সমললৈ যাওক

সাহিত্য - ষষ্ঠ ভাগ

ৱিকিউৎসৰ পৰা

 

সাহিত্য

 

৬ষ্ঠ ভাগ।

 

(অসমীয়া আৰু ইংৰাজী স্কুলৰ ৬ষ্ঠ মানৰ বাদে)

 

শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা।
যোৰহাট।

 

৬ষ্ঠ তাঙৰণ ৷

 

বেচ ন অনা। 

 

প্ৰকাশক—
শ্ৰীগঙ্গাধৰ বৰকটকী
বৰকটকী কোম্পানী,
যোৰহাট—অসম।

 

কলিকতা,
৮৫নং অপাৰ চাৰকুলাৰ ৰোড, ‘ভাৰতমিহিৰ যন্ত্ৰত '
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰা মুদ্ৰিত।

 

নিবেদন।

 যোৱা ১৯|৪|২৮ তাৰিখৰ শিক্ষা বিভাগৰ জাননী মতে ইংৰাজী আৰু অসমীয়া স্কুলৰ ৬ষ্ঠ শ্ৰেণীৰ উপযোগী কৰি এই “সাহিত্য” খনি যুগুত কৰা হল। ইয়াৰ ভিতৰত কিছুমান প্ৰৱন্ধ আমাৰ “সাহিত্য-পাঠ” নামৰ পুথিৰ, বাকীখিনি নতুনকৈ লিখা আৰু সংগ্ৰহ কৰা।

 অসম উপত্যকাৰ পুথি-বছা সভাই ৬ষ্ঠ শ্ৰেণীৰ বাবে যিবোৰ পদ্য বাছি দিছে, সেইবোৰৰ কেইটামান এই সাহিত্যৰ ভিতৰত দিয়া হৈছে। গদ্য আৰু পদ্য ৰচকসকলে সিবিলাকৰ মৃল্যৱান ৰচনা আমাক গ্ৰহণ কৰিবলৈ অনুমতি দিয়াত আমি নথৈ আনন্দ পাইছো; সেই সকলে অনুগ্ৰহ কৰি অনুমতি নিদিয়া হলে আমি ইমান কম সময়ৰ ভিতৰত এই কাম কৰিবলৈ সমৰ্থ নহলোঁহেঁতেন। সেই কাৰণে সিবিলাকৰ দয়া আৰু উদাৰতাক অশেষ ধন্যবাদ দি আমাৰ কৃতজ্ঞতা জনালো।

 এই পুথিখনি ছপাখানালৈ পঠোৱাৰ আগতে শ্ৰদ্ধাস্পদ পণ্ডিত শ্ৰীযুক্ত উমাকান্ত মিশ্ৰ ব্যাকৰণতীৰ্থ মহাশয়ে এবাৰ চকু ফুৰাই চাই দিছিল; আৰু নৰ্ম্মাল স্কুলৰ চুপাৰিণ্টেণ্ডেণ্ট শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত মুক্তালাল কাথবৰুৱা মহাশয়ে নানা প্ৰকাৰে আমাক উৎসাহ দিছিল, সেই কাৰণে এই দুই জনা সদাশয় পুৰুষকো আমি অশেষ ধন্যবাদ জনালো।

১লা ভাদ—শুক্লা দ্বিতীয়া
১৮৫০ শক। যোৰহাট
বিনীত—
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা।
 
 

ষষ্ঠ বাৰৰ বক্তব্য।

 এই সংস্কৰণত পুথিখনি পঢ়ি চাই ঠায়ে ঠায়ে দুই এটা শব্দ পৰিৱৰ্ত্তন কৰা হল আৰু বানান আদিৰ য'ত যি খুঁত চকুত (অপঠনীয় ) সেইবোৰ সংশোধন কৰা হল। আশা কৰোঁ আগৰ দৰে শিক্ষক বন্ধুসকলে ইয়াক আদৰ কৰি আমাক উৎসাহ দিব ।

যোৰহাট
১১ মার্চ ১৯৩৮
বিনীত—
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা।
 

সূচী

১। ইচ্ছা তযু পূর্ণ হোক হেৰা দয়াময় (পদ্য)
 ৰায় বাহাদুৰ শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালা ... 
২। চৰিত্ৰ ... " গৌৰীকান্ত শৰ্মা ... 
৩। ক্ষুদ্র ক্ষুদ্র প্রাণী ... ... 
৪। চহা আৰু পণ্ডিত ( পদ্য )
 ৰায় বাহাদুৰ শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালা ... ১২
৫। সম্রাট পঞ্চম জর্জ্জ  " যামিনীকান্ত দাস ... ১৭
৬। আকাশ (পদ্য)  " দুৰ্গেশ্বৰ শৰ্ম্মা বি, এল ... ২৪
৭। কাঠফুলা ... ... ২৪
৮। মহাপুৰুষ মাধৱদেৱ (পদ্য)  শ্ৰীযুত হৰিদয়াল পাঠক ... ২৮
৯। আৰ্কিমিডিচ আৰু জল জোখ ... ... ৩৩
১০। জলস্তম্ভ বা পানীগছা ... ... ৩৪
১১। ত্যাগ ... ... ৩৭
১২। অসম (পদ্য)
 ৰায় বাহাদুৰ শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালা ... ৪৩
১৩। আনন্দৰাম বৰুৱা ... ... ৪৭
১৪। চাহ খেতি  ৺ভাৰতচন্দ্ৰ দাস বি, এ ... ৫২
১৫। মানুহ (পদ্য)  " দুৰ্গেশ্বৰ শৰ্ম্মা বি, এল ... ৫৭
১৬। টেলিফোন  " সিদ্ধিনাথ কলিতা বি-এচ-চি ... ৫৮
১৭। ৰাধা-কক্মিণী  " ক্ষেত্ৰধৰ বৰগোহাঁই বি-এচ-চি ... ৬১
১৮। জীৱন সঙ্গীত ( পদ্য )
 ৰায় বাহাদুৰ শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালা ... ৬৭
১৯। ধূলি ... ... ... ৭১
২০। মহৰম ... ... ... ৭৪
২১। পৰিশ্ৰমৰ মৰ্য্যাদা (পদ্য) ... ... ৭৯
২২। উল্কা বা পপীয়া তৰা ... ... ৮১
২৩। নিয়মীয়া ভগন ... ... ... ৮৬
২৪। উমানন্দ (পদ্য) শ্ৰীযুত দুৰ্গেশ্বৰ শৰ্ম্মা বি, এল ... ৮৯
২৫। পৰিশ্ৰম ... ... ... ৯০
২৬। টকা  ৺সত্যনাথ বৰা বি, এল ... ৯৪
২৭। মোৰ দেশ (পদ্য)  শ্ৰীযুত সৰ্ব্বেশ্বৰ শৰ্ম্মা কটকী ... ১০০
২৮। মাণিকচন্দ্ৰ বৰুৱা  ... .. ... ১০৪
২৯। শিষ্টাচাৰ  ... .. ... ১১১
৩০। পদ্ম (পদ্য)  ... .. ... ১১৬
৩১। ভক্ত গাজী  ... .. ... ১১৭
৩২। ৰামচন্দ্ৰ আৰু ভৰতৰ কথোপকথন
 ৺হেমচন্দ্ৰ বৰুৱা ... ১৩৬
৩৩। শ্ৰীআনন্দৰাম (পদ্য)
 শ্ৰীযুত তাৰানাথ চক্ৰৱৰ্ত্তী কাব্যবিনোদ ... ১৩৬
৩৪। মানুহ  ... .. ... ১৩৩
৩৫। নীতি-ৰত্নমালা (পদ্য )
 ৰায় বাহাদুৰ শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালা ... ১৩৬
৩৬। পৰিশিষ্ট  ... .. ... ১৪৫

 

সাহিত্য

ষষ্ঠ ভাগ।

ইচ্ছা তযু পূর্ণ হোক হেৰা দয়াময়।

জীৱনৰ খলা-বমা গন্তব্য বাটৰ,
ভালেখিনি নিলগত এৰি নিজঘৰ,
থাকোঁতে ফুৰোঁতে পিতা পৰম ঈশ্বৰ,
এনে মতি বুদ্ধি দিয়া হিয়াত দাসৰ,
অধমৰ ক্ষুদ্র কণ্ঠে যেন সদা কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰা দয়াময় ।

যদিওবা বাট মোৰ নিজম আন্ধাৰ,
যদিওবা ভাগ্যহীন কৰোঁ হাহাকাৰ,
বিপদ-বিঘিনি আৰু নানা আহুকালে,
আগচিলে, মন যেন থাকে নিজঞ্জালে,
অমিয়া-বৰষা কথা কণ্ঠে যেন কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰা দয়াময় ।

দুখৰ গধুৰ বোজা কান্ধে ভাৰ বই,
হুমুনিয়া কাঢ়োঁ যেবে নিজানত গ‍ই,
মৰমৰ বন্ধুবোৰ কাকো ওচৰত,
নেদেখি সহায়-হাত কান্দোঁ বেজাৰত,
তেতিয়াও যেন মোৰ ক্ষুদ্ৰ কণ্ঠে কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰা দয়াময়।

8

ভাল পাওঁ যাক, যিবা হৃদয় জুৰায়,
এক দেহ, এক প্রাণ, ভিন-পৰ নাই,
অকস্মাতে তাকো নিয়া ঘৰ উৰুঙাই—
ধন, জন, প্রিয় বস্তু ছাঁয়াবাজী প্রায়—
সকলো তোমাৰ প্ৰভু, লীলা ৰসময়,
ইচ্ছা মধু পূৰ্ণ হোক হেৰা দয়াময় ৷

বেজাৰ বা নৰিয়াত যদিস্যাৎ হায় !
অকালতে ইটো প্ৰাণ-পক্ষী উৰি যায়,
দুদিনীয়া সংসাৰৰ শোক-তাপ ভুলি,
তথাপিও অধমৰ ক্ষুদ্র কণ্ঠ তুলি,
কৰোঁ যেন গুণ-গান বিশ্বপতি জয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰা দয়াময় ।

যিবা দিয়া, যিবা নিয়া, সকলো তোমাৰ,
নুবুজি-নাজানি কওঁ 'আমাৰ', 'আমাৰ’,
আমাৰ 'আমিত্ব' তোমাতেহে পায় লয়,
নদ-নদী সাগৰলৈ যেনেৰূপে বয়,
নিষ্কাম কৰম-ব্ৰত যেন সিদ্ধি হয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰা দয়াময়।

হিয়া-ভেদী মোৰ ইচ্ছা নিজৰিণী বয়,
অতি সৰু, ক্ষীণগতি বাটতেই ৰয়,
দিয়া শক্তি দিনে দিনে যেই বই গই,
তযু ইচ্ছা-মহাসিন্ধু তাতে পায় লয়,
কুলু কুলু মাতে যেন ওৰে বাটে কয়,
ইচ্ছা তযু পূৰ্ণ হোক, হেৰা দয়াময়।



চৰিত্ৰ।

 চৰিত্ৰ অমূল্য সম্পত্তি। ই মানুহৰ জীৱনত ৰহণ সানি জীৱনক এক অপূৰ্ব্ব অলঙ্কাৰে অলঙ্কৃত আৰু গৌৰৱান্বিত কৰি নতুন সাজেৰে সজ্জিত কৰে। ই সংসাৰ-সাগৰৰ ভেলৰ নিচিনা। ইয়াৰ বলত মানুহে মহত্ত্ব লাভ কৰিব পাৰে।

 বিদ্যাৰ লগত চৰিত্ৰৰ কোনোমতে তুলনা হব নোৱাৰো বিদ্যাই মানুহৰপৰা প্ৰশংসা আকৰ্ষণ কৰে; কিন্তু চৰিত্ৰই আন মানুহক শিষ্য আৰু ভক্ত কৰে। বিদ্বান্ মানুহক আনে মান কৰে, চৰিত্ৰবানক বিশ্বাসৰ সৈতে ভক্তি কৰে। চৰিত্ৰহীন বিদ্বানৰ বিদ্যাৰ গৌৰৱ জীৱন-নাশৰ লগতে নাশ হয়। চৰিত্ৰবানৰ বিদ্যাৰ গৌৰৱ অক্ষুণ্ণ, সনাতন—ইহজীৱনৰ পাচতো চৰিত্ৰবানৰ আদৰ অপৰিমিত ভাৱে বাঢ়েহে।

 এজনা স্বাধীনচেতা আৰু সত্যনিষ্ঠ জ্ঞানীয়ে কৈছিল, “মোৰ যৌবনকালৰ প্ৰধান আদেশ আৰু উপদেশ এই আছিল, যে বিবেকৰ ইচ্ছানুযায়ী কাম বাছি লৈ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগে। মই এই উপদেশ মতে কাম কৰিবলৈ পাহৰা নাই; এই উপদেশ অনুসাৰে কাম কৰা বাবে মোৰ এতিয়ালৈকে কোনো পাৰ্থিব সুখৰ অভাৱ হোৱা নাই। ম‍ই মৰণ কালতো সন্তানসকলক এই উপদেশ দি মৰিম”।

 সচ্চৰিত্ৰ অনুপম বস্তু। পৃথিবীত থকা কোনো বস্তুৰ লগত ইয়াৰ তুলনা নহয়। নানাবিধ বিলাসিতাৰ বস্তু টকা খৰচ কৰিলেই পোৱা যায়, কিন্তু মলশূন্য চৰিত্ৰ, পৱিত্ৰ উন্নত জীৱন টকাৰে পাব নোৱাৰি। ই টকা-কড়িতকৈ বহু গুণে দামী। সেই কাৰণে টকা, কড়ি আদি বস্তুৰ লগত চৰিত্ৰৰ তুলনা কৰিব নোৱাৰি।

 দুষ্টই ধন অপকৰ্ম্মত খৰচ কৰে; দুষ্ট ধন হলে তাৰ অহঙ্কাৰ বাঢ়ে। তাৰ বলত দুষ্টই সদায় দুৰ্ব্বলক নাশ কৰিবলৈ বিচাৰে।

 এই বাবে আমাৰ ঋষিসকলে কৈছিল, “মন মহৎ নহলে ধনে অপৱিত্ৰতা আৰু দৰিদ্ৰতা জন্মায়।” ধন উপাৰ্জ্জন কৰিবলৈ হলে আগেয়ে আৰ্জ্জোতাজন সাধু হব লাগে, তেহে তেওঁৰ উপাৰ্জ্জিত ধনে নিজৰ সাধুতাত সহায় কৰিব। মুঠতে অকল ধনে আমাক সাধু-ভদ্ৰ কৰিব নোৱাৰে, নৈতিক গুণেহে আমাক সাধুতা, ভদ্ৰতা আদি গুণৰ গুণী কৰিব পাৰে।

 চৰিত্ৰ ইমান লাগতিয়াল আৰু আৰাধনীয় যে ই প্ৰভুৰ ক্ষমতা বিস্তাৰ কৰায়— তেওঁক ইহকাল-পৰকাল সংসাৰত অমৰ কৰি ৰাখে৷ সেই কাৰণে তাক অতি যত্ন কৰি অৰ্জ্জা উচিত। সাধুসকলে জোনক লক্ষ্য কৰি ওপৰলৈ উৰা চাতক পক্ষীৰ দৰে মহত্ত্ব লাভৰ বাবে সদায় সৎকামত কৃতী হবলৈ চেষ্টা কৰে, অসন্তেহে পৃথিবীত থকা মৰা শ লক্ষ্য কৰা শগুনৰ দৰে পৈতৃক বা নিজে অৰ্জ্জা ধনেৰে ধনী হৈ ক্ষমতাত সন্তুষ্ট হয়, আৰু অসৎ প্ৰবৃত্তিত লিপ্ত থাকি অসৎ কাম কৰি কাল কটায়।

 সৰলতা সৎ চৰিত্ৰৰ অলঙ্কাৰ। মনত স্বাভাৱিকতে যিবিলাক সৎভাব ওপজে, কথাৰে তাক প্ৰকাশ কৰিব পাৰি; ইয়াক যদি আকৌ কামত ভালদৰে দেখুৱাব পৰা যায়, আনে আদৰ নকৰি থাকিব নোৱাৰে। সত্যনিষ্ঠ হব খুজিলে আত্মসম্মান লাভ কৰিব লাগে; আত্মসম্মানেই সৎ চৰিত্ৰ ক্ৰমাৎ গঢ়ি তোলে। এটা চোৰ এদিন চুৰ কৰিবলৈ যাওঁতে তাৰ মনত এই ভাব খেলাইছিল – “আনক নেদেখা কৰি বস্তু নিয়াৰ নামেই চুৰি। মই নিজেকে নিজে দেখো দেখিছোঁ। এতিয়া ম‍ই চুৰ কৰিলে মোৰ ওচৰতেতো ধৰা পৰিম!” তাৰ চুৰ কৰা নহল। সেই দিনাৰপৰা আৰু সি চুৰ নকৰা হল। এনেকুৱা আত্মসম্মানৰ দৃষ্টান্ত অতি দৰকাৰী আৰু উপকাৰী।

 ঠগামী অবিশ্বাসৰ মূল। যাৰ ঠগামী ভাবৰ অলপ চেষ্টা থাকে সি অদ্ভুত বিদ্যাৰ গৰাকী হলেও মানুহ নামৰ আখ্যা পাব নোৱাৰে। চৰিত্ৰ এটা অন্তৰৰ গুণ, ই চকুৰে দেখা সোণ-ৰূপ বা আন কোনো বস্তুৰ দৰে দেখা বস্তু নহয়।

 চৰিত্ৰবান হব খুজিলে সদায় বিলাস এৰা উচিত। কিয়নো ধুন-পেচৰ গ্ৰাসত পৰি বহুতে জুইত পৰি আধাপোৰা হোৱা চগাৰ দৰে অসম্পূৰ্ণ শৰীৰ লৈ চিৰদিনীয়া আনন্দ পথৰপৰা খহি পৰে।

 সত্যনিষ্ঠা, সাহ, নম্ৰতা, কৰ্ত্তব্য কামত উৎসাহ আৰু অনুচিত সুখৰ অনিচ্ছাই সচ্চৰিত্ৰৰ লক্ষণ। অভ্যাস কৰিলে মানুহে সেইবোৰৰ অধিকাৰী হব পাৰে। সেই কাৰণে বহু সাধাৰণ খেতিয়কেও চৰিত্ৰ লাভ কৰি সমাজত ওখ আসন পোৱা দেখা যায়। এওঁলোকে সঁচাক বাদে মিছা নিশিকে আৰু নকয়; কেৱল সৰল কথাৰে মনৰ ভাব প্ৰকাশ কৰিবলৈ হে শিকে।

 চৰিত্ৰবান সমাজৰ প্ৰাণস্বৰূপ, চৰিত্ৰহীন কিন্তু কলঙ্কস্বৰূপ। এজনৰ চৰিত্ৰহীনতাই সমাজৰ চৰিত্ৰত ঘূণ লগায়। কিয়নো চৰিত্ৰহীনতা খোচৰা ব্যাধিৰ স্বৰূপ; তাৰ ফলত সমাজ সময়ত নাশ হয়। এক ৰাৱণৰ চৰিত্ৰ দোষতে ৰাক্ষসকুল প্ৰায় নাশ হৈছিল। যদুবংশ নাশৰ কাৰণো চৰিত্ৰহীনতাই।


ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী।

 পৰিষ্কাৰ এগিলাচ পানীত গছৰ ডাল, পাত টুকৰা টুক কৰি কাটি পেলাই ৰাখিলে কেইদিনমান পাচত পানীৰ বৰণ অলপ ৰঙচুৱা হয়, আৰু পানীৰ ওপৰত এখন পাতল চামনি পৰে। এই পানী অণুবীক্ষণযন্ত্ৰেৰে চালে তাত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী দেখিবলৈ পোৱা যায় আৰু এনে এটোপা পানীতে অসংখ্য প্ৰাণী লৰি ফুৰা দেখি আচৰিত হব লাগে। প্ৰাণীবোৰৰ শুঁড় আছে; ইহঁতে শুঁড়বোৰ লৰাই পানীত ফুৰে।

 সমুদ্ৰ অসংখ্য প্ৰাণীৰ ঘৰ। সমুদ্ৰতো এই নিচিনা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী জন্মে। এই ক্ষুদ্ৰ প্ৰাণীবোৰৰ গাত শামুকৰ দৰে এখন খোলা থাকে। পণ্ডিতসকলে এই খোলা পৰীক্ষা কৰি তাত চূণ থকা পাইছে।

 আহাৰ আৰু বায়ু নহলে প্ৰাণী জীয়াই থাকিব নোৱাৰে। এই ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণীবোৰেও আহাৰ খাব লাগে, আৰু বায়ু লব লাগে; কিন্তু আচৰিত কথা, এই সামান্য প্ৰাণীবোৰৰ আহাৰ খাবলৈ মুখ আৰু বায়ু লবলৈ নাক নাই। আমাৰ শৰীৰৰ ভিতৰত ফুচফুচ্ নামে যন্ত্ৰ আছে। আমি বায়ু টানি এই যন্ত্ৰলৈ নিওঁ। ফুচফুচৰ সহায়তেই বায়ুত থকা অক্সিজেন শৰীৰৰ তেজৰ লগত মিহলি হয়; আৰু তাৰ ফলতেই আমাৰ তেজ পৰিষ্কাৰ হয় আৰু শৰীৰত বল জন্মে। কিন্তু আমি ওপৰত কোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণীবোৰৰ তেনে কোনো যন্ত্ৰ নাই; ইহঁতৰ সমস্ত শৰীৰে পানীত থকা বায়ুৰপৰা অক্সিজেন টানি লয়। এই অক্সিজেনে সিহঁতৰ খাদ্য পৰিপাক কৰে আৰু শৰীৰ পুষ্ট কৰে। এইবোৰ প্ৰাণীৰ শৰীৰত তেজ নাই, সেই কাৰণে হৃৎপিও আদি যন্ত্ৰৰো সিহঁতৰ আৱশ্যক নাই।

 সমুদ্ৰত থকা এই ক্ষুদ্ৰ প্ৰাণীবোৰে সমুদ্ৰত জন্মা সৰু সৰু উদ্ভিদ খায়। এই উদ্ভিদবোৰ সিহঁততকৈও সৰু। এই প্ৰাণীবোৰে সিহঁতৰ আহাৰৰ উপযোগী উদ্ভিদ পালে সিহঁতৰ শৰীৰেৰে মেৰাই ধৰে আৰু তাৰ ৰস চুহি খায়। কেতিয়াবা সিহঁতৰ এই খাদ্যৰ অভাৱ হলে নিজ জাতিৰ দুৰ্ব্বল প্ৰাণীকো ধৰি চুহি খাই পেলায়। ইহঁতে শৰীৰেৰে পানী ও টানি লয়। সমুদ্ৰৰ পানীত চূণ মিহলি থাকে; এই প্ৰাণী বাৰে সেই পানী খোৱাত তাৰ চূণৰ ভাগেৰে সিহঁতৰ খোলাটো তৈয়াৰ হয়; ইহঁতৰ খোলাত চূণ পোৱাৰ কাৰণ এয়েই।

 এই প্ৰাণীবোৰৰ বংশবৃদ্ধিৰ কথা শুনিলে আচৰিত হব লাগে। পোনতে এটা প্ৰাণীয়ে সমুদ্ৰৰ পানীৰপৰা চূণ টানি লৈ খোলা তৈয়াৰ কৰিবলৈ ধৰে; কিন্তু প্ৰাণীটো যেতিয়া ডাঙৰ হৈ উঠে, তেতিয়া তাৰ শৰীৰ ভাঙি দুটা প্ৰাণী হয়। এনে অৱস্থাত এখন খোলাত দুটা প্ৰাণীৰ ঠাই অকুলন হোৱা বাবে খোলাৰ ওপৰত থকা সৰু বিন্ধাৰে নতুন প্ৰাণীটো বাজলৈ ওলায়, আৰু পুৰণি খোলাৰ গাতে নিজৰ নিমিত্তে নতুন খোলাতৈয়াৰ কৰে। এইদৰে এটা প্ৰাণীৰ পো-নাতি মিলি প্ৰথম খোলাৰ চাৰিও ফালে সৰু সৰু খোঁটালী কৰাৰ দৰে খোলা সাজি বাস কৰে। ইহঁতৰ পোৱালী জন্মোৱাৰ নিয়ম এইটোৱেই। ইহঁত সমুদ্ৰৰ তলৰ বোকাত আৰু শেলাইত জন্মি কিছুদিন থাকি মৰি যায়। এইদৰে সমুদ্ৰৰ বহুত ঠাইত এনে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী লাখ লাখ কোটি কোটি জন্মি আৰু মৰি পানীৰ তলত থকা মাটিৰ ওপৰত একোটা স্তৰ নিৰ্ম্মাণ কৰে।

 আজিকালি আমাৰ দেশত শিলচূণৰ বৰ চলন্তি হৈছে। শিলচূণ আমি তামোলৰ লগত খাওঁ, ঘৰৰ বেৰত লগাওঁ আৰু তাৰে আমি ইটা গাথোঁ। খাচিয়৷ পাহাৰত চূণ তৈয়াৰী হোৱা শিল পোৱা যায়। এই শিল জুইত পুৰিলে চূণ হয়। বিজ্ঞানবিদ্ পণ্ডিতসকলে কয়—এই শিল, আমি ওপৰত কোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণীবোৰৰেই গাৰ খোলা। এইবোৰ লাখ লাখ বছৰ সমুদ্ৰৰ তলিত জমা হোৱাত চূণশিলৰ সৃষ্টি হৈছে। আল্পচ্ হিমালয় আদি কিছুমান পৰ্ব্বত আগেয়ে সমুদ্ৰৰ তলত আছিল। পাচত পৃথিবীৰ উৰ্দ্ধক্ষেপণ আৰু অধঃক্ষেপণ-ক্ৰিয়াৰ ফলত এইবোৰ পৰ্ব্বত দেখা দিয়ে।

 আমি খৰিমাটি বা চকেৰে কাঠৰ ফলিত লিখোঁ আৰু দাঁত মাজোঁ। এই খৰিমাটিও এনেকুৱা ক্ষুদ্ৰ প্ৰাণীৰেই শৰীৰৰ খোলা; সি মাটি নহয়। খৰিমাটিৰ শ শ মাইল দীঘল পাহাৰ আছে। খৰিমাটিৰ পোকেও হাজাৰ হাজাৰ বছৰ সমুদ্ৰৰ তলিত বাস কৰি মাটিৰ ওপৰত স্তৰ তৈয়াৰ কৰিছিল, কালত সি পানীৰপৰা দেখা দিছে। আজি-কালিও, যে এইনিচিনা আচৰিত ক্ষুদ্ৰ প্ৰাণীবোৰে সমুদ্ৰৰ কিমান ঠাইত নিজৰ শৰীৰৰ জকাৰে স্তৰ নিৰ্ম্মাণ কৰিবলৈ ধৰিছে তাৰ লেখ লয় কোনে? পোৱাল প্ৰায় সিন্দুৰৰ দৰে ৰঙা, আৰু শিলৰ নিচিনা টান; কিছুমান পোৱাল হাড়ৰ নিচিনা বগা-বৰণৰো আছে। পোৱাল এবিধ ক্ষুদ্ৰ কীট; ইহঁতেও ওপৰত কোৱা প্ৰাণীৰ দৰে সাগৰৰ পানীৰপৰা চূণ টানি লৈ শিলৰ দৰে টান বহি সাজে। বহুত

পোৱাল-পোক গাইপতি এটা খুঁটাৰ দৰে হৈ উঠে; পাচত যেতিয়া আকৌ সেই খুঁটাৰ ওপৰতে হাজাৰ হাজাৰ পোৱাল পোক থাকিবলৈ ধৰে তেতিয়া তাক সাগৰৰ তলৰ প্ৰকাণ্ড গছ যেন দেখি। বগা পোৱালৰ বাহ নানা আকৃতিৰ; কিছুমান বাহ, গছৰ বৰ বহল পাতৰ দৰে দেখা যায়।

 গৰম ঠাইত এই পোকে বাহ লয়। সেই কাৰণে ভাৰতমহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু ভূমধ্যসাগৰত এই পোক বেচিকৈ দেখা যায়। ইহঁতে সমুদ্ৰৰ তলত থকা মগ্নগিৰিক আশ্ৰয় কৰি বাহ সাজে আৰু হাজাৰ হাজাৰ বছৰ একে ঠাইত থকাৰ ফলত ইহঁতৰ বাহবোৰেই একোখন পাহাৰৰ দৰে হৈ উঠে; পাচত ওখ হৈ যেতিয়া পানীৰ ওপৰত দেখা দিয়ে, তেতিয়া সি প্ৰবাল-দ্বীপ নাম পায়। এইবোৰ দ্বীপত মাটি গোট খাবলৈ ধৰে, উদ্ভিদ গজিবলৈ ধৰে, আৰু লাহে লাহে সি নানা জীৱজন্তুৰ বাসস্থান হৈ উঠে। আমাৰ ভাৰতবৰ্ষৰ ওচৰত থকা লাক্ষাদ্বীপ, মালদ্বীপ আদি এইদৰে নিৰ্ম্মাণ হোৱা। এই ক্ষুদ্ৰ প্ৰাণীৰ জকাৰ মূল্য ভাবিলে আচৰিত হব লাগে। ধনী মানুহে পোৱালৰ মণি কৰি ডিঙিত পিন্ধে, আৰু কবিৰাজে ভস্ম কৰি ঔষধ তৈয়াৰ কৰে। সমুদ্ৰৰ বুকত এই জকাই গোটখাই নানা শস্য-পূৰ্ণ অসংখ্য স্থলচৰ প্ৰাণীৰ মনোৰম আবাসস্থান হৈ উঠে।

 সমুদ্ৰৰ কোনো কোনো ভাগত পানীৰ ওপৰত কেইবা মাইলো জুৰি থকা এক কম পোহৰ দেখা যায়। ইয়াক কিছুমানে বাড়বানল বোলে। জোনাকী পৰুৱাবোৰৰ শৰীৰৰপৰা যিদৰে পোহৰ ওলায়, সমুদ্ৰত থকা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণীৰ গাৰপৰাও তেনেকৈ পোহৰ ওলায়। সমুদ্ৰৰ কোনো কোনো ভাগত দেখা বাড়বানল সমুদ্ৰৰ কিছুমান ক্ষুদ্ৰ প্ৰাণীৰ শৰীৰৰপৰা ওলোৱা পোহৰহে। ভগবানৰ সৃষ্টিৰ কৌশল বুজা মানুহৰ শক্তিৰ অতীত; তেওঁ যে কি উদ্দেশ্যে সংসাৰৰ সৰু বৰ প্ৰাণীৰ সৃষ্টি কৰিছে, তাক মানুহৰ জ্ঞানে ঢুকি-পোৱা টান।


চহা আৰু পণ্ডিত।

ভালেখিনি নিলগত নগৰৰপৰা,
আছিল এজন চহা জুৰমন বৰা,
ৰূপ যেন চুলি তাৰ বুঢ়া-বয়সত,
জানিছিল বহু জ্ঞান সংসাৰ ঠেকত;
বাৰিষাৰ বৰষুণ কাতি কৰি থই,
পুৱাতে ওলাই যায় হাল-কোৰ লই
বোকাপানী জাৰ-জহ মেঘৰ গাজনি,
হৰষিতে কৰে খেতি একোকে নামানি
মনত সন্তোষ সদা নাজানে খিয়াল;
নাজানিলে দুৰাকাঙ্ক্ষা, সকলোৰে ভাল;
সকলোৰে উপকাৰী গাৱঁৰ মাজত,
সজ নাম চুবুৰীয়া লোকৰ মুখত।

এজন পণ্ডিত বৰ শাস্ত্ৰত নিপুণ,
বহুকাল পঢ়ি পঢ়ি লভি বহু গুণ;
ভৰি দি এদিনাখন চহাৰ পঁজাত,
সুধিলে—কি জ্ঞান তুমি লভিলা ইয়াত?
ধৰ্ম্মশাস্ত্ৰ, ইতিহাস ওঠৰ পুৰাণ,
দৰ্শন-জ্যোতিষ, অঙ্ক, ভূগোল, বিজ্ঞান,

চকুৰ টোপনি খতি আদ্খিনি ৰাতি,
চাকি চাকি তেল পুৰি পঢ়ি পুথি পাঁজি,
আৰ্জ্জিলা নে বিদ্যা-বুদ্ধি জ্ঞান-ধৰ্ম্ম আৰু
ভবভূতি, কালিদাস বুজিলা নে বাৰু?
দেখিলা নে নানা তীৰ্থ, বিচিত্ৰ নগৰ,
গিৰি, নদী, সৰোবৰ, সুনীল সাগৰ?
মানুহৰ ৰীতি-নীতি আৰু দেশাচাৰ,
দেখিলা নে কোৱাঁ বাৰু শুনো একেষাৰ?


চহাই উত্তৰ দিলে, মূৰটি দোঁৱাই,
পুথি-পাঁজি পঢ়াশালি মই দেখা নাই;
কোনো দিন ফুৰা নাই দেশ-বিদেশত,
বিদেশীৰ ৰীতি-নীতি মোৰ অবিদিত।
সভ্যতাৰ মুখা পিন্ধি মানুহে সঁচাই,
মানুহকে ছল কৰে দেখিছোঁ সদায়,
আমি যদি আমাকেই নোৱাৰোঁ জানিব,
নানা শাস্ত্ৰ পঢ়ি তেন্তে কি লাভ ঘটিব?
যিদৰে আৰ্জ্জিলোঁ মোৰ অতি ক্ষুদ্ৰ জ্ঞান,
কওঁ বাৰু কথালই দিবা মোৰ কাণ :
মৌমাখি বন কৰি উৰি উৰি যায়,
পৰিশ্ৰমী হবলই আমাক শিকায়;

জাৰকালি খাবলই সাঁচে পৰুৱাই,
ধন-ধান সাঁচিবলৈ আমাক শিকায় ;
এই যে কুকুৰ মোৰ দুৱাৰ দলিত,
তাৰ প্রভু-ভক্তি দেখি হওঁ আচৰিত ;
চোতাল-আগৰ সউ কঁঠাল-জুপিত,
কপৌ-কপৌৱনী জুৰি মাতে হৰষিত ;
আহা ! কেনে ভালপোৱা অজান দুটাৰ,
শিক্ষা দিয়ে প্রেম কিনো মতা-তিৰোতাৰ ;
দেখিছা নে সউ জনী কুকুৰা-চৰাই,
ডৌকাৰ আঁৰত কেনে পোৱালী শুৱায় ;
লাগিব নিদিয়ে জাৰ গাত পোৱালীৰ,
আহা ! কেনে মাতৃস্নেহ সামান্য পক্ষীৰ ;
যতেক চৰাই উৰি ফুৰে আকাশত,
চোৱাচোন সকলোৱে নিজৰ বাহত,
উমাই উমাই কেনে পোৱালী জগায় ;
কত যত্নে টোপ আনি মুখত খুৱায় ;
দলনিত চৰি ফুৰা শৰালি পক্ষীৰ,
পিতৃ-মাতৃ প্রতি ভক্তি কিমান গভীৰ !
স্বভাৱৰ লীলা-খেলা চাই চাই ম‍ই,
পকালোঁ মূৰৰ চুলি নানা শিক্ষা পাই ;
উৰণ, বুৰণ আৰু গজন, ভ্রমণ,
যত দেখোঁ সকলোটি হিতৰ কাৰণ ৷

যদি চাব জানা এই সুন্দৰ জগত,
শিক্ষাৰ বিষয় পাবা অনেক মহত!
অক্ষয় অমূল্য জ্ঞান-ৰতনেৰে ভৰা,
বিশ্ব-পুথি পঢ়া বিশ্ব-খনিকৰে কৰা।
একেটা ঘৰৰ চাল আকাশ মণ্ডল,
একেটা ঘৰৰ ভেঁটি এই ধৰাতল;
একেটা বেলিয়ে দিয়ে পোহৰ দিনত,
এক জোনে জিলিকায় নিশাৰ ভাগত;
একে বায়ু, একে পানী আমাৰ আহাৰ,
একে তেজ, একে মাংস দেহত আমাৰ;
কৰিছে সবাকে এক বিশ্ব-খনিকৰ;
নৰ-নাৰী পুত্ৰ-কন্যা এক ঈশ্বৰৰ;
সবাকে পালিছে তেওঁ সমান স্নেহেৰে,
জোনৰ জোনাক তেওঁ দিয়ে ঘৰে ঘৰে।
সবাকে বিলায় বায়ু ভেদাভেদ নাই,
সকলোৱে সমভাগে জুই-পানী পায়।
পৃথিবীয়ে দিয়ে শস্য, বেলিয়ে পোহৰ,
কেনে সম-দৰ্শন দয়া ঈশ্বৰৰ।
কিয় তেন্তে দন্দ-হাই-ঈৰ্ষা পৰস্পৰ,
খোচাখুচি, হিংসা বৈৰী দেখোঁ মানুহৰ?
মানুহে ঘিণায় হায় ভাই মানুহক,
কপট ছলনা কৰি হয় প্ৰতাৰক!

ইতৰ প্ৰাণীৰ মাজে আছে অনেকৰ,
আছে হিংসা বৈৰ ভাব ক্ৰোধ সিহঁতৰ;
ভালুক, কেশৰী, বাঘ ঘোং জাৰণিত,
মহাত্ৰুূৰ সৰ্পজাতি আছে অগণিত।
আছে ডকাদিয়া চিলা, শেন হিংসুকীয়া,
মানুহৰ সেইবোৰ কিন্তু তলতীয়া।
সকলো প্ৰাণীৰ মাজে নৰ শ্ৰেষ্ঠ কয়,
হায়! হায়! নৰ কিয় পশুতুল্য হয়?
এটুপি চকুৰ পানী, এষাৰি সাদৰি মাত,
এখনি চেনেহী হিয়া এখনি সহায় হাত,
পিচ-পৰা দুখীয়াই যায় আশা কৰি,
আগবঢ়া সুখীয়াই চায় জানো ঘূৰি?
এজন ঈশ্বৰ পিতা আমি সকলোৰ,
ভাই-ভনী নৰ-নাৰী আছোঁ যতবোৰ।
নানা ৰূপে নানা নামে লোক জগতৰ
দেশে দেশে পূজা কৰে পৰম ঈশ্বৰ।
সকলো নদীৰ গতি যিৰূপে সাগৰ।
সকলোৰে পূজা পায় বিশ্ব-খনিকৰ।
বিশ্ব-জুৰি স্নেহ-প্ৰীতি বাঢ়োক আমাৰ,
স্বভাৱৰপৰা পালোঁ এই শিক্ষাসাৰ।
পণ্ডিতে তবধ মানি চহাৰ কথাত,
হৰষিতে কলে তাৰ ধৰি দুইহাত,

ধন্য তুমি খেতিয়ক চহা গাৱঁলীয়া
ধন্য তুমি শিক্ষা দিলা কি মহামূলীয়া ।
নেদেখিলা পঢ়াশালি একো নপঢ়িলা,
স্বভাৱৰপৰা অতি সজ শিক্ষা দিলা ।
যিবা বিদ্যা আৰ্জ্জে লোকে পঢ়াশালি পাই,
যিবা শিক্ষ৷ পায় লোকে শাস্ত্ৰ পঢ়ি চাই ৷
জানিবলগীয়া বহু বাহিৰেও তাৰ,
জ্ঞান-ৰত্ন পাব পাৰে যত্ন থাকে যাৰ ।


সম্রাট পঞ্চম জৰ্জ্জ।

 ১৮৬৫ খৃষ্টাব্দৰ ৩ জুন তাৰিখে লণ্ডনৰ মাৰলবৰা প্রাসাদত ইংলণ্ডৰ ৰজা ভাৰত সম্রাট পঞ্চম জৰ্জ্জৰ জন্ম হয়। পঞ্চম জৰ্জ্জৰ নাম ৰখা হয় “প্রিন্স জর্জ্জ।” তেওঁতকৈ ককায়েক ডেৰ বছৰৰ ডাঙৰ। দুয়ো ভাই একে ধাত্ৰীৰ লালন-পালনত ডাঙৰ-দীঘল হয়। দুয়ো একেলগে থাকিবলৈ বৰ ভাল পাইছিল। জ্যেষ্ঠ ৰাজকোঁৱৰ অভিশয় কৌতূহলপ্ৰিয় আৰু খৰতকীয়া স্বভাৱৰ আছিল ; কিন্তু প্রিন্স জর্জ্জ তেনে নাছিল, তেওঁ নীৰৱে শান্তভাৱে থাকি ভাল পাইছিল; সেইকাৰণে, মানুহে তেওঁক “নীৰৱ জৰ্জ্জো” বুলিছিল।

 তেওঁলোকে সৰুৰেপৰাই পিতা-মাতা আৰু গুৰুজনৰ বাধ্য হৈ চলিছিল। এদিন মহাৰাণী ভিক্টোৰিয়াই বাকিংহাম প্ৰাসাদত কোনো বিষয়ত আলোচনা কৰি থাকোঁতে স্বভাৱসুলভ সম্ৰাট পঞ্চম জৰ্জ্জ

সম্ৰাট পঞ্চম জৰ্জ্জ

শিশুচাঞ্চল্যৰ বাবে প্ৰিন্স জৰ্জ্জৰ ওপৰত শাস্তিৰ বিধান কৰে। ভিক্টোৰিয়াই তেওঁক মেজৰ তলত মনে মনে বহি থাকিবলৈ আদেশ কৰিলে; হুকুম পোৱা মাত্ৰে প্ৰিন্স্ জৰ্জ্জ মেজৰ তলত সোমাই গাৰ সাজ-পাৰ সোলোকাই থৈ শান্তভাৱে মনে মনে বহি থাকিল। কিছু সময় থকাৰ পাচত মহাৰাণী ভিক্টোৰিয়াই “জৰ্জ্জ অতি শান্ত লৰা” এই বুলি মন্তব্য প্ৰকাশ কৰি তেওঁক বাহিৰলৈ ওলাবলৈ আদেশ কৰিলে। তেৱোঁ মহাৰাণীৰ মাত শুনা মাত্ৰে নাঙঠ অৱস্থাৰেই বাহিৰলৈ ওলালত সমাজত বহি থকা কোনেও হাঁহি সামৰিব নোৱাৰিলে।

 প্ৰিন্স জৰ্জ্জৰ দৈহিক গঠন অতি সুন্দৰ আছিল; তাৰ উপৰি মূৰৰ ৰঙচুৱ৷ চুলি আৰু নীল হৰিং বৰণীয়া নয়নযুগলে তেওঁৰ সৌন্দৰ্য্য আৰু চৰাইছিল।

 ৰাজপুত্ৰদ্বয়ৰ সুশিক্ষাৰ অৰ্থে মহাৰাণীয়ে ডেল্‌টন নামে ধৰ্ম্মযাজকক নিযুক্ত কৰে; তেওঁ কোঁৱৰদ্বয়ক ধৰ্ম্মশিক্ষাৰ লগে লগে ইংৰাজী সাহিত্য ও শিক্ষা দিছিল। ৰাণী আলেক্জেন্দ্ৰায়ো তেওঁলোকৰ শিক্ষাৰ অৰ্থে কিতাপ বাছি দিছিল; আৰু তেওঁ লোকৰ যাতে সৰুৰেপৰাই চৰিত্ৰ গঠন হয় তাৰ প্ৰতি দৃষ্টি ৰাখিছিল। বিলাসিতা আৰু দাম্ভিকতা যে মানুহৰ সৰ্ববনাশৰ মূল, এই কথাটো তেওঁলোকৰ মনত দৃঢ়বদ্ধ কৰি দিবৰ মনেৰে ৰাণীয়ে অহোপুৰুষাৰ্থ কৰিছিল; সেইবাবে তেওঁ পুত্ৰদ্বয়ক সাধাৰণ পোছাক পৰিচ্ছদেৰে সজ্জিত ৰাখিছিল; আৰু সাধাৰণ লোকৰ লগতো মিলি-জুলি তেওঁলোকৰ প্ৰতি সদয় আৰু উদাৰ ব্যৱহাৰ কৰিবলৈ সততে উপদেশ দিছিল। ৰাণীৰ এনেকুৱা চেষ্টাত আৰু শিক্ষকৰ ধৰ্ম্ম আৰু নীতি সম্বন্ধীয় উপদেশৰ ফলত ৰাজপুত্ৰদ্বয় সকলোৰে ওচৰত অশেষ প্ৰশংসনীয় হৈছিল।

 তাৰ পাচত তেওঁলোকৰ বয়স বাৰ-তে মান বছৰ হলত ' ভবিষ্যত জীৱনৰ উপযোগী শিক্ষাৰ নিমিত্তে ৰাজ পৰিয়ালত পৰামৰ্শ চলিল। জ্যেষ্ঠজন ৰজা হব; সেই গতিকে তেওঁক সৈন্যবিভাগত আৰু আনজনক নৌ-বিভাগত শিক্ষা দিবলৈ স্থিৰ হল। কিন্তু জ্যেষ্ঠজনে কনিষ্ঠ ভায়েক প্ৰিন্স জৰ্জ্জৰ লগ এৰিবলৈ অসম্মত হল, আৰু তেৱোঁ নৌ-বিদ্যা শিকিবলৈ ইচ্ছা কৰিলে; সেই কাৰণে দুয়ো “ব্ৰিটেনীয়৷” নামৰ ৰণজাহাজত ভৰ্ত্তি হলগৈ। তেওঁলোকৰ লগত গৃহশিক্ষক ডেল্‌ল্টনো গৈছিল। ইংৰাজ জাতিয়ে তেওঁলোকৰ ভাবী ৰজাই নৌ-বিদ্যা আৰম্ভ কৰা দেখি বিস্ময় আৰু আনন্দত অধীৰ হৈছিল।

 পৃথিবীৰ বুৰঞ্জীত ৰাজকোঁৱৰৰ এনে শ্ৰমশীল বিদ্যা-উপাৰ্জ্জনৰ দৃষ্টান্ত অতি বিৰল। এনেকুৱা শিক্ষানীতিৰ বলতেই ইংৰাজ জাতি আজি পৃথিবীৰ ভিতৰত শীৰ্ষস্থানীয়। ভিতৰত শীৰ্ষস্থানীয়। “ভাবী-ৰজা আৰু ৰাজভ্ৰাতাই শিক্ষাৰ অৰ্থে শ্ৰমশীল নাবিক কামত লিপ্ত হৈছে” এইকথা ভাবিলে সেই জাতি আৰু তাৰ অধিপতিৰ প্ৰতি কাৰ শ্ৰদ্ধা নহৈ থাকিব পাৰে?

