সমললৈ যাওক

শকুনিৰ প্ৰতিশোধ/দ্বিতীয় অঙ্ক ৬ষ্ঠ দৃশ্য

ৱিকিউৎসৰ পৰা


৬ষ্ঠ দৃশ্য—পাণ্ডৱশিবিৰৰ এটা কক্ষ
[ উদ্‌ভ্ৰান্ত হৈ হাতে-মুখে তেজেৰে ভীমৰ প্ৰৱেশ ]

ভীম— কৃষ্ণা! কৃষ্ণা!

[দ্ৰৌপদীৰ প্ৰবেশ]

দ্ৰৌপদী— ইকি! ইকি! গোটেই গাত তেজ! আপুনি আহত হৈছে।
ভীম— আহত হোৱা নাই; নিহত হৈছে! নিহত হৈছে!
দ্ৰৌপদী— আপুনি কি কৈছে? গোটেই গাত তেজ, অথচ— অথচ—
ভীম— ভয় নকৰিবা প্ৰিয়ে, উন্মাদ হোৱা নাই। নৰৰক্ত পান কৰি আহিছোঁ আৰু এয়া ৰক্ত তোমালৈ লৈ আহিছোঁ।
দ্ৰৌপদী— নৰৰক্ত পান কৰিছে! কাৰ ৰক্ত?
ভীম— ভ্ৰাতৃৰ, স্নেহৰ ভ্ৰাতৃৰ!
দ্ৰৌপদী— ভ্ৰাতৃৰ! ভ্ৰাতৃৰ!! ( ভয়ত পিচ হুইকি ) ভগবান্, ভগবান্, এইবোৰ কি শুনাইছা, কি দেখুৱাইছা!
ভীম— মাতা, মাতা, উচ্চকণ্ঠে ভগবানক মাতা। আকুল প্ৰাণে, শুদ্ধচিত্তে কোৱাঁ, ভগবান্ তুমি আছা, তুমি আছা।

(ভীম দ্ৰৌপদীৰ ফালে এখোজ আগ বাঢ়ে)

দ্ৰৌপদী— কি তুমি মোকো হত্যা কৰিবা? কৰা, কৰা প্ৰভু চিৰ অভাগিনী মই, মোকো হত্যা কৰা।
ভীম— কৰিম কৃষ্ণা, তোমাকো হত্যা কৰিম। আহাঁ আজি মুক্তকেশী পাঞ্চালীক হত্যা কৰি, বিষন্নবদনা দ্ৰোপদ-নন্দিনীক হত্যা কৰি লাঞ্ছিতা, অপমানিতা যাজ্ঞসেনীক হত্যা কৰি, তাৰ পৰিবৰ্ত্তে [কৃষ্ণাক ধৰি] পাণ্ডৱৰ জয়লক্ষ্মীক, ভাবী ভাৰতৰ অধিশ্বৰীক, হাস্য মুখৰিতা,চিৰ প্ৰফুল্লিতা কৰোঁ, যাজ্ঞসেনীক প্ৰতিজ্ঞা মুক্ত কৰি,কৃষ্ণাৰ উন্মুক্ত কৃষ্ণ কেশ আজিৰ পৰা বেণীযুক্ত কৰোঁ।

[তেজ চুলিত সানি হাতত ধৰি লৈ যায়]

—পট—