সমললৈ যাওক

শকুনিৰ প্ৰতিশোধ/প্ৰথম অঙ্ক ৪ৰ্থ দৃশ্য

ৱিকিউৎসৰ পৰা


৪ৰ্থ দৃশ্য কৌৰৱ শিবিৰৰ মন্ত্ৰণা কক্ষ
[ বিষণ্ণ মনেৰে দুৰ্য্যোধন আৰু পাচে পাচে
শকুনি আৰু দুঃশাসনৰ প্ৰবেশ]

শকুনি— মন মাৰি থাকিলে আৰু হ’ব কি? ভীষ্ম, দ্ৰোণ যদিও বীৰ আছিল, পক্ষপাতী আছিল। নহলেনো ভীষ্ম হেন বীৰে দহ দিন আৰু দ্ৰোণাচাৰ্য্যই মাত্ৰ পাঁচ দিন যুদ্ধ কৰিয়েই পুলকি পৰেনে? গ’ল গ’ল ভালেই হ’ল। শৌৰ্য্য বীৰ্য্যত কুৰুকুল এতিয়াও হীন হোৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা। বহি নাথাকিবা দুৰ্য্যোধন, বহি নাথাকিবা।
দুৰ্য্যোধন— বহিবৰ সময় ক’ত মামা—

ভাবিছো মাত্ৰ ভাবিছো,
কি শক্তিত বলীয়ান
পাণ্ডৱ সেনানী,
কি শক্তিত বলীয়ান

হই ধনঞ্জয়ে,
পাৰিছে নাশিব মোৰ
বিপুল বাহিনী।

দুঃশাসন– ইয়াত শক্তিৰ কথা নাই দাদা, ই চক্ৰান্ত। চক্ৰান্তকাৰী কূট কলীয়া কৃষ্ণই শিখণ্ডীক অৰ্জ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰালে আৰু “অশ্বত্থমা হত” বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে।
শকুনি— ঠিক কৈছা দুঃশাসন ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। মাত্ৰ চক্ৰান্ত, চক্ৰান্ত!
দুৰ্য্য়োধন– হওক চক্ৰান্ত; এইবাৰ তাক ব্যৰ্থ কৰিম। অঙ্গাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰি–

পৰীক্ষা কৰিম মামা,
পঞ্চ সহোদৰে ধৰে
শকতি কিমান।
পৰীক্ষা কৰিম,
কূটনীতি, ষড়যন্ত্ৰ
কিমান শিকিলে সেই
বাখাল বালকে।

শকুনি— কৰ্ণকো চিনা টান দুৰ্য্যোধন। তেৱোঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে,তেতিয়া?

[ কৰ্ণৰ প্ৰৱেশ ]

কৰ্ণ– তেতিয়া? তেতিয়া কক্ষচ্যুত হব ভানু

মধ্যাহ্নৰ বেলা।
মামা, এতিয়াও ম্লান নোহে
ধৰ্ম্মৰ মহিমা
এতিয়াও পুণ্যৱতী
শ্যাম বসুন্ধৰা।
হ’ব পাৰো সূতপুত্ৰ,
হ’ব পাৰো বিশ্বৰ অস্পৃশ্য,
কিন্তু,
বন্ধু বুলি সখা বুলি যাক
সাবটি ধৰিছো মামা,
শত শত কুৰুক্ষেত্ৰ
সহস্ৰ পাণ্ডৱ.
লক্ষ লক্ষ দৈৱকী নন্দনে,
নোৱাৰে ছিঙিব সেই
বন্ধুত্বৰ ডোল
নোৱাৰে ছিঙিব সেই
প্ৰীতিৰ বান্ধোন।

দুৰ্য্যো— সখা, সকলো জানো।

সেইহে তোমাকে আজি
সেনাপতি পদে
বিভূষিত কৰিব খুজিছো।
দুঃশাসন, ঘোষণা প্ৰচাৰ কৰা
কুৰু-বাহিনীত,

অতি শীঘ্ৰে ৰণ যাত্ৰা
কৰিব লাগিব;
অঙ্গৰাজ হ’ব আহি
সেনাপতি নিজে।
—তাই, ইবাৰ ৰণতো যদি,
পৰাজয় হব লগা আছে—

দুঃশা– অসম্ভৱ!