 ১৮৭৯ খৃঃ অব্দত ৰাজপুত্ৰদ্বয়ে দুবছৰ শিক্ষা কৰাৰ পাচত তেওঁলোকে ব্ৰিটেনীয়৷ জাহাজ এৰি বেকাণ্টি নামৰ জাহাজলৈ যায়। তেওঁলোকে তাত দুবছৰৰো বেচি কাল থাকি অষ্ট্ৰেলিয়াৰ পৰা পশ্চিম-ভাৰতীয় দ্বীপপুঞ্জলৈকে বহুত ঠাই পৰিভ্ৰমণ কৰে। সমুদ্ৰ ভ্ৰমণত তেওঁলোকে অপাৰ আনন্দ অনুভৱ কৰিছিল। ভিন্ন ভিন্ন দেশৰ বিভিন্ন প্ৰাকৃতিক দৃশ্য দেখি তেওঁলোকৰ মন মুগ্ধ . হৈছিল। অপাৰ সুনীল সাগৰত হেঙ্গুলীয়া সূৰ্য্যৰ উদয়-অস্ত আৰু জ্যোৎস্নাময়ী ৰজনীত তৰঙ্গমালাৰ ছেৱে ছেৱে চন্দ্ৰমাৰ নৃত্য দেখি তেওঁলোকৰ মন-প্ৰাণ আনন্দত আপ্লুত হৈছিল। কেতিয়াবা কেতিয়াবা সমুদ্ৰৰ কুঁৱলীতে দিগ্বিদিক জ্ঞান হেৰুৱাই তেওঁলোকে নিজক পাহৰি পেলাইছিল; আৰু ভগবানৰ সৃষ্টি-কৌশল বুজিব পাৰি অৱনতশিৰে তেওঁলৈ প্ৰণিপাত জনাইছিল। এনেকৈয়ে দুয়ো ভায়ে মহা আনন্দত একেলগে এই দুবছৰ কালো কটালে।

 তাৰ পাচত ১৮৮২ খৃঃ অব্দত জ্যেষ্ঠ ৰাজকোঁৱৰে ৰাজোচিত শিক্ষাৰ নিমিত্তে নৌবিভাগ পৰিত্যাগ কৰিবলগীয়া হয়; কিন্তু প্ৰিন্স জৰ্জ্জ তাতে থাকিল। তেওঁ আন নাবিকৰদৰে জাহাজৰ সকলো প্ৰকাৰ কাম কৰিছিল। তেওঁ নিজেই জাহাজৰ তল, কেবিন আদি ঘঁহি-মাজি পৰিষ্কাৰ কৰিছিল; আৰু কোনেও নোকোৱা সত্ত্বেও ৰাতি উজাগৰে থাকি আন পহৰীয়াৰ লগত পাল পাতি পহৰা দিছিল। তেওঁ নিজ কৰ্ত্তব্যৰ অনুৰোধত ৰ'দ-বৰষুণকো আওকাণ কৰি মাস্তুলৰ ওপৰত উঠি আৱশ্যকীয় কাম সম্পাদন কৰিছিল। সেইবাবে তেওঁ কেতিয়াও ভয় বা লাজ কৰা নাছিল।

 প্ৰিন্স জৰ্জ্জে অৱসৰ সময়ত বাঁহী বজাই আনবিলাক নাবিক লগত নাচ-গান কৰি কটাইছিল। এনেকৈ তেওঁ সাধাৰণ নাবিকবিলাকৰ সহবাসত থাকি ডাঙৰ বংশ বুলি হোৱা ফিতাহি- ভেমৰ ওপৰত তেনেই জলাঞ্জলি দিছিল। আন কি মানুহে তেওঁক ‘প্ৰিন্স” বুলি মাতিলেও তেওঁৰ খংহে উঠিছিল; ‘মহাশয়’ এই সম্বোধনতেই তেওঁ সন্তুষ্ট আছিল।

 এনেতে হঠাৎ তেওঁৰ ভাগ্যচক্ৰৰ পৰিবৰ্ত্তন ঘটে। যাৰ ক্ষণকাল বিচ্ছেদতো তেওঁ মাজে-সময়ে দুখ অনুভৱ কৰি আছিল, সেই প্ৰাণৰ জ্যেষ্ঠ সোদৰ ইংলণ্ডৰ ভাবী ৰজাক চিৰকাললৈ বিদায় দিবলগীয়া হল; তেওঁৰ সুখময় নাবিক-জীৱন শোকত উটি গল। কিন্তু পৰমেশ্বৰৰ ওপৰত তেওঁৰ দৃঢ় বিশ্বাস আৰু প্ৰগাঢ় ভক্তি আছিল; সেই কাৰণে ভগবানৰ কাৰ্য্যত কাৰো হাত নাই ভাবি সকলো দুখ-শোক পাহৰিবলৈ ধৰিলে।

 মহাসভাই প্ৰিন্স, জৰ্জ্জক ইংলণ্ডৰ ভাবী উত্তৰাধিকাৰী বুলি ঘোষণা কৰিলে, আৰু তেওঁক ডিউক অব ইয়ৰ্ক আৰু কৰ্ণৱাল উপাধি দিলে। তাৰ পাচত তেওঁক মহা-সমাৰোহে ইংলণ্ডলৈ নি ৰাজোচিত শিক্ষাত নিযুক্ত কৰিলে। ইয়াৰ পাচত কুমাৰী মেৰীৰ লগত প্ৰিন্স জৰ্জ্জৰ শুভবিবাহ মহা-সমাৰোহে সমাধা হয়।

 তেওঁ ১৯০৫ খৃঃ অব্দত পত্নী সহ ভাৰত-ভ্ৰমণ কৰিবলৈও আহে। প্ৰজাবিলাকৰ প্ৰকৃত অৱস্থা বুজাটোৱেই জৰ্জ্জৰ ভাৰত ভ্ৰমণৰ প্ৰধান উদ্দেশ্য আছিল। সেইবাবে তেওঁ গাওঁবিলাকলৈকো গৈছিল। যুৱৰাজ জৰ্জ্জে এবছৰৰ ভিতৰত কুমাৰিকাৰপৰা হিমালয় লৈ, আৰু সিন্ধুৰপৰা ব্ৰহ্মদেশলৈকে গোটেই ভাৰত-ভ্ৰমণ কৰে। তেওঁ ভাৰতৰপৰা ঘূৰি গৈ বিলাতৰ এখন সভাত ভাৰত ভ্ৰমণৰ বিষয়ে এইদৰে উল্লেখ কৰিছিল :—

 “অতি অলপ দিন ভাৰত-ভ্ৰমণ কৰি মোৰ ধাৰণা হৈছে, যে ভাৰতবৰ্ষক এখন দেশ বুলিব নোৱাৰি, ই এখন মহাদেশ। ভাৰত নানা-ধৰ্ম্মাৱলম্বী, নানা-ভাষাযুক্ত ত্ৰিশ কোটি লোকৰ বাসস্থান। ইয়াত নদী, পৰ্ব্বত, হ্ৰদ, মৰুভূমি আদি কৰি মহাদেশত থাকিবলগীয়া সকলোখিনি আছে। ই গ্ৰীষ্মপ্ৰধান দেশ হলেও কোনো কোনো ঠাইত ইংলণ্ডৰ দৰে শীত পোৱা গৈছিল, সেই কাৰণে ইয়াৰ জলবায়ু নানা প্ৰকাৰৰ। ই এখন পৌৰাণিক মানমন্দিৰযুক্ত বিশাল ৰাজ্য। এই দেশৰ আয়তন ৰুচিয়া বাদে গোটেই ইউৰোপ মহাদেশৰ সমান। প্ৰজাসকল একান্ত ৰাজভক্ত। মই সাহ কৰি কব পাৰোঁ যে, আমি তেওঁলোকৰ সুখ-দুখ বুজি সহানুভূতি দেখুৱাব পাৰিলে ভাৰত শাসন কৰা আৰু সহজ হব; তেওঁলোকেও আমাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ পৰাঙ্মুখ নহব। ভাৰতৰ সকলো শ্ৰেণীৰ লোকৰ উন্নতি কৰিবৰ নিমিত্তে মোৰ যেনে ইচ্ছা আৰু চেষ্টা আছে, তাৰপৰা মোৰ দৃঢ় বিশ্বাস, যে তেওঁলোকে আমাৰ প্ৰতি কৃতজ্ঞ নোহোৱাকৈ নাথাকিব।”

 যুৱৰাজ জৰ্জ্জে পোছাক পৰিচ্ছদত বেচিকৈ খৰচ কৰাটো অপব্যয় বুলি ভাবিছিল; কিন্তু স্বাস্থ্যৰক্ষা আৰু বলবৃদ্ধিৰ নিমিত্তে যথেষ্ট ধন খৰচ কৰিবলৈকো কুণ্ঠিত নহৈছিল।

 ১৯১০ খৃঃ অব্দৰ ৬ মে শুক্ৰবাৰে ৰাতি মহাৰাজ ভাৰত সম্ৰাট সপ্তম এড্ওৱাৰ্ড স্বৰ্গী হয়। যুৱৰাজ জৰ্জ্জে পঞ্চম জৰ্জ্জ নাম লৈ ইংলণ্ডৰ ৰজা আৰু বৃটিচ সাম্ৰাজ্যৰ সম্ৰাট হয়। পঞ্চম জৰ্জ্জ ৰাজসিংহাসনত উঠাৰ পাচত স্বয়ং ৰাণীৰে সৈতে আকৌ এবাৰ ভাৰতলৈ আহিছিল; আৰু ১৯১১ খৃষ্টাব্দৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লী-দৰবাৰত উপস্থিত হৈছিল।


আকাশ।

এক অংশ মানুহৰ অনন্ত জ্ঞানৰ
একে লুটি, একে পাত মাথোঁ জ্যোতিষ,
কত সূৰ্য্য অগণন লইছা কোলাত,
লগে লগে কত গ্ৰহ ভ্ৰমিছে তোমাত।
দুটি এটি উপগ্ৰহ আছে গাইপতি,
তুলনাত ধৰাখনি মাথো কণা এটি।
পৃথিবীৰ নিশকতি আমি ক্ষুদ্ৰ জীৱ,
দেখুৱা আমাক তাতে ছয়া-ময়া কত!
ৰামধনু ৰেখা লই মাজে মাজে আহা—
গ্ৰহণত ৰোহ পাতা ওৰণি আঁৰত।
কেৱল ধেমালি যাৰ অনন্ত আকাশ
অনন্ত অনন্ত কত তেওঁৰ অধীন!
এয়ে নে তোমাৰ লীলা নুবুজোঁ দেখোন?
যথাৰ্থ ঈশ্বৰ তুমি শক্তিত অসীম।


কাঠফুলা।

 উদ্ভিদৰ গুটিৰ ভিতৰত থকা কণৰপৰা প্ৰকাণ্ড গছৰ সৃষ্টি হয়। কণেই উদ্ভিদৰ বীজ। কিছুমান গছৰ বীজ অণুপ্ৰমাণ হৈ গা-গছ, ডাল আৰু পাততো থাকে; আৰু সেইবোৰৰপৰাই সেই সেই জাতীয় উদ্ভিদৰ বংশবৃদ্ধি হয়।

 একে মাটি একে সাৰত একে জাতীয় উদ্ভিদ জন্মি তাৰ ফল-ফুলৰ আকাৰ আস্বাদ আদি বিভিন্ন হয় ; গছৰ পাতেই ৰূপান্তৰ হৈ বিচিত্ৰ ৰঙৰ ফুলৰ পাহি আৰু নানা তৰহৰ কেশৰ হয়। এইবোৰ কথা ভাবিলে ভগবানৰ সৃষ্টি বৈচিত্র্যত কোন মুগ্ধ নহৈ থাকিব পাৰে ?

 পৃথিবীত নানা তৰহৰ উদ্ভিদ আৰু নানা শ্রেণীৰ জীৱ আছে ; কিন্তু ভগবানৰ কি সৃষ্টি-কৌশল, যে সকলো প্ৰাণী আৰু সকলো উদ্ভিদকেই এডাল মূল-সূত্ৰৰে গাঁথি থৈছে। উদ্ভিদ আৰু প্ৰাণী বীজৰপৰাই জন্মে। কিছুমান উদ্ভিদৰ গুটিৰ ভিতৰত পুংবীজ আৰু স্ত্ৰীবীজ নিহিত থাকে; মাটি, পানী, বায়ু, পোহৰ আৰু তাপত এই বীজ অঙ্কুৰিত হয়, বাঢ়ে, ফুলে আৰু পুনৰ পুংবীজ- স্ত্রীবীজ উৎপন্ন হয়।

 কিছুমান উদ্ভিদৰ ঠাৰিত বা পাতত বীজ থাকে আৰু তাৰপৰাই তাৰ বংশবৃদ্ধি হয় । প্রাণীসৃষ্টিৰ মূলতো বীজ। পুৰুভুজ, প্রবাল, স্পঞ্জ আদি কিছুমান প্রাণী আছে, সেইবোৰৰে৷ পুং আৰু স্ত্ৰীবীজ উদ্ভিদৰ দৰে নিজৰ গাতে থাকে আৰু তাৰপৰাই সেই সেই শ্ৰেণীৰ প্ৰাণীৰ উৎপত্তি হয় । মানুহ, গৰু, ছাগলী, কুকুৰ চৰাই আদি প্ৰাণীৰ ভিতৰত পুৰুষ-স্ত্রী দুই বিভিন্ন জাতি থাকিলেও বীজেইহে এইবোৰ প্ৰাণীৰ বংশবৃদ্ধিৰ মূল। এইদৰে ভগবানে এক মূল বীজেৰেই এই বিনন্দীয়া সৃষ্টিখন সৃজন কৰিছে ; আৰু সকলোবোৰকেই এক নিয়মেই জন্ম দিছে, বঢ়াইছে আৰু ৰূপান্তৰ কৰিছে।

 বেচি ভাগ উদ্ভিদ মাটিত গজে। উদ্ভিদে মাটিৰপৰা পানী আৰু খাৰ টানি লয়। উদ্ভিদৰ পাতত থকা “ক্লোৰোফিলবোৰ এটা এটা চক্ৰৰদৰে। এই চৰুবোৰ পাতৰ চাৰিওফালে থকা বায়ুৰে ভৰি থাকে; সূৰ্য্যৰ কিৰণৰ তাপত সেইবোৰ তপত হয়। পাতবিলাকে ক্লোৰোফিলবোৰৰ সহায়ত বায়ুত থকা এঙ্গাৰগ্যাচ নিজৰ গালৈ টানি লয়। সোণলতাৰ দৰে কিছুমান উদ্ভিদৰ পাত নাই, মাটিৰ আশ্ৰয়ো সিহঁতে নিবিচাৰে; সিহঁতে অন্য গছক আশ্ৰয় কৰে আৰু নিজৰ শৰীৰেৰে বায়ুৰপৰা আহাৰ লৈ জীৱন ধাৰণ কৰে।

 কাঠফুলাক কোনে৷ কোনে৷ ঠাইত “বেংছাতা” বোলে; ইও এবিধ উদ্ভিদ। কাঠফুলা সচৰাচৰ পচা উদ্ভিদত জন্মে; কোনো কোনো জেকা অপৰিষ্কাৰ মাটি, গোবৰৰ দ'ম, আৰু পচা হাড় আদিতো কাঠফুলা গজে। ইহঁতক যদিও অন্যান্য উদ্ভিদৰ দৰে বীজৰপৰা জন্মা দেখা নাযায়, তথাপি বীজৰ দৰে অণুপ্ৰমাণ বস্তুৰপৰাই ইহঁতো জন্মে। কাঠফুলাৰ এই বীজাণুৰ শক্তি অসাধাৰণ; যি ঠাইত গধূলি কাঠফুলা দেখা নাযায়, তাত যদি এই বীজ থাকে, তেন্তে ৰাতিৰ ভিতৰতে সেই ঠাইত ই জন্মি প্ৰায় এবেগেতলৈকে ওখ হব পাৰে। কাঠফুলা জন্মিয়েই অলপ সময়ৰ ভিতৰত যিমান বাঢ়ে, পৃথিবীৰ অন্য কোনো উদ্ভিদ তাৰ বীজৰপৰা জন্মি সিমান সময়ত কাঠফুলাৰ সমান বাঢ়িব নোৱাৰে।

 ই সচৰাচৰ পচা কাঠত জন্মি ফুলদৰে হোৱাৰ কাৰণে আমাৰ কিছুমানে ইয়াক কাঠফুল৷ বোলে। কাঠফুলাৰ আকৃতি ছাতিৰ দৰে মনোহৰ; আৰু ভেকুলী, কেচু, পোক আদিয়ে থাকি ভালপোৱা গোবৰ-জাবৰ পৰা তিতা ঠাইত ই জন্মে দেখি কিছুমানে বেংছাতাও বোলে। সাধু ভাষাত ইয়াক “ছত্ৰাক” বোলা হয়। ডাঙৰ ডাঙৰ ছত্ৰাকৰ ছাতিটোৰ তল ফালে শৃঙ্খলাভাৱে সজোৱা ঘোৰখোৱা ফলকবোৰ অতি মনোহৰ; এই ফলকবোৰ দেখিলে এনে অনুমান হয়, যেন কোনো সুনিপুণ বাঢ়ৈয়ে অতি যত্ন কৰি সেইবোৰ তৈয়াৰ কৰিছে।

 কাঠফুলা নানা জাতিৰ। কিছুমান কাঠফুলা দেখিবলৈ বিতোপন, আৰু কিছুমান সিমান ধুনীয়া নহয়। কিছুমান কাঠফুলা বিষাক্ত, কিছুমান আকৌ মানুহৰ আহাৰৰ উপযোগী বস্তু থকা। যি জাতি বেংছাতা বিষাক্ত নহয়, সেইবোৰ পুষ্টিকৰ বুলি কিছুমানে কয়; বহুত ঠাইত এই জাতীয় বেংছাতাৰ আঞ্জাও খায়।

 প্ৰায় সকলো দেশতে কাঠফুলা দেখিবলৈ পোৱা যায়। কোনো কোনো দেশৰ কাঠফুলাই আন্ধাৰ নিশা সিহঁতৰ থকা ঠাই ডোখৰ পোহৰ কৰে; আন্দামান দ্বীপত নিশা পোহৰ কৰা এজাতি কাঠফুলা আছে। অষ্ট্ৰেলিয়া, ইটালি, ব্ৰাজিল আদি দেশতো ৰাতি উজ্জ্বল হৈ জিলিকি থকা কাঠফুলা দেখিবলৈ পোৱা যায়। আমাৰ দেশৰ পৰ্বতীয়া ঠাই আৰু হাবিৰ মাজত এনেদৰে পোহৰ-হোৱা বেংছাতা আছে; হাবিত ফুৰা মানুহে আৰু পৰ্ব্বত-পাহাৰত বাস কৰা লোকে সময়ে সময়ে এনে বেংছাতা দেখিবলৈ পোৱা বুলি শুনা যায়। আমাৰ দেশৰ এই কাঠফুলাবোৰ সিমান উজ্জ্বল নহয়। অষ্ট্ৰেলিয়া, ব্ৰাজিল আদি দেশৰ কাঠফুলাবোৰ বৰ উজ্জ্বল আৰু সোণোৱালী ৰঙৰ। এইবোৰ কাঠফুলা যি ঠাইত জন্মে, ৰাতি সেই সমস্ত ঠাই উজ্জ্বল হৈ উঠে। ই বৰ আচৰিত দৃশ্য।

 কেচুৰ ৰস ৰাতি জিলিকে। কেচুৰ ৰসত “ফচ্ফৰচ্” নামৰ এবিধ বস্তু আছে; ইয়াৰ গুণতেই ই জিলিকি উঠে। আমি ওপৰত উল্লেখ কৰা কাঠফুলাতো “ফচফৰচ্” আছে। এই শ্ৰেণীৰ কাঠফুলা বিষাক্ত।

 অস্ট্ৰেলিয়াত এজাতি কাঠফুলা আছে, সি জোখত আঢ়ৈ সেৰ মান হয়, আৰু তাৰ গাৰ বেৰ প্ৰায় এহাত হয়। এই জাতি কাঠফুলাৰ পোহৰ বৰ বেচি; ইয়াৰ উজ্জ্বল পোহৰত হেনো কিতাপে৷ পঢ়িব পাৰি। আন্দামানৰ ছত্ৰাক অষ্ট্ৰেলিয়াতকৈ সৰু, কিন্তু পোহৰ কম নহয়; ইয়াৰ পোহৰত ঘোৰ আন্ধাৰ ৰাতি বনভূমি পোহৰ হৈ উঠে।



মহাপুৰুষ মাধৱদেৱ।

সোঁৱৰণী আজি  সজাগি উঠিছে
হে দেৱ, তোমাৰ স্মৃতিকে লই;
খিয়লা-খিয়লি, মান-অপমান
এন্ধাৰ চুকত বিলীন হই।

তোমাৰে কীৰ্ত্তন  ধ্বনিছে সকলে
গোটেই অসম-আকাশ জুৰি;
উঠি খলকনি,  স্বৰগ-দুৱাৰে
জনাইছে আৱাহন-বাতৰি।

তোমাৰ মহিমা-  গীতি গাই আজি
চৰায়ে ধৰিছে অমিয় তান;
তোমাৰে সুৰত  সজাগি উঠিছে
গছ-লতা আদি যতেকমান।

8

তোমাৰে ৰাগিণী  কবিৰ প্ৰাণত
ভাবৰ লহৰী আপুনি তুলি,
পাহৰা সুৰটি  উনুকি তুলিছে
চকুৰ পানীৰে হৃদয় বুৰি।

তোমাৰে ৰচিত  কাব্য-ফুলনিত
ধীৰে ধীৰে বই মলয়-বোল;
গোটেই অসম  মোহিত কৰিছে
সুগন্ধৰে কৰি আমোলমোল।

শান্তিৰ আঁজলি  তোমাৰে কাৰণ
প্রকৃতি-দেৱী আনিছে সাদৰি ;
তোমাৰ হেতুকে  ভকতৰ আজি
প্রেমধাৰা যায় উপচি পৰি ।

অসমৰ আজি  প্রতি ঘৰে ঘৰে
উঠিছে বাজি তোমাৰে আৰতি ;
দীপলিপ্ হই  জিলিকি উঠিছে
তোমাৰে কোমল প্রতিভাটি।

অজলা আমি  তোমাৰে কাৰণ
চকুৰ পানী এটুপি লই,
মানস-পটত  ৰাখি শ্ৰীচৰণ
ঢালি দিছোঁ তাতে নিৰাশ হই ।



আর্কিমিডিচ আৰু জল-জোখ ৷

 আজি প্ৰায় আঢ়ৈ হাজাৰমান বছৰ হল, গ্ৰীচদেশত আৰ্কিমিডিচ নামে এজনা পণ্ডিত উপজিছিল। তেওঁ গণিত শাস্ত্ৰ ভালদৰে জানিছিল ; সেই কাৰণে দেশৰ ৰজাই তেওঁক বৰ শ্ৰদ্ধা কৰিছিল।

 পানীৰ সহায়ত আৰু বতাহৰ সহায়ত চলোৱা কিছুমান যন্ত্র আছে। আৰ্কিমিডিচে পোনতে এইবোৰ আবিষ্কাৰ কৰিছিল । জাহাজৰপৰা গধুৰ বস্তু পাৰত তোলা এবিধ যন্ত্ৰ আছে। এইবোৰ যন্ত্রক “পুলি” বোলে। ৰজাৰ আদেশত আর্কিমিডিচে এই “পুলিযন্ত্রও” উলিয়াইছিল। আজিকালি এই যন্ত্ৰৰ অৱশ্যে বহুত উন্নতি হৈছে। “স্ক্ৰ” গজাল আগেয়ে নাছিল ; ইয়াকো আর্কিমিডিচেই পোনতে উলিয়ায়।

 ৰ'দত ধৰিলে জুই-উঠা এবিধ আর্চী আছে৷ এই আৰ্চীও আর্কিমিডিচে উলিওৱা। প্রাচীনকালত ইটালিত ৰোম নামে এখন সাম্রাজ্য স্থাপিত হৈছিল। ৰোমৰ সম্রাটে এসময়ত গ্ৰীচ আক্ৰমণ কৰে। তেতিয়া গ্ৰীচ-ৰজাই আর্কিমিডিচে আবিষ্কাৰ কৰা আৰ্চিৰ সহায়েৰে ৰোমৰ বহুত জাহাজ পুৰি ছাই কৰিছিল ৷

 এসময়ত ৰজাই এটা সোণৰ মুকুট গঢ়িবলৈ দিছিল । সোণাৰিয়ে মুকুট গঢ়ি আনি দিলত সোণ চুৰকৰা বুলি ৰজাৰ সন্দেহ হল। তেতিয়া তেওঁ পণ্ডিত আর্কিমিডিচক মাতি আনি কলে, “কোনো এটা সহজ উপায়ে সোণাৰিয়ে সোণ চুৰ কৰা-নকৰা ধৰিব নোৱাৰি নে?” আর্কিমিডিচে আগেয়ে এই বিষয় ভবা নাছিল, তেওঁ “ভাবি চাম” বুলি ৰজাৰ পৰা বিদায় লৈ ঘৰলৈ গল । এদিন দুদিনকৈ কেইবা দিনো তেওঁ এই বিষয়ে ভাবিলে—তেওঁৰ টোপনি ৰহিত হল। কেইদিন মানৰ পাচত এদিন তেওঁ গা ধুবলৈ কাপোৰ সোলোকাই থৈ পানীৰ থালীত নামোঁতে অলপ পানী থালীৰপৰা বাগৰ পৰা দেখিলে। সেই সময়তেই তেওঁ ভাবি থকা বিষয়ে তেওঁৰ বুদ্ধিত এটা আচৰিত মীমাংসা উপস্থিত হল। তেওঁ ততালিকে “পালো পালোঁ” বুলি সেই অৱস্থাৰে ৰাজ-চ'ৰালৈ লৰ দিলে। তেওঁ গা ধুবলৈ পাহৰিলে, কাপোৰ পিন্ধিবলৈও তেওঁৰ মনত নপৰিল।

 আৰ্কিমিডিচ ৰাজসভাত উপস্থিত হৈ কলে, “মহাৰাজ, মই পালো ; মুকুটৰ ওজন যিমান, ঠিক সেই ওজনৰ সোণ, পানীৰে ভৰপূৰ পাত্ৰ এটাত পেলাই দি পৰীক্ষা কৰি চাওক। পানীৰে ভৰা পাত্ৰটোত মুকুটটে৷ ডুবাই দিলে কিমান পানী বাগৰি পৰে জোখক আৰু সেই ওজনৰ শুদ্ধ সোণ ডুবাই দিলে কিমান পানী বাগৰি পৰে তাকে৷ জোখক। যদিহে সোণাৰিয়ে খাটি সোণৰ মুকুট গঢ়িছে, তেন্তে দুয়ে৷ বাৰতে বাগৰি পৰা পানীৰ পৰিমাণ সমান হব ; আৰু যদি অন্য কিবা ধাতু মিহলি কৰিছে, তেন্তে এই পানীৰ পৰিমাণ কম-বেচা হব।”

 তাৰ পাচত আৰ্কিমিডিচে গধুৰ বস্তু পানীত ডুবাই দিলে তাৰ ওজন কি পৰিমাণে কমে, পাতল বস্তু পানীত ভাহিলে তাৰ নো কি পৰিমাণ ওজন কমে, এইবোৰ হিচাব কৰি সেই সময়তেই মুকুট খাটি সোণৰ হয় নহয় ঠিক কৰি দিলে। এই তত্ত্বক বিজ্ঞান- শাস্ত্ৰত “আকিমিডিচৰ প্ৰণালী” বোলে।

 সেই সময়ত ৰোম আৰু গ্ৰীচৰ ভিতৰত বহুত দিন যুদ্ধ চলিছিল। আর্কিমিডিচে ৰজাৰ আদেশত বৈজ্ঞানিক প্ৰণালীৰে বহুত যুদ্ধৰ সঁজুলি উলিয়াইছিল আৰু তাৰ প্ৰভাৱত ৰোমৰ সৈন্য নগৰত সোমাব নোৱাৰি আঁতৰি গৈছিল । কিন্তু শেষত ৰোমসেনাপতিয়ে ৰজা থকা চাইৰাকিউচ নামৰ নগৰ অবৰোধ কৰে ; আৰ্কিমিডিচো এই নগৰত আছিল । ৰোমান সেনাই এই নগৰখন একাদিক্রমে তিনি বছৰ অবৰুদ্ধ কৰি ৰখাত নগৰত থকা মানুহে শেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ।

 এই সময়ত ৰোম সেনাপতিয়ে নগৰ লুটিবলৈ সৈন্যবোৰক আদেশ দিয়ে, কিন্তু লগতে আৰ্কিমিডিচৰ যাতে একো অনিষ্ট নহয় তাৰ বাবে সকলোকে সাৱধান কৰি দিয়ে।

 ৰোমান সেনাই নগৰ লণ্ডভণ্ড কৰিলে। সেই সময়ত আর্কিমিডিচে কিবা এটা হিচাব কৰি আছিল, নগৰত কি ঘটিছে তেওঁ গম পোৱা নাছিল। কিছুমান ৰোমান সৈন্য তেওঁৰ ঘৰত সোমাল; তেওঁলোকে আৰ্কিমিডিচক বহি থকা দেখি কি কৰিছে সুধিলে। আর্কিমিডিচ ভাবত তন্ময় আছিল; বৰ কোঢ়াল হোৱা শুনি তেওঁ কলে—“হিচাবত বাধা নিদিবা ।” কিন্তু উন্মত্ত সেনাই আর্কিমিডিচক চিনি নাপালে; তেওঁৰ কথা নুবুজিলে ; হঠাৎ এজন সৈনিকে হাতৰ তৰোৱালেৰে আৰ্কিমিডিচৰ ডিঙি দুছেও কৰি তেওঁৰ হাত কলঙ্কিত কৰিলে। আৰ্কিমিডিচৰ শৰীৰৰ তেজেৰে হিচাবৰ কাকত ৰাঙলী হল; কি বিষয়ৰ চিন্তাত তেওঁ মগ্ন আছিল, তাক জনাৰ আৰু উপায় নাথাকিল ৷ এই সময়ত আৰ্কিমিডিছৰ বয়স পঁয়সত্তৰ বছৰ মাথোন।


জলস্তম্ভ বা পানীগছা।

 সমান মাটিত বা মেজৰ ওপৰত দুচলা কাঠ পৰস্পৰ বিপৰীত ফালৰপৰা মাৰি পঠালে কাঠ দুচলাৰ ঠেকাখোৱা মূৰ দুটা ওপৰলৈ উঠে। এইদৰে যি কোনো বস্তুৱেই সমান জোৰে ঠেকা খালে বস্তু দুটা জাপমাৰি উঠাৰ দৰে হয়। সিচনীৰে পানী সিচাৰ সময়ত প্ৰতি সিচনী পানী তেলোঁতে চাৰিওফালৰপৰা মাজলৈ পানী আহে; আৰু তাত পানী অলপ সময়ৰ নিমিত্তে ওখ হয় বা ফিন্দ খায়। কোনো এখন ঠাই বেচি তপত হলেও তাৰ ওপৰৰ বায়ু পাতল হৈ ওপৰলৈ উঠে আৰু সেই ঠাইলৈ চাৰিওফালৰপৰা বতাহ বয়। এই কাৰণে হাবিত জুই লাগিলে আমি তালৈ বতাহ বোৱা দেখোঁ। হীৰা-কুমাৰে চৰু পুৰিবলৈ বহুত খৰি-খেৰ গোটাই জুই ধৰে। এই জুই যি সময়ত বৰ বেচিকৈ উঠে, সেই সময়তো চাৰিওফালৰপৰা তালৈ বতাহ মাৰে।

 কোনো ঠাইলৈ দুই বিপৰীত ফালৰপৰা সমান জোৰে বতাহ আহিলেও বতাহৰ সোঁত দুটা ঠেকা খায় আৰু ওপৰলৈ উঠে। বতাহ ঠেকা খায়েই বা-মাড়লী উৎপন্ন হয়। বা-মাড়লীয়ে ধূলি, খেৰকুটা আদি ওপৰলৈ তুলি নিয়ে। বা-মাড়লীক ঘূৰ্ণীয় বতাহ বোলে। ডাঙৰ ঘূৰ্ণীয় বতাহে একোজোপা ডাঙৰ গছকো উভালি নি দূৰৈত পেলাই দিয়ে। বা-মাড়লী বা ঘূৰ্ণীয় বতাহ কেতিয়াবা পানীৰ ওপৰতো উৎপন্ন হয়; পানীৰ ওপৰত বা-মাড়লী উৎপন্ন হলে তালৈ কেওদিশৰপৰা পানী আহি থূপ খায় ; সেইখিনিত পানী ফিন্দ খাই উঠে আৰু তাত পানী লৰা শব্দ উঠে।

 সাগৰ বৰ বহল, তাৰ ইপাৰ-সিপাৰ দেখা নাযায় ৷ সাগৰতো বা-মাড়লী বা ঘূর্ণীয়

বতাহ উৎপন্ন হয়। কোনো কোনো সময়ত সমুদ্ৰৰ ওপৰত ডাঙৰ ঘূৰ্ণীয় বতাহ হলে, তাৰ কাৰ্য্য বৰ আচৰিতজনক হৈ উঠে। সমুদ্ৰৰ যি ঠাইত ঘূর্ণীয় বতাহ জন্মে, সেই ঠাইৰ পানী বৰ বেচিকৈ লৰে আৰু তালৈ চাৰিওফালৰপৰা সমুদ্ৰৰ ঢৌবোৰ বেগাই আহিবলৈ ধৰে ; এইদৰে অতি অলপ সময়ৰ ভিতৰতে তাত বহুত পানী আৰু জলীয় বাষ্প থূপ খায় । তেতিয়া সেই ঠাইৰপৰা হাতীৰ শুঁড়ৰদৰে ঘনীভূত জলীয় বাষ্পৰ এটা খুটা আকাশলৈ উঠে। এই সময়ত আকাশত মেঘ থাকিলে মেঘৰপৰাও বাষ্প নামি তাৰ লগত যোগ হয় । ইয়াকেই জলস্তম্ভ বোলে। ইয়াক পানীৰপৰা উঠা এজোপা গছৰদৰে দেখি ; সেই কাৰণে জলস্তম্ভক, আমাৰ মানুহে পানীগছা বোলে। পানীগছা উঠোঁতে আকাশৰ মেঘক পকা দালানঘৰৰ চালৰ দৰে দেখা যায় আৰু পানীগছাক সেই চাল ধৰি থকা খুঁটা যেন দেখি ; এই কাৰণেই ইয়াক জলস্তম্ভ বোলে । জলস্তম্ভ উৎপন্ন হোৱাৰ সময়ত গভীৰ শব্দ উঠে।

 একোটা জলস্তম্ভ আঢ়ৈ হাজাৰ ফুটতকৈ ওখ হয়। মেঘৰ বাষ্পৰ লগত পানীগছাৰ যি ঠাইত সংযোগ হয়, তাৰ বহল মাত্র দুই তিনি ফুট। পানীগছাৰ ভিতৰখন ফোঁপোলা। ইয়াক বতাহে অ’লৈ ত’লৈ চলাই লৈ ফুৰায়। জলস্তম্ভ এইদৰে ফুৰোঁতে তাৰ তলত কিবা পৰিলে সি চূর্ণীকৃত হয়। সমুদ্ৰত ফুৰা নাবিকবিলাকে জলস্তম্ভলৈ ভয় কৰি চলে; জাহাজৰ ওচৰত জলস্তম্ভ উৎপন্ন হোৱা দেখিলে দূৰৈৰপৰা বৰতোপ এৰি দি তাক ভাঙি দিয়ে ।

 পানীগছা কিমান পৰ থাকে তাৰ একো নিশ্চয়তা নাই । কোনো কোনোটো পানীগছা এঘণ্টাতকৈও বেচি সময় থাকে, কোনোটো ৫।১০ মিনিট সময় দেখা দি ভাঙি পৰে; কোনো কোনেটো আকৌ উৎপন্ন হৈ অলপ পৰ থাকি অদৃশ্য হয়, আৰু পুনৰ জন্মে।

 বহল নৈতো কেতিয়াবা কেতিয়াবা পানীগছা উৎপন্ন হোৱা দেখা যায় ৷ কিছুমান বছৰৰ আগতে কলিকতাৰ ওচৰত গঙ্গাত দুটা জলস্তম্ভ উঠিছিল। সেই সময়ত আকাশখন মেঘে ঢাকি ৰাখিছিল আৰু ঘনাই গভীৰ গৰ্জ্জন কৰিছিল। এই জল-স্তম্ভটোত বিজুলীৰ পোহৰ দেখা গৈছিল ; আৰু ই পাঁচ মিনিটতকৈ বেচি পৰ নাছিল।

 যি সময়ত বৰকৈ বিজুলী মাৰে আৰু বজ্ৰ পৰে, সেই সময়তেই সচৰাচৰ পানীগছা উঠে। এই সময়ত বৰষুণ, বতাহ আৰু শিল-বৰষুণো হয়। পানীগছাত গন্ধকৰ গোন্ধ পায় বুলি কয়।



