শব্দ
শব্দ
অৰূপ শইকীয়া
প্ৰথম প্ৰকাশ:
৩০ ডিছেম্বৰ ২০২০
প্ৰকাশক
শ্ৰীগুঞ্জন কাকতি
অক্ষৰ বিন্যাস
শ্ৰীদিপজ্যোতি কলিতা, গ্ৰাফিকা
শোণিতপুৰ (অসম) কবি পৰিচয়
(About the poet)
অৰূপ শইকীয়া ৰাজ্যখনৰ এজন আগ শাৰীৰ সাংস্কৃতিক কৰ্মী তথা কবি। অসমৰ পৰা পোন প্ৰথমবাৰৰ কাৰনে তেখেতৰ নিৰ্দেশনা, অনুবাদ আৰু অভিনয়ৰে ইংৰাজী ভাষাত ভাওনা দেশ আৰু বিদেশতো অনুষ্ঠিত কৰিছিল। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেখেতে কেইবাটাও মননশীল কবিতা ইতিমধ্যে প্ৰকাশ কৰিছে। তেনেধৰণৰ কবিতাৰ সংকলনেই হৈছে “শব্দ” নামৰ কবিতা পুঠিখন।
Arup Saikia is a performing artist, poet and cultural enthusiast. He has performed Assamese traditional BHAONA in English for the first time from Assam in various parts of world under his directorship, as actor and translator also. Moreover wrote many Poetry on diverse present & past social scenarios.
‘SABDA' (SOUND) : A collection of Poetry written by Arup Saikia. Realization of oral expression is language. Meaning oriented conversion of sound in written form begets literature. Through day to day upheavals - sustaining morality and principle should be priority of all. This kind of feeling with some imaginative conceptions directed by emotional response very meticulously captured in this book. সূচীপত্ৰ
- ১) শব্দ
- ২) এনেকুৱাই মোৰ জীৱন
- ৩) অসমীয়াৰ সংজ্ঞা
- ৪) চাওলুং চুকাফা
- ৫) উপহাৰ
- ৬) প্ৰকৃতি
- ৭) প্ৰাগজ্যোতিষে ৰিঙিয়াই
- ৮) |সৌন্দৰ্য্য
- ৯) প্ৰৱনতা
- ১০) আবেগৰ জিলিঙনি
- ১১) বুৰঞ্জী
- ১২) নতুন বছৰ
- ১৩) ভালপোৱাৰ অনুভৱ
- ১৪) প্ৰেম আৰু মৃত্যু
- ১৫) শ্বহীদ
- ১৬) Chaolung Sukapha
- ১৭) I am a Poet
- ১৮) Essence of Artist
- ১৯) Sound
- গীতি কবিতা -
- ১) কাষতে তুমি
- ২) নেদেখা নেদেখা
- ৩) জিলিঙনি আবেগৰ
- ৪) সাগৰ নীলা সপোনবোৰ
শব্দ
শব্দ মোৰ বৰ মৰমৰ, বৰ প্ৰতিপাল কৰো শব্দক।
কাৰণ শব্দই মোক জীৱনৰ পূৰ্ণতা দিছে।
অসংখ্য প্ৰশ্নই থকাসৰকা কৰা বিবেকৰ চাকনৈয়াৰ পৰা
