সদস্য:Boranitul/লভিতা/প্ৰথম অঙ্ক
প্ৰথম দৰ্শন
[সম্পাদনা কৰক]
ঠাই- লহৰজান মৌজাৰ ফুলগুৰি গাঁও
সময়-সন্ধিয়াৰ আগভাগ
গোলাঘাট লহৰজান এয়াৰড্ৰমৰ তেনেই ওচৰৰ বহল পথাৰৰ কাষত ফুলগুৰি গাঁৱৰ বাণেশ্বৰ বৰুৱাৰ ঘৰৰ আগচোতাল। এফালে ভঁড়াল-ঘৰটো দেখা গৈছে আৰু এফালে বহু দূৰলৈকে পথাৰ দেখা গৈছে। দূৰৈত নগা পৰ্বতৰ শাৰী জিলিকি আছে। সময় সন্ধিয়াৰ আগভাগ। লহিওৱা বেলিৰ ৰ'দ এচেৰেঙা আহি চোতালত জিকমিকাই আছে। ঘৰৰ ওপৰেদি থোকাৰ তামোল গছ আৰু আগত লেটেকুৰ গছ দেখা গৈছিল। ভঁড়ালৰ কাষত এজোপা নাহৰ গছ আৰু আগত এজোপা তগৰ ফুলি আছিল। বহাগ সোমাইছে মাথোন। দূৰণিৰ পৰা টকা, পেপাৰ মাত আৰু ৰিণিকি ৰিণিকিকৈ বনগীত মাজে মাজে শুনো-নুশুনোকৈ ভাহি আহিছিল। বাণেশ্বৰ বৰুৱাৰ গাভৰু জীয়েক চোতালতে মূঢ়া এটাত বহি এৰী সূতা কাটি আছিল। ওচৰতে এটা কুঁকুৰ-পোৱালি হাঁহকেইটামানক খেদাখেদি কৰি কুঁ-কুৱাই পুৰিছিল। বাণেশ্বৰ বৰুৱাৰ জীয়েকৰ নাম লভিতা। দেখিবলৈ বগা আৰু শুৱনি। তাই মাজে মাজে বনগীত এফাঁকি-দুফাঁকি গায় কুকুৰটোলৈ চাই হাঁহে, আকৌ বনগীত গায় তাই ৰলে কেতিয়াবা দূৰৈৰ বনগীত এফাঁকি উটি আহে। তাই ৰ লাগি ৰৈ শুনে। তাৰ পিছত নিজে গায়।
দূৰণিৰ উটি অহা বনগীত
লুইতেদি যাৱ ক'ৰে নাৱৰীয়া
তই ক'ৰে নাৱৰীয়া ঐ
মানুহে মানুহৰ মৰম নুবুজে
তেজীমলাহে মই।
লুইতেদি বয় ক'ৰে ৰূপৰ পানী
কি কথা বুকুতে লই
মনৰে কথা মোৰ মনত মৰহিলে
তেজীমলাহে মই।
লভিতাৰ বনগীত
মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী
তোৰ বাৰীত পৰিলে ছাঁ,
তোৰে মনৰ কথা উটুৱাই আনিলে
সন্ধিয়াৰ বাউলী বা।
বাউলী বাৰে আউলী চুলি
কাৰ কথা কৈয়ে
মাত কু-উ বুলি?
ৰূপহ কলীয়া কুলি!
[এনেতে দূৰৈত খিলখিলকৈ ছোৱালীৰ হাঁহি শুনা যায়। লভিতা তভক মাৰি ৰয়। আকৌ খিলখিলকৈ হাঁহি সোণ, ৰূপ, হীৰা, তিনিজনী ধুনীয়া গাভৰু কাষত পিতলৰ কলহ লৈ সোমাই আহি লভিতাৰ আগত খিকখিকাই হাঁহিবলৈ ধৰে।]
লভিতাঃ ঔ আই! আজি দেখোন ৰচকী বাইহঁতৰ হাঁহিৰ ভমক চৰিল!