ত্যাগ।

 সুসভ্য মানুহ জাতি আৰু তেওঁলোকৰ মূৰ শোভা কৰা অনুপম অক্ষয় কিৰীটিৰ বিষয়ে ভালকৈ সুৱঁৰি চালেই তেওঁলোকৰ অন্যান্য উচ্চবৃত্তিৰ সৈতে ত্যাগবৃত্তিৰ অনুশীলনৰ প্রকৃষ্ট পৰিচয় পোৱা যায়। ত্যাগস্বীকাৰ ব্যতীত নশ্বৰ সংসাৰৰ কোনো নশ্বৰ মূৰ অবিনশ্বৰ কিৰীটিয়ে শোভা কৰা নাই আৰু আগলৈ নকৰেও । জগতৰ বিৰাজমান শান্তিৰ মোহিনী মূৰ্ত্তিৰ যি ভাগকেই চোৱা যায়, সেই ভাগতেই ত্যাগৰ জ্বলন্ত আদর্শ দেদীপ্যমান—ত্যাগ ভিন্ন জগতত শান্তি নাই, প্ৰতিষ্ঠা নাই, প্ৰাধান্য নাই। কিন্তু স্বাৰ্থ তাৰ বিপৰীত। স্বাৰ্থে উচ্চত অৱস্থাৰ সমাজকো ঘুণে ধৰা নাহৰ কাঠৰ দৰে জুৰুলা কৰে। স্বাৰ্থৰপৰতাৰ ক্ষুদ্ৰ সংকীৰ্ণ ভাবে পাৰিবাৰিক, সামাজিক আৰু আধ্যাত্মিক জীৱনৰ শান্তিৰ প্ৰতি বাটতেই কাঁইট ৰোৱে। যি জাতিৰ ভিতৰত যেতিয়৷ বেচিভাগ ত্যাগী পুৰুষৰ আবিৰ্ভাৱ হয়, সেই সময়ত সেই জাতিয়েই পৃথিবীত জাতি নাম পায়, কিয়নো ত্যাগীৰ আসন অত্যুজ্জ্বল আৰু উচ্চতম। ত্যাগশীল পুৰুষৰ ত্যাগস্বীকাৰৰ ফলত এসময়ত ধন-মান, জ্ঞান-বীৰ্য্য আৰু নানা তৰহৰ বিদ্যাই ভাৰত-গগন আলোকিত কৰিছিল। সেই সময়ত ভাৰত-গগনৰ কত উজ্জ্বল নক্ষত্ৰৰ অত্যুজ্জ্বল পোহৰ পৰি কিমান দেশ জিলিকি উঠিছিল তাৰ লেখ কৰি অন্ত কৰে কোনে? আহা, ভাৰতভূমিৰ সেই সৌভাগ্য ৰবিকৰোজ্জ্বল গৌৰৱ আৰু সেই সৌৰভময় সময়ৰ ত্যাগশীল সন্তানসকলৰ চিত্ৰ কি মনোৰম, কি উদাৰতাপূৰ্ণ! কিন্তু হায়, যেতিয়াৰে পৰা স্বাৰ্থপৰ পিশাচবিলাক এজন এজনকৈ ভাৰত-মাতৃৰ বুকত উপজিবলৈ ধৰিলে, তেতিয়াৰেপৰা ভাৰতৰ ভাগ্য-লক্ষ্মীয়ে স্বাৰ্থপৰহঁতক অভিশাপ দি কাল-চক্ৰৰ অনন্তপাকত পাক ললে।

 বৰ্ত্তমান সময়ৰ দুঃখ দৰিদ্ৰতা, স্বাৰ্থপৰতা আৰু কপটতাপূৰ্ণ জাতীয় জীৱনৰ আগত সেই পৱিত্ৰ যুগৰ সুপৱিত্ৰ মহান্ আৰু দীপ্তিময় ছবি দাঙি ধৰিলে উপকাৰ হবৰ সম্ভৱ যেন বোধকৰি তলত তাৰ কেইটিমান চিত্ৰ আঁকা হল।

 অতি প্ৰাচীন কালত শিবি নামেৰে এজন বৰ দয়ালু আৰু পুণ্যৱান্ সূৰ্য্যবংশীয় ৰজা আছিল। তেওঁৰ সুখ্যাতি গোটেই পৃথিবীতে সূৰ্য্যৰ পোহৰৰ দৰে বিস্তাৰিত হৈ পৰিছিল। সেই সময়ত তেওঁৰ দৰে দাতা আৰু আশ্ৰিত-ৰক্ষক ৰজা পৃথিবীত দ্বিতীয় নাছিল বুলিলেও সৰহ কোৱা নহয়। কেৱল মানুহ নহয় পশু-পক্ষীয়েও তেওঁৰ আশ্ৰয় পাইছিল; আৰু তেওঁৰ আশ্ৰয় পালে কাৰো কেতিয়াও কোনো ৰকমৰ ভয়ৰ ভাব মনত নেখেলাইছিল। এসময়ত এটা শেনে এটা কাপৌক ধৰি খাবৰ মনেৰে পিচে পিচে খেদি লৈ যায়। কপৌটিয়ে শেনৰ হাতৰপৰা ৰক্ষা পাবৰ আন উপায় নেদেখি শিবি ৰজাৰ সিংহাসনৰ তলত আশ্ৰয় ললেগৈ। শেনেও খেদি গৈ সেইখিনি পাই কপৌটিক ধৰিবলৈ সাজু হ'ল কিন্তু ৰজাই হাত জোকাৰি বাধা দিলে। তেতিয়া শেনে কলে— “মোৰ আহাৰ মই খাম, স্বৰ্গদেৱে বা তাত হকা-বাধা কৰে কিয়?” ৰজাই কলে—“সি মোৰ আশ্ৰয় লৈছে, তাক মই আশ্ৰয় দিয়া কৰ্ত্তব্য।” শেনে উত্তৰ কৰিলে মোৰ খাদ্য মুখৰপৰা কাঢ়ি ৰখাটো জানো আপোনাৰ কৰ্ত্তব্য?” তাকে শুনি ৰজাই কলে— “মৰমৰ শেন, তুমি তোমাৰ ইচ্ছামতে মোৰপৰা আহাৰ পাব৷; মোৰ এই আশ্ৰিতৰ আশা এৰি দিয়া।” শেনটিয়ে ৰজাৰ কথা শুনি কলে—“স্বৰ্গদেৱৰ শৰীৰৰ মাংসৰ বাহিৰে যে মোৰ একোতে তৃপ্তি নজন্মিব।” তেতিয়া মহাত্মা শিবিৰাজে নিজক বিপদত পেলাই শেনক নিজৰ শৰীৰৰ মাংস খাবলৈ আদেশ কৰিলে, তথাপি তেওঁ আশ্ৰিতক এৰি নিদিলে। ধন্য শিবিৰাজ ধন্য তোমাৰ অনুপম ত্যাগ দৃষ্টান্ত ! তুমি মৰিও আজি অমৰ !

 বোধকৰোঁ পাঠক-পাঠিকাসকলে জানে—দেৱব্ৰত ভীষ্মে তেওঁৰ পিতাকৰ মানসিক শান্তিৰ বাবে চিৰজীৱন অবিবাহিত আছিল ; তেওঁ অমানুষিক ত্যাগবৃত্তিৰ বলত ভোগ-বিলাসৰ বাসনা, ৰাজ্যলাভৰ আশা সকলোৰে মূলত কুঠাৰ মাৰিছিল। তেওঁৰ অমিত বাহুবল আৰু পৃথিবীৰ ৰজা-মহাৰজাসকল সহায় থকাতো বিমাতাৰ পুতেকহঁতৰ লগত তেওঁ কাজিয়া-পেচাল কৰা নাছিল। বৰঞ্চ অতি মৰমেৰে সেইসকলক লালন-পালন কৰি ৰজাৰ উপযুক্ত কৰি ৰাজপাটত বহুৱাই ত্যাগ-স্বীকাৰৰ অতুল আদর্শ থৈ গৈছে ৷

 মহাৰাজ দশৰথৰ প্রিয়তম পুত্ৰ ৰাম-লক্ষ্মণক কোনে নাজানে ? তেওঁলোকৰ মহান ত্যাগবৃত্তান্তও সকলোৰে বিদিত ৷ ৰামে পিতৃ-আজ্ঞা পালনৰ বাবে সন্ন্যাসী হৈ চৈধ্য বছৰ বনবাস খাটিলে ; পিচত নানা আলাই-আথানি, বিপদ-বিঘিনি অতিক্ৰম কৰি বাপতীয়া ৰাজ-সিংহাসন অধিকাৰ কৰিলে। কিন্তু হায়! তেতিয়াও তেওঁ শান্তি-আইৰ কোলাত জিৰণি লবলৈ অৱসৰ নাপালে— প্ৰজাৰ মনত সুখ দিবলৈ তেওঁৰ স্নেহৰ পুতলি পঞ্চ মাহ গৰ্ভিনী নিৰপৰাধিনী ৰাজলক্ষ্মী সাধ্বী সীতাদেবীক ত্যাগ কৰি ত্যাগৰ অক্ষয় চানেকি থবলৈ বাধ্য হল—যেন তেওঁৰ আত্মসুখ লক্ষ্য নহয়, পৰৰ সুখেই হে লক্ষ্য ৷

 বীৰবৰ লক্ষ্মণৰ ত্যাগবৃত্তি কেনে আচৰিত ! ৰাম বনবাসী হল, লক্ষ্মণৰ তাত আপত্তি কি ? ৰাম সতিনী মাকৰ পুতেক । ৰামে পিতৃৰ কথা পালিবলৈ ঘোৰ অৰণ্যত সোমাল, লক্ষণো তেওঁৰ অনুগামী হল : লক্ষ্মণৰ জীৱন যেন কেৱল ৰামৰ নিমিত্তেহে ! ভক্তিৰ আধাৰ গঙ্গাস্বৰূপা মাতৃৰ মৰম, মৰমৰ সৰু ভাই, নৱযৌবনা সুন্দৰী প্ৰিয়তমা ভাৰ্য্যাৰ প্ৰথম প্ৰণয় ! লক্ষ্মণে কাৰো কথা এবেলিও নাভাবিলে, কাৰো ফালে এবাৰো নাচালে, চালে কেৱল ৰামৰ চৰণচিন। সিদিনাৰপৰা লক্ষ্মণ ৰামৰ দ্বিতীয় ছায়া হল — বিপদে-আপদে, সুখে-দুঃখে, হাবিয়ে- বননিয়ে সদায় লক্ষ্মণ ৰামৰ সহচৰ হল ; তেওঁ যেন স্নেহ-প্ৰেমে আৱদ্ধ নহয় । তেওঁ নিজৰ কামৰদ্বাৰা সকলোকে যেন বুজাই দিলে—আপোনাৰ মানুহতে আপোনেই, আপোনাৰ ভিতৰততো স্বভাৱতে মৰম-প্ৰীতি থাকেই, পৰকহে আপোন কৰিব লাগে, পৰতহে প্ৰীতি ৰাখিব লাগে। পাঠক! এবাৰ ভাবি চোৱাচোন লক্ষ্মণৰ দৰে ত্যাগশীল পুৰুষ কিমান আছে ? লক্ষ্মণ ৰামৰ লগে লগে গ'ল, তেওঁ চৈধ্য বছৰ তিৰোতাৰ মুখ নাচালে, টোপনি এৰিলে, ফল-মূল আহাৰ নকৰিলে। এই অসাধাৰণ ত্যাগস্বীকাৰৰ ফলত তেওঁ, তেওঁৰ আৰু বংশৰ মুখ পোহৰ কৰিবলৈ সমৰ্থ হৈছিল । লক্ষ্মণে তেনেদৰে ত্যাগস্বীকাৰ নকৰিলে, মেঘনাদক সংহাৰ কৰা টান হলহেঁতেন ।

 অঙ্গৰাজ কৰ্ণৰ কথা বহুতে জানে; তেওঁ অতি উদাৰ ত্যাগ-স্বীকাৰৰ গুণেৰে দাতাকর্ণ নাম পাইছিল । জগতত বোধ কৰোঁ এনে ত্যাগস্বীকাৰৰ মহত্ত্ব কোনেও দেখুৱাব পৰা নাই, আৰু নোৱাৰেও। প্ৰাৰ্থনাকাৰীৰ কোনো ৰকমৰ প্ৰাৰ্থনা তেওঁৰ ওচৰত অপূৰ্ণ নৰৈছিল৷ এসময়ত এজন বৃদ্ধ ব্রাহ্মণ অঙ্গৰাজৰ ওচৰত উপস্থিত হৈ জনালে, যে তেওঁৰ ভোকত প্ৰাণ যাওঁ যাওঁ হৈছে। তেতিয়া অঙ্গৰাজে ব্ৰাহ্মণক সুধিলে— “আপোনাৰ ভোজনৰ বাবে কি বস্তু দিয়া হব ? বৃদ্ধ ব্রাহ্মণে কলে, “আজি বহুত দিন মঙহ খাবলৈ পোৱা নাই ; কিন্তু সেই বুলি মই যেই সেই জন্তুৰ মঙহ নাখাওঁ। মহাৰাজৰ বৃদ্ধ ব্ৰাহ্মণক ভোজন কৰাবৰ যদি ইচ্ছা আছে, তেনেহলে নিজ হাতে আনন্দ চিত্তে নিজৰ পুত্ৰটিক কাটি সেই মাংসেৰে ব্ৰাহ্মণক ভোজন কৰাওক।” পাঠক, ভাবি চোৱাচোন, কি অসম্ভৱ কথা, কি গাৰ নোম শিয়ঁৰা প্ৰাৰ্থনা ! কিন্তু মহাৰাজ কৰ্ণ অলপো বিচলিত নহল । তেওঁ প্ৰশান্তভাৱে ব্ৰাহ্মণৰ সকলোটি কথা শুনিলে, আৰু তেওঁৰ ৰাণীকো সেই কথাত সম্মত কৰালে । ত্যাগ স্বীকাৰৰ জ্বলন্ত আদর্শ দেখাবলৈ তেওঁ তত্ক্ষণাৎ নিজ পুত্রক ব্ৰাহ্মণৰ আগলৈ আনি কৰতেৰে কাটি দুখণ্ড কৰিলে। তেওঁ নিজলৈ অলপো নাভাবিলে, পৰৰ সুখৰ বাবে নিজৰ একমাত্ৰ মৰমৰ পুত্ৰক নিজহাতে কাটি দুডোখৰ কৰিলে । এই মহত্ত্ব ধাৰণা কৰিবলৈ আজি ভাৰতবাসীৰ হৃদয় ক'ত ? অতীজৰ বুৰঞ্জী মেলি চালে এই নিচিনা জ্বলন্ত ছবি আমি বহুত দেখিবলৈ পাওঁ ৷ দেশৰ বাবে, কোনো ব্যক্তি বিশেষৰ বাবে, জাতিৰ বাবে, ৰজাৰ বাবে, তেওঁলোকে সময়ে সময়ে অতি আচৰিত্ৰৰূপে ত্যাগস্বীকাৰ কৰি গৈছে ; সেইবোৰ আজিকালিৰ ভাৰতবাসীয়ে সপোন যেন জ্ঞান কৰে। হায়, সময়ৰ গতিৰ লগে লগে কি নহয় !

{{Rule|5em

 

অসম।

হে আই অসম, কোৱাচোন মোক,
কিয় নো সদায় দেখোঁ তযু শোক ?
কি কথা বেজাৰ মনেৰে ভাবিছা,
কিয় নো সদায় চকুলো টুকিছা ?
ওলমি পৰিছে মনোহৰ কেশ,
কিয় আই তোমাৰ মলিন বেশ ?

কিহৰ দুখত আমন-জিমন,
কিয় নো জননী বিৰস বদন ?
মেঘালী মুখত হাঁহিৰ বিজুলী,
হল বহুদিন নুফলে উজলি।
ভুবনমোহিনী সৌন্দৰ্যক হায় !
ঢাকি যে পেলালে বিষাদৰ-ছাই ৷
মোহিনী বীণত নপৰে ঝঙ্কাৰ,
কোৱা হেৰা আই ছিগিল কি তাৰ ?

লক্ষ কুৰি আছে তোমাৰ সন্তান,
লক্ষ কুৰি কণ্ঠে গাব তযু গান,
লক্ষ কুৰি জনে আই বুলি আহি,
পূজিব ৰাতুল চৰণৰ পাহি ৷

ভাই .অসমীয়া আইৰ দুখত,
এতিয়াও কিয় টোপনি জালত ?
এতিয়াও কিয় এলাহ পাটীত,
জ্ঞান-সভ্যতাৰ বহু দূৰণিত ?
সত্য-সনাতন ধৰ্ম্মক পাহৰি,
অন্ধ-বিশ্বাসক আঁকোৱালি ধৰি
কৰিছা খিয়াল বান্ধৱ বুকৰ,
পাহৰি আপোন ভাইক লগৰ ;
ইজনে সিজনে মিলা-প্ৰীতি নাই,
পাৰিলে আজিয়ে খুঁচি-মাৰি খায়।

চুকৰ ভেকুলী কানি-পাণ খোলা,
ওফোন্দা ভেমত ডাঙৰীয়া বোলা,
ৰাতি জুহালত সাত হালবোৱা,
দিনত সোৰোপ৷ দুপৰলৈ শোৱা,
মিছাৰ ভঁড়ালী সন্তানক চাই,
দুৰদশা দেখি কান্দিছা কি আই ।
তাতে কি হে বীণা, নীৰৱ তোমাৰ ?
হল বহু দিন নহয় ঝঙ্কাৰ ?

'বজোৱাঁ জননি, তোমাৰ ই বীণ’
জাগোক ই জাতি সকলোতে হীন ।

লগে লগে গোৱাঁ উদগনি-গীত,
কৰি নৈ-গাওঁ পৰ্ববত ধ্বনিত।
দিগ-দিগন্তলৈ শব্দ উঠক,
নিৰ্জ্জীৱ অসম ই জাতি জাগক ৷
উন্নতিৰ হেতু সকলো লৰিছে,
হাতত বিজয়-পতাকা শোভিছে ৷

নিৰ্জ্জীৱ ই জাতি ঘোৰ টোপনিত,
নাই কি এটোপা আৰ্য্যৰ শোণিত ?
আন ভাৰতীয়ে মাতিছে চিঞৰি,
উঠা অসমীয়া, নিদ্ৰা পৰিহৰি ;
উঠা অসমীয়া, চোৱাঁ চকু মেলি,
পোহৰে পূবত, সৌভাগ্যৰ বেলি,

অতীত গৌৰৱ সুঁৱৰি ভাই,
উদ্ধাৰা অসম দুখুনী আই ৷
সাহিত্য, সঙ্গীত, জ্ঞান-বিজ্ঞানত,
কৃষি, শিল্প, আৰু বেহা-বেপাৰত,
জনমভূমিৰ মুখ উজলাম,
ৰাখিম ধৰাত অসমীয়া নাম।

শুলা বহুদিন উঠা অসমীয়া,
জগৎ জাগিছে উঠাচোঁ এতিয়া ।

আহাঁ সকলোৱে কৰোঁ এই পণ,
দেশৰ কল্যাণ কৰিম সাধন,
দেশৰ কাৰণে চকুৰে কান্দিম,
দেশৰ কাৰণে মুখেৰে মাতিম,
দেশৰ কাৰণে লিখনী লিখিম,
দেশৰ কাৰণে স্বার্থ তিয়াগিম ;
জাতীয় প্ৰেমত সকলো মজিম,
জাতিৰ উন্নতি অৱশ্যে সাধিম ;
আই অসমৰ গৌৰৱ বঢ়াম,
‘জয় জন্মভূমি’ সকলোৱে গাম ;
প্রেম-ভকতিক হিয়াত থাপিম,
সত্য-সনাতন ধৰ্ম্ম আচৰিম।

নাকান্দিবা আই বীণা তুলি লোৱা ৷
জাতীয় সঙ্গীত ঝঙ্কাৰত গোৱাঁ ৷
দুখৰ দীঘল ৰাতিটি পুৱাব,
পুৱাৰ সোণালী কিৰণ ওলাব
নতুন তেজেৰে গতি বল পাই,
উঠিব তোমাৰ সন্তান দুনাই ।
জাগিব বীণৰ শুনি এই তান,
নতুন উছাহে তোমাৰ সন্তান ৷


আনন্দৰাম বৰুৱা।

 আনন্দৰাম বৰুৱা ইংৰাজী ১৮৫০ চনত উত্তৰ গুৱাহাটীত জন্মে। তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আছিল। গৰ্গৰাম বৰুৱাই গুৱাহাটীৰ কাছাৰিত সদৰামিনৰ কাম কৰিছিল। তেওঁ নৈষ্ঠিক হিন্দু আছিল আৰু সদায় নিজধৰ্ম্মৰ সকলো আচাৰ-নীতি পালন কৰি চলিছিল। আনন্দ বৰুৱাক পিতাকে পোনতে পূর্বব প্রচলিত কাইথেলী মতে দেশীয় ভাষা শিক্ষা দিয়ে ; আৰু তাৰ পাচত সংস্কৃত পঢ়ায়।

 এই সময়ত আমাৰ দেশত ইংৰাজী শিক্ষা আৰম্ভ হয়। দূৰদৰ্শী গৰ্গৰাম বৰুৱাই নিজৰ পুত্ৰকো সময়োপযোগী শিক্ষা দিয়া উচিত বিবেচনা কৰি আনন্দ বৰুৱাক গুৱাহাটীৰ ইংৰাজী স্কুলত নাম লগাই দিয়ে ।

 আনন্দ বৰুৱা প্ৰতিভাশালী লৰা আছিল : তেওঁ অলপ দিন পঢ়িয়েই প্রবেশিকা পৰীক্ষা দি বৃত্তি লাভ কৰে। এই সময়ত আনন্দ বৰুৱাৰ বয়স চাৰে চৈধ্য বছৰ মাত্ৰ । এই সময়ত দেশত আজি-কালিৰ দৰে ইংৰাজী শিক্ষাৰ আদৰ নাছিল ; ইংৰাজী 'পঢ়িলে জাতি যায়, এনে এটা কুসংস্কাৰেহে অধিক ভাগ দেশীয় মানুহক বাধা দিছিল ৷ আজিকালিৰ দৰে কলিকতা আদি ঠাইলৈ যাবলৈ সেই সময়ত ৰেল-জাহাজো নাছিল । এনে অৱস্থাতো গৰ্গৰাম বৰুৱাই কলেজত পঢ়িবলৈ আনন্দ বৰুৱাক কলিকতালৈ পঠালে।  আনন্দ বৰুৱাই কলিকতাৰ প্ৰেচিডেন্সি কলেজত নাম লগায় ৷ বৰুৱাদেউ কলিকতা পোৱাত তেওঁৰ অন্তৰত উচ্চশিক্ষা লাভৰ ইচ্ছা বৰ বলৱৰ্তী হৈ উঠে। কলিকতাত চাৰি বছৰ পঢ়ি আনন্দ বৰুৱাই যোগ্যতাৰে এফ-এ আৰু বি-এ পাচ কৰে। এই সময়লৈকে অসমৰ কোনোৱে বি-এ পাচ কৰা নাছিল ; আনন্দ. বৰুৱা অসমৰ প্রথম বি-এ হল। ইয়াৰ পাচত তেওঁ উচ্চ-শিক্ষা লাভ কৰিবলৈ আশা কৰি বিলাতলৈ যাবলৈ ইচ্ছা কৰে। তেতিয়া তেওঁ “ষ্টেট্‌ স্কলাৰচিপ্” আৰু “গিলক্রাইষ্ট স্কলাৰচিপ্” নামে দুটা বৃত্তি পায়। এই বৃত্তি দুটাৰ পৰিমাণ মাহে পাঁচ শ টকা আছিল।

 বৰুৱাদেউ বিলাতলৈ গল ; তাত তিনি বছৰ থাকি চিভিল চাৰ্ভিচ, বি-এচ-চি, এল-এল-বি আৰু বাৰিষ্টাৰ এট্‌ ল, এই চাৰিটা পৰীক্ষা দি উত্তীর্ণ হল। চিভিল চাৰ্ভিচ পৰীক্ষাত তেওঁ দ্বিতীয় স্থান অধিকাৰ কৰিছিল আৰু বন্ধুবান্ধৱে গম নোপোৱাকৈ পঢ়ি তেওঁ বি এচ-চি, পৰীক্ষা দিছিল।

 ১৪৭২ খৃষ্টাব্দত বৰুৱাদেউ অসমৰ প্ৰথম চিভিলিয়ান আৰু প্ৰথম বাৰিষ্টাৰ হৈ স্বদেশলৈ ঘূৰি আহে। আহোঁতে তেওঁ কলিকতাত কিছুদিন থাকে ; আৰু সেই সময়ৰ ভিতৰতে কলিকতা বিশ্ববিদ্যালয়ৰ সংস্কৃতৰ এটা বিশেষ পৰীক্ষা দি দুহাজাৰ টকা পুৰস্কাৰ লাভ কৰে। ইয়াৰ পাচত গবর্ণমেণ্টে বৰুৱাদেৱক শিৱসাগৰত এচিষ্টেণ্ট কমিচনাৰ পদত নিযুক্ত কৰে।

 শিৱসাগৰত এওঁ বৰ সুখ্যাতিৰে কাম কৰিছিল। তাৰ পাচত বৰুৱাদেউ বঙ্গদেশলৈ বদলি হয় ৷ বঙ্গদেশৰ অনেক ঠাইত বৰুৱাদেৱে জইণ্ট মেজিষ্ট্রেটৰ কাম কৰে ; পাচত গৈ নোৱাখালি জিলাত ডিষ্ট্রিক্ট মেজিষ্ট্রেট আৰু কলেক্টৰ হয় ।

 বৰুৱাডাঙৰীয়া বাণীৰ বৰ পুত্ৰ আছিল । তেওঁ বিদ্যাচর্চ্চাত সদায় মন মগ্ন ৰাখিছিল। বৰুৱা ডাঙৰীয়৷ কাছাৰিলৈ যাওঁতেও একোখন কিতাপ হাতত নিছিল : কাছাৰিৰ কাম কৰি যেতিয়াই আজৰি পাইছিল তেতিয়াই তেওঁ পাঠত মন দিছিল। চৰকাৰী কামতো তেওঁ বৰ নাম কৰিছিল ; বৰুৱা ডাঙৰীয়াই মোকৰ্দ্দমাৰ যিবোৰ ৰায় দিছিল আৰু শাসন বিষয়ক যিবোৰ ৰিপোৰ্ট লিখিছিল, সেইবোৰ পাণ্ডিত্যপূৰ্ণ আৰু দুৰদৰ্শিতাৰে ভৰা আছিল। তেওঁ বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্য চর্চ্চা কৰিছিল ; আৰু তাৰ ফলস্বৰূপ তেওঁ এই ভাষাত ভালেখিনি কিতাপ ৰচনা কৰিছিল। কিতাপবোৰৰ কিছুমান বৰুৱাডাঙৰীয়াৰ জীৱনকালতে প্রকাশ হৈছিল। কিন্তু কেইখনমান লিখা শেষ হওঁতে আৰু কেইখনমান আধা লিখোঁতে বৰুৱা ডাঙৰীয়া স্বৰ্গী হয়। বৰুৱা ডাঙৰীয়াৰ প্ৰকাশিত গ্ৰন্থৰ ভিতৰত ইংৰাজী-সংস্কৃত- অভিধান, সংস্কৃতৰ ব্যাকৰণ, মহাবীৰ চৰিত্ৰৰ ভাষ্য, অমৰকোষৰ টীকা, ধাতুৰূপ, ভবভূতিৰ সংস্কৃত সাহিত্যত ঠাই আৰু সৰস্বতী- কণ্ঠাভৰণ নামৰ অলঙ্কাৰ শাস্ত্ৰই প্ৰধান ৷ ইয়াৰ উপৰি তেওঁ সংস্কৃত ভাষাৰ এখন প্ৰকাণ্ড ব্যাকৰণ লিখিবলৈ আৰম্ভ কৰিছিল । বৰুৱাডাঙৰীয়াই এইকাম হাতত লোৱা শুনি পণ্ডিত ম্যাক্সমূলাৰে কৈছিল—“এই গ্ৰন্থৰ কেইখণ্ডমান প্রকাশ হলেও পৃথিবীৰ অশেষ উপকাৰ হব । গোটাই গ্ৰন্থখন লিখি প্ৰকাশ কৰা এক জীৱনৰ কাম নহয়” ।

 বৰুৱাডাঙৰীয়াই এখন ছপাখানা লগত ৰাখিছিল; কোনো গ্রন্থ লিখা শেষ হলেই তেওঁ তাক ছপা কৰিছিল। ছপাখানা শুধৰণী কাকতচোৱা কামো তেওঁ নিজে কৰিব লাগিছিল । এখন জিলাৰ ভাৰপ্ৰাপ্ত কৰ্ম্মচাৰীৰ পক্ষে ই কিমান অধিক শ্ৰমৰ কাম তাক অলপ ভাবিলেই বুজিব পাৰি। ইমান শ্ৰম বৰুৱা- ডাঙৰীয়াৰ শৰীৰে ক্ৰমে সহ্য নকৰা হৈ আহিল; তেওঁক বাত বেমাৰে আক্ৰমণ কৰিলে। বহুত চিকিৎসকে চিকিৎসা কৰিবলৈ ধৰিলে, কিন্তু বৰুৱা ডাঙৰীয়াৰ স্বাস্থ্য নিফিৰিল ; শেষত ইং ১৮৮৭ চনত তেওঁৰ বন্ধু বাৰিষ্টাৰ তাৰকনাথ পালিতৰ বালিগঞ্জৰ ঘৰত বৰুৱাডাঙৰীয়াই নশ্বৰ শৰীৰ ত্যাগ কৰিলে। তেওঁৰ সঙ্কল্পিত ব্যাকৰণ-শাস্ত্ৰ অসম্পূৰ্ণ হৈ থাকিল।

 আনন্দৰাম বৰুৱা স্বাধীনচেতা আৰু উচ্চমনৰ পুৰুষ আছিল । তেওঁ অসমত থকা কালত সদায় চৌগাচাপকানহে ব্যৱহাৰ কৰিছিল। তেওঁ পোনতে অসমলৈ আহোতে জাহাজত এজন ইউৰোপীয় লোকৰ লগত তেওঁৰ হতাহুতি হয়। বৰুৱা ডাঙৰীয়া জাহাজৰ যি কোঠাত আছিল তাত এজন চাহাব সোমাই সেই সময়ত অন্যান্য দেশীয় ভদ্রলোকক কোৱাৰ দৰে বৰুৱাডাঙৰীয়াকে৷ ওলাই যাবলৈ কয় ; বৰুৱাডাঙৰীয়াই গম্ভীৰভাবে তাৰ প্ৰতিবাদ কৰাত দুয়োৰো ভিতৰত কন্দল লাগে । চাহাবজনে বৰুৱা ডাঙৰীয়াৰ সাহ দেখি পাচহোঁহকে; পাচত অন্যৰপৰা পৰিচয় লৈ তেওঁ বৰুৱাডাঙৰীয়াৰ ওচৰত ক্ষমা খোজে ৷

 শিৱসাগৰত এচিষ্টেণ্ট কমিচনাৰ হৈ থাকোঁতে কিছুদিন তেওঁৰ গাত জিলাৰ ভাৰ আছিল। সেই সময়ত কিবা কাৰণত তেওঁ লেফটেনান্ট কর্ণেল গ্রে নামে অন্য এজন এচিষ্টেণ্ট কমিচনাৰ চাহাবৰ কৈফিয়ৎ তলব কৰে; তাতে চাহাবজনে অপমান বোধ কৰে। সেই কাৰণে পাচত এবাৰ ডিপুটী কমিচনাৰ চফৰলৈ যাওঁতে জিলাৰ ভাৰ গ্ৰে চাহাবৰ হাতত দি যায়। বৰুৱা-ডাঙৰীয়া পদত লেফটেনান্ট কর্ণেল গ্রেৰ ওপৰত ডিপুটী কমিচনাৰে জিলাৰ ভাৰ গ্ৰেৰ ওপৰত দিয়াত বৰুৱাডাঙৰীয়াই মনত অলপ বেয়া পাই বঙ্গদেশলৈ বদলি হৈ যায় ৷

 বৰুৱাডাঙৰীয়া লোকপ্ৰিয় ৰাজবিষয়া আছিল। শিৱসাগৰত থাকোঁতে তেওঁ জনসাধাৰণৰ ইমান প্রিয়পাত্ৰ হৈ উঠিছিল, যে বৰুৱা ডাঙৰীয়াৰ বদলিত নগৰবাসীয়ে বৰ বেজাৰ কৰিছিল। বৰুৱাডাঙৰীয়া কাছাৰি ঘৰতহে হাকিম হৈছিল, বঙলাত থকাত সাধাৰণ ভদ্ৰলোকৰ দৰে মানুহৰ লগত ব্যৱহাৰ কৰিছিল ৷ বঙ্গদেশত থাকোঁতেও তাৰ মানুহৰ লগতে বৰুৱা ডাঙৰীয়াই বৰ প্ৰীতিৰে বাস কৰিছিল। বঙালীসকলে বৰুৱাডাঙৰীয়াক তেওঁলোকৰ দেশৰ মানুহ নহয় বুলি ভাবিবলৈ সুবিধা নাপাইছিল ৷

 আনন্দ বৰুৱাই বিয়া কৰোৱা নাছিল; তেওঁৰ বন্ধু-বান্ধৱে বিয়াৰ কথা উলিয়ালে তেওঁ কিতাপৰ আলমাৰিলৈ দৃষ্টি কৰিছিল। বৰুৱাডাঙৰীয়াই বহুত দুখীয়া ছাত্ৰক পঢ়াৰ খৰচ দিছিল, কিন্তু তেওঁৰ সোঁহাতৰ দান বাওঁহাতে খবৰ নাপাইছিল। ইয়াৰ উপৰিও তেওঁ দুখীয়াক দান কৰি সন্তোষ লাভ কৰিছিল। তেওঁ ঘৰতো আৱশ্যকমতে ভায়েকসকলক সহায় কৰিছিল। বৰুৱা-ডাঙৰীয়াই বঙ্গদেশৰ বহৰমপুৰত এখন বাগানবাৰী কৰিছিল ; শেষ সময়ত তেওঁৰ হাতত প্ৰায় পঞ্চল্লিশ হাজাৰ টকা জমা আছিল।

 বৰুৱাডাঙৰীয়াৰ স্বভাৱ অমায়িক আৰু উদাৰ আছিল ; চাকৰৰপৰা উচ্চতম ৰাজকৰ্ম্মচাৰী, ৰজা জমিদাৰ আদি সকলোৰে পৰা তেওঁ শ্ৰদ্ধা আকৰ্ষণ কৰিছিল।



চাহখেতি ৷

 চাহ গছ কেইবাবিধে আছে ; যেনে—অসমীয়া, চীনা, মণিপুৰী, লুচাই আৰু হাইব্রিড চাহ। চীনা চাহ আমাৰ ইয়াত ভালকৈ নহয়, মণিপুৰী চাহ বেচিকৈ হয় আৰু আন কেইবিধ চাহ মজলীয়াকৈ হয়। বাৰিষা পানীত তল নোযোৱা ৰঙা- আলতীয়া মাটিয়েই ইয়ালৈ ভাল। যি ঠাইত গছ-গছনিৰ তেজ বেচি, সেই ঠায়েই চাহলৈ বৰ উপযোগী বুলি জানিব লাগে ৷

 সাধাৰণতঃ ইয়াৰ গুটি পচাই, পুলি ডাঙৰ হলেহে পোতা হয়। পোনতে চাহ ৰোৱা মাটিৰ গছ-গছনি কাটি, পুৰি আৰু জাবৰ বাছি ভালকৈ কোৰ মৰা হয় । থল অঁত হলে, কিছুমান দিন তাক পিট খাবলৈ আৰু জীপ বান্ধিবলৈ এনেয়ে ৰাখিব লাগে । তাৰ পাচত তিনি চাৰি ফুট আঁতৰত শাৰী কৰি একোটা খুঁটি মাৰি লব লাগে ৷ খুঁটিমৰা ঠাইত ঘূৰণীয়াকৈ এফুট বহল আৰু ৯ ইঞ্চি দ একোটা গাঁত কৰি সেই পাঁতৰ মাটিখিনি ভালকৈ চাহ কৰা হয় ৷

 পাচত ডেৰ ইঞ্চিমান দত গুটি ৰুই খেৰেৰে তাক ঢাকি থয়। খৰাং বতৰ হলে মাজে মাজে তাত পানী ছটিয়াই দিব লাগে আৰু গাজ ফুটি ওলোৱা মাত্ৰকে ঢাকি থোৱা খেৰ গুচাই দিব লাগে ৷ বন গজিলে মাহেকত অতি কমেও এবাৰ চাঁচকোৰ মাৰিব। যেতিয়া চাহৰ পুলি ছয় ইঞ্চিমান ওখ হয়, তেতিয়া খন্তিৰে তাৰ গুৰিৰ বন চিকোণাই দিব লাগে; আৰু পুলি ডাঙৰ হলে দুফুটৰ ওপৰত কলম দিব লাগে ।

 কাতি-আঘোণ মাহত চাহৰ ভাল গুটি আনি ঘৰৰ ভিতৰত তিনিফুট দ গাঁত এটা কৰি আৰু তাৰে ডেৰ ইঞ্চিমান গুড়ি মাটি আৰু ছাইৰে পূৰাই ওপৰত গুটি দি তাক মাটি আৰু ছাইৰে জাপি থব লাগে। মাজে মাজে তাত পানী ছটিয়াবলৈ পাহৰিব নালাগে । যেতিয়া গুটিবোৰ ফাটে, তেতিয়া গাঁতৰপৰা উলিয়াই আনি পানীত পৰীক্ষা কৰিব লাগে । যিটো গুটি পানীত ওপঙে, সি বেয়া—কেতিয়াও নগজে ।

 পচোৱা ঠাইখন, ভালকৈ চহাই অঁতপিট কৰিব লাগে । আৰু ৫।৬ ইঞ্চি আঁতৰত একোটি সৰু খান্দি কৰি ডেৰ ইঞ্চি দ’ত আৰু ৫।৬ ইঞ্চি আঁতৰত একোটি গুটি পুতিব লাগে। পানীত পৰীক্ষা কৰোঁতে যিবোৰ গুটি তললৈ গৈছিল, সেইবোৰ পচালেহে ভালকৈ গজে। গুটি ৰুই অন্ত হলে পচোৱা ঠাইখনত ডাঠকৈ খেৰ ছটিয়াই দিব লাগে আৰু মাজে মাজে পানী দিব লাগে। পুলি গজিলে খেৰবোৰ গুচাই ওপৰত এনেভাৱে চাং পাতি দিব লাগে, যেন সিহঁতৰ গাত ৰাতিপুৱা ৰ'দ আৰু আবেলি ছাঁ পৰে। এনেকৈ গুটি পচোৱাকে পালেং দিয়া বোলে । বৰষুণ নহলে মাজে মাজে পালেঙত পানী দিব লাগে; আৰু বন গজিলে খন্তিৰে চিকোণাব লাগে। জেঠ-আহাৰ মাহ পৰিলে চাং ভাঙি পেলাবও পাৰি ।

 বহাগ, জেঠ, আহাৰ বা কাতি-আঘোণ পালেঙৰপৰা পুলিবোৰ পীৰিৰে সৈতে খান্দি নি আগেয়ে তৈয়াৰ কৰি থোৱা থলত ৪।৫ ফুট আঁতৰত শাৰী কৰি ৰুই দিব লাগে। পুতিবৰ সময়ত মাটি ভালকৈ খুন্দি দিব লাগে, আৰু বতৰ খৰাং দেখিলে মাজে সময়ে পুলিত পানী ছটিয়াব লাগে। পীৰিৰ মাটি আৰু থলীৰ মাটি লগ নোখোৱালৈকে তাত কোৰ নামাৰি বনবোৰ হাতেৰে ছিঙি পেলোৱা ভাল ৷ বন ডাঠ হলে চাঁচকোৰ মাৰি বাগিচা চাফ্ কৰি ৰখা উচিত ।

 ৰোৱাৰ দুই বছৰৰ পাচত পুলি অলপ ডাঙৰ হলে দুফুটৰ ওপৰত তাক কাটি দিয়া হয় ; ইয়াক কলম দিয়া বোলে ৷ পুহতে আৰম্ভ কৰি ফাগুনৰ শেষলৈকে কলম দিব পাৰি ৷ গজালি সৰহ কৰিবলৈ মন কৰিলে ৪ ইঞ্চিমানৰ ওপৰতে কলম কৰিব লাগে; পাচ বছৰত এবেগেত গজালি ৰাখি পাত-কলম দিয়ে । তাৰ পাচ বছৰত দুই-ইঞ্চিমান গজালি ৰাখি কলম দিলে ভাল ; তেতিয়া হলে চাহ-গছৰ গজালি সৰহকৈ ওলায় আৰু গছজোপা জাপিৰ দৰে বহল হৈ উঠে।

 ৰোৱাৰ তিনি বছৰ পাচত গছ পূৰঠ হলে চাহৰ পাত ছিঙিবৰ হয়। ঠালেপতি তিনি চাৰিটাকৈ বুঢ়া পাত এৰি কুমলীয়া পাত ছিঙা ভাল ৷ মাজৰ ঠেঙুলিবোৰৰ পাত ছিঙি কাণবোৰৰ পাত নিছিঙাকৈ ৰাখিলে গছজোপা আগলৈ বহল হয়। এটা ঘৰত খাপে খাপে চাং পাতি তুলি নিয়৷ পাত চাঙৰ ওপৰত ধান মেলাদি মেলি দিব লাগে। বহাগত আৰম্ভ কৰি কাতিৰ শেষলৈ পাত তুলিব পাৰি ৷ প্রথমে ১৫ দিনৰ অন্তৰে অন্তৰে বা মাহেকত এবাৰহে পাত ছিঙিব লাগে। চাৰি বছৰমানৰ মূৰত ৭।৮ দিনৰ অন্তৰতে পাত ছিঙিব পৰা হয় ।

