সিন্দবাদ আৰু সাতোটি জলযাত্ৰা/পাতনি
পাতনি
পাৰস্য দেশৰ পুৰণি ৰজাসকলৰ ইতিবৃত্তত অতি প্ৰসিদ্ধ এজন ৰজা আছিল। তেওঁ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু চীন দেশলৈকে তেওঁৰ ৰাজ্যৰ বিস্তাৰ কৰিছিল। তেওঁৰ পাছত তেওঁৰ বৰ পুতেক শ্বাৰিয়াৰে তেওঁৰ ৰাজ্যৰ সৰহ ফাল অধিকাৰ কৰিছিল আৰু সৰু পুতেক শ্বাজেনান সমৰকণ্ডৰ অধিপতি হৈছিলগৈ।
দহ বছৰ এইদৰে এৰা-এৰি হৈ থকাৰ পাছত শ্বাৰিয়াৰে মৰমৰ ভায়েক শ্বাজেনানক চাবলৈ বৰ হেঁপাহ কৰি সসম্মানে তেওঁক মাতি আনিবলৈ বহুত লগুৱা-লিগিৰা আৰু পৰিজনেৰে মন্ত্ৰীক পঠাই দিলে। শ্বাজেনানে সমুচিত সম্ভ্ৰমেৰে তেওঁলোকক শুশ্ৰুষা কৰিলে, আৰু মন্ত্ৰীৰ, মুখে চেনেহৰ সহোদৰৰ ইচ্ছা বুজি তেওঁ বৰ আহ্লাদিত হ’ল। তেওঁ ৰাজ্যৰ ভাৰ অলপ দিনৰ বাবে আনৰ হাতত অৰ্পণ কৰি দহ দিনৰ ভিতৰতে তেওঁলোকৰ লগত ছুলটানৰ ওচৰলৈ যাবলৈ দিহা-যুগুতি কৰিবলৈ ধৰিলে।
দহ দিনৰ পাছত প্ৰজাবৎসল ৰজা শ্বাজেনানে ৰাণীৰ পৰা মেলানি লৈ নগৰৰ বাহিৰ ওলাল। কিন্তু নগৰৰ বাহিৰতে টম্বু তৰি সেইদিনা তেওঁ সেই মন্ত্ৰীৰ লগত মাজ নিশালৈকে নানা কথা-বতৰা পাতি থাকিল। আকৌ এবাৰ আহি তেওঁ তেওঁৰ প্ৰাণসমা ৰাণীক চাই যাবৰ হেঁপাহেৰে নগৰ সোমাল। কিন্তু কি অদৃষ্টৰ ফেৰ! তেওঁ আহি দেখে যে প্ৰাণতকৈও অধিক আদৰৰ বুলি যাক সদায় ভাবি আহিছিল, সেই ৰাণী বিশ্বাস ঘাতকিনী, অসতী!! তেওঁ ততালিকে ফাঁকৰ পৰা তৰোৱাল উলিয়াই লৈ সেই পাতকিনীক নিজ হাতে তাইৰ উপযুক্ত দণ্ড বিহিলে।
পিছদিনা পুৱাই তেওঁলোক সেই মাননীয় ছুলটানৰ ৰাজধানীৰ ফালে বেগাই যাত্ৰা কৰিলে। ৰাজধানীৰ ওচৰ চাপোঁতেই চুলতানে নিজে সপৰিজনে অতি সমাৰোহে সমৰকণ্ডৰ অধিপতিক আদৰি নিলেহি। ইমান দিনৰ মূৰত ভায়েকক দেখা পাই তেওঁৰ আনন্দ, আদৰ-সমাদৰ আৰু যতনৰ সীমা নোহোৱা হ'ল।
