সমললৈ যাওক

স্বপ্ন-ভঙ্গ

ৱিকিউৎসৰ পৰা

 

স্বপ্ন-ভঙ্গ

 

—লিখক—
স্বৰ্গীয় গণেশচন্দ্ৰ গগৈ

 

প্ৰথম তাঙৰণ
পুহ, ১৮৬২ শক।

 

প্ৰকাশক,
শ্ৰীতৰুণচন্দ্ৰ গগৈ।
যোৰহাট, অসম।

 

সৰ্ব্বসত্ত্ব সংৰক্ষিত ]

[ মূল্য ৵৬ পাই।

 

 

—লিখকৰ নিবেদন—

নসৰিল চকুপানী সৰোতে “পাপৰি”
আজি এটা ক্ষন্তেকীয়া অলিক সপোনে,
নাজানিলোঁ, নুবুজিলোঁ ধাৰাসাৰে বোৱা
ৰাখিছিলে চকুপানী গোপনে গোপনে।

* * * *

স্বপ্নৰ মাজত বহি সপোন ৰচনা
মানুহে নিতউ কৰে, ময়ো কৰিছিলোঁ;
সেন্দুৰীয়া সপোনৰ সোণালী কিৰণ
মাৰ গ’ল আজি মাথো টুকিছোঁ চকুলোঁ।
“স্বপ্নভঙ্গ” স্বপ্ন মোৰ নিলাজ প্ৰাণৰ,
সুৰহীন ঐক্যতান বিৰহ গানৰ।

 

 

প্ৰকাশকৰ নিবেদন

 স্বৰ্গীয় ককাইদেউ গণেশচন্দ্ৰ গগৈৰ, “পাপৰিৰ” পাচতে লিখা “স্বপ্নভঙ্গ” নামে এই সৰু কবিতাৰ পুথিখনি ৰাইজৰ আগলৈ সসম্মানে আগবঢ়োৱা হ’ল। “পাপৰিয়ে” ৰাইজৰ পৰা যেনে মৰম পাইছে এই সৰু পুথিখনিয়েও তেনে মৰমকে পাব বুলি আশা কৰিছোঁ। ইতি

যোৰহাট,
৯।১।৪১

বিনীত
শ্ৰীতৰুণচন্দ্ৰ গগৈ।

 

 

স্বপ্ন-ভঙ্গ

 (১)
আজি অত দিন একেটি ভাবতে
 একে কদমৰ তলতে ৰৈ,
বাট চাই সখি, আছিলো তোমাকে
 মনৰ পিয়াহ মনতে লৈ।
 (২)
ৰ’ই ৰ’ই আৰু আমনি লাগিল
 থাকিম অকলে কিমান বহি,
আহাৰ মাহৰ ৰদত শুকাই
 মহ চেৰেপাৰ কামোৰ সহি?

 ( ৩ )
সেই দিনা সখি, গধূলি বেলিকা
 পশ্চিমৰ মেঘে কলীয়া হৈ
বুকুতে সামৰি আনিলে ধুমুহা
 বিজুলী গাজনি পিচতে লৈ।
 ( 8 )
নেথাকিলোঁ আৰু কদম তলত;
 সখি, সেই দিনা আহিলোঁ গুচি,
নেদেখা বাটত, শিল বৰষুণে
 নোৱাৰিলে মন কৰিব শুচি।

 ( ৫ )
পদূলি মুখৰ নঙলাত লাগি
 জঠৰ ভৰিও পিছলি গ’ল,
তথাপিও মোৰ দুগালেদি বোৱা
 দুধাৰি চকুলো গালতে ৰ’ল!
 (৬)
তুমি কৈছিলাঁ— “একেলগে আহি
 একেলগে দুয়ো আকউ যাম,
ঘূৰি নাহোঁ মানে ইয়াতেই থাকাঁ
 গধূলি বেলিকা ইয়াতে পাম।”

 ( ৭ )
কত দিন গ’ল, কত ৰাতি গ’ল,
 কতনো গধূলি অতীত হ’ল,
তথাপি নাহিলাঁ, নিদিলাঁহি দেখা,
 মনৰ বেজাৰ মনতে ৰ’ল!
 ( ৮ )
জীৱনত ফুল বহুত ফুলিল,
 তথাপি নেপালোঁ চুপহি তাৰ,
কত ৰূপহীৰ আচল ধৰিলোঁ
 নুবুজিলোঁ তেও, চকুৰ ঠাৰ

 (৯)
পদুম বনত অকলে অকলে
 কত পদুমীৰ চাপিলোঁ কাষ,
একে চাৱনিতে পাহি সৰি পৰা
 তেনে লাজুকীৰো নেপালোঁ আশ
 (১০)
মোৰ কদমৰ তলৰ সপোন
 সেইহে সিদৰে মৰহি গ’ল,
একেটি কথাৰ, একেটি ভাষাৰ,
 তাৰো যে মাধুৰি নোহোৱা হ’ল।

