সাৰনিত্যক্ৰিয়া
ওঁ
সাৰনিত্যক্ৰিয়া
ওঁ
সাৰনিত্যক্ৰিয়া
অৰ্থাৎ
শ্ৰীমৎ পৰমহংস শিৱনাৰায়ণ স্বামীৰ
উপদেশ সংগ্ৰহ
আসাম তেজপুৰ নিবাসী
৺হৰিবিলাস আগৰৱালা কৰ্ত্তৃক
অসমীয়া ভাষাত অনুবাদিত
২য় তাঙৰণ।
১৯৩০
Printed and published by D. R. Baruah.
at the New Press, Gauhati,
ভূমিকা।
এই জগতৰ মাজত কত শত শাস্ত্ৰ বেদ বাইবেল কোৰাণ আৰু সাম্প্ৰদায়িক মত আছে তাৰ সীমা নাই। ইয়াৰ মাজত কোন মত সঁচা আৰু কোন মত মিহা আৰু কোন শাস্ত্ৰ সঁচা আৰু কোন শাস্ত্ৰ মিছা তাক স্থিৰ কৰা সামান্য গৃহস্থৰ পক্ষে কঠিন। কাৰণ মানুহ অল্পায়ু আৰু গৃহস্থ ধৰ্ম্মৰ নানাৰূপ চিন্তাত সদায় ব্যস্ত, আৰু বেদ বেদান্তাদি শাস্ত্ৰ সাগৰৰ নিচিনা অসীম। অতএব এই পুথিত সাধাৰণ গৃহস্থৰ উপকাৰৰ নিমিত্তে সকলো শাস্ত্ৰ আৰু বেদৰ সাৰ ভাব প্ৰকাশ কৰা হল।
বেদ শাস্ত্ৰৰ উদ্দেশ্য বিচাৰ কৰি যুক্তি সহকাৰে সাৰ ভাব গ্ৰহণ কৰি আৰু তদনুৰূপ কাৰ্য্য় কৰি পৰমানন্দ আনন্দৰূপে থকা। যাৰ বস্তু বোধ আছে তাৰ জ্ঞান আছে, যাৰ জ্ঞান আছে তাৰ শান্তি আছে। যাৰ বস্তু বোধ নাই তাৰ জ্ঞান নাই, যাৰ জ্ঞান নাই তাৰ শান্তি নাই।
মাতা-পিতাৰ কৰ্ত্তব্য এই যে সন্তানক বিদ্যাভ্যাসৰ লগতে সদ্ধৰ্ম্মৰ উপদেশ দিব তেনেহলে সন্তানে উত্তমৰূপে ব্যবহাৰিক আৰু পৰিমাৰ্থিক কৰ্ম্মসমূহ সমধা কৰিব পাৰিব। পৃথিবীত মাতা-পিতা সন্তানৰ পক্ষে জগৎগুৰু পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ স্থলাভিষিক্ত। যি সন্তানে প্ৰতি আৰু ভক্তি কৰি পাৰ্থিব মাতা-পিতাৰ আজ্ঞা পালন কৰে সি অৱশ্যে জগৎগুৰু পূৰ্ণ পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ মাতা-পিতাৰ আজ্ঞা, প্ৰীতি আৰু ভক্তি কৰি পালন কৰিব পাৰিব। আৰু সেই আজ্ঞা পালন আৰু সেই প্ৰীতি ভত্তিৰ ফলস্বৰূপ আনন্দ ভোগৰ অধিকাৰী হব, সন্দেহ নাই। আৰু কব পাৰি যে যি মাতা-পিতাৰ জগৎগুৰু পূৰ্ণপৰব্ৰহ্ম জ্যোতিস্বৰূপ প্ৰতি প্ৰীতি আৰু ভক্তি আছে তেওঁলোকৰ সন্তানেও অৱশ্যে তেওঁলোকক প্ৰীতি আৰু ভক্তি কৰিব।
জ্ঞানী লোকে জানে যে এই জগতত ব্যবহাৰিক আৰু পাৰমা ৰ্থিক কাৰ্য্য তিনি প্ৰকাৰে নিষ্পন্ন হয়, প্ৰথম নিষ্কামভাবে, দ্বিতীয় তৃষ্ণাভাবে, তৃতীয় ভয়ত। পৰমাত্মাৰ প্ৰিয় জ্ঞানবান আৰু ভক্তি- মান লোকে ব্যৱহাৰিক আৰু পাৰমাথিক কাৰ্য্য জগতৰ উপকাৰৰ নিমিত্তে নিষ্কামভাবে কৰে। লোভী অৰ্থাৎ তৃষ্ণাতুৰ লোকসকলে ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য় কোনো ফল পোৱাৰ আশা নহলে জগতৰ উপকাৰ নিমিত্তে কেতিয়াও নকৰে। অজ্ঞান অৱস্থাত থকা তামসিক লোক সকলে ভয় নাপালে ব্যবহাৰিক আৰু পাৰমাৰ্থিক কোনো কাৰ্য্য় নকৰে।
এই পুথিত ৰচনাৰ লালিত্য বা ভাষাৰ অলঙ্কাৰৰ প্ৰতি দৃষ্টি নাৰাখি সৰলতা আৰু তাৰ প্ৰতি বিশেষ দৃষ্টি ৰখা হৈছে। কাৰণ পুথিখনি সাধাৰণ গৃহস্থসকলৰ শিক্ষাৰ নিমিত্তে ৰচিত হৈছে।
এই পুথিত জ্যোতিৰ ধাৰণা কৰি পৰমাত্মাৰ পূৰ্ণভাবে উপা- সনাৰ যি বিধি আছে, সেয়ে ব্ৰাহ্মণসকলৰ সনাতন ধৰ্ম্ম; যিসকলে উপনিষদ সহ বেদাধ্যয়ন কৰিছে তেওঁলোকে ইয়াক উত্তমৰূপে জানে। কিন্তু বস্তুৰ প্ৰতি লক্ষ্যভ্ৰষ্ট হৈ কেবল শব্দৰ আলোচনাত যথাৰ্থ শাস্ত্ৰীয় জ্ঞানানুসাৰে সাধন ক্ৰিয়া নাই বুলিলে অত্যুক্তি নহয়। সাধন প্ৰবৃত্তি দৃঢ় কৰিবৰ নিমিত্তে পণ্ডিতসকলৰ মাজত যিসকল শাস্ত্ৰ প্ৰচলিত তাৰ কতিপয় বচন এই ঠাইত উদ্ধৃত কৰা হল। যি সকলৰ এই বিষয়ে বিস্তাৰিত জানিবৰ প্ৰয়োজন তেওঁলোকে ৰজা লক্ষ্মণসেনৰ ধৰ্ম্মাধ্যক্ষ হলায়ুধৰ “ব্ৰাহ্মণসৰ্ব্বস্ব” পুথি চাব।
“আদিত্যে ব্ৰহ্মইত্যেষা নিষ্ঠাপনিষৎসুচ।
ছান্দোগ্যে বৃহদাৰণ্যে তৈত্তিৰীয়ে তথৈবচ॥”—যোগী যজ্ঞবল্ক্যঃ
সূৰ্য্য়নাৰায়ণক উপাস্য ব্ৰহ্ম বুলি ধাৰণা ছান্দোগ্য, বৃহদাৰণ্যক আৰু তৈত্তিৰীয় উপনিষদত উপদিষ্ট হৈছে।
' সহস্ৰৰশ্মিৰেষোহত্ৰ পৰমাত্মা প্ৰজাপতিঃ।”
-শাম্বপুৰাণং
এই যে অসংখ্য কিৰণশালী সূৰ্য্যনাৰায়ণ এওঁ এই দৃশ্যমান জগতত প্ৰজাপতি পৰমাত্মা।
“আদিত্যাচ্চ পৰং নাস্তি ন ভূতং ন ভবিষ্যতি।
স্বয়ং বেদেষু সৰ্ব্বেষু পৰমাত্মেতি গীয়তে॥”
-ভবিষ্যপুৰাণং
সূৰ্য্যনাৰায়ণতকৈ শ্ৰেষ্ঠ নাই, হোৱা নাই, নহব। সকলো বেদত এৱেই পৰমাত্মা বুলি গীত হৈছে।
“আদিত্যান্তৰ্গতং যচ্চ জ্যোতিষাং জ্যোতিৰুত্তমং।
হৃদয়ে সৰ্ব্বজন্তুনাং জীবভূতঃ স তিষ্ঠতি॥
হৃদ্যাকাশে চ যো জীবঃ সাধকৈৰূপবৰ্ণ্য়তে ।
স এবাদিত্যৰূপেণ বহিৰ্ণভসি ৰাজত ইতি॥”
“পাষণমণিধাতুনাং তেজোৰূপেন সংস্থিতঃ।
বৃক্ষৌষধিতৃণানাঞ্চ ৰসৰূপেণ তিষ্ঠতি॥”
—যোগী যাজ্ঞবল্ক্যঃ
সূৰ্য্য়মণ্ডলৰ অন্তৰ্গত যি জ্যোতিৰ মাজত শ্ৰেষ্ঠ জ্যোতি তেৱেঁই প্ৰাণীসকলৰ অন্তৰত জীবৰূপে অবস্থিতি কৰে। যিজন সাধকসকল কৰ্ত্তৃক শাস্ত্ৰানুসাৰে অন্তৰাকাশত জীব বুলি বৰ্ণিত হয় তেৱেঁই বহিৰাকাশত সূৰ্য্যনাৰায়ণ ৰূপে বিৰাজমান। পাথৰ, মণি আৰু ধাতুৰ মাজত তেৱেঁই তেজোৰূপে আৰু বৃক্ষ, ওষধি আৰু তৃণৰ মাজত ৰস ৰূপে আছে।
“প্ৰত্যক্ষদেবতা সুৰ্য্য়োজগচ্চক্ষুদিবাকৰঃ।
তস্মাদপ্যধিকা কচিদ্দেবতা নাস্তি শাশ্বতী॥
তম্মাদিদং জগজ্জাতং লয়ং যাস্য়তি তত্ৰচ॥ ”
—ভবিষ্যপুৰাণং
জগতৰ চক্ষুস্বৰূপ দিবাকৰ সূৰ্য্যনাৰায়ণ প্ৰত্যক্ষ দেবতা তেওঁতকৈ শ্ৰেষ্ঠ কোনো নিত্য দেবতা নাই। তেওঁৰে পৰা এই জগত জন্মিছে আৰু তেওঁতেই লয় পাব।
⸻
অনুবাদকৰ নিবেদন
পৰমহংস শিবনাৰায়ণ স্বামীৰ সত্য ধৰ্ম্ম উপদেশৰ পুথি সাৰ-নিত্য ক্ৰিয়া বঙ্গভাষাৰ পৰা অসমীয়া ভাষাত অনুবাদ কৰি আসামবাসী ধৰ্ম্মানুৰাগী লোক সাধাৰণৰ হাতত অৰ্পণ কৰা হল। অনুবাদ কাৰ্য্যত আমাৰ অনেক ক্ৰটী দোষ ঘটিছে, জ্ঞানীসকলে নিজগুণে আমাৰ দোষ ক্ষমা কৰি পুথিৰ সাৰ ভাব গ্ৰহণ কৰিব এই মিনতি।
সূচীপত্ৰ
বিষয় |
পৃষ্ঠা |
| ১ |
| ২ |
| ৬ |
| ১০ |
| ১২ |
| ১৫ |
| ২২ |
| ২৩ |
| ২৫ |
| ২৮ |
| ৩০ |
| ৩৩ |
| ৩৫ |
| ৩৭ |
| ৪২ |
| ৪৭ |
| ৪৯ |
| ৪৯ |
| ৫১ |
| ৫৩ |
বিষয় |
পৃষ্ঠা |
| ৫৫ |
সূৰ্যনাৰায়ণ অগ্নিত আহুতি প্ৰদান, সূৰ্যনাৰায়ণৰ ধ্যান আৰু ব্ৰহ্ম গায়ত্ৰী সম্বন্ধে বিচাৰ |
৫৫ |
| ৬৮ |
| ৬৯ |
| ৭১ |
| ৭৩ |
| ৭৪ |
| ৭৭ |
| ৭৯ |
| ৮০ |
| ৮৩ |
| ৮৪ |
| ৮৭ |
| ৯১ |
| ৯৫ |
| ১০০ |
| ১০৪ |
| ১০৫ |
⸺:•:⸺
![]()
শ্রীমৎ পৰমহংস শিৱনাৰায়ণ স্বামী
নিউ প্ৰেছ, গুৱাহাটী
ওঁ
সাৰনিত্যক্ৰিয়া
সত্য, শুদ্ধ, চৈতন্য পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ পৰমাত্মা নিত্য আৰু সাৰ বস্তু। প্ৰতিদিন যি ক্ৰিয়া কৰি সেই নিত্য-সাৰ বস্তুক জনা যায়, তাক সাৰনিত্যক্ৰিয়া বেলে। এই ক্ৰিয়া বিবেচনা কৰি কৰা অবশ্যক। যি ক্ৰিয়া কৰিলে ব্যবহাৰিক আৰু পাৰমা- ৰ্থিক উভয় বিষয় উত্তমৰূপে আৰু সহজে সিদ্ধি হয় আৰু ফল পোৱা যায়, বিচাৰ কৰি সেই ক্ৰিয়া কৰা উচিত। যি কাৰ্য্য কৰিলে ব্যবহাৰিক আৰু পাৰমাৰ্থিক কোনো বিষয় সিদ্ধি নহয় তাক কৰা উচিত নহয়, যেনে এন্ধাৰ গুচাবৰ নিমিত্তে দিয়াছলাই ঘঁহিলে সহজে এন্ধাৰ গুচি পোহৰ হয়, তাৰ বিপৰীত পানী বা বৰফ ঘঁহিলে কেতিয়াও পোহৰ নহয়, কষ্ট হে সাৰ হয়। সেই দৰে এন্ধাৰ ৰূপ অজ্ঞনতা, পাপ দূৰ কৰিবলৈ “ওঁ” (প্ৰণব) মন্ত্ৰ প্ৰেম ভক্তিৰে হৃদয়ত ঘঁহি তেজোময় জ্যোতিঃস্বৰূপ পৰমাত্মাক ধাৰণ কৰিলে সহজে অজ্ঞানতা দূৰ হৈ জ্ঞান প্ৰকাশ হয়, নতুবা জ্ঞান প্ৰকাশ নহয় কষ্ট হে সাৰ হয়।
সাধাৰণ উপদেশ
সৰ্ব্বদা সত্য, শুদ্ধ, চেতন পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু মাতা-পিতা অতি নিষ্ঠা ৰাখিবা। বিচাৰ কৰি ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য গম্ভীৰ আৰু শান্তৰূপে সমাধা কৰিবা। যাতে সকলো বিষয়ে সপৰিবাবে পৰমানন্দে আনন্দৰূপ হৈ থাকিব পাৰা তাকে কৰিবা। অলপতে তুষ্ট আৰু পৰৰ উপকাৰত ৰত থাকিবা। যাতে জগতৰ মঙ্গল হব তাকে কৰা উচিত, জগতৰ মঙ্গল হলে নিজৰ মঙ্গল, নিজৰ মঙ্গল হলে সমস্ত জগত মঙ্গলময় হয়। কাৰণ সমস্ত জগত আপোনাৰ আত্মা আৰু পৰমাত্মাৰ স্বৰূপ। ব্যবহাৰিক আৰু পাৰমাৰ্থিক দুয়ো কাৰ্য্য চোকা ভাবে কৰা উচিত। ইয়াৰ কোনো কামত এলাহ কৰিব নালাগে। যি কামত এলাহ কৰা হয় সেই কাম কেতিয়াও উত্তমৰূপে সিদ্ধি নহয়।
সকলো মানুহে আপোন অপোন সন্তানসকলক সত্য কথা কবলৈ আৰু সত্যত প্ৰগাঢ় নিষ্ঠা ৰাখিবলৈ, আৰু কাৰো নিন্দাবাদ নকৰি সকলোৰে প্ৰিয়বাদী হবৰ নিমিত্তে শিক্ষা দিয়া উচিত। কেতিয়াও কাকো সৎ পথৰপৰা বিমুখ নকৰি সদায় সকলোকে সৎপথ দেখুৱাই দিবা। যেনে কোনো পথাৰত ধান ৰুলে ধান সামৰিবলৈ পায়, আৰু সেই পথাৰত কাঁইট ৰুলে কাঁইট সামৰিবলৈ পায়, সেইদৰে এই জগতত কোনেও কাৰো ইষ্ট বা অনিষ্ট কৰিলে সেইৰূপ ফল পোৱা হয়।
বিচাৰ কৰি চাবা ‘মই" কোন, মোৰ স্বৰূপ কি? আৰু পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান গুৰুৰ স্বৰূপ কি? মই কোন স্বৰূপে তেওঁৰ কোন স্বৰূপৰ ধ্যান ধাৰণ বা উপাসনা কৰি সকলো বিষয়ে সপৰিবাৰে পৰমানন্দে আনন্দৰূপ হৈ থাকিব পাৰোঁ? তুমি ইমান দিন ক’ত আছিলা? ক'ৰ পৰা আহিছা? মৰাৰ পাছত ক'লৈ যাব লাগিব? সুদা হাতে আহিছা, সুদা হাতে যাব লাগিব। কোনো বস্তু লগত অহা নাই আৰু লগত নাযাবও। আন কি এই স্থূল দেহটিও লগত নাযাব। কেবল একমাত্ৰ ধৰ্ম্ম অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ সাৰ বস্তু লগত যাব, লগত আহে আৰু সদায় লগত থাকে।
জ্ঞানী লোকৰ ভাবাৰ্থত মনোযোগ কৰা উচিত। শব্দাৰ্থত মন দিয়া উচিত নহয়। কাৰণ শব্দাৰ্থ কামধেনুৰ নিচিনা, তাৰ সীমা নাই। ভাবাৰ্থ কি? —যেনে পানী এক পদাৰ্থ, দেশ আৰু ভাষা বিশেষে ইয়াৰ নানা প্ৰকাৰ নাম কল্পিত হৈছে। যথা জল, পানী, নীৰ, সৰিৎ, তোয়, অপু, বাৰি, জীবন, ৱাটাৰ, নিলু, তনি ইত্যাদি। কিন্তু পদাৰ্থ একে। পানী পদাৰ্থক এৰি, কেবল নাম আৰু শব্দাৰ্থক ধৰিলে, তৰ্কৰ সীমা নাথাকে, পিয়াহ নুগুচে। জল এই শব্দৰ প্ৰত্যেক অক্ষৰৰ শব্দাৰ্থ কৰিলে জ + অ + ল এই তিনটি শব্দ হয়। “জ”ৰ অৰ্থ এই দৃশ্যমান স্থুল জগত। “অ” অব্যয় শক্তি, যাৰপৰা তোমালোকে সকলো কাৰ্য্য কৰিছা। “ল” লিঙ্গাকাৰ স্থুল, সূক্ষ্ম আৰু কাৰণ। এতিয়া দেখা জল শব্দৰ কিমান শব্দাৰ্থ ওলাল। ইয়াৰ পাছৰ পানীৰ অন্যান্য নামৰ প্ৰত্যেক অক্ষৰৰ অভিধানানুসাৰে শব্দাৰ্থ কৰিলে একোটা যুগ যাব, আৰু কিমান শাস্ত্ৰ ৰচনা হব পাৰে তাৰ সীমা নাথাকে। কিন্তু মই যে ইমান দুঃখেৰে জল শব্দৰ অৰ্থ কৰি মৰিলো, তাত পানীৰ একো নহল। পানী যি বস্তু সেয়ে থাকিল, মোৰ কেবল কষ্টহে সাৰ হল। মই সকলো শব্দাৰ্থ আৰু নানা প্ৰকাৰ উপাধি এৰি, পানী সাৰ বস্তুক খোৱা হলে সহজে মোৰ পিয়াহ গুচি শান্তি পালো হেতেন। সেই দৰে পাৰমাৰ্থিক আৰু ব্যবহাৰিক যি কোনো বিষয়ৰ শব্দাৰ্থ এৰি কেবল ভাবাৰ্থ গ্ৰহণ কৰিবা। অজ্ঞানীৰ দৰে নানাৰূপ নাম আৰু শব্দাৰ্থ ধৰি ভ্ৰমত নপৰিবা। পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু ভগবানৰ কল্পিত নানা নামৰূপ উপাধিৰ শব্দাৰ্থ এৰি সাৰ বস্তু পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰুক ধাৰণ কৰিবা। মুৰ্খৰ দৰে তেওঁক এৰি বৃথা নানা নাম, উপাধি আৰু শব্দাৰ্থ ধৰি মনত অশান্তি পাই সত্য ধৰ্ম্মত বিমুখ নহবা।
এই দৃষ্টান্তৰপৰা সাৰ ভাব গ্ৰহণ কৰিবা। মোৰ পিয়াহ লগাত এজন লোকক সুধিলো, পানী ক’ত খাই পিয়াহ গুচাও? তেওঁ কলে এই বাটে এক ক্ৰোশ পোনাইগৈ তিনটা বাট পাবা, তাৰ বাওঁ ফালৰ দুটা এৰি সোঁও ফালৰ বাটেদি অলপ দূৰ গ’লেই আঠোটা বাট দেখি পাবা, তাৰে সোঁও ফালৰ সাতোটা এৰি বাওঁ ফালৰ বাটেদি অলপ দূৰ গলেই এটা পুখুৰী দেখি পাবা, তাত পানী ভৰি আছে কিন্তু পুনিৰে ঢকা, পানী দেখা নাপায়। পুখুৰীত পকা ঘাট আছে, কিন্তু বৰ পিছল, পুনি আঁতৰাই সেই পানী খালে তোমাৰ পিয়াহ গুচিব। মই এই কথা শুনি দিনে ৰাতিয়ে তাকে আওৰাব ধৰিলো, কিন্তু পিয়াহ নুগুচিল। এই দৰে আওৰাই আৰু নানা শব্দাৰ্থ এৰি, সেই মানুহৰ কথা অনুসৰি পুখুৰীতগৈ, ভাবাৰ্থ গ্ৰহণ অৰ্থাৎ পানী খোৱা হলে সহজে মোৰ পিয়াহ গুচিলহেতেন। এই স্থলত পুখুৰী শব্দে আকাশ, পানী শব্দে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান আৰু পুনি শব্দে অজ্ঞানতা বুজিবা। পিয়াহ অৰ্থাৎ বিবেক। পকা ঘাট অৰ্থে জ্ঞান। পিছল অৰ্থাৎ অসৎ বস্তুত সদায় আসক্তি। আধ্যাত্মিক জগততো এই প্ৰকাৰ শাস্ত্ৰৰ নানা শব্দাৰ্থ এৰি সাৰভাব পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰুক ধাৰণ কৰিলে তোমালোকৰ সকলো পিয়াহ নিবাৰণ হব অৰ্থাৎ ভ্ৰম দূৰ হৈ মনত শান্তি পাবা।
মানুহ মাত্ৰৰে বিচাৰ কৰি ঈশ্বৰৰ আজ্ঞা আৰু নিয়ম অনুসৰি কাৰ্য্য় কৰিলে ঈশ্বৰৰ আজ্ঞা পালন কৰা হয় আৰু সহজে ঐহিক আৰু পাৰমাৰ্থিক উভয় কাৰ্য্য় সিদ্ধি হয়, আৰু মনত কোনো ভ্ৰান্তি বা অজ্ঞানতা নাথাকে, সদায় জ্ঞানস্বৰূপ আনন্দৰূপে থাকিব পাৰে। যি ধাতুৰ সংযোগ কৰিলে ব্যবহাৰ কাৰ্য্য, সিদ্ধি হয়, সেই ধাতুৰ সঙ্গ কৰি ব্যবহাৰ কাৰ্য্য সমাধা কৰিবা। যি ধাতুৰ সঙ্গ কৰিলে পাৰমাৰ্থিক বিষয় অৰ্থাৎ জ্ঞান আৰু মুক্তি হয়, সেই ধাতু সঙ্গ কৰি পাৰমাৰ্থিক কাৰ্য্য সমাধা কৰিব।
যেনে পিয়াহ লাগিলে পানী খাব লগা হয়, ভোক লাগিলে অন্ন আহাৰ কৰিব লগা হয় আৰু এন্ধাৰ হলে জুইৰে পোহৰ কৰিব লগা হয়। ইয়াকে কৰিলে ঈশ্বৰৰ আজ্ঞা আৰু নিয়ম পালন কৰা হয় আৰু সহজে কাৰ্য্য়সিদ্ধি হয়। যদি জুইৰে পোহৰ নকৰি পানীৰে কৰিব খোজা, ঈশ্বৰৰ আজ্ঞা পালন কৰা নহব, আৰু জোনাকো নহব। সেইদৰে জ্ঞান আৰু মুক্তিৰ আবশ্যক হলে পূৰ্ণপৰ- ব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান তেজোময় বিৰাট সূৰ্য্যনাৰায়ণক ধাৰণ কৰিবা, আৰু যেতিয়া ব্যবহাৰ কাৰ্য্য় কৰিবলগা হয় তেতিয়া স্থল পদাৰ্থ সঙ্গ কৰি ব্যবহাৰ কাৰ্য্য কৰিবা। এইৰূপে বিবেচনা কৰি কাৰ্য্য় কৰিলে ঈশ্বৰৰ আজ্ঞা আৰু ধৰ্ম্ম পালন কৰা হয় আৰু সহজে
কাৰ্য্য নিষ্পন্ন হয়। ব্ৰহ্মতত্ত্ব নিৰূপণ
পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ নিৰাকাৰ, সাকাৰ, কাৰণ, সূক্ষ্ম, স্থূল, চৰাচৰ নাম ৰূপে সৈতে সৰ্ব্বশক্তিমান পূৰ্ণৰূপে বিদ্যমান আছে। নিৰাকাৰ ব্ৰহ্ম মন বাণীৰ অতীত আৰু ইন্দ্ৰিয়ৰ অগোচৰ। প্ৰথমাবস্থাত জ্ঞান নোহোৱা পৰ্য্য়ন্ত নিৰাকাৰ আৰু সাকাৰ পৰিপূৰ্ণ- ৰূপে অপণ্ডাকাৰে পৰব্ৰহ্মক ধাৰণ কৰা নাযায়।
বেদ আৰু শ্ৰীমদ্ভাগবত শাস্ত্ৰত উল্লেখ আছে, সূৰ্য্য়নাৰায়ণ বিৰাট ভগবানৰ চক্ষু, জোন মন, জুই মুখ, বতাহ প্ৰাণ, আকাশ মস্তক, জল নাড়ী, আৰু পৃথিবী চৰণ। বিৰাট ভগবানৰ এই সাত অঙ্গ- প্ৰত্যঙ্গক কোনো শাস্ত্ৰত সাত ধাতু, কোনো শাস্ত্ৰত সাত দ্ৰব্য বা সাত বস্তু বোলে। ইয়াকে দেবতা দেবীও বোলে। কিন্তু যাক সাত ধাতু বোলে তাকে সাত দ্ৰব্য বা সাত বস্তু বোলে আৰু তাকে সাত ঋষি আৰু দেবী মাতা, আৰু ব্যাকৰণত সাত বিভক্তি বোলে। এই সাতকে অহঙ্কাৰে সৈতে অষ্ট প্ৰকৃতি বা অষ্ট শিব মূৰ্ত্তি বোলে। আৰু তেওঁকে গ্ৰহও বোলে, যথা, “গ্ৰহৰূপী জনাৰ্দ্দন”। ব্ৰহ্ম গায়ত্ৰীত সপ্ত ব্যাহৃতি বোলে। যথা “ওঁ ভূঃ, ওঁ ভূবঃ, ওঁ স্বঃ, ওঁ মহঃ, ওঁ জনঃ, ওঁ তপঃ, ওঁ সত্যম” অৰ্থাৎ পৃথিবী, পানী, জুই, বতাহ, আকাশ, জোন, আৰু বেলি ( সূৰ্য্যনাৰায়ণ)। এই এক “ওঁ” বিৰাট ভগবানৰ নানা শাস্ত্ৰত নানা নাম দি, দেব দেবী কল্পনা আৰু ব্যাখ্যা কৰে, কিন্তু বিৰাট ভগবান নিৰাকাৰ সাকাৰ চৰাচৰে সৈতে পৰিপূৰ্ণৰূপে অখণ্ডাকাৰে বিদ্যমান আছে।
বাহিৰে তেওঁৰ অঙ্গ-প্ৰত্যঙ্গ বেলেগ বেলেগ সাত ভাগে দেখা গৈছে আৰু বোধ হৈছে, কিন্তু তেওঁ সাত ভাগে বিভক্ত নহয়। ভিতৰে বাহিৰে একে বিৰাট ভগবান পৰিপূৰ্ণৰূপে অখণ্ডকাৰে বিদ্যমান আছে। যেনে তোমাৰ অঙ্গ-প্ৰত্যঙ্গ বাহিৰে বেলেগ বেলেগ দেখা গৈছে যথা হাত, ভৰি, নাক, কাণ, ইত্যাদি, কিন্তু তুমি বেলেগ বেলেগ নহয়। সমস্ত অঙ্গ-প্ৰত্যঙ্গ স্থল আৰু সূক্ষ্ম শৰীৰ সকলে গুণসহ সমষ্টি একেজন বিদ্যমান আছা। যি দৰে তুমি এক এক অঙ্গৰ এক এক শক্তিৰ দ্বাৰাই এক এক কাৰ্য্য নিষ্পন্ন কৰিছা, সেইদৰে বিৰাট ভগবানে এক এক অঙ্গ-প্ৰত্যঙ্গৰ এক এক শক্তিৰ দ্বাৰাই এক এক প্ৰকাৰ কাৰ্য্য় কৰিছে আৰু কৰাইছে। পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ভগবানৰ অঙ্গ-প্ৰত্যঙ্গ বাহিৰে সাত প্ৰকাৰ বোধ হয় যথা পৃথিবী, পানী, জুই, বতাহ, আকাশ, জোন আৰু সূৰ্য্যনাৰায়ণ, কিন্তু তেওঁ সাতোটা নহয়। তেওঁ জ্যোতিঃ নিৰাকাৰ সাকাৰ চৰাচৰে সৈতে পৰিপূৰ্ণৰূপে অখণ্ডাকাৰে একেজন বিদ্যমান আছে। তোমাৰ খং উঠিলে তোমাৰ অঙ্গ-প্ৰত্যঙ্গ সকলো খঙাল হয়, বা তুমি সন্তুষ্ট হলে সমস্ত অঙ্গ-প্ৰত্যঙ্গ সন্তুষ্ট হয়, সেইদৰে জ্যোতিঃস্বৰূপ সূৰ্য্য়নাৰায়ণ ক্ৰোধান্বিত বা সন্তুষ্ট হলে সমস্ত চৰাচৰ ক্ৰোধান্বিত বা সন্তুষ্ট হয়। যেনে “তুমি” শৰীৰৰ মাজত শ্ৰেষ্ঠ, সেইদৰে চৰাচৰৰ মাজত জ্যোতিঃস্বৰূপ সূৰ্য্যনাৰায়ণ শ্ৰেষ্ঠ। তোমাৰ সকলো ইন্দ্ৰিয়াদি তোমাৰ ইচ্ছাৰ অধীন আৰু তোমাৰ দ্বাৰাই পৰিচালিত, সেইদৰে এই চৰাচৰ জগৎ সূৰ্য্য়নাৰায়ণৰ অধীনত পৰিচালিত। শুদ্ধ, চেতন, নিৰাকাৰ কাৰণ, পৰব্ৰহ্ম সূৰ্য্যনাৰায়ণৰূপে স্বতঃ প্ৰকাশ হৈছে, সূৰ্য্য়নাৰায়ণৰ পৰা এই স্কুল চৰাচৰ জগৎ প্ৰকাশ হৈছে। যেতিয়া এই জগৎ ব্ৰহ্মাণ্ডক প্ৰলয় কৰে, তেতিয়া সূৰ্য্যনাৰায়ণ বাৰ কলা তেজোৰূপী হৈ এই স্থূল জগতক ভস্ম অৰ্থাৎ ৰূপান্তৰ বা আপোনাৰ স্বৰূপ কৰি নিৰাকাৰ নিৰ্গুণ কাৰণত স্থিতি হয়। পুনৰায় আপোন ইচ্ছানুসৰি জগৎৰূপে প্ৰকাশ হয়। এওঁৰ বাহিৰে আন কোনো পূৰ্ব্বে হোৱা নাই, বৰ্ত্তমান কালতো নাই আৰু ভবিষ্যততো কোনো হব নোৱাৰে আৰু হবৰ সম্ভাবনাও নাই, ইয়াক নিশ্চয় জানিবা। বিৰাট ব্ৰহ্ম সূৰ্য্যনাৰায়ণেই সকলো দেব দেবী। এই কাৰণেই সকলো শাস্ত্ৰত কেবল সূৰ্য্যনাৰায়ণতে সকলো দেবতা দেবী বা ঈশ্বৰৰ উপাসনা কৰাৰ ব্যবস্থা আছে।
বিবেচনা কৰা উচিত সুপাত্ৰ পুত্ৰ-কন্যাসকলে আপোনাৰ মাতা- পিতাক চক্ষুৰ আগত ভক্তিৰে নমস্কাৰ কৰিলে মাতা-পিতাৰ অঙ্গ- প্ৰত্যঙ্গৰ স্থূল, সূক্ষ্ম, সমষ্টিক নমস্কাৰ কৰা হয়। মাতা-পিতাইও চক্ষুৰে দেখি স্থূল, সূক্ষ্ম, অঙ্গ-প্ৰত্যঙ্গ সমষ্টিয়ে সৈতে সন্তোষ হয়। প্ৰত্যেক অঙ্গ-প্ৰত্যঙ্গক অৰ্থাৎ হাত পিতাক আৰু ভৰি পিতাক ভিন্ন ভিন্ন কৈ নমস্কাৰ কৰিবৰ প্ৰয়োজন নহয়। সেইদৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ নিৰাকাৰ সাকাৰ বিৰাট ভগবানৰ চক্ষু চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ মাতা-পিতাৰ সমুখে আমি সকলো সন্তানে ভক্তিৰে প্ৰণাম কৰিলে, নিৰাকাৰ সাকাৰ সকলো দেব-দেবী চৰাচৰ সমষ্টিক প্ৰণাম কৰা হয়। বেলেগ বেলেগ কল্পিত দেব-দেবীৰ নাম লৈ প্ৰণাম কৰাৰ কোনো প্ৰয়োজন নাই। যেতিয়া জ্যোতিঃস্বৰূপ ব্ৰহ্ম দিনত বা ৰাতিত সূৰ্য্য়নাৰায়ণ চন্দ্ৰমাৰূপে প্ৰত্যক্ষ প্ৰকাশিত থাকে, উদয় অস্তৰ সময়ত শ্ৰদ্ধা-ভক্তি কৰি ল'ৰা বুঢ়া আৰু ডেকা সকলোৱে নমস্কাৰ প্ৰণাম কৰিব। দিনত বা ৰাতিত যেতিয়া জ্যোতিঃস্বৰূপে প্ৰকাশ হৈ নাথাকি নিৰাকাৰ ভাবে থাকে, তেতিয়া তোমালোকে ঘৰৰ বাহিৰত কিম্বা ভিতৰত আসনৰ ওপৰত কিম্বা মাটিতে যি অবস্থাত থাকা, উত্তৰ দক্ষিণ পূৰ্ব্ব কিম্বা পশ্চিম যি দিকেই হওক ভক্তিৰে সৈতে নমস্কাৰ প্ৰণাম কৰিবা। যি ঠাইতে ভক্তিৰে নমস্কাৰ প্ৰণাম কৰিবা, সেই ঠাইৰে পৰা তেওঁ তোমালোকক দেখিবলৈ পাব। তোমালোকে তেওঁৰ তেজো গুণত ব্ৰহ্মাণ্ডৰ ৰূপ দেখিছা, তেওঁ তোমালোকক দেখিবলৈ বা জানিবলৈ নাপাইছেনে?
