সিন্দবাদ আৰু সাতোটি জলযাত্ৰা/ষষ্ঠ জলযাত্ৰা
ষষ্ঠ জলযাত্ৰা
এবছৰৰ অন্তত মই আকৌ যষ্ঠবাৰ জল-যাত্ৰাৰ কাৰণে সাজু হ'লোঁ। আমাৰ এইবাৰৰ যাত্ৰা বহুত বিপদ-আপদেৰে পৰিপূৰ্ণ হ'ল। কাৰণ জাহাজৰ গুৰিয়ালজনে বাট হেৰুৱালে আৰু জাহাজ কেনি পোনাব লাগে তাক নাজানিলে। অৱশেষত গুৰিয়ালজনে আমাক ক’লে বোলে অলপতে জাহাজখনে এটা শিলত খুন্দা খাই ভাগি ডোখৰ ডোখৰ হ'ব আৰু এতিয়া মৰণৰ কাৰণে আটায়ে সাজু হ'ব লাগিব। গুৰীয়ালে এইবুলি কওঁতে-কওঁতেই সঁচাকৈয়ে জাহাজখন আহি এটা শিলত খুন্দা খাই ভাগি থাকিল। মইহে দৈৱক্ৰমে কেনেবাকৈ প্ৰাণ ৰক্ষা কৰিব পৰিলো। কিন্তু তাত ৰক্ষা পৰিলে কি হ’ব? মই এটা পৰ্বতৰ তলত ৰ'লোঁগৈ; পৰ্বতটো ইমান ঠিয় আছিল ![]()
মই সেই নৈখনৰ আশ্ৰয় ল'লোঁ আৰু তাত পৰি থকা কাঠেৰে
এখন ভুৰ সাজি তাতে উঠি লৈ সোঁতত ভুৰ এৰি দিলোঁ।
যে তাৰ ওপৰলৈ উঠিবৰ কোনো মানুহৰে সাধ্য নাই। তেতিয়া মই ভাবিলোঁ, যাত্ৰীসকলৰ দশাই মোৰ দশা হ’ল! তথাপি প্ৰাণৰ মায়া এৰিব নোৱাৰি মৰণত শৰণ দি পৰিত্ৰাণৰ উপায় বিচাৰিলোঁ।
তাৰে এটা ডাঙৰ গুহাৰ মাজেদি এখন নৈ বৈ গৈছে। মই সেই নৈখনৰ আশ্ৰয় ল'লোঁ আৰু তাত পৰি থকা কাঠেৰে এখন ভুৰ সাজি তাতে উঠি লৈ সোঁতত ভুৰ এৰি দিলোঁ। অতি সোনকালে মই পোহৰৰ লগত সকলো সম্বন্ধ হেৰুৱালোঁ, আৰু মোৰ দিন-ৰাতি, সমান হ’ল। মোৰ ভয় লাগিল আৰু আন্ধাৰতে গৈ গৈ মোৰ টোপনি আহিল। ডেৰদিন মানৰ মূৰত সাৰ পাই চাওঁ মই এখন বৰ ৰম্যপুৰীত ওলালোঁহি। কিছুমান ক’লা মানুহে মোৰ ভুৰখন বান্ধি থৈছে। মই সুধিলত সিহঁতে ক’লে, বোলে সিহঁতে মোক সেই দেশৰ নৈত উটি অহা পাই ভুৰখন ধৰি বান্ধিছে। সিহঁতৰ পৰা আৰু জানিব পাৰিলোঁ যে সেই দেশৰ নাম চেবিণ্ডিব। সিহঁতে মোক আহাৰ-পানী যতাই দিলেহি আৰু তাৰ পাছত সিহঁতৰ ৰজাৰ ওচৰলৈ মোক লৈ গ’ল।
ৰজাক মই মোৰ কাহিনী জনালত তেওঁ শুনি বৰ ৰং পালে আৰু ততালিকে মোৰ কথাখিনি সোণৰ আখৰেৰে লিখি থ’বলৈ আদেশ দিলে। তাতে অলপ দিন থাকি মই ৰজাক সেই পৰ্বতত পাই অনা ফটিক-শিলবোৰৰ অতি বিতোপন এডোখৰ উপহাৰ দিলোঁ আৰু মোক মোৰ দেশলৈ পঠাই দিয়াব লাগে বুলি অনুৰোধ কৰিলোঁ। ৰজা তাত ৰংমনে মান্তি হ'ল, আৰু আমাৰ ৰজা খলিফা হাৰুণ- আল্-ৰছিদলৈ এখন চিঠি আৰু এটি উপহাৰ দি মোক নিজ দেশলৈ পঠাই দিলে। সেই উপহাৰৰ ভিতৰত আছিল এটি মুকুতা লগোৱা হীৰাৰ বাল্টি, কেঁচা সোণৰ নিচিনা আৰু মাৰি-মৰক গুচাব পৰা গুণ থকা এটি সাপৰ মোট, কিছুমান চন্দন কাঠ আৰু কফুৰ, আৰু এজনী বৰ সুন্দৰী বান্দী। মই গৈয়ে আমাৰ খলিফাক সেই উপহাৰ কেইটা দিলোঁ। তেওঁ বৰ সন্তোষ পাই মোক বহুমূলীয়া উপহাৰ দিলে।