সমললৈ যাওক

সদস্য:Boranitul/গাওঁবুঢ়া/চতুৰ্থ অঙ্ক

ৱিকিউৎসৰ পৰা

প্ৰথম পট,-মৰিয়াগাওঁ

[সম্পাদনা কৰক]


(ভোগমনে হাজত নামেৰে মৰিয়া ল'ৰা এটা লগত লৈ ৰচদ বিচাৰি ফুৰে)
ভোগঃ হেৰ কটা, তহঁতৰ গাঁৱৰ কাৰ কাৰ ঘৰত কুকুৰা আৰু কণী সৰহকৈ আছে? কচোন।
হাজতঃ এ, আমাৰ গাঁৱত খৰহকৈ কাৰো ঘৰত নাই দেও। খৌ ভেল্লেউ আৰু বিলত এহঁতিৰ ঘৰতে দহোটামান দেখিছোঁ; আৰু পেজানৰ ঘৰত হ'লে মই ৰাতি খুবলৈ যাওঁতে, তাৰ কুকুৰা দুজনীয়ে কণী পৰা দেখিছিলোঁ।
ভোগঃ বাৰু, আহ, আগেয়ে ভেলেউ আৰু বিলতৰ ঘৰ হৈয়ে যাওঁ। মই ধৰ বুলিলেই তই ধৰি লবি দেই; তই কাৰো কথালৈ কাণ নিদিবি।
হাজতঃ উঃ, মই নোৱাৰোঁ দেও, ভেলেউ মানুহ ভাল নহয়, তাই গালি খপিব দেও।
ভোগঃ বাৰু, মই আছোঁ, তই ভয় নকৰিবি, গালি পাৰে, যি কৰে, মোক কৰিব; তোক কোনেও একো কৰিব নোৱাৰে। (ভেলেউৰ দুৱাৰমুখতে কুকুৰা এজনী দেখা পাই) হেৰ, ধৰ ধৰ, সেইজনী ধৰি ল। (ল'ৰাটোৱে লাহে লাহে গৈ ধৰিলত কুকুৰাজনী চিয়ঁৰি উঠে)
ভেলেউঃ (ওলাই আহি) ছুহ ছুহ, কিহে নো ধৰিলেও মোৰ কুকুৰাজনী! (মৰিয়া ল'ৰাটোলৈ চাই) অ, খোদাই! ভালেটি হে, এই খিয়াটোৱে ধৰিছেহি। হেৰ, খুলমুৱা, কেলেই ধৰিছ মোৰ কুকুৰাজনী? বাপেৰৰ বৰঘৰ পাইছহি নে কি? বন্দি, ভিকহুৰ পো!
ভোগঃ ময়ে ধৰাইছোঁ। আজি বৰচেহাব পাবহি, ৰচত তুলিব লাগে। হেৰ, ভেলেউ, কণী আছে যদি গোটাচেৰেক আনগৈ যাচোন।
ভেলেউঃ এঃ, নেদেখিছা দেহি! এইটোৱে ৰচতলৈ মোৰ ককুৰাজনী হে পাইছেহি! চাওঁ এৰি দে।
(কাঢ়ি আনিবলৈ আগ বাঢ়ে)
ভোগঃ হেৰ, এইটো-সেইটো নকৰিবি দেই, ধুন দেখুৱাম পাচে।
ভেলেউঃ ইঃ, এইটো বুলিলত নাকতিটো খৰি পৰিল দেহি! মৰিয়াৰ পঁইতা খোৱা পো, চেহাব বাপেৰক ৰচত লাগে যদি, খৰহকৈ থকা কেঘৰলৈ নেযাৱ কিয়? বাঁৰী-দুখুনীৰ ঘৰত হে তোৰ চকু পৰে?