বেদ শাস্ত্ৰৰ মূল ত্ৰিসন্ধ্যা, ত্ৰিসন্ধ্যাৰ মূল ব্ৰহ্মগায়ত্ৰী, ব্ৰহ্মগায়ত্ৰীৰ মূল এক অক্ষৰ “ওঁ” (প্ৰণব) মন্ত্ৰ; “ওঁ” মন্ত্ৰৰ মূল পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃ- স্বৰূপ বিৰাট ভগবান চন্দ্ৰমা সূৰ্য্যনাৰায়ণ, সূৰ্য্যনাৰায়ণৰে নাম “ওঁ”। যদি সন্ধ্যা আহ্লিক নকৰি কেৱল ব্ৰহ্মগায়ত্ৰী জপ কৰে অথবা সন্ধ্যা আহ্লিক আৰু ব্ৰহ্মগায়ত্ৰী দুইকো নকৰি কেবল ওঁ মন্ত্ৰ ভক্তিৰে সৈতে জপ কৰে সকলো মন্ত্ৰ সন্ধ্যা আহ্ণিক ব্ৰহ্মগায়ত্ৰী ইত্যাদি জপ কৰা হয়, আৰু সকলো দেব-দেবীৰ উপাসনা কৰা হয়। অৰ্থাৎ নিৰাকাৰ সাকাৰ পূৰ্ণৰূপে পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবানৰ জপ উপাসন কৰা হয়। কল্পিত বেলেগ বেলেগ মন্ত্ৰজপ আৰু বেলেগ বেলেগ কল্পিত দেব- দেবীৰ উপাসনা কৰি সময় নষ্ট কৰিবৰ প্ৰয়োজন নহয়।
হে মনুষ্যসকল! সত্যপথৰ কাঁইট স্বৰূপ মান অপমান জয় পৰাজয় ইচ্ছা সামাজিক নানা কুসংস্কাৰ আৰু স্বাৰ্থ এৰি ভক্তিৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ভগবান সূৰ্য্য়নাৰায়ণক নমস্কাৰ, প্ৰণাম আৰু ধ্যান ধাৰণা কৰা আৰু এওঁৰ শৰণাগত হোৱা। সকলো দেব-দেবী পৰমেশ্বৰৰ উপাসনা কৰা হব আৰু সকলো প্ৰকাৰ আপদ-বিপদৰ পৰা মুক্ত হব। ইয়াক নিশ্চয় সত্য সত্য জানিবা।
বেদান্তত উল্লেখ আছে যে সূৰ্য্যনাৰায়ণ ঈশ্বৰৰ দুই অঙ্গ। এক নিৰাকাৰ নিগুণ অদৃশ্যভাবে আৰু এক প্ৰকাশমান জগত স্বৰূপে বিদ্যমান আছে। বেদশাস্ত্ৰত প্ৰকৃত দেব-দেবী কাক বলে তাক নাজানি, আৰু বিচাৰ নকৰি, জ্যোতিঃস্বৰূপ জগত মাতা- পিতাৰ পৰা বিমুখ হোৱাত মনুস্যসকলৰ নানা দুৰ্দ্দশা হৈছে। যথাৰ্থ মঙ্গলকাৰী ইষ্ট দেবতা যি ভিতৰে বাহিৰে অখণ্ডকাৰে পৰিপূৰ্ণৰূপে অনাদি কালৰপৰা বিৰাজমান আছে, তেওঁক এৰি কল্পিত বেলেগ বেলেগ দেব-দেবীৰ উপাসনা কৰি ভ্ৰমত পৰিছে।
————
সৃষ্টি সঁচা বা মিছা
সকলোৱে কয় যে আমাৰ ইষ্টদেৱ পৰমেশ্বৰ পূৰ্ণ আৰু সৰ্ব্ব শক্তিমান। কিন্তু যিসকলৰ স্বৰূপ-বোধ নাই, সিবিলাকে নিৰাকাৰ ব্ৰহ্মক বেলেগ আৰু সাকাৰ ব্ৰহ্মক বেলেগ বোধ কৰে। নিৰাকাৰ ব্ৰহ্ম সাকাৰ ব্ৰহ্ম চৰাচৰে সৈতে পূৰ্ণ আৰু সৰ্ব্বশক্তিমান আৰু সাকাৰ ব্ৰহ্ম নিৰাকাৰ ব্ৰহ্মে সৈতে পূৰ্ণ আৰু সৰ্ব্বশক্তিমান ৰূপে অখণ্ডা- কাৰে সৰ্ব্বকালে বৰ্ত্তমান আছে ইয়াক সিবিলাকে নাজানে। নিৰা- কাৰ ব্ৰহ্ম সাকাৰ ব্ৰহ্মক এৰি কেতিয়াও পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হব নোৱাৰে, আৰু সাকাৰ ব্ৰহ্মও নিৰাকাৰ ব্ৰহ্মক এৰি কেতি য়াও পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হব নোৱাৰে। ' নিৰাকাৰ একদেশী ব্যষ্টি আৰু সাকাৰ একদেশী ব্যষ্টি হৈ পৰে। কোনো পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হব নোৱাৰে। সুতৰাং নিৰাকাৰ উপাসকসকলৰ কিম্বা সাকাৰ উপাসকসকলৰ কাৰো পূৰ্ণ আৰু সৰ্ব্বশক্তিমান ৰূপে পৰমাত্মাৰ উপাসনা কৰা নহয়।
বিচাৰ কৰি বুজা উচিত এই চৰাচৰ জগত সত্যৰপৰা হৈছে নে মিছাৰপৰা হৈছে? যদি জগত চৰাচৰ মিছাৰপৰা হৈছে তেন্তে তুমি আৰু তোমাৰ বোধ আৰু বিশ্বাস সকলো মিছা। যদি নিজেই মিছা, ঈশ্বৰ সত্য আছে বুলি যে তুমি বিশ্বাস কৰিছা, তেওঁ কেনেকৈ সঁচা হব? কাৰ জগৎময় মিছা সৃষ্ট বস্তু। তুমি আৰু তোমাৰ বিশ্বাস আৰু যাক বিশ্বাস কৰিছা সকলো মিছা হব, কেতিয়াও সঁচা হব নোৱাৰে। যদি তুমি সত্য চৈতন্যৰপৰা হৈছা তেন্তে তুমি আৰু তোমাৰ বিশ্বাস সঁচা আৰু যাক বিশ্বাস কৰিছা তেওঁ সঁচা। কাৰণ সঁচাৰপৰা সঁচাৰ উপলব্ধি হয়, মিছাৰপৰা কেতিয়াও সঁচাৰ উপলব্ধি হব নোৱাৰে। যেনে কাৰণ স্বৰূপ সঁচা মাতা-পিতাৰপৰা পুত্ৰ কন্যা হয়, আৰু পুত্ৰ-কন্যা সঁচা স্বৰূপেই বিদ্যমান থাকে আৰু পুত্ৰ-কন্যাই নিজক সঁচা বোধ কৰি সঁচা স্বৰূপ মাতা-পিতাক সঁচা বুলি বিশ্বাস কৰে যে আমি সঁচাৰপৰা হৈ সঁচাস্বৰূপেই বিদ্যমান আছো। যদি কাৰণ স্বৰূপ মাতা-পিতাও মিছা হয় তেনে পুত্ৰ-কন্যা ও মিছা। পুত্ৰ-কন্যা মিছা হলে মাতা পিতাও মিছা। সেইদৰে কাৰণ স্বৰূপ পূৰ্ণপৰব্ৰহ্ম যদি সত্য হয় আৰু তেওঁৰে পৰা যদি জগত চৰাচৰ হৈছে তেনে তুমি সঁচাৰপৰা হৈছা আৰু সঁচা স্বৰূপেই আছা, আৰু বি বিশ্বাস কৰিছা যে সত্যস্বৰূপ ঈশ্বৰ আছে এই কথাও সঁচা। ব্ৰহ্ম একমাত্ৰ সঁচা। সত্য একৰ বাহিৰে দুই হব নোৱাৰে আৰু সঁচা কেতিয়াও মিছা নহয়। সঁচা সঁচাই থাকে কেবল পৰমাত্মাৰ ইচ্ছাত ৰূপান্তৰ হয় মাত্ৰ। নিৰাকাৰৰ পৰা সাকাৰ আৰু সাকাৰৰ পৰা নিৰাকাৰ হয়। অৰ্থাৎ কাৰণৰ পৰা সূক্ষ্ম আৰু সূক্ষ্মৰপৰা স্থূল হয়, আৰু স্থূলৰপৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা কাৰণ নিৰাকাৰ ৰূপে স্থিতি হয়। যথা সুষুপ্তি (টোপনি) অবস্থাৰ ৰূপান্তৰ স্বপ্ন, অৰু স্বপ্নৰ ৰূপান্তৰ জাগৰিত, জাগৰিতৰ ৰূপান্তৰ স্বপ্ন, স্বপ্নৰ ৰূপান্তৰ সুষুপ্তি টোপনি) তিনিও অবস্থাত তুমি একেজন থাকা। জাগৰিত অবস্থাত নানা শৰে তুমি নানা কাৰ্য্য কৰা, তাকে সৃষ্টি বুলি বুজিবা। সুষুপ্তি অৰ্থাৎ টোপনি অবস্থাত সৃষ্টি প্ৰলয় বুলি জানিব।
———
এই দেখি থকা চৰাচৰ ব্ৰহ্মাণ্ড পৰব্ৰহ্মই সৃষ্টি কৰিছে নে, নিজে সৃষ্ট হৈছে? এই কথা এই অধ্যায়ৰ আলোচনাৰ বিষয়। স্বৰূপ অবস্থা নহলে অৰ্থাৎ অজ্ঞানতা দূৰ ন’হলে ইয়াক স্থিৰকৈ বুজিব নোৱাৰি। পাঠকসকলে গম্ভীৰ আৰু শান্তচিত্তে বিচাৰ কৰি সাৰ ভাব গ্ৰহণ কৰিব। পৰমাত্মা পূৰ্ণ অপণ্ডাকাৰ সৰ্ব্বশক্তিমান অনাদি আৰু অনন্ত। যি অনন্ত সেয়ে অনাদি আৰু যি অনাদি (অৰ্থাৎ যাৰ আদি নাই) সেয়ে অসৃষ্ট অৰ্থাৎ তাৰ উৎপত্তি নাই, আৰু যি অনন্ত তাৰ অন্ত নাই। সুতৰাং পৰব্ৰহ্মৰ উৎপত্তি আৰু লয় নাই আৰু তেওঁক কোনেও সৃষ্টি কৰা নাই, সদায় নিজেই আছে। উদাহৰণ স্বৰূপ তেওঁক মহাসমুদ্ৰ ৰূপে কল্পনা কৰা। সাগৰৰপৰা নানা প্ৰকাৰ সৰু বৰ আৰু মজলীয়া অসংখ্য; টৌ, ফেন, আৰু বুদ- বুদ বেলেগ বেলেগ ৰূপে উঠে অথচ সাগৰ পানীৰ স্বৰূপত কোনো বিকাৰ কিম্বা পৰিবৰ্ত্তন নহয়। কিন্তু উপাধি ভেদে ফেন, বুদবুদ আৰু ঢৌৰ বিকাৰ আৰু পৰিবৰ্ত্তন আছে। ফেন বুদবুদ আৰু ঢৌ প্ৰভৃতিৰ যদি চেতনা থাকে, তেন্তে সিহঁতে ভাবিব পাৰে যে আমাৰ উৎপত্তি, স্থিতি আৰু লয় আছে। কিন্তু সিহঁতৰ স্বৰূপ জ্ঞান উদয় হলে সিহঁতে বুজিব পাৰিব যে সিহঁতৰ কোনো বেলেগ সত্তা নাই। সিহঁতো সাগৰৰ পানী মাত্ৰ। সাগৰৰ উৎপত্তি, স্থিতি আৰু লয় নাথাকিলে সিহতৰো উৎপত্তি, স্থিতি আৰু লয় নাই। কাৰণ সিহঁতো প্ৰকৃত পক্ষে সাগৰৰে পানী কেবল মাত্ৰ ৰূপান্তৰিত। জল- ময় সাগৰৰ উৎপত্তি, স্থিতি আৰু লয় একো নাই। যেনে আছিল তেনেই পৰিপূৰ্ণ অখণ্ডাকাবে আছে। এই দৰে ব্ৰহ্মৰ সৃষ্টি হোৱা বা কৰাৰ ভাব বুজিবা। কিন্তু সন্দেহ হব পাৰে যে, বায়ুৰ দ্বাৰাই পৰিচালিত হৈ সাগৰত ঢৌ, ফেন, বুদবুদ উঠে, সুতৰাং বায়ু সেই সকলৰ উৎপত্তিৰ কাৰণ হৈছে। এই স্থলত ব্ৰহ্মত কি কাৰণ ঘটিল যে তেওঁ এই চৰাচৰ জগত স্বৰূপে বিস্তৃত হল। তাৰ উত্তৰ এই দৰে বুজিবা, পূৰ্ণপৰব্ৰহ্ম এই স্থলত সমুদ্ৰ, তেওঁৰ ইচ্ছা শক্তি “মই বহুৰূপ হম” এয়েই সৃষ্টিৰ কাৰণ ৰূপ বায়ু বুলি জানিবা। আৰু এই ইচ্ছা শক্তিকে মায়া বা প্ৰকৃতি বোলে। জগত চৰাচৰ ফেন, বুদবুদ, ঢৌ৷
স্বৰূপ পক্ষত সমুদ্ৰৰূপী পৰমাত্মাৰ উৎপত্তি, স্থিতি, লয় একে নাই কিন্তু উপাধি ৰূপান্তৰ ভেদে তোমালোকৰ অজ্ঞানতাজনিত মনত বিকাৰ আৰু পৰিবৰ্ত্তন, সৃষ্টি, স্থিতি, লয়, প্ৰলয়, জন্ম, মৃত্যু ইত্যাদি বোধ হৈছে। জ্ঞান স্বৰূপ বোধ হলে সকলো ভ্ৰম লয় হব আৰু পূৰ্ণপৰব্ৰহ্মক কেবল অখণ্ডাকাৰে দেখিবা।
যদি কোনোৱে সোধে, যিসকল ঋষি, মুনি আৰু অবতাৰে শৰীৰ ধাৰণ কৰিছিল, আমাৰ অজ্ঞানতা দূৰ কৰিবৰ নিমিত্তে তেওঁ লোকৰ উপাসনা কৰিম নে, পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ উপাসনা কৰিম? ইয়াৰ উত্তৰত তোমালোকে নিজ নিজ চিৰবদ্ধমূল কুসংস্কাৰ মান, অপমান, জয়, পৰাজয় প্ৰভৃতি নানা সামাজিক স্বাৰ্থ এৰি বিচাৰ কৰি সাৰভাব গ্ৰহণ কৰিলে পৰমানন্দ লাভ কৰিব পাৰিবা, আৰু জগতত শান্তি স্থাপিত হব আৰু তোমালোকৰ মঙ্গলকাৰী ইষ্টৰ যথাৰ্থ উপাসনা কৰা হব। সাগৰৰ যেনে সৰু, বৰ, মজলীয়া নানা তৰহৰ ঢৌ, ফেন, বুদবুদ উঠে, পুনৰায় সাগৰতে লয় হয়, পুনৰায় উঠিছে আৰু লয় হৈছে, সেইদৰে এই ব্ৰহ্মৰূপ সমুদ্ৰত জগতৰূপ ঋষি, মুনি, অবতাৰ, ফেন, বুদবুদ, ঢৌৰূপে উঠিছে আৰু লয় হৈছে। অনাদি কালৰ পৰা এইৰূপ চলি আহিছে আৰু চলি থাকিব। ফেন, বুদবুদ, ঢৌ, সৰু, বৰ, মজলীয়া সকলো এক সাগৰৰ পৰা জন্মি এক সাগৰতে লয় হব। চিৰকাল কোনো নাই আৰু নাথাকিবও। সেইদৰে এই ব্ৰহ্ম সমুদ্ৰ ঋষি, মুনি, অব- তাৰসকল আৰু জ্ঞানী, অজ্ঞানী, মূৰ্খ, পণ্ডিত, ধনী, দৰিদ্ৰ, পশু, পক্ষী, কীট, পতঙ্গ, বৃক্ষ, লতা প্ৰভৃতি বিশ্বব্ৰহ্মাণ্ড সকলো ফেন, বুদবুদ, ঢৌৰূপে জন্মিছে, লয় হৈছে আৰু জন্মিব, লয় হব, ফেন বুদবুদাদিৰ নিচিনা কোনো চিৰকাল নাথাকিব, কেবল বিৰাট ব্ৰহ্ম সাগৰৰ নিচিনা অনাদি কালৰপৰা পৰিপূৰ্ণ অখণ্ডাকাৰে আছে সেই দৰেই থাকিব। যি স্থলত ফেন, বুদ বুদ, টৌ, প্ৰভৃতি একে বস্তু সি স্থলত এটা ফেন, বুদবুদে, মুক্তি পাবৰ নিমিত্তে আন এটা ফেন, বুদবুদৰ দৰে উপাসনা কৰে সি কেতিয়াও তাক মুক্তি দিব নোৱাৰে। কাৰণ সিহঁত পৰস্পৰ একে বস্তু, একৰেপৰা জন্ম হৈছে। কিন্তু সাগৰে মুক্তি দিব পাৰে, সাগৰৰ সেই ক্ষমতা আছে। সৰু, বৰ, মজলীয়া যেনে তৰহৰ ঢৌ, ফেন, বুদ বুদ হওক সাগৰে ইচ্ছা মাত্ৰেই অপোনাৰ ৰূপ কৰি লব পাৰে। সেই দৰ ফেন, বুদ বুদৰূপী ঋষি, মুনি অবতাৰসকলক উপাসনা কৰিলে কোনো ফল নাই আৰু প্ৰয়োজনো নাই। ডাঙৰ ফেন, বুদ বুদ, ঢৌক অবতাৰ বুলি জানিবা। মজ- লীয়াক ঋষি মুনি, আৰু সৰুবিলাকক তোমালোক সকলো পৰুৱা পিপৰা পৰ্য্য়ন্তক জানিবা যেতিয়া তেওঁলোক জগতত স্থূল শৰীৰ ধাৰণ কৰি বৰ্ত্তমান থাকে, তেতিয়া তেওঁলোকৰপৰা প্ৰীতি আৰু ভক্তি কৰি সৎ উপদেশ গ্ৰহণ কৰিব লাগে। যেতিয়া তেওঁবিলাক ফেন, বুদ বুদৰ নিচিনা সমুদ্ৰৰূপী পৰমাত্মাত লয় পায়গৈ, আৰু পৃথক অস্তিত্ব নাথাকে, তেতিয়া তেওঁবিলাকৰ পৃথক উপাসনা ভক্তি কৰিবৰ অবশ্যক নাই। কেবল সমুদ্ৰৰূপী নিবাকাৰ সাকাৰ অখণ্ডাকাৰ পূৰ্ণপৰব্ৰহ্ম, জ্যোতিঃস্বৰূপ বিৰাট পৰমাত্মাৰ উপাসনা কৰিবা। কাৰণ তেওঁহে একমাত্ৰ জ্ঞান আৰু মুক্তি দিব পাৰে। স্ত্ৰী পুৰুষ সকলোৰে এই বিষয় বুজা কৰ্ত্তব্য।
——
জড় আৰু চেতন
হে মনুস্যসকল। নিজৰ মান অপমান, জয় পৰাজয় সামা- জিক স্বাৰ্থ এৰি, গম্ভীৰ আৰু শান্ত হৈ সাৰভাব গ্ৰহণ কৰিবা। যাতে তোমালোকৰ নিজৰ মঙ্গলকাৰী ইষ্ট দেবতাক চিনি তেওঁত নিষ্ঠা ৰাখি সকলোৱে পৰমানন্দে আনন্দৰূপ থাকিব পাৰা। আস্তিক বুদ্ধিযুক্ত অনেকে মুখে বোলে যে, এক পূৰ্ণ সৰ্ব্ব-শক্তিমান চেতন ব্যতীত দ্বিতীয় কোনো আকাশত নাই আৰু হবৰ সম্ভাবনাও নাই। নিৰাকাৰ সাকাৰ মঙ্গলময় একে বিৰাট পুৰুষ চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ, চৰাচৰে সৈতে অনাদি কালৰপৰা স্বতঃ প্ৰকাশ হৈ বিৰাজমান আছে আৰু সদায় থাকিব।অথচ এই মঙ্গলকাৰী বিৰাট পুৰুষ চন্দ্ৰমা সূৰ্য্য়নাৰায়ণ জ্যোতিঃ-স্বৰূপক লোকে জড় বুলি ভাবে। বিচাৰ নকৰি আপাতদৃষ্টিত অথবা পৰৰ কথা শুনি কোনো বিষয় ধাৰণা কৰা উচিত নহয়।
সকলোৰে বুদ্ধি আছে বিচাৰ কৰি সত্য নিৰ্ণয় কৰি ধাৰণা কৰা উচিত, নতুবা তোমাৰ কাণ কাউৰীয়ে নিলে এই কথা পৰৰ মুখে শুনি, কাণত হাত নিদি, কাউৰীৰ পিছে পিছে লৰা বুদ্ধিমান জীবৰ কাৰ্য্য নহয়। চৈতন্যময় মঙ্গলকাৰী জগতৰ মাতা-পিতা চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ বিৰাট পুৰুষক তুমি জড় বোলা বা বোধ কৰা। বিচাৰ কৰি দেখা তুমি নিজে জড় নে চেতন?যদি বোলা তুমি জড়, তেনে জড়ৰ কোনো বোধাবোধ নাই আৰু বিচাৰ কৰিবৰ ক্ষমতাও নাই। তুমি নিদ্ৰাবস্থাত জড়ৰূপে থাকা,কিন্তু তোমাৰ বোধাবোধ আৰু বিচাৰ কৰিবৰ ক্ষমতা আছে,তেনে তুমি কি প্ৰকাৰে জড় হবা? যদি বোলা তুমি চেতন,তেনে জগতত এক অখণ্ডকাৰ চেতনৰ বাহিৰে দ্বিতীয় চেতন কোনো নাই। যদি বোলা তুমি নিৰাকাৰ “চৈতন্য, তেনে নিৰাকাৰ ব্ৰহ্মত জ্ঞান, অজ্ঞান, বিজ্ঞান, বা জাগৰিত, স্বপ্ন, সুষুপ্তি এই তিনি অৱস্থা নাই। যদি বোলা জাগৰিত অবস্থাত “তুমি” নিৰাকাৰ তেনে তুমি জাগৰিত অৱস্থাত নিৰাকাৰ বৰ্ত্তমান আছা, পাছে স্বপ্নাবস্থাতো কি তুমি নিৰাকাৰ? আৰু সুষুপ্তি (টোপনি) অৱস্থাতে কি তুমি নিৰাকাৰ? তেনে নিৰাকাৰ কেইটা?নিৰাকাৰ একৰ বাহিৰে দুই নাই আৰু তেওঁত কোনো অবস্থাৰ পৰিৱৰ্ত্তন হোৱা অসম্ভব। যি নিৰাকাৰ তেওঁ নিৰ্গুণ, মনবাণী আৰু জ্ঞানাতীত, তাত চেতনাচেতন বোধাবোধ প্ৰভৃতি বিচাৰ নাই, যি দৰে তোমাৰ সুষুপ্তি (টোপনি) অৱস্থাত হয়। যেতিয়া ‘মই’ আছো এই জ্ঞান নাথাকে তেতিয়া বিচাৰাদি কি প্ৰকাৰে হব? কিন্তু তোমাত চেতনাচেতন ভাব আছে, আৰু তিনি অবস্থা নিতৌ ঘটিছে বুলি নিশ্চয় জানিছা, ই কি নিৰাকাৰত ঘটিছে?
যদি বোলা তুমি সাকাৰ, আৰু সেই সাকাৰ ব্ৰহ্মত এই তিনি অবস্থা ঘটিছে, তেনে এই বিৰাট ব্ৰহ্ম নিৰাকাৰ সাকাৰ তোমালোকে সৈতে চৰাচৰক লৈ সদায় বিদ্যমান আছে। পৃথিবী,পানী, জুই, বতাহ, আকাশ, চন্দ্ৰমা, সূৰ্য্যনাৰায়ণ জ্ঞাননেত্ৰ, এই সমস্ত তেওঁৰ অঙ্গ-প্ৰত্যঙ্গ, স্থূল, সূক্ষ্ম, শৰীৰ। ইয়াৰ ভিতৰত তুমি কি? কোনো এক অঙ্গ নে সমষ্টি? যদি বোলা তুমি এক অঙ্গ,তেনে তুমি কোন অঙ্গ—পৃথিবী, পানী, বতাহ অথবা জ্যোতিঃ?যদি বোলা তুমি পৃথিবী, তেনে তুমি হাড়, মঙ্গহ প্ৰভৃতি মাত্ৰ।যদি বোলা তুমি পানী, তেনে তুমি তেজ, ৰস, নাড়ী। যদি বোলা তুমি জুই, তেনে অগ্নিৰ দ্বাৰাই ভোক, পিয়াহ লাগিছে,অন্ন পৰিপাক আৰু বাক্য উচ্চাৰণ হৈছে মাত্ৰ। যদি বোলা তুমি প্ৰাণ বায়ু, তেনে প্ৰাণবায়ু থকাতো ঘোৰ টোপনিত তুমি অচেতন থাকা। যদি বোলা তুমি জ্যোতিঃ, তেনে জ্যোতিয়েই চেতন এই কথা স্বীকাৰ কৰা হল, আৰু বিচাৰ সমাপ্ত হল। যদি বোলা তুমি সমষ্টি, তেনে যেতিয়া তোমাৰ সুষুপ্তি (টোপনি) অৱস্থা ঘটে, তেতিয়া স্থূল শৰীৰ বিৰাট পৰি থাকে আৰু প্ৰাণ চলি থাকে কিন্তু সি থকাতো চেতনা নাথাকে। এতিয়া বুজি চোৱা পঞ্চতত্ত্ব বেলেগ বেলেগ হৈও চেতন নহয়, আৰু পঞ্চতত্ত্বৰ সমষ্টিতো চেতন নহয়। তেনে চেতনা কি তাকে ভাবি চোৱা। যাৰ অনুপস্থিতিত তুমি নিদ্ৰা কালে অচেতন ভাবাপন্ন হোৱা সেই জনেই চেতনা। তেওঁ কোন? যদি বোলা তুমি নাজানা, যদি তুমি নিজৰ চেতনাকে নাজানা বা নিচিনা, তেনে জ্যোতি:স্বৰূপ বিৰাট পুৰুষত চেতনা আছে নে নাই এই কথা কি প্ৰকাৰে নিৰ্ণয় কৰিবা? এই কাৰণেই তোমালোক অজ্ঞান হৈ পুঞ্জীভূত চৈতন্যস্বৰূপ জ্যোতিৰ্ম্ময় চেতনাত তোমালোক জীবমাত্ৰ চেতন হৈ আছা যাৰ চেতন শক্তিৰ সঙ্কুোচত তোমালোক নিদ্ৰাত অচেতন থাকা সেই পুঞ্জীভূত চেতনা জ্যোতিৰ্ম্ময়ক জড় বোলা?
তোমাৰ নিজৰ জ্ঞান হোৱা নাই যে কাৰ গুণৰ প্ৰকাশত বোধ হৈছে যে “মই” আছো, আৰু নিদ্ৰাত কাৰ গুণৰ অভাৱত তোমাৰ বোধাবোধ নাথাকে, নিষ্ক্ৰিয় থাকা, অথচ পূৰ্ণপৰব্ৰহ্ম সৰ্ব্বশক্তিমান চৈতন্য সকলোতে বিৰাজমান আছে, ইয়াক স্বীকাৰ কৰিও ইফালে জ্যোতি:স্বৰূপ চেতন পুৰুষক জড় ভাবনা কৰা। তোমাৰ এই বোধ নাই যে, যি পুৰুষ ভিতৰত চৈতন্য সেই জনেই বাহিৰত জ্ঞান জ্যোতিঃৰূপে প্ৰকাশিত থাকি বাহিৰৰ প্ৰকাশ গুণ দ্বাৰাই ৰূপ ব্ৰহ্মাণ্ড দৰ্শন কৰাইছে, আৰু ভিতৰত চেতন গুণ দ্বাৰাই বোধ কৰাইছে যে “মই” আছো। তেওঁ যেতিয়া বাহিৰৰ সেই প্ৰকাশ গুণ সঙ্কোচ কৰে তেতিয়া ৰূপ দৰ্শন কৰিব নোৱাৰিছা। কিন্তু এন্ধাৰ ঘৰত তুমি চেতন পুৰুষ থাকা, বোধ কৰা যে “মই” আছো। এই চেতন গুণ বা শক্তিৰ সঙ্কোচ কৰি যেতিয়া নিৰাকাৰ নিৰ্গুণ কাৰণ ৰূপত স্থিতি হয়, তেতিয়া তোমাৰ নিদ্ৰাবস্থা বা নিষ্ক্ৰিয় ভাবোদয়,হয়,সমস্ত ব্যৱহাৰ সমাপ্ত থাকে। কেবল স্থুল শৰীৰ ৰক্ষাৰ নিমিত্তে পৰমাত্মাই শৰীৰত প্ৰাণ শক্তি ৰাখে। ই থকাত তেজ চলাচল হয়, নাথাকিলে তেজ বন্ধ হৈ গোট মাৰি স্থুল শৰীৰ পচি যায়। যেনে, তেলত আচাৰ থাকিলে নপচে, সেই দৰে প্ৰাণ শক্তি থকিলে শৰীৰ নপচে। এই কাৰণে পৰমাত্মাই স্থুল শৰীৰত মৃত্যুকাল পৰ্য্যন্ত প্ৰাণশক্তি ৰাখে। এই শক্তিৰ সঙ্কোচ হলে শৰীৰৰ মৃত্যু অৱস্থা হয়। মৃত্যু আৰু নিদ্ৰাৰ মাজত এইমাত্ৰ ভেদ যে নিদ্ৰাত প্ৰাণ শক্তি থাকে, মৃত্যুত নাথাকে। যেনে জুই বৰ্ত্তমানে তাৰ সকলো ক্ৰিয়া বৰ্ত্তমান থাকে, জুই নুমালে সমস্ত ক্ৰিয়া কাৰণত স্থিতি হয়। সেই দৰে জীবাত্মাৰ বৰ্ত্তমানত সকলো ক্ৰিয়া হয় আৰু কৰিছা। নুমালে সকলো ক্ৰিয়া কাৰণত স্থিতি হব ,যেনে, নিদ্ৰা-বস্থাত হয়। যি জ্যোতিঃ তেৱেঁই তেজঃ, সি তেজঃ তেৱেঁই জ্ঞান,যি জ্ঞান তেৱেঁই জ্যোতিঃ।
যেনে, ছিপাহীৰ মাজত পহৰা বদলিৰ নিয়ম আছে, সেইদৰে শৰীৰৰ মাজত যি ব্ৰহ্মশক্তি অসংখ্য প্ৰকাৰে কাৰ্য্য কৰিছে,তাৰ সকলো শক্তিকে পালি নিয়মে বিশ্ৰাম দিয়া হয়। নিদ্ৰা-বস্থাত প্ৰাণশক্তিকো বিশ্ৰাম দিয়া হয়। এই কাৰণে সোঁও নাকে উশাহ ব’লে বাও নাকৰ উশাহ নচলে, আৰু বাও নাকে উশাহ ব'লে সোঁও নাকে নচলে। বাঁও নাকৰ উশাহৰ প্ৰাণ চন্দ্ৰমা জ্যোতিঃ সোঁও নাকৰ প্ৰাণ সূৰ্য্যনাৰায়ণ। এই দুই জ্যোতিঃস্বৰূপ একে বিৰাট পুৰুষকে, বৈষ্ণবসকলে যুগলৰূপ, তাত্ত্বিকসকলে প্ৰকৃতি পুৰুষ বোলে। কিন্তু মানুহে অজ্ঞানবশতঃ নিচিনে যে এই দুই নাম কাৰ? অজ্ঞানবশতঃ তোমালোকে নিজক ভিতৰত চেতন বুলি স্বীকাৰ কৰা, কিন্তু তেজোৰূপ জ্যোতিঃ বুলি স্বীকাৰ নকৰা। আৰু বাহিৰৰ যি তেজোৰূপ জ্যোতিঃ প্ৰত্যক্ষে দেখিছা তাক প্ৰকাশ বুলি স্বীকাৰ কৰা, কিন্তু চেতন জ্ঞান স্বৰূপ বুলি স্বীকাৰ নকৰা। তোমালোকৰ মনত এই ভেদ আছে দেখি কষ্ট ভোগ কৰিছা। যি জন ভিতৰত চেতনৰূপ, সেই জনেই বাহিৰত তেজোময় জ্যোতিঃস্বৰূপ প্ৰকাশনন। যি জন বাহিৰত তেজোময় প্ৰকাশমান, সেই জনেই ভিতৰত চেতনাৰূপে আছে। যি জন বাহিৰত, সেই জন ভিতৰত, যি জন ভিতৰত, সেই জনেই বাহিৰত,এই দুইৰো মাজত কোনো ভেদ নাই। যাৰ এনে অবস্থা বোধ আছে, তেওঁৰে জ্ঞান আছে। যাৰ জ্ঞান আছে তেওঁৰ শান্তি আছে। যাৰ বস্তু বোধ নাই, তেওঁৰ জ্ঞান নাই,যাৰ জ্ঞান নাই তেওঁৰ শান্তি নাই।
তোমালোকৰ ইন্দ্ৰিয় আৰু বুদ্ধিৰ দ্বাৰাই স্থূলৰূপে যতদূৰ বুজিব পাৰা, ততদূৰ পৰ্য্যন্ত স্থল, সূক্ষ্ম বস্তু ভিতৰত বাহিৰত একেকৈ দেখা বা এওঁৰ শৰণাগত হোৱা, তেতিয়া বুজিব পাৰিবা। যি তোমাত আছে সেয়ে ব্ৰহ্মাণ্ডৰ সৰ্ব্বত্ৰতে আছে। যি তোমাত নাই সি ব্ৰহ্মাণ্ডৰ কোনো ঠাইতে নাই আৰু হবও নোৱাৰিব। ব্ৰহ্মাণ্ডত যি কিছু আছে সি তোমাত আছে।
বিৰাট পুৰুষৰ স্থুল চৰণ পৃথিবী বাহিৰত দেখিছা তোমাৰ ভিতৰত হাড়, মঙ্গহ দেখা। তেওঁৰ ৰক্ত, ৰস, নাড়ী, পানী বাহিৰত দেখিছা, ভিতৰত তোমাৰ ৰক্ত, ৰস, নাড়ী দেখা। তেওঁৰ মুখ জুই বাহিৰত দেখিছা, ভিতৰত তোমাৰ শৰীৰত পিয়াহ লাগিছে—আহাৰ পৰিপাক কৰা শক্তি দেখা। তেওঁৰ প্ৰাণবায়ু বাহিৰত দেখিছা, ভিতৰত তোমাৰ শ্বাস, প্ৰশ্বাস প্ৰাণ বায়ু চলিছে দেখা। তেওঁৰ মস্তক আকাশ বাহিৰত সকলো ঠাইতে দেখিছা,তোমাৰ ভিতৰত মুকলি আকাশ আৰু কাণৰ ছিদ্ৰ যিহেৰে শুনিছা তাক দেখা, অতদূৰ পৰ্য্যন্ত তুমি স্পষ্ট দেখিছা আৰু বুজিছা।কিন্তু তুমি নিজে কোন, কি বস্তু আৰু তোমাৰ মন বুদ্ধি কি যাৰ দ্বাৰাই তুমি বুজিছা তাক জনা নাই। অতএব তুমি বিচাৰ কৰি দেখা, এই যে আকাশত চন্দ্ৰমা (জোন) জ্যোতি: দোখিছা,যি বাহিৰত বিৰাট পুৰুষৰ মন আৰু ভিতৰত তোমাৰ মন, যাৰ দ্বাৰাই সংকল্প বিকল্প কৰিছা আৰু আমাৰ তোমাৰ ইত্যাদি বুজিছা। আৰু এই যে আকাশত সূৰ্য্যনাৰায়ণ (বেলি) দেখিছা এওঁ বাহিৰত বিৰাট পুৰুষৰ আত্মা অৰ্থাৎ পৰমাত্মা আৰু ভিতৰত তুমি তোমাৰ বুদ্ধি আৰু চৈতন্য বা জীবাত্মা যি “তুমি” ৰূপে চেতন হৈ বিচাৰ-পূৰ্ব্বক সৎ অসৎ নিৰ্ণয় কৰিছা আৰু চক্ষু-দুৱাৰে ৰূপ, কাণ-দুৱাৰে শব্দ, নাক, দুৱাৰে গন্ধ, আৰু জিভা-দুৱাৰে ৰস গ্ৰহণ কৰিছা।
নিতৌ। তোমাৰ তিনটী অৱস্থা ঘটিছে। জাগৰিত, স্বপ্ন, সুষুপ্তি (টোপনি)। জাগৰিতত তোমাৰ অৰ্থাৎ বিৰাট পুৰুষৰ ৰূপ সূৰ্য্যনাৰায়ণ। স্বপ্নত চন্দ্ৰমা জ্যোতিঃ, প্ৰকাশ থকাতো কতকাংশ এন্ধাৰ, যেনে, তোমাৰ স্বপ্নাৱস্থাত চেতন আছে অথচ নাই। সুষুপ্তি (টোপনি) অবস্থা, এন্ধাৰ অমাবস্যাৰ ৰাতি, গুণ ক্ৰিয়া সমাপ্তি। এই তিনি অবস্থাৰ পৰিবৰ্ত্তন থকাতো তিনিয়ো অবস্থাতে পুৰুষ তুমি একে থাকা। স্বৰূপত “তুমি” যি সেয়ে থাকা। এই তিনি অবস্থাত “তোমাৰ” কোনো পৰিবৰ্ত্তন নঘটে। সেইদৰে চন্দ্ৰমা সূৰ্য্য়নাৰায়ণ জ্যোতিঃস্বৰূপ বিৰাট পুৰুষ সকলো কালত একেই পুৰুষ বিদ্যমান থাকে। উদয় অস্ত প্ৰত্যক্ষ অপ্ৰত্যক্ষ ৰূপে দেখাতো চৈতন্য স্বৰূপ চৰাচৰ শ্ৰী পুৰুষ তোমালোকে সৈতে
অসীম অখণ্ডকাৰ একে পুৰুষ সৰ্ব্বকালে বিদ্যমান আছে।
এই কথাত তোমালোকৰ মনত আশঙ্কা হব পাৰে যে, নিৰা- কাৰ বস্তুক এৰা হৈছে। কিন্তু এনে আশঙ্কা অমূলক। যি সাকাৰ সেই জনেই নিৰাকাৰ আৰু যি জন নিৰাকাৰ সেই জনেই সাকাৰ বস্তু। তেওঁ তোমালাক চৰাচৰে সৈতে সদায় অভেদৰূপে বিদ্যমান আছে। সাকাৰ নিৰাকাৰ বস্তু নহয়, ভাব মাত্ৰ। নিৰাকাৰ কাৰণ ভাব। সাকাৰ কাৰ্য্য ভাব। বস্তু দুয়ো এক। কাৰ্য্য নাথাকিলে কাৰণ আৰু কাৰণ নাথাকিলে কাৰ্য্য নাথাকে। যি পিতা নিদ্ৰা- বস্থাত টোপনি) নিষ্ক্ৰিয়ভাবে থাকে, তেৱেঁই জাগৰিত হৈ সকলো কাৰ্য্য় কৰে, উভয় অৱস্থাত পুৰুষ একেজন। এইদৰে নিৰাকাৰ সাকাৰ একে পুৰুষ। তেওঁ নিৰাকাৰভাবে কোনো কাৰ্য্য় নকৰে, সাকৰে বিৰাট জ্যোতিঃভাবে নাম ৰূপ জগত বিস্তাৰ হয়, আৰু অনন্ত শক্তিৰে অনন্ত কাৰ্য্য় সম্পন্ন কৰে। তোমালোকে ইয়াত কোনো দ্বিধা নকৰিবা। নিৰাকাৰ সাকাৰ চৈতন্যময় পূৰ্ণভাবে তেওঁক ধাৰণা কৰা।
⸻
লিঙ্গাকাৰ
শাস্ত্ৰত শিৱৰ অৰ্থাৎ পূৰ্ণপৰব্ৰন্ধ জ্যোতিঃস্বৰূপৰ তিনি পাঁচ,আৰু আঠ মুৰ্ত্তি লিঙ্গ শৰীৰৰ বিষয় লেখা আছে। কাৰণ লিঙ্গ, সূক্ষ্ম লিঙ্গ,আৰু স্থুল লিঙ্গ। কাৰণ লিঙ্গ নিৰাকাৰ, নিৰ্গুণ, মনবাণীৰ অতীত। সূক্ষ্ম লিঙ্গ জ্যোতিঃস্বৰূপ চন্দ্ৰমা (জোন) আৰু সূৰ্য্য়নাৰায়ণ (বেলি),স্থুল লিঙ্গ চৰাচৰ স্ত্ৰী পুৰুষ প্ৰভৃতিৰ স্থুল শৰীৰক স্থুল লিঙ্গ বুলি
জানিবা। এই স্থূল লিঙ্গ চৰাচৰ, সূক্ষ্ম লিঙ্গ সূৰ্য্যনাৰায়ণত মিহলি হব। আৰু সূক্ষ্ম লিঙ্গ জ্যোতি স্বৰূপ সৰ্য্যনাৰায়ণ কাৰণ লিঙ্গ নিৰাকাৰ নিৰ্গুণৰূপে স্থিতি হব। পৃথিবী, জল (পানী), অগ্নি (জুই),বায়ু (বতাহ), আকাশ, পঞ্চতত্ত্বকে পঞ্চ লিঙ্গ বোলে।
পৃথিবী, পানী, জুই, বতাহ, আকাশ, চন্দ্ৰমা, সৰ্য্যনাৰায়ণক অহঙ্কাৰে সৈতে অষ্ট শিব মূৰ্ত্তি বোলে, যথা, “ক্ষিতিমুত্তায় নমঃ,” “জলমূৰ্ত্তায় নমঃ” ইত্যাদি। ইয়াকে শিবৰ অৰ্থাৎ পৰব্ৰহ্মৰ লিঙ্গাকাৰ বোলে।
বিনশ্বৰ, অবিনশ্বৰ, অনুলোম, বিলোম
বিনশ্বৰ অৰ্থাৎ মিছাৰ পৰা কেতিয়াও সচা হব নোৱাৰে। সুতৰাং মিছাৰ পৰা কেতিয়াও সৃষ্টি হব নোৱাৰে। আৰু অবিনশ্বৰ অৰ্থাৎ সঁচা কেতিয়াও মিছা হব নোৱাৰে। সঁচা সচাই থাকে, আৰু এক ব্যতীত দুই হব নোৱাৰে। সত্যৰ পৰা সকলো উৎপত্তি আৰু সকলো প্ৰকাৰ ভাব হব পাৰে। এক মাত্ৰ সত্য স্বৰূপ পৰমাত্মা সৰ্ব্বশক্তিমান পৰিপূৰ্ণৰূপে বিদ্যমান আছে, সেই জনেই এক মাত্ৰ সত্য অবিনশ্বৰ। অবিনশ্বৰ সত্য বস্তু প্ৰমাত্মাক বোলে। বিনশ্বৰ মিছা নামৰূপ উপাধিক বোলে। সত্যস্বৰূপ নিৰাকাৰ পৰব্ৰহ্মই হে কাৰণ সূক্ষ্ম, স্থূল, জগত স্বৰূপ নাম ৰূপে বিদ্যমান আছে। এই জগত নানা নামৰূপ স্থূল, সূক্ষ্মত লয় হয়, আৰু সূক্ষ্ম কাৰণত স্থিতি হয়। এই সাকাৰ জগত স্বৰূপ দৃশ্যমান পদাৰ্থ, যি কাৰণ পৰব্ৰহ্মৰ পৰা নানা নাম, ৰূপ, ভিন্ন ভিন্ন বোধ হৈছে, সেই কাৰণত নিৰা
