপা কৰি শ্ৰজিলা হেঁতেন তেনেহলে মই
এই দাৰুন যন্ত্ৰনাত পুৰি চট্-ফটফটাব নেলাগিল হেতেন।
অকলে অকলে আৰু এইদৰে কিমান দিন ফুৰিম।
|
|
|
হে বিপদ ভঞ্জন শ্ৰীমধু সুদন মোক সোনকালে নিৰ্ম্মলৰ
লগত সাক্ষাত কৰোৱা। অধিনে আৰু একো কামনা
নকৰো। উস্! পিয়াহত প্ৰাণ যায় যেন লাগিছে।
এই নৈতে অলপ পানী খাই দেহাটো শীত পেলাও
( পানী খাই বহুত পৰ নৈলৈ একেথৰে চাই থাকি ) হে
নদী। আজি এই মহা পাপীক তোমাৰ কোলাত ঠাই
দিয়া, এই চিৰ দুখ পূৰ্ণ দেহা আৰু
কিমান বহন কৰিম।
তোমাৰ শীতল গৰ্ভত ঠাই দি এই তাপিত
দেহত চিৰ শান্তি দান কৰা। যাৰ এই সংসাৰত
আপোন বুলিবলৈ কোনো নাই; তাৰ এই দেহা
কি প্ৰয়োজন। এই জীৱনৰ মায়া কিহৰ। এই দেহা
ত্যাগ কৰিলে সকলো জ্বলা যন্ত্ৰনাৰ পৰা আঁতৰ হব
পাৰিম। নিৰ্ম্মল, তোমাক আৰু এই জন্মত নেপালো;
পৰ জন্মতে পাও যেন। হে পিতৃ, হে মাতৃ, হে গছ-
লতা-পশু-পক্ষী তোমালোক সাক্ষী হবা। আজি এই পবিত্ৰ
জলত তেওঁৰ বাবেই এই দেহা বিসৰ্জ্জন দি সকলো
জ্বালা যন্ত্ৰনাৰ হাত সাৰো। হে মাতৃ তোমাৰ গৰ্ভত
স্থান দিয়া ( নৈত জাপ মাৰি পৰে ) সন্ন্যাসীয়ে চকু মেলি চাই।
|
| সন্যাসী—
|
কাৰ মত। নৈত কোনে জাপ দিলে। (উঠি চাই)
ইকি এজনী তিৰোতা মানুহ উটি গৈছে। ( সন্যাসীয়েও
নৈত জাপ মাৰি পৰে )
|
| প্ৰমীলা—
|
মই মৰিব খুজিছিলো মোক কিয় ৰক্ষা কৰিলে।
মোৰ নিচিনা চিৰ-দুখুনীৰ মৰণেই শ্ৰেয়।
|
| সন্যাসী—
|
আই তোমাৰ কিহৰ দুখ। তুমি কিয় আত্ম-হত্যা
কৰিব খুজিছা। মা ভৈৰবীৰ কৃপাত তুমি এই বাৰলৈ
ৰক্ষা পৰিছা।
|
| প্ৰমীলা—
|
হায় নিৰ্মল তুমি ক'ত (কান্দি কান্দি) হে প্ৰভূ
মোক বচালা কিয়? মৰা হলে সমাজৰ এটা আপদ
গুচিল হেতেন।
|
| সন্যাসী—
|
আই তুমি নাকান্দিবা। মই তোমাক মোৰ নিজৰ
ছোৱালী বুলি ভাবিছো। তুমি চিন্তা নকৰিবা। মই
তোমাক তোমাৰ ঘৰত থৈ আহিমগৈ।
|
| প্ৰমীলা—
|
ক'ত থবগৈ, কলৈ নিব। মোৰ কোনো নাই।
|
| সন্যাসী—
|
কেলেই তোমাৰ মাৰা-বাপেৰাৰ ঘৰত।
|
| প্ৰমীলা —
|
মোৰ আই-বোপাই সৰুতে মৰিল। তেওঁলোক মৰাতহে মোৰু এই দশা।
|
| সন্যাসী—
|
তেনে তোমাৰ স্বামীৰ লগত থৈ আহিমগৈ।
|
| প্ৰমীলা—
|
মোৰ স্বামী! তেওঁ কত আছে কব নোৱাৰো।
|
| সন্যাসী—
|
তুমি চিন্তা নকৰিবা, মই বিচাৰি উলিয়াম।
|
| প্ৰমীলা—
|
মই যে বিধবা, কিন্তু ... ... ...
|
| সন্যাসী—
|
কিন্তু কি আই! সঁচা কথা কোৱা।
|
| প্ৰমীলা—
|
মোক সৰুতে বিয়া দিয়ে সংসাৰৰ হাৱ ভাৱ আৰু
স্বামী কাক বোলে তাক বুজাৰ আগতে মোৰ স্বামী
|
|
|
মৰে। তাৰ পাচত মই এজনক মোৰ মন অৰ্পণ কৰিলো।
|
| সন্যাসী —
|
তেন্তে তুমি ব্ৰাহ্মণৰ কন্যা নোহোৱা।
|
| প্ৰমীলা—
|
[ স্বগত: ] আকৌ জঞ্জাল। [ ফুটাই ] হয় মই
বামুণৰ ছোৱালীহে।
|
| সন্যাসী—
|
ব্ৰাহ্মণৰ কন্যাৰ যে পুনৰ বিয়া নহয়।
|
| প্ৰমীলা—
|
তিৰোতাৰ স্বামী অবিহান কি কষ্ট এবাৰ ভাবি
চাওকচোন। মই এই দৰেই থাকিমনে? কেলেই আমিনো
দ্বিতীয় বিবাহ কৰাব নোৱাৰিম।
|
| প্ৰমীলা —
|
সেই বিষয়ে মোক কোনেও কোৱা নাই আৰু
শিকোৱা নাই।
|
| সন্ন্যাসী—
|
কিয় তোমাৰ সমাজতো আছিল।
|
| প্ৰমীলা—
|
সমাজে সেইবোৰ শিকাবলৈ একো যত্ন কৰা
নাই। মাত্ৰ মোৰ স্বামীৰ বিয়োগৰ দিনা মোৰ
কপালৰ সেন্দুৰৰ ফোট মোহাৰিছিল আৰু নিৰামিষ
খাবলৈ ব্যৱস্থা কৰিছিল। তাৰবাহিৰে মই
মোৰ চাল-চলন আগৰ দৰেই ৰাখিব পাৰিছিলো।
বিলাসীতা এৰা নাছিলো! বিয়া-সবাহ, গান-বাজনা
