শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰ চৰিত্ৰ আৰু পাঁচালী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰ চৰিত্ৰ পাঁচালী আৰু অষ্টোত্তৰ শতনাম

শ্ৰীশ্ৰী কৃষ্ণায় নমঃ
নাৰায়ণং নমঃস্কৃত্যং নৰষ্ণৈৱ নৰোত্তমম্
দেৱীং সৰস্বতীষ্ণৈৱ ততো জয়মুদীয়ৰেৎ
বন্দে বিষ্ণুপ্ৰিয়াং দেৱীং দাৰিদ্ৰ্য দুঃখনাশিনীম্
ক্ষীৰোদলপুত্ৰীং কেশৱকান্তাং বিষ্ণোৰ্বক্ষবিলাষিণীম্‌॥

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ ধ্যান
ওঁ নমো পাশাক্ষমালিকাম্ভোজ সৃনিভিৰ্য্যাম্য সৌম্যয়োঃ।
পদ্মাসনস্থাং ধ্যায়েচ্চশ্ৰিয়ং ত্ৰৈলোক্য-মাতৰম্ ॥
গৌৰবৰ্ণাং, সুৰূপাঞ্চ সৰ্ব্বালংকাৰ-ভূষিতাম।
ৰৌক্মপদ্মা-ব্যগ্ৰকৰাং বৰদাং দক্ষিণেণ তু ॥

পুষ্পাঞ্জলি মন্ত্ৰ
নমস্তে সৰ্ব্বদেৱানাং বৰদাসি হৰিপ্ৰিয়ে।
যা গতিস্ত্বৎপ্ৰপন্নানাং সা মে ভূয়াত্ত্বদৰ্চ্চনাৎ ॥
বন্দে বিষ্ণুপ্ৰিয়াং দেৱীং দাৰিদ্ৰ দুঃখনাশিনীং।
ক্ষীৰোদপুত্ৰীং কেশৱকান্তাং বিষ্ণু-বক্ষ বিলাসিনীম্‌॥
লক্ষ্মীত্বং ধান্যৰূপাসি প্ৰাণিনাং প্ৰাণদায়িনী।
দাৰিদ্ৰ দুঃখ সংহন্ত্ৰী লক্ষ্মীদেৱী নমোহস্তুতে ॥

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ স্তোত্ৰ
নমোঃ ত্ৰৈলোক্য পূজিতে দেৱী কমলে বিষ্ণু-বল্লভে।
যথাত্বং সুস্থিৰা কৃষ্ণে তথা ভৱ ময়ি স্থিৰা ॥
ঈশ্বৰী কমলা লক্ষ্মীশ্চলা ভূতি হৰিপ্ৰিয়া।
পদ্মা পদ্মালয়া সম্পদপ্ৰদা শ্ৰীঃপদ্মধাৰিণী ॥
দ্বাদশৈতানি নামানি লক্ষ্মীং সংপূজ্য যঃপঠেৎ।
তস্য গৃহে স্থিৰা লক্ষ্মী পুত্ৰজায়াদিভিঃসহ ॥

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ পূজামন্ত্ৰ
ওঁ শ্ৰীংলক্ষ্মীদেৱ্যৈ নমঃ

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ প্ৰণাম মন্ত্ৰ
ওঁ বিশ্বৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে শুভে।
সৰ্ব্বতঃ পাহি মাং দেৱী মহালক্ষ্মী নমোহস্তুতে ॥

লক্ষ্মী আৱাহন
লক্ষ্মী আই দূৰকে নাযাবা।
আসন পাতি থৈছো আই ঘৰতে থাকিবা ॥
পথাৰত আছিল আই আগ হালি-জালি।
ও ঘৰলৈ আনিছো আই থকা ভঁৰাল ভৰি ॥
আই লক্ষ্মী আগমন কৰি আছো আশা।
ও আমি মুঢ়মতি তোমাৰ দাসৰো দাস ॥
লক্ষ্মী আই দূৰকে নেযাবা।
আসন পাতি থৈছো আই ঘৰতে থাকিবা ॥


শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ অষ্টোত্তৰ শতনাম

একদা বৈকুণ্ঠ ধামে লক্ষ্মী-নাৰায়ণ।
প্ৰেমালাপে দু‍ইজনে কৰিছিল মগন॥
প্ৰিয়াৰে সন্বোধি কয় দেৱ জনাৰ্দ্দন।
মৰ্ত্ত্যৰ দুৰ্দ্দশা দেখি অতীব চিন্তন ॥
দূৰ কৰা মৰ্ত্ত্যৰ দুখ তুমি যে কমলা।
ধন ধানে পুত্ৰ পুষ্প হওঁক অচলা ॥
দেৱ দ্বিজে না‍ই ভক্তি না‍ই শুভমতি।
কিমতে গুচিব নৰৰ অশেষ দুৰ্গতি ॥
লক্ষ্মী কয় শুন দেৱ উপায় ইহাৰ।
অষ্টোত্তৰ শতনাম কৰিব প্ৰচাৰ ॥
আমাৰ শতনাম যিজনে উচ্চাৰিব মুখে।
মোৰে‍ই কৃপাত তেওঁ বঞ্চিব যে সুখে ॥
ইয়াকে শুনি নাৰায়ণে কহয় বচন।
সত্ত্বৰে কোৱা সে‍ই প্ৰিয় তৱ নাম বৰ্ণন ॥
নাৰায়ণ বাক্য শুনি লক্ষ্মীদেৱী কয়।
এক শত অষ্টনাম এ‍ইদৰে হয় ॥
অচলা আমাৰ নাম ভক্তই্ আদৰে। ১
চঞ্চলা বুলিয়া ভজে অভক্তৰ ঘৰে ॥ ২
গৃহ মাজে গৃহলক্ষ্মী মোক সবে কয়। ৩
দেৱৰ আলয়ে নাম দেৱলক্ষ্মী হয় ॥ ৪
ইন্দ্ৰলোকে নাম মোৰ অমৰ ঈশ্বৰী। ৫
কৈলাস ধামত মই হওঁ হৰৰ গৌৰী ॥ ৬
বৈকুণ্ঠ লক্ষ্মী হওঁ তব সান্নিধানে। ৭
গোলকে গোলক-লক্ষ্মী জানে সৰ্ব্বজনে। ৮
ব্ৰহ্মলোকে ব্ৰহ্মলক্ষ্মী বিদিত ভূৱনে। ৯
ঋষি মধ্যে ঋষি লক্ষ্মী জানে নাৰায়নে ॥ ১০
যতী মধ্যে যতী লক্ষ্মী শুনিওক মধুসুধন। ১১
সাগৰে সাগৰ লক্ষ্মী জানে সৰ্ব্বজন ॥ ১২
নাগ-লোকে নাগ-লক্ষ্মী আমাকে ভনে। ১৩
পদ্ম লক্ষ্মী নামে থাকো পদ্মবনে। ১৪
ৰামাগণ মধ্যে মোৰ ৰামা নাম হয়। ১৫
গন্ধৰ্ব্বৰ মধ্যে মইম ইন্দ্ৰিয় নিশ্চয় ॥ ১৬
ভক্তিদেৱী নাম মোৰ ভক্তৰ মহলে। ১৭
উগ্ৰচণ্ডা ৰূপে দেখিবাহা ৰণস্থলে ॥ ১৮
বিজুলী ৰূপে থাকোহো আকাশ মণ্ডলে। ১৯
পূৰ্ণিমাৰ জ্যোত্স্নাৰূপে ধৰো সৰ্ব্বস্থলে ॥ ২০
কমলা নামে আমাক সৰ্ব্বলোকে জানে। ২১
কমলালক্ষ্মী নাম মোৰ ভূৱনে বাখানে ॥ ২২
বিষ্ণুভক্তে পায় মোক বৈষ্ণৱী ৰূপত। ২৩
যোগী মাজে যোগেশ্বৰী বুলি হওঁ খ্যাত ॥ ২৪
পুষ্প মাজে ভৈল নাম পুষ্পবিলাসিনী। ২৫
কাশীধামত ৰচোহো সাৰ মুক্তবেণী ॥ ২৬
নদী মধ্যে খ্যাতি মোৰ জাহ্নৱী নামত। ২৭
কল্পতৰা নাম ধৰো পাদব স্থানত ॥ ২৮
ময়ূৰ পৃষ্ঠত মইো সাজোহো কৌমাৰী। ২৯
কুলেশ্বৰী নামে মাতে যত নৰ-নাৰী ॥ ৩০
দুৰ্গতি নাশিনী মোক জানে সৰ্ব্বজনে। ৩১
কলাৱতী নাম মইী বিদিত জগতে ॥ ৩২
কলচৰিত্ৰা নাম মোৰ কৃতান্তৰ ঘৰে। ৩৩
শ্মশান-কালিকা মইৰ শ্মশান ভিতৰে ॥ ৩৪
ব্ৰহ্মালোকে নাম মোৰ সাৱিত্ৰী সুন্দৰী। ৩৫
বৃন্দাবন ধামে নাম ধৰো ৰামেশ্বৰী ॥ ৩৬
শচী নামে শোভা পাওঁ দেৱৰাজপুৰে। ৩৭
ভগৱতী নামে থাকোঁ পাতাল নগৰে ॥ ৩৮
গোলকত মোৰ নাম কৃষ্ণ প্ৰাণাধিকা। ৩৯
ভক্তগনে জপে নাম সৰ্ব্বাৰ্থসাধিকা ॥ ৪০
মালাৱতী নাম ধৰোঁ কুমুদ কাননে। ৪১
চন্দ্ৰ নামে শোভা পাওঁ চন্দনৰ বনে ॥ ৪২
ভৰদ্বাজ নাম ৰাখে অগতিৰ গতি। ৪৩
ত্ৰিলোক-পালিকা নাম ৰাখে ভাগীৰথী ॥ ৪৪
প্ৰজাপতি নাম ৰাখে অখিল ঈশ্বৰী। ৪৫
সুৰপুৰে নাম মোৰ হয় সুৰেশ্বৰী ॥ ৪৬
অধম তাৰিণী নাম ৰাখে জাহ্নুমণি। ৪৭
গৌতম ৰাখিল নাম শ্ৰীবিষ্ণুৰ ঘৰণী ॥ ৪৮
ইষ্টদেৱী নাম মোৰ ৰাখিল কুবেৰ। ৪৯
সাৰাত্সাৰা নামে মাতে নন্দী ইশ্বৰ ॥ ৫০
অত্ৰিমুণি নাম মোৰ ৰাখে যে কল্যাণী। ৫১
ইচ্ছাময়ী নাম ৰাখে নাৰদ মহা মুনি॥ ৫২
কুললক্ষ্মী নামে মাতে কুলনাৰীগণ। ৫৩
বেদমাতা নাম মোৰ ৰাখিল পৱন ॥ ৫৪
মাতংগ ৰাখিল নাম গোকুল ঈশ্বৰী। ৫৫
গয়াসুৰ ৰাখে নাম গয়াৰ ঈশ্বৰী ॥ ৫৬
মধুমতী নামে কৰোঁ সুমিষ্ট ভাষণ। ৫৭
সুক্ষ্মৰূপে বাস কৰোঁ আত্মাৰ সদন ॥ ৫৮
মূলাধাৰে থাকোঁ মইৰ কুণ্ডলিনী ৰূপে। ৫৯
সহস্ৰাৰে বাস কৰোঁ চিন্ময়ী স্বৰূপে। ৬০
ধৰোঁ যে ধৰাৰ ভাৰ মইি বসুমতী। ৬১
অচিন্ত্য যে মোৰ নাম সজন বসতি ॥ ৬২
দৈত্য বধি নাম লৈলু দৈত্যনিসূদিনী ॥ ৬৩
বেদমধ্যে মোৰ নাম বেদৰ জননী ॥ ৬৪
পিতৃ গৃহে কন্যাৰূপে মোৰ যে নিবাস। ৬৫
যুৱতী ৰূপত থাকোঁ স্বামীৰ সকাশ ॥ ৬৬
চন্দ্ৰমুখী ৰূপে ধৰোঁ বিবাহ বাহৰে। ৬৭
দাহিকা নামেৰে থাকোঁ অনল-উদৰে। ৬৮
জয়ন্তী হইময়া মইক জয়দান কৰোঁ। ৬৯
সৰ্বত্ৰ পূজিতা হৈয়া পূজা নাম ধৰোঁ ॥ ৭০
অন্ধকাৰ মাজে মইহ জুহু নাম ধৰোঁ। ৭১
দুৰ্গা নামে বিপন্নৰ সংকট উদ্ধাৰোঁ ॥ ৭২
পদ্মমুখী নাম ৰাখে বিৰাজ সুন্দৰী। ৭৩
কশ্যপ ৰাখিল নাম দেৱী ত্ৰিপুৰাৰী ॥ ৭৪
বিশাখা ৰাখিল নাম মদনমোহিনী। ৭৫
ললিতা ৰাখিল নাম শ্ৰীকৃষ্ণমোহিনী ॥ ৭৬
সাৰদা নামতে মাতে বিশ্বমিত্ৰ মুণি। ৭৭
ফলদাত্ৰী নাম মোৰ ৰাখিল জৈমিনী ॥ ৭৮
ব্যাসদেৱে ৰাখে নাম বিশ্ব-প্ৰসবিনী। ৭৯
ভক্তগণে স্মৰে মোক সৌভাগ্য-দায়িনী ॥ ৮০
সুভগা মোৰ নাম ৰাখে নিশাপতি। ৮১
মালতী নামত মাতে দেৱী ভগৱতী। ৮২
গন্ধৰ্ব্ব আলয়ে মোৰ মোক্ষদাত্ৰী নাম। ৮৩
মংগলদায়িনী ৰূপে পুৰাও মনস্কাম ॥ ৮৪
বিমলা নামত মোৰ সাত্যকি আহ্লাদ। ৮৫
বিপদনাশিনী নামে মাতিলে প্ৰহ্লাদ ॥ ৮৬
সূৰ্য্য-সুত নাম ৰাখে ভক্তৰ জননী। ৮৭
ভূৱন-ঈশ্বৰী নাম দিলা মন্দাকিনী। ৮৮
মুক্তি প্ৰদায়িনী নাম ৰাখে গ্ৰহপতি। ৮৯
নাৰায়ণ-জায়া মাতে ভৈৰৱী ভাৰতী ॥ ৯০
দশৰথ ৰাখে নাম সৌভাগ্য-সাধন। ৯১
বিষ্ণুপ্ৰিয়া নাম মোৰ ৰাখিল অৰ্জ্জুন ॥ ৯২
হিমালয় ৰাখে নাম বৰদা-সুন্দৰী। ৯৩
যতিগণ মাতে মোক মন্দক কন্দৰী ॥ ৯৪
পূৰ্ণানন্দময়ী মাতে দেৱ ত্ৰিলোচন। ৯৫
দুৰ্গতিনাশিনী নামে মাতে যোগীগণ ॥ ৯৬
ভগীৰথ ৰাখে নাম দেৱী নিস্তাৰিণী। ৯৭
বেদৰ কাৰণ নাম ৰাখে সিন্ধুমণি ॥ ৯৮
পৰাত্পৰ নাম মোক দিলা গ্ৰহগণ। ৯৯
সত্যসনাতনী নাম দিলা বিভীষণ ॥ ১০০
স্বৰ্ণকান্তি নামে মইব বিদিত ভূৱনে। ১০১
কৃশোদৰী নামে মোক নাৰীগণে ভনে ॥ ১০২
নাৰায়ণী নাম মোৰ তোমাৰ সান্নিধ্যে। ১০৩
সুখদা নামত মোক বহুলোকে মানে ॥ ১০৪
শ্ৰীমানৰ গৃহত দিলা শ্ৰীনাম আমাকে। ১০৫
অসুৰ-ঈশ্বৰী নাম দিলা অসুৰ সমাজে ॥ ১০৬
ব্ৰজ নিবাৰণ কৰো বজ্ৰাংগী বাখানি। ১০৭
আসাৰ পূৰণে মইি আশাদেৱী ৰাণী ॥ ১০৮
অষ্টোত্তৰ শতনাম হৈল সমাপন।
আৰো ক'ত নাম জানা তুমি নাৰায়ণ ॥
হাস্য কৰি লক্ষ্মীক কহিলা জনাৰ্দন।
যিবা পাঠ কৰে তব অষ্টোত্তৰ শতনাম ॥
অতুল বিভৱ লভে সেহি যে সুজন।
তাৰ ঘৰে ধন-জন হৈব যে পূৰণ ॥
ৰহিব আমাৰ দৃষ্টি তাহাৰ উপৰে।
সকল বিপদে ৰক্ষা কৰিবো তাহাৰে ॥
ভাদ্ৰ পৌষ, চৈত্ৰ আৰু লক্ষ্মীপূৰ্ণিমা দিনে।
তোমাৰ এ‍ই মাহাত্ম্য কথা যিজনে শুনে ॥
কিংবা দীপান্বিতা দিৱসে যি ভক্তজন।
মনে-প্ৰাণে তব কথা কৰিব শ্ৰৱণ ॥
সংসাৰত যত সুখ পায় সেহি জন।
অন্তিমত লভে ঠা‍ই বৈকুণ্ঠ সদন ॥
প্ৰতি গুৰুবাৰে তোমাৰ নাম যি গৃহে স্মৰে।
সত্য সত্য সৰ্ব্ব সুখ লভে সে‍ই ঘৰে ॥