শব্দয় জীৱনৰ মৌকোঁহ মথি উলিয়াই আনে।
এটা দুটাকৈ শব্দবোৰ সঁজাই পেলাও।
কেতিয়াবা আগ্নেয়গিৰিৰ দৰে ওলাই অহা
সুপ্ত শব্দয়
নিমিষতে সামাজিক মানচিত্ৰ সলনি কৰে।
বিচিত্ৰ শব্দ, বিচিত্ৰ ইয়াৰ পোচাক
চাই চাই আনন্দত আত্মহাৰা হও,
কোনোবা নিৰ্বাকে যেতিয়া ভংগীমাৰে
শব্দৰ দৃশ্যমান আধাৰ গঠন কৰে।
শব্দ যৌৱন প্ৰাপ্তিও হয়
চাৰিটা চকুৰ বিকিৰণ হৈ বতাহত উৰি ফুৰে,
পৃথিৱীলৈ ঘূৰি আহে
বতৰ বিজ্ঞানীয়ে ইয়াক বসন্ত বুলি কয়।
বৈজ্ঞানিক ভাৱে শব্দৰ ওজন থাকিব লাগে
নহলে এঙাৰৰ ধোৱাৰ দৰে,
আমাৰ মুখবোৰ কলা কৰি পেলায়।
হয়, শব্দক বৰ আলপৈচান ধৰিব লাগে
হাজাৰ দুখৰ প্ৰতিকূল গৰাহতো
সত্যৰ চিকমিকনি থাকে।
দক্ষিন আফ্ৰিকাৰ ৰৱেন দ্বীপ, সংগ্ৰামী মেণ্ডেলাৰ
আকাট্য যুক্তি -
সেইবোৰ ঈশ্বৰীয় শব্দৰ ৰাজআলি।
এনেকুৱাই মোৰ জীৱন
এনেকুৱাই মোৰ জীৱন,
মানসিকতা ভোকাতুৰ হিয়াৰ চেতনা
কেতিয়াবা জ্বলি জ্বলি চেঁচা পৰে।
Phoenix চৰাই হৈ উৰি আহি
বাধাহীন সমৃদ্ধিৰ সূচনা কৰে।
জীয়াই থকাৰ প্ৰতিশ্ৰুতিত কোনোবা বাটৰুৱাৰ
অৰ্থপূৰ্ণ মৃদু মৃদু কণ্ঠই গুণগুনাই।
দেশক, সমাজক, ৰাইজক নতুন বসন্তৰ সোঁৱাদ দি
অ আই বুলি আপোন দেশক সন্মোধন
মাতৃত্বৰ বিৰল আনন্দ,
বিদ্ৰোহৰ ধুমুহাই চুই চাব নোৱাৰে।
জীৱনৰ যেনেকৈ শেষ নাই, দেশৰো তেনেকৈ বৰণ নাই,
খুচৰি আজুৰি, ঘঁহি মচি অতীতলৈ লৈ যায়
অতীতত বৰ্তমানৰ প্ৰতিধ্বনি দেখে।
বৰ্তমানে আবেগ বিহ্বল হৈ ঘূৰি পকি নাঁচি বাগি
তিনিসময়ৰ জীয়াধল নমাই আনে।
সময়ৰ আহ্বানেই মানুহৰ প্ৰত্যাহ্বান
দেশৰ গোলপীয়া ভবিষ্যৎ।
জীৱন আৰু মৰণ কাৰ বাবেনো?
ই এক চুই চাব নোৱাৰা
চিন্তা নায়কৰ সাথঁৰ।
ডাৱৰৰ শুকুলা ভাঁজবোৰ
ধুনীয়া ধুনীয়া ফুলৰ পাহিবোৰ
বৈজ্ঞানিক দৰ্শনৰ বাস্তবিকতাৰ উদ্ধত নহয়।
দিনৰ উজ্জ্বলতা, এন্ধাৰৰ ভাগৰ
পদুমৰ আকুলতাত পানীৰ ধেমালীৰ নিচিনা।
কাঁইটীয়া অজ্ঞানতাত শুই থকাৰ বিলাসীতা
আউল বাউল ভাৱনাৰ ছন্দৰ দৰে।
নতুনক নেওচি পিচলৈ যোৱা মানে
দিশহেৰুৱা গতিপথ -
তথাপি স্বভাৱসিদ্ধ চিন্তাই
প্ৰানকেন্দ্ৰিক আনন্দ আনে
এনেকুৱাই মোৰ জীৱন।
অসমীয়াৰ সংজ্ঞা
অসমীয়া কোন?
অসমীয়াৰ জাতীয় পৰিচয় কোনে ক'ব?
জাতীয়তাবোধৰ ভৌগোলিক পৰিধি আছেজানো!