একো এৰা নাছিলো।
|
| সন্যাসী—
|
কেলেই তোমালোকৰ সমাজৰ একো নিয়ম কাৰণ
নাই নে কি? তোমালোকৰ সামজত ব্ৰহ্মচাৰ্য্যৰ প্ৰবৰ্ত্তন
|
| প্ৰমীলা —
|
আমাৰ সমাজত ব্ৰহ্মচাৰ্য্যৰ বান্ধ সোলোক-ঢোলোক।
বুঢ়াবিলাকে ব্ৰহ্মচাৰ্য্য শিকাওক চাৰি বুঢ়া বয়সতো
নাতিনী যুৰীয়া একোজনী পালে বিয়া কৰাইহে।
মাত্ৰ বিধবাৰ বেলিকা হলে পুনৰ বিয়া হব নেপায়।
শাস্ত্ৰত মত নাই : সমাজতো চলা নাই। কোনো
এজনে যত্ন কৰিলেও ইতিকিং কৰি সমাজৰ পৰা এঘৰীয়া
কৰে। আজি মোৰো সেই সমাজৰ দোষতে এনে দশা
সেই বাবেই মই নৈত জাপ দি মৰিব খুজিছিলো। আপুনি
মোক কিয় বচালে।
|
| সন্যাসী—
|
তুমি মৰিব নেলাগে। বিধবা বিবাহৰ শাস্ত্ৰত মত
থকা স্বত্ত্বেও বিপক্ষতা কৰিলে তোমাৰ নিচিনা বাল
বিধবাৰ চকুৰ পানীয়ে সমাজক চাৰ-খাৰ কৰিব।
( স্বগতঃ ) হে সমাজ তোমালোকে আত্মমুখী ভন্দ পণ্ডিতৰ
মতামত ওপৰত নিৰ্ভৰ নকৰি নিজৰ সমাজৰ উন্নতিৰ
যত্ন কৰা। বাল্য বিধবাৰ চকুৰ পানী গুচুৱা ( ফুটাই )
আই, সমাজত বিধৱা বিবাহ চলোৱা বৰ টান যদিহে
কোনোবাই সমাজ ভক্ত স্বাৰ্থপৰ ব্ৰাহ্মণ সকলক উপেক্ষা
কৰি সমাজ সংস্কাৰত ব্ৰতী হলে তেতিয়া হব পাৰে।
আই মই তোমাক অনেক কথা কলো বেজাৰ নকৰিবা।
মই সন্যাসী মোৰ পৰা তোমাৰ সমাজৰ একো উপকাৰ
নহয়। তুমি মোৰ আশ্ৰমতে দুদিন মান থাকা, তাৰ
|
|
|
( আন ফালৰ পৰা ফটা-চিটা মলিয়ন কাপোৰ-কানি
পিন্ধি বেয়া অৱস্থাৰে নগেনৰ প্ৰবেশ। )
|
| নগেন্দ্ৰ —
|
কোন আছা, কোন আছা মোক ৰক্ষা কৰা পিয়াহত
প্ৰাণ যায়।
|
| সন্যাসী —
|
কোন তুমি। তোমাক কি লাগে?
|
| নগেন্দ্ৰ—
|
পানী, পানী।(পৰি যায় )
|
| সন্যাসী—
|
হোৱা আই মোৰ এই কমণ্ডলুৰ পানীকে অলপ
তাক খুৱাই দিয়া।
|
( প্ৰমীলাই নগেনক পানী খুৱাই বিচি দিয়ে )
| নগেন্দ্ৰ—
|
উস্। অলপ ৰক্ষা পাইছো। তুমি মোৰ কোন
আছিলা; মোৰ প্ৰাণ ৰক্ষা কৰিলা।
|
| প্ৰমীলা—
|
মই ৰক্ষা কৰা নাই। সন্যাসী বাবাইহে তোমাৰ
জীৱন ৰক্ষা কৰিছে।
|
| নগেন্দ্ৰ—
|
তুমিনো কোন। সন্যাসীৰ তুমি কি হোৱা।
সন্যাসী কেনি ( মূৰ তুলি চাই ) স্বামীজী মোক কিয়
ৰক্ষা কৰিলে। হই এটা মহাপাপী। আজি ভালে
দিন এতোপা পানী আৰু এমুঠি ভাতৰ কাৰণে হাহা
কাৰ কৰিছো।
|
| সন্যাসী—
|
তোমাৰ এনে অৱস্থা কিয়।
|
| নগেন্দ্ৰ—
|
কি কম বাবা! মই মহাপাপী। মোৰ কথা শুনিলে আপুনি কানত সোপা লব।
|
| সন্যাসী—
|
কোৱা, পাপ কাম কৰা অনুভব কৰিলে তোমাৰ
প্ৰায়চিত্ত হব। আৰু শাস্তি পাবা।
|
| নগেন্দ্ৰ—
|
মই আৰু শাস্তি নেপাও।
মোৰ পাপৰ অন্ত নাই। মই মোৰ পিতাৰ সৰ্ব্বস্ব
ধন-বস্তু মদ আৰু বেশ্যাত উৰুৱাই আজি পিতা-মাতা, তিৰোতাক কষ্টত
পেলাইছো। মই সমাজক উপেক্ষা কৰিছো। ব্যভিচাৰী
হলো। শেষত এজনী বেশ্যাৰ ৰূপত মুগ্ধ হৈ তাইক
মোৰ ধন-বস্তু সকলো অপৰ্ণ কৰিলো। মই মোৰ
তিৰোতাক চলনা কৰি অহা বাবে মোৰ এই দশা।
সেই বেশ্যাই মোৰ বেমাৰ হোৱাত ঘৰৰ পৰা খেদি
দিলে। মই গছৰ তলত পৰি থাকি কাৰো আশ্ৰয়
নেপাই এই খিনি পাইছোহি। আপুনি এটোপা পানী
নিদিয়া হেঁতেন মই মৰো।
|
| সন্যাসী—
|
তুমি বেজাৰ নকৰিবা। পূৰ্ব্ব জন্মৰ কৰ্ম্ম অনুযায়ী
ভোগ কৰিছা। চোৱাচোন নলৰজায়ো কৰ্ম্ম ফলৰ হাত
সাৰিব নোৱাৰিলে।
|
| নগেন্দ্ৰ—
|
মোৰ আৰু মাত নোলাই। মোক এটোপা পানী
দিয়া ( পানী দিয়ে, পানী খায় ) উস্ তত পালো
তেওঁ। মোৰ নাম নগেন্দ্ৰ।
|
| প্ৰমীলা—
|
তোমাৰ ঘৰ ক'ত। তোমাৰ তিৰোতা আছেনে?
