সমললৈ যাওক

শকুনিৰ প্ৰতিশোধ/তৃতীয় অঙ্ক ৪ৰ্থ দৃশ্য

ৱিকিউৎসৰ পৰা

৪ৰ্থ দৃশ্য যুদ্ধক্ষেত্ৰৰ এফাল
[ শল্যৰ প্ৰবেশ ]

শল্য— ভাৰত যুদ্ধত যি কাম কোনেও সমাধা কৰিব নোৱাৰিলে, সেই কাম সমাধা কৰিব শল্যই। দ্ৰোৰ্ণবধৰ দিনা শকুনিয়ে কোৱা কথা আজি মনত পৰিছে, “শল্য, তুমিয়েই দুৰ্য্যোধনৰ মান ৰক্ষা কৰিব লাগিব।” আজি সেই অপূৰ্ব্ব সুযোগ সমাগত। দুৰ্য্যোধন, অযোগ্যজনক সেনাপতি পাতি, অতিদিন শক্তি ক্ষয় কৰি যি ভুল কৰি আহিছা তাক আজি সহজে বুজিব পাৰিবা। মদ্ৰপতিক কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হ’লে হস্তিনাপুৰত পতিহীনা অৱলাৰ, পিতৃহীনা পুত্ৰকন্যাৰ কৰুণ বিননি শুনিব নেলাগিলহেঁতেন।

[শকুনিৰ প্ৰবেশ]

শকুনি— ইফালে দোৰ্ঘোৰ যুদ্ধ লাগিছে, আৰু তুমি ইয়াত কোঁৱৰ সেনাপতি হৈ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিছাহি।
শল্য— মামা, শল্যই নিজৰ দায়িত্ব বুজে।
শকুনি— শুনি সন্তোষ পালোঁ।
শল্য— ভীমাৰ্জ্জুন ক’ত।
শকুনি— যুদ্ধক্ষেত্ৰত; কুৰুসেনা এফালৰ পৰা পিহি আনিছে।
শল্য— তুমি ইয়াত কিয়?
শকুনি— তোমাক বিচাৰি।
শল্য— মোৰ কোনো আৱশ্যক নাই। যোৱা, যুদ্ধ কৰাঁ; আমাৰ জয় অনিবাৰ্য্য। ম‍ই ইয়াতে ভীমাৰ্জ্জুনৰ কাৰণে অপেক্ষা কৰিম।
শকুনি— কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্য---
শল্য— তৰ্ক নেলাগে। কৌৰৱৰ সেনাপতি মই, মোৰ আদেশ, যুদ্ধ কৰাঁ।
শকুনি— যদি আদেশ পালন নকৰোঁ?
শল্য— কুৰুপতিৰ মামা বুলি ক্ষমা নকৰোঁ। কুৰুক্ষেত্ৰত কাপুৰুষৰ স্থান নাই। যোৱাঁ, যুদ্ধ কৰাঁ।
শকুনি— শল্য, ভাৰত যুদ্ধ অবসান হওঁ হওঁ। ৰথী-মহাৰথী গ’ল, অক্ষৌহিণী অক্ষৌহিণী সেনা নিপাত হ’ল; ভাৰতৰ অতুল প্ৰতাপী মহাৰাজ দুৰ্য্যোধন ভাতৃহীন, শক্তিহীন হ’ল, অথচ, অথচ এই শকুনিক কোনেও উন্মাদগ্ৰস্ত অৱস্থাতো ৰঙ্গা চকু দেখুৱাই আদেশ দিবলৈ সাহ নকৰিছিল। দুৰ্য্যোধনৰ মাতুল বুলি, কুৰুকুলৰ উপদেশক বুলি, ভাৰতে শকুনিলৈ ভয় কৰা নাই; ভাৰতে শকুনিৰ ভৰ কৰিছে, শকুনি বুলি। শুনা শল্য, যি কুৰুক্ষেত্ৰ ৰণৰ আজি তুমি চতুৰ্থ সেনাপতি
হৈ নিজে নিজে গৌৰৱ কৰি শকুনিৰ ওপৰতো প্ৰভুত্ব খটুৱাব খুজিছা, সেই কুৰুক্ষেত্ৰ ৰণ উদ্বোধন কৰিলে শকুনিয়ে, আৰু তাৰ যৱনিকাও পেলাব এই শকুনিয়েই।
শল্য— তোমাৰ উদ্দেশ্য?
শকুনি— মোৰ উদ্দেশ্য? হাঃ হাঃ হাঃ, শল্য, শল্য, মোৰ উদ্দেশ্য তুমি জানিব খুজিছা? এশ মৃতদেহৰ স্তূপৰ মাজত মোৰ অট্টহাস্য শুনা নাছিলা? পাশা খেলত পিতৃ অস্থি নিৰ্ম্মিত পাশতি দেখি বুজিব নোৱাৰিলা? হাঃ হাঃ হাঃ, মোৰ উদ্দেশ্য? [নেপথ্যলৈ চাই] সৌৱা, সৌৱা, বায়ুবেগে যুধিষ্ঠিৰ লৰি আহিছে। শল্য, শল্য, কৌৰৱ সেনাপতি, পৰ পাৰত নিয়তিৰ ভেৰী বাজি উঠিল। তুমিও আগাবাঢ়া, আগাবাঢ়া।  [ প্ৰস্থান ]