কাৰ ভাবে স্থিতি হব। অজ্ঞানী মানুহে নুবুজি, এই দেখি থকা বিনশ্বৰ স্থূল জগতক মিছা অৰ্থাৎ অস্তিত্ব ৰহিত বোলে। কিন্তু বিনশ্বৰ মিছা নহয়, অৰ্থাৎ অস্তিত্ব ৰহিত নহয়। সঁচাৰ পৰা হৈছে কি প্ৰকাৰে মিছা হব? কেবল ৰূপান্তৰ হয় মাত্ৰ। স্থূল বস্তু জুইৰ সংযোগত জুই ৰূপ হয়, জুই নুমাই বতাহ স্বৰূপ হয়, বতাহ নিস্পন্দ হৈ আকাশ স্বৰূপ হয়, আকাশৰ শব্দ নিষ্পদ হৈ মহাকাশ হয়, মহাকাশৰ পৰা অৰ্দ্ধমাত্ৰা, অৰ্দ্ধমাত্ৰাৰ পৰা বিন্দু, আৰু বিন্দু কাৰণ পৰব্ৰহ্মত স্থিতি হয়। ইয়াকে শাস্বত বিলোম বোলে। অনুলোম অৰ্থাৎ নিৰাকাৰ পৰব্ৰহ্মৰ পৰা বিন্দুস্বৰূপ, বিন্দুৰ পৰা অৰ্দ্ধমাত্ৰা, অৰ্দ্ধমাত্ৰাৰ পৰা মহাকাশ, মহাকাশৰ পৰা আকাশ, আকাশৰ পৰা বতাহ, বতাহৰ পৰা জুই, জুইৰ পৰা পানী, পানীৰ পৰা পৃথিবী হয়। এই প্ৰকাৰ বিস্তাৰ হোৱাক শাস্ত্ৰত অনুলোম বোলে। এই সমস্তৰ পৰা সকলো চৰাচৰ স্ত্ৰী পুৰুষ বিৰাট ভগবানৰ সূক্ষ্ম আৰু স্থূল শৰীৰ সজা হৈছে। যথা, পৃথিবীৰ পৰা সকলো চৰাচৰ স্ত্ৰী পুৰুষৰ হাড় আৰু মঙ্গহ হৈছে। পানীৰ পৰা তেজ, ৰস আৰু নাড়ী হৈছে। জুইৰ পৰা ভোক লাগি আহাৰ কৰিছে, অন্ন পৰি- পাক হৈছে। বতাহৰ পৰা শ্বাস-প্ৰশ্বাস চলিছে আৰু কথা কৈছে। আকাশৰ পৰা কাণৰ বাটে শব্দ শুনিছে। মহাকাশৰ পৰা সকলোকে ধাৰণ কৰিছে। অৰ্দ্ধমাত্ৰা চন্দ্ৰমা জ্যোতিৰ পৰা মনৰ দ্বাৰাই সকলো বুজিছে, আৰু দিন ৰাতি সঙ্কল্প বিকল্প উঠিছে। আৰু বিন্দুৰূপ সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ, তোমাৰ মস্তকৰ ভিতৰত বাহিৰত বিদ্য-মান আছে,তেওঁৰপৰা চেতন হৈ চকুৰ দুৱাৰে ব্ৰহ্মাণ্ড ৰূপ দেখিছা আৰু সৎ অসৎ বিচাৰ কৰিছা। আৰু তুমি আৰু সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ এক অভেদ হৈ নিৰাকাৰ নিৰ্গুণ কাৰণত স্থিতি হৈছা। এই দৰে বিৰাট পুৰুষৰ প্ৰকাশ অপ্ৰকাশ ৰূপান্তৰ উপাধি ভাবক বিনশ্বৰ, অবিনশ্বৰ, অনুলোম, আৰু বিলোম ভাব বুজিবা। স্বৰূপ পক্ষে বিৰাট পুৰুষ পৰমাত্মা চৰাচৰ তোমালোকে সৈতে অনাদি স্বতঃ বিদ্যমান যেনে তেনেই আছে। স্বৰূপত বিনশ্বৰ, অনুলোম, বিলোম কোনো কালে হোৱা নাই আৰু হবৰ সম্ভাবনাও নাই।
⸻
দ্বৈত আৰু অদ্বৈত নিৰ্ণয়
বেদ, বাইবেল, কোৰাণ, প্ৰভৃতি সকলো শাস্ত্ৰৰে উদ্দেশ্য এক মাত্ৰ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ অস্তিত্ব স্বীকাৰ কৰা। আৰু লিখা আছে যে এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হবৰ পূৰ্ব্বে, কেবল এক মাত্ৰ ব্ৰহ্ম আছিল, তেওঁৰে পৰা এই জগত ব্ৰহ্মাণ্ড বিস্তাৰ হৈছে।
আপোন আপোন মান, অপমান, জয়, পৰাজয়, পক্ষপাত, সামাজিক স্বাৰ্থপৰতা পৰিত্যাগপূৰ্ব্বক নিৰাকাৰ, সাকাৰ আৰু দ্বৈত, অদ্বৈত প্ৰভৃতি নানা উপাধি এৰি বিচাৰপূৰ্ব্বক গম্ভীৰ আৰু শান্ত- ৰূপে এই সকলো বিষয়ৰ সাৰভাব গ্ৰহণ কৰি পৰমানন্দে আনন্দৰূপে থাকিবৰ চেষ্টা কৰা। লোকে কেবল অজ্ঞানতাবশতঃ দ্বৈত, অদ্বৈত, নিৰাকাৰ, সাকাৰ, নিৰ্গুণ, সগুণ আৰু পঞ্চোপাসনা ইত্যাদি নানা প্ৰকাৰ উপাধি লৈ আপোনাৰ যথাৰ্থ মঙ্গলকাৰী ইষ্ট দেবতাৰ পৰা বিমুখ হৈ সদায় পৰস্পৰ বিৰোধ কৰি কেবল মনত অশান্তি ভোগ কৰি কষ্ট পাইছে আৰু পৰস্পৰে পৰস্পৰক কষ্ট দিছে। যথাৰ্থ পক্ষে কোনেও আপোনাৰ মঙ্গলকাৰী ইষ্ট দেবতাক নিৰাকাৰ নিৰ্গুণ
অদ্বৈত, সাকাৰ সগুণ দ্বৈতভাবে উপাসনা নকৰে। কেবল মাত্ৰ আপোন পক্ষ সমৰ্থনৰ নিমিত্তে শব্দাৰ্থ লৈ তৰ্ক বিতৰ্ক আৰু বিৰোধ কৰি জগতৰ অমঙ্গলৰ কাৰণ হৈছে। নিজেও ভ্ৰষ্ট হৈছে আনকো সত্য ধৰ্ম্মৰ পৰা ভ্ৰষ্ট কৰিছে, কোনেও সাৰবস্তুৰ ফালে লক্ষ্য নাৰাখে। কিন্তু যি ভক্তই আপোনাৰ ইষ্টদেব পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু মাতা-পিতাক নিৰাকাৰ, নিৰ্গুণ, অদ্বৈতভাবে অথবা সাকাৰ, সগুণ, দ্বৈতভাবে, যি ভাবেই হওক যথাৰ্থ সাৰ বস্তু পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ প্ৰতি লক্ষ্য ৰাখি ভক্তিৰে উপাসনা কৰিব তাৰ অজ্ঞানতা আৰু ভ্ৰম দূৰ হবই হব আৰু তেওঁ নিশ্চয়ে শান্তি পাব, কাৰো সৈতে বিৰোধ নেথাকিব আৰু তেওঁৰ পৰা জগতৰ মঙ্গল ব্যতীত কেতিয়াও অমঙ্গল নহব।
স্বৰূপ পক্ষত পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপত দ্বৈত বা অদ্বৈত, নিৰাকাৰ বা সাকাৰ, নিৰ্গুণ বা সগুণ প্ৰভৃতি উপাধি একেবাৰেই নাই। তেওঁ অনাদি কালৰে পৰা পৰিপূৰ্ণৰূপে অখণ্ডাকাৰে অনাদি অনন্তৰূপে যেনে তেনেই বিদ্যমান আছে। কেবলমাত্ৰ জ্ঞানী লোকে অজ্ঞান অবস্থাত থকা লোকসকলৰ উপাসনা কৰি জ্ঞান আৰু মুক্তি হবৰ নিমিত্তে দ্বৈত বা অদ্বৈত নিৰাকাৰ বা সাকাৰ নিৰ্গুণ বা সগুণ আদি ভাব জ্যোতিঃস্বৰূপ মাতা-পিতাত কল্পনা কৰিছে। পাছে জ্ঞান হলে নিজেই সাৰ ভাব বুজি লব। যেনে পিতাৰ পৰা পুত্ৰ-কন্যাৰ জন্ম হয়, কিন্তু যেতিয়া পুত্ৰ-কন্যাৰ জন্ম হোৱা নাই তেতিয়া পিতা যি বস্তু সেয়েই আছিল, তাৰ মাজত দ্বৈত বা অদ্বৈত ভাব নাছিল, পিতা শব্দ নাম নাছিল, আৰু পুত্ৰ-কন্যা শব্দ নাম নাছিল। কিন্তু যেতিয়া পিতাৰ পৰা পুত্ৰ-কন্যা উৎপন্ন হল তেতিয়া পিতা আৰু পুত্ৰ কন্যা নাম উপাধি কল্পনা কৰা হল আৰু পিতা,
পুত্ৰ-কন্যাৰ কাৰণ হল। কিন্তু স্বৰূপ পক্ষত পিতা পুত্ৰ-কন্যা সৈতে এক অদ্বৈত বস্তু জানিবা। আৰু স্বৰূপ পক্ষত পিতা, পুত্ৰ, কন্যা নাম একেবাৰেই নাই আৰু দ্বৈত আৰু অদ্বৈত ভাবো একেবাৰেই নাই। কাৰণ পিতা, পুত্ৰ, কন্যা নাম উপাধি এৰি সাৰ বস্তুৰ ফালে চালে সাৰ বস্তু যি সেয়েই থাকে। কেৱল পিতা, পুত্ৰ, কন্যা নাম উপাধিৰ ফালে চালে দ্বৈত বুলি বোধ হয়। এই দৰে পিতা বিৰাট পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ আৰু পুত্ৰ-কন্যা তোমালোক চৰাচৰ স্ত্ৰী পুৰুষ ইত্যাদি জানিবা।
যেতিয়া জগত পিতা জগতস্বৰূপে বিস্তাৰ হোৱা নাই তেতিয়া তেওঁ, যেনে তেনেই আছিল, এতিয়াও যেনে তেনেই আছে আৰু পাছেও যেনে তেনেই থাকিব। স্বৰূপ পক্ষত তেওঁত দ্বৈত বা অদ্বৈত, নিৰাকাৰ বা সাকাৰ, নিৰ্গুণ বা সগুণ ভাব একেবাৰেই নাই আৰু নহব, হবৰ সম্ভাবনাও নাই, তেওঁ যেনে তেনেই পৰি পূৰ্ণৰূপে অখণ্ডাকাৰে সকলোৰে সৈতে অনাদি কালৰ পৰা স্বতঃ প্ৰকাশ বিদ্যমান আছে। কিন্তু তেওঁ যেতিয়া আপোন ইচ্ছাৰে এই জগত ব্ৰহ্মাণ্ড চৰাচৰ স্ত্ৰী পুৰুষ ইত্যাদি বিস্তাৰ কৰিলে তেতিয়া তেওঁৰ দুটি নাম কল্পনা কৰা হল, যথা দ্বৈত আৰু অদ্বৈত অৰ্থাৎ জীব আৰু ব্ৰহ্ম।
স্বৰূপ পক্ষে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ মাতা-পিতা অদ্বৈত জানিবা আৰু উপাধি ভেদে জীব শব্দ দ্বৈত জানিবা। যি পৰ্য্যন্ত জ্ঞান বা স্বৰূপ বোধ নহয় সেই পৰ্য্য়ন্ত দ্বৈত বা অদ্বৈত বোধ হব, আৰু তাক মানি মাতা-পিতাৰূপ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ ভক্তিৰে উপাসনা কৰিবা আৰু তেওঁৰ আজ্ঞা পালন কৰিবা। যাতে তোমাৰ জ্ঞান আৰু মুক্তি হয় আৰু শাৰীৰিক মানসিক কোনো প্ৰকাৰৰ কষ্ট নোপোৱা। যেতিয়া জ্ঞান হব তেতিয়া দ্বৈত বা অদ্বৈত, নিৰাকাৰ বা সাকাৰ, নিৰ্গুণ বা সগুণ সকলো প্ৰকাৰৰ ভ্ৰম গুচি শান্তি পাবা। শাস্ত্ৰত লেখা আছে “ভ্ৰান্তিবদ্ধো ভবেৎ জীবঃ ভ্ৰান্তিমুক্তঃ সদাশিবঃ”। ভ্ৰান্তিদ্বাৰা আবদ্ধ অবস্থাত জীব সংজ্ঞা, আৰু ভ্ৰান্তি মুক্ত অবস্থাত শিব অৰ্থাৎ পৰব্ৰহ্ম সংজ্ঞা জানিবা। ভ্ৰান্তিমুক্ত অবস্থা পালে কাৰো সৈতে কাৰো বিৰোধ ভাব নাথাকিব, সকলোৱে শান্তি পাব আৰু জগত মঙ্গল হব।
নিৰাকাৰ নিৰ্গুণ আৰু সাকাৰ সগুণ
অগ্নিদেব অপ্ৰকাশৰূপে অৰ্থাৎ নিৰাকাৰ নিৰ্গুণভাবে সকলো ঠাইতে সকলো বস্তুতে বিৰাজমান আছে কিন্তু দেখি পোৱা নাযায়। যেতিয়া কাঠ, লো, শিল বা দিয়াছলাই প্ৰভৃতি ঘঁহা যায় তেতিয়া অগ্নিদেব নিৰাকাৰ নিৰ্গুণৰ পৰা সকলো প্ৰকাৰৰ শক্তি নামৰূপ লৈ সাকাৰ সগুণৰূপে প্ৰকাশ হয় আৰু সকলো প্ৰকাৰৰ ক্ৰিয়া কৰে। প্ৰকাশ শক্তিৰ গুণত এন্ধাৰ গুচে, উষ্ণতাৰ গুণত উত্তপ্ত হয়, ধোৱাৰ পৰা মেঘ হৈ বৃষ্টি হয়। হালধীয়া বৰ্ণ শক্তিৰ গুণত তামসিক কাৰ্য্য হয়। ৰঙা বৰ্ণ শক্তিৰ গুণত ৰাজসিক কৰ্ম্ম হয় আৰু বগা বৰ্ণ শক্তিৰ গুণত সাত্ত্বিক কাৰ্য্য হয়। অগ্নিদেবে চেতনগুণ শক্তিৰ দ্বাৰাই তেল সলিতা প্ৰভৃতি সকলো বস্তু খায়। অৰ্থাৎ স্থূল ব্ৰহ্মাণ্ডক ভষ্ম বা ৰূপান্তৰ কৰি নিৰ্গুণ কাৰণত স্থিতি হয়। এইসকল নানা নাম ৰূপ, শক্তি, গুণ প্ৰকাশ হোৱাত তেওঁৰ সাকাৰ সগুণ নাম কল্পনা কৰা হৈছে। যেতিয়া স্থূল ব্ৰহ্মাণ্ডক ভষ্ম কৰি অদৃশ্য হয় অৰ্থাৎ সকলো প্ৰকাৰ নাম, ৰূপ, শক্তি, গুণ আপোনাতে লয় কৰি নিৰাকাৰ নিৰ্গুণ কাৰণত স্থিতি হয়, তেতিয়া তেওঁৰ নিৰাকাৰ নিৰ্গুণ নাম কল্পনা কৰা হয়। এই দৰে পূৰ্ণপৰবহ্ম জ্যোতিঃস্বৰূপৰ নিৰাকাৰ নিৰ্গুণ আৰু সাকাৰ সগুণ বিষয়ৰ সাৰ ভাব গ্ৰহণ কৰিবা।
যিজন নিৰাকাৰ নিৰ্গুণ পূৰ্ণপৰব্ৰহ্ম, সেই জনেই সাকাৰ সগুণ জগতস্বৰূপে বিস্তাৰ হৈছে। আৰু যিজন সাকাৰ জগতস্বৰূপ সেই জনেই স্বৰূপত নিৰাকাৰ নিৰ্গুণ অনাদিকালৰ পৰা বিৰাজমান আছে। অৰ্থাৎ নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে সমূহ শক্তি গুণ, নাম, ৰূপ, ক্ৰিয়া সৈতে পৰিপূৰ্ণৰূপে নিৰাকাৰ ভাবে বিৰাজমান আছে। তেওঁত এই সকলো নাথাকিলে এইসকল শক্তি গুণ নাম ৰূপ ক’ৰ পৰা আহিব? যেতিয়া তুমি গাঢ় নিদ্ৰা যোৱা তেতিয়া তোমাৰ গুণ ক্ৰিয়া প্ৰকাশ নথকাত তোমাক নিৰাকাৰ নিৰ্গুণ বোলা যায়। যেতিয়া তুমি জাগৰিত হোৱা তেতিয়া তোমাৰ লগতে নানা প্ৰকাৰ গুণ ক্ৰিয়া অৰ্থাৎ বল, বুদ্ধি, শক্তি, জ্ঞান, বিজ্ঞান প্ৰকাশ পায়, তেতিয়া তোমাক সাকাৰ সগুণ বোলা যায়। কিন্তু তুমি জাগৰিত নিদ্ৰিত দুয়ো অবস্থাতে সকলো প্ৰকাৰ গুণ ক্ৰিয়া সৈতে একেজনেই যি বস্তু সেই বস্তুৱেই থাকা। স্বৰূপ পক্ষত তোমাৰ মাজত জাগৰিত নিদ্ৰিত নিৰাকাৰ নিৰ্গুণ বা সাকাৰ সগুণ কোনো প্ৰকাৰৰ উপাধি নাই। এইদৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু মাতা-পিতাৰ নিৰাকাৰ নিৰ্গুণ সাকাৰ সগুণ ভাব বুজিবা।
জ্ঞানবান পুত্ৰ-কন্যাৰ এনে ভবা উচিত নহয় যে মোৰ মাতা-পিতাৰ শয়নাবস্থা নিৰাকাৰ নিৰ্গুণ কাৰণ অবস্থা, এয়েই মাতা-পিতাৰ স্বৰূপাবস্থা, মাতা-পিতাৰ এই অৱস্থাক মান্য ভক্তি কৰিম, কাৰণ এয়েই মাতা-পিতাৰ শুদ্ধ অৱস্থা। যেতিয়া মাতা-পিতা জাগৰিত হয়, তেতিয়া মাতা-পিতাৰ বাহ্যিক অৱস্থা,এই অৱস্থাত মাতা-পিতাক ভক্তি শ্ৰদ্ধা নকৰো। সকলোৰে বুজা উচিত যে নিদ্ৰিত অৱস্থাত যি মাতা-পিতা নিৰাকাৰ নিৰ্গুণ ভাবত আছিল সেই মাতা-পিতাই হে জাগৰিত অৱস্থাত সাকাৰ সগুণৰূপে প্ৰকাশ হৈ অনন্তশক্তি দ্বাৰাই অনন্ত কাৰ্য্য় সম্পাদন কৰিছে। সুপাত্ৰ পুত্ৰ-কন্যাৰ বিচাৰ কৰি জাগৰিত অবস্থাপন্ন মাতা-পিতাক বিশেষৰূপে শ্ৰদ্ধা-ভক্তি কৰা উচিত। কাৰণ মাতা- পিতাই জাগৰিত অবস্থাত হে সকলো প্ৰকাৰ বোধাবোধ কৰে। নতুবা মাতা-পিতাৰ কেবল নিদ্ৰিত অবস্থাত ভক্তি-শ্ৰদ্ধা কৰিলে কি হব? কিন্তু নিদ্ৰিতাবস্থাপন্ন মাতা-পিতাক অভক্তি কৰিলে জাগবিতাবস্থাপন্ন মাতা-পিতাকো অভক্তি কৰা হয়। আৰু জাগৰিতাবস্থাপন্ন মাতা-পিতাক অভক্তি কৰিলেও নিদ্ৰিতাবস্থাপন্ন মাতা-পিতাক অভক্তি কৰা হয়। কাৰণ মাতা-পিতাৰে হে এই দুয়ো প্ৰকাৰৰ অবস্থা মাত্ৰ। অতএব নিৰাকাৰ সাকাৰ একে জানি অখণ্ডাকাৰে পূৰ্ণৰূপে পৰব্ৰহ্ম জ্যোতি:স্বৰূপক শ্ৰদ্ধা-ভক্তি উপাসনা কৰিবা।
⸻
পঞ্চোপাসকৰ ভ্ৰম মীমাংসা
পঞ্চোপাসকসকলে অজ্ঞানতাত নুবুজি, পৰস্পৰে বিৰোধ কৰি মনত কত অশান্তি ভোগ কৰিছে তাক কোৱা টান। যথাৰ্থ পক্ষত কোনেও আপোন মঙ্গলকাৰী ইষ্ট দেবতা, পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃ
স্বৰূপ মাতা-পিতাক নিচিনি, পৰস্পৰৰ ইষ্ট দেবতাক বেলেগ ভাবি নিন্দা কৰিছে, আৰু আপোন ইষ্ট দেবতাক প্ৰধান বুলি ভাবিছে। কিন্তু সিহঁতে নাজানে যে, সিহঁতৰ ইষ্ট দেবতা কোন. তেওঁৰ স্বৰূপ কি, আৰু ক'ত কিৰূপে আছে।
শৈবসকলে বিষ্ণু নামৰ নিন্দা কৰি, শিব নামৰ মান্য কৰিছে। বৈষ্ণবসকলে শিব নামৰ নিন্দা কৰি, বিষ্ণু নামৰ মান্য কৰে। এই দৰে সৌৰ, গাণপত্য আৰু শক্তি প্ৰভৃতিৰ উপাসকসকলেও আপোন আপোন ইষ্ট দেবতাৰ নামক মান্য কৰে আৰু
অপৰাপৰ দেবতাৰ নামক অপূজ্য সামান্য বোধ কৰি ঘিণ কৰে।কিন্তু সিহঁতৰ এই জ্ঞান নাই যে, সকলোৰে ইষ্ট দেবতা একে নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে পৰিপূৰ্ণৰূপে সকলো ঠাইতে সৰ্ব্বদা বিৰাজমান আছে। কেবল মহাত্মাসকলে বেলেগ বেলেগ নাম
মাত্ৰ কল্পনা কৰিছে কিন্তু সকলোৰে ইষ্ট দেবতা বেলেগ বেলেগ নহয়। পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট পুৰুষেই সকলোৰে ইষ্ট দেবতা।
নিৰাকাৰ ব্ৰহ্ম মনবাণীৰ অতীত আৰু ইন্দ্ৰিয়ৰ অগোচৰ।পাঁচোটা বেলেগ বেলেগ দেবতাও নাই, পঞ্চোপাসনাও নাই।কাৰণ একমাত্ৰ নিৰাকাৰৰ পৰা সাকাৰ জগত স্বৰূপ ত্ৰিগুণাত্মাৰূপে প্ৰকাশ হৈ, বিৰাট ব্ৰহ্ম প্ৰত্যক্ষ স্বতঃ প্ৰকাশমান আছে, তেওঁতে সকলো প্ৰকাৰৰ উপাধি আৰু শব্দাৰ্থৰ বিচাৰ হব পাৰে।
একমাত্ৰ বিৰাট ব্ৰহ্ম জগদাত্মা জগত স্বৰূপে বিস্তৃত আছে।তেওঁৰ বাহিৰে আন কোনো নাই আৰু হবৰ সম্ভাবনাও নাই।এই বিৰাট জগত মাতা-পিতাৰ অঙ্গ-প্ৰত্যঙ্গকে শাস্ত্ৰত দেব-দেবী বোলে। যথা পৃথিবী দেবতা, জল দেবতা, অগ্নি দেবতা, বায়ু দেবতা,তাৰা দেৱতা, আকাশ দেবতা, চন্দ্ৰমা দেবতা, বিদ্যুৎ দেৱতা,
সূৰ্য্যনাৰায়ণ দেবতা, ইয়াৰ বাহিৰে আৰু দেব-দেবী নাই, হবৰ সম্ভাবনাও নাই। শাস্ত্ৰত যে তেত্ৰিশ কোটী দেবতাৰ কল্পনা কৰিছে তাৰ অৰ্থ এই যে, ঈশ্বৰৰ সাত অঙ্গ-প্ৰত্যঙ্গৰ পৰা সকলো জীবৰ স্থূল সূক্ষ্ম শৰীৰ উৎপন্ন হৈছে, সেই নিমিত্তেই চৰাচৰ স্ত্ৰী, পুৰুষ,পশু, পক্ষী, কীট, পতঙ্গ, পিপীলিকা প্ৰভৃতিক লৈ তেত্ৰিশ কোটী দেবতাৰ কল্পনা কৰিছে। পুৰুষ মাত্ৰকে শিব আৰু স্ত্ৰীলোক মাত্ৰকে দেবী জানিবা।
বিৰাট ব্ৰহ্ম বিষ্ণু ভগবানৰ চক্ষু সূৰ্য্য়নাৰায়ণ, চন্দ্ৰমা মন,অগ্নি মুখ, আকাশ মস্তক, বায়ু প্ৰাণ, জল নাড়ী, পৃথিবী চৰণ,এই বিৰাট ব্ৰহ্মৰ বাহিৰে বেলেগ দেব-দেবী আৰু নাই। যি ঠাইলৈ যি দ্বীপলৈ পাতাল কিম্বা আকাশ যি ফালেই যোৱা এই
বিৰাট ব্ৰহ্ম এই জগত মাতা-পিতাকেহে পাবা। এওঁৰে নাম বিষ্ণু ভগবান, বিশ্বনাথ, গণপতি, দেবী আৰু সূৰ্য্যনাৰায়ণ, সাবিত্ৰী,গায়ত্ৰী, মাতা ইত্যাদি সহস্ৰ সহস্ৰ নাম কল্পনা কৰা হৈছে।ইয়াৰ বাহিৰে কাৰো বেলেগ বেলেগ ইষ্ট দেব-দেবী আৰু নাই,আৰু হবৰ সম্ভাবনাও নাই। যদি সকলোৰে ইষ্ট দেবতা একে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ নহল হেতেন, তেনে কিয় সকলো শাস্ত্ৰৰ সন্ধ্যা-আহ্নিকত আৰু মুনি-ঋষিসকলে জ্ঞান আৰু মুক্তিৰ নিমিত্তে কেবল সূৰ্য্যনাৰায়ণতে সকলো দেব-দেবীৰ ধ্যান-ধাৰণা কৰিবৰ
আৰু একে অগ্নিতে সকলো দেব-দেবীৰ ঈশ্বৰৰ নামে আহুতি দিবৰ বিধি কৰিছে? কেবল একমাত্ৰ নিৰাকাৰ সাকাৰ ৰূপে পূৰ্ণপৰব্ৰহ্ম সকলোৰে ইষ্ট দেবতা, সকলো ঠাইতে প্ৰত্যক্ষ বিৰাজমান আছে। যদি তোমালোকে এওঁৰ বাহিৰে আপোন দেব-দেবী বেলেগ বেলেগ ভাবা, তেনে তেওঁ কত আছে, বিচাৰি লৈ পৰ
মানন্দে আনন্দৰূপে থাকিবৰ চেষ্টা কৰা। এইটো স্বতঃসিদ্ধ যে, এঠাইত এজন বহি থাকিলে তেওঁক নেখেদাই আন কোনো বহিব নোৱাৰে। একমাত্ৰ সৰ্ব্বব্যাপী বিৰাট পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু আত্মা মাতা-পিতা সকলো ঠাইতে পৰিপূৰ্ণ হৈ বিৰাজমান আছে। যদি এওঁৰ বাহিৰে তোমালোকৰ দেব-দেবী বেলেগ বেলেগ হয়, তেনেহলে তেওঁবিলাক ক’ত আছে আৰু থাকিব? এওঁক নেখেদালে সিহঁতে ঠাই নাপাব কিন্তু এওঁৰ আঁতৰিবৰ ঠাই নাই। কাৰণ এওঁ সকলো ঠাইতে পৰিপূৰ্ণ আছে। ইত্যাদি সাৰ ভাব বুজি বিচাৰ কৰি আপোনাৰ ইষ্ট দেবতাক চিনিবৰ ইচ্ছা কৰা।
সৰ্ব্বশক্তিমান পূৰ্ণপৰব্ৰহ্ম
পূৰ্ণ বৃক্ষ বুলিলে তাৰ শিপা, গুৰি, শাখা, প্ৰশাখা, পাত, ফুল, গুটী, সোৱাদ প্ৰভৃতি সকলো প্ৰকাৰ গুণ শক্তি নামৰূপে সৈতে সৰ্ব্বগুণ আৰু শক্তিবিশিষ্ট পূৰ্ণ বৃক্ষ বোলে। তাৰ এটা মাত্ৰ শাখা, পাত গুণ কিম্বা শক্তি বাদ দিলে পূৰ্ণ বৃক্ষ বোলা নাযায়, বৃক্ষৰ অঙ্গহীন হয়। সেই দৰে নিৰাকাৰ সাকাৰ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ, এক অংশ ৰূপ গুণ বা শক্তি বাদ দিলে তাক সৰ্ব্বশক্তিমান পূৰ্ণপৰব্ৰহ্ম বোলা নাযায়, অঙ্গহীন হয়। যদি কোনোৱে নিৰাকাৰ এৰি কেবল সাকাৰ উপাসনা কৰে, কিংবা সাকাৰ এৰি কেবল নিৰাকাৰ উপাসনা কৰে তেনে পূৰ্ণৰূপে আপোনাৰ ইষ্টদেৱৰ উপাসনা কৰা নহয়। সাকাৰ একদেশী ব্যষ্টি আৰু নিৰাকাৰ এক
দেশী ব্যষ্টি হৈ পৰে। কোনো সৰ্ব্বশক্তিমান আৰু পূৰ্ণ নহল দুয়োৰে অঙ্গহীন হল।
সকলো সমাজৰ সকলোৱে বোলে যে, আমাৰ ইষ্ট দেৱতা পূৰ্ণ আৰু সৰ্ব্বশক্তিমান। কিন্তু বিচাৰ কৰা উচিত যে, পূৰ্ণপৰব্ৰহ্ম ইষ্ট-দেৱ বিৰাট চৰাচৰ সমস্তকে লৈ পূৰ্ণ আৰু সৰ্ব্বশক্তিমান, কিম্বা বিৰাট চৰাচৰ এৰি পূৰ্ণ আৰু সৰ্ব্বশক্তিমান? যদি বিৰাট চৰাচৰক লৈ পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হয় তেনে পৰব্ৰহ্মৰ পূৰ্ণ আৰু সৰ্ব্বশক্তি-
মান হোৱা সম্ভব। পূৰ্ণপৰব্ৰহ্ম বিৰাট জ্যোতিঃস্বৰূপ চৰাচৰ এৰি পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হোৱা সম্ভৱ। কাৰণ যাৰ কোনো বিষয়ে কিঞ্চিন্মাত্ৰও নাম ৰূপ শক্তি প্ৰভৃতিৰ অভাৱ থাকে তাৰ পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হোৱা কেতিয়াও সম্ভৱ নহয়। এটা পূৰ্ণ আৰু সৰ্ব্ব-
শক্তিমান সত্যৰ মাজত আৰু এটা পূৰ্ণ আৰু সৰ্ব্বশক্তিমান ব্যষ্টি বা কিঞ্চিৎ শক্তিমান সত্য বা অসত্য থাকিব নোৱাৰে। এই জগদগুৰু বিৰাটব্ৰহ্ম কাৰণ, সূক্ষ্ম, স্থূল, চৰাচৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অৰ্থাৎ পৃথিবী, জল, অগ্নি, বায়ু, আকাশ, তৰাবোৰ, বিদ্যুৎ, চন্দ্ৰমা, আৰু সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ জীব, জন্তু, স্থাবৰ, জঙ্গম প্ৰভৃতি সৈতে পূৰ্ণ আৰু সৰ্ব্বশক্তিমান ৰূপে অনাদি বিৰাজমান আছে। এই পূৰ্ণ আৰু সৰ্ব্বশক্তিমান বিৰাটৰহ্মৰ মাজত দ্বিতীয় পূৰ্ণ বা ব্যষ্টি অৰ্থাৎ সৰ্ব্বশক্তিমান বা কিঞ্চিৎ শক্তিমান ক’ত থাকিব?
এই পূৰ্ণ পৃথিবীৰ মাজত আৰু এখন পৃথিবী থাকিব নোৱাৰে।ইয়াক আঁতৰালেহে থকা সম্ভৱ। সেই দৰে এই আকাশত বিৰাট পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ নিৰাকাৰ, সাকাৰ, কাৰণ, সূক্ষ্ম স্থূল চৰাচৰ সৈতে সৰ্ব্বশক্তিমানৰূপে বিৰাজমান আছে। যদি এওঁকে পূৰ্ণ আৰু সৰ্ব্বশক্তিমান বোলা তেনে সম্ভব, নতুবা এওঁক এৰি আন
এটা পূৰ্ণ আৰু সৰ্ব্বশক্তিমান ইষ্টদেব কল্পনা কৰা, তেওঁৰ পূৰ্ণত্ব,সৰ্ব্বশক্তি বা এটা মাত্ৰ শক্তি এই আকাশৰ মাজত কত আছে? তোমাৰ শক্তি তোমাৰে স্বৰূপ মাত্ৰ। সেইদৰে ব্ৰহ্ম শক্তি ব্ৰহ্মৰে স্বৰূপ, ব্ৰহ্মৰ পৰা বেলেগ একো নহয়। জগতত এই যে সমস্ত নাম ৰূপ শক্তি দেখিছা ই কাৰ স্বৰূপ আৰু শক্তি? এক মাত্ৰ সৰ্ব্বশক্তিমান
পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ বাহিৰে দ্বিতীয় আৰু কাৰ স্বৰূপ আৰু নাম ৰূপ শক্তি হব পাৰে? মিছাকৈ কিয় মান, অপমান সামাজিক স্বাৰ্থৰ নিমিত্তে সত্যক অসত্য আৰু অসত্যক সত্য, মিত্ৰক শত্ৰু আৰু শত্ৰুকে মিত্ৰ বোধে ভ্ৰমত পৰি আনকো ভ্ৰমত পেলাইছা? এয়ে জগতৰ অমঙ্গলৰ কাৰণ হৈছে। সৰ্ব্বশক্তিমান ইষ্ট দেবতা নিৰা-
কাৰ সাকাৰ চৰাচৰে সৈতে অখণ্ডাকাৰে বিৰাট পূৰ্ণ আৰু সৰ্ব্বশক্তিমান ৰূপে স্বতঃ বিৰাজমান আছে। তেওঁক চিনি পূৰ্ণৰূপে উপাসনা কৰি জগতৰ মঙ্গল স্থাপনা কৰা। নতুবা পূৰ্ণ উপাসনাৰ অঙ্গহীন আৰু জগতৰ অমঙ্গল হব।
ধৰ্ম্ম কাক বোলে?
ধৰ্ম্ম সকলোৰে পালন কৰা কৰ্ত্তব্য। ধৰ্ম্ম পালন নকৰিলে জ্ঞান আৰু মুক্তি নহয়, ধৰ্ম্মহীন মনুষ্য পশুৰ সমান। অনেকৰ সংস্কাৰ আছে যে “ধৃ” ধাতুৰ পৰা ধৰ্ম্ম শব্দ হৈছে। “ধৃ” ধাতু অৰ্থাৎ যাৰ দ্বাৰাই ধৃত আছে বা ধাৰণ কৰা যায় তাকে ধৰ্ম্ম বোলে। কিন্তু “ধৃ” ধাতু (ধৰ্ম্ম) কি বস্তু তাক নাজানি আৰু বিচাৰ নকৰি কেবল ধৰ্ম্ম শব্দ লৈ নানা প্ৰকাৰ তৰ্ক-বিতৰ্ক কৰে “ধৃ” ধাতু (ধৰ্ম্ম) কি বস্তু সাকাৰ নিৰাকাৰ কিম্বা নিৰাকাৰ সাকাৰ সমষ্টি পূৰ্ণ? নিৰাকাৰ ব্ৰহ্মত ধাতু সংস্কাৰ হব নোৱাৰে,কাৰণ নিৰাকাৰ নিৰ্গুণ অৰ্থাৎ গুণাতীত। সাকাৰ বিৰাট ব্ৰহ্মৰ অঙ্গ-প্ৰত্যঙ্গকে শাস্ত্ৰত সাত ধাতু বোলে। যথা, পৃথিবী, জল, অগ্নি,বায়ু, আকাশ, চন্দ্ৰমা, সূৰ্য্যনাৰায়ণ, এই জ্যোতিঃস্বৰূপ বিৰাট ব্ৰহ্মই সকলো চৰাচৰক ধাৰণ কৰি, অনাদি কালৰ পৰা স্বয়ং আপোন আধাৰত পূৰ্ণৰূপে বিৰাজমান আছে। ইয়াৰ মাজত কোন অঙ্গ ধাতুৰ দ্বাৰাই জগৎ চৰাচৰ ধৃত নোহোৱা, আৰু কোন ধাতুৰ অংশৰ দ্বাৰাই তুমি চেতন হৈ সকলোকে ধাৰণ আৰু বোধাবোধ কৰা আৰু সুষুপ্তি অৱস্থাত তোমাৰ মাজত কোন ধাতুৰ অংশৰ অভাবে বোধাবোধ নাথাকে আৰু কোন ধাতুৰ অংশ প্ৰকাশ হলে বোধাবোধ আৰু ধাৰণ কৰা?
এই বিশ্ব ব্ৰহ্মাণ্ড চৈতন্য পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ সূৰ্য্যনাৰায়ণ পৰমাত্মাৰ দ্বাৰাই ধৃত আছে এওঁৰে নাম ধৰ্ম্ম। কাৰণ এওঁৰে বুদ্ধি চৈতন্য জ্ঞানৰ দ্বাৰাই আপোনাক বা সকলো জগত পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ভগবানক ধাৰণ বা বোধাবোধ কৰিছা। এই “ধৃ” ধাতু জ্যোতিঃস্বৰূপ যেতিয়া সুষুপ্তি অৱস্থাত কাৰণত লয় হয় অৰ্থাৎ ঘোৰ নিদ্ৰাত অভিভূত হোৱা চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপৰ অংশ “ধৃ” ধাতু মন বুদ্ধি নিৰাকাৰ কাৰণত স্থিতি হয় এইকাৰণে তোমাৰ বোধাবোধ নাথাকে। আৰু যেতিয়া মন বুদ্ধিৰূপী জ্যোতিঃস্বৰূপ “ধৃ” ধাতু তোমাৰ অন্তৰত নিৰাকাৰৰ পৰা (সাকাৰ জ্যোতিঃ অৰ্থাৎ মন বুদ্ধি) সাকাৰৰূপে প্ৰকাশ হয়, তেতিয়া তোমাৰ বোধাবোধ হয়। এই জ্যোতিঃস্বৰূপ “ধৃ” ধাতুৰ দ্বাৰাই সমস্ত জগৎ ধৃত আছে আৰু তুমিও ধাৰণ কৰিছা। অতএব “ধৃ” ধাতু বিৰাট চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ পৰমাত্মা ধৰ্ম্মক চিনি পৰমানন্দে আনন্দৰূপে থাকিবৰ চেষ্টা কৰা।
মানুহ মাত্ৰৰে পৰমাত্মাক নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে পূৰ্ণৰূপে ভক্তি শ্ৰদ্ধা সহকাৰে ধাৰণ কৰা উচিত। যাতে জ্ঞান হৈ মুক্তস্বৰূপ পৰমানন্দে থাকিব পাৰে। এই অনাদি সনাতন ধৰ্ম্মৰ পৰা অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ জগদ্ গুৰু মাতা পিতা পৰমাত্মাৰ পৰা বিমুখ হলেই জগতত নানা প্ৰকাৰ কষ্ট আৰু অশান্তি হয়। যাৰ বোধ নাই ধৰ্ম্ম কি বস্তু অৰ্থাৎ পৰব্ৰহ্ম বা নিজে কি বস্তু তেওঁৰ ধৰ্ম্ম বিষয়ে সত্যাসত্য বোলা বা ধৰ্ম্ম প্ৰচাৰ কৰা উচিত নহয়। যাৰ বস্তু বোধ আছে, তাৰ জ্ঞান আছে, যাৰ জ্ঞান আছে,তাৰ শান্তি আছে। সেই লোকেই ধৰ্ম্ম কি বস্তু, তাক জানে,যাৰ বস্তু বোধ নাই, তাৰ জ্ঞান নাই, যাৰ জ্ঞান নাই তাৰ শান্তি নাই। সুতৰাং ধৰ্ম্ম আৰু নিজে কি বস্তু তাক কি প্ৰকাৰে জানিব। এনে মানুহৰ পৰা ধৰ্ম্ম প্ৰচাৰ হোৱা অমঙ্গল ব্যতীত মঙ্গল হবৰ কোনো প্ৰকাৰে সম্ভব নহয়।
বেদ কাক বোলে?
কোনো লোকে বোলে বেদ অনাদি ঈশ্বৰ প্ৰণীত, অপৰাপৰ শাস্ত্ৰ নতুন, মানব কল্পিত, ভ্ৰমপূৰ্ণ; অতএব বেদক ঈশ্বৰৰ বাক্য বুলি মান্য কৰি তাৰ মতে চলা উচিত। আৰু কোনোৱে বোলে যে বেদ অনাদি সঁচা কিন্তু সকলোৱে বেদৰ অৰ্থ বুজিব নোৱাৰে দেখি ঋষিসকলে বেদ অবলম্বন কৰি অন্যান্য শাস্ত্ৰ পুৰাণ তন্ত্ৰাদি প্ৰণয়ন কৰিছে, ইও বেদৰ নিচিনা সত্য, ইয়াৰ মতে চলা উচিত। খৃষ্টানসকলে বোলে বাইবেল এক মাত্ৰ সত্য ধৰ্ম্ম পুস্তক, ঈশ্বৰ বাক্য, অন্যান্য ধৰ্ম্ম শাস্ত্ৰ মিছা। আৰু মুছলমানসকলে বোলে কোৰাণ হে এক মাত্ৰ সত্য শাস্ত্ৰ অন্যান্য শাস্ত্ৰ মিছা ভ্ৰমপূৰ্ণ।
বিচাৰ কৰি দেখা উচিত যে, এই সকলো ধৰ্ম্ম মতৰ মাজত কোনটি সঁচা আৰু কোন ধৰ্ম্মাবলম্বীয়ে যথাৰ্থ সত্য ধৰ্ম্ম আচৰণ কৰে? জিজ্ঞাস্য এই যে, সত্য এক নে অনেক? আৰু সেই সত্য স্বৰূপ ব্ৰহ্ম এক নে দুই? সত্য এক ব্যতীত দুই হব নোৱাৰে ই স্বতঃসিদ্ধ। আৰু সেই সত্য স্বৰূপ পৰব্ৰহ্ম এক ব্যতীত দুই নহয় ই সকলো শাস্ত্ৰৰে মত। যদি একে সত্য পুৰুষৰ দ্বাৰা বেদ বাইবেল কোৰাণ পুৰাণ তন্ত্ৰাদি লেখা হৈছে তেনে কেতিয়াও পৰস্পৰৰ মাজত বিৰোধ আৰু মত ভেদ নহব। ঈশ্বৰ মানুহ নহয় যে বয়সৰ সৈতে জ্ঞানৰ আৰু জ্ঞানৰ সৈতে মতৰ ভিন্নতা হব। ঈশ্বৰৰ দ্বাৰাই শাস্ত্ৰ লেখা হলে সকলো শাস্ত্ৰৰ এক মত হব সন্দেহ নাই। তথাপি সকলো শাস্ত্ৰৰ মাজত মত ভেদ দৃষ্ট হয় ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ আন একো নহয়, কেবল স্বাৰ্থপৰতা। যিসকলে আপোন আপোন স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে শাস্ত্ৰ লিখিছে সিহঁতৰ সৈতে আনলোকে লেখা শাস্ত্ৰৰ নিশ্চয় কেতিয়াও মিল নহব। যিসকল মহাপুৰুষে নিঃস্বাৰ্থভাবে সাৰতত্ব লিখিছে আৰু লিখিব সি সকলোৰে পক্ষে কল্যাণকৰ হব আৰু জগতৰ কাৰো সৈতে (অবশ্য সত্যতত্ত্বানুসষ্ট লোকৰ) অমিল নহব, ইয়াক নিশ্চয় জানিবা। সত্য সকলো ঠাইতে আৰু সকলোৰে ওচৰত সত্য। মিছা সকলো ঠাইত আৰু সকলোৰে ওচৰত মিছা। কিন্তু যি যেনে অৱস্থাত পৰিছিল তেওঁ সেই দৰে মত প্ৰকাশ কৰিছিল। আৰু সেই সেই অৱস্থাত পৰা লোকসকলে সেই সেই প্ৰকাৰৰ ভাব বুজিছিল আৰু বুজিছে। অপৰাপৰ অৱস্থাত পৰা লোকসকলে অপৰাপৰ অৱস্থাৰ লোকসকলৰ ভাব বুজিব নোৱাৰে। যি দৰে অজ্ঞান অৱস্থাত পৰা লোকসকলে জ্ঞানীসকলৰ ভাব, আৰু অজ্ঞানী আৰু জ্ঞানীলোকসকলে স্বৰূপ অৱস্থাপন্ন লোকসকলৰ ভাব বুজিব নোৱাৰে। যেনে স্বপ্নাবস্থাৰ লোকসকলে জাগৰিত অবস্থাৰ লোকসকলৰ ভাব বুজিব নোৱাৰে। আৰু স্বপ্ন আৰু জাগৰিত উভয় অৱস্থাৰ লোকসকলে সুষুপ্তি (টোপনি) অৱস্থাৰ লোকসকলৰ ভাব বুজিব নোৱাৰে। বিচাৰ কৰা উচিত যে, বেদ, বাইবেল, পুৰাণ, কোৰাণ কাক বোলে আৰু কি বস্তু? নিৰাকাৰ নে সাকাৰ? যদি নিৰাকাৰ হয় তেনে অদৃশ্য মন আৰু বাণীৰ অতীত আৰু ইন্দ্ৰিয়ৰ অগোচৰ। যদি সাকাৰ হয় তেনে প্ৰত্যক্ষ দৃশ্যমান বিৰাট ব্ৰহ্ম। ইয়াৰ বাহিৰে আৰু কোনো নাই। তেন্তে বেদ, বাইবেল, কোৰাণ, পুৰাণাদি কাক বোলে? যদি সত্যক বোলা তেনে নিৰাকাৰ সাকাৰ পৰিপূৰ্ণ অখণ্ডাকাৰে এক অনাদি সত্য বিৰাজমান আছে। যদি মিছাক বোলা, তেনেহলে মিছা কি বস্তু? যদি কাগজ চিয়াহিক বোলা তেনে জগতৰ যত দপ্তৰখানাত কাগজ চিয়াহি আছে সকলো বেদ বাইবেল কোৰাণ পুৰাণ হব পাৰে। যদি শব্দক বোলা তেনে শব্দ মাত্ৰাই আকাশৰ গুণ, সুতৰাং সকলো শব্দ বেদ বাইবেল কোৰাণ পুৰাণ। যদি আকাশক বোলা তেনে এক সৰ্ব্বব্যাপী আকাশ,অনাদি কালৰ পৰা আছে, তাত কোনো উপাধি নাই, সুতৰাং কাৰো মতে সৈতে কাৰো বিৰোধী হোৱা উচিত নহয়। যদি জ্ঞানক বোলা তেনে জ্ঞান এটি নে দুটি? জ্ঞান এক। এক জ্ঞানময় ঈশ্বৰ অখণ্ডাকাৰে সকলোৰে বাহিৰে ভিতৰে পৰিপূৰ্ণৰূপে বিৰাজমান আছে। যদি জ্ঞান স্বৰূপ ঈশ্বৰে লেখিছে তেনে বেদ বাইবেল কোৰাণ পুৰাণাদিৰ মাজত ইমান বিৰোধ দেখা হয় কিয়? ইয়াৰ মাজত কোনটোক বেদ বাইবেল পুৰাণ কোৰাণ বুলি স্বীকাৰ কৰা? আপোন আপোন জয় পৰাজয় মান অপমান সকলো প্ৰকাৰৰ মত নানা প্ৰকাৰ ভাব আৰু সামাজিক স্বাৰ্থ এৰি স্থিৰ চিত্তে নিৰপেক্ষভাবে বিচাৰ কৰি চোৱা, আৰু একমাত্ৰ সাৰ বস্তু নিৰাকাৰ সাকাৰ ৰূপে বিৰাজিত আছে, সেই পূৰ্ণ পৰব্ৰহ্ম জ্যেতিঃ-স্বৰূপ অখণ্ডকাৰ আত্মা গুৰুক হৃদয়ত ধাৰণ কৰা, পৰস্পৰৰ মনৰ সকলো প্ৰকাৰ ভ্ৰম যাব আৰু শান্তি পাবা। আৰু বেদ বাইবেল পুৰাণ কোৰাণ কাক বোলে জানিব পাৰিবা। যি লোকে পূৰ্ণ-পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবানক মানে সেই লোকে বেদ বাইবেল কোৰাণ প্ৰভৃতি সকলো শাস্ত্ৰৰ মৰ্য্যাদা ৰাখে। নতুবা যি লোকে মুখেৰে বেদ বাইবেল কোৰাণ প্ৰভৃতিক মানো বোলে অথচ তাৰ অৰ্থ নুবুজে, আৰু তাৰ কাৰ্য্য় নকৰে, স্বাৰ্থপ্ৰযুক্ত অন্তত এক ভাব আৰু বাহিৰত আন ভাব প্ৰকাশ কৰে, সেই লোক যথাৰ্থ বেদাদি শাস্ত্ৰৰ অমৰ্য্য়াদাকাৰী ভণ্ড। এইসকল লোকৰ কোনো কালে মঙ্গল নাই চিৰকাল অশান্তি ভোগ কৰে।
বেদাদি সকলো শাস্ত্ৰৰে উদ্দেশ্য এক আৰু প্ৰতিপাদ্য সেই একমাত্ৰ পূৰ্ণ পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ পৰমাত্মা। যাক হৃদয়ত ধাৰণ কৰিলে ব্যবহাৰিক আৰু পৰমাৰ্থিক কাৰ্য্য উত্তমৰূপে সম্পন্ন কৰা হয়,আৰু আত্মা চিৰশান্তি থাকে। ব্ৰহ্ম ব্যতীত এডাল তৃণ পৰ্য্য়ন্ত উৎপন্ন কৰিবৰ ক্ষমতা কাৰো নাই। ব্ৰহ্ম অনাদি, তেওঁৰ আদি নাই অন্ত নাই আৰু মধ্য নাই। যেনে তেনেই পৰিপূৰ্ণ আছে। নিৰাকাৰ ব্ৰহ্ম সাকাৰ জগত স্বৰূপে অনাদি কালৰ পৰা প্ৰত্যক্ষ বিৰাট ৰূপে বিৰাজমান আছে। আদিতে যি পৃথিবী আছিল এতিয়াও সেই পৃথিবী আছে, সেই জল, অগ্নি, বায়ু, আকাশ, চন্দ্ৰমা, সূৰ্য্যনাৰায়ণ আদিতে যেনে আছিল এতিয়াও সেই দৰে বিৰাট ৰূপে বিৰাজমান আছে। নতুন সৃষ্টি কোনেও কৰিব পৰা নাই আৰু নোৱাৰিব আৰু যি আছে অনাদিৰে পৰা আছে, ইয়াৰ নতুন পুৰাতন একো নাই। সুতৰাং শাস্ত্ৰৰো নতুন পুৰাতন একোৱেই নাই।সাৰ বস্তুক গ্ৰহণ কৰা উচিত। চোৱা পূৰ্ব্বে আমি এক ৰজাৰ প্ৰজা আছিলো, তেওঁ ইচ্ছামত আমাৰ ওপৰত ৰাজদণ্ড চলাইছিল।তেওঁৰ ৰাজ্যৰ অবসানত আমি এতিয়া আৰু এক ৰজাৰ শাসনত আছো,এতিয়া যদি আমি কওঁ যে এই ৰজাক নামানো তেনে এওঁ আমাৰ কথা নুশুনিব, যি কোনো প্ৰকাৰে হয় আমাক শাসনত ৰাখিব। ইয়াত বুজা উচিত যে, এই ৰজা নতুনকৈ হোৱা নহয় পূৰ্ব্বে ৰজা (বস্তু) আছিল, এতিয়া পুনৰায় ৰজা হৈছে। কোনো পুত্ৰ কন্যাৰ বোলা উচিত নহয় যে প্ৰপিতামহ মৰিল, তেওঁ পুৰাতন,তেওঁক মানিম, পিতামহ নতুন এওঁক নামানো ই বৰ ভুল আৰু অন্যায়। সকলো পুত্ৰ কন্যাৰ বুজা উচিত যে এই পিতামহ আদিতে আছিল, সেই নিমিত্তে এতিয়া আহিছে, আদিত নথকা হলে এতিয়া নাহিল হেতেন। পিতামহক অপমান কৰিলে প্ৰপিতামহকো অপ- মান কৰা হয়। সাকাৰ বিৰাট জ্যোতিঃস্বৰূপ ব্ৰহ্মক অপমান কৰিলে নিৰাকাৰ ব্ৰহ্মকো অপমান কৰা হয়, আৰু নিৰাকাৰ ব্ৰহ্মক অপমান কৰিলে সাকাৰ জ্যোতিঃস্বৰূপ বিৰাট পুৰুষৰ অপমান কৰা হয়। এই দৰে বেদ শাস্ত্ৰ প্ৰভৃতিৰ সাৰভাব গ্ৰহণ কৰি পৰমানন্দে আনন্দৰূপ থাকিবা।
⸻
বেদ পাঠৰ অধিকাৰ।
সামাজিক কোনো হিন্দু শাস্ত্ৰত লেখা আছে যে, বেদ পাঠ কৰা আৰু “ওঁ” মন্ত্ৰ ব্ৰহ্ম গায়ত্ৰী জপ, আৰু স্বাহা বুলি অগ্নিত আহুতি দিবৰ শূদ্ৰ আৰু স্ত্ৰীলোকৰ অধিকাৰ নাই। কিন্তু গম্ভীৰ আৰু শান্তৰূপে অপোন আপোন মান অপমান জয় পৰাজয় আৰু সামাজিক স্বাৰ্থ এৰি বিচাৰ কৰি সাৰ ভাব গ্ৰহণ কৰিবা যাতে জগতৰ মঙ্গল হয়।
অধিকাৰী অনধিকাৰী পৰমাত্মাৰ কৃত নহয়। সামাজিক মানুহৰ দ্বাৰাই কৃত। পৰমাত্মাই যাক যিহৰ অধিকাৰী কৰে তেওঁ সেই কামত অসমৰ্থ নহয়, তেওঁৰ কৃত অনধিকাৰী সেই কামত সমৰ্থ নহয়। যেনে চক্ষু দেখাৰ অধিকাৰী আৰু শুনাৰ অনধিকাৰী।কাণ শুনাৰ অধিকাৰী কিন্তু দেখাৰ অনধিকাৰী। চক্ষু দেখাত অক্ষম আৰু শুনাত সক্ষম আৰু কাণ শুনাত অক্ষম আৰু দেখাত সক্ষম কেতিয়াও নহয়। সেই দৰে পৰমাত্মা কৃত বেদ পাঠৰ অধিকাৰী বেদ বিমুখ আৰু অনধিকাৰী বেদ পাঠ কৰা সক্ষম নহয়। পৰমাত্মাই সকলোকে জ্ঞান দি বেদ পাঠৰ অধিকাৰী কৰি দিছে। যদি
পৰমাত্মাই কাৰোবাক অনধিকাৰী কৰিলে হেতেন, তেনে আমাৰ কোনো বিবাদৰ প্ৰয়োজন নাথাকিল হেতেন। কাৰণ পৰমাত্মাকৃত অনধিকাৰী মানুহ কেতিয়াও সেই কাম অৰ্থাৎ বেদ পাঠ কৰিবৰ সক্ষম নহল হেতেন। এই প্ৰকাৰে অধিকাৰী অনধিকাৰীৰ ভাব বুজিবা।
যাৰ ঘৰত এন্ধাৰ আছে তাৰে অগ্নিৰ প্ৰয়োজন হয়, যাৰ এন্ধাৰ নাই তাৰ অগ্নিৰ পোহৰৰ প্ৰয়োজনো নাই। সেই দৰে,যি লোকৰ অজ্ঞানতা আছে সেই লোকৰ জ্ঞানৰূপ পোহৰৰ প্ৰয়ো
জন। বেদ পাঠ, ব্ৰহ্ম গায়ত্ৰী “ও” মন্ত্ৰ জপ, আৰু অগ্নিত আহুতি দিবৰ বিধি কেবল অজ্ঞানী লোকৰ নিমিত্তে, যাতে অজ্ঞানতা গুচি জ্ঞান মুক্ত স্বৰূপ পৰমানন্দে আনন্দৰূপ থাকিব পাৰে। সেই দৰে জ্ঞানী লোকৰ নিমিত্তে বেদ পাঠ, ব্ৰহ্ম গায়ত্ৰী “ওঁ” মন্ত্ৰ জপ কৰিবৰ প্ৰয়োজন নহয়। কেবল শাস্ত্ৰ পাঠ কৰি প্ৰকৃত জ্ঞান নহয়, এই প্ৰকাৰৰ অজ্ঞানী শাস্ত্ৰজ্ঞ লোকসকলে নুবুজি কয় যে শূদ্ৰ আৰু স্ত্ৰীলোকৰ “ওঁ” আৰু ব্ৰহ্ম গায়ত্ৰী জপ আৰু স্বাহা বুলি অগ্নিত আহুতি দিবৰ অধিকাৰ নাই। কিন্তু বেদ পাঠ কৰা জ্ঞান বিস্তাৰ আৰু অজ্ঞান লয় কৰিবৰ নিমিত্তে, অতএব বেদ পাঠ অজ্ঞানৰ নিমিত্তে।শূদ্ৰ অৰ্থে অজ্ঞান অতএব বেদ পাঠ শুদ্ৰৰ নিমিত্তে। জ্ঞান শিক্ষা জ্ঞানীৰ নিমিত্তে নিম্পয়োজন। ব্ৰাহ্মণ অৰ্থে জ্ঞানী। ব্ৰাহ্মণৰ নিমিত্তে জ্ঞান শিক্ষা অৰ্থাৎ বেদ পাঠ নিষ্প্ৰয়োজন। শাস্ত্ৰ অনুসাৰে বিচাৰ কৰি চোৱা স্ত্ৰী আৰু শূদ্ৰ লোকৰ সকলো বিষয়ত অধিকাৰ আছে,কাৰণ অজ্ঞান অৱস্থাৰ জীৱক শূদ্ৰ বোলে, জ্ঞান অৱস্থাৰ জীৱক ব্ৰাহ্মণ বোলে। শাস্ত্ৰত ব্ৰাহ্মণ কাক বোলে, যথা কো ব্ৰাহ্মণঃ-“ব্ৰহ্মবিদ স এব ব্ৰাহ্মণঃ” অৰ্থাৎ যি লোকে ব্ৰহ্মক জানে সেয়ে ব্ৰাহ্মণ। ব্ৰাহ্মণ আৰু ব্ৰহ্ম একে অৱস্থাৰ নাম। “ব্ৰহ্মবিদ্ ব্ৰহ্মৈবভবতি” অৰ্থাৎ যি ব্ৰহ্মক জানে তেওঁ ব্ৰহ্ম। কেবল ব্ৰহ্মপ্ৰাপ্তিৰ ( ব্ৰহ্মক জানিবৰ) নিমিত্তে বেদ পাঠ আৰু ব্ৰহ্ম গায়ত্ৰী ওঁ মন্ত্ৰ জপ
কৰিবৰ প্ৰয়োজন, নতুবা কোনো প্ৰয়োজন নাই। যি ব্ৰহ্মক জানে তেৱেঁই ব্ৰাহ্মণ, বেদ ব্ৰহ্ম গায়ত্ৰী ওঁ মন্ত্ৰ জপ কৰিবৰ তেওঁৰ কোনো প্ৰয়োজন নাই। কিন্তু যি ব্ৰহ্মক নাজানে সেই অজ্ঞান অৱস্থাৰ নাম শূদ্ৰ তাৰে জ্ঞান মুক্ত হবৰ নিমিত্তে অৰ্থাৎ ব্ৰহ্ম প্ৰাপ্তিৰ নিমিত্তে বেদ পাঠ ব্ৰহ্ম গায়ত্ৰী ওঁ মন্ত্ৰ জপ আৰু অগ্নিত
আহুতি দিবৰ প্ৰয়োজন আৰু অধিকাৰী। সকলোৱে বুজি চোৱা উচিত যে শূদ্ৰ আৰু স্ত্ৰী কাক বোলে। যদি স্থূল শৰীৰক শূদ্ৰ বা স্ত্ৰী বোলা তেনে সকলোৰে স্থল শৰীৰ শূদ্ৰ আৰু স্ত্ৰী হব। আৰু যদি আত্মাক শূদ্ৰ বা স্ত্ৰী বোলা তেনে সকলোৰে আত্মা শূদ্ৰ আৰু স্ত্ৰী। শাস্ত্ৰত যি স্থান পৰ্য্য়ন্ত জীৱৰ বোধাবোধ আৰু মনৰ গতি আছে আৰু যাৰ দ্বাৰাই বোধাবোধ হৈছে তাকে (প্ৰকৃতি শক্তি)স্ত্ৰীলিঙ্গ বোলে, যি. ঠাইত বোধাবোধ আৰু মনৰ গতি যাব নোৱাৰে অৰ্থাৎ যি প্ৰকৃতি আৰু শক্তিৰ অতীত তাকে শান্ত্ৰত (চৈতন্য ) পুৰুষ বোলে। অতএব শক্তিবিহীন পুৰুষ অনধিকাৰী, কাৰণ অক্ষম, আৰু স্ত্ৰী অধিকাৰী কাৰণ সক্ষম। স্বৰূপ পক্ষত স্ত্ৰী আৰু পুৰুষ কাৰণ পৰব্ৰহ্ম, কাৰণ পৰব্ৰহ্মৰ পৰা বেলেগ একো নাই।অতএব মানুহ মাত্ৰ সকলোৰে জ্ঞান মুক্তি, অৰ্থাৎ ব্ৰহ্মপদ প্ৰাপ্তিৰ নিমিত্তে উল্লিখিত কৰ্ম্ম কৰিবৰ অধিকাৰ আৰু বিধি আছে। তাত কোনো সন্দেহ নাই আৰু শাস্ত্ৰত লেখা আছে,
“জন্মনা জায়তে শূদ্ৰঃ সংস্কাৰাৎ দ্বিজ উচ্যতে।
বেদাভ্যাসাৎ ভবেদ্বিপো ব্ৰহ্ম জানাতি ব্ৰাহ্মণঃ॥”—
অৰ্থ এই যে, যেতিয়া জীৱ মাতা-পিতাৰ ৰজঃ বীৰ্য্য়ৰ পৰা উৎপন্ন হয় তেতিয়া সেই জীৱক শূদ্ৰ বোলে। আৰু যেতিয়া সেই শূদ্ৰ জীৱৰ পৰমেশ্বৰ সম্বন্ধী সৎসংস্কাৰ হয় তেতিয়া সেই জীৱক দ্বিজ বোলে, দ্বিজ নামে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য খ্যাত হয়। আৰু যেতিয়া সেই জীৱে বেদ পাঠ কৰি ইন্দ্ৰিয়ক শুদ্ধ কৰে আৰু পৰমাত্মাত নিষ্ঠাবান হয় তেতিয়া তাৰ নাম বিপ্ৰ হয়। বিপ্ৰ অৰ্থাৎ যাৰ তেজ, বল, জ্ঞান আৰু শান্তি আছে। আৰু যেতিয়া সেই জীৱে ব্ৰহ্মক জানে অৰ্থাৎ জীৱাত্মা পৰমাত্মাৰে সৈতে এক আৰু অভিন্ন
হয় সেই অৱস্থাত তেওঁক ব্ৰাহ্মণ বোলে। যেতিয়া শূদ্ৰ অৱস্থাৰ জীৱে মুক্তিৰ নিমিত্তে জ্ঞান বাণিজ্য কৰে তেতিয়া তেওঁক বৈশ্য জানিবা। সেই জীৱে যেতিয়া সত্যত নিষ্ঠা বা ৰাজ্য কৰে, ব্ৰহ্মাণ্ডময় জীৱমাত্ৰ প্ৰজাক পালন কৰিবৰ সক্ষম হয় তেতিয়া তেওঁক
ক্ষত্ৰিয় জানিবা। যেতিয়া জগৎময় আপোন আত্মা বুলি সেই জীৱে জানে যে সকলো মোৰে আত্মা আৰু পৰমাত্মাৰ স্বৰূপ, সেই অৱস্থাৰ জীৱক ব্ৰাহ্মণ বুলি জানিবা।
“শূদ্ৰঃ ব্ৰাহ্মণতামেতি ব্ৰাহ্মণশ্চেতি শূদ্ৰতাং।
ক্ষত্ৰিয়াঃ জাতমেবন্তু বিদ্যাৎ বৈশ্যাস্তথৈবচ॥”
ইয়াৰ তাৎপৰ্য্য় এই যে, শূদ্ৰ, বৈশ্য আৰু ক্ষত্ৰিয় যি কোনোৱে শ্ৰেষ্ঠ কাৰ্য্য কৰিব সেয়ে ব্ৰাহ্মণ হব আৰু ব্ৰাহ্মণ কুলত জন্ম হৈ যদি অধম কাৰ্য্য় কৰে তেনে সেই লোক শূদ্ৰ হব। শ্ৰীমদ্ভাগবতত লেখা আছে যথা—
“বিপ্ৰাদ্দ্বিষড়গুণযুতাদৰ বিন্দনাভ
পাদাৰবিন্দ বিমুখাৎ শ্বপচং বৰিষ্ঠং।
মণ্যেতদৰ্পিত মনোবচনে হিতাৰ্থং
প্ৰাণং পুনাতি সকুলং নতু ভুৰিমানঃ॥”
ইয়াৰ তাৎপৰ্য্য এই যে, বিপ্ৰ (ব্ৰাহ্মণ) যদি জ্ঞান, সত্য,দম, শাস্ত্ৰজ্ঞান, অমাৎসৰ্য্য, লজ্জা , ক্ষমা, ক্ৰোধশূন্যতা, যজ্ঞ, দান,ধৈৰ্য্য, শম এই বাৰ গুণযুক্ত হৈয়ো বিষ্ণু ভগৱানত নিষ্ঠা ভক্তিযুক্ত নহয় তেনে সি চণ্ডালতকৈয়ে অধম, নিজেই অপবিত্ৰ আপোন কুল বা আনক কি পবিত্ৰ কৰিব? পৃথিবীয়ে তাৰ ভাৰ বহন কৰিবৰ অক্ষম। আৰু যদি চণ্ডাল হৈয়ো আপোনাৰ মন, ধন আৰু তনু বিষ্ণু ভগৱানত অৰ্থাৎ পূৰ্ণ পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু
আত্মত প্ৰেম ভক্তিৰে অৰ্পণ কৰে, সেই লোক যথাৰ্থ ব্ৰাহ্মণ আৰু তেওঁ শ্ৰেষ্ঠ। তেওঁ নিজক আৰু নিজকুল পবিত্ৰ কৰি জগতৰ মঙ্গল কৰে, পৃথিবীয়ে তেওঁৰ গুণত সন্তোষ হৈ বহন কৰি আনন্দ পায়।যজুৰ্ব্বেদত লেখা আছে,
‘যথেমাং বাচং কল্যাণি মাবদানি জনেভ্যঃ।
ব্ৰহ্মৰাজন্যাভ্যাং শূদ্ৰায়চাৰ্য্যায় চম্বায় চাৰণায়।”
অধ্যায় ২৬।২
ভাবাৰ্থ এই যে, ব্ৰহ্ম অৰ্থাৎ আমি যে, এই কল্যাণকৰ কথা কৈছো। ইয়াক ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ প্ৰভৃতি সকলোৱে গ্ৰহণ কৰিব অৰ্থাৎ সকলোৱে বেদ পাঠ কৰি বেদৰ সাৰ ভাব গ্ৰহণ কৰি শ্ৰেষ্ঠ কাৰ্য্য় কৰিব।
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰতকৈয়ো অতি শূদ্ৰ চণ্ডাল প্ৰভৃতি স্ত্ৰী আৰু পুৰুষ সকলোৱে বেদ আৰু শাস্ত্ৰাদি পাঠ কৰি তাৰ সাৰ ভাব গ্ৰহণ কৰি ব্যৱহাৰিক আৰু পাৰমাৰ্থিক উভয় শ্ৰেষ্ঠ কাৰ্য্যত নিযুক্ত থাকিব, ইয়াত কোনো বাধা নাই। আৰু “ওঁ” মন্ত্ৰ আৰু ব্ৰহ্ম গায়ত্ৰী অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ আত্মা গুৰুক উপাসনা অৰ্থাৎ তেওঁক জানিবৰ নিমিত্তে জ্ঞান উপাৰ্জ্জন কৰা তাকে বেদপাঠ বোলে অৰ্থাৎ জ্ঞানৰ নাম বেদ। যি শাস্ত্ৰত সত্য বাক্য আছে আৰু যি সত্য কয় তাকে বেদ জানিবা। সেই এক অদ্বিতীয় জ্ঞান সকলোৰে ভিতৰে বাহিৰে জ্যোতিঃস্বৰূপে পৰিপূৰ্ণৰূপে বিৰাজমান আছে এইদৰে সকলো বিষয় বুজিবা।
ওঁ শান্তিঃ শান্তিঃ শান্তিঃ।
⸻
ব্ৰহ্মচৰ্য্য কাক বোলে?
সদায় ব্ৰহ্মতে আচৰণ কৰা, অৰ্থাৎ নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে পৰিপূৰ্ণৰূপে তেজোময় পৰমাত্মাক অন্তৰত প্ৰেম ভক্তি কৰি ধাৰণ আৰু সকলোতে ব্ৰহ্ম আছে এইদৰে সদায় মনত বোধ কৰাৰ নাম ব্ৰহ্মচৰ্য্য।
প্ৰথম অৱস্থাত ৰেতঃ স্তম্ভন নকৰিলে ব্ৰহ্মচৰ্য্য সিদ্ধি নহয়।বেতঃ অনৰ্থক পৰিত্যাগ কৰিলে স্থূল শৰীৰ মনৰ শক্তি, তেজ, ক্ষীণ আৰু বুদ্ধিহীন হৈ পৰে। ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য উত্তমৰূপে বুজি ৰীতিমতে সমাধা কৰিবৰ সমৰ্থ নহয়, আৰু পৰমাত্মাত প্ৰেম ভক্তি নজন্মে, অসৎ পদাৰ্থত চিত্ত সদায় আসক্ত থাকে আৰু সদায় উৎসাহ ভঙ্গ হয়।
ৰেতৰ ধৰ্ম্ম সুখ প্ৰদান কৰা, ইয়াক অনৰ্থক নষ্ট নকৰি যত্নেৰে ৰক্ষা কৰিলে স্থূল শৰীৰ আৰু মনৰ কত শক্তি তেজ বাঢ়ে আৰু শান্তি-সুখ পোৱা যায়। বুজি চোৱা যেতিয়া ৰেতঃপতন হয় তেতিয়া ৰেতে কৈ যায় যে “মোৰ ধৰ্ম্ম সুখ দিযা সেই নিমিত্তে যদিও তুমি মোক অনৰ্থক ত্যাগ কৰিছা তেও মই তোমাক সুখ দি আহিলো তুমি মোক ৰখা হেতেন মই তোমাক সদায় সুখ দিলো হেতেন।” যেনে গছৰ ধৰ্ম্ম ছা আৰু ফল দিয়া, ইয়াক নষ্ট কৰিবৰ সময়তো ছা আৰু ফল দিয়ে, কিন্তু ৰাখিলে সদায় কত ছ৷ আৰু ফল পাব পাৰে। সেই দৰে ৰেতঃ ৰক্ষা কৰিলে পৰমানন্দ পাব পাৰে, নতুবা যেনে গছ নষ্ট কৰিলে ছা আৰু ফলৰ আশা কৰা নাযায়, সেই ৰূপ ৰেতঃ বৃথা নষ্ট কৰিলে পৰমানন্দ পোৱাৰ আশা নাই। অতএব মনুষ্য মাত্ৰৰে এই সাৰ ভাব বুজি
চলা আৰু আপোন আপোন পুত্ৰ কন্যাসকলক সৎশিক্ষা দিয়া উচিত,যাতে সিহঁতে অনৰ্থক ৰেতঃ নষ্ট নকৰি ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য উত্তমৰূপে সমাধা কৰি পৰমানন্দে আনন্দৰূপে থাকিব পাৰে।
গৃহস্থসকলে যদি ঈশ্বৰৰ নিয়ম অনুসাৰে সন্তান উৎপত্তিৰ নিমিত্তে এমাহ কিম্বা এক পক্ষ অন্তৰে ৰেতঃ ত্যাগ কৰে আৰু পৰমাত্মাত প্ৰেম ভক্তি ৰাখে তেনে তেওঁলোকৰ ব্ৰহ্মচৰ্য্য নষ্ট নহয়।স্বপ্ন অৱস্থাত যদি ৰেত নষ্ট হয় তাতে অধিক হানি নাই, কিন্তু আপোনাৰ ইচ্ছাত সদায় ৰেতঃ নষ্ট কৰা নিতান্ত অকৰ্ত্তব্য। স্বপ্নত ৰেতঃ নষ্ট হলে ব্ৰহ্মচৰ্য্য নষ্ট নহৰ। গৃহস্থসকলে এই প্ৰকাৰ নিয়মত ব্ৰহ্মচৰ্য্য ধাৰণ আৰু পৰমাত্মাৰ উপাসনা কৰি গৃহস্থ ধৰ্ম্মত থাকিয়েই গৃহস্থ, ব্ৰহ্মচৰ্য্য, বানপ্ৰস্থ আৰু সন্ন্যাস এই চাৰি ধৰ্ম্ম পালন আৰু সিদ্ধি হয়। সকলো আশ্ৰমৰ মাজত গৃহস্থাশ্ৰম শ্ৰেষ্ঠ, গৃহস্থ ধৰ্ম্ম সকলো ধৰ্ম্মৰ আশ্ৰম। গৃহস্থসকলৰ ঈশ্বৰৰ নিয়মানুসাৰে অসীম কাৰ্য্য় কৰিব লগা হয়। অসীম বুদ্ধি বা জ্ঞান নহলে অসীম কাৰ্য্য উত্তমৰূপে কৰিব নোৱাৰে,গৃহস্থসকলৰ অসীম বুদ্ধি বা জ্ঞানৰ প্ৰয়োজন। হাবিৰ জন্তুৰ অসীম বুদ্ধি বা জ্ঞানৰ আৱশ্যক নাই। যেতিয়া মানুহৰ জ্ঞান অৰ্থাৎ স্বৰূপ বোধ (সমদৃষ্টি ) হব তেতিয়া তেওঁ নিজেই বিচাৰ
কৰি ইচ্ছা মতে ব্যৱহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য কৰিব আৰু কৰাব। তাৰ কোনো বিধি নিষেধ নাই, তেওঁৰ চৰণ ধূলিত সকলো পবিত্ৰ হব।
⸻
কামনা ভষ্ম
মনৰ চঞ্চলতা আৰু কাম পৰমাত্মাৰ উপাসনাৰ দ্বাৰাই ভস্ম হয়, যেনে স্থূল পদাৰ্থ মাত্ৰেই অগ্নি ব্যতীত ভষ্ম নহয় কেবল মাত্ৰ অগ্নিৰ দ্বাৰাই ভষ্ম হৈ নিৰ্ব্বাণ হয়, আৰু তদপৰে আৰু নানা প্ৰকাৰ পদাৰ্থ নামৰূপ গুণ ক্ৰিয়া নাথাকে। সেইদৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ব্ৰহ্ম চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জগদ্গুৰু মাতা পিতা আত্মাক ভক্তি পূৰ্ব্বক ধাৰণ কৰিলে সকলোৰে মনৰ বিকাৰ আৰু ৰেতঃ আদি ভগ্ন হৈ মন শান্ত হয় আৰু জীৱাত্মা পৰমাত্মা অভেদ হৈ পৰমানন্দে আনন্দৰূপ থাকে। এই জ্যোতিঃস্বৰূপ গুৰু মাতা পিতা আত্মা জ্ঞান জ্যোতিঃ ব্যতীত কাম আৰু অজ্ঞানতা কেতিয়াও অন্য কোনো উপায়ে ভষ্ম নহয়। যি অন্তৰৰ জ্যোতিঃ বা জ্ঞান বাহিৰত সেই জ্যোতিঃ বা জ্ঞান। বাহিৰৰ যি জ্যোতিঃ বা জ্ঞান বা বুদ্ধি সেয়ে অন্তৰত জ্যোতিঃ জ্ঞান বুদ্ধিৰূপে প্ৰকাশিত। জ্যোতিঃৰ নাম জ্ঞান আৰু জ্ঞানৰ নাম জ্যোতিঃ।
⸻
মনুষ্যৰ প্ৰতি ঈশ্বৰৰ আজ্ঞা
মানুহ মাত্ৰৰে বিচাৰ কৰা উচিত যে, গৃহস্থ ধৰ্ম্মত থাকি কি জ্ঞান নহয়, কেৱল মস্তক মুণ্ডন আৰু নানা ভেশ ধাৰণ কৰি বনবাসত গলেহে কি ঈশ্বৰ তুষ্ট হৈ জ্ঞান আৰু মুক্তি দিয়ে?তেনে কেতিয়াও নহয়। বৰং বিপৰীত হে হয়।
এজন ৰজাই বাৰীত বাৰীচোৱা ৰাখি আজ্ঞা কৰিলে যে
৪
এই বাৰী সকলো প্ৰকাৰে উত্তমৰূপে ৰক্ষণাবেক্ষণ কৰিবা, সময়ত তোমাক পুৰস্কাৰ দিম। যদি বাৰীচোৱাই ৰজাৰ আজ্ঞা পালন অৰ্থাৎ বাৰী উত্তমৰূপে পৰিস্কাৰ আৰু ৰক্ষণাবেক্ষণ নকৰি কেবল মাত্ৰ বহি ৰজাৰ নাম লৈ প্ৰভু প্ৰভু বুলি মাতি থাকে তেনে কি ৰজাই বাৰীচোৱাৰ প্ৰতি তুষ্ট হৈ পুৰস্কাৰ দিব? কেতিয়াও সম্ভব নহয়, বৰং তেওঁ আজ্ঞা লঙ্ঘনৰ নিমিত্তে বাৰীচোৱাক দণ্ড দিব। যদি বাৰীচোৱাই ৰজাৰ আজ্ঞা মতে বাৰী উত্তমৰূপে ৰক্ষণাবেক্ষণ কৰে আৰু ভক্তিপূৰ্ব্বক তেওঁৰ শৰণাগত হয় আৰু মৰ্য্য়াদা ৰক্ষা কৰে তেহে ৰজা তুষ্ট হৈ অবশ্যে বাৰীচোৱাক পুৰস্কাৰ দিব,যাতে বাৰীচোৱাৰ কোনো বিষয়ে কষ্ট বা অভাব নহয়। সেইদৰে ৰজা প্ৰভুৰূপী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ পৰমাত্মা বাৰীৰূপী এই জগত আৰু বাৰীচোৱা মনুষ্য মাত্ৰই আৰু তেওঁৰ আজ্ঞাৰূপ ব্যবহাৰিক আৰু পাৰমাৰ্থিক উভয় কাৰ্য্য বিচাৰ কৰি সংসাৰ ধৰ্ম্ম উত্তমৰূপে পালন কৰিলে পৰমাত্মাই পুৰস্কাৰ ৰূপ জ্ঞান আৰু মুক্তি দিব, যাতে পৰমানন্দে আনন্দৰূপে থাকিব পাৰিবা আৰু জন্ম মৃত্যু প্ৰভৃতিৰ সংশয় নাথাকিব। যদি কোনোৱে এলাহ কৰি পৰমাত্মাৰ আজ্ঞা ব্যবহাৰিক কাৰ্য্য পৰিত্যাগ কৰি হাবিলৈ যায় আৰু মনত তৃষ্ণা থাকে তেনে পৰমাত্মাৰ আজ্ঞা লঙ্ঘনৰ নিমিত্তে অনেক কাল পৰ্য্য়ন্ত অজ্ঞান বশতঃ পৰমাত্মাৰ পৰা বিমুখ হৈ কষ্ট ভোগ কৰিব লাগিব। পৰমাত্মাৰ এনে কোনো নিয়ম নাই যে ঘৰত থাকি তেওঁৰ উপাসনা কৰিলে জ্ঞান আৰু মুক্তি নিদিব আৰু হাবিত গৈ আড়ম্বৰ কৰিলেহে জ্ঞান আৰু মুক্তি দিব, সি কেতিয়াও নহয় ইয়াক নিশ্চয় জানিবা। তোমালোকে কোনো বিষয়ত ভয় চিন্তা নকৰিবা সংসাৰ ধৰ্ম্ম পৰমাত্মাৰ আজ্ঞা পালন কৰা আৰু পৰমাত্মাক প্ৰেমভক্তিৰে সৈতে স্মৰণ কৰা তাতে উভয় কাৰ্য্য সিদ্ধি হব। জন্ম মৃত্যুৰ সংশয় নকৰিবা। অনাদি কালৰ পৰা পৰমাত্মা সৈতে অভেদ ভাৱে পূৰ্ণৰূপে বিৰাজ হৈ আছা কোনো ঠাইৰ পৰা অহা নাই আৰু কোনো ঠাইলৈ যোৱা নহব। আকাশৰূপী পৰমাত্মাতে আছা আৰু থাকিব।
⸻
মনুষ্যৰ আবশ্যক কি।
মনুষ্য মাত্ৰৰে দুটি বিষয় আবশ্যক, ব্যবহাৰিক আৰু পাৰমাৰ্থিক। ব্যবহাৰিক কাৰ্য্য়ত গৃহস্থসকলৰ কি কৰা উচিত?প্ৰথম বিদ্যা শিক্ষা কৰা, তাৰ পাছে ধন ঘটা যাতে গৃহস্থসকলে মানসিক আৰু শাৰীৰিক কোনো প্ৰকাৰৰ অন্ন-বস্ত্ৰৰ কষ্ট নাপায়, আৰু আনকো কষ্ট নিদিয়ে আৰু নেদেখে, আৰু পৰম্পৰ পৰম্পৰৰ কষ্ট গুচাবৰ উপায় কৰে। সেয়ে হলে ঈশ্বৰৰ আজ্ঞা আৰু ধৰ্ম্ম পালন হয়। স্থূল শৰীৰৰ যি ৰোগত যি ঔষধ ব্যবহাৰ কৰিলে নিবাৰণ হয়, সেই ৰোগত সেই ঔষধ ব্যবহাৰ কৰা উচিত।ভগবানৰ নিয়ম, ক্ষুধা ৰোগ হলে অন্নৰূপ ঔষধ আহাৰ কৰা, পিয়াহ ৰোগ হলে পানীৰূপ ঔষধ খোৱা, জাৰ ৰোগ হলে বস্ত্ৰৰূপ ঔষধৰ দ্বাৰাই জাৰ নিবাৰণ কৰা, আৰু এন্ধাৰ ৰোগ হলে অগ্নিৰূপ ঔষধেৰে প্ৰকাশ কৰা উচিত। এই দৰে সকলো বিষয়ে ঈশ্বৰৰ আজ্ঞা আৰু নিয়ম মতে কাৰ্য্য বিচাৰ কৰি সমাধা কৰিব। যেনে পৰ- মাত্মাই তোমাৰ অঙ্গ প্ৰত্যঙ্গ যি কাৰ্য্য নিষ্পন্ন কৰিবৰ নিমিত্তে গঠন কৰি দিছে আৰু যি ইন্দ্ৰিয়ৰ দ্বাৰাই যি কাৰ্য্য নিষ্পন্ন হয় সেই ইন্দ্ৰিয়ৰ দ্বাৰাই সেই কাৰ্য্য সমাধা কৰিলে সহজে কাৰ্য্য সমাধা হব আৰু ঈশ্বৰৰ আজ্ঞা আৰু ধৰ্ম্ম পালন হব। যদি ইয়াৰ বিপৰীত কৰি ভৰিৰে নচলি জিদ্ কৰি মূৰেৰে চলিব খোজা তেনে চলিব নোৱাৰিবা অনৰ্থক কষ্ট হব, আৰু ঈশ্বৰৰ আজ্ঞা লঙ্ঘনৰ নিমিত্তে অধৰ্ম্ম হব। যেনে ঈশ্বৰৰ নিয়ম ভোক লাগিলে অন্ন আহাৰ কৰা,পিয়াহ লাগিলে পানী খোৱা, ঘৰত এন্ধাৰ হলে অগ্নি দ্বাৰাই জোনাক কৰা। যদি জিদ্ কৰি অগ্নিৰ দ্বাৰাই জোনাক নকৰি পানী কিম্বা বৰফৰ দ্বাৰাই জোনাক কৰিব খোজা, তেনে জোনাক নহব, অনৰ্থক পৰিশ্ৰম হে সাৰ হব। যদি অগ্নিৰ দ্বাৰাই সহজে জোনাক কৰা তেনে সহজেই এন্ধাৰ দূৰ হৈ জোনাক হব আৰু কাৰ্য্য় সিদ্ধি হব। সেই দৰে মানুহৰ পাৰমাৰ্থিক বিষয় অৰ্থাৎ জ্ঞান আৰু মুক্তিৰ আবশ্যক হলে, ধন বা কোনো প্ৰকাৰ প্ৰপঞ্চৰ আবশ্যক নকৰে, কেবল মন নিচ্ছল আৰু কপটতা ৰহিত হোৱা আবশ্যক। অজ্ঞানৰূপ ৰোগ গুচাবৰ নিমিত্তে কেবল মাত্ৰ জ্ঞানৰূপী তেজোময় জ্যোতিঃস্বৰূপ বিৰাট ভগবান ঔষধৰ প্ৰয়োজন। অৰ্থাৎ ভক্তি আৰু শ্ৰদ্ধা কৰি পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু মাতা-পিতা পৰমাত্মা বিৰাট ব্ৰহ্ম চন্দ্ৰমা সূৰ্য্যনাৰায়ণ দেবক হৃদয়ত ধাৰণ কৰা,আৰু তেওঁৰ নাম “ওঁ” মন্ত্ৰ জপ কৰা, অৱস্থানুসাৰে যথা শক্তি নিতৌ আহুতি দিয়া। যাৰ আহুতি দিবৰ ক্ষমতা নাই, তেওঁৰ নিদিলেও কোনো হানি নাই। কিন্তু ঈশ্বৰে যাক ধন আৰু ঐশ্বৰ্য্য দিছে, তেওঁৰ আহুতি দিয়া উচিত। যাৰ বস্তু, তেওঁক প্ৰীতি আৰু ভক্তি কৰি নিদিয়া ঐশ্বৰ্য্যশালী লোকসকলৰ উচিত নহয়। ধন ঐশ্বৰ্য্য থাকোতে যদি জীৱক আহাৰ আৰু অগ্নি ব্ৰহ্মত আহুতি নিদিয়ে তাক পৰমাত্মাৰ ওচৰত চোৰ বুলি জানিবা। সকলোৱে ৰাতিপুৱা দুপৰীয়া আৰু গধুলি শ্ৰদ্ধা ভক্তি কৰি নিৰাকাৰ সাকাৰ পূৰ্ণৰূপে বিৰাট ভগবান চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জগৎ গুৰু মাতা-পিতা পৰমাত্মাক প্ৰণাম কৰিবা। তেওঁ তোমালোকৰ সকলো প্ৰকাৰ দুঃখ কায়িক আৰু মানসিক অজ্ঞান বা জ্ঞানকৃত যি কোনো প্ৰকাৰৰ পাপ কৰিছা, তাক দূৰ কৰি পৰমানন্দে ৰাখিব, ইয়াক সত্য সত্য জানিবা। যি দৰে অগ্নিদেবে সকলো প্ৰকাৰৰ স্থূল পদাৰ্থ (চন্দন বিষ্ঠা প্ৰভৃতি) সকলোকে ভস্ম কৰি আপোনাৰ ৰূপ কৰি নিৰাকাৰ হয়, সেই দৰে পূৰ্ণপৰব্ৰহ্ম বিৰাট জ্যোতিঃস্বৰূপে সকলো প্ৰকাৰৰ পাপ আৰু অজ্ঞানতা ভষ্ম কৰি জীৱাত্মা আৰু পৰমাত্মা অভেদ কৰি পৰমানন্দে আনন্দৰূপ ৰাখে। ই সকলো শাস্ত্ৰৰ সাৰ ভাব।
গুৰু কাক বোলে?