অসমীয়া ধ্বজাৰে বিশ্বপ্ৰান হোৱা।
কনৌজ, মংমাও, মধ্যএছিয়া প্ৰমুখ্যে প্ৰৱজনৰ
ইতিহাসেৰে সমৃদ্ধ বৃহৎ অসমীয়া জাতি।
নজনাকৈ অসমীয়াৰ সংজ্ঞা বিচাৰি ফুৰো,
মিছিচিপিৰ পাৰৰ কোনোবা মেস্কিকোৰ যুৱকো
অসমপ্ৰেমী হব পাৰে।
জাতীয় অবদানৰ কোনো সংজ্ঞা নাথাকে,
জাতীয় সংজ্ঞা কাৰোৱাৰ জাতীয় দূৰ্বলতা হব পাৰে।
এখোজ দুখোজকৈ যুঁজলৈ আগুৱাই গৈ
প্ৰাণ কাতৰ উভটনি আহ্বানক নেওচা
দেশ প্ৰেমৰ চেতনাৰে উদ্বেলিত কোনো সৈনিকে
কেনেকৈ জাতিৰ ব্যাকৰনিক সংজ্ঞা মানিব।
মংগোলীয়, বনাহিন্দু, মহম্মদীয় সকলো ভিন্ন চেতনাৰে অসমীয়া।
কাৰোবাৰ তথাকথিত অসমীয়া নাম নাথাকিবও পাৰে,
নকবও পাৰে অসমীয়া ভাষা
অসমীয়া সত্ত্বা যদি হৃদয়ত অনবৰতে উপলব্ধি হয়!
জাতিৰ একেই শত্ৰু, মিত্ৰ, একেই আশা
ভিন্ন চেতনাৰে পূৰ্ন - সকলোৰে পৰিচয় অসমীয়া।
সময়ৰ অপব্যৱহাৰৰ নাম অসমীয়া সংজ্ঞা
জাতীয়তাবোধ অনুমতি অবিহনে আহে,
অসমীয়া কোন কৈ যায়।
চাওলুং চুকাফা
অসমীয়া সত্ত্বাৰ প্ৰবৰ্তক, চাওলুং চুকাফা
তোমালৈ আমাৰ মনত পৰিছে
মং মাও প্ৰদেশৰ পৰা ভৰিত মুকুটা পিন্ধি
পাটকাইত দিলাহি সিঁচি।
১২২৮ খ্ৰীষ্টাব্দ,
এটা নতুন জাতিৰ জন্ম হ'ল৷
চাওলুং তোমালৈ আমাৰ মনত পৰিছে।
বান ভগদত্তৰ উত্তৰসূৰী, মহামিলনৰ মূৰ্ত বিকাশ
অপৰাজেয় অসমীয়া।
খণ্ড বিখণ্ড জাতি সত্তা, আজি চুকাফাৰ নৱ আলোকেৰে আলোকিত।
চাওলুং চুকাফা, তোমালৈ আমাৰ মনত পৰিছে
এবাৰ নহয়, দুবাৰ নহয়, সোতৰবাৰ
মোগল সিংহৰ আক্ৰমন প্ৰতিৰোধ কৰিলে
তোমাৰেই পৰিনাতি লাচিত হঁতে।
বহু মোগল অসমতে অসমীয়া হ'ল
শিখ সেনাপতি চৈত্যন সিঙ, আহোম সৈনিক ইছমাইল চিদ্দিক,
তোমালোকেওতো অসমীয়া জাতিক আৰু এখোজ আগলৈ লৈ গ'লা।
ৰংঘৰ বাকৰিত বিহুৰ ৰাজস্বীকৃতি কাৰ?
চাওলুং চুকাফা তোমালৈ আমাৰ মনত পৰিছে,
জাতিৰ সংকটৰ সময়ত, ৰাজনৈতিক অস্থিৰতাৰ বাতাবৰণত
সদায় থাকে তোমাৰ প্ৰাসংগিকতা।
তোমাৰ সমালোচকক আমি কব খোজো,
সাত ৰাজ মাৰি এক ৰাজ কৰা
ৰোমান সম্ৰাটৰ সৌৰ্য্য বীৰ্য
পূৰ্বৰ সূৰ্য্য চাওলুং তোমাৰ মাজতো দেখিছো।
চাওলুং চুকাফা তোমালৈ আমাৰ মনত পৰিছে
আহিবানে আকৌ আমাৰ মাজলৈ?
উপহাৰ
মোলৈ কিবা উপহাৰ আনিছা নেকি?
শিল্পী হিচাপে মোক কি উপহাৰ দিবা?
সময়ৰ নিৰ্মোহ বিশ্লেষনে
তোমাৰ উপহাৰৰ মূল্য নিৰূপন কৰিব।
অনুভূতিৰ আদৰ আছে যদিও
বেছি আলপৈচান ধৰিব নালাগে,
আসৈ পায়।
বন্ধুসকল, সমাজৰ দাপোন হৈ
তোমালোক সুখী নহয় নেকি বাৰু?