তেওঁৰ নাম সুধিব পাৰোনে?
|
| নগেন্দ্ৰ—
|
মোৰ ঘৰ দেৰ গাঁৱত। মোৰ তিৰোতাৰ নাম ভাৰতী।�
|
| প্ৰমীলা—
|
কি কোৱা তুমিয়েই ভাৰতীৰ স্বামী। হায়! হায়!
তোমাৰ দশা এনে হল। তোমাৰ চিন্তাতে ভাৰতী
দিনে দিনে শুকাই ক্ষিণাই গৈছে। হায়! হায়! ঈশ্বৰৰ
কি লীলা। বাবা এওঁ আমাৰ গাঁৱৰে মানুহ।
|
| সন্যাসী—
|
বাৰু তুমি যদি তেওঁক চিনি পাইছা, তেওঁক
শুশ্ৰুষা কৰি সুস্থ কৰা; ভাল হলে দুয়োকো লৈ যাম।
|
চতুৰ্থ দৃশ্য—গাঁৱলীয়া বাট।
| নিৰ্মল—
|
প্ৰমীলা তুমি কোন গলা। তোমাৰ এইবোৰ
বিপদ শুনি মই কেনেকৈ স্থিৰ হৈ থাকো। তোমাক
ভাল পোৱাই আজি মোৰ শৰীৰ দেই পুৰি মাৰিছে,
এদিন তুমি মোক মালা দি বৰণ কৰিছিলা। সেই দিন
মোৰ কিমান সুখৰ আছিল। তোমাৰ মোহনী শক্তিৰে
মোহিত কৰি এতিয়া তুমি কলৈ গলা। হায় কু-চক্ৰিয়ে
জালত পেলাই তোমাক ক'ত ৰাখিছে। প্ৰমীলা মই
মৰিবলৈ ভয় নকৰো; কিন্তু তোমাক যে এবাৰ দেখিবলৈ
নেপালো। মই আকৌ সমাজৰ আগত এই মুখ কেনেকৈ
উলিয়াম।
|
( গছৰ আঁৰৰ পৰা হীৰালালৰ আৰু গণেশৰ প্ৰবেশ )
| গনেশ—
|
ধৰা নেৰিবা [ হীৰালালে ধৰে আৰু চকু বান্ধে ]
ভালকৈ বান্ধিবা ই থাকিলে দেশত উৎপাত হব।
|
| হীৰালাল—
|
বৰকৈ কথা নকবা কোনোবাই শুনিব।
|
| গনেশ—
|
লোৱা ইয়াক হাত ভৰি বান্ধি নৈত উটাই দিওগৈ
ই জীয়াই থাকিলে আমাৰ সৰ্ব্বনাশ হব।
|
| নিৰ্ম্মল —
|
( স্বগতঃ ) হে মা দুৰ্গতি নাশিনী, বিপদ হাৰিনী,
নিৰাশ্ৰয়ৰ আশ্ৰয় দাতা মোক ৰক্ষা কৰা [ ফুটাই ]
তোমালোক কোন মোক কিয় বান্ধিছা। মই তোমা
লোকক কি কৰিছো।
|
( আন ফালৰ পৰা দাৰোগা আৰু চিপাহীৰ প্ৰবেশ )
| দাৰোগা—
|
কোন তোমালোক এওঁক কিয় বান্ধিছা?
|
| গনেশ—
|
এইটোৱেই প্ৰমীলাক লুকুৱাই থৈছে, আপোনাৰ
ওচৰলৈ ধৰি নিবলৈ বান্ধিছো। নহলে ইয়াক নিয়াতো
টান।
|
{{playscript|gap=5| হীৰালাল—|নহয় দাৰোগাবাবু ইয়াক মেলি দিলে নিয়াতো
টান হব।
| দাৰোগা—
|
বাৰু তেনে চকু কিটাকে মেলি দিয়া।
|
( হীৰালালে চকু মেলি দিয়ে )
|
|
এই, তোৰ নাম কি, কিয় পলাই ফুৰিছ?
|
| নিৰ্মল—
|
দাৰোগা বাবুনে? মোৰ দুৰ্দশাৰ কথা কি কম।
|
|
|
মই অকলে আছিলো; ইহতি গছৰ আঁৰৰ পৰা আহি
বান্ধি পেলালেহি। মোৰ নাম নিৰ্ম্মলচন্দ্ৰ।
|
| দাৰোগা—
|
তোমাৰ নাম নিৰ্ম্মলচন্দ্ৰ। তুমি এওঁলোকক চিনি
পোৱানে?
