সম্ভৱতঃ/দিনান্তৰ বাঁহী

ৱিকিউৎসৰ পৰা

[ ৫৯ ]



দিনান্তৰ বাঁহী


ন্ধ্যা সাতমান বজাত খবৰটো পাইছিলো। ফেন্সীত বিহুৰ বজাৰ কৰিবলৈ যোৱা অবিনাশ শ‍ইকীয়া আৰু তেওঁৰ তিনি বছৰীয়া সন্তান ৰীমাৰ দেহ বোমা বিস্ফোৰণত ছিন্ন-ভিন্ন হৈ পৰিছিল। খবৰটো পায়েই উধাতু খাই ঘটনাস্থলীলৈ স্কুটাৰ দৌৰাইছিল জিতে।

 পম্পাক বুকুত সাৱটি সৰগ পৰা মানুহৰ দৰে বহি আছিলো মই, বহু পৰ। হস্পিতাল, থানা আদিত ঘূৰা-ঘূৰি কৰি নিশা এঘাৰমান বজাত উভতি আহিছিল জিৎ। গা-পা ধুই পম্পাক বুকুত সুমুৱাই লৈ ভগা ভগা স্বৰ এটাৰে তেওঁ মোক কৈছিল : জানা মানু, ৰীমাই এখন হাতেৰে বাৰ্বি ডল এটা খামুচি আছিল, ডেডবডি এম্বুলেঞ্চত উঠোৱাৰ আগলৈকে।

 শিয়ঁৰি উঠিছিলো মই। মহানগৰীৰ একেটা গলিৰে বাসিন্দা হোৱাৰ সূত্ৰে অবিনাশৰ লগত আমাৰ সামান্য চিনাকি আছিল। পাছত সমবয়সীয়া ৰীমা আৰু পম্পাৰ বন্ধুত্বৰ আঁত ধৰি এই চিনাকি সৌহাদ্যলৈ পৰিণত হৈছিল। সদ্য মাতৃহাৰা ৰীমাক স্বাভাৱিক কাৰণতে প্ৰয়োজনতকৈ অধিক মৰম কৰিছিলো মই।

 ডেডবডি, বোমা আদি শব্দৰ লগত অপৰিচিত পম্পাই তাইৰ থুনুক-থানাক মাতেৰে জিতৰ ওচৰত আব্দাৰ কৰিলে ‘ৰীমাৰ ঢেৰ বাৰ্বি ডল আছে। মোকো আৰু এটা বাৰ্বি ডল দিবানে পা ... পা?’

 পম্পাৰ কথা শুনি খবৰটো পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে উচুপি উচুপি কান্দিলো মই। জীতে কৈ গ’ল— ‘আজিতো পাঁচ তাৰিখ। সাত এপ্ৰিললৈকে সংগঠনে এনে বিস্ফোৰণ ঘটাব। সেইদিনা সংগঠনৰ প্ৰতিষ্ঠা দিৱস।’

 আ! ৰাইজৰ স্বাধীনতাৰ বাবে, মংগলৰ বাবে সংগঠিত এটা সংগঠনৰ স্বাধীনতা অনাৰ কি অভিনৱ পন্থা। বিহুৰ বজাৰ কৰিবলৈ যোৱা, হাতত পুতলা লৈ থকা শিশুক বোমাৰে উৰুৱাই দিব লাগিব। হত্যা কৰিব লাগিব জীৱিকাৰ সন্ধানত ঘৰৰ পৰা ওলাই অহা কোনো পথচাৰীক। এই

খবৰ টিভিত ওলাব, বাতৰি কাকতত ওলাব। তেহে অস্তিত্ব ৰক্ষা হ’ব এটা মুক্তিকামী সংগঠনৰ।

[ ৬০ ]  পম্পাৰ নিষ্পাপ, কোমল মুখখনলৈ চাই অজান আশংকাত মোৰ বুকুখন কঁপি উঠিল —পম্পা, মাজনী মোৰ বৰ দুঃসময়ত আহিলি তই! তোক নিৰাপদে আৱৰি ৰাখিবলৈ মোৰ মমতাও যে অপাৰগ! পম্পাক সাৱটি শুই থাকোতে সেই নিশা এটা অদ্ভুত সপোন দেখিলো। হাতত বেলুন লৈ এখন সেউজীয়া প্ৰশস্ত বননিৰ ওপৰেদি পম্পা দৌৰিছে। তাইৰ থুনুক-থানাক মাতবোৰে বতাহত কম্পন তুলিছে। হঠাতে এটা প্ৰচণ্ড শব্দ হ’ল। পম্পাৰ হাতত থকা বেলুনবোৰ ফুটি তাৰ পৰা ওলাই পৰিল একো একোখন অগ্ৰাসী হাত ⸺ আঙুলিত যেন ৰক্তৰ পিপাসা।... আৰু মোৰ ভৰিত, মোৰ কাষত ৰৈ থকা জিৎ আৰু আন সকলোৰে ভৰিত লহ-পহকৈ গজি উঠি মাটিত প্ৰোথিত হৈছে একো একোডাল ৰক্তবৰ্ণৰ শিপা। মোৰ চকুৰ সন্মুখতে মোৰ একমাত্ৰ সন্তানৰ ডিঙিৰ নিচেই কাষ পালেহি অগ্ৰাসী এখন হাত আৰু নিৰূপায় হৈ মই চাই থাকিলো ...

 ক’ৰবাত এটা বাঁহী বাজিছিল। ভয় আৰু শংকাত থক্ থক্‌কৈ কঁপি উঠা মোৰ দেহটোত মমতাৰ আঙুলি বুলাব ধৰিছিল বাঁহীৰ কোমল সুৰটোৱে। ভয়ংকৰ সপোনটোৰ পৰা মোক জগাই তোলা সুৰটোৰ প্ৰতি কৃতজ্ঞ হৈ পৰিলো মই। মন কৰিলো —আমাৰ কাষৰ ভাৰাঘৰটোৰ পৰাই ভাঁহি আহিছে সেই সুৰ।... যেন গভীৰ ব্যথা আৰু মমতাৰে কোনোবাই মনত পেলাইছে এৰি অহা কোনো আপোনজনক! হৃদয়ৰ নিভৃতৰ সকলো আবেগ উজাৰ খাই পৰি খুব কাতৰ, কৰুণ হৈ পৰিছে সেই বাঁহীৰ মাত।

 মোৰ নিচেই কাষতে পৰম নিচিন্ত হৈ টোপনি যোৱা পম্পাৰ মুখখনলৈ ডিম লাইটৰ ঈষৎ নীলা পোহৰত বহুপৰ চাই থাকিলো মই।

 ‘.... সোনকালে ডাঙৰ হ তই মাজনী। অলপ বুজা হ’লেই, মোক এৰি থাকিব পৰা হ’লেই ইয়াৰ পৰা বহু আঁতৰত কোনো বৰ্ডিং স্কুলত তোক নাম লগাই দিম। বিস্ফোৰণ, ডেডবডি আদি শব্দবোৰে তোৰ প্ৰাত্যহিকতাত শংকা আৰু বেমেজালিৰ সৃষ্টি কৰিব নোৱাৰিব। স্ব-ভূমিৰ পৰা আঁতৰত থাকিয়েই তই ডাঙৰ হ, কিন্তু ডাঙৰ হ সুস্থ জীৱনবোধেৰে। এই অসুস্থ পাৰিপাৰ্শ্বিকতাৰ পৰা তোক আঁতৰাই পঠাম মই ...’ অস্ফুট উচ্চাৰণেৰে মোৰ ঘুমন্ত কন্যাৰ সৈতে মই অব্যাহত ৰাখিলো মোৰ কথোপকথন আৰু এসময়ত এই উচ্চাৰণবোৰ বাঁহীৰ মাতটোৰ সৈতে কোনো এটা বিন্দুত মিলি গ’ল! এন্ধাৰ নিশাৰ সমগ্ৰ নিস্তব্ধতাক থান-বান কৰি মোৰ কাণৰ কাষত যেন নিচুকনি গীত এটিহে বাজি উঠিল। মই শুই পৰিলো।