গু শব্দৰ অৰ্থ অন্ধকাৰ অৰ্থাৎ অজ্ঞানতা, আৰু ৰু শব্দৰ অৰ্থ প্ৰকাশ, যেনে সূৰ্য্যনাৰায়ণ প্ৰকাশ হলে এন্ধাৰ নাথাকে, সেইদৰে তেৱেঁই গুৰু, যি প্ৰকাশ হলে অজ্ঞানতা নাথাকে জীৱাত্মা আৰু পৰমাত্মা অভেদ কৰি পৰমানন্দে আনন্দৰূপ ৰাখে। অৰ্থাৎ পুৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপেই পৰম গুৰু পৰমাত্মা মুক্তি আৰু জ্ঞান দাতা, তেওঁৰ বাহিৰে আন গুৰু কোনো নাই আৰু হবও নোৱাৰিব।
যি সত্য পথে গৈছে, সত্যত যাৰ প্ৰগাঢ় নিষ্ঠা, যি সত্য বোলে, যাৰ সত্য ব্যবহাৰ, সত্যই প্ৰিয়, আৰু সকলোকে সমভাবে যি সৎ উপদেশ দিয়ে, তেওঁ লৌকিক সৎগুৰু অৰ্থাৎ উপদেশ গুৰু। এই প্ৰকাৰ লোকৰ ওচৰত সৎ উপদেশ লোৱা উচিত।
যি গুৰুৱে শিষ্যক মঙ্গলৰ নিমিত্তে বা জ্ঞান মুক্তিৰ নিমিত্তে মন্ত্ৰ দিয়ে, সেই মন্ত্ৰদাতা গুৰুৰ এই কথা নিশ্চয় বোধ হোৱা উচিত যে তেওঁৰ নিজৰ জ্ঞান আৰু মুক্তি হৈছে নে নাই? যদি তেওঁ নিজে জ্ঞানমুক্ত হৈছে, তেন্তে যি পৰমাত্মাৰ পৰা জ্ঞান আৰু মুক্তি পাইছে তেওঁকে দেখাই শিষ্যক উপদেশ দিলে সাধাৰণৰ মঙ্গল হব। যদি তেওঁৰ নিজৰ জ্ঞান হোৱা নাই যে নিজে কোন, মন্ত্ৰ কি, কাৰ নাম ক’ত আছে, নিৰাকাৰ বা সাকাৰ, আৰু যাক মন্ত্ৰ দিছে সেই শিষ্যৰ ৰূপ কি, আৰু এই শিষ্যক যি জনে জ্ঞান দি মুক্ত কৰিব তেওঁৰ স্বৰূপ কি? এই সকলো স্বৰূপ বোধ নিশ্চয় নাথাকি, নিজৰ স্বাৰ্থৰ নিমিত্তে মন্ত্ৰ দিলে, তেওঁৰ আৰু জগতৰ অমঙ্গলৰ সীমা নাথাকে, ঈশ্বৰৰ ওচৰত অপৰাধী হয়।যি গুৰুৰ এইৰূপ স্বৰূপ বোধ নাই তেওঁ প্ৰপঞ্চ কৰি শিষ্যক মন্ত্ৰ দি অধৰ্ম্ম নবঢ়াই স্পষ্ট কৈ দিব যে মোৰ কি ৰূপ আৰু শিষ্যৰ কি ৰূপ, আৰু যি জনে মুক্তি দিব তেওঁৰ কি ৰূপ, মন্ত্ৰ কাক বোলে আৰু মন্ত্ৰ কাৰ নাম, নিৰাকাৰ বা সাকাৰ সেই কথা মই নাজানো,মোৰ জাতীয় ব্যবসায় জীবিকা নিৰ্ব্বাহৰ জন্যে মন্ত্ৰ দিছো, মোৰ অপৰাধ ঈশ্বৰে আৰু তোমালোকে ক্ষমা কৰিবা।
গুৰু কৰাৰ প্ৰয়োজন কি? যেনে পিয়াহ গুচাবৰ নিমিত্তে পানী খোৱাৰ প্ৰয়োজন হয়, সেই দৰে অজ্ঞান দূৰ কৰিবৰ নিমিত্তে আৰু জ্ঞান মুক্তি পাবৰ নিমিত্তে পৰম গুৰু পৰমাত্মা বিৰাট জ্যোতিঃস্বৰূপক গুৰু কৰাৰ আবশ্যক।
⸻
পৰমাত্মাৰ “ওঁ” নাম অৰ্থাৎ “ওঁ” মন্ত্ৰ জপ কৰিবৰ কাৰণ এই কোনো পুত্ৰ কন্যাৰ মাতা পিতাক মাতিবৰ প্ৰয়োজন হলে, মাতা পিতা বুলি মাতিব লগা হয় আৰু যেতিয়া মাতা পিতাই উত্তৰ দিয়ে তেতিয়া আৰু প্ৰয়োজন নাথাকে। সেই দৰে মাতা
পিতাৰূপী ওঁ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট গুৰু আত্মা মাতা পিতাক অজ্ঞান দূৰ কৰিবৰ নিমিত্তে ভক্তি কৰি “ওঁ” নাম লৈ মাতিব লাগে। আৰু যেতিয়া “ওঁ” পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ তোমাৰ ভিতৰে আৰু বাহিৰে প্ৰকাশ হব তেতিয়া আৰু তেওঁক “ওঁ” নাম লৈ মাতিবৰ প্ৰয়োজন নাথাকিব। তেওঁ তোমাৰ সকলো প্ৰকাৰৰ অজ্ঞানতা আৰু ভ্ৰম দূৰ কৰি আৰু দুঃখ গুচাই পৰমানন্দে আনন্দৰূপ ৰাখিব।
⸻
“ওঁ”
সূৰ্য্যনাৰায়ণ অগ্নিত আহুতি প্ৰদান
সূৰ্য্যনাৰায়ণৰ ধ্যান আৰু ব্ৰহ্ম গায়ত্ৰী
সম্বন্ধে বিচাৰ
অনাদি সনাতন ধৰ্ম্ম অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ প্ৰত্যক্ষ বিৰাট ৰূপে জগৎপিতা জগন্মাতা জগদ্গুৰু জগদাত্মা বিৰাজমান আছে। তেওঁক এৰি আৰ্য্যসকলৰ আজি কি দুৰ্দশা নহৈছে?
সেই ধৈৰ্য্য নাই, সেই তেজ নাই, সেই সাহস নাই, সেই বিক্ৰম নাই, সেই একতা নাই, সেই কাৰ্য্যতৎপৰতা নাই, সেই তিতিক্ষা নাই, সেই নিষ্ঠা নাই, সেই ভক্তি নাই, সেই দয়া নাই, সেই ধৰ্ম্ম নাই, সেই সাধনা নাই, সুতৰাং সেই সিদ্ধিও নাই। সকলো
বিষয়তে বলহীন হৈ আছে। ল’ৰা কালত সন্তানসকলক সত্য ধৰ্ম্মৰ সদুপদেশ আৰু সৎ শিক্ষা দিয়া পিতা মাতাৰ কৰ্ত্তব্য। কিন্তু অতি অলপ পিতা মাতাই হে এই কাৰ্য্য কৰে। পূৰ্ব্বকালৰ অৰ্থাৎ বৈদিক সময়ৰ নিচিনা মাক বাপেকে সন্তানসকলক শিক্ষা দীক্ষা দিয়া হলে জগতৰ কত মঙ্গল সাধিত হল হেতেন তাক কব নোৱাৰি।লৰা কালত ব্ৰহ্মচৰ্য্য অবলম্বন, জ্ঞান আৰু মুক্তি উপাৰ্জ্জন কৰি সংসাৰত প্ৰবেশ কৰিলে সিহঁতৰ পৰা সংসাৰ যে সুচাৰুৰূপে চলিব তাক কোৱা বাহুল্য। কাৰণ গৃহস্থাশ্ৰমত অসীম কাৰ্য্য কৰিব লগাত পৰে। সুতৰাং তাত অসীম বুদ্ধি বা জ্ঞানৰ প্ৰয়োজন। বালক কালত পুত্ৰ কন্যাৰ শৰীৰ ইন্দ্ৰিয় মন স্বাভাবিক পবিত্ৰ নিঃসংস্কাৰ আৰু নিষ্কপট থাকে। সেই কালত ব্ৰহ্মচৰ্য্য অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম বিৰাট জ্যোতিঃস্বৰূপ সম্বন্ধীয় সৎশিক্ষা প্ৰদান কৰিলে বয়স বৃদ্ধিৰ লগে লগে জ্ঞান বুদ্ধি আৰু ব্ৰহ্মনিষ্ঠা বৃদ্ধি হয়। সি প্ৰথমেই আপোনাক উদ্ধাৰ কৰে আৰু সংসাৰত সোমাই সংসাৰকো উদ্ধাৰ কৰে। বুঢ়া কালত ধৰ্ম্ম উপাৰ্জ্জন কৰিবলৈ গলে সিদ্ধি হোৱা বৰ কঠিন, কিয়নো লৰা কালৰে পৰা মন অসৎ পদাৰ্থত লিপ্ত থাকে,যৌবনত ইন্দ্ৰিয়ৰ প্ৰবল প্ৰতাপত বশীভূত হয়। সুতৰাং বুঢ়া কালত ইন্দ্ৰিয়াদি মন নিস্তেজ হৈ কাৰ্য্য়কৰী ক্ষমতা আৰু নাথাকে, এই নিমিত্তে মন সংযত নহয়। যি অভ্যাস শিশু অৱস্থাৰ পৰা সাধাৰণ জ্ঞানৰ লগত লগৰীয়া হৈ আহিছে সেই অভ্যাস একোতেই এৰিব
নোৱাৰে। সুতৰাং ধৰ্ম্ম কাৰ্য্য অৰ্থাৎ সাধনাও সুচাৰুৰূপে বা আদৌ নহয়। জীৱই যে সংসাৰত থাকি সদায় নানা প্ৰকাৰ কষ্ট ভোগ কৰে, সাধন বল নথকাই তাৰ একমাত্ৰ কাৰণ। এই নিমিত্তে অনাদি সনাতন ধৰ্ম্মত প্ৰথমৰে পৰা ল'ৰা কালত বিদ্যাৰ লগে
লগে ধৰ্ম্ম অৰ্থাৎ ঈশ্বৰ বিষয়ক জ্ঞান আৰু মুক্তি উপাৰ্জ্জন কৰি সংসাৰত সোমোৱা ব্যবস্থা আছে। ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্য়সকলৰ যেতিয়া উপনয়ন হয় তেতিয়া সদুপদেশ আৰু সৎশিক্ষা আৰু দীক্ষা দিয়া হয়। তেতিয়া সিহঁতক এইমাত্ৰ কোৱা যায় যে আজিৰ পৰা তুমি দ্বিজ হৈছা। তোমাৰ কাৰ্য্য ব্ৰহ্মচৰ্য্য অবলম্বন কৰি বেদপাঠ কৰা, “ওঁ” মন্ত্ৰ ব্ৰহ্ম গায়ত্ৰী জপ কৰা, অগ্নিত আহুতি দিয়া আৰু সাবিত্ৰী জগৎজননী বুলি বিৰাট সূৰ্য্যনাৰায়ণক ধ্যান ধাৰণা কৰা।এইসকল কাৰ্য্য কৰিলে তোমাৰ জ্ঞান হৈ মুক্তি হব, আৰু ব্যবহাৰিক পাৰমাৰ্থিক উভয় কাৰ্য্য সিদ্ধি হব।
উপনয়ন হবৰ সময়ত বেদ পাঠ কৰিবলৈ কোৱাৰ কাৰণ এই যে বেদ পাঠ কৰিলে ঈশ্বৰ অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু সত্য আছে মনত বিশ্বাস হব আৰু মন পবিত্ৰ হব। “ওঁ” মন্ত্ৰ আৰু ব্ৰহ্ম গায়ত্ৰী জপ কৰিবৰ কাৰণে কোৱাৰ অৰ্থ এই যে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ নাম ওঁ আৰু ব্ৰহ্ম গায়ত্ৰী, সেই মন্ত্ৰ বা নাম লৈ তেওঁক মাতিব। সূৰ্য্যনাৰায়ণক সাবিত্ৰী বুলি ধাৰণ কৰিবৰ কাৰণে কোৱাৰ অৰ্থ এই যে নিৰাকাৰ ব্ৰহ্মক প্ৰথমে ধাৰণ কৰিব নোৱাৰিব, নিৰাকাৰ ব্ৰহ্ম প্ৰত্যক্ষ সাকাৰৰূপ তেজোময় জ্যোতিঃ সূৰ্য্যনাৰায়ণ বিৰাটৰূপে বিৰাজমান আছে, এই নিমিত্তে পৰমাত্মাৰ
ৰূপ আৰু আনাৰ ৰূপ সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ বুলি ধাৰণ কৰি, নিৰাকাৰ সাকাৰ পূৰ্ণৰূপে উপাসনা কৰিব। জ্যোতিঃস্বৰূপ
পৰব্ৰহ্ম সূৰ্য্য়নাৰায়ণক ধ্যান আৰু ধাৰণা কৰিবৰ প্ৰয়োজন এই যে যেনে তুমি আহাৰ নকৰিলে স্থূল শৰীৰৰ উঠিবৰ সমৰ্থ নাথাকে,আহাৰ কৰিলে স্থূল শৰীৰত বল হয় আৰু উঠিবৰ ক্ষমতা হয়।সেই দৰে আধ্যাত্মিক বিষয়ে তুমি সূক্ষ্ম শৰীৰত তেজহীন বলহীন হৈ আছা, সেই জগৎমাতা জগৎপিতা জগদ্ গুৰু জগদাত্মা জ্যোতিঃ-স্বৰূপ সুৰ্য্যনাৰায়নক ধাৰণ কৰিলে আধ্যাত্মিক বিষয়ত উন্নতি হয়,তেজ, বল, বুদ্ধি আৰু জ্ঞান হৈ পূৰ্ণৰূপে পৰমাত্মাক ধাৰণ কৰিবৰ শক্তি জন্মে, মনত নিষ্ঠা আৰু ভক্তি হয়। জ্যোতিঃস্বৰূপ সূৰ্য্য়নাৰায়ণক ধাৰণ কৰিলে জীৱাত্মা আৰু পৰমাত্মা অভেদ দেখিবলৈ
পাব আৰু ব্যবহাৰিক আৰু পাৰমাৰ্থিক উভয় কাৰ্য্য় বুজি উত্তমৰূপে সমাধা কৰিব পাৰিব। উভয় কাৰ্য্য সিদ্ধি হলে সদায় নিৰ্ব্বিকাৰহৈ পৰমানন্দে থাকিব পাৰিব। গৃহস্থ আশ্ৰমত থাকিও কোনো বিষয়ত আসক্তি নজন্মিব। লাভ আৰু হানিত সুখত আৰু দুঃখত সমভাবে থাকি, দেখিব লক্ষ টকা লাভ হলে নিজৰ একো লাভ হোৱা নাই এবং লক্ষ হানি হলে নিজৰ একো হানি হোৱা নাই,তুমি যেনে আছিলা তেনেই আছা
ত্যাগ আৰু গ্ৰহণ সম্বন্ধে বিচাৰ কৰি দেখা যে ব্ৰহ্মাণ্ডৰ মাজত তোমাৰ এনে কি বস্তু আছে যাক তুমি ত্যাগ বা গ্ৰহণ কৰিব পাৰা? যদি তোমাৰ নিজৰ কোনো বস্তু হলহেতেন তেনে তুমি তাক ত্যাগ বা গ্ৰহণ কৰিলা হেতেন। এই বিশ্বৰ মাজত তোমাৰ কোনো বস্তু নিজৰ নহয়, আন কি এই স্থূল দেহো তোমাৰ নহয়, কাৰণ মৃত্যুকালত ইয়াক লগত লৈ যাব নোৱাৰিবা, সুতৰাং তোমাৰ ত্যাগ আৰু গ্ৰহণ একো নাই,তোমাৰ আমাৰ অজ্ঞানতাত ত্যাগ আৰু গ্ৰহণ মাত্ৰ। তুমি আৰু তোমাতকৈ পৃথক পৰমাত্মা
বোধ হৈছিল, কিন্তু বাস্তবিক তেনে নহয়; এই সকলোৰে সৈতে পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান পৰিপূৰ্ণ আছে। জ্ঞানী লোকে ত্যাগ আৰু গ্ৰহণৰ প্ৰকৃত ভাব বুজি সংসাৰত পৰমানন্দে থাকে।
অগ্নিত আহুতি দিয়াৰ কাৰণ এই যে তাত জগতৰ হিত হয়। যেনে খেতিয়কে পৃথিবী তত্ত্বত মাটি চাহ কৰি ধান বয়,পাছে তাত অঙ্কুৰ হৈ গছ হয় তাৰ পাছত ফুল হৈ ফল অৰ্থাৎ ধান হয়। এহালিছা মাটিত চাৰি বা পাচ সেৰ ধান বলে কুৰি পচিছ মোন ধান হয়। সেই দৰে অগ্নিতত্ত্বত উত্তম উত্তম বস্তু আহুতি দিলে তাৰ ধোৱা আকাশত গৈ মেঘ হয়, তাতে দেবতা তুষ্ট হৈ সময়ত জল বৰ্ষণ কৰে আৰু তদ্দাৰা অন্ন উৎপন্ন কৰি প্ৰজাসকলক পালন কৰে। আৰু যজ্ঞায় ধোঁৱাৰ পৰা বায়ু পৰিষ্কাৰ
হয়, সেই অগ্নিৰ তেজত অন্তঃকৰণ শুদ্ধ হয়, অন্তঃকৰণ শুদ্ধ হলে পৰমাত্মাত ভক্তি আৰু নিষ্ঠা জন্মে। অগ্নিত আহুতি দিলে বিবেকৰ উদয় হয়। দেখিবলৈ পোৱা যায় যে, যি কোনো বস্তু অগ্নিত দিয়া যায়, অগ্নিয়ে সেই সকলোকে আপোনাৰ ৰূপ অৰ্থাৎ ভস্ম কৰি নিৰাকাৰ হয়। সেই সকলো বস্তু ক'লৈ গৈছে, এই প্ৰশ্নৰ মীমাংসা
কৰিবলৈ গলে বিবেক আপোনা আপুনি আহি উদয় হয়, আৰু জগত সংসাৰ অসাৰ বুলি ইয়াত আসক্তি নজন্মে। এই নিমিত্তে শ্মশানত গৈ যোগ কৰিবৰ উপদেশ শাস্ত্ৰকাৰসকলে দিয়ে। মনক প্ৰকৃত শ্মশান বোলে। যেন বাহ্যিক শ্মশানত শবদাহ হয়, সেইদৰে মনৰূপ শ্মশানত জ্ঞানাগ্নিৰ দ্বাৰাই দ্বৈত অদ্বৈত জন্ম মৃত্যু মায়া প্ৰভৃতি ভস্মীভূত হৈ ব্ৰহ্ম পূৰ্ণৰূপে প্ৰকাশ হয়। সেই মনৰূপ শ্মশানত বহি জ্ঞানী লোকে শিব অৰ্থাৎ পৰব্ৰহ্মৰ উপাসনা আৰু ধাৰণা কৰি শিবস্বৰূপ অৰ্থাৎ ব্ৰহ্মস্বৰূপ হয়। প্ৰত্যক্ষ দেখি পোৱা
যায় যি কোনো বস্তু অগ্নি ত দিলে অগ্নিদেবে আপোন ৰূপ কৰি লয়। যদি সেই সকলো বস্তু স্বৰূপত এক নহল হেতেন তেনে পাছত কেতিয়াও একৰূপ নহল হেতেন।
বেদাদি শাস্ত্ৰত সূৰ্য্যনাৰায়ণত সকলো দেবতাৰ আৰু দেবীৰ ধ্যান ধাৰণা কৰিবৰ বিধি আছে। ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি তিনিও সময়তে, প্ৰাতে(ৰাতিপুৱা) ব্ৰহ্মাৰূপে, দুপৰীয়া বিষ্ণুৰূপে আৰু গধূলি শিবৰূপে। ৰাতিপুৱা ঋকবেদ, অৰ্থাৎ কালীৰূপে,দুপৰীয়া যজুৰ্ব্বেদ অৰ্থাৎ দুৰ্গাৰূপে, আৰু গধূলি সামবেদ অৰ্থাৎ
সৰস্বতী, সাবিত্ৰী, গায়ত্ৰী মাতাৰূপে সূৰ্য্যনাৰায়ণৰ ধ্যান ধাৰণা কৰিবৰ বিধি যথা।
ৰাতিপুৱা ব্ৰহ্মাৰূপে-
“ওঁ ৰক্তবৰ্ণং চতুৰ্ম্মুখং দ্বিভুজং অক্ষসূত্ৰ-
কমণ্ডলুকৰং হংসাসনসমাৰূঢ়ং
ব্ৰহ্মাণং নাভিদেশে ধ্যায়েৎ।”
ইয়াৰ আধ্যাত্মিক সাৰ অৰ্থ এই দৰে জানিবা। বক্তবৰ্ণং অৰ্থাৎ ৰাতিপুৱা যেতিয়া সূৰ্য্যনাৰায়ণ ৰঙা তেজোময় জ্যোতি: বালক স্বৰূপ নিৰাকাৰৰ পৰা সাকাৰ ৰূপে প্ৰকাশ হয় সেই ৰাতিপুৱা কালৰ ৰূপ ৰঙা বৰ্ণ। চতুৰ্ম্মুখং অৰ্থাৎ চাৰিও ফালে যাৰ মুখ আছে। যেনে জুই জ্যোতিঃৰ দশোদিকে মুখ আছে, যি ফালৰপৰা হাত দিব সেই ফালৰ পৰা হাত পুৰিব। সেই দৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ সূৰ্য্যনাৰায়ণৰ দশোদিকে মুখ আছে। মুখ অৰ্থে জ্যোতিঃ। সূৰ্য্যনাৰায়ণ আৰু চন্দ্ৰমা জ্যোতিঃ যেতিয়া উদয় হয়,তেতিয়া তেওঁৰ জ্যোতিঃ চতুৰ্দ্দিকে অৰ্থাৎ সমস্ত জগততে পৰে।এই নিমিত্তে মুনি ঋষিসকলে ৰাতিপুৱা জ্যোতিঃস্বৰূপ সূৰ্য্য়নাৰায়ণৰ
চতুৰ্ম্মুখ ব্ৰহ্মাৰূপে কল্পনা কৰিছে। ৰাতিপুৱা যেতিয়া সেই জ্যোতিঃ ব্ৰহ্মাৰূপে প্ৰকাশ হয় তেতিয়া প্ৰত্যেক নৰনাৰী সকলোৱে ভক্তি কৰি তেওঁক নমস্কাৰ আৰু ধ্যান ধাৰণা কৰিব। দ্বিভুজং অৰ্থাৎ দুই হাত। যি নিৰাকাৰ ব্ৰহ্ম তেওঁৰ দুই হাত নাই। দুই হাতৰ
ভাব এই যে বিদ্যা আৰু অবিদ্যা জ্ঞান আৰু অজ্ঞান। এয়ে তেওঁৰ দুই হাত। অবিদ্যাৰূপ হাতেৰে তেওঁ এই ব্ৰহ্মাণ্ড ৰচনা কৰিছে। বিদ্যাৰূপ হাতেৰে সকলোকে ভয় কৰি আপোন কাৰণত স্থিতি কৰিছে। অক্ষসূত্ৰ অৰ্থাৎ অক্ষয়, যাৰ ক্ষয় নাই, অবিনশ্বৰ।সূত্ৰ অৰ্থে জ্যোতিঃ অৰ্থাৎ যি জ্যোতিঃৰ ক্ষয় নাই। কমণ্ডলুকৰংঅৰ্থাৎ চৰাচৰ ব্ৰহ্মাণ্ডৰ স্থূল শৰীৰ, জ্যোতিঃ সূত্ৰত গাথি নিজৰ হাতত ৰাখিছে। অৰ্থাৎ সকলো ব্ৰহ্মাণ্ড তেওঁৰ পৰা উৎপত্তি আৰু তেওঁতে লয় হৈছে, আৰু তেওঁতে সকলো স্থিতি আছে; তেওঁৰে ৰূপ মাত্ৰ। হংস অৰ্থাৎ বিবেকী পুৰুষ। হৰি ভক্তজনৰ নাম
হংস। হংসই যি দৰে পানী এৰি গাখীৰ খায়, সেই দৰে হৰিভক্তজনে এই সংসাৰক পানীৰ দৰে এৰি পৰমাত্মা ৰূপ অমৃত খায়।এই নিমিত্তে তেওঁবিলাকৰ নাম হংস। সেই ভগবতভক্ত বিবেকী পুৰুষৰূপী হংসৰ ওপৰত ব্ৰহ্মা অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ
আৰূঢ়, অৰ্থাৎ হৰিভক্ত জনৰ হৃদয়ত বাস কৰে। অৱশ্যে তেওঁ সকলোতে পৰিপূৰ্ণ ৰূপে থাকিলেও বিবেকী পুৰুষত তেওঁ বিশেষৰূপে প্ৰকাশ হয়। যেতিয়া সেই বিবেকী পুৰুষ পৰমপদ প্ৰাপ্ত হয় তেতিয়া তেওঁক পৰমহংস বোলে। যি জীৱাত্মা আৰু পৰমাত্মা অভেদ জ্ঞান হৈ পৰমপদ প্ৰাপ্ত হৈছে তেৱেঁই পৰমহংস। নাভিদেশে ধ্যায়েৎ অৰ্থাৎ নাভিৰ মাজত ধাৰণ কৰিব। আপোনাৰ ক্ষুদ্ৰ নাভিত আৰু বিৰাটৰূপ আকাশ নাভিত তেজোময় জ্যোতিঃ, জগৎ পিতা,
জগন্মাতা, জগদ্ গুৰু, জগদাত্মা চন্দ্ৰমা সূৰ্য্য়নাৰায়ণ ৰূপে প্ৰকাশিত পৰমাত্মাক ভক্তি কৰি ধাৰণ কৰিব বা চিন্তা কৰিব।
মধ্যাহ্নে (দুপৰীয়া) বিষ্ণুৰূপে-
“ওঁ হৃদি নীলোৎপলদল প্ৰভং
চতুৰ্ভুজং শঙ্খচক্ৰগদাপদ্মহস্তং
গৰুড়াসনসমাৰূঢ়ং (হৃদি) কেশবং ধ্যায়েৎ।”
অপোনাৰ ক্ষুদ্ৰ হৃদয়ত আৰু বিৰাট ব্ৰহ্মৰ আকাশৰূপ হৃদয়ত( নীলবৰ্ণ আকাশত) নীলোৎপলদলপ্ৰভং অৰ্থাৎ নীল পদ্ম সদৃশ বিষ্ণু ভগবান পৰম জ্যোতিঃ নাৰায়ণ প্ৰকাশমান আছে।শঙ্খচক্ৰগদাপদ্মহস্তং। শঙ্খ অৰ্থে সমষ্টি চৰাচৰৰ মস্তক। যেতিয়া চেতন বিষ্ণু ভগবানে মস্তকৰূপী শঙ্খ বজায়, তেতিয়া সমস্ত চৰাচৰে সকলো কাৰ্য্য কৰে আৰু বাইবেল কোৰাণ বেদান্ত শাস্ত্ৰাদি পাঠ কৰে। যেতিয়া আপোনাৰ চেতনা শক্তি সঙ্কোচ কৰি লয়, তেতিয়া চৰাচৰৰ মস্তকৰূপী শঙ্খ নিদ্ৰা (টোপনি) অৱস্থাত পৰি থাকে কোনো কাৰ্য্য নকৰে। চক্ৰ অৰ্থাৎ জ্ঞান। সেই জ্ঞান চক্ৰেৰে
অজ্ঞানৰূপী ৰাক্ষসক খণ্ড খণ্ড কৰি জীৱাত্মা পৰমাত্মা অভেদৰূপে পৰমানন্দে আনন্দৰূপে ৰাখে। গদা অৰ্থে অবিদ্যা। অহঙ্কাৰী অৰ্থাৎ পৰমাত্মাৰ বিমুখী লোকক অবিদ্যাৰূপী গদাৰে তাড়না কৰে।পদ্ম অৰ্থে মন। মনোৰূপ পদ্মেৰে সমষ্টি জ্ঞানেন্দ্ৰিয় আৰু কৰ্ম্মেন্দ্ৰিয় ধাৰণ কৰিছে। মনেৰে জয় আৰু পৰাজয় কৰে, মন জয় হলে সকলো জয় হয়। বিষ্ণু ভগবানৰ চাৰি হাত অৰ্থাৎ মন বুদ্ধি চিত্ত অহঙ্কাৰ এই চাৰি অন্তঃকৰণ। এই চাৰি হাতেৰে চৰাচৰক পালন কৰিছে। গৰুড়াসনসমাৰূঢ়ং। গ + ও গো শব্দে চৰাচৰৰ জ্ঞানেন্দিয় আৰু কৰ্ম্মেন্দ্ৰিয়ৰ ভিতৰত আৰু বাহিৰত পৰিপূৰ্ণৰূপে
বিষ্ণু ভগবান আৰূঢ় অৰ্থাৎ বিৰাজমান থাকি সকলো ইন্দ্ৰিয়ক প্ৰেৰণা কৰিছে। সেই বিষ্ণু ভগবান জ্যোতিঃস্বৰূপক চৰাচৰে সৈতে পূৰ্ণৰূপে ভক্তি কৰি নমস্কাৰ কৰা উচিত।
গধুলি শিবৰূপে-
“ললাটে শ্বেতং দ্বিভূজং ত্ৰিশূল-
ডমৰুকৰমৰ্দ্ধচন্দ্ৰবিভূষিতং পঞ্চবক্ত্ৰং
ত্ৰিনেত্ৰং বৃষভাসনস্থং শম্ভুং ধ্যায়েৎ।”
ললাট, নিজৰ ক্ষুদ্ৰ কপালত আৰু বিৰাট ব্ৰহ্মৰ আকাশৰূপ কপালত। শ্বেত অৰ্থে বগা বৰ্ণ : গধুলি যেতিয়া সূৰ্য্যনাৰায়ণ মহাতেজ সঙ্কোচ কৰি শীতল চন্দ্ৰমা জ্যোতিঃৰূপে প্ৰকাশ হয় সেই সময়ত শিবৰূপে সেই চন্দ্ৰমা জ্যোতিঃক ধাৰণা কৰিব। দ্বিভুজং অৰ্থে বিদ্যা আৰু অবিদ্যা। ত্ৰিশূল অৰ্থে ত্ৰিতাপ আৰু সত্ত্ব ৰজঃতমঃ এই তিনি গুণ। ডমৰু ( এক প্ৰকাৰ বাদ্য যন্ত্ৰ) চৰাচৰৰ শৰীৰ। এই চৰাচৰ শৰীৰৰূপী বাদ্য যন্ত্ৰৰ পৰা কত প্ৰকাৰ ৰাগ ৰাগিণী ওলাইছে তাৰ সীমা নাই। এই শৰীৰৰূপী ডমৰু বাদ্য যন্ত্ৰক শিব চেতন অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম বিৰাট জ্যোতিঃস্বৰূপে বজাইছে,
তাৰে পৰা নানা প্ৰকাৰ সুৰ ওলাইছে। অৰ্দ্ধচন্দ্ৰম্ অৰ্থে ভূষণ সংযুক্ত চন্দ্ৰমা জ্যোতিঃ। তাতে শিব বাস কৰে। ভূষণৰ অৰ্থ জগৎমায়া। শিব শব্দে জ্যোতিঃ চেতন। পঞ্চবক্ত্ৰং পাঁচমুখ অৰ্থাৎ ক্ষিত্য়াপ্ তেজোমৰুদ্ব্যোম্ এই পাচ তত্ত্ব বিৰাট ভগবানৰ অঙ্গ-প্ৰত্যঙ্গ।
ত্ৰিনেত্ৰং অৰ্থে জ্যোতিঃস্বৰূপ অগ্নি, চন্দ্ৰমা আৰু সূৰ্য্য়নাৰায়ণ, অৰ্থাৎ জ্ঞান, অজ্ঞান, বিজ্ঞান। অজ্ঞান চক্ষুৰে গৃহস্থসকলে ব্যবহাৰিক কাৰ্য্য কৰিছে। জ্ঞান চক্ষুৰে সদসৎ বিচাৰ কৰিছে আৰু বিজ্ঞান চক্ষুৰে জীবাত্মা পৰমাত্মা অভেদ দেখি অৰ্থাৎ এক হৈ পৰমানন্দে মুক্তস্বৰূপ
থাকে। বৃষ-ষাঁড়। অৰ্থাৎ অহঙ্কাৰ আৰু কামৰূপী ষাঁড়ৰ ওপৰত
(তওঁ আৰূঢ় থাকে। অহঙ্কাৰ আৰু কামৰূপ ষাড়ৰ নিচিনা বলবান
জগতত নাই। ললাটে ধ্যায়েৎ অৰ্থাৎ সেই পৰম জ্যোতিঃ মস্তকত
আছে সেই জ্যোতিঃস্বৰূপ চন্দ্ৰমা সূৰ্য্যনাৰায়ণক প্ৰীতি ভক্তি কৰি
ধাৰণ কৰিব। সেই বিৰাট ব্ৰহ্ম জ্যোতিঃস্বৰূপ চন্দ্ৰমা সূৰ্য্যনাৰায়ণৰ
আৰু নানা নাম কল্পনা কৰিছে যথা বেদ মাতা, ঋক, যজুঃ আৰু
সাম বেদ; দুৰ্গা, কালী, সৰস্বতী, গায়ত্ৰী, আৰু সাবিত্ৰী, ব্ৰহ্মা,
বিষ্ণু মহেশ্বৰ, ইন্দ্ৰ, গণেশ ঈশ্বৰ, ওঁ ইত্যাদি। ৰাতিপুৱা ঋকবেদ
অৰ্থাৎ কালীৰূপে, দুপৰীয়া যজুৰ্ব্বেদ অৰ্থাৎ দুৰ্গাৰূপে আৰু গধূলি
সামবেদ অৰ্থাৎ সৰস্বতীৰূপে সূৰ্য্যনাৰায়ণক ধ্যান কৰিব। ব্ৰহ্মগায়ত্ৰী
আৰু সাবিত্ৰী সন্ধ্যা আত্মিক প্ৰভৃতি সকলে নামৰ ধ্যান সূৰ্য্য়নাৰায়ণতে
আছে যথা--
ওঁ প্ৰাতৰ্গায়ত্ৰী-
“ৰবিমণ্ডলমধ্যস্থা ৰক্তবৰ্ণা দ্বিভুজা
অক্ষসূত্ৰ কমণ্ডলুধৰা হংসাসনাৰূঢ়া ব্ৰহ্মাণী
ব্ৰহ্ম দৈবত্যা কুমাৰী ঋগ্বেদোদাহৃতা ধ্যেয়া।”
ৰাতিপুৱা গায়ত্ৰীক কুমাৰী ঋকবেদ অৰ্থাৎ কালীমাতা স্বৰূপা ব্ৰহ্মৰূপিনী হংসাৰূঢ়া অক্ষসূত্ৰ আৰু কমণ্ডলুহন্তা ৰক্তবৰ্ণা দ্বিভুজা সূৰ্য্য়মণ্ডলৰ মাজত আছে এই দৰে চিন্তা কৰিব। দুপৰীয়া—ওঁ মধ্যাহ্ণে
“সাবিত্ৰী বিমণ্ডলমধ্যস্থা
কৃষ্ণবৰ্ণা চতুৰ্ভুজা ত্ৰিনেত্ৰা শঙ্খচক্ৰগদা-
পদ্মহন্তা যুবতী গৰুড়াৰূঢ়া বৈষ্ণবী,
বিষ্ণু দৈবত্যা যজুৰ্ব্বেদদোহৃতা ধ্যেয়া।”
দুপৰীয়া গায়ত্ৰীক যুবতী যজুৰ্ব্বেদস্বৰূপা বিষ্ণুৰূপিণী গৰুড়াৰূঢ়া কৃষ্ণবৰ্ণা চতুৰ্ভুজা ত্ৰিনেত্ৰা শঙ্খ চক্ৰ গদা পদ্ম ধাৰিণী সাবিত্ৰী ৰূপে সূৰ্য্য়মণ্ডলত আছে এইদৰে চিন্তা কৰিব।
গধূলি-ওঁ সায়াহ্ণে
সৰস্বতী ৰবিমণ্ডলমধ্যস্থা
শুক্লবৰ্ণা দ্বিভুজা ত্ৰিশূলডমৰুকৰা
বৃষভাসনাৰূঢ়া বৃদ্ধা ৰুদ্ৰাণী ৰুদ্ৰদৈবত্যা:
সামবেদোদাহৃতা ধ্যেয়া।”
গধূলি গায়ত্ৰীক সামবেদ স্বৰূপ শিবৰূপিণী বৃষভাৰূঢ়া শুক্লবৰ্ণা দ্বিভুজা ত্ৰিশূল আৰু ডমৰুধাৰিণী সৰস্বতীৰূপে সূৰ্য্য়মণ্ডলৰ মাজত আছে এইদৰে চিন্তা কৰিব।
মনুৱে কৈছে-
অগ্নিৰ্বায়ু ৰবিভ্যেস্ত ত্ৰয়ো ব্ৰহ্মসনাতন।”
অৰ্থাৎ সূৰ্য্য়নাৰায়ণ, অগ্নি আৰু বায়ু এই তিনি সনাতন ব্ৰহ্ম।
সতপথ ব্ৰাহ্মণত কৈছে-
“অগ্নিৰ্বাঋগ্বেদজায়তে, বায়ুৰ্বাযজুৰ্ব্বেদ
জায়তে, সূৰ্য্যান্তু সামবেদঃ।
অৰ্থাৎ অগ্নিৰ পৰা ঋকবেদ হৈছে এই নিমিত্তে অগ্নিৰ নাম ঋক্ বেদ মাতা। বায়ুৰ পৰা যজুৰ্ব্বেজ হৈছে এই নিমিত্তে বায়ুৰ নাম যজুৰ্ব্বেদ মাতা। সূৰ্য্যনাৰায়ণৰ পৰা সামবেদ হৈছে এই নিমিত্তে সূৰ্য্যনাৰায়ণক সামবেদ মাতা বলে। একে বিৰাট পূৰ্ণপৰব্ৰহ্মৰ উপাধি ভেদে নানা প্ৰকাৰ নাম কল্পিত হৈছে কিন্তু তেওঁ অনেক নহয়। একে বিৰাট জ্যোতিঃস্বৰূপ মঙ্গলকাৰী পুৰুষ নিৰাকাৰ
সাকাৰ পূৰ্ণৰূপে বিৰাজমান আছে। অজ্ঞানী লোকে সেই সকলো কল্পিত নাম আৰু তাৰ অৰ্থকে লৈ ব্যস্ত থাকে। মূল বস্তু পৰমাত্মাৰ প্ৰতি একেবাৰে দৃষ্টি নাথাকে কিন্তু জ্ঞানী লোকে সেই সকলো নামৰ অৰ্থ এৰি মূল বস্তু পৰমাত্মাক ধাৰণ কৰে। যেনে পানীৰ নানা প্ৰকাৰ নাম এৰি পানী বস্তুক তুলি খালে পিয়াহ গুচে। সেইদৰে
