সমললৈ যাওক

শান্তনু নন্দন

ৱিকিউৎসৰ পৰা
 

শান্তনু নন্দন

 

হেম বৰুৱা

 

SANTANU NANDAN, Written by Sri Hem Baruah, Hojai and published by M/s Manash Printers, Guwahati and Printed at Abhiruchi Prakashan Pvt, Ltd., M. C. Road, Guwahati- 781 003. Price : Rupees Seven only.

প্রথম প্রকাশ— ১৯৯৫


প্রকাশক:
মানস প্ৰিণ্টাৰ্ছ
গুৱাহাটী


©লিখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত

মূল্য: সাত টকা মাত্ৰ


ছপা:
অভিৰুচি প্রকাশন প্রাইভেট লিমিটেড,
এম, চি, ৰোড, গুৱাহাটী- ৭৮১০০৩
ফোন : ৫৬৩৯৭২

 
মৰমৰ,

 অকণিহঁতলৈ

 

 ইয়াৰ আগতে মহাভাৰতৰ অন্যতম চৰিত্ৰ মহাৰথী
কৰ্ণৰ বিষয়ে ‘মহাবীৰ কৰ্ণ’ নাম দি অকণিহঁতৰ বাবে
লিখিছিলোঁ, সেইখনি অকণিহঁতে ভাল পাইছে বুলি জানি
এইবাৰ আকৌ মহাভাৰতৰ ভীষ্মৰ বিষয়ে ‘শান্তনু নন্দন’
অকণিহঁতৰ বাবেই আগবঢ়ালোঁ—

হেম বৰুৱা

 

 

শান্তনু নন্দন

 তোমালোকে নিশ্চয় ভাৰতৰ দুখন মহাকাব্যৰ নাম শুনিছাহঁক। এই দুখন হ’ল— ৰামায়ণ আৰু মহাভাৰত। যেতিয়ালৈকে এই ভূখণ্ডত মানুহ প্ৰবৰ্তি থাকিব তেতিয়ালৈকে এই দুখন মহাকাব্যত লিপিবদ্ধ হৈ থকা ঘটনাবাজী আমাৰ সমাজ জীৱনত শ্বাস-প্ৰশ্বাসৰ দৰেই বৰ্তি থাকিব। এই দুয়োখন মহাকাব্যতে আমাৰ ভাৰতীয় সমাজ জীৱনৰ প্ৰতিটো কথাই সানপোটক হৈ আছে। সময়ে গতি সলায়ে আছে আৰু এই দুখন মহাকাব্যৰ ৰচনাকালো কেবা হাজাৰ বছৰ পাৰ হ'ল; তথাপি ইয়াৰ বুকুত থকা ঘটনাসমূহে আমাৰ দৈনন্দিন জীৱনত এনেদৰে প্ৰতিফলন ঘটাই যে সেই দুখন কাব্য যেন ভাৰতীয় ঐতিহ্যৰ দলিলহে। এই দুখনৰ ভিতৰত মহাভাৰতত উল্লেখ থকা এটি অনুপম চৰিত্ৰৰ কথা কবলৈ ওলাইছোঁ।

 সেই চৰিত্ৰটোৰ নাম হ'ল— ভীষ্ম, ৰজা শান্তনুৰ পুত্ৰ। এই বিখ্যাত চৰিত্ৰটোৰ নাম তোমালোকে সদায়ে লৈয়ে থাকা। কথাই কথাই তোমালোকৰ ভিতৰতো কেতিয়াবা লগৰ এজনে কথাৰ খুটি এৰিব নুখুজিলে ভীষ্মৰ প্ৰতিজ্ঞা নেকি বুলি ব্যঙ্গ কৰাহঁক। এইজনা আমাৰ এগৰাকী আদি পুৰুষ। যাৰ বল বীৰ্য্য কৰ্ত্তব্যনিষ্ঠা আৰু ন্যায়নিষ্ঠা সজ গুণবোৰৰ বাবে চিৰ নমস্য। এই গৰাকী মহৎ ব্যক্তিৰ কথা কবলৈ যাওঁতে সেইকালৰ বহুত ৰহস্যপূৰ্ণ কথা সানপোটক হৈ আছে। কথাবোৰ ইটোৰ লগত সিটো এনেদৰে এঠা লাগি আছে যে এটা বিষয় ক'বলৈ মুখ মেলিলেই তাৰ লগৰবোৰে জাকিমাৰি পৰেহি। গতিকে পোনে পোনে কোনো এটা বিষয়কে সাউংকৰে পোহাৰ মেলিব নোৱাৰি। এই শান্তনু নন্দনৰ কথা কবলৈ যাওঁতেও পাতনি টানিব লগা হৈছে।

 হস্তিনাপুৰ ৰাজ্যৰ ৰজা শান্তনু। ৰূপেগুণে বিচক্ষণ পুৰুষ। সেই কালত আক’ মৃগয়া কৰাটো এটা আভিজাত্যৰ চিন। আন সাধাৰণ মানুহে কৰা মৃগয়াতকৈ ৰজাই কৰা মৃগয়া সুকীয়া বিধৰ। ঢোলে-দগৰে লগুৱা লিকচৌ লৈ ৰজাই মন মেলিলেই অৰণ্যত প্ৰৱেশ কৰি তামি ঘৰ সাজি ৰাজধানীৰ দৈনন্দিন কোহকালৰ পৰা হাতসাৰি মাহটো পষেকটোলৈ তাত সোমায়গৈ। ইচ্ছামতে অৰণ্যত পিতপিতাই বিমল আনন্দ উপভোগ কৰাটোৱে মুখ্য উদ্দেশ্য। মৃগয়াপ্ৰিয় ৰজা শান্তনুৱেও বনদৰে হাবিত মৃগয়া কৰিবলৈ যাওঁতে এদিন গঙ্গাৰ পাৰত এগৰাকী দিপ্‌লিপ্‌ যুৱতীক দেখা পালে। সেই গৰাকীৰ ৰূপত ৰাগী লগা বজাই থিৰেৰে থাকিব নোৱাৰি নিজে নিজে কাষ চাপি গৈ কলেগৈ— মই হস্তিনাপুৰৰ ৰজা শান্তনু। মই তোমাক মোৰ মাদৈ হিচাপে পাবলৈ ইচ্ছা কৰিছোঁ। মুখত মিচিকিয়া হাঁহিৰে সেই যুৱতীয়ে কলে— মই আপোনাক দেখাৰ লগে লগে মই যে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছো সেইটো অনুভৱ হৈছে। মোৰ নাম গঙ্গাদেবী। আপোনাৰ হাবিসায় পূৰ্ণ কৰাত মোৰ কোনো দ্বিমত নাই; কিন্তু তাৰ আগতে মোৰ এটা স্বৰ্ত জনাই থওঁ যে— যিদিনাই আপুনি মোৰ কথা আৰু কামৰ কৈফিয়ৎ বিচাৰিব সেইদিনাই মোক হেৰুৱাব লাগিব। সেই মুহূৰ্ততে আপোনাক মই পৰিত্যাগ কৰিম। ৰজা শান্তনুয়ে অনায়াসে সেই চুক্তি মানি ললে; আৰু দুয়ো সন্তোষ চিত্তে হস্তিনাপুৰলৈ গমন কৰিলে। গঙ্গাদেবীক পাই ৰজা মহাসুখী হ'ল। এবছৰৰ পাচত এটি পুত্ৰ সন্তান লাভ কৰি ৰজা শান্তনুৱে হস্তিনাপুৰৰ উত্তৰাধীকাৰী লাভ কৰিলো বুলি পৰম সুখী হ'ল। কিন্তু সেই সন্তানৰ মুখ দেখিবলৈ নৌ পাওঁতেই ৰাণী গঙ্গাই নৈত উটুৱাই দিলেগৈ। এই কথাত শান্তনুৱে অন্তৰত বৰ আঘাট পালে যদিও প্ৰতিশ্ৰুতিৰ কথা সুঁৱৰি মুখ নেমেলিল। এনেদৰে প্ৰতিটো শিশু ভূমিষ্ঠ হোৱাৰ লগে লগে তেওঁৰ আদৰৰ পত্নী গঙ্গাদেবীয়ে নৈত উটুৱাই দি আহে, কিন্তু অষ্টম পুত্ৰ সন্তানটি জন্ম হোৱাৰ লগে লগে আগৰ কেইটিৰ দৰে নৈত উটুৱাই দিবলৈ গঙ্গাদেবী যেতিয়া আগবাঢ়িল তেতিয়া আৰু তেওঁ ৰৈ থাকিব নোৱাৰিলে৷ গঙ্গাদেবীক কলে— তুমি এনেদৰে কিয় নিষ্ঠুৰ ভাৱে কাম কৰিবলৈ আগবাঢ়িছা— অন্ততঃ এই শিশুটোক মোক দিয়া— মই আৰু সহ্য কৰিব নোৱৰা হৈছো। মাতৃ হিচাপে ইমান গৰ্হিত কাম কৰিবলৈ আৰু দিব নোৱাৰো। তেতিয়া গঙ্গাদেবীয়ে কলে ৰজা তুমি তোমাৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰিছা। এতিয়া মোৰ চৰ্ত্ত অনুসৰি এই মুহূৰ্ততে তোমাক পৰিত্যাগ কৰিলো আৰু এইয়া লোৱা তোমাৰ পুত্ৰ সন্তান। এই সন্তানেই তোমাৰ বাচি থাকিব আৰু ই দেবব্ৰত বুলি পৰিচিত হৈ ৰব। কিন্তু এই সন্তানে যেতিয়ালৈকে তোমাৰ বিশাল সাম্ৰাজ্য চলোৱাৰ বাবে উপযুক্ত শিক্ষা দীক্ষাৰে পাৰ্গত নহব তেতিয়ালৈকে ই মোৰ লগত থাকিব। ৰজাই ভাৱিলে এই সামান্য কথাটোৰ বাবেই যেতিয়া তেওঁক হেৰুৱাব লগা হ'ল তেতিয়া পত্নীৰ সেই কথাটোত সৈমান হৈ পুনৰ একো প্ৰশ্ন উত্থাপন নকৰিলে আৰু জীৱিত অৱস্থাত পুনৰ ঘূৰাই পোৱাৰ মানসেৰে মাতৃৰ লগতে পুত্ৰক এৰি দিলে। গোটেই ঘটনাটো তেওঁৰ বাবে দুঃস্বপ্ন যেন হ'ল। এই ঘটনাবোৰ আচলতে যিমান সহজ যেন তোমালোকে ভাবিছা আচলতে এইবোৰ বৰ জটিল কথা। প্ৰতিটো ঘটনাৰ আঁৰকাপোৰৰ ভিতৰত বেলেগ সম্ভেদ নিহিত হৈ আছে। যেনেকৈ জুই পানী নহলে অন্ন সিদ্ধ নহয় ঠিক তেনেকৈ কাৰণ নেথাকিলে একো ঘটনাই সংঘটিত হ'ব নোৱাৰে। গঙ্গাদেবী আচলতে স্বৰ্গৰ অধিবাসী আছিল। শাপভ্ৰষ্টা হৈহে পৃথিবীত বোলে জনম লৈছিল। সেয়ে তেওঁৰ কাম কাজ শেষ হোৱাৰ পাচত এই মৰ্ত্য্যত থকাৰ মোহ শেষ হ’ল। স্বৰ্গত থাকোতে ৰজা শান্তনুৰ প্ৰতি অনুৰাগ জন্মিছিল আৰু সেয়ে দেবতাসকলৰ বিতুষ্টত শাপভ্ৰষ্টা হৈ মৰ্ত্যত জন্ম গ্ৰহণ কৰি ৰজাৰ লগত বৈৱাহিক সমন্ধ স্থাপন কৰিলেহি। তেওঁ জন্ম দিয়া সন্তানৰ সকলো আক’ শাপভ্ৰষ্টা হৈয়ে পৃথিবীত জন্ম লাভ কৰিলে আৰু গঙ্গাদেবীৰ দ্বাৰা শাপমুক্ত হৈ পুনৰ স্বৰ্গত স্থান পালেগৈ। তেওঁলোক অষ্ট্ৰ বসূ আছিল।

