সমললৈ যাওক

সাৰিপুত্ত আৰু মোগ্‌গল্লান

ৱিকিউৎসৰ পৰা

সাৰিপুত্ত আৰু

মোগ্‌গল্লান

মহাবোধি ছোচাইটী।

 

সাৰিপুত্ত আৰু
মহামোগ্‌গল্লান

 

মহাবোধি ছোচাইটী
কলিকতা

 

বুদ্ধাব্দ : ২৮৯৪

 

বেচ— ৷৷৹ অনা।

 

প্ৰকাশক
শ্ৰীদেৱপ্ৰিয় বলিসিংহ
মহাবোধি ছোচাইটী
৪৯, বঙ্কিম চ্যাটাৰ্জ্জি ষ্ট্ৰীট
কলিকতা।

 

সংগ্ৰাহক
শ্ৰীবিৰিঞ্চি কুমাৰ বৰুৱা
গুৱাহাটী

 

মুদ্ৰাকৰ
শ্ৰীদেৱকান্ত বৰুৱা
ৰামধেনু প্ৰেছ, গুৱাহাটী

নমো তস্‌স ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্‌স।
নমো তস্‌স ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্‌স।

সাৰিপুত্ত-মোগ্‌গল্লান

⸺:৹:⸺

 বৌদ্ধধৰ্ম্ম আৰু সঙ্ঘৰ ভিক্ষু-ভিক্ষুনী সকলৰ কথা সুৱৰিলেই চকুৰ আগত ভাহি উঠে বুদ্ধদেৰ প্ৰধান শিষ্যদ্বয় সাৰিপুত্ত আৰু মোগগ্‌ল্লান দুটি মূৰ্ত্তি। প্ৰথম জনৰ আছিল অসীম মেধাশক্তি আৰু সুৱদী কণ্ঠস্বৰ। তেওঁৰ ধৰ্ম্মবাখ্যা শুনি শ্ৰোতা সকলে স্বয়ং বুদ্ধৰ মুখৰ পৰাহে এই বাণীবোৰ উচ্চাৰিত হৈছিল বুলি অনুভব কৰিছিল। মোগ্‌গল্লান আছিল যোগ-বিদ্যাৰ অধিকাৰী। সাধনা বলৰ দ্বাৰা তেওঁ অলৌকিক কাৰ্য্য সম্পন্ন কৰিছিল। বনৰ হিংস্ৰ জন্তুও তেওঁৰ বশ হৈছিল। পৰম বুদ্ধিমান সাৰিপুত্ত, ঋদ্ধিবলী মহা মোগ্‌গল্লান দুয়োজনৰে আছিল ধৰ্ম্মজিজ্ঞাসু মনোবৃত্তি আৰু কঠোৰ সংযম। গুৰু ভক্ত আৰু নিষ্ঠাবান দুই শিষ্যই ধৰ্ম্মসেনাপতি হৈ ভগবান বুদ্ধৰ জীৱিত কালতেই সত্য-শৌচ-ক্ষমা-দয়াৰ যি জীৱন্ত আদৰ্শ দেখুৱাই গ’ল বৌদ্ধধম্ম ইতিহাসত সি চিৰকালেই স্বৰ্ণাক্ষৰে অঙ্কিত হৈ থাকিব।

 খ্ৰীষ্ট জন্মৰ প্ৰায় চাৰে পাচশ বছৰৰ আগতে মগধৰ ৰাজগৃহৰ কাষৰ একেখনি গাৱঁত দুটি পৰিয়ালত সাৰিপুত্ত আৰু মোগ্‌গল্লানৰ জন্ম হয়। দুইটি পৰিয়ালেই অৱস্থাপন্ন আছিল। বহুদিন ধৰি দুই পৰিয়ালৰ মাজত আত্মীয়তা চলি আছিল। এদিনাখন একেটি ক্ষণতে দুই পৰিয়ালৰ পুত্র সন্তানৰ জন্ম হয়। যথাবিধি জাত কৰ্ম্ম কৰাৰ পিছত তেওঁলোকৰ নাম যথাক্ৰমে উপতিস্স আক কে৷লিত ৰখা হয়। কিন্তু ওচৰ-চুবুৰীয়া মানুহৰ মুখত এই নাম বেছিদিন নচলিল। উপতিস্স তেওঁৰ মাতৃ সাৰিদেবীৰ নামানুসৰি সাৰিপুত্ত আৰু কোলিতৰ নিজ মাতৃ মোগগলীৰ নামানুসৰি মোগ্‌গল্লান নামেই সকলোৰে ওচৰত পৰিচিত হল।

 বংশগত বন্ধুত্বৰ প্রভাব উপতিস্স আৰ কোলিতৰ ওপৰত বাৰুকৈয়ে পৰিল। লৰালিৰ ৰং ধেমালিৰ মাজেদিয়েই দুয়োৰো অন্তৰ সৰুৰে পৰাই ছিঙিব নোৱাৰা প্ৰীতিৰ বান্ধোনেৰে বান্ধ খালে, সেয়েই দুয়ো বন্ধুকে আমৰণ একেটা ভাৱ, একেটা আদর্শ লৈ একে কামকে কৰিবলৈ অনুপ্ৰেৰণা জগাইছিল।

