শকুনিৰ প্ৰতিশোধ/প্ৰথম অঙ্ক ৪ৰ্থ দৃশ্য
৪ৰ্থ দৃশ্য কৌৰৱ শিবিৰৰ মন্ত্ৰণা কক্ষ
[ বিষণ্ণ মনেৰে দুৰ্য্যোধন আৰু পাচে পাচে
শকুনি আৰু দুঃশাসনৰ প্ৰবেশ]
| শকুনি— | মন মাৰি থাকিলে আৰু হ’ব কি? ভীষ্ম, দ্ৰোণ যদিও বীৰ আছিল, পক্ষপাতী আছিল। নহলেনো ভীষ্ম হেন বীৰে দহ দিন আৰু দ্ৰোণাচাৰ্য্যই মাত্ৰ পাঁচ দিন যুদ্ধ কৰিয়েই পুলকি পৰেনে? গ’ল গ’ল ভালেই হ’ল। শৌৰ্য্য বীৰ্য্যত কুৰুকুল এতিয়াও হীন হোৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা। বহি নাথাকিবা দুৰ্য্যোধন, বহি নাথাকিবা। |
| দুৰ্য্যোধন— | বহিবৰ সময় ক’ত মামা—
ভাবিছো মাত্ৰ ভাবিছো, |
হই ধনঞ্জয়ে, |
| দুঃশাসন– | ইয়াত শক্তিৰ কথা নাই দাদা, ই চক্ৰান্ত। চক্ৰান্তকাৰী কূট কলীয়া কৃষ্ণই শিখণ্ডীক অৰ্জ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰালে আৰু “অশ্বত্থমা হত” বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে। |
| শকুনি— | ঠিক কৈছা দুঃশাসন ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। মাত্ৰ চক্ৰান্ত, চক্ৰান্ত! |
| দুৰ্য্য়োধন– | হওক চক্ৰান্ত; এইবাৰ তাক ব্যৰ্থ কৰিম। অঙ্গাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰি–
পৰীক্ষা কৰিম মামা, |
| শকুনি— | কৰ্ণকো চিনা টান দুৰ্য্যোধন। তেৱোঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে,তেতিয়া? |
[ কৰ্ণৰ প্ৰৱেশ ]
| কৰ্ণ– | তেতিয়া? তেতিয়া কক্ষচ্যুত হব ভানু
মধ্যাহ্নৰ বেলা। |
| দুৰ্য্যো— | সখা, সকলো জানো।
সেইহে তোমাকে আজি |
অতি শীঘ্ৰে ৰণ যাত্ৰা |
| দুঃশা– | অসম্ভৱ!
এইবাৰ ৰণজয় অনিবাৰ্য্য় দাদা। |
[ প্ৰস্থান ]
| শকুনি– | বোপা দুৰ্য্যোধন, মই এটা কথা ভাবিছো, এই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰি পঠিয়াব নোৱাৰিনে! ইয়াক দিহা লগাব পাৰিলেই পাণ্ডৱৰো বুদ্ধিৰ ভূৰুকা উদং, জানি থ’বা। |
| কৰ্ণ– | —মামা, অন্যায় যুদ্ধ এবাৰ কৰিলো; আৰু নকৰো। অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো। সেই হত্যাই শত্ৰু পক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে, শত্ৰু পক্ষক শক্তি দান কৰিলে মাথোন। |
| দুৰ্য্যো– | সখা, শত্ৰু সদায় শত্ৰু। বলে-কৌশলে ন্যায়ে অন্যায়ে সিহঁতক ধ্বংস কৰাই আমাৰ কৰ্ত্তব্য। |
| কৰ্ণ– | অন্যায় সমৰ কৰি,
কুৰুক্ষেত্ৰ কলঙ্কিত |
| দুৰ্য্যো– | [ ভাবি ] সত্য কথা।
শৈশৱৰে পৰা, |
| কৰ্ণ– | ধ্ৰুব সত্য। |
বীৰে মাথো ধৰ্ম্ম যুদ্ধ কৰি আৱাহন, |
| শকুনি– | আজি ধৰ্ম্ম লাগে, পুণ্য লাগে, সকলো লাগে! অত দিন কত আছিল৷ দুৰ্য্যোধন কত আছিলা! পাশা খেলত ধৰ্ম্মলৈ মনত নপৰিল। ৰজস্বলা দ্ৰৌপদীক বিবস্ত্ৰা কৰোতে ধৰ্ম্মলৈ মনত নপৰিল! মোৰ বৃদ্ধ পিতা, এটা এটাকৈ নিৰান্নবৈটা ভাতৃ অন্ধকাৰ কাৰাগাৰত, এমুঠি অন্নৰ কাৰণে হাঁহাকাৰ কৰি মৰিবৰ সময়ত ধৰ্ম্মলৈ মনত নপৰিল? আজি ধৰ্ম্ম লাগে! ধৰ্ম্ম লাগে! ধৰ্ম্ম লাগে! হাঃ
হাঃ হাঃ। [ প্ৰস্থান ] |
—পট—