সভাপতিৰ অভিভাষণ
সভাপতিৰ অভিভাষণ
(সপ্তম অধিবেশনৰ)
শ্রী লক্ষ্মীনাথ বেজবৰুৱা
অসম সাহিত্য সভাৰ
সভাপতিৰ অভিভাষণ
(সপ্তম অধিবেশন)
—সভাপতি—
(কলিকতা বিশ্বব্যিালয়ৰ এম-এ, মহলাৰ পাঠ্য-পুথি )
- বেচ-এটকা মাথোন।
|
“বাঁহী প্রকাশ কাৰ্যালয়”
|
|
উজাগৰ লক্ষ্মী-পূর্ণিমা
১৫ আহিন, ৪৯৬ শঙ্কৰাব্দ
—৭৭ বছৰীয়া জন্ম-তিথি-
|
|
—'বাঁহী' প্ৰেছ
|
“ও যোদেৰোহগ্নৌ যোহপ সু যো বিশ্বং ভুবনমাবিবেশ।
য ওযধিয়ু যো বনস্পতিষু তস্মৈ দেবায় নমোনমঃ॥”
যি দেৱতা অগ্নিত, যি পানীত, যি বিশ্বসংসাৰত প্ৰবিষ্ট হৈ আছে, যি ওষুধিত, যি বনস্পতিত, সেই দেৱতাক বাৰে বাৰে নমস্কাৰ কৰো।
আদৰণী সমিতিৰ সভাপতি ডাঙৰীয়া, আৰু মোৰ স্বদেশবাসী বন্ধু সকল! আসাম সাহিত্য সভাৰ সপ্তম অধিবেশনৰ মোক সভাপতি পতা বাবে আপোনাস চলব নথৈ শলাগ লওঁ। মই ভালকৈ জানো, যে মই এই সন্মানৰ যোগ্য নহওঁ। আমাৰ বুঢ়ালোকৰ কথা একাষাৰ আছে, বোলে “মাতিলে ৰণ কৰিবলৈকো যাবা; নামাতিলে ভোজ খাবলৈকো নাযাবা।” এইদেখি ওলাইছোহি। আগেয়ে কেইবাবাৰো ৰণ আৰু ভোজ দুইটালৈকে নিমন্ত্ৰণ পায়ো যথাৰ্থতে আহিব নোৱাৰি নাহি- ছিলো; আৰু সেইবাবে পেটে পেটে বেজাৰো পাইছিলো। কিন্তু এইবাৰ সকলো জঞ্জাল কাতি কৰি থৈ ওলাইছোহি। নজনাৰ হাতত আপোনালোকে কাঁৰফাই-ধনু তুলি দিছে। যদি ৰনুৱাৰ ভাও দিবলৈ মতা এই আভজা কাৰীয়ে তাৰে কাৰ মাৰিব নোৱাৰে, তেন্তে সেইবাবে লাজ-অপমানৰ ভাৰৰ ভাগ যদিও আপোনালোকৰো প্ৰাপ্য, তথাপি এই ছাল-ছিগায়েই গোটেইখন ভাৰতে কান্ধ দিবলৈ গাত লৈছে; কাৰণ আপোনাসকলৰ motive টো অৰ্থাৎ মতলবটো ভাল অৰ্থাৎ আপোনাসকলৰ উদ্দেশ্যটোত সমূলি কেৰোণ নাই। আৰু ইয়াৰ উপৰি স্বকৃত কৰ্ম্মফল বুলি কথা এষাৰ ভালেমান দিনৰে পৰা শাস্ত্ৰই- পুথিয়ে আৰু সন্ত-সাধুৰ মুখে মুখে বাগৰি ফুৰিছে, সেই ফাকিকতো আলিৰ দাতিত পৰি মৰিবলৈ এৰি দিব নোৱাৰি! আৰু একাষাৰ কথা এইখিনিতে কৈ থওঁ :- মই আপোনাসকলক সাহিত্য সম্বন্ধে উপদেশ দিবলৈ অহা নাই। সাহিত্যৰ গুৰুগিৰি কৰিবৰ মোৰ মনো নাই, শকতিও নাই। সেই বিষয়ে বৰং মোতকৈ আপোনাসকলৰ ভিতৰত অনেক আছে, যি সকল ভালকৈ পাকৈত বুলি মোৰ বিশ্বাস। সাহিত্যৰ কথা এই সভাৰ আগৰ অধিবেশনবোৰত সুবিখ্যাত সাহিত্য- ৰথী মহাৰথী সকলে যি কৈ গৈছে, তাৰ ওপৰঞ্চি নতুন কিবা আছে যদিও মোৰ বিদ্যা-বুদ্ধিয়ে তাক লগ পোৱা টান। সাহিত্যৰ “দোকানৰ " পৰা বুদ্ধিৰ বিত ভাঙি বিদ্যাৰ চাউল কিনি আনি বৰ ভঁৰাল বান্ধিবলৈ এই নিঃকিনৰ গাঠিত পইচা-কড়ি একো নাই। নিতৌ মাগিবলৈ নগলে এই দুখীয়াৰ টেকেলি-কাতি। এনে স্থলত কবই লাগিব যে আপোনাসকলক ধন্য কৰিবলৈ, জ্ঞানী কৰিবলৈ, বিদ্বান কৰিবলৈ, মহত্বৰ অধিকাৰ লৈ, আৰু এটা বিৰাট ঔদ্ধতা লৈ আজি মই ইয়াত ঠিয় দিয়াহি নাই। মোৰ নিজৰ দেশৰ আই -বোপাই ভাই-ককাই বাই-ভনী, ইষ্ট-কুটুম্ব, বন্ধু-বান্ধবসকলক এৰি আজি দীৰ্ঘকাল মাই আঁতৰত কটাইছো। তেওঁলোকা পোনপটিয়া মৰম-চেনেহ আদৰ- যত্ন প্ৰায় হেৰুৱাইছো বুলিলেই হয়। যি দেশে মোক জন্ম দিলে, সেই দেশৰ সাক্ষাংভাৱে কোনো সেৱাকে মই কৰিব পৰা নাই। ইত্যাদি কাৰণত এইবাৰ সাহিত্য সম্মিলনীৰ আহ্বানৰ গঁৰিলা লৈ মই মোৰ নিজ দেশ আৰু নিজ দেশৰ অপোনাসকলৰ সৈতে মিলনৰ আনন্দৰস সম্ভোগ কৰিবলৈ আহিছো—যদিও ক্ষন্তেকৰ নিমিত্তে। ইয়াৰ উপৰি, মানুহেৰে সৈতে মানুহৰ স্বাভাৱিক সম্বন্ধৰ যি আকৰ্ষণ আছে, সেইটো স্বীকাৰ
কৰি, সহজভাৱে লগ লাগিবলৈ আহিছো; বক্তৃতা বা উপদেশৰ বোজা বোকোচাত বান্ধি লৈ অহা ন৷ই। কাৰণ তেনেকুৱা কাৰ্য্যৰ বোজা লৈ আহিলে সিয়েই আপোনাসকলৰ সৈতে মোৰ সহজ সম্বন্ধ-স্থাপনত ব্যাঘাত হব। মানুহৰ প্ৰাণৰ মন্দিৰত সোমাবলৈ গলে মৰম, শ্ৰদ্ধা আৰু ভক্তিৰ পুস্পাঞ্জলি গৈ আহিব লাগিব; মিশ্যনেৰি spirit অৰ জোতা পিন্ধি অথবা প্ৰচাৰকৰ ঔদ্ধত্যৰ ফানটি ভৰিত বান্ধি নহয়। লোকক দয়া কৰি শিক্ষা দিবৰ প্ৰকাণ্ড স্পৰ্দ্ধা যেন ঈশ্বৰে মোক নিদিয়ে। কিয়নো, মোৰ দুঢ় বিশ্বাস যে তেনে অযাচিত স্পৰ্দ্ধাৰে নিজৰ মানুহকে হওক বা পৰকে হওক, অপমান কৰিবৰ কাৰো অধিকাৰ নাই। সেই- বাবে সাহিত্য-সশ্মিলনীৰ নিমন্ত্ৰণীৰ চেলু লৈ মই আপোনালোকৰ ওচৰলৈ মৰ দোৱাই আহিছো; বুকু উদং কৰি আকোঁৱাল মেলি আহিছো: মোক আপোনালোকে বন্ধুত্বৰ প্ৰাণৰ পৰশ দিয়ক; কাৰণ, হিয়াৰ ভিতৰেদিহে মানুহৰ অন্তৰত সোমাবলৈ বাট। এতেকে আজি মইও আগবাঢ়ি আহিছো, আপোনাসকলে৷ আগশাটি আহক, মোক আলিঙন কৰক, ময়ো আলিঙ্গন কৰি পৰম সুখ লভো। লৰা, ডেকা, বৃঢ়া, নকলোকে মাতিছো; মোৰ পকা চুলি আক বয়সৰ ফালে চকু নিদিব, (বুঢ়াইতো নিদিয়েই); সেই কাম চিত্ৰগুপই কৰে যদি কৰক, মোৰ তাত আপত্তি নাই। আপোনাসকল আগবাঢ়ি আহক; হৃদয় দিয়ক; প্ৰাণৰ পৰশ দিয়ক। আপোনাসকলৰপৰা পটাপট্ হাত চাপৰি মোক নালাগে; চাপৰিক লুইতৰ পাৰত পাবত গজা খাগৰিৰে সৈতে থাকিবলৈ বৰ-চাপৰিলৈ পঠিয়াওক। হৈধ্বনিকো জটাবল্কল বিন্ধাই লগতে পঠিয়ালেও মই হাক নিদিওঁ। প্ৰাচীন ভাৰতৰ সভ্যতাৰ ইতিহাসত কামৰূপৰ অৰ্থাৎ আসামৰ স্থান অতি গৌৰৱজনক। অতীজতে ভাৰতত দেভিডিয়ান অৰ্থাৎ দ্ৰাবিড়ী বংশৰ মানুহৰ বসতি আছিল। দ্ৰাবিড়ীবিলাকো ভাৰতৰ আদিবাসী মানুহ নহয়। পণ্ডিতসকলে পিব কৰিছে, যে দ্ৰাবিড়ীবোৰ আফ্ৰিকা মহাদেশৰপৰা অহা মানুহ; আৰু ভাৰতৰ উত্তৰ পশ্চিমেদি আহি ভাৰতত সোমাইছিলহি। কোনো কোনো পণ্ডিতে অনুমান কবে যে অতি পুৰণিকালত লেমুৰিয়া নামৰ এডোখৰ ঠায়ে আফ্ৰিকাৰে সৈতে ভাৰতক লগ লগাই থৈছিল; কালক্ৰমত সেই ঠাইডোখৰ সাগৰৰ গৰ্ভত লীন হল। একালত গোটেই ভাৰত জুৰি দ্ৰাবিড়ী জাতিৰ বসতি আছিল বুলি তেওঁলোকে কয়। আৰ্য্যৰ সোঁত যেতিয়া ভাৰতলৈ বলিবলৈ ধৰিলে, দ্ৰাবিড়ীবোৰ সেই সোঁতৰ হেঁচাত দক্ষিণ ভাৰতত থুপ খালেগৈ আৰু যিবোৰ কাষৰে-পাজৰে বৈ গল, সেইবোৰ আৰ্য্যৰ ভিতৰত সোমাই জাতিবিভাগৰ তল- শ্ৰেণীত পৰিল। অসমতো দ্ৰাবিড়ী জাতিৰ বসতি আছিল; আৰু তেওঁলোকে পছিম ফালৰপৰা আৰ্য্যৰ আৰু পূৰ্ব ফালৰপৰা অনাৰ্য্য মঙ্গোলীয় জাতিৰ হেঁচা খাইছিল। এনে দুফলীয়া হেঁচাত পৰি তেওঁলোকৰ স্বভাৱতে আত্মবিলোপ ঘটিছিল।কোনো কোনো পণ্ডিতৰ মতে আসামৰ নদীয়াল কৈৱৰ্ত্তজাতিয়েই সেই দাবিড়ী জাতিৰ অৱশেষ।
আৰ্য্যজাতিৰ ডাঙৰ সোতাটো উত্তৰ-পশ্চিমৰ বাটেদি আসামত সোমাইছিলহি। আন এসোতো, খুব সম্ভৱ, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সদিয়াই দি অৰ্থাৎ উত্তৰ-পূৰ্ব্বৰ বাটেদি আসামলৈ আহিছিল। শ্ৰদ্ধাস্পদ শ্ৰীযুত ৰজনীকান্ত পদ্মপতি আৰু ৰায় বাহাদুৰ শ্ৰীযুত আনন্দচন্দ্ৰ আগৰ ৱালাই এই বিষয়ে অনেক প্ৰমাণ দেখুৱাই অনেক প্ৰৱন্ধ লেখিছে। সেই প্ৰবন্ধবোৰ সকলোৱে ভালকৈ পঢ়া উচিত। এই দুইজনৰ
ওচৰত আমি ধৰুৱা।
পুৰণি অসমৰ ঠাই
ভাৰতলৈ অহা আৰ্য্য আৰু অনাৰ্য্য জন-স্ৰোতৰ কোনটো আগ, কোনটো পাছ, কোৱা সম্ভৱ নহয়। অনন্ত কালৰ সোঁতৰে জনস্ৰোতো নিশ্চয় ভাৰতলৈ বৈ আছে। আৰ্য্যবিলাকে যেতিয়া বিজয় দুন্দুভি বজাই আৰ্য্যসভ্যতাৰ বিজয়-নিশান, হাতত লৈ ভাৰতমুৱা হৈ আগুৱাই আহি ভাৰতত সোমাইছিলহি, তেতিয়া তেওঁলোকে কত দৈত্য, দানৱ, অসুৰ, ৰাক্ষসেৰে সৈতে সমুখ হৈ সেইবোৰক ৰণত হৰুৱাই নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলগীয়া হৈছিল, তাৰ সীমা নাই। পূব ভাৰতত সেই অসুৰবোৰ কোন? সেইবোৰৰ সৰহ ভাগ ভাৰতৰ আদিম অধি- বাসী প্ৰতাপী প্ৰাবিড়ী বা প্ৰজা, যাক আৰ্যসকলে অসুৰ দানৱ, দৈত্য, ৰাক্ষস, পিশাচ প্ৰভৃতি নাম তেওঁলোকক দিছিল।
পণ্ডিতসকলে যি কেইটা শ্ৰেণীত ইণ্ডো-চীন (Indo Chinese) ভাষা কৰ্ণতাসকলক বিভাগ কৰিছে, তাবে তিনটা খাই শ্ৰেণীত আসামলৈ অহা সেই বংশধৰ মানুহবোৰ পৰে। (5) মন খেমৰ (Mon-Khemer); (3) তীৰ্বত বাৰ্মা (Tibeto Burman) (৩) শ্যাম- চীন (Siamese Chinese) চীন ভাষা শ্যাম চীন ভাষাৰ বংশৰ ভিতৰুৱা। আহোম ভাষা চীন ভাষাৰপৰা ওলোৱা। মন খেমৰ ভাষা কওঁতাবিলাক আসামলৈ প্ৰথমতে আহে। পিছত তীৰ্বত বাৰ্মা ভাষাৰ ভিতৰৱা ভাষা কওঁতাবিলাক এটা ফৈদৰ পিছত আন এটাকৈ আসামত সোমাইছেহি। পিছত অহাবোৰে আগেয়ে অহাবোৰক ৰণত আৰু জীৱন-যুদ্ধত হৰুৱাই, হয় গ্ৰাস কৰিছিল, নহয় খেদি-ঠেলি পৰ্ব্বতবাসী কৰিছিল! এই তিব্বত-ব্ৰহ্মণ ভাষাৰ পৰিয়ালৰ ভিতৰুৱা তিনি শ্ৰেণীৰ ভাষা আসানবাসী অন্যয্য- বিলাকৰ ভিতৰত আজিকালি প্ৰচলিত আছে :- (১) নগা ভাষা; (২) কুকি-চীন ভাষা; (৩) বড়ো ভাষা। নগা পৰ্ব্বতবোৰত নগাভাষা কোৱা হয়। মণিপুৰ, কাচাৰ আৰু লুচাই পৰ্ব্বতবোৰত ককি-চীন
ভাষা কোৱা হয়। বডো ভাষাৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সকলো অনাৰ্য্য-জাতিৰ ভাষা পৰে। উত্তৰ কাচাৰৰ ভাষাবোৰ, গাৰে পৰ্ব্বতবোৰত প্ৰচলিত ভাষাবোৰ, কছাৰী বা মেচ ভাষা, ৰাভা চুটীয়া, লালুং, ডিমাচা আদি ভাষা, বড়ো পৰিয়ালৰ ভিতৰুৱা। খৃষ্ট্ৰীয় ত্ৰয়োদশ শতিকাত, আৰু তাৰ পিছতো, টাই বা চীন ভাষাৰ ভিতৰুৱা ভাষা কওঁতাবিলাকো আসামত সোমালহি। এইদৰে নানা দেশৰ নানা জাতৰ নানা পৰিয়ালৰ আৰ্য্য অনাৰ্য্য মানুহ আসামলৈ আহি আসামত দীৰ্ঘকাল বাস কৰি অসমীয়া হৈছিল। আৰু এইদৰেই পিছৰ কালডোখৰতো, আন কি, আজিলৈকে, অসমীয়া জাতিৰ বৰজালখন গোঁথা হৈ আহিব লাগিছে। কনৌজীয়া, হিন্দুস্তানী, পঞ্জাব, বঙ্গালী, উড়িয়া নেপালী, গুজৰাটী আদিৰ পোহ পৰি অসমীয়া জাতিৰ কলেৱৰ দিনকদিনে বৃদ্ধি হোৱাটে! কোনে নাজানে? ক'ত বিজয়ী আহোম বংশৰ মানুহ, কত চিংফৌ, মৰাণ, নগা, মিকিৰ, মিৰি, দফলা, গাৰো, লাহে লাহে হিন্দুধৰ্ম আৰু হিন্দুৰ প্ৰভাৱৰ ভিতৰলৈ আহি, কোচ, কেওট, আদি জাতৰ ভিতৰত সোমাই চিন নাইকিয়া হৈ একেবাৰেই অসমীয়া হিন্দু হৈ অসমীয়া জাতক হৃষ্টপুষ্ট বলীষ্ঠ কৰিছে, তাৰ সীমা সংখ) নাই। এইদৰে মুছুলমানৰ আসাম আক্ৰমণৰ কালৰপৰা অনেক বিদেশী মুছলমান আহি অসমত বাস কৰি অসমীয়া জাতিৰ সংখ্যা আৰু বল বুদ্ধি কৰিব লাগিছে। "
এই দেখি বাণ, নৰক, ভগদত্ত, ঘটোংকচৰ বীৰত্বত আমি নিজক যেনে গৌৰৱান্নিত বিবেচনা কৰো, আৰিমত্ত, জোঙালবলহু, ভাস্কৰ বৰ্মা, গদাধৰ সিংহ, লাচিত বৰফুকন আক মূলাগাভৰুৰ বীৰত্বতো তেনে গৌৰৱান্বিত বিবেচনা কৰো; কাৰণ এই সকলোবোৰ আমাৰ বুকুৰ বান্ধ অসমীয়া। অসমীয়া মানে কামৰূপীয়া, কামৰূপীয়া মানে অসমীয়া। পুৰণি কালত কামৰূপীয় মানে যেনেকৈ ভাটী আৰু উজনিৰে সৈতে গোটেই কামৰূপৰ মানুহক বুজাইছিল, অসমীয়া মানেও সেইদৰে আজিকালি গোটেই দেশখনৰ মানুহকে বুজায়।
এই মৰ্ত্য জগতত সকলো জীৱ-জন্তুৰ দৰে ভাষাৰ, তাৰ অন্তৰ্গত শব্দৰ, আৰু তাৰ অৰ্থৰো জন্ম, মৃত্যু, উত্থান, পতন আছে। একালত কোনো এটা শব্দই যি অৰ্থ তাৰ বুকুত বান্ধি ফুৰিছিল, আন কালত সেই অৰ্থ অনৰ্থ হৈ খহি পৰি আন অৰ্থবোধক হৈ পৰিছেগৈ। পুৰণি- কলীয়া বিপুল অৰ্থৰ অধিকাৰী “কামৰূপ” আৰু “কামৰূপীয়া” শব্দ হুটাবো আজি মহা অনৰ্থ মিলিছে। যি কামৰূপ শব্দটো শুনিলেই প্ৰাগ জ্যোতিষপুৰ, ৰত্নপুৰ, শোণিতপুৰ, আৰু কালিকাপুৰাণত আৰু বিষ্ণুপুৰাণত উল্লেখ কৰা কামাখ্যা মন্দিৰকে সোঁমাজ কৰি চাৰিউফালে এশ যোজন অৰ্থাৎ প্ৰায় ৪৫০ মাইল বিয়পি জুৰি থকা কামৰূপলৈ মনত পৰিছিল, যি কামৰূপে নিজৰ বিশাল বপুৰ ভিতৰত আজিকালি ভাগ হৈ থান্চা-বানচা হোৱা প্ৰায় গোটেইখন পূৰ্ব্ববঙ্গ আৰু আসাম ভুটা নেৰে সৈতে সামৰি হুনাই থৈছিল; যি কামৰূপ শব্দই কমনত পেলাইছিল সেই কামৰূপক, যাৰ সীমা, কালিকাপুৰাণ আৰু বিষ্ণুপুৰাণৰ পিছৰ কালত ৰচিত হোৱা যোগিনী তন্ত্ৰত উল্লিখিত হৈছে “কৰতোয়াং সনাত্য যাবদী কৰবাসিনী” অৰ্থাৎ যি কৰতোয়া পছিয়ে চিকিৰ নামনিৰ পৰ্ব্বতবোৰৰ মাজৰ ব্ৰহ্মকুণ্ডৰপৰা ওলাই দাৰ্জিলিং, জলপাইগুৰি ৰংপুৰ, দিনাজপুৰ আৰু বগুবাৰ মাজেদি দক্ষিণমুৱা হৈ চাৰাঘাটেদি গৈ পাবনাৰ ওচৰৰ পন্নাত পৰিছেগৈ, আৰু যাক মহাভাৰতৰ ভীষ্মপৰ্ব্বত “লোহিত্যং কৰতোয়ংচ তথৈব বৄষকাৰয়ম" আৰু ব্ৰহ্মাণ্ড পুৰাণত "কবতোয়াং মহাগৌৰী দুৰ্গাচান্ত শিবা তথা” বুলি উল্লেখ কৰিছে, সেই পুণ্যতোয়া কৰতোয়া নৈ যি ৰাজৰ পশিম সীমা। দীৰাই বা দীকৰং যাৰ পূব সীমা; কাঞ্চন আৰু গিৰিকণ্যাক নামৰ পৰ্ব্বতবোৰ যাৰ উত্তৰ সীমা; আৰু ব্ৰহ্মপুত্ৰ আৰু লক্ষ্মী নদীৰ সঙ্গম বা দক্ষিণ সীমা আছিল,
অৰ্থাৎ আজিকালিৰ ব্ৰহ্মপুত্ৰ উপত্যকা, ভুটান, ৰংপুৰ আৰু কোচবিহাৰ মিলি যি কামৰূপ ৰাজ্য সংগঠিত হৈছিল, যি কামৰূপ প্ৰাগজ্যোতিষ- পুৰ স্থাপন কৰোতা, কামাখ্যাত অনেক যান্ত্ৰিক বেদজ্ঞ ব্ৰাহ্মণৰ বসতি কৰাই দিওতা, বিদৰ্ভ ৰজাৰ জীয়েক মায়াক বিবাহ কৰোতা, প্ৰথমতে হিন্দু ধৰ্ম্মত আস্থাবান হৈ পিছত বাণৰ সংসৰ্গদোষত পৰি সেই ধৰ্ম্মত অনাস্থাবান হৈ অত্যাচাৰী অনাচাৰী হোৱাত, যদুকুল-প্ৰদীপ শ্ৰীকৃষ্ণৰ হাতত প্ৰাণ হেৰুৱাওঁতা নৰকাসুৰৰ ৰাজ্য আছিল; যি কামৰূপত পুতেক ভগদত্তৰ প্ৰাগজ্যোতিষপুৰ নগৰ অৰ্জ্জুনে আক্ৰমণ কৰিলত ভগদত্তই নিজৰ কিৰাত আৰু চীনা সেনা লৈ অৰ্জ্জুনেৰে সৈতে আঠ দিন তুমুল সংগ্ৰাম কৰি শেহত ঘাটি যুধিষ্ঠিৰক কৰ দিবলৈ মান্তি হৈছিল, আৰু যি ভগতত্তই মহাভাৰতৰ যুদ্ধত দুৰ্য্যোধনৰ ফলীয়া হৈ যুদ্ধ কৰি অসীম বীৰত্ব দেখুৱাইছিল, আৰু যি বীৰত্বৰ কথা যখানিবলৈ মহাভাৰতৰ দ্ৰোণপৰ্ব্বৰ চাৰি অধ্যায় লাগিছিল; যি কামৰূপত খৃষ্ট্ৰীয় চতুৰ্থ শতিকাত শঙ্কল বা শঙ্কলাদিৰ নামৰ মহা পৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল, যি উত্তৰ-ভাৰতৰ কেদাৰ ব্ৰাহ্মণ নামৰ ডাঙৰ ৰজা এজনৰ ৰাজ্য আক্ৰমণ কৰি যুঁজত কেদাৰ ৰজাক হৰুৱাইছিল আৰু যি শঙ্কল ভাগীৰথীৰ পূবফালৰ দেশ বঙ্গ আৰু বিহাৰ জয় কৰিছিল, যি গৌৰ নগৰ অথবা লক্ষণাৱতী সংস্থাপন কৰিছিল, যাৰ ৪০০০ হাতী, একলাখ ঘোৰা আৰু চাৰি লাখ পদাতিক সৈন্য আছিল, যাৰপৰা স্কাইথিয় টুৰাণ ৰজা আদ্ৰ- ছিয়াবে কৰ বিচৰা বাবে যি সেই আফ্ৰছিয়াবৰ পঞ্চাশ হাজাৰ মঙ্গোল বা মোগল সেনাৰে সৈতে ঘোৰঘাট পৰগণাৰ ওচৰ কোচপৰ্ব্বতৰ কাষত যুদ্ধ কৰি সেই সেনাবোৰ মষিমূৰ কৰিছিল। যি কামৰূপৰ নাম শুনিলে মনত পৰিছিল মহা গৌৰৱান্বিত মহাৰাজা ভাস্কৰ বৰ্ম্মাৰ কথা, যাক ৰাজচক্ৰবৰ্তী বৌদ্ধ ৰজা হৰ্ষবৰ্ধনে মহোৎসৱলৈ নিমন্ত্ৰণ কৰি নি. ভাৰতবৰ্ষৰ আন আন ঠাইৰপৰা নিমন্ত্ৰিত হৈ অহা কুৰিজন ৰজাৰ