 উচ্চ বংশত জন্ম হোৱা সত্বেও আৰু আঢ্যবান পিতৃ-মাতৃৰ সন্ততি হলেও উপতিস্‌স আৰু কোলিতৰ অন্তৰত গৰ্ব্ব-অহঙ্কাৰৰ চিহ্ন লেশমানো নাছিল। লৰালি অৱস্থাৰে পৰাই বিষয় বাসনা আৰু সম্ভোগ-লিপ্সাৰ প্রতি দুয়োৰে আসক্তিও নাছিল। দুয়ো বন্ধুৱে গুৰু সঞ্জয়ৰ তলত বিদ্যা-শিক্ষা কৰা সময়তে এদিন ৰাজ গৃহত নৃত্য-গীতৰ বিশেষ আয়োজন হৈছিল। গীত-বাদ্য আৰু নর্তকী সকলৰ নাচোনৰ ভঙ্গিমাত ৰাজগৃহৰ আবাল বৃদ্ধবণিতাই আপোন পাহৰি অপাৰ আনন্দত বুৰ গল; কিন্তু সেই নাচ গীতে দুই বন্ধুৰ অন্তৰত শান্তি নিদিলে, দুয়োৰ জিজ্ঞাসু অন্তৰে প্ৰকৃত শান্তিৰ পথনো কত বিচাৰিবলৈ ধৰিলে। দুখ-ক্লেশ, জ্বৰা ব্যাধিৰে পৰিপূৰ্ণ এই সংসাৰ সমুদ্ৰত নৃত্য-গীত, আমোদ প্ৰমোদৰ আসাৰ্থকতা উপলব্ধি কৰি প্ৰকৃত মুক্তিৰ পথ কি তাৰে চিন্তাই উপতিস্স আৰু কোলিতৰ অন্তৰ তোলপাৰ লগালে। ৰাজগৃহৰ সেই সিদিনাৰ নৃত্য-গীত আৰু তাৰ লগতে পৌৰাণিক আখ্যানৰ সজুলি লৈ অভিনয় কৰা নাট খনিয়ে এই তৰুণ যুবক দুজনৰ মনত অদ্ভুত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। সেই ঘটনাৰ পৰাই তেওঁলোকৰ অন্তৰত প্ৰথম বৈৰাগ্য ভাৱ ফুটি ওলায়।

 মনৰ মাজৰ পৰা সকলো চিন্তা আঁতৰি গল। উঠোতে-বহোতে, খাওঁতে শোওঁতে, দিনে-নিশাই একেটা চিন্তাই দুয়োৰে মন আকুল কৰি তুলিলে। কোনেনো তেওঁলোকৰ মনৰ সন্দেহ দূৰ কৰিব পাৰিব? কোনেনো তেওঁলোকক প্ৰকৃত পথৰ সন্ধান দিব পাৰিব? ইজনৰ পিচত সিজন, ই ঠাইৰ পৰা সি ঠাই, যাকে য’তে পা৷লে তাৰেই ওচৰত অন্তৰৰ গভীৰ বেদনা আৰু ঔৎসুক্যৰ কথা প্ৰকাশ কৰিলে। কিন্তু কাৰো পৰা উপযুক্ত সমিধান নাপালে। প্ৰকৃত সত্যদৰ্শী গুৰুৰ সাক্ষাত লাভ কৰিব নোৱাৰি দুই বন্ধুৱে সিদ্ধান্ত কৰিলে, যে দুয়োয়ে দুই বিভিন্ন পথেদি অনুসন্ধান কৰিব আৰু যি জনৰে ভাগ্যত গুৰু দৰ্শন মিলে সেই জনেই ঘূৰি আহি আন জনক সেই সম্বাদ জনাব। জীৱনত প্ৰথম বাৰৰ কাৰণে সাময়িক ভাৱে হলেও দুয়ো বন্ধুৰ মাজত বিচ্ছেদ ঘটিল।

 সম্বুদ্ধি বা সম্যক জ্ঞানোপলব্ধিৰ পিচত ভগবান বুদ্ধই বিভিন্ন ঠাইত বৌদ্ধ ধৰ্ম্মৰ বাণী সমূহ প্ৰচাৰ কৰিবলৈ পোন প্ৰথমে ষাঠি-জন শিষ্য নিয়োজিত কৰে। ৰাজগৃহ আৰু তাৰ ওচৰ-চুবুৰীয়া ঠাই সমূহত প্ৰচাৰ কৰাৰ ভাৰ পৰিছিল বুদ্ধদেৱৰ অন্যতম শিষ্য, সিদ্ধ পুৰুষ অস্সজিৎ স্থবিৰৰ ওপৰত। ভিক্ষা বৃত্তি বৌদ্ধ ধৰ্ম্মাসুশাসনৰ এটা অপৰিহাৰ্য্য অঙ্গ। কালক্ৰমে এদিন ৰাতি পুৱা ভিক্ষুক এজনৰ সৰল আৰু অনাড়ম্বৰ জীৱিকা নিৰ্ব্বাহ দেখি উপতিস্সৰ চকু সেই ফালে গল। মনৰ ঔৎসুক্য দমাই ৰাখিব নোৱাৰি তেওঁ সন্ন্যাসীক বিনয় সহকাৰে সুধিলে, “হে মহাত্মা, আপুনি কোন আৰু কি ধৰ্ম্মত দীক্ষিত হৈছে? কি উদ্দেশ্যে আপুনি সন্ন্যাস ব্ৰত অৱলম্বন কৰিছে আৰু কি ধৰ্ম্ম বাণীকেই বা আপুনি প্ৰচাৰ কৰিছে?”

 তৰুণ যুবকৰ এনে সাগ্ৰহ প্ৰশ্নৰ উত্তৰত সন্যাসীয়ে বৌদ্ধ ধৰ্ম্ম শাস্ত্ৰৰ গাথা এটা গাই শুনালে—

“যে ধৰ্ম্মা হেতুপ্পভবা
তেসং হেতুং তথাগতো আহ।
তেসং চ যো নিৰোধো
এবং বাদী মহসমনোতি॥"

 অৰ্থাৎ—সকলো পদাৰ্থৰ (বা ধৰ্ম্মৰ) উৎপত্তি হৈছে যি কোনো এটা কাৰণৰ পৰাই। তথাগত বুদ্ধই ধৰ্ম্ম সমূহৰ মূল কাৰণ উদ্ভাৱন কৰিছে আৰু কি ৰূপে কাৰ্য্য কাৰণ শৃঙ্খলা নিৰোধ হয়, সেই কথাও মহাশ্ৰমণ বুদ্ধই আবিষ্কাৰ কৰিছে।

 অস্সজিৎ স্থবিৰৰ মুখৰ পৰা গাথা ফাকি শুনাৰ লগে লগে আন্ধাৰত খেপিয়াই ফুৰা পথিকে পথৰ সন্ধান পোৱাৰ দৰে উপতিস্সয়ো ইমান দিনে আকুল অন্তৰেৰে বিচাৰি ফুৰা সত্যৰ সন্ধান পালে। তথাগতৰ বিষয় স্থবিৰৰ পৰা যথাযথ জানি উপতিস্সৰ হিয়া সাধুৰ প্ৰতি কৃতজ্ঞতা আৰু ভক্তি ভাবত আপ্লুত হ’ল; ভগবান বুদ্ধৰ দৰ্শন লাভৰ অৰ্থে তেওঁ ব্যাকুল হৈ পৰিল।