শ্ৰীশ্ৰীলক্ষ্মী চৰিত্ৰ
(লক্ষ্মী নাৰায়ণ সম্বাদ)
পদ
জয় জয় কৃষ্ণ কৃপাময় দেৱ হৰি।
মহা মহা পাপীয়ো নিস্তৰে যাক স্মৰি॥
যাৰ লীলা বিভৱৰ নাহি পাৰাপাৰ।
হেন কৃষ্ণপদে কৰোঁ কোটি নমস্কাৰ॥ ১
গুৰুৰ চৰণে মন শিৰোগত কৰি।
বিপ্ৰ বৈষ্ণৱৰ পদ হৃদয়ত ধৰি।
ব্যাস আৰু বাল্মীকি প্ৰভৃতি ঋষিগণ।
আদ্য গুৰু বন্দো পিতৃ-মাতৃৰ চৰণ॥ ২
সৰস্বতী মাৱক কৰিয়া নমস্কাৰ।
লক্ষ্মীৰ চৰিত্ৰ পদ কৰিলো প্ৰচাৰ॥
যি ঘৰতে লক্ষ্মীদেৱী সদায়ে থাকয়।
যিবা দোষে লক্ষ্মীদেৱী গৃহক তেজয়॥ ৩
ইসৱ কথাক আৱে কৰিলো বাখ্যান।
লক্ষ্মী হৰি সংবাদ শুনিয়ো সাৱধান॥
মেৰু পৃষ্ঠে ৰত্নাসনে থাকন্ত বসিয়া।
লক্ষ্মীক পুছিলা হৰি কৌতুক কৰিয়া॥ ৪
কোন কোন স্থানে তুমি আপুনি থাকাহা।
কোন কুলক্ষণে পুৰুষক তেজি যাহা।
কোনবা ৰমণী হয় তোমাৰ বৰ্জ্জিতা।
কোন নাৰী তযু প্ৰিয়া কৈয়ো সুচৰিতা॥ ৫
বিষ্ণুৰ বচনে লক্ষ্মী অল্প কৰি হাস।
কহিতে লাগিল কথা অতি মৃদু ভাষ॥
চিন্তাযুক্ত হুয়া সৰ্ব্বক্ষণে যি থাকয়।
পাৱে পাৱে ঘসে যিটো ধূলা মাটিচয়॥ ৬
বাহী পুষ্প পিন্ধে যিটো শোৱয় ঊষাত।
ভগ্ন আসনত যিটো বসি খায় ভাত॥
অকুমাৰী নাৰীক ৰময় যিটো জন।
তাহাক তেজোহো ম…ই জানা নাৰায়ণ॥ ৭
মদমত্ত অপগৰ্ব্ব কৰে যিটো জন।
পুনু পুনু বোলো আমি ত্যাজোঁ সেহি জন॥
উচ্ছিষ্টক চু…ই যিটো কৰয় ভোজন।
স্নান কৰি তৈল প্ৰভু ঘসে যিটো জন॥ ৮
অন্ধকাৰে শোৱে আৰু তৃণ চিণ্ডে নখে।
তাক ম…ই ত্যাজোঁ যিটো থাকে মহাদুঃখে॥
নিজ আঙ্গ পিঠিত আপুনি বাদ্য বাৱে।
সঞ্চিত ধনক যিটো সমূলি উৰাৱে॥ ৯
নিজপুত্ৰ ভাৰ্যাক বঞ্চিয়া যিটো খায়।
শুনা নাৰায়ণ ম…ই নেযাওঁ তাৰ ঠা…ই॥
মুখ ভৰি ধোৱা পানী পেলায় দুৱাৰে।
নেথাকো তাহাৰ ঘৰে জানিবাহা সাৰে॥ ১০
উলংগ হুয়া যিটো কৰয় শয়ন।
তিতা আসনত বহি যি কৰে ভোজন॥
দক্ষিণ পশ্চিম মুখে যি দন্ত ঘসে।
সত্য সত্য কঁহো ম…ই নাযাওঁ তাৰ পাশে॥ ১১
উত্তৰ পশ্চিম শিৰে যি কৰে শয়ন।
তাক ত্যাজোঁ সিটো মোৰ নোহে প্ৰিয়জন॥
আপুনি তুলিয়া পুষ্প পিন্ধে যিটো শিৰে।
সন্ধ্যাকালে প্ৰদীপ নেদেখা যাৰ ঘৰে॥ ১২
আপুনি চন্দন ঘহি যি পিন্ধে ললাটে।
গুৰুজন নিন্দা কৰি ফুৰে হাটে বাটে॥
বাসি বাস কুৰেশ পিন্ধয় যিটোনৰে।
নিশ্চয় জানিয়ো ম…ই নাযাওঁ তাৰ ঘৰে॥ ১৩
মাটিত বসিয়া যিটো কৰয় ভোজন।
বাহী মুখে থাকে যিটো নৰ অভাজন॥
অতিথি বিমুখ যিটো নিন্দয় কুভষে।
পাপ কৰ্মৰত সদা বিত্ত অভিলাষে॥ ১৪
পঞ্চম পাতকী যিটো বিশ্বাসঘাটক।
ইসৱক তেজোঁ আমি জানিবা প্ৰত্যেক॥
যাৰ ঘৰে থাকে শুক্ল পৰাবতগণ।
সুশীলা সুন্দৰী শুদ্ধা ৰমণীৰতন॥ ১৫
তাৰ গৃহে অচলা আমাৰ বাস হয়।
সত্যে সত্যে প্ৰভু ম…ই কহিলো নিশ্চয়॥
যিটো জনে ধান্যক সুবৰ্ণ সম দেখে।
ৰজত সদৃশ কৰি তণ্ডুলক লেখে॥ ১৬
আপুনি নেখায় ভক্ষ দ্ৰব্য সমস্তক।
বিলা…ই যি থাকে দুঃখী ভিক্ষুসকলক॥
সকলোকে বোলে যিটো মধুৰ বচন।
সন্ত সাধু সংগ কৰে সৎ আলাপন॥ ১৭
ধাৰ্ম্মিক বিনীত সদাচাৰী মিতব্যয়ী।
জ্ঞানশীল যিটো পঞ্চ ইন্দ্ৰিয় বিজয়ী॥
বিদ্যৱন্ত যিটো পুৰুষ শোভন।
ইসৱত প্ৰীত আমি জানা নাৰায়ণ॥ ১৮
উলংগ ৰমণী যিটো নকৰে দৰ্শন।
আহাৰ কৰয় যিটো জনে অল্পক্ষণ॥
দান কৰে আৰ সদা সত্য কথা কয়।
সে…ই জন জানা মোৰ প্ৰিয়তম হয়॥ ১৯
সদা বাস কৰো আমি শৰীৰে তাহাৰ।
ধন ধান্য গো মহিষ কৰোহোঁ বিস্তৰ॥
সৰ্ব্বত্ৰ সন্তোষী যিটো উদ্যোগী যি জন।
অলপ আহাৰ কৰে অলপ শয়ন॥ ২০
অলস বিহীন বন্ধু প্ৰিয় যিটোজন।
তাৰ শ্ৰীবৃদ্ধি আমি কৰো অনুক্ষণ॥
শুনা নাৰায়ণ আৰু কথাৰ নিৰ্ণয়।
যিটো সুলক্ষণী নাৰী মোৰ প্ৰিয় হয়॥ ২১
স্বামীৰ চৰণে সেৱা কৰে যিটো জনী।
সে…ই নাৰী পতিব্ৰতা সৰ্ব্ব সুলক্ষণী॥
তোমাক ঈশ্বৰ মানি সততে পূজয়।
সে…ই মতে নিজ স্বামী পদ আৰাধয়॥ ২২
পতিব্ৰতা স্ত্ৰীৰ কথা শুনা মন দিয়া।
সংক্ষেপে কৰিয়া কহোঁ বাহুল্য এৰিয়া॥
দেৱতাত কৰি যিটো নাৰী শত গুণে।
স্বামী সেৱা কৰে অতিশয় শুদ্ধমনে ॥ ২৩
স্বামী ইচ্ছামতে কাৰ্য্য সততে আচৰে।
তাহাৰ শৰীৰে ম…ই থাকো নিৰন্তৰে॥
সকল দেৱক পূজি যিটো ফল পায়।
স্বামী সেৱা ততোধিক ফল সমুদায়॥ ২৪
স্বামী বিনে স্ত্ৰীৰ আৰ নাহিকে দেৱতা।
স্বৰুপে কহিলোঁ প্ৰভু ইটো সত্য কথা॥
শুদ্ধমতি নাৰী যিটো সুন্দৰ বদনী।
স্বামী সেৱা কৰে যিটো ঘৰৰ ঘৰণী॥ ২৫
নাভী সুগম্ভীৰ সম দন্ত পান্তি যাৰ।
সদা নাছাৰোহো আমি শৰীৰে তাহাৰ॥
গোধনক সদা যিটো কৰে উপকাৰ।
ধন ধান্য সম্পদক মিলাওঁ আমি তাৰ॥ ২৬
স্বামীৰ চৰণে সেৱা স্বভাৱ যাহাৰ।
সে…ই সুলক্ষীণী নাৰী জানিবা আমাৰ॥
শুক্ল বস্ত্ৰ পৰিধান শুভ অভিলাষী।
সুপ্ৰসন্না কোমল ভাষিণী দীৰ্ঘ কেশী। ২৭
সৰ্ব্বকালে পতিব্ৰতা হৱে যিটো জনী।
দুয়ো কুল নিস্তাৰিলে তৰিল আপুনি॥
স্বামীৰ বচন পালে সে…ই সুভাগিনী।
সে…ই নাৰী পাশে ম…ই থাকোঁহো আপুনি॥ ২৮
হস্ত পদ ৰংগা নখচন্দ্ৰ নিৰমল।
আমাৰ লক্ষণ জানিবাহা সকল॥
নাভি সুগম্ভীৰ যাৰ সমাদন্ত পান্তি।
তাহাৰ শৰীৰ আমি সদা নাছাৰন্তি॥ ২৯