ধৈৰ্য্য আৰু বিশ্বাস আধাবাটতে
নাইকীয়া নকৰিবা।
কথাবোৰ কম কম বুলি পাহৰি যাও,
সেইদিনা ডায়েৰিৰ পাত লুতিয়াই লুতিয়াই
কেইবাটাও পাতত আত্ম তৃপ্তিৰ অকাট্য
যুক্তি লিখিছিলো।
কিন্তু অতি উচ্ছাহৰ ঢৌৱেও
যুক্তি কেতিয়াবা নাইকীয়া কৰে,
ফল সকলোৱে ভোগে
তথাপি মোলৈ যি উপহাৰ আনিছা
অনুভূতিৰে সজাই থবই লাগিব।
প্ৰকৃতি
প্ৰকৃতি, তুমি স্থিতপ্ৰজ্ঞ উদাৰ
তোমাৰ প্ৰতি দৰ্শনে আমালৈ জন্মৰ মাদকতা লৈ আনে
বৰষুনে বিলায় দিয়া
আকাশৰ উকা কপালখন চাই
তোমাক বৰ মৰম লাগে।
চিন্তাৰ একা বেকা সুঁতিত,
ভাৱৰ উকমুকনি,
আমি জন্মলগ্নৰে বাট হেৰুৱা পথিক
তোমাৰ এছাটি লৱনুৱ
স্পৰ্ষকাতৰ অনুভূতি ঘূৰাই আনে।
বিজ্ঞানৰ বৰণীয়া আগমনে
তোমাক খুচি খুচি কন্দুৱাই।
আশ্ৰয়দাতা কেতিয়াও পৰাধীন নহয়
তোমাৰ ভাৰসাম্যতা, আমাৰ দায়বদ্ধতা।
মহাসাগৰ, মহাঅৰণ্য আৰু মহাজীৱন
তেজৰ সৈতে একে বৰণৰ
অতিকে একাত্ম।
দৰ্শন মানুহৰ পন্য সামগ্ৰী
কেতিয়াবা দৰ্শনৰ মেলাও পাতে।
পৰিৱেশ সন্মিলন,
দৰ্শন মেলাৰে হয়তো এটা অংশ।
জীৱন সুখদুখৰ ৰচি টনাটনি
জ্ঞানৰ সাধানাৰে জিকাৰ প্ৰচেষ্টা অব্যাহত!
প্ৰাগজ্যোতিষে ৰিঙিয়াই
মোৰ নাম প্ৰাগজ্যোতিষ,
মোৰ তেজৰ কণিকা মিলি
দিহিং, জাঁজি, পাগলাদিয়া ৰাঙলী হয়।
আগ্নেয়গিৰিৰ অঙঠাক অমান্য কৰা
মই অলংঘ্য প্ৰাচীৰ।
দেশৰ স্বাভিমান কোলাত লৈ ফুৰো
অৱমাননাৰ আশংকাত
ৰাজআলি কেতিয়াও নেৰো।
আদৰণীয় ইচ্ছা মৃত্যু শ্বহীদৰ জন্মদাতা
নিমিষতে গ্ৰহণ কৰিব পাৰো।
অক্ষত প্ৰাগজ্যোতিষৰ বিবৰ্তিত অসমীৰূপত
সদায় প্ৰত্যাহ্বান আহে।
ভৰলু, মানাহ, দিচাঙৰ পাৰত
প্ৰতিকূলতাৰ প্ৰশিক্ষন দিও।
আইৰ কেতিয়াও টোপনি নাহে
উশাহত জুই সেৱন কৰে।
সৰলতাৰ বগা পোচাক পিন্ধি
অম্বিকাগিৰি আৰু কমলাকান্তক
জাতীয় মনিকূটত সেৱা জনাও।
আমাৰ বেশেই আমাৰ দেশ
আমাৰ আশাই আমাৰ ভাষা,
বানীকান্ত কাকতিয়ে এতিয়াও গবেষনা কৰিয়েই আছে।
সঁচা সপোন দেখা জাতি প্ৰেমৰ নিচিনা
নিভাজ, নিবিঢ় মনৰ বহিপ্ৰকাশো হব পাৰে
এচাম জাতীয় নায়কৰ দৃশ্য প্ৰদূষনৰ শোভাযাত্ৰা নহয় কিন্তু
আহোমৰ বিশালতা, কোচ সাম্ৰাজ্যৰ প্ৰতিপত্তি আকোৱালী
কাৰ্বি, ডিমাছা, মিচিং, ছুতীয়া, দেউৰী, মৰান, মটক
ভাৱৰ স্বকীয়তা
জাতিসত্ত্বাৰ ঈৰ্ষনীয় অভ্যুত্থান।
মোৰ নাম প্ৰাগজ্যোতিষ।
সৌন্দৰ্য্য
সৃষ্টিৰ সৌন্দৰ্য্য বিচাৰি ঘূৰি ফুৰো
সৌন্দৰ্য্যয় প্ৰেমৰ স্বীকৃতি দিয়ে,
আফ্ৰিকাৰ ভোকাতুৰ কিশোৰৰ আলোকচিত্ৰ
ফালি পেলোৱাটোও এক সৌন্দৰ্য্য।
প্ৰমুল্যবোধৰ মুধচত বহি
শিশুটিক আহাৰ খুৱাও।
চামানকানত নাঁচি থকা কাৰ্বি ছোৱালীয়ে
বাগৰুম্বাৰ তালত লয় মিলাই চালে
দিখৌ নৈৰ পাৰৰ বিহুৱা ডেকাই
দূৰৰ পৰাই ৰ লাগি চাই থাকিল।......