 চাঙত মেলিদিয়া পাত হাতেৰে মোহাৰিলে যেতিয়া লেতু সেতু হয়, তেতিয়া তাক মাৰিবৰ হল বুলি জানিব লাগে। কল থাকিলে কলত, নহলে হাতেৰে মোহাৰিব লাগে। পাতৰ যিটো ৰঙা ৰস ওলায়, তাক পেলাই নিদি পাতৰ লগতে সানি দিব লাগে। ৰং নধৰিলে তিতা কাপোৰ এখনেৰে পাতবোৰ ৫।৬ মিনিটমান সময় ঢাকি থলে ৰঙা পৰি আহিব । তেতিয়া কাঠৰ এঙাৰ জ্বলাই চাহবোৰ চালনীত তুলি শুকাব লাগে আৰু খামবোৰ ভাঙি দিব লাগে ; ইয়াক কেঁচা গাপদিয়া বোলে । পাতবোৰ যেতিয়া মৰমৰীয়া হৈ শুকায় আৰু ক'লাবৰণ ধৰে, তেতিয়া সেইবোৰ বাকচত ভৰাই থব লাগে। পাচদিনা চাহ উলিয়াই জাবৰ কুটা বাছি ১ নম্বৰ চালনীৰে চালিলে যিখিনি সৰে তাৰ নাম ১ নম্বৰ “পিকো”, বাকীখিনিক ২ নম্বৰ চালনীৰে চালিলে যি সৰিব তাৰ নাম ২ নম্বৰ “পিকো”; ওপৰত থকা চাহ নি ৩ নম্বৰ চালনীৰে চালিলে যিখিনি সৰে তাৰ নাম “ব্র’কেন পিকে৷”, তাৰ ওপৰত থকা চাহ সেইদৰে চালি ক্ৰমে “ চুচাং” “কাংকু”, আৰু বুঢ়া পাতবোৰ মোহাৰি ভাঙি পেলাই “ডষ্ট” বা গুড়িচাহ উলিয়াব লাগে ৷ সেইদৰে ভাগ ভাগ কৰা হলে পুনৰ এঙাৰ জ্বলাই আৰু চাহবোৰ চালনীত তুলি লৈ, ওপৰত বাঁহৰ ঢাৰীৰ ঢাকোন দি পকা গাপ দিয়ে । যেতিয়া চাহপাত ভালকৈ শুকায় আৰু তাক সুঙি চালে পকা মালভোগ কলৰ নিচিনা মলমলীয়া গন্ধ ওলায়, তেতিয়৷ গাপ দিয়া হল বুলি জানিব লাগে।

 ৰ'দ আৰু বৰষুণ সমানে হলে চাহৰ খেতি ভালকৈ হয়। ৰ'দ বেচি হলে চাহত খৰ লাগে আৰু পাত সৰহকৈ নহয়। বেচি বৰষুণ হলে চাহত জেলুকনি লাগে দেখি পাত কমকৈ হয়। নতুন বাগিচা কৰাৰ চতুৰ্থ বছৰতে ৫ বেওঁ আঁতৰত ৩ ফুট দ’কৈ খালখান্দি তলীৰপৰা পানী ওলাই যোৱাৰ বন্দোৱস্ত কৰি ৰখা ভাল ৷

 সঁচলৈ গুটি ধৰিব খোজা চাহ কলম নিদিয়াকৈ কুৰি-কাটি ৰাখিব লাগে। চাৰি বছৰীয়া চাহৰ গুটিয়েই সঁচলৈ ভাল। গুটি পকিলে তাক পাৰি আনি ডেৰ ইঞ্চিমান ডাঠকৈ চেঁচা ঘৰ এটাত দ'মাই থব লাগে। যেতিয়া বাকলি ফাটে, তেতিয়া তাক এৰুৱাই গুটিবোৰ কাঢ়ি ভালকৈ থব লাগে । নিজ বাগিচাৰ গুটি পচাই চাহ ৰুলে তাৰ বল কম হয়। সেই দেখি অইন বাগিচাৰ গুটি আনিহে চাহৰ খেতি কৰা উচিত ।


মানুহ ৷

আত্মাৰ বসতি ঘৰ তোমাৰ শৰীৰ,
যিটি দেহ ধূলি, মাটি, পানীৰে সাজিছে,
আত্মা হলে ঈশ্বৰৰ নিজা পাৰিষদ,
দুটি বিপৰীত গুণ তোমাত থাপিছে।

দেহত অসাৰ তুমি মাটি হ'বা যদি,
গুণত চাপিছা হলে কোষ ঈশ্বৰৰ,
প্রেম, দান, দয়া, ধৰ্ম্ম, মৰম তোমাৰ ;
নিত্য অনিত্যৰ তুমি কুটুম মাজৰ ৷

চিন্তাৰ শকতিধাৰী প্ৰেমৰ বাহন,
কত শত গুণে আজি তোমাত শোভিছে ।
গাত বহু অলঙ্কাৰে নিসন্ধি কৰিছে,
চিন্তা-গুণ অনুৰূপ তোমাৰ গঠন ৷

তোমাৰ সন্তান তুমি— তোমাৰে আভাস—
একে কায় একে মন থাপিত কাৰণে,
মতা-বোলা, ভবা-কৰা একে, একে গুণে,
মনৰ সুবিধা মতে দেহৰ বিকাশ ৷

যতমান জন্তু তুমি দেখিছা আগত
আকৃতিৰ অনুসৰি মন গাইপতি,—
যেনে মন তেনে দেহ, তেনে পৰকিতি,
সকলো সমিল-মিল একেটি বলত ।
আহিব এদিন হ'ব নৱ-বিকাশত,
আচৰিত বহু অঙ্গ তোমাৰ দেহত ৷


টেলিফোন ৷

 টেলিফোন যন্ত্ৰ তড়িতৰ সহায়েৰে চলে। ইয়াত সঙ্কেত নাই ; মানুহৰ কথাই ইঠাইৰপৰা সিঠাইলৈ যায়। এই যন্ত্ৰৰ দ্বাৰা ঘৰত বহিয়েই হাজাৰ মাইল দূৰত থকা এজন বন্ধুৰ লগত কথা-বতৰা পাতিব পাৰি।

 এই যন্ত্ৰ চলিবলৈ ব্যাটাৰী নালাগে। ডাইনেমো যন্ত্ৰত উৎপন্ন হোৱা বিজুলীৰ সহায়েৰে এই যন্ত্র চলে। লোহাৰ তাৰৰ চুঙাৰ মাজত দীঘলীয়াকৈ এডোখৰ চুম্বক ৰাখি তাৰ আগত ধাতু এচটা দিয়া হয়। চুম্বক-ডোখৰ তাৰ বা ধাতু-চটাত লাগি নাথাকে ৷ এয়েই এটা টেলিফোনযন্ত্র। ঠিক এনে ৰকমৰ আন এটা যন্ত্ৰ দূৰণিৰ এঠাইত পতা থাকে ৷ ধাতুৰ তাৰেৰ দুয়োটা যন্ত্ৰ যোগ কৰা থাকে ৷

 ইয়াতে এটা কথা জানিবলগীয়া আছে। আমি ৫ম ভাগ “সাহিত্য”ত কৈ আহিছে৷, যে ধাতু-তাৰৰ চুঙাৰ মাজত চুম্বক এডোখৰ লৰচৰ কৰি থাকিলে তাৰঁত বিজুলী উৎপন্ন হয়। ইয়াৰ কাৰণ হৈছে চুম্বক আকর্ষণ শক্তি। চুম্বকৰ ওচৰত লোহা আদি কিছুমান ধাতু থাকিলে সেইবোৰক চুম্বকে আকর্ষণ কৰে। চুম্বকৰ আকৰ্ষণশক্তি তাৰ চাৰিওফালে কিছু দূৰলৈ বৰ্ত্তমান থাকে; বেচি দূৰত থকা পদাৰ্থক সি আকৰ্ষণ কৰিব নোৱাৰে। আকৰ্ষণ কৰিব পৰা বস্তু নাথাকিলেও চুম্বকৰ এই শক্তি তাৰ চাৰিওফালে কিছুদূৰলৈ থাকে; এই ঠাইখিনিক চুম্বক-ক্ষেত্র বোলে ।

 চুম্বকডোখৰ অগা-পিচাকৈ লৰি থাকিলে চুম্বক-ক্ষেত্রও লৰচৰ কৰি থাকে। চুম্বক-ক্ষেত্ৰ অস্থিৰ অৱস্থাত থাকিলে তাত বিজুলী জন্মে। বিজুলী চলাচল কৰিব পৰা কোনো ধাতু তাত থাকিলে বিজুলী সেই ধাতুৱেদি চুম্বক ক্ষেত্ৰৰ বাজলৈ ওলাই আহে।

 আকৌ চুম্বক-ক্ষেত্ৰৰ কোনো এঠাইত যদি ধাতু এচটা এখন বেৰৰ নিচিনাকৈ দিয়া হয়, তেনেহলে ধাতু-পাত পিচ পিনে চুম্বক শক্তি নাইকিয়া হয় অর্থাৎ ধাতুপাতেৰে বেৰ দি চুম্বক-ক্ষেত্র সৰু কৰি লব পাৰি ৷ এনে অৱস্থাত চুম্বকডোখৰ স্থিৰে ৰাখি ধাতুপাতৰ বেৰখন অগাপিচাকৈ লৰাই থাকিলেও চুম্বক-ক্ষেত্র সৰু-ডাঙৰ অৰ্থাৎ অস্থিৰ হৈ পৰে, আৰু তেতিয়াও তাত বিজুলী উৎপন্ন হয়।

 টেলিফোনত এই ৰকমে বিজুলী উৎপন্ন হয় ৷ টেলিফোন যন্ত্ৰত থকা চুম্বক স্থিৰে থাকে। তাৰ আগত থকা ধাতুপাতখন অগা-পিচাকৈ থাকে ৷ ধাতুপাতখনৰ আগত মানুহে কথা কলে যি শব্দ হয়, সি ঢৌৰ সৃষ্টি কৰে। এই ঢৌ ধাতুৰ পাতল পাতত খুন্দা খালে পাতচটা অগা-পিচা কৰে ; তাতে বিজুলী উৎপন্ন হৈ মেৰাই থোৱা তাৰেদি বাহিৰে ওলাই যায় আৰু বাহিৰৰ তাৰেদি সি দূৰণিত থকা যন্ত্ৰটোলৈ যায়। বিজুলীয়ে শব্দৰ ঢৌ তৎক্ষণাৎ নি সিটো যন্ত্ৰত থকা ধাতুপাতখনত তুলি দিয়েগৈ। তেতিয়া তাত থকা মানুহে কথা শুনে। বিজুলীৰ গতি চেকেণ্ডত ৫৬০০ মাইল ; গতিকে মুহূৰ্ত্তৰ ভিতৰত ইঠাইৰ শব্দ সি ঠাই পায়গৈ ।

 আলেকজেণ্ডাৰ গ্ৰেহাম বেল নামে স্কটলণ্ডৰ মানুহ এজনে প্রথমে টেলিফোনেৰে কথা কব পৰা কৰে। বেল চাহাব এজন স্কুল মাষ্টৰ আছিল। কলা-অকৰাবিলাকক পঢ়োৱাত তেওঁ বৰ পাৰ্গত আছিল। তেওঁ বৰ চিন্তাশীল আৰু বুদ্ধিমান আছিল ; বিজুলীৰ সহায়েৰে যে, শব্দ-সঙ্কেত পঠাই টেলিগ্রাফ কৰা হয়, মানুহৰ কথা নো সেইদৰে ইঠাইৰপৰা সিঠাইলৈ পাঠিয়াব পাৰি নে নোৱাৰি ইয়াকে চিন্তা কৰি তেওঁ বহুত চেষ্টা আৰু কষ্টৰ ফলত টেলিফোন যন্ত্ৰ উলিয়ায় ৷ তেওঁ আমেৰিকাৰ বোষ্টন নগৰত ইয়াৰ পৰীক্ষা কৰিছিল গৈ ; ১৮৭৫ চনৰ ২ জুনত তেওঁ প্ৰথমে

টেলিফোনেৰে কথা কৈ ৰাইজক শুনায় ৷

ৰাধা ৰুক্মিণী।

 পুৰণি কালত ভাৰতবৰ্ষৰ তিৰোতা-সমাজ বীৰত্বৰ আদৰ্শৰে গঠিত হৈছিল । এই বীৰভূমি ভাৰতৰ এচুকত পৰি থকা আমাৰ অসমো একালত অসামান্যাবীৰনাৰী আৰু সতীৰ জন্মস্থান আছিল। পতিৰ অৰ্থে প্ৰাণ উছৰ্গা কৰা সতী জয়মতী, ৰজাৰ অভাৱত সিংহাসনত বহি নির্ব্বিবাদে ৰাজকাৰ্য্য চলোৱা ৰাণী ফুলেশ্বৰী, পতিবৈৰীৰ প্ৰতিশোধ লবলৈ গৈ শত্ৰুৰ লগত যুঁজি প্ৰাণ এৰা বীৰজায়া মূলা, এই দুখুনী অসমতে জন্ম গ্ৰহণ কৰিছিল । এই অসমতে অষ্টাদশ শতাব্দীত আৰু দুগৰাকী তিৰোতাই একেলগে বীৰৰ বেশেৰে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ নিজৰ অসাধাৰণ ৰণকৌশল দেখুৱাই শত্ৰুৰ চকুত চমক লগাইছিল। তেওঁলোকৰ নাম ৰাধা আৰু ৰুক্মিণী। তেওঁবিলাক অৱলা তিৰোতা হৈও কিয় পুৰুষৰ অসাধ্য সাধিব লগাত পৰিছিল, তাকে সংক্ষেপে আঁকি দেখুৱাই এই প্ৰৱন্ধৰ উদ্দেশ্য ।

 আগৰ দিনত মৰাণবিলাকৰ কাম আছিল ৰজাঘৰত খৰি যোগোৱা। চ'ৰাৰ বৰবৰুৱা বা আন এজন ডাঙৰ বিষয়াই সেই খৰিৰ আৰু খৰিভাৰী মৰাণহঁতৰ হিচাব ৰাখে। স্বৰ্গদেৱ লক্ষ্মীসিংহৰ দিনত এই কাৰ্য্যভাৰ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ ওপৰত পৰিছিল। খৰি-যোগনীয়াহঁতে নিতৌ ৰজাৰ ভঁড়ালত খৰিৰ ভাৰ পেলাই বৰবৰুৱাক দেখা কৰি যোৱাৰ নিয়ম আছিল।  খৰিভাৰীবোৰৰ মাজত ৰাঘৱ নামেৰে এটা বৰ শকত আৱত আৰু বলী মৰাণৰ ডেকা আছিল। এদিনাখন কিবা স্বৰূপে তেওঁৰ ৰজা-ঘৰত খৰি যোগোৱা পলম হল। ৰাজভঁড়ালত খৰি থৈ তেওঁ যেতিয়া বৰবৰুৱাক দেখা কৰিবলৈ যায়, তেতিয়া বৰবৰুৱা চ'ৰাত নাছিল। সময় অতীত হোৱাত বৰবৰুৱা গা-পা ধুই ভিতৰত “মেল”ত বহিছিল। ৰাঘৱে ডাঙৰীয়াক লগ নাপাই পুতেকৰ আগতে কৈ ঘৰলৈ গল।

 অলপ সময়ৰ পাচতে বৰবৰুৱা মেলৰপৰা উঠি আহি আকৌ চ'ৰাত বহিল। পুতেকে ৰাঘৱে কৈ যোৱা কথা দেউতাকক জনালে। পুতেকৰ সেই কথা শুনি ডাঙৰীয়া খঙত জ্বলি উঠিল । “ৰাঘৱে আজি খৰিও দিছেহি বেলিকৈ, অথচ সি মোক দেখা নকৰাকৈ গুচি যায়! তাৰ ইমান সাহ! তুৰন্তে তাক ধৰি আন।” এই বুলি ৰাঘৱক ধৰি আনিবলৈ ডাঙৰীয়াই ততালিকে দুটা টেকেলা পাঁচিলে। টেকেলাহঁতে লৰি গৈ আদবাটৰপৰা ৰাঘৱক ধৰি আনি ডাঙৰীয়াৰ আগত উপস্থিত কৰিলে। বৰবৰুৱাই আগ-পাচ নুগুণি চাউডাঙৰ হতুৱাই ৰাঘৱৰ পিঠিত দুটা চমটাৰ কোব মৰাই “লঘু পাপত গুৰু শাস্তি” দিলে ৷ বেচেৰা ৰাঘৱে চমটাৰ কোব খাই দুখে-বেজাৰে ৰাজনগৰ এৰি ঘৰ পালেগৈ ; কিন্তু ফেটি সাপে কঁকালৰ কোব নাপাহৰাৰদৰে ৰাঘৱেও সেই চমটাৰ কোব জীৱনত নাপাহৰিলে ।

 ঘৰলৈ গৈ ৰাঘৱে তেওঁৰ প্ৰিয়তমা পত্নী ৰাধা আৰু ৰুক্মিণীৰ আগত দুঃখৰ বৃত্তাত্ত ভাঙি কলে। স্বামীৰ দুখ দেখি পতিপ্রাণা ৰাধা ৰুক্মিণীৰ শৰীৰ খঙে-বেজাৰে জৰ্জ্জৰিত হল। ৰাঘৱে মনে মনে প্ৰতিজ্ঞা কৰিলে, এই দণ্ডৰ প্ৰতিশোধ তেওঁৰ জীৱনত এদিন লৈহে এৰিব। বহুত চিন্তা-ভাবনা কৰাৰ পাচত পত্নীৰ পৰামৰ্শমতে ৰাঘৱে ৰজাৰ কাম এৰি ততালিকে নেঘেৰিটিঙলৈ যাত্ৰা কৰিলে। তাত ৰাঘৱৰ অনেক জ্ঞাতি-কুটুম্ব আছিল; ওচৰতে মালৌ পথাৰত, বৰ ভেঁটি বান্ধি বহুত শিষ্য-ভকত লগত লৈ ৰাঘৱৰ গুৰু মোৱামৰীয়া মহন্তই বসতি কৰিছিল। সেই সময়ত মোৱামৰীয়া গোসাঁয়ে বছৰি ৰজাঘৰলৈ পাঁচোটাকৈ হাতী পঠোৱা নিয়ম আছিল। এই হাতীৰ এটা বৰবৰুৱাই পাইছিল। দৈবাৎ সেই বছৰৰ বৰবৰুৱাৰ ভাগৰ হাতীটো অলপ লেৰেলা হোৱাত বৰবৰুৱাই হাতী যোগাবলৈ অহা মাউতটোক নানা তিৰস্কাৰ আৰু অপমান কৰি পঠালে। মাউতটোৱে উলটি যাওঁতে ৰাধা ৰুক্মিণীৰ ঘৰত সোমাই সকলো দুখৰ কাহিনী তেওঁলোকৰ আগত কলে। এনেয়ে পতিৰ কষ্টত ৰাধা-ৰুক্মিণীৰ গা জ্বলি আছিল, তাতে এই অন্যায়-অত্যাচাৰৰ বাতৰিয়ে তেওঁবিলাকৰ খং-জুইত জানিবা ঘিউহে ঢালিলে। তেওঁলোকে পতি-বৈৰীৰ প্ৰতিশোধ লবৰ অৰ্থে পৰামৰ্শ কৰিবলৈ স্বামীৰ পাচতে নিজ আত্মীয়-কুটুম্ব আৰু গুৰুজনৰ সমীপ চাপিলেগৈ।

 ইয়াৰ আগতে স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ পুতেক মোহনমালা গোহাঁইদেউ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ কূট-চক্ৰান্তত ৰাজসিংহাসনৰ পৰা বঞ্চিত হৈ খেদা খাই নামৰূপত আছিল। তেওঁ এই সময়ত এদল ভগা বিষয়াৰে সৈতে মোৱামৰীয়া মহন্তৰ ওচৰ চাপিল। কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ ক্ষমতাৰ প্ৰভাৱ, দুৰ্বল হোৱা ৰাজশক্তিৰ ওপৰত পৰা দেখি বহুত দিনৰপৰা মোৱামৰীয়া মহন্তৰ আক্ষেপ আছিল। সকলো কথা গোটখাই, এইবাৰ মোৱামৰীয়াবিলাকক বৰকৈ উত্তেজিত কৰি তুলিলে। মহন্তই শিষ্য-ভকত, সকলোকে ৰজাৰ বিপক্ষে ৰণৰ সাজেৰে আগ বাঢ়িবলৈ হৰ্ষ চিত্তে আদেশ দিলে।

 মোৱামৰীয়া দলৰ ভিতৰত নাহৰখোৱা নামেৰে এটা বৰ ফন্দিয়ক আৰু মুখীয়াল মানুহ আছিল। নাহৰৰ পৰামৰ্শ মতেই মোৱামৰীয়াই মোহনমালা গোহাঁইদেৱক ঘাইসেনাপতি, আৰু ৰাঘৱ আৰু নাহৰক পালি সেনাপতি পাতি ইং ১৭৬৯ চনত দেখাদেখিকৈ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহৰ নিচান তুলিলে। সকলোৱে দা-তৰোৱাল, যাঠী আৰু ধনু-কাঁড় হাতত লৈ নিৰ্ভয় মনেৰে ৰাজসেনাৰ লগত ৰণ দিবলৈ ওলাল। ৰাঘৱক ৰণৰ সাজ পিন্ধি শত্ৰুৰ লগত যুঁজিবলৈ সাজু হোৱ, দেখি তেওঁৰ পত্নী ৰাধা ৰুক্মিণীৰ প্ৰাণে নসহিলে; গভীৰ পতি-ভক্তি আৰু প্ৰীতিৰ উত্তেজনাই তেওঁলোকক মতলীয়া কৰি তুলিলে। পতিৰ হন্তে শত্ৰুৰ লগত ৰণ দিবলৈ পতিপ্ৰাণা, বীৰাঙ্গনা ৰাধা ৰুক্মিণী দুয়ো যুদ্ধৰ সাজেৰে সাজু হল। পুৰুষৰ দৰে কঁকালত টঙালি বান্ধি আৰু হাতত ধনু-কাড় লৈ ৰাধা-ৰুক্মিণীয়েও স্বামীৰ সৈতে বীৰবেশে ৰণক্ষেত্ৰলৈ যাত্ৰা কৰিলে। ৰাঘৱে তেওঁৰ ভাৰ্য্যা দুগৰাকীক যুজলৈ নাযাবৰ কাৰণে হকা-বাধা কৰিছিল, কিন্তু তেওঁলোকে নুশুনিলে। তেওঁলোকে জানিছিল, পতিৰ অভাৱত তিৰোতাৰ জীৱনত একো কাম নাই। নিজৰ স্বামীয়ে আঁচলত জীৱ বান্ধি অসংখ্য ৰাজসেনাৰ লগত যুঁজিবলৈ যাব, তেওঁলোকে কি সতেৰে এনে সম্মুখ বিপদলৈ স্বামীক আগবঢ়াই নিশ্চিন্তে ঘৰত থাকিব? প্ৰাণৰ পতিক হেৰুৱাই দুখৰ জীৱন ধাৰণ কৰাতকৈ পতিৰ আগতে দেহা এৰাই মঙ্গল। ইয়াকে ভাবি ৰাধা ৰুক্মিণীয়ে হাতত অস্ত্ৰ লৈ মৃত্যুভয় তুচ্ছ কৰি অসীম সাহসেৰে শত্ৰুৰ সম্মুখত উপস্থিত হলগৈ।

 মোৱামৰীয়াবিলাকে বিদ্ৰোহৰ নিচান তোলা দেখি ইফালে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱায়ো সৈন্য-সামন্ত গোটাই নিজৰ জোঁৱায়েক ফুকনক সেনাপতি পাতি মোৱামৰীয়াৰ লগত ৰণ কৰিবলৈ পঠিয়ালে আৰু নিজে নগৰ ৰক্ষাৰ ভাৰ ললে। যথাস্থানত দুয়োদলৰ ভেটাভেটি হল। আহোম ৰাজ-সেনা আৰু মোৱামৰীয়াৰ মাজত তুমুল ৰণ লাগিল। “মোৱামৰীয়াৰ জয়, আহোমৰ ক্ষয়” ধ্বনিত আকাশ নিনাদিত হল। বীৰাঙ্গনা ৰাধা আৰু ৰুক্মিণীৰ উদগণিত মোৱামৰীয়াবিলাক দোপত দোপে আগুৱাবলৈ ধৰিলে। তিৰোতা দুগৰাকী যুদ্ধ-বিদ্যাত বৰ চতুৰা আছিল। তেওঁবিলাকৰ নিজৰ সৈন্যৰে অভেদ্য ব্যুহ ৰচনা কৰি শত্ৰুৰ ওপৰত আকাশ ছাটি অস্ত্ৰ বৰষিবলৈ ধৰিলে। ৰণ-কৌশল জনাৰ কাৰণে শত্ৰুৱে কোনো প্ৰকাৰে তেওঁলোকৰ গাত গুলি লগাব নোৱাৰিলে। মৃত্যুবিভীষিকাপূৰ্ণ ৰণক্ষেত্ৰত দুগৰাকী তিৰোতাৰ নিৰ্ভীক ভাবৰ উত্তেজনা আৰু ৰণচাঞ্চল্যই এফালে যেনেকৈ ৰাজ-সেন৷ আৰু সেনানীক প্ৰতি মুহূৰ্ত্তে স্তম্ভিত কৰি তুলিলে, আনফালে সেইদৰে মোৱামৰীয়া দলক দুগুণ উৎসাহত উৎসাহিত কৰিবলৈ ধৰিলে । অৱশেষত আহোম ৰাজসেনাৰ মাজত এটা জনৰৱ উঠিল, “ৰাধা- ৰুক্মিণীয়ে আঁচল পাতি গুলি ধৰিছে; মোৱামৰীয়াৰ মাজত সাক্ষাৎ ৰণচণ্ডী উপস্থিত হৈ ৰাধা আৰু ৰুক্মিণীৰ বেশধৰি ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিছেহি ; এতেকে ৰণকৰা আৰু মিছা, মোৱামৰীয়াক একোপধ্যে জিকিব নোৱাৰি।” এই ধাৰণাকে মনত লৈ ৰাজ-সেনাৰ মুখ মলিন হল, বুকৰ সাহ আৰু বাহুৰ বল ক্ৰমে টুটি আহিল; সেনাপতিকে আদি কৰি সকলো সেনা, চাৰিওফালে ছিটিকি পলাবলৈ ধৰিলে ; অবাধে মোৱামৰীয়াৰ জয় হল। ৰাঘৱে স্বৰ্গদেৱ লক্ষ্মীসিংহক জয়সাগৰত বন্দী কৰি থলে ; আৰু কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক জীয়াই জীয়াই নচচা শূলত দিলে ৷

 এতিয়া আহোম ৰাজ-সিংহাসনত নাহৰ খোৰাৰ পুতেক ৰমাকান্ত ৰজা আৰু চ'ৰাত ৰাঘৱ বৰবৰুৱা। কিন্তু এই সকলোৰে মূলত দুগৰাকী বীৰ ৰমণী ৰাধা আৰু ৰুক্মিণী । ৰাধা-ৰুক্মিণীৰ অমানুষিক সাহ আৰু বীৰত্বৰ অতুল প্রভাৱতেই আজি ৰাজ-সিংহাসনত এই বিষম পৰিৱৰ্ত্তন। কোমলাঙ্গী তিৰোতা দুগৰাকীয়ে যিহৰ বলত এনে এটা মহৎ আৰু ভীষণ কাৰ্য্য সাধন কৰিবলৈ সক্ষম হৈছিল, সি তেওঁলোকৰ হৃদয়ৰ নিৰ্ম্মল প্রেম, স্বামীৰ প্ৰতি তেওঁলোকৰ অকৃত্ৰিম ভালপোৱা এই ঘটনাটি পতি-প্ৰেমৰ গভীৰতা আৰু আত্ম-সমৰ্পণৰ এক অপূর্ব দৃষ্টান্ত। স্বামীৰ অৰ্থে তিৰোতাই কৰিব নোৱাৰা কাম জগতত কি আছে ? প্রিয়তমক হিয়াত প্ৰতিষ্ঠা কৰি, হৃদয়ৰ বলত বলিষ্ঠা হৈ যেতিয়া তিৰোতাই কাৰ্য্যক্ষেত্ৰত ভৰি দিয়ে, তেতিয়া পুৰুষ আৰু তিৰোতাৰ মাজত কোনো প্রভেদ নাথাকে ৷ সেই কাৰণে ৰাধা-ৰুক্মিণী দুৰ্ব্বলা হৈয়ো সবলা হৈছিল, মৃণালসদৃশ কোমল হৈয়ো শমীবৃক্ষৰ নিচিনা কঠিন ৰূপ ধাৰণ কৰিছিল, আৰু তিৰোতা হৈয়ো নিৰ্ভয় মনেৰে পুৰুষৰ লগত যুঁজিবলৈ আগ- বাঢ়িছিল। ধন্য ৰাধা ৰুক্মিণী! ধন্য তোমালোকৰ প্ৰেম আৰু ধন্য তোমালোকৰ বীৰত্ব! তোমালোকে প্ৰাণৰ পতিৰে সৈতে আনন্দধামত চিৰকাল সুখেৰে বাস কৰিছা।



জীৱন-সঙ্গীত।

শোকৰ কবিতা ৰচি  দুধাৰি চকু-লো মচি
নকবা জীৱন মিছা নিশাৰ সপোন ;
অসাৰ সংসাৰ ভাই,  ইয়াত সকাম নাই,
মোহময় মায়াময় সকলো মাথোন।

পুত্ৰ-কন্যা পৰিবাৰ  কোন তযু তুমি কাৰ
বুলি হেৰা অবাবত নকৰা বেজাৰ ;
কলাঘুমটীয়া হই,  আতমা যে আছে ৰই,
জানিবা মৰণ নাই এই আতমাৰ ৷

অস্থায়ী মানৱ দেহা, কৰিম দুদিন বেহা,
ফুৰিম দুদিন মাথোঁ সংসাৰ-হাটত ;
দুদিনৰ অন্ত হলে,  আয়ুস ঢুকাই গলে,
সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত৷

8

চকু-কাণ-নাক যাব,  হাড়-ছাল নাশ পাব,
মাটিৰ মানুহ তুমি মাটিত মিলিবা ;
অবিনাশী নিত্য ধন,  অমৰণ অভগন,
অনন্ত উন্নতিশীল আতমা জানিবা ৷

সদায় চকু লো টোকা,  দুখত মগন থকা,
ভোগ-সুখ জীৱনৰ উদ্দেশ্য নহয় ;
এনেভাৱে কাম কৰা  দিনে যেন আগ বঢ়া
প্রতি দিনে খোজ যেন আগলৈহে যায় ।

পল পল দণ্ড কৰি,  সময় গইছে উৰি,
পাখি-লগা কাঁড়ৰ নিচিনা অবিৰাম ;
বহু দূৰ আছে গতি,  সময় তাকৰ অতি,
কৰিবলগীয়া আমি আছে বহু কাম।

দিন যায় আহে ৰাতি, আয়ুস গইছে টুটি,
লাহে লাহে চমু চাপি আহিছে মৰণ ;
সংসাৰ যুঁজৰ ঠাই শুবৰ সকাম নাই,
কাচি পাৰি যুজা সবে কৰি প্ৰাণপণ ৷

এলাহ-নিহালী থোৱাঁ,  বীৰ-বেশ গাত লোৱা
নহব৷ মৰাৰ প্ৰায় জ্ঞানৰ সন্তান ;
নহবা গৰুৰ দৰে, খুচিলেহে খোজ ধৰা,
ৰণত বীৰেন্দ্ৰ বুলি হোৱাঁ খ্যাতিমান ৷

কল্পনা-চকুৰে চাই,  যেনেকি সুন্দৰ পাই,
নকৰিবা দূৰ ভবিষ্যক পতিয়ন ;
অতীত মৰিল গল, তাৰ কথা অন্ত হল,
মনৰপৰাই তাক কৰা বিসর্জ্জন।

১০

যিহকে আগত পোৱা  ততালিকে কৰি যোৱা
জীৱন্ত জাগ্ৰত বৰ্ত্তমান সময়ত ;
সাহক সাৰথি কৰাঁ,  কৰ্ত্তব্যৰ পাচে লৰাঁ
ঈশ্বৰ কৰুণাময় আছে ওপৰত।

১১

মহা মহা পুৰুষৰ,  চানেকিৰে জীৱনৰ
আমিও কৰিব পাৰোঁ জীৱন গঢ়িত ;
অভিনয় শেষ হলে  আয়ু-বেলি মাৰ গলে
থই যাব পাৰোঁ খোজ সময়-বালিত।

১২

কেতিয়াবা হব পাৰে,  কোনো দুৰ্ভগীয়া নৰে
জীৱন-সমুদ্ৰ মাজে নাও বুৰ গই
অঠাই পানীত পৰি,  কক্ বক্ কৰি কৰি,
ঢউৰ কোবত যদি আহি পাৰ পায় ;

১৩

দেখি সেই খোজবোৰ,  হব তাৰ আশা ঘোৰ
সাহ কৰি খোজে খোজে খোজ লব পাৰে ।
তেনেহলে বলা ভাই,  শুবৰ সকাম নাই,
অপূৰ্বৰ জেউতি চোৱা উন্নতিৰ শিৰে ৷

১৪

শিকাঁ সবে পৰিশ্ৰম,  শিকাঁ হে নীতি-ধৰম,
নাভাবিবা সুখ-দুখ কিনো কপালত ;
কৰ্ত্তব্যৰ পাচে লৰাঁ,  ক্রমাগত কাম কৰা ;
ফলাফল ফলদাতা বিভুৰ হাতত।



ধূলি।

 ধূলি পৰিলে কানি-কাপোৰ মলিয়ন হয়। খোৱা-বস্তুত ধূলি পৰিলে সি অপৰিষ্কাৰ হয় ; বহা আসন আৰু পঢ়া কিতাপত ধূলি পৰিলেও বিশ্ৰী হয়।

 নগৰত মানুহ, গাড়ী আদিৰ চলাচল বেচি ; সেই কাৰণে গাৱঁতকৈ নগৰত ধূলি বেচি । কোনো কোনো সময়ত, বিশেষকৈ ফাগুন, চ’ত আৰু বহাগ মাহত নগৰত বৰ বেচি ধূলি হয়। এই সময়ত গাৱঁতো ধূলি হয় । চহকৰা পথাৰবোৰত চ'ত মাহত বেচি ধূলি হয়। ধূলি সকলো ঠাইতে আছে ; কোনো ঠাইত কম, কোনে৷ ঠাইত বেচি মাথোন । কেতিয়াবা কেতিয়াবা খৰালি কালত আমি ফুৰিলে নাকে-মুখে ধূলি সোমাই আমাক অতিকৈ কষ্ট দিয়ে ৷

 ঘৰৰ ভিতৰতো ধূলি থাকে; বেৰৰ জলঙা বা খিৰিকীয়েদি কেতিয়াবা ৰ'দ পৰিলে, সেই ৰ'দত ধূলি উৰি ফুৰা দেখা যায়। মাছ পানীত থকাৰ দৰে আমিও বায়ু-সাগৰত ডুব গৈ আছোঁ। পৃথিবীৰ চাৰিওফালে থকা বায়ুৰ আবৰণটোকে বায়ুমণ্ডল বোলে। বায়ুমণ্ডলৰ গভীৰতা প্রায় ২০০ মাইল । ধূলি গোটেই বায়ু-মণ্ডলতে আছে। সেই কাৰণে আমি সমুদ্ৰৰ ওপৰত ফুৰিলে, হাবি-বননিত সোমালে বা আকাশত আকাশী জাহাজেৰ উৰিলে ও ধূলি পাওঁ। ধূলি নাকত সোমালে নাক সোপামাৰি ধৰে ; তেতিয়া আমি তাক উলিয়ালেহে তত্, পাওঁ।

 জাৰৰ দিনত সন্ধ্যা হোৱাৰ আগতে গাৱঁৰ চাৰিওফালে কুঁৱলী দিয়ে ; ইয়াৰ কাৰণো ধূলিহে। বায়ুত জলীয়ভাগ থাকে ; বায়ু চেঁচা হলে তাত থকা জলীয় ভাপ একোটা ধূলিকণাক আশ্রয় কৰি পানীকণা হয় ; এইদৰে বহুত পানী-কণা কোনো ঠাইত থাকিলে আমি তাক কুঁৱলী বোলোঁ। মেঘো কুঁৱলীৰ দৰে ; পৃথিবীৰ ওচৰত থাকিলে কুঁৱলী, আৰু ওপৰত থাকিলে মেঘ বোলোঁ মাত্ৰ ৷ বায়ুত ধূলি নথকা হলে জলীয় ভাগ চেঁচা হৈ পানীকণা হব নোৱাৰিলেহেঁতেন ; আৰু আমি কুঁৱলী বা মেঘ নেদেখিলোঁহেতেন, পৃথিবীত বৰষুণো নহলহেঁতেন ।

 আমি আকাশ নীলা দেখোঁ, তাৰ কাৰণো ধূলি ৷ পৃথিবীৰ বায়ুমণ্ডলৰ ওপৰত একো নাই, অনন্ত শূন্য। বায়ুৰ বৰণ নাই ; এনে অৱস্থাত আমি অসীম আকাশ ক’লাহে দেখিব লাগিছিল ; সাগৰ অপাৰ পানীৰ ভঁড়াল, সাগৰ নীলা দেখি। বায়ুমণ্ডলো বহল, সি ধূলি আৰু জলীয় ভাপেৰে ভৰা । আমি ওপৰলৈ চালে আমাৰ দৃষ্টি বায়ুমণ্ডলৰ মাজেদি যায়, এই কাৰণেই আমি আকাশ নীলা দেখোঁ।

 বায়ুত থকা ধূলিবোৰৰ কিছুমান সজীৱ কীটাণু ; এইবোৰৰ শক্তিও কম নহয়। ইহঁতে কেতিয়াবা প্ৰাণীৰ শৰীৰত প্ৰবেশ কৰি পীড়৷ জন্মায়। এই কীটাণুবোৰ ইমান সৰু, যে তাক অণুবীক্ষণ যন্ত্ৰৰেহে দেখা পায় ! ই জন্তুৰ শৰীৰত সোমাই বাঢ়িবলৈ সুবিধা পালে অতি কম সময়ৰ ভিতৰতে ইয়াৰ সংখ্যা বৰ বেচি হৈ উঠে ; আৰু তেতিয়া ইহঁতে জীৱৰ শৰীৰৰ তেজ, মাংস, মজ্জা খাবলৈ ধৰে; এই সময়তেই প্রাণীৰ শৰীৰত ব্যাধিৰ উৎপত্তি হয়। এই কীটাণুবোৰ বিভিন্ন জাতীয় ; ইহঁতৰ কিছুমানে হাইজা, কিছুমানে বসন্ত, কিছুমানে জৰ-কাহ আদি বেমাৰৰ সৃষ্টি কৰে । ধূলিৰ স্বৰূপ এই জীৱাণু পানীতো থাকে। দেখাত পানী যিমানেই পৰিষ্কাৰ নহওক, তাত জীৱাণু থাকিব পাৰে ৷ পানী ভালকৈ উতলালে এই জীৱাণু মৰে ৷

 জন্তু মৰিলে তাৰ শৰীৰ পচিবলৈ ধৰে। শৰীৰ পচাৰ কাৰণো এই ধূলিৰ স্বৰূপ জীৱাণু । জীৱ-নথক৷ দেহ পালে কীটাণুবোৰ তাত সোমাবলৈ বিশেষ সুবিধা পায়; আৰু অতি অলপ সময়ৰ ভিতৰতে ইহঁতৰ সংখ্যা বাঢ়ি উঠে। তাৰ পাচত জীৱহীন দেহ লাহে লাহে ক্ষীণাই যায়, বিকৃত হয় আৰু তাৰপৰা নানা বিধ বাষ্প উৎপন্ন হৈ বায়ুৰ লগত মিহলি হয়।

 তাল, খেজুৰ আদিৰ ৰসৰপৰা মদ তৈয়াৰ হয়। তাল বা খেজুৰৰ ৰস কিছুপৰ ৰ'দত দিলে ফেন উঠে আৰু তাত মাদকতা- গুণ জন্মে । তাল-খেজুৰ আদি ৰসত চেনি থাকে ; বায়ুত থকা সজীৱ ধূলিকণা তাত পৰি সেই চেনি খাবলৈ ধৰে; লগে লগে সিহঁতৰ সংখ্যা বাঢ়িবলৈ ধৰে। এই সময়ত দহ-পোন্ধৰ মিনিটৰ ভিতৰতে সিহঁতৰ সংখ্যা লাখ লাখ অর্ব্বুদ অর্ব্বুদ হয় । সিহঁতে চেনিৰ কিছু অংশ খাই পেলায়; আৰু বাকী যি থাকে সেয়ে মদ হয়। এৱাঁ-গাখীৰ দৈ হোৱাৰ কাৰণো এই জীৱাণু ।

 চাকি জ্বলালে জুইৰ আগটো হালধীয়া দেখোঁ ; ইয়াৰ কাৰণো বায়ুত থকা ধূলি । জুইত লোণ দিলে জুইৰ আগ আগতকৈ বেচি হালধীয়া হয়। বায়ুত ধূলি কণা আছে, তাৰ বহুততো লোণৰ কণা থাকে চাকি জ্বলালে বা জুই ধৰিলে এই লোণৰ কণা পোৰা যায়। সেই কাৰণেই আমি জুইৰ আগ অলপ হালধীয়া দেখোঁ। অতি সামান্য ধূলিৰপৰা জগতৰ কিমান কাম সাধন হৈছে, ভাবি চোৱাঁ। ভগবানৰ সৃষ্টিকৌশল ভাবিলে আচৰিত হব লাগে।