 পূৰ্ব্ব অঙ্গীকাৰ অনুসৰি এই শুভ বাৰ্ত্তা উপতিস্সই গৈ তেওঁৰ অভিন্নহৃদয় বন্ধু কোলিতক জনালেগৈ। লগতে তেওঁ অস্সজিতে গোৱা গাথা ফাকিও আবৃত্তি কৰি শুনালে। অসীম মেধা শক্তিৰ বলত অস্সজিৎ স্থবিৰৰ মুখৰ পৰা শুনা গাথা ফাকি এবাৰ শুনাৰ লগে লগেই উপতিস্সৰ মনত ৰৈ গৈছিল। কোলিতৰ সন্ধানী মন বহু আকাঙ্ক্ষিত এই সত্যৰ বাৰ্ত্তাবাহক প্ৰাণবন্ধুৰ প্ৰতি কৃতজ্ঞতাত উথলি উঠিল; গুৰু ভক্ত দুই শিষ্যই তেতিয়া তেওঁলোকৰ বাল্য গুৰু সঞ্জয়ৰ ওচৰলৈ গ’ল আৰু এটি এটিকৈ সকলো কথা বিবৰি কোৱাৰ পিছত ভগবান বুদ্ধৰ দৰ্শনাৰ্থে যাবলৈ তেওঁকো লগ ধৰিলে। প্ৰিয় শিষ্য দুজনৰ অনুৰোধ শুনি বৃদ্ধ সঞ্জয়ে উত্তৰ দিলে,—"বাছাহত, জীৱনৰ শেষ সীমাত ভৰি দিছোহি। বাৰ্দ্ধক্যই মোক জঠৰ কৰিছে। এনে অৱস্থাত ভগবান বুদ্ধৰ দৰ্শনাৰ্থে তোমালোকৰ সঙ্গী হবলৈ মই অক্ষম। কিন্তু মোৰ পৰিবৰ্ত্তে ইয়াত থকা পাচশ শিষ্যক মই অনুমতি দিছোঁ, তেওঁলোকে তোমালোকক অনুসৰণ কৰিব আৰু তথাগতক সাক্ষাৎ লাভ কৰিব।” গুৰুৰ পৰা অনুমতি আৰু যথোপদেশ লাভ কৰি দুয়ো বন্ধুয়ে বুদ্ধৰ ওচৰলৈ যাত্ৰা কৰিলে।

 ৰাজ গৃহৰ ওচৰৰ বেণুবন নামে ঠাইত সেই সময়ত ভগবান বুদ্ধই অবস্থান কৰিছিল। পৰম জ্ঞানৰ অধিকাৰী বুদ্ধদেৱে শিষ্য সকলৰ সম্মুখত ধৰ্ম্ম ব্যাখ্যা কৰি থকাৰ সময়ত উপতিস্স আৰু কোলিতৰ নেতৃত্বত এই পাঁচশ শিষ্য গৈ উপস্থিত হ’ল। তেওঁলোকৰ সাগ্ৰহ আক অন্তৰৰ কথা জানিব পাৰি, অনুৰোধ আৰু ভক্তিত পৰম সন্তুষ্ট হৈ ভগবান বুদ্ধই তেওঁলোকক দীক্ষা দিবলৈ সন্মতি দিলে। ইয়াকো জানিব পৰা যায় যে বুদ্ধদেৱৰ মুখৰ পৰা ধৰ্ম্ম ব্যাখা শুনি উপত্স্স আৰু কোলিতৰ বাহিৰে বাকী পাচশ শিষ্যই সেই দিনাই ‘অৰ্হত্ব’ লাভ কৰিছিল।

 বৌদ্ধ সঙ্ঘত প্ৰবেশ কৰাৰ পিচৰে পৰাই উপতিস্স আৰু কোলিত দুয়োজনেই শিষ্যবৰ্গৰ মাজত তেওঁলোকৰ লোকপ্ৰিয় সাৰিপুত্ত আৰ মোগ্‌গল্লান নামেৰে প্ৰখ্যাতি লাভ কৰিলে, তেতিয়াৰে পৰাই এই নামেৰেহে তেওঁলোক দুয়োজন পৰিচিত হৈ পৰিল। ইয়াৰ এসপ্তাহৰ পিছত ধ্যানস্থ অৱস্থাত থাকোতেই মোগ্‌গল্লান গভীৰ নিদ্ৰাত মগ্ন হ’ল। প্ৰিয় শিষ্যৰ এনে দুৰ্ব্বলতা দেখি ভগবান বুদ্ধ স্থিৰেৰে থাকিব নোৱাৰিলে। লৰালৰিকৈ আহি তেওঁ মোগ্‌গল্লানৰ সমুখত উপস্থিত হ’ল আৰু তেওঁক অৰ্হত্ব দান কৰিলে। ইয়াৰ এসপ্তাহৰ পিচত সাৰিপুত্তও এই সন্মানৰ অধিকাৰী হ’ল।

 একনিষ্ঠা আৰু গুৰু ভক্তিত বিমোহিত হৈ প্রভু বুদ্ধই সাৰিপুত্ত আৰু মোগ্‌গল্লান দুয়োজনকে প্রধান শিষ্যৰ পদত অধিষ্ঠিত কৰিলে। বৌদ্ধ সাধু সকলৰ এখন সভা আহ্বান কৰি বুদ্ধই নিজ মুখে কলে—“হে ভিক্ষু সকল, অসাধাৰণ বুদ্ধি বৃত্তিৰ কাৰণে সাৰিপুত্ত আৰু অলৌকিক সাধনা শক্তিৰ কাৰণে মোগ্‌গল্লান দুয়োকো মই সকলোৰে অগ্রণী হিচাপে প্রধান শিষ্যৰ পদত অভিষিক্ত কৰিলোঁ।

 সাৰিপুত্তক উদ্দেশ্য কৰি তেওঁ কৈছিল—“এতদগ্‌গং ভিক্খবে মম সাবকানং মহা পঞ্ঞানং যদিদং সাৰিপুত্তো” আৰু তেনেদৰে মহামোগ্‌গল্লানকো— “এতদগংভিক্খবে মম সাবকানং ইদ্ধিসন্তানং যদিদং মহামোগ্‌গল্লানা” বুলি সৰ্ব্বাগ্ৰ স্থান নিৰ্দ্দেশ কৰিছিল!