কিন্তু ইমানৰ মূৰতো যে ভায়েক গহীন আৰু চিন্তাযুক্ত, এই কথা চুলতানৰ চকুত ভালকৈয়ে পৰিছিল। তেওঁ তাৰ কাৰণ নিবিচাৰি ভায়েকৰ মনত ৰঙ লগাবৰ কাৰণে যতন কৰিবলৈ ধৰিলে। এদিন তেওঁ চিকাৰৰ দিহা কৰি ভায়েকক লগত নিবলৈ চেষ্টা কৰিলে, কিন্তু শৰীৰ অসুখ বুলি ককায়েকক পঠিয়াই এটা কোঠালিত নিজে দুৱাৰ মাৰি সোমাই থাকিল।
এই কুঠৰীৰ পৰা খিৰিকিয়েদি ৰজাৰ ফুলনি বাৰী দেখি। হঠাৎ তেওঁ ফুলনিৰ ফালে এখন গুপ্ত দুৱাৰ মেল খোৱা দেখা পালে। তাৰ পাছতে ৰাণীক মাজত লৈ সেইফালে বোৰ্খা পিন্ধা কুৰিজনী তিৰুতা ওলাই অহা তেওঁৰ চকুত পৰিল। ততালিকে সিহঁতে বোৰ্খা খহাই পেলালে। আৰু তেওঁ দেখি আচৰিত হ'ল, তাৰে দহোটা ক’লা গোলাম আৰু গাইপতি সিহঁতৰ একোজনী তিৰুতা। এনেতে চুলতানাই হাতেৰে এটা চাপৰি মাৰি মাত লগালে, ‘মছৌদ্, মছৌদ্! তৎক্ষণাৎ এটা ক’লা মানুহ তেওঁৰ ওচৰলৈ লৰি গ'ল, আৰু তাতে সকলোটি কথা-বতৰা পাতি থাকিল। শ্বাজেনানৰ মন আৰু মুখ একেলগে মুকলি হ’ল— তেনেহ'লে মই অনাহক ভাবিছিলোঁ বোলোঁ মোতকৈ দুৰ্ভগীয়া আৰু পৃথিবীত নাই! তেতিয়াৰে পৰা তেওঁৰ মনৰ গধূৰ ভাৰ খহি পৰিল, আৰু তেওঁ খাই- পিন্ধি ৰঙ-আনন্দত কাল কটাবলৈ ধৰিলে।
চুলতান আহি ভায়েকৰ এনে সুন্দৰ পৰিবৰ্তন দেখি অতি আনন্দিত হ’ল, আৰু তেওঁক এতিয়া আগৰ অৱস্থা আৰু এতিয়াৰ পৰিবৰ্তনৰ কাৰণ সুধিলে। ভায়েকে যথাক্ৰমে সকলো কথা নিসঙ্কোচে ককায়েকক বুজাই ক’লে। পোনতে ভাই-বোৱাৰীয়েকৰ সেই বিশ্বাসঘাতকতা আৰু তাৰ পৰিণামৰ কথা শুনি তেওঁ ভাবিছিল যে তেওঁৰ তিৰুতা নিশ্চয় তেনেকুৱা হ’ব নোৱাৰে; কিন্তু নিজ ককায়েকৰ মুখে যেতিয়া তেওঁৰ চুলতানাৰো এনে অসৎ চৰিত্ৰৰ কথা শুনিলে, তেওঁ বিস্মিত হোৱাৰ লগে লগে ভায়েকক তাৰ প্ৰমাণ খুজিলে। ভায়েকৰ নিৰ্দ্দেশমতে তেওঁ আকৌ এটা চিকাৰৰ দিহা কৰি চিকাৰলৈ নগৈ ভায়েকৰ লগত সেই কুঠৰীটোত লুকাই থাকিল। যেতিয়া অবিকল ভায়েকৰ কথামতে নিজ চকুৰে তেওঁ সকলো দেখা পালে, তেতিয়া তেওঁ ততালিকে ঘৈণীয়েকক হত্যা কৰাই পেলালে আৰু সেই দাসী কেইজনীক নিজ হাতে তৰোৱালৰ আগত খণ্ড-বিখণ্ড কৰিলে।
