সপ্তদশ অধ্যায় - চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক নৈৰ পাৰলৈ নিব লাগে।

ৱিকিউৎসৰ পৰা
মিৰি জীয়ৰী
লেখক ৰজনীকান্ত বৰদলৈ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
মিৰি জীয়ৰী
  1. প্ৰথম অধ্যায় - নৈৰ পাৰত
  2. দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত
  3. তৃতীয় অধ্যায় - মিৰি গাঁৱত
  4. চতুৰ্থ অধ্যায় - পানেইৰ ঘৰত
  5. পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত
  6. ষষ্ঠ অধ্যায় - ভূঁইতলিত আৰু ঘৰত
  7. সপ্তম অধ্যায় - মিৰি গাঁও দুখনত
  8. অষ্টম অধ্যায় - এন্ধাৰ নিশা
  9. নৱম অধ্যায় - হাবিৰ মাজত
  10. দশম অধ্যায় - লক্ষীমপুৰ নগৰত
  11. একাদশ অধ্যায় - আকৌ সোৱণশিৰী নৈৰ বুকুত
  12. দ্বাদশ অধ্যায় - ঘূণাসুঁতি গাঁৱত
  13. ত্ৰয়োদশ অধ্যায় - পানেই
  14. চতুৰ্দশ অধ্যায় - জঙ্কি
  15. পঞ্চদশ অধ্যায় - পৰ্বতৰ ওপৰত
  16. ষষ্টদশ অধ্যায় - বাৰেগামৰ মেল
  17. সপ্তদশ অধ্যায় - চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক নৈৰ পাৰলৈ নিব লাগে।
  18. সামৰণি - আকৌ সোৱণশিৰী নৈৰ বুকুত

তত্ক্ষণাত্ নৃশংস, দয়া-মায়া নোহোৱা পশুতকৈও অধম চাৰিটা মিৰিয়ে পানেই-জঙ্কি দুয়োকে একেডাল ডোলেৰে আকৌ টানকৈ বান্ধিল।

হতভাগা-হতভাগিনীৰ ডেডনিয়ে গগন উধালে। জঙ্কিয়ে নিজৰ গা নিজে কামুৰিবলৈ ধৰিলে। হাতযোৰ কৰি আঁঠু লৈ বাৰেগামৰ আগত বিনাই কব ধৰিলে-

"বাৰেগাম মোক মাৰ। এই আজলী মোৰ কনেঙক নামাৰিবি। আই ঔ! কনেঙ ঔ! মই তোৰ দোষৰ ভাগী হলো। আই ঔ! মোৰ কাৰ্টান ঔ ৰক্ষা কৰ। বাৰেগাম! তাইৰ পেটত এটা সন্তান আছে। বাৰেগাম। আমি ভৈয়ামত থাকোতে অশেষ কষ্ট পাইছো। বাৰেগাম! তাই মোৰ তিৰোতা। বাৰেগাম। তাইক নামাৰিবি, বাৰেগাম। তাই মাক-বাপেককো এৰি মোলৈকে বুলি পলাইছিল। বাৰেগম! সোৱণশিৰীৰ বালিত থিয় হৈ দুয়ো কাৰ্চিং-কাৰ্টানক সাক্ষী কৰি আমি বিয়া কৰিছোঁ বাৰেগাম। তাইৰ পেটৰ লৰাটোৰ বধৰ ভাগী নহবি। বাৰেগাম। আমাক মাৰি তহঁতৰ লাভ নহয়। বাৰেগাম! মোৰ এই কনেঙক বধা পাপে তহঁতক পাব। বাৰেগাম! তাইক এৰি দে।"

বাৰেগামৰ চিত্ত অটল। যি নৃশংসহঁতে বিনা দোষে বিনা কাৰণে মানুহ মাৰিবলৈ কুণ্ঠিত নহয়, যি নৃশংসহঁতে ই গাঁৱে সি গাঁৱে সামান্য এটা মেথোন বা গাহৰি বা দেওঘটিৰ নিমিত্তে কাজিয়া লাগিলে নিশা চোৰৰ দৰে গৈ এখন গাঁৱে আন এখন গাঁৱৰ মানুহক কাটি-ছিঙি লৰা-তিৰোতাক বন্দী কৰি অনাই ধৰ্ম, সিহঁতক কি জঙ্কি আৰু পানেইৰ আৰ্তনাদে গলাব পাৰে?

বাৰেগামে উত্তৰ কৰিলে-

বাৰেগামৰ হুকুমৰ লৰচৰ নাই

তেতিয়া সিহঁত দুয়োকো হাতত খিলি মাৰি আঠোটা নৰ পিশাচে টানি লৈ গল। বাটে বাটে জঙ্কিয়ে কবলৈ ধৰিলে-"পানেই, তই মোৰ নিমিত্তে মাৰ-বাপেৰকো এৰি আহি মৰিলি; ময়ে তোৰ দোষৰ ভাগী হলোঁ।" এইবুলি জঙ্কিৰ চকুৰ পৰা গিৰ গিৰ কৰি পানী ওলাবলৈ ধৰিলে। মোৰ আজলী আঁকৰী মিৰি-জীয়ৰীৰ চকুৰেও ধাৰাসাৰ লো বলে। হাতভাগিনীয়ে বুজিলে আৰু অলপ পৰৰ মূৰতেই সিহঁতে এই সোণৰ সংসাৰ দেখিবলৈ নাপায়। কান্দি কান্দি বিনাই মোৰ জুই-লাগি কপালীয়ে গাবলৈ ধৰিলে-

"নকৰিবি বয়ে ঐ
নাকান্দিবি চেনেঙ ঐ
মনলৈ যে নানিবি শোক
ইপুৰি যে এৰি ঐ
পামেগৈ যে ৰেগাম ঐ
দুখৰে যে পৰিব ওৰ।"

পাঠক! ক্ষমা কৰিব। আমি আৰু সেই ভীষণ দৃশ্য চাবলৈ পানেই আৰু জঙ্কিৰ পাছে পাছে যাব নোৱাৰোঁ।