 ভগবান বুদ্ধৰ পৰা এনে বিশিষ্ট সন্মন লাভ কৰি দুয়ো শিষ্যই অনাড়ম্বৰ সৰল জীবন যাপনৰ নীতি নিয়মবোৰ, অহিংসা আৰু ক্ষমাৰ মহাবাণী বৌদ্ধধৰ্ম্মৰ অনুশাসন সমূহ লোক সমাজত বহুল ভাবে প্ৰচাৰ আৰু জনপ্ৰিয় কৰিবলৈ যত্নপৰ হ’ল। সমগ্র ভাৰত জুৰি অহিংস বৌদ্ধ ধৰ্ম্মৰ বিৰোধী ভালেমান ধৰ্ম্মপন্থাৰ প্রাধান্য হেতুকে তেওঁলোকে প্রায় ক্ষেত্ৰত শক্রপক্ষৰ সন্মুখীন হবলগীয়া হৈছিল। কিন্তু তেওঁলোকৰ সন্মোহিনী ক্ষমতা আৰু অসাধাৰণ মেধাশক্তি আৰু শুৱলা ধৰ্ম্মব্যাখ্যা শুনি দলে দলে বিপক্ষ মানুহ আহি বৌদ্ধ ধৰ্ম্মত “ধৰ্ম্মং শৰণং গচ্ছামি, বুদ্ধং শৰণং গচ্ছামি, সঙ্ঘং শৰণং গচ্ছামি”—বুলি ধৰ্ম্ম, বুদ্ধ আক সঙ্ঘৰ শৰণ লৈছিল।

 অসীম পাণ্ডিত্য আৰু বুদ্ধ সমদৃশ মনোহৰ কণ্ঠস্বৰেৰে যেতিয়া সাৰিপুত্তই ভিক্ষু সকলৰ আগত বৌদ্ধধৰ্ম্মৰ চাৰি আৰ্য্য সত্য আৰু অষ্ট আৰ্য্য মাৰ্গৰ কথা ব্যাখ্যা কৰিবলৈ ধৰে সেই সময়ত ভগবান বুদ্ধৰ প্ৰতি অপাৰ ভক্তিত তেওঁৰ মন উথলি উঠে।

 প্ৰশান্ত চিত্তেৰে তেওঁ কবলৈ ধৰে—“বন্ধু সকল, মই দেৱমানৱৰ শাসক সৰ্ব্বদৰ্শী ভগবান বুদ্ধক শ্ৰদ্ধাৰে সৈতে পূজা-অৰ্চ্চনা কৰি যি অমৃতময় পুণ্য সম্পদ অৰ্জ্জন কৰিছোঁ সি যথাৰ্থতে বৰ্ণনাতীত। সেই পুণ্যৰ প্ৰভাৱত মই সৰ্ব্বত্ৰ সৰ্ব্ব বিষয়ত পাৰদৰ্শিতা লাভ কৰিব পাৰিছোঁ। সংসাৰৰ গভীৰ দুঃখ-বেদনাত

ব্যথিত হৈ জৰা-জন্মাদিবিহীন শান্তিময় নিৰ্ব্বাণ লাভৰ আকাঙ্ক্ষাত মই বহুদিন ধৰি নানা ঠাই ঘূৰি ফুৰিছিলোঁ; কিন্তু কতো মনে বিচৰা গুৰুৰ দৰ্শন লাভ মোৰ ভাগ্যত ঘটা নাছিল। বহুত ঠাইতে চেষ্টা কৰিছিলোঁ, এবাৰ দুবাৰকৈ পাচশবাৰ প্ৰবজ্যা গ্ৰহণ কৰিছিলোঁ। চৰ্ম্ম পৰিধান কৰা, জটা মণ্ডিত অনেক ঋষি মুনিৰ কাষ চাপিলোঁ—কাৰোপৰা বঞ্চিত ফল নেপালো। অৱশেষত মোৰ সুদিন আহিল। মহাত্মা অস্সজিৎ স্থবিৰৰ কৰুণাত প্ৰভু বুদ্ধৰ সাক্ষাৎ লাভ হ’ল। মোৰ জ্ঞান চকু মেল খালে, ভব-বাসনা সমূলি বিনাশ কৰি শান্তিময় জীৱন যাপন কৰিবলৈ ক্ষমতা লাভ কৰিলোঁ। ৰূপ, বেদনা, সংজ্ঞা, সংস্কাৰ

আৰু বিজ্ঞান এই পঞ্চস্কন্ধ দুৰ্ব্বহ ভাবৰ হেচাত মই অস্থিৰ হৈ পৰিছিলোঁ। লোভ, দ্বেষ আক মোহ এই ত্ৰিবিধ ক্লেশ অগ্নিৰ দ্বাৰা জ্বলি পুৰি কিদৰে হাৰা শান্তি হৈছিলোঁ তাৰ ঠিকনা নাই। এতিয়া মই এই সকলেো সাংসাৰিক মায়াৰ পবা মুক্ত। প্ৰজ্ঞাবান সকলৰ ভিতৰত ময়েই শ্ৰেষ্ঠ; ময়েই অগ্ৰ। জগতৰ প্ৰাণী সকলৰ কাৰণে ভগবান বুদ্ধই নিৰ্ব্বাণ পথৰ যি সন্ধান দিছে, যি ধৰ্ম্মচক্ৰৰ প্ৰবৰ্ত্তন কৰিছে, সেই জ্ঞানৰত্ন জগতবাসীবৰ মাজত বিলাই দিবলৈ মোৰ ওপৰত ভাৰ পৰিছে। এই মহান্‌ আদেশ পালনেই মোৰ একমাত্ৰ কৰ্ত্তব্য।”

