শকুনিৰ প্ৰতিশোধ/প্ৰথম অঙ্ক ৫ম দৃশ্য
অৱয়ব
পঞ্চম দৃশ্য নিৰ্জ্জন পথ
[ গীত গাই গাই বৰাগীৰ প্ৰবেশ ]
( গীত )
সকলো মায়াৰে খেলা
আগতো নেদেখি পাচতো নেদেখি
বুজিব নোৱাৰা লীলা।
নিতে ফুলে ফুল সুবাসেৰে ভৰা
পথী কুলে ধৰে গীতি শুধাজৰা
প্ৰীতি অনুৰাগ সকলো অসাৰ
সকলো মায়াৰে খেলা।
ধন জন দেহা মিছা সকলোটি
মিছা সঁচা বুলি নৰবা সাৱটি
ৰাখা যতনেৰে সঁচা নিধি যিটি
তৰোৱা নিদান বেল৷। [ মালঞ্চ ]
[ গীতৰ অন্তত বৰাগীৰ প্ৰস্থান ]
—পট -