৬ষ্ঠ দৃশ্য ধৃতৰাষ্ট্ৰৰ কক্ষ
[ এখন শয্যাত ধৃতৰাষ্ট্ৰ বহি থাকে। ওচৰত থিয় হৈ গান্ধাৰী ]
| ধৃতৰাষ্ট্ৰ–
|
সি নুশুনে বাণী সি নুশুনে। মোৰ কথা সি নুশুনে।
|
| গান্ধাৰী–
|
কিয় নুশুনিব? অভিমানী হলেও মোৰ দুৰ্য্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা। সি আপোনাৰ কথা শুনিব মহাৰাজ।
|
| ধৃত–
|
আৰু তুমিও তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথাও নুশুনি নেথাকে গান্ধাৰী।
|
| গান্ধাৰী–
|
মই কিমান চেষ্টা কৰি চালো, কিমান বুজালো, কিমান অনুনয় বিনয় কৰিলো সকলো মিছা হ’ল।
|
| ধৃত–
|
আৰু মই বুজোৱা নাই? মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো! কত দিন কাষত বহুৱাই বহুৱাই কেচুৱা লৰাৰ দৰে গাত হাত ফুৰাই কিমান বুজালো, দুৰ্য্যোধন
|
|
|
যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ আমোলাই গুচি গ’ল; মোৰ কথা নেৰাখিলে।
|
| গান্ধাৰী–
|
বিশ্বাস নহয় মহাৰাজ।
|
| ধৃত–
|
কি? [ বিচনাৰ পৰা নামি ওচৰলৈ আহি ] কি বিশ্বাস নহয় গান্ধাৰী?
|
| ধৃত–
|
পুত্ৰ অবাধ্য। আৰু তুমিও দেখিছো। ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী।
|
| গান্ধাৰী–
|
অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি, আপুনিয়েই বেচি দায়ী।
|
| ধৃত–
|
শাস্তি দিয়া ৰাণী। ৰাজৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, শাস্তি দিয়া।
|
| গান্ধাৰী–
|
আঠান্নবৈটা পুত্ৰৰ অকাল মৃত্যু দেখিও যাৰ বুকু নপমিল সেই কাঠচিতীয়া পুৰুষক, সেই কঠোৰ পাষাণক অৱলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ?
|
| ধৃত—
|
পুত্ৰশোকত জৰ্জ্জৰিত হবলৈ কৈছা ৰাণী? হৈছোঁ, বহুত দিনৰ আগতে হৈছোঁ! যিদিনা তুমি, তুমি কৰুণাময়ী জননীয়ে, নিজ গৰ্ভত ধাৰণ কৰা দেৱ-শিশুক, গৰ্ভৰ ভিতৰতে লোৰ মুদ্গৰেৰে মৰিয়াই মৰিয়াই মাংসপিণ্ডত পৰিণত কৰিছিলা, সেই দিনাই সেই দিনাই জৰ্জ্জৰিত হৈছোঁ। আজি আৰু অশ্ৰু টুকিবলৈ নাই ৰাণী; অশ্ৰুনদী
|
|
|
বৈ বৈ শেষ হৈ গ’ল! বুকুৰ চেনেহ নিজৰা শুকাই শুকাই শিলৰ তলি ওলাই পৰিল।
|
[ গান্ধাৰী খঙ্গে-বেজাৰে তলমুৰ কৰি নিমাত ]
| ধৃত—
|
[ অলপ ৰৈ কোমল মাতেৰে ] গান্ধাৰী, গান্ধাৰী।
|
| গান্ধাৰী–
|
[ কঁপা মাতেৰে ] মহাৰাজ—
|
| ধৃত—
|
মতিভ্ৰষ্ট দুৰ্ব্বল বৃদ্ধ মই, অস্থিৰ মগজু। কিবা ক’ম বুলি কিবা কৈ পেলালো; মোক ক্ষমা কৰা ৰাণী।
|
| গান্ধাৰী–
|
সৌৱা দুৰ্য্যোধন আহিছে।
|
| ধৃত—
|
আহিছে? আহিছে? ৰাণী, ৰাণী, মোৰ মূৰ ঘূৰাইছে, স্থিৰেৰে থাকিব পৰা নাই৷ মোক শয্যালৈ নিয়া, শয্যালৈ নিয়া।
|
|
|
[ গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰক বিচনাত শুৱাই অলপ আঁতৰত থিয় দি থাকে। দুৰ্য্যোধনে প্ৰবেশ কৰি গান্ধাৰীক সেৱা কৰে। পাচত ধৃতৰাষ্ট্ৰৰ ওচৰলৈ গৈ ভৰি চুই হাত লগায়। ধৃতৰাষ্ট্ৰ নিমাত নিতাল ]
|
| দুৰ্য্যোধন—
|
আই, মোক বোলে মাতি পঠিয়াইছিলা?
|
| গান্ধাৰী–
|
মাতিছিলো দুৰ্য্যো।
|
| দুৰ্য্যো—
|
কোৱা, কিয় মতালা!
|
| দুৰ্য্যো—
|
আই, তোমাৰ কি হৈছে? নেমাতা কিয়?
|
| দুৰ্য্যো–
|
তেন্তে কোৱাঁ। কুৰুক্ষেত্ৰৰ পৰা তোমাৰ আদেশত লৰি আহিছো আই।
|
| গান্ধাৰী–
|
ক’ম, ক, তই শুনিবি?
|
| দুৰ্য্যো—
|
কোন দিনা তোমাৰ অবাধ্য হৈছো আই?
|
| গান্ধাৰী–
|
তেন্তে, এই যুদ্ধ পৰিত্যাগ কৰ। মোৰ সকলো গ’ল। মাত্ৰ তই আৰু দুঃশাসন আছ, এই যুদ্ধ পৰিত্যাগ কৰ বাচা।
|
| দুৰ্য্যো—
|
আই, আই, কিয় সেই একেটা কথাকে ধৰি আছা?
|
| গান্ধাৰী–
|
কিয় ধৰি আছো! পুত্ৰশোক যে কি, কি বুজাম! ভৰ বয়সতে এটা এটাকৈ দুটা কম এশ সন্তানে মোক এৰি গুচি গ’ল। সিহঁতে মোৰ বুকু শুৱাই আছিল। আজি সেই বুকু উদং হ’বলগীয়া হৈছে। আৰু কিমান সহ্য কৰিম?দুৰ্য্যোধন, মোৰ কথা ৰাখ আৰু যুদ্ধ কৰিব নেলাগে।
|
| দুৰ্য্যো–
|
হে জননী
পৰিহাৰ কৰিলে সমৰ
মৃত্যুৰ পুৰীৰ পৰা
আহিবনে কোৱা মোৰ
মৃত ভাতৃ ঘূৰি?
পৰিহাৰ কৰিলে সমৰ
পাৰিমনে মচিব জননী
কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা।
|
| গান্ধাৰী–
|
নোৱাৰে মচিব কেৱে
বিধিৰ বিধান।
|
|
|
সেই বুলি, আপোন ঘৰত
জ্বলিলে যি ভীষণ অগণি,
আৰু তাক জ্বলিব নিদিবি।
|
| দুৰ্য্যো—
|
যি অগ্নিয়ে,
দহন কৰিলে মোৰ ভ্ৰাতা চেনেহৰ,
যি অগ্নিয়ে,
দহন কৰিলে মোৰ আত্মীয় স্বজন,
সেই অগ্নি, জ্বলক জননী!
হয় যদি দগ্ধ হোক
চিৰ শত্ৰু মোৰ,
নতুবা নিজেই দেহি,
ছাই ভষ্ম হই
উৰি উৰি গুচি যাওঁ পৰ পাৰলই।
|
| গান্ধাৰী–
|
মাতৃৰ আজ্ঞা লঙ্ঘন নকৰিবি পুত্ৰ।
|
| দুৰ্য্যো—
|
সন্তানক অপৰাধী নকৰিবা মাতা।
জানো মই,
বেদবাণী তোমাৰ আদেশ।
কিন্তু, কি কৰিম?
মেলি দিলো তৰী মোৰ
মহা জলধিত,
নাহে ঘূৰি, নোৱাৰো ঘূৰাব,
যদ্যপি নেপায় মাতা
|
| গান্ধাৰী—
|
পাঁচখন গাওঁ মাত্ৰ
খুজিছে পাণ্ডৱে,
তাকে দি নকৰ কিয়
সন্ধি এতিয়াও?
দয়াশীল যুধিষ্ঠিৰ,
ভীমাৰ্জ্জুন নোহে অবুজন;
সাদৰে সন্মতি দিব
সন্ধি প্ৰস্তাৱত।
|
| দুৰ্য্যো—
|
সন্ধি?
কৌৰৱৰ সন্ধি মাতা
পাণ্ডৱৰ সতে?
|
| দুৰ্য্যো—
|
ক্ষতি একো নাই।
কিন্তু,
এই সন্ধিৰ কাৰণে,
যুদ্ধ আয়োজন মোৰ
নাছিল জননী।
এই সন্ধিৰ কাৰণে
লক্ষ লক্ষ বীৰে,
প্ৰাণৰ মমতা এৰি
এৰি প্ৰিয় জন,
|
|
|
নাই কৰা প্ৰাণ দান
উন্মাদৰ দৰে।
মাতা,
জন্ম মোৰ ক্ষত্ৰিয় কুলত;
বীৰ মই চন্দ্ৰবংশী,
ৰাজৰাজেশ্বৰ।
প্ৰাণৰ ভয়ত আজি
কাপুৰুষ হই
পাণ্ডৱৰ চৰণত প্ৰণিপাত কৰি,
সন্ধি ভিক্ষা নকৰোঁ, নকৰোঁ।
শুনা মাতা,
সন্মুখত তুমি মোৰ
আৰাধ্যা গোসানী,
কাষৰ শয্যাত সউ
জন্মদাতা পিতা মোৰ,
উপাস্য দেৱতা। [ ধৃতৰাষ্ট্ৰ চক্ খাই উঠি বিচনাত বহে]
শুনা,
দুইৰো আগত পুনু
কৰোঁ নিবেদন,
যুদ্ধ ত্যেজি পাণ্ডৱক
সূচ্যাগ্ৰ মেদিনী,
প্ৰাণান্তেও নিদিওঁ নিদিওঁ।
|
|
|
হ’ব লগা আছে যদি,
সোণৰ হস্তিনা মোৰ
হো’ক চাৰখাৰ;
দিব লাগে, যদি দিম,
ৰঙ্গা ৰক্ত গাৰ। [বেগেৰে প্ৰস্থানোাদ্যত ]
|
| ধৃত–
|
[ গলগলীয়া মাতেৰে ] পুত্ৰ।
|
| ধৃত–
|
আশীৰ্ব্বাদ কৰোঁ বাচা
হোক যুদ্ধ জয়।
|
| দুৰ্য্যো-
|
পিতৃ পদে মতি যেন
চিৰ দিন ৰয়।
|
| গান্ধাৰী —
|
[ হঠাৎ মুখৰ পৰা ওলাল ]
আৰু যদি হয় পৰাজয়?
|
| দুৰ্য্যো—
|
[ প্ৰণাম কৰি মিচিকীয়া হাঁহিৰে ]
তোমাৰ সন্তান মই,
নাই মৃত্যুভয়।
|