 পিছদিনা বিয়লি ঘৰৰ সন্মুখৰ লনত চাইকেল চলাই থকা পম্পাৰ হাতত ধৰি আমাৰ ঘৰলৈ প্ৰথম আহিছিল বিজন। কোমল মুখৰ, বহল ক’লা চকুত বিষাদ বৈ ফুৰা এটা সৰুফুটীয়া ল’ৰা। ডিব্ৰুগড়ৰ কোম্পানী এটাত কাম কৰে। কোম্পানীৰ কামৰ বাবেই গুৱাহাটীলৈ আহি আমাৰ কাষৰ ভাৰাঘৰটোত আছেহি বন্ধুকেইজনমানৰ লগত।

 বিজনৰ বন্ধু, মানে ৰাজীৱ আৰু অম্লানৰ লগত পম্পাৰ খুব বন্ধুত্ব। সেই সূত্ৰেই বিজনৰ হাতত ধৰি টানি আনি চোতালৰ পৰাই থুনুক-থানাক মাতেৰে চিঞৰিলে তাই — ‘মা, মা, নতুন আংকল আহিছে... চাহ কৰা!’

 কথা পাতি গম পালো, কালি ৰাতি বিজনেই বাঁহী বজাইছিল। ‘যলৈকে যাওঁ বাঁহীটো লৈ যাওঁ। বাঁহী নবজোৱাকৈ মই থাকিব নোৱাৰো’— সি ক’লে।

[ ৬১ ]  সেইদিনা বহুসময় বহিছিল বিজন। পম্পাৰ লগত লুডু খেলিছিল। তাইক ড্ৰয়িং শিকোৱাৰ প্ৰতিশ্ৰুতি দিছিল। দ্বিতীয় কাপ চাহ খাই বিজন যাবলৈ ওলাওঁতেই জিৎ হুৰমূৰকৈ ঘৰ সোমালহি। বিজনৰ লগত চিনাকি হৈয়ে চোফাত গা এৰি চকু মুদি দিলে জিতে।

 ‘কি হ’ল?’ সুধিলো মই।

 ‘আবেলি গণেশগুৰিৰ ফ্লাই অ’ভাৰৰ তলত ব্লাষ্ট হ’ল। দুজন পুলিচ মৰিছে। তিনিজন আহত। এজনৰ অৱস্থা ছিৰিয়াছ।’ হুমুনিয়াহত পাক খাই থকা আশংকাজৰ্জৰ কণ্ঠেৰে জিতে কথাখিনি শেষ কৰিলে — ‘আৰু মানু, নিহত দুজনৰ এজন নৱ —নৱাৰণ’। নব জিতৰ সহকৰ্মী-বন্ধু মৃণালৰ ভায়েক। ফিজিক্সৰ গ'ল্ড মেডেলিষ্ট নৱাৰুণে দুবছৰৰ আগতে আৰক্ষী বিষয়া হিচাপে চাকৰিত যোগদান কৰিছিল। দায়িত্বশীল আৰক্ষী বিষয়া হিচাপে নাম আছিল নৱাৰুণৰ।

 পৰিৱেশটো থমথমীয়া হৈ পৰিল। জিতৰ হাতত কণকণ হাত দুটাৰে থপৰিয়াই পম্পাই সুধিলে ‘নৱ আংকলৰ কি হ’লনো পাপা?’

 মই টিভিৰ চুইচ অন কৰি দিছিলো। পম্পাক কোলাত লৈ যাবলৈ ওলোৱা বিজন পুনৰ বহি পৰিল। গণেশগুৰিৰ ফ্লাইঅ'ভাৰৰ তলৰ হোটেল অম্বৰীশৰ সন্মুখৰ বিস্ফোৰণ হোৱা ঠাইখিনি দেখুৱাইছে নিউজত। তেজৰ ডোঙাৰ মাজত পৰি আছে এপাত জোতা, নোট বুকৰ দৰে এখন বহী। এইবাৰ নিহত দুজনৰ ডেডবডিৰ ক্ল’জআপ দেখুৱাইছে। শৰীৰৰ এফাল ক্ষত-বিক্ষত হৈ পৰা নৱাৰণৰ মুখখন তেতিয়াও অক্ষত আছিল। এইবাৰ বিজনক সুধিবলৈ ধৰিলে পম্পাই- -‘নৱ আংকল কিয় তেনেকৈ শুই আছে নতুন আংকল? কোৱানা ....কোৱা না....’

 সেইদিনা নিশা আৰু অধিক কৰুণ হৈ বাজিছিল বিজনৰ বাঁহী। মোৰ দৰে জিতো সাৰে আছিল। এসময়ত কাষৰ বিছনাৰ পৰা জিৎ আমাৰ কাষলৈ উঠি আহিল। পম্পাৰ মূৰত হাত বুলাই সুধিলে মোক – ‘টোপনি ধৰা নাই?’

 ‘ওঁহো’

 ‘সুন্দৰ বজাইছে, নহয়নে?’

 মই উত্তৰ নিদিলো। জিতো নীৰৱ হৈ পৰিল। মোৰ এনে লাগিল মোৰ দৰে তেওঁৰ বুকুতো এখন নদী খান্দিছে বাঁহীৰ মাতটোৱে। বিষাদপূৰ্ণ অথচ তৃপ্তিকৰ সুৰ এটাৰে উপচি পৰা এখন নদী ...।

 আস! এই শুষ্ক, মলিয়ন পাৰিপাৰ্শ্বিকতাৰ প্ৰতিটো নিশাতে যদি বাজিলেহেঁতেন এনে এটা সুৰ ... শংকাজৰ্জৰ নিশাৰ শেষৰ এটি নিচুকনি গীতৰ দৰে। গ্ৰীষ্মৰ কোনো শীতল স্ৰোতস্বিনীৰ দৰে!

 সাত এপ্ৰিলত অৱধাৰিতভাৱেই মহানগৰীৰ বাট পথ শূণ্য হৈ পৰিল। বিপণীত ক্ৰেতাৰ সংখ্যাও নগণ্য। টিভিৰ নিউজত গম পাই থাকিলো গোলাঘাট, ডিব্ৰুগড়, বিহপুৰীয়া আৰু পাভৈত বিস্ফোৰণ হৈছে। অভূতপূৰ্ব এক আশংকাই খোপনি পুতিছিল মোৰ জিতৰ ম'বাইলত ফোন কৰি কেইবাবাৰো খবৰ ল’লো মই ‘ঠিকে আছানে?’, ‘ক’ত আছা?’, ‘কি কৰি আছা’ ইত্যাদি। দুপৰীয়া অম্লান আৰু বিজন আহিছিল। টিভিৰ নিউজ চাই যাবলৈ [ ৬২ ] ওলোৱা ল’ৰা দুটাক জোৰ কৰি লুডু খেলিবলৈ বহুৱালে পম্পাই। চাহ একাপ আগবঢ়াই দি বিজনক সুধিলো মই – ইমান কৰুণকৈ বাঁহী বজোৱা যে! ডেকা ল’ৰা! কিহৰ ইমান দুখ তোমাৰ?’ বিষাদত ডুবি থকা বহল চকুহাল মেলি ধৰি ক’লে সি—

 ‘মালৈ কেতিয়াবা খুব মনত পৰে বৌ। পাঁচ বছৰৰ আগতে মাক শেষবাৰৰ বাবে দেখিছিলো।’

 এইবাৰ মোৰ বিস্মিত হোৱাৰ পাল। ‘কিয়?’

 অম্লান সামান্য বিৰক্ত হ’ল যেন।

 ‘কি হ’ব আৰু – ইগ’। ফাল্টু ইগ’ৰ বাবে ঘৰ এৰি আহি এতিয়া ট্ৰেজেদি ফালি মৰিছে।’ —অম্লানে ক’লে।

 খন্তেক পাছতে লুডু সামৰি যাবলৈ ওলাইছিল অম্লান, বিজন। বিজনৰ পৰা ড্ৰয়িং শিকাৰ আগ্ৰহত পম্পাও সিহঁতৰ লগতে ওলাল।

 সন্ধাৰ আগে আগে পম্পাক থৈ গৈছিল বিজনে। সিহঁতৰ দুকোঠলীয়া ঘৰটোৰ পৰা সেইদিনা সন্ধ্যাতে ভাঁহি আহিছিল বাঁহীৰ মাত। বিষণ্ণ, হৃদয়স্পৰ্শী সুৰ। অফিচৰ পৰা আহি মুখ হাত ধুই খাবলৈ বহা জিতৰ কোলাত বহি পম্পাই তাইৰ ড্ৰয়িং শিকাৰ খতিয়ান দিলে – ‘পাপা, নতুন আংকলে মোক আজি ঘৰ আঁকিবলৈ শিকালে। ... জানানে পাপা, খুব ধুনীয়া ছবি আঁকে নতুন আংকলে। মাকৰ ছবি আঁকিছে। মোক আৰু ছবি আঁকিবলৈ শিকাব আংকলে।’

 ‘তুমি কিহৰ ছবি আঁকিবানো মাজনী?’ এচকল ব্ৰেড পম্পাৰ মুখত তুলি দি আদৰেৰে সুধিলে জিতে।

 ‘ডেডবডি’ৰ।

 উচপ খাই উঠিলো মই। কি কয় এয়া পম্পাই! অৰ্থ নজনাকৈয়ে কেনে কিছুমান ভয়ংকৰ শব্দ আজিৰ শিশুৰ চিনাকি হৈ পৰিছে! অদ্ভুত এক ব্যথাই মোৰ বুকুখন মুচৰি পেলালে। পম্পাক কোলাত তুলি খিৰিকীৰ সন্মুখত থিয় হ’লো মই। ওখ ওখ বিল্ডিঙে আকাশ ঢাকি আছে। তাৰ ফাঁকেৰে ওলাই থকা আকাশৰ ক্ষুদ্ৰ টুকুৰাটোলৈ আঙুলিয়াই দেখুৱালো পম্পাক —‘নহয় মাজনী, তুমি ডেডবডি আঁকিব নালাগে। সৌৱা চোৱা — আকাশ ...। তুমি আকাশৰ ছবি আঁকিবা। জোন আৰু তৰাৰ ছবি আঁকিবা।

 ‘আকাশৰ ছবিত কি ৰং দিম, মা?’

 “কিয় —নীলা আকৌ!’

 ‘আকাশতো নীলা নহয়!’

 হতভম্ব হৈ পৰিলো মই। ঠিকেইতো। আকাশ বুলি মূৰৰ ওপৰৰ যি নিঃসীম উচ্চতালৈ আঙুলি টোৱাই দেখুৱাইছো পম্পাক, সেয়া সঁচাকৈয়ে নীলা নহয়। মহানগৰীৰ যান্ত্ৰিক পোহৰে, প্ৰদূষিত বায়ুয়ে শুহি পেলাইছে সমস্ত নীলা। কি ক'ম এতিয়া পম্পাক! বিজনৰ বাঁহীৰ মাতটোৱে তেতিয়াও যেন আকুলি-বিকুলিকৈ মাতি আছিল কাৰোবাক!

 ‘ঠিক আছে। তুমি বাৰু আকাশ আঁকিব নালাগে। পাপাক আঁকিবা। মোক আঁকিবা। নতুন আংকলে বজোৱা বাঁহীটো আঁকিবা।’

[ ৬৩ ]  তীব্ৰ গতিৰে পুলিচৰ কেইখনমান গাড়ী আহি অম্লানহঁতৰ ভাৰাঘৰৰ সন্মুখত ৰ’লহি। খপ্‌কৈ বন্ধ হৈ গ’ল বাঁহীৰ মাত। লগে লগে গুলিৰ শব্দই সমগ্ৰ এলেকাটো কঁপাই তুলিলে। উচ্‌প খাই উঠি মোক সাৱটি ধৰিলে পম্পাই।

 ‘গু...ৰু...ম...গু...ৰু...ম…….’ অম্লানহঁতৰ ভাৰাঘৰটো আৱৰি ধৰা আৰক্ষীৰ বন্দুকেৰে বৰষুণৰ দৰে গুলিবৰ্ষণ হ’বলৈ ধৰিলে। আমাৰ গেট খুলি খৰধৰকৈ সোমাই আহিল চুবুৰীয়া দিলীপ কটকী।

 ‘.....বৰ ভয়ংকৰ কথা শইকীয়া। সেই যে ৰাতি ৰাতি বাঁহী বজাইছিল ল’ৰাটো সংগঠনৰ ডাঙৰ নেতা বোলে। গুৱাহাটীৰ আটাইকেইটা বোমা বিস্ফোৰণ তাৰ নেতৃত্বতে হৈছিল আৰু এই যে ভাৰাঘৰত থকা ল’ৰাকেইটা – সিহঁতো সংগঠনৰ ল’ৰা। আপোনালোকৰ ঘৰলৈও আহ-যাহ আৰম্ভ কৰিছিল হেনো! পুলিচে সোধ-পোচ কৰিলে চিনি নাপাওঁ বুলি ক’ব। ডাঙৰ কথা হৈ যাব পাৰে। মই কথাটো জানিব পাৰি আপোনালোকক আগতীয়াকৈ খবৰ দিবলৈ আহিলো।’ উশাহ নসলোৱাকৈ কথাখিনি শেষ কৰিলে কটকীয়ে।

 গুলীয়াগুলিৰ শব্দ তীব্ৰতৰ হৈ আহিছিল। সম্ভৱতঃ ঘৰটোৰ ভিতৰৰ পৰাও প্ৰতিআক্ৰমণ হৈছিল। গুৰুম-গুৰুম শব্দই ছানি ধৰিছিল আমাৰ সৰু পাহাৰীয়া এলেকাটোৰ আকাশ-বতাহ।

 ভীতা হৰিণীৰ দৰে হৈ পৰিছিল পম্পাৰ কনমাণি চকু দুটা। মই কঁপা কঁপা দুহাতেৰে তাইৰ ভয়াৰ্ত চকুহাল ঢাকি ধৰিলো। পৰাহ’লে মই এতিয়া পম্পাক সাময়িকভাৱে বধিৰ কৰি পেলালোহেঁতেন। বন্দুকৰ এই প্ৰচণ্ড শব্দ শুনিব নালাগে তাই। পৰা হ’লে মই তাইক লৈ গ’লোহেঁতেন এনে এখন দেশলৈ য’ত তাই কেৱল চৰাইৰ কাকলি শুনিব। বাঁহীৰ সুৰ শুনিব। শুনিব ভোমোৰাৰ গুঞ্জন ... বৰষুণৰ চিপ্‌ চিপ্ শব্দ।

 প্ৰায় দহ মিনিটজুৰি গুলীয়াগুলি চলি থাকিল। এসময়ত শব্দবোৰ শাম কাটিলে। পদূলিত সাংবাদিক, চুবুৰীয়াই জুম বান্ধিছিল। কটকীৰ লগতে জিতো ওলাই গ’ল। পম্পাৰ হাতত ধৰি বাৰাণ্ডাৰ পৰাই মই মানুহৰ জুমটোলৈ চাই থাকিলো। অলপ সময়ৰ পাছত জিৎ উভতি আহিল। এগিলাছ পানী গালে-মুখে চটিয়াই ছোফাত বহি হাত-ভৰি মেলি দিলে তেওঁ। হুমুনিয়াহ এটা চেপি ৰাখিবলৈ যত্ন কৰাত স্বগতোক্তিৰ দৰে শুনালে তেওঁৰ কণ্ঠ — ‘ডেডবডি চিনিবই নোৱাৰি। গুলিয়ে মুখ থকা সৰকা কৰি পেলাইছে।’

 আৰক্ষীৰ গাড়ী, সাংবাদিকৰ ভিৰ, চুবুৰীয়া মানুহ সকলো আঁতৰি গ’ল এসময়ত। বন্ধ এটা কোঠাৰ ভিতৰত পম্পাক কোলাত লৈ জিতৰ কাষত বহি থাকিলো মই। টিভিটো অন কৰিবলৈ লৈ পুনৰ কিবা এটা ভাবি জিৎ বহি পৰিল।

 কোঠাৰ টিউব লাইটৰ পোহৰবোৰে যেন অলৌকিক ৰূপহে ধৰিছিল! অদ্ভুত এক নিস্তব্ধতাৰ বুকুত জাহ হৈছিল এলেকাটো। পম্পাৰ চকুলৈ চাবলৈ মোৰ ভয় লাগিছিল। আস! ক’ৰবাত যদি ৰিণিকি ৰিণিকি বাজি উঠিলহেঁতেন এটা বাঁহীৰ মাত — কৰুণ, মধুৰ নিচুকনি গীতৰ দৰে।

 কোঠাটো ডুবাই ৰখা গহীন নৈঃশব্দ্যত এইবাৰ বাঁহীৰ দৰেই বাজী উঠিল পম্পাৰ মাত — ‘পাপা, নতুন আংকল ডেডবডি হৈ গ’ল নেকি? কোৱানা পাপা। নতুন আংকল....’ ❐ ❐