সত্য শুদ্ধ চৈতন্য পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ মাতা পিতা গুৰু পৰমাত্মাৰ নানা প্ৰকাৰ কল্পিত নাম উপাধি এৰি জ্যোতিঃক ধাৰণ কৰিলে সহজে মনৰ সকলো বিপদ কষ্ট গুচি শান্তি হয়। নিৰাকাৰ আৰু সাকাৰ পূৰ্ণৰূপে উপাসনা কৰা মনুষ্য মাত্ৰৰে কৰ্ত্তব্য। পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু মাতা পিতাৰ প্ৰতি সদায় নিষ্ঠা ভক্তি প্ৰীতি ৰাখি তেওঁৰ ৰূপ আপোনাৰ ৰূপ আৰু মন্ত্ৰৰ ৰূপ প্ৰত্যক্ষ চন্দ্ৰমা সূৰ্য্য়নাৰায়ণ জ্যোতিঃস্বৰূপক একে জানি ধ্যান ধাৰণা কৰিব।
অজ্ঞানী লোকে মনত ভাবে যে বিৰাট ভগবান জ্যোতিঃ-স্বৰূপ সূৰ্য্যনাৰায়ণ আৰু সূৰ্য্যনাৰায়ণৰ মণ্ডল অৰ্থাৎ তেওঁৰ প্ৰকাশ আৰু তেওঁত যি কল্পিত দেব দেবী ভগবান তেওঁবিলাক সূৰ্য্যনাৰায়ণতকৈ বেলেগ। সিহঁতে নাজানে যে দেব দেবী বিৰাট
সূৰ্য্যনাৰায়ণৰে কল্পিত নাম মাত্ৰ। জ্ঞানীলোকে জানে সকলো কল্পিত দেব দেবীৰ নানা নাম জ্যোতিঃস্বৰূপ সূৰ্য্যনাৰায়ণৰে। দেৱ দেবী বেলেগ বস্তু নহয়। যেনে জুই আৰু জুইৰ প্ৰকাশ আৰু দাহিকা শক্তি সকলো জুইতকৈ বেলেগ নহয়। সেই দৰে সূৰ্য্য-
নাৰায়ণেই সমষ্টি বিৰাট স্বৰূপ। ৰাতিপুৱা আৰু গধুলি যেতিয়া নিৰাকাৰৰ পৰা সাকাৰৰূপে প্ৰকাশ হয়, তেতিয়া ল’ৰা, বুঢ়া,ডেকা, পুৰুষ, স্ত্ৰী সকলোৱে ভক্তিৰে নমস্কাৰ কৰিব। মনত ৰাখিব
যে একেই মাতা পিতা গুৰু আত্মা। তেওঁ মনৰ সকলো প্ৰকাৰ ভ্ৰম কুসংস্কাৰ গুচাই পৰমানন্দে আনন্দৰূপে ৰাখি ধৰ্ম্ম অৰ্থ কাম আৰু মোক্ষ চতুৰ্ব্বিধ জ্ঞান দিব। এক অক্ষৰ প্ৰণব মন্ত্ৰ জপ কৰিব।চাৰিবেদৰ মূল চৌব্বিশ অক্ষৰ ব্ৰহ্মগায়ত্ৰী। ব্ৰহ্মগায়ত্ৰীৰ মূল “ওঁ” প্ৰণব মন্ত্ৰ। “ওঁ” মন্ত্ৰৰ মুল পূৰ্ণপৰব্ৰহ্ম তেজোময় জ্যোতিঃস্বৰূপ বিৰাট সূৰ্য্যনাৰায়ণ জগৎগুৰু জগদাত্মা। যদি কোনোৱে সন্ধ্যা আহ্ণিক নকৰি কেবল ব্ৰহ্মগায়ত্ৰী জপ কৰে তাৰ সন্ধ্যা আহ্ণিক কৰাৰ ফল হয়। সন্ধ্যা আহ্নিক আৰু ব্ৰহ্মগায়ত্ৰী দুইকো নকৰি যি কেবল মাত্ৰ একাক্ষৰ “ওঁ” মন্ত্ৰ ভক্তিৰে জপ কৰে তাৰ সন্ধ্যা আহ্ণিক আৰু ব্ৰহ্মগায়ত্ৰী দুয়ো জপ কৰাৰ ফল হয়। এই সকলো একো নকৰি যদি সূৰ্য্যনাৰায়ণ আৰু চন্দ্ৰমা জ্যোতিঃৰ সমুখে ভক্তি প্ৰীতিৰে পূৰ্ণৰূপে নমস্কাৰ কৰে তাৰ উপাসনাৰ সকলো ফল লাভ হয় আৰু মনত শান্তি হয়। “ওঁ” পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ভগবানৰ নাম। বিৰাট পৰব্ৰহ্মৰ অঙ্গ-প্ৰত্যঙ্গৰ নাম দেবতা আৰু
দেবী মাতা। বেদত স্পষ্ট লেখা আছে বিৰাট সুৰ্য্যনাৰায়ণ, চন্দ্ৰমা,অগ্নি, বায়ু ইত্যাদি দেব দেবী প্ৰভৃতি নাম কল্পিত আছে। এই ইষ্ট গুৰু পৰমাত্মাৰ পৰা বিমুখ হৈ আৰ্য্য জাতিৰ এই অধঃপতন হৈছে। ভবিষোত্তৰ পুৰাণৰ আদিত্য হৃদয়ৰ ভগবত বচন যথা-শ্লোক ৩৭
‘‘আদিত্যং পশ্যতি ভক্ত্যা ধ্ৰবং পশ্যতি মাং নৰঃ।
পশ্যতি যো নচাদিত্যং স ন পশ্যতি মাং নৰঃ॥”
অৰ্থাৎ শ্ৰীকৃষ্ণ ভগবানে কৈছে যি ভক্তই আদিত্যৰূপে মোক দৰ্শন কৰে তেওঁ নিশ্চয় মোকে দৰ্শন কৰে, যি আদিত্যক দৰ্শন নকৰে সি মোক দৰ্শন কৰে।
⸻
ব্ৰহ্মগায়ত্ৰীৰ আহ্বান
মন্ত্ৰ আৰু অৰ্থ
“ওঁ আয়াহি বৰদে দেবী ত্ৰক্ষৰে ব্ৰহ্মবাদিনী গায়ত্ৰী ছন্দসাং মাতঃ ব্ৰহ্মযোনি নমোস্তুতে।”
শাস্ত্ৰত “ওঁ” মন্ত্ৰৰ ৰূপ এই দৰে দেখাবৰ অৰ্থ কি?নিৰাকাৰ ব্ৰহ্মৰ ৰূপ নাই, বেদত নিৰাকাৰৰ “ওঁ” ৰূপে বৰ্ণনা কৰিবৰ প্ৰয়োজন নাই। যেতিয়া নিৰাকাৰ পৰব্ৰহ্ম সাকাৰ জগৎৰূপে অৰ্থাৎ বিৰাটৰূপে বিস্তাৰ হয় তেতিয়া তেওঁক ওঁ বুলি শাস্ত্ৰত ঋষি মুনিসকলে কল্পনা কৰে। অ, উ, ম অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ,এই তিনি অক্ষৰ যোগ হৈ ওঁ অক্ষৰ হৈছে। অৰ্থাৎ সকলো চৰাচৰ স্ত্ৰী পুৰুষে সৈতে মঙ্গলকাৰী বিৰাট পৰব্ৰহ্মৰ নাম ওঁ বোলা হয়। সেই ওঁ ওপৰত যে চন্দ্ৰবিন্দু লেখা আছে তাৰ অৰ্থ এই
চৰাচৰৰ মস্তকৰ ভিতৰত আৰু বাহিৰত যি জ্যোতিঃ আছে অৰ্থাৎ তেজোৰূপ সূৰ্য্যনাৰায়ণেই সেই বিন্দু। অৰ্দ্ধমাত্ৰা চন্দ্ৰমা জ্যোতিঃ,চৰাচৰৰ কণ্ঠ ভাগত বিৰাজ কৰিছে। “ওঁ” অৰ্থে বিৰাট ব্ৰহ্ম অৰ্থাৎ সমস্ত জীৱৰ জ্ঞানেন্দ্ৰিয় আৰু কৰ্ম্মন্দ্ৰিয় জানিবা। ওঁ আয়াহি বৰদে দেবী, ইয়াৰ ভাব এই –“ওঁ” ব্ৰহ্ম জগৎ স্বৰূপ বিৰাট জগৎ
জননী মাতা পিতাৰূপে বিৰাজমান আছে। যেতিয়া গৃহস্থসকলে ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য কৰিবলৈ উপস্থিত হব সেই সময়ত প্ৰথমে এই মন্ত্ৰেৰে জগৎ জননী জগৎ পিতা জ্যোতিঃস্বৰূপক ভক্তি পূৰ্ব্বক মাতি কাৰ্য্য সমাধা কৰিব। আয়াহি অৰ্থে আগমন কৰোক, বৰদে দেবী অৰ্থে তুমি একমাত্ৰ বৰদায়িনী। তুমি বৰ দিলে আন কোনো নাই যি খণ্ডন কৰিব পাৰে। ওঁ আয়াহি
বৰদে দেবী অৰ্থাৎ জগৎ জননী আহি মোৰ হৃদয়ত প্ৰকাশ হওক।ত্ৰ্য়ক্ষৰে অৰ্থ হে মাতা পিতা তুমি তিনি অক্ষৰৰূপে জগৎস্বৰূপ বিৰাজমান আছা। তিনি অক্ষৰ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, অ, উ, ম, কাৰণ,সূক্ষ্ম আৰু স্থূল। ব্ৰহ্মবাদিনী অৰ্থাৎ তুমি নিজে ব্ৰহ্মৰূপিণী হৈ ব্ৰহ্মক প্ৰতিপাদন কৰা অৰ্থাৎ ব্ৰহ্মৰ অস্তিত্ব তোমাৰে পৰা প্ৰকাশ হৈছে।গায়ত্ৰী ছন্দ অৰ্থাৎ তুমি গায় (শৰীৰ) বিৰাটৰূপ ধাৰণ কৰিছা।ত্ৰী অৰ্থাৎ ত্ৰিগুণময়ী সত্ত্ব ৰজঃ তমঃ গুণ। তুমি এই জগৎ মায়াৰ পৰা ত্ৰাণ কৰা। সাং অৰ্থাৎ সং সাজিছা। মাতঃ ( সাকাৰ বিৰাটৰূপে মাতঃ ) ব্ৰহ্ম যোনি নমোস্তুতে অৰ্থাৎ, হে মা তুমি ব্ৰহ্ম যোনিৰূপ, তোমাৰ পৰা এই জগৎ উৎপন্ন হৈ তোমাতে স্থিতি
আছে, তোক নমস্কাৰ কৰিছোঁ। এই যে কাম কৰিবলৈ উদ্যত হৈছো তাত যেন কোনো বিঘ্ন নঘটে উত্তমৰূপে নিষ্পন্ন হয়। এইদৰে পৰমাত্মাক আবাহন কৰি ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য নিষ্পন্ন কৰিবা।
⸻
ব্ৰহ্মগায়ত্ৰী আৰু অৰ্থ
ওঁ ভুঃ, ওঁ ভূবঃ, ওঁ স্বঃ, ওঁ মহঃ, ওঁ জনঃ, ওঁ তপঃ, ওঁ সত্যং,ওঁ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেবস্য ধীমহি ধিয়োয়োনঃ প্ৰচোদয়াৎ।
পণ্ডিতসকলে ব্ৰহ্মগায়ত্ৰীৰ অৰ্থ নানা প্ৰকাৰ কৰিছে। কিন্তু যাৰ অৰ্থ কৰে, সেই বস্তু ক’ত আছে তাৰ ঠিক নাই। ইয়াত বহ্মগায়ত্ৰীৰ অৰ্থ সংক্ষেপে কৰা হৈছে গম্ভীৰ শান্তভাবে ভাব গ্ৰহণ কৰি ব্ৰহ্ম বস্তুৰ ফালে লক্ষ্য ৰাখিবা। ওঁ ভূঃ, ওঁ ভূবঃ, ওঁ স্বঃ,
ওঁ মহঃ, ওঁ জনঃ, ওঁ তপঃ, ওঁ সত্যঃ, ইয়াৰ অৰ্থ পৃথিবী, পানী,জুই, বতাহ, আকাশ, চন্দ্ৰমা, সূৰ্য্যনাৰায়ণ। এই “ওঁ” বিৰাট ব্ৰহ্মক শাস্ত্ৰত সাবিত্ৰী জগৎ জননী বোলে। ওঁ ভূভূৰ্বস্বৰম্ অৰ্থ ভূৰ্লোক, অন্তৰীক্ষ লোক, স্বৰ্লোক ভূৰ্লোক পৃথিবীক বোলে।
অন্তৰীক্ষ লোক মধ্যস্থানক বোলে। স্বৰ্লোক স্বৰ্গক বোলে। কিন্তু ইয়াৰ সাৰ অৰ্থ ভূৰ্লোক নাভিত জঠৰাগ্নিৰূপে ব্ৰহ্ম। অন্তৰীক্ষ লোক হৃদয়ত প্ৰাণবায়ুৰূপে চন্দ্ৰমা জ্যোতিঃ বিষ্ণু। স্বৰ্লোক মস্তকত জ্যোতিঃস্বৰূপ সূৰ্য্যনাৰায়ণ শিবৰূপে এই তিনি লোকৰ তিনি ৰূপ।
এই তিনি লোকৰ জ্যোতিঃক প্ৰেম ভক্তিৰে এক অখণ্ডকাৰ পূৰ্ণবিৰাটৰূপে ধ্যান কৰিলে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ অখণ্ডাকাৰে জীৱাত্মা পৰমাত্মা অভিন্নৰূপে প্ৰকাশ পাব। আৰু কোনো বিষয়ে ভ্ৰম নাথাকিব। তৎসবিতুৰ্বৰেণ্যম্, তৎ অৰ্থে ঈশ্বৰ। সবিতুঃ
অৰ্থে সূৰ্য্যনাৰায়ণ, প্ৰসবিতা অৰ্থাৎ সৃষ্টিকৰ্ত্তা। বৰেণ্যম্ শ্ৰেষ্ঠ সূৰ্য্য়নাৰায়ণ। ভৰ্গো দেবস্য় অৰ্থাৎ সূৰ্য্য়নাৰায়ণৰ তেজ কিৰণ জ্যোতিঃ দেবতা। ধীমহি, ধী অৰ্থাৎ বুদ্ধি। ধীয়োয়নঃ প্ৰচোদয়াৎ, অৰ্থাৎ ঈশ্বৰ সূৰ্য্য়নাৰায়ণে ভিতৰৰ পৰা প্ৰেৰণ কৰে। অৰ্থাৎ সূৰ্য্যনাৰায়ণক প্ৰত্যেক নৰনাৰীয়ে ভক্তি শ্ৰদ্ধা কৰি জ্যোতিঃৰ সম্মুখে হাত জোড়
কৰি প্ৰাৰ্থনা কৰিব যে, হে ভৰ্গোদেবস্য় হে দেব জ্যোতি:স্বৰূপ জগৎ পিতা জগন্মাতা জগদ্ গুৰু মোৰ বুদ্ধিক ভিতৰৰ পৰা প্ৰেৰণ কৰি সত্য তত্ত্বত লগাওক যাতে ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য মই উত্তমৰূপে বুজি নিষ্পন্ন কৰিব পাৰো। যাতে জ্ঞান হৈ মুক্ত স্বৰূপ পৰমানন্দে পৰিবাৰসকলে সৈতে আনন্দৰূপে থাকিব পাৰো।
⸻
ওঁ আপােজ্যোতীৰসোহমৃতং ব্রহ্ম
ওঁ আপোজ্যোতিঃ। ওঁ ব্ৰহ্ম! আপঃ জল। ওঁ আপঃ স্বয়ং জ্যোতিঃস্বৰূপ অমৃতৰূপ ব্ৰহ্ম নিৰাকাৰ সাকাৰ চৰাচৰ সৈতে অখণ্ডাকাৰে পূৰ্ণৰূপে বিৰাজমান আছে। শ্ৰদ্ধা ভক্তিৰে গৃহস্থসকলে উপাসনা কৰিলে সকলো মঙ্গল সাধন হয়। নিৰাকাৰ পৰমাত্মা অন্তৰ্য্য়ামী দৃষ্ট নহয় মন বাণীৰ অতীত আৰু ইন্দ্ৰিয়ৰ অগোচৰ।তেওঁ নিৰাকাৰৰ পৰা সাকাৰ জগৎ বিৰাট ৰূপ প্ৰত্যক্ষ জ্যোতিঃস্বৰূপে বিদ্যমান আছে। এই জ্যোতিঃস্বৰূপ চন্দ্ৰমা সূৰ্য্য়নাৰায়ণ পৰমাত্মাক ৰাতিপুৱা গধূলি ভক্তিৰে প্ৰত্যেক নৰনাৰীয়ে প্ৰণাম নমস্কাৰ কৰিব। আপোনাৰ আৰু পৰমাত্মাৰ আৰু ওঁ মন্ত্ৰৰ ৰূপ এক সূৰ্য্যনাৰায়ণ তেজোময়ক জানি ধাৰণ কৰিব। বেলেগ বেলেগ তিনি ৰূপ নাভাবিব। ব্ৰহ্মগায়ত্ৰী চাৰি বেদৰ মূল। ব্ৰহ্মগায়ত্ৰীৰ মূল এক অক্ষৰ ওঁ প্ৰণব। এক অক্ষৰ ওঁ প্ৰণবৰ মূল পূৰ্ণ পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট পুৰুষ সূৰ্য্যনাৰায়ণ। সন্ধ্যা আহ্নিকত
কেবল “ওঁ” মাত্ৰ আছে, ওঁ শন্ন আপোধদ্বন ইত্যাদি। গৃহস্থসকলৰ অধিক মন্ত্ৰ জপৰ আড়ম্বৰ আৰু সময় নষ্ট কৰিবৰ প্ৰয়োজন নাই, কেবলমাত্ৰ এক ওঁ জপ কৰিলেই সহজে কাৰ্য্য হয়।
গৃহস্থসকলে যদি সন্ধ্যা আহ্ণিক নকৰি কেবল মাত্ৰ ব্ৰহ্ম গায়ত্ৰী জপ কৰে, তেনে সন্ধ্যা আহ্ণিকৰ ফল পাব আৰু যদি সন্ধ্যা আহ্নিক আৰু ব্ৰহ্মগায়ত্ৰী জপ নকৰি কেবল এক অক্ষৰ ওঁ মন্ত্ৰ জপ আৰু পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট সূৰ্য্যনাৰায়ণক,
ভক্তিৰে ধাৰণা কৰে, তেনে সন্ধ্যা আহ্নিক আৰু ব্ৰহ্মগায়ত্ৰীৰ ফল,পাব, আৰু আপোন ইষ্ট দেবতা যথাৰ্থ পূজা আৰু ভক্তি কৰা
হব। সুবিধামতে নিতৌ ৰাতিপুৱা ১০৮ বাৰ ব্ৰহ্মগায়ত্ৰী জপ কৰিব। নতুবা নিতৌ ৰাতিপুৱা ১০ বাৰ জপ কৰিব। অথবা ওঁ মন্ত্ৰ নিতৌ ১০৮ বাৰ জপ কৰিব। যাৰ ভক্তি শ্ৰদ্ধা আছে তেওঁ যিমান অধিক পাৰে জপ কৰিব, কিন্তু সংখ্যাৰ প্ৰতি শ্ৰদ্ধা নাৰাখি ব্ৰহ্ম ভগবানৰ প্ৰতি শ্ৰদ্ধা ৰাখিব। দিন কি ৰাতি যাওতে, বহোতে শয়ন কৰোতে সকলো সময়ত আৰু সকলো অৱস্থাত জপ কৰিব। তাত কোনো শুচি অশুচি আৰু বিধি নিষেধ নাই। পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু ইষ্ট দেবতাক উপাসনা আৰু ভক্তি কৰিবৰ কোনো সময় অসময় নাই। যেতিয়া অন্তৰৰ পৰা ভক্তি 'উদয় হব তেতিয়াই ভক্তি উপাসনা আৰু জপ কৰিব। তাত কোনো চিন্তা নাই ভালহে হব। যাৰ ওঁ মন্ত্ৰ জপ কৰিবৰ ইচ্ছা হব তেওঁ মুখ জপাই ওঁ ওঁ জপ কৰিব। আৰু যাৰ পূৰ্ণপৰব্ৰহ্মক গুৰু ভাবে জপ কৰিবৰ ইচ্ছা হব, তেওঁ ওঁ সৎগুৰু বুলি জপ কৰিব।
ওঁ সৎগুৰু জপ কৰিবৰ অৰ্থ এই যে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ নাম ওঁ মন্ত্ৰ। তেওঁ সত্য আৰু সকলোৰে গুৰু, এই নিমিত্তে ওঁ সৎগুৰু বুলি জপ কৰিব। সেই পূৰ্ণপৰব্ৰহ্ম গুৰুৰ ৰূপ চন্দ্ৰমা সূৰ্য্যনাৰায়ণ বিৰাটপুৰুষ জ্যোতিঃস্বৰূপ। নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে ভক্তিৰে ৰাতিপুৱা গধুলি পূৰ্ণৰূপে প্ৰণাম,নমস্কাৰ আৰু মন্ত্ৰ জপ কৰিলে ব্যৱহাৰিক আৰু পাৰমাৰ্থিক উভয় কাৰ্য্য উত্তমৰূপে নিৰ্ব্বাহ হব আৰু মনত শান্তি পাব। এই দৰে যি লোকে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ চন্দ্ৰমা সুৰ্য্যনাৰায়ণৰ সমুখত শ্ৰদ্ধা ভক্তিৰে প্ৰণাম নমস্কাৰ কৰিব আৰু ওঁ মন্ত্ৰ জপ কৰিব তেওঁৰ আন কোনো মন্ত্ৰ অথবা গুৰুৰ পৰা মন্ত্ৰ লব নালাগে। কাৰণ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপে ভিতৰৰ পৰা প্ৰেৰণা কৰি জ্ঞান প্ৰদান
কৰি মুক্তস্বৰূপ ৰাখিব। ইয়াক সত্য সত্য নিশ্চয় জানিবা।
এই ওঁকাৰ পুৰুষ বিৰাট ভগবানৰ আৰু ওঁ মন্ত্ৰৰ বিষয় যি জনে শিক্ষা পায়, তেওঁ নিজৰ পুত্ৰকন্যা আৰু প্ৰতিবাসী স্ত্ৰী পুৰুষ,যি কুলত জন্ম হওক সকলোকে এই সদুপদেশ ওঁ মন্ত্ৰ দিব, এই ঈশ্বৰৰ অভিপ্ৰায়। কোনো কথাত ভীত বা চিন্তিত নহব, ভগবান পৰমাত্মাই সকলো প্ৰকাৰে মঙ্গল কৰিব। কোনো অবোধৰ কথা শুনি সৎপথৰ পৰা কাকো বিমুখ নকৰিব।
⸻
ষট্ চক্ৰ ভেদ
মানুহসকলে অজ্ঞানৰ বশ হৈ ষট্ চক্ৰ কাক বোলে সেই বোধ নকৰি পৰস্পৰ নানা প্ৰকাৰ কষ্ট ভোগ কৰিছে, মুল বস্তুৰ ফালে কাৰো লক্ষ্য নাই। যি ষট্ চক্ৰ তোমাৰ মাজত আছে,সেই ষট্ চক্ৰ বিৰাট ব্ৰহ্মৰ মাজত আছে, যি বিৰাট ব্ৰহ্মত আছে সেই তোমাৰ মাজত আছে।
বিৰাট ব্ৰহ্মৰ পৃথিবী চক্ৰ তোমাৰ মাজত অস্থি মাংস চক্ৰ। বিৰাট ব্ৰহ্মৰ জল চক্ৰ তোমাৰ মাজত, ৰক্ত ৰস নাড়ী চক্ৰ। বিৰাট ব্ৰহ্মৰ অগ্নি চক্ৰ তোমাৰ মাজত অগ্নি চক্ৰৰ দ্বাৰাই ভোক লাগিছে, আহাৰ কৰিছা, অন্ন জীণ গৈছে আৰু কথা কৈছা।
বিৰাটব্ৰহ্মৰ বায়ু চক্ৰ তোমাৰ মাজত নাকৰ বাটে স্বাস-প্ৰশ্বাস চলিছে, বিৰাট ব্ৰহ্মৰ আকাশ চক্ৰ তোমাৰ ভিতৰত আকাশ চক্ৰেৰে কাণৰ বাটে শুনিছা। বিৰাট চন্দ্ৰমা জ্যোতিঃ চক্ৰ যাক দেখিছা তোমাৰ ভিতৰত সেই চন্দ্ৰমা জ্যোতিঃ চক্ৰ দ্বাৰাই মনৰূপে
বোধাবেধ কৰিছা। এই মোৰ এই তাৰ আৰু মনত নানা প্ৰকাৰ সঙ্কল্প বিকল্প উঠিছে। এই মন চন্দ্ৰমা জ্যোতিঃ পৰ্য্যন্ত ষট্চক্ৰ জানিবা। বিন্দু সূৰ্য্যনাৰায়ণ মস্তকৰ জ্যোতিঃ (জ্ঞান)
প্ৰকাশ হলে অৰ্থাৎ সহস্ৰ দল পালে মুক্তস্বৰূপ হৈ সমস্ত জগৎ ব্ৰহ্মময় দেখে, তেতিয়া ষট্ চক্ৰ ভেদ হয়, অৰ্থাৎ অজ্ঞানতা নাথাকে। পঞ্চতত্ত্ব চন্দ্ৰমা জ্যোতিঃ সৈতে যাক অজ্ঞানত ঈশ্বৰৰ পৰা বেলেগ ষট্চক্ৰ বুলি বোধ হয়, জ্ঞান হলে পঞ্চতত্ব চন্দ্ৰমা
জ্যোতিঃ ব্ৰহ্মৰ পৰা বেলেগ ষট্চক্ৰ বোধ নহয়। কেৱল সৰ্ব্বশক্তিমান পূৰ্ণপৰব্ৰহ্ম প্ৰত্যক্ষৰূপে বিৰাজমান হয়। এই দৰে বোধ হোৱাকে ষট্চক্ৰ ভেদ জানিবা। মুলাধাৰ চক্ৰ চাৰিদল বিশিষ্ট, ই চাৰি অন্তঃকৰণ যথা-মন, বুদ্ধি, চিত্ত, অহঙ্কাৰ। স্বাধিষ্ঠান চক্ৰ
ছয়দল বিশিষ্ট, ছয় ৰিপু যথা--কাম, ক্ৰোধ, লোভ, মোহ, মদ,মাৎসল্য। মণিপুৰ চক্ৰ দশদল বিশিষ্ট, দশ ইন্দ্ৰিয়ৰ দশ দশ গুণ। অনাহত চক্ৰ বাৰদল বিশিষ্ট, দশ ইন্দ্ৰিয় আৰু মন বুদ্ধি। বিশুধাক্ষ চক্ৰ ষোলদল বিশিষ্ট, দশ ইন্দ্ৰিয়, চাৰি অন্তঃকৰণ, বিদ্যা
অবিদ্যা। আজ্ঞা চক্ৰ দ্বিদল, প্ৰকৃতি পুৰুষ বিৰাট ব্ৰহ্ম। সহস্ৰ দল পৰমাত্মাৰ অসীম অনন্ত অখণ্ড মহা শক্তি আৰু পূৰ্ণ ভাবক জানিবা। বিৰাট ভগবানৰ অঙ্গ-প্ৰত্যঙ্গ ব্যতিৰেকে ষট্চক্ৰ আন কোনো বেলেগ বস্তু নহয়।
⸻
মন্ত্ৰ জপৰ প্ৰকৰণ
জপ কৰিবৰ পূৰ্ব্বে মুখ জপাই নাকৰ দ্বাৰা ওঁ শব্দ মনে মনে উচ্চাৰণ কৰোতে কৰোতে উশাহ টানি লব লাগে, তাৰ পাছত
ওঁ বা ওঁ সৎগুৰু এই মন্ত্ৰ সেই শ্বাস প্ৰশ্বাসৰ দ্বাৰা মুখ জপাই জপ কৰিব। এই দৰে এক বা অধিক বাৰ জপ কৰিলে যেনেকৈ শ্বাস ঢুকাই যাব, পুনৰায় ওপৰত কোৱা মতে উশাহ টানি,আৰু পুনৰায় মন্ত্ৰ জপ পূৰ্ব্বৰ দৰে কৰিব। এই দৰে যত বাৰ ইচ্ছা তত বাৰ কৰিব। আৰু যি অৱস্থাতে বা যি ঠাইতে হওক ইচ্ছা হলেই জপ কৰিব। ইয়াৰ নিমিত্তে নিৰ্দিষ্ট প্ৰকাৰৰ আসন বা স্থান ভেদ বা শুচি অশুচি একো নাই। মনে কৰা এজন মানুহ মৃত্যু শয্যাত মলাদিৰ মাজত অৰ্থাৎ অশুচি পদাৰ্থাদিৰ মাজত শুই আছে, সেই আসন্ন মৃত্যু সময়ত সি যি অৱস্থাত আছে শুচি বা অশুচি হওক সেই অৱস্থাত প্ৰেম আৰু ভক্তিৰ বশ হৈ যদি পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ও মন্ত্ৰ জপ কৰিবৰ ইচ্ছা কৰে, আৰু অশুচি বা শয্যাত শোৱা বুলি তাৰ সেইদৰে জপ কৰা নিষিদ্ধ হয়,আৰু যদি সেই দণ্ডত তাৰ মৃত্যু হয়, তেনে সেই লোকৰ প্ৰাণ আনন্দ জ্ঞান স্বৰূপলৈ নগল, সি নিৰানন্দত মৰিব লাগিব,ই কেতিয়াও পূৰ্ণ পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ পৰম ন্যায়বান দয়ালু আৰু আনন্দময়ৰ অনুমোদিত হব নোৱাৰে। কাৰণ অশুচিৰেই হে শুচি হবৰ প্ৰয়োজন। অশুচি অৱস্থাত শ্ৰেষ্ঠ কাৰ্য্য ভগবানৰ নাম ললে শুচি হয়, নতুবা অশুচি অৱস্থাত মনক আৰু অসৎ কাৰ্য্যত নিয়োগ কৰা উচিত নহয়। যেনে ময়লা কাপোৰ ধোৱা উচিত, ইয়াক নুধুই আৰু মলি লগোৱা উচিত নহয়। অতএব বহোঁতে ফুৰোঁতে খাওঁতে যি সময়ত বা যি অৱস্থাতে হওক হৃদয়ত ভক্তি বা প্ৰেম উদয় হলেই পূৰ্ব্বে কোৱা মতে মনে মনে জপ কৰা বিধি। এই বিষয়ত এই দৰে সদুপদেশ সকলোৱে আপোন আপোন পৰিবাৰসকলক দিব।
এই প্ৰকাৰে জপ কৰোতে কৰোতে যেতিয়া তোমাৰ স্বৰূপ
জ্ঞান হব, তেতিয়া ওঁ আৰু ব্ৰহ্মগায়ত্ৰী জপব আৰু প্ৰয়োজন
নাথাকিব। কাৰণ পানী খোৱাৰ পাছত পিয়াহ গুচিলে আৰু
পানী খাবৰ প্ৰবৃত্তি নাথাকে প্ৰয়োজনো নাথাকে। সেই দৰে
পূৰ্ণৰূপে স্বৰূপ জ্ঞান হলে জপ কৰিবৰ আৰু প্ৰয়োজন নাথাকিব
আৰু স্বৰূপ জ্ঞান পূৰ্ণ হল নে নাই হোৱা জপ কৰিবৰ ইচ্ছা শেষ
হলে অৰ্থাৎ পিয়াহ নিবৃত্তি হলে নিজেই জানিব পাৰিব।
যদি কোনো স্বৰূপ বোধ নথকা শাস্ত্ৰজ্ঞ অজ্ঞানী মানুহে
বোলে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ঈশ্বৰ গুৰুৰ উপাসনা আৰু ভক্তি
কি নিমিত্তে কৰিম তেওঁ সমস্ততে সম্যকভাবে পৰিপূৰ্ণ আছে।
এই প্ৰশ্নৰ উত্তৰ এই যে মাতা পিতাৰ পৰা পুত্ৰ কন্যা উৎপন্ন হয়
কিন্তু মাতা পিতা কাৰণ স্বৰূপ, আৰু স্বৰূপ পক্ষে পুভ্ৰ কন্যা মাতা
পিতাৰে স্বৰূপ। কিন্তু স্বৰূপত একে হলেও সুপাত্ৰ পুত্ৰ কন্যাৰ
পিতা মাতাক শ্ৰদ্ধা ভক্তি কৰি তেওঁবিলাকৰ আজ্ঞা পালন কৰা
উচিত। সেই দৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট চন্দ্ৰমা সূৰ্য্য়-
নাৰায়ণ জগৎ মাতা পিতা আৰু তোমালোক পুত্ৰ কন্যা স্বৰূপত
একে হলেও তেওঁক শ্ৰদ্ধা ভক্তি নমস্কাৰ কৰা আৰু তেওঁৰ আজ্ঞা
পালন কৰা উচিত।
যেতিয়ালৈকে মানুহ নৈ পাৰ নহয় তেতিয়ালৈকে নাৱৰ
প্ৰয়োজন, নৈ পাৰ হলে পাছে আৰু নাৱৰ প্ৰয়োজন নহয়। ইয়াত
নদীৰূপী অজ্ঞানৰূপ মায়া পাৰ হবলৈ জ্ঞানৰূপ নাও আৰু পূৰ্ণ
পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰুৰূপী গুৰিয়ালৰ প্ৰয়োজন আছে, অজ্ঞানতা
গুচিলে আৰু একোৰে প্ৰয়োজন নাথাকে। যেনে পিয়াহ লাগিলে
পানীৰ প্ৰয়োজন আৰু পিয়াহ গুচিলে কিম্বা যাৰ পিয়া নাই তাৰ
পানীৰ প্ৰয়োজন নাই। বিৰাট পুৰুষ পৰমাত্মাৰ শৰণাগত হৈ
মন্ত্ৰ জপ কৰিলে পৰমাত্মাৰ জপ উপাসনা আৰু নাম মন্ত্ৰ জপ কৰা
আৰু প্ৰাণায়ামৰো কাৰ্য্য হয়।
প্ৰাণায়াম
প্ৰাণায়াম কৰিবৰ সময়ত ৰেচক, পূৰক আৰু কুম্ভক কৰিব লাগে। তুমি যি নাকৰ দ্বাৰাই প্ৰাণ বায়ু বাহিৰৰ পৰা ভিতৰলৈ টানি লোৱা তাৰ নাম পূৰক আৰু সেই বায়ুক তুমি যিমান সময় মস্তকৰ মাজত থমাই ৰাখিব পাৰিবা, সেই অৱস্থাক কুম্ভক বোলে, আৰু সেই বায়ুক নাকৰ বাটে বাহিৰলৈ যেতিয়া এৰি দিবা তাক ৰেচক বোলে। ৰেচক আৰু পূৰক কৰিবৰ সময়ত ওঁ মন্ত্ৰ জপ কৰিব লাগে, যেতিয়া ৰেচক কৰা হয় ওঁ মন্ত্ৰ ৪ বাৰ জপ কৰোতে কৰোতে বায়ু এৰিব লাগে, আৰু যেতিয়া পূৰক কৰা হয় ৮ বাৰ মন্ত্ৰ জপি বায়ু বাহিৰৰ পৰা ভিতৰলৈ টানিব লাগে, আৰু যেতিয়া কুম্ভক কৰিব সেই মন্ত্ৰ ১৬ বাৰ জপ কৰিব। যেতিয়া ৰেচকত ১৬ বাৰ মন্ত্ৰ জপ কৰিবা, তেতিয়া পূৰকত ৩২ বাৰ, আৰু কুম্ভকত ৬৪ বাৰ মন্ত্ৰ জপ কৰিব লাগে। ৰেচকৰ দ্বিগুণ পূৰক আৰু পূৰকৰ দ্বিগুণ কুম্ভক। ৰেচক পূৰক কুম্ভক কৰাৰ সময় কমি বেছি সংখ্যা মন্ত্ৰ জপ কৰা কল্পিত মাত্ৰ। তাৰ ভাব এই যে মনৰ বৃত্তি অন্তৰ্মুখে পৰমাত্মাত অধিক সময় ৰখা উচিত। আৰু বহিৰ্মুখী গতি বা মন্ত্ৰ জপৰ সংখ্যা কম হোৱা উচিত। মুল উদ্দেশ্য এই যে মন্ত্ৰৰ সংখ্যা মানুহে যিমান জপ কৰিলে সহজে হয় কোনো কষ্ট নহয়, ক্ৰমশঃ কাৰ্য্য সিদ্ধি হয়, সেই পৰিমাণ সংখ্যাৰ জপ কৰিব। সংখ্যা গণনাৰ নিয়ম কৰা পৰমাত্মাৰ আজ্ঞা নহয়, তেওঁৰ কৃপাও কাৰ্য্য সহজে সিদ্ধি হলেই হয়। কুম্ভকৰ সময়ত জপ নহয়, ভাবত থাকে। এই ৰেচক, পূৰক আৰু কুম্ভক যাৰ ইচ্ছা হয় কৰোক ভালেই কিন্তু প্ৰকৃত ৰেচক, পূৰক আৰু কুম্ভকৰ জ্ঞান পক্ষত অৰ্থ এই যে তোমাৰ মনৰ বৃত্তি বাহিৰ ফালে বিস্তীৰ্ণ আৰু চঞ্চল হৈ আছে সেই অৱস্থাক ৰেচক, যেতিয়া তুমি আপোনাৰ মন বাহিৰৰ পৰা সঙ্কোচ কৰি অন্তৰত অন্তৰ্য্য়ামী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ 'গুৰুত সংযুক্ত কৰিবা সেই অৱস্থাৰ নাম পূৰক, আৰু যেতিয়া তুমি আৰু পৰমাত্মা অভেদ মুক্ত স্বৰূপ হবা সেই অবস্থাক কুন্তক জানিবা। অৰ্থাৎ অজ্ঞান অৱস্থাৰ নাম ৰেচক আৰু জ্ঞান অৱস্থাৰ নাম পূৰক বিজ্ঞান অৱস্থা অৰ্থাৎ স্বৰূপ অৱস্থাক কুম্ভক জানিবা। স্বপ্নাৱস্থা ৰেচক, জাগৰিত অৱস্থা পূৰক, আৰু সুষুপ্তি (টোপনি ) অৱস্থাক কুম্ভক জানিবা। যত তোমাৰ মনৰ বৃত্তি কাৰণত স্থিতি হয় সেই অৱস্থাক কুম্ভক জানিবা। কাৰণ পৰব্ৰহ্ম আপোন ইচ্ছাৰে নিৰা- কাৰৰ পৰা সাকাৰ বিৰাট স্বৰূপ বহুৰূপে বিস্তাৰ হয় এই অৱস্থাক ৰেচক যেতিয়া পৰমাত্মা এই জগৎ সংসাৰক সঙ্কোচ কৰি আপোনাৰ কাৰণত লয় কৰিবলৈ প্ৰবৃত্তি হয় সেই অৱস্থাক পূৰক, যেতিয়া স্বয়ং কাৰণ ৰূপে কাৰণত থাকে সেই অৱস্থাক কুম্ভক। চন্দ্ৰমা- ৰূপ প্ৰকাশক ৰেচক, সূৰ্য্যনাৰায়ণৰূপ প্ৰকাশক পূৰক আৰু যেতিয়া অমাবস্যাত চন্দ্ৰমা সূৰ্য্যনাৰায়ণ প্ৰকাশ নিৰাকাৰত স্থিতি থাকে আকাশ এন্ধাৰ হয় সেই ৰূপক কুম্ভক জানিবা।
