সমললৈ যাওক

সিন্দবাদ আৰু সাতোটি জলযাত্ৰা/আৰম্ভণি

ৱিকিউৎসৰ পৰা

সিন্দবাদ আৰু সাতোটি জলযাত্ৰা

 একালত বাগদাদ্‌ নগৰত হিন্দ্‌বাদ নামে এটা দুখীয়া খৰিভাৰী আছিল। সি দিনটো কাঠ কাটি কান্ধেৰে কঢ়িয়াই নি নগৰত বেছি কোনোমতে তাৰ ল’ৰা–তিৰোতাৰ সৈতে পেট প্ৰৱৰ্তাইছিল। এদিন সি জহকালি বৰ ৰ'দত কান্ধত মেটমৰা খৰি এভাৰ লৈ ঘামি-জামি আহিছিল। ভাগৰ লাগি বাটৰ কাষৰ এজোপা বৰ গছৰ তলতে খৰিভাৰ নমাই সি জিৰণি ল’বলৈ বহিল।

 অলপ পাৰৰ পাছতে বতাহৰ ঢালত ক’ৰবাৰ মধুৰ সঙ্গীত আৰু সুগন্ধ উটি আহি তাৰ দুখ-ভাগৰ পাতলাই দিলে। ইমান সুৱলা গীত আৰু এনে সুমধুৰ গোন্ধ, সি যে জীৱনত কেতিয়াও পোৱা নাই! ঘূৰি চাই সি ভালেমান দুৱাৰ-খিৰিকি থকা ৰাজ কাৰেঙৰ নিচিনা এটা ঘৰ দেখিবলৈ পালে আৰু সেই ঘৰটোৰ ভিতৰৰ পৰাই সেই গীত আৰু গোন্ধ উটি আহিছিল বুলি সি অনুমান কৰিলে।

 চহৰখনৰ এই অঞ্চললৈ হিন্দ্‌বাদ আগেয়ে কেতিয়াও অহা নাছিল। সেইদেখি সি ওচৰতে এটা মানুহ লগ পাই সুধিলে, “এইটো কাৰ ঘৰ?” মানুহটোৱে ক'লে, “কিয়, তুমি জানো এই চহৰৰে মানুহ নোহোৱা? এইটো সেই ধনী নাৱিক সিন্দ্‌বাদৰ ঘৰ!” সিন্দ্‌বাদৰ নাম আৰু অতুল ঐশ্বৰ্যৰ কথা হিন্দ্‌বাদে আগেয়েই শুনিছিল। সেই দেখি সি নিজে নিজে ক’বলৈ ধৰিলে, “এই সিন্দ্‌বাদ আৰু মোৰ ভিতৰত কিমান প্ৰভেদ! মই যিমান ছাল-ছিগা ভিকুহু, এওঁ সিমান চহকী। মই ওৰে দিনটো মূৰৰ ঘাম মাটিত পেলাই কাম কৰিও দুবেলা দুমুঠি পেট, ভৰাই খাবলৈ নাপাওঁ, আৰু এওঁ বহি বহিয়ে এনে সুখ-সম্পদ ভোগ কৰে। ঈশ্বৰৰ এনে অবিচাৰ!”

 এইদৰে নানান আকাশ-পাতাল গুণি থাকোঁতেই সেই ঘৰৰ এটা
ভাগৰ লাগি বাটৰ কাষৰ এজোপা বৰ গছৰ তলতে খৰিভাৰ নমাই সি জিৰণি ল'বলৈ বহিল।

লগুৱা আহি হিন্দবাদক ক’লে বোলে তাক সেই ঘৰৰ গিৰিহঁতে মাতি পঠাইছে। হিন্দবাদৰ ভয় লাগিল, জানোচা সেই ঘৰৰ গিৰিহঁতজনে সি নিজে নিজে কোৱা কথা শুনিলেই!’ এইবুলি সি নাযাবলৈ চেলু বিচাৰি মানুহটোক ক'লে, “মই তালৈ যাব নোৱাৰোঁ। মই মোৰ এই ভাৰখন বহুত দূৰলৈ লৈ যাব লাগিব।” তেতিয়া মানুহটোৱে ক'লে, “গিৰিহঁতে তোমাৰ এই ভাৰখন যলৈ নিব লাগে নিয়াই দিব, এতিয়া তুমি মোৰ পিছে পিছে আহাঁ।”

 কোনোমতে এৰাব নোৱাৰি সি ভয়ে ভয়ে পিছে পিছে গ'ল আৰু সেই ঘৰৰ ভিতৰ পালেগৈ। তাত এখন ডাঙৰ মেজত বহুমূলীয়া খোৱা বস্তুৰে ভালেমান কাঁহী সজোৱা আছে আৰু তাৰ চাৰিওফালে চকীত কেইবাজনো ডাঙৰ মানুহ বহি কথা-বতৰা হৈছে। তাৰ ভিতৰৰে এজন বুঢ়া চানেকীয়া মানুহ তাৰ চকুত পৰিল, আৰু সেইজনেই ঘৰৰ গৰাকী বুলি অনুমান কৰিলে। সেই মানুহজন মৰমিয়াল বুলি তাৰ ধাৰণা হ’লআৰু তেওঁৰ চকু দুটিতো সি মৰম বিৰিঙি উঠা দেখিলে। তেতিয়া তাৰ ভয় পাতলিল। তাৰ পাছত সেই মানুহজনে তেনেকুৱা খোৱা বস্তুৰে সৈতে একাঁহী বস্তু তাক পেট ভৰাই খাবলৈ দিলে।

 খুৱাই-ধুৱাই সন্তুষ্ট কৰি সিন্দ্‌বাদে তাক মৰমেৰে সুধিলে, “তুমি কোন? ক’ৰপৰা আহিছা? সি উত্তৰ দিলে, “মই এটা খৰিভাৰী। মই নিচেই দুখীয়া। মোৰ নাম হিন্দবাদ।” তেতিয়া তেওঁ তাক মৰমেৰে আকৌ ক'লে, “মই এইমাত্ৰ তোমাৰ মুখত দুখৰ কথা শুনিহে তোমাক ইয়ালৈ মাতি পঠাইছিলোঁ। মই যিমান সহজে ইমান চহকী হৈছোঁ বুলি তুমি ভাবিছা, সি সঁচা নহয়। মই ইমান বিপদ-আপদৰ মাজেদি ইমান দুখ-কষ্টেৰে ধনী হৈছোঁ যে অতি ধনলোভী মানুহেও মোৰ কাহিনী শুনি আৰু ধন ঘটিব নুখুজিব। বাৰু, মই মোৰ কাহিনী কওঁ শুনা।” এইবুলি তেওঁ হিন্দবাদক সুধি তাৰ খৰিভাৰ ঘৰলৈ পঠাই দিয়ালে। সিন্দবাদৰ কাহিনী শুনিবলৈ আটাইৰে হেঁপাহ হ’ল। তেওঁ ক’বলৈ ধৰিলে—