ভোগঃ হেৰ ভেলেউ, তই মুখ চম্ভালি কথা কবি দেই। ইয়াৰ পৰা তোৰ বেয়া হ'ব জানিবি। মই আজি গৈয়ে মৌজাদাৰ হাকিমক এইবোৰ ৰেপট কৰিম গৈ, ৰবি।
ভেলেউঃ ঔ, খোদাই! এতিয়া হে মৰিলোঁ! পলাবলৈ কেঁকোৰা গাঁত এটাকে বিচাৰিব লাগিব! কবিগৈ যা, মৌজাৰীয়ে মোৰ কাণ দুখন কাটিব, তালৈকে মই ভয় কৰিছোঁ।
ভোগঃ (মৰিয়া ল'ৰাটোক) হেৰ, বল, আমি যাওঁ। মৰিয়ানীৰে সৈতে কোনে চুপতি কৰি থাকে। আমাৰ কাম কৰি ললোঁ; তাই এতিয়া বকি থাওক।
হাজতঃ (বিলতৰ কমাৰশাললৈ আঙুলিয়াই) চোৱাচোন্ খৌ কেটা কেনেকৈ খুই আছে! ধৰিবলৈ বৰ ভাল হৈছে। যাম নে? ধৰিমগৈ নে?
ভোগঃ ওঁ, সুধিব লাগিছে নে? যা, যা, ধৰগৈ। মনে মনে যাবি।
হজতঃ (লাহে লাহে গৈ দুহাতে দুটা ধৰি লয়) হেৰা, খৌটো বিলত আহিছে! আপুনি আগ বাঢ়াঁ। মোক খপিবহি এতিয়া!
বিলতঃ (ভিতৰৰ পৰা খঙ্গেৰে আহি) হেৰ, এইকিটা ক'ৰ কুকুৰা ধৰা খিয়াল আহিলহঁতঔ! হাঁহৰ পেটু-চোঁচা হেঁদু, বিখয় খাইছ, ৰচত যোগাব লাগে যদি, ঘৰতে কুকুৰা পুহি নলৱ কিয়। দুখীয়া মানুহক কেলেই এইদৰে অইনাই কৰি ফুৰ?
ভোগঃ হেৰ, শুকান-খোৱা মৰিয়া! বৰকৈ টপটপাৱ দেখোন। হাকিমৰ হুকুম মতে হে আহিছোঁ, সেইটো মনত ৰাখিবি। সিবাৰ গফুৰ মৰিয়াৰ এনে কথাৰ মূৰত কি দশা হৈছিল মনত আছে নে?
বিলতঃ (সেও হৈ) এৰা বুবাই! তহঁতে আৰু দূৰলৈ যাব নোৱাৰ, দুখীয়া বুঢ়াৰ হে দুটাকৈ কুকুৰা ধৰিবলৈ পালিহি! বাৰু যা, আমি মৰা মৰোঁ, হাকিমেই বিখই খাই তৰক। (ভিতৰলৈ বেজাৰ মনেৰে সোমাই যায়)
ভোগঃ (মৰিয়া ল'ৰাটোলৈ চাই) হেৰ, কুকুৰা যেনিবা তিনিটা পোৱা হ'ল, কণী হে নেপালোঁ। সঁচা কথা ক'লে কোনেও নিদিয়ে; সেই দেখি পোনেই কিনিবলৈ আহিছোঁ বুলি ক'ম। তাৰ পাচে, কণী হাত কৰি ল'লে আন উপায়ে পোৱা যাব।
হাজতঃ বাৰু, আপুনি যি বুধি কৰিবা, ময়ো তাকে কৰিম।
ভোগঃ (পেজানৰ দুৱাৰমুখত) হেৰ, পেজান ঘৰত আছ নে? ওলাই আহচোন।
পেজানঃ (ওলাই আহি) কোন? অ, আমাৰ গাওঁবুঢ়া দেও। কিবা হ'ল?
ভোগঃ হেৰ, তোৰ ঘৰত বোলে কুকুৰা-কণী আছে; মোক সিকি এটা মানৰ দেচোন। আমাৰ চেহাবক লাগে বোলে।
পেজানঃ বাৰু, আপুনি অখন্তক থি হোৱাঁ; মই আনোগৈ। (প্ৰস্থান) (ভোগমনে জোমাজুমিকৈ থাকোঁতেই কণী লৈ পেজানৰ পুনঃ প্ৰৱেশ)
ভোগঃ কিমান আনিছ?
