সদস্য:Gitartha.bordoloi/Commons CropTool

ৱিকিউৎসৰ পৰা
যিখন কিতাপত কামটো কৰিব লাগে সেইখন কমন্সত উলিয়াওক (পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১ -ত কৰিবলৈ কমন্সত "File:সাধনা- দণ্ডিনাথ কলিতা.djvu)। লগিন কৰিব লাগিব।


বাওঁফালে Toolsত "Crop tool" দেখিব। নাথাকিলে পছন্দমূহলৈ গৈ সক্ৰিয় কৰিব ল'ব।

এতিয়া নিৰ্দিষ্ট ফাইলটোত Crop tool ক্লিক কৰক। ইয়াৰ পাছৰ ৱিণ্ড'খনত Connect টিপিব আৰু তাৰ পাছত Allow।

অলপ সময়ৰ পাছত ক্ৰ'প টুল খোল খাব। তাত প্ৰথম পৃষ্ঠাটো থাকিব। যিটো পৃষ্ঠা লাগে সেইটো উলিয়াই লওক (ওপৰৰ পৃষ্ঠা সংখ্যা)।

নিৰ্দিষ্ট পৃষ্ঠাটোৰ লগাখিনি টানি টুনি ক্ৰ'প টিপক>Preview কৰক>upload as new file বাছনি কৰিব>Upload

নতুনকৈ আপল'ড হোৱা ফাইলটো উলিয়াওক [File:সাধনা- দণ্ডিনাথ কলিতা (page 1 crop).jpg এনেকুৱা]। ফুল ৰিজ'ল্যুচন ডাউনল'ড কৰক।

সেইটো paint বা তেনে এপ্লিকেচনত খুলি নলগা শব্দবোৰ মোহাৰক। ছে'ইভ কৰক। ফাইলৰ নাম নসলাব।

কমন্সত ফাইলটোৰ file history অংশত "এই ফাইলতোৰ নতুন সংশোধন এটা আপল'ড কৰক" বা "Upload a new version of this file" টিপি আপুনি সম্পাদনা কৰা ছবিখন আপল'ড কৰক। File changes-ত কিনো কৰিলে লিখিব। আপল'ড কৰক।

এতিয়া ৱিকিউৎসত overfloat image সাঁচৰ পৃষ্ঠাটো উলিয়াওক। নাইবা "পৃষ্ঠা:চুপহি.djvu/১" বুক্‌মাৰ্ক কৰি থওক।

overfloat image সাঁচটো ব্যৱহাৰ কৰি image ত [[File:অমুক.jpg|center|350px]] এনেকৈ লিখিব। ফাইলৰ নাম আপুনি সম্পাদনা কৰি আপল'ড কৰাটো। ছবিৰ আকাৰ চাই px সলাব।

item1, item2 এইবোৰত শব্দবোৰ লিখিব। যেনে- সাধনাৰ পৃষ্ঠাটোত item1 উপহাৰ লিখিছোঁ। center, larger, br আদি সাঁচ ব্যৱহাৰ কৰিব পাৰি। item1-ৰ স্থান x1 আৰু y1 এ নিৰ্ধাৰণ কৰিব। item2 ৰ স্থান x2, y2 আদি। লিখালিখি সোঁফাল বাওঁফাল কৰিবলৈ x ৰ সংখ্যা সলাব লাগে, ওপৰ তল কৰিবলৈ y।

এতিয়া সেইবোৰ মিলিছেনে নাই জানিবলৈ বাৰে বাৰে খচৰা চাই থাকক, সংখ্যা সলাই থাকক, সলাই থাকক, সলাই থাকক.....

সকলো মিলিলে পৃষ্ঠাটো সাঁচি থওক/প্ৰকাশ কৰক।