সদস্য:Msasag/মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা
মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা
পাচে লাচিত-ফুকনে তুলি পুনৰ্ব্বাৰ বিধাৰণ দেখি শ্ৰীসূৰ্য্যৰ পৰা ওলটাই পঠালে। আৰু বুলিলে, “ৰাজ্যৰ কাৰণ যি কৈছে, পৰমেশ্বৰ বিধাতা অনুকূল হৈ আক দিছে, তাঞি খুজিলে কিয় পাব? হস্তীৰ দন্ত ওলাইহে পুনৰ্ব্বাৰ সোমাবৰ কৈত দেখিছ? এই খান নবাবত কবি।” লালোৱা হৰামে বোলে, “উত্তম জনে বচন বুলিলে ৰক্ষা কৰণহে যুক্ত, বচনতো ৰক্ষা নহল, হস্তীও পশুহে।” পাচে লালোৱা, হৰাম দুয়ো বাসাক আছিল। সিহঁতক ধাৰাণে ৰোজ দিলে। ৰোজত জীয়া পহু দিলে ১টা। পাচে দুই কটকীয়ে আন সিধা ৰাখি পশুৰ গলৰ দোল মেলি বনৰ মাজক খেদিলে। পাচে আমাৰ ৰোজদিয়াহঁতে বোলে, “পহু তোমালোকক ভোজনলৈ দিছে, বনক খেদিলি কিয়?” পাচে দুই কটকীয়ে বোলে, “ভাই, দিনচাৰেক ঋৃষ্ট-পুষ্ট হৈ থাকক। অনেক হস্তী, অনেক বন্দুকদাৰী, অনেক ঘোঁৰা, এইসকলৰ আগত কাহা যাব, খাব পাম। আৰ এক উপকথা কওঁ শুনিবি,―দুটা বাহ ম’ৰা চৰাইৰ যুদ্ধ লাগিল, ই গছৰ পৰা সি গছলৈ যায়। তাৰ ৰব নোৱাৰি ঝোটাঝুটিকৈ পৰ্ব্বতত পৰিল। তাৰো পৰা পৃথিৱীত পৰি মূৰ্চ্ছিত হৈ আছিল। দুই পখীৰ যুদ্ধ হস্তীসকলে দেখিছে। তাৰ এক বুঢ়া হস্তীয়ে বোলে, ‛ই ঠাইত থাকিবলৈ আমাৰ ভাল নহয়। ই ঠাইত থাকিলে কল্যাণ নাই।’ তাৰে এক ময়দাৰ হস্তীয়ে বোলে, ‛এনে ঠাই এৰি কলৈ যাম ? যদি পখী আহে তাক মাৰিবাক নোৱাৰিমনেকি ?’ এনেতে দুই পখী ঝোটাঝুটিকৈ হস্তীসকলৰ আগতে পৰিল। চক্ষু কণত নখ লাগি বা লাগিল, চক্ষু মুদি হুলস্থুল লাগিল। খালে জোঙ্গে দোপে বোকায়ে পৰি অনেক মৰিল। দুই চাৰি পলাই এৰাল। এইৰূপে বুঢ়াৰ কথা নলৈ মৃত্যু হ’ল। এইদৰে হাতী-ঘোঁৰাৰ আন্দোলত জলসংঘটত জলৰ শোণিত জঙ্ঘল বালা, যূথে যূথে আইব পশুৰ পালা।
- খাটা-খুটা মাজুম-খাঁ মুখে চাঁব ডাড়ি ।
- থানা বেহাৰ ভঙ্গে যাইব গুৱাহাটী বাৰী ॥”
এইৰূপে বুলি দুই কটকী গ’ল। ১১৯॥