|
| নিৰ্ম্মল—
|
( হীৰালালক দেখি ) তই পাষণ্ড ইয়াতো দিনে
দিনে পাপ বঢ়াইছহে। গনেশ তুমিও মোক বান্ধিছিলা।
|
| নিৰ্ম্মল—
|
দাৰোগা বাবু এই পাষণ্ডই প্ৰমীলা অকলে ঘৰত
থাকোতে সতীত্ব নষ্ট কৰিবলৈ ধৰিছিল।
|
| হীৰালাল—
|
হেৰ মিছা নকবি। দাৰোগা বাবু ই এতিয়া
সাৰিবৰ উপায় নাপায় যিহকে আছে তাকে কৈছে।
মই উইভিং মাষ্টৰ যাৰে তাৰে ঘৰলৈ যাওৱেই। সেইটো
মোৰ কামেই। (নিৰ্ম্মললৈ চাই) তই নিৰ্ম্মল সচা কথা
কবি নহলে দাৰোগা বাবুৰ আগতে চৰিয়াই গাল ভাঙ্গিম।
|
| দাৰোগা—
|
এওঁ চৰকাৰী কৰ্ম্মচাৰী: এওঁৰ কথা মিছাকৈ কব
নেপায় তুমি সচা কথা কোৱা, নহলে উপযুক্ত শাস্তি
পাবা।
|
| গনেশ—
|
বাৰুতো অ'। বুইছে, দাৰোগা বাবু ই প্ৰমীলাৰ
সৈতে একেলগে থকা মোৰ তিৰোতাক দেখা বাবে;
সমাজৰ আগত কয় বুলি তাইক ফেটাই দি মোৰ
মানুহজনী মাৰিলে। এতিয়া তাইক কৰবাত পলুৱাই
থৈ এই বোৰ গাইছে। ভয়ত পলাই ফুৰি ধৰা পৰাত
|
|
|
সাৰিবৰ উপায় নেদেখি এতিয়া আমাৰ গাত দোষ
পেলাইছে। হেৰ মোৰ তিৰোতাই তোক কি কৰিছিল।
|
| দাৰোগা—
|
এতিয়া মই বুজিছো। ইয়াৰেই কাম।
|
| গনেশ—
|
নহলেনো কোনে মৰাৰ। এই পাষণ্ডই বুদ্ধি দি
মৰালে। [ কান্দে ]
|
| হীৰালাল—
|
গনেশ তুমি নেকান্দিবা। ইয়াৰ বিচাৰ দাৰোগা
বাবুৱে কৰিব।
|
| দাৰোগা —
|
লচমন চিং উচকো হাতকেৰি লাগাও।
থানামে লে যাও। হেৰ এতিয়াও সচা কথা ক এৰি দিম।
|
| নিৰ্ম্মল—
|
মই একো মিচা কথা কোৱা নাই। যই গণেশৰ
ঘৈণীয়েকক মৰা কব নোৱাৰো।
|
| দাৰোগা—
|
চুপ ৰহো। (চিপাহিক) উসকো যলদি লে যাও।
তই প্ৰমীলাক উলিয়াই নিদিলে হাজতত থাকিব লাগিব।
তোমালোক বিচাৰৰ সময়ত হাজিৰ থাকিবা।
|
| গনেশ—
|
দাৰোগা বাবু চালামহে।
|
|
|
( দাৰোগা, চিপাহী, আৰু নিৰ্ম্মলৰ প্ৰস্থান )
|
| হীৰালাল—
|
হেৰা প্ৰমীলাক যদি উলিয়াব পাৰে আমাৰতো
সৰ্ব্বনাশ। তাই যে এনে কাম কৰিব মই কেতিয়াও
বিশ্বাস নকৰিছিলো। এতিয়া যাওঁ বলা।
|
| ভাৰতী—
|
মোক মানুহে অতি সুখী বুলি ভাবে।
জানো মোৰ সুখ ক'ত, আনন্দ ক'ত।
জ্ঞানী জনে কয় ত্যাগী জনেই সুখী, ৰমনীয়ে যে ত্যাগ কৰিব
নোৱাৰে। ত্যাগ কৰিবলৈ গলে যে তিৰোতাৰ ধৰ্ম্ম কৰ্ম্ম
একো নাইকিয়া হ'ব। মই তেখেতক কেনেকৈ ত্যাগ
কৰিম, তেখেত যে বেয়া হলেও মোৰ স্বামী দেৱতা।
নৰৰূপে নাৰায়ণ। পতি গুৰু। মই তেখেতক ক'ত
বাৰ ভৰিত পৰি পৰি ক'ত শপত দিলো তেওঁ মোৰ
কথা নুশুনিলে। হায় হায় মই মিছাতে ঈশ্বৰক খাটো।
|
| আকাশীবাণী —
|
মিছা নহয়। তোমাৰ জীৱন আৰু লোকৰ জীৱনৰ
ফানে ঢোৱা সকলো বুজিব পাৰিবা। তুমি সদাই স্বামীৰ
শত অত্যাচাৰ সহ্য কৰি; স্বামীৰ চৰণৰ চিন্তা এৰা
নাই। ঈশ্বৰক খটা ভুল হোৱা নাই। তোমাৰ উন্নতি
হব; সুখ হ'ব। ই ধ্ৰুব সত্য। তুমি এক মনে ঈশ্বৰক
ভাবিলে তেওঁৱেই তোমাৰ স্বামীক উদ্ধাৰ কৰিব। পাপী
বুলি তেওঁ কাকো এৰি নিদিয়ে।
|
| ভাৰতী—
|
কোন সেইয়া কাৰ মাত!
( নগেন্দ্ৰৰ প্ৰবেশ। ভাৰতীয়ে নগেন্দ্ৰৰ ভৰিত ধৰি )
|
|
|
আপুনি অত দিন ক'ত আছিল।আপোনাৰ কিয়
এনে অৱস্থা। সঁচা কথা কওকচোন। ফাকি নিদিব।
( নগেন্দ্ৰ নিৰ্মাত, অলপ ৰৈ। ) মোক ক্ষমা কৰিব।
আপুনি নেমাতে কিয়। আকৌ যাবনে কি?
|
| নগেন্দ্ৰ —
|
মাতিম কি। কি কম।
|
| ভাৰতী —
|
যি সুধিছো তাকে কওক।
|
| নগেন্দ্ৰ—
|
কি সুধিছিলা মনত নাই।
|
| ভাৰতী
|
—আপুনি মোক নেভািৱিব।
|
| ভাৰতী—
|
আপুনি সেই পাপ পৰিত্যাগ কৰিবনে নকৰে।
|
| ভাৰতী—
|
যদি সেয়ে সচা হয়; পাপত লিপ্ত থাকাই সুখ
বুলি ভাবে আৰু পৰকাল নাভাবে নৰকৰ কথা স্মৰণ
নকৰে তেনে তাকে কৰক। আপোনাক কত দিন সেই
পাপ পথৰ পৰা ঘূৰিবলৈ কৈ কান্দি কান্দি চকুৰ পানীৰে
চৰণ তিয়ালো সিমানতো আপুনি পাপ পথ নেৰিলে।
চাওকচোন আপুনি মোৰ স্বামী মই আপোনাৰ তিৰোতা।
আপুনি গুৰু মই শিষ্য। আপুনি শিকাব মই শিকিম।
|
| নগেন্দ্ৰ—
|
থোৱা তোমাৰ পাগলামি। মোৰ নিমিত্তে তোমাৰ
ইমান চিন্তা কিয়? মইতো তোমাক অযত্ন কৰা নাই।
অলঙ্কাৰ পাতি যি লাগে তাকো দিছো। তিৰোতাক যি বস্তু
লাগে তাকো দিছো। তেওঁ তুমি কিয় অসন্তোষ কৰি থাকা।
|
| ভাৰতী—
|
আপুনি যদি হীন চৰিত্ৰ নহৈ, খাবলৈ নাপায়ো
থাকিলো হেতেন তবু মই সুখী হলোহেতেন। মই
অলঙ্কাৰ পাতি বিচৰা নাছিলো। ভাল কথা কলে কিয়
এনে কথা কয়। মই আপোনাক ভক্তি কৰো ভাল
পাও মোক নো কিয় তাৰ পৰা বঞ্চিত কৰে। তিৰোতা
স্বামীৰ অৰ্দ্ধাঙ্গিনী আপুনি পাপ বা পূণ্য কৰিলে মই
ও ভোগ কৰিম।
|
| নগেন্দ্ৰ—
|
বাৰু মই আৰু বেয়া কাম নকৰো।
|
| ভাৰতী—
|
মোৰ যে বিশ্বাস নহয় আপুনি এতিয়া কৈছে
আকৌ পাহৰিব।
|
| নগেন্দ্ৰ —
|
( স্বগতঃ ) কেনেকৈ বিশ্বাস কৰিব ( প্ৰকাশ্য )
বুজিছা ইয়াৰ আগলৈকে তাকে হৈছিল কিন্তু এতিয়া
সেইবোৰ পৰিত্যাগ কৰিলো। তথাপি মোৰ শান্তি নাই।
ভাৰতী—কিয়!