⸻
পুৰাণত লেখা আছে প্ৰাণায়াম কৰিবৰ সময়ত নানা প্ৰকাৰ আসন কৰিব লাগে যথা পদ্মাসন, সিদ্ধাসন, স্থিৰাসন, ব্ৰহ্মাসন,গৰুড়াসন আৰু কাগাসন ইত্যাদি এই দৰে ৮৪ আসন কল্পনা কৰিছে। পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ আত্মা জীৱৰ মুল আসন। প্ৰকৃত পক্ষে ইয়াৰ বাহিৰে আৰু আন আসন নাই। যাৰ ওপৰত মনৰ স্থিৰতা হয় তাৰ নাম আসন। কাৰণ মই যদি ৮৪ আসন কৰি চক্ষু মুদি বহি থাকো আৰু মোৰ মন ভিতৰৰ পৰা বাহিৰ ফালে বিষয় ভোগত আসক্ত আৰু চঞ্চল হৈ ফুৰে তেনে মোৰ আসন
ক'ত থাকিল? বাহিৰত দেখোতে মই এজন মহাত্মা সিদ্ধাসনত বহি আছো কিন্তু ভিতৰত মোৰ মন যে কতদূৰ চঞ্চল হৈছে তাক কোনেও বুজিব পৰা নাই, যদি মই কোনো আসন নকৰি আৰু চক্ষু নুমুদি বাহিৰত কোনো আড়ম্বৰ নকৰি, মোৰ ভিতৰত অন্তৰ্য্যামী
পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ আত্মা গুৰুত প্ৰেম ভক্তিৰূপ আসনত আনন্দেৰে উপবিষ্ট ও তেনে সেই আসনেই সত্য আসন হল, আৰু যি জ্ঞানী তেওঁ সেই আসনকে প্ৰকৃত আসন জ্ঞান কৰে। ৮৪ আসনৰ অৰ্থ এই যে জীৱ মাত্ৰই সিহঁতৰ অঙ্গ প্ৰত্যঙ্গাদি অনুসাৰে যি আসনত বহি সুখী হয়, অৰ্থাৎ সিহঁতৰ অঙ্গাদিৰ গঠনানুসাৰে যি দৰে সুখেৰে বহিব পাৰে সেই দৰে সেই জীৱৰ পক্ষে যথাৰ্থ আসন। মনুষ্য মাত্ৰই যাৰ যি দৰে বহিলে সুখ অৰ্থাৎ যাতে কষ্ট নহয় ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য সহজে সমাধা কৰিব পাৰে; সেই দৰে বহি কাৰ্য্য কৰিব, এয়েই ঈশ্বৰৰ বিধি।
সেই দৰে 'পশুসকল সম্বন্ধেও সিহঁতে যি প্ৰকাৰে বহিলে
সিহঁতৰ কষ্ট নহয়, সেই আসনেই সিহঁতৰ বিধি। পৌৰাণিক ৮৪ আসন কেবল মাত্ৰ মানুহৰ নিমিত্তে নহয় পশু, পক্ষী, খেচৰ, ভূচৰ,উদ্ভিদাদি সকলো জীৱৰ নিমিত্তে নিৰ্দ্দষ্ট। সেই নিমিত্তেই আসনৰ এত আধিক্য। নানা কল্পিত আসনাদিৰ মানুহৰ কোনো প্ৰয়োজন নাই। যদি প্ৰত্যেক নৰনাৰীয়ে ৰাতিপুৱা আৰু গধূলি শ্ৰদ্ধা ভক্তিৰে বিৰাট পুৰুষ মঙ্গলকাৰী চন্দ্ৰমা আৰু সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ আত্মা মাতা পিতা গুৰুৰ সমুখে নমস্কাৰ, প্ৰণাম আৰু ধাৰণা কৰে আৰু পূৰ্ব্বে লেখা মতে ওঁ মন্ত্ৰ জপ কৰে তেনে সিহঁতে প্ৰাণায়াম আৰু আসনাদি আৰু একো নকৰিব। সহজে জ্ঞান হৈ মুক্ত স্বৰূপ পৰমানন্দে আনন্দ স্বৰূপ থাকিব ত্ৰিতাপ আৰু পাপাদি একেবাৰে দূৰ হব। ইয়াক নিশ্চয় সত্য সত্য জানিবা।
অগ্নি স্থাপনা
কোনো কোনো সম্প্ৰদায়ী লোকে অগ্নি স্থাপনা, অগ্নিৰ বিবাহাদি দশ বিধ সংস্কাৰ কৰি যজ্ঞাদি কৰে। অজ্ঞানতাৰ বশ হৈ সিহঁতে দশ বিধ সংস্কাৰ নকৰি কেতিয়াও যজ্ঞাদি নকৰে। শাস্ত্ৰত লেখা আছে যে, “অগ্নিগুৰুদ্বিজাতিণাং” অৰ্থাৎ অগ্নি, দেব, দ্বিজাতি অৰ্থাৎ ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্যৰ গুৰু। 'অগ্নিমুখেন খাদন্তি দেবা” অৰ্থাৎ দেবগণে (ঈশ্বৰ পৰব্ৰহ্ম) অগ্নিমুখে আহাৰ কৰে। বিচাৰ কৰি দেখা অগ্নি দেব দ্বিজাতিৰ অনাদি গুৰু হয়। সামান্য মানুহ হৈ আপোন ইষ্ট গুৰুৰ স্থাপনা, বিবাহ জন্ম মৃত্যু প্ৰভৃতি দশবিধ সংস্কাৰ কৰা কি প্ৰকাৰে সম্ভব হয়।
অগ্নি ব্ৰহ্ম সকলোকে লৈ ভিতৰে বাহিৰে নিৰাকাৰ নিৰ্গুণ সাকাৰ সগুণ অপ্ৰত্যক্ষ প্ৰত্যক্ষ ভাবে পূৰ্ণৰূপে, আধ্যাত্মিক অগ্নি,জ্ঞানাগ্নি, ভৌতিক অগ্নিৰূপে অনাদি কালৰ পৰা পূৰ্ণৰূপে বিৰাজমান আছে। আধ্যাত্মিক অগ্নি নিৰাকাৰ ভাবে বিশ্বব্ৰহ্মাণ্ড ব্যাপী আছে। জ্ঞান অৰ্থাৎ স্বৰূপ বোধ নহলে জানিব নোৱাৰি। জ্ঞানাগ্নিৰূপে প্ৰত্যক্ষ বিৰাট চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ ব্ৰহ্মাণ্ড প্ৰকাশ কৰি অনাদি কালৰ পৰা বিৰাজমান আছে। আৰু চৰাচৰ সকলোকে অন্তৰৰ পৰা প্ৰেৰণ কৰি ব্যবহাৰিক আৰু পৰিমাৰ্থিক দুয়ো কাৰ্য্য চেতনৰূপে নিষ্পন্ন কৰিছে। এৱেঁই ভৌতিক অগ্নিৰূপে বিৰাজমান থাকি ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য কৰায়। এই অগ্নিব্ৰহ্ম তৰা চন্দ্ৰমা আৰু বিদ্যুতৰূপে আকাশত অদৃশ্য ভাবে পেটত জঠৰাগ্নিৰূপে আৰু বাহিৰত অনলৰূপে আৰু সূৰ্য্যনাৰায়ণ বিৰাট ব্ৰহ্ম চৰাচৰে সৈতে ভিতৰে বাহিৰে প্ৰত্যক্ষ পূৰ্ণ সৰ্ব্বশক্তিমান ৰূপে বিৰাজমান আছে। এওঁক স্থাপনা বিবাহ জন্ম মৃত্যু প্ৰভৃতি দশ বিধ সংস্কাৰ কৰা কি দৰে সম্ভব। এওঁ চৰাচৰ স্ত্ৰী পুৰুষ মানুহ মাত্ৰৰে গুৰু সৃষ্টি পালন আৰু লয় আৰু জ্ঞান প্ৰদান কৰি মুক্তিস্বৰূপ পৰমানন্দে ৰাখিছে। তেওঁৰ বস্তু তেওঁক ভক্তি শ্ৰদ্ধাৰে আহুতি প্ৰদান কৰিলে তেওঁ সন্তোষ হৈ গ্ৰহণ কৰিব। কাৰণ ভাবগ্ৰাহী জনাৰ্দ্দন। অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ অগ্নিব্ৰহ্মক ভক্তিৰে প্ৰদান কৰিলে তেওঁ ভাব বুজি গ্ৰহণ কৰে। যেনে মাতা-পিতাক পুত্ৰ-কন্যাই শ্ৰদ্ধা ভক্তি কৰি খোৱা বস্তু কাঁহীত সজাই তেওঁবিলাকৰ সমুখত খাবৰ নিমিত্তে বিনা মন্ত্ৰে দিলেও মাতা-পিতাই প্ৰীতিৰে আহাৰ কৰে। কাৰণ তেওঁবিলাক চেতন, সকলো ভাব বুজে যে আমাক পুত্ৰ-কন্যাই
খাবৰ নিমিত্তে এই সকলো দিছে। সেই দৰে অন্তৰ্য্যামী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ অগ্নি ব্ৰহ্ম মাতা-পিতাক চৰাচৰ পুত্ৰ কন্যা স্ত্ৰী পুৰুষে শ্ৰদ্ধা ভক্তিৰে আহুতিৰ বস্তু ওঁ মন্ত্ৰ পাঠ কৰি কিম্বা বিনা মন্ত্ৰে তেওঁক আহুতি দিলে তেওঁ গ্ৰহণ কৰিব। কাৰণ তেওঁ চেতনময় সকলো বুজে। সাৰ চেতন শক্তিত তুমি চেতন হৈ বুজিব পাৰিছা তেওঁ কি বুজিব নোৱাৰে? আহুতি দিবৰ সময়ত শ্ৰদ্ধা আৰু ভক্তিৰে কব হে অন্তৰ্য্যামী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান জগত পিতা মাতা গুৰু আমি আপোনাৰ বস্তু আপোনাক ভক্তি
শ্ৰদ্ধাৰে দিছো আপুনি অনুগ্ৰহ কৰি গ্ৰহণ কৰোক। আমি এগছ সামান্য তৃণ পৰ্য্যন্ত উৎপন্ন কৰিব নোৱাৰো আমাৰ কি বস্তু আছে যে আপোনাক দিম আপুনি হে জগৎ চৰাচৰক নানা প্ৰকাৰ বস্তু দি পালন কৰিছে। হে অন্তৰ্য্যামী গুৰু মাতা পিতা আপুনি নিজ-গুণে কৃপা কৰি আপোনাৰ বস্তু আপুনি গ্ৰহণ কৰি আমাৰ শান্তি বিধান কৰোক। যজ্ঞাহুতি সমাপ্ত হলে “ওঁ শান্তি” এই মন্ত্ৰ তিনি বাৰ বুলি অলপ জল অৰ্পণ কৰি যজ্ঞ সমাপ্ত কৰিব। তাৰ পাছত নিৰাকাৰ সাকাৰ আৰু অখণ্ডাকাৰে পূৰ্ণপৰব্ৰহ্মক মনে
মনে শ্ৰদ্ধা ভক্তিৰে পূৰ্ণৰূপে প্ৰণাম কৰি পৰমানন্দে আনন্দৰূপ থাকিব। ইয়াৰ বাহিৰে আৰু অধিক আড়ম্বৰ আৰু বহুবিধ প্ৰপঞ্চ কৰিবৰ কোনো আৱশ্যক নাই, অগ্নি ব্ৰহ্ম চৈতন্য জ্ঞান স্বৰূপ। তেওঁ ভিতৰৰ আৰু বাহিৰৰ সকলো ভাব গ্ৰহণ কৰে, তেওঁ শান্তিৰূপেই আছে, তোমাৰ মনৰ শান্তি আৰু অপৰাধ ক্ষমা কৰাৰ নিমিত্তে শান্তি প্ৰাৰ্থনা কৰিবা।
জ্ঞানী লোকৰ উচিত যে ক্ষুধাতুৰ জীৱ মাত্ৰক আত্মা আৰু পৰমাত্মাৰ স্বৰূপ জানি অহাৰ আৰু পানী প্ৰদান কৰি সুখে ৰখা
আৰু অগ্নিব্ৰহ্মত আহুতি দিয়া। এয়ে শাস্ত্ৰৰ মূল উদ্দেশ্য আৰু
এয়ে পৰমাত্মাৰ অজ্ঞা। মানুহ মাত্ৰৰে ইয়াক পালন কৰা উচিত।
ইয়াক কৰিলে নিৰাকাৰ সাকৰ পূৰূিপে সকলো দেব-দেবীৰ পূজা
আৰু আহাৰ দিয়া হয়। ইয়াক নিশ্চয় সত্য সত্য জানিবা। যি
নিমিত্তে পৰমাত্মাই দ্ৰব্যাদি উৎপন্ন কৰিহে সেই উদ্দেশ্য বিচাৰ
কৰি প্ৰয়োগ কৰা মনুষ্যসকলৰ উচিত যাতে আপোনাৰ আৰু আনৰ
কোনো প্ৰকাৰ কষ্ট নহয়, আৰু পৰমাত্মাৰ আজ্ঞা আৰু ধৰ্ম্ম পালন
কৰা হয়। এইদৰে নকৰিলে পৰমাত্মাৰ অজ্ঞা পালন নহয়; অধৰ্ম্ম,
জগতৰ অমঙ্গল আৰু কষ্ট হয়।
⸻
আহুতিৰ মন্ত্ৰ প্ৰকৰণ
স্ত্ৰী আৰু পুৰুষ প্ৰভৃতি সকলোৱে অগ্নিত আহুতি তলত লেখা
মন্ত্ৰৰে প্ৰদান কৰিব।
“ওঁ বৰদে দেবি পৰমজ্যোতিঃব্ৰহ্মণে স্বাহা।”
“ওঁ চৰাচৰ ব্ৰহ্মণে স্বাহা।”
“ওঁ পূৰ্ণপৰব্ৰহ্মজ্যোতিস্বৰূপায় স্বাহা।”
এই তিনি মন্ত্ৰ তিনি বাৰ কিম্বা পাচ বাৰ উচ্চাৰণ কৰি আহুতি
দিব। ইচ্ছা হলে যত অধিক তত বাৰ অহতি দিব পাৰে, কিন্তু
প্ৰত্যেক মন্ত্ৰত তিনি বাৰৰ কম দিয়া বিধি নহয়। আহুতি দিবৰ
বস্তু গৰুঘৃত অভাবে মহিষধৃত আৰু মিষ্টান্ন, গুৰ, চিনি, প্ৰভৃতি
আৰু চন্দনাদি সুগন্ধ আৰু মেওৱা, কিসমিস আৰু পায়স আদি
এই সকলো দিব, যদি ইয়াৰ মাজত কোনো বস্তুৰ অভাৱ হয় যি
পােৱা যায় তাকে যথাশক্তি দিব। ইয়াৰ মাজত কোনাে বস্তু
নাপালে কেবল ঘৃত আৰু মিষ্ট হলেই হব। ভক্তিৰে যি তােমাৰ
গােট খায় তাকে ভগবানৰ নামে দিবা। তেওঁ তাকে প্রীতিৰে
গ্ৰহণ কৰিব।
কাঠ সম্বন্ধে আম আৰু বেল পালে ভাল, নতুবা যি দেশত
যি কাঠ পােৱা যায় তাতে দিব, অভাবত গােবৰ খুটিততো আহুতি
দিব। ঈশ্বৰ ভাবগ্রাহী, যি লােকে প্রতি ভক্তিৰে যিহকে দিয়ে তেওঁ
তাতে সন্তোষ হৈ গ্ৰহণ কৰে।
কুণ্ডত কিম্বা মাটিৰ, পিতল অথবা তামৰ ধূপদানিত ৰাতিপুৱা
গ’ধুলি ঠাই আৰু দ্রব্যাদি পৰিষ্কাৰ কৰি ভক্তিৰে আহুতি দিব।
অথবা ভক্তসকলৰ যি সময় সুবিধা হয় সেই সময়তে আহুতি দিব
পাৰে।
⸻
প্রার্থনা
ৰাতিপুৱা গধূলি অথবা আজৰি পালেই মানুহ মাত্রেই জগৎ
মাতা-পিতা বিৰাট জ্যোতিঃস্বৰূপৰ সমুখে ঘৰৰ ভিতৰত কিম্বা
বাহিৰত যি ঠাইতে হয় শ্রদ্ধা ভক্তিৰে বিনীতভাবে হাত জোৰকৈ
প্রার্থনা কৰিব।
হে পূর্ণপৰব্ৰক্ষ্ম জ্যোতিঃস্বৰূপ জগতৰ মাতা-পিতা গুৰু আত্মা,
আপুনিয়েই নিৰাকাৰ নিগুণ সাকাৰ সগুণ ত্রিগুণাত্মা জগত চৰাচৰ-
কলৈ প্রত্যক্ষ পূৰ্ণৰূপে বিৰাজমান আছে। আপুনি অদ্বৈত, দ্বৈত-
ৰূপে প্রকাশ পাইছে। আপুনি কাৰণ, সূক্ষ্ম, স্থুল, জগত, বিৰাট,
মঙ্গলময়, মঙ্গলস্বৰূপ, জ্যোতিঃৰূপে প্ৰকাশমান আছে, আপোনাক পূৰ্ণৰূপে বাৰম্বাৰ প্ৰণাম কৰো। হে অন্তৰ্য্য়ামী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃ-স্বৰূপ গুৰু আপুনি জগতৰ মাতা-পিতা গুৰু আত্মা, আপুনি অমৃত স্বৰূপ শান্তিময়। আমি বিষয় ভোগত আসক্ত হৈ আপোনাক পাহৰি আছো। আপুনি যে কি আমি চিনিব বা জানিব নোৱাৰো,কাৰণ আমি নিজে যে কি, আমাৰ স্বৰূপ কি, তাকে আমি নাজানো,আপোনাক কেনেকৈ জানিম বা চিনিম। যদিও আমি আপোনাক পাহৰি আছো তথাপি হে অন্তৰ্য্য়ামী আপুনি নিজ গুণে আমাক নাপাহৰি আমাৰ সকলো অপৰাধ ক্ষমা কৰি, পৰমানন্দে আনন্দৰূপ ৰাখি শান্তি বিধান কৰোক। আপোনাক আমি পূৰ্ণৰূপে বাৰম্বাৰ প্ৰণাম কৰো।
হে অন্তৰ্য্য়ামী জ্যোতিঃস্বৰূপ আমি যোগ তপস্যা উপাসনা ধ্যান ধাৰণা ভক্তি আৰু শ্ৰদ্ধা একোকে নাজানো, আপোনাকো জানিব বা চিনিব নোৱাৰো, আপুনিয়েই আমাৰ যোগ তপস্যা উপাসনা ধ্যান ধাৰণা ভক্তি আৰু শ্ৰদ্ধা। আমাৰ কি ক্ষমতা আছে যে আমি পুৰুষাকাৰ দ্বাৰাই আপোনাক পাব বা চিনিব পাৰিম।
হে অন্তয্য়ামী আমি ইচ্ছা কৰো যে ভোক পিয়াহ নালাগক,স্থুল শৰীৰ বা মনত কোনো প্ৰকাৰৰ দুঃখ-কষ্ট নহওক, দিন ৰাতি নহওক, আমাৰ টোপনি অজ্ঞানতা নহক, বাৰিষা, জাৰ, ঘাম নহওক,কিন্তু অন্তৰ্য্য়ামী, আমাৰ ইচ্ছাত একোৱেই নহৈ আপোনাৰ ইচ্ছাত যি সময় যি হবৰ সেয়ে হৈছে। যদি আমাৰ এই বিষয়ত কোনো ক্ষমতা থাকিল হেতেন তেনে অৱশ্যে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰিলো
হেতেন। হে অন্তৰ্য্যামী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃ স্বৰূপ গুৰু যদি আমি আগেয়ে,বৰ্ত্তমানে, অথবা আগলৈ জ্ঞান বা অজ্ঞানৰ বশ হৈ কোনো
অপৰাধ কৰিছো বা কৰিম তাক আপুনি নিজগুণে আমাৰ সকলো অপৰাধ ক্ষমা কৰি আমাক পৰমানন্দ আনন্দে ৰাখি শান্তি বিধান কৰোক। হে অন্তৰ্য্যামী আপুনি মঙ্গলময়, মঙ্গল কৰোক। আপোনাক পূৰ্ণৰূপে বাৰম্বাৰ প্ৰণাম কৰো।
হে অন্তৰ্য্য়ামী আমি আপোনাৰ শৰণাগত হলো। সন্তানে মাতা-পিতাৰ ওচৰত অপৰাধ কৰিলেও মাতা-পিতাই নিজগুণে সিহঁতৰ সকলো অপৰাধ ক্ষমা কৰি সন্তানৰ মঙ্গল চেষ্টা কৰে, আপুনি জগতৰ মাতা-পিতা, আপুনি নিজগুণে চৰাচৰ আমাৰ সকলো অপৰাধ ক্ষমা কৰি শান্তি বিধান কৰোক, আৰু যাতে চৰাচৰে আনন্দ ৰূপে কাল নিয়াব পাৰে তাৰ উপায় কৰি দিয়ক।
হে অন্তৰ্য্যামী জ্যোতিঃস্বৰূপ গুৰু আপোনাৰ বাহিৰে এই আকাশত আৰু দ্বিতীয় কোনো নাই যি চৰাচৰ আমাৰ সকলো অপৰাধ ক্ষমা কৰি মঙ্গল বিধান কৰিব। আপুনি কৃপা কৰি শান্ত হওক আৰু আমাৰ শান্তি বিধান কৰোক। আপুনি অনাদি শান্তি-স্বৰূপ আমাৰ অজ্ঞানতা দূৰ কৰি মন পবিত্ৰ কৰি শান্তি বিধান কৰোক, যাতে আমি মুক্তম্বৰূপ পৰমানন্দে আনন্দৰূপ থাকিব পাৰো। আপোনাক আমি বাৰম্বাৰ পূৰ্ণ ৰূপে প্ৰণাম কৰো। ওঁ শান্তিঃ শান্তিঃ শান্তিঃ।
⸻
বেদান্তৰ সৃষ্টি প্ৰকৰণ
পৰব্ৰহ্মৰ আশ্ৰিত মায়াৰ পৰা শব্দে সৈতে আকাশৰ উৎপত্তি,আকাশৰ পৰা বায়ু, বায়ুৰ পৰা অগ্নি, অগ্নিৰ পৰা জল, জলৰপৰা পৃথিবীৰ উৎপত্তি হয়, যিদৰে গাখীৰৰপৰা দৈ হয়। আকাশৰ পাঁচ তত্ত্বৰ ৰূপ আৰু গুণ; কাম, ক্ৰোধ, শোক, মোহ, ভয়। বতাহৰ পাচ তত্ত্বৰ ৰূপ আৰু গুণ , চলন, কথন, দৌৰণ, প্ৰসাৰণ, আকুঞ্চন। জুইৰ পাঁচ তত্ত্বৰ ৰূপ আৰু গুণ; ভোক, পিয়াহ, এলাহ,টোপনি, ভাগৰ। পানীৰ পাঁচ তত্বৰ ৰূপ আৰু গুণ; শুক্ৰ, তেজ,লাল, মূত্ৰ, ঘাম। পৃথিবীৰ পাঁচ তত্ত্বৰ ৰূপ আৰু গুণ; হাড়,মঙ্গহ, ছাল, নাড়ী, লোম। এই পচিশ তত্ত্বৰ সমষ্টিৰে চৰাচৰ স্ত্ৰী-পুৰুষৰ স্থল শৰীৰ গঠিত হৈছে। এই স্থুল শৰীৰৰ মাজত সপ্তদশ তত্ত্বৰ
সূক্ষ্ম শৰীৰ হয়। যথা পাঁচ জ্ঞানেন্দ্ৰিয়, পাঁচ কৰ্ম্মেন্দ্ৰিয়, পাঁচ প্ৰাণ,মন আৰু বুদ্ধি এই সোতৰ তত্ত্বৰ সূক্ষ্ম শৰীৰ হৈছে। পাঁচ জ্ঞানেন্দ্ৰিয় যথা শ্ৰবণ, স্পৰ্শ, দৰ্শন, আস্বাদন, ঘ্ৰাণ। পাঁচ কৰ্ম্মেন্দ্ৰিয় যথা বাক, হস্ত, পদ, লিঙ্গ, গুহ্য। পাঁচ প্ৰাণ যথা প্ৰাণ, অপান,সমান, উদান, ব্যান।
এই শৰীৰৰ মাজৰ অধিষ্ঠাত্ৰী দেৱতাসকলৰ নাম যথা শ্ৰবণৰ দেবতা দিক্পাল, দশদিক ব্যাপি স্থিতি, আকাশ ৰূপ ব্ৰহ্ম, শব্দ তাৰ বিষয়। ত্বকৰ দেবতা বায়ু, স্পৰ্শ তাৰ বিষয়। চক্ষুৰ দেৱতা সূৰ্য্যনাৰায়ণ, ৰূপ তাৰ বিষয়। জিভাৰ দেৱতা বৰুণ অৰ্থাৎ তেজ; সূৰ্য্যনাৰায়ণ, ৰস তাৰ বিষয়। ঘ্ৰাণৰ দেৱতা অশ্বিনীকুমাৰ অৰ্থাৎ জীবাত্মা অহঙ্কাৰ তেজৰূপ, গন্ধ তাৰ বিষয়। বাকৰ দেৱতা অগ্নি,
বচন তাৰ বিষয়। হাতৰ দেৱতা ইন্দ্ৰ অৰ্থাৎ সূৰ্য্যনাৰায়ণ, তাৰ বিষয় গ্ৰহণ আৰু প্ৰদান। পদৰ দেৱতা বামন্ অৰ্থাৎ বায়ু,গমনাগমন তাৰ বিষয়। উপস্থ অৰ্থাৎ লিঙ্গৰ দেৱতা প্ৰজাপতি ব্ৰহ্ম অৰ্থাৎ তেজঃজ্যোতিঃ, ৰতি যোগ তাৰ বিষয়। গুহৰ দেৱতা
যমৰাজ অৰ্থাৎ জঠৰাগ্নি জ্যোতিঃ, পৰিপাক আৰু মল ত্যাগ তাৰ বিষয়। মনৰ দেৱতা জ্যোতিঃস্বৰূপ চন্দ্ৰমা, সংকল্প বিকল্প তাৰ বিষয়। বুদ্ধিৰ দেৱতা ব্ৰহ্মা অৰ্থাৎ সূৰ্য্যনাৰায়ণ, সত্যক নিশ্চয় কৰা তাৰ বিসয়। চিত্তৰ দেৱতা বাসুদেব অৰ্থাৎ বিৰাট বিষ্ণুভগবান, সত্যত নিষ্ঠা তাৰ বিষয়। অহঙ্কাৰৰ দেৱতা ৰুদ্ৰ অৰ্থাৎ সূৰ্য্যনাৰায়ণ, অভিমান অৰ্থাৎ অহং অস্মিৰূপ তাৰ বিষয়।
ওপৰত লেখা স্থুল আৰু সূক্ষ্ম শৰীৰৰ ইন্দ্ৰিয়াদিৰ অধিষ্ঠাতা দেৱতাসকলৰ বেলেগ বেলেগ যি নাম কল্পিত হৈছে সেইসকল বেলেগ বেলেগ দেব-দেবী নহয়, উক্ত সকলো নাম একে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ভগবান নাৰায়ণৰ বেলেগ বেলেগ অঙ্গ-প্ৰত্যঙ্গৰ বেলেগ বেলেগ শক্তি গুণ ক্ৰিয়াৰ নিমিত্তে বেলেগ বেলেগ নাম কল্পিত।
স্থুল শৰীৰৰ দ্বাৰাই ৰখা যি জ্যোতিক ‘তুমি” বোলা তেওঁৰ আৰু এটা নাম সূক্ষ্ম শৰীৰ, এই সূক্ষ্ম শৰীৰৰ মাজত আৰু তিনটা কোষ আছে। প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ। পাঁচ প্ৰাণ আৰু পাঁচ কৰ্ম্মেন্দ্ৰিয় এই দহোটা সমষ্টিৰ নাম প্ৰাণময় কোষ। পাঁচ কৰ্ম্মেন্দ্ৰিয় আৰু মন এই ছটা সমষ্টিৰ নাম মনোময় কোষ। পাচ জ্ঞানেন্দ্ৰিয় আৰু বুদ্ধি এই ছটা সমষ্টিৰ নাম বিজ্ঞানময় কোষ।
প্ৰাণময় কোষৰ কাৰ্য্য এই স্থুল শৰীৰক সচেতন ৰখা, যি পৰ্য্যন্ত এই স্থুল শৰীৰত প্ৰাণময় কোষ থাকে সেই পৰ্য্য়ন্ত এই দেহ অৰ্থাৎ স্থুল শৰীৰ সচেতন অৰ্থাৎ জীয়াই থাকে। মনোময় কোষৰ কাৰ্য্য আধ্যাত্মিক আৰু ব্যৱহাৰিক সকলো ক্ৰিয়া কৰা। যি পৰ্য্য়ন্ত মনোময় কোষ এই স্থুল শৰীৰৰ মাজত বৰ্ত্তমান থাকে সেই পৰ্য্যন্ত তুমি আধ্যাত্মিক আৰু ব্যৱহাৰিক সকলো ক্ৰিয়া আৰু সঙ্কল্প বিকল্প কৰিবৰ সক্ষম হোৱা, মনোময় কোষ নষ্ট হলে, এই দেহ সচেতন থাকে হয় কিন্তু সেই দেহে কোনো প্ৰকাৰ মনৰ ক্ৰিয়া কৰিব নোৱাৰে, যেনে মানুহ যেতিয়া সুষুপ্তি (টোপনি ) অৱস্থাত থাকে সচেতন দেহ তেতিয়াও জীবিতাৱস্থাত পৰি থাকে,প্ৰাণময় কোষে তেতিয়াও কাৰ্য্য কৰিছে, কিন্তু সেই দেহে কোনো প্ৰকাৰ ক্ৰিয়া কৰিব নোৱাৰিছে, সেই সময়ত মনোময় কোষ নিশ্চেষ্ট হৈ থাকে।
বিজ্ঞানময় কোষৰ কাৰ্য্য বিচাৰ আৰু সত্যনিষ্ঠা।
সুক্ষ্ম শৰীৰৰ মাজত কাৰণ শৰীৰ। সেই কাৰণ শৰীৰৰ আঠোটা কাৰণ , অৱস্থা যথা (১) অজ্ঞান তমোগুণ অৱস্থা। (২) সুষুপ্তি গাঢ় নিদ্ৰা অৱস্থা। (৩) হৃদয় স্থান স্বপ্নাৱস্থা।
(৪) পশ্যন্তি বাচা, অর্থ দৃষ্টি কৰা আৰু কথা কোৱা অৱস্থা
অর্থাৎ জাগৰিতাৱস্থা। (৫) আনন্দ ভােগ, অর্থাৎ পূৰ্বৰ চাৰি
অৱস্থাৰ বােধত আনন্দিতাৱস্থা। (৬) দিব্য শক্তি বস্তু সম্বন্ধে
বােধাৱস্থা, অর্থাৎ জ্ঞানস্বৰূপ কিঞ্চিৎ সংশয়াৱস্থা। (৭) মকাৰ
মাত্র, “মই আছৌ” বােধাৱস্থা অর্থাৎ বিজ্ঞানাৱস্থা,। (৮) প্রজ্ঞা,
“মই কি বস্তু তাৰ বােধাৱস্থা অর্থাৎ “মই আৰু ঈশ্বৰ অভিন্ন,
এই বােধাৱস্থা। এই কাৰণ শৰীৰত এই আঠোটা অৱস্থা থকাত
আৰু শেষ অৱস্থা অর্থাৎ অষ্টমাৱস্থাত জীৱ ঈশ্বৰে সৈতে অভিন্ন
বােধ হােৱাত পৰমানন্দ হয়, এই কাৰণ শৰীৰক আনন্দময় কোষ
বােলে।
পৰব্ৰহ্মৰ আশ্রিত মায়াত শব্দে সৈতে আকাশৰ উৎপত্তি
হৈছে বুলি শাস্ত্ৰত লেখা আছে এই নিমিত্তে শাস্ত্রজ্ঞ অথচ অজ্ঞানী
লােকে ভাবে যে পৰব্ৰহ্মৰ আশ্রিত মায়া পৰব্ৰহ্মতকৈ বেলেগ ।
কিন্তু বস্তুতঃ তেনে নহয় । পৰব্ৰহ্মৰ যি শক্তিৰ দ্বাৰাই সৃষ্টিৰ
পালন আৰু লয় ঘটে সেই শক্তিকে মায়া বা প্রকৃতি বােলে।
কিন্তু পৰব্ৰহ্ম আৰু তেওঁৰ শক্তিৰূপ মায়া তেওঁতকৈ বেলেগ নহয়,
পৰব্ৰহ্মৰে স্বৰূপ অর্থাৎ সেই শক্তি পৰব্ৰহ্মই স্বয়ং। যেনে তােমাৰ
আশ্রিত তােমাৰ শক্তি, তেজঃ, বল, বুদ্ধি, জ্ঞান ইত্যাদি তােমাত-
কৈ বেলেগ নহয় তােমাৰে স্বৰূপ, অর্থাৎ, তুমি যেতিয়া বর্তমান
আছ। তেতিয়া তোমাৰ সকলো শক্তি তোমাৰ লগতে বর্তমান
আছে, যেতিয়া তুমি সুষুপ্তি (টোপনি) অৱস্থালৈ যাৰা তেতিয়া
তােমাৰ শক্তিবিলাকে তােমাৰ লগতে লয় পাব, পুনৰায় যেতিয়া
তুমি জাগৰিত হবা, তেতিয়া তােমাৰ শক্তি তােমাৰ লগতে প্রকাশ
হৈ পৃথক পৃথক কাৰ্য্য কৰিব। সেই দৰে শুদ্ধ চৈতন্য পূর্ণপৰব্ৰহ্ম
জ্যাতিঃস্বৰূপ নিৰাকাৰৰ পৰা সাকাৰ হৈ বহুৰূপে শক্তি বিস্তাৰ
কৰে, আৰু পুনৰায় সেই শক্তি সংকোচ কৰি জগতক লয় কৰি
কাৰণ স্বৰূপে স্থিতি হয়। ওঁ শান্তিঃ শান্তিঃ শান্তিঃ।
⸻
পুনর্জন্ম আৰু কৰ্ম্মফল
মানুহসকলে অজ্ঞানতাৰ বশ হৈ কৰ্ম্ম ফলাফল জন্ম মৃত্যু
প্রভৃতি সামাজিক স্বার্থ লৈ কত অশান্তি পাইছে তাৰ সীমা নাই।
কোনােৱে কয় যে কৰ্ম্মৰ দ্বাৰাই জন্ম, মৃত্যু, ফলাফল, ভােগ
হৈছে। কোনােৱে কয় যেনে পৰমাত্মা অনাদি সেই দৰে সৃষ্টি
আৰু কৰ্ম্ম অনাদি। কোনােৱে কয় সৃষ্টিৰ পূৰ্বে কৰ্ম্ম ক’ত আছিল,
সৃষ্টি অনাদি হব নােৱাৰে, অতএব কৰ্ম্মৰ পৰা জন্ম, মৃত্যু, ফলাফল
হব নােৱাৰে।
কৰ্ম্মফল, জন্ম, মৃত্যু, প্রভৃতি লৈ কষ্ট ভােগ কৰা জ্ঞানী
লােকৰ উচিত নহয়। জ্ঞান অর্থাৎ স্বৰূপ বােধ নহলে এই দুই
বিষয় বুজা নাযায়, স্বৰূপ বােধ হলে সহজে বুজা যায়, তেতিয়া
কাৰো সৈতে কাৰো বিৰােধ বা দ্বেষ হিংসা নাথাকে।
জ্ঞানী লােকৰ বুজা উচিত কৰ্ম্মফল, পুনর্জন্ম, মৃত্যু থাওক
বা নাথাওক উত্তম শ্রেষ্ঠ কাৰ্য কৰাই ভাল, যাতে ঐহিক আৰু
পাৰমার্থিক কোনো বিষয়ে কোনো প্রকাৰ হানি নহয়। কাৰণ
যদি কৰ্ম্মফল, পুনর্জন্ম থাকে, তেনে উত্তম শ্রেষ্ঠ কাৰ্য কৰিলে,
পাছে তাৰ উত্তম ফল হব। মনুষ্য মাত্ৰৰে উত্তম শ্রেষ্ঠ কাৰ্য্য কৰা
উচিত। পাছে অন্তর্যামীৰ যি ইচ্ছ। সেয়ে হব।
যিসকলে কৰ্ম্মফল, পুনর্জন্ম, নামানে সেইসকলৰ মনৰ ভাব
এই যে যদি কৰ্ম্ম, ফলাফল, পুনর্জন্ম নাথাকে তেনে তেওঁলােকে
সামান্য সুখৰ নিমিত্তে জগতক কষ্ট দি যথেচ্ছাচাৰ কৰিলে তাত
তেওঁলােকৰ হানি কি। কোনাে প্রকাৰে তেওঁলােকৰ সুখ হলেই
হল। তেওঁলােক পৰৰ দুখত দুখী আৰু মুখত সুখী হব নােখােজ।
কিন্তু তেওঁলােকে নাজানে যে যি কাৰণত প্রত্যক্ষ এই জন্ম বোধ
হৈছে, পাছত সেই কাৰণত আৰু যে নহৰ তাৰ কাৰণ কি ?