পেজানঃ খোলটা আনিছোঁ; আনক হ'লে তিনি পইচাৰ দুটাকৈহে দিওঁ। তোমাক বুলিহে গোটে পইচাকৈ দিছোঁ।
ভোগঃ বাৰু, হেৰ ল"ৰা, কণী কেইটা বান্ধি লচোন। (মৰিয়া ল'ৰাই কাপোৰৰ আগত কণী বান্ধি লয়; আৰু আহিবলৈ ধৰে)
পেজানঃ (আগচি ধৰি) ক'তা, আপুনি পইচা নিদিলাচোন?
ভোগঃ (হাঁহি মাৰি) হেৰ, এইবোৰ ৰচত হে গোটাইছোঁ। মৌজাদাৰ হাকিমৰ হুকুম। বৰচেহাব আহিছে।
পেজানঃ (মনটো আমোলাই) এহ, এইবোৰ আৰু বৰ অখহনি কথা! দুখীয়া মানুহ, কণীগাল বেচিয়ে চুৰিয়া এডোখৰ লম বুলিছিলোঁ! এতিয়া খিকেটা বেচি নো কি পাম, নুজুৰিব।
ভোগঃ অ, আৰু আছে যদি, আন চাইটামান; এবুৰি তেও পূৰা হওক।
পেজানঃ এ, নাই দেও, যোৱাঁ। এ খোদাই! এনেকুৱা অধৰম হ'লে আৰু কেনেকৈ তৰিম! (উচাত্ মাৰি গুচি যায়)
ভোগঃ (দীঘলকৈ হামি এটা মাৰি) ৰাধে, ৰাধে, ৰাধে! গাটো ৰাঁই -জাঁই কৰি আহিছে ঔ! লঘোনীয়া গা!
হাজতঃ কি হ'ল? গা বেয়া কৰিছে নে? মোৰো ভোক লাগিছে। আপুনি মোক এৰি দিয়া দেও।
ভোগঃ হেৰ, মই আজি গাকে ধোৱা নাই। তই দিনটো হাঁহ-কুকুৰাৰ দৰে খাই থাকিও এতিয়া কেঁকাইছনে?
হাজতঃ হয়, হয়, আপুনি এখাজি নমৰাকৈ আহিছাঁ? মিছা নকবা হে।
ভোগঃ এৰা, নপতিয়াবি তো; মোৰ দুখ নো কোনে পতিয়াব! বল, বল, একেবাৰে আৰ্দ্দলিৰ হাতত দি আহোঁগৈ বুপাই। নিচেই তাকৰ হে হ'ল, কি কৰে আজি ঠিক নাই।
(প্ৰস্থান)

দ্বিতীয় পট,-চৰ্কাৰী আলহী-বঙলা

[সম্পাদনা কৰক]


(খানচামা, চৰ্দ্দাৰ, আৰ্দ্দলি এইবিলাকে বৰচাহাবৰ মাল-বস্তুৰ দিহা লগাইছে)
খানচামাঃ চৰ্দ্দাৰ জি, আভিতক ৰচদ নাহি মিলাহেঁই; ক্যা কৰেঙ্গে? টিফিনকোৱাষ্টে কয়ঠো আণ্ডা মিলনেচে ভি হোতা হ্যাই।
চৰ্দ্দাৰঃ হ্যাঁ আভিতক কুচ্ নাহি আয়া; একঠো আডমি ঠোৰা লাকৰি ৰাখকে চলাগিয়া হ্যাই। (আৰ্দ্দলিলৈ চাই) দেখ আৰ্দ্দলি, তোম ইধাৰ-উধাৰ হোকে দেখতো কোই আতাহেই কি নাহি।
আৰ্দ্দলিঃ অ, ৰহ, ৰহ, ঐ দুইটা আডমি আহতা হে। তাঁহাতৰ হাতমে কিবাকিবি আনটাহেই।
(ৰচদে সৈতে ভোগমনৰ প্ৰৱেশ আৰু ৰচদৰ ভাৰখন থৈ মৰিয়া ল'ৰাৰ প্ৰস্থান)
খানচামাঃ তোম কি কি আনিছে? আচ্ছা আমি দেখিবে।
ভোগঃ এ, কিনো চাবা, নেপালোঁৱেই দেও; কুকুৰা তিনটা আৰু কণী ষোলটা মাথোন পাই লৈ আহিছোঁ।
খানঃ (আৰ্দ্দলিলৈ চাই) অঃ, ইস্মে ক্যা হগা! আভি টিফিনমে দেকে, হামলোক খানেছে, ফজৰমে ছোটা হাজিৰিকোৱাষ্টে আণ্ডা নাহি হোগা। তব ক্যা হোগা?