|
| নগেন্দ্ৰ—
|
কওঁ শুন৷ সহ। কথা কবলৈ কুণ্ঠিত নহও। পাঁপ
পথ, পাপ বাসনা সকলো পৰিত্যাগ কৰিলো। যেনেকৈ
গছৰ পাত সবে, সেইদৰে মোৰো এজন দেৱতাৰ
শুভ-আশীৰ্ব্বাদত মোৰ গাৰ পৰা সকলো খহি পৰিল।
প্ৰকৃত্য প্ৰেম দাম্পত্য কৰ্ম্মৰ সুমধুৰ গোন্ধে মোৰ প্ৰাণত
জ্বলি উঠিছে। কিন্তু সেইটো তো মোৰ সুখ নাই।
|
| ভাৰতী—
|
কিয়! মই যদি দোষ কৰিছো ক্ষমা কৰক, মই
আপোনাৰ দাসী।
|
{{playscript|gap=5| ভাৰতী—|এনে কথা নকব প্ৰাণনাথ।}{
| নগেন—
|
সঁছাকৈয়ে ভাৰতী মোক ক্ষমা নকৰা,
মই এটা মহাপাপী।
|
( এনেতে প্ৰমীলাৰ প্ৰবেশ )
| প্ৰমীলা—
|
( উধাতু খাই আহে ) নিৰ্ম্মলক বন্দী কৰি থৈছে।
সঁছানে বাইদেউ কোৱা। নহলে মই এই দুখতে আত্মহত্যা কৰিম।
|
| আত্মহত্যা! আত্মহত্যা কৰিম মই, তুমি নহয়।
|
|
| ভাৰতী—
|
আপুনি কিয় আত্মহত্যা কৰিব।
|
| নগেন —
|
প্ৰমিলা; ময়েই সেই বিশ্বাসঘাতকী তোমাৰ
অনিষ্টকাৰী মহাপাতকী।
|
| প্ৰমীলা—
|
তেওঁ তোমাক কি অনিষ্ট কৰিছিল তাৰ বাবে
নিৰ্ম্মলৰ এনে দশা হল। মই একো বুজিব পৰা নাই।
[ভাৰতীলৈ চাই] তুমি যদি নোকোৱা ভাৰতী, কোনে
মোক সঠিক বাতৰি দিব।
|
| ভাৰতী—
|
মই জনা হলে তোমাৰ আগতনো কথাটো লুকা
লোহেঁতেন নেকি?
|
| নগেন —
|
ভাৰতী তুমি মোক এই সময়ত সহায় কৰিব লাগিব
নহলে নিৰ্ম্মলৰ নিচিনা এজন মানুহে অনাহকত কষ্ট
|
|
|
খাইছে। প্ৰমীলাইও অন্তৰত বেজাৰ পাই আত্মহত্যা
কৰিব পাৰে, সেই বাবে আমি দুয়ো গৈ তেওঁক মুক্ত
কৰিব লাগিব। তুমি মোৰ লগত যাবলৈ ৰাজি আছানে?
|
| ভাৰতী—
|
মই একো নাজানো। যদিহে নিৰ্মলক মুক্ত কৰিব
পাৰে মই যাবলৈ ৰাজি আছো। হায় ! হতভাগিনীয়ে
কিমান বিপদ সহ্য কৰিছে।
|
| নগেন্দ্ৰ—
|
নিজৰ প্ৰাণ দি হলেও নিৰ্মলক মুক্ত কৰিব লাগিব।
|
৬ষ্ঠ দৃশ্য – বিচাৰকৰ সভা।
| বিচাৰক —
|
আজি কি বিষয়ৰ মোকৰ্দমা আছে।
|
| দাৰোগা—
|
এটা ডাঙৰ গোচৰ। নিৰ্মল বোলা মানুহ এটাই
গনেশ নামৰ মানুহ এটাৰ ঘৈণীয়েকক বধ কৰিলে তাক
বিচাৰি ধৰাপেলাই বন্দী কৰি থোৱা আছে; হুকুম
হলে হাজিৰ কৰিব পাৰো।
|
| বিচাৰক —
|
সাক্ষী বাদী সকলো ঠিক আছেনে?
|
| বিচাৰক—
|
তেন্তে হাজিৰ কৰা।
|
| বিচাৰক—
|
( চিপাহীলৈ চাই ) লচমন চিং সেই বন্দী কবি
থোৱা আচামি নিৰ্ম্মলকো হাজিৰ কৰাও।
|
| দাৰোগা—
|
ধৰ্ম্মাৱতাৰ এই গোচৰ সামান্য নহয়। ইয়াতে
সকলো লেখা আছে। আচামি অতি চালাক যি গাঁৱত
সমাজ নমনা হৈছে।
|
| বিচাৰক—
|
বাৰু বিচাৰ কৰিবলৈ দিয়া।
|
(এনেতে নিৰ্মলক হাতকেৰিয়া মাৰি হাজিৰ কৰে )
| চিপাহী—
|
(প্ৰবেশ) বন্দীক আনি চেলাম কৰে। এনেতে
আনফালৰ পৰা পুৰুষোত্তম, গনেশ,হীৰালাল আৰু
ঠগীৰামৰ প্ৰবেশ। সকলোৱে প্ৰণাম কৰে )
|
| বিচাৰক—
|
বন্দী তোমাৰ নাম কি?