 গুৰুৰ আদেশ শিৰত লৈ সাৰিপুত্ত আৰু, মোগ্‌গল্লানে বৌদ্ধধৰ্ম্মৰ প্ৰচাৰ আৰু আধ্যাত্মিক জীৱন গঠনৰ কাৰণে দেশে দেশে, গাৱেঁ গাৱেঁ ফুৰি দুই দিক্পালৰ নিচিনাকৈ “বহুজন হিতায়, বহুজন দুখায়” যি ধৰ্ম্মবাণী প্ৰচাৰ কৰি মানৱ মুক্তিৰ পথ নিৰ্দেশ কৰি গ’ল জগতৰ ধৰ্ম্ম ইতিহাসত সি চিৰকাল অমৰ আত্মা দুটিক জিলিকাই ৰাখিব।

 আত্মীয় পৰিজনৰ স্নেহৰ বান্ধোন ছিঙি নিজৰ আৰু মানব সমাজৰ মুক্তিৰ পথ নিৰ্দ্দেশ কৰি ফুৰি অৱশেষত জীৱনৰ বিয়লি বেলিকা হঠাৎ সাৰিপুত্তৰ মনলৈ স্নেহময়ী মাতৃৰ কথা। এই পবিত্ৰ ভক্তিৰসৰ আস্বাদ তেওঁৰ মাতৃদেৱীকো দিবলৈ মানস কৰি শেষ বাৰৰ কাৰণে নিজৰ জন্ম-ভূমিলৈ যাত্ৰা কৰিলে। সিদিনা আছিল কাতিমাহৰ পূৰ্ণিমাৰ এক দিন। বহুদিনৰ মূৰত বহু অপেক্ষাৰ পিচত প্ৰাণ-পুত্ৰৰ পুনৰ গৃহ আগমনৰ বাৰ্ত্তা পাই সংসাৰ বান্ধোনত মেৰ খুৱাবৰ মানসে হৰ্ষোৎফুল্লিত অন্তৰেৰে আশীষৰ আঁজলি লৈ আগবাঢ়ি আহি মৃত্যুন্মুখী মাতৃয়ে যেতিয়া সাৰিপুত্তৰ আশক্তিহীন সৰল অনাড়ম্বৰ জীৱন ব্যৱস্থা দেখিবলৈ পালে তেতিয়া তেওঁমাত্ৰ নিৰাশাৰ হুমুনিয়া এটা পেলালে। পিচত যেতিয়া স্বপুত্ৰৰ মুখৰ পৰা বৌদ্ধ ধৰ্ম্মৰ মহাৰাণীৰ বাখ্যা শুনিলে তেতিয়া আজীৱন ব্ৰাহ্মণ্য ধৰ্ম্মৰ একনিষ্ঠ সেৱিকা তেওঁৰ মাতৃদেৱীয়েও বৌদ্ধ ধৰ্ম্মত শৰণ ললে। সাৰিপুত্তৰ জীৱনৰ যেন ইয়েই আছিল সৰ্বশেষ কৰ্ম্ম। সেই দিনাই তেওঁ ভয়ানক ৰূপে গ্ৰহণী ৰোগত ভোগে; তাতেই তেওঁৰ পৰিনিৰ্ব্বাণ ঘটে। শৱদাহ ক্ৰিয়া সমাপন হৈ যোৱাৰ পিচত সাৰিপুত্তৰ অস্থি ধাতু ভিক্ষাপাত্ৰ আক গেৰুৱা বসন সকলোকে বুদ্ধৰ ওচৰলৈ পঠিয়াই দিয়া হল। প্ৰিয় শিষ্যৰ দেহাৱসানৰ বাৰ্ত্তা আৰু অস্থি-ধাতু আদি পাই ভগবান বুদ্ধই ভালেমান সময় ধ্যানস্থ হৈ থাকিল; তাৰ পিচত শিষ্য সকলক মাতি আনি বেণুবনত এটা মঠ থাপনা কৰি আৰু তাৰ ভিতৰত এই অস্থি ধাতু সংৰক্ষণ কৰি সাৰিপুত্তৰ পবিত্ৰ স্মৃতি অক্ষয় কৰি ৰাখিবব ব্যৱস্থা কৰালে।

 সাৰিপুত্তৰ পৰিনিৰ্ব্বাণৰ দুসপ্তাহৰ পিচত অলৌকিক ভাৱে মহামোগ্‌গল্লানৰো নিৰ্ব্বাণ ঘটে। এদিন ধ্যানস্থ অৱস্থাত কোনোবা এদল দস্যুৱে আহি মহামোগ্‌গল্লানক আক্ৰমণ কৰে আক ভয়ানক ভাৱে আঘাত কৰে। ধ্যানাৱসানৰ পিচত তেওঁ সমস্ত দেহত গভীৰ বেদনা অনুভৱ কৰিবলৈ ধৰিলে আৰু এই বেদনা ভাৰ বেছি সময় বহন কৰিব নোৱাৰাৰ কথা বুজিব পাৰি যোগশক্তি বলেৰে শক্তি সঞ্চয় কৰি কোনোমতে প্ৰভু বুদ্ধৰ ওচৰত উপস্থিত হৈ সকলো ঘটনা প্ৰকাশ কৰিলে। বুদ্ধৰ ওচৰত শেষ বিদায় লৈ সজ্ঞান মহামোগগল্লানে অমৃত লোকলৈ গল।

 অন্যতম প্ৰিয় শিষ্যৰ শৱ-সৎকাৰ কৰি অস্থি ধাতু সংৰক্ষণব কাৰণে বুদ্ধদেৱে ৰাজগৃহত এটা মঠ নিৰ্ম্মাণ কৰালে। প্ৰভুৰ জীৱিত অৱস্থাতে প্ৰিয় আক সৰ্ব্বাগ্ৰ স্থানীয় শিষ্য দুজনে এজন এজনকৈ চিৰ বিদায় ললে। তেওঁলোকৰ মহাপ্ৰয়াণৰ কেইমাহ মানৰ পিচতে ভগবান বুদ্ধয়ো পবিনিৰ্ব্বাণ লাভ কৰে।