 পত্নীৰ সতে বিচ্ছেদ ঘটা ষোল বছৰ পাৰ হ'ল— যদিও মনৰ পৰা সন্তাপ দূৰ হোৱা নাছিল। তথাপি প্ৰজাবৎসল ৰজা হিচাপে তেওঁ ৰাজ কাৰ্য্য সুকলমে চলাইছিল। মাজে মাজে গঙ্গাৰ পাৰলৈ গৈ অতীত ৰোমণ্ঠন কৰে। এদিনাখন গঙ্গাৰ পাৰত ঘূৰি ফুৰোঁতে হঠাৎ দেখিলে গঙ্গাৰ বুকুখন ধেনুৰ দৰে ওফন্দি উঠি এক জ্যোতিময় দৃশ্য প্ৰতিফলিত কৰিলে, তাৰ মাজৰ পৰা এটি শিশু ওলাই আহি গঙ্গাৰ ওচৰ চাপি কলেহি মা তুমি অনুভৱ কৰিব পাৰানে ম‍ই কি কৰিব পাৰোঁ। তেতিয়া গঙ্গাই ৰজা শান্তনুৰ প্ৰতি এক ৰহস্যপূৰ্ণ দৃষ্টিৰে কলে তোমাৰ পুত্ৰক তোমাৰ হাতত গতাই দিবলৈকে মোৰ এই আৰ্বিভাৱ। তোমাৰ সন্তানে পৰম গুৰুৰ ওচৰত শিক্ষা দীক্ষা লাভ কৰি ভৱিষ্যত উত্তৰাধিকাৰী হোৱাৰ যোগ্যতা আৰ্জন কৰিব পাৰিছে। সেইবুলি কৈয়ে গঙ্গা নাইকিয়া হ'ল। দেৱব্ৰতে ৰজাৰ চৰণত মূৰ থৈ আশীৰ্বাদ ভীক্ষা কৰিলে। ৰজাই আথেবেথে নিজ সন্তানক হস্তিনাপুৰলৈ লৈ আহিল। চাৰিবছৰৰ পাচত দেবব্ৰতক যুৱৰাজ পাতিলে। প্ৰজাসকলে ভালেদিনৰ অন্তত তেওঁলোকৰ ৰাজ্যৰ উত্তৰাধিকাৰী লাভ কৰি পৰম সন্তোষ লভিলে।

 কিন্তু সময় বৰ আহুকলীয়া। খেনে খেনে ইয়াৰ বৰণ সলাই থাকে। কেতিয়া ক'ত কিহৰ পৰা কি ঘটেগৈ ততকে ধৰিব নোৱাৰি। এদিনাখন ৰজা শান্তনুৱে যমুনা নদীৰ বুকুত এখন নাৱত এগৰাকী ৰূপৱতী তৰুণীক দেখা পালে। কিছুপৰ সেই কন্যাৰ প্ৰতি দৃষ্টি নিবন্ধ কৰি ৰজা ওচৰ চাপি শুধিলে— তেওঁ বা কোন! সেই কন্যাই লাজুকী চাৱনীৰে কলে- তেওঁৰ নাম সত্যৱতী। তেওঁৰ পিতৃ বৃত্তিত বিষয়া। তেতিয়াৰ দিনত ৰজা-মহাৰজাসকলে মন মেলিলেই হ'ল, একোটে চিন্তা নাই। কন্যাৰ বাক্যষাৰি শুনিয়ে ৰজাই কন্যাৰ পিতৃৰ ওচৰলৈ ঢাপলি মেলিলে আৰু কলেগৈ তেওঁৰ কন্যাক ৰজাই ৰাণী হিচাপে গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিছে। ৰজাৰ প্ৰস্তাৱৰ প্ৰতি সন্মান জনাই বিষয়াই কলে— মহাৰাজ! আপুনি মোৰ কন্যাক মাদৈ কৰিব বুলি জানি বৰ গৌৰৱবোধ কৰিছো; কিন্তু এটা চৰ্ত্ততহে মোৰ আইজনীক আপোনাক গটাব পাৰি- যদি আপুনি তাইৰ সন্তানক আপোনাৰ উত্তৰাধিকাৰী পাতিবলৈ সন্মত হয়। ৰজাই সেইষাৰ বুকুত খোজ মাৰি যোৱা বাক্য শুনিহে থমকি ৰব লগা হয়, কিয়নো তেওঁৰ পুত্ৰ দেৱব্ৰতক ইতিমধ্যে যুৱৰাজ পাতিয়ে থৈছে। মনৰ আশাত চেচাঁপানী পৰাদি পৰিল। বেজাৰ মনেৰে কোনো বাক্য উচ্চাৰণ নকৰাকৈ ঘূৰিব লগা হ'ল। ৰাজকাৰ্য্যৰ প্ৰতি মন নবহা হ'ল। চাল চলনত এক চিন্তাক্লিষ্ট মন। ৰজাৰ হঠাৎ এনে বিৰাগ ভাৱৰ প্ৰতি পুত্ৰ দেবব্ৰতে চিন্তা কৰিবলৈ ধৰিলে। পিতৃৰ নিশ্চয় কৰবাত অথন্তৰ ঘটিছে— সেই কথা দেবব্ৰতে বুজিলে। পিচে ৰথচালকৰ পৰা উৰহী গছৰ ওৰ ওলাল। দেবব্ৰতে ৰজাৰ বাবে পোনে পোনে সত্যৱতীৰ পিতৃৰ কাষ পালেগৈ— আৰু কলেগৈ যে তেওঁৰ পিতৃৰ মনষ্কামনা পূৰ্ণ কৰিবলৈ তেওঁৰ স্বাৰ্থ ত্যাগ কৰিছে। তেওঁ কাহানিও ৰজা নহ'ব। এই কথাত কন্যাৰ পিতৃ আশ্বস্ত নোহোৱাত তেওঁ প্ৰতিশ্ৰুতি দিলে যে তেওঁ জীৱনত কেতিয়াও বিয়া নকৰায়। নিজ পিতৃৰ তৃপ্তিৰ কাৰণে পুত্ৰই কৰা এই ত্যাগ কম ডাঙৰ কথা নহয়। পিতৃৰ হকেই জীৱনৰ সোনালী সপোন পৰিহাৰ কৰি দেবব্ৰত হৈ পৰিল ভীষ্ম। এই প্ৰতিজ্ঞাৰ কথা শুনি স্বৰ্গত গুণগুণনি উঠিল। দেৱতাসকলৰ আশীষ নিৰ্ম্মালি উপচি পৰিল। যেনে প্ৰতিজ্ঞা তেনে কাম। পুত্ৰই গোটাই দিয়া পত্নী সত্যৱতীৰ কালক্ৰমত দুটি সন্তান জন্ম হ'ল। এটিৰ নাম চিত্ৰাংগদ আৰু আনটিৰ নাম বিচিত্ৰবীৰ্য্য এই দুয়ো পুত্ৰ নাবালক হৈ থাকোতেই শান্তনুৱে চিৰ দিনৰ বাবে চকু মুদিলে। ৰজাৰ অবিহনে ৰাজ্যৰ শাসনভাৰ চলোৱাৰ অৰ্থে পূৰ্বৰ প্ৰতিজ্ঞা অনুসৰি ভীষ্মই যুৱৰাজ চিত্ৰাংগদক ৰজা পাতি ৰাজশাসন কৰিবলৈ ললে। কিন্তু চিত্ৰাংগদ ৰাজপাটত আৰোহন কৰাৰ অলপ দিনৰ পাচতে যুদ্ধত প্ৰাণ হেৰুৱালে। আকৌ ভীষ্মই দ্বিতীয় ভাতৃ বিচিত্ৰবীৰ্য্যক ৰজা পাতিলে। বিচিত্ৰবীৰ্য্যৰ বিয়াৰ উপযুক্ত বয়স হোৱাত সংসাৰ পাতি দিয়াৰ কথা চিন্তা কৰিলে। সেই সময়ত প্ৰথা অনুযায়ী কাশী ৰাজ্যৰ কন্যাৰ একমাত্ৰ পাণি প্ৰাৰ্থী আছিল হস্তিনাপুৰৰ ৰাজ পৰিয়ালৰ যুৱৰাজহে। কিন্তু এইবাৰ আক’ কাশী ৰজাৰ কন্যা অম্বা, অম্বালিকা আৰু অম্বিকাৰ বিবাহৰ সময় হোৱাত সয়ম্বৰৰহে আয়োজন কৰিলে। এই কথাত ভীষ্মই মনে মনে অপমান বোধ কৰিলে। সেই বীৰ পৰাক্ৰমেৰে সকলোৰে চকুৰ আগতে সয়ম্বৰৰ দিনা তিনিওটি কন্যাক উঠাই হস্তিনাপুৰ পোৱালেহি। ভীষ্মৰ প্ৰতাপক সকলো ৰজাই সমীহ কৰিলে যদিও শাল্বৰজাই তেওঁৰ পাণি প্ৰাৰ্থী গৰাকীকো ভীষ্মই লোৱা দেখি ফেপেবি পাতি ধবিলে; কিন্তু ভীষ্মৰ লগত টিকিব নোৱাৰি তেওঁ আতৰিব লগা হ'ল। ভীষ্মইও নেজানে তেওঁ কাঢ়ি অনা তিনি কন্যাৰ ভিতৰত অম্বা বোলা গৰাকী যে শাল্ব ৰজাৰ পাণিপ্ৰাৰ্থী। পিচে কি হ’ব কপালৰ লিখন কোনে মচিব পাৰে। ভীষ্মৰো এয়ে কাল হ'ল। অম্বাৰ মুখত সকলো বিবৰি শুনি বিচিত্ৰবীৰ্যই তেওঁক গ্ৰহণ নকৰিলে আৰু স-সন্মানে শাল্ব ৰজাৰ ওচৰলৈ পঠাই দিলে। কিন্তু যাৰ কাৰণে ভীষ্মৰ লগত যুঁজি হাৰ মানিলে— যাক বিজেতাই মুখৰ আগৰ পৰা উঠাই নিলে তেওঁক আক’ কি সতেৰে পুনৰ গ্ৰহণ কৰে। অম্বাদেবী পুনৰ ভীষ্মৰ কাষ চাপি তেওঁক তিৰস্কাৰ কৰিবলৈ ধৰিলে। কিয়নো ভীষ্মৰ মইমতালিৰ কাৰণেই তেওঁৰ তেনে অৱস্থা হ'ল। এতিয়া দুয়োকুল মৰা গল, গল, এজনে আনৰ বাকদত্তা বুলি আৰু আনজনে বিজেতাই যুদ্ধত ঘটাই অনাৰ বাবে গ্ৰহণ কৰিবলৈ মন নকৰে। গতিকে ভীষ্মই পত্নীৰূপে গ্ৰহণ নকৰিলে তেওঁৰ উপায় নাই। কিন্তু ভীষ্মই প্ৰতিজ্ঞা অনুসৰি সেই কাম কৰিব নোৱাৰে। ভীষ্মৰ ওচৰতো বিমুখ হৈ অম্বাই প্ৰতিহিংসাভাৱ পোষণ কৰিলে। সময়ত ভীষ্মক ইয়াৰ পোটক তুলিবলৈ সংকল্প গ্ৰহণ কৰি তপস্যাত বহিল। এই অম্বাই পাচত দ্ৰোপদ ৰজাৰ সন্তান শিখণ্ডীৰূপে জনম লৈ ভীষ্মৰ কালৰূপে ঠিয় হ'ল। কথাবোৰ কেনে জেলেপিপাক লগা ধৰিবা পাৰিছাহঁকনে?

 ভীষ্মৰ জীৱনটোৱে যেন এক সংগ্ৰাম; প্ৰতিটো কাম সমাধা কৰিবলৈ যাওতে নিজৰ স্বাৰ্থ ত্যাগ কৰিব লগা হৈছিল, সেইদৰে কৃতকাৰ্য্যও লাভ কৰিছিল। নিজে যুৱৰাজ হৈও পিতৃৰ পৰিতৃপ্তিৰ কাৰণে সেই উত্তৰাধিকাৰী আসন পৰিত্যাগ কৰিলে। অথচ ৰাজ্য চলোৱাৰ চিন্তা তেওঁৰ মূৰৰ পৰা আতঁৰ নহ'ল। পিতৃৰ কাৰণেই ৰাজপাটৰ মোহ ত্যাগ কৰি বিয়াবাৰুত নোসোমাল— তথাপি ইটোৰ পাচত সিটো জঞ্জালে তেওঁক লগ এৰা নিদিলে। পুত্ৰ বধু অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত জন্ম ললে ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদূৰ নামৰ তিনিটা শিশু। বিদূৰ আচলতে দাসী পুত্ৰহে। ইফালে ধৃতৰাষ্ট্ৰ জন্মতে অন্ধ আৰু পাণ্ডু হ'ল পাণ্ডু ৰোগী। তথাপি দাসীপুত্ৰ বিদূৰ আছিল বিচক্ষণ বুদ্ধিৰ। এই নাবালক পুত্ৰসকলৰ লালন-পালনৰ দায়িত্বও মূৰ পাতি লব লগা হয় ভীষ্মইহে। তিনিওজন যেতিয়া উপযুক্ত বয়সত ভৰি দিয়ে তেতিয়া আকৌ তিনিওজনলৈ একোগৰাকী কন্যা বিচাৰি আনি দিয়ে। ধৃতৰাষ্ট্ৰৰ বাবে গান্ধাৰ ৰজাৰ কাষ চাপিল। তেওঁৰ জীয়ৰী গান্ধাৰীৰ বিবাহৰ উপযুক্ত বয়স হলেও জন্মান্ধ কোঁৱৰ এজনলৈ বিয়া দিবলৈ ইতস্ততঃ কৰিছিল; কিন্তু কন্যা গান্ধাৰীয়ে সেই প্ৰস্তাৱ আনন্দেৰে গ্ৰহণ কৰি পিতৃক সন্মতি জনালে। এই গৰাকী দৃঢ়মনা নাৰীয়ে স্বামীৰ সতে একেলগে সংসাৰৰ বাৰ্হিঃ দৃশ্য নেদেখিবলৈ চকুত পটি লগাই ললে। পাণ্ডুৰ কাৰণে মথুৰাজ বসুদেৱৰ ভগ্নী আৰু পৃথুৰজাৰ কন্যা কুন্তীদেবীক ঠিক কৰিলে। পাণ্ডুৰ আন এগৰাকী পত্নী হ'ল— মাদ্ৰী। যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুন হ’ল কুন্তীৰ আৰু নকুল, সহদেৱ হ'ল মাদ্ৰীৰ পুত্ৰ। এই পঞ্চ-পাণ্ডৱ পাণ্ডুৰ আৰু ধৃতৰাষ্ট্ৰৰ হ'ল এশ গৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তান।

 ধৃতৰাষ্ট্ৰ অন্ধ কাৰণে ভায়েক পাণ্ডুৱে ৰাজ্য শাসন কৰিছিল। কিন্তু পাণ্ডুৰ মৃত্যুৰ পাচত ধৃতৰাষ্ট্ৰ ৰজা হবলৈ পায়। অৱশ্যে পাণ্ডুৰ মৃত্যুৰ আগেয়েই ককায়েকক ৰাজ শাসন গটাই বনলৈ গৈছিল। এই আহুকলীয়া সমস্যাৰ আউল মাৰিব লগা হৈছিল পিতামহ ভীষ্মইহে। মকৰাই নিজৰ জাল নিজে তৈয়াৰ কৰি যেনেদৰে মৰণৰ ফান্দলৈ ৰূপান্তৰিত কৰে ঠিক তেনেদৰে দুৰ্ভগীয়া ভীষ্মইও নিজৰ হাতেৰে গঢ় দিয়া হস্তিনাপুৰৰ সোণৰ সংসাৰৰ প্ৰজন্মই তেওঁৰ বাবেই কলুষ কালিমা সনা এক কাল নিশা কঢ়িয়াই আনিলে। নিজৰ জীৱনৰ স্বাৰ্থ ত্যাগ কবি পলে পলে গঢ় দিয়া সোণৰ সঁফুৰা স্বৰূপ হস্তিনাপুৰলৈ কাল অমানিশা আগুৱাই আহিল। মায়াময় সংসাৰৰ সকলো দুখ-যন্ত্ৰণা তিলে তিলে ভোগ কৰিবৰ কাৰণেই যেন পৰমেশ্বৰে তেওঁক পিতামহ কৰি ৰাখিলে। সুদীৰ্ঘ জীৱন কালত এই সকলো দুখ বেদনা আনন্দ-অশ্ৰু নীলকণ্ঠৰ দৰে পান কৰিব লগা হৈছিল। জ্যেষ্ঠ নাতি ধৃতৰাষ্ট্ৰ অন্ধ হোৱাৰ কাৰণেই বাজপাটৰ পৰা বঞ্চিত হব লগা কথাটো সহজভাৱে লব পৰা নাছিল। তেওঁৰ পুত্ৰও পাণ্ডু পুত্ৰতকৈ জ্যেষ্ঠ নোহোৱাত দিনে নিশাই মনত খুন্দিয়াই আছিল। তেওঁৰ ধাৰণা আছিল যুধিষ্ঠিৰ বংশৰ জ্যেষ্ঠপুত্ৰ, তেওঁহে হস্তিনাপুৰৰ সিংহাসনত বহিব পাৰিব। নিজৰ পুত্ৰ সিংহাসনত কোন দিনা বা বহিব পাৰে তাৰ কোনো ঠিক নাই। লোক চক্ষুত হেয় হোৱাৰ ভয়ত এনেবোৰ মনত খুন্দিয়া খুন্দি কৰি থকা দুৰ্ভাৱনাবোৰ মুখ ফুটাই প্ৰকাশো কৰিব নোৱাৰে। পিতামহ ভীষ্মই কিন্তু প্ৰতিটো কথা স্থিতপ্ৰজ্ঞৰ দৰে টং কৰি আছিল। তেওঁৰ কিন্তু একমাত্ৰ লক্ষ হস্তিনাপুৰৰ অকনো ক্ষতিখুন নোহোৱাকৈ ইয়াৰ স্বাৰ্থ ৰক্ষা কৰা।

 পাণ্ডুৰ মৃত্যুৰ পাচত বনত বসবাস কৰি থকা নাবালক পঞ্চ-পাণ্ডৱক মাতৃ কুন্তীৰ সৈতে ৰাজধানীলৈ যেতিয়া চপাই বুটলি আনিলে তেতিয়াৰে পৰা জ্যেষ্ঠ কৌৰৱ দুৰ্য্যোধনৰ অকাৰণ প্ৰতিহিংসাৰ ভাৱ জাগ্ৰত হবলৈ ধৰিলে। ইফালে মামা শকুণিয়ে দিনে ৰাতিয়ে তেওঁক কুন্ধচ প্ৰবৃত্তিবোৰ জাগ্ৰত কৰাৰ ইন্ধন যোগাবলৈ ধৰিলে। ধৃতৰাষ্ট্ৰ নামতহে ৰজা— ৰাজকাৰ্য্যৰ আচল দায়িত্ব ভীষ্মৰহে আছিল। তদুপৰি ধৃতৰাষ্ট্ৰ নিয়মিতভাৱে ৰাজসিংহাসনত বহিব পৰা নাছিল। এতিয়া বংশৰ জ্যেষ্ঠজন হিচাপে যুধিষ্ঠিৰহে ৰজা হোৱা পথ প্ৰশস্ত। গতিকে পিতৃ ৰজা হৈ থাকোতেই দুৰ্য্যোধন যুৱৰাজ হৈ ললে। মামা শকুণিয়েও ৰজা ধৃতৰাষ্ট্ৰক ৰাজ্যৰ ভূত-ভৱিষ্যতৰ একোখন ছৱি সদাই দাঙি ধৰিবলৈ ধৰিলে। কি কৰিলে কি হ'ব— কি কি কাম ৰজাই কৰা, নাই বা কৰিব পৰা নাই তাক ফাঁহ ফাহ কৰি দেখুৱাবলৈ ধৰিলে। তেওঁ এজন অন্ধ, আচল শাসনৰ বাঘজৰী পিতামহৰ হাততহে। পিতামহে যিদিনা জ্যেষ্ঠ পাণ্ডু যুধিষ্ঠিৰক ৰাজপাটত বহুৱাব সেইদিনাখনেই জ্যেষ্ঠ কৌৰবৰ ৰাজপাট খোৱা ভিকাচন ভাগিব। গতিকে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটি সিদ্ধি লাভ কৰিব পৰাটোহে বুদ্ধিমানৰ কাম। দিনে নিশাই এনেবোৰ কথাকে অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ কাণত পিন্ধাই থকাত ধৃতৰাষ্ট্ৰইও একোবাৰত মনৰ সকলো দুৰ্বলতা জোকাৰ মাৰি দি টোপনিৰ পৰা সাৰ পোৱাৰ দৰে দিঠকত খেপিয়াবলৈ ধৰে। শকুনিৰ কু-চক্ৰান্তৰে বৰ্ণাবতত ৰাজ বিষয়া পুৰোচনৰ তত্বাৱধানত এটি প্ৰসাদ নিৰ্মাণ কৰা হয়। তাত ৰাজপ্ৰতিনিধিৰ এটি উৎসৱৰ ব্যৱস্থা কৰি যুৱৰাজ যুধিষ্ঠিৰ সহিত ভাতৃসকল আৰু মাতৃ কুন্তীদেবীক তালৈ পঠোৱাৰ আদেশ কৰা হ'ল। এইটো নিশ্চিত আছিল যে উক্ত প্ৰাসাদলৈ গৈ পঞ্চ-পাণ্ডৱ আৰু সোঁশৰীৰে ঘূৰি আহিব নোৱাৰে; সেই ঘৰটো আচলতে লা-জাতীয় দ্ৰাহ্য পদাৰ্থৰে ৰঙচঙীয়া কৰি নিৰ্মাণ কৰা হৈছিল। পুৰোচনক আগতে দিয়া দিহা মতে পঞ্চ পাণ্ডবে তাত আশ্ৰয় লোৱা দিনাই ঘৰটো জুই লগাই দিয়া হ'ব। কিন্তু কি হ’ব আয়ুসত চাউল থাকিলে কোনেও বিনাশ কৰিব নোৱাৰে। দুৰ্য্যোধনৰ সান্দহ খোৱা কাৰ্যত সেইবাৰলৈ তল নিয়াবলৈ চতুৰ বিদূৰে যে আন এটা পানী নসৰকা ব্যৱস্থা কৰি থৈছিল বেচেৰা দুৰ্য্যোধনে গমকে নেপাইছিল। পুৰোচনে নিৰ্মাণ কৰা আট্টালিকাৰ মজিয়াইদি এটি সুৰঙ্গ তৈয়াৰ কৰি ৰখাইছিল। সেইমতে পঞ্চ-পাণ্ডৱ বৰ্ণবাতলৈ যাওঁতে বিদূৰে যুধিষ্ঠিৰক কৈছিল— হাবিত জুই লাগিলে সকলো জীৱ মৰি জাহ গলেও এন্দুৰ বাচি থাকে কিয়নো সিহঁতৰ সুৰক্ষিত বাসস্থান জুইয়ে স্পৰ্শ কৰিব নোৱাৰে। গতিকে সময় চাই ব্যৱস্থা গ্ৰহণ কৰিবলৈ নেপাহৰিবা। সেইহে বৰ্ণাবত পাই উক্ত গৃহত আশ্ৰয় ললেগৈ। তেওঁলোক নিশ্চিন্ত মনেৰে আনন্দেৰে ৰাতিটো কটাবলৈ ঠিৰ কৰিলে। মাক কুন্তীয়ে তেনেতে পাঁচোটা সন্তান সহ মাতৃ এগৰাকীয়ে সেই নিশাটোৰ বাবে আশ্ৰয় বিচৰাত সেই ঘৰতে থাকিবলৈ দিলে৷ সিফালে প্ৰভূৰ আজ্ঞাবহ ভৃত্য পুৰোচনে কাম সমাধা কৰিবলৈ খাপ পিটি ব’ল। কিন্তু কি হ’ব— নিৰ্বোধ পুৰোচনো সেই কু-চক্ৰান্তৰ বলি হ'ল। অগ্নিদগ্ধ হৈ বেচেৰা পুৰোচনৰ লগতে আশ্ৰয় লোৱা মাতৃ গৰাকী আৰু পাঁচটি শিশুবো জীৱন নাশ হ'ল। সেই জুই লগা খবব পোৱাব লগে লগে শকুণি দুৰ্য্যোধনৰ মনত উখল-মাখল লাগিল। বাটৰ কাঁইট এনে সহজ বুদ্ধিত আঁতৰ হ'ল বুলি ভাৱি ধৃতৰাষ্ট্ৰইও স্বস্তিৰ নিশ্বাস এৰিলে কিন্তু আনৰ আগত মনৰ ভাৱ প্ৰকাশ নকৰি, দেখুৱাই পঞ্চ-পাণ্ডৱ মৰিল বুলি দুখ কৰিলে। ইফালে পিতামহ ভীষ্মৰ মন থেৰেজু বুলীয়া হ'ল। আদৰৰ সন্তান কেইটি এনেদৰে অনাদৰ হৈ নাইকিয়া হোৱাত তেওঁ হাঁহাকাৰ কৰিবলৈ ধৰিলে। আচল উৰহী গছৰ ওৰ বিদূৰে পিতামহক জনোৱাৰ পাচতহে তেওঁৰ মনলৈ শান্তি ঘূৰি আহে। ইফালে পঞ্চ-পাণ্ডৱ সহিত কুন্তিদেবীযে বুঢ়া বামুণ এঘৰত আশ্ৰয় ললেগৈ। সেই ঠাইতে ভীমে বকাসুৰ বধ কৰি সেই অঞ্চলৰ প্ৰজাক ৰাক্ষসৰ হাতৰ পৰা ৰক্ষা কৰিলে। সেই বামুণৰ ঘৰতে থাকি দ্ৰৌপদীৰ সয়ম্বৰত চদ্মবেশেৰে উপস্থিত হৈ দ্ৰৌপদীক লাভ কৰিলে। কিন্তু দৰিদ্ৰ বামুণৰ ল'ৰাই জীয়েক দ্ৰৌপদীক লাভ কৰাত ৰজা দ্ৰোপদ সন্তুষ্ট হ'ব পৰা নাছিল। পিচত সেই দৰিদ্ৰ ব্ৰাহ্মণৰূপী সন্তান যে আচলতে পঞ্চ-পাণ্ডৱ তাক জানি আথেবেথে ৰাজ্যলৈ মাতি দ্ৰৌপদীক স-সন্মানে অৰ্পণ কৰিলে। এই কথা গৈ হস্তিনাপুৰ পোৱাত সকলো স্তম্ভিত হ'ল। মৰি জাহ যোৱা পঞ্চ-পাণ্ডৱযে জীয়াই আছে সেই কথাত শকুনি দুৰ্য্যোধন হতাশ হ'ল। কিন্তু পিতামহৰ পৰামৰ্শক্ৰমে ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰাই অনাৰ দিহা কৰি বিদূৰ ঢাপলি মেলিলে৷ হস্তিনাপুৰত উখল-মাখল, ৰজা ধৃতৰাষ্ট্ৰই তেওঁলোকক আদৰিবলৈ উৎসৱৰ আয়োজন কৰালে। পঞ্চ-পাণ্ডৱ সোঁ-শৰীৰে ঘূৰি অহাত ধৃতৰাষ্ট্ৰই পৰম আনন্দ পাইছে বুলি যুধিষ্ঠিৰক জনালে। মনত যিয়েই নেথাকক ভতিজাপোহঁতক বঞ্চিত কৰিলে সকলোৱে হাঁহিব সেই কথা ধৃতৰাষ্ট্ৰই অনুভৱ কৰিছিল। নিজৰ ল'ৰা যিমানেই বেয়া নহওক তাকনো কেনেকৈ এৰে, গতিকে তাৰো আশাপূৰ্ণ কৰাত তেৱেঁই সহায় কৰিব লাগিব। সেয়ে যুধিষ্ঠিৰক হস্তিনাপুৰৰ পৰিবৰ্তে খাণ্ডৱপ্ৰস্থৰ ৰজা পাতিলে। খাণ্ডৱপ্ৰস্থ আচলতে মানুহ-দুনুহ নোহোৱা এডোখৰ এৰাপৰলীয়া অঞ্চল, সখা কৃষ্ণৰ কথামতে যুধিষ্ঠিৰেও সেই প্ৰস্তাৱত মান্তি হৈ মন প্ৰাণ দি খাণ্ডৱপ্ৰস্থক এখন ধুনীয়া নগৰলৈ ৰূপান্তৰ কৰি নাম ৰাখিলে ইন্দ্ৰপ্ৰস্থ।

 সেই সময়ত শ্ৰেষ্ঠ বুলি প্ৰতি সকলে নিজৰ বীৰত্ব দেখুৱাবলৈ আৰু নিজকে কৰিবলৈ ৰাজসূয় যজ্ঞৰ আয়োজন কৰিছিল। ৰজা যুধিষ্ঠিৰেও ৰজা হোৱাৰ পাচত সকলোৰে পৰামৰ্শ অনুযায়ী মহা আৰম্বৰেৰে ৰাজসূয় যজ্ঞ পাতিলে। তালৈ কৌৰৱসকলৰ লগতে পিতামহ ভীষ্মও গৈছিল। পিতামহৰ দিহা মতেই যজ্ঞৰ শুভাৰম্ভ দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ হতুৱাই কৰায়। কুলৰ জ্যেষ্ঠজন হিচাপে পিতামহ ভীষ্মই পঞ্চ-পাণ্ডৱৰ উন্নতি দেখি পৰম সন্তোষ লভিলে আৰু আশীৰ্বাদ দিলে। মানিক মৰকতে সুশোভিত ৰাজপ্ৰাসাদৰ ৰূপ দেখি দুৰ্য্যোধনৰ অন্তৰাত্মাত আঘাট দিলে। প্ৰতিহিংসাৰ জুইঁকুৰাই তেওঁক দহি পেলালে। কেনেকৈ পঞ্চ-পাণ্ডৱৰ খিতাপ বিনাশ কৰিব পৰা যায় তাৰ বাবে মামা শকুণিৰ সতে বহি উপায় উদ্ভাৱন কৰাত নিমগ্ন হ'ল। আদৰৰ ভাগিনৰ সন্তোষ্টিৰ বাবে শকুণিয়ে পাং পাতিলে অন্যায় পাশাখেলৰ৷ পাশাখেলৰ প্ৰতি যুধিষ্ঠিৰৰ দুৰ্বলতা আছিল যদিও কুট কৌশলী শকুণিয়ে পৰিচালনা কৰা খেলত যে তেওঁ জিকিব নোৱাৰে সেই কথা ধূৰূপ। সেই কথা মনত ৰাখি শকুণিয়ে অন্ধ ৰজা ধৃতৰাষ্ট্ৰক খাটিবলৈ ধৰিলে— এখন সভাপাতি তালৈ পঞ্চ-পাণ্ডৱক নিমন্ত্ৰণ কৰিব লাগে; কিয়নো যুধিষ্ঠিৰ যিহেতু নৱ প্ৰতিষ্ঠিত ৰাজেশ্বৰ হ'ল যেতিয়া তেওঁক সন্মান জনোৱাটো জ্যেষ্ঠ পিতা হিচাপে ধৃতৰাষ্ট্ৰৰ কৰণীয় কৰ্ত্তব্য। অন্ধ ধৃতৰাষ্ট্ৰইও মোমাই ভাগিনৰ আশাপূৰ্ণ হওক বুলিয়ে মতামত দি দিলে৷ এইখিনিতে পিতামহৰ নিৰ্লিপ্ততাৰ বাবে কুৰুক্ষেত্ৰ যুদ্ধৰ সূচনা হ'ল বুলি কব পাৰি। পৰৰ শত্ৰুতকৈও যে গৃহ শত্ৰু অতি মাৰাত্মক তাক কৌৰৱ পাণ্ডৱৰ যুদ্ধই প্ৰমাণ কৰে। পিতামহে যদি অভিভাৱক হিচাপে কতৃত্বশীল আদেশ দিলেহেঁতেন— তেনেহলে ভাৰত বুৰঞ্জীৰ গতি সলনি হ'লহেঁতেন। কিন্তু ন্যায়নিষ্ঠ পিতামহে ৰাজ আজ্ঞাৰ বিৰুদ্ধে মাত মাতিবলৈ ইচ্ছা নকৰিলে নাইবা ভূত ভৱিষ্যত সকলো জনাৰ দৰে বিধিৰ বিধানলৈ এৰি দিলে। যাৰ ফলত পঞ্চ-পাণ্ডৱে ৰাজভূষণ খহাই বনবাস খাটিব লগা হয়। ৰাজনন্দিনী দ্ৰৌপদী ৰাজসভাত অপামানিত হৈ নাৰীৰ মৰ্য্যদা হেৰুৱালে। তথাপি নিমাত পিতামহ। অলৰ অচৰ স্থিতপ্ৰজ্ঞ শান্তনু নন্দন, যাৰ পৰাক্ৰমত থৰ থৰ কপিছিল শত ৰজা মহাৰজা। সেইজন সাহসী বীৰে কিন্তু নীতিৰ বান্ধোনত বান্ধ খাই নীৰৱে থাকিল৷ আমাৰ ভাৱ হয় কৌৰৱৰ কূট কৌশলৰ পৰা নিশ্চয় পিতামহ ভীষ্মই উদ্ধাৰ কৰিব পাৰিলোঁতেন; কিন্তু ইমান অন্যায় অনীতি কেনেকৈ সহ্য কৰি থাকিল। এইবোৰ আমাৰ সামান্য মগজুৰে ঢুকি নোপোৱা বিষয়। কৰ্ত্তব্যপৰায়ণ ভীষ্মই কেতিয়াও ৰজাৰ আদেশৰ বিপৰীতে মাত মতা নাছিল, মাত্ৰ নিজৰ অভিমত ব্যক্ত কৰিছিল— তাক ৰজাই গ্ৰহণ কৰে নকৰে সেয়া ৰজাৰহে কথা। ক্ষত্ৰিয় নীতি অনুসৰিয়েই যুধিষ্ঠিৰে পাশাখেলত যোগ দি পন ৰাখিছিল আৰু পৰিণাম ভোগ কৰিব লগা হৈছিল। তেনেস্থলত পিতামহে কেনেকৈ মাত মাতে। পাশাখেলত অংশ গ্ৰহণ কৰিবলৈও যুধিষ্ঠিৰক কেতিয়াও পৰামৰ্শ দিয়া নাছিল। পাশাখেলত উদ্ভৱ হোৱা ঘটনাসমূহৰ পৰিণাম কি হ'ব তেওঁ বেচমতে জানিব পাৰিছিল; কিন্তু নীতিৰ প্ৰতি আনুগত্য থকা বাবেই সেই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সময়লৈ ৰয়।

 বনবাসৰ অন্তত দুয়োপক্ষ যেতিয়া তলে তলে যুদ্ধৰ বাবে সাজু হয়; তেতিয়া ধৃতৰাষ্ট্ৰই কটকী স্বৰূপে সঞ্জয়ক যুধিষ্ঠিৰৰ ওচৰলৈ আৰু যুদ্ধখন যাতে নহয়গৈ তাৰ বাবে যুধিষ্ঠিৰক বুজাবলৈ পৰামৰ্শ দি পঠায় ৰাজসভাত অৰ্জুনে নিজৰ মনোবল প্ৰকাশ কৰি কৌৰবৰ ফালৰ পৰা যুদ্ধ হোৱা নোহোৱাটো নিশ্চিত কৰিবলৈ জনায়। সঞ্জয় উভতি আহি কৌৰৱৰ ৰাজসভাত অৰ্জুনৰ অভিমত যেতিয়া ব্যক্ত কৰে, তেতিয়া পিতামহে যুদ্ধখন বাতিল কৰিবলৈ ধৃতৰাষ্ট্ৰক জনায়। মুখ দুৰ্য্যোধনে যিসকল বীৰৰ গইনা লৈ যুদ্ধত অৱতীৰ্ণ হবলৈ ওলাইছে সেইসকলৰ ভিতৰৰ মহাবীৰ কৰ্ণই দেখোন বিৰাট নগৰ আক্ৰমণ কৰিবলৈ গৈ ঠোট মূৰ চেলেকি ফেঁচাটোৰ দৰে উভতি অহাৰ দশা হৈছিল। প্ৰাণৰ ভয়ত প্ৰাণৰ সখা দুৰ্য্যোধনক তাতে এৰি আহিল, তেতিয়া অৰ্জুনেহে ৰক্ষা কৰিছিল। গতিকে আগ পিচ নুশুনি দম্ভালি মাৰি যুদ্ধলৈ আগবঢ়া মানে নিজৰ ধ্বংশ নিজে মাতি অনাৰ লেখিয়া হ'ব। পঞ্চ-পাণ্ডৱ এলাপেচা বীৰ নহয়— যাৰ ফালে আছে স্বয়ং যদুবংশৰ উজ্বল নক্ষত্ৰ স্বৰূপ শ্ৰীকৃষ্ণ। পিতামহে এই বুলি কোৱাত দুৰ্য্যোধনে ডাঙ্কোপ মাৰি কলে— ৰজা থাকোতে পিতামহে এনেদৰে নিৰুৎসাহ কৰাটো শোভনীয় নহয়— যিহেতু তেওঁৰ ফালে থাকিব এঘাৰ অক্ষৌহিনী বীৰসকল আৰু ভাৰতৰ বচা বচা ৰথী মহাৰথীসকল; যাৰ সহযোগত কৌৰৱ পক্ষ জিকিব আৰু কেতিয়াও ভয়ৰ কাৰণ নাই। ইমান এটা শক্তিশালী সৈন্য বলৰ সতে পঞ্চ-পাণ্ডৱ যুদ্ধত কেতিয়াও জিকিব নোৱাৰিব। যুদ্ধ হ'ব লাগে। সেই কথা শুনি ভীষ্মই মনে মনে হাঁহিলে আৰু দিব্যচক্ষুত প্ৰকাশিত সেই অশুভ পৰিণতিৰ বাবে নিজে নিজে সাজু হ'ল।

 যথাসময়ত যুদ্ধৰ প্ৰস্তুতি সমাপন ঘটিল। কৌৰৱ পক্ষই পিতামহ ভীষ্মক সেনাপতি পাতি যুদ্ধলৈ আগবাঢ়িল। বীৰশ্ৰেষ্ঠ ভীষ্মৰ দ্বাৰা পাণ্ডৱক মষিমূৰ কৰিব পৰা যাব বুলি কৌৰৱৰ দৃঢ় বিশ্বাস। ভীষ্মইও সেনাপতিৰ দায়িত্ব মূৰ পাতি লৈ নিজৰ মনৰ ভাৱ প্ৰকট কৰি কলে। তেওঁৰ মনত কৌৰৱ-পাণ্ডৱ বুলি কোনো ভেদভাৱ নাই, দুয়ো পক্ষ তেওঁৰ সোদৰোপম সন্ততি। দুয়োকুলৰ হিত চিন্তাই তেওঁৰ একমাত্ৰ ব্ৰত আৰু হস্তিনাপুৰ ৰাজ্যৰ কল্যাণ কামনা কৰাটোৱেই একমাত্ৰ চিন্তা। এতিয়া ধৰ্ম্ম সংকটত তেওঁ যি ধৰণে প্ৰতিজ্ঞাবদ্ধ হৈছে তেনেধৰণেই নিজ কৰ্ত্তব্য পালন কৰাত কুণ্ঠিত নহব। যুদ্ধ ক্ষেত্ৰত প্ৰাণে পনে যুঁজি প্ৰতিপক্ষৰ শত্ৰুক নিধন কৰাটোৱেই তেওঁৰ লক্ষ; কিন্তু পঞ্চ-পাণ্ডৱক কেতিয়াও প্ৰাণে মাৰিবলৈ তেওঁৰ অস্ত্ৰ দাঙ নেখাব। ইয়াৰ পৰিপ্ৰেক্ষিতত দুৰ্য্যোধনে যদি তেওঁৰ পৰম বান্ধৱ কৰ্ণৰ সন্মতিক্ৰমে সেনাপতি পাতিব খোজে তেওঁৰ কোনো আপত্তি নাই। কৰ্ণৰ দম্ভালিমৰা কথা বাৰ্ত্তাবোৰ পিতামহে সমূলি ভাল পোৱা নাছিল আৰু কথাই কথাই পঞ্চ-পাণ্ডৱক লঘু কৰিবলৈ বিচৰা আচৰণৰ বাবে তেওঁৰ অকনো সহ্য হোৱা নাছিল। কৰ্ণৰ অহংকাৰী মনটোৰ কাৰণে ভীষ্ম একেবাৰে তেওঁৰ প্ৰতি সহিষ্ণু নাছিল। পিতামহৰ কটূ সমালোচক কৰ্ণইও পিতামহ যুদ্ধত নপৰালৈকে যুদ্ধক্ষেত্ৰত ভৰি নিদিয়ে বুলি সংকল্পবদ্ধ হৈ ৰয়। সমকক্ষ লোকৰ মাজত আগৰ কালতো যে পৰস্পৰ হিংসা হিংসি ভাৱ পোষণ কৰিছিল সেই কথা এই দুই মহাবীৰৰ আচৰণৰ পৰা গম পোৱা যায়। ভীষ্মই এইটো কথা উপলদ্ধি কৰিছিল যে কৰ্ণৰ মই-বৰ ভাবৰ কথাবাৰ্ত্তাবোৰে মুৰ্খ দুৰ্য্যোধনক যুদ্ধৰ প্ৰতি বেচি আকৃষ্ট কৰিছিল। কৰ্ণ সম বীৰ নাই বুলি দুৰ্য্যোধনে পদে পদে ভাৱি লৈছিল। কৰ্ণৰ প্ৰতি থকা অন্ধ বিশ্বাসটোক ভঙাৰ উদ্দেশ্যেই ভীষ্মই দুৰ্য্যোধনৰ আগত কৰ্ণৰ দুৰ্বলতাবোৰ উদঙাই দিয়ে। কৰ্ণ যে মহাৰথী নহয় সেই কথা তেওঁৰ চৰিত্ৰৰ পৰাই বুজা যায়। প্ৰকৃত বীৰে কেতিয়াও পৰচৰ্চ্চা পৰনিন্দা নকৰে। তেওঁৰ জন্মগত কৱচ কুণ্ডলী হেৰুৱাইছে তদুপৰি পৰশুৰামৰ অভিশাপৰ দ্বাৰা অভিশপ্ত। নিজৰ স্বভাৱৰ বাবে সৰ্বশ্ৰান্ত হোৱা এনে এজন বীৰৰ যে পৰাজয় নহব তাৰ কি নিশ্চিত। কুকুৰৰ গাত পানী ঢলাৰ দৰে মহামতি ভীষ্মৰ কথাবোৰেও দুৰ্য্যোধনৰ মনত অলপো ৰেখাপাত নকৰিলে। অন্তিম কালত দোল বতিয়াই কাম নিদিয়াৰ দৰে দুৰ্য্যোধনৰ ক্ষেত্ৰতো সেয়ে হ'ল। কৰ্ণৰ জন্ম ৰসহ্য সম্পৰ্কে ভীষ্মই ভালদৰে জানে। পৰিহাসতে আজি তেওঁ সহোদৰ ভাতৃৰ বিপক্ষে যুদ্ধত অৱৰ্ত্তীৰ্ণ হৈছে। এনেবোৰ কথা ভাৱি শুনিয়ে পিতামহে কৰ্ণৰ দম্ভালিত চেচাঁপানী ঢলাৰ দৰে মাজে মাজে কটুবাক্য প্ৰয়োগ কৰিবলৈ ধৰে। কিন্তু কি হ'ব দুষ্টৰ সঙ্গত পৰি পিতামহৰ আচল হৃদয় খনৰ মোল নুবুজিলে অতি বৃদ্ধ অৱস্থাত ভৰি দিয়াৰ বাবেই ভীষ্মই বেবেৰিবাং বকি দুৰ্য্যোধন আৰু কৰ্ণৰ মাজৰ বন্ধুত্বৰ এনাজৰীডাল চিঙিবলৈ যত্ন কৰিছে বুলি উপলুঙা কৰিবলৈ ধৰে। কিন্তু গঙ্গা পুত্ৰ ভীষ্মই যে এই কুৰুক্ষেত্ৰ ৰণৰ পৰিণাম কি হ'ব পাৰে তাক আগতেই জানিব পাৰিছিল। সেই কথা জানিয়ে যুদ্ধখন নোহোৱাটো কামনা কৰি বহু কথা বকিলে। নীতিৰ খাটিৰত অধৰ্মৰ ফালে থাকিব লগা হয়; তথাপি কিন্তু শেষত ধৰ্ম্মত বিশ্বাসী নীতি পৰায়ণ পঞ্চ-পাণ্ডৱৰ প্ৰতি চেনেহৰ চোকটো তেওঁৰ বেছি আছিল। হস্তিনাপুৰৰ শত্ৰুৰূপে ঠিয় হোৱাতহে তেওঁ প্ৰতিৰোধ কৰিবলৈ আগবাঢ়িছে। ইফালে কৌৰৱ পতি ধৃতৰাষ্ট্ৰ আৰু দুৰ্য্যোধনক বাৰে বাৰে সোঁৱৰাই আছে ধৰ্ম্মৰ জয় অধৰ্ম্মৰ পৰাজয় এইখন যুদ্ধত ঘটিব। আদৰৰ পঞ্চপাণ্ডৱৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'ব লগা হোৱাত তেওঁৰ অন্তৰাত্মাই হাঁহাকাৰ কৰিছিল। সেয়েহে সংকল্প কৰিছিল যুদ্ধত পাণ্ডৱ পক্ষক পৰাস্ত কৰিলেও পাণ্ডৱক কিন্তু কেতিয়াও প্ৰাণে নেমাৰে। অৰ্জুনক সমুখ সমৰত পাইও বধ নকৰা বাবে দুৰ্য্যোধনৰ পৰা কটু কথা শুনিব লগা হৈছিল। সেই সময়ত প্ৰতিদিন নিৰ্দিষ্ট সময়ত যুদ্ধ সমাপন হোৱাৰ পাচত চাউনীত লগহৈ অহা দিনৰ বাবে যুদ্ধৰ গতিবিধিৰ ওপৰত আলোচনা হৈছিল। এই আলোচনাবোৰত দুৰ্য্যোধনে ভীষ্মক বাৰে বাৰে তিৰস্কাৰ কৰি ব্যতিব্যস্ত কৰি তুলিছিল। পেটে পেটে দুৰ্য্যোধনে ভীষ্মক সন্দেহ কৰিবলৈ ধৰিছিল কিয়নো এদিন দুদিন কৰি যুদ্ধ চলিছিল যদিও পাণ্ডৱৰ এজনো ক্ষয় কৰিবলৈ ভীষ্ম সক্ষম হোৱা নাই; কিয়নো পিতামহে ইচ্ছা কৰা হলে পাণ্ডৱক শেষ কৰিব পাৰে। কিন্তু পিতামহ ভীষ্মই সেই সকলোবোৰ তিৰস্কাৰ মূৰ পাতি লৈ পৰদিনৰ বাবে তেওঁ প্ৰস্তুত কৰা যুদ্ধ কৌশল লক্ষ্য কৰিবলৈ কয়। তেওঁ যে প্ৰকৃত সেনাপতি হিচাপে বজাৰ কল্যাণৰ কাৰণে নিজ শক্তি অনুযায়ী কৰ্ত্তব্য পালন কৰিছে সেই কথা সকিয়াই থাকিল। ৰাজ অনুগৃহীত বিষয়া হিচাপে পিতামহে নিৰুৎসাহ হোৱা দুৰ্য্যোধনক প্ৰবোধ জন্মায়। দুৰ্য্যোধনৰ হোতা মাত কথাই তেওঁৰ মনত আঘাট দিলেও এজন বিষয়াৰ কৰ্ত্তব্য হিচাপে প্ৰতিটো বাক্যবাণ উচিত উত্তৰ দি যায়। দুৰ্য্যোধনৰ মুৰ্খামিৰ কাৰণেই যে যুদ্ধখন হবলৈ পালে তাকো স্পষ্ট ভাষাৰে কয়। তেওঁ যিমানেই ধৈৰ্যৰ বান্ধ হেৰুৱাই আবোল তাবোল বকি নেথাকক পিতামহে কিন্তু নীতি অনুসৰিহে যুদ্ধ কৰি যাব। যজ্ঞত আহুতি দিয়াৰ দৰেই তেৱোঁ এই যুদ্ধৰ নিজ শক্তি সামৰ্থ্য প্ৰয়োগ কৰি শেষ মুহূৰ্তলৈকে হস্তিনাপুৰৰ হৈ যুদ্ধ কৰি যাব। দুৰ্য্যোধনে এই সন্ধিক্ষণত বীৰৰ পৰিচয়ৰে নিজ কৰ্ত্তব্য পালন কৰাটোহে বাঞ্চনীয়। ক্ষত্ৰীয় ধৰ্ম্ম অনুসৰি যুদ্ধক্ষেত্ৰত মনৰ দুৰ্বলতা পৰিহাৰ কৰিব লাগে। বিচলিত হোৱা দুৰ্য্যোধনক এইদৰে তেওঁ প্ৰবোধ দিয়ে। শান্তনু নন্দন পিতামহৰ যেনে প্ৰতিজ্ঞা তেনে কাম। দৃঢ় প্ৰতিজ্ঞা গ্ৰহণ কৰাৰ বাবেই নিজ জীৱনৰ সকলো ভোগ বিলাস ত্যাগ কৰি একমাত্ৰ কৰ্ত্তব্যই জীৱনৰ লক্ষ্য হিচাপে স্থিৰ কৰি লৈছিল। হস্তিনাপুৰৰ এজন প্ৰকৃত প্ৰেমিক হিচাপে জীৱনৰ শেষ বিন্দু তেজ থকালৈকে নিজৰ প্ৰিয় অপত্যৰ সৈতে যুদ্ধত লিপ্ত হবলৈও ইতস্ততঃ নকৰিলে। যুদ্ধৰ নৱম দিনত অৰ্জুনৰ ৰথৰ সাৰথি গকুল নন্দন শ্ৰীকৃষ্ণই ধৈৰ্য্য হেৰুৱাই তেওঁৰ বিপক্ষে অস্ত্ৰ তুলি ধৰাত পিতামহে মনে মনে আনন্দ লাভ কৰিছিল। আহ্বান জনাই শ্ৰীকৃষ্ণক কৈছিল— “হে জনাৰ্দ্দন! তোমাৰ হাতত যদি মোৰ প্ৰাণ বায়ু যায় তেন্তে ম‍ই ধন্য মানিম— চলাওক আপোনাৰ সুদৰ্শন, কিন্তু তেনে সময়ত সখা অৰ্জুনে কাকূতি মিনতি কৰি গ্ৰীকৃষ্ণক অস্ত্ৰ সম্বৰণ কৰিবলৈ কলে। কিয়নো যুদ্ধৰ আৰম্ভণিতে শ্ৰীকৃষ্ণই যুদ্ধত নিজে যুদ্ধ নকৰো বুলি অৰ্জুনক কথা দিছিল, আৰু বিনা অস্ত্ৰধাৰী শ্ৰীকৃষ্ণ তেওঁৰ জানো সহায়ক হ’ব পাৰিব। তেতিয়া অৰ্জুনে তেনেকৈয়ে বিচাৰিছো বুলি কৈছিল। তেনে ক্ষেত্ৰত সখা শ্ৰীকৃষ্ণই প্ৰতিজ্ঞা ভঙ্গ কৰিলে ডাঙৰ কথা হ'ব। অৰ্জুনৰ কথাত গকুল নন্দন ক্ষান্ত হৈ অৰ্জুনক সকিয়াই দিছিল যে তেওঁ যুদ্ধ ক্ষেত্ৰত সঠিক আচৰণ কৰা নাই; গতিকে তেনে কৰিবলৈ অৰ্জুনেই তেওঁক বাধ্য কৰাইছে। আচল কথাটো হ'ল পিতামহৰ সন্মুখা-সন্মুখি হৈও অৰ্জুনে সঠিকভাবে অস্ত্ৰ চালন কৰি পিতামহক প্ৰতিহত কৰিবলৈ উদ্যোত হোৱা নাই। পিতামহৰ প্ৰতি থকা অগাধ প্ৰেম-ভক্তিৰ বাবেই অৰ্জুনৰ তেনে অৱস্থা হৈছিল। সখা কৃষ্ণৰ সকিয়নিত দুদ্যোল্যমান অৱস্থাৰেই অৰ্জুনে পিতামহৰ সতে যুদ্ধ কৰিবলৈ ধৰিলে। অৰ্জুনৰ বীৰত্বৰ মহিমা বুজি পিতামহে মনত বৰ আনন্দ অনুভৱ কৰিছিল। দশম দিনাৰ যুদ্ধত অৰ্জুনৰ ৰথৰ আগত শিখণ্ডী। এই বিধানো পিতামহেই দিছিল— শিখণ্ডীৰ শৰে পিতামহক থকা-সৰকা কৰিবলৈ ধৰে। তথাপি পিতামহ নিৰুদ্দেগ ভাৱে ৰৈ ৰৈ থাকিল। শিখণ্ডীক বধ কৰিবলৈ এক মুহূৰ্তও সময় নেলাগে, কিন্তু শিখণ্ডীৰ বিৰুদ্ধে অস্ত্ৰ তুলি ধৰিবলৈ তেওঁৰ নীতিয়ে নকলে। কাল চমু চাপি আহিল বুলি ধৰি ললে। শ্ৰীকৃষ্ণৰ নিৰ্দ্দেশত অৰ্জুনে সেই সুবিধাতে ভীষ্মক পৰাভূত কৰিলে। সৰ্ব্বশৰীৰত শৰৰ বোজা লৈ তেওঁ ধৰাত ঢলি পৰিল। ওলমি থকা মূৰটো পোনাই দিবলৈ পুনৰ অৰ্জুনকে পাচিলে। যুদ্ধত ভীষ্ম পৰাৰ লগে লগে কৌৰৱ পক্ষ ম্লান পৰিল।

 পিতামহৰ চৰিত্ৰৰ ৰহস্যময় কথাবোৰ ভাবিলে আচৰিত নেলাগেনে বাৰু! পিতৃৰ সুখৰ কাৰণে নিজৰ ভৱিষ্যত সুখ-সন্তোষৰ কথা অকনো চিন্তা নকৰি এটা স্থিৰ মতাদৰ্শেৰে জীৱন অতিবাহিত কৰি চিৰকাললৈ নিজৰ গৰিমা সিঁচি থৈ গ'ল। এফালে নীতিগত কাৰণত স্বদেশৰ কল্যাণ চিন্তা আনফালে অপত্য চেনেহৰ বান্ধোন।

 হস্তিনাপুৰৰ উত্তৰাধিকাৰীহৈও নিজ প্ৰতিজ্ঞা ধনিষ্ঠামানো ইফাল সিফাল নকৰাকৈ থাকিল। হস্তিনাপুৰৰ সবেসৰ্বা প্ৰতিভূ হোৱাৰ ক্ষমতা থকা স্বত্বেও ৰাজকাৰ্য্যৰ কোনো বিষয়কে হস্তক্ষেপ নকৰাকৈ মৌনভাৱে হস্তিনাপুৰৰ কল্যাণকে চিন্তিলে। হস্তিনাপুৰৰ দুৰ্য্যোগপূৰ্ণ কালছোৱাত নিজৰ শক্তি সামৰ্থ্য্যৰে কোনো ছিদ্ৰ নপৰাকৈ পাৰ কৰি আনি পৰিনাতিৰ দিনত যি দুৰ্য্যোগ লভিলে, তেতিয়া হয়তো পোনপটীয়া ক্ষমতা প্ৰয়োগ কৰাৰ সুৰুঙা তেওঁ উলিয়াব নোৱাৰিলে বা উলিয়াবলৈ চেষ্টাই নকৰিলে। পাশাখেলত পঞ্চপাণ্ডৱক হৰুৱাই যি আচৰণ কৌৰৱে কি কৰিলে সেয়া ভাৰতৰ ইতিহাসৰ এক ঘৃনণীয় অধ্যায়।

 ৰাজসভাৰ অতবোৰ গুণীজ্ঞানী সভাসদৰ সন্মুখত ৰাজ নন্দিনী দ্ৰৌপদীক যি অত্যাচাৰ কৰিলে তাক প্ৰতিহত কৰাৰ ক্ষমতা তাত উপস্থিত থকা প্ৰতিজন মহা পণ্ডিত বীৰৰ আছিল। ৰাজ অন্নৰ দ্বাৰা পৰিপুস্তি লাভ কৰা এইসকলৰ মুখবোৰ যেন সেই দিনা বোবা হৈ গ'ল। দ্ৰোণাচাৰ্য্য- বিদূৰ আদিৰ লগতে ভীষ্মইও সেইদিনা নিমাতে থাকিল। কিন্তু সেইসকলৰ লেখিয়াকৈ ভীষ্ম ৰাজ অনুগ্ৰহত থাকিব লগা হোৱা নাছিল। তেওঁৰ প্ৰতিবাদী কণ্ঠক কৌৰৱৰ টোপে স্তদ্ধ কৰিলে বুলিও কৱ নোৱাৰি। তেওঁ ৰাজ অনুগ্ৰহ লাভ কৰক বা নকৰক তেওঁ পিতামহ হৈয়ে থাকিলেহেঁতেন। তথাপি যে সেই বিশেষ ক্ষণত ৰাজ অত্যাচাৰৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ নকৰাকৈও ভীষ্মই ৰাজ বিষয়াৰ অন্ধ অনুকৰণকে কৰিলে বুলি আমি ভাৱিলেও তাত কিন্তু ৰহস্য লুকাই আছে। যি যেনে কৰ্ম কৰিব তাৰ ফল ঠিক তেনেদৰেই লাভ কৰিব; তাক বাৰণ কৰি লাভ নাই। আমাৰ এষাৰ কথা আছে আৰ্জিলে ফল ভূগিবলৈ পায়। গতিকে কৌৰৱে যি আচৰণৰে নিজ কৰ্তব্য পালন কৰিছে তাৰ সঠিক ফল নিশ্চয় লাভ কৰিব— সেইয়াই আছিল ভীষ্মৰ চিন্তা। সেনাপতি হিচাপে যুদ্ধক্ষেত্ৰত অৱত্তীৰ্ণ হৈ পাণ্ডৱ পক্ষক প্ৰথম চোৱাত হতাশ কৰি দিছিল। প্ৰতিদিনে হাজাৰ হাজাৰ সৈন্যবল পাণ্ডৱৰ বিনাশ ঘটাইছিল। পিতামহ থাকে মানে পাণ্ডৱ যে যুদ্ধত জিকিব নোৱাৰে তাক পঞ্চ-পাণ্ডৱে উপলদ্ধি কৰিলে। সেয়ে তেওঁৰ প্ৰিয় অৰ্জুনে শেহত পিতামহক তেওঁৰ পৰাজয়ৰ বিধান বিচাৰিলে। শত্ৰুৰূপী পাণ্ডৱক তেওঁৰ পৰাজয় কৰিব পৰা উপায়ো ব্যাখ্যা কৰিলে আৰু বৰ আতৌ-পিতৌ কৰি অৰ্জুনক যুদ্ধৰ নীতি বৰ্ণনা কৰিলে। এই কুৰুক্ষেত্ৰ যুদ্ধখন এক ধৰ্ম্মৰ থলি বুলি বিবেচনা কৰিবলৈ অৰ্জুনক বুজালে। ধৰিত্ৰীৰ পাপৰ ভাৰ খহাবলৈকে এই যুদ্ধৰ সূচনা। গতিকে ইয়াত ধৰ্ম্মৰ জয় আৰু অধৰ্ম্মৰ পৰাজয় নিশ্চিত ঘটিব তাকে চাই স্থিৰ লক্ষৰে নিজ কৰ্ত্তব্যত আগুৱায় যাবলৈ প্ৰত্যয় জন্মালে। ধৰ্ম্ম-অধৰ্ম্মৰ যুঁজৰ পৰিণাম কি ঘটিব তাক ভালদৰে জানিও নিজ কৰ্ত্তব্য পালন কৰিবলৈ তেওঁ পিচ নোহকিল। পঞ্চ-পাণ্ডৱৰ লেখিয়াকৈ কৰ্ণও যে তেওঁৰ অপত্য চেনেহৰ ভাগী সেই কথা উপলদ্ধি কৰিহে কৰ্ণক দেখাচাৰকৈ কটূ কথা শুনাই আছিল। কৰ্ণই কিন্তু পিতামহে তেওঁক সুতপুত্ৰ বুলিহে ঘিণ কৰে বুলি বদ্ধমূল ধাৰণা কৰিছিল। অৰ্জুনৰ সমানে তেওঁক বীৰ বুলি গণ্য নকৰে বুলি ক্ষোভ কৰিছিল। ইয়াৰ অন্তৰ্নিহিত অৰ্থটো হল সহোদৰসকলৰ প্ৰতি কৰ্ণই যি ঘৃণাৰ দৃষ্টিৰে চাইছিল তাক পিতামহে সমূলি সহ্য কৰিব পৰা নাছিল; অথচ মুকলি ভাৱে কৰ্ণ যে- পঞ্চ-পাণ্ডৱৰ অগ্ৰজ সেইকথাও ক'ব নোৱাৰিছিল। এইবোৰেই হ'ল জন্ম লগ্নত লভি অহা ফলাফল। নিজেও এজন বিজ্ঞ তথা মহাবীৰ হৈও ঠিক ভাগ্য চকৰিৰ কৱলত পৰি নিজৰ জীৱন নিজে নিজে লুণ্ঠিত কৰিলে। ইয়াৰ আগতে উল্লেখকৰা হৈছিল অম্বাক পত্নীৰূপে গ্ৰহণ নকৰাত অম্বা অপমানিত হৈ প্ৰতিজ্ঞা কৰিছিল, ভীষ্মৰ ওপৰত তাৰ প্ৰতিশোধ সময়ত লব। সেয়ে তপস্যাৰ বলত শিখণ্ডীৰূপে জনম লৈ কুৰুক্ষেত্ৰ সমৰত ভীষ্মৰ মুখামুখি হৈ ভীষ্মৰ বিনাশ ঘটালে।

 কোনো নাৰীৰ বিপক্ষে যুদ্ধ ক্ষেত্ৰত অস্ত্ৰ নধৰাৰ সংকল্পৰ কাৰণেই পিতামহে শিখণ্ডীক সন্মুখ সমৰত দেখি অস্ত্ৰচালনাৰ পৰা বিৰত আছিল। শিখণ্ডী আচলতে পুৰুষ ৰূপত থকা এক নাৰীহে আছিল। পিতামহে পূৰ্বতে কোৱা শেষ সময় পালেহি বুলি অৰ্জুনে ধৰিব পাৰি সেই সুযোগ গ্ৰহণ কৰিলে। এপাট এপাটকৈ মাৰণাস্ত্ৰ প্ৰয়োগে পিতামহৰ সৰ্বশৰীৰ তীৰেৰে ঢাকি পেলালে। পিতামহেও সেই প্ৰতিডাল কাড় তেওঁৰ চেনেহৰ অৰ্জুনৰ বীৰত্বৰ চিন স্বৰূপে মনৰ তৃপ্তিৰে গ্ৰহণ কৰিছিল। শেহত শৰ বিহীন মূৰটো ৰাখিবৰ বাবেও অৰ্জুনকে ইঙ্গিত দিলে। অৰ্জুনে সেই কথা বুজি সম্পূৰ্ণ শৰ শৰ্য্যা পাতি দি ভীষ্মক শয়ন কৰালে।

 পিতামহ পৰি যোৱাত দুয়োপক্ষ মৌন হ'ল। শোকাকুল দুয়ো পক্ষৰ বীৰসকলে আগুৰি ধৰি শ্ৰদ্ধাঞ্জলি যাঁচিলে। আকাশৰ পৰা পুষ্প বৃষ্টি হ'ল। জীৱনৰ প্ৰথম আৰু শেষবাৰৰ বাবে পিতামহৰ সতে সৌহাদ্যপূৰ্ণভাৱে কৰ্ণই দুৱাষাৰ কথা হোৱাৰ সুবিধা ললে। পিতামহে কিয় তেওঁৰ প্ৰতি বিদ্বেষৰভাৱ পোষণ কৰি থাকিলে তাক কৰ্ণই আবেগেৰে পিতামহৰ পৰা জানিবলৈ বিচাৰিলে। পিতামহে মিচিকিয়া হাঁহিৰে কৰ্ণক আশীৰ্বাদ দি কলে— পঞ্চ-পাণ্ডৱ যেনেদৰে তেওঁৰ আদৰৰ ঠিক তেনেদৰে কৰ্ণও তেওঁৰ বাবে একেই। মাথো কাৰ্য্যক্ষেত্ৰতহে কৰ্ণক তেওঁ কটূ বাক্য প্ৰয়োগ কৰিবলৈ বাধ্য হৈছিল। মানুহ অৱস্থাৰ দাস হলেও নিজৰ বুদ্ধি বিৱেক সকলো নাশ কৰি কেতিয়াও অন্ধৰ দৰে দুস্কৃতিৰ পিচে পিচে দৌৰিব নেলাগে। তেতিয়াই ভীষ্মই কৰ্ণক তেওঁৰ জন্ম বৃত্তান্ত বৰ্ণনা কৰিলে আৰু কলে সহোদৰ সকলৰ প্ৰতি পালণীয় কৰ্ত্তব্য তেওঁৰ আছে আৰু এইখন যুদ্ধ হব ধৰ্ম্ম আৰু অধৰ্ম্মৰ মাজত। তাকে চাই নিজ বিচাৰ বিৱেচনাৰে নিজ কৰ্ত্তব্যত আগবাঢ়ি যোৱাটোৱেই হব কৰ্ণৰ পৰম মঙ্গল। কৰ্ণৰ প্ৰতি থকা তেওঁৰ অপত্য চেনেহৰ উমান পাই কৰ্ণ বিগলিত হ'ল আৰু পিতামহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাই তেওঁৰ পৰা আশীৰ্বাদ ভীক্ষা কৰিলে।

 যুদ্ধ শেষ নোহোৱালৈকে পিতামহ শৰশৰ্য্যাত অন্তিম কাললৈকে থাকিল। তেওঁ কামনা কৰা মতে যুদ্ধত ধৰ্মৰ জয় আৰু অধৰ্মৰ পতন ঘটিল। পঞ্চ-পাণ্ডৱৰ জয়ে তেওঁক আনন্দ দিলে। যুদ্ধ অৱসানত সূৰ্য্য যেতিয়া উত্তৰায়ণলৈ গতি কৰিলে তেতিয়াহে এই জ্বালা যন্ত্ৰণাৰ সংসাৰ ত্যাগ কৰি চকু মুদিলে।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলভ্য।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।