সমললৈ যাওক

শকুনিৰ প্ৰতিশোধ/দ্বিতীয় অঙ্ক ৫ম দৃশ্য

ৱিকিউৎসৰ পৰা


৫ম দৃশ্য - যুদ্ধক্ষেত্র
[ শকুনি আৰু দুঃশাসনৰ প্ৰৱেশ ]

শকুনি— দুঃশাসন, আজি তোমাৰ পৰীক্ষাৰ দিন। কৌৰৱেশ্বৰ দুৰ্য্যোধনৰ শ্ৰেষ্ঠ ভ্রাতা তুমি, বৃকোদৰ যোগ্য প্রতিদ্বন্দী। এই গদাৰ আঘাতত ৰাক্ষস ভীমৰ শিৰ চূৰ্ণ কৰি তাৰ আশুৰিক লীলা খেলাৰ আজিয়েই শেষ কৰিব লাগিব ।
দুঃশাসন— সন্দেহ কৰিছা মামা ? দুঃশাসনৰ প্ৰতাপ তুমি দেখা নাই ? স্বৰ্গৰ দেৱৰাজ যাৰ ভয়ত কম্পমান, পাতালৰ বাসুকী যাৰ ভয়ত মূর্ছিত, সেই দুঃশাসনৰ আগত ভীম কোন ?

( ভীমৰ প্ৰৱেশ )

ভীম— ভীম, তোৰ যম! পাপিষ্ঠ নৰাধম, কুলৰ কণ্টক, ইষ্ট দেৱতাক স্মৰণ কৰ। [ শকুনিক ] আৰু তই, চক্ৰান্তকাৰী ৰাজদ্ৰোহী গান্ধাৰ পুত্ৰ। তয়েই⸺
শকুনি— [ ভয় কৰা যেন দেখুৱাই ] ম‍ই নহওঁ বৃকোদৰ, মই নহওঁ। মই ৰজস্বলা দ্ৰৌপদীৰ চুলিত ধৰা নাই, একবস্ত্ৰা সতীক

ৰাজসভাত বিবস্ত্ৰা কৰিব খোজা নাই, মোৰ বক্ষ-ৰক্ত পান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাই। তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য ৰাজভ্ৰাতা এই দুঃশাসন। দুঃশাসন, কি চাই আছা? দেবৰাজ তোমাৰ ভয়ত কম্পিত, বাসুকী মূৰ্চ্ছিত, ভীমৰ গৰ্ব্বচূৰ্ণ কৰা, পাণ্ডৱৰ শক্তি লোপ কৰা।   [ প্ৰস্থান ]

ভীম— [ গৰ্জ্জি] দুঃশাসন, ক্ষত্ৰ কুলাধম হেৰ

পাপিষ্ঠ পামৰ,
পাৰ যদি ৰক্ষা কৰ
শোণিত বক্ষৰ! [ অগ্ৰসৰ হয় ]

দুঃশা— চূৰ্ণ কৰো ময়ো তোৰ

নিষ্ফল দম্ভৰ।
(যুদ্ধ কৰি কৰি দুইৰো প্ৰস্থান; বিপৰীত
ফালৰ পৰা শকুনিৰ প্ৰবেশ )

শকুনি— ক’ত ভীম? ক’ত দুঃশাসন!

সৌৱা, সৌৱা,-
গদাই গদাই হ’ল মহা সংঘৰ্ষণ

 [ ওপৰলৈ চাই ] পিতা, পিতা,
 ক্ষন্তেক অপেক্ষা কৰা
 নাই বেচিক্ষণ,
 শত্ৰু শোণিতেৰে অৰ্ঘ্য কৰিম তৰ্পণ।   [প্ৰস্থান]

[ যুদ্ধ কৰি ভীম আৰু দুঃশাসনৰ প্ৰৱেশ; গদাৰ প্ৰহাৰত দুঃশাসন বাগৰি পৰে; ভীমে বুকুৰ ওপৰত বহি ]

ভীম— দুৰ্ব্বৃত্ত পাষণ্ড,

তয়েই, তয়েই,
এই হাতেৰেই—[ হাতত ভূকুৱায় ]
কেশ স্পৰ্শ কৰিছিলি
সাধ্বী পাঞ্চালীৰ!
আজি, আজি,
কোনে ৰক্ষা কৰে তোক?

দুৰ্য্যোধনক মাত, কৰ্ণক মাত, শকুনিক মাত—চাওঁ, ভীমৰ হাতৰ পৰা কোনে ৰক্ষা কৰে!—

 ভীম, নোহে ভীম,
 ভীম, আজি ৰক্তপায়ী
 দুৰ্দান্ত ৰাক্ষস! [ ৰক্তপান কৰে ]
 [ উঠি ] হাঃ হাঃ হাঃ
তৃপ্ত হ’ল, তৃপ্ত হ’ল, তৃষ্ণাতুৰ প্ৰাণ!
 ভীমৰ হাতত আজি
 দুঃশাসন শেষ!

পাঞ্চালী, পাঞ্চালী,

যুক্ত হল অতদিনে তব মুক্ত কেশ।

[ বেগেৰে প্ৰস্থান ]

—পট—