আৰ্দ্দলিঃ (খঙ্গেৰে) হেৰ গাধ, ইমান দিনে ইয়াকে গোটাই ৰাখিছিলি নে? চুৱৰ বদমাছ! মই জানিছোঁ, এইবোৰ তহঁতৰে ফাঁকতি। পাচত বেচি খাবলৈ কৰবাত লুকুৱাই থৈ আহিছ, নহয় নে?
ভোগঃ এ, দেও হে, তুমি অসমীয়া মানুহ হৈয়ো এনে কথা কিয় কোৱাঁ? আজি দুপৰীয়া মাথোন মৌজাদাৰে ৰচতৰ কথা কৈছে। ময়ো দিনটো বিচাৰি এই কেটা হে পালোঁগৈ।
আৰ্দ্দলিঃ দগাবাজ! এতিয়াই কলি, বোলে, দুপৰীয়া হে খৱৰ পাইছ, আকৌ নো দিনটো কেনেকৈ বিচাৰিলি? মই জানো, এইবোৰ চব তহঁতৰ ফাঁকতি। বাৰু, এতিয়াই মই তাৰ পোটক দিম, অলপ ৰবি।
ভোগঃ (কাওঁবাওঁকৈ) হেৰা দেও! কেলৈ নো এইখন কৰাঁ। মই শপত খাই কৈছোঁ, ইয়াতকৈ আৰু আজি সৰহ গোটাব পৰা নাই।
আৰ্দ্দলিঃ চুপ, চেলা হেৰামজাত! এতিয়াই মই তোক চেহাবৰ ওচৰত হাজিৰ কৰি দিম নি। (অলপ লাহেকৈ) বাৰু, কুকুৰা আনিছ চেহাব আৰু মছলমানকেটালৈ; আমালৈ কি আনিছ? তই কুকুৰা খাৱ হ'ৱলা? নেজান নে চেহাবৰ লগত হিন্দু মানুহো আহে?
চৰ্দ্দাৰঃ চুৱাৰকা বাচ্ছা, হামিভি জানিছে তুমি বৰা পাঁজি আডমি আছে। আচ্ছা, হামি হিন্দুলোক খাবলৈ কি আনিছে?
ভোগঃ এহ তোমালোকে ভাল ক'ব পাৰাহঁকদেও! হাকিমে যাক যি কাম বটাই দিছে, আমি তাকেহে কৰিব পাৰোঁ। মোক মৰিয়া গাওঁৰ পৰা কুকুৰা আৰু কণী বিচাৰি আনিবলৈ হে হুকুম কৰিছিল।
আৰ্দ্দলিঃ কোন তোৰ হাকিম অ? কোনে তোক এনে হুকুম দিছিল? তই মৰিয়া নে কি, তোক যে কুকুৰালৈ হে পঠাইছিল? বাৰু, আজি সেই কুকুৰা আৰু কণী তোকে খুৱাম, ৰ।(চৰ্দ্দাৰলৈ চকু টিপ মাৰি) চৰ্দ্দাৰ, ধৰও, ইস্কু খানচামাৰ পাচ লৈ যাইগা; হুঁৱা ইস্কু কুকুৰা কণী খিলাই দেগা ( দুয়ো ভিতৰলৈ নিয়াৰ ভাবুকি দেখুৱাই ভোগমনক টনাঢোঁহা কৰে)
ভোগঃ (কাওঁবাওঁকৈ) হেৰ, বধ লাগে দেউতাটি সকল ঐ! কাবৌটি কৰিছোঁ, মোক এৰি দিয়াহঁক ঐ। হেৰা, মোৰ ঈশ্বৰহঁত, দিনটো ভাত-পানী নাই, গা আচন্দ্ৰাই কৰি আছে; আৰু টনাটনিকৈ মোক নধৰিবাহঁক ঔ!