মহৰম।

 হজৰত মহম্মদ স্বৰ্গী হোৱাৰ পাচত তেওঁৰ জোঁৱায়েক আলি মদিনাৰ খলিফা অৰ্থাৎ ধৰ্ম্মগুৰু হয়। সেই কালত তাত ধৰ্ম্মগুৰুৱেই দেশৰ ৰজা হৈছিল। আলি মদিনাৰ ধৰ্ম্মগুৰু আৰু ৰজা হয়। আলিক সেই কালৰ মদিনা অঞ্চলৰ মানুহবিলাকে বৰ ভক্তি কৰিছিল।

 আলিৰ হাচেন আৰু হোচেন নামে দুটি পুত্ৰ আছিল। আলি স্বৰ্গী হোৱাত হাচেন খলিফা হয়। হোচেন ককায়েকৰ লগত থাকি,মদিনা ৰক্ষা কামত নিযুক্ত থাকে।

 মদিনাৰ ভালেখিনি উত্তৰত দামস্কনগৰ। এই নগৰত এজন প্ৰতাপৱন্ত মুছলমান ৰজাই ৰাজত্ব কৰিছিল। এইজনা ৰজাই মদিনাৰ খলিফাক মানি চলিছিল; কিন্তু তেওঁ মৰাৰ পাচত পুতেক এজিদ সিংহাসনত বহিয়েই নিজক মুছলমান সমাজৰ খলিফা বুলি প্ৰচাৰ কৰে। এজিদে মদিনালৈ দূত পঠাই মদিনাৰে৷ খাজনা সাধে, আৰু তেওঁক খলিফা স্বীকাৰ কৰিবলৈ আদেশ কৰে।

 এজিদৰ উদ্ভণ্ডালি দেখি মদিনাবাসীৰ বৰ খং উঠিল ; আৰু তেওঁৰ দূতক অপমান কৰি ফিৰাই পঠালে। এজিদে আগৰেপৰা যুদ্ধৰ যোগাৰ কৰি ৰাখিছিল ; দূত ফিৰি গৈ পোৱাত মদিনা আক্ৰমণ কৰিবলৈ তেওঁ সৈন্য পঠাই দিলে । যুদ্ধ আৰম্ভ হল । মদিনা-বাসীয়ে হাচেনৰ সৈতে লগ লাগি এজিদৰ সৈন্যক বাধা দিলে ; আৰু তাৰ ফলত ৰণলৈ অহা এজিদৰ প্ৰায় সমস্ত সৈন্য মদিনাবাসীৰ হাতত মৰা পৰিল।

 এজিদে হাচেনক ৰণত জয় কৰিব নোৱাৰি চক্ৰান্ত কৰি তেওঁক বধিবলৈ চিন্তা কৰিলে। এজিদৰ মন্ত্ৰীজন বৰ বেয়া স্বভাৱৰ মানুহ আছিল । তেওঁ দামস্কৰপৰা আহি মদিনাত ছদ্মবেশে থাকিবলৈ ধৰিলে ; মন্ত্রী মদিনাত অলপ দিন থাকিয়েই ধন দি এজনী বুঢ়ীক নিজৰ ফলীয়া কৰিলে। বুঢ়ীৰ কৌশলত হাচেনৰ এজনী ঘৈণীয়েকে হাচেনক বিষ খুৱালে ; তাৰ ফলতেই হাচেনৰ মৃত্যু হল ।

 হাচেন মৰাৰ পাচত মদিনাবাসীয়ে হোচেনক খলিফা পদত বৰণ কৰে, আৰু আগৰদৰে নিজৰ দেশ ৰক্ষা কৰাত মনোযোগ দিয়ে। এজিদে মদিনাৰ বন্দোৱস্তৰ সংবাদ পাই হোচেনকো গুপ্তভাৱে হত্যা কৰিবলৈ ঠিক কৰিলে। এজিদৰ নিযুক্ত লোক মদিনা পালেহি আৰু ছদ্মবেশে নগৰত বাস কৰিবলৈ ধৰিলে ।

 হাচেন মৰাৰ পাচৰপৰা হোচেনৰ অন্তৰত বৈৰাগ্য ভাব জন্মে। তেওঁ ভতিজাক কাচেমক মদিনা ৰক্ষা কৰিবলৈ দিলে; আৰু তেওঁ নিজে ভক্তসকলৰ সৈতে হজৰত মহম্মদৰ সমাধিমন্দিৰত উপাসনা কৰি কাল কটাবলৈ ধৰিলে। এজিদ নিযুক্ত গুপ্তঘাতক কেইজনো সমাধিমন্দিৰলৈ অহা-যোৱা কৰিবলৈ ধৰিলে। এই মানুহ কেইজনে হোচেনক সমাধি-মন্দিৰত মাৰিম বুলি সদায় ঠিক কৰি যায়, কিন্তু সেইখিনি পালে সিহঁতৰ অন্তৰৰ সেই ভাব লোপ হৈ যায়। এইদৰে কেইদিনমান অহা-যোৱা কৰাৰ পাচত সিহঁতে ভাবিলে, হোচেনক অন্য ঠাইত মাৰিব নোৱাৰিলে সমাধি মন্দিৰত মৰা সম্ভৱ নহয়; সেইদেখি সিহঁতৰ ভিতৰৰ এজনে হোচেনক এদিন বন্ধুভাৱে কলে, “এজিদৰ নিযুক্ত কেইজনমান মানুহ ইয়াত ছদ্মবেশে ফুৰিছে, আপুনি এইদৰে মুকলি ঠাইত ওলাই ফুৰা ভাল হোৱা নাই যেন লাগে।” তাকে শুনি হোচেনে কলে, “এই ঠায়েই মোৰ শৰীৰৰ ৰক্ষা কৱচ, ইয়াত মোৰ মৃত্যুভয় নাই। মাতামহে কৈ গৈছে মোৰ মৃত্যু কাৰবালাতহে হব।” এজিদৰ নিযুক্ত মানুহ কেইজন পাচদিনাখনেই স্বদেশলৈ ঘূৰি গল। এজিদে ইহঁতৰপৰা হোচেনৰ মৃত্যু হোৱা ঠাইৰ সংবাদ পাই নতুন ফন্দি কৰিলে।

 কুফা এজিদৰ এখন তলতীয়া ৰাজ্য। কুফাৰ ৰজা হোচেনৰ প্ৰিয়পাত্ৰ। এজিদে মন্ত্ৰীৰ লগত পৰামৰ্শ কৰি কুফাৰ ৰজাৰ হতুৱাই হোচেনক নিমন্ত্ৰণ কৰালে। কুফাৰ ৰজাই হোচেনক এইদৰে মাতি পঠালে, যে তেওঁ ফকীৰ হৈ ওলাই যায়, খলিফাই যেন ৰাজ্যখন গ্ৰহণ কৰে। হোচেনৰ সঙ্গৰ মানুহবিলাকে পোনতে এই কথা বিশ্বাস কৰা নাছিল ; সেইকাৰণে হোচেনে কথাটোৰ বুজ লবলৈ বুলি এজন সেনাপতি পঠাই দিলে। সেনাপতি গৈ কুফাৰাজ্য পালে ; কুফাৰ ৰজাৰ ব্যৱহাৰ দেখি সেনাপতি সন্তুষ্ট হল, আৰু বিশেষ আশঙ্কা কৰিব নোৱাৰি বুলি হোচেনলৈ সম্বাদ দিলে ।

 হোচেন সপৰিবাৰে বহুত সৈন্য-সামন্ত লগত লৈ কুফালৈ যাত্ৰা কৰিলে। কেইদিনমান যোৱাৰ পাচত তেওঁলোকৰ পথ ভুল হল ; তেওঁলোক গৈ কাৰবালা পালে। হোচেনৰ “দুলদুল” নামে এটা ঘোঁৰা আছিল । হজৰত মহম্মদে কৈছিল, হোচেনৰ দুলদুলৰ ভৰি য'ত সোমাব সেয়ে কাৰবালা, আৰু তাতেই হোচেনৰ মৃত্যু হব । হোচেন গৈ থাকোঁতে তেওঁৰ দুলদুলৰ ভৰি মাটিত সোমাই গল । তেতিয়া তেওঁৰ মাতামহৰ বাণীলৈ মনত পৰিল। তেওঁ ততালিকে ঘোঁৰাৰপৰা নামিল; আৰু তাতেই ছাউনী কৰি মৃত্যুলৈ অপেক্ষা কৰিলে।

 সেইবোৰ ঠাই মৰু প্ৰধান ; তাত পানী পোৱা বৰ টান ৷ তেওঁলোকে তম্বু তৰি চাৰিওফালে পানী বিচাৰিলে ৷ অলপ আঁতৰত এখন নৈ আছিল ; নৈৰ ওচৰলৈ যায়, যে এজিদৰ সৈন্যে নৈখন পহৰা দিছে, নৈৰ পানী কাকো চুবলৈ নিদিয়ে ৷ পিয়াহত মানুহৰ ওঠ শুকাল, জিভাও শুকাবলৈ ধৰিলে। হোচেনৰ লৰা এটিৰ পিয়াহত ডিঙি শুকাই মাত নোলোৱা হল ; তেওঁ নিৰুপায়ত পৰি নিজেই লৰাটি কোলাত লৈ পানী বিচাৰি গল ৷ তেওঁ গৈ লৰাটি দেখুৱাই পানী খুজিলে, শত্ৰুৱে কিন্তু লৰাটিলৈ কাঁড়-এপাত মাৰি তাৰ সমিধান দিলে। তেতিয়া তেওঁলোকে যুজ কৰি পানী অধিকাৰ কৰাকে স্থিৰ কৰিলে। মদিনাৰ বীৰসকল ৰণত নামিল; কাচেমেও গৈ ৰণ কৰিলে, কিন্তু শত্ৰুৰ আক্ৰমণত তেওঁলোকৰ সৰহখিনি মৰা পৰিল ৷ তেতিয়া হোচেনে মৃত্যু নিশ্চয় জানি দুলদুলত উঠি ৰণযাত্ৰা কৰিলে; আৰু অলপ সময়ৰ ভিতৰতে শত্ৰুক পৰাস্ত কৰি নৈখন অধিকাৰ কৰিলে ।


 হোচেন ঘোঁৰাৰপৰা নামি পানী খাওঁ বুলি নৈত নামিল । তেওঁ দুই হাতেৰে আজলি মাৰি পানী তুলি মুখৰ ওচৰলৈ নিলে ; এনেতে তেওঁৰ লৰাটিলৈ মনত পৰিল, মদিনাৰ মৃত বীৰসকললৈ মনত পৰিল আৰু তেওঁৰ ভতিজাক কাচেমলৈ মনত পৰিল ; তেওঁ হাতৰ পানী পেলাই দিলে আৰু নৈৰপৰা উঠিল ৷ হোচেনে হাতৰ অস্ত্র, মূৰৰ পাগ দলিয়াই পেলালে, শৰীৰৰ কৱচ সোলোকাই পেলাই দিলে । তেওঁ আকাশলৈ দুবাৰমান চালে, আৰু কেই খোজমান আগ বাঢ়ি গল ; এনেতে লুকাই থকা শত্ৰুৱে তেওঁৰ খালী গাত পাচ ফালৰ পৰা এপাত কাঁড় মাৰিলে ৷ কাঁড়ত বিষ সনা আছিল ; হোচেন পৰি গল । তেওঁ ঈশ্বৰৰ নাম একান্ত মনে লবলৈ ধৰিলে। এনেতে সেই নিষ্ঠুৰ শত্ৰু আহি তেওঁৰ বুকত বহিল, আৰু সেই অৱস্থাতে পাষণ্ডে হোচেনৰ শিৰশ্ছেদ কৰিলে। এই ৰণত হোচেনৰ এটি পুত্ৰ আৰু তেওঁৰ পত্নী জীয়াই আছিল। তেওঁলোকক শত্ৰুৱে বন্দী কৰি নি এজিদৰ কাৰাগাৰত ৰাখিলে ।

 এই প্ৰখ্যাত ঘটনাটো মহৰম মাহত ঘটিছিল; সেই কাৰণে এই ঘটনাটোৰ নাম মহৰম হয় । মহৰম মাহৰ যিদিনা ঘটনাটো ঘটিছিল, সেই দিনটো আমাৰ মুছলমানসকলে পৰ্ব্ব হিচাবে পালন কৰে। ই এটা শোকৰ স্মৃতি-চিন। চিয়া সম্প্ৰদায়ৰ মুছলমান ভাতৃসকলে সেই দিনাখন তাজিয়া সাজি “হায় হাচেন-হোচেন” বুলি বেজাৰ কৰে।



পৰিশ্ৰমৰ মৰ্য্যাদা ৷

নিয়াৰিৰ সমীপত কৰ্ম্মকাৰ ৰই,
তপ্তোজ্জ্বল লো পিটে, ঠেলে দাৰিদ্ৰ্যক,
যদিও বা কামকৰা হাত লৌহময়,
তথাপি সি শব্দবোৰ গৌৰৱজনক ।
হওক তাঁতত, নতু শস্যৰ ক্ষেত্ৰত,
বণিয়া-দোকান কিম্বা ফুলনিবাৰীত,
চলায় শকতি নৰে জ্ঞানীভাৱে য’ত,
পৰিশ্ৰম-নাম-গুণ দেখা পাবা ত’ত


(২)

বুদ্ধি খটুৱাই যিটে কৰে নিতে কাম,
ভাবে দিব উচ্চ পথ জীৱন-যাপন
লিখে যাতে পাৰে আনে লভিব সুনাম,
সত্য কয় পায় যাতে নৱ ৰস-জ্ঞান,
আৰু যেয়ে মনোবল প্ৰতিপন্ন কৰি
জন্মভূমি সুখ-হকে এৰে বিষয়ক,
পাৰে তেৱোঁ পাব মাথো শ্ৰম-পুত্ৰশাৰী
তেওঁৰেহে দাবী তাত গৌৰৱজনক ।

(৩)

যি জনে নকৰি শ্ৰম সুখত কটায়
এলেহুৱা ভাৱে নিয়ে অমূল্য জীৱন,
আত্মতুষ্ট লক্ষ্য যাৰ নুগুচে সদায়,
অহঙ্কাৰে পূৰ্ণ হৈ বিচাৰে সুনাম ;
নুবুলিবা তাক তুমি মানুহ বিশেষ ;
ইহেন জীৱন হায় অতি বিড়ম্বনা,
অসাৰ জীৱন তাৰ হব যেবে শেষ,
মিছা-নাম-গুণে দোষ কৰিব সূচনা ৷

(8)

যত্নে আনে বঁটা আৰু জিৰণিৰ সুখ
শিকায় শিক্ষিত কৰে অদৃশ্য শকতি

তেৱেঁই টেঙৰ লোক, নাই একো দুখ,
জীৱনৰ প্ৰতিদিন কাৰ্য্যে যাৰ ৰতি ;
শক্তিৰ অতীত কাম নকৰি সিজন,
নকৰি যতন আৰু ইচ্ছ। বিপৰীতে,
আপোন কৰ্ত্তব্য সাধি স্মৰি নিৰঞ্জন,
সদায় আনন্দে থাকি হাঁহিমুখে মাতে।

(৫)

সকলো আমাৰ দেখা কেনে হিতকাৰী,
স্ৰজোঁত৷ যিজন তেৱোঁ কৰ্ম্মত ব্যাপৃত,
খেতিয়কে পথাৰত খেতি যত্ন কৰি
আমাৰে সুখৰ হকে বাগৰে ধূলিত ;
সাধিছে জগত-হিত পৰিশ্ৰমী সবে,
লাজ দিয়া, লাজ কৰা, নহয় উচিত,
অনুগ্ৰহ কৰি যদি লাজ দিয়ে কেৱে
জানিবা নিশ্চয় হ’ল গৌৰৱ বৰ্দ্ধিত ।



উল্কা বা পপীয়া তৰা

 ৰাতি আকাশৰ ফালে অলপ পৰ চাই থাকিলে তৰা খহি পৰা দেখোঁ ; কোনোটো তৰা এঠাইৰপৰা অন্য ঠাইলৈ লৰি যায়, কোনোটো বা পৃথিবীৰ ফাললৈ আহে। এইবোৰক আমি পপীয়া তৰা বোলোঁ; কিন্তু আচলতে এইবোৰ তৰা নহয়।

 তৰাবোৰ পৃথিবীৰপৰা লাখ লাখ কোটি কোটি মাইল দূৰত আছে ; আৰু সেইবোৰৰ বেচি ভাগেই সূৰ্যতকৈ বহুত গুণে ডাঙৰ ; ভেনে তৰা এটা পৃথিবীত পৰিলে পৃথিবীৰ অস্তিত্ব নাথাকে ৷

 পপীয়া-তৰাবোৰ আচল তৰা নহলেও, ইহঁতো আকাশত ফুৰা বস্তু ; সাধুভাষাত ইয়াক উল্কা বোলে। পৃথিবীত উল্কাপাত সদায় হৈয়েই আছে ; দিনতো উল্কা পৰে, কিন্তু সূৰ্য্যৰ চোকা ৰ'দৰ কাৰণে সেইবোৰ আমাৰ চকুত নপৰে। ৰাতি আকাশ নিৰ্ম্মল থাকিলে অলপ সময়ৰ ভিতৰতে দুই চাৰিটা উল্কা পৰা দেখা যায় ; দূৰবীক্ষণ-যন্ত্ৰৰে চালে বহুত উল্কা পৰা চকুত পৰে। আমেৰিকাৰ এজন পণ্ডিতে গণনা কৰি কৈছে, যে নিতৌ কম পক্ষেও পঁয়সত্তৰ লাখ উল্কা আকাশৰপৰা পৃথিবীত পৰে।

 বহুতে নিজৰ চকুৰ আগতে উল্কা পৰা দেখিছে। উল্কাবোৰৰ আকাৰ সৰু টুকুৰা শিলৰ দৰে। এইবোৰৰ বৰণ কলা। কলিকতাৰ মিউজিয়মত বহুত উল্কা সংগ্ৰহ কৰি ৰাখিছে। উল্কাবোৰত লোৰ ভাগ বেচি; কোনোটোত শতকৰা ৯০।৯৫ ভাগ কেৱল লো থাকে।

 কথিত আছে, মোগল সম্ৰাট জাহাঙ্গীৰ বাদচাহে এখণ্ড উল্কাৰ লোৰে এখন তৰোৱাল গঢ়ি লৈছিল। এইটো উল্কা হেনো জলন্ধৰৰ ওচৰত পৰিছিল। পাৰস্যৰ চাহৰ আৰু তিব্বত বৌদ্ধ-গুৰু লামাৰ তৰোৱালো হেনো উল্কাৰ লোৰে তৈয়াৰী।

 উল্কাপাতৰ সময়ত কেতিয়াবা কেতিয়াবা বৰতোপৰ ধ্বনিৰ দৰে ভয়ানক শব্দ হয়, আৰু পৰা উল্কাটোৰ জ্যোতিত আকাশ পোহৰ হৈ উঠে। কোনো কোনো সময়ত একোটা উল্কা একুৰা জুইৰ দৰে আকাশত প্ৰৱল বেগে গতি কৰে। এই নিচিনা এটা উল্কা ১৭৮৩ খৃষ্টাব্দত ইউৰোপৰ চেট্‌লণ্ড দ্বীপৰ ওপৰৰপৰা ৰোমলৈ গৈছিল; ইয়াৰ গতি বোলে প্ৰতি চেকেণ্ডত ত্ৰিশ মাইল আছিল। ১৮৫০ খৃষ্টাব্দত বঙ্গদেশৰ বিষ্ণুপুৰৰ ওচৰত এটা উল্কা পৰিছিল; এই উল্কাপাততে৷ ভয়ঙ্কৰ শব্দ হৈছিল, ইয়াক নি কলিকতাৰ “এচিয়াটিক চোচাইটিৰ” ঘৰত ৰাখিছে। ১৮৭৬ খৃষ্টাব্দত ইংলণ্ডৰ স্ৰপ্চায়াৰত এটা প্ৰকাণ্ড উল্কা পৰিছিল; এই উল্কাটো একেবাৰে লোৰ নিচিনা ৷ ই পৃথিবীত পৰাত এনে ভীষণ শব্দ হৈছিল, যে ৭৷৮ মাইল দূৰৰ মানুহো ভয়ত অস্থিৰ হৈ পৰিছিল। এই উল্কাটো পৰাৰ পাচতে চায়, যে মাটিৰ এহাত তলত এডোখৰ লো পৰি আছে আৰু সি তেতিয়াও অত্যন্ত তপত | ১৮৬০ খৃষ্টাব্দত আমেৰিকাৰ ওহিও প্ৰদেশত এটা উল্কা পৰিছিল, তাৰ ওজন প্রায় আঠ মোন।

 আমাৰ পৃথিবীৰ চাৰিওফালে বায়ুমণ্ডলে আগুৰি আছে ৷ উল্কাবোৰ পৃথিবীত পৰোঁতে, এই বায়ুমণ্ডল ভেদ কৰি আহিব লাগে। আমি লৰিলে বায়ুৰ বাধা পাওঁ । ঘোঁৰা মেলালে, মটৰ দৌৰালে, ৰেলগাড়ী চলালে বায়ুৱে বাধা দিয়ে। গতি যিমান বেচি হয়, বায়ুৰ প্ৰতিৰোধ কৰা শক্তিও সিমান প্ৰৱল হয় । পানীত বন্দুক বা বৰতোপৰ গুলী বেচি দূৰ যাব নোৱাৰে ; পানীয়ে গুলী বাধা দিয়াৰ দৰে উল্কাকো বায়ুৱে বাধা দিয়ে ৷

 ঘৰ্ষণত তাপ জন্মে ৷ উল্কাবোৰ পৃথিবীলৈ আহি থাকোঁতে বায়ুত ঘঁহনি খায় আৰু তাতেই সি উত্তপ্ত হয়। বেচি ভাগ উল্কা মিনিটত প্রায় এক হাজাৰ আঠ-শ মাইল গতিৰে পৃথিবীৰ বায়ু-মণ্ডল ভেদ কৰি আহে ; সেই কাৰণে অতি অলপ সময়ৰ ভিতৰতে উল্কাবোৰ জ্বলি ৰঙা হৈ উঠে, আৰু পাচত উত্তাপৰ মাত্ৰা আৰু বৃদ্ধি হলে উল্কাবোৰে বগা বৰণ ধৰে; তেতিয়া ই জ্বলন্ত বাষ্পত পৰিণত হয়। উল্কাবোৰ এইদৰে বায়ুত ঘঁহনি খাইয়েই সি বাষ্পত পৰিণত হয় আৰু শেষত ধূলিকণাৰ দৰে পৃথিবীৰ ওপৰত পৰে। বায়ুৰ এই দুর্ভেদ্য কবচ নথকাহলে অকল উল্কাপাততেই পৃথিবীৰ অসংখ্য প্রাণী মৰিলহেঁতেন। হিচাব কৰি পোৱা হৈছে, আমি প্রায় ৭০ মাইল ওপৰতেই উল্কাবোৰ পোনতে দেখা পাওঁ, আৰু ৫০ মাইল ওপৰতে বেচি ভাগ উল্কা বাষ্পত পৰিণত হৈ অদৃশ্য হয়। চাইবেৰিয়াৰ জনহীন প্ৰদেশত আৰু সমুদ্ৰৰ ওপৰত ধূলিৰ নিচিনা উল্কাকণিকা পোৱা গৈছে। যিবোৰ উল্কা ডাঙৰ, সেইবোৰহে বায়ুস্তৰ ভেদ কৰি পৃথিবীৰ ওপৰত পৰে ।

 পৃথিবী আদি গ্রহবোৰে যিদৰে সূৰ্য্যক প্ৰদক্ষিণ কৰে, অসংখ্য উল্কাবোৰেও নিৰ্দ্দিষ্ট পথত থাকি সূৰ্য্যৰ চাৰিওফালে সেইদৰে ঘূৰে । পৃথিবীৰ কক্ষে উল্কাৰ পথ কাৰ্টি গৈছে আৰু তাৰ ফলত পৃথিবীয়ে সূৰ্য্যক প্রদক্ষিণ কৰোঁতে বহুত উল্কাৰ মাজেদি কিছু ঠাই যাব লাগে। পৃথিবীয়ে এই উল্কাৰ পথ অতিক্ৰম কৰোঁতে বহুত উল্কা আকৰ্ষিত হৈ পৃথিবীত পৰে। পৃথিবীয়ে প্ৰতি বছৰে আঘোণ মাহত এটা ডাঙৰ উল্কাৰ পথ পাৰ হব লাগে, সেই কাৰণে এই মাহত আমি বেচি উল্কা পৰা দেখোঁ।

 আৰু এটা ডাঙৰ উল্কাদল আছে, এই দলটো প্ৰতি বছৰে আগষ্ট মাহত পৃথিবীৰ ওচৰ চাপে, সেই কাৰণে এই সময়তো বেচি পপীয়া তৰা আমাৰ চকুত পৰে। আন এটা ডাঙৰ উল্কাদল আছে, সি তেত্রিশ বছৰত সূৰ্য্যক এবাৰ প্ৰদক্ষিণ কৰে ৷ পৃথিবী আৰু এই উল্কাদল উভয়ে সূৰ্য্যক প্রদক্ষিণ কৰোঁতে যেতিয়া পৃথিবী উল্কাদলৰ কাষ পায়, তেতিয়া অসংখ্য উল্কাবৃষ্টি হয় ৷ বহুত উল্কা পৰাকেই কবিসকলে কাব্যত পুষ্পবৃষ্টি, অগ্নিবৃষ্টি আদি যোজনা দিয়ে । ১৮৩০ খৃষ্টাব্দৰ ১১ নবেম্বৰত আমেৰিকাত ভয়ানক উল্কাবৃষ্টি হৈছিল ; এই উল্কাবৃষ্টি নিশা ৯টাৰপৰা পাচদিনা ৰাতি পুৱালৈ হৈছিল । ১৮৬৬ আৰু ১৮৯৯ খৃষ্টাব্দৰ নবেম্বৰ মাহতো উল্কাবৃষ্টি হৈছিল।


নিয়মীয়া ভগন।

 আৰ্জ্জিত ধন পৰিমিত ব্যয়েৰে সাৰ্থক কৰিব নোৱাৰিলে, মানুহে যিমানে হাড়-ভঙা দুখ কৰি যিমানে অর্থ লাভ কৰক, মৃত্যুৰ সময়ত পৰিয়াললৈ কিছুমান ধাৰৰ বাহিৰে একো এৰি যাব নোৱাৰে ; তদুপৰি তেনে লোকৰ সময়ত “দিন-ভিক্ষা প্রাণ ৰক্ষা”ও হয় গৈ। ধন ঘটা সহজ কিন্তু সঁচা টান । সংসাৰত প্ৰায় সকলো মানুহে ধন আর্জ্জে, ধনী হয় মাথোন দুই চাৰিজন। কিছুমানে ভাবে, সৰহীয়া আৰ্জ্জনৰ লোকমাত্রে ধনৱন্ত ; কিন্তু, কিছুমানলৈ চালে সেইটো স্বতঃসিদ্ধ বুলি ধৰিব নোৱাৰি ; কিয়নো বেচি উপার্জ্জন থকা লোকো মৰিবৰ সময়ত ধাৰৰ বোজা মূৰত লৈ মৰে আৰু অলপীয়া আৰ্জ্জনৰ লোকো বৰ আঢ্যৱন্ত হৈ উঠে। এতেকে আৰ্জ্জনৰ বেচ-কম অনুসৰি মানুহ চহকী-দুখীয়া নহয়, ধনৰ ব্যৱহাৰেহে লোকক ধনী বা টোকোনা কৰে ।

 জ্ঞানীসকলে উপাৰ্জ্জনৰ তিনি ভাগৰ এভাগ নিজৰ খৰচত ব্যয় কৰে, এভাগ ভবিষ্যত দুখ-বিপদলৈ সাঁচে আৰু আন ভাগ সমাজৰ আৰু দেশৰ উপকাৰত দান কৰে। কিছুমানক কেতিয়াব৷ একোটা ভাল কামত হাতৰ মুঠি উদং কৰিও খৰচ কৰা দেখা যায়; কিন্তু সুখৰ বিষয়, তেওঁলোকে আন ফালে খৰচ কমাই খালী হাত পূৰ কৰে। এই সকলে চিৰজীৱন কাৰো ওচৰত হাত নাপাতি নিজৰ, পৰিয়ালৰ, সমাজৰ আৰু দেশৰ অশেষ উপকাৰ সাধি আনন্দ মনেৰে সংসাৰৰপৰা বিদায় লয়। জ্ঞানীসকলে কয়, সংসাৰত ধনী-নাম লব খুজিলে উপাৰ্জ্জনৰ আধা খৰচ কৰিব লাগে। সংসাৰত এক শ্ৰেণীৰ লোক আছে, সিবিলাকে আৰ্জ্জিব জানে কিন্তু খৰচ কৰিব নোৱাৰে। সিবিলাকে পিন্ধা-উৰাক ধুন-পেচ, ভাল বস্তু খোৱাক খঁক, আৰু দান-দক্ষিণ৷ দিয়াক ধনৰ অপব্যয় বোলে। এই কৃপণহঁতে ধনক নিজৰ লৰা-ছোৱালীতকৈও মূল্যবান বুলি ভাবে আৰু ধনকে চাই সুখ পায়। এইদৰে এই শ্ৰেণীৰ লোকে ধন থকাতো ধনৰ ব্যৱহাৰ নকৰি ধনী নাম লৈ অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। ইয়াক ধনৰ সজ ব্যৱহাৰ বুলিব নোৱাৰি।

 সংসাৰত আৰু কিছুমান লোক আছে সিহঁতৰ “অলপ আৰ্জ্জন বিস্তৰ ভোজন”; এইবিলাককে আমাৰ সাধাৰণ কথাত ঢেখাল- টোকা বা ধোঁৱাখুলীয়া মানুহ বোলে। ইহঁতে যিমান আৰ্জ্জন কৰে সিমান খৰচ কৰে; কেতিয়াবা কোনো অভাব হলেও ধাৰ কৰি সেই অভাৱবোৰ পূৰাই লয়। ইহঁতে প্ৰথম অৱস্থাত টকাটোক টকা, সিকিটোক সিকি যেন নাভাবে; কিন্তু যেতিয়া কোনো কাৰণত সিহঁতৰ উপাৰ্জ্জনৰ পথ বন্ধ হয়, তেতিয়া হা টকা, হা পইচা কৰি দিন কটাব লগাত পৰে; তেতিয়া সিহঁতৰ মনত পইচাটো টকাটোৰ দৰে হয়। ধোঁৱাখুলীয়া স্বভাৱে দৰিদ্ৰতা চপাই দিয়ে ৷ দৰিদ্ৰতাৰ সমান দুঃখ নাই; ই মানুহৰ সকলো প্ৰকাৰৰ তেজ হৰণ কৰে। আৰ্জ্জনতকৈ খৰচ চৰোৱা স্বভাৱকেই দৰিদ্ৰৰ লক্ষণ বোলে ; কাৰণ ই খৰচীক ঋণী কৰে। ঋণৰ সমান পাপ নাই ৷ এই পাপে যাক এবেলি পৰশে তাৰ আৰু নিস্তাৰ নাই ৷

 ঋণ এটা ব্যাধিৰ দৰে ; ব্যাধি যেনেকৈ শৰীৰত জন্মি ক্রমাৎ বাঢ়ি যায় আৰু ৰোগীক নানা প্ৰকাৰৰ যন্ত্ৰণা দিয়ে, ঋণেও তেনেকৈ মানুহৰ অৱস্থা ক্ষয় কৰি মান-সম্ভ্রম সকলোকে নাশ কৰি তাৰ হাড়-ছাল নাইকিয়া কৰে। এতেকে ধাৰলৈ ধন বিচৰাটোক বিপদ বিচৰাহে বুলিব লাগে। জ্ঞানীসকলে ধাৰ কৰি এসাজ খোৱাতকৈ লঘোনে থকাটোকেই শ্রেয়ঃ বিবেচনা কৰে ; এনে স্থলত ধুন-পেচৰ বাবে ধৰুৱা হোৱা কিমান লাজৰ কথা তাক বোধকৰোঁ নকলেও হব। ভেকুলী ষাঁড়ৰ সমান হব খোজা আৰু দুখীয়াবিলাকে ধনীক অনুকৰণ কৰা সমান কথা। সকলে৷ লোকে নিজৰ অৱস্থা বুজি চলা যুগুত ; ধাৰ মাৰিবৰ সংস্থান থাকিলেও বৰ অপৰিহাৰ্য্য নহলে ধাৰ কৰা অবিধি । কিছুমানে নিজৰ মন দমাব নোৱাৰি দোকানীৰ ওচৰত উথনা কৰে, তাৰ পাচত সময়- মূৰত টকা পৰিশোধ কৰিব নোৱাৰি দোকানীৰ আগত ওলাবলৈ বা তেওঁক কোনো কথা কবলৈও লাজ কৰা হয়। উথনাৰ ধন উঠি যায়, সি নকমে ৷ ধাৰলৈ বস্তু লবৰ সময়ত ধৰুৱাৰ মনত সময় দীঘল আৰু দিব লগা টকাৰ পৰিমাণ তাকৰ যেন বোধ হয় ; কিন্তু পৰিশোধৰ বেলিকা সময় চুটি আৰু ধাৰৰ পৰিমাণ অধিক যেন লাগে।

 অৱস্থা বৰ স্বচ্ছল হলেও অপব্যয় কৰিব নাপায় । মানুহে ভাবিব পাৰে, বৰ ভাল অৱস্থাত অলপ-অচৰপ অপব্যয় কৰিলেও একো হানি নহয়, কিন্তু এই ভাবক প্ৰশংসা কৰিব নোৱাৰি ৷ মানুহে সদায় বসন্ত কাল ভোগ কৰিবলৈ নাপায়—জাৰ, জহ, বৰষুণৰ নিকাৰো মানুহৰ মাজে সময়ে পাবলৈ আছে। এতেকে পৰাখিনিত বৃদ্ধাৱস্থালৈ আৰু ভবিষ্যৎ অভাবলৈ সাঁচিব লাগে । প্ৰাপ্তি ক্ষণস্থায়ী আৰু অনিশ্চিত হব পাৰে, কিন্তু জীয়াই থকা কালত খৰচ স্থায়ী আৰু নিশ্চিত ।



উমানন্দ ৷

মুকলি পদুম-চকা পাতৰ থোৰত,
উমানন্দ, জয়ধ্বজা প্রাক্-জ্যোতিষৰ—
প্রকাশিছে চোৱাঁ সেই নইৰ গৰ্ভত
দুপিনে দুধাৰি বোৱা ৰূপালী সোঁতৰ।

উটি উহা ঢউবোৰ সোঁতৰ লগত,
শিলত ঠেকেছ৷ খাই কোবেৰে উলটি,
তিৰ-বিৰ কৰি আহি দীঘল হাতেৰে,
লৰমাৰি গুচি যায় সোঁতকে সাৱটি

কপালত বগা ফোঁট গছৰ মেখেলা
মূৰৰ ক্ৰিীটি যাৰ বতাহে কোবায়,
কঁকালৰ কৰধ্বনি শিলৰ ৰেখাৰে,—
বৰ নৈয়ে যাৰ পাৱ সেৱা কৰি যায় ।

একেথিৰে আছা চাই কামাখ্যাৰ পিনে,
দুপিনে দুশাৰী ওখ শিলৰ পৰ্ব্বত,
নাচিছে খোপাত পিন্ধি প্ৰকৃতিৰ ফুল,
সকলোৱে বেঢ়ি যেন তোমাকে মাজত ৷



পৰিশ্ৰম।

 শৰীৰ সবল কৰিবলৈ, মন শান্তিত ৰাখিবলৈ, কু-চিন্তাৰ পৰা মনক আঁতৰত ৰাখিবলৈ আৰু নিজৰ অৱস্থা টনকিয়াল কৰিবলৈ আমাক পৰিশ্ৰম লাগে ; কিয়নো পৰিশ্ৰম সকলো সম্পদৰ জনক, আৰু পৰিশ্ৰমী লোক সেই সম্পদৰ গৰাকী । সংসাৰৰ ধন-সম্পত্তি, বিদ্যা-বুদ্ধি, স্বাস্থ্য-সুখ শ্ৰমৰ তলতীয়া ; অর্থাৎ শ্রমে সিদ্ধি কৰিব নোৱাৰে এনে কাম জগতত বিৰল । শ্ৰম কৰা জীৱৰ স্বাভাৱিক ধৰ্ম্ম ; এই ধৰ্ম্ম পালনত অৱহেলা কৰিলে তাৰ বিষময় ফল জীৱই ভোগ কৰিব লাগে। পৰিশ্ৰমী মানুহে লঘোনৰ কষ্ট ভুগিব নালাগে; তেওঁলোকে ৰাজকৰ, গুৰুকৰ, ধৰুৱাৰ ধাৰ আদিৰ বাবে লটি-ঘটি হব নালাগে । পৰিশ্ৰমে ধৰুৱাৰ ধাৰ মাৰে ; কিন্তু এলাহে বঢ়ায় ৷ এলেহুৱাবিলাকে কিছুমান ভাগ্যধৰে পূৰ্বপুৰুষৰ সঞ্চিত ধন পোৱা নাইবা কোনো বিশেষ দান লাভ কৰাৰ কথা ভাবি- আউতি দীঘলীয়া হুমুনিয়াহ পেলাই সময় কটায় ; পৰিশ্ৰমী লোকে কিন্তু “শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে” জানি সেই সময়ত শ্ৰম কৰি তেনে দহ গুণ সম্পত্তিৰ অধিকাৰী হয় । পৰিশ্ৰমী লোক লক্ষ্মীৰ পুত্ৰ— ঈশ্বৰে পৰিশ্ৰমীকহে সকলো সম্পত্তি দিছে।

 মানুহে নিজ বৃত্তিবোৰ যিমানেই অনুশীলন কৰে, ব্যৱহাৰ কৰি থকা যন্ত্ৰৰ দৰে, সেইবোৰ সিমানেই প্ৰখৰ আৰু সতেজ হয়। বৃত্তিবোৰ 'সতেজ হৈ উঠিলে শ্রমী লোকে শ্ৰম নকৰি থাকিব-নোৱাৰা হয়—তেওঁলোকৰ পক্ষে সি এটা ৰাগীৰ দৰে হৈ উঠে। এই কাৰণেই শ্ৰমীলোকে এলাহ কাক বোলে চিনি- নাপায়, নৈৰাশ কি তাক নাজানে, আৰু কামলৈ ভয় নকৰে ; তেওঁলোকে তেওঁলোকৰ জীৱনৰ প্ৰতিক্ষণ ঈশ্বৰ-দত্ত আপোন বৃত্তিবোৰ কামত নখটাই ৰব নোৱাৰে ৷ এলেহুৱাৰ মনত সংসাৰৰ সকলো কাম কঠিন আৰু তাৰ ফল দুষ্প্রাপ্য; সেই কাৰণে তাৰ দিন বহি থাকোঁতে অতিবাহিত হয় আৰু এই চলতে দুর্ভিক্ষে আহি তাক বেঢ়ি ধৰে। এলাহ, পৰিশ্ৰমৰ প্রধান শত্রু; ইয়াক এৰিব নোৱাৰিলে মানুহে সংসাৰত উদ্‌গতি কৰিব নোৱাৰে। নিজে নিজক মনতে চাকৰ ভাবিলে মানুহ এলেহুৱা হৈ বহি থাকিব নোৱাৰে ৷ সময়ৰ সদ্ব্যৱহাৰ শিকিলে এলাহ ত্যাগ কৰিব পাৰি ; কাৰণ তেওঁলোকে জানে—হেৰোৱা৷ ধন পৰিশ্ৰম কৰি আৰ্জ্জিব পাৰি ; ভগ্ন স্বাস্থ্য দৰব-জাতি খাই পাব পাৰি, পাহৰা কথা পুনঃ আলোচনা কৰি জানিব পাৰি, কিন্তু সময়সোঁত হাজাৰ চেষ্টাতো নোলটে। এই কাৰণে পৰিশ্ৰমী লোক সময়ৰ হিচাবত “বেজাৰ ফুটা মনা” ; তাৰ ফলত তেওঁলোক কোনো সময়তে সৰহীয়৷ কামৰ বেমেজালিত নপৰে ।

 সকলোৰে এটা প্ৰণালী আছে; সুপ্রণালীৰে নকৰিলে সময়ত কষ্ট পোৱা যায়। সুশৃঙ্খলা কাৰ্য্য-সম্পাদনৰ এটা প্ৰধান উপাদান । উধাই-মুধাই কাম কৰাত বহুত সময়ত পৰিশ্ৰমৰ ফল নধৰে : এতেকে বিজ্ঞজনৰ উপদেশ লৈ প্ৰণালীৰে পৰিশ্ৰম কৰিব লাগে ; তেনে কৰিলে পৰিশ্ৰমৰ ফল বেগতে দেখা পায়—শ্ৰমীৰ মনত আনন্দ লাগে আৰু পুনৰ শ্ৰম কৰিবলৈ ইচ্ছা জন্মে। আমাৰ বহুতে কেতিয়াবা কোনো ঠাইলৈ ততালিকে যাব লগা হলে বৰ লৰালৰি লগায়, তাৰ ফলত সময়ে সময়ে তেওঁলোক মাজ-বাটৰ পৰা উলটিব লগাত পৰে ; কাৰণ তেওঁ- লোকৰ আনিবলগা বস্তুটো অনা নহয়, থবলগা বস্তুটো থোৱা নহয়। এইদৰে সকলো কামৰেই 'যিমান লৰালৰি সিমান গহৰি।' তদুপৰি খৰকৈ কাম কৰাৰপৰা বেগতে ভাগৰ লাগে আৰু কেতিয়াব৷ এদিন কাম কৰি দহ দিন পৰি থাকিব লগাত পৰে। এতেকে পৰিশ্ৰম কৰোঁতে খৰতকীয়া নহৈ বা “হুৰমুৰ যাত্ৰা” নকৰি ধীৰ আৰু স্থিৰ হোৱা হে যুগুত ৷ মনোযোগৰ ওপৰত পৰিশ্ৰৰ ফল নিৰ্ভৰ কৰে। সেই কাৰণে শ্ৰম কৰাৰ লগে লগে মানুহ কৰ্ত্তব্য-কামত দৃঢ়, স্থিৰ, সাৱধান, আত্মাৱলম্বী আৰু নিজ-চকুৰে আপোনকামৰ তত্ত্বাৱধান-লোৱা হব লাগে। কাৰণ, ঘনাই লৰালে গছপুলি নিজীয়ে আৰু ডলাৰ বগৰীৰ দৰে ঘূৰিপকি-ফুৰা মানুহে কোনো ব্যৱসায়তে উন্নতি কৰিব নোৱাৰে। খেতি কৰি লাভ কৰিবলৈ আশা কৰি হালোৱাৰ ওপৰত সোপাকে পেলাই দি ঘৰত বহি থকা লোক মূলৰপৰাও বঞ্চিত হয়। কাম কৰিব নজনাৰপৰা মানুহৰ বহুত ক্ষতি হয় সঁচা, কিন্তু অমনোযোগে তাতকৈ সৰহ ক্ষতি কৰে । তদুপৰি কামৰ তত্ত্বাৱধান নোলোৱাটোক এক প্ৰকাৰে তলতীয়া কৰ্ম্মচাৰীক চুৰ কৰিবলৈ শিকোৱাহে বুলিব পাৰি । বহুতো ভদ্রলোকে কৰ্ম্মচাৰীৰ ওপৰত অনুচিত বিশ্বাস কৰি সৰ্ব্বস্বান্ত হোৱাৰ প্ৰমাণ পৃথিবীৰ বুৰঞ্জীত আটকীয়া নহয় ৷ এই কাৰণে নিজৰ বাহিৰে বিশ্বাসী চাকৰ নাই বুলি সকলোৱে ভবা যুগুত । অতি সামান্য ক্ষতিলৈও মানুহে চকু ৰাখিব লাগে। কিয়নো সামান্য বিন্ধা এটাই “জাহাজ ডুবাব পাৰে” ; অগ্নি-কণিকাই মহাবন পুৰি ছাই কৰে, আৰু ৰণৰ ঘোঁৰা এটাৰ ভৰিৰ খুৰাৰ সামান্য গজাল এটাৰ অভাৱত কোনো প্রতাপী জাতিৰ ৰাজলক্ষ্মী চিৰকাললৈ অতল সাগৰত ডুব যাব পাৰে ; কিন্তু দুখৰ বিষয় আমাৰ দেশৰ বহুত লোকে তেনে মানুহক “ক্ষুদ্র মনা” বুলি বিদ্রূপ কৰে ৷

 পৰিশ্ৰম নিয়মীয়া হলে শৰীৰ আৰু মনৰ পক্ষে যেনে হিতকৰ, অনিয়মীয়া হলে সি তেনে অনিষ্টকৰ। শাৰীৰিক পৰিশ্ৰমৰ জোখ চৰিলে শৰীৰ ৰুগীয়া হয়; মানসিক শ্ৰম বেচি হলেও আকৌ অজীৰ্ণ, মূৰ-ফুৰণি আদি নানা ৰোগ জন্মে; এতেকে শাৰীৰিক আৰু মানসিক উভয় শ্ৰমকে নিয়মীয়া ভাৱেহে কৰা উচিত। পৰিশ্ৰমী লোকৰ জিৰণিৰ সময় অলপ নিৰ্দ্ধাৰিত থকা যুগুত; কিন্তু যিসকলে সময়ৰ সজ ব্যৱহাৰ কৰে, সেই সকলেহে এই জিৰণিৰ ভাগ পায়। জিৰণিৰ সময় এনেই কটোৱা সময় নহয়; চতুৰসকলে এই সময়ৰ ভিতৰতেই আৱশ্যকীয় কোনো এটা কাম কৰি লয়। কিয়নো তেওঁলোকে ভালদৰে জানে—শ্ৰমহীন জীৱন কুচিন্তাৰ ভঁড়াল, আৰু ভবিষ্যৎ জীৱনৰ এটা মিনিটতো কোনো নিশ্চয়তা নাই।



টকা।

 টকাৰ ব্যৱহাৰ সভ্যতাৰ চিন। মানুহ যেতিয়া অসভ্য বৰ্বৰ আছিল, তেতিয়া সিহঁতে টকাৰ ব্যৱহাৰ নাজানিছিল। এতিয়াও অসভ্য জাতিবোৰৰ ভিতৰত টকা নাই! পূৰ্ব্বে টকা নথকা দিনত বিনিময়-প্ৰথা চলিত আছিল, অৰ্থাৎ তেতিয়া মানুহে বস্তুৰ সাল-সলনি কৰি জীৱিকাৰ উপযোগী বস্তু গোটাইছিল। যাৰ মাহ আছে কিন্তু চাউল নাই, সি মাহ দি চাউল লৈছিল, যাৰ গাখীৰ আছে কিন্তু গুড় নাই সি গাখীৰ দি গুড় সংগ্ৰহ কৰিছিল। এই অনুক্ৰমে যাৰ যি নাই, সি তাৰ থকা বস্তু সলাই নথকা বস্তু যতাই লৈছিল। আজিকালি যে এই নিয়ম একেবাৰে লোপ হৈছে এনে নহয়; এতিয়াও গাৱঁত লোণ দি ধান, ধান দি মাছ লোৱা দেখা যায়। বিনিময়- প্ৰথা এইদৰে অলপ পৰিমাণে চলি থকাত সমাজৰ বিশেষ হানি নহয়, কিন্তু কেৱল সেই প্ৰথাৰে বেপাৰ চলাব খুজিলে সমাজৰ উন্নতি হব নোৱাৰে। বস্তুৰ সলনি বস্তু লৈ কেৱে ক'তে৷ চহকী হোৱা নাই আৰু হবও নোৱাৰে। বিনিময়- প্ৰথা পূৰ্ব্বৰ নিয়মে চলি থকাহেঁতেন, বৰ্ত্তমান সভ্যতা দেখা নগলহেঁতেন, আৰু সেই সভ্যতাৰ মহৎ মহৎ কাৰ্য্যবোৰে৷ সম্পাদিত নহলহেঁতেন। তেনে ধন সৰহকৈ সঞ্চয় কৰিবও নোৱাৰি, কাৰণ তাক থবলৈ ঠাই পোৱা টান।

 মানুহে যেতিয়া সভ্যতাৰ পোহৰ পালে আৰু বেহা বেপাৰৰ মোল বুজিলে, তেতিয়া টকাৰ উৎপত্তি হল। বেপাৰ অৱশ্যে আগৰপৰাই চলি আছিল, কিয়নো বেপাৰ নহলে অসভ্য মানুহৰ সমাজো চলা টান। কোনো মানুহে নিজক লগা আটাইবোৰ বস্তু নিজ হাতে আৰ্জ্জি লব নোৱাৰে। দুবিধ যদি নিজে কৰে, দুবিধ লোকৰপৰা নানিলে নহয়। এই হেতুকেই মনুষ্য-সমাজত বেপাৰৰ উৎপত্তি হয়। বেপাৰ সঙ্কীৰ্ণ থাকা দিনত তাক বিনিময়-প্ৰথাৰেই চলাব পাৰিছিল, কিন্তু মানুহৰ জ্ঞান-বুদ্ধি আৰু উন্নতি বঢ়াৰ লগে লগে যেতিয়া বেপাৰ বিস্তীৰ্ণ হৈ পৰিল, তেতিয়া এবিধ মূল্যৰ আৰ্হি ব্যৱহাৰ নকৰিলে মানুহৰ কাম নচলা হল। এই মূলাৰ আৰ্হিয়েই টকা ; টকা বুলিলে কেৱল ৰূপৰ ষোল অনীয়া টকা বুজিব নালাগে । এই টকা আধুনিক ; অতীত কালত ই নাছিল । ভাৰতৰ সকলো ঠাইতে মানুহে আদিতে কড়িকে টকাৰ দৰে ব্যৱহাৰ কৰা দেখা যায় । যি বস্তু দুষ্প্রাপ্য, দেখিবলৈ ধুনীয়া আৰু সৰহ দিন টিকে, তাকে মানুহে টকা কৰি ব্যৱহাৰ কৰে । সোণ-ৰূপ সৰহকৈ ওলোৱাৰ পূৰ্ব্বে কড়িয়েই তেনেকুৱা দুষ্প্রাপ্য বস্তু বুলি গণ্য হৈছিল । আজিকালি যেনেকৈ মানুহে টকা সঞ্চয় কৰি পেৰাত বা মাটিৰ তলত যত্ন কৰি ৰাখে, আগৰ দিনত কড়িকে৷ সেইদৰে কলহে কলহে যত্নকৰি পুতি ৰাখিছিল । কালক্রমে যেতিয়া বেপাৰ আৰু বিস্তীৰ্ণ হল আৰু সোণ-ৰূপ আদি বহুমূলীয়া ধাতুবোৰ সৰহকৈ ওলাল, তেতিয়া মানুহে কড়ি এৰি ৰূপৰ টকা ব্যৱহাৰ কৰিবলৈ ধৰিলে। বৰ ধনৱন্ত দেশবোৰত ৰূপৰ পৰিৱৰ্ত্তে সোণৰ মোহৰ চলে।

 আজিকালি বহুত বিধ মুদ্রা ব্যৱহাৰ হয়; যেনে তামৰ পইচা, নিকেলৰ চৰতীয়া, আদমহীয়া, মহা বা সিকি, ৰূপৰ আধলি আৰু টকা । এই মুদ্ৰাবোৰৰ ভিতৰত যিটো প্রধান অর্থাৎ যাৰ মূল্য সকলোতকৈ সৰহ তাকে টকা বোলা যায় । ইবোৰ মুদ্ৰাক সৰুধন বা তলতীয়া মুদ্রা বোলা যায়। বৰ্ত্তমান কালত বাণিজ্য ইমান বৃদ্ধি হৈছে, যে যি কড়িয়ে এক সময়ত টকাৰূপে বাণিজ্য শাসন কৰিছিল সেই কড়িয়ে এতিয়া সৰু ধনৰ শ্ৰেণীতো ঠাই ঠাই পোৱা নাই। তাসমত কড়িৰ চলন একেবাৰেই উঠিছে ; আন আন দেশত অৱশ্যে কড়ি এতিয়াও চলে, কিন্তু চলন ইমান কম, যে নাই বুলিলেই হয়। কড়িৰ উপৰীয়া পইচা । অসমত কেৱল মহাৰাণীৰ পইচা চলে; কিন্তু ভাৰতৰ অন্যান্য দেশ অন্য ৰকম পইচাৰ চলনো আছে। সেইবোৰ পইচাৰ আঁকাৰ ঘূৰণীয়া নহয়, আৰু সাঁচত মৰাও নহয়, তাম ডোখৰ ডোখৰকৈ কাটি থোৱা যেন দেখি । সেই পইচা কোনো ঠাইত টকাত কুৰি অনা আৰু কোনো ঠাইত একুৰি দুই অনা পোৱা যায় ৷

 ভিন ভিন ৰজাৰ আমোলত ভিন ভিন আঁকাৰৰ আৰু জোখৰ টকা চলিত আছিল। সেইবোৰ টকা আজিকালি বজাৰত নচলে, আৰু সিহঁতক টকাও নোবোলে — মোহৰ বুলি কয়। মোহৰ ভিৰি ৰূপ বা সোণ বেচা দি বজাৰত বেচিব পাৰি। টকাৰ দৰে তাৰ স্থিৰীকৃত মূল্য নাই। আগৰ দিনৰ মোহৰ গোটালে বোধ- কৰে৷ দুশমান ৰকমৰ মোহৰ ওলাব ৷ সেইবোৰৰ কোনোবোৰ ঘূৰণীয়া আৰু কোনোবোৰ চুকিয়া-চুকি। আজিকালি সকলো দেশৰে টকা ঘূৰণীয়া।

 সকলো দেশৰ টকা একে নহয়। ভিন ভিন দেশত ভিন ভিন টকা চলে । কোনো দেশত ৰূপৰ আৰু কোনো দেশত বা সোণৰ টকা চলে। কোনো টকা ঠেক, কোনো টকা বহল । ভাৰতত ৰূপৰ টকা চলে। এই টকাত চৈধ্য অনা ৰূপ আৰু দুই অনা তাম থাকে। টকা হেলেকা গুচাই কেৱল টান কৰিবলৈ যে তাম মিহলি দিয়ে এনে নহয় ; টকামৰা ৰজা-ঘৰৰ এটা বেপাৰ। ষোল-অনা ৰূপ ষোল অনাতে কিনি, চৈধ্য অনাৰে টকা মাৰে, আৰু সেই চৈধ্য অনীয়া টকা দি ষোল অনা লয়। এনেকুৱা কৰাত ৰজা-ঘৰলৈ দুই অনা ৰূপ থাকে ; তাৰে টকা মৰোৱা খৰচ চলাই, যি বাকী থাকে সেয়েই তেওঁলোকৰ লাভ ৷ টকাত ভাঁজ দিয়াৰ আৰু এটা কাৰণ আছে । ভিৰি ৰূপৰ দৰ আন বস্তুৰ দৰৰ দৰে বঢ়া-টুটা হয়। এতোলা ৰূপৰ দাম কেতিয়াবা বাৰ অনা, কেতিয়াবা সোতৰ অনাও হয়। কিন্তু টকাৰ মূল্য লৰচৰ নাই, তাৰ মূল্য আমাৰ দেশত ৰজাই আইন কৰি ষোল-অনা বান্ধি দিছে । ৰূপৰ দৰ বাৰ অনাই হওক বা সোতৰ অনাই হওক, টকাটোত ষোল অনা কেতিয়াও নুগুচে। পাচত যেতিয়া ভিৰি ৰূপৰ দৰ যোল- অনাৰ অধিক হয়, তেতিয়া মানুহে লাভ কৰিবৰ আশাত টকা ভাঙি ৰূপ কৰে, আৰু সেই ৰূপ বজাৰত ভিৰি ৰূপৰ দৰে বেচে । আগেয়ে টকাত সমূলি ভাঁজ নাছিল, আগৰ বহল টকাবোৰত ভাঁজ নাই । পাচে ফ্ৰাঞ্চ দেশত এবাৰ ৰূপৰ দৰ বৰকৈ বৃদ্ধি হৈছিল অৰ্থাৎ তাত চলিত থকা ৰূপৰ মূল্যতকৈও ভিৰি ৰূপ বেচি মূল্যৱান হৈছিল ; তেতিয়া ফ্ৰাঞ্চৰ মানুহবিলাকে টকা উতলাই ৰূপ কৰি বেচিব ধৰিলে। ফলত, দেশত টকাৰ পৰিমাণ কমি গল। সেই হেতুকে এটা বিষম বাণিজ্য বিভ্ৰাট উপস্থিত হৈছিল ; সেই কাল অবধি নতুন আইন কৰি টকাই পতি দুই অনা ভাঁজ দিব ধৰিলে। বৰ্ত্তমান টকা উতলাই মানুহে লাভ কৰিব নোৱাৰে ; কাৰণ একেতো উপযুক্ত যন্ত্ৰ আৰু মচলাদি নহলে ৰূপৰপৰা তাম উলিয়াই পেলাব নোৱাৰে, তাতে আকৌ টকাত ৰূপ দুই অনা কম। গোটা টকা দিলে ষোল-অন| পায়, কিন্তু উতলাই বেচিলে চৈধ্য অনাৰহে বেচ পৰে। ভাৰতত সম্প্ৰতি সোণৰ টকা চলাব খুজিছে আৰু চভৰেণ নামেৰে ১৫ টকা মূল্যৰ এবিধ সোণৰ মুদ্রাও উলিয়াইছে; কিন্তু সৰ্বসাধাৰণে তাক এতিয়াও গ্ৰহণ কৰা নাই ৷

 ভিন ভিন দেশৰ টকাৰ ভিন ভিন নাম আৰু সিহঁতৰ মূল্যও বেলেগ। আমাৰ টকাৰ নাম টকা, ইংলণ্ডৰ টকাৰ নাম পাউণ্ড বা চভৰেণ, আমেৰিকাৰ টকাৰ নাম ডলাৰ, জাৰ্ম্মানিৰ টকাৰ নাম মার্ক, ৰুচিয়াৰ টকাৰ নাম ৰুবোল, ফ্ৰাঞ্চৰ টকাৰ নাম ফ্রাঙ্ক আৰু চীনৰ টকাৰ নাম টিল। আমেৰিকাত সোণৰ চভৰেণ আৰু গিনি আদি মুদ্রাও চলে ।

এক দেশৰপৰা আন দেশলৈ যাব লাগিলে, দেশী টকা সলাই বিদেশী টকা লব লাগে ৷ সেই বাবে দেশে দেশে একোটা অফিচ আছে৷ আমাৰ ইয়াত বোম্বাই নগৰত তেনেকুৱ| এটা অফিচ আছে। তাতে টকা সলাই লৈ হে ইংলণ্ড, ফ্রাঞ্চ, জাপান বা চীন আদি দেশলৈ যাব পাৰি। ইয়াত নাপালে যি দেশলৈ যোৱা যায়, তাৰ অফিচত সলাই লব লাগে ; নাইবা ইয়াৰ এটকা ৰূপ দিলেও জাপানৰ বজাৰত চাউল এসেৰ পোৱা টান হব ।


মোৰ দেশ।

এয়ে সেই মোৰ দেশ অসম নামৰ,
শোভিছে চৌপাশে যাৰ গিৰি মনোহৰ ;
প্ৰকৃতিৰ বাসস্থলী এয়ে মোৰ দেশ,
সৌন্দৰ্য্যৰ কেন্দ্ৰস্থল মহিমা অশেষ ;
শিতানত শোভে সউ গিৰি হিমালয়,
বক্ষমাজে ব্ৰহ্মপুত্র শোভে পুণ্যময় ;
পৱিত্ৰ সলিল ধৌত এয়ে মোৰ দেশ,
প্ৰণমোঁ প্ৰণমোঁ যাৰ মহিমা অশেষ।

প্রতি স্থান প্রতি বন মন্দিৰ প্ৰাচীৰ,
জগায় পুৰণি স্মৃতি অসম-মাতৃৰ ;
আজিৰ লখীমপুৰ পূৰ্বৰ কালৰ,
আছিল কুণ্ডিল ৰাজ্য ভীষ্মক ৰাজৰ ;
ৰুক্মিণী হৰণ আদি ৰুক্মৰ লাঞ্ছনা,
ঘটিছিল ই ৰাজ্যতে কতনো ঘটনা;
লক্ষ্মীদেৱী হন্তে এই ভুঞা বংশধৰ,
সূৰ্যবংশী বুলি হল খ্যাত অসমৰ ;
কুবেৰৰ বংশধৰ চুতীয়া ভূপতি,
শাসিলে ই খণ্ড ভূমি থিতাপি খিয়াতি ;

কৃষ্ণপদধূলি-পোৱা এয়ে মোৰ দেশ,
প্ৰণমোঁ প্ৰণমোঁ যাৰ মহিমা অশেষ।

আহোমৰ ৰাজধানী এয়ে ৰংপুৰ,
বুৰঞ্জীৰ কথা থকা সদা ভৰপূৰ ;
প্রবেশে ইয়াতে আহি তেৰ শতিকাতে,
বিক্ৰমী আহোম জাতি পোন প্ৰথমতে ;
অখণ্ডপ্রতাপে যেয়ে শাসি এই দেশ,
ৰাখিলে ধৰাত কীৰ্ত্তি অসীম অশেষ ;
কত দৌল পুষ্কৰিণী আজিও শোভিছে,
আজিও পুৰণিস্মৃতি কত উদ্‌গিছে ;
সতী অভিনয় স্থান এয়ে মোৰ দেশ,
প্ৰণমোঁ প্ৰণমোঁ যাৰ মহিমা অশেষ ৷

এয়ে সেই মণিপুৰ উলুপীনগৰ,
এয়ে সেই ভীমজায়া হিড়িম্বাৰ ঘৰ
ইয়াতেই পাণ্ডবৰ দৰ্প খর্ব্ব হয়,
বভ্রুবাহু ঘটোৎকচ এ'তে জন্ম লয় ;
ইয়াতেই দেৱগণে নাগৰাজ্য পায়,
যাৰপৰা মণি আনি পাৰ্থক জীয়ায় ;
ইয়াতেই পৰাক্ৰমী কচাৰী জাতিৰ
এতিয়াও ভগ্নাশেষ আছে নগৰীৰ ;

মৰাও জীৱন পায় এয়ে মোৰ দেশ,
প্ৰণমোঁ প্ৰণমেঁ৷ যাৰ মহিমা অশেষ।

এয়ে পুণ্য জন্মস্থান শঙ্কৰদেৱৰ,
ভাগৱত-ধৰ্ম্ম-সাৰ স্থল প্ৰচাৰৰ ;
এয়ে সেই চম্পাৱতী মহাভাৰতৰ,
ভক্ত সুধন্বাৰ স্থান হংসধ্বজ ঘৰ ;
ইয়াতে কপিলী গঙ্গা আজিও বইছে,
কপিল আশ্রম য’ত আজিও শোভিছে ;
পুণ্যতোয়া ধৰ্ম্মস্থলী এয়ে মোৰ দেশ,
প্ৰণমোঁ প্ৰণমোঁ যাৰ মহিমা অশেষ।

এয়ে দৰং-ৰাজ্য আজিৰ দিনৰ,
দানৱৰ ৰঙ্গস্থলী তাহানি কালৰ ;
ইয়াতে শোণিতপুৰ বাণ-ৰাজধানী,
যাৰ কন্যা ঊষা সতী সৌন্দৰ্য্যৰ ৰাণী ;
ইয়াতেই বৃষ্ণিবংশ লগত শঙ্কৰ,
হই ভকতৰ পক্ষ কৰিলে সমৰ ;
ইয়াতেই আৰিমত্ত আদি নৃপবৰ,
শাসিলে ধৰণীখণ্ড কৰি পয়োভৰ ;
অসম নামেৰে মোৰ এয়ে সেই দেশ,
প্ৰণমোঁ প্রণমেঁ৷ যাৰ মহিম। অশেষ।

কামৰূপ এয়ে সেই অতীত কালৰ,
প্ৰাক্-জ্যোতিষপুৰ যাৰ আছিল নগৰ;
ইয়াতে অসুৰ লগে বিষ্ণুৰ সংগ্ৰাম,
ইয়াতে অনঙ্গে পালে অঙ্গ অনুপাম;
ইয়াতেই ভানুমতী-কন্যা-স্বয়ম্বৰ,
ইয়াতেই ভগদত্ত মহাভাৰতৰ;
ইয়াতেই মহাপীঠ ভৱানীৰ ধাম,
জগতৰ সেৱাস্থলী নীলাচল নাম;
নানা তীৰ্থেভৰপূৰ এয়ে মোৰ দেশ,
প্ৰণমোঁ প্ৰণমোঁ যাৰ মহিমা অশেষ।

ইয়াতে ভাস্কৰবৰ্ম্মা আদি নৃপবৰে,
ৰাজ্য কৰি গ'ল পূবে অতি খিতাপেৰে;
এ’তে বধূ পতিব্ৰতা বেউলা সুন্দৰী,
আনিছিল জীৱ দানি পতিক উদ্ধাৰি;
ই ৰাজ্যতে ঘটে সেই ভীষণ সংগ্ৰাম,
আহোম আওঙ্গজেৱ মাজে যত মান;
প্ৰসিদ্ধ শৰাইঘাটে যথাশিক্ষা পাই,
ভাবিলে মোগলে আৰু দেশ জয় নাই;
দেখুৱালে সেই যুদ্ধে অসম দেশৰ,
শৌৰ্য-বীৰ্য্য-তেজ সেই প্ৰাচীন কালৰ;

প্রাচীন কীৰ্ত্তিৰে ভৰা এয়ে মোৰ দেশ,
প্ৰণমোঁ প্ৰণমোঁ যাৰ মহিমা অশেষ।

এয়ে গোৱালপাৰা আজিৰ নামৰ,
বিজনী, গউৰীপুৰ আদি বিভাগৰ ;
শোভিছে ইয়াতে সেই পদ্মপুৰাণৰ,
লেটাই ধুবুনীঘাট প্রসিদ্ধ নামৰ ;
অসম নামেৰে মোৰ এয়ে সেই দেশ,
প্ৰণমোঁ প্ৰণমোঁ যাৰ মহিমা অশেষ ৷


মাণিকচন্দ্ৰ বৰুৱা ৷

 নগাৱঁৰ পুৰণিগুদামত কৰ্হাল বৰুৱাৰ ঘৰ বুলি এঘৰ প্ৰাচীন মানুহ আছে ৷ আমাৰ অসমৰ বিখ্যাত মাণিকচন্দ্র বৰুৱা এই কৰ্হাল বৰুৱাৰ ঘৰৰেই আছিল । মাণিক বৰুৱাৰ ককায়েক নাম ফটিকচন্দ্ৰ বৰুৱা । ফটিক বৰুৱা এজনা সুদক্ষ একষ্ট্রা এচিষ্টেণ্ট কমিচনাৰ আছিল। এখেতেই কামৰূপৰ লাখোজ আৰু নিষ্পিখোজ মাটিৰ জৰিপ কৰি স্বত্ব সম্বন্ধে বহুত পৰিমাণে ঠিক লগায় ৷ আজিকালিও কামৰূপৰ মানুহে “ফটিক চাহাবৰ পিয়ল” বুলি নাম কৰে । মাণিক বৰুৱা গুৱাহাটীত ডাঙৰ হয় । তেওঁ গুৱাহাটীৰ

হাইস্কুল আৰু তাৰ সংলগ্ন কলেজত পঢ়ি প্রবেশিকা আৰু এফ-এ

পৰীক্ষাত উত্তীৰ্ণ হয় ৷ তাৰ পাচত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজত ভৰ্ত্তি হয়গৈ ৷

বৰুৱাদেউ বাল্যকালৰপৰা স্বদেশানুৰাগী পুৰুষ আছিল। কলিকতাত পঢ়োঁতে এখেতৰ সহপাঠী ৰায় বাহাদুৰ জগন্নাথ বৰুৱা ডাঙৰীয়াৰ সৈতে লগলাগি সেই সময়ৰ বৰলাট লর্ড নর্থব্রুকক দেখা কৰে, আৰু অসমৰ হৈ এখন অভিনন্দন পত্র দিয়ে । বৰলাটে অনেক ঠাইত অভিনন্দন-পত্র গ্রহণ কৰা নাছিল ; কলেজৰ এই ছাত্র দুজনে দিয়া অভিনন্দন-পত্ৰ গ্ৰহণ কৰা দেখি, কলিকতাৰ বহুত বাতৰি কাকতে আচৰিত মানিছিল । কলেজৰ আমাৰ এই ডেকা ছাত্ৰ দুজনৰ অভিনন্দনৰ ফলতেই বৰলাট অসমলৈ আহিছিল। বৰলাট অসমলৈ অহা এয়ে প্রথম ।

 বৰুৱাদেউ কলিকতাত কিছুদিন পঢ়াৰ পাচত তেখেতৰ গা অসুখ হয় ; পাচত ডাক্তৰৰ পৰামৰ্শমতে তেখেত পাটনালৈ যায় আৰু তাৰ কলেজত পঢ়িবলৈ ধৰে ৷ কিন্তু অলপদিন পাটনাত থকাত তাতো তেখেতৰ ঘনাই অসুখ হবলৈ ধৰে ; বৰুৱাদেৱে বাধ্য হৈ বি-এ পৰীক্ষা দিবলৈ অপেক্ষা নকৰি ঘৰলৈ আহে ৷

 ফটিকচন্দ্ৰ বৰুৱা ডাঙৰীয়াই গুৱাহাটীত স্থায়ী ঘৰ কৰিছিল ; মাণিক বৰুৱা ককায়েকৰ লগত থাকিবলৈ ধৰিলে । অলপ দিন থাকোঁতেই এখেতৰ বিদ্যা-বুদ্ধিৰ পৰিচয় পাই গবর্ণমেণ্টে হাকিম-পদ যাচে ; বৰুৱাদেৱে কিন্তু তাক গ্ৰহণ নকৰিলে ৷

 জগন্নাথ বৰুৱা আৰু মাণিক বৰুৱা দুয়োৰে৷ ভিতৰত বৰ বন্ধুত্ব আছিল ; কলেজত পঢ়োতে দুয়োজনাই স্বাধীন ব্যৱসায় কৰিম বুলি স্থিৰ কৰিছিল। এই সঙ্কল্পকে স্থিৰ ৰাখি জগন্নাথ বৰুৱাই যোৰহাটত চাহ-বাগিচা খোলে আৰু মাণিক বৰুৱাই এজনা চাহাবৰ লগত যোগ হৈ কামৰূপত চাহ খেতি আৰম্ভ কৰে। কিছুদিন বাগিচা চলোৱাৰ পাচত চাহাবজন স্বদেশলৈ যাবলগীয়া হয় । তেতিয়া মাণিক বৰুৱাই আনন্দৰাম ঢেঁকিয়াল ফুকনৰ পুতেক অন্নদা ফুকনক লগত সুমুৱাই লৈ চাহাবজনৰ অংশও কিনি লয় ; আৰু দুয়ো পূর্ণ উদ্যমে চাহ খেতি চলাবলৈ ধৰে । এই সময়ত বৰুৱাদেৱক আপদে খেদি আহে ; পোনতে তেখেতৰ অগ্ৰজ সহোদৰ ফটিকচন্দ্ৰ বৰুৱা হঠাৎ স্বর্গী হয়, তাৰ পাচতেই ব্যৱসায়ৰ অংশীদাৰ অন্নদাৰাম ফুকনেও ইহ-ধাম ত্যাগ কৰে, বৰুৱাদেউ বিবুদ্ধি হল। এই সময়ত আকৌ তেখেতৰ স্বাস্থ্যও ভাল নাছিল ; তথাপি সকলোকে কাতি কৰি তেখেতে ব্যৱসায় চলাবলৈ ধৰিলে । কিন্তু তেখেতৰ শৰীৰ ক্ৰমে পৰি যাবলৈ ধৰিলে ; বাগিচাৰ অৱস্থাও লাহে লাহে বেয়া হবলৈ ধৰিলে।

 এনে সঙ্কট অৱস্থাতো বৰুৱাদেৱে পূৰ্ব্ব সঙ্কল্পতে নিজৰ মন স্থিৰ ৰাখি গাৰো পাহাৰত কাঠৰ কাৰবাৰ এটা খুলিবলৈ ঠিক কৰিলে । এই অর্থে তেখেতে গুৱাহাটীৰ কিছুমান মাৰোৱাৰীৰপৰা আৰু কলিকতাৰ ইংৰাজ কোম্পানীৰপৰা বহুত টকা ধৰি কৰে । বৰুৱাদেৱে গাৰো পাহাৰৰ দাঁতিৰ শালগছবোৰ কাটি ৰেলৰ শ্লিপাৰ আৰু তক্তাফলা কামত ঢেৰ মানুহ লগালে ; আৰু প্ৰায় কুৰি হাজাৰ টকা খৰচ কৰি শালনিৰপৰা এটা ৰাস্তাও তৈয়াৰ কৰালে ৷

 বিপদ অকলে নাহে ৷ সেই সময়ত গাৰোপাহাৰত ভয়ঙ্কৰ মাৰাত্মক ক’লাজ্বৰ আৰম্ভ হয়। বৰুৱাদেৱৰ নিযুক্ত বহুত মানুহ এই বেমাৰত মৰা পৰিল ; জীয়াই থকা মানুহবিলাকো দিহাদিহি ভাগি গল। বৰুৱাদেৱৰ ফলা কাঠবোৰ হাবিৰ মাজতে পৰি থাকিল, অফিচ ভাগিল, বৰুৱাদেৱৰ কাৰবাৰৰ সমস্ত ধন লোকচান হল ৷ মহাজনসকলে বৰুৱাদেৱৰ ওপৰত মোকৰ্দ্দমা কৰিলে। ইমানতো বৰুৱাদেউ স্থিৰ থাকিল । তেখেতে নানা উপায়ে কিছুমান মহাজনৰ ঋণ পৰিশোধ কৰিলে ; কিছুমান মহাজনে তেওঁলোকৰ পাবলগা টকা এৰি দিলে ।

 ইয়াৰ পাচত বৰুৱাদেৱে এখন সৰু চাহ-বাগিচা কিনে ; আৰু তাৰেই কোনোমতে জীৱিকা চলাবলৈ ধৰে। বৰুৱাদেৱৰ ইংৰাজী সাহিত্যত বিশেষ বুৎপত্তি আছিল। তেখেতৰ প্ৰতিভা দেখি বহুত উচ্চ-পদস্থ ইংৰাজ বিষয়াই সম্মান কৰিছিল। বৰুৱাদেৱে গবর্ণমেণ্টৰ সহায়েৰে স্বদেশৰ উন্নতিৰ কাৰণে যত্ন কৰিবলৈ ভাল পাইছিল । তেখেত সর্ব্বজনপ্রিয় লোক আছিল; স্কুলীয়া লৰাৰেপৰা উচ্চপদস্থ লোকলৈ সকলোৱে বৰুৱাদেৱৰ পৰামৰ্শত সন্তোষ লাভ কৰিছিল ৷

 ইংৰাজী ১৮৮২ চনত পোনতে মিউনিচিপাল আৰু লোকেল-বোর্ড নিৰ্বাচন প্ৰথাৰ সৃষ্টি হয়; সেই সময়ত বৰুৱাদেৱেই প্ৰথম মিউনিচিপাল কমিচনাৰ আৰু ভাইচ চেয়াম্যান হয়। তাৰ পাচত তেখেতে বহুত বছৰ গুৱাহাটী মিউনিচিপালিটিৰ চেয়াৰম্যানৰ কাম কৰিছিল। লোকেলবোৰ্ডৰো তেখেত নির্ব্বাচিত সভ্য আছিল। পূর্ববঙ্গ-অসমত কাউন্সিল স্থাপিত হোৱাত বৰুৱাদেউ তাৰ সভ্য নিৰ্বাচিত হৈছিল; পাচত অসমত সুকীয়া শাসন চলাত অসম কাউন্সিলৰো সভ্যপদত থাকি আজীৱনকাল দেশৰ সেৱা কৰিছিল। ইয়াৰ উপৰি বৰুৱাদেৱৰ গাত অনাৰেৰী মাজিষ্ট্ৰেটৰ বাবো আছিল ।

 তেখেতৰ যত্নত হোৱা কাম বহুতো ; তাৰ ভিতৰত প্ৰধান কাম “কটন কলেজ”, “কর্জ্জন হল” আৰু “আৰ্ল-ল-কলেজ”। কটন কলেজ আৰু আৰ্ল-ল-কলেজ স্থাপন কৰাবলৈ তেখেতে একেৰাহে কেইবা বছৰো যত্ন কৰিছিল। লর্ড কর্জ্জন গুৱাহাটীলৈ অহা উপলক্ষে বৰুৱাদেৱে বহুত ধন তুলিছিল, আৰু বৰলাটক আদৰ-অভ্যর্থনা কৰাত সেই ধন আংশিক পৰিমাণে খৰচ কৰি বাকী টকাৰে বৰলাটৰ নামানুসৰি গুৱাহাটীত এটা ডাঙৰ পাঠাগাৰ স্থাপন কৰাইছিল ৷

 গৌৰীপুৰৰ ৰজা শ্ৰীযুত প্রভাতচন্দ্ৰ বৰুৱা বাহাদুৰ বৰুৱাদেৱৰ বন্ধু আছিল। দুয়োজনে যত্ন কৰি আমাৰ দেশত “আসাম এচোচিয়েচন” নামে এখন জাতীয় সভা স্থাপন কৰে । আমাৰ বৰুৱাডাঙৰীয়াই এই সভাৰ সম্পাদকৰ বাব লৈছিল, আৰু এই সভাৰ যোগে আজীৱন জাতিৰ সেৱা কৰি দেশৰ জনসাধাৰণৰ শ্ৰদ্ধা আকৰ্ষণ কৰিছিল ।

 বৰুৱাডাঙৰীয়াৰ পৰামৰ্শমতেই স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱাই ‘আসাম নিউজ” নামে এখন ইংৰাজী সাপ্তাহিক কাকত প্ৰচাৰ কৰিছিল। সৰ্বসাধাৰণৰ মাজত জাতীয় ভাব জাগৰণৰ উদ্দেশ্যে বৰুৱা ডাঙৰীয়াই স্বৰ্গীয় কালীৰাম বৰুৱাৰ হতুৱাই “আসাম” নামৰ অসমীয়া-ইংৰাজী সাপ্তাহিক কাকত এখনো প্রকাশ কৰায়। এই কাকতৰ সম্পাদকৰ কামো তেখেতে কেই বছৰমান কৰিছিল।

 শাসন, শিক্ষা, স্বাস্থ্য, শিল্প আদি সকলো বিষয়ত বৰুৱা - ডাঙৰীয়াৰ অভিজ্ঞতা আছিল। আমাৰ সেই সময়ৰ গবর্ণমেণ্টেও তেখেতৰ মূল্য বুজিছিল, আৰু সেই কাৰণে তেখেতৰ লগত পৰামৰ্শ নকৰাকৈ গবর্ণমেণ্টে কোনো কাম নকৰিছিল। শিক্ষা, শিল্প, প্রাদেশিক পুথি-বছা কমিটী আদি যিমানবোৰ গবর্ণমেণ্টৰ সভা-সমিতি হৈছিল, সকলোবোৰতে বৰুৱাডাঙৰীয়াক সভ্য মনোনীত কৰি তেখেতৰপৰা আৱশ্যকীয় পৰামৰ্শ গ্ৰহণ কৰিছিল ।

 ইংৰাজী ১৮৯৮ চনত বৰুৱাডাঙৰীয়াৰ পত্নী ঢুকায় ; তেখেতৰ পুত্রসন্তান নাছিল— দুটি কন্যামাত্ৰ আছিল । শেষ অৱস্থাত তেখেতক নানা ৰোগে আক্ৰমণ কৰে ; আন কি পাচলৈ তেখেতে হাতেৰে কাপ ধৰিব নোৱাৰাও হৈছিল। এনে ৰুগ্ন অৱস্থাতো বৰুৱাডাঙৰীয়া সভা-সমিতিত উপস্থিত হৈ জাতীয় কামৰ আলোচনা কৰা, সৰ্বসাধাৰণক হিত-পৰামৰ্শ দিয়া, আন কি কোনো কোনো সময়ত জটিল বিষয়ৰ দৰ্খাস্তৰ নকল আদি কৰি দিয়া কাম কৰিবলৈ ক্ষান্ত হোৱা নাছিল ।

 ইংৰাজী ১৯১৫ চনত বৰুৱা-ডাঙৰীয়াৰ শাৰীৰিক অৱস্থা বৰ বেয়া হয়। কিন্তু সেই বছৰৰ আগষ্ট মাহত যোৰহাটত শিল্প সমিতি বহে, বৰুৱাডাঙৰীয়া ৰুগ্ন শৰীৰেৰে আহি তাত উপস্থিত হয়। যোৰহাটৰপৰা ঘূৰি যোৱাত তেখেতৰ জ্বৰ হয় আৰু তাতে তেখেতৰ মানৱজীৱনৰ শেষ পৰে। বৰুৱাডাঙৰীয়াৰ বিয়োগত গোটাই দেশত হাহাকাৰ লাগি উঠিছিল— আমাৰ দেশৰ স্কুল, কাছাৰি আৰু ডাঙৰ ডাঙৰ দোকানবোৰ তাতালিকে বন্ধ হৈছিল।

 নিজৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক অৱস্থালৈ দৃক্পাত নকৰি মাণিকচন্দ্ৰ বৰুৱাৰ দৰে স্বদেশহিত-ব্ৰতত ব্ৰতী থকা পুৰুষ আমাৰ দেশত দ্বিতীয় ওলোৱা নাই বুলিলে বেচি কোৱা নহয়। স্বদেশপ্ৰাণ মাণিক বৰুৱাই ৰায়চাহাব, ৰায়বাহাদুৰ আদি উপাধি মানুহক দিয়াইছিল, নিজে কিন্তু সেইবোৰ গ্ৰহণ নকৰিছিল। দেশৰ কথাত নিজক পাহৰা, দেশশাসকৰপৰা সম্মান পোৱা আৰু দেশৰ জনসাধাৰণৰপৰা পূজা পোৱা মাণিকচন্দ্ৰ বৰুৱাৰ দৰে পুৰুষ পৃথিবীৰ ক'ৰবাত ক'ৰবাতহে জন্মে।

শিষ্টাচাৰ।

 আমি ঘৰত আত্মীয়-স্বজনৰ লগত থাকোঁ; বাজলৈ ওলালে বৈষয়িক, সামাজিক বা ৰাজকীয় কোনো বিষয়ত আৱদ্ধ থাকোঁ। এইদৰে টোপনিত থকা সময়ৰ বাহিৰে প্ৰায় গোটেই জীৱনকাল অন্য মানুহৰ সংশ্ৰৱত নাথাকি নোৱাৰোঁ। এতেকে সংসাৰত শান্তিৰে কাল কটাব খুজিলে, আমাৰ আচৰণ সজ হোৱাটো নিতান্ত দৰ্কাৰ।

