৬ষ্ঠ দৃশ্য—পাণ্ডৱশিবিৰৰ এটা কক্ষ
[ উদ্ভ্ৰান্ত হৈ হাতে-মুখে তেজেৰে ভীমৰ প্ৰৱেশ ]
| দ্ৰৌপদী—
|
ইকি! ইকি! গোটেই গাত তেজ! আপুনি আহত হৈছে।
|
| ভীম—
|
আহত হোৱা নাই; নিহত হৈছে! নিহত হৈছে!
|
| দ্ৰৌপদী—
|
আপুনি কি কৈছে? গোটেই গাত তেজ, অথচ— অথচ—
|
| ভীম—
|
ভয় নকৰিবা প্ৰিয়ে, উন্মাদ হোৱা নাই। নৰৰক্ত পান কৰি আহিছোঁ আৰু এয়া ৰক্ত তোমালৈ লৈ আহিছোঁ।
|
| দ্ৰৌপদী—
|
নৰৰক্ত পান কৰিছে! কাৰ ৰক্ত?
|
| ভীম—
|
ভ্ৰাতৃৰ, স্নেহৰ ভ্ৰাতৃৰ!
|
| দ্ৰৌপদী—
|
ভ্ৰাতৃৰ! ভ্ৰাতৃৰ!! ( ভয়ত পিচ হুইকি ) ভগবান্, ভগবান্, এইবোৰ কি শুনাইছা, কি দেখুৱাইছা!
|
| ভীম—
|
মাতা, মাতা, উচ্চকণ্ঠে ভগবানক মাতা। আকুল প্ৰাণে, শুদ্ধচিত্তে কোৱাঁ, ভগবান্ তুমি আছা, তুমি আছা।
|
(ভীম দ্ৰৌপদীৰ ফালে এখোজ আগ বাঢ়ে)
| দ্ৰৌপদী—
|
কি তুমি মোকো হত্যা কৰিবা? কৰা, কৰা প্ৰভু চিৰ অভাগিনী মই, মোকো হত্যা কৰা।
|
| ভীম—
|
কৰিম কৃষ্ণা, তোমাকো হত্যা কৰিম। আহাঁ আজি মুক্তকেশী পাঞ্চালীক হত্যা কৰি, বিষন্নবদনা দ্ৰোপদ-নন্দিনীক হত্যা কৰি লাঞ্ছিতা, অপমানিতা যাজ্ঞসেনীক হত্যা কৰি, তাৰ পৰিবৰ্ত্তে [কৃষ্ণাক ধৰি] পাণ্ডৱৰ জয়লক্ষ্মীক, ভাবী ভাৰতৰ অধিশ্বৰীক, হাস্য মুখৰিতা,চিৰ প্ৰফুল্লিতা কৰোঁ, যাজ্ঞসেনীক প্ৰতিজ্ঞা মুক্ত কৰি,কৃষ্ণাৰ উন্মুক্ত কৃষ্ণ কেশ আজিৰ পৰা বেণীযুক্ত কৰোঁ।
|
[তেজ চুলিত সানি হাতত ধৰি লৈ যায়]