এয়া আটকধুনীয়া অসমৰ সৌন্দৰ্য্য
ৰৈ ৰৈ কেতেকীয়ে বিনাই-
শুনি শুনি মিচিং যুৱতীয়ে তাঁতশালত বুটা বাচে।
নৈয়ে কথা কয়,
পাগলাদিয়া আৰু জাঁজীৰ সুঁতিত
সৌন্দৰ্য্য ধ্বনিত হয়।
প্ৰৱনতা
সপোন আৰু বাস্তবে উজুতি খাই
খেলি মেলি লগালে,
সঁচা আৰু মিছাৰ সীমাত সকলো বন্দী।
মুহূৰ্ততে কেনি যায় গমেই নেপায়,
তাতে জন্ম মৃত্যুৰ গননা কৰি
মাজৰ আচল সময়খিনিৰ
কিমান অপচয়!
ইচ্ছা অনিচ্ছা সচৰাচৰ সংঘটিত প্ৰৱনতা,
সীমা চেৰাই যোৱাতো আশংকা।
ইয়াত আহি সচেতনতা আৰু সাৱধানতাই আকৌ
বৰ আমনি কৰে।
দূৰদৃষ্টি প্ৰতিকাত্মক আশ্বাস
ইয়ালৈ সপোন নাহে।
সোঁতৰ বিপৰীতে গৈ
কিবা এটা চিন্তা কৰিলেও
এটা কুলিৰ মাতত হয়তো
বসন্ত নাহিবও পাৰে।
তপোবল, তপোধন একেৰাহে
লাগি থকাৰ ফল,
এইবোৰে বাধাবোৰ অলংকাৰ কৰি পেলাই।
কামৰো সৌষ্ঠব আনে।
বেলি দুপৰীয়া হ'ল,
এনেকৈয়ে বৰ্তমানৰ সৈতে
আপোন আপোন অনুভৱ!
আবেগৰ জিলিঙনি
আবেগৰ জিলিঙনিত
মনলৈ ব'হাগ আহে।
সোনোৱালী দিনৰ কবিতা ৰচি
পোহৰ হৈ গুচি যাব খোজো।
এন্ধাৰৰ লুকাভাকুত মই ফিৰিঙতি।
অতীতৰ ইমান অনুৰাগী কিহৰ কাৰণে
কৃষ্ণচূড়াৰ ৰঙীন উচ্ছাহৰ তলত
শৈশৱৰ অময়া ধেমালী বিচাৰি পাও।
জীয়াই থকাতো অনুভৱ মাথোঁ
কাৰো সহাঁৰি নিবিচাৰো
মানুহৰ মৰুভূমিত মৰমেই মৰুদ্যান।
ঘূপিকি বিচাৰি ফুৰোতে
শেঁতাপৰা ফুলৰ বিচনাত শুই
কিহৰনো অভিলাসা কৰিম!
আকাশৰ ৰং আৰু পথাৰৰ বতাহে
দুখিত হিয়া উজলাই তোলে
পৃথিৱীখন দেউতাৰ চকুৰে চাও
এনেহেন চাৱনী বাৰু কতনো পাম!
