সমললৈ যাওক

সূচী আলোচনা:দোঁহাৱলী.pdf

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা

সমস্যা জৰ্জৰ পৃষ্ঠা সম্পৰ্কে

[সম্পাদনা কৰক]

কিতাপখন যিহেতু আৰ্কাইভৰপৰা লোৱা হৈছে আৰু স্প্লিট কৰোঁতে আখৰ নোহোৱা হৈছে, সেয়ে কিতাপখনৰ নতুন সংশোধন এটা আপল'ড কৰিব পৰা হ'ব। ৱিকিউৎসত কেৱল ইউনিকোডত নপঢ়ি কিতাপ এখন পিডিএফ ৰূপতো পঢ়াৰ যিহেতু সুবিধা আছে, সেয়ে জেদা-জেদি কৰি বস্তটো বেয়াই কৰি দিওঁ বুলি লাগিলে কথাটো দেখাত অশোভনীয় হয়। JyotiPN (বাৰ্তা) ১৩:৫০, ৫ জুলাই ২০২৫ (IST)https://upload.wikimedia.org/wikipedia/commons/b/b0/Icon_Transparent_Green.pngউত্তৰ দিয়ক

শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ’ব। “জেদাজেদী কৰি বস্তুটো বেয়াই কৰি দিওঁ’’ মানসিকতা কাৰোবাৰ থাকিব পাৰে, মোৰ নাই। ৱিকিমিডিয়াত কাহানিও কোন বিষয় “বেয়াই কৰি দিওঁ’’ মনোবৃত্তিৰে কাম কৰা নাই। নকৰোঁ। সমস্যাজৰ্জৰ পৃষ্ঠাত পাঠোদ্ধাৰ কৰি মুদ্ৰণ সংশোধন আগতেও কৰিছোঁ, আগলৈয়ো কৰি যাম। Pranamikaadhikary (বাৰ্তা) ২০:০৯, ৫ জুলাই ২০২৫ (IST)উত্তৰ দিয়ক
আপুনি নিজে শুধৰাই দিব নোৱাৰে আৰু নথকা শব্দ নিজে লিখি দিব নোৱাৰে। এইটো যদি কৰে, জেদত কৰাই হ'ব। JyotiPN (বাৰ্তা) ২০:১৩, ৫ জুলাই ২০২৫ (IST)JyotiPNউত্তৰ দিয়ক
JyotiPN: 'নিজে শুধৰাই দিব নোৱাৰে আৰু নথকা শব্দ নিজে লিখি দিব নোৱাৰে' এই কথাখিনি আপুনি ঠিকেই লিখিছে যদিও সম্পূৰ্ণ শুদ্ধও নহয়। মূল গ্ৰন্থখনৰ যদি কোনো শব্দ অস্পষ্ট বা পঢ়িব নোৱাৰি, তেন্তে সেই শব্দটোৰ ঠাইত {{illegible}} সাঁচটো ব্যৱহাৰ কৰিব পাৰি আৰু যদিহে অন্য সমল, সংস্কৰণ বা অনুমানৰ ভিত্তিত শব্দটো বা শব্দবোৰ যদি পুনৰগঠন কৰিব পৰা যায়, তেন্তে {{Reconstruct}} সাঁচটো ব্যৱহাৰ কৰিব পাৰি। সমস্যাজৰ্জৰ পৃষ্ঠা বুলিয়ে বা নতুন সংশোধন এটা আপলোড নকৰালৈকে গ্ৰন্থ এখন প্ৰুফৰিড নকৰাকৈ বা ট্ৰেঞ্চক্লুছন নকৰাকৈ পেলাই থোৱা উচিত নহয়। বিতংকৈ জানিবলৈ ইংৰাজী ৱিকিউৎসৰ Template:Reconstruct আৰু Template:Illegible পৃষ্ঠা দুটা চাওক। Babulbaishya (বাৰ্তা) ০৯:১৭, ৭ জুলাই ২০২৫ (IST)উত্তৰ দিয়ক