আৰ্দ্দলিঃ এতিয়া আৰু দেউতা-বিধতা কৰিলে এৰণ নাই। ব'ল, চেলা, ব'ল। (দুয়ো টানি অলপ বাট লৈ যায়)
ভোগঃ (বৰকৈ চিয়ঁৰি) ঐ, সঁচাকৈয়ে নিয়ে দেখোন ঔ! হেৰৌ, মহাৰাণীৰ দোহাই! দেউতাসকলঔ! এনে ক'ত দেখিছ বোপাহঁত ঔ! ইহঁত মানুহ নহয়, যমদূত ঔ!
(গোলমাল শুনি বৰচাহাব ওলাই আহে)
বৰ চাঃ ইয়াটে কোন মানুহ হালা কৰিছে?
আৰ্দ্দলিঃ হজুৰ, এই মানুহটোৱে।
ভোগঃ (কঁপি কঁপি) হুজুৰ, হুজুৰ খোদাবেণ্ডা, গৰিপৰ মা-বাপ!
বৰ চাঃ টুমি হাই কৰিছে? টোমাৰ কি হৈছে? কব লাগে আমি ডেকিব কোন আডমি টোমাকে জুলুম কৰিছে।
ভোগঃ হুজুৰ, একো হোৱা নাই। গোলামৰ একো হোৱা নাই। এই কেইটাই হে--
আৰ্দ্দলিঃ হুজুৰ, এইটো বৰা লাঠুৱা মানুহ আছে। ই নতুনকৈ গাওঁবুঢ়া হৈছে; আমি সিবছৰত আহোঁতে শুনি গৈছোঁ। ই আজি দিনটো হজুৰৰ নাম কৰি ৰায়তৰ পৰা ৰচত গোটাই তাৰ ঘৰত লুকুৱাই থৈ আহি, ইয়াত মুঠে কুকুৰা এটা আৰু কণী চাইটা উলিয়াইছেহি।
বৰ চাঃ (চকু পকাই ভোগমনক) টুমি টিক ৰচত লুকাই ৰাকিছে? টেনেহলে মই তোমাক ফাটক ডিবে! টুমি টিক টিক কঠা কব লাগে।
ভোগঃ (ভয়ত চূৰ্ত্তি হেৰুৱাই) হজুৰ, গোলামৰ অপৰাধ খেমা কৰক। মোক এৰি দিয়ক, মই ৰাতিয়েই আৰু ৰচত বিচাৰি আনি হজুৰত শোধাই দি যামহি।
আৰ্দ্দলিঃ সেয়া, শুনক হজুৰ, সি নিজেই দোষ স্বীকাৰ কৰিছে; আৰু সি ঘৰত লুকুৱাই থৈ নাহিলে নো ৰাতিয়েই ৰচত দি যামহি বুলিবলৈ সাহ কৰে নে?
বৰ চাঃ হামি জানিছে, টুমি টিক ৰচদ লুকাই ৰাকিছে। টুমি বড়া লাটুৱা মানুহ টাকিছে। আচ্ছা, মৌজাদাৰ যেটিয়া আহিবে আমি টেটিয়া হুদিবে। হেইটো কঠা ঠিক হলে হামি টোমাকে ফাটক দিবে।
ভোগঃ (আতুৰ ভাৱে) হজুৰ, গোলাম, গৰিপ, মা-বাপ। মাৰেও মাৰক, কাটেও কাটক। মই হলে, অলপো মিছা ফাঁকি দিয়া নাই। দেহি ঐ, তেনে কৰিব পৰাহেঁতেন দেখোন, মোৰ এনে দশা নহয়েই!