|
| নিৰ্ম্মল—
|
মোৰ নাম নিৰ্ম্মলচন্দ্ৰ শৰ্মা।
|
| দাৰোগা—
|
( বন্দীলৈ চাই ) কোৱা যি কম সচাঁ কম। মিছা
কলে ধৰ্ম্মে ঘটাব।
|
| নিৰ্ম্মল—
|
মইতো একো মিছা কোৱা নাই; আগৰে পৰা সঁচা-
কৈয়ে কৈছো।
|
| দাৰোগা—
|
(ধমক দি) মই যি সুধিছো তাক কবি; মুখ চম্ভালি
কথা কবি।
|
| বিচাৰক—
|
বন্দী! তোমাৰ ওপৰত অভিযোগ, তুমি গনেশৰ
তিৰোতা হেমপ্ৰভাক প্ৰমীলা নামেৰে ছোৱালী এজনীৰ
হতুৱাই হত্যা কৰাইছা। কাৰণ তোমাৰ গুপ্ত প্ৰণয়
|
|
|
প্ৰমীলাৰ লগত থকা হেমপ্ৰভাই দেখিছিল। সমাজত
ওলাই বুলি এনে কাম কৰালা। প্ৰমীলা বিধবা ছোৱালী
তাইকো তুমি লুকুৱাই থৈছা। প্ৰথম তুমি লোকৰ এজনী
অবলা তিৰোতাক ফেটাই দি হেমপ্ৰভাক বধ কৰা। ২য়
তুমি সমাজৰ মাৰ ভাঙি বিধবাৰ ব্ৰত ভঙ্গ কৰা। তয়
প্ৰমীলাক লুকাই থোৱা। এই কেইটা তোমাৰ ওপৰত
অভিযোগ : যদি তুমি ভাল প্ৰমান দিব পাৰা, মুক্ত
হবা। নচেৎ গুৰুত্বৰ শাস্তিৰ কাৰণে প্ৰস্তুত হোৱা।
|
| নিৰ্ম্মল—
|
হে ধৰ্মৱতাৰ! মই এই বোৰ একো নাজানো
আৰু মোৰ এই বিপদত কোনো সাক্ষী বাদী দিবলৈকো
নাই ধৰ্মৱতাৰে যি কৰে।
|
| গনেশ —
|
ধৰ্ম্মৱতাৰ মোৰ ই সৰ্ব্বনাশ কৰিলে। মোৰ এবাহ
লৰা-ছোৱালী টেটুত লগাই মোৰ ঘৰখন ভাঙিলে।
মোৰ তিৰোতাই ইয়াক একো কৰা নাছিল ধৰ্ম্মৱতাৰ।
ই মোক খালে। ( কান্দে )
|
| বিচাৰক —
|
বাৰু তুমি বেজাৰ কৰিব নেলাগে। মই বিচাৰ
কৰিম।
|
| পুৰুষোত্তম—
|
বোপাই সমাজ নাই বুলি ভাবিছ। এনে ভাল
বংশৰ বামুণৰ লৰা হৈ সেই প্ৰমীলা ছোৱালী জনীৰ
সতীত্ব নষ্ট কৰিলি। এতিয়া একো কব নোৱাৰা হৈছে।
হেৰ ধৰ্ম্ম আছে মিছা কথা কত লুকাই থাকিব আমি
আক বুঢ়া হলোহি এনে কথা শুনাও নাই দেখাও নাই।
|
বিচাৰক—বাৰু তোমাৰ প্ৰমীলাৰ লগত গুপ্ত প্ৰণয় থকাতো
সচাঁনে?
| নিৰ্ম্মল—
|
ধৰ্ম্ম সাক্ষী কৰি কব পাৰো মোৰ কোনো গুপ্ত প্ৰণয়
প্ৰমীলাৰ লগত নাই। মই বিধবা বিবাহ সমাজত
চলাবলৈ যত্ন কৰাতো সচাঁ, সেই বুলি প্ৰমীলাক মই
কোনো বেয়া কথাৰে চলনা কৰা নাছিলো। তেওঁ
অলশৰীয়া কৰি থকাত এদিন হীৰালালে প্ৰমীলাক
হাটত ধৰা কথাতো মই গম পাওঁ। তাকে মোক
প্ৰমীলাই কৈছিল। তেতিয়া মই সমাজৰ বান্ধ গুচাবলৈ
দেশে বিদেশে ঘূৰি বিধবা বিবাহ কৰাবলৈ মত বিচাৰি
পণ্ডিত সকলৰ ওচৰলৈ গৈছিলো।
|
| পুৰুষোত্তম—
|
ভাল সাধুতো বোলাইছ সঁছা কথা কৈ দে।
ধৰ্মাৱতাৰ ই সমাজ নমনা হল।
|
| বিচাৰক—
|
বন্দী তুমি ব্ৰাহ্মণ।
|
| বিচাৰক —
|
ব্ৰাহ্মণ হৈ এনে মহাপাপ কিয় কৰিব খুজিছিলা।
বিধবাৰ সতীত্ব নষ্ট কৰা বাবে তুমি দোষী তুমিয়েই যে
বিধবাক লুকুৱাই থৈছা সঁছা।
|
| গনেশ—
|
ধৰ্ম্মৰাজ আৰু কোনে কৰিব, ইয়াক এৰি দিলে
আমালৈকো ভয়হে।
|
| দাৰোগা—
|
সি সৈ কাঢ়িছেই প্ৰমীলাক ৰাখিব খোজাতো সঁছা।
|
( এনেতে এটা পিয়নৰ প্ৰবেশ )
| পিয়ন—
|
( বিচাৰকলৈ চাই, চেলাম দি ) ধৰ্ম্মাৱতাৰ নিৰ্ম্মলৰ
নামে চিঠি আছে।
|
| পিয়ন —
|
( চিঠি দি পিয়নৰ প্ৰস্থান )
|
| দাৰোগা —
|
(স্বগতঃ ) বোধকৰো প্ৰমীলাই লিখিছে এতিয়াতো
ধৰা পৰিবি।
|
| দাৰোগা—
|
( স্বগতঃ ) চিঠি চাই আচৰিত।
ধৰ্ম্মৰাজ প্ৰমীলা নামে নিৰ্ম্মলৰ মাৰফৎ চিঠিখেলত ১ লাখ টকা পাইছে।
|
| গনেশ —
|