 এনেদৰে একে স্থানতে একেদিনৰে একটি ক্ষণতে জন্ম-গ্ৰহণ কৰি আজীৱন একে আদৰ্শকে লৈ মহামানৱ সাৰিপুত্ত আক মোগগল্লানে ধৰ্ম্মাকাশত উজ্জল নক্ষত্ৰ দুটিৰ নিচিনাকৈ অহিংসা, প্ৰেম আৰু ভাতৃত্বৰ যি মহাবাণী প্ৰচাৰ কৰি থৈ গ’ল-- আত্মদম্ভত আত্ম-হাৰা আৰু সাম্প্ৰদায়িক সংঘৰ্ষ উন্মত্ত জনতাক চিৰদিনেই সি সত্যৰ মহামন্ত্ৰ দান কৰি থাকিব | সেয়েহে আজিৰএই ধ্বংসোন্মুখী আৰু স্বাৰ্থান্বেসী মনোবৃত্তিৰ প্ৰাবল্য দিনত এই দুই শান্তিকামী ক্ষণজন্মা মহা পুৰুষৰ পূজাৰ বিশেষ প্ৰয়োজন।


=অস্থি-ভস্মাৱশেষ=

 মহাপুৰুষ সকলৰ পৰলোকৰ পিচত তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ ব্যৱস্থা সকলো দেশতে, সকলো সময়তে সৰ্ব্বজাতিৰ মাজতে দেখিবলৈ পোৱা যায়। এই স্মৃতি-চিহ্ন এফালে যেনেকৈ গুৰুৰ প্ৰতি ভক্তৰ নাইবা অগ্ৰৱৰ্ত্তীৰ প্ৰতি অনুৱৰ্ত্তীৰ গভীৰ ভক্তি শ্ৰদ্ধাৰ পৰিচায়ক, আনফালে তেনেকৈয়ে ই ক্ৰম পৰিবৰ্ত্তনশীল মানৱ সমাজৰ সংস্কতি আক ঐতিহ্যৰ গ্ৰন্থ সূত্ৰ। কাৰণ এই স্মৃতি সংৰক্ষণৰ লগতে ও ওতপ্ৰোত ভাৱে জড়িত হৈ আছে যুগৰ শিল্প-কলা। কালৰ কুটিল গতিক বান্ধি ৰাখিবৰ ক্ষমতা আছে মাত্ৰ কলাৰহে—স্থপতি, ভাস্কৰ্য্য, চিত্ৰাঙ্কন, সঙ্গীত, সাহিত্যৰ। মহামানৱ সকলৰ বিয়োগত এফালে কৰুণ চকুলো বয়, আনফালে সেই সকলৰ মহিমা শব্দে, সুৰে, গীতে, নৃত্যে, স্থাপত্যে, ভাস্কৰ্য্যে প্ৰতিভাত হৈ উঠে। মহাপুৰুষ সকলৰ বাৱহৃত দ্ৰব্যাদি, পৱিত্ৰ দেহাৱশেষ ৰক্ষা কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা, ভক্তি জনাবলৈ আৰু আদৰ্শ সমূহ চিৰজাগ্ৰত কৰি ৰাখিবৰ কাৰণেইে এই বাৱস্থা আধ্যাত্মিক চেতনা আৰু উদ্দীপনা লাভৰ কাৰণেও এনে স্মৃতি সংৰক্ষণৰ ব্যৱস্থা ভাৰতৰ চিৰকলীয়া প্ৰথা।

 বৌদ্ধ যুগত এই ৰীতিৰ বহুল প্ৰচলন হৈছিল। অহিংসা, প্ৰেম আৰু ভাতৃত্বৰ দেৱ-দূত স্বয়ং বুদ্ধদেৱৰ নখ, দাঁত,
পূতাস্থিৰ পূজা।
পূতাস্থিৰ পূজা।

চুলি আৰু অস্থি সংৰক্ষণ কৰি সেই আদৰ্শক চিৰজাগ্ৰত কৰিবলৈ ভাৰতবৰ্ষৰ বাহিৰও বহুতো ঠাইত ভালেমান চৈত্য আৰু স্তুপ নিৰ্ম্মাণ কৰা হৈছিল। বুদ্ধদেৱৰ প্ৰধান শিষ্য সকলৰ অস্থি ধাতুও এনেদৰে অনেক ঠাইত সংৰক্ষিত হৈছে।

 যুগৰ বুকুৰ ওপৰেদি বাগৰি যোৱা হেজাৰ-বিজাৰ ধুমুহাৰ মাজতো অক্ষয় হৈ থকা মহামানৱ সকলৰ পূত-স্মৃতি অস্থি ধাতু যি দৰে অসীম শ্ৰদ্ধাৰ বস্তু, তাৰ গত লাগি থকা শিল্প কলাও সংস্কৃতিৰ পুূজাৰী প্ৰত্নতত্ত্ব অনুসদ্ধিৎসু মনিষীসকলৰ কাৰণে সিমানেই আদৰণীয়, সিমানেই বাঞ্ছনীয়৷

 প্ৰায় নিৰানব্বৈ বছবৰ পূৰ্ব্বে অৰ্থাৎ ১৮৫১ খ্ৰীষ্টাব্দত ভাৰতীয় প্ৰত্নতত্ত্ব বিভাগৰ ভাৰপ্ৰাপ্ত কৰ্ম্মচাৰী জেনেৰেল কানিংহাম চাহাবে প্ৰাচীন বৌন্ধভূপ সমূহ খান্দোতে ভূপাল ৰাজ্যৰ সাঁচী নামে ঠাইত সুন্দৰ অস্থি ভস্ম ৰক্ষা-পাত্ৰ আবিষ্কাৰ কৰে প্ৰায় আঢ়ৈ হেজাৰ বছৰৰ পুৰণি ধ্বংস প্ৰায় সমাধি মন্দিৰৰ নিভৃত কোণত আৱিসষ্কৃত প্ৰাচীন কাৰকাৰ্য্যখচিত এই স্মৃতি-পাত্ৰ দুটি পাই পাই কানিংহামৰ অন্তৰ আনন্দত পুলকিত হয়। পাত্ৰ দুটি পাঁচ ফুট দীঘল শিলেৰে আবৃত আছিল। পাথৰেৰে নিৰ্ম্মিত পাত্ৰ দুটিৰ দক্ষিণ ফালৰটোৰ ওপৰত ব্ৰাহ্মী আখৰেৰে সাৰি পূতস আৰু উত্তৰ ফালৰ পাত্ৰৰ ওপৰত সেই একে লিপিতে মহামোগগলানস লেখা আছিল আকৌ এই পাত্ৰ দুটাৰ প্ৰতিটোৰে ভিতৰত সুন্দৰ মিহি এবিধ বগা খনিজ পদাৰ্থেৰে সুশোভিত আৰু প্ৰাচীন শিলৰ সূক্ষ্ম কাৰুকাৰ্য্য খচিত সৰু বাকচ দুটাৰ ঢাকোনৰ ভিতৰত যথাক্রমে দক্ষিণ ফালৰটাত ব্ৰাহ্মী লিপিৰে “স” আৰু উত্তৰৰ ফালৰটোত “ম” লিখা আছে। “স” সাৰিপুত্তস আক “ম” মোগগ্‌ল্লান নামৰ প্রথম অক্ষৰ। গতিকে ‘সাৰিপুত্তস আক 'মহাগ্‌গল্লানস” যে সাৰিপুত্তৰ আৰু মহামোগগ্‌ল্লানৰ অস্থি-ধাতু সংৰক্ষিত স্তুপ এই বিষয়ে প্রত্বতাত্বিক সকলৰ মতবিৰোধিতা নাই।

 ভগৱান বুদ্ধৰ প্ৰিয়তম শিষ্যদ্বয়ৰ পবিত্র অস্থি ধাতুৰ আবিষ্কাবে মনত এফালে যেনেদৰে ভক্তি ভাব আৰু আৰু আত্ম-প্রসাদৰ সৃষ্টি কৰে আন ফালে ৰাজগৃহ আৰু বেণূবনত ভগবান বুদ্ধ জীৱিত অৱস্থাত সংৰক্ষিত সাৰিপুত্ত মোগগল্লানৰ পূতাস্থি আহি সুদূৰ সাচী নগৰত স্তূপৰ ভিতৰত সোমমাৱাহি কাৰ্য্যই তেনেদৰেই মনত প্রশ্নতোলে; কেনেকৈনো এই দুয়ো কথা সম্ভৱ হল?

 এই প্রশ্ন সমাধানৰ নিমিত্তে বৌদ্ধ ধর্ম প্রাচীন বুৰঞ্জী আৰু লগে লগে সেই যুগৰ শিল্প আৰু সংস্কৃতিৰ ফালে বিশেষ লক্ষ্য কৰিব লাগিব। তাৰ লগতে বৌদ্ধ যুগৰ স্তুপ সমূহৰ গাথনি আৰু আকৃতিৰ ফালেও মানাযোগ দিব লাগিব। ঐতিহাসিক দৃষ্টিৰ পৰা জনা যায় যে এই ৰক্ষাপাত্র দুটিত লিখা আখৰ কেইটি মহাৰাজ অশোকৰ কালৰ। কথিত আছে ধর্মপ্রাণ প্রিয়দর্শী অশোকে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ৮৪ হেজাৰ বৌদ্ধ মন্দিৰ আৰু স্তূপ নিৰ্ম্মাণ কৰাইছিল। ভগবান তথাগতৰ দেহাৱশেষ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰি আনি সেই স্তূপত সংৰক্ষণ কৰিছিল। সম্ভৱ
পূতাস্থিৰ অভ্যৰ্থনা
পূতাস্থিৰ অভ্যৰ্থনা

মহাৰাজ অশোকেই এই বৌদ্ধ শিষ্য দুজনৰো দেহাৱশেষ ৰাজগৃহ আৰু বেণুবনৰ পৰা নি সাঁচীত পুনৰ প্ৰতিষ্ঠা কৰিছিল।

 সাঁচীত পোৱা বাকচ দুটিৰ প্ৰত্যেকটি দীঘলে পুতলে আৰু ওখই ডেড় ফুট। সাৰিপুত্ত নামাঙ্কিত বাকচটোৰ ভিতৰ ভাগ নিমজ’; ছয় ইঞ্চি দীঘল আৰু তিন ইঞ্চি পুতল। ইয়াৰ ওপৰ ভাগ ক'লা থাল এখনেৰে ঢাকি থোৱা আছিল। এই থাল খনৰ ব্যাস ৯ ইঞ্চি আক তিন ইঞ্চি ডাঠ। থাল খন ভঙাছিঙ| অৱস্থাত পোৱ| গৈছিল। ইয়াৰ বাহিৰ ভাগ মলিন, কিন্তু ভিতৰ ভাগ বেচ চকচকীয়া আছিল। পাত্ৰটিৰ দুই ফালে ৪২ ইঞ্চি আৰু ২৩ ইঞ্চি জোখৰ দুটুকুৰা চন্দন কাঠ আছিল। কানিংহাম চাহাবৰ মতে এই দুডোখৰ কাঠ চিতাৰ পৰা সংগ্ৰহ কৰা হৈছিল। ভিতৰৰ ভাগত মহাত্মা সাৰিপুত্তৰ এডোখৰ অস্থিধাতু (এক ইঞ্চিৰ কম) আৰু লগতে সাত ধৰণৰ সাতোটা পাথৰৰ টুকুৰা আছিল।

 কানিংহামৰ মতে অস্থি-অৱশেষ লগত এনে ধৰণে সাত বৰণীয়। পাথৰ ৰখা বৌদ্ধধৰ্ম্মৰ ৰীতি। এই ৰীতি লাদাকৰ বৌদ্ধ সকলব মাজত আজিও প্ৰচলিত আছে। তেওঁলে৷কে সঙ্ঘপতিৰ ভস্মৰ লগত নাইবা লামাৰ মৃতদেহৰ লগত সোণ, ৰূপ, তাম আৰু লোহাৰ টুকুৰা থয়। মহামোগগল্লানৰ অন্থি-ৰক্ষা পাত্ৰটাৰ ভিতৰ ভাগত মহামোগগল্লানৰ দুদোখৰ অস্থি সুৰক্ষিত আছিল।

 সাঁচীৰ আটাইতকৈ ডাঙৰ স্তূপটোপ চোতাল খন ১৪ ফুট ওখ। ইয়াৰ ব্যাস ১০৬ ফুট। চাৰিও ফাল দেখিবলৈ মনোমোহন সম্ভৱ কোনো কাঠৰ বেৰাৰ অনুকৰণত শিল আৰু বালিৰে ইয়াক তৈয়াৰ কৰা হৈছিল। স্তূপটোৰ উচ্চতা ৪২ ফুট। শীৰ্ষস্থানৰ ব্যাস ৫ ১/২ ফুট। তোৰণ সমূহ ৩৩ ফুট ওখ। স্তূপটো ইটাৰে নিৰ্ম্মিত আক ওপৰ ভাগ পাথৰেৰে আবৃত।