এইবাৰ ৰণজয় অনিবাৰ্য্য় দাদা।
কৰ্ণ মহাৰথী যদি হয় সেনাপতি;
সমৰত কৃষ্ণাৰ্জ্জুনে প্ৰমাদ গণিব।
আৰু ভীম? তুচ্চ কথা
প্ৰকাশি বিক্ৰম মোৰ
ইবাৰ যুদ্ধত
পৰিচয় দিম তাক
দুঃশাসন কোন!
“দুঃশাসন ৰক্তপান” প্ৰতিজ্ঞা ভীমৰ?
হাঃ হাঃ হাঃ
মূৰ্খ, বধ কৰি সামান্য ৰাক্ষস
পাৰ হলি সীমা তই
আপোন শক্তিৰ।
“দুঃশাসন ৰক্তপান!”
হাঃ হাঃ হাঃ

[ প্ৰস্থান ]

শকুনি– বোপা দুৰ্য্যোধন, মই এটা কথা ভাবিছো, এই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰি পঠিয়াব নোৱাৰিনে! ইয়াক দিহা লগাব পাৰিলেই পাণ্ডৱৰো বুদ্ধিৰ ভূৰুকা উদং, জানি থ’বা।
কৰ্ণ– —মামা, অন্যায় যুদ্ধ এবাৰ কৰিলো; আৰু নকৰো। অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো। সেই হত্যাই শত্ৰু পক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে, শত্ৰু পক্ষক শক্তি দান কৰিলে মাথোন।
দুৰ্য্যো– সখা, শত্ৰু সদায় শত্ৰু। বলে-কৌশলে ন্যায়ে অন্যায়ে সিহঁতক ধ্বংস কৰাই আমাৰ কৰ্ত্তব্য।
কৰ্ণ– অন্যায় সমৰ কৰি,

কুৰুক্ষেত্ৰ কলঙ্কিত
নকৰিবা সখা।
অন্যায় সমৰ কৰি,
শত্ৰুনাশ নোৱাৰা কৰিব!
প্ৰচণ্ড প্ৰতাপী যদি
ৰজা দুৰ্য্যোধনে,
লক্ষ লক্ষ সেনানীৰ সতে,
পঞ্চ ভাই পাণ্ডৱৰ
সন্মুখীন হব খোজে
অন্যায় যুদ্ধত,
ধ্বংস হ’ব কুৰুকুল, এটি পলকতে।

দুৰ্য্যো– [ ভাবি ] সত্য কথা।

শৈশৱৰে পৰা,
উচ্ছেদ সাধিম বুলি
পঞ্চ পাণ্ডৱৰ,
কত চেষ্টা কৰি চালোঁ,
তথাপি আজিও দেখো
পাণ্ডৱ জীৱিত।
নিৰ্ম্মানিলো জতু গৃহ,
প্ৰয়োগিলো হলাহল বিহ
আৰু কত মৃত্যুপুৰী
কৰিলো ৰচনা,
—আঁতৰতে উৰি গ’ল
ষড়যন্ত্ৰ ঘোৰ।
সত্য কথা সখা,
ৰূদ্ৰ ৰূপ ধৰি মোৰ কুৰু বাহিনীয়ে,
কুৰুক্ষেত্ৰ সমৰত
কৰোক প্ৰবেশ,
অন্যায়ৰ নাই প্ৰয়োজন।
শক্তিহীন নোহে দুৰ্য্যোধন
এতিয়াও বৰ্ত্তমান,
কৰ্ণ, দুঃশাসন!  [প্ৰস্থান]

কৰ্ণ– ধ্ৰুব সত্য।

বীৰে মাথো ধৰ্ম্ম যুদ্ধ কৰি আৱাহন,
জয়ী হয় কিম্বা কৰে
মৃত্যু আলিঙ্গন। [ প্ৰস্থান ]

শকুনি– আজি ধৰ্ম্ম লাগে, পুণ্য লাগে, সকলো লাগে! অত দিন কত আছিল৷ দুৰ্য্যোধন কত আছিলা! পাশা খেলত ধৰ্ম্মলৈ মনত নপৰিল। ৰজস্বলা দ্ৰৌপদীক বিবস্ত্ৰা কৰোতে ধৰ্ম্মলৈ মনত নপৰিল! মোৰ বৃদ্ধ পিতা, এটা এটাকৈ নিৰান্নবৈটা ভাতৃ অন্ধকাৰ কাৰাগাৰত, এমুঠি অন্নৰ কাৰণে হাঁহাকাৰ কৰি মৰিবৰ সময়ত ধৰ্ম্মলৈ মনত নপৰিল? আজি ধৰ্ম্ম লাগে! ধৰ্ম্ম লাগে! ধৰ্ম্ম লাগে! হাঃ

হাঃ হাঃ। [ প্ৰস্থান ]

—পট—