ললিত বলিত অংগ কোমল লোচন।
‍ইষত হৰ্ষিত মুখ মৰাল গমন॥
গোৰবৰ্ণা মৃদু মিতভাষিণী বিমলা।
মধ্যক্ষীণা দয়াৱতী সৰ্ব্বত্ৰ সুশীলা॥ ৩০
ইশৱ লক্ষণে যে‍ই নাৰী জন্ম ধৰে।
সৰ্ব্বক্ষণে থাকো আমি তাহাৰ শৰীৰে॥
স্বামীক ভকতি সদা যি নাৰী কৰয়।
যেহি যিবা বাঞ্চে মোত সবে সিদ্ধ হয়॥ ৩১
হেন মহা ৰমণী থাকয় যাৰ ঘৰে।
সৰ্ব্বক্ষণ থাকো মইঞ তাহাৰ মন্দিৰে॥
ধন পুত্ৰ হোৱে তাৰ সৰ্ব্বত্ৰ কল্যাণ।
সদা আমি সন্তুষ্ট তাৰ বিদ্যমান॥ ৩২
‍ইটো সৰ্ব্ব সুলক্ষণা নাৰী অতিৰেক।
কুলক্ষণা স্ত্ৰীৰ কথা শুনিও প্ৰত্যেক॥
উচ্চল কপাল যাৰ বিৰল দশন।
হেনয় জনীক মইা ত্যজোঁ সৰ্ব্বক্ষণ॥ ৩৩
পিংগল নয়ন যাৰ পিংগটা কেশ।
পাৱে পাৱে ঘসে যিটো কুলক্ষণ বেশ॥
সে‍ই নাৰীজনী অতি বৰ কুলক্ষণী।
সত্যে সত্যে কহোঁ মইন স্বৰুপ কাহিনী॥ ৩৪
স্বামীৰ বচন যাৰ নলৱয় মনে।
সে‍ই নাৰী কুলক্ষণী ত্যজোঁ অনুক্ষণে॥
কৰ্ণৰ বাহিৰে যাৰ দু‍ই গোটা ৰন্ধ্ৰ।
সে‍ই নাৰী হোৱে জানা অৱশ্যে মন্দ॥ ৩৫
গণ্ডস্থল ফুলা যাৰ উৰ্দ্ধ দু‍ই স্তন।
সে‍ই নাৰী কুলক্ষণী জানা নাৰায়ণ॥
সে‍ই নাৰী পাপমতি জানা নিতেনিত।
স্বামী সমন্বিত যাৰ শান্ত নুহি চিত্ত॥ ৩৬
বস্ত্ৰ অলংকাৰে সৱে বিভূষিত হুয়া।
স্বামীক ত্যাজিয়া পৰ পুৰুষক পায়া॥
স্বামীক ত্যাজিয়া পৰ পুৰুষক মন।
তা‍ইৰ পাশে নেযাওঁ মইয় দেখি কুলক্ষণ॥ ৩৭
স্বামী বাক্য অন্যথা কৰয় যিবা নাৰী।
তা‍ইক ত্যাজোঁ জানা মইা প্ৰভু চক্ৰধাৰী॥
হণ্ঠিতে চৰণে যাৰ চটচটি ফুটে।
সে‍ই স্ত্ৰীৰ পৰশে স্বামীৰ আয়ু টুটে॥ ৩৮
পাৱে জল দিলে যাৰ চৰণ শুকা‍ই।
অৱশ্যে বিধৱা হয়ৰ দৈৱে বাধা না‍ই॥
তলুৱাৰ তলে যাৰ হোৱে কাল ৰেখা।
সে‍ই কুলক্ষণী মোক নাপায় দেখা॥ ৩৯
খৰমীয়া ভৰি যাৰ কুটকুৰা কেশ।
ধোৰোহা কংকাল কেৰা নয়ন কুৰেশ॥
কপিল ৰমণী বহুলোমী আলোমীকা।
কুনখা ৰোগিণী বেশ্যা নক্ষত্ৰ নামিকা॥ ৪০
তোমাত কহিলো প্ৰভু সকলো কাহিনী।
ইসব লক্ষণে জানা নাৰী কুলক্ষণী॥
আৰু শুনা আমাৰ বসতি নাৰায়ণ।
সৰোবৰে বিকশিত কলম কানন॥ ৪১
আমলকী বৃক্ষে আৰু দিব্য পুষ্প বনে।
আলস্য ৰহিত সত্য পৰায়ণ জনে॥
শংখ ৰত্ন শুক্ল বস্ত্ৰে আৰু গোময়ত।
নৃত্য গীত বাদ্য যথা হোৱে অবিৰত॥ ৪২
মহাসতী পতিব্ৰতা নাৰী যিটো জনী।
‍ইসৱত থাকো সত্য কহিলো কাহিনী॥
ভাঙিলো তোমাৰ মোৰ কথা সমুদায়।
অপৰাধ ক্ষমি তযু পাৱে দিয়া ঠা‍ই॥ ৪৩
তযু পদে সৱে কথা কহিলো বিৱৰি।
বিষ্ণু বোলে আৰু কিছু কহিয়ো সুন্দৰী॥
লক্ষ্মী নিগদতি প্ৰভু শুনা নাৰায়ণ।
আকাশৰ তৰা যিটো কৰয় গণন॥ ৪৪
পৃথিৱীৰ ধূলা যত পৰে গণিবাক।
তেবেসে লক্ষীৰ পদ পাৰে সেৱিকাক॥
নাপিতৰ গৃহে গৈয়া ক্ষৌৰ কৰ্ম্ম কৰে।
আছোক মনুষ্য দেৱতাৰো শ্ৰীহৰে॥ ৪৫
আৰু এককথা কহো শুনা জনাৰ্দ্দন।
যেহি দিনা যিবা বস্তু নিষিদ্ধ ভোজন॥
প্ৰতিপদে কুষ্মাণ্ড ভোজনে ধন ক্ষয়।
দ্বীতিয়াত আলু কচু বৃহতি বাধয়॥ ৪৬
তৃতীয়াত পটল ভোজন চক্ষু শূল।
চতুৰ্থীতে মূলা খা‍ইলে ধনৰ নিৰ্ম্মূল॥
পঞ্চমীতে শ্ৰীফলে কলংক জানা হয়।
ষষ্ঠীত লৱণ খা‍ইলে ব্যাধি লাগ হয়॥ ৪৭
সপ্তমীত তাল ফল খা‍ইবে নুযুৱা‍ই।
অষ্টমীত লাউ খা‍ইলে নানা ৰোগে পায়॥
নৱমীতে কল খা‍ইলে গোমাংসৰ সম হয়।
দশমীতে কেৰালা খালে ব্যাধিযুক্ত হয়॥ ৪৮
একাদশীত অন্ন খা‍ইলে স্বৰ্গক নাযায়।
দ্বাদশীত তিয়হ খা‍ইলে ব্যাধি লাগ লয়॥
ত্ৰয়োদশী তিথিত বৰ্জ্জিত পূৰৈ শাক।
চতুৰ্দ্দশী মৰা নিষেধ খা‍ইবাক॥ ৪৯
অমৱস্যা তিথিত মাছ-মাংস যিয়ে খায়।
মহাপাপ হয় যিটো নৰকে পৰয়॥
এ‍ই সব নিষিদ্ধ বস্তু খা‍ই যিবাজন।
তেওঁলোকক তেজোঁ মইদ জানা নাৰায়ণ॥ ৫০
শুনা প্ৰভু তোমাত যিজনে ভক্তি কৰে।
বিনা দানে বিনা যজ্ঞে তুষ্ট আমি তাৰে॥
তোমাক পূজয় যিটো কৰিয়া সন্তোষ।
তাৰ কোনোকালে নধৰোহো দোষ॥ ৫১
কহিলো তোমাত প্ৰভু ‍‍ইটো কথাচয়।
আকৌ যিটো শ্ৰদ্ধা কৰি গাৱে বা শুনয়॥
তোমাৰ প্ৰসাদে তাৰ বাঢ়ৈ আয়ু যশ।
নিতে নিতে বাঢ়ি যা‍ইবে পৰম সন্তোষ॥ ৫২
বৃদ্ধি হয় ধন-ধান্য-পুত্ৰ পৰম সম্পদ।
লভিবে পৰম সুখ অন্তে মুক্তি পদ॥
শুনা নৰ-নাৰী ইটো কথা মনোহৰ।
লক্ষ্মী হৰি সংবাদ অতি গুৰুতৰ॥ ৫৩
ইহাৰ শ্ৰৱণে মিলে ভূকুতি মুকুতি।
ৰাম সৰস্বতী পদবন্ধে নিগদতি॥
লক্ষ্মীৰ চৰিত্ৰ কথা শুনা মন কৰি।
বাঢ়িবে সম্পদ সুখে দুৰ্গতি নিস্তৰি॥ ৫৪
লক্ষ্মীৰ পৰম কথা শুনি মন কৰি।
বাঢ়িব সম্পদ দুৰ্গতি নিস্তাৰি॥
যিবা যে‍ই বাঞ্চে তাক লভিব নিশ্চয়।
লক্ষ্মীৰ বচন ‍ইটো অন্যথা নোহয়॥ ৫৫
যাৰ গৃহে থাকে ‍ইটো পুস্তক ৰতন।
যিটো নৰে শুনে ভনে আৰু অনুক্ষন॥
ত্ৰিসন্ধ্যা পঢ়য় যিটো অতি শুদ্ধমতি।
লক্ষ্মী নাৰায়ণ তুষ্ট হোন্ত তাৰ প্ৰতি॥ ৫৬
তাৰ গৃহে কোনোকালে বিঘিনি নোহয়।
পুত্ৰ ভাৰ্য্যা সমে সদা সন্তোষে বঞ্চয়॥
হেন জানি নৰলোক এড়ি আন কাম।
লক্ষ্মী নাৰায়ণ স্মৰি বোলা ৰাম ৰাম॥ ৫৭
‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌
শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ পাঁচালী

