সমললৈ যাওক

শকুনিৰ প্ৰতিশোধ/প্ৰথম অঙ্ক ১ম দৃশ্য

ৱিকিউৎসৰ পৰা

শকুনিৰ প্ৰতিশোধ
প্ৰথম অঙ্ক
১ম দৃশ্য :— যুদ্ধ ক্ষেত্ৰৰ অদূৰ প্ৰান্তৰ।

[সময় অপৰাহ্ণ; ক্ষুধাৰ্ত্ত বাঘৰ দৰে লোলুপ দৃষ্টিৰে শকুনিৰ প্ৰবেশ]

শকুনি— ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা সৌ অদূৰত। দুৰ্য্যোধন, তুমি ৰাজৰাজেশ্বৰ আৰু ম‍ই দীন-হীন অন্নসেৱী। তুমি শত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ, আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ? তোমাতে মোতে ইমান প্ৰভেদ; অথচ ইমান আপোন! তুমি মোৰ মৰমৰ ভাগিন, আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল! [ক্ৰুদ্ধ দৃষ্টিৰে চাই] আৰু বেচিপৰ নাই! দিগন্ত প্ৰসাৰি লহ-লহ জিহ্বা মেলি অগ্নি জ্বলি উঠিছে; এটি দুটি কৰি পতঙ্গ জাপ দিছে! কাৰো সাধ্য নাই তাক নিবাৰণ কৰে, কাৰো সাধ্য নাই তাক নিৰ্ব্বাপিত কৰে!

[গীত গাই গাই এটা বৰাগীৰ প্ৰবেশ আৰু গীতৰ এটা কলি গাই প্ৰস্থান]

[বৰাগীৰ গীত]

নভ জল স্থল কৰি বিমোহন
 বাজে কিনো গীতি ধীৰে ধীৰে ধীৰে,

চিৰ অভিনৱ উঠে অবিৰাম
অসীম বিয়পি ধীৰে ধীৰে ধীৰে।
ৰবি শশী তৰা হয় জ্যোতি-হৰা
নিখিল ভুবন আপোন পাহৰা
কালে ভোল যায়, সীমা পৰে ধৰা
শুনি সেই গীতি, ধীৰে ধীৰে ধীৰে।
বিশ্ব-জগতে বিভোল চিতেৰে
প্ৰকাশ বিকাশ লয়ৰ তালেৰে
নিতে নৱ নৱ মহিমা বিতৰে
নিয়তি গীতিৰ, ধীৰে ধীৰে ধীৰে। [মালঞ্চ]

কুনি মুৰ্খ মানব, তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ? মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সঙ্গীতৰ সুধা ঢালিছ? নহয়, ঠিক কৰিছ! আনন্দ কৰ, আনন্দ কৰ! হস্তিনাপুৰ যায়, দুৰ্য্যোধন যায়, কুৰুকুল যায় যায়! উৎসৱ কৰ মহোৎসৱ কৰ— [প্ৰস্থানোদ্যত )

[শল্যৰ প্ৰবেশ]

শল্য— মামা, মামা, কিহৰ উৎসৱ?
শকুনি— যুদ্ধ জয়ৰ উৎসৱ।
শল্য— কি কৈছা মামা?
শকুনি— কৈছো, আজি দ্ৰোণাচাৰ্য্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে; পাণ্ডৱ বিভঙ্গে পলাইছে।
শল্য— দ্ৰোণাচাৰ্য্য আৰু নাই মামা! খৃষ্টদ্যুম্নৰ হাতত নিহত :

আমি পৰাজিত।

শকুনি— তুমি সুন্দৰ মিছা কথা ক’ব জানা শল্য।
শল্য— মিছা নহয় মামা, ই সত্য।
শকুনি— সত্য! অ্যাঁ-ই কি শুনিলো দ্ৰোণাচাৰ্য্য হত! কৌৰৱ পৰাজিত! ই কি শুনিলো! অহ-হ-হ [ বহি পৰে ]
শল্য— বেজাৰ কৰিলে আৰু কি হ'ব?—
শকুনি— কি বেজাৰ কৰাৰ কথা কৈছা শল্য!আজি মোৰ বুকু ভাগি গ’ল! চকুৰ আগত অন্ধকাৰ দেখিছোঁ! মোক কি শুনালাহি শল্য, মোক কি শুনালাহি?
শল্য— ধৈৰ্য্য নেহেৰুৱাবা মামা! তুমি অধৈৰ্য্য হ’লে দুৰ্য্যোধনক

কোনে শান্তনা দিব!

শকুনি— [ বহাৰ পৰা উঠি ] ঠিক কৈছা শল্য, মই অধৈৰ্য্য হোৱা অনুচিত। এতিয়াও সময় আছে, এতিয়াও আমাৰ শক্তি-সামৰ্থ্য আছে। [ ভাবি ] ম‍ই এতিয়া বুজিব পাৰিছোঁ,এতিয়া বুজিব পাৰিছোঁ! ওঁ! ইয়াৰ ভিতৰত কথা আছে,

কথা আছে! বাৰু যক। এইবাৰ তুমি সেনাপতি হব লাগিব। তুমি, পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু প্ৰিয়শিষ্য অৰ্জ্জুনৰ গুৰু দ্ৰোণাচাৰ্য্য নোহোৱা। তুমি শল্য,তুমি পাৰিবা।

শল্য— এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয়-ধ্বজা উৰাৱ পাৰো মামা! কিন্তু –
শকুনি— আৰু কিন্তু নাই। তুমি সেনাপতি হবই লাগিব। কাৰো বিশ্বাস নাই শল্য, কাৰো বিশ্বাস নাই। তুমি দুৰ্য্যোধনৰ মান ৰক্ষা কৰিব লাগিব। কোৱা, কৰিবা?
শল্য— [ বুকু ফিন্দাই ] কৰিম মামা। অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আহিছিলো, আৰু নকৰো। সেনাপতি হৈ শুনা মামা, পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মচি পেলাম।
শকুনি — তুমি পাৰিবা, তুমি পাৰিবা, তুমি পাৰিবা!
শল্য— কিন্তু কৰ্ণ? কৰ্ণক যদি মহাৰাজে সেনাপতি—
শকুনি— কৰ্ণক? কৰ্ণও আকৌ বীৰ? সেইবাবে কোনো চিন্তা নাই শল্য, আঁহা। [স্বগতঃ] মূৰ্খ, তয়ো পতঙ্গ, তয়ো যাবি।

[ দুইৰো প্ৰস্থান। বিপৰীত ফালৰ পৰা বৰাগী আহি আগেয়ে গোৱা গীতৰ বাকী অংশ গাই প্ৰস্থান কৰে। ]

—পট—