সমললৈ যাওক

শকুনিৰ প্ৰতিশোধ/তৃতীয় অঙ্ক ১ম দৃশ্য

ৱিকিউৎসৰ পৰা

তৃতীয় অঙ্ক
১ম দৃশ্য ধৃতৰাষ্ট্ৰৰ প্ৰাসাদ কক্ষ
[ধৃতৰাষ্ট্ৰ আৰু দুৰ্য্যোধন]

ধৃতৰাষ্ট্ৰ— কৰ্ণ গ’ল, দুঃশাসন গ’ল, কৌবৰ সৈন্য ধ্বংস হ’ল! আৰু—
দুৰ্য্যোধন— পিতা, তাৰ বাবে—
ধৃত— কথা নকবি। মোক ভাবিবলৈ দে, সকলো গৈছে কিন্তু এতিয়াও শকুনি আছে। [ অলপ ৰৈ ] দুৰ্য্যোধন।
দুৰ্য্যোধন— পিতা—
ধৃত— ব্ৰহ্মতালুত কালসৰ্পে দংশন কৰিলে ধৰণী ধৰিব জান? চিতাত বহুৱা মৃত দেহত প্ৰাণ সঞ্চাৰ কৰিব পাৰ?
দুৰ্য্যো— একো বুজিব পৰা নাই পিতা।
ধৃত— ময়ো একো বুজিব পৰা নাই, কিহৰ পৰা কি হল! ময়ো একো ধাৰণা কৰিব পৰা নাই, তই কৈছ কি! দুঃশাসনক ভীমে, বধ কৰিলে! দুৰ্য্যোধন, তই উন্মাদ,উন্মাদ!
দুৰ্য্যো— পিতা, পিতা, আপুনি চঞ্চল হৈছে।
ধৃত— চঞ্চল হৈছো? কতা?
দুৰ্য্যো— ব’লক পিতা, আপোনাক শয্যালৈ নিওঁ।
ধৃত— মৃত্যু শয্যালৈ? হাঃ হাঃ হাঃ, তই মোক মৃত্যু দিব নোৱাৰ পুত্ৰ। এশ সন্তানৰ পিতা মই, নেদেখিলি মোৰ আগতে মোৰ নিৰান্নবৈটা শুক্ল পক্ষৰ জোনৰ দৰে লহ-পহকৈ বাঢ়ি অহা সন্তান, মোৰ আগৰে পৰা দুৰ্য্যোধন, মোৰ আগৰে পৰা নিষ্ঠুৰ নিয়তিয়ে লৈ গুচি গ’ল। অন্ধ মই, জৰাজীৰ্ণ বৃদ্ধ মই, তথাপি মৃত্যুৰ চকু মোৰ ওপৰত নপৰিল। তই মোক কি মৃত্যু দিবি পুত্ৰ!
দুৰ্য্যো— পিতা বেজাৰ নকৰিব। সকলো গৈছে হয়, কিন্তু আপোনাৰ দুৰ্য্যোধন এতিয়াও জীয়াই আছে। আশীৰ্ব্বাদ দিয়ক পিতা, যেন লক্ষ্যচ্যুত নহওঁ। ভ্ৰাতৃ শোকে, বন্ধু শোকে, লক্ষ লক্ষ বিধবা নাৰীৰ সজল চকুলোৱে যেন মোৰ আজন্মৰ ব্ৰত, একাগ্ৰ সাধনা ভ্ৰষ্ট কৰিব নোৱাৰে। আশীৰ্ব্বাদ দিয়ক পিতা।

[নীৰৱে গান্ধাৰীৰ প্ৰৱেশ]

ধৃত— দুৰ্য্যোধন, যা যুদ্ধলৈ যা, যুদ্ধত তোৰ জয় হওক।
উন্মাদ হোৱাৰ আগতে, পৰপাৰলৈ গতি কৰাৰ আগতে,পাণ্ডৱ সমাধিস্থ হোৱা শুনি যাওঁ।
গান্ধাৰী— সেই দিন কেতিয়া আহিব মহাৰাজ?
ধৃত— কোন, গান্ধাৰী? তোমাকেই সুধিছোঁ, তুমিয়েই কোৱা ৰাণী, সেই দিন কেতিয়া আহিব? [গান্ধাৰী নিমাত]
ধৃত— নিমাতে থাকিলা? বুজিছো তোমাৰ বিশ্বাসৰ সেই দিন আৰু নাহে। গান্ধাৰী, মাতা হৈ পুত্ৰৰ অকল্যাণ কামনা নকৰিবাঁ। কোৱাঁ, সেই দিন আহিব!
গান্ধাৰী— জননীয়ে গৰ্ভজাত সন্তানৰ অকল্যাণ কামনা নকৰে মহাৰাজ। নিজৰ সৰ্ব্বস্ব দি সন্তানৰ মঙ্গল চিন্তা কৰিয়েই দিন নিয়ায়। কিন্তু, সেই দিন আৰু নাহে।
ধৃত— গান্ধাৰী! গান্ধাৰী!
দুৰ্য্যো— আই, সেই দিন আৰু নাহে?
গান্ধাৰী— নাহে পুত্ৰ।
ধৃত— আহিব! আহিব! আহিব!!
গান্ধাৰী— মহাৰাজ, বিপন্ন পুত্ৰক উত্তেজিত নকৰিব। সেই দিন আৰু নাহে।
দুৰ্য্যো— সেই দিন যদি নাহে আহিব নালাগে। পাণ্ডৱ ৰণজয়ী হওক দীৰ্ঘজীৱী হওক একো কথা নাই। সেই বুলি হতাশৰ হুমুনীয়া কাঢ়ি ময়ো পশ্চাৎপদ নহওঁ। যেতিয়া জনম ল’লো মৰণ অৱশ্যম্ভাৱী। মৃত্যুৰ ভয়ত কিয় কাপুৰুষ হ’ম?
গান্ধাৰী— অভিমান নকৰিবি বাচা।
দুৰ্য্যো— অভিমান? আই, জগতৰ চকুৰ আগত দুৰ্য্যোধন অভিমানী সঁচা, কিন্তু তোমাৰ কাষত, মাতৃৰ কাষত মই সেই মৰমৰ দুৰ্য্যোধন।
ধৃত— ৰাণী, ৰাণী।
গান্ধাৰী— মহাৰাজ।
ধৃত— বাৎসল্য স্নেহৰ এতিয়া সময় নহয়! মাতাই পুত্ৰক আঁকোৱালি ধৰি ‘পুত্ৰ পুত্ৰ’ বুলি আনন্দাশ্ৰু টুকিবৰ এতিয়া সময় নহয়। দুৰ্য্যোধনক যুদ্ধলৈ পঠিউৱাঁ, যুদ্ধলৈ পঠিউৱাঁ। মোৰ পুত্ৰহত্তা, নৰঘাতী ৰাক্ষস বৃকোদৰ এতিয়াও জীয়াই আছে!
দুৰ্য্যো— আই, বিদায় দিয়া যুদ্ধলৈ যাওঁ।
গান্ধাৰ উত্ৰাৱল নহবি পুত্ৰ।
ধৃত— ৰাণী, কালক্ষয় নকৰিবাঁ, পুত্ৰক বিদায় দিয়া।
গান্ধাৰী— এই বিদায়ৰ কাৰণে ইমান অধৈৰ্য্য হৈছে কিয় মহাৰাজ?
ধৃত— কিয়? মোক সুধিছা? ৰাণী ইমান এটা সহজ প্ৰশ্ন, অথচ, বীৰমাতা বীৰজায়া, ক্ষত্ৰীয় ৰমণী হৈ তুমি, গান্ধাৰীয়ে উপলব্ধি কৰিব নোৱাৰিলা? দুৰ্ভাগ্য! কিয়? সোধাঁ ৰাণী, আকাশত যদি দেখিছা মৌন ম্লান মেঘমালাক সোঁধা, হস্তিনাপুৰ দগ্ধপ্ৰাণা বিৰহিনী বতাহক সোধাঁ, আৰু আৰু, এই প্ৰাসাদত, য’ত ৰাজাধিৰাজ ধৃতৰাষ্ট্ৰ আৰু পটেশ্বৰী গান্ধাৰীৰ উত্তপ্ত নিশ্বাসত, প্ৰস্তৰ নিৰ্ম্মিত প্ৰাচীৰ
বিগলিত হওঁ হওঁ, তাৰ শাৰী শাৰী ফটিক স্তম্ভক সোধাঁ,কিয় ধৃতৰাষ্ট্ৰ আজি ইমান অধৈৰ্য্য!
গান্ধাৰী— প্ৰতিশোধৰ কাৰণে
ধৃত— প্ৰতিশোধৰ কাৰণে। তুমি আচৰিত হৈছা?
গান্ধাৰী— আচৰিত নাই হোৱা মহাৰাজ।
ধৃত— তেন্তে?
গান্ধাৰী— একো নহয়।
ধৃত— উত্তম! দুৰ্য্যোধন, মাতাৰ আশীৰ্ব্বাদ শিৰত লৈ অগ্ৰসৰ হোৱাঁ।
দুৰ্য্যো— আই-
গান্ধাৰী— পুত্ৰ—
দুৰ্য্যো— [আঠুকাঢ়ি] আশীৰ্ব্বাদ কৰিবাঁ, যেন শত্ৰু নিৰ্ম্মূল কৰি  তোমাৰ যোগ্য সন্তান বুলি জগতত চিনাকি দিব পাৰোঁ।
গান্ধাৰী— যোৱাঁ বাচা, আশীৰ্ব্বাদ কৰিছোঁ, যথা ধৰ্ম্ম, তথা জয়।

—পট—