বৰ চাঃ টুমি কি কৈছে?
ভোগঃ হজুৰ, সঁচা কথাকে কৈছোঁ। বোলোঁ, গোলাম হজুৰক মই একো ফাঁকি-ফুকা দিয়া নাই। আৰু তেনে অইনাই কৰিব পৰা হলে মোৰ ইমান দুখ নহ'লহেঁতেন। ইমান দিনে বৰমানুহ হলোঁহেতেন।
বৰ চাঃ(খঙ্গেৰে) কি! অইনাই কৰিলে বড়া মানুহ হয়, হুক ফায়! টুমি বড়া লাটুৱা আছে, মই বুজিলে। আচ্ছা, টুমি দুক পালে এইঠো কাম কেলে কৰি টাকিছে?
ভোগঃ (কাওঁবাওঁকৈ) হুজুৰ, হজুৰ, গোলামে কব নোৱাৰে।
বৰ চাঃ (হাঁহি হাঁহি) এটিয়া কেলে কব পাৰিবে! হামি জানিছে, লাব নাই টাকিলে টুমি এইঠো কাম কেলে কৰিবে? তুমি ৰায়তপৰা ঘুচ খাবলে গাওঁবুঢ়া হৈছে?
ভোগঃ (ঘোচ খোৱা অৰ্থ বুজি) হয়, হজুৰ, ঢেৰ খাইছোঁ। আমাৰ কপালে কৰিছে! কি কৰিম?
বৰ চাঃ ঠিক কঠা। এই চব মৌজাদাৰকে হামি হুদিবে। আভি টুমি যাব ফালে।
(চাহাবৰ প্ৰস্থান)
ভোগঃ (মূৰ মোহাৰি মোহাৰি) ৰইখা পৰিলোঁ, দেউতা! এতিয়া হে মোৰ জীৱ আহিছে।
আৰ্দ্দলিঃ বাৰু ৰইখা পোৱাম, ৰবি। (পৰি থকা গোটখৰি এডাললৈ দেখাই) এই গোট কাঠ খৰি দিবলৈ তহঁতক কোনে শিকাইছিল? এতিয়াই ফালি দে, চেলা, পাঁজি।
(হেঁচুকি নিয়ে)
ভোগঃ হেৰা, খৰি গোটাৱাৰ বাব মোৰ গাত নাছিল। বোলোঁ, গোটা খৰি মই দিয়াহি নাই, জানিছা নে? মোক এনেখন কিয় কৰিছাহঁক?
চৰ্দ্দাৰঃ (ভোগমনৰ কাণত ধৰি) আও, চেলা, পাজি, বক-বক নাই কৰিবি। আজি লাকৰি ফাৰি দিব লাগে।
ভোগঃ হেৰ, মোৰ ঈশ্বৰহঁত! মই কাবৌ কৰি মাতিছোঁ, মোক এৰি দেহঁক। লঘোনীয়া গা এনেই অথিৰ হ'ব লাগিছে, টনা-আঁজোৰা কৰিলে মোৰ জীৱই যাব এতিয়া! মোক এৰি দিয়াহঁক আজিলৈ; মই সঁচাকৈ কৈছোঁ, কাইলৈ তোমালোকলৈকো বেলেগে হাঁহকণী লৈ আহিম।
আৰ্দ্দলিঃ আচ্ছা ভাই, ইচকো আভি ছাৰি দেও। কালি নাই আনেগা তো ফেৰ দেখেগা। (চৰ্দ্দাৰে এৰি দিয়ে)
ভোগঃ ভাল, মই যাওঁ এতিয়া, কাইলৈ পুৱাতে ওলামহি। কি বোলাঁ?