শাস্ত্ৰত লেখা আছে যে বাসনাযুক্ত মানুহৰ পুনর্জন্ম হয়
আৰু বাসনাৰহিত হৈ মৰিলে পুনর্জন্ম নহয়। যেনে নাচনীৰ
নাচ আদি চাবৰ যাৰ বাসনা আৰু আসক্তি আছে সেই লােক
যি ঠাইত নর্তকীৰ নাচ হৈছে তালৈ অৱশ্যে যাব লাগিব, আৰু
তাত যাৰ বাসনা আৰু আসক্তি নাই তাৰ তালৈ যাবৰ প্রয়ােজন
নাই আৰু তেওঁ নাযাবও। সেই দৰে যিসকলৰ কৈলাস বৈকুণ্ঠত
ইন্দ্রিয়াদিৰ পুনৰায় ভােগৰ বাসনা আছে তেওঁলােকৰ পুনর্জন্ম বােধ
হব, আৰু যিসকলৰ এই সকলাে ভােগৰ ইচ্ছা নাই, কেৱল
শুদ্ধ চেতন পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ পৰমাত্মাত প্রেম ভক্তি আছে,
কৰ্ম্মফল প্রভৃতি কোনো ভােগৰ ইচ্ছা নাথাকে সকলে পৰমাত্মত
অর্পণ কৰে, তেওঁলােকৰ পুনর্জন্ম নহয়।
শাস্ত্ৰত কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ডৰ বিষয় বর্ণিত আছে ; যি-
সকল নিষ্কাম নিস্পৃহ, কৰ্ম্মফল, পুনর্জন্ম ভােগৰ ইচ্ছা নকৰে,
সত্য প্রিয় সাৰ বস্তু পৰমাত্মাৰ অনুসন্ধায়ী তেওঁলােকে জ্ঞানকাণ্ড
গ্ৰহণ কৰে আৰু মুক্তস্বৰূপ থাকে। অর্থাৎ যিসকলে সকলো
প্ৰকাৰ শ্ৰেষ্ঠ কর্ম যজ্ঞাহুতি কৰিও তাৰ ফল পৰমাত্মাত অর্পণ
কৰে তেওঁলােকে সকলাে কৰ্ম কৰিও নির্লিপ্ত আৰু মুক্তস্বৰূপ থাকে।
কৰ্মকাণ্ড দুই প্ৰকাৰ বৰ্ণিত আছে এক প্ৰকাৰ যিসকলে
গৃহস্থ ধৰ্ম্মত থাকিও সত্য বস্তু জানিবৰ ইচ্ছা কৰে অথচ ঈশ্বৰৰ
আজ্ঞানুসাৰে গৃহস্থ ধৰ্ম্মৰ সকলো প্ৰকাৰ শ্ৰেষ্ঠ কৰ্ম আৰু যজ্ঞাহুতি
কৰি সকলো কৰ্ম্ম ফলাফল ভগবানৰ নামে অৰ্পণ কৰে। তেওঁলোক
সেই নিষ্কাম কৰ্ম্ম প্ৰভৃতি কৰাৰ নিমিত্তে মন পবিত্ৰ হৈ জ্ঞান
স্বৰূপ পৰমাত্মাত অভেদ হৈ আনন্দৰূপে থাকে, তেওঁলোকৰ পুনৰ্জন্ম
নাই। আন প্ৰকাৰ যিসকলে নানা প্ৰকাৰ কৰ্ম্ম কৰি তাৰ ফল কৈলাস
বৈকুণ্ঠ স্বৰ্গ ইত্যাদি ভোগ কৰিবৰ ইচ্ছা কৰে, তেওঁলোকৰ পুনৰ্জন্ম
ফলাফলৰ সংশয় থাকে। সকলো প্ৰকাৰ কৰ্ম্ম কৰি ভগবানত অৰ্থাৎ
পূৰ্ণপৰব্ৰহ্মত অৰ্পণ কৰিলে তেওঁলোক কৰ্ম্মৰ পৰা বদ্ধ নহয়। মানুহ
মাত্ৰৰে ইয়াকে কৰা উচিত। কিন্তু প্ৰথম অৱস্থাত কোনেও নিষ্কাম
কৰ্ম্ম কৰিব নোৱাৰে, প্ৰথমে সকাম কৰ্ম্ম কৰোতে কৰোতে শেহত
মন পবিত্ৰ হৈ জ্ঞান হলে সহজেই নিষ্কাম কৰ্তব্য কৰ্ম্ম ভাব হয়।
উত্তম কৰ্ম্ম নিষ্কামভাবে কৰক অথবা সকামভাবে কৰক,
দুয়ো উত্তম ফলদায়ক। ইয়াক সকলোৱে কৰা উচিত। যি কৰ্ম্ম
কৰিলে ব্যবহাৰিক আৰু পাৰমাৰ্থিক দুয়ো কৰ্ম্ম উত্তমৰূপে সহজে
নিষ্পন্ন হয় আৰু তাৰ ফল পোৱা যায়, সেই কাম বিচাৰ কৰি
কৰা উচিত, আৰু যি কাম কৰিলে এই দুয়ো কাৰ্য্যৰ কোনো প্ৰকাৰ
ফল নহয় তাক কৰা উচিত নহয়। কেবল অনৰ্থক দিন ৰাতি
সময় নষ্ট আৰু আত্মাক কষ্ট দি কৰ্ম কৰা নিস্ফল, তাৰ কৰ্ম্ম
কৰাই হে সাৰ হয়। যেনে ভোক লাগিলে অন্নাহাৰ কৰিলে সহজে
ভোক গুচে, তাক নকৰি যদি শিল চোবাবৰ চেষ্টা কৰে তাত
ভোক নুগুচে কেবল কষ্ট সাৰ হয়। যদি জুইৰে এন্ধাৰ দূৰ নকৰি
জল আৰু বৰফেৰে এন্ধাৰ গুচাবৰ চেষ্টা কৰে সি কেতিয়াও নহয়, ৯৪ সাৰনিত্যক্ৰিয়া
কেবল কষ্ট কৰা হে সাৰ হয়। এইৰূপে সকলো কৰ্ম্মৰ ভাব বুজি
লাগতিয়াল কৰ্ম্ম কৰিব যাতে সকলো বিষয়ে সপৰিবৰে পৰমানন্দে
আনন্দৰূপ থাকিব পাৰে, আৰু অনকো কোনো কষ্ট দিয়া নহয়।
যাৰ জ্ঞান হয় তাৰ কৰ্ম্মফল, জন্ম, মৃত্যু প্ৰভৃতি ভ্ৰান্তি লয়
হৈ জ্ঞানমুক্ত স্বৰূপে থাকে। তাৰ কাৰণ এই যে তেওঁ জ্ঞান
চক্ষুৰে এইদৰে দেখে, যেনে দহোটা মানুহ শয়ন কৰি নিদ্ৰিত
অৱস্থাত দহ প্ৰকাৰ স্বপ্ন দেখিছে কোনো ৰজা, কোনো দৰিদ্ৰ, কোনো
পণ্ডিত, কোনো মূৰ্খ, কোনো সন্ন্যাসী, কোনো গৃহস্থ, কোনোৱে
হাঁহিছে, কোনোৱে কান্দিছে ইত্যাদি। সেই দহোটা মানুহে
স্বপ্নাৱস্থাত নানা প্ৰকাৰ কৰ্ম্ম কৰিছে, কিন্তু পৰস্পৰ কোনেও
কাৰো স্বপ্নৰ ভাব বুজিব নোৱাৰিছে যে কোনে কি প্ৰকাৰ
কি বস্তু স্বপ্ন দেখিছে, আৰু স্বপ্নাবস্থাত সিহঁতৰ মনত এই বোধ
হোৱা নাই যে সিহঁতে স্বপ্ন দেখিছে। তেতিয়া সিহঁতে যি
দেখিছে আৰু কৰিছে তাক সত্য সত্য বুলি সিহঁতৰ বোধ হৈছে,
সেই সময়ত সিহঁতৰ কৰ্ম্মফল, জন্ম, মৃত্যু প্ৰভৃতি সকলো সঁচা
বুলি সিহতে স্বীকাৰ কৰিব লাগিব। কিন্তু যি অন্তৰ্যামী মায়াৰূপে
নানা প্ৰকাৰে ৰচনা কৰি সকলোৰে ভিতৰত নানা প্ৰকাৰ স্বপ্ন
দেখাইছে, তেওঁ সকলোৰে ভাব বুজিছে। পাছে যেতিয়া সেই
দহোটা মানুহ জাগৰিত হব তেতিয়া সিহঁতে স্বপ্নৰ সকলো ঘটনা
মিছা বুলি বোধ কৰিব আৰু দেখিব যে স্বপ্ন মিছা, সেইদৰে তাৰ
কৰ্ম্মফল প্ৰভৃতি সকলে মিছ। যদি স্বপ্নৰ কৰ্ম্ম সত্য হয়
তেনেহলে স্বপ্নৰ কৰ্ম্ম ফলো সত্য হব। স্বপ্নৰ কৰ্ম্ম মিছ হেতুকে
স্বপ্নৰ ফল জাগৰিত অৱস্থাত ভোগ কৰিব নালাগে। সেইদৰে যি
সকলো অজ্ঞানৰূপ স্বপ্নত যি কৰ্ম কৰিছে সেই লোকৰ কৰ্ম্মফল,
জন্ম, মৃত্যু প্রভৃতি অজ্ঞান অৱস্থাতে বােধ আৰু ভােগ হব। আৰু
ইয়াক তেতিয়া সিহঁতে সত্য সত্য বুলি স্বীকাৰ কৰিব। যেতিয়া
সেই লােক জাগৰিতৰূপ, জ্ঞানস্বৰূপ হব তেতিয়া সেই লোকে
আৰু কৰ্ম্মফল, জন্ম, মৃত্যু ভােগ কৰিব নালাগিব। তেতিয়া সেই লােকে
বোধ কৰিব যে যদি কৰ্ম্মফল সত্য হয় তেনে জ্ঞান হলে কৰ্ম্মফল
ভগ্ন হৈ মুক্তস্বৰূপ হয় কিয় ? আৰু যেতিয়া পৰমাত্মা পূর্ণ অনাদি
ৰূপে বিৰাজ হৈ আছে, তেওঁৰ বাহিৰে দ্বিতীয় কোনাে নাই, তেতিয়া
তেওঁৰ মাজত কৰ্ম্মফল প্রভৃতি তেওঁৰ বাহিৰে কি বস্তু হব আৰু
কোন ঠাইত থাকিব ? এইদৰে ভাব বুজিবা। বিচাৰ কৰি দেখিবা
যে তুমি বা পৰমাত্মা আকাশৰ মাজত পৰিপূৰ্ণৰূপে বিৰাজমান
আছে, যাৰ আদি আৰু অন্ত নাই,তেনে তুমি জন্ম, মৃত্যু, কৰ্ম্মফল,
লৈ অনর্থক ভাবি পৰস্পৰ কষ্ট পােৱা কিয়—য’ত পৰমাত্মা তােমাক
লৈ অনাদি পৰিপূৰ্ণ সত্য স্বৰূপ আছে।
⸻
পৰমাত্মাৰ জ্যোতিঃৰূপে
বহু বিস্তাৰ
কোনােৱে কয় যে সূৰ্য্যনাৰায়ণৰ নিচিনা অনন্ত ব্ৰহ্মাণ্ডত অনন্ত
সূৰ্য্যনাৰায়ণ আছে, এই সূৰ্য্যনাৰায়ণক ইষ্ট দেৱতা জগন্মাতা, পিতা,
গুৰু বুলি কিয় মানিম ; ইয়াতকৈ যি শ্রেষ্ঠ আৰু বৰ আছে তেওঁক
মানিম । এইদৰে, ভবা কতদূৰ অন্যায় আৰু মুখতা আৰু অমঙ্গলকৰ
তাক কব নােৱাৰি। কাৰণ প্ৰজাসকলে যি ৰজাৰ ৰাজ্যত বাস
কৰে সেই ৰজাৰ আজ্ঞা অৱশ্যে পালন কৰিব লাগিব আৰু পালন
কৰা উচিত। প্রজাসকলৰ এনে ভবা বা কোৱা উচিত নহয়,
যে যি ৰজাৰ ৰাজ্যত থাকো তেওঁৰ আজ্ঞা পালন বা তেওঁক ৰজা
বুলি নামানাে, কাৰণ এই ৰজাৰ নিচিনা অনেক ৰজা আছে। যদি
প্ৰজাসকলে এইদৰে ভাবে তেনে ইয়াকো সিহঁতৰ ভবা উচিত যে
ৰজাই আপােন প্ৰজাৰ প্ৰতি যি ইচ্ছা তাকে কৰিব পাৰে, আৰু
ৰজাৰ হাতত প্ৰজাৰ সুখ-দুঃখ নিহিত আছে, কাৰণ ৰজা স্বাধীন।
সেইদৰে প্ৰজাৰূপী এই ব্রহ্মাণ্ড চৰাচৰ স্ত্ৰী পুৰুষ মুনি ঋষি অব-
তাৰ প্ৰভৃতি আৰু ৰজাৰূপী বিৰাট পূর্ণ পৰব্ৰহ্ম চন্দ্রমা সূৰ্য্যনাৰায়ণ
জ্যোতিঃস্বৰূপ এই ব্রহ্মাণ্ডৰ অধিপতি গুৰু মাতা পিতা আত্মা আৰু
সর্বমঙ্গলকাৰী। এওঁৰ বাহিৰে এই আকাশত তােমাৰ দ্বিতীয় ৰজা
কোনাে নাই আৰু বৰ সম্ভাবনাও নাই। এওঁ একমাত্ৰ চৰাচৰ
সুখ-দুঃখ-দাতা, সৃষ্টিস্থিতি নাশ কৰ্ত্তা আৰু বিধাতা। এওঁকে
তান্ত্রিকসকলে প্রকৃতি, পুৰুষ আৰু স্ত্রী বােলে। আৰু বৈষ্ণব-
সকলে যুগলৰূপ বলো । পৰমাত্মা পূর্ণ সৰ্বব্যাপী অসীম অখণ্ডাকাৰে
থাকি এক এক ব্ৰহ্মাণ্ডত চন্দ্রমা সূৰ্যনাৰায়ণ জ্যোতিঃস্বৰূপে ৰজা
হৈ অনাদি কালৰ পৰা জগৎ সৃষ্টিস্থিতি লয় কৰি থাকে। এই
অলপ জ্যোতিঃ প্ৰকাশ হােৱাৰ নিমিত্তে জগৎ চৰাচৰ স্ত্ৰী পুৰুষ-
সকলৰ অহঙ্কাৰ কৰি কোৱা উচিত নহয়, যে চন্দ্রমা সূৰ্য্যনাৰায়ণ
জ্যোতিঃস্বৰূপ ৰজাক নামানাে, কাৰণ এনে জ্যোতিঃৰজা এক এক
ব্ৰহ্মাণ্ডত এক এক জন আছে, এওঁ আমাৰ ঈশ্বৰ নহয়, আমাৰ
প্রকাণ্ড আৰু অত্যন্ত ডাঙৰ ঈশ্বৰ আছে, এওঁ সৰু, এওঁক ঈশ্বৰ
বুলি নামানো, এওঁক অপমান কৰিব লাগে। এই প্ৰকাৰ ভবা
নিতান্ত অজ্ঞান অৱস্থাৰ কাৰ্য। সকলােৰে বুজা উচিত যে সূৰ্য
নাৰায়ণৰ জগৎ হিতার্থে যি পৰিমাণে জ্যোতিঃৰূপে প্রকাশ আছে,
সেই তেজ কোনেও সহ্য কৰিবৰ সক্ষম নহয়, যদি তেওঁ আৰু
অধিক জ্যোতিঃৰূপে প্রকাশ হয়, তেনেহলে সকলো জগৎ ধ্বংস হব ।
জ্ঞানী মানুহৰ এনে ভবা উচিত নহয় যে পানী সকলো ঠাইতে
পৰিপূৰ্ণৰূপে বিস্তৃত আছে, মই পিয়াহ গুচাবৰ নিমিত্তে কিয় এক
গিলাছ পানী খাম। কিম্বা অগ্নি পূৰ্ণৰূপে অসীম আছে, মই
যৎকিঞ্চিৎ জুইৰে জোনাক কৰি কিয় ঘৰৰ এন্ধাৰ গুচাই মােৰ
মান নষ্ট কৰিম । যদি এনে ভাবি অলপ জুইৰে জোনাক নকৰা
কিম্বা এক গিলাছ পানীৰে পিয়াহ নিবাৰণ নকৰা তেনে নিজৰ
মুৰ্খতা হেতু কষ্ট ভােগ কৰিব লাগিব। সেইদৰে অগ্নিৰূপী বিৰাট
চন্দ্রমা সূৰ্য্যনাৰায়ণ একে জ্যোতিঃস্বৰূপ পৰমাত্মা অনন্ত ব্রহ্মাণ্ডত
জ্যোতিঃৰূপে বিৰাজ হৈ আছে, জ্ঞানী লােকৰ এনে ভবা উচিত
নহয় যে মোৰ যৎকিঞ্চিৎ অজ্ঞানতা সেই চন্দ্রমা সূৰ্য্যনাৰায়ণ জ্যোতিঃ-
স্বৰূপৰ দ্বাৰাই নুগুচাও, মােৰ মান যাব, মই সমস্ত ব্ৰহ্মাণ্ডৰ পূৰ্ণ
অসীম অখণ্ডকাৰ ঈশ্বৰক বলেৰে ধৰি আনি হৃদয়ত ৰাখি অজ্ঞা-
নতা গুচাম। বিচাৰ কৰি চোৱা উচিত যে যৎকিঞ্চিৎ জুইৰে
সমস্ত ব্রহ্মাণ্ড, স্ত্রী, পুৰুষ, জ্ঞানী, অজ্ঞানী, ৰজা, বাদছা সকলোৰে
স্থল শৰীৰ ভষ্ম হয়, আৰু এই জ্যোতিঃস্বৰূপ পরমাত্মাৰ অলপ জ্ঞান
জ্যোতিৰ প্রকাশেৰে সমস্ত ব্রহ্মাণ্ড স্ত্রী পুৰুষৰ অজ্ঞানতা লয় কৰা
তেওঁৰ পক্ষে একোৱেই নহয় ।
হে মানুহসকল, তােমালােকে কিয় বৃথা অহঙ্কাৰৰ বশ হৈ জগ:
তৰ অমঙ্গল আৰু নিজৰ শাস্তি পথৰ কঁাইট হৈছা ? এতিয়াৰ পৰা
সকলো মান-অপমান, জয়-পৰাজয়, সামাজিক স্বার্থ আৰু অহঙ্কাৰ
এৰি বিৰাট পূর্ণপৰব্ৰহ্ম চন্দ্রমা সূৰ্যনাৰায়ণ জ্যোতিঃস্বৰূপ মঙ্গলময়ৰ
শৰণ লোৱা, যাতে এও দয়া কৰি জগতৰ সকলো অমঙ্গল দূৰ
কৰি মঙ্গল স্থাপনা কৰে আৰু সদায় তোমালোক সকলোপ্ৰকাৰে
আনন্দৰূপ থাকিব পাৰা। ইয়াক নিশ্চয় জানিবা যে এই চন্দ্ৰমা
নাৰায়ণ জ্যোতিঃস্বৰূপ জগৎ মাতা-পিতাৰ বাহিৰে এই জগ-
তৰ অমঙ্গল দূৰ আৰু দুঃখ গুচুৱা দ্বিতীয় আৰু কোনো নাই আৰু
হবৰ সম্ভাবনাও নাই। যাক সামান্য ক্ষুদ্ৰ জ্যোতিঃ বুলি ভাবিছা
তেওঁ নিৰাকাৰ অদৃশ্যভাবে আৰু বিৰাট সাকাৰ দৃশ্যভাৱে অখণ্ডা-
কাৰে পূৰ্ণৰূপে বিৰাজ হৈ আছে। এওঁ আপোন ইচ্ছাৰে জগতৰ
মঙ্গল বিধান আৰু কাৰ্য্য নিৰ্বাহৰ নিমিত্তে নিৰাকাৰৰ পৰা
যৎকিঞ্চিৎ সাকাৰ জ্যোতিঃৰূপে দৃষ্টিগোচৰ আৰু বোধগম্য হয়। এওঁ
যে সকলোতে পূৰ্ণৰূপে বিৰাজ হৈ আছে অজ্ঞানী লোকৰ বোধ নহয়,
জ্ঞানী ভক্তসকলে পৰমাত্মাৰ কৃপাত এই বিচিত্ৰ লীলাৰ বিষয় অব-
গত আছে। সাধাৰণতঃ যি জ্যোতিঃক বহু খণ্ড খণ্ড আৰু অল্পাধিক্য
বুলি অনুভৱ কৰে সেয়ে বহু বা অম্লাধিক্য নহয়। ভিতৰত একে
জ্যোতিঃ নিৰাকাৰৰ পৰা বহিৰ্মুখে বেলেগ বেলেগ বহু বুলি বোধ
হৈছে। যেনে এক প্ৰকাণ্ড অগ্নি জ্যোতিঃৰ ওপৰত সৰু বৰ কোটা
কোটী ছিদ্ৰবিশিষ্ট কোনো পাত্ৰ আচ্ছাদিত কৰিলে সেই ছিদ্ৰেদি
কোটী কোটী জ্যোতিঃ বহিৰ্মুখে দেখা হয়, অজ্ঞানী লোকে সেই
জ্যোতিঃক বেলেগ বেলেগ কোটী কোটী জ্যোতিঃ বোধ কৰে,
কিন্তু জ্ঞানী লোকে জানে যে অগ্নি জ্যোতিঃ ভিতৰত অখণ্ডাকাৰে
একে আছে, কেৱল পাত্ৰৰ নানা ছিদ্ৰ উপাধি ভেদে বহিৰ্মুখত
বেলেগ বেলেগ বহু জ্যোতিঃ বুলি বোধ হৈছে। কিন্তু জ্যোতিঃ
বহু বা বেলেগ বেলেগ নহয়। সেইদৰে অগ্নিৰূপী চন্দ্ৰমা সূৰ্য্যনাৰা-
য়ণ জ্যোতিঃস্বৰূপ পৰব্ৰহ্ম নিৰাকাৰ সাকাৰ অখণ্ডকাৰ অসীম
সৰ্ব্ব-শক্তিমান পূণৰূপে বিৰাজ হৈ আছে। আৰু নানা ছিদ্রবিশিষ্ট মায়াৰূপী অবিদ্যা উপাধি ভেদে অজ্ঞানী লােকৰ চক্ষুত তৰাসকল, বিজুলী, চন্দ্রমা, সূৰ্যনাৰায়ণ, জ্যোতিঃস্বৰূপ বহির্মুখত বেলেগ বেলেগ কোটী কোটী যেন বােধ হৈছে । কিন্তু চন্দ্রমা সূৰ্য্যনাৰায়ণ ব্রহ্ম জ্যোতিঃ বেলেগ বেলেগ বা কোটী কোটী নহয়। স্বৰূপ অৱস্থাপন্ন লোকসকলে ভিতৰে আৰু বাহিৰে নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে অসীম অনন্তৰূপী চন্দ্রমা সূৰ্য্যনাৰায়ণ পৰব্ৰহ্মক আপােনাৰে সৈতে অভেদ ৰূপে সদায় দেখিছে । আৰু তেওঁলােকে জানিছে যে অবিদ্যাৰ পৰা অজ্ঞানী লােকসকলৰ চক্ষুত জ্যোতিঃ বহির্মুখত বেলেগ বেলেগ বোধ হৈছে । আৰু জ্যোতিঃৰ অদ্বৈত ভাবৰ বিষয় এইদৰে বুজিবা যেনে, চাৰিউফালে মেঘ থকা আকাশত এফালে যৎকিঞ্চিৎ বিজুলী খেলালে, কিম্বা দশ দিকে বেলেগ বেলেগ খেলালে, অজ্ঞানী লােক- সকলে সেই সেই দিকে ব্রহ্ম-শক্তি বিজুলীক খণ্ডাকাৰ যৎকিঞ্চিৎ এক বা দহ বুলি ভাবে, কিন্তু বিজুলী ব্ৰহ্মশক্তি জ্যোতিঃ যে নিৰা- কাৰভাবে চাৰিউফালে পূৰ্ণৰূপে আছে সিহঁতৰ বােধ নহয়। জ্ঞানী লােকে জানে যে মেঘ আৰু ভিতৰৰ একে বিজুলী জ্যোতি চাৰিউফালে পূৰ্ণৰূপে আছে, প্রয়ােজন মতে যি ফালে যি পৰি- মাণে প্রকাশ হৈছে, সেই পৰিমাণে সাধাৰণৰ বােধ হৈছে । কিন্তু ব্ৰহ্মশক্তি বিজুলী জ্যোতিঃ সীমাবদ্ধ বা বেলেগ বেলেগ নহয়। পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ ইচ্ছা প্রকাশ হৈছে । যদি তেওঁৰ ইচ্ছা হয় যে সমস্ত আকাশময় জ্যোতিঃৰূপে প্রকাশ হব, তেনে তেওঁ জ্যোতিঃৰূপে সমস্ত আকাশময় প্রকাশ হব পাৰে । এইদৰে পূৰ্ণপৰ- ব্ৰহ্ম জ্যোতিঃস্বৰূপ অনাদি অনন্তৰূপে অখণ্ডাকাৰে নিৰাকাৰ ভাবে বিৰাজ হৈ আছে। কেবল মাত্র জগতৰ প্রয়ােজন হেতু আৱশ্যক মত মঙ্গলকাৰী চন্দ্ৰমা সূৰ্য্য়নাৰায়ণ জ্যোতিঃ ত্ৰিগুণাত্মাৰূপে প্ৰকাশ হৈও ত্ৰিগুণাতীত ভাবে সদায় বিৰাজমান থাকে। অজ্ঞানী লোকসকলে এওঁৰ পূৰ্ণত্ব ভাব অবগত নহৈ এওঁক ব্যষ্টি যৎকিঞ্চিৎ জ্যোতিঃ বুলি ভাবে। কিন্তু যি জ্ঞানী ভক্তসকলক এও নিম্ন গুণে অনুগ্ৰহ কৰি আপোন স্বৰূপ দেখাইছে, তেওঁ অনাদি অনন্ত সৰ্ব্বশক্তিমান সৰ্ব্বব্যাপী পূৰ্ণপৰৱহ্ম জ্যোতিঃস্বৰূপ জগতৰ মাতা-পিতা গুৰু পৰমাত্মা আৰু একমাত্ৰ সৰ্ব্বমঙ্গলকাৰী বুলি চিনিব পাৰে।
⸻
সৎ শিক্ষা
মানুহ, মাত্ৰৰে সৎ শিক্ষা অৱশ্যক, যি প্ৰকাৰৰ শিক্ষাত মানুহৰ ব্যবহাৰিক আৰু পৰমাৰ্থিক কাৰ্য্য উত্তমৰূপে নিষ্পন্ন হয় সেয়ে সৎ শিক্ষা। মন নানা প্ৰকাৰ সংস্কাৰত আবদ্ধ হলে সৎ শিক্ষাৰ প্ৰতিবন্ধক হয়। এই নিমিত্তে শিশুকালৰ পৰা শিক্ষাৰ আৰম্ভ নহলে সম্পূৰ্ণ ফল লাভ হোৱা দুৰ্ঘট। শিশু কালৰে পৰা নানা প্ৰকাৰ সংস্কাৰ বদ্ধমূল হব ধৰে। পাঁচ বছৰ বয়সত শিক্ষাৰম্ভৰ প্ৰশস্ত কাল,সুস্পষ্ট কথা কব পাৰিলে আৰু কম বয়সতে পুত্ৰ-কন্যাক শিক্ষা দিব। তেনেহলে শৰীৰ বৃদ্ধিৰ সৈতে জ্ঞান আৰু বল বৃদ্ধি হয়।
শিক্ষা দিয়াৰ সময়ত কেইটামান বিষয়ত বিশেষ মনোযোগ দিয়া উচিত। সদায় লক্ষ্য ৰাখিব যে শিশুসকলে মাতা-পিতা গুৰুজনৰ প্ৰতি ভক্তি শ্ৰদ্ধা কৰে আৰু প্ৰীতিৰে তেওঁলোকৰ আজ্ঞা পালন কৰিবৰ যত্নশীল হয়। সত্য প্ৰিয় বাক্য কবৰ আৰু স্নিগ্ধ, সৰল ব্যৱহাৰ কৰিবৰ যেন শিশুসকলৰ অনুৰাগ হয়, আৰু অনৰ্থক কথা নকয়।
বিদ্যা ভ্যাসৰ সৈতে এইৰূপ শিক্ষাৰ আবশ্যক যাতে পাছে সৎপথত
থাকি শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰি জীবিকা নিৰ্বাহৰ সমৰ্থ
হয় আৰু পৰোপকাৰত ৰত থাকিব পাৰে।
যাতে বিদ্যা বুদ্ধি ধন আৰু বলৰ সৎ ব্যবহাৰ হয় এনে শিক্ষা অতি
শিশুকলতে আৱশ্যক। দুৰ্বলক ৰক্ষাৰ নিমিত্তে বলীৰ বল। অজ্ঞান
গুচাবৰ নিমিত্তে জ্ঞানীৰ জ্ঞান। দুখীয়াৰ সহায়ৰ নিমিত্তে ধনীৰ
ধন। মূৰ্খৰ আশ্ৰয় নিত্তে বিধানৰ বিদ্যা। এই প্ৰকাৰে পৰ-
মাত্মাই জগতৰ অভাৱ দূৰ কৰিবৰ নিমিত্তে যথোপযুক্ত দ্ৰব্য সৃজন
কৰিছে, সৎ ব্যবহাৰ কৰিলে জগতৰ সকলো অভাব পূৰণ হয়।
ৰোগৰ নিমিত্তে ঔষধ। ভোকৰ নিমিত্তে অন্ন। পিযাহৰ নিমিত্তে
পানী। উলঙ্গতাৰ নিমিত্তে কাপোৰ। এইৰূপে তেওঁ সকলো অভাৱ
পূৰণ কৰিছে।
সকলো সৎব্যৱহাৰৰ মূল আত্মদৃষ্টি বা সমদৃষ্টি। যিহত নিজৰ
সুখ-দুঃখ, তাতে আনৰ সুখ-দুঃখ হয়। এইৰূপে বুজি আনৰ
সুখ বৃদ্ধি আৰু দুঃখ হ্ৰাস কৰিবৰ সকলো ভাবে চেষ্টা কৰিব, তাতে সক-
লোৰে জীৱন যাত্ৰা পৰমানন্দে নিষ্পন্ন হব।
সকলোৰে স্বাধীন হবৰ ইচ্ছা। কিন্তু যথা উপায় নুবুজি
আনক অধীন কৰি নিজে স্বাধীন হব খোজে। সকলোকে পূৰ্ণ
স্বাধীনতা দিলেহে নিজে স্বাধীন হব পাৰে। নতুবা অসম্ভব।
অতএব যদি স্বাধীনতা বিচৰা তেনে সকলোকে স্বাধীনতা দিয়া,
সকলোকে যি দিবা তাকে নিজে পাবা। মান ৰাখিলে মান, দয়া
কৰিলে দয়া পাব। অভয় দিলে নিৰ্ভয়, ব্যথা দিলে ব্যথা,
সুখ দিলে সুখ পাবা। আনৰ সৎ গুণ প্ৰকাশ কৰিলে নিজৰ
সৎগুণ প্ৰকাশ হয়। নতুবা যি সুখ চেষ্টা কেৱল নিজৰ নিমিত্তে
সি বিড়ম্বনা মাত্ৰ। আনৰ সৎগুণ প্ৰকাশ কৰিলে নীচ গুণ সহজে লয় হয়। এই নিমিত্তে দোষ প্ৰচাৰ নকৰি গুণৰ প্ৰকাশ কৰিবা, তাতে তুমিয়ে সৈতে সমস্ত জগৎ আনন্দময় দেখিবা।
বালক-বালিকাসকলক সকলো বিষয়ে শুচি আৰু পৰিস্কাৰ থাকিবৰ শিক্ষা দিবা। যাতে শৰীৰ, মন, ইন্দ্ৰিয়, কাপোৰ, আহাৰ আৰু ব্যবহাৰ দ্ৰব্য, ঘৰ, বাড়ী বাট, ঘাট, প্ৰভৃতি পৰিস্কাৰ থাকে। অৱস্থা, ৰূপ, গুণ, ধন, কুল, শীল, বিদ্যা, বুদ্ধি প্ৰভৃতি বিষয়ত নিৰপেক্ষ হৈ স্ত্ৰী মাত্ৰকে সৰ্ব্ব উৎপত্তিকাৰিণী জগৎজননী জ্ঞান কৰি শৰীৰ মন আৰু বাক্যৰ দ্বাৰাই প্ৰত্যক্ষ অপ্ৰত্যক্ষ ভাবে সমাদৰ কৰা পুৰুষ মাত্ৰৰে কৰ্ত্তব্য। ইয়াৰ অন্যথাত শ্ৰেয়ঃ নাই, সদায় সকলো বিষয়ে পৰাধীন থাকিব লগা হয়।
বিশেষ সতৰ্ক হৈ দৃষ্টি ৰাখিব যে কোমলমতি বালক-বালিকসকলৰ চুৰি, মিছা, ফাঁকি আৰু আনক সত্যভ্ৰষ্ট কৰিবৰ প্ৰবৃত্তি নজন্মে।
প্ৰথমৰে পৰা বালক-বালিকাসকলে যেন ভক্তি শ্ৰদ্ধা কৰি মাতা-পিতা গুৰুজনক ৰাতিপুৱা গধূলি প্ৰণাম কৰে। নতুবা সিহঁতে জগতৰ মাতা-পিতা গুৰু পৰমাত্মা জ্যোতিঃস্বৰূপক শ্ৰদ্ধা ভক্তি কৰিবলৈ নিশিকিব। স্ত্ৰীলোকৰ সম্মান নাৰাখিলে কালী,দুৰ্গা, সৰস্বতী, সাবিত্ৰী, গায়ত্ৰী মাতা গোসানী অৰ্থাৎ সৰ্ব্বব্যাপিনী মঙ্গলময়ী জগৎজননী মহাশক্তিৰ সম্মান ৰক্ষা কৰা নহয়। যাৰ প্ৰসাদত জগতৰ মঙ্গল, স্ত্ৰীলোকৰ পূজাত তেওঁৰে পূজা। নতুবা কালী, দুৰ্গা প্ৰভৃতি হাজাৰ নাম লৈ বহু খৰচ বহু আড়ম্বৰযুক্ত যি কোনো পূজা কৰা সেই পূজা জগৎজননী মহাশক্তিয়ে গ্ৰহণ নকৰিব আৰু তাত কেতিয়াও মঙ্গল নহব। ইয়াক ধ্ৰুব সত্য জানিবা।
জীব মাত্ৰ আত্মা পৰমাত্মাৰ স্বৰূপ। অতএব পৰমাত্মাৰ সম্মান ৰক্ষা কৰিব লগা হলে ভাল, বেয়া, গুণী, নিৰ্গুণ, সবল, বিকল চিনাকি, অচিনাকি সকলোৰে প্ৰতি সমানৰূপে সমাদৰ শিষ্টাচাৰ কৰিবা।
উদয় অন্তত প্ৰীতি কৰি চন্দ্ৰমা সূৰ্য্যনাৰায়ণ পূৰ্ণ পৰব্ৰহ্ম জ্যোতিঃ-স্বৰূপক আপোনাৰ শৰীৰ মন ইন্দ্ৰিয়াদি নিৰাকাৰ সাকাৰ , স্থূল,সূক্ষ্ম, কাৰণ জগৎ চৰাচৰ স্ত্ৰী পুৰুষ নাম. ৰূপে সৈতে পূৰ্ণভাবে নমস্কাৰ কৰিবা। আৰু আপোনাৰ দীনতা জনাই প্ৰাৰ্থনা কৰিবা যাতে ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য সুসম্পন্ন কৰি পৰমানন্দ লাভ কৰিব পাৰা। গুৰু শিষ্য ভাবে “ওঁ সৎ গুৰু” মন্ত্ৰ জপ কৰি তেওঁৰ উদাসনা কৰিবা। আৰু জগতৰ মঙ্গলৰ নিমিত্তে প্ৰতিদিন যথাসাধ্য অগ্নিত আহুতি দিবা। শৰীৰ মন ইন্দ্ৰিয়ৰ পবিত্ৰতা আৰু স্বাভাৱিক তেজোৰক্ষাৰ নিমিত্তে বিশেষ যত্ন কৰি ৰেতঃ ধাৰণ
কৰিবৰ শিক্ষা দিবা। এইৰূপে ব্ৰহ্মচৰ্য্যৰ অনুষ্টান নকৰিলে সকলো বিষয়ে লোক শক্তি হীন হৈ ইষ্টভ্ৰষ্ট হয়। পিতা-মাতাৰ কৰ্ত্তব্য পৰমাত্মাৰ বিধান জানি এইৰপে পুত্ৰ-কন্য়াক যত্ন কৰি শিক্ষা কৰাব। আৰু তেওঁলোকৰ সদায় লক্ষ্য ৰখা উচিত যে কোনোমতে এই নিয়মৰ অতিক্ৰম নহয়। এই সকলো বিধি যাতে সকলো ভাবে সকলোৰে দ্বাৰাই পৰিপালিত হয় তাক কৰা ৰজাৰ অৱশ্য কৰ্ত্তব্য। এই সকলো নিয়ম ৰক্ষা কৰিলে পৰমাত্মাৰ প্ৰসাদত ৰজা প্ৰজা সকলো পৰমানন্দে আনন্দৰূপ থাকিব।
ওঁ শান্তিঃ শান্তিঃ শান্তিঃ।
⸻
জ্ঞান ভক্তি আৰু কৰ্ম্ম
জ্ঞান, ভক্তি আৰু কৰ্ম্মৰ প্ৰাধান্য আৰু অপ্ৰাধান্য লৈ সদায় মানুহে দ্বন্দ্ব, বিদ্বেষত নানা প্ৰকাৰ কষ্ট ভোগ কৰে। কোনোৱে বোলে, জ্ঞান ব্যতিৰেকে মুক্তি নহয়, জ্ঞানেই প্ৰধান। কোনোৱে বোলে ভক্তি, কোনোৱে বোলে কৰ্ম্ম একমাত্ৰ মুক্তিৰ উপায়। ইয়াত গম্ভীৰ আৰু শান্ত চিত্তে মানুহ মাত্ৰই বিচাৰ কৰি সাৰ ভাব গ্ৰহণ কৰা।
প্ৰত্যক্ষে দেখা, জুইৰ প্ৰকাশ হলে তাৰ লগতে জোনাক গুণ, উষ্ণতা, দাহিকা শক্তি আৰু বগা, ৰঙা, ক’লা বৰ্ণ প্ৰকাশ হয়। জুই নুমালে সেই সকলো গুণৰ ক্ৰিয়া লগতে নিৰাকাৰ হয়। আৰু দেখা, জাগৰিত অৱস্থাত তুমি প্ৰকাশমান হলে তোমাৰ লগতে তোমাৰ মন বুদ্ধি অহঙ্কাৰ প্ৰভৃতি শক্তি গুণ ক্ৰিয়া প্ৰকাশ হয়।পুনৰায় তোমাৰ টোপনি অৱস্থা ঘটিলে সেই সকলো শক্তি গুণ ক্ৰিয়া তোমাৰ লগতে অভিন্ন ভাবে কাৰণত স্থিতি হয়। সেইদৰে কোনো লোকত বিবেকৰ উদয় হলে তাৰ লগতে বিচাৰ বা জ্ঞান ভক্তি বা প্ৰীতি কৰ্ম্ম বা সাধন অনুষ্ঠান আপোনাআপুনি উদয় হয়।
বিবেকী জীৱৰ যে পৰমাত্মাক পাবৰ ইচ্ছা, তাকে প্ৰীতি বা ভক্তি জানিবা আৰু বুদ্ধিৰ দ্বাৰাই তেওঁক পোৱাৰ উপায় অনুসন্ধানৰ নাম বিচাৰ বা জ্ঞান।যেতিয়ালৈকে তেওঁক আৰু আপোনাক অভিন্ন নেদেখিছা, তেতিয়ালৈকে যি ভক্তি কৰি বিচাৰ, অনুসন্ধান আৰু অন্য অনুষ্ঠান, তাকে কৰ্ম্ম জানিবা। এই তিনিৰো মাজত
এটি নাথাকিলে কোনোটি নাথাকে। এটি থাকিলে তিনিয়োটি থাকিব। যেনে, জ্ঞান নাথাকিলে টোপনিৰ অৱস্থাত ভক্তি আৰু কৰ্ম্ম দুয়ো নাথাকে, জাগৰিত অৱস্থাত তিনিয়োটি থাকে।
যাৰ জ্ঞান আছে তাৰ ভক্তি আৰু কৰ্ম্ম দুয়ো আছে। যাৰ ভক্তি আছে তাৰ জ্ঞান আৰু কৰ্ম্ম দুয়ো আছে। জ্ঞান আৰু ভক্তি নহলে যি শৰীৰ আৰু মনৰ পৰিশ্ৰম সি কৰ্ম্মই নহয়।
মানুহ মাত্ৰই মিছা স্বাৰ্থ আৰু আড়ম্বৰ এৰি এইদৰে সাৰ ভাব গ্ৰহণ কৰি আৰু জগতৰ হিত সাধনত ৰত হৈ পৰমানন্দে আনন্দৰূপে অৱস্থিতি কৰা।
⸻
ভেষ্কীত বিশ্বাস
যিসকল অজ্ঞানী লোক আপোন ইষ্ট দেৱ পৰমাত্মাৰ পৰা বিমুখ,তেওঁলোকে সাধুসকলৰ পৰা ভোজ বিদ্যা আৰু ভেল্কী দেখিবৰ ইচ্ছা কৰে আৰু তাকে দেখি তেওঁক ভক্তি কিম্বা ঈশ্বৰক বিশ্বাস আৰু ভক্তি শ্ৰদ্ধা কৰিব খোজে। তেনে বিশ্বাসক ধিক্, আৰু যি বিশ্বাস কৰে তেওঁকো ধিক, আৰু যিসকলে সাধু সাজি মানুহসকলক এইদৰে ভেল্কী দেখাই আপোনাৰ সেৱা কৰাই লয়, আৰু সত্যৰ পৰা আপুনি বিমুখ হৈ আনকো সত্যৰ পৰা বিমুখ কৰে সিহঁতকো ধিক। বিচাৰ কৰি ঈশ্বৰৰ মহিমা দেখা যে জন্ম হোৱাৰ পূৰ্ব্বে তোমাৰ কোনো বোধাবোধ নাছিল যে তুমি স্ত্ৰী নে পুৰুষ আছিলা। আৰু এই দৰৰ সৃষ্টি ৰাজ বাদছাই কেতিয়াও দেখা নাই। কিন্তু এতিয়া প্ৰত্যক্ষ নানা প্ৰকাৰ সৃষ্টি ব্ৰহ্মাণ্ড দেখিবলৈ পাইছা আৰু দুঃখ-সুখ বোধ হৈছে। পৰমেশ্বৰ পৰমাত্মাৰ এই প্ৰত্যক্ষ নানা প্ৰকাৰ লীলা আৰু মহিমা দেখি চেতন হৈ তেওঁত বিশ্বাস আৰু ভক্তি নহয়, তেওঁৰ পৰা বিমুখ হৈ আছা আৰু সামান্য বাজীকৰৰ ভোজ বিদ্যা দেখি, সেই লোকক বিশ্বাস বা ভক্তি কৰিবৰ ইচ্ছা কৰা!কি ঘৃনাৰ বিষয়! ই কি জ্ঞানী মানুহৰ উচিত কাৰ্য্য়? যদি এইদৰে ভেল্কী দেখি সাধুক আৰু ভগবান পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপক বিশ্বাস আৰু ভক্তি কৰিব লগা হয় তেনে বাজীকৰে নানা প্ৰকাৰ শক্তিৰে ভোজ বিদ্যা আৰু ভেল্কী দেখায়, সেই নিমিত্তে বাজীকৰক বিশ্বাস আৰু ভক্তি কৰা উচিত নে? সত্যত বিশ্বাস নকৰি প্ৰপঞ্চত বিশ্বাস কৰি ৰজা প্ৰজা সকলো আপোন যথাৰ্থ ইষ্টদেব পৰমাত্মা সত্যৰ পৰা বিমুখ হৈ ভ্ৰমত পৰি উচ্ছন্ন গৈছে!