আগশাৰীত ঠাই দিছিল, আৰু যাক হৰ্ষবৰ্দ্ধনে সেই উৎসৱৰ শোভা- যাত্ৰাৰ নায়ক পাতি নিজৰ সোঁহাতে একেশাৰীতে লৈ গৈছিল আৰু - ৫০০ হাতীয়ে যাক হৰ্ষবৰ্দ্ধনেৰে সৈতে ৰক্ষা কৰি গৈছিল, যি কামৰূপৰ নাম শুনিলে দীপিকা ছন্দ পুথিত বৰ্ণনা কৰা ৰামচন্দ্ৰ ৰজাৰ কথা মনত পৰিছিল, যাৰ ৰত্নপুৰ নামে ৰাজধানী মাজুলীত আছিল, আৰু যি ৰত্নপুৰ হৰবিদ ৰজাৰ পুতেক কুশাৰণ্যকে আদি কৰি অনেক ৰজাৰ ৰাজধানী আছিল, আৰু যি কুশাৰণ্য গৌৰ, কামৰূপ আৰু জয়ন্তাৰ অধিপতি আছিল; যি কামৰূপৰ নাম শুনিলে বনমালা ৰজাৰ কথা মনত পৰিছিল, যাৰ ৰাজ্য সমুদ্ৰ পৰ্য্যন্ত বিস্তৃত আছিল, আৰু বঙ্গদেশৰ ৰজা দেৱপালৰ তামৰ ফলিত যাৰ বিষয়ে এই বুলি লেখা আছে যে “দেৱপালে কামৰূপৰ ৰজাক উড়িষ্যাৰ ৰজাৰ বিপক্ষে যুদ্ধত সহায় কৰিছিল", যি কামৰূপতে বলবৰ্ম্মই (প্ৰায় ১৯০ খৃষ্টাব্দত) আৰু ৰত্নপাল ৰজাই (একা- দশ শতিকাৰ প্ৰথম ভাগ) ৰাজত্ব কৰিছিল। যি ৰত্নপালে গুৰ্জৰ, গৌড়, কেৰেলা, আৰু দক্ষিণ ভাৰতৰ ৰজাৰে নৈতে যুদ্ধ-বিগ্ৰহ কৰিছিল বুলি তেওঁৰ নাতিয়েক ইন্দ্ৰপাল ৰজাৰ তামৰ ফলিত লেখা আছে, আৰু যি ৰত্নপাল অনেক তামৰ খনিৰ গৰাকী আছিল; সেই কামৰূপ শব্দটো আজি কুচি অকণমান হল। আজি তাৰে এডোখৰ আসাম শব্দই গ্ৰাস কৰিলে – যি আসাম বুলিলে পোনতে ভৰলী নৈৰপৰা দীক্ৰং নৈৰ ভিতৰত থকা সৌমাৰপীঠ নামৰ জকাইচক ডোখৰ পাই তাৰ পিছত হে ভৰলীপৰা ৰূপহী, আৰু ৰূপহীৰপৰা অতি সঙ্কুচিত- ভাৱে চুচুকচামাককৈ সোণকোঁহ পায়গৈ। চুচুকচামাককৈ বুলিছো এইবাবে যে আমি গুৱালপাৰা ডিষ্টিক্টৰ পশ্চিম সীমাত অসমীয়া ভাষাৰ টাব চিলিঙি পুতিবলৈ গৈ তাৰ আগেয়ে তাতে বহি এমুঠি ভাত ৰান্ধি বলৈ বহিলেই আমাৰ বিদেশী ভাইইতে হাতত টাঙোন লৈ সেই খিনিতে ঘপহ কৰে ওলাই চৰু পোন্দাই সোধে, "বোলো ভাতব্ৰহ্মা ঢৌটো তোৰ নে মোৰ?” এইবোৰ যি হওক, আমি আমাৰ জননী জন্মভূমিৰ যি নামকে এতিয়া পাইছো, সেয়ে আমাৰ পক্ষে সোণ।
পুৰণি অসমীয়া ভাষা, সাহিত্য আৰু লিপি
প্ৰাচীনত্বৰ হিছাপত অসমীয়া ভাষা, সাহিত্য আৰু লিপি ভাৰতৰ আন কোনো প্ৰাদেশিক ভাষা সাহিত্য আৰু লিপিতকৈ তল খাপৰ নহয় বুলি মোৰ দৃঢ় বিশ্বাস। পোনতে, খুব সম্ভৱ, অসমত ব্ৰাহ্মীলিপি প্ৰচলিত আছিল। কামাখ্যাৰ মঠ-মন্দিৰ নিৰ্মাণ কৰা কালত এই লিপি ব্যৱহৃত দেখা যায়। তাৰ পিছত অশোকলিপি;আৰু তাৰ পিছত গুপ্তলিপি চলিছিল বুলি ধৰিব পাৰি। ভাস্কৰ বৰ্ম্মাৰ সময়ত অসমৰ গৌৰৱ সকলো দেশতকৈ বেছি আছিল। বিখ্যাত চীনা পৰিব্ৰাজক হিউয়েনচাঙৰ লিখিত বৃত্তান্তৰপৰা জানিব পাৰি যে সেই সময়ত অসমীয়া ভাষাৰ সৌষ্ঠৱ অৱস্থা। খৃষ্টীয় সপ্তম শতিকাৰ আগভাগত হিউয়েনচাঙক আমাৰ ভাষাৰ বৰ্ম্মা ৰজাই কামৰূপলৈ নিমন্ত্ৰণ কৰি আনিছিল। সেই সময়ৰ কামৰূপৰ বিৱৰণ তেওঁ তেওঁৰ ভ্ৰমণ-বৃত্তান্তত লেখি থৈ গৈছে। ভাষাৰ সম্পৰ্কে তেওঁ লেখিছে – “কামৰূপৰ ভাষা মধ্য ভাৰতৰ ভাষাৰে সৈতে অলপ হে পৃথক।” “কামৰূপৰ মানুহৰ স্মৃতিশক্তি প্ৰবল আৰু লেখাপঢ়াত বৰ মন “কামৰূপৰ ৰজাই বিদ্যা- চৰ্চ্চা কৰিবলৈ ভালপায়; আৰু ৰজাক দেখাদেখি প্ৰজাবিলাকৰো বিদ্যা চৰ্চ্চাতে মন।" “বৰ পণ্ডিত, জ্ঞানী আৰু দক্ষ মানুহ দূৰদেশৰপৰা বিষয়-বাসনা বিচাৰি এই ৰাজ্যলৈ আহে। বৌদ্ধধৰ্ম্মত ৰজাৰ যদিও বিশ্বাস নাই, তথাপি তেওঁ পণ্ডিত আৰু জ্ঞানী শ্ৰমণসকলক বৰ সমাদৰ কৰে।" " হিউয়েন্চাড়ে খৃষ্টীয় তম শতিকাৰ আসামৰ ভাষাক মধ্যভাৰতৰ ভাষাৰে সৈতে অলপহে মাথোন বেলেগ বুলিছে। তেওঁ মধ্যভাৰতৰ
ভাষাৰ বিষয়ে কৈছে যে আদি কালৰেপৰা সি একেদৰেই আছে, আৰু সেই ভাষাৰ উচ্চাৰণ শুনিবলৈ মধুৰ, শুদ্ধ, আৰু দেৱতাসকলৰ ভাষাৰ নিচিনা। হিউয়েনচাঙে অসমীয়া ভাষাকো যেতিয়া প্ৰায় সেই মধ্য ভাৰতৰ ভাষাৰে নিচিনা বুলি কৈছে, সেইটো অসমীয়া ভাষাৰ পক্ষে কি গৌৰৱৰ আৰু অহঙ্কাৰ কৰিবৰ কথা আপোনাসকলে ভাবি চাওক। আৰু এইবাৰ কথা কোনে কৈছে? বেদ-বেদান্ত দৰ্শনাদি ৫৬৭ খন সংস্কৃত গ্ৰন্থৰ অনুবাদক মহাপণ্ডিত মহা-ধাৰ্ম্মিক ঋষিতুল্য হিউয়েন্চাঙে কৈছে, যি জনমত কেতিয়াও মিছা কথা নকৈছিল আৰু আৰু সকলো বিষয়তে বিবেচনা কৰি চলিছিল বুলি প্ৰখ্যাত; যি হিউয়েন্চাঙৰ বিৰচিত 'চিউইকি' গ্ৰন্থব কথা মিষ্টৰ ভিনছেন্ট স্মিথে তেওঁৰ “Early History of India” কিতাপত এইদৰে লেখিছে “His book is a treasure house of accurate informations indispensable • to every student and has done more than any archaeo- logical discovery to render possible the remarkable resusciation of lost Indian history which has recently been effected. "
হিউয়েন্চাঙৰ "চিউইকি” গ্ৰন্থৰ পাতনিত সেই কালৰ চীন সম্ৰাট টাংহুৱেন চাঙৰ মন্ত্ৰি চাংইৰে লিখিছে যে হিউয়েনচাং যি দেশলৈকে গৈছিল সেই দেশৰ ভাষা তেওঁ আয়ত্ব কৰিছিল। ইয়াৰ দ্বাৰাই এইটো বেছকৈ প্ৰমাণিত নহয় নে যে হিউয়েনচাঙে মধ্য ভাৰতৰ ভাষাকো শিকি আয়ত্ব কৰিছিল, কামৰূপৰ ভাষাকো শিকি আয়ত্ব কৰিছিল? এইদেখি সংস্কৃতত অগাত পণ্ডিত, মধ্যভাৰতৰ আৰু কামৰূপৰ ভাষাত অভিজ্ঞ হিউয়েনচাঙে সেই দুই ভাষাৰ সাদৃশ্যৰ বিষয়ে যি কৈছে সি অকাট্য বুলি ধৰিব পাৰি।
অসমীয়া “ডাকৰ বচন" পুথি খৃঃ ৮ম শতিকাত বিৰচিত হৈছিল বুলি বঙ্গালী পণ্ডিত শ্ৰীযুত দীনেশচন্দ্ৰ সেনে কৈছে। আজিৰ এই বক্তাই সেই পুথি খৃঃ ৫ম কি ৬ষ্ঠ শতিকাত ৰচিত হৈছিল বুলি এটি প্ৰবন্ধ লেখি প্ৰকাশ কৰিছিল। এতিয়া এই দুইমূৰীয়া দুইমত এৰি দিও যদি golden mean অৰ্থাৎ মাজামাজি এটা ধৰা যায়, তেন্তে খৃৃষ্টীয় ৭ম শতিকা পোৱা যায়। সেই শতিকাতে হিউয়েনচাং কামৰূপলৈ আহি ছিল। সেইদেখি তেওঁ সেই সময়ৰ প্ৰচলিত অসমীয়া ভাষাৰ কথা নিশ্চয় কৈছিল, যাৰে সৈতে শুদ্ধ গধুৰ দেৱভাষাৰ নিচিনা মধ্যভাৰতৰ ভাষাৰ প্ৰভেদ অতি অলপ। তেনেহলে, সেই ভাষাৰ চানেকী আমি এতিয়া ডাকৰ বচনত পাওঁ। ডাকৰ বচনৰ ভাষাৰে সৈতে আজিকালিৰ অসমীয়া ভাষাৰ প্ৰভেদ প্ৰায় নাই বুলিলেই হয়, থাকিলেও সি সামান্য। ভাৰতৰ আন আন দেশৰ ভাষাৰ ক'ত সালসলনি হৈছে, পৰিবৰ্ত্তন ঘটিছে! আৰু কোনো কোনোটো ভাষাৰ ইমান পৰিবৰ্ত্তন ঘটিছে যে পিছৰ যুগৰ ভাষাত পদূলিত আগৰ যুগৰ ভাষা কেনেবাকৈ যদি ওলাইগৈ, তেন্তে পিছৰ যুগৰ ভাষাই তেওঁৰ পূৰ্ব্বপুৰুষ : চিনিব নোৱাৰি আগ- চোতালৰপৰা এনেকৈ সম্বোধন কৰিব লাগিব “কৰ মানুহ, কলৈ যায়? কিবা সকামত বা আহিছে? কিন্তু আজিলৈ অসমীয়া ভাষা এনে awkward অৰ্থাৎ আহুকলীয়া অৱস্থাত নপৰে। সপ্তম শতিকাৰ সাতামপুৰুষীয়া গঢ় আজিও অসমীয়া ভাই ৰাখিছে। এইটো অৱশ্যে ভাল নে বেয়া, সেইটোৰ বিচাৰ কৰিবলৈ আজি মই নাযাওঁ। ইয়াকে মাথোন কওঁ যে - অন্তত: অসমীয়া ভাষাটো যে "কণা হওক, কুজা হওক ভূঞাৰ পোৱালি" আৰু সেই পোৱালিয়ে “ফটা হওক, চিটা হওক পাটৰ টঙালি” পিন্ধি কৰিছে, এইটো নিৰ্ভুল। হিউয়েনচাঙে অসম এৰি যোৱাৰ পিছৰপৰা আকৌ এন্ধাৰ। অৰ্থাৎ এনে কোনো লিখিত বিৱৰণণ নাই যাৰপৰা তাৰ পিছৰ যুগৰ আসামৰ বিষয়ে আমি জানিব পাবো। মাথোন ডাৱৰীয়া আউসী ৰাতিত বিজুলীৰ পোহৰৰ দৰে, পৰ্বতৰ গাৰ শিলৰ ওপৰত কটা আখৰে আৰু আজিকালি ওলোৱা তামৰফলি খনচেৰেকে চকামকাকৈ অলপ পোহৰ দিয়ে। আসামৰ ইতিহাস লেখক এডৱাৰ্ড গেইটে তামৰ ফলিবোৰ আৰু শিলৰ গাঁত কটা পুৰণি লেখাবোৰ মিলাই চাই সিদ্ধান্ত কৰিছে যে প্ৰায় ৬৬৪ খৃষ্টাব্দত শালস্তম্ভ নামে মেচ ৰজা এজনে ভাস্কৰ বৰ্ম্মাৰ বংশৰ ৰজাক জয় কৰি কামৰূপৰ ৰাজপাটত উঠে। ইয়াৰ দ্বাৰাই ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে হিউয়েন্চাঙে আসাম এৰিথৈ যোৱাৰ কিছুমান বছৰৰ পিছতে এই ঘটনা ঘটে। শালস্তম্ভ পিছত সেই বংশী ১০ জন ৰজাই কামৰূপত ৰাজত্ব কৰে। প্ৰায় ৮০০ খৃষ্টাব্দত প্ৰলম্ব নামে এজনে শালস্তম্ভ বংশী ৰজাক ৰণত হৰুৱাই কামৰূপৰ ৰজা হয়। প্ৰলম্বৰ পিছৰ ৰজা হৰ্জৰৰ পুতেক বনমালাই অনেক বছৰ ৰাজত্ব কৰে। তেওঁৰ ৰাজ্য সমুদ্ৰ পৰ্যন্ত বিস্তৃত আছিল বুলি পোৱা যায়। প্ৰায় ১০০০ খৃষ্টাব্দত পালবংশধৰ ৰজা এজন কামৰূপৰ ৰাজসিংহাসনত উঠে। এই পাল ৰজাসকল বঙ্গদেশৰ পালবংশী ৰজা নহয়। অসমৰ পালৰজা এজনৰ নাম ৰত্নপাল আছিল। তেওঁ বৰবলী আৰু যুঁজাৰু ৰজা আছিল আৰু তেওঁৰে সৈতে গুৰ্জৰ, গৌড়, কেৰেলা আৰু দাক্ষিণাত্যৰ ৰজাবোৰৰ যুদ্ধ হৈছিল বুলি লেখা আছে। তেওঁৰ ৰাজধানী ব্ৰহ্মপুত্ৰৰ পাৰত আছিল আৰু তাৰ নাম দুৰ্জয় আছিল। পণ্ডিত, ধাম্মিক আৰু কবিসকলক তেওঁ উৎসাহ দি তেওঁৰ ৰাজধানীত ৰাখিছিল। ভুটানত তেওঁৰ কেবাটাও তামৰ খনি আছিল।
দীপিকাছন্দ এই যুগৰ পুথি। বায় মাধৱচন্দ্ৰ বৰদলৈ ডাঙৰীয়াই দীপিকাছন্দ একাদশ শতিকাত ৰচিত বুলি সিদ্ধান্ত কৰিছে। আগেয়ে মই মোৰ এটা প্ৰৱন্ধত তাক আৰু প্ৰাচীন ঠাই দিছো। সেই প্ৰৱন্ধত মই তাক খৃষ্টিয় ষষ্ঠ শতিকাত ৰচিত বুলি সিদ্ধান্ত কৰিবৰ প্ৰয়াস কৰিছো। যি হওক ডাকৰ বচনৰ পুথি আৰু দীপিকাছন্দ যে অসমীয়া ভাষাত ৰচিত আজিলৈকে হাতেপোৱা প্ৰাচীন পুথিৰ ভিতৰত প্ৰাচীন তাক কব পাৰি।
বঙ্গলা, উড়িয়া, হিন্দী, মৈথিলী প্ৰভৃতি ভাষাৰ দৰে অসমীয়া ভাষাও Indo-Aryan ভাষাৰ মাগধী অপভ্ৰংশৰপৰা হোৱা। মৈথিলী আৰু উড়িয়া ভাষাৰ সৈতে অসমীয়া ভাষাৰ অনেক সাদৃশ্য এতিয়াও মন-কৰোতাৰ চকুত নপৰি নাথাকে। উড়িয়া ভাষাৰে সৈতে সাদৃশ্যৰ কথা আগেয়ে আনঠাইত দেখুৱাইছো। মই এই বক্তৃতা লেখি থাকোতেই এতিয়াই মোৰ উড়িয়া লগুৱাটোৱে মোক বস্তু এটা দেখুৱাই কলে আজ্ঞা, সেইটা গোন্ধাইছে।” মই তাক কলো যে আমাৰ ভাষাতো 'গোন্ধাইছে' বোলে। সি কলে "হয় আজ্ঞা, সেইটা একে কথা।” উড়িয়া ভাষাৰ বাক্যবিন্যাস প্ৰণালী, শব্দ প্ৰয়োগ, negative "ন"টে। শব্দৰ আগত ব্যৱহাৰ কৰা প্ৰণালী ইমান অসমীয়াৰ ওচৰা ওচৰি যে উড়িয়াই অতি শীঘ্ৰে ভালকৈ অসমীয়া কবলৈ শিকি এমাহ দুমাহ অসমৰ গাঁৱত ঘুৰি উড়িয়া পাণ্ডাই সৰ সৰ, কৰে অসমীয়া কোৱা অনেকে দেখিছে। আন কি অসমীয়া যাত্ৰীৰে সৈতে পুৰীত মাথোন কথা পাতি অসমীয়া শিকি ভালকৈ অসমীয়া কথা কোৱা জগন্নাথৰ পাণ্ডা দুই তিনি জনো লগ পাইছে৷। সেই পাণ্ডা কেতিয়াও অসমলৈ অহা নাছিল। আমাৰ ভকতীয়া মাতত, বিশেষকৈ যেতিয়া শ্ৰীশঙ্কৰদেৱ শ্ৰীমাধৱদেৱকে প্ৰমুখ্য কৰি আতাসকলৰ চৰিত্ৰ বৰ্ণনা কৰা হয়, তেতিয়া উড়িয়া খাইছন, আছন, কৰন্ত, কৰিছন্তি, ইত্যাদিৰ নিচিনা খাইছন্ত, আছম্ভ, বা খাইছন, আছন প্ৰভৃতি শব্দ ব্যৱহৃত স্পষ্টকৈ দেখিবলৈ পোৱা যায়।
মৈথিলী ভাষাৰ উদাহৰণ এটা দিন। মৈথিলী পদাৱলীত পেলায়।
আছে :
"হাতী যায় আগে।
কুকৰ ভূকে পাছে।"
“চেৰেলী গাই বামুণক দান।”
আগৰ মোৰ প্ৰৱন্ধ এটাত ৰংপুৰ, দিনাজপুৰৰ ফকৰা আৰু প্ৰবচনৰ
ভাষা আৰু গঢ়েৰে সৈতে অসমীয়া প্ৰবচনৰ ভাষা আৰু গঢ়ৰ আচৰিত
সাদৃশ্য দেখুৱাইছিলো। এই সাদৃশ্যবোৰৰ পৰা, এইবোৰ ভাষাৰ গুৰি-
গছডাল যে একে, আৰু এই ভাষাবোৰ যে ভাই-ভনী সম্বন্ধীয়া এইটো
কথা দৃঢ়তৰ হয় মাথোন। স্বভাৱতে অসমীয়া ভাষাৰ ওপৰত দ্ৰাবিড়
কিৰাত প্ৰভৃতি ওচৰ চুবুৰীয়া আন আন অনাৰ্য্য ভাষাৰো যে বিস্তৰ
প্ৰভাৱ পৰি আহিছে তাক কোৱা বাহুল্য মাথোন। সেইবোৰ
ফাঁহিয়াই দেখুৱাবলৈ চেষ্টা কৰি এই দীঘল বক্তৃতাক আৰু দীঘল কৰি
আপোনা সকলৰ ধৈৰ্য্যৰ ওপৰত আৰু “টেক্স” বহুৱাবলৈ গলে
আপোনাসকলে মোক “জুলুম, বাজ” সভাপতি নুবুলি নেৰে।
মাথোন দ্ৰাবিড়ী ভাষাৰ প্ৰভাৱৰ বিষয়ে এটা কথা কওঁ। দ্ৰাবিড়ী
ভাষাৰ শব্দৰ প্ৰথাতে যুক্তাক্ষৰ নাথাকে আমাৰ ভাষাতো প্ৰায়
এনে নিয়মেই। যেনে-স্নেহ-চেনেহ-দ্ৰাবিড়ী ভাষাৰ শব্দৰ প্ৰথমতে
যুক্তাক্ষৰ নাথাকে;একে বৰ্ণৰ আখৰৰ মাজতহে হ'ব পাৰে।
কিন্তু আমাৰ অসমীয়াত প্ৰায়েই যুক্তাক্ষৰ ভাঙি এই নিয়ম পালন কৰা যায়;
যেনে;—পদ্ম —-পদুম। এই দুই ভাষাতে তালব্য উচ্চাৰণৰ প্ৰাধান্য।
বড়োভাষা আৰু আহোম ভাষাৰ প্ৰভাৱ 'অসমীয়া ভাষাৰ ওপৰত
অলপ-অচৰপ নহয়। অসমত কামকৰা ভূতপূৰ্ব ছিভিলিয়ান জে. ডি
এণ্ডাৰ্ছনৰ এই বিষয়ে প্ৰবন্ধ যি পঢ়িছে, তেৱেঁই এই কথাৰ সাৰ্থকতা
বুজিব।
মুছলমানসকলৰ ভাৰতাগমন ফলত আৰবী, ফাৰ্ছী আৰু উৰ্দূ ভাষাইও অসমীয়া ভাষাৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰি থকা নাই।
সম্প্ৰতি আমাৰ মাহেকীয়া কাকত এখনত এজন মুছলমান সাহিত্যিক. ডেকাই এই বিষয়ে দুই-এটা প্ৰৱন্ধ লেখা আপোনাসকলে দেখিব পায়। আশা কৰে৷, তেওঁ এই কাৰ্য্যত আৰু আগুৱাব। এই ফাৰ্ছী আৰবী প্ৰভাৱ, আন কি, অসমৰ বৈষ্ণৱ যুগৰ মধ্যাহ্ন-মাৰ্তণ্ড শ্ৰী শংকৰদেৱ আৰু পূৰ্ণচন্দ্ৰ শ্ৰীমাধৱদেৱৰ ৰচনাতো বিচাৰি পোৱা যায়। উদাহৰণঃ:- কীৰ্ত্তনৰ বলিচলনত আছে--“"নিত্যে কৰে ওয়াচীল বাঙ্কী শ্ৰমাধৰদেৰব বৰগীতত আছে :⸺
“হয়ো ভাই সা৭ৱধান!
গোবিন্দ ফৰমান।
নিকটে মিলয় জান।”
মই আগেয়ে বক্তৃতা এটাত আসাম বূৰঞ্জীক সাত ভাগত ভগাই লৈ সেই সেই যুগৰ বুৰঞ্জাক আৰু সাহিতাৰ বিষয়ে অলপ-অচৰপ কৈছিলো। যেনে:-
(১) অতীজৰপৰা কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়লৈকে।
(২) কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ৰপৰা খুঃ চতুৰ্ণ শতিকাৰ শেহলৈকে।
(৩) চতুৰ্থ শতিকাৰ শেহৰপৰা সপ্তম শতিকাৰ মাজলৈকে।
(৪) সপ্তম শতিকাৰ মাজৰপৰা দ্বাদশ শতিকাৰ মাজলৈকে।
(৫) দ্বাদশ শতিকাৰ মাজৰপৰা পঞ্চদশ শতিকাৰ মাজলৈকে।
(৬) পঞ্চদশ শতিকাৰ মাজৰপৰা যোড়শ শতিকাৰ মাজলৈকে।
(৭) ঘোড়শ শতিকাৰ মাজৰপৰা বিংশ শতিকালৈকে।
তেতিয়া ইচ্ছা আছিল, এই সাতোটা যুগৰ অসমীয়া বুৰঞ্জী আৰু সাহিত্য বিস্তৃতভাৱে আলোচনা কৰিম। অদৃষ্টৰ ঘাত-প্ৰতিঘাতত নানা প্ৰতিবন্ধক ওলাই সেই ইচ্ছা বিফল কৰিলে। প্ৰায় তেতিয়াৰে- পৰা মোৰ ভালকৈ লেখা-পঢ়াৰ চৰ্চাৰ ওখ আশা আৰু আকাঙ্ক্ষা মনতে মৰি আহিবলৈ ধৰিলে। শেহত কাপ এৰি হাতত কুঠাৰ ললো। ক্ষত্ৰিয় বংশক নিৰ্ব্বংশ কৰিবলৈ পৰশুৰামৰ কুঠাৰ নহয়, শালবৃক্ষ বংশক নিৰ্ব্বংশ কৰিবলৈ হে এই “শাল প্ৰাংশু মহাভুজত” কুঠাৰ উঠিল। স্বভাৱৰ প্ৰেৰণাত কেতিয়াবা কুঠাৰখন দুৱাৰ ভূকত পেলাই থৈ বাৰত আঁৰি থোৱা কাপ-মৈলাম হাতত ললেই কুঠাৰে দুৱাৰ চুকৰপৰা ৰিঙিয়ায় “হে হে ককাই! কি কৰা!!” ততালিকে কাপ পেলাই আকৌ কুঠাৰ লবলগীয়াত পৰো। অৱশ্যে সেইবাবে মই যে চনমূৰকৈ মৰিছো এনে নহয়; কাৰণ, আমাৰ বুঢ়ালোকে কবৰ দৰে, "আমাৰ হাঁহেৰেও ভাল, মাহেৰেও ভাল।” আৰু এইষাৰকে গম্ভীৰ- ভাবে সাধুভাষাৰে কবলৈ গলে হয়—
“ত্বয়া হৃষীকেশ হৃদিস্থিতেন
যথা নিযুক্তোহস্মি তথা কৰোমি।”
অৰ্থাৎ জানিবা ধৰক, আপোনাসকলৰ এজনে মোক সুধিলে "বৰুৱা দেও, আপোনাৰ কেইটি লৰা?” বৰুৱাদেওৰ ৰহইছ, কৰি উত্তৰ দিবৰ মন গলে তেওঁ কব পাৰে—“ভগৱন্ত অনুগ্ৰহত মোৰ তিনটা পো প্ৰথমটো, — হৈছিল; দ্বিতীয়টো,—হোৱা নাই; তৃতীয়টে৷ হব!”