চৰ্দ্দাৰঃ আচ্ছা, আভি যাও।
(ভোগমনৰ বেগেৰে প্ৰস্থান)
আৰ্দ্দলিঃ দোচোৰাঠো গাওঁবুঢ়াক ভি এই মাফিক কৰেগা দেই। ইচৰকম নাই কৰিলে চেলালোক কুছু নাই দেগা। তোম জান্তা?
চৰ্দ্দাৰঃ হ্যাঁ, হ্যাঁ, হাম আভি চমজ গিয়াহ্যাই। হামভি বৰাবৰ ইস্মাফিক কৰেগা।
(দুইৰো প্ৰস্থান)

তৃতীয় পট,-ৰত্নেশ্বৰৰ চ'ৰা

[সম্পাদনা কৰক]


(ৰত্নশ্বৰ, কচুখোৱা আৰু কেৰপাই)
ৰত্নঃ তহঁতৰ গাফিলিতে মোৰ ফালে আৰু আধ্যা পৰিবগৈ যেন হে দেখিছোঁ। মই ইমান দঢ়াই কৈ আছিলোঁ, বোলোঁ, সময়ত খাজনা শোধাব নোৱাৰিলে মোৰ গাৰ ফালে টান পৰিবগৈ। কিন্তু, কাৰ ভাগিন মৰে, কাৰ হানি হয়! মোৰ বিপদ মিলিলে, তহঁতৰ কি হ'ব? কালি ৫ পাঁচটকীয়া সুদেৰে দুহেজাৰ টকা ধাৰ কৰিহে এই কিস্তিৰ লেঠাটো মাৰিছোঁ; তহঁতৰ সেই বাবে কি হ'ব? তহঁতে মাথোন গাঁৱে গাঁৱে মেল পাতি ফুৰিবলৈ পালেই হ'ল।
কেৰপাইঃ দেউতাই আমাৰ ওপৰত আৰু কেতিয়াও চোভা নেৰে! গাফিলিকে কৰিছোঁ নে মেল পাতিয়ে ফুৰিছোঁ, নেদেখা জনে দেখি আছে নহয়; আৰু দেউতাই যাকে সোধে সেয়ে ক'ব।
ৰত্নঃ থ, থ, তোৰ সাদৰী কথাখন। মই তহঁতৰ আটাইকেওটাকে হাড়লৈকে চিনিছোঁ; তহঁতে মুখতে আটাইখিনি কৰ, কামৰ ফালে কিন্তু একো নাই। তহঁত যে বহি নাথাক, বাৰু, কচোন, মই ওলাই গলে যে লগতে মানুহ আহি চ'ৰাঘৰ ভৰি পৰেহি, তহঁতে গলে নো কিয় বাটলৈ চাওঁতে আমনি লাগে? যদি ৰায়ত বলাবৈ নোৱাৰ, তেন্তে গাওঁবুঢ়া হ'বলৈ বিচাৰিছিলি কিয়? মই পূৰ্ব্বতে নকৈছিলোঁ, বোলোঁ, এতিয়া বিষয় পাবলৈ খাটি ফুৰিছ হয়, পাচে হে তাৰ পৰিণাম বুজিবি। বিষয়া বুলিলেই, বিষয় চাই, দুখ আছেই; এতিয়া কেঁকাই দেখুৱালে কোনে শুদাই এৰিব?
(ভোগমনৰ প্ৰৱেশ)
কচুঃ ভাল কৈছে দেউতা, আগেয়ে নেভাবি-নিচিন্তি এই হাড়-মাল চপাই লৈছিলোঁ দেখিতো এতিয়া তাৰ পোটক পাইছোঁ। নহলে নো ঘৰে-পৰে আমাৰ শান্তি নোহোৱা হয় নে?
ভোগঃ সঁচা কৈছা,মোৰ ককাইটি! সেই পাকত হ'লে মোৰ জীনত সকাম নাইকিয়াই হ'ল। সিদিনা লঘোনে-ভোকে--
ৰত্নঃ (খঙ্গেৰে) হেৰ, কপটীয়া ফাঁকিদাৰহঁত, তহঁতৰ দুখ-বেজাৰৰ টোপোলা মোক মেলি দেখাব নালাগে। তহঁতক মোৰ লেঠাৰ কথা বুজাই কৈ কাম কৰিবলৈ ক'ম, তহঁতে মোৰ আগত নিজৰ দুখ-বেজাৰ কৰি দেখাবি! এইদৰে থাকিলেই আমাৰ কাম সিজিব নহয়? এতিয়া আৰু সেইবোৰ থৈ দে; লোকৰ খাজনা গোটাই দি আমাক যি চহকী কৰিছহঁক সেইটো তহঁতেই বুজিছ; এতিয়া নিজৰ নিজৰ খাজনা দিবহি লাগে। ৰজাৰ খাজনা নিদিলে নহয় বুলি নাজান হ'বলা? নাই, মোৰ বৰপেৰা ভৰাবলৈ দিব লাগে?
কেৰপাইঃ সেইটো নো কেলেই ক'ব লাগিছে দেউতা! ৰজাৰ খেজেনা, গুৰুৰ কৰ, এইবোৰ বছৰি শোধাবলগীয়া বাব, দিবই লাগিব। ময়ো বছৰি দিয়ে আছোঁ, ঘৰত পয়মাল হোৱাত হে এইবেলি পলম হৈছে; কাইলৈমানে দি যামহি। নিদিলে হ'ব নে?
কচুঃ দেউতা, মোৰ ঘৰত এইবেলি বৰ পয়মাল! সাইধতে আগকিস্তিৰ খিনিকে দিমহি, বাকীখিনিৰ নিমিত্তে দেউতাই অলপ দিন দিব।
ভোগঃ (ইফাল-সিফাল কৰি) দেউতা-ঈশ্বৰ, মই হ'লে নিচেই নিচলা। সিহঁতৰ তেও ঘৰত দুই চাইটা কৰোঁতাই আছে। মোৰ হে--
ৰত্নঃ (খঙ্গেৰে) নিচলা বুলিলেই গা জুৰাব নহয়? মোৰ মৌজাত যিমান দুখীয়া-নিচলা আছে, তেন্তে সকলোকে মাফ দি মই চাপৰি ধৰোঁ! তই তো কটা, গাওঁবুঢ়া হ'বৰ দিনৰেপৰা দুবছৰ খাজনা মুঠেই পইচা এটাকে দিয়া নাই। এইবাৰ আৰু মই মুখলৈ নাচাওঁ।
ভোগঃ (কাওঁবাওঁকৈ) দেউতাই মাৰে, তাৰে, সেইটো দেউতাৰ ইছা। কিন্তু, বন্দীক অলপ কিৰপা কৰিব লাগে। চৰ্কাৰী কামত ফুৰোঁতেই কোনো ফালৰ পৰা যোগাৰ কৰিব নোৱাৰিলোঁ; মই নিচলাই দুবছৰৰ কেনেকৈ দিম? সিবছৰৰে এধামান পাওঁ নে কি বিচাৰি চাওঁগৈ।
ৰত্নঃ (খঙ্গত গোৰোহনি মাৰি) মই তহঁতক জীয়াই নিজে মৰিব নোৱাৰোঁ। আজিক এৰি তিনি দিন সময় দিছোঁ, ইয়াৰ ভিতৰত খাজনা আদায় কৰি নিদিলেহি সত্যে কৈছোঁ, ঘৰ-ক্ৰোক কৰাম। তহঁতে দেখোন লাই পাই দাঁত মেলি দেখুৱাৱ। খৰমেৰে মূৰ ভাঙ্গিব দিছ নে কটাহঁত!
(মাৰে-মাৰে যেন দেখি গাওঁবুঢ়া তিনিওৰো বেগেৰে প্ৰস্থান)
(খন্তেক নিটাল মাৰি ৰৈ মৌজাদাৰৰ প্ৰস্থান)