 ( ১১ )
নহলেনো মোক কদম তলত
 সখি, সেই দিনা অকলে থৈ,
আহোঁ, আহোঁ, বুলি নাহিলাঁ কিয়নো
 মাথো এবেলাৰ বাটলৈ গৈ?
 ( ১২ )
হ’ব পাৰা তুমি তোমাত বলিয়া
 কলীয়া মেঘৰ সপোন চাই,
ময়ো যে আছিলোঁ তোমাকে আৰাধি
 তোমাৰ ৰূপৰ সুৰভি পাই।

 ( ১৩ )
সেই দেখিয়েই কওঁ শুনা সখি,
 ৰূপ দেখি আৰু নমজে মন;
ৰূপৰ জোৱাৰ দেখিলে বিনাশ,
 —সেই তাহানিৰ, “অশোক বন”।
 ( ১৪ )
ৰূপৰ সোঁতত উটিলে কিহ’ব,
 নেথাকে যদিহে প্ৰেমৰ ঢৌ,
হেঙ্গুলী ওঁঠৰ নেলাগে মদিৰা
 নেপালে বুকুৰ মৰমী মৌ।

 ( ১৫ )
ভুল হল সখি, ক্ষমা কৰাঁ মোক,
 মিছাতেই দিছোঁ তোমাক দোষ,
নাই লিখা যদি কপালতে সখি,
 আমি ক’ৰ পৰা পামনো সুখ ।
 ( ১৬ )
তুমি ভাল পোৱাঁ, ময়ো ভাল পাওঁ,
 বিধিয়ে সহিব নোৱাৰি তাকে
মধু-মিলনৰ মোহিনী পটত,
 চিৰ-বিৰহৰ ছবিটি আঁকে।

 ( ১৭ )
প্ৰথমে যিদিনা তুমি দেখা দিলা
 শেৱালি ফুলৰ তলত আহি,
মধুৰ-মাধৱী জোনাক সিদিনা
 ৰূপহ জোনায়ে আছিলে হাঁহি।
 ( ১৮ )
তোমাৰ আকুল বুকুৰ কঁপনি
 লাগি শেৱালিৰ সৰিলে ফুল,
ৰাঙ্গলী ঠাৰিয়ে ওঁঠ দুয়োটিত
 দিলে সানি সখি ৰাঙ্গলী বোল!

 ( ১৯ )
দূৰণিৰে পৰা দেখিলোঁ তোমাক
 ইকি! সপোনৰ সেন্দুৰী জাল,
শৰত-কুঁৱৰী মৰতত বহি
 শেৱালি ফুলৰ তৰিছে পাল!
 (২০)
নীলা আকাশত লীলা-খেলা কৰি
 এটি দুটি তৰা হুহঁকি গ’ল,
সুধাকৰে মাথোঁ সুধা ঢালি ঢালি
 শৰত-কুঁৱৰী নিৰিখি ৰ’ল।

 ( ২১ )
পূবেদিনি বোৱা বতাহ ছাটিয়ে
 লাহতী কেশৰ সুৰভি লৈ,
সৰসী জলৰ সৰলা বালিকা
 বগী পদুমীক দিছিলে গৈ!
 ( ২২ )
ব্যাকুল বিননি বাজিল বুকুত
 নোৱাৰিলো আৰু থাকিব ৰৈ,
কাষলই চাপি কলোহি তোমাক,—
 “কিয় সখি তুমি লাজুকী হৈ–

 ( ২৩ )
“ওৰে ৰাতি কাল অকলে অকলে
 ইয়াতে থাকিবাঁ নাইনে ভয় ?
নিঠুৰ নিশাৰ পৰশত সখি,
 লৱণু দেহাটি পৰিব জঁয়।”
 ( ২৪ )
মোহিনী বীণাৰ মধুৰ তাঁৰত,
 মৃদু মনোৰম উঠিলে সুৰ,
“নিঠুৰ নহয়, ৰূপহী নিশাত
 লভিছোঁ শান্তি, লভিছোঁ জুৰ”।

 ( ২৫ )
“আহাঁচো তুমিও কাষলৈ সখি,
 কেনে সুমধুৰ বলিছে বা,
পুলকতে নাচি সৰিছে শেৱালি,
 ঢোপা কলিটিৰো লৰিছে গা!”
 ( ২৬ )
ইদৰেই দুয়ো কতদিন আমি,
 মধু-মিলনৰ পাতিলোঁ মেলা,
ভৰা যৌৱনৰ ফুলাম পাৰত
 আকাশী-পদুম ফুলাৰ বেলা!

 ( ২৭ )
ইদৰেই সখি, কত দিন ৰাতি
 সুধাৰ সঁফুৰা মুকলি কৰি
পান কৰিছিলো কত হেঁপাহেৰে
 একেলগে দুয়ো পৰাণ ভৰি।
 ( ২৮ )
সেই মিলনৰ সেই সপোনৰ
 সুৰ ভাঙ্গি আজি দিলেহি কোনে
কোন শৰতৰ নিলাজ পৱনে,
 কোন ফাগুনৰ পপীয়া জোনে?

 (২৯ )
মিলনত সখি, আছেই বিৰহ
 আমিয়ে অকল বিৰহত পৰি
নাই ভোগা দুখ, যাতনা দাৰুণ
 শ্মশানৰ চিতা বুকুতে ধৰি।
 ( ৩০ )
জগতত কত আছে জগৰীয়া
 আছে কত সখি দীনৰো দীন
ওৰে দিন ৰাতি, টুকিছে চকুলোঁ
 বজাই বুকুৰ বেদনা-বীণ!

 ( ৩১ )
হ’ক তেনে সখি, বিৰহ আমাৰ
 বিৰহৰ চিতা জ্বলাই দিয়া,
কামীহাড় পুৰি ছাই হৈয়ো গ’লে,
 তাতে পাম আমি আমাৰ হিয়া!
 ( ৩২ )
বিমল প্ৰেমৰ ধ্ৰুৱতৰা সখি,
 হিয়া-গগণত গোপনে উঠে
পাৰ ভাঙ্গি ভাঙ্গি প্ৰণয় যমুনা
 ওঁঠৰ চুমাতে উঠলি নুঠে!

 ( ৩৩ )
প্ৰেমে নিবিচাৰে  বিৰহ মিলন,
 বিচাৰে মাথোন বুকুৰ সুৰ,
প্ৰেমৰ  কাষত  জগতখনেই
 যাউতি-যুগীয়া অলকাপুৰ।
 ( ৩৪ )
সেই সুৰৰেই ধ্বনি শুনি শুনি
 আপোন বুকুৰ ঢালি দি বোল,
চিৰ বিৰহিনী, তথাপি ফুলিছে
 ৰঙ্গা মদাৰৰ ৰাঙ্গলী ফুল!

 (৩৫)
সেই সুৰৰেই সুৰ লাগি লাগি
 জাকেৰে জোনাকী পৰুৱা উৰে,
নিঠুৰ হিয়াতো চেনেহ ঢালি দি
 নিশা এন্ধাৰত নিৰলে ফুৰে!
 (৩৬)
সেই সুৰৰেই কঁপনিত সখি,
 তিৰ্ বি্ৰ কৰি জিলিকে তৰা
বিৰহী পাটীত নিতে দিয়ে আঁকি,
 মিলনৰ ছবি মাধুৰি ভৰা।

 ( ৩৭ )
নিলাজী বনৰ চিকোণি কুঁহিতো
 প্ৰেমৰ সুৰভি বিচাৰি পায়,
কাষ চাপিলেহি আজলী-বালাৰ—
 লাজতে লাজুকী মৰহি যায়!
 ( ৩৮ )
নেথাকে যদিহে মনৰ মাজত
 ভকতি ৰসৰ বিমল ধাৰ,
কি হ’ব যাচিলে দেৱী দেৱতাক
 ফুল তুলসীৰ সুৰভি হাৰ?

 (৩৯)
কি হ'ব সাজিলে ৰূপৰ মন্দিৰ,
 সোণৰ প্ৰতিমা থাপনা কৰি,
পূজাৰ বেলিকা পৰম পদত
 যদিহে চকুলো নপৰে সৰি ?
 ( ৪০ )
সেইহে কইছোঁ, শুনা সখি মোৰ,
 আমি জগতত সদায় জয়ী
পূজিবাঁ দেৱতা, পূজিম দেৱীক,
 চিৰ প্রেমময়, কৰুণাময়ী।

 ( ৪১ )
তুলসী নেলাগে, দূবৰি নেলাগে,
 নেলাগে নৈবেদ্য, নেলাগে ধুপ,
প্ৰাণৰ দাপোণ দুয়ো মেলি চাম,
 একেলগে পাম দুয়োটি ৰূপ!
 ( ৪২ )
এই যে বিমল শস্য শ্যামল
 গিৰি নদী ভৰা শুৱনি ধৰা,
সৌ যে আকাশ নাচে নিতে য’ত
 ন জোন বেলি নাচনী তৰা।

 ( ৪৩ )
সকলোটি মাথোঁ নিশাৰ সপোন
 মোহিনী মায়াৰ জালেৰে ঘেৰা
মানুহে তাতেই সাজে মৌচাক
 বিচাৰি সপোন মাধুৰি ফেৰা।
 (৪৪)
ময়ো সাজিছিলোঁ মৌচাক সখি
 ময়ো ৰচিছিলোঁ সপোন সুৰ
সেই সপোনৰ বিৰাট মেলাৰ
 অনন্ত লীলাৰ পৰিলে ওৰ।
 —:অন্ত:—

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )