সদস্য:Boranitul/মিৰি জীয়ৰী/ত্ৰয়োদশ অধ্যায় - পানেই

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মিৰি জীয়ৰী
লেখক ৰজনীকান্ত বৰদলৈ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
মিৰি জীয়ৰী
  1. প্ৰথম অধ্যায় - নৈৰ পাৰত
  2. দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত
  3. তৃতীয় অধ্যায় - মিৰি গাঁৱত
  4. চতুৰ্থ অধ্যায় - পানেইৰ ঘৰত
  5. পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত
  6. ষষ্ঠ অধ্যায় - ভূঁইতলিত আৰু ঘৰত
  7. সপ্তম অধ্যায় - মিৰি গাঁও দুখনত
  8. অষ্টম অধ্যায় - এন্ধাৰ নিশা
  9. নৱম অধ্যায় - হাবিৰ মাজত
  10. দশম অধ্যায় - লক্ষীমপুৰ নগৰত
  11. একাদশ অধ্যায় - আকৌ সোৱণশিৰী নৈৰ বুকুত
  12. দ্বাদশ অধ্যায় - ঘূণাসুঁতি গাঁৱত
  13. ত্ৰয়োদশ অধ্যায় - পানেই
  14. চতুৰ্দশ অধ্যায় - জঙ্কি
  15. পঞ্চদশ অধ্যায় - পৰ্বতৰ ওপৰত
  16. ষষ্টদশ অধ্যায় - বাৰেগামৰ মেল
  17. সপ্তদশ অধ্যায় - চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক নৈৰ পাৰলৈ নিব লাগে।
  18. সামৰণি - আকৌ সোৱণশিৰী নৈৰ বুকুত

সেই নিশা পানেই গাঁৱৰ ওচৰৰ হাবিৰ মাজতে থাকে। ৰাতি পুৱালত তাই হাবি ফালি উত্তৰ ফাললৈ মুখ কৰি যাবলৈ ধৰিলে। বাঘ, বালুক ইত্যাদিৰ ভয়ত তাই আঁঠুকি আঁঠুকি দৌৰিবলৈ ধৰিলে। তাই কলৈনো যাব কিনো কৰিব ইয়াৰ একোকে থিৰ কৰিব নোৱাৰিলে। তথাচ তাই যাবলৈকে ধৰিলে। দিনটো গৈ গৈ ভাগৰ লাগিল। ৰাতি হল, এজোপা গছৰ তলতে প্ৰাণৰ মায়া এৰিও পৰি থাকিল। পিছদিনা ৰাতিপুৱাই তাই আকৌ যাবলৈ ধৰিলে। আৰু এইদৰে তিনিসাজ লঘোণ খাতি গধূলি এখন হিন্দুৰ গাঁও পালেগৈ। তাত হাবিৰ পৰা ওলাই সেই গাঁৱৰে এঘৰ মানুহৰ ঘৰত চাপিল আৰু আতুৰ মাতেৰে পানী এটোপা খুজি খাই নিশাটো তাতে থাকিবলৈ মন কৰিলে।

যি মানুহৰ ঘৰত পানেই চাপিছিল গাঁৱৰ ভিতৰত সেই মানুহঘৰেই চহকী। সেইঘৰৰ দুই-তিনিটা ডেকা আছিল। ডেকাকেইজনে অলপ অলপ লেখা-পঢ়াও জানিছিল। এজনে ছাত্ৰবৃত্তি পৰীক্ষাও পাছ কৰিছিল। এই ডেকাটোৰ বয়স প্ৰায় পঁচিশ বছৰ। সি পানেইক দেখিলে যে তাই মিৰিয়নী হলেও দেখিবলৈ শুৱনি। তাইনো কৰ, কৰ পৰা আহিছে, কিয়নো এনেকৈ হাবিৰ মাজে মাজে ফুৰিছে, এইবিলাক কথা তাৰ জানিবলৈ ইচ্ছা হল।

ডেকাজনে যে গাঁৱৰ একেবাৰে চহা বিধৰ মানুহ সেইটি নহয়। তেওঁৰ ভৰিত সদায় জোতা। মূৰটিও সদায় চিকুণে মেলোৱা। আৰু এইবিলাকৰ লগে লগে তেওঁৰ গাত বাবুৱনিৰ আন আন চিনবিলাকো আছিল। তেওঁ গাঁৱত থাকিয়েই ইংৰাজী সুৰাও সেবিবলৈ শিকিছিল। আনকি সভ্য সমাজত ঠায়ে ঠায়ে গণ্যও হৈ ফুৰিছিল।

পানেইক পানী-দুনী খুৱাই অলপ ঠাণ্ডা কৰি গধূলি হৈ আহিলত ডেকাজনে লাহে লাহে হাতত এটা বটল, গিলাচ এটাৰে সৈতে লৈ চৰা-ঘৰত বহি তেওঁ চাকৰক ধঁপাত খুজিলে। চাকৰে ধঁপাত আনি দিলে। তেতিয়া তেওঁ ধঁপাত খাই খাই পানেইক সুধিলে-

  • "তই দম্পাত কাৱনে?"
  • পানেই-"কাওঁ।"

তেতিয়া ডেকাটোৱে আগ্ৰহেৰে সৈতে পানেইক চিলিমটো দিলে। পানেয়েও ধঁপাত খাব ধৰিলে। তেতিয়া ডেকাটোৱে বটলৰ পৰা গিলাচত সুৰা ঢালি পানেইক আকৌ সুধিলে, "তই আপং (ক) কাৱনে?"

পানেয়ে এই কথাত পেটে পেটে ভাবিলে যে তাইি আজি তিনিদিন অনাহাৰ। শৰীৰত বৰ ভাগৰ লাগিছে। সদায় খাই-বই থকা এটুপি আপং পালে তাইৰ শুকান গললৈ ৰস আহে। ভাগৰ লগা দেহটোত অলপ বল হব ইত্যাদি ভাবি-চিন্তি তাই ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া আমাৰ এই ডেকাজনে গিলাচে গিলাচে পানেইক মদ দিবলৈ ধৰিলে। আৰু নিজেও খাবলৈ ধৰিলে। পানেয়ে তিনি-চাৰি গিলাচ মদ পেটত পেলালে, তেও তাই অথিৰ বা মতলীয়া নহল। কিন্তু ডেকাজন নিতান্ত অথিৰ হৈ উঠিল। তাৰ প্ৰথমেই ভাব হল পানেই গাভৰু; তাৰ পাছত ধুলো ধুলো চকু দুটাৰে চাবলৈ ধৰিলে। দেখিলে পানেই শুৱনি। তেতিয়া সি কবলৈ ধৰিলে-"তই দেখিবলৈ বাৰু অ'।"

  • পানেই-"জানো। অলে অব পাৰোঁ।"
  • ডেকা-"য়য় আৰু নয়য়নো কেলেই।"
  • পানেই-"অলুয়েই বা কিনো অল।"
  • ডেকা-"একো নাই য়োয়াতো। তোৰ নামটোনো কি?"
  • পানেই-"পানেই।"
  • ডেকা-"তোৰ নামটোও বাৰু।"
  • পানেই-"এৰা মোৰ অকলো বাৰু।"

ডেকাজনে এই কেইফাকি কথা-বতৰা হৈয়েই উত্ৰাৱল হল। পাঠক! কবলৈ লাজ লাগে-ডেকাজনে অত্যাচাৰ কৰিব মনেৰে পানেইৰ সৈতে দবৰা-দবৰি লগালে। কিন্তু ধন্য মোৰ মিৰি জীয়ৰীৰ বল। তাইক সি বলে নোৱাৰিলে, সি তাইৰ সতীত্ব নষ্ট কৰিবলৈ পাৰগ নহল। শেহত অতি নৈৰাশ মনেৰে সি পানেইক কলে-

  • "পানেই মই বৰ বেয়া পালোঁ।"
  • পানেই-"ছিঃ তই এনেবোৰ লাজ লগা কথা বৱ। এইবিলাক পাপ।"
  • ডেকা-"মই তোক পালে সকলো পাপকে কৰিব পাৰো। মই যাওঁ যাম নৰকলৈ। কিন্তু পানে। তই মোৰ আশা ছেদ কৰিব নালাগিছিল।"
  • পানেই-"ছিঃ তই বাল মানু য়ৈ আমাৰ মিৰিয়নীতো চকু দিয়। আমি তয়ঁতৰ বেটীৰ জোৰৰো নয়ঁও।"
  • ডেকা-"পানেই তই যদি বেটী ছোৱালীও হলিহেঁতেন, তথাচ তোক মই নেৰিলোহেঁতেন। পানেই মোৰ প্ৰাণ শীতল কৰ।"

এইবুলি ডেকাজনে আকৌ জাঁপ মাৰি, পানেইক ধৰিলে। কিন্তু ধন্য মিৰি জীয়ৰী মোৰ। তাই লক্ষ্যভ্ৰষ্ট নহল। নিজৰ সতীত্ব ৰক্ষা কৰিলে, অথচ চিঞৰ-বাখৰ নকৰিলে। ডেকাটো ভাগৰি আঁতৰ হলতে তাই কবলৈ ধৰিলে-

"চাচোন? মই কত দুখ পাই আই-বোপাইকো এৰি পলাইছোঁ। এতিয়া নিশা তয়ঁতৰ গৰতে চাপিলোঁ, কি জানি এই দুককৰ অংয়াৰতো মই এপেৰা নিকা চাইদাৰ জিৰাবলৈকো পাওঁ। কিন্তু তই মোৰ আশ্ৰয়দাতা হৈয়ো মোক অইনায় কৰিবলৈ বিচাৰিলি। য়েন জানি বাগে খাওক বালুকে খাওক মই যাওঁগৈ" এই বুলিয়েই উচাট মাৰি তাই ওলাই গল।

পাঠক! আমাৰ এই ডেকাটোও নিতান্ত চিত্তহীন নহয়। তাৰ নিচা এৰিলত পানেইৰ তেজোনয় শেষৰ কথা কেইফাকিয়েই তাৰ জ্ঞানচকু মুকলি কৰিলে। সি জানিব পাৰিলে প্ৰকৃততে সি বৰ গৰ্হিত কাম কৰিছে। নিজৰ মনটো দুখিত হল আৰু মনে মনে প্ৰতিজ্ঞা কৰিলে যে সি আৰু এনেকুৱা কাম নকৰে।

দুখিত অন্তঃকৰণেৰে সৈতে সি পানেইক কবলৈ ধৰিলে-"পানেই তই নাযাবি। আজি নিশা ইয়াতে খাই-বই থাক। তোক আৰু মই বেজাৰ নিদিওঁ। যিমান পাৰোঁ তোক সহায়হে কৰিম।"

ডেকাটোৰ এই কেইফাকি কথাত পানেই উলটিল। আৰু চিত্তেৰে সৈতে ডেকাটোক শলাগিলে। ৰাতি সিহঁতৰ ঘৰতে খাই-বই পৰি থাকিল। কিন্তু ৰাতি পুৱাওঁ পুৱাওঁ হওঁতেই তাই সিহঁতৰ ঘৰ এৰি আকৌ হাবিলৈ পলাল।

ত্ৰয়োদশ অধ্যায়ৰ মিৰি ভাষাৰ শব্দৰ ভাঙনি[সম্পাদনা কৰক]

(ক) আপং-মদ।