 গোটেই সাঁচী অঞ্চলৰ ভিতৰত এনে ধৰণৰ প্রায় ৬০টা বৌদ্ধ স্তুপ আছে। এই বিল৷কৰ কোনটো কাৰ দিনত নিৰ্ম্মাণ কৰা হৈছিল, সেইটে| কথা স্থিৰ কৰা হোৱা নাই। সম্ভৱতঃ খৃঃ পুঃ তৃতীয় শতাব্দীৰ পৰা যষ্ঠ খৃষ্টাব্দলৈকে এই কালাছাৱাৰ ভিতৰতে এই স্তূপ সমূহ নিৰ্ম্মাণ হৈছিল |

 ১৮৫১ খীষ্টাব্দত এই পূতাস্থি দুটা পুনৰুদ্ধাৰ কৰি কানিংহাম চাহাবে সংৰক্ষণৰ বাবে ইংলণ্ডলৈ পঠিয়াই আৰু তাত এলবাৰ্ট আৰু ভিক্টোৰিয়া মিউজিয়ামত যথাৰূপে সংৰক্ষিত হয়।

 ১৯৩৯ খৃঃত ভাৰতীয় মহাবোধি ছ’চাইটাৰ জেনেৰেল ছেক্রেটাৰীয়ে ভাৰতবৰ্ষ তথা বৌদ্ধ সম্প্ৰদায়ৰ পক্ষৰ পৰা এই পৱিত্ৰ অস্থি পুনৰায় ভাৰতলৈ আনিবলৈ আৰু ভাৰতীয় মহাবোধি ছ’চাইটাৰ হাতত সমৰ্পণ কবিবলৈ ভাৰত চৰকাৰক আবেদন জনাইছিল। ছ'চাইটীৰ এই দাবী গৃহীত হয় আৰু লণ্ডনৰ পৰা এই অস্থি ধাতু ঘূৰাই আনি দিল্লীত নতুনকৈ নিৰ্ম্মাণ কৰা বৌদ্ধ মন্দিৰ এটাত থাপনা কৰাৰ সিদ্ধান্ত হয়। ইতিমধ্যে দ্বিতীয় মহাসমৰ আৰম্ভ হোৱা কাৰণে এই কাৰ্য্য স্থগিত থাকে। ইফালে

ভূপালৰ নবাবে তেওঁৰ ৰাজ্যৰ অন্তৰ্গত সাঁচীৰ পবা উদ্ধাৰ কৰা

এই পূতাস্থি পুনৰায় সাঁচিতেই প্ৰতিষ্ঠা কৰাৰ যুক্তি দৰ্শায়। লগতে তাৰ কাৰণে এটা উপযুক্ত মন্দিৰ নিৰ্ম্মাণ আৰু সকলো খৰচ বহনৰ ভাৰ গ্ৰহণ কৰে। তেওঁৰ এনে যুক্তিপূৰ্ণ দাবী স্বীকৃত হয় আৰু সাঁচিতেই সংৰক্ষণৰ ব্যৱস্থা চলে।

 দ্বিতীয় মহাযুদ্ধৰ সামৰণিৰ লগে লগে ১৯৪৭ চনত সিংহলৰ মহাবোধি ছোচাইটীৰ জেনেৰেল ছেক্ৰেটেৰী শ্ৰীযুত দয়াহেবাবি তাৰণ ভাৰতীয় মহাবোধি ছোচাইটীৰ প্ৰতিনিধি হিচাপে লণ্ডনলৈ যায়। ভাৰত চৰকাৰৰ তৰফৰ সেই সময়ৰ ভাৰত সচিব পেখিক লৰেন্সে ২৩ ফ্ৰেব্ৰুৱাৰীৰ লৰ্ড দিনা লণ্ডনত এখন আড়ম্বৰপূৰ্ণ প্ৰত্যৰ্পণ উৎসৱ পাতি| “হেবাবি তাৰণৰ হাতত দেৱৰ প্ৰিয় শিষ্য দুজনৰ পবিত্ৰ দেহাস্থি সমৰ্পন কৰে। ১৪ মাৰ্চ্ছৰ দিনা সেই অস্থি সিংহললৈ অনা হয়। সিংহলবাসী বৌদ্ধ সকলৰ অনুৰোধ মতে কিছুদিনৰ কাৰণে অন্থি অৱশেষ সিংহলত ৰখা হয়। সমুদ্ৰ উপকণ্ঠৰ পৰা সিংহলৰ প্ৰধান মন্ত্ৰী শ্ৰীযুত ডি, এছ, সেনা নায়কৰ হাতত অস্থি-অৱশেষ সমৰ্পণৰ দিনা অনুষ্ঠিত হোৱা অপূৰ্ব আয়োজন সিংহলৰ ধৰ্ম্ম ইতিহাসত এটি লেখত লবলগীয়া দিন । ৩০ লঞ্চ সিংহলবাসীৰ শ্ৰদ্ধ-ভক্তি বিমিশ্ৰিত কলকণ্ঠে মুখৰিত জয় গানেৰে আনন্দৰ ঢৌ তুলি ডেড় মাইল শোভা যাত্ৰাৰ পিছত কলম্বো মিউজিয়ামত এই অস্থি ৰক্ষিত হয়।

 কলাম্বোৰ পৰা ভস্ম পাত্ৰ দুটি ব্ৰহ্ম দেশলৈ নিয়া হয়, তাৰপৰা পুনৰ সিংহললৈ ঘূৰাই নিয়া হল। প্রধান মন্ত্রী পণ্ডিত জৱাহৰ লাল নেহৰুৱে চিলন মহাবোধি ছোচাইটীৰ প্রতিনিধিৰ হাতৰ পৰা ১৯৪৯ৰ মাঘী পূৰ্ণিমাৰ দিনা কলিকতাত গ্রহণ কৰে। কলিকতাৰ মহাবোধি ছোচাইটীৰ মন্দিৰত মহা সমাৰোহেৰে এই ভম্মাধাৰ দৰ্শকক দেখুৱা হয়।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )