২য় দৃশ্য—কুৰু শিবিৰৰ এটা কক্ষ
[কৰ্ণ আৰু দুঃশাসনৰ প্ৰবেশ]
| কৰ্ণ—
|
দুঃশাসন, প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয় কিন্তু সেই বুলি মই নিৰুৎসাহী নহওঁ।
|
| দুঃশাসন—
|
আমাৰ অজস্ৰ সৈন্য নিধন হ’ল অঙ্গৰাজ।
|
| কৰ্ণ—
|
স্বীকাৰ কৰিছো। কিন্তু ভীষ্ম দ্ৰোণয়ো সৈন্যনাশত বাধা দিব নোৱাৰিছিল।
|
| দুঃশা—
|
সেইটো হয়, পিচে দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আৰু আছে, আন কাৰো ওপৰত সিমান নাছিল। মাত্ৰ সন্মান কৰি পিতামহ আৰু গুৰু দ্ৰোণক আগতে সেনাপতি পাতিলে।
|
| কৰ্ণ—
|
সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই দুঃশাসন।
|
| কৰ্ণ—
|
আজি হাৰিছো বুলি চিৰ দিন নেহাৰো, আজি সৈন্যনাশ হ’ল বুলিয়েই চিৰদিন হ’ব নোৱাৰে।
|
| দুঃশা—
|
পাণ্ডৱৰ লগত কৌৰৱ হাৰিবলৈ হ’লে আমাৰ জন্মধাৰণ কৰাই মিছা মহাৰাজ। বীৰ বুলি, ক্ষত্ৰিয় বুলি পৰিচয় দিয়াৰ কোনো মূল্য নাথাকে।
|
| কৰ্ণ—
|
পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰ পৰাজয় এটা অলীক কল্পনা
|
| দুঃশা—
|
যিদিনা কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱৰ মৃত দেহৰ ওপৰত
|
|
|
শিয়াল-শগুণ বহি মঙ্গহ টনা-আজোৰা কৰিব, সেই দিনা আমাৰ কিমান আনন্দ হব?
|
| কৰ্ণ—
|
সেই শুভদিনলৈ আৰু বেচি অপেক্ষা কৰিব নেলাগে দুঃশাসন, সেই দিন আহিছে।
|
| দুঃশা—
|
আহিবই লাগিব। দুৰ্য্যোধন দুঃশাসনৰ গদা, কৰ্ণ মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা ধেমালিৰ কথা নহয়। সেই দিন আনিবই লাগিব। বাৰু আপুনি অলপ অপেক্ষা কৰক, মই দাদাক জনাওঁ। [ প্ৰস্থান ]
|
| কৰ্ণ—
|
[ স্বগতঃ ] কৃষ্ণ! হ’ব পাৰা তুমি নৰৰূপী ভগৱান, সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব। পাৰ্থক ৰাখিব নোৱাৰিবা।
[বিষণ্ণ মনেৰে দুৰ্য্যোধনৰ প্ৰবেশ]
আহাঁ সখা।
|
| দুৰ্য্যো—
|
অঙ্গাধিপতি, পাণ্ডৱৰ পৰাজয় বাৰ্ত্তা শুনি সুখী হ'লো।
|
| কৰ্ণ—
|
তিৰস্কাৰ নকৰিবা সখা।
|
| দুৰ্য্যো—
|
তিৰস্কাৰ নাই কৰা মহাৰাজ, তোমাৰ গুণ-কীৰ্ত্তন কৰিছোঁ।
|
| কৰ্ণ—
|
কৰ্ণ এতিয়াও জীয়াই আছে।
|
| দুৰ্য্যো—
|
এটা সামান্য কুৰু-সেনায়ো পলৰীয়া হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পায় মহাৰাজ।
|
| কৰ্ণ—
|
কুৰুপতি, ই আজি কেনে ব্যৱহাৰ?
|
| দুৰ্য্যো—
|
কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি, বীৰ অগ্ৰগণী, মহাৰথী কৰ্ণৰ
যোগ্য ব্যৱহাৰ।
|
| কৰ্ণ—
|
কৌৰৱেশ্বৰ, কৰ্ণক অধৈৰ্য্য নকৰিবাঁ, ক্ষিপ্ত নকৰিবাঁ!
|
| দুৰ্য্যো—
|
ভ্ৰূকুটি দেখুৱাবলৈ মোক নাৰীজ্ঞান কৰিছা মহাৰাজ?
|
| কৰ্ণ—
|
জানো, তুমি মহাৰাজ
প্ৰচণ্ড প্ৰতাপী।
জানো, বীৰ তুমি,
নোহোৱা ৰমণী।
অসীম ঐশ্বৰ্য্যশালী
তুমি কুৰুপতি,
নিঃসহায় নিৰ্ধনী কৰ্ণক,
সত্য কথা,
অযাচিতে কৰিছিলা ৰাজ্য দান,
কৰিছিলা, মণি-মুক্তা দান,
সেই বুলি,
কৰ্ণই নকৰে সহ্য এনে অপমান।
|
| দুৰ্য্যো—
|
তেন্তে দুৰ্য্যোধনে
কোন প্ৰাণে,
সহিব পাৰিব কোৱাঁ
তেনে অপমান?
|
| দুৰ্য্যো—
|
পৰাজয়ৰ অপমান, কৌৰৱ সেনাপতিৰ পলায়নৰ অপমান!
|
|
|
পাণ্ডৱৰ শিৱিৰত
জনে জনে আজি,
প্ৰচাৰ কৰিছে মোৰ
কলঙ্ক কাহিনী।
বাটে ঘাটে কৰে আলোচনা,
বনবাসী পাণ্ডৱৰ
নিপুণ চানেকি চাই
ৰণ পাণ্ডিত্যৰ
ভীত হ’ল কৌৰৱৰ
বিৰাট বাহিনী,
উৰ্দ্ধশ্বাসে প্ৰাণ লই
ত্যজিলে সমৰ।
ভিক্ষাৰীৰ তিৰষ্কাৰ,
বিদ্ৰূপৰ বাণী,
দুৰ্ব্বলীৰ এনে অহঙ্কাৰ,
কোন প্ৰাণে, কোন প্ৰাণে,
ভাৰতৰ একচ্ছত্ৰী
অধীশ্বৰ হই
অম্লান বদনে আজি
ল’ম শিৰ পাতি।
|
| কৰ্ণ—
|
[ অলপ ৰৈ ] মহাৰাজ, মহাৰাজ,
নেলাগে নেলাগে আৰু
|
|
|
অস্পষ্ট নহয়,
প্ৰত্যক্ষে পাইছোঁ দেখা
অন্তৰৰ মনোব্যথা
বেদনাৰ ৰেখা।
চিন্তা আৰু নাই কুৰুপতি,
নিদাৰুণ ক্ৰুৰ নিয়তিয়ে
গোপনে গোপনে আহি
নিৰ্ম্মম হাতেৰে
ভাগ্য চক্ৰ আজি মোৰ
প্ৰতিকূলে দিছিলে ঘূৰাই।
ইবাৰ সতৰ্ক মই।—[শল্যৰ প্ৰবেশ]
নোৱাৰে চাপিব কাষ,
নোৱাৰে তৰিব আৰু
ষড়যন্ত্ৰ জাল।
মহাৰাজ, দিয়া মোক
সুনিপুণ সাৰথি এজন
শেষ কৰোঁ কুৰুক্ষেত্ৰ ৰণ,
উজলাও কৌৰৱৰ
কীৰ্ত্তি অগণন।
|
| দুৰ্য্যো—
|
মদ্ৰপতি, কোৱাঁ
কৰিবানে সাৰথ্য স্বীকাৰ?
|
|
|
কৌৰৱ ঈশ্বৰে
অৱশ্যেই কৰিব লাগিব।
|
| দুৰ্য্যো—
|
আদেশ নহয় ৰজা,
মোৰ অনুৰোধ
|
| শল্য—
|
আনন্দেৰে কৰিলোঁ স্বীকাৰ।
|
| কৰ্ণ—
|
তেন্তে কুৰুপতি,
সুস্থিৰে বিশ্ৰাম কৰা
আপোন কক্ষত।
যুদ্ধ চিন্তা কৰি
মস্তিষ্ক উত্তপ্ত কৰি,
নেলাগে যাপিব আৰু,
বিনিদ্ৰ ৰজনী।
|
| দুৰ্য্যো—
|
প্ৰবল বেগেৰে আজি
ধুমুহা বহিল
বাধিবৰ শক্তি আৰু নাই পাণ্ডৱৰ।
|
[ দুৰ্য্যোধন আৰু তেওঁৰ পাচে পাচে শল্যৰ প্ৰস্থান ]
[ বিপৰীত ফালৰ পৰা শকুনিৰ প্ৰবেশ ]
| শকুনি—
|
বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্য্যোধন, কি কৰিবা? চকুৰ আগতে দেখিছা, ভীষ্ম গৈছে, দ্ৰোণ গৈছে, কৰ্ণ পলাইছে, আকৌ কৈছা “বাধা দিবৰ শক্তি নাই, বাধা দিবৰ শক্তি নাই।” অন্ধ, উন্মাদ, এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম, এতিয়াও বিশ্বাস আছে
|
|
|
কুৰুক্ষেত্ৰত বিজয় পতাকা উৰাম, প্ৰলাপ! প্ৰলাপ!! প্ৰলাপ!!! তেজৰ পিৰপিৰণি থাকে মানে দুৰ্য্যোধন, এই প্ৰলাপ থাকিব। কিন্তু যিদিনা তেজ চেঁচা পৰিব, গোট মাৰিব, টনটনীয়া শিৰ কোচ খাই বিট-শগুণৰ ঠোঁটৰ আগত ওলমি পৰিব, সেই দিনা এই প্ৰলাপ, এই উন্মাদনা ক’ত থাকিব!! [ প্ৰস্থান ]
|