দাৰোগা বাবু নামতো ভালকৈ চক। সেই এটাও
প্ৰমান।
|
| বিচাৰক—
|
নিৰ্ম্মল চন্দ্ৰ তুমি চিঠিখেলত টিকত দিয়াতো
হয়নে।
|
| নিৰ্ম্মল—
|
মই টকা দিয়া নাই কিন্তু প্ৰমীলাই দিয়াতো হয়।
|
| বিচাৰক —
|
( স্বগত: ) ইমান টকা পাইও মিছা কোৱা নাই।
( প্ৰকাশ্যে) তুমি প্ৰমীলাৰ নামতো লিখি দিছিলা।
|
| নিৰ্ম্মল—
|
হয় ধৰ্ম্মাৱতাৰ তেওঁ কোৱাত মই লিখি দিছিলো।
|
| পুৰুষোত্তম—
|
ধৰ্ম্মাৱতাৰ এওঁক ভালকৈ অপবাদৰ প্ৰায়চিত্ত
কৰাই সমাজত লব পৰা হব। ধৰ্ম্মাৱতাৰ এনেকে
চাবলৈ গলে প্ৰমীলাৰ হতুৱাই হেমপ্ৰভাক মৰালে।
সেইতো হওঁতে কোনেও দেখা নাই।
|
| গনেশ—
|
বাৰু তোমাৰ কথা নেলাগে ধৰ্ম্মৱতাৰে বিচাৰ
কৰিব জানে।
|
|
|
( এনেতে সন্ন্যাসীৰ বেশে প্ৰমীলা, নগেন্দ্ৰ, ভাৰতী ও
সন্যাসীৰ প্ৰবেশ )
|
| দাৰোগা—
|
তোমালোকক কি লাগে।
|
| প্ৰমীলা —
|
নিৰ্ম্মলক কিয় বন্দী কৰিছে।
|
| বিচাৰক—
|
তেওঁৰ ওপৰত কেবাটাও অভিযোগ প্ৰধানতঃ
এজনী প্ৰমীলা নামৰ ছোৱালী লুকাই থোৱা আৰু
দ্বিতীয় গনেশৰ ঘৈণীয়েক হেমপ্ৰভাক চক্ৰান্ত কৰি হত্যা
কৰোৱা আৰু আছে।
|
| প্ৰমীলা —
|
( স্বগতঃ ) মই বৰ হতভাগিনী।
(প্ৰকাশ্য ) মোক দয়া কৰক তেওঁক মুক্তি দিয়ক তেওঁ নিৰপৰাধী।
মই নিশ্চয় কৰি কব পাৰো।
|
| দাৰোগা—
|
আমি কৈছো নিৰ্ম্মল অপৰাধী।
|
| প্ৰমীলা —
|
মিছা। নিৰ্মূলে কেতিয়াও হত্যাত লিপ্ত নাই।
এই কথা যি কয় সিহে মিথ্যাবাদী।
|
| দাৰোগা—
|
সন্যাসী বালিকা তুমি বিচাৰকৰ আগত এনে কথা
নকবা। এইখন বিচাৰ সভা। তোমাৰ প্ৰমানৰ আৱশ্যক।
|
| প্ৰমীলা—
|
বিচাৰকে একো ভাল প্ৰমান নোপোৱালৈকে
মতামত প্ৰকাশ কৰিলে মই কও তেওঁ কেতিয়াও
বিচাৰৰ যোগ্য পাত্ৰ নহয়। আপুনি ভুল বুজিছে,
নিৰ্ম্মলে সচাকৈয়ে নিৰপৰাধি গোটেই পৃথিবীৰ মানুহে
|
|
|
যদি চিঞৰী কয়” তত্ৰাচ মই প্ৰতিবাদ কৰো। এনেকুৱা
কাম তেওঁৰ পক্ষে অসম্ভব।
|
| পুৰুষোত্তম—
|
এইজনী কৰ ছোৱালী ধৰ্ম্মৰাজৰ আগত এনে
কথা নকবা।
|
| বিচাৰক —
|
অন্ধ বিশ্বাসত সত্যৰ বিচাৰ নহয়।
|
| প্ৰমীলা —
|
মই বেচ জানো তেওঁৰ হৃদয়ৰ কোনো চিন্তা কোনো
আকাঙ্খ্যা মোৰ আজ্ঞাত নহয় নিৰ্ম্মল পুৰুষৰ ভিতৰত
শ্ৰেষ্ঠ। নীচ কাম তেওঁৰ গাত নাই। সমাজে তেওঁৰ
সুখৰ সৌভাগ্যত হিংসা কৰিছে তথাপি তেওঁ খন্তেকৰ
কাৰণেও অহিত নেভাবে। কিন্তু আপুনি আজি তেওঁৰ
ওপৰত অত্যচাৰ কৰিবলৈ ব্যাকুল হৈছে।
|
| বিচাৰক—
|
নজনা তুশুনা কৈ অনাহকত চিঞৰি মৰিছা। শুনা
কওঁ, নিৰ্মলে প্ৰমীলা নামৰ বিধবা ছোৱালী এজনীৰ
সৈতে গুপ্ত প্ৰণয় থকা, হেমপ্ৰভায় দেখা বাবে, কাৰো
বাৰ আগত কয় বুলি সমাজৰ ভয়ত নিৰ্ম্মলে প্ৰমীলাৰ
হতুৱাই হেমপ্ৰভাক হত্যা কৰে।
|
| প্ৰমীলা—
|
( স্বগতঃ) কি ঘৃণাৰ কথা। কি লজ্জাৰ কথা।
কি বিপদ ময়েই তেওঁৰ বিপদৰ মূল হলো, ( প্ৰকাশ্য )
ধৰ্ম্ম বিচাৰ হোৱা নাই।
|
| বিচাৰক—
|
ভুল বুজিছা সন্যাসী বালিকা তুমি বিচাৰকৰ
সন্মুখত বিচাৰৰ নিন্দা কৰিলে বৰ দোষৰ কথা। তুমি
অৱলা সকলো কথা নিয়মিত ৰূপে বুজি নিশ্চয় কৰাতো
|
|
|
তোমাৰ পক্ষে অসম্ভব। তিৰোতা মানুহে পুৰুষৰ সকলো
অভিসন্ধি বুজা টান৷ নিৰ্ম্মলে বা কেনেকুৱা অৱস্থাত
পৰি এনেকুৱা গুৰত্বৰ পাপত লিপ্ত হৈছে, তুমি ৰমণী
কেনেকৈ জানিবা। যদি ভাল প্ৰমাণ দিব পাৰা ঈশ্বৰে
কৰিলে প্ৰমাণ অগ্ৰাহ্য কৰিবলৈ মোৰ শক্তি নহব।
তোমাৰ যদি কিবা কব লগা আছে খুলি কব পাৰা।
|
| প্ৰমীলা—
|
ময়েই প্ৰমীলা ( ভেশচন পৰিত্যাগ) ধৰ্ম্মৰাজ এই
পাপীষ্ঠ হীৰালালে মোৰ সতীত্ব নষ্ট কৰিবলৈ ধৰিছিল
গনেশে মোক তেওঁৰ ঘৰত বন্দী কৰি থৈ চাহাবক
দিবলৈ ইচ্ছা কৰিছিল। তেওঁৰ পুণ্যময়ী ভাৰ্য্যা
হেমপ্ৰভাই নেজানে। পিছত তেওঁক পুলিছে বিচাৰিলত
সকলো জানিব পাৰি; মোক তেওঁৰ ঘৰৰ পৰা যাবলৈ
কোৱাত মই এতিয়া কলৈ যাম কি কৰিম বুলি কোৱাত
তেওঁ গিৰিয়েকৰ এনে ঘিন লগা স্বভাৱ সহ্য কৰিব
নোৱাৰি নিজে নিজে আত্মহত্যা কৰিলে। মই তেওঁৰ
বুকুৰ পৰা চুৰি গুচাই দেখিলো তেওঁ আৰু জীয়াৰ
আশা নেদেখিলো। শেষত মাত্ৰ তেওঁ ইয়াকে কলে
এতিয়াও যোৱা। তাৰ পাচত তেওঁৰ হাতত এখন
চিঠি পাওঁ। এই পত্ৰখনি ধৰ্ম্মাৱতাৰৰ আগত প্ৰমান
স্বৰূপে অৰ্পণ কৰিলো। ( চিঠি দিয়ে ) মই সেই দিনাৰ
পৰা অনাই বনাই ঘুৰি মনৰ দুখত মৰিবলৈ ওলাইছিলো
কিন্তু এই সন্ন্যাসী গুৰু দেৱে মোক ৰক্ষা কৰিলে।
|
| বিচাৰক —
|
আচৰিত (চিঠিখন দাৰোগাক দিয়ে) হেমপ্ৰভাৰ লিখা
হয়নে গনেশক দেখুওৱা।
|
| গনেশ—
|
হয় মোৰ তিৰোতাৰ হাতৰ আখৰেই।
|
| বিচাৰক—
|
দাৰোগা গনেশক বন্দী কৰা, নিৰ্মল মুক্তি তুমি।
|
| হীৰালাল —
|
ধৰ্মৰাজ মইহে দোষী।। হীৰালালৰ উন্মাদ অৱস্থা )
উস্ পাপৰ ফল কি ভয়ানক, পাপৰ প্ৰায়শ্চিত্ত হব লাগিব।
আৰু কিয় দেৰী কৰে মোক শাস্তি দিয়ক। কি ভয়ানক
যান্ত্ৰণা। মই সতী প্ৰমীলাক অপমান কৰিছিলো। তেওঁৰ
গাত হাত দিছিলো। ধৰ্মৰাজ মই এক মুহুৰ্ত্তয়ো স্থিৰে থাকিব নোৱাৰো মোক শাস্তি দিয়ক।
|
|
|
মোক ক্ষমা কৰা আই, মই নেজানি তোমাক অপমান
কৰিছিলো মোক ক্ষমা কৰা। অসৎ সঙ্গৰ লগত কাম
কৰা বাবে আজি মোৰ এই দশা।
|
| নগেন্দ্ৰ—
|
ধৰ্ম্মৰাজ মইহে দোষী। হীৰালাল আৰু গনেশৰ গাত
দোষ নাই। মই জনা বুজা হৈ বাহিৰা মানুহ হীৰা-
লালক উচটাই দিছিলো।প্ৰমীলা মোক ক্ষমা কৰা।
(প্ৰমীলাৰ ভৰিত ধৰি )
|
| ঠগীৰাম—
|
ধৰ্মাৱতাৰ গনেশে তাৰ ভনীয়েকক দিব বুলি আশা
দেখুৱাই মইয়ে নগেনে কোৱাত প্ৰমীলাক ধৰি আনি
তাৰ ঘৰত থৈছিলো। মোক হে দণ্ড দিয়ক।
|
| বিচাৰক —
|
সতীৰ কি মহিমা। হে দেবী তুমি চিঠি খেলত
|
|
|
এক লাখ টকা পাইছা নিৰ্ম্মলে তেওঁৰ নহয় বুলিছে।
|
| প্ৰমীলা—
|
ধৰ্ম্মৰাজ নই চিঠি খেলত নাম দিয়া নাই।
নিম্নলেহে মোৰ নামে দিছিল মোৰ টকা নহয়।
|
| বিচাৰক—
|
কি আচৰিত! হিন্দুৰ কি সতীত্ব ধন।
|
| সন্যাসী —
|
আজি মই সকলোকে কওঁ বিধবা বিবাহ প্ৰচলিত
কৰক নহলে এই পুণ্যময়ী বিধবাৰ লগত দেশ একে-
বাৰে ধ্বংশ হব। যদি বিধবা বিবাহ চলাব নোৱাৰে
ব্ৰহ্মচাৰ্য্য আশ্ৰম কৰক। যি বিধবা বিবাহৰ পক্ষপাতী
তেওঁবিলাকক কওঁ তেওঁবিলাকে এবাৰ ভিতৰত পুত্ৰ
কন্যা বিধবা বিবাহ চলোৱাই নতুন কৰি সমাজ গঢ়িবলৈ
যত্ন কৰক।
|
|
|
( ভাৰতীয়ে প্ৰমীলাক ধৰি নিৰ্ম্মলৰ হাতত অৰ্পণ কৰে )
|
| সন্যাসী—
|
ওঁ শান্তি ওঁ শান্তি।
|
| প্ৰমীলা—
|
আজি মই নতুন কৰি সমাজ গঢ়িবৰ কাৰণে
আৰু বিধবা আশ্ৰম আৰু বিধবা বিবাহ চলাবৰ কাৰণে
এই চিঠিখেলত পোৱা একলাখ টকা দান কৰিলো।
|