অসমীয়া সাহিত্য
যি হওক, এইবোৰ পাতল কথা এৰি দি কওঁ যে, আজিৰ বক্তব্য নিমিত্তে “বাহুল্যেনালং কৰি, চমুকৈ তিনটা ডাঙৰ যুগতে অসমীয়া ভাষা, আৰু সাহিত্যৰ যুগ ভগালে চলিব। যেনে :-
(১) প্ৰাকৃবৈষ্ণৱ যুগ।
(২) বৈষ্ণৱ যুগ বা শঙ্কৰী যুগ।
(৩) বৰ্ত্তমান যুগ।
(১) প্ৰাকৃবৈষ্ণৱ যুগ :- প্ৰাকৃত অপভ্ৰংশৰ লগত এই যুগৰ ভাষাৰ চকুত পৰা সাদৃশ্য সকলো বিষয়তে, আৰু সেইদেখি ভাষা আৰু সাহিত্যতো বিমিশ্ৰ তান্ত্ৰিক-বৌদ্ধ আৰু অবিমিশ্ৰ তান্ত্ৰিকতাৰ প্ৰকট প্ৰভাৱ। যেনে—ৰাতিখোৱা সেৱা; দেহবিচাৰ দেহৰ আনন্দতে ভগৱন্তৰ আনন্দ ইত্যাদি ভাবৰ প্ৰচাৰ এই যুগতে। এই যুগৰ অসমীয়া সাহিত্য টনকিয়াল নহয়। কৰতীপুথিবোৰ (অৰ্থাৎ ৰোগ গুচাবলৈ কৰত লগাই পানীজৰা মন্ত্ৰ থকা পুথিবোৰ এই যুগৰ উপাৰ্জন! আমি হাতে-পোৱা “ডাকৰ বচন” আৰু দীপিকাছন্দ পুথিকো এই যুগতে পেলাব পাৰো।
(২) বৈষ্ণৱ যুগ বা শঙ্কৰী যুগ। ভাৰতব্যাপী বৈষ্ণৱ ধৰ্ম্মত আৰু বৈষ্ণৱ যুগ বা শঙ্কৰী যুগৰ ঠাই অতি ওখত। দুখৰ বিষয় যে আসামৰ বাহিৰৰ সাহিত্যিকসকলে এই যুগৰ অসমীয়া বিৰাট সাহিত্যৰ ভু নাৰাখে। আৰু দুখৰ বিষয়, আমাৰ অস- মীয়া সাহিত্যিকসকলৰ অনেকেও ভালকৈ ৰাখে বুলি কব নোৱাৰো। এওঁলোকেও এই বভঁৰালৰ বৰদুৱাৰ মেলি অমূল্য হীৰা মৰকত মণিবোৰৰ মোল সম্যকৰূপে আজিলৈকে হৃদয়ঙ্গম কৰিছে বুলি মোৰ মনে নধৰে। কিন্তু সেইবুলি আমি আমন জিমনকৈ থকাটো যুগুত নহয়; কাৰণ, আজি নহয় কাইলৈ, কাইলৈ নহয় পৰিহলৈ এনে এদিন আহিবই আহিব, যেতিয়া এই অক্ষয় অতুল্য অমূল্য ভাণ্ডাৰ জগতৰ আগত প্ৰকাশিত হৈ সকলোকে স্তম্ভিত কৰিব। এইয়াৰ ভবিষ্যৎবাণী মই আজি নিশংকোচে এই মহাসভাৰ সভাপতিৰ আসনৰ পৰা কৰিলো। অসমৰ ধৰ্ম্ম সমাজ, সাহিত্য আৰু ভাষাত শ্ৰীশঙ্কৰদেৱ, শ্ৰীমাধৱদেৱ, ভট্টদেৱ আৰু কন্দলিসকলৰ স্থান অতুলনীয়। বঙ্গীয় বৈষ্ণৱ যুগৰ আন্দোলনেৰে সৈতে এই আন্দোলনৰ, বাহিৰা কিছুমান কথাত সাদৃশ্য থাকিলেও মূলত দুইটাৰ মাজত দুৰ্লঙ্ঘ্য পৰ্ব্বত, মাজত মাজুলীৰ বৰচাপৰি আৰু অন্তত দিখৌৰ বৰগৰা। এই বিষয়ে আগেয়ে অনেক ঠাইৰপৰা অনেক প্ৰকাৰে আমি অনেকবাৰ অনেক কথা কৈছো; আপোনাসকলেও অনেক শুনিছে, পঢ়িছে, আৰু পঢ়ি ভাবিছে; সেইদেখি সেইবোৰ দুনাই দোহাৰি আজিব এই বক্তৃতাক আৰু দীঘল কৰি আপোনাসকলক বেজাই দিব নোখোজো। মুঠতে মাথোন ইয়াকে কওঁ যে, যদি আমাৰ চেনেহৰ অসম আয়ে এই মহাপুৰুষ সকলক একালত গৰ্ভত ধাৰণ কৰি ধন্য নহলহেঁতেন, তেন্তে আজি আমি অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমীয়াৰ বিশুদ্ধ সমাজ আৰু উদাৰ মহান্ ধৰ্ম্মৰ উত্তৰাধিকাৰী হৈ সেই গৌৰৱত নিজক গৌৰৱান্বিত কৰি মূৰ দাঙি ভাৰত-মাতৃৰ এই উত্তৰ-পূব চুকীয়া প্ৰদেশখনত ঠিয় হৈ থাকিব নোৱাৰিলোহেঁতেন। মুঠতে, ধৰ্ম্ম, সমাজ, ভাষা আৰু সাহিত্যৰ সভ্যতাৰাজ্যত আমাৰ অস্তিত্ব বিলোপ হলহেতেন। এই যুগৰ মহাশাস্ত্ৰ, কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাৱলী, কথা ভাগৱতক মাজত লৈ, বিস্তৰ শাস্ত্ৰৰাজিয়ে বিশাল অসম-গগনত প্ৰদীপ্ত শঙ্কৰ-ভাস্কৰক প্ৰদক্ষিণ কৰি ভক্তি-ফুলৰ আঁজলিৰে আজিলৈকে আৰতি কৰিব লাগিছে। ভবিষ্যৎ-বাণীৰ ৰোগে যেতিয়া মোক ধৰিছে, আকৌ ভৱিষ্যৎবাণী কৰো, অসীম কালৰ অনন্ত সাহিত্য-গগনত, এই শঙ্কৰী যুগৰ সাহিত্যৰ নীল শতদল, শঙ্কৰ-মানৱৰ বিমল কিৰণত মহিমা-মণ্ডিত হৈ সদায় ঢলঢল হৈ প্ৰফুল্লিত থাকিব। এই যুগেই অসমৰ Renaissance যুগ অৰ্থাৎ নৱজীৱন বা জাগৰণৰ যুগ। এই ৰেণাছেক যুগৰ আসাম, বিশাল বিৰাট মহিমামণ্ডিত আসান। এই যুগত অসমীয়া ভাষা আৰু সাহিত্যৰ জয়-জয়-নয় ময় অৱস্থা। মৌমাখিয়ে ফুলৰ মৌ সংগ্ৰহ কৰি মৌ-কোহ সদৰ দৰে এই যুগৰ সাহিত্যিকসকলে নানা ঠাইৰ নানা দেশৰপৰা নানা সাহিত্যৰপৰা উপাদান সংগ্ৰহ কৰি অসমীয়া ভাষা আৰু সাহিত্যৰ মৌ-কোহ প্ৰস্তুত কৰিছিল। পদ্যসাহিত্যৰ কথা এৰি দিলেও, এই যুগৰ কথ-গীতা কথা-ভাগৱতে অসমীয়া গ্য সাহিত্যক পৃথিৱীৰ সেই কলীয়া গদ্য সাহিত্যৰ ভিতৰত অনুপম (unique) আসন প্ৰদান কৰিছিল। স্বদেশহিতৈষী, স্বাৰ্থত্যাগী, “বঙ্গৰ গান্ধি,” পণ্ডিত- প্ৰথব প্ৰফুল্লচন্দ্ৰ ৰায়ে এই অসমীয়া “কথা- ভাগৱত” “কথা-গীতা” দেখি, ইংলণ্ডৰ সেই যুগৰ ইংৰাজী গন্ধ-সাহিত্যতকৈয়ো সেই যুগৰ অসমীয়া সাহিত্যক উন্নত বুলি মত প্ৰকাশকৰা আপোনালোকে জানে।
{{gap}{(৩) বৰ্ত্তমান যুগ। ইংৰাজ ৰাজত্বৰ আৰম্ভৰ পৰা এই নতুন যুগৰ আৰম্ভ। ইয়াৰ আগৰ ডোখৰ অৰ্থাৎ শঙ্কৰী যুগ আৰু এই যুগৰ মাজৰ ডোখৰত অসম ঘোৰ ৰাজনৈতিক বিপ্লৱ-বিপৰ্য্যয় আদিৰে জলাকলা। মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ উপদ্ৰৱ এই বিপৰ্য্যয়ৰ দুটা প্ৰকাণ্ড শিং। এই শিঙৰ খোচত, আৰু এই শিং গজি উঠা মূৰৰ খুন্দাত অসমে ত্ৰাহি-ত্ৰাহি কৰিছিল। এনেকুৱা ত্ৰাহি ত্ৰাহি অসমৰ সাহিত্যও সেই দেখি ত্ৰাহিৰাম সাহিত্য নহৈ যায় কলৈ? তাৰ পিছত ইংৰাজ ৰাজত্ব আহিল, দেশৰ “ত্ৰাহিৰাম” গুচিল। কিন্তু ভাষা আৰু সাহিত্যৰ পক্ষে এক নতুন “ত্ৰাহিৰাম দাৰোকা” উপস্থিত হলহি, যি দাৰোকাৰ প্ৰতাপত বা দৌৰাত্ম্যত অসমীয়া সাহিত্যৰ মলুকত আকৌ ত্ৰাহি ত্ৰাহি লাগি পৰিল। অসমত ইংৰাজ ৰজাৰ ৰাজকাৰ্য্য চলোৱা যন্ত্ৰৰ কেৰানীসকল বঙ্গালী আছিল। তেওঁলোকে চল পাই যন্ত্ৰৰ কাণত মন্ত্ৰ দিলে যে অসমীয়াৰ মাত বঙলা, সেইবাবে অসমত বঙলা ভাষা চলাব লাগে; অৰ্থাৎ ধৰক তেওঁলোকে কৈ দিলে যে খোলৰ বোল ঢোলৰ; মইনাৰ যাত শালিকাৰ ধৰ্ম্মেশ্বৰৰ মাত কৰ্ম্মেশ্বৰৰ : -এৰমেৰ। বোলে "যাৰ পো মেলত নাই, সি গোধীয়া”; অসমীয়া সেই মেলত নাছিল। কাৰণ তেতিয়া অসমীয়া ন-কৈ ধৰা হাতী; তেতিয়াও অসমীয়া ভালকৈ জাতি হোৱা নাই, বৈঠ, পৰা নাই, আৰু অসমীয়াৰ পিঠিত গাদি পৰা নাই। বিদেশী যন্ত্ৰীয়ে ঘাইকৈ চালে, তেওঁৰ যন্ত্ৰটো প্ৰথমতে যেনেতেনে মতে চলক; সেইদেখি দিলে সেই কথাতে মত, আৰু চলালে অসমত বঙলা পৰিল অসমীয়া ভাষা-সাহিত্যৰ বুকুত বৰশিল; – আকৌ উঠিল বোল “ত্ৰাহি ত্ৰাহি”। অসমীয়া ভাষা আৰু সাহিত্যৰ পিঠিত এই ঢকাটো বাঘ-ঢকা। এইটো চম্ভালোতেই কিছুকাল আমাৰ বিফলে গল। বাস্তবিকতে এই ডোখৰ কাল অসমীয়া ভাষা আৰু সাহিত্যৰ পক্ষে বৰ দুদিন। কিন্তু ৰাতি ঘোপ মৰা এন্ধাৰ হলেও, তাৰ ওৰ আছেই। মেঘাচ্ছন্ন ৰাতিৰ শেহত পূবৰ অৰুণ উদয় হল; বেপ্টিষ্ট মিছনেৰী সকলৰ পুৰুষাৰ্থত “অৰুণোদয়” কাকতৰ জন্ম হল। আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱাৰ আবিৰ্ভাব হল।
বৰ্ত্তমান যুগ
বৰ্ত্তমান যুগ।এই যুগৰ অসমীয়া ভাব আৰু সাহিত্য নৰিয়া পাৰ্টীৰপৰা উঠা থাকবৱক, নিশকতীয়া, ক্ষীণোৱা : আৰু অতীত গৌৰৱৰ আধা-ছা-আধা-পোহৰ মাথোন। যি হওক, ভাষাৰ সালসলনি য়ৰোপীয় ভাষা আৰু ভাবৰ আমদানি, ভাৰতত আগেয়ে নথকা ন বস্তু বাতৰি কাকতৰ প্ৰচলন, উপন্যাস প্ৰণয়ন, ছাপাখানা স্থাপন প্ৰভৃতি এই যুগৰ আহিলা-পাতি অসমেও ভাৰতৰ আন আন প্ৰদেশবোৰৰ দৰে লভিছে। অৰ্থাৎ আসামলৈ সাহিত্যৰ মালমছলা আমদানি হৈছে; ইটা গঢ়িবলৈ কাঠৰ “ফৰ্ম্মা” আহিছে; “ভদ্ৰতাৰ শিলক” বৈ আনিবলৈ গৰু-মহৰ শকট আহিছে। চূণ, কাঠ, বালি আহিছে; কিন্তু নাই শিলাকুটী; নাই বাঢ়ৈ, নাই ৰাজমিস্ত্ৰি। এইবোৰক যে আগেয়ে Locally পোৱা নগৈছিল, অৰ্থাৎ আমাৰ অসম আয়ে আগেয়ে গৰ্ভত ধাৰণ কৰি জন্ম দিয়া নাছিল, এনে নহয়। কিন্তু এইবোৰ উপদ্ৰৱৰ মাউৰত পৰি প্ৰায়বোৰ মৰি-হাজি ঢুকাল; আৰু সেইবোৰৰ পো-পোৱালিবোৰ মাউৰ হৈ পেপুৱা লাগি, বিচুৰ্তি হৈ কি কৰো-কলৈ যাওঁ কৰি, কোনোটোৰে কেৰানীৰ কাপ কাণত গুজিছে, কোনোৱে দেৱানী-ফৌজদাৰী মোকৰ্দমা সাজিছে, গঢ়িছে, পিটিছে, আৰু তদন্ত কৰিছে; কোনোটোৱে অনাই-বনাই ফুৰি, কোনো এটা খালত পৰা জাতিক অদৃষ্টই কেনেকৈ পৰিহাস কৰে তাকে দেখুৱাইছে। ত্ৰেতা যুগত সোণৰ লঙ্কা পুৰি ছাই হোৱাৰ পিছত, যেতিয়া হনুমন্তই নিজৰ নেজৰ জুই নুমাব নোৱাৰি পেপুৱা লাগি বিচুৰ্ত্তি হৈছিল, তেতিয়া সীতা আয়ে লাহেকৈ মাত লগালে “কিয় হনুমন্ত বিচুত্তি হোৱা নেজৰ অগনি মুখে নুমুৱা॥”
আজি আমাৰ এই জুই নুমাব কেনেকৈ তাৰ উপায় আমাক কৈ দিবলৈ অসম আই কলৈ গল? আই ওলাই আহা! আমাৰ সোণৰ অসম পুৰি ছন হলেই, এতিয়া আমিও যে পুৰি মৰিবলগীয়া হলোহঁক। আমাৰ এই অগনি এতিয়া কেনেকৈ নুমাওঁহক হে আইমাতৃ আমাক বুদ্ধি দিয়া।
যাওক, দুখৰ কথা বৰ্ণাই থাকিলে আৰু কি হব। এই যুগৰ প্ৰাৰম্ভণিতে বেপিষ্ট খৃষ্টান মিশ্যনেৰী সকলৰ দ্বাৰাই "অৰুণোদয়” বাতৰি কাকতৰ প্ৰতিস্থাপন, আৰু প্ৰচলন; ইংৰাজী বাইবেলৰ অসমীয়া অনুবাদ; আৰু মিশ্যনেৰী সকলৰ উদ্যোগত যাদুৰাম ডেকা বৰুৱাৰ অসমীয়া অভিধান ৰচনা, বুনিয়ানৰ “পিলগ্ৰিম, প্ৰগ্ৰেছ” কিতাপৰ " যাত্ৰীকৰ যাত্ৰা” নাম দি অসমীয়ালৈ অনুবাদ, আৰু এনেকুৱা, কিছুমান ইংৰাজী কিতাপৰ অসমীয়া ভাষালৈ ভাঙনী সংসাধিত হৈছিল। ব্ৰন্সনৰ অসমীয়া-ইংৰাজী অভিধানো এই কালৰে; আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ কিতাপো এই যুগৰ আদিভাগৰ। আউনীআটীৰ অধিকাৰ প্ৰভু দত্তদেৱৰ “আসাম বিলাসিনী”, চিদানন্দ চৌধুৰীৰ “চিদানন্দ" প্ৰেছৰপৰা উলিওৱা কীৰ্ত্তনৰ অন্তৰ্গত “বলিচলন” পুথি প্ৰভৃতি এই যুগৰে প্ৰথম ছোৱাৰ কাৰ্য্য। ইয়াৰ পিছত অসমীয়া ভাষাৰ ওজা অমূল্য “হেমকোষৰ” গ্ৰন্থকাৰ পণ্ডিতপ্ৰৱৰ হেমচন্দ্ৰ বৰুৱাৰ “অসম নিউচ” বাতৰি কাকত; তেওঁৰ স্কুলীয়া কিতাপবোৰ আৰু অসমীয়া ব্যাকৰণ। বুৰঞ্জীবিজ্ঞ বিখ্যাত পুৰুষ ৰায় বাহাদুৰ গুণাভিৰাম বৰুৱাৰ “অসম বুৰঞ্জী” “আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত" আদি কিতাপবোৰ আৰু তেওঁৰ সম্পাদিত “আসাম-বান্ধৱ” নাম মাহেকীয়া কাকত; শ্ৰীযুত বলিনাৰায়ণ বৰাৰ 'মৌ'। তাৰ পিছত “জোনাকী” আৰু “বিজুলী” কাকতৰ আবিৰ্ভাব, তিৰোভাব। কলিকতাবাসী অসমীয়া ছাত্ৰ সকলৰ দ্বাৰাই “অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা” স্থাপন। আউনীআটী সত্ৰৰ দ্বিতীয় দান শ্ৰীধৰ ওজাৰ “আসাম-তৰা" বাতৰি- কাকত। তাৰ পিছত উষা, বাঁহী, আলোচনী আদি কাতৰ উদ্ভৱ আৰু নানাবিষয়ে লেখা অসমীয়া ডেকালেখক সকলৰ ৰচনাবোৰ এই যুগৰে উৎপন্নৰ ঘৰতে পৰিছে। অৱশ্যে এই বস্তুবোৰৰ “হিছাপ-নিকাছ” কৰিবৰ সময় এতিয়াও অহা নাই। পুৰুষ-ব্ৰ্যাঘ্ৰ ছাৰ আশুতোষ মুখাৰ্জীৰ সুদৃষ্টি আৰু যত্নত কলিকতা বিশ্ববিদ্যালয়ৰ এম-এ পৰীক্ষা পৰ্যন্ত অসনীয়া ভাষাৰ স্থান এই যুগৰ কীৰ্ত্তিকলাপ। আমি সংক্ষেপতে মাথোন এইবোৰৰ উল্লেখ কৰিলো। কাৰণ বহলাই কবলৈ গলে আজিৰ এই অধিবেশনে আমাক নাটে।
জাতীয় সাহিত্য
নকলেও হব যে জাতীয় সাহিত্যৰ লগত জাতীয় জীৱনৰ সম্বন্ধ অঙ্গাঙ্গী। জাতীয় জীৱনৰ ভৰা সোঁতায়েই জাতীয় ইতিহাস আৰু সাহিত্যৰ ভৰসোতা। ইংলণ্ডৰ ৰাণী এলিজাবেথৰ দিনৰ ৰেণাছেঞ্চলৈ চকু দিলেই এই কথা সম্যকৰূপে বুজিব পাৰি। এজন বিখ্যাত লেখাকে কৈছে—মোক এখন কিতাপ দিয়া, মই তেতিয়া সেই জাতিৰ সভ্যতাৰ ইতিহাসৰ বিষয়ে কৈ দিম; Show me a book I will tell you at once the history of the nation. Behind every book is a man and behind every man is a nation.
কোনো এটা জাতিৰ ৰাজনৈতিক, সামাজিক আৰু ধৰ্ম্ম সম্বন্ধীয় সকলো কথাৰ ভু সেই জাতিৰ সাহিত্যৰ ভিতৰেদি পোৱা যায়। যি দেশৰ জাতীয় জীৱন যিমান সৌষ্ঠৱপূৰ্ণ সেই দেশৰ সাহিত্যও সিমান সৌষ্ঠৱপূৰ্ণ। জীৱন্ত ভাষাই দেশৰ সকলো ভাবৰ বাহন। সেই ভাষাত নানা বিষয়ে নানা পুথি ৰচিত হৈ জাতীয় অভাৱ মোচন আৰু জাতীয় ভাবৰ সম্প্ৰচাৰণ হয়। মুঠতে জাতীয় সাহিত্য জাতীয় জীৱনৰ এখন ডাঙৰ দাপোণ মাথোন। উদাহৰণ বিচাৰিলে ইংৰাজী সাহিত্যৰ Middle Age অৰ অৰ্থাৎ মধ্যযুগৰ লেখকসকলৰ লেখালৈ চাওক। তাত দ্বিতীয় চাৰ্লছৰ courtier অৰ্থাৎ ৰাজসভাসদসকলৰ লম্পট স্বভাৱৰ প্ৰতিবিম্ব কেনেকৈ পৰিছে চাওক। মিণ্টনৰ পেৰেডাইজ লষ্টৰ প্ৰথম “কেণ্টোৰ” এঠাইত আছে :-
"In courts and palaces he also reigns
And in luxurious cities where the noise
Of riots ascends above their loftiest towers
And injury and outrage and when night
'Darkens the streets, then wander forth the sons
Of Belial flown with insolence and wine. "
ৰোমান্টিক যগৰ ( Romantic Age ) শ্যেলিৰ (Shelly) Revolt of Islam আৰু Prometheus Unbound অত সেই যুগব Priestera- ft আৰু মামুলীধৰণৰ ভাৱ ইত্যাদিৰ বিৰুদ্ধতাৰ, ৱৰ্ডছ ৱৰ্ষৰ (Words- worth) "On Milton” আৰু “The world is too much with us” কবিতাই সেই যুগৰ চিন্তা ধাৰণা ইত্যাদিৰ আভাস দিয়ে। আমাৰ শঙ্কৰদেৱৰ কীৰ্ত্তন "পান্ত-মদন” ছোৱাই সেই সময়ৰ তেওঁৰ প্ৰচাৰিত ধৰ্ম্মৰ বিদ্বেষী সকলৰ মুখত চাকিৰ পোহৰ পেলাই। মাধৱ- দেৱৰ ঘোষশাস্ত্ৰৰ ঘোষা কেইটিমানে তেওঁৰ সময়ৰ মূৰ্খ, অযোগ্য, অথচ শিষ্যৰ আগত পণ্ডিত গুৰু বোলাই মান-সংকাৰ বিচাৰি গুৰুৰ ভাও দি ফুৰা "গুৰুসকলৰ” বাতৰি দিয়ে।
জাতীয় জীৱনৰ উন্নতি অৱনতিত জাতীয় সাহিত্যৰ উন্নতি অৱনতি অনিবাৰ্য্য। শঙ্কৰী যুগ আৰু তাৰ পিছত ডোখৰৰ নাম দিব লাগিলে আকৌ এবাৰ দিব পাৰি Dark Age অৰ্থাৎ এন্ধাৰ যুগ। আহোম ৰজাসকলৰ দিনত ঘাইকৈ শেহৰ ডোখৰত, নানা ৰাজনৈতিক বিপ্লৱৰ, বিশেষকৈ মোৱামৰীয়া বিদ্ৰোহৰ আৰু মানৰ উপদ্ৰৱৰ নিমিত্তে অশান্তিৰ চূড়ান্ত অৱস্থা; তাৰ উপৰি ভূতৰ ওপৰত দানহ,—কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ অক্ষয় অকীৰ্তি – বুৰঞ্জীৰূপী মেষ-দাহ। এনেবিলাক কাৰণত সেই সময়ত আসামত সাহিত্য-চৰ্চ্চাৰ বৃদ্ধি, আৰু পৰিপুষ্টিত ব্যাঘাত, আৰু ধ্বংস স্বাভাবিক।
বৰ্ত্তমান সময়তো আমাৰ দেশত সাহিত্যৰ যথোচিত চৰ্চ্চা হৈছে বুলিব নোৱাৰি। আজিও আমাৰ সাহিত্য-চৰ্চাৰ অৱস্থা লেলোৱা- ঢেন্দোৱা। সৰ্ব্বসাধাৰণৰ ভিতৰত শিক্ষাৰ অভাৱেই ইয়াৰো এটা ঘাই কাৰণ। আসাম দেশখনক যদি সৰিয়হৰ বৰডুলি এটাৰে ৰিজোৱা যায় তেন্তে কব লাগিব যে মুঠেই এমুঠি মানুহৰ মাজত শিক্ষাৰ প্ৰচাৰ। সেই মুঠিটো নো কি লেখত লবলগীয়া কথা মই কব নোৱাৰো। যি বাতৰিকাকত শিক্ষা-বিস্তাৰৰ মহা সহায়ক সেই বাতৰিকাকত পঢ়িব পৰা মানুহ অসমত কেইটা? সৰ্ব্বসাধাৰণক অজ্ঞান এন্ধাৰৰ ডাৱৰে ঢাকি থৈছে। শিক্ষিত দুই-চাৰি-জনে কিতাপ বাতৰিকাকত দুই চাৰিখন লেখিছে কিন্তু পঢ়ে কোনে? সেই দেখি সৰ্ব্বসাধাৰণৰ ভিতৰত অন্ততঃ Primary Education অৰ্থাৎ প্ৰাথমিক শিক্ষা প্ৰচলিত হবলগীয়াটে। প্ৰথম যাই কথা। Compulsory অৰ্থাৎ বাধ্যতামূলক হোৱাটোও আৱশ্যক; কাৰণ নৰিয়া পৰা সৰহভাগ মানুহে প্ৰথমতে দৰৱ খাবকে নোখোজে। স্থিতিস্থাপক অৱস্থাতে থাকিবলৈ ভাল পোৱাটো হৈছে সবহ ভাগ মানুহৰ স্বভাৱ। ভাৰতৰ দেশীয় ৰজাসকলৰ ভিতৰত বৰোদাৰ মহাৰাজে তেওঁৰ ৰাজ্যত বাধ্যতামূলক প্ৰাথমিক শিক্ষা চলাই বৰ গুণ পাইছে। আমাৰ আসাম-গৱৰ্ণমেন্টকো এনে কৰিবলৈ কোনে বুজাব কোনে ধৰিব, বা কোনে কৰাব পাৰিব কোনোবাই কব পাৰে নে? এনে কথা ওলালেই গৱৰ্ণমেণ্টে সেই কামলৈ প্ৰথমতে ধন নাই বুলিব; আৰু বুলিলেই নিৰুপায়। আমি ৰংপুৰৰ কাৰেংঘৰ ভেটিকে খানি-কুৰি, যদি এই অশ্বডিম্বটো তাত আছে, তেন্তে তাৰে কলহচেৰেক উলিয়াই নো কেনেকৈ দিম কব নোৱাবো। সেই দেখি আমি দুখীয়াৰ মনৰ আশা থাকি থাকি মনতে ওপজে, আৰু মনতে মাৰ যায়। পণ্ডিতে জানো মিছা কথাষাৰ কৈছে যে “উত্থায় হৃদি লীয়ন্তে দিৰদ্ৰানাং মনোৰথ?”
উচ্চশিক্ষা বুলি যি কেবা শিক্ষা আমাৰ দেশত আজি, প্ৰচলিত হৈছে, তাক নো উচ্চকে বুলিম নে অনুচ্ছকে বুলিম, মই হলে ঠাৱৰাব পৰা নাই। ফলত, আনৰ কেনে হৈছে কব নোৱাৰো, মোৰ হলে কিবা বেবেৰিবাংখন লাগি পৰিছে। উচ্চ বুলি কোনো এটা বস্তুৰ গাত বিশেষণ লাগিলে অন্ততঃ তাৰ ওখ মূৰটো লোকৰ চকুত পৰা উচিত; কিন্তু লোকৰ পৰিছেনে নাই পৰা মই টানি কব নোৱাৰো, কাৰণ মোৰ হলে পৰা নাই। অৱশ্যে তিনি কুৰি বছৰীয়া এই বুঢ়া চকুত নপৰাটোও একো আচৰিত কথা নহয়। কিন্তু বিত্ চকু লৈয়ো দেখোন একো গুণ নাপালো। যি হওক, এই উচ্চশিক্ষাৰ সেই ওখ মূৰটো যদি আছে তেন্তে যি কোন ফালে ওখ হৈ চলিছে, বা কোন কালে বেঁকিছে, ডেকা-চকুৱা দেখোতাসকলে দেখক আৰু কওক। মই মাথোন এই ফেৰাকেহে কব পাৰিম, যে “নোহোৱাত কণা মোমায়েই মোমাই” এই বচনকে সাৰোগত কৰি, ভাৰতৰ পূব, পছিম, উত্তৰ, দক্ষিণত, মূৰ দাঙি ওলোৱা উচ্চশিক্ষাৰ সেই ওখ গোঁজডাল যেতিয়া অসমত পোতা হৈছে, তাক জোকাৰি-পোকাৰি কচালি হেঁচি দিয়া হওক, সি ভালকৈ বহক, হেস্ত-নেস্ত যি হয় এটা হওক, আৰু অসমীয়াইও সাধ্যমতে কাৱৈৰ জাকতে উজাওক। দেশত শিক্ষিত মানুহৰ লেখ বাঢ়িলে সৰ্ব্বতোভাৱে বাট মুকলি হয়। পৃথিবীৰ নানা জাতিৰ নানা ভাষাৰ ভাল ভাল কথা সংগ্ৰহ কৰি, সেইবোৰ পাৰিলে একেবাৰেই নিজা সম্পত্তি কৰি জাতীয় সৰ্ব্বসাধাৰণৰ সহজে বোধগম্য কৰি প্ৰচাৰ কৰাটো উচ্চশিক্ষিতসকলৰ কাম।অসমত আজিও এই কাম হৈছে বুলি ভালকৈ কব নোৱাৰো।আমাক উচ্চশিক্ষিত বিলনীয়া সৰহকৈ লাগে, নতুবা জগতৰ জ্ঞান-মন্দিৰৰ মাহ, চাউল, কল, কুহিয়াৰ, পকামিঠৈ, কেমামিঠৈবোৰৰ বিলনীয়া বা দেউৰীৰ অভাৱত, উচ্চশিক্ষা নোপোৱা আমাৰ সৰহভাগ মানুহে খাবলৈ নাপাব। অসমত গুৰিডোখৰত গৱৰ্ণমেন্টে ভুল বাটেদি গৈ বঙলা ভাষা চলোৱাত আমাৰ সাহিত্য আৰু ভাষাৰ এটা ডাঙৰ বিঘিনি ঘটিছিল, এই কথা আমি ওপৰত উনুকিয়াই আহিছো। সেই বিঘিনিত পৰি অসমীয়া ভাষা আৰু সাহিত্যই ভেটা পাইছিল, ঢকা খাইছিল আৰু আগবাঢ়িব নোৱাৰি হুইকি পৰিছিল; আৰু সেইবাবে ইংৰাজ অধিকাৰৰ প্ৰায় ৩০।৪০ বছৰ অসমীয়া ভাষা আৰু সাহিত্যৰ পক্ষে বিফলেই গল বুলিব লাগে। সেই বিঘিনি আঁতৰিল যেতিয়া, এই মুকলি ফৰকাল বতৰত আমি সাহিত্যক্ষেত্ৰলৈ সঁচাকৈয়ে একাণপতীয়াকৈ হাল-কোৰ লৈ যোৱা নাই কিয়? যাবৰ তো কেতিয়াবাই হল।
অসম সাহিত্য সভাৰ কৰ্ত্তব্য
অসম সাহিত্য সভাৰ কৰ্ত্তব্য
অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি অসম সাহিত্য সভাৰ কৰ্ত্তব্যৰ বিষয়ে অনেক কথা এই আসনৰপৰা বৰ্ত্তমান সভাপতিৰ পূৰ্ব্বপুৰুষ সকলে কৈ গৈছে। সেইদেখি নতুন আৰু কিবা কবলৈ আজিৰ সভাপতিৰ নাইকিয়াৰ নিচিনাই হল। গতিকে পূৰ্ব্বপুৰুষসকলৰ কথাকে দোহাৰি নকলে উপায় নাই। যথা—পুৰণি পুথি সংগ্ৰহ, পুৰণি পুখি ছপা কৰি উলিওৱা, পুৰণি মুদ্ৰা, পুৰণি মৃত্তি প্ৰভৃতি সংগ্ৰহ আৰু সেইবোৰৰ পৰা পুৰণি কালৰ তথ্য সংগ্ৰহ কৰিবৰ নিমিত্তে উপযুক্ত মানুহৰ নিয়োগ। কোৱা বাহুল্য যে আমাৰ দেশৰ মানুহে, ঘাইকৈ উঠি অহা ডেকাসকলে অসমৰ অতীত ইতিহাসৰ বিষয়ে ভালকৈ জনা উচিত। জাতীয় জীৱনৰ সৌধ নিৰ্মাণ কৰিবলৈ হলে, প্ৰথমতে ভেটি মাটিডোখৰৰ গঢ়-গতি চাই-বুজি লোৱা আৱশ্যক। আগেয়ে আমাৰ নিজৰ কি কি আছিল, এতিয়া কিহৰ কিহৰ অভাৱ, ইত্যাদি জ্ঞানৰ ভেটি ভাললৈ বান্ধি লোৱা নিতান্ত কৰ্ত্তব্য। সেই জ্ঞানৰ ভেটি শকত হলে আজি নহয় কাইলৈ, কাইলৈ নহলে পৰহিলৈ আমি তাৰ ওপৰত আমাৰ ভবিষ্যত জাতীয় জীৱনৰ উন্নত কৰ্ম্ম গাঁথি লব পাৰিম। আমাৰ যে অতীত একেবাৰেই পেলাই দিবলগীয়া এনে নহয়; বৰং একালত সি যে ভাৰতৰ সকলো উন্নত প্ৰদেশৰ নিচিনা বা ততোধিক আছিল, সেইটো জগতৰ আগত দাঙিধৰা, আৰু সেই ভাৰতে অনুপ্ৰাণিত হৈ নিজৰ জাতীয় জীৱন আৰু শকতকৈ গঢ়ি লোৱা, আৰু অতীত আৰু বৰ্ত্তমান এই দুটাৰ মাজত সম্বন্ধ আৰু সাম্য ৰাখি ভবিষ্যতৰ বাটেদি আগবঢ়া আমাৰ প্ৰধান কৰ্ত্তব্য। অতীত ভবিষ্যতৰ ভৰিৰ ভূমি।
এই গুৱাহাটী নগৰত যি “মিউজিয়েম” অৰ্থাৎ যাদুঘৰৰ ভেটি উঠিছে, তাৰে সৈতে এই সাহিত্য-সভাৰ ঘনিষ্ঠ সম্পৰ্ক থকাটো বাঞ্ছনীয়। কটন কলেজত Ancient Indian history and culture অৰ্থাৎ প্ৰাচীন ভাৰতৰ ইতিহাসৰ শিক্ষা-দীক্ষাৰ চৰ্চ্চাৰ, Sanskrit histori - cal lecture অৰ্থাৎ সংস্কৃত সাহিত্যৰ বিষয়ে ঐতিহাসিক বক্তৃতাৰ
যুগুত, আৰু অসমীয়া সাহিত্যত এম-এ পঢ়ুৱাবলৈ যাতে শীঘ্ৰে বন্দবস্ত হয়, তাৰ চেষ্টা কৰা উচিত। অসমৰ হাবিয়ে-বননিয়ে পৰ্বতে-কন্দৰে প্ৰাচীন ইতিহাসৰ অসংখ্য অনাবিস্কৃত উপাদান পৰি আছে, সেইবোৰ উদ্ঘাটিত হলে ভাৰতীয় সভ্যতাৰ প্ৰাচীন ইতিহাসৰ এক অভিনৱ কাণ্ড সাধিত হব। আমাৰ এই সভাৰ সেই ফালেও লক্ষ্য থকাটো উচিত। অসমীয়া ভাষা আৰু সাহিত্যৰ বিষয়ে যাতে দুখন ভাল ইতিহাস লিখিত হয় – অৰ্থাৎ এখন historicai আনখন philolo- gical এই সভাই সেইটোৰো চেষ্টা কৰাটো ভাল বুলি মোৰ মনত খেলায়। বিশেষকৈ দৰ্কাৰ অসমত প্ৰাথমিক শিক্ষা বিস্তাৰ! আমাৰ এই সাহিত্য সভাই সেই কাৰ্য্যৰ অৰ্থে বিশেষকৈ চেষ্টা কৰাটো মই উচিত বিবেচনা কৰো। নিজৰ জাতীয় গৌৰৱৰ বিষয়ে আৰু কেনেকৈ সেই জাতীয় গৌৰৱৰ ৰক্ষা কৰিব পাৰি; কি কি কাৰণত আমি পূৰ্ব্বৰ জাতীয় গৌৰৱৰ অৱস্থাৰপৰা খহি পৰি এই শোচনীয় অৱস্থাত পৰিছোহি, কি কি উপায় অবলম্বন কৰিলে, কোন কোনবোৰ ভুল- ভ্ৰান্তি সংশোধন কৰিলে আমি সেই হেৰোৱা গৌৰৱ পুনৰ লাভ কৰিব পাৰিম ইত্যাদি বিষয় উজুভাৱে সৰ্ব্বসাধাৰণক শিক্ষা দি বুজোৱাটো শিক্ষিত আৰু জনা-বুজাসকলৰ কাম। নিজৰ দেশৰ বস্তুলৈ হেঁপাহ বঢ়োৱা, নিজক নিজে চিনি পোৱা, আৰু নিজক নাপাহৰা, স্বদেশৰ সকলো ভাল বিষয়তে গৌৰৱ অনুভৱ কৰা, নিজৰ ভৰিত ভিৰ দি, আত্মসন্মান, আত্মমৰ্য্যাদা নিখুঁট ৰাখি মানুহ হবলৈ শিকোৱাটো প্ৰাথমিক, মাধ্যমিক আৰু উচ্চশিক্ষাৰ প্ৰধান কাম;- প্ৰাথমিক শিক্ষাৰ ঘাইকৈ; কাৰণ, মনুষ্য জীৱনৰ এইবোৰেই প্ৰথম হয়। শিক্ষা নিজৰ দেশ, স্বভাৱ আৰু অৱস্থানুসাৰে হোৱাটোৱেই স্বভাৱৰ গতি; নোহোৱা- টোৱেহে ব্যতিক্ৰম, বা অতিক্ৰম, বা বিভছ বিক্ৰম। শিশুসাহিত্য গঠনৰ ফালেও এই সভাৰ মনযোগ আকৰ্ষিত হোৱাটা উচিত। শিশুসাহিত্যই
ভবিষ্যত সমাজৰ ধৰণী শিশুক আগলৈ উপযুক্ত ডেকা, বুঢ়া হবৰ অমোঘ মন্ত্ৰ কাণত দি মন্ত্ৰপুত কৰে। নিজৰ দেশৰ গৌৰবজনক কথা, বীৰপুৰুষ- সকলৰ গুণগাথা আৰু বিক্ৰমকাহিনী, সাধুলোকৰ জিতেন্দ্ৰিয়, স্বদেশ- প্ৰিয়তা, অত্যাচাৰ অতিচাৰ পৰিহাৰপৰায়ণতা, পৰোপকাৰ, স্বাৰ্থত্যাগ আৰু সকলোতকৈ ঘাইকৈ ধৰ্ম্মভীৰুতা আৰু সত্যবাদিতাৰ বিষয়বোৰ এই শিশুসাহিত্যৰ মূলবীজ হোৱাটো উচিত।
আসাম সাহিত্য সভাই যদি এনে এদল নিস্বাৰ্থ সাহিত্যসেৱী, পৰোপকাৰী, স্বদেশপ্ৰিয় মানুহ গঠনত সহায় কৰিব পাৰে, যি সকলে অসমৰ ঠায়ে ঠায়ে গাঁৱে গাঁৱে এই সাহিত্য সভাৰ একোখন শাখা সভা, (অৱশ্যে বিনা আড়ম্বৰেৰে,) সংস্থাপন কৰি উপদেশ, আৰ্হি আৰু স্বকৃত কাৰ্য্যেৰ ওপৰত উল্লেখ কৰা মহৎভাব আৰু কাৰ্য্যৰ গুটি সৰ্ব্ব- সাধাৰণৰ মাজত সিচি দিব পাৰে আৰু যাতে সেই সিচা গুটি সৰ্ব্বসাধ- ৰণৰ হৃদয়-ক্ষেত্ৰত অঙ্কুৰিত আৰু বৰ্দ্ধিত হয় তালৈকো ভালকৈ দৃষ্টি ৰাখিব পায়ে, তেন্তে এই সভাই এটা মহৎকাৰ্য সম্পাদন কৰিলে বুলি নিশ্চয় ধৰিব লাগিব।
আৰু এটি ক্ষুদ্ৰ কাৰ্য্য এই সভাৰ তালিকাৰ ভিতৰত সোমাই থাকিলে বেয়া নহব। বিজ্ঞান (Science) সম্বন্ধে, স্বাস্থ্য সম্বন্ধে, উজুকৈ ৰচনা কৰোৱাই যদি সৰ্ব্বসাধাৰণৰ উপযোগী কৰি পুস্তিকা প্ৰচাৰ কাৰ্য্য এই সভাই কৰিব পাৰে তেন্তে বৰ কথা হয়। বঙ্গদেশৰ সাহিত্য-পৰিষদে কৰাৰ দৰে আমাৰ এই সভাইও জনচেৰেক Scien tific terms বোৰ অৰ্থাৎ বৈজ্ঞানিক পৰিভাষাবোৰ আমাৰ ভাষালৈ ভাঙোতে কেনে আকৃতিৰ হব লাগিব, সেইটো থিৰ কৰাই দিব পাৰে সিও এটা লেখৰ কাম হব। অসমীয়া লেখকসকলৰ সাধ্য মতে উৎসাহিত আৰু সহায় কৰাটোও এই সাহিত্য সভাৰ কাৰ্য্যৰ তালি- কাৰ ভিতৰত বুলি মই ভাবো।
পাতনিৰ প্ৰথমতে কৈছিলো যে আপোনাসকলক মই উপদেশ দিবলৈ অহা নাই; এই সভাত মই “গুৰুগিৰি” কৰিবলৈ অহা নাই। কিন্তু আপোনাসকলে এতিয়ামানে ভালকৈ দেখিলে যে মই কলো এক, কৰিলো এক। ওপৰত কোৱা এই বকলা যদি উপদেশ নহয়, আৰু তাৰ চলতে মোৰ “গুৰুগিৰি” ভাও নহয়, তেন্তে সি কি বস্তু তাক বিধাতাপুৰুষে হে জানে। চল পালেই 'বিজ্ঞ সাজি উপদেশৰ বৰষুণ বৰযোৱাটো মানুহৰ ৰোগ। মই যেতিয়া নিজকে এটা মানুহ বুলি ধৰি লৈছো— (অৱশ্যে সেইটোত কাৰো সন্দেহ থাকিলে এই নিঃকিন নিৰুপায় ) — আৰু দেখিছো, আপোনাসকলেও স্বীকাৰ কৰিছে; এনে স্থলত, সুবিধা এৰি দি, উপদেশৰ মহলা নমৰাকৈ থকাটো বিশেষ সংযমৰ কাম। সভাত ঠিয় দি, আৰু তাৰ উপৰি সভাপতিৰ ওখ আসন লভিও যদি উপদেশ দিয়া সোঁচৰা-ব্যাধিয়ে মোক ছুব নোৱাৰাকৈ মই ৰাখিব পাৰিম, তেন্তে মই হয় মহাত্মা গান্ধি, নহয় কিবা বোলেনে- "জগৰা মঙ্গল”। এইবোৰৰ উপৰিও, যদিও মই আপোনাসকলৰ কাণ শুৱনি আৰু সভা শুৱনি কৰি জয়জয়তে সেই কথা কৈছিলো, তথাপি আপোনা সকলে মোৰপৰা উপদেশৰ কিছুমান কথা শুনিবলৈ আশা এৰি বহি আছে বুলি মই কব নোৱাৰো। এনেস্থলত যদি মই উপদেশৰ একে- বাৰেই নিৰামহীয়া খাই বহি থকা নাই, সেইটো আপোনাসকলে যিহকে বিচাৰিছিল, তাকেহে অলপ-অচৰপ পাইছে। সেই দেখি মোৰ পিছৰ কাৰ্য্যই আগৰ কথাৰ প্ৰতিবাদ কৰাৰ বাবে, বোধ কৰো আপোনা সকলৰ ওচৰত মই ক্ষমা নামাগিলেও চলিব।
এই সভাৰ নাম হৈছে সাহিত্য-সতা। সাহিত্যৰ বিষয়ে সাধাৰণ ভাৱে এই সময়লৈকে পোনপটিয়াকৈ একোকে কোৱা হোৱা নাই বুলিব অৰ্থাৎ ধৰক, কংসৰ দেখা-সাক্ষাতেই নাই, অথচ ইফালে কংসবধ ভাওনাৰ ধুমধাম অভিনয়। সেইদেখি সাহিত্যৰ সাধাৰণ লাগে। লক্ষণৰ বিষয়ে আষাৰচেৰেক যি পাৰো ইমানতে কবলৈ চেষ্টা কৰা যাওক।
সাহিত্যৰ সাধাৰণ লক্ষণ
সাহিত্যৰ দুটা অঙ্গ। এটা গদ্য আৰু এটা পদ্য। বাস্তবিকতে দুটা অঙ্গ নুবুলি একেটা অঙ্গৰে দুটা ফাল বুলিলেহে ঠিক কোৱা হব। ইংৰাজীত কবৰ নিচিনা Better half অৰ্থাৎ উত্তমাঙ্গ বুলিলে বোধ- কৰো শুনিবলৈ আপচু নহব। পদ্য মানে কবিত্বৰ আৰু কাব্যৰ কথাহে বুজাইছো। ইউৰোপীয় কাব্য-প্ৰতিভাত, আৰু ভাৰতীয় কাব্য প্ৰতি- ভাতো তিনটা স্মৃতি দেখা যায়। আমাৰ ইংৰাজী শিক্ষিতসকলে ইউৰোপীয় সাহিত্য-চৰ্চ্চা সৰুৰেপৰা কৰি আহিছে। আমাৰ ভিতৰত বৰং এনেকুৱাও অনেক আছে, যি ইংৰাজ কবি চছাৰপৰা টেনিছন, ব্ৰাউনিং আৰু স্বুইনবৰ্ণলৈকে সকলো ইউৰোপীয় কবিৰ কবিতা পঢ়ি ঘাটিঘুটি, গিলি কবিতাৰ ভাবত একেবাৰেই চৈধ্য- অনা য়ুৰোপীয় হৈ আছে; অথচ কালিদাস ভবভূতিৰ নামহে শুনিছে, বা দুশাৰী-চাৰিশাৰীহে পঢ়িছে; আৰু আনবোৰ ভাৰতীয় কবিৰ কাব্য তেওঁলোকৰ পক্ষে “কৰবাৰ কোনোবা”। ভাললৈকে হওক বা বেয়ালৈকে হওক, আমাৰ যেতিয়া এনে অৱস্থা ঘটিছে, তাক অস্বীকাৰ কৰিবৰ উপায় নাই! সেই দেখি আমি য়ুৰোপীয় কবি-প্ৰতিভাৰ স্মৃতি তিনটাৰ কথাকে কওঁ!
য়ুৰোপীয় সাহিত্য
ইউৰোপৰ কাব্য-প্ৰতিভাৰ প্ৰথম সোতা আহিছে গ্ৰীছৰপৰা। দ্বিতীয় সোতা ৰোমৰপৰা। তৃতীয় সোতা কেলটিক্। ভাবৰ নিপুণতা ধীৰ, স্থিৰ, শান্ত বিচাৰ-বিবেকতা গ্ৰীছৰ দান।মহত্ব ৰোমৰ দান। কেল্টিক বান হৈছে :মানুহৰ বিচাৰ-বিবেকতাই শক্তি, সংযম মনুষ্যত্ব আৰু যিটো ধৰিব নোৱাৰে, এনে এটা ইন্দ্ৰিয়াতীত মুক্ত অসীম, শান্ত শিবম্ ৰহস্থময় প্ৰহেলিকাময় বস্তু। এই কেল্টিক প্ৰতিভাৰে সৈতে ভাৰতীয় প্ৰতিভাৰ সাদৃশ্য আছে। এই দানে ভাৰতৰ প্ৰাণৰ বস্তুটিকো য়ুৰোপীয় সাহিত্যৰ কাষ চপাই দিছে। গ্ৰীক প্ৰেৰণাই বস্তুক সুন্দৰ সুঠাম ভঙ্গিমা দি নয়নৰঞ্জন কৰি পূৰ্ণৰূপে প্ৰকাশ কৰে? প্ৰকৃতিৰ প্ৰতিকৃতি চকুৰ আগত দাঙি ধৰে। অৰ্থাৎ ইংৰাজীৰে কবলৈ গলে "Holding mirror up to Nature"। ৰোমৰ ভঙ্গিমাই বস্তুক গধুৰ, গম্ভীৰ, চমু, দৃঢ় আৰু শন্তিপূৰ্ণ কৰি দেখুৱায়। ৰূপৰ সহায়ত অৰূপৰ আভাস দিয়া, ৰূপ-সাগৰত বুৰ মাৰি অৰূপ-ৰতনক তুলি চকামকাকৈ চকুৰ আগত ধৰা, বাক্য মনৰ অগোচৰ এটা অসীম অনিদিষ্ট বস্তুৰ ঐন্দ্ৰ জালিক ভাব প্ৰকট কৰিবৰ প্ৰয়াস; যিটোক মানুহে অন্তৰাত্মাৰেহে ধৰিব ছুব পাৰে, বুদ্ধিৰে নোৱাৰে; অৰ্থাৎ "প্ৰখৰ বুদ্ধি নাপায়ে আসে ফিৰে”—এইটো কেল্টিক। প্ৰাচীন ভাৰতীয় কাব্যত এই ভাবটো সম্যকৰূপে পৰিস্ফুট। অৰ্থ-গৌৰৱত যদিও বাক্য ভৰপুৰ, কিন্তু অৰ্থৰ মাজতে কবিৰ বক্তব্যৰ অশৰীৰী বস্তুটোৰ ওৰ নপৰে। কাব্যক সম্পূৰ্ণ ভৰা সোতা কৰিবৰ হলে, সত্য শিল্প সুন্দৰ আৰু ৰসময় কৰিবৰ হলে, এই তিনিওটা স্মৃতিৰ সঙ্গম আৱশ্যক। য়ুৰোপীয়সকল ভিতৰত ফ্ৰেন্স সাহিত্যত গ্ৰীক প্ৰতিভাৰ সম্যক পৰিস্ফুৰণ। ফ্ৰেন্স জাতিৰ স্বভাব লঘু, আৰু ভাব প্ৰকাশ কৰিবৰ ক্ষমতা অতুলনীয়। সেইবাবে ফ্ৰেন্স ভাষা য়ুৰোপীয়সকলৰ ভিতৰত সন্ধিপত্ৰ আৰু "দলিল দস্তাবিদ্” লেখাত প্ৰায়ে ব্যৱহাৰ হয়। তাত কেল্টিকসূলভ অটলস্পৰ্শিতা আৰু ঐন্দ্ৰজালিকতা নাই। অৱশ্যে ভিক্তৰ হুগো আৰু তেওঁৰ পন্থানুবৰ্ত্তী ফ্ৰেন্স লেখকসকলে এই অভাৱবোৰ অনেক অংশ পূৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও, তথাপি ইংৰাজীত শেক্সপীয়েৰ, ৱৰ্ডছৱৰ্থ, শ্যেলি, কীটছৰ কবিতাৰ ভিতৰত যেনেকৈ এটা সুকীয়া বিশেষত্ব প্ৰহেলিকাময় ভঙ্গিমা আৰু নিগূঢ় ৰসৰ অন্তপ্ৰবাহ আছে, ফ্ৰেন্স কবিসকলৰ ভিতৰত তাৰ অনেকখিনি অভাৱ। ফ্ৰান্সৰ সুব্যক্ত, সুস্পষ্ট, স্বচ্ছ আৰু প্ৰাঞ্জল ভাবেই ফ্ৰেন্স গদ্য সাহিত্যক জগতত অতুলনীয় কৰি তুলিছে। ৰবীন্দ্ৰনাথৰ কবিতা বাদ দি ধৰিলে, বঙ্গীয় কাব্য-সাহিত্যৰো প্ৰায় এনেকুৱা লক্ষণকে দেখা যায়। তুৰীয় বিৰাট আবেগ আৰু ভাবৰ ইন্দ্ৰজাল বঙ্গ-সাহিত্যত নাই : ― আছে প্ৰাঞ্জলতা, নিৰ্ম্মলতা আৰু কোমলতা। অৱশ্যে ৰবীন্দ্ৰনাথৰ কবিতা এই কথাৰ ব্যতিক্ৰম। ৰবীন্দ্ৰনাথৰ কবি- তাত কঠোৰ বুলি বস্তু এটা নাই। তেওঁৰ কল্পনা স্থল জগতৰপৰা উৰি গৈ, নেদেখা, নজনা, নুশুনা দেশত বিহাৰ কৰে। তেওঁৰ exqui sitely refined বীণাৰ তাঁৰ সূক্ষ্ম সুদুৰ "অবাঙ্ মনসগোচৰ”ৰ আঙ্গুলি- বুলনিত বাজি উঠে। তেওঁৰ আকাঙ্ক্ষা আৰু বাক্য ( অন্ততঃ আজি- কালি) এনে :-“আমি চঞ্চল হে সুদূেৰৰ পিয়াসী। দিন চলে যায়, আমি অন্যমনে, তাৰি পথ চেয়ে থাকি বাতায়নে। ওগো সুদূৰ! বিপুল সুদৰ! তুমি যে বাজাও বিপুল বাঁশৰী; কক্ষ আমাৰ, ৰূদ্ধ দুৱাৰ, সে কথা যে যাই পাসৰি।” বঙ্গৰ বিখ্যাত আনজন কবি নাইকেল মধুসুদনৰ কবিতাত ৰোমীয় প্ৰভাব প্ৰকট। যেনে:- “ সমুখ সমৰে পৰি বীৰ চূড়ামণি, বীৰবাহু, চলি যবে গেল যমপুৰে অকালে। কহহে দেবী অমৃতভাষিণী, কোন বীৰবৰে বৰি পঠাইল লঙ্কেশ্বৰ।”
আমাৰ নিজৰ সাহিত্য
কিন্তু কাব্য প্ৰতিভাৰ গ্ৰীক ভঙ্গী আৰু ৰোমীয় ভঙ্গীৰ কথা যে কৈছো, প্ৰাচীন ভাৰতীয় কাব্যপ্ৰতিভাত যে স্বাধীনভাবে অৰ্থাৎ কৰোপৰা ঋণ কৰ্জা নকৰাকৈ সেই দুই ভঙ্গী নাছিল এনে ভাবিলে নচলিব। ভাৰতীয় ৰসাত্মকং বাক্যং প্ৰাচীন সংস্কৃত কাব্যত এই তিনিওটা সদায় স্বতঃস্ফুৰিত। ৯ টা ৰসৰে কবিতাৰ ভৰা সোতা ভাৰতত বৈদিক কালৰেপৰা বৈ আহিছে। বেজাৰৰ কথা হৈছে যে ভাৰতত এই অৱনতিৰ দিনত ভাৰতৰ সন্তান সকলে পাশ্চাত্য “মৃগতৃষ্ণাৰ্ণৱজলত স্নান, পান, আচমন ৰমণ কৰি ওপঙিব লাগিছে, তল যাব লাগিছে, অথচ নিজৰ দেশৰ কৌটী কলীয়া :-
“শান্তচিদানন্দ শুদ্ধ অনন্ত মহিমান্বিত
নিৰ্ম্মল তৰঙ্গচয় হীন।
হেনয় পৰমানন্দ (কবিতাৰ) অমৃত সাগৰে মজি
আচন্ত নকৰে বুদ্ধিক্ষীণ॥
আগতে, চাওক :— ৰোগৰ শক্তি, গ্ৰীছৰ প্ৰাঞ্জলতা, দূৰ বাহিৰত
খেপিয়াই ফুৰিছো, অথচ আমাৰ ঘৰৰ শঙ্কৰ-মাধৱ আৰু কন্দলিসকলৰ
কবিতালৈ হাত মেলা নাই। বোলো মেলা, ভাই, হাত মেলা;
কবিতালৈ হাত মেলা; আৰু ভাবে ভাবে চপোৱা।শ্ৰীশঙ্কৰদেৱৰ
কাব্য-প্ৰতিভাৰ বজ্ৰনিৰ্ঘোষ শক্তিৰ চানেকী চাব নে?
“ঘোৰ মূৰ্ত্তি পৰি নৰসিংহ হৈল বাজ।
মহাত্ৰাসে কম্পৈ দেখি দানৱ সমাজ
তপ্ত সুৱৰ্ণৰ বৰ্ণ জলে চক্ষু দুই।
পৰ্ব্বত সমান কায় আছে স্বৰ্ণ ছুই॥
শৰীৰৰ লোম চন্দ্ৰ সম শুক্ল বৰ্ণ।
তুলি আছে উৰ্দ্ধক স্তবধ দুই কৰ্ণ।
বাইল মুখ যেন গিৰি গহ্বৰ পৰাই।
প্ৰচণ্ড বতাস যেন নিশ্বাস বজাই |
প্ৰকাশয়ে কেশ শিবৰে ৰবিৰ কিৰণ।
একটি কুটিল মুখ বিকট দৰ্শন
লহ লহ কৰে জিহ্বা যেন ক্ষুৰধাৰ।
জলে বাহু শত তীক্ষ্ণ নখে চমংকাৰ।
বহল হৃদয় দীৰ্ঘ গ্ৰীবা কুশ কটি।
জিহ্বা মেলি আছে এই দৰ্শন প্ৰকটী॥
আকৌ চাওঁক :—
|
"দানৱ কৰছে যেবে আছে।
|
দেখি খঙ্গে নৰসিংহ পাছে।
|
বৰ্ণনাৰ প্ৰাঞ্চলতা চাওক :—
"পাছে ত্ৰিনয়ন দিব্য উপবন”— ইত্যাদিত।
আকৌ চাওক—“সৈৰিন্ধ্ৰীৰ সিতো বিচিত্ৰ মন্দিৰ
সূৰ্য্য যেন কৰে কান্তি।
সুবৰ্ণ আসনে ৰঞ্জিত ভাজন
প্ৰকাশে প্ৰদীপ পান্তি
সুবৰ্ণ খাটত বিছাই হংস-তুলি
পুষ্প সিঞ্চি আছে ছানি।
মুৰালি মুকুতা থোপা আৰি চাৰু
চন্দ্ৰাতপ আছে টানি॥
মলয় চন্দন সুগন্ধিত ঘ্ৰাণ
মালতী চম্পা শিৰীষ।
অগুৰু ধুপৰ ধুমে আমোদিত
বাসয় দিশ বিদিশ॥
চৌপাশে পুতলা লেখিছে বাৰত
কৰন্তে আছে সুৰত।
যাক দেখি হোৱে কামী পুৰুষৰ
কাৰন চিত্ৰ উনগত।
হেন মন্দিৰ মধ্যত বন্দী
বসিয়া আছে আসনে।
চৌপাশে বেঢ়িয়া সেৱা কৰিয়াছে
সালঙ্কতা দাসীগণে॥”
বৰ্ণনাৰ প্ৰাঞ্চলতা, শক্তিমতা, ওজস্বীতা আৰু তাত গভীৰ অধ্যাতিক ভাবৰ সংমিশ্ৰণতাৰ নমুনা এটা চাওক :- বাৰিষাৰ বৰ্ণনা :-
বিবিধ মণ্ডলে হৰে সূৰ্য্যৰ প্ৰকাশ।
তাৰ ৰশ্মি চিকিমিকি কৰয় আকাশ
বহে খৰ্ব্ব বায়ু, অশুনয় নাত বোল।
গগনক ঢাকি মহা মেঘৰ আন্দোল॥
ঘনে ঘনে দেয় অতি বিজুলি চমক।
লাগে তিৰিমিৰি আসি চকুত জনক॥
নাকলয় চন্দ্ৰ সূৰ্য্য জ্যোতি তাৰাগণ।
যেন জীৱআত্মা শৰীৰত ভৈল ছন।
আঠমাস নিলে শুষি পৃথিবীৰ সহ।
দুনাই সূৰ্য্যে এৰি দেহ বাৰিষা কালত |
বিদ্যুত সঞ্চাৰ চণ্ড বাতাস চঞ্চল।
নিৰন্তৰে মেৰ সবে বৰিষিল জল॥
খাল বাম ভৰি ভূমি ভাগি ৰৱে জান।
যেন মহা মহন্তে দুঃখীক দিলে দান॥
গ্ৰীষ্মত আছিল শুকাই বৌদ্ধ তাপ সহি।
বৃষ্টিজল পাই দুনাই পুষ্ট ভৈল মহী॥
তপ উপবাসে যেন শৰীৰ শুকায়।
পুনঃ ভোগ ভুঞ্জিলে পূৰ্ব্বৰ কান্তি পায়।
জুই আঙনি জলি অতি বাৰিষা নিশাত।
নকৰে নক্ষত্ৰে তাত প্ৰকাশ সাক্ষাৎ॥
যেন কলিযুগে বেদশাস্ত্ৰ হোৱে ছন!
প্ৰকাশে পাষণ্ড শুনে তাৰে সে বচন।
নাদ শুনি মেঘৰ বেডৰ বোল চৰে।
গুৰু পাঠ দিলে যেন শিষ্যে পাছে পঢ়ে
নহয় বিপথে অতি ক্ষুদ্ৰ নদী যত।
কৰে অকাৰ্য্যকো যেন ধনৰ গৰ্ব্বত।
বৃষ্টিজল পাই শষ্য কৰে হল ফল।
দেখি কৃষকৰ মনে মহা কৌতূহল।
শুকাই পৰে পানী পুনঃ মনত অসুখ।
দৈবাধীন নজানিলে মিলে মহাদুখ॥
হই নদী সব সমে সঙ্গম সাগৰ।
কৰিল কহ্লোল মহা উৰ্মি ভয়ঙ্কৰ।
যেন যিটো যোগীৰ অগুচে কামকষ্ট।
বিষয়ক পাইলে পুনৰপি হোৱে ভ্ৰষ্ট।
যদ্যপি মূষলধাৰে মেঘ বৰষিল।
তথাপি পৰ্ব্বতে পীড়া কিছু নাজানিল।
যি জনৰ মন ভৈল কৃষ্ণত প্ৰবেশ।
তাক যেন লঙ্ঘিব নোৱাৰে দুঃখ ক্লেশ॥
তৃণে ঢাকিলেক পথ সব ভৈল ছন্ন।
নকৰিলে লোকে আৰু গমনাগমন॥
নপঢ়িয়া দ্বিজে যেন ত্যজিল অভ্যাস।
পাসৰিল সব বেদ পথ ভৈল নাশ॥
লোকৰ সুহৃদ মেঘ সব মহা ধীৰ।
চঞ্চল বিজলী ছটা তাতো নহে থিৰ।
যেন মহা গুণৱন্ত পুৰুষক পাই।
তথাপিতো বেশ্যাৰ বুদ্ধিৰ থিৰ নাই॥
পঞ্চ বৰ্ণে ৰচিত ইন্দ্ৰ বহু।
গুণৱন্তে মেঘত প্ৰকাশে পুনু পুনু
যেন তিনি গুণময় জগত যতেক
নিৰ্গুণ পুৰুষ তাত প্ৰকাশে প্ৰত্যেক।
চন্দ্ৰ জ্যোতি প্ৰকাশিত যিটো মেঘগণ।
নজলন্ত চন্দ্ৰ সেই মেঘে হুই ছন॥
যেন যিটো চৈতন্যে প্ৰকাশে অহঙ্কাৰ।
সেই অহঙ্কাৰে তাকে জ্যোতি জীবাত্মাৰ "
এনেকুৱা আৰু ইয়াতকৈও প্ৰাঞ্জল ওজস্বী আৰু গভীৰ ভাবাত্মক হেজাৰ হেজাৰ কবিতা এই মহাপুৰুষ কবিসকলৰ ৰচনাৰপৰা তুলি দেখুৱাই দি ওৰ পেলাব নোৱাৰি।
ওপৰত কৈ আহিছো যে জাতীয় জীৱন আৰু জাতীয় সাহিত্য এই দুটাৰ অবিচ্ছেদ্য সম্বন্ধ। জাতীয় সাহিত্য জাতীয় জীৱনৰ প্ৰতিধ্বনি মাথোন। জাতীৰ জীৱন যদি সংকীৰ্ণ হল, জাতীয় সাহিত্যইও সেই সঙ্কীৰ্ণতাৰ হাত সাৰিব নোৱাৰে। যি জাতিৰ জীৱন মুক্ত আৰু স্বাধীন, সেই জাতিৰ সাহিত্যৰো মুক্ত, স্বাধীন আৰু অব্যাহত গতি। সেই সাহিত্যই নিৰ্ভয়ে নিশঙ্কোচে কল্পনা আৰু ভাৱৰ ৰাজ্যত স্বচ্ছন্দে বিচৰণ কৰিব পাৰে, সি কোনো কালে কদাপিও বিদেশী বিজাতিৰে সৈতে ভাব আৰু কল্পনাৰ আদান-প্ৰদানত, নিজৰ অস্তিত্ব হেৰুৱাবৰ ভয় কৰি নিজক সংকুচিত কৰি নুফুৰে। পুখুৰীৰ বন্ধ পানীহে অশুদ্ধ, অশুচি, কলুষিত হয়; অৰু অশুদ্ধ হবৰ ভয়ত পুখুৰীৰ গৰাকী সদায় সন্ত্ৰস্ত সতৰ্ক থাকিবৰ আৱ্যক হয়। নৈৰ সোঁত বলা পানীত সেই 'বালাই' নাই।তাত হাজাৰ মলি, হাজাৰ আবৰ্জনা পৰক, তথাপি সি অশুচি, অস্পৃশ্য বা কলুষিত নহয়। পৰাধীন জাতিৰ সাহিত্যক সেই দেখি সততে শুচিবায়ু বা ৰোগগ্ৰস্ত দেখা যায়, তাৰ সততে ভয়, পাছে বিদেশী ভাষাৰ সংস্পৰ্শত সি কলঙ্কিত আৰু অশুচি হৈ নিজৰ পৈতৃক প্ৰাণটি হেৰুৱায়। আজিকালি পৰাধীন জাতি আমি। আমাৰ সাহিত্য আৰু ভাষাতো সেইদেখি এই কথাই। বৈষ্ণৱ যুগৰ অসমীয়া ভাষা আৰু অসমীয়া সাহিত্য মুক্ত আৰু স্বাধীন অসমৰ ভাষা আৰু সাহিত্য আছিল; সেইদেখি সেই ভাষা সেই সাহিত্যই দেশে-বিদেশে মুকলি মনেৰে বুকু ফিন্দাই পাখি মুকলি কৰি ফুৰিছিল। সেই ভাষা সেই সাহিত্যই সন্দেহ সঙ্কোচ কাক বোলে নাজানিছিল। সেইদেখি শঙ্কৰদেৱ মাধৱ- দেৱৰ সাহিত্য আৰু ভাষাত হিন্দী ব্ৰজাৱলী, আৰবী, ফাৰ্ছী কথাৰ সমাগম। সেইটো তেওঁলোকৰ স্বাধীন গতিৰ প্ৰেৰণা, আনন্দৰ অৱ- গাহন, আৰু luxury অৰ্থাৎ বিলাসৰ সামগ্ৰী আছিল। তেওঁলোকৰ মনত কদাপিও নেখেলাইছিল, যে বিদেশীৰ “নিশ্বাসাং সংস্পৰ্শাং সহভোজনাং” তেওঁলোকৰ স্বাধীন stalwart and strong অৰ্থাৎ “মজবুত আৰু জোৱান” ভাষাৰ জাত যাব পাৰে। আজিৰ স্বাধীন ইংৰাজ জাতিৰ ইংৰাজী ভাষালৈ চকু দিলেই এই কথাৰ যথাৰ্থতা বুজিব পাৰি। স্বাধীন মুক্ত তেওঁলোকে দেশে বিদেশে বুকু ফিন্দাই দমদমাই ফুৰিছে; যতে কোনো বস্তু ভাল দেখিছে, যতে কোনো শব্দ, কোনো বাক্য, কোনো ভাব তেওঁলোকৰ মনখোৱা হৈছে তাকে আনি তেওঁলোকে নিজ ইচ্ছামতে কেতিয়াবা গোটে-গোটে, কেতিয়াবা কাটি- ছিঙি, কেতিয়াবা ”ৰোষ্ট” কৰি, কেতিয়াবা বা আৰ্দসিজাকৈয়ে গিলিছে; কাৰণ তেওঁলোক মুক্ত, স্বাধীন। কাৰ্য্যপৰম্পৰা বা কাৰ্য্য প্ৰণালীয়ে তেওঁলোকৰ ভাষা আৰু সাহিত্যক অজীৰ্ণ-ৰোগীয়া কৰিবৰ ভয় নাই। মুকলি আকাশ মুকলি বতাহৰ তলত মুকলিমূৰীয়া তেওঁলোকৰ ভোজন ভীমসেনৰ ভোজন; শয়ন কৃতকৰ্ণৰ শয়ন গমন — গজেন্দ্ৰ গমন; লম্ফন — হনুমন্তৰ লক্ষন; গৰ্জন—ব্যাঘ্ৰৰ গৰ্জ্জন : – অথচ জাগৰণ সজাগ “বুলডগৰ” জাগৰণ। তেওঁলোকৰ ধেমালি-খিকিন্দালি লৰা- ছোৱালীৰ ধেমালিৰ-খিকিন্দালি; ৰং-তামাচা চ'তৰ বিহুৰ ওপৰৰ খাপৰ; খং ৰিং জানিবা গোনা মহৰহে জোঙা শিং। কিন্তু পৰাধীন অগ্নিমন্দ ৰোগী আমি, আমাৰ ভোগৰ ঠাইত “ডিছপেছিয়া”; টোপনিৰ ঠাইত ‘ইনছমনিয়া' : ভোজনৰ বাটিত মাটি কাদুৰি; পাতৰ দাতিত লাই-জাবৰি; ধেমালি-খিকিন্দালিৰ ঠাইত খোৱা-কামোৰা, ৰং- তামাচাৰ ঠাইত দন-খৰিয়াল আৰু কন্দা-কটা, আৰু হাঁহি-কিৰিলিৰ ঠাইত গোমোঠা মুখ। পৰমব্ৰহ্ম পৰমেশ্বৰ স্বৰাট, বিশুদ্ধ, বিমুক্ত। যি সেই পৰমব্ৰহ্ম পৰমেশ্বৰক নিজৰ হৃদয়ত সততে অনুভৱ কৰিছে; যি ধৰ্ম্ম সম্পূৰ্ণৰূপে সেই পৰমব্ৰহ্মমুখী, সেই মানুহ, সেই ধৰ্ম্ম কেতিয়াও সংকীৰ্ণ হব নোৱাৰে। যাৰ হৃদয়ত ব্ৰহ্মবস্তু কোঁচখাই অকণমানি হৈছে, তাৰেইহে সদায় বাহিৰৰ আচাৰ, বিচাৰ, অনুষ্ঠান, নিয়ম-কাৰণত তীব্ৰ চকু;—মহাভয়, পাছে তাৰ অকণমান সজাটিত থকা এখুদমান টিপচী ব্ৰহ্ম-চৰাইটিক কৰবাৰ পৰা আহি চেলাই কামুৰি মাৰি থয়। জাতিয়ে ব্ৰহ্মৰ অনন্ত অসীম সত্তা পাহৰিছে, সেই জাতিৰ হে এনে বিভীষিকা। সাহিত্যৰ বিষয়তো এনেকুৱা কথাই।
এইবোৰ যি হওক, আজি যদিও আমি পৰাধীন জাতি, যদিও আমাৰ ভাব, ভাষা, সাহিত্য তাৰ ফলত সংকীৰ্ণ হোৱাটো স্বাভাবিক হৈ পৰিছে, তথাপি আমি এতিয়া মূৰে-কপালে হাত দি বেজাৰকৈ হাত সাবটি বহি থকাটো উচিত নহয়! আমি এতিয়া প্ৰাণপণে চেষ্টা কৰিব লাগিব, আমাৰ সাহিত্যক আকৌ গঢ়ি তুলিবলৈ, আকৌ যাতে তাৰ সুৰ বিশ্ব সাহিত্যৰ সুৰেৰে সৈতে মিলি যায়। আমাৰ শৰীৰটো যদিও দাসৰ শৰীৰ, কিন্তু অন্তৰত স্বৰাট ব্ৰহ্মবস্তু আছে। সেই ব্ৰহ্মক সঙ্কীৰ্ণ নকৰি আৰু প্ৰদীপ্ত কৰি ৰাখি চলিব। কৰ্ণই কবৰ নিচিনাকৈ আমিও বীৰদৰ্পেৰে কব পাৰিব লাগিব—
“সুতোহহং সুত পুত্ৰো হহং যো বা কো বা ভবাম্যহং।
দৈবায়ত্তঃ কুলে জাতো মমায়ত্ত তু পৌৰুষং॥”
“সাহিত্যত পৰিবৰ্ত্তন অৱশ্যে লাগে। নালাগে বুলিলেও পৰিবৰ্ত্তন আহিবই আহিব। সেইবুলি, দেখা দৰ্কাৰ যে সেই পৰিবৰ্ত্তনত ভাষাৰ আৰু সাহিত্যৰ প্ৰাণটো নাযায়। সাহিত্যৰ যিটো নিজৰ অন্তৰাত্মা, নিজৰ স্বধৰ্ম্ম, তাৰ পিঠিৰ ওপৰত পৰধৰ্ম্মৰ গন্ধমাদন পৰ্ব্বত তুলি দিলে, তাক চেপি মৰা হব মাথোন। এইটো ধুৰূপ যে জগতত এনে জাতি নাই, যি জন্মৰপৰা আজিলৈকে নিজৰ ৰক্ত বিশুদ্ধ আৰু অবিমিশ্ৰ কৰি ৰাখিব পাৰিছে। বৰ্ণ-শঙ্কৰৰ ভয়ত আমাৰ শাস্ত্ৰকাৰসকল সশঙ্কিত, কিন্তু এইটোও ঠিক যে, বৰ্ণশঙ্কৰেই নতুন নতুন সবল জাতি সৃষ্টিৰ গুৰি। সেইদেখি কোনো এটা জাতিৰ বিশুদ্ধতা বিচৰাটো যেনেকৈ পৰ্ব্বতত কাচকণী বিচৰা, কোনো এটা ভাষা আৰু সাহিত্যতো বিশুদ্ধতা বিচৰাটো তেনে কথা। বহুতৰ ভ্ৰম ধাৰণা আছে, যে বৈদিক সংস্কৃত ভাষা আৰু সাহিত্য, বিশুদ্ধ, অবিমিশ্ৰ। সংস্কৃত ভাষাৰ যেতিয়া পয়োভৰ অৱস্থা, যেতিয়া তাৰ জীৱনী শক্তিয়ে ভাৰতৰ ধমনীত প্ৰৱল ৰক্তপ্ৰবাহ চলাইছিল, তেতিয়া সি ক'ত শত অনাৰ্য্য আৰু যাবনিক মাত কথাক উদৰস্থ কৰি নিজে নিপোটলটো হৈছিল; ভাষাৰ তুলনামূলক সমালোচনা কৰোতাসকলে সেই কথাৰ অনেক সম্ভেদ পাইছে। ব্ৰাহ্মণৰ অস্পৃশ্য ম্লেছৰ কত শব্দই কৃত তদ্ধিতৰ উত্তৰীয় বস্তু গাত লৈ: অনুস্বাৰৰ টিকনি পিন্ধি, বিসৰ্গৰ কাহ কাহি ভগৱৎ ভট্টাৰক ভট্টাচাৰ্যাৰ দৰে চিনিব নোৱাৰা হৈ ব্ৰাহ্মণৰ মন্ত্ৰৰ মাজত সোমাই, শিৰ-ফুটা আৰ্য্যশব্দৰে সৈতে সমানে শাৰী মাৰি, যজ্ঞ-তোমাৰ বৰভাওনা আজিলৈকে চাই কৰিছে, কেইজন নৈষ্ঠিক পণ্ডিত ব্ৰাহ্মণে তাৰ ভু ৰাখিছে, বা সেইবোৰ চোৰক ধৰিব পাৰিছে? এইটো আমি স্পষ্টকৈ দেখিবলৈ পাওঁ যে যি সাহিত্যই যি ভাষাই নিজক সঙ্কুচিত নকৰি গাৰ চাৰিউফালে দুতৰপীয়াকৈ গাধৈৰ চকোৱা নিদি চলিছে সেই ভাষা সেই সাহিত্য বৃদ্ধি প্ৰাপ্ত হৈছে; আৰু যি তাৰ ওলোটা বাটে চলিছে, সি নিধন প্ৰাপ্ত হৈছে। একালে ইংৰাজী ভাষা আৰু সাহিত্য আৰু আনফালে শেহডোখৰৰ সংস্কৃত, লেটিন গ্ৰীক ভাষালৈ চালেই এই কথা বোধগম্য হয়। প্ৰথম যুগৰ ইংৰাজী সাহিত্যৰ গুৰি “চছৰ”। তেওঁৰ অন্তৰৰ সাহিত্যৰ বন্তিগছ ফ্ৰান্স আৰু ইটালীৰ জুইৰে জগাইছিল। এলিজাবেথৰ যুগৰ ইংৰাজী সাহিত্যিকসকলৰ জিয়াচলিৰ কাঠী আহিছিল নানা দেশ নানা জাতিৰপৰা, আৰু ঘাইকৈ ইটালিৰপৰা। ৱৰ্দছৱৰ্থে তেওঁৰ যুগ আৰম্ভ কৰে প্ৰথমতে জুমুধিত ফ্ৰান্সৰ আৰু তাৰ পিছত জাৰ্মানীৰ আঙঠা ভৰাই। আজিকালি ইংৰাজী সাহিত্যৰ ঘাই প্ৰবৰ্তকসকলে জিয়াচলিৰ কাঠী গোটাইছিল, আৰু গোটাইছে, ইটালী, ফ্ৰান্স, স্কেণ্ডিনেভিয়া, ৰুচিয়া, জাপান, আন কি ভাৰতবৰ্ষৰপৰাও। বৰ্ত্তমান কালৰ বঙ্গসাহিত্যতো দেখা গৈছে, তিনটি নতুন জীৱনৰ সোতা চাৰিজন পুৰুষে বোৱাই বঙ্গভাষা আৰু সাহিত্যৰ পুষ্টিসাধন কৰিছে। প্ৰথমতে ৰামমোহন ৰায়, দ্বিতীয়তে মাইকেল মধুদন দত্ত আৰু বঙ্কিমচন্দ্ৰ চাটুজ্জী; তৃতীয়তে ডাক্তৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ। এই চাৰিজনেই বিদেশী সাহিত্যৰপৰা নতুন গঢ় আনি বঙ্গভাষা আৰু সাহিত্যক নতুন অলঙ্কাৰেৰে বিভূষিত কৰি, ঘৰৰ চুকৰ- পৰা উলিয়াই আনি জগতৰ সাহিত্যৰ মহাসভাত বহুৱাইছেহি। ঢুকতে চেপেটা লাগি থকা বঙ্গসাহিত্য-বোৱাৰীৰ নিমিত্তে ৰামমোহনে দুৱাৰ চুকৰ পোলাৰ গাঠি কাটি দিলে। ককালে-পেটে-লাগি থকা বোৱাৰীক মধুসূদনে আৰু বঙ্কিমে আতৌপুতৌকৈ মাতি বুলি বাহিৰলৈ উলিয়াই আনি, মাছ-ভাত থুৱাই এনে শক্তিমতী কৰি দিলে যে সেই বোৱাৰীয়ে নেপুৰ পিন্ধি আনন্দৰ গীত গাই ব্ৰজত যে নাচিব পৰা হলেই, ইন্দ্ৰজিতৰ প্ৰমীলাৰদৰে ঘোঁৰাত উঠি ঢাল তৰোৱাল লৈ ভীমাৰূপ ধৰি প্ৰচণ্ড বেগেৰে যুদ্ধ-ক্ষেত্ৰত যুজিৱ পৰাও হল। ৰবীন্দ্ৰনাথে সেই বীৰাঙ্গনাক ঘোঁৰাৰপৰা নমাই আনি, ঢাল-তৰোৱাল হাতৰপৰা থোৱাই সৰস্বতীৰ পদ্মাসনত বহুৱাই, তেওঁৰ ভৰিত ফুল-চন্দন আৰু হাতত মধুৰ বীণ যেনেকৈ দিছে, “বৈঠকখানালৈকো” আহ্বান কৰি আনি আগত "পিয়ানো" "হাৰমনিয়ম "দি "চফা” “কৌচতা" তেনেকৈ বহুৱাইছে। এনে দিনত আমিও বহি থাকিলে নচলিব। বাহিৰৰপৰা আমিও জিয়াচলিৰ কাঠী আনিব লাগিব। তাকে নকৰিলে, ভাত- চৰুৰ তলত জাল দিবলৈ বহি, জুইৰ অভাৱত একাদশীৰে সৈতে কথা- বাৰ্তা কৈয়েই যে দীঘল ৰাতিটো কটাব লগীয়া হমহঁক সেইটো ধুৰূপ।
সাহিত্য, ঘাইকৈ কাব্য-সাহিত্য এক বিশাল বিপুল বস্তু। কাব্য- সাহিত্যই দুই পাখি মেলি অনন্ত অসীমক আকোৱালি ধৰে “ভূমৈব সুখমল্লে নাস্তি।” ই ভূষাক অৰ্থাৎ অলপৰ বিপৰীতক, মুক্তিক, সুন্দৰক আৰু শক্তিক আশ্ৰয় কৰে। সেই দেখি কবিত্বৰ ঘাই কথা হৈছে, সকলো সঙ্কীৰ্ণতাৰ পৰা সৰ্ব্বতোভাৱে মুক্ত হোৱাটো। কবিৰ ভাব বিশ্বভাব; যি ভাবক জাতিবৰ্ণনিব্বিশেষে নিজৰ বস্তু বুলি সকলোৱে উপভোগ কৰে। অৱশ্যে সেই কবি যি দেশৰ মানুহ, সেই দেশৰ আচাৰ, ব্যৱহাৰ, ভাব, ভাষা, ভঙ্গী তেওঁৰ কবিতাৰ ৰচনাত তেওঁৰ সহায়ক হবই লাগিব। কিন্তু সেই বিশেষত্ববোৰ প্ৰতিবন্ধক নহয়। বিশেষত্বৰ মাজেদিয়েই কবিয়ে নিখিল বিশ্বভাবক প্ৰকাশ কৰে, চিৰন্তন সত্যক চিৰনবীন কৰি দেখুৱায়। দেশ কালৰ ভিতৰৰ বস্তুৰ মাজেদি গৈয়েই কবিয়ে বিশ্বক স্পৰ্ণ কৰে। অলপৰ ভিতৰতে ভূমাৰ আভাস দিয়ে; অনন্ত অসীমক সীমাবদ্ধ শান্ত কৰি দেখুৱাইও তাতে অন্য অসীম মহানৰ ইঙ্গিত আভাস প্ৰকট কৰি তোলে; ভাৰ্জিলে ৰোমৰ বিষয়ে নানা ঘটনাৰ কথা লেখিচে, ডান্তেয়ে স্বৰ্গ নৰকৰ বৰ্ণনা কৰিছে; মিণ্টনে খৃষ্টান ধৰ্ম্ম সম্পৰ্কীয় স্বৰ্গচ্যুতিৰ কথা লেখিছে; কালিদাসে দুস্মন্ত শকুন্তলাৰ প্ৰেমৰ ঘটনা এটাৰ কথা কৈছে; কাড় খাই মৰা কৰ্চন চৰাই এজোৰৰ এটাৰ কথা একাষাৰ বাল্মিকীয়ে কৈছে; - সকলোবোৰেই নিজৰ ভাষাত, নিজস্ব সংস্কাৰ অনুসাৰে এই কথাবোৰ কৈছে। কিন্তু বিশ্বমানৱে সেইবোৰ কথাত প্ৰাণৰ কথাৰ সম্ভেদ পায়। এওঁলোকৰ ৰচনাত বিভিন্ন দেশ-কাল-পাত্ৰ আমাৰ আগৰপৰা নাইকিয়া হৈ যায়। থাকে মাথোন বিশ্বমানৱৰ প্ৰাণৰ আকাৰ-ইঙ্গিত। ছাজাহান বাদশাহৰ জীয়েক জাহানাৰাই “বোৰ্খাৰে” অৰ্থাৎ ফি ফিৰীয়া কাপোৰৰ ওৰণিৰে মুখখন ঢাকি, গোলাপৰ বাগিচাত সোমাইছিল। পাৰস্যদেশৰ পৰা দুখীয়া কবি চাদি জীৱিকাৰ অৰ্থে ছাহজাহানৰ আশ্ৰয় বিচাৰি আহিছিল। তেওঁৰ কবিতাৰ শক্তি পৰীক্ষা কৰিবৰ নিমিত্তে, এজন অমাত্যই জাহানাৰাক দেখুৱাই সেই কথাটোকে কবিতা কৰি কবলৈ চাদিক কলে; চাদিয়ে ততালিকে একাকি উৰ্দু কবিতাৰে সেইটো বৰ্ণালে, যাৰ মানে—জাহানাৰা মুখখন ইমান delicate ইমান fine অৰ্থাৎ ইমান কোমল, যে তেওঁৰ বাগিচাত ফুলা গোলাপৰ গোন্ধ তেওঁৰ মুখ ঢকা পাতল কাপোৰখনে ঢাকি নিদিলে তেওঁ সহ্য কৰিব নোৱাৰে। এটা উৰ্দু কবিতাত আছে : - প্ৰণয়িণীৰ প্ৰিয়তম বিদেশত। প্ৰিয়তমক দেখিবলৈ বাট চাই থাকোঁতে থাকোঁতে প্ৰণয়িণীয়ে ওচৰতে কাউৰী এটা দেখি, কাউৰীটোক সম্বোধন কৰি কৈছে “হেৰ কাউৰি! তই মোৰ ওচৰলৈ কিয় আহিছ মই জানিছো, মোৰ মৃত্যুকাল সন্নিকট। তই মোৰ মৰা-শটো খাবলৈ আহিছ। খা, মোৰ শৰীৰৰ সকলো মঙহ টানি টানি খা। কিন্তু তোক কাবৌকৈ মাতিছো, মোৰ এটি মিনতি ৰাখিবি : মোৰ সেই মেল খাই থকা চকু দুটি তই নেখাবি, কাৰণ মোৰ প্ৰিয়তন উভতি আহিলে, সেই দুটিয়ে তেওঁক এবাৰ আকৌ প্ৰাণভৰি দেখিবলৈ পাব।” আৰু এটা উৰ্দু কবিতাত এজন কবিয়ে তেওঁক বেঁকাকৈ কটাক্ষ কৰি চাই যোৱা এজনী সুন্দৰীক কৈছে— “হেৰা সুন্দৰি! তুমি তোমাৰ নয়নৰ কাড় এইদৰে বেঁকাকৈ মোৰ হৃদয়ত হানি মোক ইমান যন্ত্ৰণা দিলা কিয়? পোনে পোনেই যদি সেই কাঁড় মাৰিলাহেতেন তেন্তে সি মোৰ হিয়া সৰকি গলহেতেন, মই মৰি গলোহেতেন। তেতিয়া তোমাৰ কাঁড়ে বিন্ধাৰ যন্ত্ৰণা সহা কৰিবলৈ নেপালোহেতেন। বেঁকাকৈ মৰা বাবে, সেই কাড় মোৰ বুকুৰপৰা ওলাই যাব পৰা নাই। সেইদেখি মইও মৰিব নোৱাৰি তাৰ যন্ত্ৰণাত চট্ফট কৰিব লাগিছো। আৰু এজন উৰ্দু, কবিয়ে লেখিছে— “মই মোৰ প্ৰিয়তমক বিচাৰি জগতত ক'ত ঘূৰিলো, ক'ত ফুৰিলো!