 আমি আনৰপৰা কেনে ব্যৱহাৰ পাবলৈ আশা কৰোঁ? অন্য মানুহে আমাক টান কথা কলে, দুৰ্ব্বাক্য বুলিলে বা ভ্ৰুকুটি কৰিলে ভাল পাওঁ নে? কাৰো ওচৰত আমি কোনো দোষ কৰিলে, তেওঁ যদি কৰ্কশ ভাৱে আমাক গৰিহণা কৰে, আমি সন্তোষ পাম জানো? আমি কোনো মানুহৰ ঘৰলৈ গলে তেওঁৰ যি আচৰণ দেখোঁ, তাক অলপ চিন্তা কৰিলেই আনৰ প্ৰতি কেনে আচৰণে কৰিব লাগে, আমি তাক সহজতে জানিব পাৰোঁ। এই কাৰণে মহামতি বেকনে কৈছে—“শিষ্টাচাৰৰ প্ৰতি আওকাণ নকৰিলেই তাক সহজতে লাভ কৰিব পাৰি।”

 শিষ্টাচাৰৰ প্ৰধান অঙ্গ আদৰ-অভ্যৰ্থনা, শ্ৰদ্ধা-ভক্তি আৰু দয়া-দাক্ষিণ্য। এই কাৰণেই ই মানুহৰ ব্যৱহাৰত অতি সহজে ফুটি উঠে। কিছুমানে বাহ্যিক ব্যৱহাৰ কিছুমান ৰক্ষা কৰিলেই শিষ্টাচাৰ দেখুৱা হল বুলি ভাবে; কিন্তু আন্তৰিকতা নথকা ব্যৱহাৰ ফোঁপোলা, সি বেগতে ধৰা পৰে। আন্তৰিকতাহীন ব্যৱহাৰ ধৰা পৰিলে সি দুৰ্ব্যৱহাৰতকৈয়ো হেয় হৈ উঠে। টেঙ্গা আম মিঠা বুলি সৰহ দিন বজাৰত চলাব নোৱাৰাৰ দৰে আন্তৰিকতাহীন কিছুমান সজোৱা অভ্যস্ত কথাৰে বেচি দিন মানুহক সন্তোষ দিব নোৱাৰি। ভাল মানুহৰ সদাচাৰ তেওঁৰ প্ৰতি কথাতে, প্ৰতি কামতে ফুটি উঠে আৰু সি চিৰকাল লোকক আনন্দ দিয়ে।

 সকলো, শিক্ষা আৰু অভ্যাসৰ দাস। অশিষ্ট মানুহে ইচ্ছা কৰিলে আনৰ সদাচাৰৰ আহি লৈ নিজক শিষ্টাচাৰী কৰিব পাৰে। শিষ্টাচাৰী মানুহৰ আচাৰ-ব্যৱহাৰ, কথা-বতৰা, কাম-কাজ আদিলৈ লক্ষ্য কৰিলেই তেওঁলোকৰ সদাচাৰ অন্যৰ চকুত পৰে; আৰু সেইদৰে নিজে আচৰিবলৈ যত্ন কৰিলেই লাহে লাহে সি অভ্যাসত পৰিণত হৈ উঠে।

 সঙ্গ বা সমাজ অনুসৰি মানুহৰ আচৰণ সচৰাচৰ গঠিত হয়। সকলোৰে ভাগ্যত সৎসঙ্গ বা সাধু সমাজ নঘটে। আমি অনুন্নত সমাজত জন্মিব পাৰোঁ বা অসৎ-সঙ্গত ডাঙৰ হব লগাত পৰিব পাৰোঁ, কিন্তু সাধুসঙ্গ বা ভদ্ৰ-সমাজলৈ আমাৰ ঐকান্তিক ইচ্ছা জন্মিলে সি লাভ নহৈ নাথাকে। কিছুমানে ইয়াক ঘঁহি-মাজি সভ্য হবলৈ যত্ন কৰা বুলি নিন্দা কৰিব খোজে; কিন্তু আচলতে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিবলৈ চেষ্টা কৰাটো যেনে প্ৰশংসনীয়, ইও তেনে বিধৰহে। চান্দচাক নিন্দা নকৰে, বাল্মীকিক প্ৰশংসা নকৰি নাথাকে আৰু সুতক শ্ৰদ্ধা নকৰি নোৱাৰে।

 শিষ্টাচাৰৰ লগত ধন বা বিদ্যাৰ কোনো সম্বন্ধ নাই; বিদ্বানে তাচ্ছীল্যভাৱে দিয়া সুন্দৰ সুখাসনতকৈ দৰিদ্ৰে শ্ৰদ্ধাৰে দিয়া তৃণ বেচি সুখদায়ক। এই কাৰণেই শ্ৰীকৃষ্ণে কুৰুৰাজৰ আতিথ্য গ্ৰহণ নকৰি বিদুৰৰ জুপুৰীৰ তিনডাল গড়ৰ ওপৰত সুখে নিদ্ৰা গৈছিল; আৰু দৰিদ্ৰ বিপ্ৰ দামোদৰৰ কৰাই গুৰি ভোজন কৰি শ্ৰীকৃষ্ণে পৰম তৃপ্তি বোধ কৰিছিল। এই কাৰণেই চহকী মানুহ অশিষ্ট হলে সমাজত তেওঁৰ আদৰ কমে, বিদ্বান অশিষ্ট হলে সমাজত তেওঁ হেয় হয়; কিন্তু টোকোন৷ অশিক্ষিত মানুহেও নিজৰ শিষ্টাচাৰৰ গুণত সকলোৰে আদৰ লাভ কৰে। তোমাৰ অতুল ধন থাকিব পাৰে, তুমি বহুত বিদ্যাৰ গৰাকী হব পাৰা, কিন্তু তাৰ লগত শিষ্টাচাৰ নাথাকিলে সেইবোৰ শোভা নাপায়। “মানুহজন বিদ্বান কিন্তু বৰ কঠুৱা; “ভাৰে ভাৰে ধন-সোণ দিলেও তেনে ধনীৰ ঘৰলৈ যাবলৈ মন নাযায়' – এইবোৰ কথাই শিষ্টাচাৰৰ অভাৱহে বুজায়।

 বিদ্যাৰ গৌৰৱ বা ধনৰ প্ৰভাৱ দেখুৱাবলৈ সময় লাগে; কিন্তু লৰা, ডেকা, বুঢ়া সকলোৰে স্বভাৱ ব্যৱহাৰত বেগতে ওলাই পৰে। বিনীত ছাত্ৰ শিক্ষকৰ প্ৰিয়, শিষ্ট সন্তান পিতৃ-মাতৃৰ আদৰৰ ধন, সদাচাৰীভৃত্য গৃহস্থৰ এৰাব নোৱাৰ৷ পৰিয়ালৰ অঙ্গ আৰু সাধু সমাজনেতা সমাজৰ একছত্ৰী ৰজা। বুদ্ধিমান ছাত্ৰ ৰূক্ষ হলে শিক্ষকৰপৰা পাবলগীয়া স্নেহ তেওঁ পূৰাকৈ লাভ কৰিব নোৱাৰে; উপাৰ্জ্জক সন্তান অশিষ্ট হলে পিতৃ-মাতৃয়ে সেই সন্তানৰ আৰ্জ্জনলৈ দৃষ্টি নকৰা হয়, অভদ্ৰ কৰ্ম্মপটু ভৃত্যই গৃহস্থৰ আদৰ লাভ কৰিব নোৱাৰে আৰু প্ৰতিভাশালী কঠুৱা সমাজপতি সমাজৰ অনুৰাগৰপৰা বঞ্চিত হয়। এইদৰে মানুহ অশেষ গুণৰ গুণী হলেও আৰু অতুল ঐশ্বৰ্য্যৰ গৰাকী হলেও আচৰণৰ দোষত তেওঁলোকৰ উপযুক্ত আদৰ নহয়। এই কাৰণেই মানুহে ধন আৰু বিদ্যা অৰ্জ্জাৰ লগে লগে শিষ্টাচাৰী হবলৈ যত্ন কৰিব লাগে।

 শিষ্টাচাৰী হবলৈ খুজিলে পোনতে আমি মানুহক আদৰসাদৰ কৰিবলৈ শিকিব লাগে। যি মানুহে যি ধৰণৰ আদৰ পাবলৈ আশা কৰে, তেওঁ আনক সেই ধৰণে অভ্যৰ্থনা কৰিবলৈ চেষ্টা কৰিলেই শিষ্টাচাৰৰ সীমাৰ ওচৰ পোৱা হয়। এই কাৰ্য্যত যিবিলাক সদাচাৰ প্ৰকৃতিগত, সেইসকলৰ আদৰ্শে আমাক বহুত সহায় কৰে। কোনো কোনো সময়ত অৱস্থাৰ দোষত মানুহে অভ্যাগতক সম্মানৰ জোখাৰে অভ্যৰ্থনা কৰিব নোৱাৰিব পাৰে, কিন্তু হৃদয়ত শ্ৰদ্ধা ভাব থাকিলে “কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটী”ৰ দৰে যৎসামান্য অভ্যৰ্থনাতো সন্ত্ৰান্তলোক পৰিতুষ্ট হয়।

 জিভা সংযত নহলে শিষ্টাচাৰী হোৱা টান। কথাতে কয় “ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা সহিব নোৱাৰি”। ভ্ৰূকুটি, মুখভঙ্গী আৰু হুঁটা কথা একোপাত কাঁড়ৰ দৰে; মানুহৰ কোনো একো দিনৰ তিতা কথা বহুত দিনলৈ পাহৰিব নোৱাৰি। ঠাট্টাৰ হাঁহি, নীৰস কথা আৰু উদ্ধতালি অশিষ্টতাৰ পৰিচায়ক। সদাচাৰ লাভ কৰিব খুজিলে এইবোৰৰপৰা আঁতৰি থাকিব লাগে; আৰু অতি সামান্য সামান্য বিষয়তে৷ সকলোৰে ওচৰত শিষ্ট-ব্যৱহাৰ কৰিবলৈ অভ্যাস কৰিব লাগে; কিছুমান দিন এইদৰে চলিলেই শিষ্ট-ব্যৱহাৰ মানুহৰ স্বভাৱত পৰিণত হৈ উঠে।

 ধন, মান, যশ আমি যিদৰে আশা কৰোঁ, আনেও কৰে; ঘৃণা, অপমান, কু-ৰটনা আমি সহিব নোৱাৰোঁ, আনে কিয় সহিব? আমি যিদৰে আত্মসম্মান, আত্মাভিমান বোধকৰোঁ, আনেও সেইদৰে বোধকৰে। শিষ্টাচাৰ লাভ কৰিব খোজা মানুহৰ এই সহানুভূতি থাকিব লাগে; সহানুভূতিতহে শিষ্টাচাৰৰ জন্ম। মনত ৰাখিব লাগে, স্বাৰ্থপৰতাই কদাচাৰৰ জনয়িত্ৰী।  পৃথিবীত মানুহৰ যিমানবোৰ সুখৰ আহিলা আছে, তাৰ ভিতৰত শিষ্টাচাৰো এটা। শিষ্টাচাৰৰ গুণতেই মানুহে সকলো হাইউৰুমি, বিবাদ-বিসম্বাদৰ হাত সাৰি ৰোগ, শোক, জৰা, ব্যাধিপূৰ্ণ সংসাৰতেই শান্তিৰ ৰাজ্য পাতিব পাৰে।



পদ্ম।

নীৰৱ প্ৰকৃতি সুৰ—পাহৰাসুৱঁৰি,
নিয়তি যেতিয়া নিজে জগাবৰ মনে,
পঠিয়ালে তপনক তমস্বিনী-অৰি,
সোণালী ৰহণে ধৰা হাঁহে ঘনে ঘনে;

সবিতাৰ সাদৰত সৰসী-পদুম
বাৰিষা বাতৰি পোৱ৷ চাতকিনী প্ৰায়
আপোন পাহৰি ৰঙে কাচে সুকাচন
সৌন্দৰ্য্য-সফুৰা মেলি দিন পোহৰায়।

দূৰণিৰপৰা দেখি কিনো বিতোপন,
দেখিলেই টানে মন অদৃশ্য ডোলেৰে,
নোৱাৰি থাকিব পিৰে উধতুৱা জন,
নানা কষ্টে লভি তাক হাতেৰে মোহাৰে।

8

সৌন্দৰ্য্যৰ প্ৰীতি নাই নৰৰ হিয়াত,
নিয়তিৰ গতি-বিধি পুৰি কৰে ছাই,
বিধাতাৰ লীলা থিৰে নাচাই ধৰাত
স্বাৰ্থে পৰি ঘাটি খাই কৰে হায় হায়।



ভক্ত গাজী।

 ই প্ৰায় ছশ বছৰৰ আগৰ কথা; বঙ্গদেশত চেকান্দৰ চাহ নামে এজন স্বাধীন ৰজা আছিল। এই সময়ত বঙ্গদেশৰ ৰাজধানী মালদহ জিলাৰ পাণ্ডুৱাত আছিল। চেকান্দৰৰ দৰাব, গেয়াচ আদি নামৰ কেইবাটিও পুত্ৰ আছিল; তাৰ ভিতৰত দৰাব ডাঙৰ আছিল।

 দৰাবৰ জন্ম সম্বন্ধে এইদৰে কথিত আছে যে, তেওঁ ওপজা দিনৰপৰা এমাহলৈ গোটেই পাণ্ডুৱাবাসী ৰাজভোগেৰে পৰিতৃপ্ত হৈছিল। মন্দিৰে মন্দিৰে মচজিদে মচজিদে কুমাৰৰ মঙ্গল প্ৰাৰ্থনাৰ মধুৰ শব্দ উচ্চাৰিত হৈছিল; সকলোৰে অন্তৰ হৰ্ষে পৰিপূৰ্ণ আছিল।

 দৰাব শুক্লপক্ষীয় চন্দ্ৰকলাৰ দৰে বাঢ়িবলৈ ধৰিলে। তেওঁৰ শৰীৰৰ গঠন সুন্দৰ, চকুজোৰ আয়তাকাৰ আৰু তেওঁৰ মুখমণ্ডল স্বৰ্গীয় জ্যোতিৰে ভৰা আছিল। কুমাৰ ছবছৰত ভৰি দিওঁতেই চুলতানে তেওঁৰ শিক্ষাৰ ভাৰ এজন৷ বৃদ্ধ মৌলবীৰ হাতত দিলে। মৌলবীয়ে কুমাৰক এবছৰ কাল কোৰাণ-চৰিফ শিকালে। তাৰ পাচত কুমাৰক বেলেগ বেলেগ শিক্ষকৰ তলত ৰাখি পাৰ্চী- আৰবী সাহিত্য, বুৰঞ্জী-ভূগোল, গণিত, ন্যায় আদি শাস্ত্ৰ পঢ়াবলৈ ধৰিলে।

 কুমাৰৰ বুদ্ধি আৰু স্মৰণশক্তি বৰ চোকা আছিল। শিক্ষক সকলে কুমাৰৰ প্ৰতিভা দেখি আচৰিত হৈছিল; তেওঁলোকে কুমাৰক বৰ যত্ন আৰু আদৰ কৰি পঢ়াবলৈ ধৰিলে। কুমাৰৰ বয়স যেতিয়া বাৰ বছৰ হল, তেতিয়া অকস্মাৎ তেওঁৰ ভাবান্তৰ ঘটিল। তেওঁ পঢ়িবলগীয়া পাঠ পঢ়ে, কিন্তু, তাৰ পাচতেই উদাসীন ভাৱে তেওঁ বহি থাকে।

এইদৰে দিন দিয়েকৰ পাচত দৰাব এদিন ফুৰিবলৈ যাওঁতে

তেওঁ এজন ফকীৰক লগ পালে। ফকিৰজন নগৰৰ ভিতৰৰ এটা সমাধিমন্দিৰৰ ওচৰত আছিল। ফকীৰে দৰাবক দেখি কলে, “কুমাৰ, তুমি চুলতানৰ পুত্ৰ, কিন্তু তুমি খোদাৰ নামৰ ভিক্ষাৰী হবা।” দৰাবে একো উত্তৰ নিদি ফকীৰক চালাম দি ৰাজপুৰীলৈ গুচি গল।

তেওঁ ঘৰ পায়েই ভাবিবলৈ ধৰিলে— “মই বঙ্গদেশৰ চাহজাদা,

বৰ কোঁৱৰ; ময়েই এই বিশাল ৰাজ্যৰ ভবিষ্যৎ উত্তৰাধিকাৰী, কিন্তু মোৰ তো তালৈ ইচ্ছা নাই; মোৰ মনটো দেখো বাটৰ ভিক্ষাৰীৰ লগে লগেহে ফুৰে; পিতা, মাতা, শিক্ষাগুৰুসকলে মোক স্নেহ কৰে; মাতৃয়ে অলপ চকুৰ আঁতৰ হোৱাও সহ্য কৰিব নোৱাৰে, কিন্তু মোৰ মনটো তো সিবিলাকলৈ সিমান ঢাল খোৱা নহয়। তেওঁলোকে যেতিয়৷ মোৰ অন্তৰৰ ভাব বুজিব, তেতিয়৷ তেওঁলোকে কিমান কষ্ট পাব! এইদৰে দৰাবৰ চিন্তা দুইফালে যোৱাত তেওঁ বৰ দোধোৰ- মোৰত পৰিল; আৰু তেওঁ নিজে গম নোপোৱাকৈ আকৌ সমাধিমন্দিৰৰ ওচৰ পালেগৈ।

 ফকীৰজন সমাধিমন্দিৰতে আছিল। তেওঁ দৰাবক দেখাপাই মাত নিলে—“আহাঁ৷ বোপা আহা, তুমি দোধোৰ মোৰত পৰিছা; এনে অৱস্থাত ভগবানৰ নামেহে চিত্ত স্থিৰ কৰিব পাৰে আৰু হৃদয়ত শান্তি দিব পাৰে। তুমি ধৰ্ম্মপথ বা সংসাৰৰ পথত আগবাঢ়িবলৈ কৰ্ত্তব্য স্থিৰ কৰিবৰ নিমিত্তে অধীৰ হৈছ৷, তোমাৰ দীক্ষা গ্ৰহণৰ এয়ে শুভ মুহূৰ্ত্ত; আহা কোঁৱৰ, তোমাক এতিয়াই দীক্ষা দিওঁ।

 দৰাবে মন্ত্ৰমুগ্ধৰদৰে সেই সাধুৰ পাচে পাচে খোজ দিলে; ফকীৰে সেই সমাধি মন্দিৰৰ ওচৰৰ নিৰ্জ্জন ঠাইত কুমাৰক ভগবানৰ নামত শৰণ দিলে; কুমাৰৰ চকু মেল খালে; তেওঁ দেখিলে – ৰজা-প্ৰজাৰ কোনো ভেদ নাই; জ্ঞানৰ গৰিমাতকৈ ঐশ্বৰ্য্যৰ গৰিমা বেচি নহয়। ঈশ্বৰবিশ্বাসত হৃদয়ত অপাৰ আনন্দ জন্মে, কালৈও ভয় নাথাকে, একোৰে অভাব বোধ নহয়।

 কুমাৰ ৰাজপুৰীলৈ আহিল। পূৰ্বৰ দৰে তেওঁ পাঠত মনোযোগ দিবলৈ চেষ্টা কৰিলে, কিন্তু নিষ্ফল হল। কুমাৰ মনে মনে সমাধি-মন্দিৰলৈ যায় আৰু তেওঁৰ গুৰুৰ লগত সাধন-ভজন কৰে। এইদৰে চুলতানে খবৰ নোপোৱাকৈ দৰাবে তিনি বছৰ সাধনা কৰে। তাৰ পাচত এদিন ফকীৰ জনাই কলে, “বোপা, তোমাৰ সাধনা পূৰ্ণহল—মোৰ উদ্দেশ্য সিদ্ধি হল। ম‍ই আজি এই ঠাই এৰিম; তুমি খোদাৰ নামৰ মহিমা দেশত ঘোষণা কৰিবা। মানুহৰ জীৱন বিপদ-আপদে মেৰখোৱা; বিপদতহে মনুষ্যত্ব বিকাশ হয়। সোণ পোৰে মানে চিকণ হোৱাৰ দৰে যিমানে বিপদত পৰিবা তোমাৰ প্ৰভাৱ সিমানে বাঢ়িব।

 মই যাওঁ কোঁৱৰ, মনত ৰাখিবা ভগবানৰ নামৰ ৰস অপৰিমেয়; তুমি সেই ৰস হৃদয়ত সঞ্চয় কৰি তেওঁৰ নাম হাতত লৈ ওলাবা। বাৰিষ৷ নৈৰ পাৰ বাগৰি দুয়োপাৰৰ শুকান মাটি ৰসাল কৰাৰ দৰে তোমাৰ হৃদয়ৰপৰা ওলোৱা প্ৰভুৰ মধুময় নামে পাপী-তাপীৰ নীৰস হৃদয় ৰসাল আৰু সজীৱ কৰিব।” এই বুলি ফকীৰে খোজ ললে, দৰাব ঘৰলৈ আহিল।

 এই সময়ত দৰাবৰ বয়স পোন্ধৰ বছৰ। ফকীৰে নগৰ এৰাৰ পাচৰপৰা দৰাবৰ ঈশ্বৰৰ নামৰ প্ৰেমাকৰ্ষণ বেচি হবলৈ ধৰিলে। দৰাবে আগৰ দৰে শাস্ত্ৰ নপঢ়া হল, তেওঁ সদায় চিন্তামগ্ন হৈ থাকিবলৈ ধৰিলে। চুলতান বৰ কোঁৱৰৰ উদাসীন ভাব দেখি উদ্বিগ্ন হল; বেগম অস্থিৰা হল। বেগমে কোঁৱৰক সাৱটি ধৰি চুমাখাই নানা ভাৱে প্ৰশ্ন কৰিবলৈ ধৰিলে। দৰাবে উত্তৰ দিলে, “আই, ম‍ই চুলতানৰ লৰা, মোৰ কিহৰ অভাৱ? মই ভালে আছো; মোৰ নিমিত্তে একে৷ চিন্তা নকৰিবা।” চুলতান চেকান্দৰে দৰাবক ওচৰলৈ মাতি নি সুধিলে, “তুমি বৰ চাহজাদা; তুমিয়েই এই ৰাজ্যত অভিষিক্ত হব লাগিব, এনে অৱস্থাত তুমি ফকীৰৰ স্বভাৱ কিয় ধৰিব খোজা? তুমি চুলতানৰ লৰা— চাহজাদাৰ দৰে চলন-ফুৰণ কৰিবা।” দৰাবে পিতাকৰ কথা মূৰ দোঁৱাই শুনিলে; তাৰ পাচত তেওঁ কুৰ্নিচ কৰি গুচি গল।

চেকান্দৰে দৰাবৰ উদাসীনতা গুচাবলৈ বিয়া পতাকেই স্থিৰ কৰিলে। দৰাবে তাৰ সংবাদ পাই মন্ত্ৰীক লগ ধৰি কলে “সংসাৰ পাতি গৃহী হোৱা মোৰ পক্ষে অসম্ভৱ। পৃথিবীৰ কিমান মানুহ ৰোগ-শোকত জৰ্জ্জৰিত হব ধৰিছে; সংসাৰ কৰি ৰাজ্য ভোগ কৰিবলৈ মোৰ সমূলি ইচ্ছা নাই। আপুনি চাহানচাহক বুজাই কব, ম‍ই বিধাতাৰ সঙ্কেত মতে নিয়তিৰ পথত চলিছো।”

মন্ত্ৰীয়ে কোঁৱৰৰ কথা ৰজাত জনালে; ৰজাৰ আশঙ্কা সত্যত পৰিণত হোৱাত তেওঁৰ খং উঠিল; কিন্তু বাজত প্ৰকাশ নকৰি দৰাবক মাতি আনি বুজাব ধৰিলে। শেষত দৰাবে উত্তৰ দিলে—“পিতা, যিজনে এই সৃষ্টি ৰচনা কৰিছে, তেওঁৰ নামেই মোৰ সম্বল, মোক অন্য ঐশ্বৰ্য্য একো নালাগে। ভগবানৰ নাম মুখত লৈ মই মানুহৰ ঘৰে ঘৰে ফুৰিম, মোক কেৱল আপোনালোকৰ ওচৰতে বান্ধি ৰাখিবলৈ যত্ন নকৰিব।”

কোঁৱৰৰ উত্তৰত চুলতানৰ আকৌ খং উঠিল; কিন্তু এইবাৰো তেওঁ খং প্ৰকাশ নকৰি দৰাবক মৰমেৰে বুজাই শেষত গৃহধৰ্ম্মৰ শ্ৰেষ্ঠতা আৰু ৰাজধৰ্ম্মৰ কথা কলে। দৰাবে পিতাকক চালাম জনাই কলে, “মোক ক্ষমা কৰিব পিত৷! ম‍ই পুণ্যৰ লোভত প্ৰলুব্ধ নহওঁ, আৰু পাপৰ ভয়তো শঙ্কিত নহওঁ। ৰাজত্ব আৰু প্ৰভুত্ব কোনো এবিধেই মোৰ কাম্য নহয়; মই খোদাৰ নামৰ ভিক্ষাৰী; মোক বিষয়-জঞ্জালত বান্ধিবলৈ যত্ন নকৰিব পিতা!',

 এইবাৰ চুলতানৰ খঙে চুলিৰ আগ পালে; হঠাৎ তেওঁৰ মুখৰ পৰা ওলাল—“তোৰ কথা আৰু শুনিবৰ মন নাই; তই আজিৰপৰা ৰাজকাৰ্য্যত মনোযোগ দিবই লাগিব।” দৰাবে পিতাৰ খং বুজি পালে; তেওঁৰ কথা নুশুনিলে বিপদত পৰিব লাগিব বুলিও তেওঁৰ ধাৰণা হল; তথাপি তেওঁ উত্তৰ দিলে, “পিতা, ক্ষমা কৰিব। মোৰ অন্তৰত সম্পদৰ আকাঙ্ক্ষা নাই, ৰাজকাৰ্য্যত মোৰ আশক্তি নাই; আপোনাৰ আদেশ পালন কৰিবলৈ মই অসমৰ্থ।” কোঁৱৰৰ ওচৰত চুলতান ধৈৰ্য্যচ্যুত হল—তেওঁ অপত্যস্নেহ হেৰালে। চুলতানে চাউডাঙৰ ফালে চাই কলে, “এনে অবাধ্য সন্তানৰ মই মুখ নাচাওঁ; এই নৰাধাৰ মূৰ কাটি পেলাঁ।”

 বঙ্গৰ স্বেচ্ছাচাৰী ৰজা, তেওঁৰ আজ্ঞা অৱহেলা কৰে কোনে? চাউডাঙে দৰাবৰ হাতত ধৰিলে আৰু তেওঁৰ ডিঙিত তৰোৱালৰ ঘাপ দিলে। তৰোৱাল ছিঙি দু টুকুৰা হল—কোঁৱৰৰ ডিঙি কটা নগল। চুলতানৰ খং দুগুণে বাঢ়িল; তেওঁ ততালিকে হাতীৰ মাউতক মতাই আনি দৰাবক হাতীৰে গছকাই মাৰিবলৈ আদেশ কৰিলে। মাউতে হাতী আনিলে, দৰাবক মাটিত পেলাই থোৱালে আৰু তেওঁক গছকিবলৈ হাতীক লগাই দিলে। কিন্তু সকলোৱে দেখি আচৰিত হল—হাতীয়ে দৰাবক সুঙি ভিৰি লৰ দিলে। মাউতে বহুত বাৰ যত্ন কৰিও হাতীক আজ্ঞাপালন কৰাব নোৱাৰা দেখি চুলতানে অগ্নিকুণ্ড জ্বলোৱালে। জুই ল-লকৈ জ্বলি উঠিল; দৰাবক তাতেই পেলাই দিয়ালে। গোটেই নগৰতে হাহাকাৰ-ধ্বনি উঠিল। বেগমক কোঠালী এটাত বন্দী কৰি থোৱালে। চুলতানে ভাবিলে, এইবাৰ সকলো শেষ হব; কিন্তু পাচদিনা ৰাতিপুৱা দেখি আচৰিত হল, দৰাব ছাইৰ মাজত বহি আছে। চুলতানে সহিব নোৱাৰিলে; তেওঁ দৰাবক তাৰপৰা অনালে আৰু বুকত সাতমোন গধুৰ এটা শিল বান্ধি গঙ্গাত পেলাই দিয়ালে। ৰাজ্যত আকৌ আৰ্ত্তনাদ-ধ্বনি উঠিল, ৰাজ-অন্তঃপুৰী কান্দোনৰ ৰোলে পুনৰ খলক লাগিল। কিন্তু দুদিনৰ পাচত চুলতানে শুনিলে, দৰাব গঙ্গাৰ ঘাটত সেই শিলটোৰ ওপৰতে বহি আছে। সংবাদ পাই বেগম বাউলী হৈ গঙ্গাৰ ঘাটলৈ লৰ দিলে, চুলতানো গ’ল; দৰাবক ঘৰলৈ আনিলে; এইবাৰ বেগমে দৰাবক বুকত সাৱটি ললে। নিশা হ’ল, তথাপি বেগমে দৰাবক নেৰিলে—দৰাবক বুকত লৈ তেওঁ মহাসুখে নিদ্ৰা গল।

 ৰাতি এপৰ মান থকাত দৰাবে সপোনত তেওঁৰ গুৰুক দেখা পালে। তেওঁৰ গুৰু সেই ফকীৰে শিতানত বহি যেন কলে, “বোপা, আজি মাৰৰ বুকৰ মাজত মহাসুখত টোপনি গৈছা! বুজিলা নে ভগবানৰ কিমান মহিমা! তেওঁৰ কিমান দয়া! তুমি পৰীক্ষাত উত্তীৰ্ণ হলা; তোমাক আজি “গাজী” উপাধি দিলোঁ। উঠা আৰু নুশুবা, ভগবানৰ অপাৰ কৰুণা, অসীম ক্ষমতা, জগত প্ৰচাৰ কৰাঁগৈ।” দৰাব সাৰ পাই উঠি বহিল; দৰাবে বিছনাৰপৰা উঠি মাকক সেৱা কৰিলে। নীৰব-প্ৰকৃতি, গহীন ৰাতি; গাজী ধীৰে ধীৰে শোৱা কোঠালীৰপৰা ওলাল, লাহে লাহে ৰাজ-অন্তঃপুৰীও পাৰ হল, নগৰো এৰালে। তেওঁ গৈ গৈ সমুদ্ৰৰ কাষৰ সুন্দৰবন পালে।

 ৰাতিপুৱা ৰাজপুৰীত আকৌ শোকৰ উৰ্ম্মি উথলিল— ৰাজধানীত হাহাকাৰ লাগিল। এইবাৰ চুলতানৰ শোক আটাইতকৈ চৰিল; তেওঁ বলিয়াৰদৰে কি কয় একো ঠিক নাইকিয়া হল। মন্ত্ৰীয়ে কোঁৱৰক বিচৰাই মানুহ পঠালে কিন্তু বহুত দিন বিচাৰিও কেৱে কোঁৱৰৰ সংবাদ দিব নোৱাৰিলে।

 সুন্দৰবন হিংস্ৰ জন্তুৰে ভৰা; সেই জন্তুবোৰ গাজীৰ সঙ্গী হল। তেওঁ তাত গছৰ ফল-মূল খাই ভগবানৰ নাম জপ কৰিবলৈ ধৰিলে। গাজীয়ে সুন্দৰবনত বাৰ বছৰ থাকি সাধনা কৰিছিল; তাৰ পাচত তেওঁ উত্তৰ ভাৰতত ঈশ্বৰৰ নাম বিলাই ফুৰে। আজিকালিও সুন্দৰবনত আৰু হুগলীৰ ওচৰৰ শিৱপুৰত তেওঁৰ স্মৃতিচিনস্বৰূপে বহুত দৰগাহ আছে; এইবোৰক গাজী-চাহাবৰ দৰগাহ বোলে।


ৰামচন্দ্ৰ আৰু ভৰতৰ কথোপকথন।

 [অবোধ্যাৰ ৰজা দশৰথে তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰামচন্দ্ৰক যুৱৰাজ পাতিবৰ ইচ্ছা কৰিলত, তেওঁৰ প্ৰিয়া ভাৰ্য্যা কৈকেয়ীয়ে সেই কথাত অমান্তি হৈ ৰামক বনলৈ পঠাই তেওঁৰ পুতেক ভৰতক যুৱৰাজ কৰিবৰ নিমিত্তে কোৱাত, বুঢ়া ৰজাই লাগী আৰু যুৱতী ভাৰ্য্যাৰ কথা পেলাব নোৱাৰি ইঙ্গিতেৰে সেই কথাত সম্মতি দিলে, আৰু তদনুসাৰে ৰামে বনলৈ যাত্ৰা কৰিলে। তেতিয়া ভৰত অযোধ্যাত নাছিল; উলটি আহি ৰামৰ বনবাস আৰু সেই শোকত দশৰথ ৰজাৰ মৃত্যু হোৱাৰ বাৰ্ত্তা পাই অত্যন্ত শোকেৰে ৰামক বিচাৰি গৈ, তেওঁৰ আগত তলত লিখা কথাবিলাক কলে; তাৰদ্বাৰা নিজ জ্যেষ্ঠ ৰামচন্দ্ৰলৈ তেওঁৰ যিমান চেনেহ আৰু ভক্তি আছিল সি উত্তমৰূপে প্ৰকাশ পাইছে।]

 ভৰতে কলে, “হে শত্ৰুনাশক! পৃথিবীত আপোনাৰ তুল্য কোন আছে? আপুনি দুখত কাতৰ নহয়, সুখেও আপোনাৰ অহঙ্কাৰ বঢ়াব নোৱাৰে। বুঢ়া লোকবিলাকেও আপোনাক সৎকাৰ কৰে; আৰু কোনো কথাত সংশয় হলে আপুনিও তেওঁবিলাকৰ পৰামৰ্শ লয়। যিবিলাকে আপোনাৰদৰে নিজৰ হিতাহিত বুজে, তেওঁবিলাক কেতিয়াও কষ্টত নপৰে। আপোনাৰ মহানুভবতা, সত্যবাদিতা, বহুদৰ্শিতা জ্ঞান আৰু বুদ্ধি আছে, সেইবিলাক গুণেই আপোনাৰ মন, যে দেৱতাৰ তুল্য তাৰ বিশেষ প্ৰমাণ দিছে। সেই মনত এই সংসাৰ যে অনিত্য আৰু অসাৰ, এই কথাৰ সম্পূৰ্ণ বোধ আছে; এতেকে দুখ বা হানিৰপৰা তাত বিকাৰ নজন্মে। এই কাৰণে ম‍ই প্ৰবাসত থাকোঁতে মোৰ অল্পবুদ্ধি আৰু দুৰ্ম্মতি মাতৃয়ে মোৰ ভালৰ নিমিত্তে ব্যগ্ৰ হৈ যি ঘোৰ অপৰাধ কৰিছে তাক ক্ষমা কৰোক। ম‍ই পুত্ৰৰ কৰ্ত্তব্যৰ দ্বাৰা আৱদ্ধ; এতেকে তেওঁক জগৰৰ উপযুক্ত শাস্তি ম‍ই দিব নোৱাৰোঁ। ম‍ই মহামতি দশৰথৰ পুতেক, পাপ-পুণ্য এই দুইৰো প্ৰভেদ জানোঁ; এতেকে কেনেকৈ গৰিহিত কাম কৰিম? আমাৰ পৰম মান্য পিতৃ ৰজা দশৰথ লোকসকলৰ পূজ্য আছিল, আৰু দেৱতাৰ দৰে সভাক উজ্জ্বল কৰিছিল; তেওঁকো নিন্দা কৰিব নোৱাৰোঁ। কিন্তু যুক্তি আৰু ধৰ্ম্মৰ বোধ থকা কোনো মানুহে তিৰোতাৰ কথা শুনি এনে অন্যায় আৰু ৰাজনীতিৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে। বেদৰ বচন এটি মোৰ মনত পৰিছে, তাৰ অৰ্থ এই, যে মৃত্যুৰ ওচৰ চাপিলে সকলো প্ৰাণীৰ বুদ্ধি আৰু শক্তি · লোপ পায়; আমাৰ পিতৃ ৰজাৰ কাৰ্য্যৰদ্বাৰা সেই বচনৰ সত্যতা সপ্ৰমাণ হৈছে! আপুনি সৎপুত্ৰ; এতেকে কুপিত ভাৰ্য্যাৰ বশ হৈ, বিবেচনা নকৰাকৈ আমাৰ পিতৃয়ে যি অকৰ্ম্ম কৰিলে, আপুনি তাক মাৰ্জ্জনা কৰিব লাগে। যি পুত্ৰে পিতৃৰ দোষ গণনা নকৰে, তেওঁ হে স্বৰূপ পুত্ৰ, আৰু তেওঁ সকলোৰে আদৰ পায়। ইয়াৰ অন্যথা কৰিলে ওলোটা ফল হয়। আপুনিও তেনে পুত্ৰ হওক আৰু পিতৃৰ কুকৰ্ম্মক প্ৰখ্যাত নকৰিব, কিয়নো তাকে কৰিলে আপুনি সকলোৰে নিন্দাৰ পাত্ৰ হব। হে বীৰ! মোক আৰু মোৰ মাতৃ কৈকেয়ীক ত্ৰাণ কৰোক। পিতৃৰ মান ৰক্ষা আৰু আমাৰ মিতিৰ-কুটুম আৰু প্ৰজাবিলাকক প্ৰতিপালন কৰা আপোনাৰ উচিত। ক্ষত্ৰিয়ৰ বনবাস কেনে অসঙ্গত। যি লোকে প্ৰজাক পালন কৰিব লাগে, জটাৰ ভাৰ বৈ আৰু বাকলিবসন পিন্ধি হাবিত থকা তেওঁৰ কেনে অযুগুত! এতেকে পিতাৰ তেনে আজ্ঞা মান্য নহয়।

 ধৰ্ম্মশাস্ত্ৰৰ নিয়ম অনুসাৰে সিংহাসনত উঠি প্ৰজাপালন কৰা ক্ষত্ৰিয়ৰ প্ৰধান কৰ্ম্ম। কোন ক্ষত্ৰিয় ইমান ভ্ৰান্ত হব পাৰে, যে পৰোপকাৰ কৰিবৰ বৰ্ত্তমান নিশ্চিত আৰু স্থিৰ উপায়ক ত্যাগ কৰি অনিশ্চিত আৰু আশঙ্কাযুক্ত ভবিষ্যত উপায়লৈ আশা কৰে? যদি শাৰীৰিক ক্লেশ সহি কষ্ট-সাধ্য ধৰ্ম্ম কৰিৰ আপোনাৰ ইচ্ছা হৈছে, তেন্তে আপুনি ন্যায় অনুসাৰে চতুৰ্ব্বৰ্ণ প্ৰজাৰ প্ৰতিপালন কৰাত যি দুখ হয় তাক গ্ৰহণ কৰি আপোনাৰ বাঞ্ছা পূৰাওক। নীতিজ্ঞ পণ্ডিতসকলে কৈছে যে, চাৰি আশ্ৰমৰ ভিতৰত গৃহস্থাশ্ৰম শ্ৰেষ্ঠ। আপুনি কিয় সেই আশ্ৰম এৰিবৰ ইচ্ছা কৰিছে? ম‍ই বয়সে আপোনাতকৈ সৰু আৰু জ্ঞানতো হীন; এতেকে আপুনি থাকোঁতে ম‍ই কেনেকৈ ৰাজ্য ভাৰ লম? মোৰ বুদ্ধি অপৰিপক্ক, উপযুক্ত গুণো নাই, পদতো আপোনাৰ তলতীয়া; এইবিলাক কাৰণৰ নিমিত্তে আপুনি নোহোৱাকৈ জন-সমাজত থাকিবলৈ মোৰ সাহ নজন্মে। আপুনি ধৰ্ম্মজ্ঞ; এতেকে পৈতৃক ৰাজ্য গ্ৰহণ কৰি বন্ধু-বান্ধৱেৰে সৈতে তাক শাসন কৰোক। ধৰ্ম্মকাৰ্য্যৰ বিধি জন৷ মান্যবৰ বশিষ্ঠে ইয়াত উপস্থিত থকা ব্ৰাহ্মণ আৰু প্ৰজাবিলাকেৰে সৈতে এই ঠাইতে আপোনাক অভিষিক্ত কৰোক। আমাৰদ্বাৰা অভিষিক্ত হৈ আপুনি অযোধ্যালৈ যাওক, আৰু ৰাজ্যশাসন কৰি দেৱতাসকলেৰে সৈতে ইন্দ্ৰৰ দৰে শত্ৰুবিলাক দমন কৰোক গৈ। মানুহৰ জন্ম হলেই,

যে তিনটা ধাৰ লাগে, সেইবিলাক পৰিশোধ কৰি মোক

আপোনাৰ প্ৰজা বুলি জ্ঞান কৰোক, এবং দুষ্টক দমন আৰু শিষ্টক পালন কৰোক। আপুনি ৰজা হোৱাৰ বাবে আজি সন্তসকলে আনন্দ পাওক আৰু দুষ্ট লোকবিলাকে দণ্ডৰ ভয়ত দশোদিশে পলাই যাওক ৷ আপুনি মোৰ মাতৃৰ বিদ্বেষ ক্ষমোক আৰু নগৰলৈ উলটি গৈ আপোনাক বনবাসলৈ পঠোৱাৰ বাবে পিতৃৰ যি দুর্ণাম হৈছে তাকো দূৰ কৰোক ৷ ম‍ই মূৰ দোঁৱাই প্ৰাৰ্থনা কৰিছোঁ, পৰমেশ্বৰে সকলো জীৱজন্তুৰ প্ৰতি যেনে কৃপা কৰে, আপুনি মোৰ আৰু মোৰ বন্ধুবৰ্গৰ প্ৰতি তেনে কৃপা দান কৰোক।

 ভৰতৰ কথা সমাপ্ত হলত ৰামচন্দ্ৰই উত্তৰ কৰিলে—“হে কৈকেয়ীৰ আৰু মহাৰজা দশৰথৰ পুত্র! তুমি যি কথা কৈছা সি যে যুক্তিযুক্ত তাত সংশয় নাই। কিন্তু হে ভাই ! ভাবি চোৱাচোন, আমাৰ পিতৃয়ে যেতিয়া তোমাৰ মাতৃক বিয়া কৰে, তেতিয়৷ এই ৰাজ্য তেওঁক স্ত্রী-ধন স্বৰূপে দিবলৈ অঙ্গীকাৰ কৰিছিল। তাৰ পাচত দেৱাসুৰৰ যুদ্ধত তেওঁ দেৱতাবিলাকৰ ফলীয়া হৈ ৰণ কৰোঁতে ঘাইল হোৱাত তোমাৰ মাতৃয়ে যি শুশ্রূষা কৰে, তাৰদ্বাৰা সন্তুষ্ট হৈ বাঞ্ছিত বৰ দিবৰ নিমিত্তে তেওঁ পুনৰায় প্ৰতিজ্ঞা কৰে। তোমাৰ মান্যৱতী মাতৃয়ে এতিয়া সেই প্রতিজ্ঞা সোঁৱৰাই দুটা বৰ খোজে— প্ৰথমটো এই যে, ৰজাই যেন তোমাক ৰাজ্য দিয়ে, আৰু দ্বিতীয়টো এই যে, মোক যে তেওঁ বনলৈ খেদায় ।

 ৰজা প্ৰতিজ্ঞাত আৱদ্ধ থকাৰ গুণে এই দুই প্ৰাৰ্থনাৰ বিৰোধ আচৰণ কৰিব নোৱাৰি সেই কথাত মান্তি হল। এতেকে পিতৃৰ আজ্ঞাত মই এই ঠাইত থাকিবলগীয়া হৈছোঁ। পিতৃয়ে তোমাৰ মাতৃৰ আগত যি অঙ্গীকাৰ কৰিছিল, তাৰ পালনৰ নিমিত্তে মই চৈধ্য বছৰ বনত থাকিব লাগে। এই কাৰণেই ভাই লক্ষ্মণ আৰু ভাৰ্য্যা সীতাক লৈ এই হাবিলৈ আহিছোঁ। ম‍ই পিতৃৰ আজ্ঞা অৱশ্যে পালন কৰিম। তুমিও সেইৰূপেই শীঘ্ৰে ৰজা হৈ তেওঁৰ বাঞ্ছা পূৰণ কৰিব লাগে। হে মোৰ ভাই ভৰত, মোৰ কথা লোৱাঁ, আমাৰ পিতৃক অঙ্গীকাৰস্বৰূপ ধাৰৰপৰা মুক্ত কৰাঁ। তুমি ধৰ্ম্ম নজনা নোহোৱা, এতেকে পিতাক মুকলি কৰাঁ, আৰু মাতাকো সন্তোষ দিয়॥ অযোধ্যালৈ উলটি যোৱা এবং শত্ৰুঘ্ন আৰু ব্ৰাহ্মণ বিলাকেৰে সৈতে লগলাগি প্ৰজাবিলাকৰ সুখবৃদ্ধি কৰা গৈ। ম‍ই এতিয়াই সীতা আৰু লক্ষ্মণেৰে সৈতে দণ্ডকাৰণ্যত সোমাম। হে ভৰত, তুমি মানুহৰ ওপৰত ৰাজত্ব কৰাঁগৈ, মই বনৰীয়া জন্তুক শাসন কৰিম।. তুমি আনন্দচিত্তেৰে আমাৰ অনুপম নগৰলৈ যোৱাঁ, মই অৰণ্যত প্ৰবেশ কৰোঁ। তোমাৰ মূৰৰ ওপৰত ৰাজছত্ৰে সূৰ্য্যৰ তাপ গুচাই শীতল ছাঁ দিয়ক, আৰু এই হাবিত থকা গছৰ ছাঁই ৰ'দৰ তাপৰপৰা মোক ৰক্ষা কৰিব। অসীম বুদ্ধি আৰু নীতিজ্ঞ শত্ৰুঘ্নে পৰামৰ্শৰদ্বাৰা তোমাক সহায় কৰিব, আৰু মোৰ পৰীক্ষিত বন্ধু লক্ষ্মণ মোৰ সহায় হব। হে ভৰত, শোক নকৰিবা। আমাৰ চাৰি ভাইৰ যত্নৰ দ্বাৰা আমাৰ পিতৃৰ অঙ্গীকাৰ সফল হব।”

 ধন্য ৰামচন্দ্ৰ! তুমি পিতৃ-ভক্তি আৰু অঙ্গীকাৰ ৰক্ষাৰ শেষ সীমা দেখাই দিলা।


শ্ৰীআনন্দৰাম।

এটি দুটি কৰি  তৰা শাৰী শাৰী
গগন বিয়পি দিছে ভুমুকি
জবাফুল-মালা  শ্যামাৰ গলত
দেখোঁ যেন তাতে আছে জিলিকি ॥
ফুলভৰা ডলা  সুনীল গগন,
অতি যতনেৰে মূৰত তুলি।
আনন্দেৰে যেন, ৰজনী ৰমণী
প্রকৃতি-দেৱীক দিছে উৰুলি ॥
পপীয়া বেগাই  মনে মনে যায়,
আনন্দৰ যেন ধৈয নাই ।
গগন বিয়পি  মাৰে চিকিমিকি,
আনন্দেৰে যেন হাঁহে তৰাই ॥
ঘনে ঘনে বাজে  দুন্দুভি দেৱৰ
মৃদঙ্গ-পটহ-বীণা-গোমুখ ।
অপ্সৰা কিন্নৰী  নাচে মন পূৰি,
আনন্দ যেন নিৰখি মুখ ৷৷
অপাৰ আনন্দ  লাগিছে দিৱত,
নিৰানন্দময় কিয় ভূতল ?
নাই সুখগান  কোকিলৰ কুহুঁ,
ভোমৰাৰ গুলু গুনু কোঢ়াল ৷৷

পদুম ফুলনি, আছে ফুলি ফুলি
আনন্দৰ তাত নেদেখোঁ চিন ।
পলাইছে যেন  আনন্দ সমূলি,
ভূতলক কৰি মনত ঘিণ ৷৷
অকলে দুখুনী  অসম নহয়
নহয় গৌৰৱহীন বেঙ্গল।
বিশেষ কি কম  ভাৰত নহয়—
নিৰানন্দময় সৰ্ব্ব ভূতল ৷
স্রোতবলা চিন  আনন্দৰ এটি
শুকাই ভূমিত অদ্যপি আছে ৷
শুকান নদত  আনন্দ তৰণী
এৰি বেদমাতা লৰি গৈছে ৷৷
কিনো দুৰদিন  জগতৰ আজি,
হৰিছে কি নিধি মৰ্ত্ত্যৰ কোনে ?
এটী লম্বোদৰী,  লম্বিত-ৰসনা,
ক্ষীণ কলেৱৰা ৰাক্ষসী ভণে—
“শুন সাৰ বাণী   অজ্ঞান মানৱ,
শুন তহঁতৰ শোকৰ বাণী,
মোহতে পাহৰি,   আপোনাৰ বাট
এটি দেৱশিশু পথ নিচিনি,
ভাৰতৰ শিৰ   অসম দেশত
লভিছিলে আহি জন্ম আপুনি ৷

মানৱ জাতিৰ  অসাধ্য শকতি
ধৰিছিলে বীৰে ভুবন জিনি ৷
শ্ৰীআনন্দৰাম  বৰুৱা নামেৰে
যশো-ৰবি যাৰ জুৰিছে ভূমি ।
কৰিছিলে মন  জ্ঞান-জোনাকেৰে
পোহৰ কৰিব মৰতভূমি ৷৷
দেখি দেৱতাৰ  নসহিলে চিত
ভূতলৰ হেন সাৰ বিভূতি ।
জানিলে দেৱত্ব  হব পৰাভৱ,
মানৱত্ব সহ কৰি সমিতি ৷৷
সেই হেতু দেৱে  নিজ বংশধৰ
অকালতে নিলে আনন্দ হৰি ।
আনন্দ-অভাৱে  গগনত আজি
আজি তহঁতৰ মৰত-পুৰী ৷৷
আনন্দ-পতাকা  গগণত আজি
উৰিছে দেৱৰ আনন্দ পাই ।”
কি বাতৰি দিলি  হেৰ কালদূতি
মৰতত আজি “আনন্দ” নাই ?
নিৰানন্দময়,  আজি ধৰাধাম
কৰিলে নিৰ্দ্দয় দেৱতাকুলে ৷
নসহিল চিতে  ক্ৰূৰ দেৱতাৰ
মানৱৰ সুখ-সম্পদ মূলে ॥

অতি-কুমলীয়া  মানৱ-হৃদিত
কৰিলে বিধাতা অশনি-পাত ৷
আশাৰ তৰণী  মাজ সাগৰত
ডুবাই সাধিলে ঘোৰ বিবাদ ৷
হে দেৱ-সম্ভৱ,  হে আনন্দৰাম
এৰিলা অসাৰ শৰীৰ তুমি।
সদানন্দধামে,  কৰিলা বিহাৰ
নিৰানন্দময় তিয়াগি ভূমি ৷৷
চিৰ ঋণী কৰি  মানৱ-কুলক
ৰাখিলা জ্ঞানৰ পোহৰ ঢালি ৷
মৰিও অমৰ  ভূতলত তুমি
যত দিন ৰবি থাকিব চলি ॥'
অমৰৰ বহু অমৰপুৰত
থাকা সুখে তুমি আনন্দ কৰি ৷
নাথাকিবা মাত্র, তব শোকাতুৰ,
মানৱগণক দেৱ পাহৰি ৷৷



মানুহ।

 আমি কেতিয়াবা কেতিয়াবা শুনিবলৈ পাওঁ—“ধনী হলে কি হব, সি অমানুহ।” কেতিয়াবা কোনো জনক কোৱা শুনোঁ —“লিখা-পঢ়া শিকিলে কি হল, তাক আৰু মানুহ বোলে নে ?” কোনোৱে আকৌ কাৰবাক কয়, “সি দুখীয়া যদিও মানুহৰ কাম কৰিলে।” এইবোৰৰপৰা স্পষ্ট বুজিব পাৰি অৰ্থ আৰু বিদ্যাৰ লগত “মানুহৰ” সম্বন্ধ বেচি নাই; যিবোৰ অলঙ্কাৰ থাকিলে মানুহ মানুহ নামৰ যোগ্য হয়, সেইবোৰ ধন আৰু বিদ্যাৰ লগত স্বভাৱতে নাথাকে ৷

 যদি আঢ্যৱন্ত হৈ ক্ৰোধৰ বশবৰ্ত্তী হৈ মানুহে আনৰ অপকাৰ কৰে আৰু শাস্ত্রজ্ঞ হৈ লোভ বা মোহত পৰি ব্যভিচাৰ কৰে, তেন্তে লোকসমাজে সেই মানুহক অৱজ্ঞা নকৰি নাথাকে। বিদ্যাহীন দৰিদ্ৰে যদি নিজক চম্ভালি ওচৰ চুবুৰীয়াৰ লগত প্ৰীতিৰে বাস কৰে, কাৰবাক কেতিয়াবা কিবা সহায় কৰিবলৈ পালে আনন্দ বোধ কৰে, জাতিভাইৰ কিবা বিপদ দেখিলে নিজক তাত ডুবাই দিয়ে, তেৱেঁই সকলোৰে আদৰৰ ধন হৈ উঠে, তেওঁৰেই মূৰ মানুহ নামৰ গৌৰৱ-মুকুটে শোভা কৰে ৷ অকল ধন আৰু বিদ্যাই মানুহক ‘মানুহ' নাম দিব নোৱাৰে, মানুহ নাম দিয়ে পৱিত্ৰ হৃদয়ে আৰু আচৰণেহে ৷ যাৰ হৃদয় পৱিত্ৰ, তেওঁক ষড়ৰিপুৱে ইচ্ছামতে টানি লৈ ফুৰাব নোৱাৰে, তেওঁৰ ইন্দ্ৰিয়বোৰ সংযত থাকে। কথাতে কয়, “যি হয় ৰিপুৰ দাস, তাৰ হয় সর্ব্বনাশ।” এতেকে আত্মশাসন নহলে 'মানুহ' হবলৈ যোৱা বিড়ম্বনা মাত্র ৷ আত্মশাসন হলে আধা মনুষ্যত্ব লাভ হল বুলি ধৰিব পাৰি। আত্ম-দমনকাৰী লোকে পৰাৰ্থে যেতিয়া স্বার্থত্যাগ আৰু আৱশ্যকমতে আত্ম-বিসর্জ্জন কৰিব পৰা হয়, তেওঁ মানুহ নামৰ যোগ্য হয় । এই কাৰণেই উদাৰতা, শিষ্টাচাৰ, পৰোপকাৰ . আৰু কৰ্ত্তব্যনিষ্ঠাক মনুষ্যত্বৰ অঙ্গ আৰু আত্মশাসনক তাৰ ভেঁটি বুলিব পাৰি ৷

 কাম-ক্রোধাদিক আমি ৰিপু বোলো, কিন্তু আচলতে যেতিয়ালৈকে ইহঁতে আমাৰ অনিষ্ট নকৰে, তেতিয়ালৈকে ইহঁতে 'ৰিপু' বুলি আখ্যা পাব নোৱাৰে— ইহঁত মনৰ একোটা ধৰ্ম্মহে। ৰিপুবোৰে সংসাৰত আমাক চলাই লৈ ফুৰায় ; ইহঁতৰ সহায়তে আমি উদগতিৰ পথত আগবাঢ়োঁ ; কিন্তু যেতিয়া ইহঁতে আমাৰ অনিষ্ট সাধন কৰে, তেতিয়া ৰিপু হৈয়েই জিলিকি উঠে। আত্ম-শাসনকাৰী লোকে ষড়ৰিপুক স্ববশত ৰাখি সিহঁতৰ হতুৱাই কাম কৰাই লয়, নিজক সিহঁতৰ দাস কৰি নিদিয়ে। স্কুলীয়া ছাত্রই শিক্ষকৰ ওচৰত, সন্তানে পিতৃ-মাতৃ বা অভিভাৱকৰ ওচৰত অপৰাধ কৰা স্বাভাৱিক, এই দোষবোৰ শুধৰাবলৈ শিক্ষক আৰু অভিভাৱকে খং কৰিব লাগিব; কিন্তু সেই বুলি শাস্তিৰ ফল পাহৰি খং কৰিলে, সি খং কৰোঁতাৰ গাত ৰিপু হৈহে জিলিকিব ! অর্থ সৎকামৰ প্ৰসূতি । অৰ্থ লৈ মোহ নাথাকিলে অর্থসঞ্চয় নহয়; কিন্তু এই মোহ বেচি হলে অৰ্থৰ সদব্যৱহাৰ নহয় । সেইদৰে কাম, ক্রোধ, লোভ, মোহ, মদ, মাৎসর্য্যৰো আৱশ্যকতা আছে ; কিন্তু এইবোৰে মনক চলাই লৈ ফুৰালে নানা ব্যভিচাৰ আৰু দুষ্ক্রিয়া ঘটে। এইদৰে ষড়ৰিপুক স্ববশত ৰাখিলেহে মনুষ্যত্বৰ আসন হৃদয়ত সাজি লোৱা হয় ৷ মনুষ্যত্ব লাভ কৰিব খুজিলে আত্মশাসনৰ পাচতেই কৰ্ম্মৰ পাল পৰে । আত্মশাসন কৰি সৎকৰ্ম্ম নকৰিলে “মানুহ” নাম পাব নোৱাৰি ।

 দৰিদ্ৰতাৰ সমান দুখ নাই; দৰিদ্ৰতাই মানুহৰ গুণবোৰো নিষ্প্রভ কৰে ৷ বহুত সময়ত সৎকৰ্ম্ম কৰিবলৈ ইচ্ছা জন্মিলেও অৰ্থৰ অভাৱত কাম কৰিব নোৱাৰি মনকষ্ট ভোগ কৰিবলগীয়া হয়। সেই কাৰণে সংসাৰী মানুহে সৎপথত থাকি কৰ্ম্ম কৰি নিজৰ অৱস্থা সচ্ছল কৰিবলৈ যত্ন কৰা প্ৰধান আৰু প্ৰথম কৰ্ত্তব্য। কৰ্ত্তব্যনিষ্ঠাই সফলতা আনে, কৰ্ত্তব্যলৈ আওকাণ কৰা মানুহে সংসাৰত উন্নতি কৰিব নোৱাৰে ৷

 এতেকে জীৱনৰ উদ্দেশ্য ঠিক কৰি কৰ্ত্তব্যনিষ্ঠ হৈ চলিলে মানুহে আর্থিক অৱস্থা উন্নত কৰিব পাৰে আৰু লগে-লগে পৰাৰ্থে আত্মনিয়োগ কৰিবলৈ সমৰ্থ হয় ।

 ত্যাগত মনুষ্যত্বৰ বিকাশ হয়। পৰৰ হিতৰ অর্থে বিত্ত ত্যাগ কৰিলে দাতা আৰু গ্ৰহীতা উভয়ে আনন্দ পায়। আনৰ মঙ্গলৰ বাবে আত্মত্যাগ কৰিলে, তেওঁ সকলোৰে অন্তৰত দেৱতাৰদৰে জিলিকি উঠে। সহানুভূতিপূর্ণ মন নহলে কিন্তু মানুহে ত্যাগ স্বীকাৰ কৰিব নোৱাৰে; এই কাৰণে মানুহক মনুষ্যত্ব দিয়াত সহানুভূতিয়েই বহুত সহায় কৰে।



নীতি-ৰত্নমালা।

অজৰ অমৰ ভাবি নিজৰ জীৱন,
জ্ঞানীয়ে কৰিব বিদ্যা-ধন উপার্জ্জন...
চুলিত ধৰিছে যমে এতিয়াই নিব,
হেন মনে ভাবি তেওঁ ধৰ্ম্ম আচৰিব ৷

জ্ঞাতি-বন্ধু ভাগ কৰি যি ধন নলয়,
যি ধনত চোৰ-ডকাইতৰ নাই ভয়,
দানত নহয় ক্ষয়, বৰঞ্চ বৰ্দ্ধন,
হেন মহাধন বিদ্যা অমূল্য ৰতন ৷

শৈশৱত বিদ্যা নিশিকিলে যিটোজন,
যৌৱনত নকৰিলে ধন উপার্জ্জন,
বুঢ়া হৈ ধৰ্ম্ম-কৰ্ম্ম নকৰিলে আৰু,
অন্তিমত কি কৰিব সিজনে নো বাৰু ?

8

পণ্ডিত সুজন সৰ্ব্বগুণৰ আধাৰ,
দোষৰ আধাৰ তেওঁ বিদ্যা নাই যাৰ ;
সি কাৰণে সহস্ৰ সহস্ৰ মূৰ্খ হন্তে,
-একেজন জ্ঞানী শ্রেষ্ঠ জানিবা জগতে ।

বিদ্য৷ যাৰ আছে মাথোঁ পুথিৰ পাতত,
ধন যাৰ আছে মাথোঁ পৰৰ হাতত,
কাৰ্য্যকালে পোৱ৷ টান, হলে প্রয়োজন,
মিছা তাৰ সেই বিদ্যা, মিছা তাৰ ধন।

গুণ নহলে নো ৰূপে কি কাম সাধিব,
স্বভাৱ নহলে ভাল কুলে কি কৰিব?
কাৰ্য্য সিদ্ধি নহলে-নো বিদ্য৷ কি কাৰণ?
ভোগ নকৰিলে ধন মিছা উপাৰ্জ্জন।

ফুলিলে এজোপা মাথোঁ সুফুল হাবিত
সুগন্ধে গোটেই হাবি কৰে আমোদিত;
সিৰূপে সুপুত্ৰ যদি এটি-জন্ম ধৰে,
গোটেই বংশটো তাৰ গুণতে পোহৰে।

এটি মাত্ৰ গুণৱন্ত পুত্ৰ যদি ৰয়,
সিও ভাল, শত মূৰ্খ একোৱে নহয়;
একে চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে,
অসংখ্যাত তৰাবোৰে কিবা গুণ ধৰে?

হলেও ৰূপহ ডেকা উত্তম কুলৰ,
কদাপি নাপায় শোভা বিদ্যাহীন নৰ;
যেনুৱা পলাশ ফুল দেখোঁতে সুন্দৰ,
গন্ধহীন বুলি কেৱে নকৰে আদৰ।

১০

পিতা-মাতা দুয়ো শত্রু বুলি নিন্দা পায়,
নিজৰ লৰাক যদি বিদ্যা নিশিকায় ;
নোশোভে নিগুণী পুত্ৰ গুণী-সমাজত,
যেনুৱা অশোভা বক হাঁহৰ মাজত ।

১১

প্রিয়তম বস্তু যেনে জীৱন নিজৰ,
জানিবা জীৱন তেনে সকলো জীৱৰ ;
সকলো জীৱক ভাবি নিজৰ নিচিনা,
সকলোৰে প্ৰতি সদা কৰিব৷ কৰুণা ।

১২

এলাহ পৰম শত্ৰু জানিবা দেহৰ,
যাৰপৰা সৰ্ব্বনাশ হয় মানুহৰ ;
উদ্যমৰ দৰে বন্ধু নাই জগতত,
কেও ক’তো অৱসন্ন নহয় যিহত ।

১৩

ঋণশেষ, অগ্নিশেষ আৰু ব্যাধিশেষ,
কৰিব৷ ই তিনি শেষ, নাৰাখিবা লেশ
ৰাখা যদি লেশমাত্ৰ বাকী ইসবৰ,
ক্রমে ক্রমে বাঢ়ি যাব জানিবা ঠাৱৰ ।

১৪

ধন-প্রাণ উচৰ্গিও কৰে জ্ঞানী জন,
সংসাৰত বিপন্নৰ উদ্ধাৰ সাধন ;
সময়ত সকলোৰে ঘটিব মৰণ,
সুকাৰ্য্যত হানি হলে সার্থক জীৱন ।

১৫

দুদিনীয়া মলবাহী দেহা কৰি ক্ষয়,
যদি নিত্য নিৰ্মল যশোলাভ হয় ;
তেনেহলে ভাবি চোৱাঁ কি লাভ নহয় ?
মৰিলেও সুকাৰ্য্যৰ কীৰ্ত্তি সদা ৰয় ।

১৬

গুণ আৰু শৰীৰৰ অনেক অন্তৰ,
তুলনাত উভয়ৰ প্ৰভেদ বিস্তৰ ;
ক্ষন্তেকীয়া ভাবি চোৱাঁ দেহা মানুহৰ,
গুণবোৰ থাকে কিন্তু যুগ-যুগান্তৰ ৷

১৭

কোকিল সুন্দৰ হয় সুৱলা মাতত,
তিৰোতা সুন্দৰ হয় সতীত্ব গুণত ;
বিদ্যাৱন্ত হলে হয় কুৰূপ সুন্দৰ,
ক্ষমাগুণে তপস্বীক কৰে মনোহৰ ।

১৮

নাথাকে মাণিক সকলোটি পৰ্ব্বতত ;
নিমিলে মুকুতা-গজ সকলো গজত,
সকলো স্থানতে নাই সাধু-মহাজন,
সকলো হাবিতে নাই সুগন্ধি চন্দন ৷

১৯

শান্তিতুল্য নাই কোনো তপস্যা-সাধন,
কি আছে সন্তোষ তুল্য সুখৰ কাৰণ ?
তৃষ্ণাৰ সমান ব্যাধি নাই যে শকত,
দয়াৰ সমান ধৰ্ম্ম নাই জগতত ৷

২০

অস্থায়ী মানৱ দেহা, অনিত্য বিভৱ,
চিৰকাল কেতিয়াও নাথাকে ইসৱ •
নিতৌ ওচৰ চাপি আহিছে মৰণ ;
হেন জানি কৰা ধৰ্ম্ম-কৰ্ম্মৰ সাধন

২১

পৰ-উপকাৰ ব্ৰত যাৰ হৃদয়ত,
পৰহিত-চিন্তা ব্ৰত জ্বলিছে সতত,
তেনে সাধু পুৰুষৰ নহয় বিপদ,
খোজেপতি পায় তেওঁ সন্তোষ-সম্পদ ।

২২

গুণৱন্ত যিটো জন ধৰ্ম্মপৰায়ণ,
তেওঁৰে জানিবা হেৰা সাৰ্থক জীৱন !
কোনো গুণ নাই যাৰ অধৰমী জন,
নিষ্ফল জনম তাৰ নিষ্ফল জীৱন ৷

২৩

ক্ষমা, দয়া, প্ৰেম আৰু সৰলতা গুণে
সেৱা, নম্ৰতাৰে সত্য সাদৰী বচনে,
স্বাৰ্থ পৰিহৰি কৰা পৰ-উপকাৰ,
তাতে বশ হব হেৰা জগৎ সংসাৰ।

২৪

সুন্দৰ স্বভাৱে কৰে জানিবা নিশ্চয়,
স্বৰ্গ-মৰ্ত্ত্য-পাতালৰ সকলোকে জয় ;
সজ আচৰণ যাৰ চৰিত্ৰ সুন্দৰ ;
অসাধ্য-সাধন হয় সেই পুৰুষৰ ৷

২৫

হেলাত জানিবা সর্ব্ব কাৰ্য্য নষ্ট পায়,
দৰিদ্ৰ দশাত লোকে বুদ্ধি হেৰুৱায়,
নাথাকে নিজৰ মান পৰত মাগিলে,
কুল-কীৰ্ত্তি নাশ পায় কুকৰ্ম্ম কৰিলে ৷

২৬

হাতৰ ভূষণ দান জানিবা ঠাৱৰ,
কণ্ঠৰ ভূষণ বাক্য সত্য মনোহৰ,
কাণৰ ভূষণ ধৰ্ম্ম-শাস্ত্ৰৰ শ্ৰৱণ,
অন্য গহনাত কোৱাঁ, কিবা প্ৰয়োজন ?

২৭

নদমালে ইন্দ্রিয়ক নিশ্চয় বিপদ,
ইন্দ্ৰিয়ৰ সংযমত মিলিব সম্পদ;
অন্তৰাত্মা বিবেকৰ মুখেদি ঈশ্বৰে,
যি আদেশ দিয়ে তাকে পালিবা সত্বৰে ।

২৮

ফলৱন্ত গছ নমে ফলৰ ভৰত,
গুণৱন্ত নম্র হয় নিজৰ গুণত ;
শুকান কাঠৰ দৰে নিৰ্গুণী যি হয়,
ভাঙিলেও সতকাই ভিৰকে নলয় ।

২৯

সকলো ধৰ্ম্মৰ সাৰ অৱশ্যে শুনিবা,
শুনি তাক হৃদয়ত ধাৰণ কৰিব৷ ;
নকৰাঁ আনৰ প্ৰতি এনে ব্যৱহাৰ,
অন্যে যি কৰিলে তুমি পাবাহে বেজাৰ ৷

৩০

সবাকে সমান দেখে সাধু মহাজনে,
নিৰ্গুণীকো কৰে সুখী দয়া বিতৰণে ;
তাৰ সাক্ষী চোৱাঁ হেৰা জোনৰ পোহৰ,
পোহৰায় সৰু-বৰ সকলোৰে ঘৰ ৷

৩১

ই মোৰ আপোন আৰু ই যে মোৰ পৰ,
এনে ভেদ-ভাব ক্ষুদ্রমতি মানুহৰ ;
উদাৰ চৰিত্ৰ যাৰ, ধৰমী যি জন,
সিজনৰ পৃথিবীত বন্ধু অগণন ৷

৩২

সকলো কামতে যাৰ অদম্য উদ্যম,
সাহ, বল, বুদ্ধি আৰু ধৈৰ্য্য, পৰাক্ৰম,
উৎসাহ-শকতি—যাৰ আছে এই ছয়,
কামত কৃতিত্ব তেওঁ লভিব নিশ্চয় ৷


পৰিশিষ্ট।

 [এই পুথিত ব্যৱহাৰ কৰা কঠিন শব্দ আৰু বাক্যাংশৰ অৰ্থ আৰু বিশিষ্ট লোকৰ পৰিচয়।]

ছায়া-বাজী—( ছায়াৰে দেখুৱা বাজী ) মিছা, অস্থায়ী।

নিষ্কাম—[ নিঃ+কাম ] কামনাশূন্য, ফললৈ কামনা নকৰা। .

ফ্ৰাঙ্কলিন—আমেৰিকা যুক্তৰাজ্যৰ এজন বিখ্যাত দেশহিতৈষী, ৰাজ-নৈতিক আৰু বৈজ্ঞানিক পুৰুষ। এওঁ ১৭০৬ খৃষ্টাব্দত জন্মে আৰু ১৭৯০ খৃষ্টাব্দত স্বৰ্গী হয়। এওঁ দহ বছৰ বয়সতে পঢ়িবলৈ এৰি ছাপাখানাত কাম কৰে; পাচত নিজ অধ্যৱসায়ৰ বলত জ্ঞান আৰ্জি বাতৰি কাকত উলিয়ায়। ইংৰাজ জাতিৰ লগত আমেৰিকাবাসীয়ে ৰণ কৰাৰ পাচত নিজ দেশৰ দূত হৈ ফ্ৰাঙ্কলিন ইংলণ্ডলৈ গৈছিল। আমেৰিকা স্বাধীন হোৱাত এওঁ স্বদেশলৈ উলটি যায় আৰু তাত নানা লোকহিতকৰ কামত যোগ দিয়ে।
উৰ্দ্ধক্ষেপণ আৰু অধঃক্ষেপণ—পৃথিবী তাপ বিকিৰণ হোৱাৰ ফলত ক্ৰমে কোঁচখাই গৈছে। এই কাৰণে পৃথিবীৰ ওপৰখনৰ কোনো ঠাই ওখ হৈ উঠে। মাটি ওপৰলৈ উঠাক উৰ্দ্ধক্ষেপণ আৰু তললৈ বহাক অধঃক্ষেপণ বোলে।

মগ্নগিৰি—সাগৰত ডুব গৈ থকা পৰ্ব্বত।

আজান—শব্দ।

বৈৰী—বৈৰ ভাব।

বৈৰী—শত্ৰু। আপ্লুত (আ—প্লু+ক্ত) তিতা বা ভিজা, গা-ধোৱা।

পাৰ্লিয়ামেণ্ট—ৰাজ্যশাসন সম্বন্ধে আলোচনা কৰিবলৈ প্ৰজা সাধাৰণৰ দ্বাৰা নিৰ্ব্বাচিত প্ৰতিনিধিৰে গঠিত হোৱা ইংলণ্ডৰ মহা সভা। ১২৫৮ খৃঃ অব্দত পোনতে এই সভা গঠিত হয়। ই দুই ভাগে বিভক্ত—এখন সভাক “হাউস অব কমন্‌চ,” আৰু আন খনক “হাউচ অব লৰ্ডচ” বোলে।

মানমন্দিৰ—গ্ৰহ-নক্ষত্ৰ আদি পৰ্য্যবেক্ষণ কৰা ঘৰ ( Observatory ).

ভিক্টোৰিয়া ক্ৰচ—মহাৰাণী ভিক্টোৰিয়াই উলিওৱা মাল্টাদ্বীপীয় ভদ্ৰ-ৰণুৱাৰ বেজ (পদক)। ৰণত বিশেষভাৱে বীৰত্ব দেখুৱাক এই পদক উপহাৰস্বৰূপে দিয়া হয়। ১৮৫৬ চনত এই পদকৰ সৃষ্টি হয়।

উনুকি—উনুকিয়াই, উল্লেখ কৰি, মনত কৰি।

মলয়-বোল—( মলয় — সুগন্ধ; বোল — বাক্য ) সুললিত ৰসাল কথা।

দেদীপ্যমান—দীপ্তিশীল, জিলিকি থকা।

মেঘনাদ—ৰাৱণৰ পুত্ৰ; এওঁৰ আন নাম ইন্দ্ৰজিত।

নৈষ্ঠিক—( নিষ্ঠা+ষ্ণিক ) ব্ৰত বিশেষত আসক্ত; ধাৰ্ম্মিক; দেৱতাত ভক্তি থকা।

কাইথেলী—ইংৰাজ আমোলৰ আগত কামৰূপৰ কায়স্থ পণ্ডিতে সংস্কৃত টোলৰ আৰ্হিৰে দেশৰ লৰা-ছোৱালীক দেশীয় ভাষা শিক্ষা দিছিল; ইয়াক সাধাৰণতে কাইথেলী-বিদ্যা বুলিছিল।
ম্যাক্সমূলাৰ—(Dr. Friedrich Muller ) বিখ্যাত জাৰ্মান পণ্ডিত। এওঁ ১৮২৩ খৃঃ অব্দত জন্মে আৰু ১৯০০ খৃঃ অব্দত স্বৰ্গী হয়। প্ৰথমে এওঁ “ডাক্তাব অব ফিলচফি” উপাধি লাভ
কৰে; পাচত বাৰ্লিন, আৰু পেৰিচ নগৰত সংস্কৃত পঢ়ে;

তাৰ পাচত ইংলণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যায়, আৰু হিন্দুৰ ঋকবেদৰ ভাঙনি প্ৰকাশ কৰে। ভাৰতৰ ভালেখিনি প্ৰাচীন সংস্কৃত পুথি এওঁ পঢ়িছিল, আৰু বহুত গ্ৰন্থ ৰচনা কৰিছিল।

স্বাধীনচেতা—( স্ব—নিজৰ, অধীন; চেতঃ — মন, হৃদয় ) স্বাধীন মনৰ, নিজৰ মতে চলা।

বাগানবাৰী—বাহিৰা বস্তি।

কূট-চক্ৰান্ত—( কূট—কপট, ফান্দ, জাল; চক্ৰান্ত—ষড়যন্ত্ৰ; কেইজনমান মানুহ গোটখাই কাৰো অনিষ্ট কৰিবলৈ কৰা পৰামৰ্শ। ) কপট ষড়যন্ত্ৰ।

মৃত্যুবিভীষিকা পূৰ্ণ—(বিভীষিকা — ভয় দেখুৱা ) মৰণ-ভয়ে ভৰা, বা মৰণ-ভয় থকা।

কৱচ—শৰীৰ ৰক্ষাৰ আচ্ছাদন, বিঘ্নি নিবাৰক মন্ত্ৰ।

কৰধ্বনি—ককাঁলত পিন্ধা হাৰ

ভাবি-আউতি—চিন্তা কৰি নানা কথা ভাঙি-পাতি।

বেজীৰ ফুটা মনা—সূক্ষ্মদৰ্শী।

লক্ষ্মীদেৱী হন্তে... বংশধৰ— আদি চৰিত পুথিমতে লক্ষ্মীদেৱীৰ শান্তনু আৰু সামন্ত নামে দুটি পুত্ৰ ওপজে; আৰু এই দুই পুত্ৰৰ- এওঁবিলাক আদি পৰা “বাৰভূঞা”ৰ উৎপত্তি হয়। বাৰভূঞা৷ এওঁলোকে নিজক সূৰ্য্যবংশী বুলি পৰিচয় দিয়ে। লক্ষ্মীদেৱীৰ নাম অনুসৰি লক্ষ্মীপুৰ বা লক্ষীমপুৰ নামৰ সৃষ্টি হয়। এওঁলোকৰ বংশধৰ আজিকালিও ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঠায়ে ঠায়ে আছে।
মৰাও জীৱন পায় এয়ে মোৰ দেশ— কামৰূপ; মহাদেৱৰ শাপত কামদেৱ ভস্ম হৈছিল; কামৰূপত পুনৰ নিজ ৰূপ পায়।

পুণ্যতোয়া — (পুণ্য—পৱিত্ৰ তোয়—পানী ‘য’ত বা যাৰ') পৱিত্ৰ জলযুক্ত।

পুণ্যতোয়া ধৰ্ম্মস্থলী—পৱিত্ৰ জল থকা তীৰ্থাদিৰে ভৰা ধৰ্ম্মৰ ঠাই।

বৃষ্ণিবংশ—যদুবংশ।

শৌৰ্য্যবীৰ্য্য—, বীৰত্ব, বল, সাহ।

ভ্ৰুকুটি—(ধ্ৰুব কুটি—কুটিলতা) ক্ৰভঙ্গী; চকুৰ চাহনিবে কৰা ঠাট্টা।

দয়া-দাক্ষিণ্য—দয়া—কৃপা; দাক্ষিণ্য— সৰলতা; পৰক সুখ দিবলৈ বিচৰা বৃত্তি। )

চান্দচা—এজন মুছলমান ভক্ত। শ্ৰীমন্ত শঙ্কৰদেৱৰ সময়ত এওঁ পোনতে বৰপেটাৰ ভক্তসকলৰ ওপৰত অত্যাচাৰ কৰিছিল; এওঁৰ নাম শুনিলেই ভকত পলাইছিল। পাচত এওঁ ভাগৱতী ধৰ্ম্ম গ্ৰহণ কৰি শ্ৰীশঙ্কৰদেৱৰ এজনা প্ৰধান ভক্ত হয়। এওঁ সেই সময়ত ঈশ্বৰ-ভক্তিবিষয়ৰ কিছুমান গীত ৰচনা কৰে।

বক্ষ—কৰ্কশ, কঠিন, অপমান।

তমস্বিনী—ৰাতি, আন্ধাৰে ভৰা নিশা।

গৰিমা—গৌৰৱ, মহিমা, আত্মাভিমান।

মনুষ্যত্ব—মানুহৰ ভাব বা ধৰ্ম্ম, দয়া, পৰোপকাৰ আদি।

অভিষিক্ত—মন্ত্ৰপূত বা পৱিত্ৰ পানীৰে গা ধোৱা, অভিষেক হৈ যোৱা, নিযুক্ত।

কুৰ্নিচ—মুছলমান ৰজা বা ৰাজবিষয়াক ৰণুৱাই কৰা নমস্কাৰ।

চাহানচাহ—ৰাজাধিৰাজ, মহাৰজা।

প্ৰলুব্ধ—অতিশয় লোভী, বিশেষভাৱে মুগ্ধ।

প্ৰভুত্ব—স্বামীত্ব, প্ৰভাব, সামৰ্থ্য, প্ৰাধান্য। অপত্যস্নেহ—সন্তানলৈ হোৱা স্বাভাৱিক অনুৰাগ বা ভাল পোৱ৷

চাউডাং—ৰজাৰ আজ্ঞাৰে মানুহৰ প্ৰাণদণ্ড কৰোঁতা।

বেগম—মাদৈ, ৰাণী।

গাজী—মুছলমান ধৰ্ম্মবীৰ, ধৰ্ম্মৰ হকে ৰণ কৰোঁতা।

প্ৰকৃতি—স্বভাৱ, জগতৰ সত্ব, ৰজ, তম গুণৰ মূল কাৰণ, শক্তি।

ঊৰ্ম্মি—তৰঙ্গ, সোত। দেহব ছয় প্ৰকাৰ ধৰ্ম্ম যেনে—শোক, মোহ, জৰা, মৃত্যু, ভোক আৰু পিয়াহ।

দৰগাহ—ফকীৰ বা পীৰ থকা ঠাই, আশ্ৰম।

লাগী—প্ৰিয়তমা, গিৰিয়েকে মৰম কৰা।

মহানুভবতা—সদাশয়তা, উদাৰতা।

ভ্ৰান্ত—ভ্ৰান্তিযুক্ত, ভুলবিশিষ্ট।

তিনটা ধাৰ—দেৱঋণ, পিতৃঋণ আৰু ঋষিঋণ।

দুন্দুভি—নাগৰা।

পটহ—ঢাক।

গোমুখ—গৰুৰ মুখৰ আকৃতিৰ বাদ্যভাণ্ড |

বসু—গঙ্গাৰপৰা জন্মা অষ্ট দেৱতা; যেনে – ভব, ধ্ৰুব, সোম, বিষ্ণু, অনল, অনিল, প্ৰভুৰ, প্ৰভব।

জাননী

 আমাৰ ওচৰত যাবতীয় স্কুল-কলেজৰ পাঠ্য-পুথি, ছাত্ৰৰ উপযোগী অন্যান্য পুথি, প্ৰাইজ আৰু লাইব্ৰেৰীৰ সকলো পুথি পাব ৷ ইয়াৰ বাহিৰেও কাগজ, কলম, নিব, চিয়াঁহী আদি সকলো বস্তু উচিত মূল্য দিয়া হয় ৷

চিত্রদর্শন
১৸৹
 
নৱৰত্ন
৸৹
 
বেতাল পঞ্চবিংশতি
৸৹
 
মালা
৷৴৹
 
জোনাকী
৷৵৹
 
চানেকী
৷৵৹
 
নামাঞ্জলী
৷৵৹
 
মাতৃ
৷৷৵৹
 
ময়না
১৷৹
 
বাজীকৰ
৷৷৹
 

শ্ৰীযুত মুক্তানাথ বৰুৱা বিএ

অন্য কিতাপ


০ | সাহিত্য-সম্বল ৭ম, ৮ম মানলৈ hdo गान 1) ০ জোনাকী 1/ সাহিত্য সম্বল ৩য়, ৬ষ্ঠ মানলৈ সাহিত্য-সম্বল ২য় ভাগ 11.10. চানেকী 1/0 সৰল ব্যাকৰণ না মাঞ্জলী 1/0 ৰচনা বিধি মাতৃ ॥/ • সৰল ৰচনা ময়না ভাৰত বাজীকৰ চিম্পোল ই ইংৰাজী অসমীয়া অভিধান – Anglo-Assa ing Dictionary ४10 চন্দ্ৰকান্ত অভিধান অসমীয়া ইংৰাজী 600 200 a বৰকটকী কোম্পানী যোৰহাট-আসাম ।