সমললৈ যাওক

সিন্দবাদ আৰু সাতোটি জলযাত্ৰা/প্ৰথম জলযাত্ৰা

ৱিকিউৎসৰ পৰা

প্ৰথম জলযাত্ৰা

 মোৰ চালুকীয়া অৱস্থাতে পিতাদেউ ঢুকাল। মই পিতাদেউৰ ভালেমান ধন-সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পালোঁ। পোনৰ ডেকাকাল পাই ধনক ধন নুবুলি কুসঙ্গত পৰি মই দুই হাতে সেই ধন
মই ধৰা কাঠডোখৰ সোঁতত উটি গৈ গৈ এটা সৰু দ্বীপত লাগিলগৈ।

ছটিয়াবলৈ ধৰিলোঁ। মই অকল যে পৈতৃক ধন-সম্পত্তিবোৰকেহে নষ্ট কৰিলোঁ এনে নহয়, তাৰ লগে লগে মোৰ স্বাস্থ্যও হেৰুৱালোঁ। তাৰ পাছত মই এটা ডাঙৰ নৰিয়াত পৰিলোঁ। তেতিয়া মোৰ সেই সম্পদৰ লগৰীয়াসকলে মোক এৰি গ'ল আৰু দিনে-ৰাতিয়ে পাটিত পৰি থাকি ডেকা বয়সৰ সেই কুকাৰ্যবোৰৰ বিষয়ে ভাবিবলৈ মোৰ বহুত আহৰি ওলাল। বেমাৰৰ পৰা অলপ সকাহ পাই যেতিয়া মই ক্ৰমে সুস্থ অৱস্থালৈ আহিলোঁ, তেতিয়া মোৰ যি অলপ ধন-সম্পত্তি বাকী আছিল, তাৰে কিছুমান মাল কিনি লৈ বেপাৰ-বাণিজ্য কৰিবৰ মনেৰে বেলসৰ বন্দৰলৈ জাহাজত যাত্ৰা কৰিলোঁ।

 যাওঁতে কেইবাটাও বন্দৰত আমাৰ জাহাজ ৰখাই বস্তু বেচা- কিনা কৰি যাবলৈ ধৰিলোঁ। এইদৰে গৈ গৈ আমি সাগৰৰ মাজত এটি সৰু দ্বীপ দেখিলোঁ। দ্বীপটি পৰিস্কাৰ-পৰিচ্ছন্ন দেখি, তাতে শোৱা- লোৱাৰ দিহা কৰিবৰ মনেৰে আমি সকলো যাত্ৰী তাতে নামি নানা হাঁহি-ধেমালি কৰিছোঁ। তেনেতে দ্বীপটো লৰিবলৈ ধৰিলে। আমাৰ সকলোৰে বৰ ভয় লাগিল। “আমি সাগৰৰ এটা বৰ ডাঙৰ তিমি মাছৰ পিঠিতহে উঠি আছো” বুলি আমি আটায়ে চিঞৰ-বাখৰ লগালোঁ। তেতিয়া জাহাজৰ নাৱত কিছুমান জাপ মাৰি উঠিল আৰু কিছুমান সাঁতুৰি সাঁতুৰি জাহাজত উঠিলগৈ। মই নৌ জাপ মাৰিবলৈ পাওঁতেই সেই প্ৰকাণ্ড পানীৰ জন্তুটোৱে তললৈ বুৰ মাৰি দিলে।

 ভাত-খোৱা মেজৰ কাম চলাবলৈ মই এডোখৰ আহল-বহল কাঠ নিছিলোঁ। তাতে ধৰি কোনোমতে মই ৰক্ষা পৰিলোঁ। মই ধৰা কাঠডোখৰ সোঁতত উটি গৈ গৈ এটা সৰু দ্বীপত লাগিলগৈ। তাতে মই নামিলোঁ। নামিয়েই ইফালে সিফালে চালোঁ, কতো জন-প্ৰাণীৰ সঞ্চাৰ নেদেখিলোঁ। তাত মুঠেই কেইটামান ঘোঁৰা পোৱালি চৰি আছে। কিছুমান গুটি-লগা গছ দেখি তেতিয়াই অলপ ফলাহাৰ কৰিলোঁ। তাৰ পাছত অলপ দূৰতে এটা গুহা দেখিলোঁ আৰু তালৈ গৈ গুহাটোতে এপৰমান বেলি শুলোঁ। সাৰ পাই উঠি আকৌ কেইটামান গছৰ গুটি খাই ৰাতিটোৰ কাৰণে জিৰাবলৈ এজোপা ডাঙৰ ওখ গছত উঠিলোঁ।

 দ্বীপটোৰ চাৰিওফালে দুপৰমান নিশাত ডবা, কাঁহ, ঘণ্টাৰ বাদ্য বজা শুনিবলৈ পাই মোৰ সেই চিলমিলকৈ ধৰা টোপনি ভাগিল। সেই বাদ্য ৰাতিপুৱালৈকে বাজিয়ে আছিল। ৰাতি পুৱালত সকলো নিতাল মাৰিলে আৰু মই কেউফালে চাই কাকো নেদেখি অতি আচৰিত হ'লোঁ। দ্বীপটো নিচেই সৰু, আৰু মণিব পৰালৈকে তাৰ চাৰিওফালে কোনো জন-প্ৰাণী নাই। মই মোৰ নিজৰ আশা এৰি দিলোঁ। তাতে দ্বীপটোত ভয়ঙ্কৰ সাপ আৰু জল-জন্তুবোৰ দেখি মোৰ পেটতে হাত- ভৰি লুকাল। তথাপি মই এই কথা ভালকৈ বুজিছিলোঁ, এই জন্তুবোৰ বৰ ভয়াতুৰ আৰু মাৰি এডাল হাতত ল'লেই সিহঁতে পানীত লুকাবলৈ তৎ হেৰুৱায়।

 পিছদিনাও মাজনিশা আকৌ সেইদৰে ডবা, কাঁহ, ঘণ্টা বজা শুনিবলৈ পালোঁ আৰু ৰাতিপুৱা আকৌ সকলো নিজম পৰিল। তাৰ পিছদিনা কেইটামান মানুহ দেখি মোৰ মুখলৈ পানী আহিল। সিহঁতে মোক দেখি বৰ আচৰিত হৈ মই কোন আৰু ক'ৰপৰা তালৈ কেনেকৈ আহিলোঁ বুলি সোধাত মই সকলো কথাৰ সমিধান দিলোঁ। তেতিয়া সিহঁতে ক'লে, “এইটো দিলায়েল নামে এটা যক্ষৰ দ্বীপ। যক্ষই প্ৰতি নিশা ডবা, কাঁহ, ঘণ্টাৰ বাদ্যেৰে এই দ্বীপ চাই যায়হি। আমি মিৰেজ ৰজাৰ ঘোঁৰাৰখীয়া। যক্ষটোৱে এই দ্বীপতে মিৰেজ ৰজাৰ ঘোঁৰা ৰাখিবলৈ অনুমতি দিছে। আমি ছমাহে ছমাহে ৰজালৈ ঘোঁৰা বাছি নিওঁহি।”

 তাৰ পাছত সিহঁতে মোক মিৰেজ ৰজাৰ গুৰিলৈ নিলে আৰু মোৰ সকলো কাহিনী শুনি ৰজাই বৰ সন্তোষ পালে। ৰজাক মই ফুৰা সেই নানা দেশৰ ৰীতি-নীতি, চলন-ফুৰণৰ কথা কওঁ, আৰু সেইবোৰত পৰম প্ৰীতি পাই তেওঁ মোক তেওঁৰ লগত সদায় লৈ ফুৰায়।

 এইদৰে অলপ দিন থকাৰ পিছত এদিন এখন জাহাজ তাৰ বন্দৰত ৰখাই বস্তু উঠা-নমা কৰা চাবলৈ গ'লোঁ। সেই জাহাজতে মই মোৰ বেলসৰলৈ নিয়া বস্তুবোৰ দেখা পালোঁ। তেতিয়াই মই লৰালৰিকৈ অধ্যক্ষজনৰ ওচৰলৈ গৈ ক'লোঁ, “অধ্যক্ষ, মই সিন্দবাদ”। তেওঁ চক্ খাই উঠিল আৰু ইবোৰ নাৱিকৰ ফালে চাই ক'লে, “আমি নিশ্চয় সিন্দবাদক এই ঠাইৰ পৰা দুশ-তিনিশ মাইলমান দূৰত ঢৌৱে গিলি হোৱা দেখিছিলোঁ।” যেতিয়া সকলো নাৱিক মোৰ কাষ চাপি আহিল, তেওঁলোকে চিনি পালে আৰু মই পৰিত্ৰাণ পোৱা বাতৰিত সকলোৱে আনন্দ প্ৰকাশ কৰিলে। অধ্যক্ষজনেও মোৰ সকলো বস্তু ৰঙেৰে ওলোটাই দিলে।

 ঘূৰি আহি মই মিৰেজ ৰজাক অলপ বহুমূলীয়া উপহাৰ দিলোঁ আৰু তেৱোঁ মোক ততোধিক মূল্যৰ উপহাৰ যাচিলে। তেতিয়া আৰু কিছুমান মাল কিনি বেলসৰলৈ যাত্ৰা কৰিলোঁ। তাত সেই মালখিনি বেচি মই প্ৰায় চাৰি লাখ টকাৰ সম্পত্তি কৰিলোঁ আৰু তাৰে তাতে খাই-শুই মহাসুখে কাল কটাবলৈ থিৰ কৰিলোঁ।