সমললৈ যাওক

শকুনিৰ প্ৰতিশোধ/দ্বিতীয় অঙ্ক ১ম দৃশ্য

ৱিকিউৎসৰ পৰা

দ্বিতীয় অঙ্ক
১ম দৃশ্য—যুদ্ধ ক্ষেত্ৰৰ এফাল
[যুধিষ্ঠিৰ আৰু সহদেৱৰ প্ৰবেশ]

যুধিষ্ঠিৰ— ভাই, আজি আমাৰ যুদ্ধ জয় হৈছে যদিও ইয়াত নিৰ্ভৰ কৰিব নোৱাৰি। কৰ্ণ অসীম প্ৰতাপী দুৰ্জ্জয় বীৰ। আজি ৰণত হাৰি গৈছে বুলিয়েই কৰ্ণৰ শক্তিত সন্দেহ কৰিলে ভুল কৰা হব।
সহদেৱ— যিমানেই ডাঙৰ বীৰ হওক, কৌৰৱৰ যিমানেই শক্তি থাকক শেষ ফল আমাৰেই শুভ হ’ব বুলি মোৰ ধাৰণা দাদা।
যুধি— সেই ধাৰণাকে মনত লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলো ভাই। কিন্তু দুখ লাগে, মাজে মাজে অনুতাপ হয়, নিজৰ বংশ নাশ কৰি কি কৰিছো।
সহ— পাপৰ পায়শ্চিত্ত, দোষৰ শাস্তি আছেই। তাত বেজাৰৰ কথা কি আছে দাদা?
যুধি— দুৰ্য্যোধনৰ বাহিৰে কোনেও সিমান দোষ বা পাপ কৰা নাই সহদেৱ, যদি কৰিছেও, ৰজাৰ আজ্ঞাত কৰিছে। ৰজাৰ ধৰ্ম্মকে নিজ ধৰ্ম্ম বুলি প্ৰজা স্বৰূপে কৰিছে।
সহ— অধৰ্ম্মী ৰজাৰ পাপ কাৰ্য্য কোনো জ্ঞানী আৰু ধাৰ্ম্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা।
যুধি— আংশিক সঁচা।
সহ— কূট মন্ত্ৰণাকাৰী শকুনি এই বিবাদৰ গুৰি, এই যুদ্ধৰ পুৰোহিত। অভিমানী দুৰ্য্যোধনে তাৰ কথা শুনিয়েই যুদ্ধত জাপ দিছে। যিমান দিনলৈকে শকুনি জীয়াই থাকিব, সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ। বাৰু, ম‍ই এতিয়া আহোঁ দাদা।
যুধি— যোৱা ভাই, তুমি ক্লান্ত। [ সহদেৱৰ প্ৰস্থান। স্বগতঃ] হে অনাদি, অনন্ত, অব্যক্ত, নিৰাকাৰ নিৰঞ্জন, তুমিয়েই আদি, তুমিয়েই শেষ। অবোধ সন্তানক কলৈ টানি নিছা প্ৰভু?

[ভীমাৰ্জ্জুনৰ প্ৰৱেশ]

অৰ্জ্জুন— দুৰ্য্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰে যুদ্ধক্ষেত্ৰৰ পৰা আজি প্ৰাণ লৈ পলাল দাদা।
যুধি— শুনিছো ভাই, অতি আনন্দৰ কথা।
ভীম— এই পলায়নৰ পুৰস্কাৰ স্বৰূপে, দুৰ্য্যোধনে কৰ্ণক অঙ্গদেশ আগতে দান দি থৈছিল।  [যুধিষ্ঠিৰ আৰু অৰ্জ্জুনে হাঁহে]
অৰ্জ্জুন— কিন্তু দুৰ্য্যোধনৰ ধৈৰ্য্য প্ৰশংসা নকৰি নোৱাৰি দাদা, এতিয়াও অচল অটল, এতিয়াও বুকু ডাঠ।
যুধি— মানুহ স্বৰূপে, ৰজা স্বৰূপে দুৰ্য্যোধন দোষী হলেও ক্ষত্ৰিয় স্বৰূপে কুৰুৰাজ যথাৰ্থ বীৰ।
ভীম— সেই বীৰত্বও যাব; ডাঠ বুকুও কঁপিব।
যুধি— কেনেকৈ ভাই?

 [ভীমে অতি গহীন হৈ হাতত থকা গদা দেখুৱায়]

যুধি— বিশ্বাস কৰোঁ।
অৰ্জ্জুন— কুৰুপতিৰো কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত।
যুধি— অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী।
অৰ্জ্জুন— হ’ব পাৰে যোগ্যজন। কিন্তু এইদৰে পলাবলৈ হ’লে, সেই বিশ্বাস কিমান দিন থাকিব।
ভীম— মোৰ ধাৰণা হৈছে, এইবাৰ কৰ্ণই ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিব। কোনো ক্ষত্ৰিয় বীৰে পৰাজয়ৰ কলঙ্ক সহ্য কৰি থাকিব নোৱাৰে অৰ্জ্জুন।
যুধি— মোৰো সেয়ে ধাৰণা।
অৰ্জ্জুন— তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়।

[কৃষ্ণৰ প্ৰবেশ]

কৃষ্ণ— যদুপতিয়ে কি কৰিব সখা? তোমাৰ পৰা গাণ্ডীৱ আৰু দাদাৰ হাতৰ পৰা গদা লৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপথ খাওঁনে?
যুধি— যদুপতি, তুমি নিৰস্ত্ৰ হলেও তোমাৰ অনন্ত শক্তিৰ এটি কণাই, আমাৰ পঞ্চ ভ্ৰাতা আৰু সেনা-সেনানীক শক্তিশালী কৰি তুলিছে।
কৃষ্ণ— সিমান শক্তি থকা হ’লে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰ নেচাপিলোহেঁতেন ধৰ্ম্মৰাজ। সেইবোৰ কথা এতিয়া নেলাগে; ব’লা শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে।
যুধি— আহাঁ, মই বিশ্ৰামৰ আয়োজন কৰো।  [ প্ৰস্থান ]
ভীম— ব’লা যদুপতি, আমিও শ্ৰান্ত।
কৃষ্ণ— ভীমাৰ্জ্জুনে যুদ্ধ কৰি শ্ৰান্ত হোৱাৰ আৰম্ভ হৈছে আৰু আজি শ্ৰান্ত, কাইলৈ মূৰ্চ্ছা, পৰহিলৈ —
ভীম— ভীমাৰ্জ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্চ্ছা নেযায় যদুপতি।
কৃষ্ণ— যাবলৈ কিমান পৰ?
ভীম— পলৰীয়া অধিৰথ সুতে বৃকোদৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ।
কৃষ্ণ— কিন্তু সেই অধিৰথ সুত, সিন্ধুপুত্ৰ জয়দ্ৰথতকৈ কোনো গুণে হীন নহয় দাদা।
ভীম— অৰ্থাৎ?
কৃষ্ণ— অৰ্থাৎ, হীন জয়দ্ৰথে গদাৰে আঘাত কৰি যদি বৃকোদৰক মূৰ্চ্ছা নিয়াব পাৰে, ৰামদত্ত বিজয় ধনুধাৰী কৰ্ণই ধনুৰ্ব্বানেৰে তেওঁক মূৰ্চ্ছিত কৰা একো অসম্ভৱ নহয়।
ভীম— বিজয় অজয় একো

নেজানো মাধৱ।
ধনুৰ্ব্বান অগ্নিবান,
নগণো একোকে।
ভীষণ আঘাত পালে
ভীমৰ গদাৰ,
উৰি যাব ধনুৰ্ব্বান
ঠান্ বান হই।

কৃষ্ণ— দাদাৰ অলপ কথাতে খঙ্ উঠে।
ভীম— খঙ্ নহয় কৃষ্ণ, ই মোৰ সৰল কথা।
কৃষ্ণ— এতিয়া বুজিলো বৃকোদৰ মূৰ্চ্ছা যোৱা বিধৰ মানুহ নহয়।  [ অৰ্জ্জুনলৈ চাই] সখাত কিন্তু অলপ সন্দেহ আছে।
অৰ্জ্জুন— কাৰণ?
কৃষ্ণ— কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা।
অৰ্জ্জুন— বাদ-প্ৰতিবাদ মোক নেলাগে মুৰাৰি।

যুদ্ধ লাগে, জয় লাগে,
প্ৰতিদ্বন্দ্বী লাগে।
ৰামদত্ত, গুৰুদত্ত
থাকক বিজয় সখা,
কৰ্ণৰ হাতত,
মোৰো আছে,
দেৱদত্ত গাণ্ডীৱ মুঠিত।
অতিকে আকুল ই যে,
অতি তৃষ্ণাতুৰ,
ঘনে ঘনে বিচাৰিছে
কৰ্ণৰ ৰুধিৰ।

ভীম— মোৰো অতি শুষ্ক কণ্ঠ!

উত্তপ্ত লোহিত,
মোকো লাগে, মোকো লাগে,
বুকুৰ অমৃত।

কৃষ্ণ— [ হাঁহি ] পাবা—আহাঁ এতিয়া।

[কৃষ্ণ আগে আগে, পাচত ভীমাৰ্জ্জুনৰ প্ৰস্থান]

—পট—