শেহত নাপাই ভাগৰি যেতিয়া ঘৰলৈ আহিলো: দেখো মোৰ সেই বুকুৰ ধন প্ৰিয়তমে মোৰ চোতালতে উমলিব লাগিছে।” এই কবি জনে যদিও বিশেষ একোটি বস্তুৰ বিষয়ে তেওঁলোকৰ কথা কৈছে, তথাপি সেই কথা বিশ্বমানৱৰ হৃদয়-তন্ত্ৰীত বাজি উঠিছে।
সাহিত্যৰ অৱস্থা
মানুহৰ যেনেকৈ জীৱনৰ দুটা অৱস্থা, সাহিত্যৰো তেনে; কায়িক আৰু আধ্যাত্মিক। কোনো এটা জাতিৰ শৈশৱকালৰ সাহিত্য কায়িক, আৰু বয়সিয়াল অৱস্থাৰ সাহিত্য আধ্যাত্মিক বা আন্তৰ্দৃষ্টিক। বেলাড ( Ballad ) সাধুকথা প্ৰভৃতি প্ৰথম অৱস্থাৰ সাহিত্য। প্ৰকৃতিৰ সৌন্দৰ্য্য, জীৱনৰ হাঁহি কান্দোন ইত্যাদি প্ৰথম ডোখৰৰ উপাদান। অন্তৰ্দৃষ্টি, ৰসসৃষ্টি, ৰসোপলব্ধি আৰু অন্তৰৰ ভাৱ সৌন্দৰ্য্য- মণ্ডিত কৰি প্ৰকাশ, বিশালতা, বিপুলতা, সত্যশিবসুন্দৰৰ প্ৰতি ব্যাকুলতা, দ্বিতীয় অৱস্থাৰ লক্ষ্মণ। বৈদিক ঋষিসকল, ব্যাস, বাল্মিকী ডান্তে, হোমাৰ, ছেক্মপীয়েৰ, মিন্টন, কালিদাস এই দ্বিতীয় অৱস্থাৰ প্ৰতিভূ। এই অৱস্থা প্ৰথম প্ৰাণৰ আবেগৰ অধীন নহয়। ওখ পৰ্ব্বত ইয়াত নাই। শৰীৰ প্ৰাণ মন বাহিৰৰ বস্তু। আত্মাই হে একমাথোন অন্তৰৰ বস্তু। সাৰ্ব্বভৌমিক সাৰ্ব্বজনিক সাহিত্য অকল প্ৰাণৰ আবেগ বা চিন্তাৰ প্ৰৱাহ, বা মাথোন ইন্দ্ৰিয়ৰ অনুভূতিৰ বস্তুৱেই নহয়। সেই সাহিত্য দিব্যদৃষ্টিৰ সৃষ্টি। দিব্যদৃষ্টিয়েহে সত্য শিল্পক সুন্দৰকৈ দেখিব আৰু দেখুৱাব পাৰে। অৱশ্যে এই সাহিত্যৰ নিমিত্তে যে শৰীৰ প্ৰাণ মনক একেবাৰেই আওহেলাকৈ থব লাগিব, এনে, নহয়; শৰীৰ প্ৰাণ মনক আন এজোৰ চকুৰে চাব লাগিব, সেই জোৰ দিব্যচকু। সেই চকুৰে তাত অনন্তৰ ভাব আৰু প্ৰেমময়ৰ প্ৰেমৰ প্ৰেৰণা দেখুৱাব আৰু তেতিয়াহে সেই সাহিত্যত বিশ্বৰ মহাপ্ৰাণৰ মহানন্দৰ মহোৎসৱ সম্পাদিত হব। আজিকালি লেখা পঢ়া শিকা বা শিকিবলৈ যোৱা ডেকাসকলৰ ভিতৰত কবিতা বুলি পদ্য লেখা বায়ু, বৰকৈ উঠিছে যেন দেখা যায়। এই বক্তাৰ ক্ষুদ্ৰ মাহেকীয়া কাকত এখন আছে; আৰু সেই কথাটো আপোনালোকে জানে বুলিয়েই ধৰি লৈছো। কিন্তু নাজানে যদি বক্তাক ক্ষমা কৰিব। এই বক্তাৰ গাত সেই কাকতৰ সম্পাদকৰ চিন- ছাব থকাৰ নিমিত্তে, লেখাৰুসকলৰ পৰা কবিতাৰ নামত চলাব খোজা ইমান পদ্য প্ৰৱন্ধ বা অপ্ৰবন্ধ আহে যে তাক কি কম। পুৱা তেওঁ তেওঁৰ ডাক মেলিলেই এবুৰি-আদবুৰি তেনে বস্তুক তেওঁ "মুলাকাৎ” দিব লগীয়াত পৰে। একো একো দিনা এনে কাৰ্যাৰ বঢ়াবঢ়ি ইমান হয়, যে বেজাইৰ কথা হৈ উঠেগৈ। মই কোৱা বিধৰ “কবি” আশা কৰো এই সভাত নাই; কিন্তু আছে যদি, তেওঁ হয়তো মনে মনে বিদ্ৰোহী হৈ কৈছে, “ই: আমি লেখাবোৰ কবিতা নহয়; এওঁ লেখা- বোৰহে কবিতা।” মই ধৰি লোৱা সেই গুপ্ত বিদ্ৰোহীজনক ইয়াকে কওঁ যে মই নিশ্চয় কবিতা লেখিব নাজানো, কিন্তু লেখিব নেজানি- লেও কবিতাৰ সোৱাদ পোৱাৰ ক্ষমতা ফেৰি অলপ-অচৰপ মোৰ গাত আছে বুলি স্বীকাৰ কৰিবলৈ মোৰ সাহ আছে। জেলেপী প্ৰস্তুত কৰিব নাজানিলেও, লোকে প্ৰস্তুত কৰি দিয়া জেলেপীৰ সোৱাদ পাওঁ দেওঁহে। অৱশ্যে উঠি অহা “মন্দকবি যশঃ প্ৰাৰ্থী” ডেকাসকলে কবিতা লিখিবলৈ হেঁপাহ কৰিছে, লেখক; তেওঁলোকৰ তপত উছাহৰ ওপৰত চেচাপানী ঢালিবৰ মোৰ সমুলি মন নাই। কিন্তু এনে অনেক বিষয় আছে, যিবোৰ বিষয়ে তেওঁলোকে লেখিবলৈ চেষ্টা কৰিলে কিছু- দূৰ কৃতকাৰ্য্য কিজানি হবও পাৰে। যেনে (১) অসমৰ অতীত গৌৰৱ কাহিনী। (২) অসমৰ নৈ, পৰ্ব্বত, বন উপত্যকা ঝৰণা প্ৰকৃতিৰ সৌন্দৰ্য্য, গাওঁ-ভূই, গাঁৱলীয়া উজ্ জীৱনৰ কাৰ্য্যকলাপ, সূৰ্যৰ উদয়-অস্তৰ অনিৰ্ব্বচনীয় সৌন্দৰ্য্য ইত্যাদি। তাকে নকৰি তেওঁলোকে, কাৰ আৰ্হিলৈ কব নোৱাৰো, কোন গাভৰুৱে তেওঁলোকক নঙলা-মুখত দেখি বেঁকাকৈ চাই গল; কোনে তেওঁলোকৰ জলপানত গুৰ অকণমান পেলাই দিওঁতে মিচিকীয়া হাঁহি মাৰি তেওঁলোকক এধা-মৰা কৰি থৈ গল, এই বোৰ বখানি কবিতা বুলি পদ্য লেখি নিজৰ সময় আৰু শক্তিৰ অপব্যয় কৰি থাকে, তেন্তে ঠিক কৈছো, ডেকা- কালত এই শ্ৰেণী “কবিৰ” কবিতাৰ মই কাঠ-সংস্কাৰ কৰিছিলো। কিন্তু এই বুঢ়াকালত সেই পাপকায্য বা কুকাৰ্য্য নকৰো : নকৰি নিজৰে কাঠ-সংস্কাৰ কৰি থম—তাৰ বাবে পাপে ছোৱে, পুণ্যই ছোৱে, তেওঁলোকক ছুব। বাস্তবিকতে কবিতা লেখাটো ইমান উজু কাম নে? মোৰ মনেৰে দেখোন বৰ টান কাম। মানুহৰ যিটো অন্তৰ বস্তু, যিটো আত্মাৰ অনুভূতি মূলক বস্তু সেইটো প্ৰকাশ কৰে কবিয়ে। কৰিয়ে মানুহক অকল আনন্দ দিয়েই কাম শেহ নকৰে; মানুহক দেবতুল্য কৰিবলৈ বিচাৰে। বস্তুৰ যিটো চিৰন্তন সনাতন গুণ, যিটোক অৱলম্বন কৰি বস্তু বস্তু হৈ আছে, সেই মূল সত্যই কবিতাৰ আচল পদাৰ্থ। ধৰা, কবিতাৰ বিষয় প্ৰেম। প্ৰকৃত কবিয়ে প্ৰেমক শৰীৰৰফালে টানি আনি কামৰ শাৰীলৈ ননমায়। ওখলৈ তুলি অনন্ত ঈশ্বৰেৰে সৈতে যোগ সাধন কৰি দিবৰ চেষ্টা কৰিব। প্ৰকৃত কবিয়ে দেহধৰ্মৰ সহায়ত আত্মা ঈশ্বৰক নানা ভঙ্গী নানা ভাৱে প্ৰকাশ কৰিব। কবিৰ উদ্দেশ্য :—সৃষ্টি; তেওঁ কাব্য-ৰচনাত একো প্ৰমাণ কৰিবলৈ নাযায়। তেওঁৰ অন্তৰ্দৃষ্টিৰে তেওঁ যিটো দেখিছে সেইটো তেওঁ মূৰ্ত্তিমান কৰি প্ৰকট কৰিব। তেওঁ বিচাৰ বা তৰ্কেৰে সত্যক বিশ্লেষণ কৰিবলৈ নাযায়। দাৰ্শনিক বৈজ্ঞানিকৰ দৰে তেওঁ সত্যক সঙ্কীৰ্ণ কৰি লৈ বিশ্লেষণ বা ব্যৱচ্ছেদ নকৰে। তেওঁ সত্যক পূৰ্ণতা দি প্ৰকাশ কৰিব। কবিৰ চকুত দুই ঘাই বস্তু; স্থূল অবলম্বন আৰু অলঙ্কাৰ
মাথোন। গীতি-কবিতাত কবিয়ে ভাবৰ উচ্ছাসৰ সহায়ত আছল সত্য প্ৰকাশ কৰে। নাটৰ কবিয়ে অঙ্গসঞ্চালন আৰু কাৰ্য্যৰ দ্বাৰাই সেইটো দেখুৱায়। সকলোৰে ভিতৰত যি সত্য অস্পষ্ট তাক স্পষ্টকৈ দেখুওৱা কবিৰ কাম। মুঠতে কবি ঋষি। তেওঁ সত্যক ঋত কৰি দেখুৱায়। সকলোৰে ভিতৰত কি গভীৰ চিৰন্তন সত্য আছে, অনিৰ্ব্বচনীয় সৌন্দৰ্য আছে, সেইটো প্ৰকাশ কৰে কবিয়ে। কবি- প্ৰতিভাৰ ঘাই কথা মৌলিকতা। প্ৰকৃত কবি গতানুগতিকগামী নহয়। সাধাৰণ সোঁতত তেওঁ উটি নাযায়। বুদ্ধি-কৌশল আৰু “কাৰিকৰিৰ” তেওঁ অপেক্ষা নাৰাখে। তেওঁৰ উৎস অন্তৰাত্মাই সহজে অভিনৱতাৰ সৃষ্টি কৰে। তেওঁৰ অন্তৰৰ ভুমুকৰপৰা একো একোটি মূল idea উঠে তাকে তেওঁ সাকাৰ কৰি জগতৰ আগত ধৰে। কবি-প্ৰতিভাৰ ভিতৰত ঐশ্বৰিক শক্তিৰেই খেলা। তেওঁৰ এই শক্তি কষ্টসাধ্য নহয়; অনায়াসলব্ধ ঈশ্বৰ প্ৰসাদত তেওঁ নিত্য সিদ্ধ। দেখি কয়, “A poet is born and not made” অৰ্থাৎ “মেহনত”। কৰি কোনো কবি হব নোৱাৰে; কবিৰ জন্ম হয়। চেষ্টা কৰি কোনোবাই কোনো কালত কোনো দেশত নতুন ব্যাস, বাল্মীকি, ছেইক্মপীয়েৰ, কালিদাস, নাইবা শ্যেলি, কীটছ, ৱৰ্ডছৱৰ্থ, চাদি,খচ্ৰু ওমৰখৈয়াম হোৱাটো কোনোবাই দেখিছে নে? জিনিয়ছ (genius) অৰ্থাৎ “নৱন্মোষশালিনী বুদ্ধিসম্পন্ন ব্যক্তি” ঈশ্বৰৰ ইচ্ছাত জন্মে। ইচ্ছা কৰি, চেষ্টা কৰি, প্ৰাণপাত কৰিও কোনো নেপোলিয়ান বোনা- পাৰ্ট, বা শিবাজী, বা মহাত্মা গান্ধী, বা ৰবীন্দ্ৰনাথ ঠাকুৰ হব নোৱাৰে! সঙ্গীত, চিত্ৰ, ভাস্কৰবিদ্যা আৰু কাব্য এই এটাইকেউটাত এই কথাই খাটে। প্ৰত্যেকটিয়ে নিজৰ নিজৰ বাটেদি সৌন্দৰ্য্য সৃষ্টি, ৰস সৃষ্টি কৰে। মাথোন উপকৰণ সুকীয়া। এই চাৰিটি "ৰসোবৈ সঃ”ৰ চাৰিটি সোতা। ৰসস্বৰূপ আনন্দ স্বৰূপৰ যি লাবণ্যতাৰ লীলাময় সেই তৰঙ্গভঙ্গ, সেই তৰঙ্গভঙ্গৰ মধুময় হিল্লোল এই চাৰি শিল্পীৰ হৃদয়ত নানা ভঙ্গীৰে বৈ যায়। প্ৰথমত শ্ৰুতি তাৰ পিছতহে স্মৃতি। প্ৰথমতে সামগান; আৰু পিছত হে তাৰ বৰ্ণনাৰ চিত্ৰ, মূৰ্ত্তি আৰু কাব্যৰ পুৰাণ। সঙ্গীতে সচ্চিদানন্দৰ মধুৰ ওঁকাৰধ্বনি দিব্যকৰ্ণেৰ শুনি গানৰ সৃষ্টি কৰে। চিত্ৰকৰে আৰু ভাস্কৰে সচ্চিদানন্দৰ লীলাগতি অপৰূপ ভঙ্গীক হৃদয়ত ধৰি চিত্ৰত আৰু শিলত তাৰ সমূৰ্ত কৰে। কবিয়ে সচ্চিদানন্দৰ সুমধুৰ বাণী জগতক শুনায়; যি বাণীয়ে “কাণৰ ভিতৰেদি মৰ্ম্মস্থলত প্ৰবেশ কৰি প্ৰাণ আকুল কৰে।”
এজনে মহাত্মা গান্ধীক সুধিছিল — “মহাত্মা, এইটো কেনে কথা যে আপুনি জাতীয় উত্থানৰ নিমিত্তে আৱকীয় বস্তুৰ তালিকাত Art অৰ্থাৎ শিল্পকলালৈ ঠাই ৰখা নাই?” মহাত্মাই উত্তৰ দিলে – “ মোক মানুহে ভুল বুজিছে দেখি মই দুখিত। বস্তুৰ দুটা aspect অৰ্থাৎ দৃশ্য আছে। সম্প্ৰতি মই মোৰ উদ্দেশ্যৰ কাৰ্য্য সাধিবৰ নিমিত্তে এফালৰ- টোত সৰহকৈ হেচা দিবলগীয়াত পৰিছো, এই মাত্ৰ। সঁচাকৈ কবলৈ গলে অন্তৰ সহায় ব্যতিৰেকে বাহিৰৰ কোনো মানেই নাথাকে। All true Art is thus the expression of the soul, মানুহৰ ভিতৰৰ বস্তু প্ৰকাশ কৰিব নোৱাৰিলে বাহিৰা আকৃতিৰ কোনো মূল্য নাথাকে। Art মোৰ বৰ হেপাহৰ সমল। বহুতে নিজক artist অৰ্থাৎ শিল্পকলাবিদ আৰু শিল্পসেৱক বুলি ফৰে : কিন্তু তেওঁলোকৰ কাৰ্য্যত আত্মাৰ প্ৰেৰণাৰ একেবাৰেই অভাৱ।যেনে, বিলাতৰ ওছকাৰ ৱাইলডি ( Oscar Wilde)। মই বিলাতত থাকোতে তেওঁৰ কথা সকলোৰে মুখে মুখে। ৱাইলডিয়ে বাহিৰৰ আকৃতিকে Art বুশি সাৰোগত কৰি, immorality অৰ্থাৎ দুনীতিৰ সাধন কৰি, তাত ৰহন লগাই দেখিবলৈ শুৱনি কৰিছিল। All true art must help the soul to realise the inner-self. সকলো প্ৰকৃত আৰ্ট আত্মাক চিনিবলৈ আৰু অনুভৱ কৰিবলৈ সহায়ক হোৱাটো অত্যাৱশ্যক। To a true artist only that face is beautiful which, quite apart from its exterior, shines with the truth within the soul. প্ৰকৃত শিল্পীৰ চকুত সেই মুখখনিহে সুন্দৰ, যাৰ মুখত আত্মা প্ৰতিবিম্বিত হৈ জিলিকেছে।”
প্ৰকৃত সাহিত্যৰ লক্ষণ
ওপৰত কৈ আহিছে৷ যে প্ৰকৃত সাহিত্যৰ প্ৰধান লক্ষণ মুক্তি (freedom)। যি সাহিত্যৰ ভিতৰত স্বাধীনতাৰ প্ৰেৰণা, মুক্তিৰ বন্ধন- বিহীনতা স্বচ্ছন্দে লেখিবৰ শক্তি নাই, সেই সাহিত্য মৃতবৎ; তাৰ আত্ম-প্ৰতিভা অবিকশিত, অহৃষ্ট, অপুষ্ট, অমহান। মানুহৰ জীৱন বৈচিত্ৰ্যময়। জীৱন্ত সাহিত্যও সেই লক্ষণাক্ৰান্ত। কিন্তু যেতিয়াই আমি সাহিত্যক কঠোৰ নিয়মৰ নিগড় দি বান্ধো-চাটোঁ, তেতিয়াই সাহিত্যই পঙ্গু আৰু নিৰ্জীৱ অৱস্থাৰ ফালে ঢাল লয়। অভিধান, ঘাইকৈ ব্যাকৰণ সাহিত্যৰ ভৰিত বিধি-নিষেধৰ কঠিন নিগড়। সংস্কৃত সাহিত্যৰ নিমিত্তে, গ্ৰীক আৰু লেটিন সাহিত্যৰ নিমিত্তে, সেই সেই সাহিত্যৰ পিচৰ ডোখৰ কালত, যেতিয়া ব্যাকৰণৰ কট্টীয়া জিঞ্জীৰি প্ৰস্তুত হল, তেতিয়াৰেপৰা সেই সেই সাহিত্যৰ অন্তকালৰ শয্যা প্ৰস্তুত হল। সেই শয্যাত পৰি থাকিও সংস্কৃত সাহিত্যই মাজে মাজে দুষাৰ চাৰিষাৰ যি ভাল মাত মাতিছিল, সেই মাত মৰণ কালৰ ৰাম নাম, আল্লাৰ নাম, অহুৰবজদৰ নাম, “গড” নাম মাথোন; হাতে-ভৰিয়ে ককালে-মূৰে ব্যাকৰণৰ শিকলি পিন্ধি ওলোৱা ভট্টিকাব্য এক অপূৰ্ব্ব বস্তু। সি এক মাৰ্বল পাথৰৰ মনো- হৰ মূৰ্ত্তি; প্ৰাণশূণ্য নিমাতী-কন্যা। তোমাৰ পেটত ভোক, মুখত লোভ সৰহকৈ আছে যদি, তুমি সেই কন্যাৰ প্ৰেমত পৰি কক্ বকাই ফুৰিবলৈ সাজু হব পাৰা, কিন্তু ৰত্নকন্যা ফেৰিৰপৰা হলে, মাত-কথা একোকে নোপোৱা। কিন্তু সেইবুলি যে সাহিত্যৰ নিমিত্তে ব্যাকৰণ অভিধানৰ একেবাৰেই আৱশ্যকতা নাই, এনে নহয়। ব্যাকৰণ অভিধান নাথাকিলে, ভাষা আৰু সাহিত্য হেদাঙি মেলা গৰুৰদৰে হব, আজ সেই সাহিত্যৰ, সেই ভাষাৰ উপদ্ৰবত কাৰো টাটী চকোৱা এখনো নাথাকিব। সকলোতে এটা বিবেচনাৰে সৈতে সংযম, আৰু বিচাৰেৰে সৈতে বিধি-নিষেধৰ নিয়ম থকা ভাল; সাহিত্য আৰু ভাষাতো; নতুবা সাহিত্য আৰু ভাষাৰ উন্নতি কৰো উন্নতি কৰো বুলি মুখেৰে হেপোৰ পিটি থাকিলেও একো লাভ নহয়। কিন্তু সেইবুলি সেই নিয়ম লোৰ কটকটীয়া ডাঙৰ শিকলি হোৱাটো অযুগুত; হলেই মৰণ। জাতি- ভেদৰ মূলসূত্ৰ পাহৰা বাবে, সামাজিক টান বান্ধ-চাটৰ ফলত উদ্ভৱ হোৱা কঠোৰ ব্ৰাহ্মণ্যৰ সৃষ্টিৰ লগে লগে সাহিত্যৰ পতনৰ গুটিও পচোৱা হয়। সাহিত্যত উচ্ছৃঙ্খলতা যেনেকৈ দোষৰ কথা, “মোক — নুছুবি মোক নুছুবি—ৰামও” তেনেকৈ দোষৰ কথা।
'এই লেচুতে, সম্প্ৰতি এই সভাই হাতত লোৱা এটি কাৰ্য্যৰ বিষয়ে একাষাৰ কথা কব খুজিছো;—অৱশ্যে ভয়ে ভয়ে। কাৰো মনত আঘাত দিবৰ মনেৰে নহয়। কিন্তু কিবা স্বৰূপে কেনেকৈ কাৰো মনত এটি আচাৰো যদি লাগে, তেন্তে কৰযোৰে সেই জনৰ ওচৰত মই আগেয়েই ক্ষমা মাগিছো। আমাৰ অসমীয়াৰ গৌৰৱ শ্ৰদ্ধাস্পদ ৰায় বাহাদুৰ শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াই ঈশ্বৰৰ ইচ্ছাত দুটি সাহিত্যানুুৰাগীী গুণৱন্ত পুত্ৰ হেৰুৱালে। তেওঁলোকৰ নাম চিৰস্বৰণীয় কৰিবৰ নিমিত্তে তেখেতে মুক্তহস্তে টকাৰ এটি ডাঙৰ দান দিছে। সাহিত্য সভাই সেই টকাৰে তেখেতৰ পুতেক দুটিৰ নামেৰে এখন ব্যাকৰণ আৰু এখন অভিধান ৰচনা কৰাবলৈ কাৰবাৰ কৰিছে। মন খুলি কবলৈ গলে ডাঙৰ দানটোৰ জোখাই এইকাৰ্য্যৰ দ্বাৰাই ডাঙৰ ফল লাভ হবনে মহয়, মোৰ হলে সদেহ আছে। প্ৰথম কথা, সম্প্ৰতি ব্যাকৰণ আৰু অভিযানৰ যে আমি একেবাৰেই দুখীয়া হৈ আছো, এইটো কোনো পধ্যে মানিব নোৱাৰো। অসমীয়া ভাষাত দিগ্গজ পণ্ডিত ডাঙৰীয়া হেমচন্দ্ৰ বৰুৱাৰ যহত সেই দুই বিষয়ত আমি চহকী। ইয়াৰ ভিতৰতে আমাৰ কলেবৰ ইমান বৃদ্ধিপ্ৰাপ্ত হলনে যে সেই দুখনে আমাকে ঢাকিবলৈ ন-টা হল? মোৰ হলে দেখোন মনে নধৰে। কাৰণ, মই হলে সেই দুখনকে আজিলৈকে সামৰি-সুতৰি গাত মেৰাই লব পৰা নাই,— ঢিলাহৈ ওলমি-জোলমি আছে। ওপৰত মই ব্যাকৰণ অভি ধানক ভাষা আৰু সাহিত্যৰ শিকলি বুলি আহিছো। অথচ শিকলি লাগে বুলিও কৈছো। এইটো অৱশ্যে সাগৰ ও নহয়; অথবা নাৰায়ণ দাস ঠাকুৰ আতাৰ তিনিশ তিনিকুৰি ফকৰাৰ ভিতৰুৱা এটা ফকৰা ও নহয়। সেই দেখি কওঁ যে, সুন্দৰী সকলে ডিঙিত পিন্ধা আৰু সুন্দৰ- সকলে চোলাৰ বুকুত বা হাতৰ সৰু গাঠিত ঘড়ীৰে সৈতে বন্ধা সোণৰ শিকলিহে আমাক লাগে; ফাটেকীয়া কয়দীৰ হাতে ভৰিয়ে ডিঙিয়ে ককালে লগোৱা লোৰ শিকলি নালাগে। হেম বৰুৱাৰ ব্যাকৰণ আৰু 'ঘাইকৈ অভিধানখনি আমি সোণৰ শিকলিৰ শাৰীত হে ধৰিছোঁ। .. ইয়াৰ উপৰি ন-কৈ অভিধান ৰচনা কৰিবলৈ গলে ভয় হয়, পাছে সি জিঞ্জীৰি হৈ পৰে। ইয়াৰ কাৰণো আছে। যাকে তাকে ধৰ্ম্মৰ বক্তৃতা দিয়া দেখি, পূজ্যপাদ ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, যে “বক্তাজনে চাপ্ৰাছ পাইছেনে? চাপ্ৰাচ নাপালে সেই বক্তাৰ কথা কোনে শুনিব, কোনে মানিব?” পৰমহংসদেৱে চাপ্ৰাছ পোৱা মানে ঈশ্বৰৰ আদেশ, বা inspiration পোৱা বুজাইছিল। বাস্তবিকতে এইটো সঁচা কথাও। দেথকচোন, বাটে-পথে, বজাৰে-হাটে আৰু গিৰ্জায় ... আজিকালি কত খৃষ্টান পাদুৰিয়ে ধৰ্ম্মৰ বক্তৃতা দি ফুৰিছে; কিন্তু শুনিছে কেইজনে? শুনা মানে মন। – অৰ্থাৎ মানিছে কেইজনে? এশৰ ভিতৰত নিবান্নবইজনৰ একাণে সেই উপদেশ সোমাই সিকানে সৰকি ভূৰুংকৰে ওলাই গৈছে। অথচ humblest of the humble 3
খীশুখৃষ্টই, আন কি তেওঁৰ শিষ্য ছেণ্ট পলৰ নিচিনা জনদিয়েকে খি কৈছিল, আৰু পিছত মাৰ্টিন লুথাৰৰ নিচিনা মহাজন দিয়েকৰ মুখে খৃষ্টধৰ্মৰ বিষয়ে কেতিয়া ক'ত কি কথা ওলাইছিল, সেই কথা শুনিবলৈ হাজাৰ কাণ ঠিয়। আন নালাগে ৰামকৃষ্ণদেৱৰ এটি কথাও শ্ৰোতা- সকলৰ কাণৰপৰা সাৰিব নোৱাৰিছিল। আমাৰ অসমৰ কথালৈকে চাওক—“শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম, মাধৱে ৰচিলা ডাকি বোলা ৰাম ৰামৰ” মাৰ নাই। অথচ তেওঁলোকৰ পিছৰ কত সম্ভ, সাধু, মহাজন বিদ্বৎজনে কত কি ৰচি আছে, কত কি ডাকি আছে, সেই ৰচনাই সৰ্ব্বসাধাৰণৰ চেতনা নজগায়; সেই ডাকত সৰ্ব্বসাধাৰণ নিৰ্ব্বাক। সেই দেখি ভয় হয়, সাহিত্যৰ চাপ্ৰাছ নোপোৱা মানুহে অভিধান প্ৰণয়ন কৰি ডাক দিলে, সিও যদি সাহিত্য-সাধাৰণৰ-ৰাজ্যত নিৰ্ব্বাক হয়।
চাপ্ৰাছ পোৱা পাণিনি, মুগ্ধবোধ, ৰত্নমালা আজিও জীয়াই অছে : কিন্তু তাৰ মাজৰ আৰু পিছৰ ব্যাকৰণ ৰচোতা হেজাৰ হেজাৰ লোহাৰাম, জয়ৰাম, পণ্ডিতৰ ব্যাকৰণবোৰ কালৰ জাজি উটাদি উটি কৰবালৈ যাব লাগিছে। মই পোনপটিয়েই সোধাচোন বাৰু কওক, আজি প্ৰায় কুৰি বছৰৰ ওপৰ হল, হেমকোষ ওলোৱাৰ। আমাৰ - কেইজন সাহিত্যিকে হেমকোষত থকা প্ৰায়বোৰ শব্দ জানে, আৰু জানে যদি তেওঁলোকৰ কথাত আৰু ৰচনাত ব্যৱহাৰ কৰে? অথচ মই ন দি কব পাৰো, হেমকোষত থকা সৰহভাগ শব্দ দিনৌ অসমৰ ঘৰে ঘৰে জীয়াই আছে, আৰু ব্যৱহৃত হ'ব লাগিছে। অৱশ্যে বঙলা নভেল গিলি বঙ্গভাষাত জাক্ নেমুটেঙাৰ আচাৰ হৈ থকা সকলৰ সম্পৰ্কে মই ডাঠকৈ ন-দহ একোকে দিব নোৱাৰো। বাৰু ধৰাই যাওক, এই কুৰি বছৰৰ ভিতৰতে হেমকোষখন বুঢ়া হল আৰু আমাৰ উঠি-অহা কহকহীয়া ডেকা ভাষাই আৰু তাৰে হাল বাব নোৱৰা হল, বালেও সাৰ্ভে-পথেহে একোৱাৰ আদৰাৰ বাব পাৰে। কিন্তু মই সোধো, এইটো হে যে, এই কুৰি বছৰ কালতে যদি “চাপ্ৰাছী” হেম বৰুৱাৰ “হেমকোষ পিজৰাপোলৰ” লায়ক হল, চাপৰাছ নোপোৱাসকলৰ কৰ্ম্মফলৰূপী অভিধানথনো যে তাৰ আদখিনি কালতে বুঢ়া হৈ বৰ ভাইৰ বাটেদি বাট বুলি পিজৰাপোলযাত্ৰী নহব তাৰ প্ৰতিবন্ধক কি? আজিকালি ওলোৱা বা ওলাইছে বুলি ৰৌটি ফুটাই দিয়া “মঙ্কি,গ্লেণ্ড ইনজেকশন” দৰব কাৰো হাতত আছে জানো? যদি মই ভয় কৰা কথা ঘটে, তেতিয়া দেখোন সহৃদয় পুত্ৰশোকাতুৰ সন্দিকৈ ডাঙৰীয়াৰ ইমানখিনি টকাৰ এই দানটোৰ মুখ্য উদ্দেশ্য বিফলে যায়। আৱশ্যক হলে, “হেমকোষ”তে দেখোন পৰিশিষ্ট স্বৰূপে নতুনকৈ সঙ্কলিত বা সংগৃহীত শব্দবোৰ লগাই দি হেম- কোষৰে কলেৱৰ বঢ়াই যাব পৰি। প্ৰথমতে “এনছাইক্লোপিডিয়া ব্ৰিটেনিকা” নামৰ ইংৰাজী অভিধানখন কি আছিল? তাক তো এইদৰেই ক্ৰমশঃ ১৪/১৫ “ভলিউমত” পৰিণত কৰা হৈছে।বেঙ্গলতো দেখিছো, আসামতো যে নাই দেখা এনে বুলিব নোৱাৰো; কোনো নতুন লেখকৰ হাতত স্বৰচিত কিছুমান প্ৰৱন্ধ গোটখালে, আৰু ঘাইকৈ যদি সেই প্ৰবন্ধবোৰ আন কাকতে অগ্ৰাহ কৰে, বা আন কাকতত ছপাবৰ অসুবিধা হয়; তেন্তে সেইজনে পোন বাট বিচাৰি পায়; - এখন ন-কৈ শকত উলিয়াই সেই প্ৰবন্ধবোৰ তাত ছপাই উলিওৱা- টোকে। কিছুদিনৰ পিছত সেই প্ৰৱন্ধৰ টোপোলাটোও উদং হয়; তেওঁৰ হানৰ খজুৱতিও মৰে; উছাহৰ পানী-টুপিও শুকাই যায়; আৰু তেওঁৰ কাকতেও ঈশ্বৰৰ নাম লৈ প্ৰাণ পৰিত্যাগ কৰে; আৰু গ্ৰাহকসকলেও গতি বিসঙ্গতি দেখি, কপালকে দুষি সেই মৃতকৰ আত্মাৰ সদগতি কামনা কৰি মনে মনে থাকে। যাওক, এইখিনিতে সাহিত্যৰ ভাষাৰ সঙ্গন্ধে আষাৰচেৰেক কথা কওঁ বুলিছো। সকলোৱে জানে যে এই বিষয়ে আজিকালি দুটা মত প্ৰচলিত। এটা হৈছে, সাহিত্য সাধুভাষাৰ ৰচিত হব লাগে। আনটো—দিনৌ ঘৰুৱা পৰুৱা কথা কওঁতে যি ভাষা ব্যৱহাৰ কৰা যায়, সেই ভাষাত সাহিত্য ৰচিত হব লাগে। সাধু ভাষা মানে থাক পণ্ডিতভাষা বোলা যায় অৰ্থাৎ সংস্কৃতৰ অনুস্বাৰ বিসৰ্গ বাদ দি যি ভাষা হয়, অৰ্থাৎ যি ভাষা মাথোন সংস্কৃত শব্দৰ ভাৰ-পাচি অথবা যি ভাষাৰ বৰ কাপোৰখন বুদ্ধিৰ দীঘ-বানিৰে বোৱা হয়, সেই ভাষাক একে আষাৰে অগ্ৰাহ্য কৰি আমি এই বিষয়ে কথা কম। আমি এনে সাধুভাষাৰ কথা কবলৈ গৈছো, যি ভাষা বঙ্গদেশৰ' সাহিত্যত, ঘাইকৈ মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰে তেওঁৰ ৰচিত “ব্ৰাহ্মধৰ্ম্মৰ ব্যাখ্যান” নামৰ কিতাপত, আৰু বঙ্কিমচন্দ্ৰ চেটাৰ্জীয়ে তেওঁৰ নভেলবোৰত ব্যৱহাৰ কৰিছে। বঙ্গদেশৰ সাহিত্যত মৌখিক ভাষা আমি এইটোকে বুলিছো, যি ভাষাত “আলালেৰ ঘৰেৰ দুলাল" নামৰ প্ৰথম বঙলা নভেলখন ৰচিত হৈছে। আমাৰ আসামত এতিয়ালৈকে এই নতুন যুগৰ সাহিত্যত সাধুভাষা আৰু মৌখিক ভাষাৰ মাজত বঙ্গদেশৰদৰে এনে এটা ডাঙৰ ঢাপৰ সৃষ্টি হোৱা নাই। কিন্তু ভবিষ্যৎবাণী কৰিব পাৰে৷ যে কালক্ৰমত কম-বেছি তেনে ঢাপৰ বিভিন্নতাই দেখা নিদি নাথাকে। সেই দেখি এতিয়াৰ পৰাই আমাৰ লক্ষ্য থকা উচিত, যাতে সেই ঢাপটো দেৱ নোৱৰা ওখ হৈ নপৰে।
মৌখিক ভাষাৰে সাহিত্য ৰচনা কৰিবৰ প্ৰয়াসীসকলে কয় যে ভাষা ভাবৰ বাহন, ভাব ভাষাৰ বাহন নহয়।অৰ্থাৎ ভাষা-ঘোৰাৰ ওপৰত উঠি ফুৰা “চোৱাৰী” ভাব হে। ভাষা-ঘোৰাই যদি 'চোৱাৰীৰ ' কান্ধত উঠিবলৈ যায়, তেছে “ওলোটা বুজিলি ৰাম” হব! কথা কোলা ভাষাৰ মাজেদিয়েই আমি দিনে) আমাৰ অন্তৰ সকলো ৰকম ভাষাকে প্ৰকাশ কৰো। বং প্ৰকাশ কৰোতেও সেই ভাষা; মৰম কৰোতেও মৰমৰ বাণী সেই ভাষা; প্ৰেম কৰোতেও প্ৰেমৰ প্ৰতিধ্বনি সেই ভাষা। তেন্তে নো বাহিৰা পোছাকী সাধুভাষা এটাৰ আশ্ৰয় লওঁ কিয়? যদি সাহিত্যৰ উদ্দেশ্য হয়, আন্তৰিক ভাব-বৈচিত্ৰ্যৰ বাহ্যিক প্ৰতিস্ফুৰ্ত্তি, তেন্তে স্বতঃস্ফুৰিত ভাষা এটাৰ সাহাৰ্য্য পৰিত্যাগ কৰি কৃত্ৰিম সাধুভাষা এটাৰ সহায় লবলৈ যাওঁ কিয়? সদায় সকলো সময়তে ভাব প্ৰকাশক প্ৰাণশক্তিপূৰ্ণ মৌখিক ভাষাক বৰ্জন কৰি দহজন পণ্ডিতে প্ৰস্তুত কৰা ভাষা এটাক গ্ৰহণ কৰো কি বুলি? সাহিত্যক যদি সৰ্ব্বসাধাৰণৰ উপভোগৰ বস্তু কৰিব লাগে, তেস্তে সৰ্ব্বসাধাৰণে ব্যৱহাৰ কৰা ভাষাত নিশ্চয় তাক গঢ়িব লাগিব। এই খিনিতে এতিয়া এটা কথা ভাবি চোৱা উচিত : সাহিত্য সঁচাকৈয়ে সৰ্ব্বসাধাৰণৰ নিমিত্তে নে? সৰ্ব্বসাধাৰণ শব্দটো এই খিনিত ইংৰাজী Mob শব্দৰ অৰ্থবাহক ৰূপে ব্যৱহাৰ কৰিছো। সাহিত্যক বাস্তবিকে "মদ" উপযোগী কৰি প্ৰস্তুত কৰিব পাৰিলে তো বঢ়িয়া কথাই; কিন্তু সম্ভৱ নে? এক প্ৰকাৰে সেইটোক অসাধ্য কামকে বুলিব লাগে। আজিলৈকে কোনো সভ্য দেশত তেনেকুৱা কিন্তু হোৱা নাই। সাহিত্যও দৰ্শন, বিজ্ঞান আৰু আৰ্টৰ নিচিনাকৈ সাধাৰণৰ অৰ্থাৎ “মবৰ” ওপৰ খাপৰ বস্তু নহয় জানো? দৰ্শন, বিজ্ঞান, আৰ্টৰ নিচিনা সাহিত্যও মহৎ বস্তু। জগতত সকলোবোৰ মহৎ বস্তুৱেই অসাধাৰন। সাধাৰণে সহজে যিটো নেদেখে, অনুভৱ কৰিৱ নোৱাৰে; সেইটোৱেই মহৎ। তাৰ ওলোটাটো সাধাৰণ হৈয়ে ৰব। উদাহৰণ- -স্বৰূপে ধৰক, কলিকতাৰ কালীঘাটত অঁকা ছবিবোৰ। সাধাৰণে সেই ছবিবোৰ স্বচ্ছন্দে বুজে, আৰু কিনি ঘৰলৈ লৈ যায়। কিন্তু সেই ছবি- বোৰত চিত্ৰ-কলাৰ কিবা পদাৰ্থ আছে নে? ৰাফেলৰ, ভেনডাইকৰ, নাইবা শ্ৰীযুত অবনীন্দ্ৰনাথ ঠাকুৰৰ ছবিৰ কিবা মৰ্ম্ম সাধাৰণে অনুভৱ কৰিব পাৰিব নে? উচ্চ অঙ্গৰ প্ৰকৃত সঙ্গীতৰ মৰ্ম্ম সাধাৰণে বুজিব পাবে নে? সাধাৰণে মৰ্ম্মপোৱা সঙ্গীতত প্ৰায়ে সঙ্গীত বিদ্যাৰ উচ্চ অঙ্গৰ কিবা থাকে নে? কাব্যৰ কথাকে চাওক; ৱৰ্ডছৰ্থ, শেলি, টেনিছন, ব্ৰাউনিং খান কি ৰবীন্দ্ৰনাথৰ কবিতাও সাধাৰণৰ বোধগম্য বস্তু হয় নে? কালিদাস, ভবভূতি, মাঘ আৰু ভাৰণীৰ কাব্যৰ মোল সাধাৰণৰ আগত কিমান? দৰ্শন, বিজ্ঞান, জ্যোতিৰ্বিদ্যা, গণিত, আৰ্ট এই সকলোবোৰৰে সুকীয়া ভাষা আছে সেই সেই বিষয়ত বিজ্ঞ সকলে সেই সেই ভাষা বুজে; আৰু তেওঁলোকৰ সেই সেই বিষয়ত সেয়ে নিজা ভাষা। ভেস্তে সাহিত্যৰো সেইদৰে নিজশ্ব ভাষা নহবৰ কাৰণ কি? দৰ্শন, বিজ্ঞান প্ৰভৃতিতকৈ সাহিত্য নীহকুলীয়া নে? সাধাৰণ সকলোৱে অৰ্থাৎ “মবে” বুজিব পৰাকৈ দেখোন দৰ্শন, বিজ্ঞান, গণিতৰ পৰিভাষা ৰচিত হোৱা নাই? সাহিত্যও এখন শাস্ত্ৰ নহয় জানো? সাহিত্যৰো নিজৰ পৰিভাষা থাকিব নাপায় জানো? কবিয়ে কবিতা লেখোতে নিজৰ অন্তৰৰ প্ৰেৰণা অনুসাৰে, কবিতাৰ প্ৰাণটি সৰ্ব্বতোভাৱে অনুভৱ কৰি লেখে; লোকে অৰ্থাৎ সাধাৰণে সেইটো তেওঁৰ দৰে বুজিলে নে নাই, সেইফালে তেওঁ বৰকৈ চকু দিবলৈ গলে, তেওঁৰ মূখ্য কাব্য সফল হোৱাটোৱেই টান। কবিৰ অন্তৰ ভুক তেওঁৰ নিজা বস্তু; তেওঁৰ নিজা সুকীয়া ভাষাৰ বন্ধইদিহে সেই ভূমুক ওলাব। মানুহৰ ভিতৰৰ যি কবি- অনুভূতি আছে কবিয়ে কবিতাৰ ভাষাৰেহে তাক প্ৰকাশ কৰিব সেই অনুভূতি প্ৰকাশক কবিতাৰ ভাষা সাধাৰণ ভাষাৰ নিচিনা হবলৈ আশা কৰাই বৃথা। মুখৰ ভাষা পৰিবৰ্ত্তিত হৈ যেতিয়ালৈকে কবিতাৰ ভাষা হোৱা নাছিল, তেতিয়া- লৈকে কোনো কাব্যই সৃষ্ট হোৱা নাছিল। সাহিত্যই যি গড়েৰে, যি ভঙ্গীৰে মনোহৰ হৈ আত্মপ্ৰকাশ কৰে, সেই আত্মপ্ৰকাশৰ ভাষা সাহিত্যৰেই হে সুকীয়া সমল। দিনৌ আমি যি ভাষা ব্যৱহাৰ কৰো- সেই ভাষা দৈনিক জীৱনৰ আৱশ্যকতাৰ ভাষা, আহৰীয়া কালৰ চিত্ত- বিনোদনৰ ভাষা; সেই ভাষা ধীৰ, স্থিৰ, সংগত, গম্ভীৰ ভাষা হবই নোৱাৰে। সাহিত্যত অনুভূতিৰ পূৰ্ণতা, অখণ্ডতা অত্যাৱশ্যক। সাহিত্যই সকলো বস্তুকে সুন্দৰ, মহৎ আৰু সম্পূৰ্ণকৈ অনুভৱ কৰে। সাহিত্যৰ লক্ষ্য শিল্পৰচনা। দৈনিক কৰ্ম্মজীৱনৰ চঞ্চল এধাডুখৰীয়া আৰু হুৰা- মূৰা কথা-বাৰ্ত্তাৰ ভাষাই সেই কাৰ্য্য কৰে কেনেকৈ? ঘোঁৰাত উঠি ঢাপলি মাৰোতে, নাইবা বোকা খচি ঘৰৰ বেৰ লিপি থাকোতে নাইবা পথাৰৰ মাটিৰ সীমা ঠেলাঠেলি লৈ দন্দ কৰি থাকোতে, যেনে আছে তেনে অৱস্থাতে, কোনোৱাই লৰমাৰি গৈ, কুৰুৱাৰ বালিত বাহৰ কৰি, বতৰালী, বৰনেধি, বৰদেউৰী, বৰপূজাৰি আৰু আন আন বৰ বৰ শিষ্যৰে সৈতে সভা কৰি বহি থকা প্ৰভু জগন্নাথৰ ওচৰত আঠু লৈ তাৰ কোনো কথা নিবেদন কৰি সভা শুৱনি কৰিবলৈ যোৱাটো কেনে বিধৰ কথা হব, এবাৰ ভাবি চাওক। মৌখিক ভাষাৰ বিছনীৰ বা - এচাটিয়ে সাহিত্যৰ গাৰ বাহিৰৰ ছালখন খন্তেকলৈ অলপ শীতল কৰিব পাৰে কিন্তু ভিতৰৰ বিৰহাগ্নি নুমাব কেনেকৈ? আৰু এটি কথা পাহৰিলে নচলিব। - সাহিত্যত অকল ভাল ভাবটি হলেই যে সকলো হল, এনে নহয়, তাৰ মান-মৰ্য্যাদা ৰাখিবৰ নিমিত্তে ভাল পোছাকটিও দৰকাৰ। ভাষাই হৈছে সেই পোছাক। কোনোৱাই হজুৱাৰ আঠু- মুৰীয়া চুৰিয়া এডোখৰ ককালত আৰিয়েই, হাঁচটি লৈ, দাৰ্শনিক, বৈজ্ঞানিকসকলেৰে সংগঠিত বিদ্বজ্জৰ সমাগমত বহিবলৈ ঠাই পোৱা- টোৱেই টান হব। পদুমৰ চকাটিক আৱৰি থকা পাপৰিবোৰো চকাটিৰ যোগ্য হব লাগিব; নতুবা নুশুৱায়। ভাষা উজু আৰু সৰল হব লাগে বুলি আহুকাল কৰি থাকিবৰ সকাম বৰ নেদেখো। সাহিত্যিকৰ অন্তৰ সৰল হলে, তেওঁৰ ৰচনাৰ ভাষাটিও সলতাৰ শুভ্ৰ মহিমাৰে বিষণ্ডিও হব। আৰু সেই সৰল ভাষাই সফল মানুহৰ অন্তৰ স্পৰ্শ কৰিবই কৰিব। আনপিনে সাহিত্যিকজন যদি জেলেপীৰ পাক হয়, তেন্তে তেওঁ যিমানকে ঘৰুৱা উজু ভাষাৰে তেওঁৰ ৰচনা লেখক সেই ৰচনাই, তেওঁৰ ভাব যিমানেই মহাবীৰ মহাৰথী হওক, চক্ৰবেহু সৃজন কৰি সেই ভাব অভিমন্যুক বন্ধ কৰিবই। মুঠতে লেখকে সাধু- ভাষাতেই লেখক বা মৌখিক ভাষাতেই লেখক, ৰচনাত অন্তৰ প্ৰাণ ঢালি দিলেই সেই ৰচনা সাহিত্য হব। সাহিত্যৰ ৰচনা অকল উজু আৰু স্বাভাবিক হলেই যে হল, এনে নহয়; সি উপাৰ, মহৎ আৰু শ্ৰীমন্ত হোৱাও আৱশ্যক! মুঠতে কওঁ যে সাহিত্যত মৌখিক ভাষা আৰু সাধুভাষা দুইটালৈ স্থান আছে। প্ৰতিভাবান লেখকে যেতিয়া যিটোকে অন্তৰৰ প্ৰেৰণাৰ উপযোগী যেন দেখে, সেইটোকে ব্যৱহাৰ কৰে। প্ৰতিভাবান লেখকৰ হাতত দুইটাৰ সম্মিলন ঘটি মনোহৰ সাহিত্যৰ সৃষ্টি হয়।
প্ৰত্যেক দেশৰে স্বাধিকাৰ লাভ লগে লগে সেই দেশৰ সাহিত্য, শিল্প কলা, নাট্যশিল্পই সাৰ পাই উঠে। মুক্তাবস্থাৰ অন্তৰ আনন্দ উন্মেষিত হৈ এই বিষয়বোৰত পল্লবিত কুসুমিত হয়।ফ্ৰান্সত ৰুছো ভণ্টেয়াৰ, ভিক্তৰ হিউগো; জাৰ্মানীত গ্যেটে; ইংলণ্ডত ছেক্মপিয়েৰ, ভাৰতত বিক্ৰমাদিত্যৰ সময়ৰ কালিদাস প্ৰভৃতি এই কথাৰ সাক্ষী। জগতৰ লাভৰ হিছাপত এক গেটে হাজাৰ মন্টকেৰ সমান; এক শেক্সপিয়েৰ, তেতিয়াৰ কথাকে নকওঁ, আজিৰ সসাগৰা পৃথিবীৰ তিনি ভাগৰ এভাগৰ অধীশ্বৰ বৃটিশ, ইম্পিৰিয়েলিজম আৰু এম্পায়ৰতকৈ ডাঙৰ। দূৰলৈ যাবই নালাগে বঙ্গদেশৰ জাতীয় জাগৰণৰ সামান্য আভাসৰ স্পৰ্শত উঠা বংকিমৰ “বন্দেমাতৰম”, দ্বিজেন্দ্ৰলালৰ “আমাৰ জন্মভূমি” ৰবীন্দ্ৰনাথৰ “সোণাৰ বাংলা”ই শতেক বছৰৰ সাহিত্য সাধনাৰ সমান ফল প্ৰদান কৰিছে। এই আভাসৰ ক্ষন্তেকীয়া স্পৰ্শই বঙ্গ দেশৰ সাহিত্য, শিল্পকলা, চিত্ৰকলা আৰু নাট্য সাহিত্যত জাতীয় জাগৰণৰ তৰঙ্গ তুলি দিছে।
নাট্য-সাহিত্য
নাট্য সাহিত্যৰ কথাতে সেই বিষয়ে একাষাৰ কওঁ। বঙ্গদেশৰ নাট্য সাহিত্যৰ প্ৰধান স্থানবোৰত যদিও চকামকাকৈ একো একো বাৰ প্ৰকৃত নাট্য-কলাৰ পোহৰ চকুত পৰে, কিন্তু চঞ্চলা চপলাৰ দৰে সেই পোহৰ ততালিকে মাৰ যায়, আৰু তাৰ ঠাইত তমঃ ঘনীভূত হয়। সেই নাট্যশালাৰ সাহিত্যত জাতীয় জীৱনৰ স্পন্দন নাই। বঙালী জাতিৰ সুখ-দুখ, আশা-আকাঙ্ক্ষাৰ প্ৰতিবিম্ব সেইবোৰত অতি বিৰল। তেওঁলোকৰ নাট্যশালত সোমালেই মনত খেলায়, যে আমি যুধিষ্ঠিৰ, দুৰ্য্যোধন আলেকজেন্দাৰ, চন্দ্ৰগুপ্ত, ছাহজাহানৰ ৰাজ্যত সোমালো। বঙ্গদেশৰ বঙ্গালী জীৱনৰ সোঁত কোন বাটে, স্পেন বাটে, কেনেকৈ বলিছে, আৰু বলিব লাগে; বঙালীয়ে কি কবি চলিলে, কি খাই জীলে, বৰ্ত্তমান আপদ অপায়-অমঙ্গলৰ হাতৰপৰা উদ্ধাৰ পাব, এইবোৰৰ ভূ-বাতৰি তেওঁলোকৰ নাট্যশালাবোৰে নাৰাখে। দাৰিদ্ৰ নিপীড়িত লক্ষ লক্ষ মানুহে যত খাবলৈ নেপাই কষ্টত পৰি অস্থিৰ হৈছে, চাৰিওফালৰ ঘোৰ অন্ধকৰে যত সেইবোৰক অন্ধ কৰি বাট হেৰুৱাই দিছে, সেইবোৰ ঠাইত কলিকতীয়া ৰঙাপাগুৰীয়া পাহৰাৱালা বা কনিষ্টবলক বিচাৰি পাবলৈ নোহোৱাৰ দৰে – বঙ্গৰ নাট্যবিদ্যা ক বিচাৰি নোপোৱা। বিখ্যাত মেটলিঙ্কে কৈছে— “The true artist never chooses Marius triumphing over the Cimbrians, or the assasination of the Duke of Guise on fit sub- jects for his art; for he is well aware that the psycho- logy of victory or murder is but elementary and exceptional, and that the solemn voice of man and দেশৰ thing, the voice that issues forth so timidly and hesita- tingly cannot be heard amidst the idle uproar of acts of violence. And therefore will the place on his canvas a house lost in the heart of the country, an open door at the end of a passage, a face or hand at rest; and by these simple images will he add to our consciousness of life which is a possession, that is no longer possible to lose."
ইয়াৰ মৰ্ম্ম চমুকৈ কলে— এই যুগৰ যি প্ৰকৃত শিল্পী, তেওঁ তেওঁৰ। বিষয় নিৰ্বাচনৰ নিমিত্তে কেতিয়াও ইতিহাসৰ পাতৰ বৰ বৰ হত্যা- কাণ্ড আৰু যুদ্ধ ঘটনা লৈ মূৰ নঘমায়; কাৰণ মানুহে যিটো মন লৈ সেইবোৰ কৰে, সেইটো হৈছে, তাৰ আদিম বৰ্ব্বৰ যুগৰ মন, যিটো হাজাৰৰ ভিতৰৰ এজনৰ মাথোন সম্পদ। মানুহৰ সামান্য দৈনিক সুখ-দুখৰ ঘটনাহে এই যুগৰ শিল্পীৰ উপকৰণ। ৰঙ্গভূমি অঞ্চল ৰং ধেমালিৰেই সৰ্বস্ব নহয়। ৰঙ্গভূমিৰ ৰঙে জীৱনক তেজেৰে ৰঙা কৰি দিয়ে। ৰঙ্গভূমি সুপৰিচালিত হলে, এটা ডাঙৰ শিক্ষাৰ, মহৎ জাগৰণৰ ঠাই হয়। নতুবা সি নৰক? পতনৰ বৰখাৱৈ হৈ পৰে। প্ৰকৃত নাট্যশালাবোৰে জীৱনৰ সমস্যাৰ সমাধান কাৰ্য্যত সহায়তা কৰে।”
বঙ্গদেশৰ নাট্য সাহিত্যৰ বিষয়ে ইমানখিনি কোৱাৰ মানে আছে। আমাৰ দেশত আজিকালি ডেকাসকলে বঙ্গদেশৰ এই থিয়েটাৰী কাৰ্য্য কলাপবোৰ সোঁ-শৰীৰেৰে সকলো ৰকনে অসমলৈ আমদানি কৰাটো দেখা যায়। বঙ্গদেশৰ নাটকৰ অনুবাদ, নাচ-গান অঙ্গীভঙ্গী, ভাৱৰীয়াৰ আওভাও আদি সোপাকে আমাৰ ডেকাসকলে অসমত সুমুৱাটো চকুত পৰিছে দেখিহে, অসমীয়া সাহিত্যৰ ৰাজভগনৰ কথা কৈ থাকোতেই বাদুলীয়ে খোৱা এই বঙালী কলঠোকাৰ কথা এইখিনিতে . কলো। শ্ৰদ্ধাস্পদ সন্দিকৈ ডাঙৰীয়াই তেওঁৰ “মূলা গাভৰু” নাটৰ পাতনিত লেখা আধাৰচেৰেক কথা এইখিনিতে তুলি দি কওঁ যে, তেখেতৰ কথাতে আমিও সম্পূৰ্ণৰূপে হয় বুলিছো। তেখেতে লিখেছে, – “আজিকালি আমাৰ দেশৰ সকলো মানুহৰে থিয়েটাৰ চাবলৈ বা কৰিবলৈ বৰ আগ্ৰহ হৈছে। কিন্তু নাটক নহলে থিয়েটাৰ নহয়। বেজাৰৰ কথা যে সেই পৰিমাণে অসমীয়া নাটকৰ যোগান হোৱা নাই। সকলোৱে জানে যে থিয়েটাৰ ভাওনাত পটপাত্ৰ দেখুৱাই কোনো বিষয়ে জনসাধাৰণক শিক্ষা দিলে যিমান শীঘ্ৰে আৰু সহজে উদ্দেশ্য সাধন হয়, সভা-সমিতি বক্তৃতাৰ দ্বাৰাই সিমান সোনকালে ফল নধৰে।.........তালৈকে লাগে আমাৰ নিজ দেশৰ বুৰঞ্জীমূলক নিজ সমাজৰ ৰীতি-নীতিবিষয়ক নাটক। এনে নাটক লিখিবলৈ আমাৰ নিজ দেশৰ সজুলিও জোখাৰে আছে। কিন্তু ঘৰৰ বস্তুৰ লগত আমাৰ ৰাহি নাহে। যি কথা শুনালে আমাৰ জনসাধাৰণে বেগাই বুজে,যি বস্তু আগত ধৰিলে সতকাই চিনে, যি ভাও আগত মেলিলে সহজে জাতীয় ভাব অন্তৰত জলে, যি আদৰ্শ উপমা দেখুৱালে স্বজাতি স্বদেশলৈ প্ৰেম-ভক্তি জন্মে, যাৰ কথা কীৰ্ত্তন কৰিলে আমাৰ অতীতৰ গৌৰৱলৈ মনত পৰি হৃদয়ত উলাহ জন্মে, সেইবোৰলৈ পাছ দি আমি চপাই ধবো বিদেশৰ বিদেশী ভাষাত লিখা কথাবোৰ, যাৰ ভাব, মৰ্ম্ম আৰু গুণ আমাৰ মানুহে সহজে বুজিব আৰু লব যোৱাৰে। নিজৰ কল্পনা-শক্তি, চিন্তা-শক্তি ৰচনা-শক্তি বঢ়াবলৈ চেষ্টা নকৰি আমি কৰো—লোকে লোকৰ ভাষাত লিখা উপন্যাস নাটকবোৰ তৰ্জ্জমা। এইদৰে বিদেশী বস্তু আদৰ কৰা একেবাৰে বেয়া বুলি নকওঁ। আৱশ্যক মতে বিদেশী বস্তু নকল আৰু ব্যৱহাৰ কৰি আমাৰ ভঁৰাল চহকী কৰা বাঞ্ছনীয়। কিন্তু স্বদেশী বস্তুৰ ফালে আওকাণ দিয়াটো অমঙ্গলৰ চিন!”
সন্দিকৈ ডাঙৰীয়াৰ এই কথাতে আমি অলপ মছলা দি তেল মাৰি কওঁ যে আমাৰ ন নাটকবোৰ “বিদেশীৰ” অকূল তৰ্জমাই নহয়, সেই- বোৰ পুৰুষ নানাক্ৰমে বিদেশীৰ grandson অৰ্থাৎ নাতি-পুতি। সৰহভাগ বঙলা নাটক-উপন্যাস ইংৰাজী নাটক-উপন্যাসেৰ son অৰ্থাৎ পুত্ৰস্থানীয়; অৱশ্যে সেই পুত্ৰসন্তানসকল “লেজিটিমেট্” নে “ইলেজিটিমেট্” ইয়াত আজি সেই কথাৰ সম্ভেদ লবলৈ নগৈ, ইয়াকে কওঁ যে আমাৰ আজি- কালিৰ উপন্যাস নাটকবোৰে সেই দেখি উত্তৰাধিকাৰ সূত্ৰত পৌত্ৰৰ স্থান অধিকাৰ কৰিছে। পুত্ৰতকৈ পৌত্ৰ বেছি সোৱাদ; যেনেকৈ টকাতকৈ টকাৰ সূত। এই কথা আমি নিজে গম পাই হে কৈছো, কাৰণ কিছুদিন হল আমিও সেই বিধৰ সোৱাদ পাই পানন্দিত হৈছো। কিন্তু দুৰ্ভাগ্যৰ কথা, এই অসমীয়া নাটকৰূপী নাতি-লৰাবোৰ লাভ কৰি ইংৰাজী ককাদেউতাকে কেনে পায়, তাৰ তৎ ধৰিব নোৱাৰিম। আমাৰ প্ৰাচীন নাটবোৰ বৰং ভাৰতীয় সংস্কৃত নাটকৰ পুত্ৰস্থানতে আছিল; আৰু সেইবোৰ এটা বিশেষ উদ্দেশ্য সাধনৰ নিমিত্তে ৰচিত হৈছিল। সেইবোৰৰ নায়ক-নায়িকা ভাৱৰীয়া-ভাৱৰীয়ানীবোৰ স্বদে শীৰ নিচিনা দেখি অসমীয়া গাৱলীয়া মানুহেও সেইবোৰক চিনি পাইছিল। কিন্তু কি পৰিতাপৰ কথা যে আজিকালিৰ অসমীয়া নাটকবোৰৰ ভাৱৰীয়া ভাৱৰীয়ানীসকলেৰে সৈতে চিনাপৰিচয় কৰিবৰ ইচ্ছা কৰিলে, বঙ্গদেশৰ গিৰীশচন্দ্ৰ ঘোষৰ নাইবা অমৰেন্দ্ৰনাথ দত্তৰ নাইবা ডি, এল, ৰায়ৰ, নাইবা ক্ষীৰোদচন্দ্ৰ বিদ্যাবিনোদৰ “চুপাৰিছ, ” —পত্ৰ হাতত লৈ নগলে, আমাৰ সেই ভাৱৰীয়া-ভাৱৰীয়ানী সকলৰ আমাক “মুলাকাং” দিবলৈ “ফোৰ, চূতকে” নোলায়;
প্ৰত্নতত্ত্ব
প্ৰত্নতত্ত্ব—এই বিষয়ে যেনেকৈ আমাৰ দেশত অলেখ তত্ত্ব আবিষ্কৃত হবলৈ বাকী আছে, আমাৰ কবলৈকে৷ তেনেকৈ অলেখ নহওক, কিছু কথা বাকী থাকিল। কিন্তু আজিৰ বক্তৃতা দীঘল হৈ পৰিল। সেই দেখি তাক টানি আৰু দীঘল কৰিবলৈ গলে অন্যায় কৰা হব। মুঠতে ইয়াকে কওঁ যে কেতিয়া হব কব নোৱাৰো, কিন্তু যেতিয়া প্ৰত্নতত্ত্বৰ বিষয়ে আমাৰ ৰীতিমতে অনুসন্ধান, গবেষণা আৰু চৰ্চ্চা হব আৰু তাৰ ফলত ভূগৰ্ভ নিহিত পুৰণি সভ্যতাৰ বুৰঞ্জী ভূপৃষ্ঠান্বিত হৈ জগতৰ দৃষ্টিৰ গোচৰীভূত হব, তেতিয়া প্ৰাচীন সম্পদৰ গৌৰৱত অসমে শ্ৰেষ্ঠ আসন অধিকাৰ কৰিব বুলি আমি দৃঢ়বিশ্বাস কৰো। এই কাৰ্য্য কৰিবলৈ ধনৰ শক্তি, উদ্যমৰ শক্তি বিচাৰি বিবেচনাৰ শক্তি, ঘাইকৈ নিস্বাৰ্থতাৰ মহাশক্তিৰে বিমণ্ডিত ত্যাগী লোক কিছুমানৰ আৱশ্যক; যিসকলে শিলগুটি এটাত বা তামৰ ফলি এখনত হাত দিয়েই মইবৰ প্ৰাত্নতাত্মিক বুলি ওফন্দি ফুৰা গোত পৰিত্যাগ কৰিব পাৰিব। এইবোৰ যি হওক, এই বিষয়ত আমাৰ দেশত যি সকলে মনযোগ দিছে, তেওঁলোক আমাৰ নমস্ত ভাল উদ্দেশ্য হিয়াত লৈ কাম কৰি গলেই এদিন তাৰ সুফল পোৱা যাব। কোনে জানে, শিলগুটি পটা গুটি খেপিয়াই ফুৰোতে ফুৰোতে এদিন তেওঁলোকৰ হাত শালগ্ৰামত নপৰিবগৈ।
ডিৰেক্টৰ জেনেৰেল অব্ আৰ্কিওলজি ইন ইণ্ডিয়া ছাৰ জন মাৰ্ছেলৰ পিৰ্ট এটা সিদিনা বাতৰিকাকতত পঢ়িছিলো। পঞ্জাব আৰু সিন্ধু প্ৰদেশত খান্দোঁতে ভূগৰ্ভৰ এটা স্তৰৰপৰা এনেকুৱা কিছুমান বস্তু ওলাইছে, যিবোৰে ৫০০০ বছৰৰো আগৰ ভাৰতৰ সভ্যতাৰ বাতৰি দিয়ে। ছাৰ জন মাৰ্ছেলে লিখিছে :-
“Now we find that five thousand years ago the people of Sind and the Punjab were living in well- built cities and were in possession of a relatively mature civilization with a high standard of art and craftmanship and a developed system of writing." "The remains brought to light include houses and temples massively built of burnt brick and provided with well-constructed water conduits covered by marble slabs. Among the smaller antiquities are a variety of potteries both painted and plain, some fashioned by hand and some turned on the wheel tarracottas; toys; bangles of blue glass paste and shell; new types of coin or tokens; knives and cores of chert; curious stones rings; dice and most impor tant of all - a number of engraved and inscribed seals bearing inscription in a hitherto unknown picto- graphic Script.
মেছপটমীয়াৰ ভূগৰ্ভৰ স্তৰ এটাত সুমেৰিয়ান যুগৰ কিছুমান ঠিক হুবহু এনেকুৱা বস্তু ওলাইছে। মেছপটমীয়াত যুগযুগান্তৰৰেপৰা থকা কোনো জাতীয় লোকেৰে সৈতে সুমেৰিয়ান জাতিৰ কোনো সাদৃশ্য নাই। কৰপৰা মেছোপটমীয়ালৈ এই সুমেৰিয়ান জাতিতো গৈছিল, আজিলৈকে কোনেও ঠিক কৰিব পৰা নাছিল। এতিয়া স্পষ্ট প্ৰমাণ হল যে সুমেৰিয়ানবোৰ পঞ্জাব আৰু সিন্ধু প্ৰদেশৰ ফালৰ পৰা যোৱা ভাৰতীয় মানুহ আছিল। মাৰ্চেল ছাহাবে কৈছে :- "The possi bility is clearly suggested of India proving ultimately to be the cradle of their civilization which in its turn lay at the root of Babilonian, Assyrian and western Asiatic culture generally."
অৰ্থাৎ ইয়াৰ দ্বাৰাই এইটো স্পষ্টকৈ প্ৰমাণিত হৈ ওলায় যে ভাৰত বেবিলনীয়া, আছীৰীয়া আৰু পছিম এছিয়াৰো শিক্ষা-দীক্ষা আৰু সভ্যতাৰ গুৰি। এই দেখি কওঁ—কোনে কব পাৰে, যে নৰক, বাণ, ভগদত্ত, ভীষ্মকৰ দেশৰো, কালত এনেকৈ প্ৰাচীন বুৰঞ্জীৰ পাত মেল খালে, প্ৰচলিত ইতিহাস-জগতত কি মহাবিপ্লৱেই সংঘটিত নহব?
ইমানতে বক্তৃতাৰ নাম দি উলিওৱা জোঠা সুতাৰ কাপোৰৰ বৰ তাতখন সামৰো বুলিছো। সামৰণি ঘেটা মৰাৰ আগতে মাথোন আৰু একাষাৰ কম। ওপৰত কৈ আহিছো যে জাতীয় সাহিত্য জাতীয় জীৱনৰ প্ৰতিবিম্ব। লেৰেলা চেৰেলা জঁয়পৰা জাতীয় জীৱনৰ পৰা সৰল শুষ্ক ঠন-ধৰা জাতীয় সাহিত্য হোৱাটো অসম্ভব। পেটত ভাত নাই, গাত পিন্ধিবলৈ কাপোৰ নাই, আমি মন প্ৰাণ দি কি সাহিত্য চৰ্চ্চা কৰিাহঁক! সেই দেখি ঘাইকৈ যাতে খাই-বৈ ভালকৈ জীয়াই থাকিব পাৰোহক, বৰ্তমান এৰা-মৰা এৰা জীয়া অৱস্থাৰ পৰা উদ্ধাৰ হব পাৰোহক, তাৰ চেষ্টা প্ৰথমতে কৰিব লাগে। অৱশ্যে লগে লগে সাহিত্যচৰ্চ্চাও চলক। বন্তিত তেল পৰিলেই পোহৰ ওলাব। আমাৰ দেশখন কেনেকৈ সমৃদ্ধশালী হব; আমি কেনেকৈ নিজৰ আৰু লগে লগে আমাৰ দেশৰ ভাল কৰি যাব পাৰো তাৰ চেষ্টা, তাৰ চিন্তা, ভালকৈ কৰিবৰ সময় বৰ বেয়াকৈ আহি উপস্থিত হলহি। আৰু কাণসাৰ এৰি পৰি থাকিলে, সাহিত্যৰ তো কথাই নাই, আমি অসমীয়া জাতিটোৱেই বিলোপ হয় কিজানি। অৱশ্যে পৰাধীন আমি আমাৰ আগুৱাবৰ বাটত বিঘিনি অনেক। কিন্তু সেই বুলি হাত সাৱটি বহি থাকিলে নচলিব। We must make best of the worst situation. যি বোকাত পিচলি পৰি ঠেকেচা খাইছো, তাতে আকৌ ভিৰ দি উঠিব লাগিব। যাতে দেশত নিজৰ ভাত- কাপোৰৰ সংস্থান হয়, পৰৰ মুখলৈ নাচাই পৰত হাত নাপাতি যাতে আমি নিজৰ ভাত, নিজৰ কাপোৰ নিজে আৰ্জি লব পাৰো, সেই কথালৈ আমি বৰকৈ মন দিয়া উচিত। জোৰ পুৰি বৰলাৰ হাত পালেহি, আৰু আওকাণকৈ বহি থাকিলে নচলিব।দেশৰ উন্নতিৰ লগে লগে ভাষাৰ উন্নতি আৰু ভাষাৰ উন্নতিৰ লগে লগেই দেশৰ উন্নতি। সেই কাৰণেই আকৌ কওঁ যে যি দেশ যিমান উন্নত আৰু সমৃদ্ধশালী সেই দেশৰ ভাষাও সিমান উন্নত আৰু সৌষ্ঠৱপূৰ্ণ। দেশক উন্নত আৰু সমৃদ্ধশালী কৰিবলৈ হলে আমাৰ উঠি অহা ডেকাসকলৰ চাকৰীৰ আশাতকৈ স্বাধীন ব্যৱসায়-বাণিজ্যৰ ফালেহে ধাউতি হোৱা উচিত। বাৰু আপোনাসকলকে সোধো কওকচোন চাকৰী কৰি কোন দেশত কেইজন মানুহ চহকী হৈছে? বেছি দূৰলৈ যাব নালাগে আমাৰ ভাৰতৰ আন প্ৰদেশৰ ফালেই, বিশেষকৈ বোম্বাইৰ ফালেই চাওক দেখিব যে যিসকল ধনী লোকৰ নাম শুনিবলৈ পাওঁ তেওঁ- লোকৰ সকলোৰে উন্নতিৰ মূল হৈছে ব্যৱসায়-বাণিজ্যত হে স্বাধীন চিন্তাৰ আৰু মনুষ্যত্বৰ প্ৰকৃত বিকাশ দেখিবলৈ পোৱা যায়। আমাৰ দেশৰ ভবিষ্যত আশা-ভৰষাৰ স্থল, ডেকাবন্ধুসকলক আকৌ এবাৰ কওঁ— সমুখতে যি কামকে পোৱা তাতে লাগি যোৱা। ডাঙৰ কাম কৰিবৰ আশাৰে হাত সাবটি বহি নাথাকিবা। কামৰ সৰু বৰ নাই; সকলো অৱস্থাতে নিজৰ ভৰিৰ ওপৰত ভৰ দি ঠিয় হোৱা; জীৱন simple সহজ উজু কৰা; মিতব্যয়ী হোৱা; এইটো কাম হীন সেইটো কাম “ছোটলোকৰ” চলি অহা ভ্ৰমধাৰণা পৰিহাৰ কৰি dignity of labour অৰ্থাৎ নিজ হাতে নিজ পৰিশ্ৰম কৰি কৰা কামৰ (সৰুৱেই হওক বা বৰেই হওক) অন্তৰ্নিহিত শক্তিৰ মৰ্য্যাদা গৌৰব আৰু আত্ম-প্ৰশাদ অনুভৱ কৰিবলৈ শিকা; প্ৰাণপণে কাম কৰি ফৰা আৰু ঈশ্বৰ-বিশ্বাসী হৈ ঈশ্বৰৰ চৰণত স্বকৃত কৰ্ম্মৰ ফল নিবেদন কৰি নিশ্চিন্ত হৈ বুকু ফিন্দাই ফুৰিবলৈ শিকা :- আজিৰেপৰা আজিৰেপৰা, আজিৰেপৰা। দেখিবা তেতিয়া অলপ কালৰ ভিতৰতে কেনেকুৱা মহৎকাৰ্য্য কৰিবৰ শক্তি তুমি লাভ কৰিবা, তাক দেখি তুমি নিজেই আচৰিত মানিবা, ফলত অচিতে তোমাৰ উন্নতি, তোমাৰ মাতৃ-ভূমিৰ উন্নতি অৱস্থাৰ উন্নতি সাধিত হব; আৰু জগতৰ জ্ঞান আৰু সম্পদৰ ভঁৰালত তুমিও এজন দাতা হৈ অসীম গৌৰৱ আৰু অমূল্য আত্মপ্ৰসাদ লাভ কৰিব পাৰিবা।
শেহত কওঁ যে মই আজি আপোনালোকক নতুন কথা একো কোৱা নাই আৰু কবলৈ শঙ্কাও নাৰাখো। পুৰণি বাহি কথাকে লুটিয়াই বগৰাই কৈছোঁ মাথোন। মই কোৱা কথা কাৰো মনে খাইছে যদি ভাল, নাই খোৱা যদি দলিয়াই পেলাওক। আমাৰ দেশৰ সৰ্ব্বতোভাৱে কেনেকৈ মঙ্গল হব সেই চিন্তা আপোনাসকলেও কৰিছে আৰু কৰিবৰ মাতৃভূমিৰ সকলো সন্তানৰে অধিকাৰো আছে। সেই অধিকাৰৰ বলতে বলী হৈ এই নিঃকিনেও বিদেশত পৰি থকা সত্ত্বেও সেই ভাৱতে অনুপ্ৰাণিত হৈ মাতৃভূমিৰ মঙ্গল কামনা হিয়াত সদায় সজাগ কৰি ৰাখিবৰ চেষ্টা কৰিছে। সেই কাৰণেই বন্ধুসকল! আজি আকৌ এইটো ডাঠকৈ কওঁ যে আপোনাসকলে সাৰোগত কৰি জানিব অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ। হব পাৰে আমাৰ মানুহৰ লেখ তাকৰ, হব পাৰে আমাৰ অৱস্থা টনকিয়াল নহয়; কিন্তু সেইবুলিয়েই ভাৰতৰ আন প্ৰদেশৰ মানুহৰ সৈতে সমানে আগবাঢ়িব নোৱৰাত মনক মিছা প্ৰবোধ দি ঘৰত দুৱাৰ মাৰি বহি থাকিম নে? তেনেহলে ভাৰতৰ জীৱন জাতীয় যুগত আমাৰ আসন কত? আজি যি এটা নতুন ভাবৰ সোঁতে গোটেই ভাৰত চৌৱাই পেলাইছে আৰু যি আমাৰ অসমকো এচুকে দি ছুই গৈছে সেই ভাৱৰ ঢৌৱে আমাৰ হৃদয়ত খলকনি নলগাব নে? লেখত তাকৰ বুলি জগতৰ এই জাগৰণৰ যুগতো আমি শুই থাকিব লাগিব নে? সেইটো হব নোৱাৰে। আমি আমাৰ অসমীয়া নাম লোপ পাবলৈ দিব নোৱাৰো। এই নৱ জাগৰণৰ যুগত ভাৰতৰ আন প্ৰদেশৰ লগত আমি সমানে আসন লব লাগিব। অসমীয়াৰ নাম জগতত জিলিকি উঠিব লাগিব। পৃথিবীৰ প্ৰায়বিলাক মহৎ কামেই সৰু আৰম্ভণিৰ পৰাই হয়। এটি এটি সৰু গুটিৰ পৰাই একো একো জোপা ডাঙৰ গছ হয়। বন্ধু সকল! বহুতদিনৰ আগয়ে সেই এমুঠি কলিকতীয়া অসমীয়া ছাতৰে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ যি প্ৰথম বীজ পুতিছিল কোনে ভাবিছিল তেতিয়া যে সেই বীজেই এজোপা প্ৰকাণ্ড বৰ গছ হৈ শান্তিৰ শীতল ছাঁৰে গোটেই আসাম আবৰি ধৰিব? কোনোবাই তেতিয়া কল্পনাও কৰিব পাৰিছিলনে যে কেতিয়াবা এসময়ত এই অসমতে আমি সকলো একেলগ হৈ এইদৰে এখনি মহতী সভা পাতি মাতৃমন্দিৰত পুষ্পাঞ্জলি দিব পাৰিম। কিন্তু আজি কি দেখিছো? দেখিছো, সেই পঢ়াশালিৰ ছাতৰৰ দুৰ্ব্বল ডিঙিৰপৰা ওলোৱা সেই দুৰ্ব্বল মাত, সেই ক্ষীণ কণ্ঠস্বৰ লাহে লাহে ডাঙৰ সবল আৰু শকত হৈ আজি গোটেই আসাম ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিধ্বনিত কৰিছে – আজি পূৱৰপৰা পশ্চিমলৈ, উত্তৰৰপৰা দক্ষিণলৈকে গোটেই অসমে একেলগে সেই মাতৰ লগত যাত মিলাই গভীৰ উদাৰ সুৰেৰে মাতৃভাষাৰ আৰতি কৰিছে— ষোড়শোপচাৰে মাতৃ-পূজাৰ আয়োজন কৰিছে। বন্ধুসকল, আহক আজি এই আনন্দৰ দিনত এই ৰসৰ মেলাত, এই আয়োজনত আমাৰ যথাসাধ্য শক্তি, স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ কাৰণে নিজৰ ভাই- ভনীৰ মঙ্গলৰ কাৰণে, মাতৃভাষাৰ সেৱাৰ কাৰণে উছৰ্গা কৰি ইহ জনম সাম্ফল কৰি আমাৰ জীৱন ধন্য কৰোহঁক। এই মাতৃভাষাৰ উন্নতিয়েই আমাৰ দেশৰ উন্নতি—আমাৰ স্বজাতিৰ উন্নতি; এই মাতৃভাষাৰ সেৱাই আমাৰ দেশৰ সেৱা – আমাৰ জাতীয় জীৱনৰ আনন্দৰ বিজয় পতাকা, আমাৰ লুপ্ত গৌৰৱৰ পুনৰুত্থান - আমাৰ জীৱন কৰ্ত্তব্যৰ শিৰৰ মুকুট। আহক, তেন্তে আজি এনে এটি শুভক্ষণত আমি হৃদয়ৰ পৰা ক্ষুদ্ৰ সংঙ্কীৰ্ণতাৰ ভাব দূৰ কৰি এই মাতৃভাষাৰ যজ্ঞবেদীতে মুকলি আকাশৰ তলত মুকলি মনেৰে মুকলি প্ৰাণেৰে সকলোকে এবাৰ ভাই ভাই বুলি উলাহেৰে আকোৱালি ধৰি একেটি সুৰতে হৰ মিলাই গাঁও “জয় অসমীয়া ভাষাৰ জয়, জয় অসমৰ জয়, অসম জননীৰ জয়।” “নমো শতবাৰ হে মোৰ জননী চিৰ জীৱনৰ সাধনা” – “ওঁ মধু বাতাঝতায়তে
মধুক্ষৰতিসিঞ্চৰ: মাধ্বীৰ্ণঃ সন্তোষধাঃ।”
আমাৰ একেষাৰ
সাহিত্যৰথী ৺ বেজবৰুৱা ডাঙৰীয়াৰ পুথি কিখনি আজিকালি পাবলৈ নোহোৱাই হল । তেখেতৰ পুথি বিচাৰি আমালৈ নানা জনে চিঠি-পত্র দি থাকে; কলিকতা বিশ্ববিদ্যালয়ত কেবাখনো পাঠা পুথি হোৱাৰ কাৰণে ছাত্র-ছাত্রীসকলে পুথি বিচাৰি আমালৈ লেখে । পুৰণি সংস্কৰণৰ পুথি আদায় হৈ যোৱাৰ কাৰণে আৰু ছাত্র-ছাত্রী সকলৰ অসুবিধাৰ কথা বুজিয়েই আমি অপ্রকাশিত পুথিখিনি ছপা কৰি উলিয়াবলৈ মনস্থ কৰিছো। সেই হিচাবে অসমীয়া ভাষাৰ এম-এ পৰীক্ষাৰ পাঠ্য-পুথি, অসম সাহিত্য সভাৰ গুৱাহাটীৰ বহা সপ্তম অধিবেশনৰ সভাপতিৰ অভিভাষণ খনি পুৰণি 'বাহীৰ পাতৰ পৰা তুলি লক্ষ্মীনাথৰ মাতৃভূমী শিৱসাগৰত বহা অসম সাহিত্য-সভাবে উনবিংশতি অধিবেশনৰ লগে লগে ছপা কৰি উলিয়ালো। এই পুথি বেচি যি পইছা পোৱা যাব তাক "বেজবৰুৱা স্মৃতি-চিৰিজতে লগোৱা হব। সাহিত্যানুৰাগী অসমীয়া ৰাইজৰ সহায় সমর্থন মিনতি কৰিলো। ইতি—
১৫ শাহিন, ৪৯৬ শঙ্কৰাব্দ শিৱসাগৰ, অসম |
—প্রকাশক 'বাঁহী' প্রকাশ কাৰ্য্যালয় |
ওলাল! ওলাল !! ওলাল !!!
“মোৰ জীৱন সোঁৱৰণ"
বেজবৰুৱা স্মৃতি চিৰিজ
তৃতীয় পুথি— বাল্য-কাল
দাম খনে এটকামাথো
|
|
'বাহী প্রকাশ কাৰ্য্যালয়'
|
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )