সমললৈ যাওক

সাধু বুদৰাম মহন্ত

ৱিকিউৎসৰ পৰা
সাধু বুদৰাম মহন্ত



    শ্ৰীহৰমোহন

সাধু বুদৰাম মহন্ত।

 

শ্ৰীহৰমোহন দাস বি, এ,
লিখা ।

 

গুৱাহাটী


১ লা মাঘ ১৮৬০ শঁক

 

মূল্য ৷৹ চাৰি অনা

লিখকৰ দ্বাৰা প্রকাশিত
গুৱাহাটী।

 

অৰ্পণ।
শুৱালকুছি গাওঁৰ
পণ্ডিত ৺মায়াৰাম মহন্ত দেৱৰ
স্মৃতি উদ্দেশ্যে
এই “সাধু বুদৰাম মহন্ত"ৰ চৰিতখনি
অর্পণ কৰা হল।


গুৱাহাটী
১লা মাঘ ১৮৬০ শঁক
সেৱক
শ্ৰীহৰমোহন
 

নিবেদন।

 সাধুলোকৰ চৰিত্ৰ পাঠেই সৎসঙ্গ। সৎসঙ্গই জীৱনত সুখ শান্তি দিয়ে। ৺বুদবাম মহন্ত অধিকাৰদেৱ এজনা বিশিষ্ট সাধু পুৰুষ ৷ তেখেতৰ জীৱনৰ ঘটনাৱলী পাঠ কৰিলে সৎসঙ্গ পোৱা যেন লাগে। সেই কাৰণে তেখেতৰ, চৰিতখনি সঙ্কলন কৰি ৰাইজৰ ওচৰত নিবেদন কৰা হল। শুৱালকুছি গাওঁৰ পণ্ডিত ৺মায়াৰাম মহন্তদেৱৰ মুখত ৺বুদৰাম মহন্তদেৱৰ বিষয় জনা গৈছিল। লগতে উক্ত গাওঁৰ অনেক বুঢ়া বুঢ়া লোকৰপৰাও বহু কথা পোৱা গৈছিল। ৺সোনাৰাম ৰাজমেধী উকীলদেৱৰ পৰাও ছুই চাৰিটা কথা শুন! গৈছিল। এই সৰু পুথিখনি লেখাত এই সকলো কথাই বিশেষ সহায়তা কৰাব বাবে তেখেতসকলৰ ওচৰত কৃতজ্ঞতা প্রকাশ কৰা হল।

 চৰিত্রখনি সঙ্কলন কৰাত বহুত বঢ়া-টুটা হব পাৰে। তাৰ বাবে যেন ৰাইজে নিজগুণে ক্ষমা কৰে। এয়ে ৰাইজৰ ওচৰত আমাৰ সৰল গোহাৰি |

গুৱাহাটী
১লা মাঘ ১৮৬০ শঁক
ৰাইজৰ সেৱক
শ্ৰীহৰমোহন
 

সূচীপত্ৰ

 বিষয় পিঠি
১। পূৰ্ব্ব পুৰুষ
২। শুৱালকুছি গাওঁ
৩। মহাপুৰুষীয়া ভকত
৪। হাটীসত্ৰ
৫। বুদৰাম মহন্তৰ জন্ম ১১
৬। লৰাকাল ১৩
৭। ডেকাকাল ১৪
৮। শৰণ ১৫
৯। উদাসীন ভাৱ ১৬
১০। হাটীসত্ৰত বাস ১৮
১১। ডেকা অধিকাৰ ১৯
১২। হাটীসত্ৰৰ গৰাকীৰ বাবে পৰীক্ষা ২০
১৩। হাটীসত্ৰলৈ নিমন্ত্ৰণ ২৩
১৪। অধিকাৰৰ বাব ২৫
১৫। হৰিজয় আতৈৰ বৈকুণ্ঠ প্ৰয়াণ ২৬
১৬। হাটীসত্ৰৰ বুঢ়া আধিকাৰ ২৭
১৭। দৈনিক কাৰ্য-তালিকা ৩০
১৮। হাটীসত্ৰৰ উন্নতি ৩৪
১৯। অলৌকিক ঘটনাৱলী ৩৭
২০। হাটীসত্ৰৰ বাবে ডেকা অধিকাৰ নিৰ্ব্বাচন ৪৩
২১। ডেকা অধিকাৰৰ পৰীক্ষা ৪৪
২২। ডেকা অধিকাৰ ৪৭
২৩। ধৰ্ম্ম আলাপ ৪৮
২৪। গুৰুভাৰ দান ৫৮
২৫। অন্তিম অৱস্থা ৫৯
২৬। শেষ বাণী ৬০
২৭। বৈকুণ্ঠ প্ৰয়াণ ৬২
২৮। সামৰণী ৬৫



সাধু বুদৰাম মহন্ত।

১। পূৰ্ব্ব-পুৰুষ

 কামৰূপ জিলাত বোন্দা বুলি এখন গাওঁ আছে। এই গাওঁৰ মানুহ বিলাক ধনী-মানী আক জ্ঞানী আছিল। এই গাওঁতেই পঢ়িয়া মাধৱ নামেৰে এজনা সাধু লোক আছিল। এওঁৰ স্বভাৱ চৰিত্ৰ অতি সৰল আৰু পবিত্ৰ আছিল। এওঁৰ কথাবাৰ্তা শুনি গাওঁৰ সকলোৱে এওঁক শ্ৰদ্ধা কৰিছিল।

 পঢ়িয়া মাধৱে সৰুৰে পৰা ঈশ্বৰ চিন্তা কৰিছিল। দেশ বিদেশ ঘূৰি ঘূৰি তীৰ্থ দৰ্শন কৰিছিল। ধৰ্ম্মৰ মৰ্ম্ম বুজিবলৈ সাধু সন্যাসীৰ লগতো আলাপ কৰিছিল। কিন্তু কতো তেওঁ মনত শান্তি নাপালে। শেষত সকলোকে এৰি ঘৰলৈ আহিল। ঘৰলৈ আহিল সঁচা কিন্তু মনত শান্তি নাই। ধৰ্ম্মৰ গূঢ় তত্ব নাপাই মন প্ৰাণ ব্যাকুল হব ধৰিলে। “হে প্ৰভু! প্ৰকৃত সনাতন ধৰ্ম্মৰ মৰ্ম্ম জানিবলৈ মোক শক্তি দিয়া” এই বুলি পুৱা দুপৰীয়া গগধুলি সকলো সময়তে ভগৱন্তক আৰাধনা কৰিবলৈ ধৰিলে  পঢ়িয়া মাধৱৰ সৰল তুতি আৰু ভকতিত ভগৱন্ত তুষ্ট হল। আৰু সপোনত দৰ্শন দি কলে "বাপা তুমি চিন্তা নকৰিবা। অতি সোনকালে তোমাৰ উপযুক্ত গুৰু পাবা। তেওঁ ভাঠিৰ ফালে সত্ৰ পাতি আছে তালৈ যোৱা। তেখেতক লগ ধৰিলে তোমাৰ মনোবাঞ্ছা পূৰ্ণ হব।” সপোন ভাঙিল। ৰাতি পূৱাল। পঢ়িয়া মাধৱে গা-পা ধুই ভাঠি মুৱাকৈ খোজ ললে। গৈ গৈ বৰ- পেটাৰ ওচৰৰ সুন্দৰীদিয়া পালেহি। মানুহৰ মুখত শুনিব পালে যে মহাপুৰুষ মাধৱদেৱে তাত সত্ৰ পাতি নাম ধৰ্ম্ম বিলাইছে। পিছে পঢ়িয়া মাধৱে গা-পা ধুই, নিকা কাপোৰ কানি পিন্ধি মহাপুৰুষ মাধৱদেৱৰ থানলৈ গল। মহাপুৰুষ মাধৱদেৱৰ মুখৰ জ্যোতি দেখিয়েই পঢ়িয়া মাধৱে দীঘল দি পৰি সাষ্টাঙ্গে প্ৰনাম কৰিলে। মহাপুৰুষ মাধৱদেৱে পঢ়িয়া মাধবক আশীৰ্ব্বাদ কৰি বহিবলৈ কলে। দুয়োজনে ভালেমান পৰ ধৰ্ম্ম কথা পাতিলে। পঢ়িয়া মাধৱৰ মনৰ সংশয় লাহে লাহে কমি আহিল। সনাতন ধৰ্ম্মৰ আচল তত্ত্ব অলপ অলপ বুজিবলৈ ধৰিলে। অৱশেষত মহাপুৰুষ মাধৱদেৱৰ চৰণত পৰি শৰণ ললে। শৰণৰ লগে লগে সকলো ধৰ্ম্ম কথা জানিব ধৰিলে। এতিয়া তেওঁৰ মনত আনন্দ সুখ আৰু শান্তি। আনন্দ মনেৰে গুৰু সেৱা কৰি পঢ়িয়া মাধৱে দিন নিয়াব ধৰিলে।

 পঢ়িয়া মাধৱৰ আচাৰ ব্যৱহাৰ আক একান্ত ধৰ্ম্ম ভাৱ, দেখি মহাপুৰুষ মাধৱদেৱে তেওঁক ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে  চাৰিঘৰ মহন্তবড়হেৰামদত সত্ৰ পাতি নাম-ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ আদেশ কৰিলে। গুৰুৰ আদেশ মতে পঢ়িয়া মাধৱে বড়হেৰামদত সত্ৰ পাতি নাম ধৰ্ম্ম বিলাব ধৰিলে। এওঁ পঢ়িয়া মাধৱ আতা দুজনা গুৰুৱে পাতা, চাৰি ঘৰ মহন্তৰ ভিতৰত এঘৰ বাকী তিনি ঘৰ মহন্তৰ অলপ পৰিচয় তলত দিয়া হ'ল:-

 লক্ষ্মীকান্ত আতৈ— এওঁৰ পূৰ্ব্বপুৰুষ সকল নবদ্বীপৰপৰা আহি কামৰূপত বাস কৰে। ধৰ্ম্মৰ প্ৰতি আগ্ৰহ হোৱাত স্থুন্দৰীদিয়াত আহি মহাপুৰুষ মাধৱদেৱৰ ওচৰত শৰণ ভজন ধৰ্ম্ম লয়। এওঁলোকৰ প্ৰধান সত্ৰ হাজোৰ ধোপৰ গুৰিত আছে।

 ঠাকুৰ আতৈ—এওঁলোক নলন্দাৰ মানুহ। ঠাকুৰ আতাই ধৰ্ম্মৰ কথা জানিবলৈ বহুচেষ্টা কৰে। অৱশেষত মহাপুৰুষ শঙ্কৰদেৱৰ ওচৰত শৰণ ভজন ধৰ্ম্ম লৈ শান্তি পায়। তেতিয়া মহাপুকব শঙ্কৰদেৱ চুনপোৰাত আছিল। এওঁ ঠাকুৰ আতাৰ প্ৰধান সত্ৰ জনিয়াত আছে।  ৰামচৰণ ঠাকুৰআতা— এওঁলোক নগাওঁৰ মানুহ। বেহা- বেপাৰ কৰি দিন নিয়াইছিল। ঠাকুৰআতাই সুন্দৰীদিয়াত মহাপুৰুষ মাধবদেৱৰ ওচৰত শৰণ ভজন ধৰ্ম্ম লয়। এওঁলোকৰ প্ৰধান সত্ৰ সুন্দৰীদিয়াৰ ওচৰৰ বাম্না গাওঁত আছে।

 এই চাৰিঘৰ মহন্তৰ বংশধৰ সকলে সেই দিনৰ পৰা আজি লৈ শৰণ ভজন নাম ধৰ্ম্ম বিলাই মহাপুৰুষীয়া ধৰ্ম্মৰ প্ৰচাৰ কাৰ্য্য চলাই আহিছে।

 পঢ়িয়া মাধৱ আতৈ গৃহস্থী আহিল। মূৰাৰী আতা, গোপাল আতা, ভোলাই আতা, আৰু ত্ৰিপুৰাৰী আতা এই চাৰ্জিন তেওঁৰ পুত্ৰ। এওঁ পঢ়িয়া মাধৱেই আমাৰ ক্ষণজন্ম, পবন সাধু বুদৰাম মহন্ত দেৱৰ আদি পুৰুষ। বৰ্ত্তমান শুৱালকুছি গাওঁৰ সাধু মহন্তসকলৰ ভিতৰত কেই ঘৰমান মহন্ত এওঁ পঢ়িয়া মাধৱৰে বংশধৰ। লক্ষ্মীকান্ত আতৈৰ বংশৰো দুই চাৰি ঘৰ মহন্ত শুৱালকুচিত বৰ্ত্তমান আছে।

২। শুৱালকুছি গাওঁ।

 শুৱালকুছি গাওঁ কামৰূপ জিলাত। গাওঁখনৰ যেনে নাম গাওঁখন তেনে শুৱনি আক ধুনীয়া। ইয়াৰ প্ৰাকৃতিক দৃশ্য অতি মনোমোহা। ইয়াৰ দক্ষিণে ব্ৰহ্মপুত্ৰ নৈ অহৰহ বব লাগিছে। ইয়াৰ পূবে শিলৰথুৰি সৰু পাহাৰ। পশ্চিমে সিদ্ধেশ্বৰী নন্দিৰ আৰু উত্তৰে পদুমে ভৰা বৰ বিল আৰু সৰু সৰু টিলা পাহাৰ। গছ গছনি, পৰ্ব্বত পাহাৰ, নৈ বিল, মঠ মন্দিৰ আদিয়ে গাওঁখন প্ৰকৃতিৰ লীলা ভূমি কৰি ৰাখিছে।

 এনেকুৱা শুৱলা ঠাই দেখিয়েই অশোকাষ্টমী মেলা বছৰি বছৰি এই গাওঁৰ ঘাটৰ বালিত বহে। এই অশোকাষ্টমীৰ দিনা হাজোৰ হয়গ্ৰীৱ মাধৱকে আদি কৰি সকলো বিগ্ৰহ শোভা যাত্ৰা কৰি ইয়ালৈ আনে আৰু মহা সমাৰোহেৰে ব্ৰহ্মপুত্ৰত স্নান কৰায়। সেই দিনা এই ঠাই তাৰ্থ স্থান হৈ পৰে। এই শুৱালকুছি গাওঁতেই বিশিষ্ট শাস্ত্ৰজ্ঞ সাত্ৱিক লোকৰ বসতি দেখি ৯০০ বছৰৰ আগেয়ে ৰত্নপাল বৰ্ম্মা ৰজা স্বৰ্গদেৱে ভূমি বৃত্তি দান কাৰ ফলি লেখ দিয়ে।

 এই শুৱালকুছি গাওঁত সকলো পন্থৰ মানুহৰ বসতি। ইয়াত মহাপুৰুষীয়া, দামোদৰীয়া, শাক্ত, শৈব আদি বেলেগ বেলেগ পন্থৰ মানুহ আছে। অকল বেলেগ বেলেগ পন্থৰ নহয় বেলেগ বেলেগ জাতিৰো মানুহ আছে। যি সময়ৰ কথা ইয়াত লেখা হৈছে সেই সময়ত বিভিন্ন পন্থ আৰু বিভিন্ন জাতিৰ সকলো মানুহে এঘৰ গৃহস্থীৰ নিচিনা মিলা প্ৰীতিত দিন কটাইছিল। এয়ে আছিল শুৱালকুছি গাওঁৰ বিশেষত্ব। জাতি ধৰ্ম্ম নিৰ্ব্বিশেষে সকলোৱে নিজ নিজ কামত লাগি আছিল। কাৰো কামত কোনোৱে হকা বাধা নকৰিছিল। কেতিয়াবা কিবা দণ্ড খৰিয়াল লাগিলেও দহ জনে মিলি বিচাৰ কৰি মীমাংসা কৰিছিল। বাস্তৱতে গাওঁখনৰ মিলাপ্ৰীতি দেখি সকলোৱে তবধ মানিছিল। কাঠচেতীয়া মানুহৰো মন সৎ পথলৈ ঢাল খাইছিল। মুঠৰ ওপৰত গাওঁখন এখন আদৰ্শ গাওঁ।

৩। মহাপুৰুষীয়া ভকত

 শুৱালকুছি গাওঁৰ সৰহ ভাগ মানুহেই মহাপুৰুষীয়া ভকত। এওঁলোকৰ ভিতৰত চাৰিজন বিশিষ্ট ভকত আছিল। এই চাৰিজন ভকতে ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ পঢ়িয়া মাধৱ আতৈৰ বড়হেৰামদ সত্ৰত সদায় নাম প্ৰসঙ্গ কৰিছিল। এওঁলোকে নিতৌ বড় হেৰামদত প্ৰসঙ্গ কৰি ঘৰলৈ উলটি আহে। এদিন এওঁলোক নদীৰ মাজমান পাওঁতে ধুমুহা মাৰাত বৰ বিপদত পৰিছিল। ধুমুহাৰ কোবত নাওঁ প্ৰায় ডুবু ডুবু হৈছিল। অৱশেষত জীৱনৰ আশঙ্কা দেখি চাৰিও জনে পানী ভৰা নাওঁৰ বুকত বহি ইষ্টদেৱ গুৰুজনক স্মৰণ কৰিবলৈ ধৰিলে। গুৰুজনক স্মৰণ কৰাৰ ফলত ধুমুহা লাহে লাহে কমিল। কষ্টে- শিষ্টে চাৰিও জনে নৈৰ পাৰ পালে। ভিজিবুৰি চাৰিও জনে সত্ৰ পালে। পঢ়িয়া মাধৱ আতৈয়ে তেওঁলোকৰ তেনে দুৰৱস্থা দেখি সুধিলে "আজিনো সেৱকসকলৰ এনে গতি কিয় হল?" এজন সেৱকে কলে “বাপ কৃপালু গুৰু, আমাৰ অথন্তৰৰ কথা কি জনাম! আপোনাৰ শ্ৰীচৰণৰ কৃপাত হে আজি কোনোমতে ধুমুহাৰ পৰা ৰক্ষা পৰা হ'ল। এই দৰে হলে কোনোবা দিন আপোনাৰ সেৱকসকলৰ জীৱন নাশ হবৰে সম্ভৱ যেন দেখিছোঁ।” গুৰুজনে কলে "তোমালোক ভগৱন্তৰ সেৱক ভয় নকৰিবা। ভগৱন্তে সদায় ৰক্ষা কৰিব।” আন এজন ভকতে কলে "বাপ কপালু গুৰু! সেৱকে এটি প্ৰাৰ্থনা জনাব খোজে। এজনা গুৰু পুত্ৰ আমাৰ গাওঁলৈ পঠিয়াই নাম কীৰ্ত্তনৰ দিহা কৰালে সেৱকসকল ৰক্ষা পৰে।” গুৰুজনে সেৱকৰ প্ৰাৰ্থনা তথাস্তু বুলি মঞ্জুৰ কৰিলে। গুৰুৰ প্ৰথম পুত্ৰ মুৰাৰী আতাক শুৱালকুছি গাওঁলৈ যাবলৈ আদেশ কৰিলে। এদিন শুৱালকুছি গাওঁৰ সমূহ বাপু ভকত সেৱক সকলে মূৰাৰী আতাক হেৰমদৰপৰা খোল তাল বজাই, নাম-কীৰ্ত্তন কৰি বৰি আনিলে। গাওঁৰ সকলোৱে লগলাগি ঘিলা আমৰ তলত তেখেতক এখন সত্ৰ পাতি দিলে। বৰ্ত্তমান এই সত্ৰৰ নাম বৰ সত্ৰ এই বৰ সত্ৰতেই মুৰাৰী আতাই নাম প্ৰসঙ্গ কৰি ধৰ্ম্ম প্ৰচাৰ কৰিব ধৰিলে। এওঁ মুৰাৰী আতা গৃহস্থী। এওঁৰ বংশতেই আমাৰ বুঢ়া অধিকাৰ বুদৰাম মহন্তৰ জন্ম হয়।

৪। হাটী সত্ৰ

 শুৱালকুছি গাওঁৰ নাম চাৰিওফালে জনাজাত হল। গাওঁৰ মাহাত্ম্য শুনি গাওঁখন চাবলৈ আন আন ঠাইৰ পৰা মানুহ অহা-যোৱা কৰিব ধৰিলে। অশোকাষ্টমীৰ সময়ততো কথাই নাই আন সময়তো দুই চাৰি জনকৈ মানুহ আহিব ধৰিলে। নলন্দা গাওঁৰ কানুবুঢ়া ঠাকুৰ বুলি এজন সাধুলোকেও এবাৰ শুৱালকুছি গাওঁলৈ আহে। শুৱালকুছিৰ মনোমোহা দৃশ্য আক সমাজৰ নিয়ম কাৰণ আৰু নাম প্ৰসঙ্গৰ প্ৰভাৱ দেখি কানুবুঢ়া ঠাকুৰ মুগ্ধ হল। অৱশেষত শুৱালকুছি গাওঁতে নাম ধৰ্ম্ম লৈ জীৱনৰ শেষ দিন কটাবলৈ স্থিৰ কৰিলে। গাওঁৰ মানুহ বিলাকেও তেওঁৰ মনৰ ভাব বুজিব পাৰি তেওঁক নাম ধৰ্ম্ম লবলৈ সকলো সুবিধা কৰি দিলে। কানুবুঢ়া আতৈয়ে মহা পুৰুষৰ নাম ধৰ্ম্ম লৈ নামধৰ্ম্ম প্ৰচাৰ কৰিব ধৰিলে। কালক্ৰমত কানু আতৈৰ গুণ গৰিমা দেখি শুৱালকুছি গাওঁৰ মন্মথ আতৈ তেওঁৰ ওচৰ চাপিল। দুয়ো একে বাহাত থাকি নামধৰ্ম্মবিলাব ধৰিলে। কানুবুঢ়া আতৈ স্বৰ্গী হোৱাত তেওঁৰ ধৰ্ম্মমালা মন্মথ আতৈৰ মূৰত দি যায়

 মন্মথ আতৈয়ে গুৰুৰ আদেশ মানি সত্ৰত শলা-বন্তি জ্বলাই নাম প্ৰসঙ্গ কৰিব ধৰিলে। লাহে লাহে সমূহ ভকতৰ সহায়ত সত্ৰ খনি ডাঙৰ কৰিব ধবিলে। অলপ ঠাইতে তেওঁ সত্ৰ, কেৱলীয়া হাটী আৰু ভাজঘৰ আদি সাজি সত্ৰৰ হাউলি শুৱনি কৰি ললে। আজিও গাওঁৰ মানুহে মুখতে কয় “হাপাই খাইটীৰ এক হাত মাটি, তাতে পাতিলা কেৱলীয়া হাটী।” সত্ৰ পাতাৰ লগে লগে দুই চাৰি জন কেৱলীয়াও হাটীত সোমাল। হাটা পাতি সত্ৰখন শুৱল৷ কৰাৰ কাৰণে সত্ৰখনৰ নাম হাটী সত্ৰ হল। এই হাটী সত্ৰ শুৱালকুছি গাওঁৰ পশ্চিম অঞ্চলত আৰু সিদ্ধেশ্বৰ পাহাৰৰ পূব কাষত। এই হাটী সত্ৰৰ প্ৰথম অধিকাৰ হল মন্মথ আতৈ। মন্মথ আতৈৰ পাছত ক্ৰমান্বয়ে এই হাটী সত্ৰত গোকুল আতৈ, নকুল আতৈ, কলা কানু ঠাকুৰ আতৈ, ৰামনিধি মহন্ত আৰু হৰিজয় মহন্ত অধিকাৰ হয়।

 আজি ৩০০ বছৰৰ পৰা এই হাটী সত্ৰ স্থাপিত হৈ সপ্তম অধিকাৰ হৰিজয় মহন্তৰ হাতত পৰে। এওঁ হৰিজয় মহন্ত অধিকাৰৰ দিনত হাটী সত্ৰ সকলো প্ৰকাৰে উন্নত হৈ, আহে। এই হাটী সত্ৰত প্ৰত্যেক দিনে চৌধ্য প্ৰসঙ্গ নিয়ম মতে হব ধৰিলে। কীৰ্ত্তন তিথি পৰ্ব্ব আদি সকলো নিয়ম মতে পালন কৰিব ধৰিলে। হাটী সত্ৰৰ প্ৰভাৱত শুৱালকুছি গাওঁ ধৰ্ম্ম ভাৱত উজ্জ্বল হৈ আহিব ধৰিলে। মানুহবিলাকৰো স্বভাৱ চৰিত্ৰ সকলো প্ৰকাৰে মাৰ্জ্জিত হৈ এখন আদৰ্শ সমাজ হৈ উঠিল। চুপাই চুপাই, পাৰাই পাৰাই, নামঘৰ কীৰ্ত্তন ঘৰ সাজি লৰা, ডেকা, বুঢ়া মুনিহ, তিৰোতা সকলোৱে নাম ধৰ্ম্মত মজি দিন নিয়াব ধৰিলে। সকলোৰে মুখত নাম আৰু হাতত কাম। “হাতে কাম মুখে নাম। এতেকে পাবা পৰিনাম।” এয়ে হল গাওঁৰ মানুহৰ মূল কথা। এই মূল কথাৰ লগত “ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ। এতেকে পাইবা মুকুতি কহিলো স্বৰূপ” এই মহা মন্ত্ৰ ললে। মুঠতে কবলৈ হলে শুৱালকুছি গাওঁ কি ধৰ্ম্ম, কি সমাজ, কি আচাৰ, কি ব্যৱহাৰ, কি ৰীতি, কি

নীতি সকলো বিষয়তে এখন আদৰ্শ গাওঁ হৈ উঠিল।

৫। বুদৰাম মহন্তৰ জন্ম

 জগতত কাৰো দিন সমানে নাযায়। সুখ দুখ হৰ্ষ বিষাদ; আহুই পূৰ্ণিমা লগাই আছে। কাল-ক্ৰমত এনে শুৱলা শুৱনি শুৱালকুছি গাওঁৰো সুখ শান্তি কমি আহিব ধৰিলে। সমাজৰ বন্ধন ঢিলা হৈ আহিব ধৰিলে। মিলাপ্ৰীতিৰ ভাৱ নোহোৱা হল। কোনোৱে কাকো, নমনা হল। চাৰিও ফালে মানুহৰ হাহাকাৰ। কিন্তু এনেকুৱা ব্যভিচাৰ আৰু অমঙ্গলৰ সময়তো দুই চাৰিজন সাধু, মহন্ত, গোসাই গাওঁত আছিল। এওঁলোকৰ ভিতৰত ভথৌ মহন্ত এজন বিশিষ্ট সাধুলোক। এওঁৰ ভাৰ্য্যাৰ নাম আয়ামালা। এনে দুৰৱস্থাৰ সময়তো এওঁ শিষ্য সকলক সৎ কথা, সৎ আলাপ কৰি সান্ত্বনা দিছিল। এদিন এওঁৰ বিশিষ্ট শিষ্য কেইজন মানে মনত বৰ কষ্ট পালে। শিষ্য সকলে ভথৌ মহন্তৰ আগত দুখ সুখৰ কথা নিবেদন কৰিলে। শিষ্য সকলৰ মনত অসুখ অশান্তিৰ সৃষ্টি হোৱাই ভথৌ মহন্তৰ মনত বৰ চিন্তা হল। ভকতৰ দুখ কষ্ট কেনেকৈ নিবাৰণ কৰিব পাৰে তাৰেহে চিন্তা হল। উপায় অন্তৰ নাপাই তিনি সন্ধ্যা ঈশ্বৰক তুতি মিনতি কৰিব ধৰিলে। এওঁৰ তুতি মিনতিত ঈশ্বৰ তুষ্ট হল আৰু সপোনত দেখা দি কলে “তুমি চিন্তা নকৰিবা। তোমাৰ ঔৰষত এটি বিশিষ্ট পুত্ৰ সন্তান জন্মিব। এই পুত্ৰৰ ধৰ্ম্মৰ প্ৰভাৱত শুৱালকুছি গাওঁত আকৌ সুখ শান্তি হব।” স্বপ্ন দেখি দুয়ো পতি পত্নী অতি সাত্বিক ভাৱে দিন কটাব ধৰিলে।

 কালক্ৰমত ১৭২৪ শকৰ ফাল্গুণৰ এঘাৰ তাৰিখ, পূৰ্ণিমা তিনি বুধবাৰৰ দিনা শুভক্ষণত আয়ামালা আইৰ এটি পুত্ৰ সন্তান জন্মিল। এই পুত্ৰটিয়েই ক্ষণজন্মা মহাত্মা বুদৰাম মহন্ত। এওঁ জন্মাৰ সময়ত শুৱালকুছি গাওঁৰ চাৰিও ফালে আনন্দৰ ৰোল উঠে। ৰাতি দবা- পিতা বৰষুণ কিন্তু এওঁ জন্মাৰ সময়ত ধলপুৱা ফৰকাল। সত্ৰই সত্ৰই দবা আৰু বৰকাঁহৰ শব্দ বাজি বাজি উঠিল।

 সময় অনুসাৰে ভথৌ মহন্তই পুত্ৰৰ জাত কাৰ্য্যাদি সমাপন কৰিলে। পঞ্চম দিনা পুত্ৰৰ ভাগ্য গণনা কৰিবলৈ দুই জনমান বিশিষ্ট দৈবজ্ঞক নিমন্ত্ৰণ কৰিলে। দৈবজ্ঞ সকলে ভালে খিনি পৰ গণনা কৰি মুঠতে কলে “এই সন্তানটি পৰম ধাৰ্ম্মিক হব। সকলোৱে এওঁক মান কৰিব। এওঁ গৃহস্থী ধৰ্ম্মত নাথাকি কেৱলীয়া ধৰ্ম্ম লব। বাৰ তিথি নক্ষত্ৰ সকলো শুভ। নাম বুদৰাম ৰখা হল।” দৈবজ্ঞসকলৰ কথামতে সকলোৱে হৰিধ্বনী

দি শিশুটিৰ নাম বুদৰাম বুলি ঘোষণা কৰিলে।

৬। লৰা কাল।

 শিশু বুদৰাম শুক্ল পক্ষৰ জোনৰ নিচিনা দিনে দিনে বাঢ়ি আহিব ধৰিলে। শিশুকালতে এওঁৰ আচৰিত আচৰিত কথা দেখি সকলোৱে মোহিত হৈছিল। এওঁৰ দুবছৰ পাছতে ভথৌ মহন্তই আৰু এটি পুত্ৰ সন্তান লাভ কৰে। এই পুত্ৰটিৰ নাম থলে তাৰাৰাম। তাৰাৰামক আয়ামালা আইৰ কোলাত এৰি ভথৌ মহন্তই ইহলীলা সম্বৰণ কৰে। লৰা দুটিৰ নিচেই কোমল বয়সতে পিতৃ বিয়োগ হয়। আয়ামালাই অতি দুখ কষ্ট কৰি সন্তান দুটি লালন পালন কৰিবলৈ ধৰিলে। দুয়ো সমানে ডাঙৰ হৈ আহিব ধৰিলে। কিন্তু বুদৰামৰ চলন ফুৰণত নতুন নতুন ঘটনা দেখা গৈছিল। বুদৰাম সৰুৰে পৰা স্থিৰ, ধীৰ আৰু শান্ত। মাতৃৰ কথা কেতিয়াও লঙ্ঘন নকৰিছিল। মাকৰ আদেশ মতে তেওঁ কাইঠেলী পাঠ- শালাত বিদ্যা আৰম্ভ কৰে। আখৰ চিনাৰ লগে লগে তেওঁ সাচি পাতৰ পুথি পঢ়িব ধৰিলে। পাঠ-শালাত সকলে আখৰ আৰু শব্দ বোধ হোৱাত তেওঁ কেৱল পুথিহে পঢ়িব ধৰিলে। পুথি পঢ়ি সোৱাদ পোৱাত পাঠ-শালালৈ যাব এৰি দিলে। দুপৰীয়া মধ্যম সকলো সময়তে তেওঁ পুথি পঢ়িব ধৰিলে। নিজেও পঢ়ে আৰু আনকো পঢ়ি শুনায়। তেওঁৰ মাত তেওঁৰ ৰাগ ৰাগিনী, আৰু সুৰ শুনি শুনোতা সকল মুগ্ধ হৈছিল। তেওঁৰ পুথি পঢ়া শুনি বাটৰুৱা মানুহেও ৰৈ ৰৈ গৈছিল। ভাগৰুৱা বাটৰুৱা মানুহে এখন্তক থিয় দি দুফাকি পদ শুনিহে গৈছিল।

৭। ডেকা কাল।

 বুদৰাম মহন্তৰ পুথি পঢ়াত যেন মন শৰীৰতো তেনে বল। দেখাতো সুন্দৰ সুঠাম। গাওঁৰ কোনো ডেকাই তেওঁক বলে নোৱাৰিছিল। গছত উঠা, নাওঁ খেলা সাঁতুৰা, ঘিলা খেলা, দাউৰা, কোনো কামতে তেওঁক লগৰীয়া বিলাকে বলে নোৱাৰিছিল। গাৰ বলতকৈ মনৰ বল তেওঁৰ বেছি প্ৰৱল আছিল। গতিকে খেল ধেমালি এৰি তেওঁ পুথি পঢ়াত হে একান পতীয়াকৈ লাগিছিল।

 অসমীয়া পুথি পঢ়াৰ লগে লগে তেওঁ সংস্কৃত ভাষাও শিকিলে। সেই সময়ত দুই চাৰিজন সংস্কৃত পণ্ডিত শুৱালকুছি গাওঁলৈ আহে। তেওঁলোকৰ সহায়ত বুদৰাম মহন্তই সংস্কৃত শিকে। লাহে লাহে তেওঁ কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা আদি ধৰ্ম্ম গ্ৰন্থ বোৰ পঢ়ি অন্ত কৰিলে। এই ধৰ্ম্ম-পুথিবোৰ পঢ়ি তেওঁ মাজে সময়ে হাটী সত্ৰলৈ গৈ অধিকাৰ হৰিজয় মহন্তৰ লগত ধৰ্ম্ম কথাও পাতে।

৮। শৰণ।

 বুদৰাম মহন্তই ডেকা কলিতে সকলো পুথি পঢ়ি আৰু সাধু সঙ্গৰ লগত কথা বাৰ্ত্তা পাতি বহু ধৰ্ম্ম কথা শিকিলে। কিবা কথা বুজি নাপালে হাটী সত্ৰলৈ আহি সংশয় ছেদ কৰে। হৰিজয় অধিকাৰৰ লগত ধৰ্ম্ম আলোচনা আৰু ভকতীয়া কথা পাতি বৰ আনন্দ পাই- ছিল। এদিন কথা পাতি থাকোঁতে থাকোঁতে তেওঁৰ চকুৰে পানী বব ধৰিলে। অধিকাৰ হৰিজয় মহন্তই বুদৰাম মহন্তৰ তেনে অৱস্থা দেখি সুধিলে। “বাপ, বুদৰাম তোমাৰ কি হৈছে?” বুদৰামে গদ গদ মাতেৰে কলে “বাপ, আমাৰ কি হৈছে কব নোৱাৰোঁ। মনৰ আনন্দত শৰীৰ ৰোমাঞ্চিত হৈছে। বাপ, কৃপা কৰি আমাক শৰণ ধৰ্ম্ম দিয়ক। আপুনি আমাৰ কৃপালু গুৰু।” এই বুলি বুদৰামে হৰিজয় মহন্তৰ চৰণত পৰি সেৱা কৰিলে। পাছদিনা ৰাতিপুৱা বাপু ভকত সকলৰ সাক্ষাতে বুদৰাম মহন্তই হৰিজয় মহন্তৰ ওচৰত শৰণ ধৰ্ম্ম লয়। শৰণ লোৱাৰ পৰা বুদৰাম মহন্তৰ মনত আনন্দৰ সীমা নোহোৱা হল। নাম ধৰ্ম্ম মন্ত্ৰ লৈ বুদৰামৰ মন ধৰ্ম্মত একান পতীয়াকৈ লাগিল। শৰণ লোৱাৰ লগে লগে বুদৰাম মহন্তৰ এটি নতুন জীৱন লাভ কৰা হল। নতুন জীৱন পাই তেওঁ নতুন ভাব আৰু চিন্তাত মগ্ন হৈ শান্তি লাভ কৰিব ধৰিলে।

উদাসীন ভাৱ।

 শৰণ লোৱাৰ কালৰপৰা বুদৰাম মহন্তৰ মনৰ বহুত পৰিবৰ্ত্তন ঘটিব ধৰিলে। এতিয়া হাটী সত্ৰ পৰা নুঠাতে পৰিল। সদায় নাম কীৰ্ত্তন কৰিয়ে দিন নিয়াব ধৰিলে। গুৰু সেৱা, ঈশ্বৰ সেৱা ভকত সেৱাই হল তেওঁৰ প্ৰধান কাম। সাংসাৰিক কামত তেওঁৰ মন অলপো নবহা হল। সাংসাৰিক ভোগ বিলাস তেওঁৰ মনত একো নলগা হল। কোনোবাই কিবা সাংসাৰিক কথা কলে তেওঁ কৈছিল যে সংসাৰ নো? সকলো ঈশ্বৰৰ মায়া; ভগৱন্তক জানিব পাৰিলে সকলো সুখ ভোগ কৰা হব। ঈশ্বৰ সেৱাইহে প্ৰধান কাম। বুদৰাম মহন্তৰ সংসাৰী কামত উদাস ভাৱ দেখি আয়ামালা আয়ে তেওঁক সংসাৰত বন্ধন কৰিব মন কৰিলে। এদিন মাতৃ আয়ামালাই পুতেক বুদৰামক কাষত বহুৱাই লৈ কবলৈ ধৰিলে। বাচা, তোমাৰ ঈশ্বৰ ভক্তি দেখি বৰ সন্তোষ পাইছো। তোমাৰ পিতাৰাই তোমালোক দুয়োকো এৰি স্বৰ্গী হ’ল। এতিয়া তোমা- লোকেই মোৰ আশ্ৰয়। তুমি ডাঙৰ লৰা। তুমি এতিয়া বিয়া-বাৰু কৰাই গৃহস্থী হোৱা। মই এতিয়া বুঢ়ী হলো মোক আশ্ৰয় লাগে। তুমি নাভাবিবা যে বিয়া কৰালে ধৰ্ম্মকাৰ্য্য কৰিব নোৱাৰিবা। বুদৰাম মহন্তই মাকৰ কথা শুনি কলে, “মাই, তুমি যি কৈছা সকলো সঁচা। তোমাক এই বুঢ়াকালত আমি সহায় কৰিব লাগে। মই সংসাৰী নহৈও তোমাৰ হাতৰ লাখুটিৰ নিচিনা থাকিম। মোৰ আদ্যা গুৰু তোমাক সেৱা নকৰিলে মোৰ মনোবাঞ্চা পূৰ্ণ নহব। পিছে মই তোমাৰ পেটৰ পোনা হৈ এটি ভিক্ষা মাগিব খোজো। মোক সংসাৰী হবলৈ নকবা। মোক কেৱল ঈশ্বৰ সেৱা হে কৰিব আদেশ কৰা। মোৰ ভাই তাৰাক বিয়া-বাৰু কৰাই বংশ ৰক্ষা কৰা। মোক আশীৰ্ব্বাদ কৰা যেন তোমাক সেৱা কৰি অচলা ভক্তি ৰাখিব পাৰো।” আয়া- মালা আয়ে পুতেকৰ ভাৱ গতি দেখি অলপ পৰ নিতাল মাৰি থাকিল। শেষত বলে, “বাচা, মই তোমাক কি বুজাম। ঈশ্বৰে তোমাক যেনে মতি দিয়ে তেনে কৰা। অন্তৰ্য্যামী ভগৱন্ত অন্তৰত থাকি সকলো কৰে। আমি কি কম বা কি কৰিম, সকলো তেওঁৰে। ভগৱন্তে তোমাৰ মনোবাঞ্চা পূৰ্ণ কৰক।” মাতৃৰ প্ৰসন্ন মুখ দেখি বুদৰামে মাতৃৰ চৰণত পৰি দণ্ডৱত হৈ সেৱা কৰিলে। মাতৃৰ আশীৰ্ব্বাদ পাই বুদৰাম মহন্তই মনত শান্তি পালে। এতিয়া আৰু বুদৰাম সম্পূৰ্ণ ভাৱে উদাসীন। আজি তেওঁ সংসাৰৰ মায়াৰপৰা মুক্তি হোৱা যেন পালে। মায়াৰ বন্ধন নাশ কৰি মনত বিমল আনন্দ লাভ কৰিব ধৰিলে।

১০। হাটী-সত্ৰত বাস।

 মাতৃৰ আশীৰ্ব্বাদ পাই বুদৰাম মহন্তৰ বৰ আনন্দ। এতিয়া হাটীসত্ৰলৈ ঘনাই ঘনাই যাবলৈ ধৰিলে। অধিকাৰ হৰিজয় মহন্তৰ লগত ধৰ্ম্ম আলাপ কৰি বৰ সুখ পাব ধৰিলে। অৱশেষত মাতৃৰ আদেশ লৈ বুদৰাম মহন্তই হৰিজয় আতৈৰ সেৱক হৈ হাটীসত্ৰতে থাকিল। এতিয়া বুদৰাম মহন্ত হাটী সত্ৰৰ এজন কেৱলীয়া ভকত। গুৰুৰ আদেশ মতে দৈনন্দিন সকলো কৰ্ম্ম কৰিব ধৰিলে। পুৱাৰপৰা গধূলিলৈ চৈধ্য প্ৰসঙ্গ কৰি ভকত কাৰণক সোধ-পোচ কৰিব ধৰিলে। ব্ৰহ্মমূহূৰ্ত্ততে উঠি গা-পা ধুই গুৰু সেৱা কৰি নাম প্ৰসঙ্গ কৰে। এওঁৰ নাম প্ৰসঙ্গত ভকত সকলে বৰ ৰস পাব ধৰিলে। নামৰ সুৰ নামৰ ব্যাখ্যা আৰু নামৰ চৰ্চ্চা শুনি সকলো ভকতে ৰ লাগি শুনি থাকে। এওঁ কথা পাতিলে কোনোৱে উঠি যাবলৈ মন নকৰে। নিজৰ মহৎগুণত বুদৰাম মহন্তই সকলোকে মোহিত কৰিছিল।

১১। ডেকা অধিকাৰৰ বাব।

 হৰিজয় অধিকাৰ ক্ৰমে বুঢ়া হৈ আহিল। এজন ডেকা অধিকাৰ পাতিবৰ আৱশ্যক হল। বুদৰাম মহন্তৰ স্বভাৱ চৰিত্ৰ আৰু ধৰ্ম্মত একান্ত মতি দেখি তেওঁকে ডেকা অধিকাৰ পাতিবলৈ মন কৰিলে। আচলতে হৰি জয় অধিকাৰৰ ভতিজা সৌৰাম মহন্তহে ডেকা অধিকাৰ হব লাগিছিল। কিন্তু গুৰুভাৰ বংশানুক্ৰমে নিদি উপ- যুক্ত শিষ্যৰ গাত দিয়া নিয়ম মহাপুৰুষীয়া পন্থত চলি আহিছে। গতিকে হৰিজয় অধিকাৰে উপযুক্ত পাত্ৰ চাই বুদৰাম মহন্তকে ডেকা অধিকাৰ পাতি ললে। সমূহ বাপু ভকতৰ আগত ধৰ্মমালা পিন্ধাই বুদৰাম মহন্তক ডেকা অধিকাৰৰ আসন দিলে। এতিয়া বুদৰাম মহন্ত হাটী সত্ৰৰ ডেকা অধিকাৰ। তেওঁ ডেকা অধিকাৰ হৈ হাটী সত্ৰৰ সকলো কাজ-কৰ্ম্ম চলাব ধৰিলে। সত্ৰৰ কেনেকৈ উন্নতি কৰিব, নাম ধৰ্ম্ম কেনেকৈ প্ৰচাৰ কৰিব আৰু আত্মাৰ কেনেকৈ সদ্গতি হব এই সকলো কথা বুদৰাম মহন্ত ডেকা অধিকাৰে ভাবিব ধৰিলে।

১২। হাটী সত্ৰৰ গৰাকীৰ বাবে পৰীক্ষা।

 হৰিজয় অধিকাৰদেৱে ডেকা অধিকাৰ বুদৰাম মহন্তৰ গাত সত্ৰৰ সকলো ভাৰ দি নিজে নিৰ্ভাৱনা হৈ নাম প্ৰসঙ্গ কৰিব ধৰিলে। চাওঁতে চাওঁতে হৰিজয় আতৈ ক্ৰমে অথৰ হৈ আহিল। এদিন তেওঁ ভাবিলে। মই বৰ বুঢ়া হলোঁ, অথৰ হলোঁ, মোৰ বৰ্ত্তমানতে সত্ৰখনৰ এজন গৰাকী পাতিব পাৰিলে ভাল হয়। মোৰ মনেৰে ডেকা অধিকাৰেই সত্ৰৰ গৰাকী হব পাৰিব। তেওঁৰ স্বভাৱ চৰিত্ৰও ভাল। ভকতীয়া কথাতো পাৰ্গত। সকলো পিনে উপযুক্ত। পিছে তেওঁ গাওঁখনৰ মুৰব্বী স্বৰূপ সত্ৰৰ গৰাকী হৈ সকলো চলাব পাৰে নে নোৱাৰে তাৰে এটি প্ৰমাণ চাব পাৰিলে ভাল হয়।

 বুঢ়া অধিকাৰে যেনে ভাবিলে তেনে এটি পৰীক্ষাৰ সুযোগ ঘটিল। জয়ৰাম মহন্ত বুলি এজন বিশিষ্ট মহন্ত গাওঁত আহিল। তেওঁ প্ৰায়ে হাটী সত্ৰলৈ আহি বুঢ়া অধিকাৰৰ লগত ধৰ্ম্ম কথা পাতে। এদিন আবেলি বুদৰাম ডেকা অধিকাৰে জয়ৰাম মহন্তৰ লগত ভাজ ঘৰৰ কাষত বহি শাস্ত্ৰৰ কথা পাতে। বুঢ়া অধিকাৰে তেওঁলোকে আলাপ কৰা গম পালে। সন্ধ্যা হওঁতে জৰৰাম মহন্তই বুঢ়া অধিকাৰক সেৱা কৰি ঘৰলৈ গল। জৰৰাম মহন্ত যোৱাৰ পাহত বুঢ়া অধিকাৰে ডেকা অধি- কাৰক ওচৰলৈ মাতি আনি কলে, “বাপা, আজি তুমি আমাৰ আদেশ নোলোৱাকৈ জয়ৰাম মহন্তৰ লগত যি কথা বাৰ্ত্তা পাতিলা সেইটো শোভনীয় কথা হোৱা নাই। তোমাত আমি ভবিষ্যতে এই হাটী সত্ৰৰ গৰাকী পাতিম বুলি অনা হৈছিল। আজি তোমাৰ ব্যৱহাৰ দেখি আমি ভাল নাপালোঁ। সত্ৰৰ মালিকক নোসো- ধাকৈ সত্ৰ সম্বন্ধে আনৰ লগত আলচ কৰা উচিত নহয়। এনে ভাৱ হলে সত্ৰ আৰু গাওঁৰ মুৰব্বী হৈ কাম চলোৱা টান। ***** ওপৰত আমাৰ বিশ্বাস নোহোৱা হ'ল। গতিকে আজিৰ পৰা তোমাক আমাৰ সত্ৰত ৰাখিব পৰা নহব।” গুৰুৰ আদেশ শুনি ডেকা অধিকাৰে হাতযোৰ কৰি কলে, “বাপ, কৃপালু গুৰু আজিৰ বাবে আমাক ক্ষমা কৰক। আমাৰ দোষ হৈছে। চৰণত ধৰি প্ৰাৰ্থনা কৰিছোঁ। এইবাৰ আমাক ক্ষমা কৰক। বুঢ়া অধিকাৰে কলে “বাপ, তুমি দোষ স্বীকাৰ কৰাত ক্ষমা কৰা হ’ল। কিন্তু তোমাক সত্ৰত ৰখা নহব। তুমি এতিয়াই সত্ৰ এৰি আন ঠাইলৈ যাব লাগে। এয়ে আমাৰ শেষ আদেশ।’’

 গুৰুৰ বাক্য লঙ্ঘনীয় নহয় গতিকে বুদৰাম মহন্তই গুৰুৰ চৰণত সেৱা কৰি হাটী সত্ৰৰপৰা ওলাই আহিল, হাটী সত্ৰৰপৰা ওলাই আহিল সঁচা, কিন্তু থাকে ক’ত। ভাবি-চিন্তি শেষত “পোৰা ভিঠি” সত্ৰলৈ আহিল। ইয়াতে ভকত সকলে এটি পঁজা ঘৰ সাজি দিলে। তাতে থাকি পোৰা ভিঠিতে শলা বন্তি জ্বলাই নাম প্ৰসঙ্গ কৰিব ধৰিলো কিছুমান দিনৰ পাছত বৰ সত্ৰৰ সাধু ভকত আৰু সমুহে তেখেতক কাকুতি মিনতি কৰি বৰসত্ৰলৈ নিয়ে। এই বৰসত্ৰত থাকি সত্ৰখনি বহল কৰে। লগে লগে শিষ্যও বাঢ়িব ধৰিলে। আবেলি পৰত কীৰ্ত্তন ঘৰৰ চোতালত হৰি-কথাৰ আলাপ কৰি বহি থাকে। সেই সময়ত কীৰ্ত্তন ঘৰৰ চোতালত মানুহ নধৰা হয়। সদায় নাম কীৰ্ত্তন, যাত্ৰা-ভাওনা, উৎসব পৰ্ব্ব সকলো পাতি তেওঁ শিষ্যসকলৰ মন আনন্দিত কৰি ৰাখিব ধৰিলে।

১৩। হাটী সত্ৰলৈ নিমন্ত্ৰণ।

 বুদৰাম মহন্তই বৰ সত্ৰৰ মূৰব্বী হৈ সকলো কাৰ্য্য সুকলমে সমাধা কৰা দেখি গাওঁৰ সকলোৱে আচৰিত হৈছিল। তেওঁৰ যশ, তেওঁৰ গুণ, তেওঁৰ আচাৰ ব্যৱহাৰৰ কথা গাওঁৰ সকলোৰে মাজত জনা জাত হল। হাটী- সত্ৰৰ বুঢ়া অধিকাৰ হৰিজয়দেৱে তেওঁৰ গৌৰৱ আৰু কীৰ্ত্তি শুনি বৰ ৰং পাইছিল। এতিয়া তেওঁৰ মনৰ ধাৰণা ঠিক হল। বুদৰাম মহন্তই যে ভৱিষ্যতে হাটী সত্ৰৰ বুঢ়া অধিকাৰ হব পাৰিব এইটো তেওঁৰ বিশ্বাস হল। আজি কালিকৈ হৰিজয় বুঢ়া অধিকাৰ অথৰ হৈ পৰিল। তেওঁ বৰ্ত্তমান থাকোঁতে এজন সত্ৰৰ গৰাকী পাতি নললে সকলো অমূৰী হব। গতিকে বুদৰাম মহন্তকে গৰাকী পাতি সকলে৷ সোধাই দিয়াই ভাল।

 এদিন নাম কীৰ্ত্তন কৰি বাপু ভকত সমন্বিতে হৰিজয় বুঢ়া অধিকাৰে শাস্ত্ৰ কথা পাতি আছে। এনেতে তেওঁৰ শৰীৰ অৱশ হোৱা যেন পালে। নিজৰ যেন শেষ অৱস্থা আহিছে এনে অনুমান কৰিলে। এনে অৱস্থা দেখি তেওঁ বুদৰাম মহন্তক বা সত্ৰৰপৰা নিমন্ত্ৰণ কৰি আনি- বলৈ কেইজনমান বিশিষ্ট ভকতক পাঁচিলে। ভকত সকলো খোল তাল কাঁহ বজাই শোভা যাত্ৰা কৰি বুদৰাম মহন্তক বৰি নিবলৈ অহাবুলি গুৰুৰ আদেশ জনালে। গুৰুৰ আদেশ মানি বুদৰাম মহন্ত হাটী সত্ৰলৈ যাবলৈ ওলাল।

 বৰ সত্ৰৰ অধিকাৰ হাটী সত্ৰলৈ যাব ওলোৱা শুনি বৰ সত্ৰৰ সাধু ভকত সকলোৱে মনত অসন্তোষ কৰিব ধৰিলে। আৰু সকলোৱে হাতযোৰ কৰি কবলৈ ধৰিলে “বাপ কৃপালু, গুৰু, আমাক অনাথ কৰি কলৈ যায়। আমাৰ বাপু ভকত সকলৰ গতি কি হব। আমাক উপায় দিয়ক।” ৰাইজৰ কথা শুনি বুদৰাম মহন্তই কলে “বাপুসকল, মনত একো বেজাৰ নকৰিব। গুৰুৰ আদেশতহে আমি তালৈ যাব ওলাইছোঁ। বৰ সত্ৰও আমাৰ হাটীসত্ৰও আমাৰ। আমাৰ দুয়োখন থানতে শলা- বন্তি জ্বলি থাকিব! সাধুসকলৰ ভিতৰত বয়োবৃদ্ধ জ্ঞান বুদ্ধজনেই বুঢ়া সাধু হব। তেওঁৰ কথামতে সকলোৱে চলিব। মনত একো বেজাৰ নকৰি হৰ্ষমনে আমাক বিদায় দিয়ক।” অধিকাৰৰ কথা শুনি সকলো বাপু ভকতে আঠু লৈ তেওঁক সেৱা কৰিলে আৰু তেৱোঁ সকলোকে আশীৰ্ব্বাদ কৰিলে। পিছে খোল তাল বজাই সকলোৱে শোভাযাত্ৰা কৰি বৰসত্ৰৰ অধিকাৰক হাটী সত্ৰলৈ বৰি নিলে। হাটী সত্ৰ পোৱা মাত্ৰকে হাটীৰ কেৱলীয়া ভকতসকলে বুদৰাম মহন্তক বুঢ়া অধিকাৰ হৰিজয় দেৱৰ ওচৰত কমলি এখনি পাৰি দি বহিবলৈ কলে। বুদৰাম মহন্তই আথেবেথে গৈ গুৰু হৰিজয় দেৱৰ চৰণত আঠু লৈ সেৱা কৰিলে। বুঢ়া অধিকাৰে হৰ্ষমনে তেওঁক আশীৰ্ব্বাদ কৰিলে; আৰু কলে “বাপ, তোমাক দেখি আমি সন্তোষ পালোঁ। ভগৱন্তৰ কৃপাত মোৰ নশ্বৰ দেহা এৰিবৰ সময় হ'লহি। তোমাক এই হাটীসত্ৰৰ গৰাকী পাতিব মন কৰি মতাই আনিছোঁ। আমাৰ বিশ্বাস তুমি ভিন্ন আন কোনোৱে এই ভাৰ লোৱাৰ উপযুক্ত নহয়। তুমি এই ভাৰ গ্ৰহণ কৰি আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰা।” বুঢ়া অধিকাৰৰ কথা শুনি বুদৰাম মহন্তই কলে “কৃপালু গুৰু, আপোনাৰ আশীৰ্ব্বাদ আমাৰ মনত আদেশ বুলিহে মানিছোঁ। আপোনাৰ আদেশ আমাৰ শিৰোধাৰ্য্য।”

১৪। অধিকাৰৰ বাব।

 এদিন দিনবাৰ চাই বুঢ়া অধিকাৰ হৰিজয়দেৱে হৰি কীৰ্ত্তন পাতিলে। গাওঁৰ সাধু, মহন্ত, ভকত সকলোকে নিমন্ত্ৰণ কৰিলে। কীৰ্ত্তন সম্বৰণ কৰা হল। সকলো কীৰ্ত্তনঘৰৰ চোতালত বহিল। বুঢ়া অধিকাৰে সকলো ৰাইজক সম্বোধন কৰি কলে “বাপুসকল, আজি আমাৰ প্ৰিয় শিষ্য বুদৰাম ডেকা অধিকাৰক এই হাটী সত্ৰৰ গৰাকী পাতি আমাৰ মালা মূৰত দিলোঁ। আজিৰ পৰা আমাক সম্মান কৰাৰ দৰে এওঁক সন্মান কৰিবা। এৱেঁই হাটী সত্ৰৰ মালিক হল। সত্ৰৰ মান ৰক্ষা কৰি এওঁৰ কথামতে সকলোৱে চলিবাহঁক।” বুঢ়া অধিকাৰৰ বচন শুনি সকলো ৰাইজে হৰিধ্বনি দি সম্মতি প্ৰকাশ কৰিলে। আজিৰপৰা হাটী সত্ৰৰ গৰাকী ডেকা অধি- কাৰ বুদৰাম মহন্ত।

১৫। হৰিজয় আতৈৰ বৈকুণ্ঠ প্ৰয়াণ।

 বুদৰাম মহন্তক সত্ৰৰ গৰাকী পাতাৰ সাত দিনৰ মূৰত বুঢ়া অধিকাৰ হৰিজয় দেৱৰ শেষ অৱস্থা আহি পালে। এদিন তেওঁ নাম প্ৰসঙ্গ কৰি নিৰ্ম্মালি লৈ গদিত বহি আছে এনেতে তেখেতে গা অলপ অসুখ হোৱা যেন পালে। অন্তিম অৱস্থা বুলি জানি বুদৰাম মহন্তক ওচৰলৈ মাতি আনি সকলো কথা ভাঙি পাতি কলে। কথাও অন্ত হল বুঢ়া অধিকাৰো ঢলি পৰিল। বুদ ৰাম মহন্তই মহা সমাৰোহেৰে তেওঁৰ গুৰুৰ দেহা দাহন কৰি প্ৰেত কৰ্ম্মাদি সমাপন কৰিলে। হৰি কীৰ্ত্তন পাতি সকলো ৰাইজক নিমন্ত্ৰণ কৰিলে। নাম কীৰ্ত্তনেৰে সকলো কাৰ্য্য সমাধা কৰিলে। এই তিথি বছৰি জেঠ মাহৰ শুক্লা ষষ্ঠীত হাটী সত্ৰত পালন কৰা হয়।

১৬। হাটী সত্ৰৰ বুঢ়া অধিকাৰ।

 বুদৰাম মহন্ত এতিয়া হাটীসত্ৰৰ বুঢ়া অধিকাৰ আৰু গৰাকী। এতিয়া হাটী সত্ৰ এওঁ বুঢ়া অধিকাৰৰ তত্ত্বাৱধানত চলিব ধৰিলে। মহাপুৰুষীয়া পন্থৰ সকলো ৰীতি নীতি নাম কীৰ্ত্তন প্ৰসঙ্গ আদি নিয়মিত ৰূপে পালন কৰিব ধৰিলে। সকলো বাপু, ভকত, সমুহক এওঁ অধিকাৰ হৈ মৰম আৰু স্নেহ কৰিব ধৰিলে। নিজৰ সন্তানৰ নিচিনা সকলোকে সৎপথ আৰু সৎকথাত আনিবলৈ চেষ্টা কৰিলে। ধৰ্ম্মৰ প্ৰতি যেন সকলোৰে আগ্ৰহ জন্মে তাৰ বাবে চেষ্টা কৰিব ধৰিলে। সকলো জীৱ ভগৱন্তৰ স্বৰূপ এই ভাবটি সকলোৰে মাজত প্ৰচাৰ কৰিব ধৰিলে। ঈশ্বৰ চিন্তা, জীৱলৈ দয়া আৰু নামত ৰুচি বঢ়াই সমূহ ৰাইজৰ কেনেকৈ আত্মাৰ সদ্‌গতি হয় তাৰে উপায় অৱলম্বন দেখুৱাব ধৰিলে। শিষ্য সকলক সৎপথ দেখুৱাৰ লগে লগে বুঢ়া অধিকাৰৰো আত্মশক্তি আৰু আত্মাবোধ ক্ৰমে বাঢ়িব ধৰিলে। তেওঁৰ স্বভাৱ, চৰিত্ৰ, মন, বাক্য সকলো সৰল, কোমল, দয়ালু আৰু জ্যোতিৰ্ম্ময় হৈ আহিব ধৰিলে। শয়ন, ভোজন, উঠন, ফুৰণ, সকলো সময়তে তেওঁৰ মুখত হৰি কথা আৰু ঈশ্বৰৰ নাম। ঈশ্বৰ চিন্তাৰ গুণত তেওঁৰ মুখ-মণ্ডল উজ্জ্বল হৈ পৰিল।

 বুঢ়া অধিকাৰৰ আত্মতত্ত্ব, চৰিত্ৰৰ বল, মনৰ সৰলতা আৰু কোমলতা দেখি সকলো মোহিত হৈছিল। তেওঁৰ প্ৰফুল্ল মুখ দেখিলে সকলোৱে নমস্কাৰ কৰিছিল। এনেকি অচিনাকী অপৰিচিত লোকেও তেওঁক দেখিলে সেৱা নকৰাকৈ থাকিব নোৱাৰিছিল। ক্ৰমে ক্ৰমে তেওঁৰ শৰীৰৰ কান্তি উজ্জ্বল হল। বাক্যত সংযত আৰু সত্যবাদী হল। সাত্ত্বিক চিন্তা, সাত্ত্বিক আহাৰ, সাত্ত্বিক কাপোৰ কানি আৰু মনৰ সৰলতাই তেওঁৰ চৰিত্ৰৰ প্ৰধান অৱলম্বন।

 বুঢ়া অধিকাৰৰ গাত অশেষ গুণ দেখি শুৱালকুছি গাওঁৰ জাতি, ধৰ্ম্ম, পন্থ নিৰ্ব্বিশেষে সকলোৱে মান সংকাৰ কৰিব ধৰিলে। এওঁৰ চৰিত্ৰ বলতেই গোটেই খন গাওঁ এঘৰ ডাঙৰ গৃহস্থৰ নিচিনা মিলা-প্ৰীতিত আছিল। লৰা, ডেকা, বুঢ়া, মুনিহ তিৰোতা সকলোৱে তেওঁৰ ওচৰলৈ গৈ মনৰ কথা ভাঙি সংশয় গুচাব পাৰিছিল। তেওঁ সকলোকে মিঠা মুখেৰে মাতিছিল। তেখেতৰ মুখৰপৰা ধৰ্ম্ম কথা সৎকথা আক সৎ আলোচনা শুনিবলৈ সকলোৱে ভাল পাইছিল। তেখেতৰ গুণ গৰিমা দেখি বহুতে শৰণ ভজন ধৰ্ম্ম লব ধৰিলে। শুৱালকুছি গাওঁৰ বাহিৰেও আন আন ঠাইৰ মানুহেও তেওঁৰ পৰা নাম ধৰ্ম্ম লব ধৰিলে । বহুতে তেখেতক দর্শন কৰিবলৈ অহা হল ৷ হাটীসত্ৰত তেখেতক দর্শন কৰা লোকৰ অন্ত নোহোৱা হল।  বুঢ়া অধিকাৰ বুদৰাম মহন্ত ঈশ্বৰ-চিন্তাতে মজি থাকে। কিন্তু ঈশ্বৰ-চিন্তাৰ লগে লগে তেওঁ সত্ৰৰ আন আন কামো কৰছিল ।

মুখত হৰি নাম   হৃদয়ত ব্ৰহ্ম ৰূপ
হাতত কাম

 এই তিনিটি গুণ অৱলম্বন কৰি তেখেতে সকলো কাজ কৰ্ম্ম কৰিছিল। নিজৰ ৰন্ধা বঢ়া কাম নিজে কৰিছিল । নিজৰ কাপোৰ কানি নিজে ধুই পখালি লৈছিল । বাহাৰ বাড়ীত নিজে কোৰ পাৰিছিল ৷ বাঁহৰ কাম, বেটাৰ কাম নিজে কৰিছিল। ডাঙৰ ডাঙৰ নাও সজাই ভৰালৈ দি চলাইছিল। মুঠৰ ওপৰত চৈধ্য প্রসঙ্গৰ পৰা দৈনিক সৰু সুৰা সকলো কামকে তেখেতে নিজে পৰিচালনা কৰিছিল । অকল এয়ে নহয় গাওঁৰ মেল দৰবাৰ আদিতো তেখেতে ৰায় দিছিল ৷ সমাজৰ নিয়ম প্রণালী আচাৰ ব্যৱহাৰ সকলো বিষয়তে তেখেতে চকু দিছিল । চাবলৈ গলে তেখেতেই গুৰু ঘৰ ৰাজ ঘৰৰ কাম কৰিছিল। এনে সৰ্ব্ব গুণীলোক দেখি গাওঁৰ শিষ্যসকলে তেখেতক দিনৰ ভিতৰত এবাৰ নহয় এবাৰ সেৱা কৰিছিল। এনেকি সত্ৰৰ পৰা ওলাই আহিলে বাটত কি লৰা, কি ডেকা, কি বুঢ়া, কি মুনিহ, কি তিৰোতা সকলো শিষ্যই সদায় তেখেতক সেৱা কৰিছিল। অকল সেয়ে নহয় তেখেতে খোজ পেলোৱা বাটৰ ধুলিও, পৱিত্ৰ বুলি সেৱা কৰিছিল । তেখেতৰ পদধূলি কোনো- বাই গছকিব বুলি শিষ্য সকলে পাছে পাছে গৈ খোজৰ চিন মুছি পেলাইছিল। এয়ে হৈছে তেখেতৰ চৰিত্ৰৰ বিশেষ গুণ।

১৭। দৈনিক কাৰ্য্য তালিকা

 ১৷ পুৱতী নিশাতে পুৱাৰ বড়গীত ভটিমা গাই ঈশ্বৰ-চিন্তা কৰি শয্যা ত্যাগ কৰিছিল। ব্ৰহ্ম মুহুৰ্ত্তৰ আগতে শৌচ কাৰ্য্যাদি সমাপন কৰি প্রাতঃ স্নান কৰিছিল। প্ৰাতঃ স্নান কৰি উঠি প্ৰাতঃ প্রসঙ্গ কৰিছিল।
 ২। প্ৰাতঃ প্রসঙ্গ কৰি দুঘণ্টা সময় পুথি পঢ়ি- ছিল আৰু ঈশ্বৰ-চিন্তা কৰিছিল ।  ৩। তাৰ পাছত বাহাৰ কাম, কীর্তনঘৰৰ কাম, বাড়ীৰ কাম আক আন আন সত্ৰ সম্বন্ধীয় কাম পৰি- দর্শন কৰি দিহা দাৰা দিছিল। ইয়াৰ ভিতৰতে কোনোবা দর্শক আহিলে দর্শনো দিছিল।  ৪। বেলি দুপৰ নৌহওঁতেই মধ্যাহ স্নান কৰি দুপৰীয়াৰ প্রসঙ্গ কৰিছিল। দুপৰীয়াৰ প্রসঙ্গ কৰি, আহাৰ ভোজন কৰিছিল।  ৫। অলপ পৰ জিৰণি লৈ শাস্ত্ৰ অধ্যয়ন কৰিছিল। বাহাৰ আলধৰ। ভকত আদিক ধৰ্ম্ম শিক্ষা, শাস্ত্ৰ শিক্ষা আৰু আচাৰ নীতিৰ শিক্ষা দিছিল।  ৬। অধ্যয়ন কৰি আৰু শিক্ষা দি অলপ পৰ ইশ্বৰ চিন্তা কৰিছিল।  ৭। ঈশ্বৰ চিন্তা কৰি বাহাৰ কাঠিত বহি বাপু, ভকত সকলৰ লগত ধৰ্ম্ম আলাপ কৰিছিল। এই সময়তে বহু ভকতে নিজ নিজ সংশয় ছেদ কৰিছিল ৷ বহুতে এই সময়ত তেখেতক দর্শনো কৰিছিল।  ৮। ইয়াৰ পাছত আবেলিৰ প্রসঙ্গ কৰিছিল। ভাগৱত, গীতা ৰত্নাৱলী দশম, ঘোষা আদি শাস্বৰ ব্যাখ্যা কবিছিল।  ৯। আবেলিৰ প্রসঙ্গ আৰু শাস্ত্ৰ বাখ্যাৰ পাছত আকৌ সন্ধ্যা নলগালৈকে বাহাৰ কাঠিৰ গদিত বহি ধৰ্ম্মালাপ কৰিছিল। এই সময়ৰ ভিতৰত গাওঁৰ মেল দৰবাৰৰ কামো কৰিছিল ।  ১০। সন্ধ্যা লগা মাত্ৰকে স্নান কৰি শলাবন্তি জ্বলাই প্রসঙ্গ কৰে। প্রসঙ্গৰ পাছতে ঈশ্বৰৰ ধ্যান ধাৰণা আৰু চিন্তা কৰিছিল।  ১১। নিশাৰ প্রসঙ্গ কৰি ভোজন কৰিছিল। ভোজনৰ পাছত বাহাৰ ভকত সকলৰ লগত ধৰ্ম্ম কথা পাতি সময় মতে শয্যা লৈছিল। শয্যা লোৱাৰ লগে লগে নিদ্রা গৈছিল। নিদ্রাতো তেখেতৰ মুখত ৰাম নাম লোৱা শুনা গৈছিল।  তেখেতৰ প্রত্যেক কামৰ, মাজেৰে ঈশ্বৰৰ নাম ফুটি ওলাইছিল। ইশ্বৰৰ নাম নোলোৱাকৈ কোনে৷ কামতে, হাত নিদিছিল। কোনোবাই কিবা সুধিলেও প্রথমতে “দৈৱকীৰ পুতেকহে সকলোৰে কর্তা ; কৃষ্ণহে সকলোৰে কর্তা” এনে বাক্য বুলিহে কথাৰ উত্তৰ দিছিল।  আহাৰ-তেখেতৰ আহাৰ অতি সামান্য আছিল। এটি চৰুতে সকলো বহাই ভন্ন পাক কৰিছিল। দুবেলা প্রস- ঙ্গত বহাৰ আগতে চাউল পানী ঠিক কৰি জালকুৰা মাৰে । আৰু প্ৰসঙ্গৰপৰা আহি অন্ন বাঢ়ি লৈ ভোজন কৰে।  শয্যা-- তেখেতৰ শৰ্য্যা অতি সামান্য, এখন ডাঙৰ পীৰা ৷ সৰু এটি গাৰু । এখন তলপাৰা। গাত এখন পছৰা। বেছি ভাগ তেখেতে সুদা কঠ এটাত বাগৰে আৰু সৰু পীৰা এখনকে গাৰু কৰি লয়।  পিন্ধ৷ কাপোৰ- ধুতি এখন, চেলং এখন, গামোছ এখন আৰু গাঁতি এখন ৷ চোলা বা আন কিবা চিলাই কথা কাপোৰ গাত কেতিয়াও নলৈছিল।  আসন--সদায় কানকুল্লাৰ কঠত বহিছিল। সমুখত কাঠৰ ঠগা এখনত পুথি ৰাখিছিল। ভকত সকলক দিবলৈ তামোলৰ ঠগী এখন কাষত ৰাখিছিল।  আলধৰা--সদায় গদিত বহাৰ সময়ত তেখেতৰ ওচৰত এটি আলধৰা থাকিছিল।  খৰচ--গদিত বহা সময়ত বহুতে তেখেতক দৰ্শন কৰিবলৈ আহিছিল। দর্শন স্বৰূপে কোনোবাই কিবা খৰচ দিলে সেই খৰচ তেখেতে নলৈ তেল বন্তিৰ খৰচৰ বাবে থৈছিল ৷ এই খৰচ লোৱা সম্বন্ধে দুটি কথা আছেঃ‘তেল বন্তিৰ খবচ আৰু বাহাৰ খৰচ। তেল বন্তিৰ খৰচেৰে কীর্তনঘৰৰ শলা-বন্তি জ্বলায় আৰু বাহা খৰচেৰে ভকত সকলক সোধ পোচ কৰা হয়; আলহী অতিথি আহিলে সোধ পোচ কৰা হয়; বাহাৰ ভকত সকলক ভোজনী স্বৰূপে দিয়া হয়। দৰ্শক সকলেও তেল বন্তি খৰচ আৰু বাহা খৰচবুলি ছুভাগকৈ খৰচ দিয়ে।

১৮। হাটী সত্ৰৰ উন্নতি

এওঁ বুদৰাম মহন্ত বুঢ়া অধিকাৰৰ দিনত হাটীসত্ৰৰ সকলো প্রকাৰে উন্নতি হয়। হাটীসত্রৰ কীর্তন-ঘৰ, ভাজঘব, বাহাঘৰ, পুখুৰী সকলো মহাপুৰুষ মাধৱদেৱে পাতা বৰপেটা সত্ৰৰ আৰ্হিৰে সাজে আৰু সত্ৰৰ হাউলী চাৰিও ফালে গড় বান্ধে । কীৰ্ত্তনঘৰখন ৫৬ হাত দীঘল, ২৭ হাত পুতল আৰু ১৫ হাত ওখ । ভাজঘৰখন ২৭ হাত দীঘল, ১৪ হাত বহল, আৰু ১৪ হাত ওখ। কীৰ্ত্তন ঘৰৰ কাঠৰ থুমবোৰ দুই তিনি মুনিহৰ বেৰৰ সমান ডাঙৰ ৷ কীর্তনঘৰৰ বেৰবিলাকত জগন্নাথৰ মন্দিৰৰ নিচিনা কৃষ্ণ-লীলাৰ মুৰ্ত্তি। কীৰ্ত্তন ঘৰৰ ভিতৰত এখন ডাঙৰ আসন স্থাপনা কৰা আছে | আসনখনৰ গজাসন আৰু সিংহাসন বুলি ছুটি ভাগ আছে । গজাসনখন দীঘলে ৮ হাত, পুতলেও ৮ হাত, ওখ ১৷৷ হাত। এই গজাসনৰ ওপৰত সিংহাসন । সিংহাসনখন ৬ হাত দীঘল, ৬ হাত পুতল আৰু ৭৷৷ হাত ওখ । সিংহাসন খনত ৯ খন থাক পাতা আছে । ওপৰৰ থাকত শাস্ত্র স্থাপনা কৰা আছে।

 এওঁ বুঢ়া অধিকাৰৰ দিনতে হাটী সত্ৰখন বাহিৰে ভিতৰে সকলো বিষয়তে উন্নত হৈ উঠিল ৷ মহাপুৰুষীয়া ধৰ্ম্মৰ সকলো নিয়ম প্রণালী অটুত ৰাখি নাম-ধৰ্ম্ম প্রচাৰ কৰাত হাটীসত্র কামৰূপত এখন প্রধান সত্ৰ হৈ উঠিল। পূৰ্ব্বে গুৰুজনে পাতা চাৰিঘৰ মহন্তৰ বংশধৰসকলে এই হাটীসত্ৰত শৰণ ভজন ধৰ্ম্ম লৈ সত্ৰৰ গৌৰৱ ৰক্ষা কৰি আহিছে। এই হাটীসত্ৰৰ নিয়ম প্রণালীমতে গাৱঁৰ আন আন সত্ৰবিলাকো চলি আহিছে ৷ উজনীত কমলা- বাড়ী মাজত বৰপেটা আৰু ভাঠিত মধুপুৰ, এই তিনিও ৰাজ্য মহাপুৰুষ শঙ্কৰ মাধৱদেৱৰ লীলা-ভূমি । এই তিনিও থানৰ আৰ্হিয়েই মহাপুৰুষীয়াসকলৰ আৰ্হি । শুৱালকুছি গাৱঁৰ ওচৰ হৈছে বৰপেটা সত্ৰ । এই বৰ- পেটা সত্ৰৰ আৰ্হিকে হাটীসত্ৰতো লোৱা হৈছে । এই আৰ্হিৰ লগত সম্বন্ধ ৰাখিবলৈ বুঢ়া অধিকাৰে বৰপেটা কীৰ্ত্তনঘৰৰ হাউলীৰ ভিতৰত উদাসীন হাটীত এডোখৰ ঠাই কিনি ঠাকুৰৰ বাহা বুলি এটি বাহা সাজে ৷ কেতিয়াবা বৰপেটালৈ গলে বুঢ়া অধিকাৰে এই বাহাত থাকি সকলো ধৰ্ম্ম কর্ম কৰিছিল, আজি পর্যন্তও এই বাহা আছে আক আগেয়ে শুৱালকুছি গাৱঁৰ মহন্ত- সকলে এই বাহাত থাকিয়েই ধৰ্ম্মৰ বাতৰি জনাইছিল । বৰপেটা, কমলাবাড়ী আদি সত্ৰৰ অধিকাৰ, সত্ৰীয়া ভকত আৰু বুঢ়া ভকত আহিলে এই হাটীসত্ৰতে থাকে । এওঁলোকৰ ভিতৰত বিশিষ্ট সাধু মহন্তসকলে মাজে সময়ে বুঢ়া অধিকাৰৰ সন্মতি লৈ শিষ্য বাপু ভকতসকলক ধৰ্ম্মৰ কথা কয় ৷ অকল মহাপুৰুষীয়া নহয় আন পন্থৰো বিশিষ্ট সাধু লোক আহিলে এই হাটীসত্রত আলহী স্বৰূপে থাকে; আৰু বুঢ়া অধিকাৰক সাক্ষাৎ কৰি ধৰ্ম্ম বিষয়ে নানান আলোচনা কৰে ৷ লগতে ভকত সেৱকসকলেও বহু কথা জানিবলৈ সুবিধা।  হাটী সত্ৰত এখনি সৰু পাঠশালা পাতি বাহাৰ ভকত সকলক শিক্ষাও দিয়াইছিল। এই দৰে নানান উপায়েৰে বুঢ়া অধিকাৰে হাটীসত্ৰৰ উন্নতি কৰিছিল। হাটীসত্রৰ উন্নতিৰ লগে লগে সমূহ বাপু ভকত গাওঁৰ সকলোৰে উন্নতি সাধন কৰিছিল। জীৱ মাত্ৰতে দয়া, নামত ৰুচি, ঈশ্বৰত ভক্তি আৰু নাম ধৰ্ম্ম যাতে সমাজত বহুল পৰিমাণে প্রচাৰ হয় তাৰ বাবে তেখেতে অহৰহ চিন্তা কৰিছিল। এই সকলো গুণৰ বিকাশ নিজৰ কাৰ্য-কলাপ আৰু সৰু সৰু কৰ্ম্মৰ দ্বাৰ! দেখুৱাইছিল । উপদেশতকৈ দৃষ্টান্ত বেছি ফলদায়ক ভাবি তেখেতে নিজৰ জীৱনৰ আৰ্হিৰে সকলোকে শিক্ষা দিছিল ৷ মুখেৰে যেনেকৈ উপদেশ দিছিল নিজে তেনে কাম কৰি সকলোৰে মন প্রাণ আকর্ষণ কৰিছিল । এনেকুৱা কৰাটোৱেই মহৎ লোকৰ মহৎ কাম ।

১৯। অলৌকিক ঘটনাৱলী।



 জগতত মহৎ লোকৰ মহত্ব বিশেষ বিশেষ কৰ্ম্মৰ দ্বাৰা হে ফুটি ওলায় । সৰ্ব্ব সাধাৰণতকৈ কিবা বিশেষত্ব দেখুৱাব নোৱাৰিলে মহৎ লোকৰ মহত্বত সৌন্দৰ্য প্ৰকাশ নহয় । সেই কাৰণে জগতৰ মহা মহা লোক সকলৰ নিজ নিজ বিশিষ্ট কৰ্ম্মৰ দ্বাৰা নিজৰ মহত্ব প্রকাশ হৈছিল। মহৎ লোকৰ জীৱনী পাঠ কৰিলেই এই কথাৰ প্ৰমাণ পোৱা যায়।
 আমাৰ বুঢ়া অধিকাৰ বুদবাম মহন্তওএজন| মহৎ ছোক । তেখেতৰ কাৰ্য্যৰ দ্বাৰা তেখেতৰ মচন্ব প্রকাশ হৈছিল । তেখেতৰ জীৱনত বহুত আচৰিত ঘটন হোৱা প্রমাণ পোৱা গৈছে। এই অলৌকিক ঘটনাবোৰ দেখিয়েই 8 সৰ্ব্বসাধাৰণে তেখেতক অতি ওখ আসনত ঠাই দিছে। সেই অলৌকিক ঘটনাৱলীৰ দুই চাৰিটা কথা ইয়াৰ লগত প্ৰকাশ কৰা হলঃ-
 (১) বুঢ়৷ অধিকাৰৰ আহাৰ দুবেলা দুমুঠা অন্ন মাত্ৰ। কীৰ্ত্তন ঘৰলৈ প্ৰসঙ্গ কৰিবলৈ যোৱাৰ আগতে তেখেতে চৰুত চাউল পানী ডালি সকলো বহাই আখাৰ ওপৰত তুলি জালকুৰা মাৰি যায়। প্ৰসঙ্গ শেষ হলে ভকত কাৰণক বিদায় দি ভোজন কৰিবলৈ যায়। চৰুৰপৰা অন্ন পাতত বাঢ়ি ঈশ্বৰক নিবেদন কৰি নিজে গ্ৰহণ কৰে। অন্ন সিজিছেনে নাই তাক আৰু দুনাই বাৰ নাচায়। প্ৰসঙ্গলৈ যোৱাৰ আগতে তিনি চাৰি ডাল খৰিৰে জাল- কুৰা দি যায় আৰু প্ৰসঙ্গৰ পাছত বাঢ়ি লয়। এনেকুৱা অৱস্থাত অন্ন ভাল হোৱা বুলি বহুতে বিশ্বাস নকৰে। কিন্তু সেইটো নহয়। অন্ন অতি সোৱাদ হয়। এই অন্ন খাই বহুতে তৃপ্তি প৷ইছে। এনেকি তেখেতৰ অন্ন খাই গাওঁৰ বহুতৰ বেমাৰ-আজাৰো ভাল হৈছিল। এজনী বিধবা তিৰোতাৰ এটি মাত্ৰ লৰা সন্তান আছিল। এবাৰ লৰাটিৰ অসুখ হৈ মৃত্যু অৱস্থাত পৰে। মাকে উপায় নাপাই লৰাটিৰ হৈ অধিকাৰৰ শৰণাপন্ন হল। তেল বন্তিৰ খৰচ দি ভোজনী এটি দিলে। ভোজনৰ পাছত অধিকাৰৰ পাতত এৰা অন্ন মৰিবলৈ ওলোৱা পুতেকক খুৱালে। কি আচৰিত এই অন্ন খাই লৰাটি লাহে লাহে ভালহৈ আহিল। এয়ে হৈছে বুঢ়া অধিকাৰৰ অন্ন প্ৰসাদৰ মাহাত্ম্য।
 (২) শুৱালকুছি গাওঁৰ বেপাৰ কৰা ডাঙৰ ডাঙৰ নাওবোৰ সকলোৱে দেখিছে। একোখন নাওত চাৰিশ পাঁচশ মোন মাল ধৰে। এনেকুৱা ডাঙৰ নাওৰ টিঙ বোৰ ডাঙৰ ডাঙৰ | একোটা টিঙ দহ বাৰ জন মানুহে কোনোমতেহে তুলিব পাৰে। এদিন এনেকুৱা টিঙ এটা এখন নাওত লগাবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত কেইজনমান মানুহে চেষ্টা কৰি আছে। মানুহ কেইজনে কোনোমতে টিঙটো তুলিব পৰা নাই। এনে সময়তে বুঢ়া অধিকাৰ দেৱে ঘাটলৈ নিজৰ নাওৰ কাম চাবলৈ যাওঁতে মানুহবিলাকৰ কৰ্ম্ম দেখি কলে “বাপাহঁত, তোমালোকৰ বৰ কষ্ট হৈছে। বাৰু তোমালোক আঁতৰ হোৱাচোন। মই এবাৰ চেষ্টা কৰি চাওঁ।" এই বুলি দুই হাত আকোলা মাৰি টিঙটো হেলাৰঙে নাওত লগাবলৈ তুলি ধৰিলে। দহ বাৰ জনে কৰিব নোৱাৰা কাম তেখেতে অকলে কৰা দেখি সকলোৱে আচৰিত মানিলে। এয়ে হৈছে তেখেতৰ শাৰিৰীক শক্তিৰ পৰিচয়।  (৩) বুঢ। অধিকাৰৰ মুখত সদায় হাঁহি। অসুখ আজাৰ হলেও মুখৰপৰা হাঁহি নুগুচিছিল। এদিন তেখেতে বাহাৰ বৰবাডীলৈ যাওঁতে বাটত এডোখৰ বোকাৰ ওপৰত পাৰি দিয়া কাঠৰ ওপৰেদি যাব লগাত পৰিছিল। হঠাৎ ভৰি পিছলি পাতৰপৰা পৰি এখন ভৰি ভাঙে। কোনোমতে বাহাঘৰ পালে কিন্তু ভৰিখন উখহি বেদনা কৰিবলৈ ধৰিলে। অধিকাৰৰ তেনে অৱস্থা দেখি ভকতসকলে দৰব পাতি দিবলৈ যত্ন কৰিলে। কিন্তু বুঢ়া অধিকাৰে দৰব ব্যৱহাৰ নকৰিলে আৰু ভকত সকলক কলে “বাপাহঁত তোমালোকৰ যত্ন দেখি বৰ সন্তোষ পাইছোঁ। আমাক ঔযধ দিব নালাগে। কৃষ্ণৰ নামেই সকলো মহৌষধ! কৃষ্ণই সকলো সুখ দুখৰ গৰাকী। তেওঁৰ ইচ্ছাতেই সকলো সুস্থ হব।” কি আচৰিত তিনি দিনৰ পাছত তেখেতৰ ভঙা হাত আপোনা আপুনি জোৰা লাগিল। অসুস্থ শৰীৰ সুস্থ হল। এনেকুৱা আতুৰ অৱস্থাতো নিজে ৰান্ধি বাঢ়ি খাইছিল। মনত সদায় আনন্দ। এয়ে হৈছে ভগৱন্তৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰতাৰ পৰিচয়।
 (৪) হাটী সত্ৰৰ ফুলনীৰ ফুল আৰু বাড়ীৰ ফল মূল ঈশ্বৰক নিবেদন নকৰাকৈ অধিকাৰ দেৱে ব্যৱহাৰ নকৰে। গছৰ প্ৰথম ফুল আৰু ফল আসনৰ কাষত থৈ ঈশ্বৰক নিবেদন কৰে। তাৰ পাছত হে বাপু ভকত সকলক লবলৈ কয়। এবাৰ এজোপা মধুফলৰ গছত চাৰিটামান মধুফল লাগিছিল। তাৰে প্ৰথম ফলটি ঈশ্বৰত লগাবলৈ মন কৰিছিল। পকিলেই মধুকলটি পাৰি আনিব। এনেতে কোনোবা মানুহে লোভ সামৰিব নোৱাৰি পকা মধুকলটি পাৰি নি খালে। পাছদিনা পুৰা আধিকাৰ দেৱে মধুফলটি চাবলৈ বাড়াত সোমাল। কিন্তু গছত সেই বাচি থোৰা মধুফলটি নেদেখি তেখেতে কবলৈ ধৰিলে "নিবেদন কৰিবলৈ উত্তম ফলটি বাচি ৰাখিছিলোঁ তাকে কোনেবাই নি খালে। যেয়ে খালে তাৰ গৰ্ভত গাহৰি জন্মিব।” ভালেমান দিনৰ পাছত গাওঁৰ এজনী তিৰোতাৰ গাহৰি মুখা লৰা সন্তান এটি জন্মিল। সন্তানটি গাহৰ মুখা দেখি সকলো আচৰিত হল, শেষত তিৰোতাজনাক গোপনে গোপনে সোধাত কলে “মই গৰ্ভৱতী হোৱাত হাটী সত্ৰৰ বাড়াত সোমাই এটি মধুফল খাইছিলোঁ। মোৰ মনেৰে তাৰ ফলত সন্তানটিৰ বৰাৰ নিচিনা ডোঁট্ বাঢ়িছে।" এই কথা লাহে লাহে হাটী সত্ৰত শুনিলে। হাটী সত্ৰৰ ভকত এজনে ঘটনাটিৰ কথা ৰাইজৰ আগত ভাঙি কলে। এয়ে হৈছে অধিকাৰৰ বাক-সিদ্ধৰ পৰিচয়।  (৫) হাটী সত্ৰৰ এখন বৰ বাড়ী আছে ৷ বৰ বাড়ী খনৰ মাজতে এটা ডাঙৰ পুখুৰী। গছ গছনীৰে বাড়ীখন ভৰা। ৰাতিপুৱা অধিকাৰদেৱে এই বাড়ীখনলৈ প্রায় আহে। এদিন ৰাতিপুৱা দুৱাৰ থেলি বাড়ীত সোমাব খোজোতেই এটা প্রকাণ্ড সাপে বাট আগুৰি থকা দেখিলে । সাপে অধিকাৰক দেখিয়েই বুকৰ সমান ফণা মেলিলে । অধিকাৰে কৃষ্ণ নাম স্মৰি কলে “বাপা তোমাৰ ঠাইলৈ তুমি যোৱা। আমাৰ বাট এৰি দিয়া ৷” সাপে অধিকাৰৰ কথা শুনি ফণা চপৰাই আঁতৰি গ'ল ৷
 আকৌ এদিন বাড়ীত কোৰ পৰি থাকোতে দবা পিতা বৰষুণ দিলে ৷ অধিকাৰৰ মূৰত জাপি নাই। ওচৰত গছে নাই। বৰষুণে চাৰিওফালে ভহাই পেলালে। কি আচৰিত অধিকাৰদেৱৰ গাত বৰষুণ পৰা নাই। যেনে শুকান কাপোৰ তেনে আছে। অধিকাৰদেৱে বৰষুণত ভিজিবুৰি কষ্ট পোৱা বুলি ভকতসকলে হাতত জাপি আৰু কাপোৰ লৈ বাড়ীত সোমাল ৷ কিন্তু অধিকাৰদেৱৰ গাত এটোপাও পানী নপৰা দেখি ভকতসকলে আচৰিত মানি গুছি আহিল। এয়ে হৈছে অধিকাৰৰ ঈশ্বৰ ভক্তিৰ পৰিচয়।  (৬) এদিন অধিকাৰদেৱ বৰ বাড়ীলে যাওঁতে বাটত তেখেতৰ মূৰৰ ওপৰেদি এজাক পাৰ উৰি যোৱা দেখিলে। পাৰ চৰাই দেখি অধিকাৰে কলে “এইবোৰ কুকুৰা চৰাই কোনে পুহিছে। এইবোৰৰ উৎপাতত বাট পথেৰে যাবই নোৱাৰি।” পাৰ জাক উৰি গৈ গৃহস্থৰ ঘৰৰ বাহাত সোমাল। ৰাতিপুৱা গৃহস্থই পাৰ উলিয়াবলৈ গৈ দেখে যে বাহাত কুকুৰা চৰাই ভৰি আছে। এই গৃহস্থ জনৰ ঘৰ বৰ সত্ৰৰ কাষতে। কুকুৰা ঘৰৰ হাউলীৰ ভিতৰত সোমোৱা দেখি গৃহস্থই কুকুৰা খেদি গা পা ধুলে। সেইদিনাৰপৰা বাহাত পাৰ নোহোৱা হল। কথাই কথাই এদিন গৃহস্থ হাটীসত্ৰৰ ভকত এজনৰ লগত মেল পাতোতে এই ঘটনাটিৰ কথা ওলাল। তেতিয়া ভকত জনে সেই দিনাৰ সকলো কথা ভাঙি কোৱাত গৃহস্থজনে আচৰিত মানি হাটীসত্ৰত দণ্ড দি আঠু ললে। তেতিয়াৰেপৰা ঘৰ গৃহস্থী সমন্বিতে তেওঁ মহাপুৰুষীয়া ধৰ্ম্ম ধৰি জীৱন সাৰ্থক কৰিলে।


২০। হাটী সত্ৰৰ বাবে ডেকা অধিকাৰ নিৰ্ব্বাচন।

 আজি কালিকৈ বুঢ়া অধিকাৰ বুদৰাম মহন্তৰ বয়স ভাঠি দিলে। তেখেতৰ বয়স ভাঠি দিয়াৰ কাৰণে ডেকা আধিকাৰ এজন পাতিবৰ আৱশ্যক হল। বুঢ়া "অধিকাৰৰ অভিপ্রায় গাওঁৰ ৰাইজৰ মাজত জনাজাত হল। ভকতসকলে এজন বিশিষ্ট সাধুৰ সন্তান আনি হাটীসত্রত দিবলৈ অনুসন্ধান কৰিলে। অৱশেষত গাওঁৰ মাজত শ্ৰীযুত লক্ষ্মীকান্ত মহন্ত বুলি এজন শান্ত শিষ্ট ডেকা সাধু সন্তান পালে। এওঁৰ পিতৃৰ নাম বালেকৰাম মহন্ত আৰু মাতৃৰ নাম পতিমা আই। এওঁক শান্ত শিষ্ট আৰু ধৰ্ম্ম ভীৰু দেখি ভকতসকলে এওঁক বুঢ়া অধিকাৰৰ ওচৰলৈ আনে। ছুই চাৰি দিন হাটী সত্ৰত ৰাখি স্বভাৱ চৰিত্র বুজি বাজি বুঢ়া অধিকাৰে এওঁক হাটাসত্রত স্থায়ীকৈ ৰাখিলে। বুঢ়া অধিকাৰৰ সঙ্গ পাই এওঁ গৃহস্থী ধৰ্ম্ম এৰিবৰ সংকল্প কৰাত বুঢ়৷ অধিকাৰে এওঁক শৰণ ভজন শিক্ষা আদি সকলোৰে দিহা দিব ধৰিলে। বুঢ়া অধিকাৰৰ অনুগ্ৰহত এওঁ সকলো শাস্ত্ৰত পাৰ্গত হল। সত্ৰৰ সকলো কামত উপযুক্ত হ'ল। গুৰুৰ আদেশ পালন কৰাই হল এওঁৰ জীৱনৰ ব্ৰত।


২১। ডেকা অধিকাৰৰ পৰীক্ষা।

 এদিন গুৰুৰ আদেশ মতে শ্ৰীযুত লক্ষীকান্ত মহন্তই ব্ৰহ্মপুত্ৰৰ পাৰত নাও বান্ধা কাম চাবলৈ গৈছিল। কামৰ দিহা দাৰা দিওঁতে ভালেখিনি পৰ নৈৰ পাৰত ৰব লগাত পৰিছিল। এনে সময়তে এজন বামুণ নৈৰ পাবলৈ গা ধুবলৈ আহিছিল। এওঁ বামুণজন দেশ বিদেশ ‘ঘূৰি ঘৰলৈ যাব আহিছে। দুপৰ হোৱা দেখি নৈৰ পাৰত জলপান খাব আহিছিল। বামুণে নিজৰ তালি টোপোলা বয়বস্ত সকলো বালিত থৈ পানীৰ জেলিয়াত জলপান কৰিলে। জলপান কৰি তালি টোপোলা লৈ বামুণ ঘৰমুৱা হল। প্ৰায় চাৰি মাইলমান গৈ বামুণৰ টোপোলা পাতল পাতল লগা যেন পালে। টোপোলা খুলি চাই দেখে যে দুটি সৰু টোপোলা নাই। তাৰে এটি টোপোলাত পাঁচ শ টকাও আছিল। বামুণৰ মুখৰ মাত নোহোৱা হল। তেতিয়াই দৌৰি দৌৰি নৈৰ পাৰলৈ আহিব ধৰিলে। শ্ৰীযুত লক্ষ্মী বাপুই নাওৰ কাম চাই ফুৰোতে কাপোৰৰ টোপোলা দুটা দেখা পালে। ভবদুপৰ, কোনো মানুহ-দুনুহ নাই। টোপোলা দুটা এৰি গলে জানোচা কোনোবাই নিয়ে। ভাবি চিন্তি ঢোপোলা দুটা বালিৰে ঢাকি থৈ নিজে ৰখি থাকিল। প্ৰায় ছঘণ্টামান পাছত বামুণ ঘামি জামি ঘাটৰ পাৰ পালেহি। বামুণে টোপোলা দুটা দেখা নাপাই কপালত চপৰাই চপৰাই কান্দিব ধৰিলে। তেওঁক কান্দা দেখি শ্ৰীযুত লক্ষ্মীকান্ত মহন্তই সুধিলে ‘বাপু তোমাৰ কি হৈছে, তুমি এইদৰে আকুল হৈ কিয় কাঁন্দিছা?” বামুণে কলে “মোৰ দুখৰ কথা কি কম। দেশ বিদেশ ঘূৰি পাঁচ শ টকা গোটাই আনিছিলো। ইয়াত পানীৰ জেলিয়াত জলপান কৰি ঘৰলৈ ৰাওনা হওঁ। টোপোলা দুটা পাহৰি এৰি যাওঁ। মোৰ কি দুৰ্কপাল।” বামুণৰ কথা শুনি শ্ৰীযুত লক্ষ্মীকান্ত বাপুই কলে “দেউ তুমি নাকান্দিবা এই খিনি ঠাইত বালি গুচুৱাই চোৱাচোন। কিবা পোৱা নে?” বামুণে আথেবেথে বালি খান্দি চায় যে নিজৰ টোপোলা দুটা যেনে আছল ঠিক তেনে ভাবে পালে । টকা পাঁচ শও ঠিক পালে। তেতিয়া আনন্দমনে বামুণে সুধিলে “বাপ আমাৰ সম্পত্তিনো এইদৰে কোনে ৰাখিলে?” শ্ৰীযুত লক্ষ্মীকান্ত মহন্তই সকলো কথা ভাঙি পাতি কলে। বামুণে সকলো কথা শুনি শ্ৰীযুত লক্ষ্মীকান্ত বাপুক পঞ্চাশটি টকা যাচিলে। শ্ৰীযুত লক্ষ্মী বাপুই টকা নলৈ কলে “দেউ আমাৰ গৰাকী বাহাত আছে। তেখেতৰ আদেশ নহলে আমি ধন চুব নোৱাৰো।” বামুণে বাহালৈ আহি বুঢ়া অধিকাৰক প্ৰণাম কৰি সকলো কথা কলে আৰু লগতে টকা পঞ্চাশটি আগ বট়ালে। বুঢ়া অধিকাৰে কলে “বাপা তোমাৰ বস্তু তুমি নিয়া। কৃষ্ণে তোমাৰ বস্তু তোমাক দিছে। তাত আমাৰ একো অধিকাৰ নাই।” বুঢ়া অধিকাৰে কোনো মতে টকা গ্ৰহণ নকবা দেখি বামুণজনে তেল বন্তিৰ খৰচ বুলি দু-অনা পইচা দি নত্ৰত সেৱ৷ কৰি ঘৰলৈ যায়। এনে বিশিষ্ট সাধু পাবলৈ অতি বিড়ল, আৰু এই ঘটনাটিয়ে শ্ৰীযুত লক্ষ্মীকান্ত মহস্তৰ চৰিত্ৰৰ পৰিচয় দিলে।

২২। ডেকা অধিকাৰ


 চাওঁতে চাওঁতে বুঢ়া অধিকাৰৰ বয়স ৯৫ বছৰ হল। বুঢ়া অধিকাৰৰ বয়স বেছি হোৱা দেখি ভকতসকলে নিবেদন কৰিলে “কৃপালু গুৰু, এতিয়া হাটীসত্ৰত এজন ডেকা অধিকাৰ পাতি ললে ভাল হয় যেন পাওঁ।” বুঢ়া অধিকাৰে কলে “এৰা আমাৰো বয়স পৰি আহিল। এজন ডেকা অধিকাৰ পাতা আঃৱশ্যক। পিছে তোমা- লোকেনো কাক ডেকা অধিকাৰ পাতিব খোজ?” ভকতসকলে কলে “আমাৰ মনেৰে শ্ৰীযুত লক্ষ্মীকান্ত মহন্তই ডেকা অধিকাৰৰ বাবে উপযুক্ত লোক।” বুঢ়া অধিকাৰ ভকতসকলৰ কথাতে মান্তি হ’ল।

 এদিন দিন বাৰ চাই শুভক্ষণত বুঢ়া অধিকাৰে সমূহ ৰাইজক বোলান দি হৰি কীৰ্ত্তন পাতিলে। কীৰ্ত্তনৰ নিৰ্ম্মালি প্রসাদ লৈ সকলো সমূহ ভকত কীর্তন ঘৰৰ "চোতালত বহিল। বুঢ়া অধিকাৰে সমূহ ৰাইজৰ আগত শ্ৰীযুত লক্ষ্মীকান্ত মহন্তক ডেকা অধিকাৰ বুলি ঘোষণা কৰিলে। সমূহ ৰাইজে জয়ধ্বনি দি বুঢ়া অধিকাৰৰ কথাত সন্মতি প্ৰকাশ কৰিলে । শ্ৰীযুত লক্ষ্মীকান্ত মহন্তও ৰাইজৰ আগত হাতযোৰ কৰি মূৰত মালা পিন্ধিলে; আৰু ডেকা অধিকাৰৰ বাব গ্রহণ কৰিলে । সকলো ৰাইজে জলপান কৰি হৰিধ্বনি দি ঘৰাঘৰি গ'ল। বুঢ়া অধিকাৰে ডেকা অধিকাজন পাতি নিশ্চিন্ত হ’ল। সত্ৰৰ সকলো কামৰ ভাৰ ডেকা অধিকাৰৰ গাত দিলে। বুঢ়া অধিকাৰে এতিয়া একান্ত মনে ঈশ্বৰ চিন্তা কৰি সুখত দিন নিয়াব ধৰিলে।

২৩। ধৰ্ম্ম আলাপ

এতিয়া বুঢ়া অধিকাৰ বুদৰাম মহন্ত ঈশ্বৰ চিন্তাৰপৰা নুঠাতে পৰিল। একান্ত ঈশ্বৰ চিন্তাত তেখেতৰ জ্যোতি আৰু দুগুণকৈ বাঢ়িব ধৰিলে । শৰীৰৰ কান্তি বাঢ়িলে। আত্ম-জ্ঞানত মন-প্ৰাণ দুগুণ প্রফুল্ল হৈ উঠিল। তেখেতৰ বাণী অমৃতময় হল ৷ বাপু ভকতসকলে তেখেতৰ মুখৰ বানী শুনি তৃপ্তি লাভ কৰিব ধৰিলে। ঢলে ঢলে মানুহ আহি তেখেতত শৰণ ভজন লৈ জীৱন যাপন কৰিব ধৰিলে। গাৱঁৰ লৰা, ডেকা, বুঢ়া, মুনিহ, তিৰোতা সকলোৱে এবাৰ নহয় এবাৰ দিনটোৰ ভিতৰত হাটী- সত্ৰলৈ আহি তেখেতক দৰ্শন কৰে আৰু প্ৰণাম কৰে। সাধু ভকত সকলে সদায় হাটীসত্ৰলৈ আহি আবেলি ধৰ্ম্ম কথা আলাপ কৰে। বুঢ়া অধিকাৰে বাহাৰ কাঠিৰ কঠত বহি সকলোকে ধৰ্ম্ম কথা কয়। এই ধৰ্ম্ম আলাপৰ পৰা বেছকৈ বুজিব পাৰি যে তেখেতৰ শান্ত কেনে দখল; অন্তৰ কেনে মহান; ভাৱ কেনে দ; আত্ম-জ্ঞানৰ প্ৰভাৱ কেনে উজ্জল। লগা ডেকা বুঢ়া যেয়ে যি কথা সোধে তাৰে তেখেতে সৰল কথাৰে আৰু শাস্ত্ৰ বচনেৰে উত্তৰ দি সকলোকে সন্তোষ দিছিল। ভকতসকলে তেখেতক প্ৰশ্ন কৰিলে কেনে ভাৱে উত্তৰ দিয়ে তাৰে দুই চাৰি ফাঁকি কথা তলত তুলি দিয়া হলঃ-
 ভকত--বাপ, গুৰুনো কাক বোলে ?
 অধিকাৰ--যি জনে পৰমাত্মাৰ পৰিচৰ কৰি দিয়াক পাৰে তেৱেঁই গুৰু। কুষ্ণৰূপী পৰমাত্মা সকলোতে আছে। এই পৰমাত্মাক পৰিচয় কৰি দিয়াই গুৰুৰ কাম। শাস্ত্ৰত কৈছেঃ-
 “বেদৰ ৰহস্য সকলো জানন্ত।
 কুষ্ণকো ভকতি বলে সাক্ষাত কৰন্ত ॥
 এহেন্তে উত্তম গুৰু কহিলোঁ সম্প্ৰতি ।
 ইহাৰেসে উপদেশে শুদ্ধ হোৱে মতি ॥
 এনেকুৱা উত্তম গুৰুত শৰণ লৈ আত্মজান লাভ কৰিবৰ চেষ্টা কৰা প্রয়োজন ৷
 ভকত- বাপ, FHA আৰু জীৱৰ পাৰ্থক্য ভালকৈ বুজিব পবা নাই।
অধিকাৰ-ঈশ্বৰ সকলোতে বিৰাজ কৰিছে। তেওঁ নিত্য চৈতন্তময় আৰু আনন্দময়। জীৱই তেওঁৰেই প্রভাৱত দেহক আশ্রয় কৰি কৰ্ম্মফল ভোগ কৰে । শাস্ত্ৰত কৈছেঃ-

অতি সুক্ষ্মৰূপে  আনন্দ যুগুত
চৈতন্যৰূপ ঈশ্বৰ ।
তাহাৰে মায়ায়ে  ঢাকিলেক নিজ
আনন্দ স্থখ জীৱৰ ॥
দুঃখচয়ে বেঢ়ি  আছয় জীৱক
পাৱে অতি মহা খেদ ।
কহিলো প্রত্যেক  জানিবা এতেক
জীৱ ঈশ্বৰৰ ভেদ ॥

ঈশ্বৰ অৰ্থাৎ পৰমান্নাৰ সেৱাই জীৱৰ মুক্তিৰ উপায়।

তুমি নিত্যমুক্ত  চৈতন্য তুমি সি
নিত্য বদ্ধ জড়জীৱ |
তোমাৰ সেৱাত  হোৱে মুক্ত জীৱ
তুমি দেৱ সদাশিৱ ॥

এয়ে হৈছে জীৱৰ মায়া বন্ধন নাশৰ উপায় ৷
ভকত-বাপ আমাৰ সেৱাৰ বস্তুফেৰা জানিব খোজোঁ।
 অধিকাৰ-নাৰায়ণেই সেৱাৰ বস্তু।
 প্রথমে প্ৰণামো ব্ৰক্ষ্মৰূপী সনাতন।
 সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ ॥
 এই নাৰায়ণ নামটি চাৰিও বেদৰপৰা উদ্ধাৰ কৰি

সেৱাৰ বস্তু কৰিছে। নাৰায়ণৰ ৰূপ ধাৰণ, ধ্যান আৰু

কীৰ্ত্তনেই জীৱ মুক্ত হবৰ প্রধান উপায় । সেই কাৰণে আকৌ কৈছেঃ-

 ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ ।
 এতেকে মুকুতি পাইবা কহিলো স্বৰূপ ॥
 ভকত --বাপ, কলিকালত নো ধৰ্ম্ম কি?
 অধিকাৰ--কলিত হৰি-নাম কীৰ্ত্তনেই একমাত্ৰ ধৰ্ম্মঃ-
 সত্য যুগে কৰি ধ্যান সমাধি।
 ত্ৰেতাত সমস্ত যজ্ঞ আৰাধি ॥

 দ্বাপৰে পূজে নানা ভক্তি ভাৱে ।

 কলিত কীর্ত্তনেসে গতি পাৱে ॥
 এতেকে নাম কীর্তন কৰি কলিত জীৱ তৰিব পাৰে । আৰু এই হৰি নাম যাৰ মুখত থাকে তেৱেঁই শ্রেষ্ঠ আৰু পুণ্য লোক।

 সিটে৷ চণ্ডালক গৰিষ্ঠ মানি।
 যাৰ জীহবাগ্রে থাকে হৰি বাণী ॥
 সমস্তে তীর্থতে কৰিলে স্নান ৷
 কৰিলে সব তপ হোম দান ॥

এতেকে মুখত নাম; অন্তৰত পৰমাত্মাৰ ৰূপ ; হাতত নিষ্কাম ভাৱে কাম লৈ দৈনিক কৰ্ম্ম কৰি থাকা হৰি নামে সকলো পাপ নাশ কৰি জীৱক তৰাব পাৰে ৷

হৰি নাম সব  পাতক দহয়
স্বজ্ঞানে বা অজ্ঞানে বোলে।
যেন হুতাশনে  শুকান কাষ্ঠক
অতি অপ্ৰয়াসে পোৰে ॥

 ভকত-বাপ, ভক্তি সম্বন্ধে অলপ কলে ভাল হয়;  অধিকাৰ-ভক্তি হৈছে ভগৱন্তৰ প্রতি অনুৰাগ, শ্ৰদ্ধা কাকুতি, মিনতি, সেৱা আৰু তুতি । এই ভক্তি

নৱ বিধ

শ্ৰৱণ কীৰ্ত্তন  শ্মৰণ বিষ্ণুৰ
অৰ্চ্চন পদ সেৱন।
দাস্য সখিত্ব  বন্দন বিষ্ণুত
কৰি দেহ অৰ্পণ॥

ইয়াৰ ভিতৰত আমাৰ পন্থত দাস্য ভাৱৰ ভক্তিয়েই প্ৰধান। দাস্য ভক্তিৰ কাৰণেই ভগৱন্তে প্ৰহ্লাদক ৰক্ষা কৰি আছিল।

{{center|গাত খান্দি কতো  পোতে প্ৰহ্নাদক
কৰাৱে বিষক পান।
হাতে গলে বান্ধি   অগ্নিত পেলাৱে
তথাপি নাযায় প্ৰাণ॥
বিষ্ণুৰ চৰণ  চিন্তিয়া প্ৰহলাদে
আছন্ত নিৰ্ভয় ভাৱে |
দেখি দৈত্যপাত  মনত চিন্তয়
স্মৃতি নাই তাৰ গাৱে॥

সম্পূৰ্ণৰূপে দেহ মন বাক্য চিত্ত সকলো বিষ্ণুত অৰ্পণ কৰি দাস্য ভাৱে ঈশ্বৰত সেৱ৷ আৰু তুতি কৰাই পৰম ভক্তি। ভকত-বাপ, ঈশ্বৰ নিৰাকাৰ বুলিও কয়। পিছে আমি নিৰাকাৰকনো তুতি কৰোঁ কেনেকৈ।

অধিকাৰ - শাস্ত্ৰৰ বচনেৰে ইয়াৰ উত্তৰ দিওঁ, শুনা,

অব্যক্ত ঈশ্বৰ হৰি  কিমতে পূজিব তাঙ্ক
ব্যাপকত কিবা বিসৰ্জ্জন !
এতাৱন্ত মুৰ্ত্তিশূণ্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন ॥

 ভকত-বাপ, তীর্থ ভ্রমণ কৰাৰ কিবা প্রয়োজন আছে নে ?

অধিকাৰ- কৃষ্ণ সেৱাই সকলো তীর্থ । হৃদয়ত কৃষ্ণক আৰাধনা কৰিলেই সকলো তীৰ্থৰ ফল পোৱা যায়। শাস্ত্ৰত কৈছেঃ

যিটো জনে কৃষ্ণ কথা  বিচাৰ সময়ে মনে
ধৈৰ্য ধৰি ক্ষণেক থাকয়
যত তীর্থ স্নান দান  দেৱ পিতৃ যজ্ঞ যাগ
যোগদিবো ফলক পাৱই।

 এতেকে কৃষ্ণ নামেই সকলো তীর্থ ৷
 ভকত--বাপ, আমি সকলোৱে হৰি কীর্তন কৰিব পাৰোঁ নে?
অধিকাৰ- তোমালোক সকলোৱে হৰি কীর্তন কৰিব পাৰা। হৰি কীৰ্ত্তনত ভেদাভেদ নাই।

পৰম নিৰ্ম্মল ধৰ্ম্ম  হৰি নাম কীৰ্ত্তনত
সমস্ত প্রাণীৰে অধিকাৰ।

এতেকেসে হৰিনাম  সমস্ত ধৰ্ম্মৰ ৰাজা
এহি সাৰ শাস্ত্ৰৰ বিচাৰ ॥
বৰ্ণাশ্ৰম ধৰ্ম্ম যত  যাৰ যেন ধৰ্ম্ম আছে
তাৰেসে কেৱলে অধিকাৰ ।
হৰিনাম কীৰ্ত্তনত  নাহিকে নিয়ম একো
এতেকে ধৰ্ম মাজে সাৰ ॥

 এতেকে হৰিনাম কীৰ্ত্তনত জাতি ধৰ্ম্ম বৰ্ণ কৰ্ম্ম মূৰ্খ পণ্ডিত ধনী নিধনী একোৰে বিচাৰ নাই । সকলোৱে নিৰ্বিবাদে হৰিনাম লব পাৰে |
 ভকত--বাপ, প্রতিমা পূজাত কিবা দোষ আছেনে ?
 অধিকাৰ--প্রতিমা পূজা কৰা আমাৰ বিষ্ণুপন্থী ভকতৰ পক্ষে বিধান নাই । সেই কাৰণে শাস্ত্ৰত কৈছেঃ

তীর্থ বুলি কৰে জলত শুদ্ধি ৷
প্রতিমাত কৰে দেৱতা বুদ্ধি ॥
বৈষ্ণৱত নাই ইসব মতি।
গৰুতো অধম কৃষ্ণ বদতি ॥

ভকত -বাপ, শৰণ, ভজন আৰু নমস্কাৰৰ কথা খিনি ভালকৈ বুজা নাই ।
 অধিকাৰ--বাৰু শুনা শাস্ত্ৰৰ বচনেৰে কওঁঃ প্রকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ ৷
 সমস্তৰে আত্মা হৰি পৰম বান্ধৱ ॥
 এইজনা ঈশ্বৰ মাধৱৰ শৰণ ভজন নমস্কাৰেই আমাৰ পন্থৰ প্রধান কাম । আৰু এঠাইত কৈছেঃ-

 হে কৃষ্ণ তযুপাৱে পশিলো শৰণ ৷
 মই অনাথৰ নাথ তুমি নাৰায়ণ ॥
 নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ।
ভজোহোঁ তোমাৰ দুই পদ অৰবিন্দ ॥
নমো হৰি নাৰায়ণ ৰাম ৰাম ৰাম।
সৰ্ব্ব কৰ্ম্ম শিৰোমনি তুৱা গুণ নাম ॥

এয়ে হৈছে শৰণ ভজন নমস্কাৰ সকলো।
 ভকত--বাপ, আপোনাৰ অমৃতময় ধৰ্ম্ম আলাপ এৰি যাবৰে মন নাযায়।
 অধিকাৰ--বাপুসকল ঠিক কথা কৈছা। ভগৱন্তৰ কথা অমৃতময়, ৰসময় । এই অমৃত পালে আন ফালে মন নাযায়। এই অমৃত পানৰ আকাঙ্খাই মানৱী জীৱনৰ প্রকৃত আকাঙ্ক্ষা । বাৰু এতিয়া শাস্ত্ৰৰ বচনেৰে ধৰ্ম্মৰ তাৎপৰ্য দুই চাৰিটা কৈ আজিলৈ কথা সম্বৰণ কৰা যাওক।

চাৰিও বেদৰ চাৰি অক্ষৰ   সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে
বেকত কৰিয়া থৈলা নাৰায়ণ বাণী।

সেই নাৰায়ণ নাম লৈয়া  শুদ্ধ কৰোঁ আমি চিত্ত কায়া
হৰি সন্তোষৰ কাৰণ আন নজানি ॥
একে খানি মাত্র শাস্ত্ৰ নিষ্ঠ দৈৱকী নন্দনে কৈলা যাক
দেৱো একমাত্র দৈৱকী দেৱীৰ সুত।
দৈৱকী পুত্ৰৰ পদ সেৱা  কৰ্ম্মো একো এহিমানে মাত্ৰ
মন্ত্ৰো এক তান নাম মাত্র অদভূত ॥
কৃষ্ণ যশে ধৌত চিত্ত হুয়া  সমস্তে ক্লেশক তৰি পুনু
কুষ্ণদাসে কৃষ্ণ চৰণ মূল নেৰয়।
সকলে সম্পূর্ণ নিজ গৃহ  পথিক সকলে পায়া পুনু
দুঃখ এৰাই যেন সিটো গৃহ নছাৰয় ॥
সকলে উপনিষদে ধেনু  দোগ্ধা ভৈল তাৰ নন্দসুত
তাৰ বত্স ভৈল কুন্তী সুত ধনঞ্জয় ।
দুগ্ধ ভৈলা মহাগীতামৃত  কৃষ্ণ চৰণে দিয়া চিত্ত
সুবুদ্ধি সকলে সন্তোষে পান কৰয় ॥

 ভকত সকলে গুৰু অধিকাৰক সেৱা সতকাৰ কৰি ঘৰাঘৰি গল।
 এই দৰে ধৰ্ম্ম আলাপ কৰি বুঢ়া অধিকাৰে ধৰ্ম্ম প্রচাৰৰ কাম সমাধা কৰিছিল। এনেকুৱা সমাজত গাওঁৰ আৰু আন আন গাওঁৰ মানুহ আহিও যোগ দিছিল । বুঢ়া অধিকাৰৰ বাণী শুনি বহুতে শৰণ ভজন লৈ শান্তি পাইছিল। এনে ধৰ্ম্ম আলাপৰ লগতে বুঢ়া অধিকাৰে সমাজৰ আচাৰ ৰীতি-নীতি সকলোকে ব্যাখা কৰি বুজাইছিল ।

২৪। গুৰু ভাৰ দান।


 এতিয়া বুঢ়া অধিকাৰ বুদৰাম মহন্তদেৱ ১১৫ বছৰ বয়সত সোমালহি। ক্ৰমে ক্রমে তেখেতৰ শৰীৰ পৰি আহিল । শৰীৰৰ অৱস্থা -চাই তেখেতে তেখেতৰ ধৰ্ম্ম- মালা এজনৰ গাত দিবলৈ সঙ্কল্প কৰিলে । শেষত ভাবি- চিন্তি এদিন পাল নাম পাতি হৰি-কীর্তন কৰিলে । এই হৰি-কীৰ্ত্তনলৈ সকলোকে নিমন্ত্ৰণ কৰিলে। কীৰ্ত্তনৰ নিৰ্ম্মালি প্ৰসাদ লৈ বাপুভকত কীৰ্ত্তন ঘৰৰ চোতালত বহিল। পিছে বুঢ়া অধিকাৰে ৰাইজক সম্বোধন কৰি কবলৈ ধৰিলে “বাপুসকল আমি বৃদ্ধ হলোঁ। এই দেহা এৰিবলৈ ভগৱন্তৰ কেতিয়া আদেশ আহে একো ঠিকনা নাই। সুস্থ-শৰীৰ থাকোতেই সত্ৰৰ এজন মূৰব্বী পাতি ধৰ্ম্ম-মাল৷ দিব পাৰিলে ভাল হয়। আমাৰ মনেৰে শ্রীমান লক্ষ্মী বাপাই এই ভাৰ গ্রহণৰ উপযোগী ৷ সেই কাৰণে আজি আমাৰ ধৰ্ম্ম-মালা লক্ষ্মী বাপাৰ মূৰত দিলোঁ । আজি ইমান দিনে তোমালোকে আমাক যেনেকৈ মান সৎকাৰ কৰি কৃতাৰ্থ কৰিছা তেনেকৈ আজিৰপৰা আমাৰ প্ৰিয় শিষ্য লক্ষ্মী বাপাক মান সত্কাৰ কৰি হাটী- সত্ৰৰ গৌৰৱ ৰক্ষা কৰিবা ।” শ্ৰীযুত লক্ষ্মীকান্ত মহন্তই আঠু লৈ গুৰু মালা মূৰত ললে । সকলে৷ ৰাইজে জয়- ধ্বনি দি আনন্দ প্রকাশ কৰিলে । এতিয়া শ্ৰীযুত লক্ষ্মী কান্ত মহন্তই সকলো প্রকাৰে সত্ৰৰ অধিকাৰী হৈ সত্ৰৰ সকলো কাৰ্য চলাব ধৰিলে।

২৫ । অন্তিম অৱস্থা

 চাওঁতে চাওঁতে বুঢ়া অধিকাৰ বুদৰ৷ম মহন্তদেৱ বেছি বুঢ়া হৈ আহিল। শৰাৰো দুৰ্ব্বল হৈ আহিল। শৰীৰ অৱস্থা বুজি এদিন তেখেতে ডেকা অধিকাৰক পাল নামৰ যোগাৰ কৰিব কলে । গুৰুৰ আদেশ মতে ডেকা অধিকাৰে ভাল দিন চাই পাল নাম পাতিলে। শিষ্য, ভকত, সেৱক, সমূহ, সাধু সন্ত সকলোকে নিমন্ত্ৰণ জনালে । চাৰিঘৰ মহন্তৰ বংশ, বদলা সত্ৰৰ ভকত, বৰপেটা সত্ৰৰ ভকত, আৰু কমলাবাড়ী সত্ৰৰ ভকত দুই চাৰিজনাও আহি নামৰ সময়ত উপস্থিত হলহি। মহা সমাৰোহেৰে পাল নাম সমাধা কৰা হল। বুঢ়া অধিকাৰ দেৱে গুৰু, নাম, ভকত আৰু পৰমাত্মাক সেৱা কৰিলে । সকলো থানৰ বাতৰি, গুৰুৰ বাতৰি, আৰু ৰাইজৰ বাতৰি, সুধি তেখেতে বাহা ঘৰৰ কাঠিৰ গদিত বহিলে । আসন পাতি কঠত বহি ভগৱন্তক চিন্তা কৰিব ধৰিলে । ৰাইজে তেখেতৰ, শেষ অৱস্থা ভাবি সকলোৱে সেৱা কৰিলে । বুঢ়া অধিকাৰে সকলোকে আশীৰ্ব্বাদ দি শেষ বাণী কব ধৰিলেঃ-

২৬ ৷ শেষ বাণী ৷


 বাপু ভকত সকল, ভগৱন্তৰ কৃপাত আমাৰ অন্তিম অৱস্থা আহিছে । গোবিন্দৰ আদেশ আহিছে আমি সোনকালে যাব লাগিব ৷ তোমালোকক কি বাণী শুনাম । সকলো ভগৱন্তৰ কৃপা । এই হাটী সত্ৰৰ শলা বন্তি জ্বনাই ৰাখিবলৈ সকলোৱে যত্ন কৰিবা। ইয়াত যি পৰমাৰ্থ বস্তু ৰাখা হৈছে সি তিনিও ৰাইজৰ বস্তু । এই তিনিও ৰাইজৰ বস্তুক মান কৰি সকলোৱে মিলা প্ৰীতিৰে চৈধ্য প্রসঙ্গ কৰি নাম কীর্তন কৰিবা । শৰণ ভজন সকলো কৰ্ম্ম পূৰ্ব্বৰ দৰে চলাই থাকিব। হাটী সত্ৰক মান কৰি গাওঁৰ গৌৰৱ ৰক্ষা কৰিবা । সকলো জীৱতে ভগৱন্ত আছে বুলি ভাৱি ধৰ্ম্ম চিন্তা কৰিবা। পৰমাত্মা ৰূপী শ্ৰীকৃষ্ণক আৰধনা কৰি সকলো সুখে থাকা । এয়ে মোৰ শেষ বাণী । এতিয়া সময় ওঠৰ চাপি আহিল । কালি বৃহস্পতি বাৰ পুৱা পূবে বগাদাৰ দিওঁতে আমাৰ প্রতি ভগৱন্তৰ কৃপা হব ৷ এতিয়া সকলো ৰাইজক নমস্কাৰ কৰি আমি বিদায় মাগিছোঁ।
 বুঢ়া অধিকাৰৰ এই শেষ বাণী শুনিবলৈ গাওঁৰ জাতিধৰ্ম্ম নিৰ্ব্বিশেষে সকলো ভৰি পৰিছিল। সকলো ৰাইজে হৰিধ্বনি দি তেখেতৰ বাণী শিৰত তুলি ললে । মহাপুৰুষীয়া, দামোদৰীয়া, বামুনীয়া সকলো পন্থৰ ৰাইজে হাতযোৰ কৰি তেখেতৰ বাণী শ্রৱণ কৰিলে । এনেতে আন আন পন্থৰ কেইজনমান বিশিষ্ট ভকতে হাতযোৰ কৰি নিৱেদন কৰিলে । বাপ, আপুনি আমাৰ গাওঁৰ এজনাৰ পৰম উপকাৰী লোক আৰু সকলো বিষয়তে আমাৰ উপদেশ দাতা । আজি আপোনাৰ শেষ বাণী শুনি পৰম সন্তোষ পালোঁ। আমি আমাৰ প্রণাম জনালোঁ। পিছে এটি প্ৰাৰ্থনা কৰোঁ ৷ আপোনাৰ চতাত আনি অভাজন সকলেও দুই চাৰিদাল চন্দন কাঠ দিব আকাঙ্খা কৰোঁ। আপোনাৰ আদেশ পালে মনোবাঞ্চাপূৰ্ণ হয়।” এই প্রার্থনা শুনি বুঢ়া অধিকাৰে কলে “বাপু সকল, সকলো এক ঈশ্বৰৰ সেৱক । আত্মাৰ আপোন পৰ নাই ৷ আত্মাৰূপী ভগৱন্ত সকলোৰে অন্তৰত আছে । ভগৱন্তে আপোনাসকলৰ মনোবাঞ্চা পূৰ্ণ কৰক । ভগৱন্তৰ বস্তু ভগৱন্তক দিব তাত আমাৰ হাক বাধা দিবৰ একো অধিকাৰ নাই ।”

২৭। বৈকুণ্ঠ প্রয়াণ ৷

 সকলো শিষ্যই বুঢ়৷ অধিকাৰক সেৱা কৰিলে । বুঢ়া অধিকাৰেও সকলোকে আশীৰ্ব্বাদ কৰিলে। আশীৰ্ব্বাদ লৈ সকলো ঘৰাঘৰি গল। ৰাইজক বিদায় দি বুঢ়া অধিকাৰদেৱে শয়ন শয্যাত বহি নাম লৱ ধৰিলে । পূৱতী নিশা বুঢ়৷ অধিকাবাদৱে ডেকা অধিকাৰদেৱেক জগাই গা পা ধুবলৈ কলে আৰু কলে “আমাৰ সময় হৈ আহিছে। আমাক স্নান কৰাই নতুন বস্ত্র পিন্ধোৱ আৰু বাহাৰ পৰম বস্তু আনি মুখত দিয়া।” ডেকা অধিকাৰে বুঢ়া অধিকাৰক গা-পা ধুৱাই কাপোৰ পিন্ধালে আৰু আঠুলৈ বাহাৰ অমৃত মুখত দিলে । অমৃত খাই অলপ পৰ তলকা মাৰি বুঢ়া অধিকাৰে কলে “বোধকৰোঁ ৰাতি পুৱাল। আজি বৃহম্পতিবাৰ । আমাৰ শেষ আদেশ আহিছে। নাম বস্তু স্মৰণ কৰোঁ । বাপু সকল আমাক কীর্তন ঘৰৰ চোতালত নিবৰ সময় হৈছে ।” তেখেতৰ কথা শুনি ডেকা অধিকাৰে দুৱাৰ মেলি চাই যে পূবে বগাদাৰ দিছে ৷ সাধু মহন্ত সকল বাহিৰত জমা হৈ আছে । পিছে ডেকা অধিকাৰে আন আন মহন্ত সকলে সৈতে ধৰাধৰি কৰি বুঢ়া অধিকাৰক কীর্তন ঘৰৰ চোতালত পাতি থোৱা আসনত শুৱাই থলে। সাধু সকলে নাম কীৰ্ত্তন কৰিব ধৰিলে ৷ বুঢ়া অধিকাৰে সকলোকে এবাৰ চকু মেলি ঢালে ৷ কীৰ্ত্তন ঘৰ আৰু বাহাঘৰৰ ফালে হাতযোৰ কৰি প্রনাম কৰিলে। শেষত আত্মৰূপী ভগৱন্তৰ নাম লৈ লৈ স্বজ্ঞানে সুস্থ শৰীৰে নশ্বৰ দেহা ত্যাগ কৰিলে । আজি বুঢ়া অধিকাৰৰ বয়স ১১৭ বছৰ । ১৮৪১ শক মাঘ মাহৰ ৩০ তাৰিখ বৃহস্পতিবাৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত শুৱালকুছি গাওঁৰ হাটী সত্ৰৰ বুঢ়া অধিকাৰ শ্ৰীযুত বুদৰাম মহন্ত দেৱ আজি বৈকুণ্ঠ প্রয়াণ হল।
 বুঢ়া অধিকাৰৰ বৈকুণ্ঠ প্ৰয়াণ বাতৰি জনাবলৈ হাটী সত্ৰৰ দবা, বৰ কাহা, তাল খোল সকলো বাজি উঠিল হাটা সত্ৰৰ ডবাৰ মাত শুনি আন আন সকলো সত্ৰৰ দবাও বাজি বাজি উঠিল । দবাৰ মাত শুনি গাওঁৰ লৰা ডেকা বুঢ়া তিৰোতা মুনিহ সাধু ভকত সেৱক সকলো আহি হাটী সত্ৰৰ চোতাল নধৰা হল। পিছে সকলো ৰাইজে স্নান কৰি বুঢ়া অধিকাৰৰ দেহ খোল তাল বজাই শোভা যাত্রা কৰি গোটেই গাওঁখন ঘূৰালে । এই শোভা যাত্ৰ৷ অপূৰ্ব হৈ উঠিছিল ৷ প্রায় তিনি চাৰি হাজাৰ ৰাইজৰ সমাগম। বাটে বাটে বগা কাপোৰ। ঢলে ঢলে মানুহে সেৱা কৰি গৈছে ৷ সেৱা প্রণামিয়েই প্রায় পাচ শ টকা জমা হৈছিল । কাৰো কান্ধত চন্দন কাঠ ৷ কাৰে কান্ধত বচি কাঠ, পদ্ম কাঠ । কাৰে হাতত ঘিউ ধুপ ৷ ধুপ ধুনাৰ গোন্ধত আলিবাট মল- মলীয়া হৈছে। বেলেগ বেলেগ দলৰ বেলেগ বেলেগ নাম প্ৰসঙ্গ। চুপাই চুপাই কলৰ পুলি পুতিছে । ধুপ ধুনাৰ চাকি জ্বলাইছে।
 এই অপূৰ্ব্ব শোভা যাত্রা লাহে লাহে গৈ বৰ সত্ৰৰ ঘাটেৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ গল। পবিত্র দেহ পবিত্ৰ ঠাই কৰি বালিত ৰাখিলে । খোলা চাচি চিতা পাতিলে চন্দন, পদ্ম, বচি আদি নানান সুগদ্ধি কাঠেৰে চিতা সজালে ৷ বুঢ়া অধিকাৰৰ বাণী মতে সকলে ৰাইজে জাতি ধৰ্ম্ম নিবির্বশষে এডোখৰ এডোখৰ কাঠ চিতাত দি সেৱা কৰিলে। ডেকা অধিকাৰে মুখাগ্নি কৰি বিধিমতে অন্তেষ্ঠী ক্ৰিয়া সমাপন কৰে । চিতাৰ চাৰিও ফালে ৰাইজে নাম কীর্তন কৰিব ধৰিলে । হৰি নামৰ ধ্বনিৰ মাজত বুঢ়া অধিকাৰৰ দেহ ভগ্মাভূত হল ৷ সকলো ৰাইজে চিতা খন সেৱা কৰি মহা আনন্দে ঘৰা- ঘৰি আহিল ।
 ডেকা আধিকাৰে তিথিমতে শ্ৰাদ্ধৰ আয়োজন কৰিলে। পাল নাম পাতিলে । তিনিও ৰাইজক নিমন্ত্রণ কৰিলে । মহা সমাৰোহেৰে তিথি পালন কৰি সকলোৱে পৰম আনন্দ লাভ কৰিলে।

২৮। সামৰণী ৷


 শুৱালকুছি গাওঁৰ মহৎ সাধু পুৰুষ শ্রীযুত বুদৰাম মহন্ত বুঢ়া অধিকাৰ আৰু ইহ জগতত নাই। কিন্তু তেখেতৰ কাৰ্য্যকলাপ আৰু অমৃতবাণীয়ে তেখেতক চিৰ- জীবি কৰি ৰাখিছে। আজি তেখেত মৰিও অমৰ । তেখেতৰ আত্মাই সকলোকে ধৰ্ম্ম প্রাণ কৰি ৰাখিছে । তেখেতৰ নাম শিষ্যসকলৰ বৰ আদৰৰ বস্তু হৈ ৰৈছে। I সাধু মহাত্মা লোকসকলৰ জীৱন এনেকুৱাই, মৰিও অমৰ।  আজি শুৱালকুছি গাওঁ ধন্য। এনে এজনা সন্তান লাভ কৰা শুৱালকুছি গাওঁৰ গৌৰৱৰ কথা । অকল শুৱালকুছিৰ নহয় গোটেই অসমৰে গৌৰৱৰ কথা ৷ এনে- কুৱা গৌৰৱময় সন্তান যেন অসম মাতৃ ভূমিৰ কোলাত নধৰা হৈ পৰে এয়ে ভগৱন্তৰ চৰণত প্রার্থনা।

০০অন্ত০০












গুৱাহাটী জয়ন্তী আর্ট প্ৰেছত-
শ্রীউমাকান্ত ডেকাৰ দ্বাৰা ছপা কৰা হল ।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )