সমললৈ যাওক

শব্দশিল্পৰ আখৰা

ৱিকিউৎসৰ পৰা
 

শব্দশিল্পৰ আখৰা

 

ষড়ানন দেৱ নাথ

 

পাব্লিকেশ্বন আৰু

 
SABDASILPAR AAKHARA: A collection of self-selected poems

of Sharanan Deva Nath, Murhadol, Jamugurihat - 784180, Sonitpur, Assam and published by Jinti Deka on behalf of PUBLICATION AARU..., Survey Guwahati - 781028.
First Edition : 24th October, 2024
Price: ₹200.00 only.


শব্দশিল্পৰ আখৰা
প্ৰকাশক :
জিন্তী ডেকা

 

পাব্লিকেশ্বন আৰু....
চাৰ্ভে, গুৱাহাটী - ৭৮১০২৮
ভ্ৰাম্যভাষ : ১9543 52205

 

প্ৰথম প্ৰকাশ : ২৪ অক্টোবৰ, 2024
ISBN : 978-81-942022-9-5

 

© : ষড়ানন দেৱ নাথ
ভ্ৰাম্যভাষ : +91 94354 86478

 

বেটুপাতৰ শিল্পী :
ধৰণীধৰ দাস, জামুগুৰিহাট

 

অক্ষৰ বিন্যাস :
বৃষ্টি দেৱী

 

মুদ্ৰণ :
প্ৰিণ্ট বাইণ্ড, গুৱাহাটী-২৪

 
অৰিহণা : ২০০.০০ টকা মাত্ৰ
 

আন্তৰিকতাৰে অৰ্পণ
মোৰ সহধর্মিনী দিব্যাজ্যোতি দেৱী

আৰু আমাৰ সন্তান আদিত্য ৰঞ্জন নাথ
(বোপাই / গোসাঁই / সাদৰ / চুমন)ৰ
স্নেহসিক্ত কৰকমলত

যাক দিব লাগিছিল বহুত
কিন্তু ইয়াতকৈ অধিক মোৰ সাধ্যৰ অতীত

 

কৃতজ্ঞতা
ধৰণীধৰ দাস, জামুগুৰিহাট, বেটুপাতৰ শিল্পী
ড° অশ্বিনী কুমাৰ ডেকা, বালিপৰা
মদন চন্দ্ৰ নেওগ, ভোটাই গাঁও, নগাঁও
ঈশ্বৰ চন্দ্ৰ বৰা, জামুগুৰিহাট
সমীৰণ ডেকা, গুৱাহাটী
জিন্তী ডেকা, প্ৰকাশক, পাব্লিকেশ্বন আৰু, গুৱাহাটী-২৮
মকবুল হুচেইন, স্বত্বাধিকাৰ, প্ৰিণ্ড বাইণ্ড, গুৱাহাটী-২৪

কবিৰ কলম

 চাওঁতে চাওঁতে মোৰ প্ৰথম কাব্য সংকলন 'শব্দৰ সোণালী বৰণ' প্ৰকাশ (২৮ মাৰ্চ, ১৯৯৯) হোৱাৰ পঁচিশ বছৰ সম্পূৰ্ণ হ'ল। ৰূপালী জয়ন্তী বৰ্ষৰ ভিতৰতে দ্বিতীয়খন কাব্যগ্ৰন্থৰ কথা ভাবোঁতে ভাবোঁতে প্ৰায় বছৰটোৱেই অতিবাহিত হওঁ হওঁ হ'ল। তথাপি ২০২৪ বৰ্ষটি পাৰ হ'বলৈ নিদিওঁ বুলিয়েই এই প্ৰয়াস- এক প্ৰকাৰৰ দুঃসাহস।

 বিগত পঁচিশ বছৰ ধৰি মই যি লিখিছোঁ ইয়াৰ ভিতৰত কবিতাৰ মানদণ্ড পাবলৈ এটাও চাগৈ সক্ষম হোৱা নাই। ভাব হয়- ইবোৰৰ প্ৰসাৰ আৰু সীমাবদ্ধতা যেন আখৰাৰ পৰ্যায়লৈকেহে। ইয়াৰে কেইটামান নিজেই বাছনি কৰি এই সংকলন। সেয়ে গ্ৰন্থখনিৰ নাম থ'লোঁ— ‘শব্দশিল্পৰ আখৰা'। দুটামান পুৰণি কবিতাও সাঙুৰি দিয়া হ’ল মোহৰ বশৱৰ্তী হৈ।

 পাঠকসকলৰ দৃষ্টিত যদি আখৰা সম্পূৰ্ণ হৈছে বুলি বিবেচিত হয়, তেন্তে সেয়াই হ'ব মোৰ প্ৰাপ্তি- মোৰ চৰম সফলতা- মোৰ প্ৰতি পাঠকৰ আশিস-নিৰ্মালি।

 প্ৰথম কাব্যগ্ৰন্থ প্ৰকাশৰ পঁচিশ বছৰৰ পিছত দ্বিতীয়খন প্ৰকাশ কৰাৰ কথাটো এটা উপলক্ষ হোৱা উচিত নে অনুচিত মই নাজানো। মোৰ বাবে সেয়াই সত্য- সেয়াই উপলক্ষ।

 কৃতজ্ঞতাৰ পৃষ্ঠা সুকীয়াকৈ সজাইছোঁ।

 শেষত সহৃদয় পাঠক সমাজৰ উমাল সঁহাৰিয়ে মোৰ মুখত হাঁহিৰ বোল সানিব বুলি গভীৰ আশা কৰিছোঁ।

ষড়ানন দেৱ নাথ
১৯-১০-২০২৪

প্ৰকাশকৰ পৃষ্ঠা

 কৈশোৰ অৱস্থাৰ পৰাই কবিতা চৰ্চাত মনোনিবেশ কৰি অহা ষড়ানন দেৱ নাথ এগৰাকী স্বভাৱসুলভ কবি। ১৯৯৯ চনত ‘শব্দৰ সোণালী বৰণ' নামৰ কাব্যগ্ৰন্থৰ মাধ্যমেৰে অসমীয়া সাহিত্যৰ জগতখনত এগৰাকী কবি হিচাপে ভুমুকি মাৰিয়েই তেওঁ কাব্যপ্ৰেমীসকলৰ অধিকাংশৰে হৃদয়ৰ কাষ চাপিবলৈ সক্ষম হৈছে। কবিতাৰ মাজেৰে কবিৰ সামাজিক দায়বদ্ধতা মন কৰিবলগীয়া।

 শোণিতপুৰ জিলাৰ অন্তৰ্গত পূৰ্বৰ চতিয়া আৰু বৰ্তমানৰ নদুৱাৰ বিধান সভা সমষ্টিৰ অধীনৰ বামুণবাৰী গাঁৱত জন্ম গ্ৰহণ কৰা ষড়ানন দেৱ নাথৰ স্থায়ী ঠিকনা - মূঢ়াদ'ল, জামুগুৰিহাট।

 ‘শব্দশিল্পৰ আখৰা’ কবি ষড়ানন দেৱ নাথৰ দ্বিতীয় কাব্যগ্ৰন্থ। কিছুদিন আগতে গ্ৰন্থখনিৰ পাণ্ডুলিপিটো চকু ফুৰাওঁতে প্ৰথম দৃষ্টিতেই কবিতাকেইটা ভাল লাগিছিল। মূলতঃ জীৱনক মূল উপজীৱ্য হিচাপে লৈ লিখা কবিতাসমূহ জটিলতাৰ সাজ নিপিন্ধাকৈ সৰল আৰু সাৱলীল। সেইবাবে বিনাদ্বিধাই স্বীকাৰ কৰিলোঁ গ্ৰন্থখনি প্ৰকাশৰ দায়িত্ব।

 কবিতাৰ জগতখনত নিৰহনিপানীকৈ লাগি থকা নিতান্তই প্ৰচাৰবিমুখ কবি ষড়ানন দেৱ নাথৰ দ্বিতীয় কাব্যগ্ৰন্থ 'শব্দশিল্পৰ আখৰা'ক সহৃদয় পাঠক সমাজে মৰমেৰে আঁকোৱালি ল'লে কবিগৰাকীক পৰম উৎসাহিত কৰা হ'ব আৰু আমাৰো শ্ৰম সাৰ্থক হ'ব। আশা কৰোঁ পাঠক সমাজে নিশ্চয় সহযোগিতা কৰিব। লগতে পাঠক সমাজ বৌদ্ধিক তৃপ্তিৰ পৰাও বঞ্চিত নহ'ব বুলি আমাৰ দৃঢ় বিশ্বাস।

জিন্তী ডেকা
১৯-১০-২০২৪
পাব্লিকেশ্বন আৰু
চাৰ্ভে, গুৱাহাটী- ৭৮১০২৮

সূচীপত্র
ইথাৰ আৰু বুকুৰ আন্ধাৰ / ৯
এতিয়া ম‍ই দুর্দান্ত প্রেমিক / ১০
মহাযুদ্ধ / ১১
তোৰ বুকুত কিবা এটা আছে অ' কিবা এটা আছে তোৰ বুকুত / ১২
কুশলে থাকা হিমন্ত / ১৪
তুমি সতী হে নদী / ১৬
যন্ত্রণা / ১৬
মা / ১৭
প্রেম / ১৭
সপোন / ১৭
য'ত জিকিলে ৰঙীন হয় জীৱন, হাৰিলে বাঢ়ে আয়ুস / ১৮
গতিৰ গতি / ২০
পানী / ২০
মধুমেহ / ২১
নিখোজ খোজ / ২২
আকাল / ২৩
ঘোঁৰা / ২৪
ঘঁৰিয়া ভৰলীপৰীয়া অতিথিৰ প্ৰিয় ঋতুৰ গান / ২৬
নিলাজ সময় / ২৮
জ্যোতি মালিতা / ২৯
দুখ লহপহ/ ৩১
বিবেচনাৰ আলি দোমোজাত - পুনৰ বিবেচনাৰ অন্তহীন অপেক্ষাত / ৩২
এতিয়া মোৰ ভীষণ অসুখ / ৩৫
সপ্তসূৰ্য নামি আহে মোৰ বুকুৰ আন্ধাৰলে' / ৩৬
হেঁচা-ঠেলাৰ মেলা / ৩৮
অনগ্ৰসৰতা / ৩৯
সন্তান বিলাস / ৪০
প্রেম / ৪১
 
চান্দা / ৪২
বিছ জুন / ৪৩
ধান হালধীয়া গান / ৪৩
চিনাকি : জীৱনৰ / ৪৪
বিহু আহিল বিহু যাবৰে হ'ল বিহুৱেচোন বিশেষ একোৱেই দি থৈ নগ'ল / ৪৬
ব'হাগ / ৪৮
আপোন মানুহ / ৪৮
অ' মোৰ কথা পাতিব নজনা ছোৱালীজনী / ৪৮
শিক্ষক আৰু পৰিদৰ্শক / ৪৯
পৰিভ্ৰমণ / ৫০
বিমান বৰা সমীপেষু / ৫১
হৃদয়ৰ গান / ৫৩
যুদ্ধভূমিৰ কবিতা / ৫৪
অনন্ত হেঁপাহ/ ৫৫
সমুদ্র মন্থন / ৫৬
মাতো বুলিয়েই মাতি পেলালা / ৫৭
পকনীয়া / ৫৯
স্বৰলিপি / ৫৯
অকৰ্তৃত্বশীলভাৱে নির্মিত এটা চৰাইৰ বাহ / ৬০
নদী / ৬১
সখিয়তী ৰ'দ / ৬২
নিষিদ্ধ এলেকা / ৬২
এটা সহজ কথা / ৬৩
নিদ্রাহীন ৰাতি / ৬৪
জীৱন-জুৱা / ৬৪
 

ইথাৰ আৰু বুকুৰ আন্ধাৰ

শব্দবোৰ বিচৰণ কৰি থাকে ইথাৰত
আঁজুৰি আনিব পাৰিলেই
ইবোৰক নিজৰ কৰি ল’ব পাৰি

শব্দবোৰ বিচৰণ কৰি থাকে হেঁপাহত
একান্ত আত্মীয়তা গঢ়ি তুলিব নোৱাৰিলে
ইবোৰক নিজৰ কৰিব নোৱাৰি

বুকুৰ আন্ধাৰতো কিছুমান বস্তু থাকে
আবদাৰ কৰিব জানিলে
ইবোৰ নিজৰ শব্দৰ দৰে জীপাল হৈ উঠে

উৎসভেদে শব্দবোৰ
নিজৰ কৰি ল’ব পৰাটো এটা কলা
শব্দশিল্প এই কলাৰ অধীনস্থ

শব্দশিল্পৰ বাটেৰে কোনোবা সময়ত
বুকুৰ ঘনঘোৰ আন্ধাৰকো
ইথাৰৰ সমকক্ষ যেন লাগে ৷৷

 

এতিয়া মই দুর্দান্ত প্রেমিক

চকুৰ বিজুলীত অংকুৰিত হৈছিল প্ৰেমৰ বীজ
তোমাৰ প্রেমহীনতাৰ বাবেই
এতিয়া ম‍ই দুর্দান্ত প্রেমিক

বাস্তৱৰ পটভূমিত প্রস্ফুটিত হয় সপোন
প্ৰাপ্যৰ পৰা বঞ্চিত হ’লে জন্ম হয় বিপ্লৱ
উন্মাদ হয় সৈনিক, বিদ্ৰোহী হৈ উঠে কবি
স্পৰ্শৰ ব্যাকুলতাৰে আকাশলে’ বৈ যায় নদী
নদীলৈ নামি আহে আকাশ

মিছাতো নাছিল সেই চকুযুৰি, জিভাখন
নিস্তেজ হৈছে নেকি শব্দৰ সোণালী বৰণ
কলিজাৰ ৰঙা, গছৰ সেউজীয়া
সেউজীয়াৰ ক’লা, আবেলিৰ হেঙুলীয়া
বুকুৰ মাজেৰে পাৰ নহ’ব নেকি সাগৰৰ নীলা

ময়ো জানো, প্রেমহীনতাৰ প্ৰতি আকৰ্ষিত নহয়
কোনো কবি, কোনো গতি
প্রেমহীনতাৰ অভিমানী সাজেৰে
আচলতে তুমি প্ৰেমৰেই নদী

মই তোমাৰেই দুৰ্দান্ত প্রেমিক
উন্মুক্ত নোহোৱা পর্যন্ত
তোমাৰ সুগন্ধি শৰীৰ॥

 

মহাযুদ্ধ

সূর্যোদয় আৰু সূৰ্যাস্ত বুলি
এতিয়া একো কথা নাই
যুদ্ধাৰম্ভ অথবা যুদ্ধবিৰতি বুলি
এতিয়া কোনো সংকেত নাই
শংখধ্বনি কোনেও নুশুনায়

সমগ্ৰ পৃথিৱী এতিয়া এখন কুৰুক্ষেত্ৰ
সমগ্ৰ পৃথিৱীজুৰি এতিয়া মহাযুদ্ধ
প্ৰতিটো নিশাই এতিয়া
মহাযুদ্ধৰ একো একোটা ভয়াবহ দিন
প্রতিদিনেই বৈ যায়
শত-শত সৈনিকৰ উত্তপ্ত ৰক্ত

যুদ্ধনীতি বুলিবলে’ এতিয়া কোনো কথা নাই
এজন সৈনিকৰ প্ৰত্যুত্তৰ দিয়াৰ
কোনো নিয়ম নাই এজনে
এতিয়া প্ৰতিজন অভিমন্যুক
নিৰ্মমভাৱে হত্যা কৰে বহুজনে
যুদ্ধনীতি ঘোষণা কৰা প্ৰধান সেনাপতি
এতিয়া যুদ্ধক্ষেত্ৰৰ পৰা বহুত দূৰত

হে কৃষ্ণ!
ধর্মৰক্ষাৰ বাবেই হেনো অভিমন্যু বধ
তোমাৰেই চক্রান্ত
মনত মোৰ সন্দেহৰ অৱকাশ গভীৰ
আচলতে আছানে তুমি
অথবা তোমাৰ ৰথৰ গৰাকী পাৰ্থ॥

 

তোৰ বুকুত কিবা এটা আছে অ’
কিবা এটা আছে তোৰ বুকুত


তোৰ বুকুত কিবা এটা আছে অ’
কিবা এটা আছে তোৰ বুকুত
বুকুৱে বুকুৱে আছে
আন কাৰোৰে বুকুত সেয়া নাই চাগে’
যি তোৰ বুকুত ঠাহ খাই আছে
অন্ততঃ মোৰ বাবে

তোৰ বুকুত কিবা এটা আছে
সেইবাবেই নেকি
কুৰুকি কুৰুকি সোমাই যাবলৈ মন যায়
তোৰ বুকুৰ ভিতৰলে '
অথচ ম‍ই জানো
বুকুলৈ নোসোমায়
বুকুৱে সুমুৱাইহে লয়

বুকুত বহুত কিবাকিবি থাকে
সৌন্দর্য গান ধপ্‌পনি আশ্রয়
কবিৰ বাবে গিৰিপথ
চিত্ৰকৰৰ ত্ৰিমাত্ৰিক চিত্রপট
কাৰোবাৰ বিলাস সন্তানৰ অমৃত
সর্বোপৰি বুকুতে থাকে সকলো আবেদন

 

মই প্ৰত্যক্ষ কৰি আহিছোঁ
মোৰ বুকুৰ উমান পালে তোৰ বুকুৱে হাঁহে
ক্ৰমশঃ নিশ্চুপ হৈ পৰে তোৰ মুখৰ মাত
মোৰ উশাহৰ তালে তালে তোৰ ধপ্‌ধপনি বাঢ়ে
আৰু সেই ধপ্‌ধপনি
গান চাগে’ নহয় কিন্তু গানৰ দৰে কিবা এটা হৈ
মোৰ বুকুলৈ সোমাই আহে

কিবা এটা আছে তোৰ বুকুত
সেইবাবেই মোৰ নিজলৈকে
বৰ ভয় হয় অ’ মাজে মাজে
ভগৱানে নকৰক যদি নহ’বলগীয়া কিবা এটা হয়
আবেগে নিয়ন্ত্ৰণ হেৰুৱালে

তেতিয়া প্ৰচাৰ মাধ্যম সামাজিক মাধ্যমত
হুৱাদুৱা লাগিব
অর্থহীন ব্যস্ততাৰে সকলো ব্যস্ত হৈ পৰিব
বুকুৰ বুটাম খেপিওৱাৰ অপচেষ্টা এজন কবিৰ
বনজুইৰ দৰে কথাটো খবৰ হৈ
নিমিষতে বিয়পি পৰিব চৌদিশে

দাগ লাগিব কবিৰ সাজত
গভীৰতা কমিব কবিৰ মাতৰ
নিন্দুকে টিপ্পনী দিব
কবি তেনেকুৱাই

কথাটো সকলোৱে সঁচা বুলিয়েই ভাবিব
তই বাৰু কথাটো পাৰিবিনে সহিব
সঁচাকৈয়ে ৷৷

 

কুশলে থাকা হিমন্ত
(সহপাঠী মুখ্যমন্ত্ৰী হোৱাৰ আনন্দত শুভেচ্ছাৰে)

কটনত একেলগে গুগুণাইছিলোঁ কৈশোৰৰ গান
একেলগে আগুৱাই নিছিলোঁ পখিলা খেদা দিন -যৌৱনৰ প্ৰথম লাজুকী
সোপান
পাছত তুমি বাট এটা ল’লা ম‍ই নোলোৱা বাট
মনত আছেনে হিমন্ত

হেৰোৱা এটকাৰ মুদ্ৰাটো বিচাৰি
পাঁচ টকাৰ মমবাতি নিকিনিবা হিমন্ত
আমাৰ যে বহুত হেৰাইছে
কিমান মমবাতি কিনিবা
তোমাৰ মুদ্ৰা বিচৰা অভিযানত
আমাকো সংগী কৰি ল’বা

কটন কলেজ ইউনিয়ন হলৰ পৰা
তোমাৰ হাঁহি আৰু একাগ্ৰতা
মই অটোগ্ৰাফত আনিছিলোঁ
মই যে তোমাৰ সহপাঠী আছিলোঁ

সময়ত তুমি ওখ চকীত বহিলা
বাঢ়ি অহা মূলা দুপাততে তজবজীয়া
সহপাঠীয়ে কৈছোঁ আগ-পিছ গুণি খোজ দিবা

 

ঘৰ এৰি দূৰৈত থকা ককাইদেউৱে মাত লগাইছে
মাতে মাতে মিলাই তুমি বাট এটা উলিয়াবা
কিতাপ পঢ়া ভাইহঁতে তোমাকেই ভৰসা কৰিছে
সিহঁতৰ সপোনবোৰ কোলাত তুলি ল’বা

জুই জুয়েই, ই দহেহে - ই যে কাকো নসহে
আওকাণ নকৰিবা
জুইৰ পৰা তুমি আমাক পোহৰ দিবা
মই জানো তুমি পাৰিবা

গাৰ নোমো শতৰু
তোমাৰ কুশলী হাত দুখনলৈও যে নজৰ নিদিব
কোনে ক’ব
সলনি হৈছে মানুহৰ ভোক
তুমি সকলোবোৰ চাবা

তুমি আজি জাহাজ মেলিছা মহাসাগৰত
ছাত্ৰ সংগঠনেই যিহেতু তোমাৰ গজালিৰ গান
জাতীয়তাবাদ কি তুমি আকৌ আমাক শিকাবা

হেৰোৱা এটকাৰ মুদ্ৰাটো বিচাৰি
পাঁচ টকাৰ মমবাতি নিকিনিবা হিমন্ত
আমাৰ যে বহুত হেৰাইছে
কিমান মমবাতি কিনিবা
তোমাৰ মুদ্ৰা বিচৰা অভিযানত
আমাকো সংগী কৰি ল’বা

কুশলে থাকা হিমন্ত
কুশলে থাকা॥

 

তুমি সতী হে নদী

প্ৰতিগৰাকী গণিকাই অহৰহ চেষ্টা কৰে
সতীত্ব প্ৰমাণৰ বাবে

সতীত্ব প্ৰমাণৰ ইচ্ছা নাই বাবেই
তুমি সতী
হে নদী ৷৷

যন্ত্রণা

য’ত জীৱনৰ লয়লাস নাই
ত’ত তুমি বিচাৰিছা প্ৰাণময় উশাহ
য'ত জীৱনৰ ভৰসা নাই
ত’ত তুমি বিচাৰিছা শাৰদী আকাশ

ম‍ই অসহায়
ম‍ই নিৰুপায়
যন্ত্রণাকাতৰ হ’লেও
যুগে যুগে ম‍ই যে প্রেমিক-চৰাই ৷৷

 

মা
সুখৰ হাঁহি
দুখৰ চকুলোধাৰি
ভাগৰৰ শেতেলি
পিয়াহৰ পানী

মা
মোৰ প্ৰিয়তমা
যুগৰ দলিচাত॥

প্ৰেম
বিচাৰি বিচাৰি হাবাথুৰি খোৱাৰ নাম প্ৰেম
বিচাৰি বিচাৰি উভতি আহিব নোৱাৰাৰ অন্য নাম প্ৰেম॥

সপোন
সপোন তেনেকুৱাই
দিঠকৰ পৰা বহু যোজন দূৰতহে কেতিয়াবা
ইয়াৰ উক্‌মুকনি শুনা যায়॥

 

য’ত জিকিলে ৰঙীন হয় জীৱন,
হাৰিলে বাঢ়ে আয়ুস

(কথাছবিপ্রেমী আৰু ক্ৰিকেটপ্রেমীসকললৈ ক্ষমা প্ৰাৰ্থনাৰে)

সময়ে সাংঘাতিকভাৱে দাবী নকৰিলে।
কথাছবি আৰু ক্ৰিকেট ম‍ই নাচাওঁ
ম‍ই নিৰ্মাণ নকৰোঁ নির্বাক অথবা সবাক কথাছবি

মই নিৰ্মাণ কৰোঁ সঁচা জীৱনৰ বৰ্ণিল ছবি
জীৱন-যুঁজৰ ছবি, হৰিষৰ ছবি, বিষাদৰ ছবি
কোনেও কেতিয়াও নেদেখা ছবি
চেঞ্চৰ ব’ৰ্ডৰ পৰিসীমাই ঢুকি নোপোৱা ছবি
চিনেমাগৃহত ভুমুকি নমৰা ছবি

ক্রিকেট ম‍ই ভাল নাপাওঁ ক্রিকেট নুবুজোঁ বুজাৰ চেষ্টাও নকৰোঁ
ক্ৰিকেটৰ বিপৰীতে মই সদাব্যস্ত হৈ থাকোঁ
জুৱাৰ আড্ডাত : জীৱন জুৱাৰ

হৰা-জিকাৰ এক অন্য নাম জুৱা
হাৰ-জিত অবিহনে এখোজো আগ নবঢ়া এটা মায়াময় খেল জুৱা
য’ত জিকিলে ৰঙীন হয় জীৱন, হাৰিলে বাঢ়ে আয়ুস
য’ত জিকা-হৰা সকলোৰে বাবে ওলমি থাকে ৰঙিয়াল মুখ

সেইবাবে জুৱাই হৈ পৰে মোৰ দৰে খেলুৱৈৰ প্ৰিয় বিষয়

 

এটা সময় আছিল যেতিয়া কাৰোবাক সময় দিবলৈ
মোৰ সময় নাছিল
সূৰুযমুখী গতিৰে যেতিয়া ম‍ই ধাবিত হৈছিলোঁ পোহৰ বিচাৰি
তেতিয়াই, ঠিক তেতিয়াই কোনো এক অসতৰ্ক মুহূৰ্তত
মই হাৰি গৈছিলোঁ
সেয়াই আৰম্ভণি
তাৰ পিছত ম‍ই আৰু কাহানিও দেখা নাই প্ৰভাতী সূৰুয
কেৱল জীয়াই থকাৰ ন্যূনতম বিড়ম্বনাখিনিৰ বাহিৰে
ইটোৰ পিছত সিটোকৈ মই হেৰুৱাই গৈ আছোঁ হেৰুৱাব নলগীয়াখিনি

জীৱনত জিকাৰ আকাংক্ষা যে মোৰ নাই তেনে নহয়
কিন্তু মই নিৰুপায় মোৰ প্ৰতিপক্ষই যে হাৰিলে নেখেলা হয়
সেয়ে খেলখনৰ ধাৰাবাহিকতা বজাই ৰখাৰ হেঁপাহত
মই খেলি আছোঁ হাৰি-হাৰি

মোৰ বাবে যে খেলি থকাটো জিকাতকৈ বহুগুণে জৰুৰী

জিকিলেই শেষ
আচলতে হাৰি থকালৈকেহে জীয়াই থাকিব পাৰি
যাৰ বাবে এতিয়াও ম‍ই জীয়াই আছোঁ
আৰু হেৰুওৱাখিনি ওভতাই অনাৰ স্বাৰ্থত
খেলি আছোঁ অহৰহ॥

 

গতিৰ গতি

ক’ৰোনাৰ ফাঁকে ফাঁকে কপৌ ফুলিছে
বেঙুনীয়া, হালধীয়া....

বসন্তৰ সমুখত
ক’ৰোনা কোন কুটা!

পানী

পুৱা উঠিয়েই ফোন নকৰিবা
ৰিচিভ্ কৰিবলৈও সময় নাথাকে
পানী ধৰাত ব্যস্ত থাকে জীৱনৰ নেটৱৰ্ক

পুৱা পানী আহে

পাইপৰ মাজেৰে সৰ্পিল গতিৰে
অকাই-পকাই বগাই বগাই
পুৱা পানী আহে
সেয়ে কৈছোঁ বৰ খৰধৰকৈ
কথা পাতি ভাল নালাগে

পানী প্ৰাণ পানী জীৱনৰ গান
তোমাৰ কথাও গান
পানীৰ দৰে
নুশুনি নোৱাৰি॥

 

মধুমেহ

শুনিছোঁ তই হেনো নীৰৱ ঘাতক
কথাটোত ম‍ই তিলমানো গুৰুত্ব দিয়া নাই
ম‍ই জানো
মৃত্যু চিৰন্তন
মৃত্যু শাশ্বত
মৃত্যু অনিবার্য

আজিৰ দিনত কোননো নহয় নীৰৱ ঘাতক
শাসক, বিৰোধী, উগ্ৰপন্থী, মুক্তিকামী
গৃহস্থ কিম্বা আলহী

ঘাতক বাহিনীৰ ফাঁকে ফাঁকে আমাৰ আহ-যাহ
প্ৰৱঞ্চকৰ দপদপনিত প্ৰদূষিত উশাহ

ধন্যবাদ অ’ মধুমেহ
তোক শত সহস্র ধন্যবাদ

মৃত্যুৰ ভাবুকিৰে তয়েইতো মোক শিকালি
সুস্থ জীৱন-যাপনৰ বুনিয়াদী পাঠ
ভাবুকিৰ ভণ্ডামিৰে তয়েই মোক দেখুৱালি
মৃত্যু জিনাৰ সেন্দূৰীয়া বাট ৷৷

 

নিখোজ খোজ
(নিখোজ খোজটো সুৰৰ সাধক ৰমেন বৰুৱাৰ হ’ব পাৰে)

হঠাৎ নিখোজ
এটা খোজ
খোজটো আগবাঢ়িছিল
ভৰা লুইতৰ বুকুৰ ফালে
খোজটো শেষবাৰৰ বাবে ধৰি ৰাখিছিল।
উচ্চ ন্যায়ালয়ৰ পহৰা-চকুৱে

খোজটোৱে অন্যায় কৰা নাছিল কাহানিও
সিদিনাও
নহ’লেনো ন্যায়মূৰ্তিৰ সমুখেৰে
পাৰ হ’ব পাৰেনে অনায়াসে

নিখোজ হোৱাৰ আগতে
একাগ্ৰ সাধনাৰ এই খোজটোৱে
পৰিভ্ৰমণ কৰিছিল
অসমৰ পাহাৰ-ভৈয়াম
একাকাৰ কৰিছিল।
সুৰ, চিনেমা,গান
খোজটোৰে নিজাকৈ সংলগ্ন
সুকীয়া চিনাকি, অনন্য স্বাভিমান

 

খোজ মানে যদি যোগ
নিখোজ মানে নিতান্তই বিয়োগ
খোজটোৱে যে সফলভাৱে
কৰিব পাৰিছিল
জীৱনৰ যোগ-বিয়োগ

নিখোজ খোজটো
খোজ হৈ উভতি আহক
ন্যায়মূৰ্তিৰ সমুখেৰে
শোকসন্তপ্ত মানুহবোৰৰ কাষলে’ ।।

 


আকাল

কিমান যে ভাব আহে
কিমান যে ভাব আহি উভতি যায়
তথাপি কবিতা নহয়
কবিতাই কথা নকয়

আকাল : এয়াই নেকি তোৰ পৰিচয় ৷৷

 

ঘোঁৰা

যজ্ঞ নামৰ এক খেয়ালী উছৱৰ অচিলাৰে
এসময়ত এৰি দিয়া হৈছিল ৰজাৰ ঘোঁৰা

ঘোঁৰা যোৱা বাট ৰজাৰ
ঘোঁৰা যোৱা দেশ ৰজাৰ

বাট অবাট হ’লেই যুদ্ধ
প্ৰতিপক্ষ জিকিলে আত্মৰক্ষা (যিটো সাধাৰণতে নহয় )
হাৰিলে বশ্যতা

ঘোঁৰা মানে দেখাতহে ঘোঁৰা
আচলতে ই ভয়ানক যুদ্ধৰ দামামা

এনেদৰেই ঘোঁৰা গৈ আছিল
লহপহ ভংগিমাৰে এনেদৰেই খেয়ালী ৰজাৰ বুকু বাঢ়িছিল

শাসক, বিৰোধী উভয় পক্ষৰ দ্বাৰা
আমাৰ ইয়াতো ঘোঁৰা এৰি দিয়া হয় সময়ে সময়ে
এৰি দিয়া ঘোঁৰাক সংগসুখেৰে আপ্লুত কৰা
ঘোঁৰাৰ গণনাৰে নিৰ্ধাৰণ কৰা হয় হাৰ-জিত

 

এই ঘোঁৰা সেই ঘোঁৰা নহয়
এয়া কোনো বিশেষ অচিলা নহয়
এয়াযে উছৱৰ দৰে খেলুৱৈসুলভ প্ৰস্তুতি আমাৰ তন্ত্ৰৰ

বিহংগম দৃষ্টিত উভয় পক্ষৰ ঘোঁৰাৰ সংখ্যা পূৰ্বনিৰ্দিষ্ট
নিজ পক্ষৰ ঘোঁৰাক সংগ দিয়াতো নিতান্তই নীতিগত

কথাটো তেনেকুৱা নহয় বাবেই
ই হৈ পৰে এক শ্বাসৰুদ্ধকাৰী খেল
আমাৰ তন্ত্ৰৰ

য’ত নীতি বিষয়ক কোনো উৱাদিহ পোৱা নাযায়
সেয়াই আমাৰ তন্ত্ৰ
যেন তেন প্ৰকাৰেণ আৰোহণ কৰিব লাগে সুবিধাৰ এভাৰেষ্ট
সেয়াই আমাৰ মন্ত্ৰ

যি ঘোঁৰা নিশকতীয়া, যাৰ নাই কোনো জয়ৰ বাসনা
যি কেতিয়াও আগত যাব নোৱাৰে, যাৰ নাই কোনো দায়বদ্ধতা
উদৰ পূৰণেই যাৰ চৰম লক্ষ্য, ভণ্ডামিৰ গান যাৰ সদা মুখস্থ
সিয়েই ৰাতিটোৰ ভিতৰতে পক্ষ সলাই
অথবা নিজ পক্ষক সংগ নিদিয়াকৈ
ওলট-পালট কৰি দিয়ে হাৰ-জিতৰ সকলো অংক
বুৰঞ্জীয়ে পুনু একৰ পৰা মাতে
এই মাত সেই মাত হ’ব পাৰে॥

 

ঘঁৰিয়া ভৰলীপৰীয়া অতিথিৰ প্ৰিয় ঋতুৰ গান

পাতনিৰ অৱতাৰণা নকৰাকৈ ছিধাছিধিকৈ কৈছোঁ
জীয়াভৰলীৰ বুকুৰে হাঁহি-হেলাৰঙে
ঘঁৰিয়া আহে এই বাটেৰে

ভাদ শেষ হ’ল কি নহ’ল
সমুখত আহিনৰ কুঁৱলীৰ আবিৰ লৈ
বংশ ৰক্ষাৰ তাগিদাৰে
ভাৰ ভেটিসহিত
অৰুণাচলৰ ঘঁৰিয়া ওলাবৰে হ’ল

ভটিয়ালেই ভৈয়াম উজালেই পাহাৰ

জীয়াভৰলীয়েদি ভটিয়াই
বৰলুইতৰ বুকুয়েদি উজাই
ঘঁৰিয়া পৰশুকুণ্ডলৈ বুলি ওলায়

ঘঁৰিয়াই সহিব নোৱাৰে শীতৰ প্ৰকোপ
এই যে নানামে দ পানীত
উম বিচাৰি বুকুত জোৰে ভটিয়নি গীত

ভটিয়ালেই গৰম উজালেই হিম-শীতল

জাকৰুৱা নাও বামেদিও যায় যাক ঘঁৰিয়াই সর্বান্তঃকৰণেৰে মানে

সেয়ে জাক পাতি ঘঁৰিয়া বাম পানীয়েদি চলে
 

খাগৰিৰ গাগৰিত বাম পানীত ৰৈ থাকে ঘঁৰিয়াৰ বিষাদ
বাম পানীত জিলিকি থাকে তীক্ষ্ণ চিকাৰী নজৰ
মাছমৰীয়াৰ

ঘঁৰিয়া ভৰলীপৰীয়া জালোৱাৰ উন্নতিৰ সোপান
ঘঁৰিয়া ভৰলীপৰীয়া হালোৱাৰ আৱেগভৰা স্বাভিমান
ঘঁৰিয়া ভৰলীপৰীয়া মাছমৰীয়াৰ বিলাসী সপোন
ঘঁৰিয়া ভোজনবিলাসী উদৰৰ হেঁপাহৰ দাপোণ
ঘঁৰিয়া ভৰলীপৰীয়া অতিথিৰ প্ৰিয় ঋতুৰ গান
ঘঁৰিয়াৰ সোৱাদৰ কত যে কিমান নাম

জীৱনৰ বাটত কিমান যে আমাৰ উজুওৱা-ভটিওৱা খেল
সুখৰ বাসনাত কিমান যে আমাৰ সুযোগসন্ধানী মেল

ঘঁৰিয়াৰ দৰে আমিও নসহো প্ৰচণ্ড শীতস্বৰূপ অসূয়া-অপ্ৰীতি
দ পানীত নানামো - সোমাব নিবিচাৰোঁ সমস্যাৰ চাকনৈয়াত
নিজস্ব শৈলীৰে সহজ গতিৰে অগ্ৰসৰ হ’ব খোজোঁ
জীৱনৰ অনুপম ভৰলীময়তাত
হেৰাই যাব নোখোজোঁ জীৱনৰ ধামখুমীয়াত
তথাপি নিজস্ব লক্ষ্য সামৰি টলকিব নোৱাৰাকৈয়ে
কাৰোবাৰ অদেখা জালত আমি বন্দী হৈ পৰোঁ
বিনাবাক্যব্যয়ে আমি হৈ উঠোঁ কাৰোবাৰ ভোগৰ
কিম্বা আন কাৰোবাৰ উপভোগৰ সামগ্ৰী
অহৰহ চলি থাকে জালোৱাৰ বিলাস-বৈভৱ, নিৰৰ্থক অট্টহাস্য, বিজয়ৰ
অৰ্থহীন তাণ্ডৱ - আমাৰ জীৱনৰ বিনিময়ত

এতিয়া কওকচোন সঁচাকৈ
কোনখিনিতনো আমি ঘঁৰিয়াতকৈ পৃথক
কোনখিনিতনো আমি ঘঁৰিয়াতকৈ সাৰ্থক॥

 

নিলাজ সময়

জীৱনৰ কথা নোকোৱাৰ পৰা
মাতবোল পৰ্যন্ত বন্ধ কৰি দিছোঁ কবিতাৰ স’তে
স্পষ্ট ভাষাত যিহেতু সম্প্ৰতি সময় বৰ নিলাজ
সেয়ে ইতিমধ্যেই মই খুলি পেলাইছোঁ কবিৰ সাজ

এতিয়া মৃতদেহ নেদেখাকৈয়ে
চিতা সাজি বাট চাওঁ সৎকাৰৰ বাবে
অথচ সেই মৃতদেহেই
সদম্ভ ঘোষণাৰে জীয়াই থকাৰ প্ৰমাণ দিয়ে
পুনু মৃতদেহৰ অপেক্ষাত চিতাখনে চকুলো টোকে

এতিয়া কাকো বিশ্বাস কৰিব নোৱাৰি সহজে
শাসক, বিৰোধী, উগ্ৰপন্থী, মুক্তিকামী
প্ৰচাৰ মাধ্যম, জনসাধাৰণ
বহুক্ষেত্ৰত নিজকে

পানী যোগানৰ নলা কিম্বা শ্মশানৰ অন্ধকাৰত
যেতিয়া উদ্ধাৰ হয় সদ্যোজাত শিশু
মানৱ প্ৰেমৰ সংজ্ঞা অথবা আত্মীয়তাৰ ব্যাখ্যা
কেনেকৈ দিবা বাৰু

যিহেতু মাতবোল পৰ্যন্ত বন্ধ কৰি দিছোঁ কবিতাৰ স’তে
যিহেতু ইতিমধ্যেই ম‍ই খুলি পেলাইছোঁ কবিৰ সাজ
সেয়ে কবিৰ সভালৈ এতিয়া মোক নামাতিবা
প্ৰকাশৰ বাবে কবিতা বিচাৰি মোক আমনি নকৰিবা
তাতোকৈ জীৱনৰ সাৰ্থকতা বিচৰা হওক চৌদিশে
স্নেহময় মত বিনিময়েৰে॥

 

জ্যোতি মালিতা
(শিল্পী দিৱস উপলক্ষে )

অশৰীৰী হৈ তুমি কি ৰূপ ল’লা
তুমি ভূত হ'লা নে ডাঙৰীয়া হ’লা
ম‍ই নাজানো
সম্প্ৰতি তুমি অশৰীৰী, তুমি অতীত
সম্প্ৰতি তুমি অনুপস্থিত এই পৃথিৱীত
ইয়েই পৰম সত্য - যাক ম‍ই ভালদৰে জানো

আদালতকক্ষ নহ’লেও
এতিয়া তোমাক ম‍ই যি ক’ম, সঁচা ক’ম
সঁচাৰ বাহিৰে মই আন একো নক’ম

আজি শিল্পী দিৱস
শিল্পী দিৱস মানে সোতৰ জানুৱাৰি
শিল্পী দিৱস মানে তোমাৰ মৃত্যুবাৰ্ষিকী

তোমাৰ স্মৃতিচাৰণৰ বাবেই
আজি তোমাৰ ভাষাৰে কথা পাতিম
তোমাৰ সুৰেৰে নাচিম-হাঁহিম
আনকি তোমাৰ স’তে কথা পতাৰো প্ৰয়াস কৰিম
তোমাৰ প্ৰাসংগিকতাৰ কথা
আজি উদাত্ত কণ্ঠে চিঞৰিম
কালিলৈ নিঃসন্দেহে
সকলো পাহৰি থাকিম

 

তোমাক জীয়াই ৰাখিবৰ বাবে
নে তুমি নাই বুলি ক’বলে’
মই নাজানো কিহৰ বাবে এই আয়োজন
কাৰণ কাৰ্যতঃ
কথা আৰু কামৰ মাজত সম্পৰ্ক নৰখাটোৱেই হৈছে জীৱন

ভৰপূৰ যৌৱনৰ ছাঁত তুমি আঁকিছিলা গানৰ ছবি
জীৱনৰ, যৌৱনৰ, হেঁপাহৰ, বিষাদৰ, স্বদেশপ্ৰেমৰ
তুমি স্পৰ্শ কৰিছিলা কবিতাৰ আকাশ
সুগন্ধি জোনাক, সুৰৰ লহৰ
তোমাৰ প্ৰিয় আছিল সপোনৰ নদী, সপোনৰ ঘৰ
তোমাৰ যে প্রিয় নাৰী
জয়মতী, ইন্দ্ৰমালতী, ৰূপালীম, শোণিতকুঁৱৰী
আনকি কাৰেঙৰ লিগিৰী

তুমি সপোন দেখিছিলা
সাম্ৰাজ্যবাদ বিৰোধী সপোন
সোণোৱালী ভৱিষ্যতৰ সপোন
তুমি অনুভৱ কৰিছিলা
ক্ষুধার্ত শিশুৰ কান্দোন, ফুলৰ নাচোন
সপোন দেখাৰ অপৰাধত
তুমি যে খাটিছিলা কাৰাবাস সুদীৰ্ঘ পোন্ধৰ মাহ

আমাৰ ইয়াতো এতিয়া
সপোন দেখাটো অপৰাধ
সম্প্ৰতি ইয়াত কেৱল শাসকীয় ৰাজনীতিকৰ বাবেহে
খোলা থাকে সপোনৰ বাট

 

মোৰ সন্দেহ হয়
সম্প্ৰতি তুমি থকা হ’লে
কি হ’লহেঁতেন তোমাৰ প্ৰিয় ঋতু
বসন্ত নে বন্দুকৰ শব্দ
তুমি থকা হ’লে সম্প্ৰতি
তুমিও ল’লাহেঁতেন নেকি আঁকোৱালি
কলমৰ সলনি বন্দুক অথবা শাসনৰ গাদী

মই নকওঁ - সাম্প্ৰতিক সমাজ ব্যৱস্থাত
আছে নে নাই তোমাৰ চিন্তাদৰ্শৰ প্ৰাসংগিকতা
মই নাজানো - তোমাৰ ওচৰত নতজানু হ’ল সময়
নে সময়ৰ ওচৰত তুমি নতজানু হ’লা

জ্যোতিৰ পুত্ৰ, ৰূপৰ কোঁৱৰ
হে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
আমাৰ বাবে তুমি যে কিমান কি কৰা নাছিলা!

 

দুখ লহপহ

তোমাৰ পৰা মোলৈ উন্মুক্ত সকলো পথ
মোৰ পৰা তোমালৈ সকলোতে ‘ন’ এন্ট্ৰি’ ফলক

হৃদয়ত লহপহ্ দুখৰ ভমক॥

 

বিবেচনাৰ আলি দোমোজাত -
পুনৰ বিবেচনাৰ অন্তহীন অপেক্ষাত


মৃত্যুৰ গ্ৰেপ্তাৰী পৰোৱানা লৈ কোভিড-১৯ ঘৰ ওলালহি
কলিং বেল টিপিলে আথে-বেথে বহিবলৈ দিলোঁ ড্ৰয়িংৰুমতে
তেওঁ আমাক সাজু হ’বলৈ ক’লে

অস্থায়ী ঠিকনা বগাই ফুৰা মানুহ যে
আমাৰ ঘৰটো বিচাৰি উলিয়াবলৈ তেৱোঁ কিছু বগাবলগীয়া হ’ল
আমাৰ এই নিগাজী ঘৰৰ ঠিকনাটো
তেওঁৰ বহীত এতিয়ালৈকে নিগাজী হোৱাই নাই
হাঁহিৰ চলেৰে তেওঁ কথাষাৰ কৈ পেলালে

পুত্ৰ-পৰিবাৰসহ আমি তিনিজন
পুত্ৰক বাদ দি কোভিডৰ হাতত আমাৰ নামত কাগজ দুখন
তেওঁৰ পৰামৰ্শমতেই ভাইটিক মাতি অৰ্পণ কৰা হ’ল ল’ৰাটোৰ দায়িত্ব
কাগজ দুখন হাতত লৈ বিচলিত হৈছোঁ সঁচাকৈ - তথাপি তেওঁক একো নক’লোঁ
দুয়ো দুয়োৰ চকুত চকু থৈ জুমিব খুজিছোঁ মাথোঁ সমুখৰ বাট – মৃত্যুৰ ঘাট
ততাতৈয়াকৈ দুয়ো সাজু হ’বলৈ লৈছোঁ
আমাৰ সৰলতা-নিস্পৃহতাত তেওঁ অকপটে স্বীকাৰ কৰিলে
বেয়া নাপাব ওপৰ মহলৰ নিৰ্দেশমতেহে মই আপোনালোকক আমনি কৰিছোঁ
মই যে সময়ৰ বহতীয়া
সময় যে মোৰ ওপৰৱালা
কথাখিনিত কিবা এটা ভাল লাগি গ’ল - যেন এটা নতুনৰ সন্ধান

 

আমি ভিতৰত থাকোঁতেই কথাটো ৰাষ্ট্ৰ হ’ল
ওচৰ চুবুৰীয়া, গঞা, ভাইকেইটা, আত্মীয়-স্বজন, জ্ঞাতি-কুটুম্ব, ডাক্তৰ-নাৰ্চ সকলো
পদূলি পালেহি

চৰাইবোৰ চাপি আহিল, আকাশখনো নামি আহিল মোৰ পদূলিলৈ
জাউৰিয়ে-জাউৰিয়ে প্ৰাৰ্থনা-দোৱাই মুখৰ কৰিলে
নৰীয়াত পৰি থকা নিজানৰ নৈখনে বিশ্বস্ত নাৱৰীয়াজনকে
পঠিয়াই দিছে আমাৰ হৈ মাত মাতিবৰ বাবে

বাউলী বতাহছাতিৰ খং কিনো চাবা
পৰা হ’লে তাইতো কাণতলীয়াই শোধাই দিলে হয়
কোভিডৰ গালে-মুখে
তথাপি তাই নিজকে সংযত কৰিলে
তাই যে আমাক বৰ ভাল পায়
এইয়া তাৰেহে প্ৰতিফলন

আমি ভিতৰৰ পৰা ওলাই আহোঁতে
সকলোৱে কোভিডক আগভেটি ধৰি আমাক মুকলি কৰি দিবলৈ খাটনি
ধৰিলে
সকলোৱে নিজা নিজা দৃষ্টিকোণৰ পৰা আমাৰ যে যাবৰ হোৱা নাই তাকে
ক’লে
আমি জানো এয়া তেওঁলোকৰ আবেগ - আমাৰ প্ৰতি আত্মীয়তা
আপ্লুত হ’লোঁ

 

আবেগিক সকলোৱে এটা সময়ত আমাৰ মুখেৰেও কোভিডক এষাৰ
অনুৰোধ কৰিবলৈ ক’লে
সকলোৰে প্ৰতি সন্মান জনাই আমিও কোভিডক কৈ গ’লোঁ
ষোল্ল বছৰীয়া ভাড়াঘৰৰ অৱসান ঘটাই
নিজাববীয়াকৈ নিগাজী আটোমটোকাৰি ঘৰটোত সোমোৱা আঠ মাহ হৈছেহে
মাত্ৰ
ক’ৰোনা অতিমাৰীৰ বাবে পৰীক্ষা হোৱা-নোহোৱাৰ দৰদাম চলি থাকোঁতেই
পৰীক্ষা নোহোৱাকৈয়ে একমাত্ৰ ল’ৰাটোৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তি
কৰোৱাইছোঁ-
পিতৃ-মাতৃৰ দায়িত্ব-দায়বদ্ধতাৰে
তেনেকৈ চালে আধৰুৱা বহু কামেই আছে

এইবাৰ সমূহক উদ্দেশ্যি কোভিডে ক’লে
মোক ভুল নুবুজিব ইবিলাকৰ স’তে মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই
মই দাসৰো দাস আমাক যাবলৈ দিয়ক
পুনৰ বিবেচনাৰ বাবে ইবিলাকৰ কথা ম‍ই মোৰ মালিক সময়ক
সন্মান সহকাৰে ক’ম

কোভিডৰ হাতত ধৰি এতিয়া আমি গৈ আছোঁ ক্ৰমশঃ গৈ আছোঁ
ফলাফল ওলমি আছে
বিবেচনাৰ আলি দোমোজাত - পুনৰ বিবেচনাৰ অন্তহীন অপেক্ষাত॥

 

এতিয়া মোৰ ভীষণ অসুখ

একে সময়তে অথচ বেলেগে বেলেগে
মোৰ হৃদয়লৈ নামি আহিছে
দুখৰ আটাইকেইটা ঋতু
আন্ধাৰ বাটৰ গোটেইকেইখন সেতু

এতিয়া মোৰ ভীষণ অসুখ
নদী, আকাশ, চৰাই অথবা গোলাপ
কোনো আপোনজনেই
এতিয়া মোক প্ৰত্যুষতো নোসোধে
কবিবন্ধু, কেনে আছা
আছানে সেই ঠাইতে কবিতাৰ স’তে

কোনেও এতিয়া মোক নোসোধে
বাণীবদ্ধ কৰা হ’লনে
তোমাৰ জীৱন-গীতবোৰ
কাৰোবাৰ গীতত দিছানে নতুন সুৰ
অথবা বীণাখন আছেনে সযতনে
সেই একেখন হৃদয়তে

এতিয়া মোৰ ভীষণ অসুখ
হৃদয়ৰ চৌপাশে এতিয়া ওলমি আছে
নিৰ্জনতাৰ এখন চোকা মুখ
এতিয়া মোৰ ভীষণ অসুখ॥

 

সপ্তসূৰ্য নামি আহে মোৰ বুকুৰ আন্ধাৰলে’
(মালিতা: পৰম শ্ৰদ্ধেয় শ্ৰীযুত ভবেন বৰাদেৱৰ ৮৭ সংখ্যক ওপজা দিনৰ
উপলক্ষত)

শৈশৱতেই তুমি ফালৰি কাটিবলৈ শিকিছিলা গতানুগতিকতাৰ পৰা
তেতিয়াৰ পৰাই তুমি হৈ আছা একক, অনন্য আৰু অগতানুগতিক
আজি তুমি সগৌৰৱে স্পৰ্শ কৰিছা জীৱনৰ সাতাশী
আজিও নিজস্ব মহিমাৰে মণ্ডিত তুমি
প্ৰণাম হে ভবেন বৰা তোমাক সহস্ৰ প্ৰণাম
অভিনন্দন হে শ্ৰদ্ধাভাজন তোমাক সাদৰ অভিনন্দন

পোহৰপ্ৰয়াসী তোমাৰ যাত্ৰাৰ প্ৰথম সাৰথি তোমাৰ নিজস্ব দুভৰি
উত্তৰণৰ দিশত আজিও অটুট যাৰ প্ৰাণময় বিশ্বাস
সময় সাপেক্ষে সলনি হৈছে তোমাৰ গতিৰ দিশ
সময়ে মাথোঁ সলনি কৰিব পৰা নাই তোমাৰ গতিময় অভিযান

সংলাপৰ মায়াময় পৃথিৱীৰে তোমাৰ সহবাস
তোমাৰ উশাহত সংলাপ, তোমাৰ নিশাহত সংলাপ
কেতিয়াবা ৰণোন্মাদ, কেতিয়াবা শান্ত-সমাহিত, ধীৰ-স্থিৰ
কেতিয়াবা দম্ভ অহংকাৰৰ হিমালয়, কেতিয়াবা ৰোমাণ্টিক
কি আচৰিত!
তোমাৰ নীৰৱতাতো ওলমি থাকে সংলাপৰ মধুৰ সোৱাদ

অভিনয়ৰ সুদক্ষ শৈলীৰে তুমি সহস্ৰাধিক দৰ্শক জিনিলা
একক অনন্য প্ৰতিভাৰে তুমি আমাক মুহিলা
সুনিপুণ খেলুৱৈৰ দৰে কিমান যে খেল খেলিব জানা তুমি
জিকা খেল, হৰা খেল
জিকি জিকি হাৰি যোৱা খেল
হাৰি হাৰি জিকি যোৱা খেল

 

তোমাৰ চিনাকি চুবুৰিটোত
শিক্ষকৰ ৰূপত তুমি অজেয়
শিকাৰুৰ বেশত তুমি একলব্য
অভিনয়-শৈলী আৰু নাট পৰিচালনাৰ ক্ষেত্ৰত তুমি অদ্বিতীয়
সভা পৰিচালনাত তুমি অনন্য
সভাসদ হিচাপে তুমি অতি সক্ৰিয়
সামাজিক-সাংস্কৃতিক বিকাশৰ সাংগঠনিক দিশত
তোমাৰ বৰঙণি অনবদ্য
অতিথি সেৱাত অতুলনীয়
নিষ্পাপ, নিষ্কলুষ তোমাৰ ব্যক্তিত্ব

চিন্তাত চিৰ তৰুণ, চেতনাত নদীৰ দৰে ভৰুণ
তুমি প্ৰজ্ঞাৰ সৰোবৰ, সদা সচেতক সময়ৰ
ত্যাগৰ দধীচি, ধৈৰ্য, সাহস আৰু সহনশীলতাৰ সুউচ্চ শিখৰ

তোমাৰ ভীষণ বাহাদুৰি সেইখিনিতেই
যি সাজেৰেই নহওক কিয় সকলোলৈকে তুমি যাব পাৰা
যি মাতেৰেই নহওক কিয় সকলোকে তুমি মাতিব পাৰা
সম্পদ-বিপদ, ৰোগ-শোক, হেঁপাহ-বিষাদ
যি সুৰতেই নহওক কিয় তুমি সুৰীয়াকৈ গাব জানা
বিহুতলী, সভাথলী, শিক্ষা-সমাজ, সাহিত্য-সংস্কৃতি
আহুতলী, শালিতলী
সকলোতে তোমাৰ অবাধ বিচৰণ
সকলোতে তোমাৰ ইতিবাচক আধিপত্য

বহু গুণৰ আকৰ পৰম শ্ৰদ্ধেয় হে ভবেন বৰা ডাঙৰীয়া
তোমাৰ চকুত চকু থ’লে
সপ্তসূৰ্য নামি আহে মোৰ বুকুৰ আন্ধাৰলে’
মোৰ বিশ্বাস - তোমাৰ স্নেহময় উপস্থিতিত
সপ্তসূৰ্যই নামি আহে তোমাৰ সকলো গুণমুগ্ধৰ হৃদয়লে’॥

 

হেঁচা-ঠেলাৰ মেলা

একোটা সহজ অজুহাততে মেলা বহে
হেঁচা-ঠেলাৰ মেলা
পূজা বুলিয়েই হওক বা বিহু বুলিয়েই
অথবা পূজা-বিহু নুবুলিয়েই

নিজান ভাঙি উজান উঠে
উজাই উজাই ভিৰ কৰে মেলামুখী মানুহবোৰে
ভিৰ ঠেলি ঠেলি মানুহবোৰ উজাই থাকে

মেলা বুলি হাট বহে
বাটে-ঘাটে হাট
ভিৰৰ ফাঁকে-ফাঁকে হাট
সপোনৰ হাট
দাপোণৰ হাট
ৰজাৰ হাট
কণাৰ হাট
হাতত হাত ধৰি হাট হেঁচা-ঠেলাৰ মেলাত

নিজেই নাজানে কিয় যায় অথচ মানুহবোৰ যায়
নিজেই নাজানে কি বিচাৰে অথচ প্ৰত্যেকেই বিচাৰে
ঠাহ খাই থকাবোৰৰ মাজৰ সেইবোৰ – যিবোৰ
সততে পোৱা নাযায় অথচ লাগতিয়াল
নহ’লেও চলি যায় সৰ্বতিকাল অথচ হ’লে ভাল

 

জীৱনৰ সন্ধানত হাট-বাট একাকাৰ কৰাবোৰ
আশাহত হয়
হেঁচা-ঠেলাৰ মেলাত

ক্রমশঃ উজান সামৰি ভাগৰুৱা মানুহবোৰে
ভাটিয়ালী জোৰে
মনৰ নিজানত ।।

অনগ্ৰসৰতা

তোমাক সদায় একেখিনি কথাকে
কৈ থাকিবলগীয়া হোৱাৰ অৰ্থই হৈছে
তুমি সদায় একে ঠাইতে আছা
অৰ্থাৎ তুমি অগ্ৰসৰ হ'ব পৰা নাই
সময়ৰ খোজেৰে
গা বাঢ়িছে সঁচা
কিন্তু সেইমতে বঢ়া নাই মনৰ দৃঢ়তা

সীমাহীন দুর্নীতি, হত্যা, লুণ্ঠন
অপহৰণ, গণধর্ষণ, অসূয়া-অপ্রীতি
আদিৰো কাৰণ এইটোৱেই – অনগ্ৰসৰতা

কি কৰিবা
পৃথিৱীৰ বেছিভাগেই আজিকালি এনেকুৱা
সময় গৈ থাকে অহৰ্নিশে
অথচ মানুহবোৰ ৰৈ থাকে
একেদৰে!

 

সন্তান বিলাস

গোটেই গাঁওখনতে এটা বুবু-বাবা
নোমলৰ ঘৈণীয়েকৰ গাত আকৌ লেঠা

ছোৱালী এজনী আছেই দেখোন
এয়া চাগে’ ল’ৰাৰ সপোন

নিতান্তই দুখ লগা তাৰ অৰ্থনৈতিক অৱস্থা
হাতত দাখন লৈ ওলাই নগ’লে হৰতাল কৰে তাৰ আখলে
ইফালে সপোনটোৰ বাটেৰে বাট নোবোলাকৈ জীয়াই থকাৰো
অনেক সুবিধা আছে

আগৰ দিনত পাঁচ-ছটা সন্তান মানে এখন তামোলৰ বাট
ইয়াৰ পিছতহে পুনৰ বিবেচনা
পুনৰ বিবেচনা কৰে মানে আৰু দুখোজ

এতিয়া সন্তান মানে বিলাস
এতিয়া সন্তান মানে আভিজাত্যিক স্বাভিমান
সন্তান নহ'লে যে বেসুৰীয়া যুৰীয়া জীৱনৰ গান

সন্তান মানে এতিয়া সম্পূৰ্ণ জিৰণি
ইফালে নমাহ সিফালে কমেও ছমাহ
জিৰণি মানে পাৰিলে উশাহটোও নোলোৱাকৈ থাকিব পাৰিলে ভাল

 

নিজৰ মতে সজাই ল’ব পাৰি বাবেই সপোন সুমধুৰ
ব্যক্তিগত মালিকানাধীন বাবেই সপোনৰ ৰং সেউজীয়া
নোমলেও সপোন দেখিছে নোমলেও সপোন খেদিছে
সপোনটো তাৰ বহতীয়া হোৱাটো সি বিচাৰিছে

তথাপি গোটেই গাঁওখনতে বুবু-বাবা
এতিয়াওনো এনে নিধক থাকিব লাগেনে কটা

কথাখিনি গুণাগঁথা কৰি থাকোঁতেই
নোমল জাতীয় কোনোবা এটাৰ চিঞৰ
তই কি বুজিবি বেটা
তোৰতো একমাত্ৰ বোলাটোৱেই ল’ৰা!

প্ৰেম

প্ৰেম এটি শব্দহীন শব্দ
যি ভীষণ শব্দহীনতাৰ সৰ্বত্ৰ
পোহৰ-বিলাসী অজস্ৰ সপোনেৰে
সংপৃক্ত॥

 

চান্দা

মাৰ-বাপেৰৰ তই অবৈধ সন্তান নেকি অ’ চান্দা
তোৰ প্ৰতি সকলোৰে দেখোন একেটাই ধান্দা
তোৰ বৈধতাৰ পক্ষত অনেক যুক্তি
অবৈধতাৰ পক্ষতো কত যে গুণাগঁথা

তই আছ বাবেই হাঁহিমুখে চলি আছে শাসক-বিৰোধী
তই আছ বাবেই বাহাল তবিয়তে আজিও
আন্দোলনকাৰী, উগ্ৰপন্থী, মুক্তিকামী

তই হাঁহিলে বজাৰত আকাশলংঘী জুই জ্বলে
বিনিয়োগকাৰীৰূপী লুণ্ঠনকাৰী ভিৰাই লৰে
তই হাঁহিলে বিকাশৰ সৰ্বস্তৰে উচুপি উঠে

বহুক্ষেত্ৰত তোৰ বাবেই ধৰ্ম, সাহিত্য, সংস্কৃতি
তুৰুপৰ তাচৰ দৰে সঁচাই তই বহুৰঙী
অথচ কি আচৰিত!
পোহৰত তই দেখো সকলোৰে অচিনাকি

চোৰে যদি চোৰৰ ঠেং দেখে
তেন্তে চোৰৰ ঠেং দেখাকেইটাতো চোৰেই হয়
সেইফালৰ পৰা তই দেখোন সকলোৰে আপোন
অথচ পোহৰত সকলোৱে তোক নিচিনো বুলি কয়

পোহৰত তোক চুব নোৱাৰি অথচ তই নুচুলে পোহৰ নহয়
কোনোকালে তোক ধুব নোৱাৰি অথচ তই নহ’লে নদীও নবয়

তই বৈধ নে অবৈধ নাজানো অ’ চান্দা তোৰ শক্তিৰ মহিমা জানো
অতি নিৰ্লজ্জভাৱে দেখিছোঁ মাথোঁ
ভণ্ডামিৰ চূড়ান্ত সীমা অতিক্ৰমি
তোৰ প্ৰতি যে অকৃতজ্ঞ সকলো॥

 

বিছ জুন

প্ৰণাম হে কলাগুৰু
শত সহস্ৰ প্ৰণাম হে বিষ্ণু প্ৰসাদ ৰাভা

শিবিৰে শিবিৰে তোমাৰ সশ্ৰদ্ধ সোঁৱৰণ
শিবিৰে শিবিৰে তোমাৰ জীৱনাদৰ্শৰ চৰ্বিত-চৰ্বণ
ৰজাঘৰে, প্ৰজাঘৰে, মুক্তিকামীৰ চোতালে চোতালে
বিচিত্ৰতা যে তোমাৰ ভূষণ

কি সাংঘাতিক গ্ৰহণযোগ্যতা তোমাৰ
কি সাংঘাতিক মহানুভৱতা তোমাৰ

মৃত্যুৰ পিছত...॥

ধান হালধীয়া গান

ছিঁৰাল ফটাদি ফটা মোৰ বুকুৰ পথাৰলে’
তই বৰষুণ হৈ আহ
হেঁপাহ ঢালি জীপাল কৰি দে গাভৰু-মন

ৰ’দৰ পোহৰেৰে উমলি
মোৰ বুকুৰ ভিতৰৰো ভিতৰৰ সুপ্ত সম্ভাৱনাক
গুণগুণাবলৈ দে ধান-হালধীয়া এটা গান

ছনে থাকিলেই যে আন্ধাৰ
চৌদিশে মাথোঁ আন্ধাৰ॥

 

চিনাকি : জীৱনৰ

নমস্কাৰ
মই ষড়ানন দেৱ নাথ
ঘৰ বামুণবাৰীত - আপোনাসৱৰ নিচেই কাষৰ
ঘৰ এৰি ভাড়াঘৰত আছোঁহি - আপোনালোকৰ চুবুৰিত

ইয়াৰে এখন বিদ্যালয়ত মই শিক্ষকতা কৰোঁ
মোৰ চিনাকি পৃথিৱীৰ বেছিভাগেই
সেয়ে মোক এজন শিক্ষক বুলি জানে
মাজে-সময়ে দুই-এটা কবিতা লিখোঁ
সভা সমিতিবোৰত মাজে মাজে
নিজৰেই দুই-এটা কবিতা আওৰাওঁ
সেয়ে নিকটাত্মীয়সকলে মোক এজন কবি বুলি
জানে, ভাবে বা বিশ্বাস কৰে

আচলতে জীৱিকাৰ তাড়নাত মই এজন শিক্ষক
ভাৱনাৰ তাগিদাত ম‍ই এজন কবি
বিষয়ৰ বাসনাত মই এজন ভাড়াতীয়া

ইয়াৰ উপৰি ম‍ই এজন দুৰ্ধৰ্ষ প্ৰেমিক
নিষিদ্ধতাৰ স’তে মোৰ সম্পৰ্ক অতি নিবিড়

নিষিদ্ধ ৰাতিৰ স’তে মোৰ সহবাস নিয়মীয়া
প্ৰেম-মদিৰাৰে মাতাল হৈ উঠোঁ
মায়াময় সপোনেৰে জীপাল কৰি তোলোঁ
নিষিদ্ধ ৰাতিৰ বলুকা

 

ইয়াৰ বাহিৰে মই এজন হত্যাকাৰী
নিষিদ্ধ প্ৰেমৰ উমাল পৰশত
পোখা মেলা সপোনবোৰ
বাস্তৱ ধিয়াই যেতিয়া উদ্‌গ্ৰীৱ হৈ পৰে
ঠিক তেতিয়াই সিহঁতক ম‍ই হত্যা কৰোঁ নিৰ্দয়ভাৱে
যেন প্ৰেমিকৰ বুকুত হত্যাকাৰীজনহে লুকাই থাকে সন্তৰ্পণে

আচলতে আনে মোক মাতাল প্ৰেমিক আৰু হত্যাকাৰী বুলি জানিলেহে
মই অধিক সুখী
যাক আনে নাজানে

হে সুধী
আপোনাৰ বাৰু হয় নে এনে
আপোনাক যি বুলি ভাবিলে আপুনি অধিক সুখী
সেই বুলি আপোনাক আনে নাজানে
অথচ আপোনাক যি বুলি নাজানিলেও চলি যায়
সেই বুলিহে আপোনাক আনে ভাবে বা জানে।

 

বিহু আহিল বিহু যাবৰে হ’ল
বিহুৱেচোন বিশেষ একোৱেই দি থৈ নগ’ল


সঁচা অৰ্থত এইবেলি গৰু বিহু পালন কৰিবলৈ নহ’ল
হালৰ বলধহাল, গাখীৰতী গাইজনী
পাহোৱাল দমৰাটো, পহুৰঙী চেউৰীজনী
কেতিয়াবাইচোন অতীত হ’ল
অতীত নোহোৱাকৈ নাথাকিল
ভৰা ঘৰৰ অবিচ্ছেদ্য অংগ গোহালিটো

গৰু বিহুৰ বিষাদ গাঁথা গৰুহীন গৃহত

দ্বিতীয়দিনা মানুহ বিহু
মানুহ বিহুত সৰুৱে সেৱা কৰে ডাঙৰক
মানুহ বিহুৰদিনা ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে প্ৰাণ ঢালি
এতিয়াও মনত পৰে
ডাঙৰক সেৱা কৰি
আশিস বুটলিছিলোঁ তাহানিতে

এতিয়া যে ম‍ই আদ বয়সীয়া
বিহু বুলি সেৱা জনাবলৈ সন্মুখত এতিয়া ডাঙৰো আছে
বিহু বুলি আশীৰ্বাদ দিবলৈ সমুখত এতিয়া সৰুও আছে

সেৱা জনাওঁ বুলি জ্যেষ্ঠজনৰ
ভৰি দুখন চুবলৈ আগবাঢ়িলোঁ
উচাপ্‌ খাই উঠিল
হাত-ভৰি আছাৰি হ’ব হ’ব বুলিলে

 

মোৰ অৱস্থাও তথৈবচ
যেতিয়া সেৱা এটা কৰোঁ বুলি
সৰুৱে মোৰ ভৰি দুখন চুব বিচাৰিলে

বাৰুকৈয়ে অনুভৱ কৰিছোঁ
ভৰিবোৰে হেৰুৱাই পেলাইছে ক্রমশঃ
সেৱা গ্ৰহণৰ যোগ্যতা

তৃতীয়দিনা গোসাঁই বিহু
দুদিনৰ হুমুনিয়াহ-সংশয়ৰ বাবে গোসাঁই বিহু দূৰৰ পৰাই চালোঁ

চতুর্থদিনা চেৰা বিহু বুলি
মনতে উচ্চাৰি
সাত বিহু চাৰিতে সামৰি
কর্মথলীলৈ ঢপলিয়ালোঁ

বাকী তিনি বিহুৰ নাম আজিকোপতি নাজানিলোঁ
বাকী তিনি বিহুৰ নাম নজনাকৈয়ে
বিহুক বাপতিসাহোন বুলি পূজি আহিছোঁ ।।

 

ব’হাগ

হাতখন মেলি দিলোঁ
মুঠিত গুজি দিলে এপাহ গোলাপ
চকুত চকু থৈ ক’লে -
এয়াই ব’হাগ॥

আপোন মানুহ

আপোন মানুহবোৰৰ এইটোৱেই বাহাদুৰি
মাত্ৰ এষাৰ কথাতে জিলিকে
সকলোৰে মুখত হাঁহি॥

অ’ মোৰ কথা পাতিব নজনা ছোৱালীজনী

অ’ মোৰ কথা পাতিব নজনা ছোৱালীজনী
তুমিনো কি কথা পাতিব নাজানা
আনে পাতিব নজনা কথাবোৰেই দেখোন
তুমি পাতিব জানা

অ’ মোৰ কথা পাতিব নজনা ছোৱালীজনী
নে কথা পাতিব জনা ছোৱালীজনী॥

 

শিক্ষক আৰু পৰিদৰ্শক

পৰিদৰ্শকৰ পৰিদৰ্শনকালত এদিন এজন ছাত্ৰই
শিক্ষকে প্ৰৰোচিত কৰা অসৎ বাটেৰে নগৈ পৰাজিত হৈছিল
শিক্ষকজন বদনামী হৈছিল
পিছত সেইজন ল’ৰাৰ হাতত ধৰি সুবৃহৎ জাতিটোৱে
মুক্তিৰ বাটেৰে বাট বুলিছিল

ল’ৰাজনৰ নেতৃত্বত দাসত্বৰ বান্ধোনৰ পৰা মুকলি হৈছিল জাতিটো
স্বাধীনতাৰ ৰঙীন নিচান উৰুৱাই ন-চিনাকিৰে উজলি উঠিছিল দেশখন

তাৰো বহুদিন আগতে পৰিদৰ্শকৰ অদেখা উপস্থিতিত
ছাত্ৰপ্ৰেমত অন্ধ হৈ এজন শিক্ষকে
প্ৰিয়তম ছাত্ৰৰ প্ৰতিদ্বন্দ্বীৰ দক্ষিণা লৈ সিজনক পংগু কৰিছিল
শিক্ষকজন বদনামী হৈছিল
আৰম্ভ হৈছিল পক্ষপাত আচৰণ, স্বজন-তোষণৰ ধাৰা

কোনো পৰিদৰ্শনতে কেতিয়াও
অবাটেৰে বাট বুলিবলৈ ষণ্ডামৰ্কই প্ৰৰোচিত কৰা নাছিল প্ৰহ্লাদক
যদিও সিবিলাকৰ বাট সদায়েই আমাৰ অবাট- আন্ধাৰৰ দেওলগা জয়াল বাট
সেয়ে ভাব হয় - আন্ধাৰৰ বাট আপোচহীন - অধিক বিশ্বাসী সদায়েই
আন্ধাৰৰ পৰা ল’বলগীয়া সেইখিনিয়েই

 

আচলতে সকলোৰে পৰিদৰ্শক সময়
সময় কাৰো বাবে নৰয় - সময় কেতিয়াও উভতি নবয়
সময়ে কাকো ক্ষমা নকৰে - সময়ে কাকো ৰেহাই নিদিয়ে
আনকি আই-পিতাইকো

সেইবাবেই সময়ক নিষ্ঠুৰ বুলি কোৱা হয়
সময়ে সদায় সঁচাৰ পক্ষ লয়
সময়ৰ প্ৰেৰণাতেই সকলো বিকশিত হয়

পূৰ্বসূৰীৰ ভুলৰ বাবেই আজিও বদনামী শিক্ষক
সেইবাবেই বিশ্বাস আৰু সংশয়ৰ আলি দোমোজাত
সদায়েই শিক্ষক আৰু পৰিদৰ্শক

যদিও সকলো ছাত্ৰৰ পক্ষত॥

 

পৰিভ্ৰমণ

মোৰ এই আজন্ম পৰিভ্ৰমণ
কেন্দ্ৰত প্ৰিয়াৰ প্ৰাণৰ স্পন্দন
কোনে জানে
এনেকুৱাওতো হ’ব পাৰে
যে এয়াই এক সফল জীৱন॥

 

বিমান বৰা সমীপেষু
(আদ্যশ্ৰাদ্ধ উপলক্ষে মৃত্যুৰ একাদশ দিৱসত শিক্ষক, কবি বিমান বৰালৈ অশ্ৰুসিক্ত
শ্ৰদ্ধাঞ্জলি)


কাৰ হাতত ধৰি তই কবিতা আঁকিবলৈ শিকিছিলি অ’ বিমান বৰা
কাৰ ইংগিতত তই চেঁকুৰাইছিলি ৰণোন্মাদ চিন্তাৰ ঘোঁৰা

ইমান সাৱলীল তোৰ কবিতা অথচ অগতানুগতিক
ইমান গভীৰ তোৰ চেতনা অথচ নিতান্তই সাৱলীল

কিমান কথা যে তই জানিছিলি
বহেমিয়ান জীৱন, ফ্ৰয়েডিয়ান ফিল’শ্বফি
জীৱনত নাছিল তোৰ কোনো শত্ৰু নাছিল কোনো প্ৰতিদ্বন্দ্বী
সেইবাবেই তই বাৰু আঁতৰি যাব পাৰিলি নেকি
পৰিয়াল-পৰিজন, আত্মীয়-স্বজন সকলোকে এৰি
ভাবিলেই আচৰিত লাগে
কিমান কথা যে তই নাজানিছিলি

চিন্তাৰ বোকোচাৰে তয়েইতো মোক বিদেশ ভ্ৰমণ কৰোৱাইছিলি
তই যে মোক দেখুৱাই দিছিলি
আমেৰিকাৰ অৰ্থনীতি
চীন, জাপানৰ অত্যাধুনিক প্ৰযুক্তি
জাৰ্মানীৰ সমাজ-ব্যৱস্থা
গণতন্ত্ৰৰ পয়ালগা গাঁথা

তোৰ যে আদৰ্শ পুৰুষ কাৰ্ল মাৰ্ক্স
স্বল্পভাষী হোৱাৰ পিছতো
তোৰ মুখত আখৈ ফুটাদি যে ফুটিছিল লেনিন, চেগুৱেভাৰা, হোচিমিন
সীতাৰাম য়েচুৰী, বৃন্দা কাৰাট আনকি নেলছন মেণ্ডেলা
জ্যোতি বসুৰ কথা নক’লোৱেইবা

 

তই যে মোক নেদেখুৱালি
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ বিভীষিকা
মহাৰথী জেলেনস্কিৰ দুৰ্ধৰ্ষ সাহসিকতা

জানো সঠিক, মানুহ মৰণশীল
কোনেও নাজানে মৃত্যুৱে কেতিয়া কাক বহতীয়া কৰে
তথাপি - তথাপি দেখোন সহিব নোৱাৰি অ’ বিমান বৰা
তই নোহোৱা হোৱাৰ কথা
তই হেৰাই যোৱাৰ ব্যথা
অকালতে
এবাৰ মাথোঁ চাচোন বিমানহীনতাৰ গৰাহত
তোৰ শিক্ষাৰ্থী আৰু গুণমুগ্ধই কেনেকৈ উচুপিছে

ভাৰতীয় দৰ্শনত মৃতকক হেনো বেয়া পাব নাপায়
মৃতকক বোলে সৰ্বোচ্চ সন্মান দিয়া যায়
ধেৎতেৰি
তই যে আমাক এৰি থৈ গ’লি
কেৱল এই কথাটোৰ বাবেই
তোক কেতিয়াও ভাল পাব নোৱাৰি

শেষত তই মাথোঁ এবাৰ অন্তঃকৰণেৰে অনুভৱ কৰিবি
তোৰ প্ৰতি কিমান ভালপোৱা থাকিলে
এই ভালপোৱা কিমান দৃঢ় আৰু গভীৰ হ’লে
তোক এনেকৈ ইমান বেয়া পাব পাৰি॥

 

হৃদয়ৰ গান

১) প্ৰেম কবিৰ জন্মস্বত্ব
আৱেগসৰ্বস্ব শব্দহীনতাত
জন্ম হয় প্ৰেমৰ উজ্জ্বল নক্ষত্ৰ

ময়ো কবি, তুমি মোৰ পৰম সুহৃদ
নিষ্পাপ শিশুৰ দৰে
মোৰ প্ৰেম - মোৰ অমল ভালপোৱা॥

২) ম‍ই নাজানো, প্ৰেমৰ বাট কেনি
প্ৰেমৰ বাটকেই মাথোঁ ফুৰিছোঁ বিচাৰি

মৃদু চুম্বনেৰে ওপচাই পেলাইছোঁ
প্ৰেমৰ বৰ্ণময় ৰঙীন শৰীৰ
ফলশ্ৰুতিত এতিয়া মোৰ দুচকুত নদী॥

৩) নদীয়ে আজি প্ৰাণ উজাৰি শুনালে
ৰহস্যঘন আসন্ন ঋতুৰ গান
সময়ে আজি মোক সতৰ্ক কৰি ক’লে
গধুৰ সোঁৱৰণিৰ প্ৰধান বৈৰী বৰ্তমান

মোৰ প্ৰিয় কণ্ঠশিল্পী নদী
প্ৰিয় সুগন্ধি সময়॥

৪) তোমাৰ কথা ভাবিলে
ফৰকাল হয় আকাশ
তোমাৰ কথা ক’লে
হৃদয়ত মোৰ ৰিব্‌ৰিব্ বতাহ॥

 

যুদ্ধভূমিৰ কবিতা

যুদ্ধৰ পক্ষত এতিয়া আমি কোনোৱেই নাই
উদ্যত মাৰণাস্ত্ৰৰে সজ্জিত উগ্ৰপন্থীয়েও কয়
তেওঁলোকেও হেনো যুদ্ধ নিবিচাৰে ইচ্ছাকৃতভাৱে
অথচ আমি সকলোৱেই এতিয়া
যুদ্ধই কৰি আছোঁ পূৰ্ণগতিৰে
অবিৰাম, অহৰ্নিশে

নীতি বুলিবলে’ এতিয়া কোনো কথা নাই
আচলতে এতিয়া আমি কোনোৱেই নহয়
কোনো নীতিত বিশ্বাসী
তথাপি আমি নাম দিছোঁ
ৰাজনীতি, সমাজনীতি, ধৰ্মনীতি, অৰ্থনীতি ইত্যাদি
নীতিৰ ঢাল লৈ সকলোৱেই মাথোঁ কৰি আছোঁ
দুৰ্নীতি - কেৱল দুৰ্নীতি

আমি আৰু কিমানবাৰ চলনা কৰিম নিজকে
আমি আৰু কিমানবাৰ আত্মগোপন কৰিম
নিজৰ ভিতৰতে
একো নজনাকৈয়ে আমি আৰু কিমানবাৰ
অভিনয় কৰিম সকলো জনাৰ দৰে

নিজম দুহাতেৰে প্ৰাৰ্থনা কৰিছোঁ হে সময়
তুমি উপহাৰ দিব নোৱাৰানে
এনে এখন সমাজ
যুদ্ধ য’ত নতজানু হয়
য’ত দুৰ্নীতিৰ সলনি মাথোঁ নীতিয়ে বাট লয়॥

 

অনন্ত হেঁপাহ

কথা নাপাতো দিয়া

কথা বুলিলেই বতাহ
কথা বুলিলেই লেঠা

বেৰৰো কাণ থাকে
কাণ বাগৰা কথা
কথা হৈ নাথাকে
ইকাণ সিকাণ ভ্ৰমি ফুৰা কথাই
উশাহ বন্ধ কৰে

কথা নাপাতো দিয়া
তাতোকৈ উশাহকে লওঁ ঘন-ঘনকৈ

বুকুৰ উত্তাপত বিলীন হৈ যাওঁ
পৰস্পৰে পৰস্পৰৰ
পোহৰততো বাদেই
আন্ধাৰতো নিৰন্তৰ

উশাহ মানেইতো জীৱন
জীৱনৰ সফল আয়োজন
উশাহে আঁজুৰি আনে প্রিয়জন
জীৱনৰ বাবে যাৰ প্ৰয়োজন

 

সাম্প্ৰতিক প্ৰেক্ষাপটত জীয়াই থকাটো যে বহুত জৰুৰী
সাধাৰণ লটিঘটিতো দূৰৰ কথা
মৃত্যু পৰ্যন্ত হোৱা দেখিছোঁ বহুতৰ কথাত লাগি

সেয়ে কথা নাপাতো দিয়া
উশাহকে লৈ থাকো

জীয়াই থকাৰ অনন্ত হেঁপাহত॥

 

সমুদ্ৰ মন্থন

আচলতে সাগৰ চাবলৈ আমি নাযাওঁ
সাগৰৰ সাগ্ৰহৰ বাবেহে আমি
সাগৰ তীৰলৈ যাওঁ

সাগৰ যে বৰ আকলুৱা
অহৰহ হাত বাউল দি মাতে
আলিংগনৰ বাবে পাৰলৈ ঢাপলি মেলে
সাগৰে যে আমাৰ বাবে প্ৰাণ দিব পাৰে

নিঃসন্দেহে॥

 

মাতো বুলিয়েই মাতি পেলালা
(শতবৰ্ষ গৰকা প্ৰতিগৰাকী শ্ৰদ্ধেয়ৰ চৰণকমলত)

মাতো বুলিয়েই মাতি পেলালা
একৰ পৰা এশলৈ
অলপো খোকোজা নলগাকৈ

শিশু মুখৰ অলৌগুটি তলৌগুটি
কৈশোৰৰ হুদু গুদু, টাং গুটি, ৰবাব টেঙাৰ বল
বাৰীৰ আম-কঁঠাল-লেতেকু-পনিয়ল
যৌৱনৰ লাজকুৰীয়া হাঁহি, উগুল থুগুল মন

সংস্কাৰ, পৰিবাৰ, সংসাৰ
অৰ্থনৈতিক দীনতা, আলহীৰ গিজ্গিজনি
পুত্ৰ-পৰিবাৰৰ অকাল বিয়োগ
সামাজিক-সাংস্কৃতিক-বৌদ্ধিক দায়বদ্ধতা
আধ্যাত্মিক শিক্ষকৰ ভূমিকা
নাতি-নাতিনীৰে নিষ্পাপ ধেমালি
কৃষ্ণ-সন্ধানী প্ৰাৰ্থনা পুৱা-গধূলি

 

নেওতা গণনাৰ আৰম্ভণি
গণনা অংকৰ আধাৰ, অংকই জীৱন
যোগ-বিয়োগ-পূৰণ-হৰণ
গণনা গতি, অগতি, প্ৰগতিৰ খতিয়ান
বহুলাংশে গণনা জীৱনৰ গান

ইতিমধ্যেই তুমি স্পৰ্শ কৰিছা প্ৰাপ্তিৰ আকাশ
যাৰ ফলশ্ৰুতিত তোমাৰ চুবুৰিত
হেঁপাহৰ সুগন্ধি গোলাপ

মাতো বুলিয়েই মাতি পেলালা জীৱনৰ নেওতাভাগ
একৰ পৰা এশলৈ
অব্যাহত থাকক তোমাৰ হিচাপ আৰু কিছুদিনলৈ॥

 

পকনীয়া

ফুল এপাহো ছিঙো বুলি ছিঙিব নোৱাৰা
তেজ শুহি থকা মহ এটাকো
জোৰকৈ মাৰিব নোৱাৰা
মোৰ দুহাত

অনুভৱ কৰকচোন
কিমান যন্ত্ৰণাদায়ক এই উশাহ
কি হ’ব পাৰে মোৰ কলিজাত
যেতিয়া মোৰ নাম উচ্চাৰিত হয়
হত্যাকাৰীৰ তালিকাত॥

 

স্বৰলিপি
মই আজিও আয়ত্ত কৰিব পৰা নাই
প্ৰেমৰ স্বৰলিপি
যাৰ কমনীয় লহৰত প্ৰতিভাত হয়
জীৱনৰ সেউজ ছবি
তোমাৰ সান্নিধ্যৰ জোনাকত
মই মাথোঁ বাতিল কৰিব পাৰোঁ
পূৰ্ব-নিৰ্ধাৰিত সকলো কাৰ্যসূচী॥

 

অকৰ্তৃত্বশীলভাৱে নিৰ্মিত এটা চৰাইৰ বাহ

আজি কিছুদিনৰ পৰা
গানৰ চৰাই এটিয়ে মোৰ বুকুত বাহ সাজিছে
অকৰ্তৃত্বশীলভাৱে
মই বৰ অসুবিধাত পৰিছোঁ

কথাটো প্ৰথমে তেনেকুৱা নাছিল
তাইৰ নিজস্ব অহা-যোৱাৰ বাটত
অৱসাদগ্ৰস্ত কোনো মুহূৰ্তত
কেতিয়াবা মোৰ বুকুত উশাহ সলোৱাৰ কথা আছিল
মোৰ চকুত চকু থৈ
গান গোৱাৰ সলনি মনে মনে থকাৰ কথাহে আছিল
বাহ সজাৰ কথা কাহানিও নাছিল

আন্তৰিক আবেদন প্ৰত্যাখ্যান কৰাৰ মানসিকতা
স্বাভাৱিকতেই মোৰ নাই
তাতে আকৌ আবেদনকাৰী গানৰ চৰাই

কামটো কথামতে হোৱা হ’লে ইমান অসুবিধা নাছিল
এই যে চকুত চকু থৈ মনে মনে থকাৰ কথা
কথাটো কথাৰ দৰে সহজ নাছিল

তাতে লাই পাই গানৰ চৰাইটিয়ে
টান সকলো কাম কৰি পেলাইছে অনায়াসে দ্বিধাহীনভাৱে
আনকি তাইৰ গৰ্ভত এটা সুৰীয়া গান ৰোপণৰ বাবেও
খাটনি ধৰিছে

 

এটা নতুন গান জন্ম দিয়াৰ প্ৰৱল বাসনাৰে
সপোনে ভৰ দিলে বাহ সজা আনবোৰ চৰাইৰ দৰে
অকৰ্তৃত্বশীলভাৱে তাই মোৰ বুকুত বাহ সাজিছে

মই বৰ অস্বস্তিত পৰিছোঁ
সঁচাকৈয়ে॥

নদী

নদী নাৰীৰ দৰে যি মাতৃ,ভগ্নী অথবা পত্নীৰ দৰে হ’ব পাৰে
সদা-সৰ্বদা নদী গতিময়, স্বাধীন, ৰোমাণ্টিক
নিজস্ব শৈলীৰে যিয়ে নিয়ন্ত্ৰণ কৰে জীৱন-জীৱিকা-সভ্যতা

অভিমানী ঋতুত দিকভ্ৰান্ত হয় নদী
যাৰ ওভতনি সোঁতত সৰ্বস্বান্ত হয় নৈপৰীয়া উলাহ
উদ্দাম নৃত্যৰে যিয়ে দুৰ্দান্ত কৰে প্ৰেমিক মন
গৰ্বিত বুকুত সম্ভাৱনাময় সপোনৰ বীজ লৈ
প্ৰোজ্জ্বলতম হয় প্ৰতীক্ষাৰত পথাৰ
ঋতুৰ শেষত

নদী মানে গতি নে গতি মানে নদী

যাৰ গতিময় কিম্বা নদীময় স্পৰ্শত ফুলে
ৰামধেনুবৰণীয়া প্ৰেমৰ ফুল॥

সখিয়তী ৰ'দ

মোৰ সুখ অসুখৰ স'তে
ওতপ্রোতভাৱে জড়িত
মোৰ কবিতা

মোৰ অসুখত কবিতাই জীয়াতু ভোগে
মোৰ সুখৰ দিনত
কবিতাই কথা পাতে
স্নিগ্ধ জোনাকৰ স'তে

এতিয়া মোৰ অসুখ
কলমৰ মুখেদি এতিয়া বোৱা নাই
সখিয়তী ৰ'দ॥

নিষিদ্ধ এলেকা

নিষিদ্ধ এলেকাত প্ৰৱেশ কৰাৰ
অভ্যাস মোৰ নাই
তথাপি মন যায়
জানিবলে' দূৰৰ পৰাই
কিয়নো ৰহস্যময় সেই ঠাই

নিষিদ্ধতা সম্পৰ্কীয় বিষয়
প্ৰেমৰ বুনিয়াদী পাঠতো নাই॥

এটা সহজ কথা

অভ্যাসবশতঃ চাই অহা ফালেই
তুমি চালা
পৰিস্থিতিৰ তাগিদাত
মইহে আছিলোঁ ইফালে

তুমি নেদেখিলা মোক
মই দেখিলোঁ তোমাক

ইয়াকো দেখিলোঁ
যে তুমি মোলৈ চাইছিলা
মই দেখিলোঁ তোমাৰ হেঁপাহ

আমি নেদেখিলোঁ
পৰস্পৰে পৰস্পৰক

অনুভৱ কৰিলোঁ তোমাৰ নিশাহ
অনুভৱ কৰিলোঁ তোমাৰ হুমুনিয়াহ

তুমি অকলশৰীয়া হ’লা
অকলশৰীয়া হ'ল তোমাৰ চিন্তা
তোমাৰ চেতনা

অকলশৰীয়া হ'লোঁ ময়ো

বহু ক্ষেত্ৰত
মানুহ নিঃসংগতাৰ সংগী হৈ পৰে
অনন্ত সময়ৰ বাবে
এনে একোটা সহজ কথাতে ।।

নিদ্ৰাহীন ৰাতি

সিদ্ধান্ত লোৱাটো কঠিন
সিদ্ধান্তই সলনি কৰে জীৱনৰ গতি
সিদ্ধান্তৰ বাবেই
এৰাসুঁতি হৈ পৰিব পাৰে
ভৰুণ নদী
সময়ৰ নিৰ্দেশত
সমাজে হিচাপ ৰাখে
মাথোঁ সাগৰমুখীৰ॥

জীৱন-জুৱা

য'ত জিকাৰ বাসনা আছে
ত’ত নুই কৰিব নোৱাৰি
হৰাৰ সম্ভাৱনা
য'ত জিকা-হৰা দুয়োটা থাকে
সেয়া যে জুৱাৰ বাহিৰে
আন হ'ব নোৱাৰে
জীৱন
নিঃসন্দেহে এক জুৱা
আমি জুৱাৰী জীৱন-জুৱাৰ॥

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলভ্য।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।