তেতিয়াৰে পৰা সেই সৰলচিতীয়া প্ৰজাবৎসল চুলতান অতি কঠোৰ হ’ল, আৰু তেওঁৰ এই নিষ্ঠুৰ প্ৰতিজ্ঞা ৰাজ্যত শুনাই দিলে যে তেওঁ প্ৰত্যেক দিনে এজনী ন ন ছোৱালী ঘৰলৈ আনিব আৰু পিছদিনা পুৱাই তাইক মৰাই পেলাব। যেই কথা সেই কাম। ৰজাৰ এই অমানুষিক আচৰণ দেখি সকলো প্ৰজাই অতি ত্ৰাস পালে আৰু সকলো তেনেই বিবুদ্ধি হ’ল।
চুলতানৰ এই নৃশংস কাৰ্য্যৰ অনিচ্ছুক যন্ত্ৰ আছিল তেওঁৰ মন্ত্ৰী। এই মন্ত্ৰীৰ দুজনী জীয়েক আছিল। ডাঙৰজনী শ্বেহৰাজাদী, অতি বিচক্ষণ বুদ্ধি আৰু শক্তিসম্পন্না আছিল; কিন্তু সৱাৰো উপৰি আছিল শ্বেহৰাজাদীৰ দেহৰ অতুলন ৰূপ-লাৱণ্য। সৰুজনী ডিনাৰজাদীও, বায়েকৰ অনুপাতেই বুদ্ধিমতী আৰু গুণৱতী আছিল।
এদিন কথাৰ ছলতে শ্বেহৰাজাদীয়ে মন্ত্ৰীক জনালে, তেওঁ নিজে ৰজাত বিয়া সোমাব খোজে। মন্ত্ৰীয়ে জীয়েকৰ এই প্ৰস্তাৱ শুনি নিজৰ কাণকে বিশ্বাস কৰিবলৈ টান পালে আৰু জীয়েকে কি কৈছে ভাঙি ক’বলৈ ক'লে। তেতিয়া শ্বেহৰাজাদীয়ে ক’লে বোলে তেওঁ বিয়া সোমাই চুলতানৰ এই অমানুষিক কাৰ্য্যৰ গতিত বাধা দি নিজৰ নিচিনা সহস্ৰ গাভৰুৰ জীৱন ৰক্ষা কৰি ৰজা, মন্ত্ৰী আৰু দেশৰ সুনাম ৰক্ষা কৰিব পাৰিব বুলি তেওঁৰ বিশ্বাস। কিন্তু মন্ত্ৰীয়ে একোপধ্যে এই প্ৰস্তাৱত সম্মতি প্ৰকাশ নকৰে। শ্বেহৰাজাদীয়ে বুজালে বোলে এনে এটি শুভ চেষ্টাত প্ৰাণ গ’লেও সেই মৃত্যু চিৰস্মৰণীয় হ’ব। শেষত অগত্যা জীয়েকৰ প্ৰস্তাৱত সম্মতি দিবলৈ মন্ত্ৰী বাধ্য হ’ল।
পিছদিনা যেতিয়া মন্ত্ৰীয়ে সেই প্ৰস্তাৱ নিজে দাঙি ধৰিলে, চুলতানে আচৰিত হৈ ক’লে, “কি কৈছা? তুমি পাহৰিছানেকি মই এজনী ছোৱালী দুদিনৰ কাৰণে বিয়া নকৰাওঁ বুলি কৰা কঠোৰ প্ৰতিজ্ঞা? ভাবি চোৱা, কাইলৈ পুৱাই প্ৰাণদণ্ডৰ বাবে শ্বেহৰাজাদীক তোমাৰ হাতত সঁপিম, আৰু তুমি তাত দোধোৰমোৰ কৰিলে তোমাৰ নিজ মূৰ কটা যাব।” তেওঁ ক'লে, “চুলতান, মই সকলো বুজিছোঁ। কিন্তু শ্বেহৰাজাদী নিজ প্ৰতিজ্ঞাত অটল।”
ৰাতি চুলতানে তেওঁৰ শোৱাকুঠৰীত শ্বেহৰাজাদীক ওৰণি গুচাবলৈ আদেশ দি দেখিলে —পবিত্ৰ সুধাসনা মুখখনি। তেওঁ তন্ময় হ’ল। কিন্তু তাৰ লগতে তেওঁৰ চকুত পৰিল সেই সুন্দৰীৰ দুগালেদি বোৱা দুধাৰি চকুলো। ততালিকে চুলতানে তেওঁক তাৰ কাৰণ সুধিলে। শ্বেহৰাজাদীয়ে ক'লে, “মাননীয় চুলতান, এয়ে মোৰ শেষ ৰাতি, মই ভালকৈ বুজিছোঁ। কিন্তু মোৰ এজনী অতি মৰমৰ ভনী আছে, তাইক যদি এই ৰাতি মোৰ লগতে এই কুঠৰীত শুবলৈ দিয়ে তেনেহ'লে মোৰ শেষ ইচ্ছা পূৰণ হ'ব!” চুলতানে তাত অনুমতি দিলে।
ৰাতি পুৱাবলৈ আৰু এপৰমান সময় আছে, এনেতে ডিনাৰজাদীয়ে মাত লগালে, "বাইদেউ, তুমি জনা সেই সোৱাদলগা সাধুবোৰৰ এটা সাধু মোক ক'বানে? তুমি নহ'লে আৰুনো কোনে মোক তেনেকুৱা সাধু ক'ব?" শ্বেহৰাজাদীয়ে চুলতানৰ অনুমতি খুজিলে, আৰু তেওঁ অনুমতি দিলে। তেতিয়া শ্বেহৰাজাদীয়ে ভণীয়েকক শুনিবলৈ কৈ চুলতানক সম্বোধন কৰি এটা সাধু ক'বলৈ ধৰিলে।
সাধুটো আধা কোৱা হৈছে, এনেতে ৰাতি পুৱাল। ডিনাৰজাদীয়ে ক'লে, "বাইদেউ, কেনে আচৰিত সাধুটো। শ্বেহৰাজাদীয়ে ক'লে, "বাকীছোৱা আৰু আচৰিত। মাননীয় চুলতানে যদি মোক অহা নিশাটো জীয়াই থাকিবলৈ দিয়ে, তেনেহ'লে সেইছোৱা শুনি দুয়ো অদ্ভূত মানিবা।" চুলতানে সাধুটো বিশেষ মনোযোগেৰে শুনি আছিল। তেওঁ ভাবিলে, "শ্বেহৰাজাদীতো মোৰ আঁঠুৱা তলৰ ম'হ, যেতিয়াই মোহাৰ মাৰোঁ তেতিয়াই মৰিব। বাৰু, এৰাতি সময় দি সাধুটো শেষ কৰাওঁ।" এই বুলি তেওঁক আৰু এৰাতি সময় দিলে।
চুলতান সোনকালে উঠিল। মন্ত্ৰীয়ে নানা চিন্তা-উদ্বিগ্নতাৰে মৰমৰ জীয়েকৰ প্ৰাণদণ্ডৰ আদেশ পাবলৈ ভয় কৰি বাট চাই আছে। কিন্তু তেওঁ আহি তেনে কোনো আদেশ নিদিয়াকৈ শান্তভাৱে ৰাজকাৰ্যত মন দিয়া দেখি মন্ত্ৰী অতি আচৰিত হ'ল। কিন্তু তাৰ কাৰণ ভাবি নাপালে।
পিছ নিশাও ছল-বুদ্ধি কৰি আন এটা সাধু ক'বলৈ আৰু এনিশা সময় ল'লে আৰু চুলতানে তাত আপত্তি কৰিব নোৱাৰিলে। এইদৰে এনিশা-দুনিশাকৈ এহেজাৰ এনিশা শ্বেহৰাজাদীয়ে সাধু কৈয়েই থাকিল: তথাপি তেওঁৰ সাধুৰ ওৰ নপৰিল। তাৰ লগে লগে চুলতান শ্বাৰিয়াৰ বুকু কুমলিবলৈ ধৰিলে আৰু তেওঁৰ কঠোৰ প্ৰতিজ্ঞাৰ বান্ধ ঢিলা হ’ল। তেওঁ অন্তৰেৰে শ্বেহৰাজাদীৰ অদ্ভুত শক্তিৰ প্ৰশংসা কৰিলে আৰু পোনতে কি অসীম দুঃসাহক সাৰথি কৰি শ্বাৰিয়াৰ চুলতানা হ’বলৈ আহিছিল সিও তেওঁৰ মনত পৰিল। শ্বেহৰাজাদীয়ে কোৱা সাধুবোৰত এনে অপূৰ্ব মহিমা সোমাই আছিল যে তাৰ গুণত শ্বাৰিয়াৰ শিলেৰে বন্ধোৱা হিয়াও ফুলৰ দৰে কোমল হ'ল আৰু তাৰ গুণত দোঁ-খাই শেহত শ্বেহৰাজাদীক কলে— “অনুপমা শ্বেহৰাজাদী, মই বঢ়িয়াকৈ বুজিছোঁ, তোমাৰ এই সোৱাদ সাধুৰ ৰহঘৰা সহজে শেষ নহয়। এই সাধুবোৰৰ গুণতে এতিয়া মোৰ মনৰ খং মনতে মাৰ গৈছে, আৰু শুধ চিতেৰে মই সেই নিষ্ঠুৰ আইন তুলি লৈছোঁ। আৰু জগতে এতিয়া জানিব যে মোৰ ন্যায়সঙ্গত প্ৰতিশোধৰ জুইত জাহ যাব লগা সহস্ৰ গাভৰুৰ তুমিয়েই ত্ৰাণ-কৰ্ত্ৰী।”
শ্বেহৰাজাদীয়ে কৃতজ্ঞতাপূৰ্ণ হিয়াৰে তেওঁৰ ভৰিত দীঘল দি পৰিল। মন্ত্ৰী, সভাসদ আৰু গোটেই ৰাজ্যৰ মাজত এই সু-সম্বাদ ৰাষ্ট্ৰ হৈ পৰিল; চুলতান আৰু চুলতানৰ মূৰত সমগ্ৰ ৰাজ্যৰ শুভ ইচ্ছা আৰু আশীৰ্বাদৰ জয়মালা পৰিবলৈ ধৰিলে।
এই সাধুবোৰেই “এহেজাৰ এনিশা” বা “আৰবীয় নিশা” সাধু নামে প্ৰায় গোটেই পৃথিৱীত প্ৰথিত। এই সাধুবোৰৰ অতি সুপ্ৰসিদ্ধ সৰবৰহী সাধুৰ ভিতৰত “আলিবাবা”, “সিন্দ্বাদ” আৰু “আল্লাউদ্দিন” সাধুৱেই প্ৰধান বুলি সকলোৱে একেমুখে কয়। সেই দেখি “আলিবাবা”ৰ পিছতে “সিন্দবাদ” সাধু লেখিকাই ৰাইজৰ আগলৈ উলিয়াইছে আৰু সকলোৰে উৎসাহ সমাদৰ পাব বুলি আশা কৰিছে।
শুৱনী পজা, যোৰহাট
ফাগুন, ১৮৫৯ শক
শ্ৰীডিম্বেশ্বৰ নেওগ