বুৰঞ্জী
যুঁজৰ কাৰনে সাজু হৈ,
বিলাসী পোছাকযোৰ খুলি পেলালো।
আবেগৰ আলপৈচান ধৰা মানুহবোৰৰ
মানসিক ভাৱে নিবনুৱা।
সংকটৰ কথা কৈ ভয় খুওৱা এটা পেছা,
নিচা নহয় কিন্তু।
বুৰঞ্জীক বেছি দূৰ চাবলৈ চচমা পিন্ধা হয়।
চচমাৰ বৰণ অনুসৰি পেছাদাৰী সংকট নিৰ্মাতায়
বেলেগ বেলেগ ৰূপত বুৰঞ্জীক চাই।
নতুন বছৰ
নতুন বছৰ,
নতুন সপোনৰ ৰাজপথ – যৌৱনৰ আমেজ
উভতনি সোঁতত নাও বোৱাৰ প্ৰেৰণা।
মনৰ মুক্তি, প্ৰতিশ্ৰুতিবান বিবেকৰ তাগিদা।
নতুনত্বই জীৱনৰ ওপৰত হোৱা
সীমাহীন কঠিন আতিশয্যতাক ভেঙুচালি কৰি
আগুৱাই যায়-
নিজস্ব স্বতফুৰ্ত গৰিমাৰে ঠন ধৰি উঠে।
কৈ শেষ কৰিব নোৱাৰা
ফুল আৰু কাঁইতৰ সহবস্থানৰ সুন্দৰ আৰম্ভনি।
কাব্যিক চেতনাৰ আত্মপ্ৰকাশ
এনেকৈয়ে হয়...
বছৰবোৰ একো একোটা বাটচ'ৰা,
এখোজ দুখোজকৈ
জীৱনৰ ভিতৰলৈ সোমাই যাও,
কবনোৱাৰকৈ ৰঙা নীলা বোৰ উপলব্ধি কৰো,
আজিৰ দিনটোলৈ সদায় বাট চাই চাই
Calculater টো হাতত লও
সংকল্পৰ নতুন পৰিধি বঢ়াই যাও।
ভালপোৱাৰ অনুভৱ
ভালপোৱাৰ কিমান স্তৰ থাকে বাৰু?
এক, দুই, তিনি ...ওহো........নহয়
তাতকৈয়ো বেছি।
চাই ভাল পোৱাৰ পৰা আৰম্ভ কৰি
এক দীঘলীয়া বাখ্যা।
কোনো ব্যাকৰণ নোহোৱা অনুভুতিয়েই
আচলতে ভালপোৱা।
প্ৰেম আৰু মৃত্যু
প্ৰেম আৰু মৃত্যুৰ দাৰ্শনিক সম্পৰ্ক কি?
প্ৰেম আজন্ম, মৃত্যুৰ পিছতো
ইয়াৰ চিৰস্থায়ী সাৰ্থকতা থাকে।
এনেকুৱা কথাবোৰৰ কাৰনেই
প্ৰেম যুগে যুগে।
শ্বহীদ
অভিমানী মৃত্যু শ্বহীদৰ জন্ম পৰিচয়,
আত্ম তৃপ্তিৰে মৰনক তুলি তালি
ডাঙৰ দীঘল কৰে।
মৌন মানুহৰ চিঞৰ বুজি
বুকুৱে বুকুৱে খলকনি তোলা
আমাৰ ভৱিষৎ সুৰক্ষাৰ নায়ক
হে অভিমানী মৃতক,
বেয়া লাগে তোমক মৃতক বুলি কবলৈ
কাৰণ তুমি ইমানেই অভিমানী
সমাধিতো শুই নাথাকা।
কিয় জানো, বুজিয়েই নাপাও -
গতিশীল প্ৰানৱন্ত, সৰ্বস্ব উজাৰি দেশক ভাল পোৱা জনে
জন্মৰ মিঠা মিঠা গোন্ধ
তৎকালীন ফালিচিৰি নাইকীয়া কৰে।
অৰ্থপূৰ্ণ জীৱনৰ ছন্দ বিচাৰি দৌৰি দৌৰি
জীৱনে ঢুকি নোপোৱা
আত্মিক মহাজীৱনলৈ গতি কৰে।
এটা অধ্যায়ৰ পিছতো
আকৌ এটা নতুন জীৱনৰ আৰম্ভনি
আহঃ কি সুন্দৰ!
মৃত্যৰ পৰা মহামৃত্যু!
হে অভিমানী মৃতক, সেৱা জনাইছো
এইয়া তোমাৰ বাবেই সম্ভৱ।
Chaolung Sukapha
Creator of Assamese sense, Chaolung Sukapha
We are remembering you.
Wearing jewel on legs from Mong Mao
Scattered in Patkai.
on 1228 century
A new community was born.
Chaolung Sukapha, We are remembering you.
Descendants of Ban, Bhagadutta, expressing
great harmony, invincible Assamese,
Fragmented communities, enlightened by new
light of Sukapha.
Chaolung Sukapha, We are remembering you.
Not one, not two times,
Mughal lion attacked seventeen times,
your great grandson Lachit had resisted.
Many Mughals assimilated to Assamese.
Sikh general Chaitanya Singh,
Ahom Soldier Ismail Siddique
You heve taken Assamese community
one step forward.
On the field of Ranghar,
Who has given royal recognition of Bihu?
Chaolung Sukapha, We are remembering you.
During threat to community and political instability,
Your relevance remain strong.
Want to say your critic,
One throne established, demolishing many's.
The valour and courage of Roman Emperors-
The Sun of the east, seen in you also.
Chaolung Sukapha, We are remembering you.
Will you come again?
I am a Poet
I am a Poet,
My Creation is for people
Swimming instantly, acquired ectasy.
Writing lyric with universal appeal
From core of heart.
I am a Poet,
Non compromising conqueror,
Spirited horse of proudy juvenescence,
Able to feel pleasant pride of frontline fighting
Describing about a poet,
Wearing Garland of adverse to interest.
I am a Poet,
Attained new life, going through whirling road of
Creation, destruction, dark, light, war and peace,
But lost again,
Piercing blue sky in search,
Immersed in the sun,
Although rainbow was weeping near
A poet emerged there from colourful dream.
I am a Poet
Life running this way, a poet understands.
Expression is an art,
Greatness of mind awake in sleep also,
Where long thinking, endless expectation, tremendous rigidity
Only beginning.
Lost last address on the way.
Again started from beginning.
I am a Poet
Ambition -
First novel commitment,
Snatched to acquire
Self-investigation takes care of me
This is worth of time.
My enthusiasm for work,
Creation of renaissance.
Because I am a Poet of all the time.
Essence of Artist
Hello Artist,
Don't be insensible to the interest of nation.
Running in veins of humans
Non-seen vibration of mind.
An artist can understand and feel.
Artist builds
Usual feeling of time,
Nobody permits you to break.
Hello Artist,
Light of other's glory
Won't bloom sun flower
Taking off cloths of beautiful moonlight
At last quarter of night
Waiting for the real sun,
Otherwise soldier artist Bishnu Rava
Won't awake.
Hello Artist,
Make your life worthwhile
Search beauty everywhere
Harvest golden crops first,
Panegyric to ruler
Write later in spare time.
Hello Artist,
Literal meaning and grammatical
Explanation of your name,
You never listen
What Jyoti Aggarwal, preacher of beauty, said-
Act in open stage
Understand better without curtain.
Hello Artist,
Perseverance is your boundary,
Never try to cross,
Sitting under delicious date tree
Don't be misguided for greed
Search your real essence.
Sound
Sound is my very adorable, take care ardently.
Because, sound gives me perfection of life.
Sound churns honey of life,
From whirlpool of conscience.
Align the sounds one by one.
Sometimes dormant volcanic sound
Instantly change social fabric.
Unique word, unique its attire,
Seeing and seeing,
Ceaselessly ecstatic
When any dumb visualizes word
With gesture.
Sound attains puberty also.
Rays of four exchanged eyes
Fly in air,
Return to the world.
Meteorologists term it as spring.
Scientifically sound should have weight,
Otherwise charcoal like dark smear our face.
Yeah, sound is worth of adoration.
Sustain dazzling of truth
In deep well of sorrows.
Robben island in South Africa,
Irrefutable charge of revolutionary Mandela
Heavenly thoroughfare of God.
গীতি কবিতা
কাষতে তুমি
কাষতে তুমি, থাকা হাঁহি হাঁহি
নৈয়ে ৰিঙিয়াই, সপোনে হঁহুৱাই
সাগৰ নীলা চাৱনী
মৰম বলীয়া লাৱনী
ভাৱনাৰ বিলাস, খোজে প্ৰতি হাবিয়াস
আহিলে তুমি, লম মই আদৰি
কাষতে তুমি, থাকা হাঁহি হাঁহি
আবেলিৰ ৰং সানি
মাতিলাহা আহি,
বননিৰ কঁপনি, লাজুকীয়া গতি
বুজা নুবুজাৰ, নিবিঢ় ধেমালী।
কাষতে তুমি, থাকা হাঁহি হাঁহি
থাকিবা তুমি, সুখৰ নিজৰা চুমি
সিচৰিৰ্ত যৌৱনৰ, বুলনি চৰা
নিভাজ আদৰৰ, বাটেদি যোৱা
গীতি কবিতা
মৰম বুতলি, ধেমালী কৰা
ফুলসৰে, সুবাস আহে
বতৰীয়া আবেগকে, থাকিম ধৰি
সন্ধিয়াৰ বতাহজকে, কাকনো জোকাই যায়।
নেদেখা নেদেখা
নেদেখা নেদেখা
ঠিকনা বিহীন
জুমি জুমি পম খেদি খেদি
বিচাৰো বিচাৰো, ভাগৰি ভাগৰি
মনৰ বাধা যায় চিঙি
হিয়াৰে কতনা টোকৰ পৰি।
দুয়ো উমলি থকা
সোঁৱৰণী কহুৱা জোপাই
আগভেটি আমনি কৰে।
বাৰিষাৰ জুৰি আহি
চিন্তাৰ খলকনি তুলি
ভাৱনাৰ বতাহে উটুৱাই নিয়ে।
কাৰ বাবেনো থাকো বাট চাই
তেজে বিয়পাই মনৰ আকুলতা
ফাগুণৰ বা উৰনীয়া মন
কলপাতত পিছলে অবুজন মন।
জিলিঙনী আবেগৰ
জিলিঙনি আবেগৰ, মনৰে ব'হাগৰ
সোনোৱালী দিনৰে, কবিতা ৰচি
গুছি যাব খোজো মই, পোহৰ হৈ
এন্ধাৰৰ লুকাভাকু, ফিৰিঙতি মই।
কিহৰনো কাৰনে, অনুৰাগী অতীতৰ
অময়া ধেমালী শৈশৱৰ
কৃষ্ণচুঢ়াৰ ৰঙীন, উছাহৰ ঢলতে
বিচাৰি পাও পুৰণা দিন।
জীয়াই আছো, অনুভৱ মাথোঁ
নিবিছাৰো কাৰো সঁহাৰি
ঘূৰি চাব খোজো আকৌ এবাৰ
লালকাল টোপনি আইৰ সৈতে।
মানুহৰ মৰুভূমি, মৰমেই মৰুদ্যান
ভ্ৰমি ভ্ৰমি বিচাৰি ফুৰো
ফুলৰে বিচনাত, শেতাপৰা পাহিতে
অভিলাসা কিহৰ বঁচো?
আকাশৰ ৰং আৰু পথাৰৰ বা
উজলাই তোলা দুখিত হিয়া
দেউতাৰ চকুৰে, পৃথিৱী চাও
এনেহেন চাৱনী কতেনো পাম?
সাগৰ নীলা সপোনবোৰ
সাগৰ নীলা সপোনবোৰ, দুচকুৰে মৰমবোৰ
হেৰাই যোৱা আশাৰে, সজাও আমি ৰামধেনু
আশাহত জীৱনৰ, মূল্য জানো কিমানৰ
দুচকু মেলি, উৰি যাও আজি।
সাগৰ নীলা সপোনবোৰ, দুচকুৰে মৰমবোৰ
কতেনোবা পামগৈ, বিচাৰি ফুৰি
নহও কাহানিও ভাগৰুৱা, মন যে উতনুৱা
কুৱলীৰ কোলাতে শুই, সেমেকা মনৰে কামনা
সাগৰ নীলা সপোনবোৰ, দুচকুৰে মৰমবোৰ
আতৰি আতৰি চোৱা, ওচৰত হেৰাই যোৱা
সুৱদী মিঠা মাত, শুনি শুনি আকলুৱা
কতনো বন্দী তুমি, সিঁচি দিলা ভাল পোৱা।
সাগৰ নীলা সপোনবোৰ, দুচকুৰে মৰমবোৰ
সময়ৰ পৰিধি ভাঙি, যাবপাৰো কাষ চাপি
লৰালিক চাম জুমি, বয়সক নাচাও জুখি
বাধাহীন মনৰ ছবি, চাইৰও গোপনে আহি।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।