[ছোৱালীহঁতে আকৌ খিলখিলকৈ হাঁহে।]
সোণঃ চৰিবতো লভিতা বাইটী। তোমাৰ বনগীতৰ সুৰে আমাক জোকাই ভাকুত-কুতাই দিছেগৈ সেইহে।
[আকৌ গাভৰুকেইজনীয়ে খিলখিলকৈ হাঁহে।]
লভিতাঃ তহঁতৰ ক'ত কুত-কাতলেগৈ অ'? কাষলতিতনেকি?
সোণঃ কাষলতিত নহয় বাইটী! কাণৰ লতিতহে।
[খিকখিককৈ হাঁহে]
লভিতাঃ কি অ' এইকিজনী কথাই কথাই খিকখিকাই থাকে!
ৰূপঃ তুমি আকৌ গোলাপ ককাইটিৰ চিতনি-ভাৱনিত গহীন হৈছা! আমিনো কাৰ চিতনি-ভাৱনিখন কৰিছো যে নাহাঁহি মুখখন এহাত দীঘলকৈ ওলোমাই থম?
[আটাইকেইজনীয়ে আকৌ হাঁহে]
লভিতাঃ তহঁতৰ সৈতেনো কোনোবাই কতা কাটিব পাৰেনে? তহঁতৰ জিবা নহয়, ডাঢ়ি খুৰুৱা খুৰহে।
সোণঃ (দুষ্টালিৰে) কাৰ ডাঢ়ি খুৰুৱা বাইটী? এ এ ---গোলাপ ককাইদেউৰ?
(লভিতাই চকু ঘোপা কৰি সিহঁতৰ ফালে খেদা মাৰি যায়। আটাইকেইজনীয়ে খিকখিককৈ হাঁহি অলপ আঁতৰলৈ যায়।)
হীৰাঃ (অলপ আঁতৰৰ পৰা এটা ধেমেলীয়া গীত গায়।)
গীত
বাইদেউ বাইদেউ
ৰজাৰ জী আইদেউ!
দোলাখন আনি দে যাওঁ,
বাইদেউৰ দৰাটো ফেৰেকাঠেঙীয়া
ধিনিকি ধিন্দাও দাও।
(হাঁহে)
(লভিতাই হাঁহি বহেহি)
সোণঃ (দুষ্টালিৰ হাঁহিৰে আন কেইজনীক চকু পিৰিকায়) পি---পি---পিছে বাইদেউ! আজি আমি আহোঁতে বাটত মিলিটেৰী পোছাক পিন্ধি গোলাপ ককাইদেউক অহা দেখিছিলো নহয়।
লভিতাঃ দেখিছিলি! (গহীন হৈ) দেখিছিলি যদি দেখিছিলি। পিছে মই কি কৰিব লাগে?
সোণঃ পিছে হাতত কিবা বোলেনে-----------কিবা ৰঙা তেল এবটল দেখিছিলো। আমাৰ বাইদেউলৈকে আনিছে হ'বলা?
লভিতাঃ (ভেকাহি মাৰি) যা, যা, চুপতি নকৰিবি। তোলৈহে আনিছে।
(কেউজনী গাভৰুৱে খিলখিলকৈ হাঁহে)
সোণঃ আমালৈ কেলৈ আনিব বাইটী! যালৈ মনত পৰি পৰি তেওঁৰ আমঠু ক'লা পৰিছে তেওঁলৈহে আনিব।
বোলে----
বাইটী বাইটী চেনেহৰ আইটী
বগৰী পাৰি দে খাওঁ,
আমাৰে আইটীৰে চুলি ফপৰীয়া
গোন্ধ তেল ঘঁহি মেলাওঁ।
(আটাইকেউজনীয়ে খিকখিকায়। লভিতাই চকুৰে খং দেখুৱাই ওঁঠেৰে দাঁত কামুৰি মিচিকিয়া হাঁহিৰে সিহঁতক খেদা মাৰে। কুকুৰ-পোৱালিটোৱে আকৌ ভুক-ভুক কৰে। এনেতে হো-হোৱাই ওপৰেদি এখন উৰাজাহাজ উৰি যায় আৰু সকলোৱে ওপৰলৈ চাই থৰ হৈ ৰল। লাহে লাহে উৰাজাহাজৰ শব্দ নাইকিয়া হয়।)
হীৰাঃ (মুখত আতঙ্কৰ ভাব লৈ) আজি দুদিনমানৰ পৰা দেখোন উৰা জাহাজবোৰ বৰকৈ উৰিছে। কিবা এটা হ'ব।
ৰূপঃ ইহ, আজি পিতাইৰ আগত গেৰেলা গাঁওবুঢ়াই কৈছিল---বোলে জাপানীহঁতে হেনো মণিপুৰখন ঘেৰাও কৰি আছে আৰু বোলে কহিমাখনতো সোমালহি।
সোণঃ ভাল কথা কৈছ। সিদিনা বোলে দুটা জাপানী বোকাখাটত ওলাইছিলহিয়েই।
লভিতাঃ এৰা অ'! কিনো হয়গৈ ক'ব নোৱাৰি---আমাৰ নো কি হ'ব চাগৈ!
হীৰাঃ যি হ'ব লাগে হ'ব। সেই মান দেশৰ পৰা অহা ভগনীয়াবোৰৰ দৰে আমিও কোনোবা ধুবুৰীত লেলাই-ধেন্দাই মৰিবগৈ লাগিব।
ৰূপঃ মৰিলেতো ভালেই। সেই ক'লা ক'লা নিগ্ৰোবোৰ দেখিলেহে ভয় লাগে । এ-এ বাইটী! সিদিনা পাঁচোটা নিগ্ৰোৱে আমাৰ গাঁওবুঢ়াৰ জীয়েকক পহু খেদা দিলে নহয়। ভাইগে পুলিচৰ দাৰোগা এজন চাইকেল মাৰি আহিছিল--নহ'লে ইস ইস--বাইটী! সেইবোৰ ভাবিলে কলিজাডোখৰে কাঁও-বাঁও কৰি আহে বাইটী।
লভিতাঃ (মুখ গহীন আৰু খং প্ৰকাশ কৰি) বুজিছনে, এইবোৰ উত্পাত দেখি কেঁচাইখাতী গোঁসানী হৈ সিহঁতৰ হাড়-মূৰ চোবাই পেলাবৰ মন যায়। কি সোণাময় দেশখনত কি ভূত-দানহবোৰ ওলালহি অ'!
(এনেতে দূৰৈৰ পৰা বহু মানুহৰ কণ্ঠেৰে গীত আহে। আটাইকেউজনীয়ে সেইফালে চাবলৈ ধৰে। দূৰৈৰপৰা কংগ্ৰেছ ভলণ্টিয়াৰৰ দল এটাই গীত গাই গাই সেইফালে আহি আছে।)
গীত
সাজু হ, সাজু হ, নৱ জোৱান!
সাজু হ, সাজু হ, নৱ জোৱান!
তই কৰিব লাগিব অগ্নিস্নান।
জীৱন যৌৱন
কৰি প্ৰাণপণ
ৰাঙলী কৰি দে ৰণাঙ্গণ
জয়-শঙ্খ বজা
পৃথিৱী-কপাঁই
অত্যাচাৰকো কৰি বৰণ
স্বাধীনতা ধন
নতু মৰণ
লোহাৰে শিলেৰে
বান্ধি ল মন।
বজ্ৰকণ্ঠে বিশ্বক শুনা
সত্যৰ জয়গান
বুকুৰ তেজেৰে ধুই দে আজি
ভাৰতৰ অপমান।
সাজু হ, সাজু হ, নৱ জোৱান।
(লাহে লাহে গীত গোৱা সমদলৰ মাত তেনেই ওচৰ চাপি আহে। পুনৰ দূৰলৈ যায়গৈ।)