[বিপৰীত ফালৰ পৰা যুধিষ্ঠিৰৰ প্ৰবেশ]

যুধিষ্ঠিৰ — মদ্ৰপতি, আত্ম-সমৰ্পণ নে অসি চালনা।
শল্য— [আসি উলিয়াই] আগেয়ে নিজক ৰক্ষা কৰা।
যুধি— উত্তম।

[যুদ্ধ কৰি কৰি দুইৰো প্ৰস্থান; বিপৰীত ফালৰ পৰা সহদেৱৰ প্ৰবেশ]

সহদেৱ— ইয়াতো নাই! ক’ত পলাল? পৃথিবীৰ ইমূৰৰ পৰা সিমূৰলৈকে বিচাৰি হলেও, কুলাঙ্গাৰ গান্ধাৰ পুত্ৰ শকুনি, আজি তোক হত্যা কৰিম।
 [ প্ৰস্থান ]

[ বিপৰীত ফালৰ পৰা শকুনিৰ প্ৰবেশ]

শকুনি— শল্য গ’ল! সহদেৱে মোকো বিচাৰি ফুৰিছে। দুৰ্য্যোধন, বিদায়। যি শকুনিৰ নিৰান্নবৈটা ভ্ৰাতা আৰু

বৃদ্ধ পিতাক, অনাহাৰত, অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ মাৰিছিলা, সেই শকুনিয়ে, তোমাৰো নিৰান্নবৈটা ভাতৃক কাল-চক্ৰত পেলাই অন্ধ বৃদ্ধ ধৃতৰাষ্ট্ৰৰ বুকুত এশখন চিতা জ্বলাই, তাৰ প্ৰতিজ্ঞা অক্ষৰে অক্ষৰে পালন কৰিলে। আজি মোৰো কৰ্ত্তব্য শেষ।}}

[ সহদেৱৰ প্ৰবেশ ]

সহদেৱ— কি? চক্‌খাই উঠিলা যে।
শকুনি— পূজা শেষ কৰি তোমাকেই অপেক্ষা

কৰিছিলোঁ সহদেৱ, ঠিক সময়তে আহিছা! আঁহা আজি এই পুণ্য কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণাদাতা, দুৰ্য্যোধনৰ মাতুল, ভাৰতৰ ধুমকেতু, মানৱ জন্মৰ প্ৰহেলিকা শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ সামৰণি পৰক। সেই বুলি আত্মসমৰ্পণ নকৰোঁ। প্ৰতিহিংসাপৰায়ণ ক্ষত্ৰিয় মই। ময়ো অসি চালনা কৰিব জানো, লোৱাঁ, অস্ত্ৰ লোৱা।

[ দুয়ো যুদ্ধ কৰিবলৈ উদ্যত ]

শকুনি— পিতা, পিতা, জন্মদাতা, শত্ৰু শোণিতেৰে ৰাঙ্গলী--

মোৰ জীৱনৰ ৰঙ্গা জবা পাহি আজি পুনৰ তোমাৰ পাদ পদ্মত উৎসৰ্গা কৰিলোঁ। দুৰ্য্যোধন, ধৃতৰাষ্ট্ৰ, গান্ধাৰী, হাঃ হাঃ হাঃ। সহদেৱ-

[ যুদ্ধ। খন্তেক যুদ্ধৰ পাচত ৰৈ ]

সহদেৱ— এয়ে শেষবাৰ! কৌৰৱৰ ভাগ্য বিধতা, মৃত্যুৰ আগতে শিৰচ্ছেদ কৰাৰ আগতে সুশ্যামল ভাৰতভূমিক শেষবাৰৰ কাৰণে চাই ল।
শকুনি— সহদেৱ, ভাৰতভূমিক শকুনিয়ে সুশ্যামল কৰি ৰখা নাই, চিতাগ্নিত ছাই কৰিছোঁ, কৌৰৱক কৌৰৱ কৰি থোৱা নাই, সিহঁতৰ গৌৰৱ ধুলিৰ লগত মিহলাই দিছোঁ, আৰু, আৰু, কৌৰৱেশ্বৰ দুৰ্য্যোধনক ৰজা কৰি ৰখা নাই, পথৰ ভিক্ষাৰী কৰি, বুকু ভাঙি ভাঙি কান্দিবলৈ ভাৰতৰ শ্মশান ঘাটত এৰি দিছোঁ।
সহ— মিত্ৰদ্ৰোহী, জ্ঞাতিদ্ৰোহী, তাৰ পুৰস্কাৰ গ্ৰহণ কৰ।

[আক্ৰমণ কৰিবলৈ উদ্যত]

শকুনি— যি শকুনিয়ে নিৰান্নবৈটা ৰাজভ্ৰাতাক মৃত্যুদণ্ড দিব পাৰে, সেই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে। আজি মোৰ মৃত্যু নহয় সহদেৱ মুক্তি মুক্তি

[যুদ্ধ। অস্ত্ৰঘাটত শকুনি বাগৰি পৰে; সহদেৱে তৰোৱালৰ আগ শকুনিৰ বুকুত সুমাই—]

সহ— সৃষ্টিৰ কলঙ্ক, কালসৰ্প, নৰাধম শকুনি—
শকুনি— তৃপ্তি—তৃপ্তি তৃপ্তি—।

—যৱনিকা—