জয় নমো নাৰায়ণ জয় বাসুদেৱ।
দণ্ডবতে চৰণে পৰিয়া কৰো সেৱ॥
কৰোযোৰে প্ৰণামোহো যত দেৱগণ।
প্ৰণামোহো আদিগুৰু পিতৃ-মাতৃৰ চৰণ॥
সৰস্বতী মাতৃক শত নমস্কাৰ কৰো।
ঐশ্বৰ্য্যৰ আ‍ই লক্ষ্মীৰ চৰণত ধৰো॥
পাঁচালী প্ৰৱন্ধে কৰিবো ব্যাখ্যান।
লক্ষ্মীহৰি সংবাদ শুনিও সাৱধান॥
বসন্ত পূৰ্ণিমা ৰাতি হই লা প্ৰকাশ।
চন্দ্ৰৰ কিৰণে ভাহে নিৰ্ম্মল আকাশ॥
মন্দমন্দ বৈ আছে মলয় পবন।
সুশীতল হৈ আছে এ‍ই ত্ৰিভুৱন॥
এহেন বসন্তকালে বৈকুণ্ঠ ভুৱনে।
লক্ষ্মীনাৰায়ণ আছে বহি সিংহাসনে॥
কহে লক্ষ্মীদেৱী প্ৰতি তৱে নাৰায়ণ।
কমল নয়নী দেৱী শুনা আমাৰ বচন॥
সৰ্ব্বলোকে কহা তুমি সৌভাগ্য দায়িনী।
সেহি হেতু তুৱা নাম ত্ৰিলোক পাৱনী॥
জগতৰ হেতু মোৰ ব্যাকুলিত মন।
ক্ষুধা দুখ শোকে চিন্তে মৰ্ত্তবাসীগন॥
সম্পদ ৰূপিণী তুমি নাৰায়ণী।
দয়া কৰি ৰক্ষা কৰা এহিসে ধৰণী॥
মোহৰ সৃজিত এ‍ই যত চৰাচৰ।
অন্নাভাৱে মৰে সবে দুখ লাগে বৰ॥
এতেকে কহিলা যেবে দেৱ নাৰায়ণ।
ধীৰে ধীৰে লক্ষ্মী দেৱী বুলিলা বচন॥
সদা মইী দুঃখী মৰ্ত্তবাসীৰ কাৰণ।
কোৱা প্ৰভু কি ভবে কৰো দুঃখ নিবাৰণ॥
অনাচাৰ পূৰ্ণ হইবলা সকল ভূৱন।
নিজ কৰ্ম্ম ফলে পায় দুঃখ নৰনাৰীগণ॥
পাপপূৰ্ণ হৈ আছে সমস্ত ধৰণী।
মৰ্ত্তবাসী পা‍ই দুঃখ আপোনা আপুনি॥
লক্ষ্মীৰ বচন শুনি দেৱ চক্ৰপাণি।
বিষাদিত মনে কহে সকৰুণ বাণী॥
কোৱা দেৱী সত্য কৰি স্বৰূপ কথন।
কি কৰিলে সুখী হ’ব মৰ্ত্তবীসীগণ॥
কোৱা দেৱী মোৰ আগে সৱ বিৱৰণ।
কোন স্থানে হোৱয় তোমাৰ আগমন॥
এহি সময়ত নাৰদ আহি ভৈলা উপস্থিত।
যথাতে আছে নাৰায়ণ লক্ষ্মীৰ সহিত॥
নাৰদে বোলন্ত শুনা জগতৰ আ‍ই।
কি কাৰণে মৰ্ত্তবাসী বৰ দুঃখ পা‍ইলা॥
অনাচাৰ পূৰ্ণ হৈ আছে সমগ্ৰ ধৰণী।
সেহি হেতু দুঃখ পায় মৰ্ত্ত্যবাসী নৰনাৰী॥
যিবামতে হৈব শান্তি এহি সে ধৰাত।
কহোঁ মই সে‍ই কথা দুয়োৰে আগত॥
অহংকাৰ পূৰ্ণ সব নৰনাৰীগণ।
অনাচাৰে থাকে ৰত সদা সৰ্ব্বক্ষণ॥
কদাপিতো নমানয় শাস্ত্ৰৰ বিচাৰ।
নিজ ধৰ্ম্ম মাথোঁ কৰিছে পৰিহাৰ॥
পতি প্ৰতি শ্ৰদ্ধা নকৰয় নাৰীগণ।
নকৰয় কোন দিনে দেৱতা পূজন॥
সন্ধ্যা কালে প্ৰদীপ নিদয়য় ঘৰে।
দেৱদ্বিজে ভক্তি না‍ই অলপো অন্তৰে॥
লক্ষ্মীদেৱী কহে মন দিয়া কৰ শ্ৰাৱণ।
কোন কোন স্থানে মোৰ হোৱায় আগমন॥
শুনা বাছা দেৱঋষি ব্ৰহ্মাৰ নন্দন।
নাৰীৰ কৰ্ত্ত্যব্য মইহ কৰোহো বৰ্ণন॥
গুৰুক প্ৰণামি নিজ শোৱা শয্যা এৰি।
প্ৰাতঃকালে উঠয় যে সুলক্ষণা নাৰী॥
মাৰ্জ্জনিৰে মাৰ্জ্জন কৰি ঘৰ বাট।
গোবৰ পানীৰে সুদ্ধ কৰিব তাহাত॥
মোচা কোচা কৰি ঘৰ দুৱাৰ সকল।
ভোজন পাত্ৰ পখালিব আছে যিসকল॥
স্নান কৰি বাসি বস্ত্ৰ জলযুক্ত কৰি।
পৰিষ্কাৰ ধৌত বস্ত্ৰ পৰিধান কৰি॥
শুদ্ধাচাৰে পূজে যেৱে আমাৰ চৰণ।
সেহি নাৰী প্ৰিয় মোৰ জানা নাৰায়ণ॥
দেৱতা সমান দেখে স্বামীক যিজন।
সেহি নাৰী প্ৰিয় মোৰ কহিলো বচন॥
গুৰুজন প্ৰতি যাৰ অচলা ভকতি।
পতিব্ৰতা নাৰী সে‍ই সুলক্ষণা সতী॥
মন্দিৰ তুলসীতল লেপা-মোচা কৰি।
প্ৰণামিবে গুৰুজন মনে ভক্তি কৰি॥
শুদ্ধাচাৰে ৰন্ধন কৰিয়া ভাল মতে।
কৰাবে ভোজন সকলোকে শুদ্ধ চিত্তে॥
হাঁহি মুখে সকলোকে সন্তুষ্ট কৰিব।
সব শেষে নিজে গৈ ভোজন কৰিব ॥
ভিক্ষাৰী অতিথিক মধুৰ বচনে।
সমৰ্থ অনুসৰি দিব সুমিষ্ট ভাষণে॥
ধীৰে ধীৰে গতি আৰু সদা মধুৰ ভাষিণী।
কপালত সিন্দুৰ ফোট জানিবা সুলক্ষণী॥
প্ৰফুল্লবদন যাৰ সৰ্ব্ব সুহাসিনী।
ই সব লক্ষণ মোৰ শুনা চক্ৰপাণি॥
স্বামীৰ মংগল কামী যি নাৰী হয়।
সদা সত্য আচৰণ সত্য কথা কয়॥
পৰপুৰুষক যিটো পিতৃ হেন দেখে।
পৰৰ দ্ৰব্যক যিটো লোষ্ট্ৰ যেন ভাবে॥
নাভি সুগভীৰা আৰু স্বহাস্য বদনী।
সুবেশা সুদীৰ্ঘকেশী মৰাল গামিনী॥
দয়াৱতী নম্ৰভাষী অতি মনোৰমা।
ইসৱ লক্ষণা নাৰী জানা মোৰ সমা॥
ৰঙা হস্ত পদ মধ্যে ক্ষীণা অনুৰূপা।
জানা সেহি নাৰী আমাৰ স্বৰূপা॥
সে‍ই নাৰী ধনে ধান্যে অতি ভাগ্যৱতী।
অচলা হইহয়া থাকো তাহাত বসতি॥
লক্ষ্মীক সম্বোধি সোধে প্ৰভু নাৰায়ণ।
কিবা নাৰী পুৰুষক তুমি কৰাহা বৰ্জ্জন॥
নাৰায়ণ আগে পুনু লক্ষ্মী বোলে বাণী।
যি কুলক্ষণী নাৰীক ত্যজোহো চক্ৰপাণি॥
কুৰ কুটা কেশ যাৰ আৰু উৰ্দ্ধস্তন।
সে‍ই নাৰী হয় প্ৰভু আমাৰ বৰ্জ্জন॥
কদাকাৰ বেশ যাৰ মলিন বদন।
সে‍ই নাৰী হয় প্ৰভু আমাৰ বৰ্জ্জন॥
স্বামী এৰিয়া কৰে পৰ পুৰুষক মন।
সত্যে সত্যে মইৰ তাইক ত্যজোঁ নাৰায়ণ॥
মল-মূত্ৰ মুখ ধুই পেলাই দুৱাৰ দ্বাৰে।
সত্য কৰি কহো প্ৰভু নাযাও তাক ঘৰে॥
পিংগল নয়ন যাৰ যাৰ কুৎসিত বদন।
ধূলিমাটি ঘহে গাৱে কঠোৰ ভাষণ॥
নক্ষত্ৰ নামিকা বেশ্যা সৰ্ব্ব কুলক্ষণী।
তা‍ইক ত্যাজোহো প্ৰভু শুনা চক্ৰপাণি॥
খৰমীয়া ভৰি যাৰ মেটেলা কঁকাল হয়।
পাৱে পাৱে ঘহি থাকে ধূলামাটি চয়॥
খোজত চৰণ যাৰ চটচটী ফুটে।
তা‍ইৰ চৰিত্ৰে স্বামীৰ আয়ুস টুটে॥
বিকৃত আকাৰ দাঁত উঠ‍‍‍‍ঙা কপাল।
অসত্য ভাষিণী দুষ্টমতি চিৰকাল॥
ভৰিত পানী দিলে শীঘ্ৰে শুকা‍ই যায়।
অৱশ্যে বিধৱা হৈবে দৈবে বাধা না‍ই॥
উৰ্চ্চ কণ্ঠে কথা কয় গৰ্ব্বিত বচন।
এহি সব নাৰীক ত্যজোহো নাৰায়ণ॥
পিংগল বৰণ চুলি ধেমেচা কঁকাল।
বিকৃতি নয়নাৰ সংগ এৰো চিৰকাল॥
বাহী চোতালত মাৰ্জন যিবা নকৰয়।
বাহী বস্ত্ৰে স্নান এৰি ভোজন কৰয়॥
অমাৰ্জিত পাত্ৰে যিটো ভোজন কৰয়।
মুখ ধু‍ই দন্তে যিবা খৰিকা নলয়॥
গুৰুজনৰ প্ৰতি যাৰ শ্ৰদ্ধা ভক্তি না‍ই।
তাহাকে ত্যজোহো মই নাযাওঁ তাৰ ঠা‍ই॥
অন্ধকাৰে শোৱে আৰু তৃণ ছিঙে নখে।
চিৰকাল তাহাৰ মাত্ৰ যায় দুঃখে॥
বৃদ্ধ শশুৰ শাশুৰীক নকৰে পালন।
কদৰ্থয় বোলো নানা কুবাক্য বচন॥
মাৰ্জ্জন নকৰে ঘৰে শোৱে উলংগতে।
এনেহে নাৰীৰ গৃহে নাযাও কোনোমতে॥
অতি লোমা অলোমিকা যিবা নাৰী হয়।
সেহি নাৰী নোহো ভাল কহিলো নিশ্চয়॥
কৰ্ণৰ বাহিৰে যাৰ দুই গোটা ৰন্ধ্ৰ।
দে‍ই নাৰী নহে ভাল অতিশয় মন্দ॥
সন্ধ্যাকালে প্ৰদীপ নেদেখো যাৰ ঘৰে।
সত্য কৰি কহো প্ৰভু নাযাওঁ তাৰ ঘৰে॥
লক্ষ্মীবোলে চিন্তাযুক্ত যি পুৰুষ থাকয়।
মলিন বস্ত্ৰ পিন্ধে আৰু প্ৰভাতে শোৱয়॥
অকুমাৰী নাৰী ৰমে পিন্ধে বাহী ফুল।
অহংকাৰী অনাচাৰী চণ্ডালৰ তুল॥
উচ্ছিষ্টৰ মাজে যিটো কৰয় ভোজন।
স্নান কৰি তেল ঘহে ইসৱ বৰ্জন॥
আপোনাৰ অংগ যিটো আপুনি বজায়।
জুৱাখেলি সঞ্চিত ধনক যি কৰে ব্যয়॥
উত্তৰ পশ্চিম শিৰে শোৱে যিটো জন।
দক্ষিণে পশ্চিম মুখে দন্তক মাৰ্জ্জন॥
নিজ হাতে তুলি পুষ্প শিৰত পিন্ধয়।
আপুনি চন্দন ঘসি তিলক কৰয়॥
মাটিত বহি খায় বাহী মুখে থাকে।
গুৰুজন প্ৰতি নিন্দা কৰে যাকে তাকে॥
অতিথি নামানে নিৰ্দ্দয় ব্যৱহাৰ।
আনৰ অনিষ্ট কৰে ধনে লোভ আৰ॥
এ‍ইসৱ পুৰুষক ত্যজোহো নাৰায়ণ।
নিশ্চয় কহিলো প্ৰভু ইসৱ বচন॥
কমলাৰ কথা শুনি কহে নাৰায়ণ।
কহা প্ৰিয়ে আৰু নিষিদ্ধ ভোজন॥
যিবা দিনে যিবা বস্তু খা‍ইব নালাগে।
বিবৰিয়া সেহি কথা কোৱা মোৰ আগে॥
নাৰায়ণ কথা শুনি কহে লক্ষ্মী আ‍ই।
সকলো কহিবো কথা তোমাত বৰ্ণা‍ই॥
প্ৰতিপদে কুষ্মাণ্ড গোমাংস তুল্য হয়।
দ্বিতীয়াতে বহতী খা‍ইবে নালাগয়॥
তৃতীয়াতে পটোলতে হয় চকু শূল।
চতুৰ্থীতে মূলা খালে হয় ধনৰ নিৰ্ম্মূল॥
পঞ্চমীতে বেলফল কলংক আনয়।
ষষ্ঠীত নিম্ব খা‍ইলে নানা ৰোগ পায়॥
নৱমীত কল খালে নানা দুঃখ হয়।
দশমীতে কলমৌৱে ব্যথিক পাৱয়॥
একাদশী তিথিত উৰহী খোৱাৰ বাধা।
দ্বাদশী তিথিত পূৰৈশাক ৰোগ হয় জানা॥
ত্ৰয়োদশী বেঙেনা খাইবে নালাগয়।
চতুৰ্দ্দশীত মাটিমাহে কফৰোগ হয়॥
পূৰ্ণিমা অমাৱস্যা আৰু সংক্ৰান্তিত।
তৈলমত্স্য মাংস বাধা শাস্ত্ৰৰ বিহিত॥
আৰু এক কথা প্ৰভু কহো তোমাৰ আগে।
যিবা দিলে ক্ষৌৰ কৰ্ম্ম কৰিবাক লাগে॥
মংগলবাৰ আগে পিছে ক্ষৌৰ কৰ্ম্ম হয়।
অন্যবাৰে ক্ষৌৰ কৰ্ম্ম উচিত নহয়॥
ৰবিবাৰ ধন হানি মংগলে আয়ুক্ষয়।
বৃহস্পতিতে মান হানি শুক্ৰে শুক্ৰক্ষয়॥
শনিতে ধন মান পুত্ৰ সকল বিনাশ।
ক্ষৌৰ কৰ্ম্মেৰ কথা কহিলো প্ৰকাশ॥
শুনা বাছা দেৱঋষি নাৰাদ তপোধন।
কহিলো সকোলো কথা তোমাত বিদ্যমান॥
মোৰ পূজা ব্ৰত পৃথিৱীৰ কৰিয়া বৰ্ণন।
মৰ্ত্তবাসী যেন পায় সুখ কৰাহা বিধান॥
লক্ষ্মীমায়ে প্ৰণামী নাৰদ দেৱঋষি।
পূজা প্ৰচাৰিতে মৰ্ত্ত্যে চলিলা হৰিষি॥
মৰ্ত্ত্যে গৈয়া দেখে এক বৃদ্ধা যে ব্ৰাহ্মনী।
কান্ধে ভিক্ষা জুলি লৈয়া বিষাদ বদনী॥
দেখিয়া নাৰদ জিজ্ঞাসে ব্ৰাহ্মণীৰে।
কহিতে লাগিলা কথা সকৰুণ বাণী॥
কুলিন বংশত জন্ম জাতিত ব্ৰাহ্মণ।
আছিলো মোহোৰ স্বামী মহা ভাগ্যৱান॥
গৰু গা‍ই ধনে ধান্যে অতুল বৈভৱ।
কি কহিবো প্ৰভু এবে সে‍ই কথা সব॥
তিনিজন পুত্ৰ জন্ম হইেল যৌৱন।
তিনিওকো বিহা‍ইলো বধু আনি তিনিজন॥
ভাগ্যৱান স্বামী মোৰ গৈলা স্বৰ্গীয় হৈ।
ভুগিছো দুৰ্গতি মইো অশেষ বিলা‍ই॥
তিনিও বোৱাৰী সদায় কন্দল কৰয়।
নমানয় শাহু বুলি কুবাক্য বোলয়॥
দূৰগৈলা ধন ধান্য অন্ন নাহি মিলে।
নাপালোহো এহেন দুৰ্গতি কোন কালে॥
সৰা মোচা নীতি ধৰ্ম্ম এৰিল সকলে।
পূৰ্ব্বৰীতি ধৰ্ম্ম এৰে বোৱাৰীসকলে॥
দেৱতা ব্ৰহ্মাণ গুৰু জনক নমানয়।
কোনো দিনে সন্ধ্যা চাকি গৃহত নজ্বলয়॥
বোৱাৰীৰ কথা মতে পুত্ৰ সব চলে।
দেৱতা ঈশ্বৰক নুপুজে কোন কালে॥
অনাচাৰে লক্ষ্মী ভ্ৰষ্ট হইল অভাগী।
অনাহাৰে প্ৰান যায় ফুৰো ভিক্ষা মাগি॥
নাৰদ বোলয় আই ভিক্ষা বৃত্তি এৰা।
দূৰ যাইব দুঃখ শোক লক্ষ্মী ব্ৰত কৰা॥
গৃহে বোৱাৰী সহিতে লক্ষ্মী ব্ৰত কৰি।
সৌভাগ্য মিলিব আ‍ই মোৰ বাক্য ধৰি॥
মাৰ্জ্জন কৰিয়া ঘৰ গোময়েৰে লিপি।
ভক্তিমনে জলপূৰ্ণ ঘট এক স্থাপি॥
ঘটৰ ওপৰে আমাৰ পল্লব একগোট।
বস্ত্ৰে আচ্ছাদিয়া দিবা সেন্দুৰৰ ফোট॥
তলে পঞ্চ শস্য ঘটে এক গুটি ফল।
ধূপ দীপ ধূনা আদি নৈবেদ্যে সকল॥
ঘটে সান্নিধানে দিবা লক্ষ্মীৰ আসন।
বস্ত্ৰে সুশোভিতা কৰি দিয়া গুৱাপাণ॥
পুষ্প দুৰ্ব্বা উপাচাৰে পূজিলা লক্ষ্মীৰে।
দুৰ্ভাগ্য গুছিয়া হৈবো সৌভাগ্য অচিৰে॥
ভক্তিভাৱে লক্ষ্মী আ‍ইক আৰাধিলে।
সম্পদ মিলিব দুঃখ নোহে কোনো কালে॥
নাৰদৰ বাক্যে বৃদ্ধা গৃহক চলিলা।
বোৱাৰীৰ আগে গিয়া সকলো কহিলা॥
শাহু বোৱাৰীয়ে কৰিলা পূজা আৰম্ভণ।
পূজাৰ অন্তে কমলাৰে কৰিলা বন্দন॥
সবে মিলি বিধিমতে লক্ষ্মী ব্ৰত কৰি।
বাঢ়িলা সৌভাগ্য গৈল দুৰ্গতি আঁতৰি॥
অতুল ঐশ্বৰ্য্য হেৰিয়া॥
দেখি তাসম্বাৰ ভাগ্য প্ৰতিবেশী সবে।
ভক্তিমনে লাগিলেক লক্ষ্মীক সেৱিবে॥
লক্ষ্মীক ঘেৰি সৱে হৈলেক অঢ্যৱন্ত।
লক্ষ্মীৰ মহিমা কহি কোনে পায় অন্ত॥
লক্ষ্মীব্ৰত ফল দেখি সবে মুগ্ধ ভৈলা।
এহিমতে মৰ্ত্ত্যে পূজা প্ৰচাৰ হৈলা॥
বৃহস্পতিবাৰে যিবা লক্ষ্মী ব্ৰত কৰে।
ধন ধান্যে গোমহিষে পৰিয়াল বাঢ়ে॥
কমলাৰ পূজা কৰি পাঁচালী পঢ়িলে।
দুঃখ শোক দৰিদ্ৰতা নোহো কোনো কালে॥
যাৰ ঘৰে থাকে এ‍ই পাঁচালী ৰতন।
লক্ষ্মীমায়ে কৃপা কৰে তাক অনুক্ষণ॥
লক্ষ্মী নাৰায়ণ কথা কৰিলে শ্ৰৱণ।
ধনে ৰত্নে সম্পদ বঢ়ায় অনুক্ষণ॥
লক্ষ্মীব্ৰত কৰি পাচাঁলী পঢ়িলে।
তুষ্ট হয় লক্ষমীমা‍ই তাৰ সুখ মিলে॥
কৰা সেৱা লক্ষ্মী মাৱে আলজাল এৰি।
লক্ষ্মীনাৰায়ণ প্ৰিতে বোলা হৰি হৰি॥
নমো নমো লক্ষ্মী দেৱী জগত মংগলা।
সৰ্ব্বদোষ অপৰাধ ক্ষমিবা অচলা॥
নাজানো মিনতি স্তুতি ভক্তি পূজা পাঠ।
কায়বাক্যে দ্ৰব্যে স্থানে যত দোষ পাপ॥
ক্ষমিবা সকলো যেন খাতিছো কাতৰ।
নিজগুনে তুষ্ট হোৱা থাকিবা অন্তৰে॥
ৰোগ শোক দুঃখ হৰা গুছোৱা দুৰ্গতি।
বিঘিনি খণ্ডন কৰা দিয়া শুভমতি॥
ত্ৰিজগত মাতা দেৱী আদ্যশক্তি তুমি।
অসাধ্য তোমাৰ পূজা কিনো জানো আমি॥
কৰো সেৱা সকাতৰে তোমাৰ চৰণে।
দণ্ডৱতে কৰো মাতৃ ই নাম কীৰ্ত্তনে॥

--- শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ পাচাঁলী সমাপ্ত---

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ স্ততিনাম

মা-হে লক্ষ্মী নাৰায়ণী মা-হে বিষ্ণুৰ ঘৰণী
কমলা কমলা লয়া কি মা-হে।
মা-হে বিষ্ণুপ্ৰিয়া ৰমা মা-হে প্ৰকৃতি পৰমা
চঞ্চলা অচলা কি মা-হে॥
মা-হে ক্ষীৰোদ তনয়া মা-হে মহাবিষ্ণু জায়া
লক্ষ্মীপদ্মা পদ্মালয়া কি মা-হে।
মা-হে স্বৰ্গে দেৱী লক্ষ্মী মা-হে ৰাজ্যে ৰাজলক্ষ্মী
গৃহে গৃহলক্ষ্মী ৰূপা কি মা-হে॥
মা-হে মহালক্ষ্মী তুমি মা-হে বৈকুণ্ঠ বাসিনী
বিষ্ণুৰ প্ৰাণৰ প্ৰিয়া কি মা-হে।
মা-হে সৰ্ব্বাণী মংগলা মা-হে সুন্দৰী সুশীলা
গৌৰবৰ্ণা কৃষ্ণপ্ৰিয়া কি মা‌‌-হে॥
মা-হে কমলা আসনা মা-হে কমলা ভুষণা
কমলা কমলাননা কি মা-হে।
মা-হে সুখ শান্তিপ্ৰদা মা-হে জয়দা বৰদা
ভোগদা মোক্ষদায়িকা কি মা-হে॥
মা-হে ত্ৰিলোক বন্দিতা মা-হে সৰ্বদা পূজিতা
অভয় বৰদায়িকা কি মা-হে॥
মা-হে ধন ধান্য প্ৰদা মা-হে বিভূতি কান্তিদা
পদ্মাসনা কমলিনী কি মা-হে।
মা-হে নমো দেৱী লক্ষ্মী মা-হে নমো মহালক্ষ্মী
নাম পাশাক্ষধাৰিণী কি মা-হে॥
মা-হে মহামায়া নাম মা-হে নমামি অভয়া
নমো নমো নাৰায়ণী কি মা-হে।
মা-হে নমো জগত প্ৰিয়া মা-হে নমামি বিজয়া
নমো নমো সনাতনী কি মা-হে॥
মা-হে খাটিছো কাতৰে মা-হে মাতিছো সাদৰে
চৰণে সপিলো কায়া কি মা-হে।
মা-হে কৰিছো কাকুতি মা-হে দিয়া শুভমতি
দিয়া তযু পদ ছায়া কি মা-হে॥
মা-হে আমি মূঢ়মতি মা-হে নাজানো ভকতি
নাজানো মিনতি স্তুতি কি মা-হে।
মা-হে কাতৰ বচনে মা-হে নমো শ্ৰীচৰণে
ৰাখা ৰাখা দেৱীলক্ষ্মী কি মা-হে॥


----সমাপ্ত----