সমললৈ যাওক

লৱ-কুশ

ৱিকিউৎসৰ পৰা
 

লৱ-কুশ।
অমিত্ৰাক্ষৰৰ
পৌৰাণিক নাটক


লিখোঁতা
শ্ৰীবলৰাম পাঠক।

প্ৰকাশক
ভট্টাচাৰ্য্য এজেন্সী।
ডিব্ৰুগড়



দ্বিতীয় তাঙ্গৰণ



১৯২৪ সন মাৰ্চ


বেচ তিনি সিকি মাথোন।

 


প্ৰিণ্টাৰ—শ্ৰী বিজয়কৃষ্ণ দাস
লক্ষ্মীবিলাস প্রেস
১৪ নং জগন্নাথ দত্তেৰ লেন, কলিকাতা



 
 

উছৰ্গা।

যাৰ গুণত
এই বিনন্দীয়া সংসাৰ দেখিবলৈ পাইছোঁ, আৰু যাৰ
অকৃত্রিম অপত্য-স্নেহত ডাঙ্গৰ-দীঘলহৈ সংসাৰ-
যাত্রা নির্ব্বাহ কৰিবলৈ ধৰিছোঁ, সেই
পূজ্যপাদ পিতৃ-মাতৃৰ শ্ৰীচৰণ
কমলত এই যৎসামান্য ফুল-
পাহ ভক্তিৰে অৰ্পণ
কৰিলোঁ‌।
 "বলৰাম"।

 
 

পাতনি।

⸺•⸺

 পানী-কাউৰীক ডুব মৰা দেখি ফেঁচাৰ গা উঠাৰ দৰে, বহুতে নাটক লিখা দেখি ময়ো অযথা সাহস কৰি এই নাটকখন লিখি- বলৈ গৈ কিমান কৃতকাৰ্য্য হৈছোঁ কব নোৱাৰোঁ। এই নাটক- খন হাতে লিখা অৱস্থাতে বৰবৰুৱা নাট্য সমাজে, পলাশবাৰী নাট্য সমাজে আৰু যোৱা ৺ শাৰদীয় পূজাত ডিব্ৰুগৰ অসমীয়া এমেটিয়ৰ থিয়েটাৰ পাৰ্টিয়ে ষ্টেজত তুলি মোক যথোচিত উৎসাহিত কৰাত মই তেখেত সকলৰ ওচৰত চিৰকৃতজ্ঞ হৈছো আৰু তেখেত সকলে অলপ সাল সলনি কৰিবলৈ কোৱাত যিমান পৰা যায় সাল সলনি কৰা হৈছে। আমাৰ সমাজৰ আৰ্থিক অবস্থা এনেকুৱা শোচনীয় যে, বহুত লিখকে কিতাপ লিখি খৰচৰ অভাবত ছপাব নোৱাৰাত সি নিগনি পইতাচোৰাৰ বাহ হৈছে। যি হওক, প্ৰকাশক ডাঙ্গৰীয়াই এই নাটকখন ছপাই ৰাইজৰ আগত দাঙ্গি ধৰাত তেখেতৰ ওচৰত মই চিৰঋণী হলোঁ। ই যে ৰাইজৰ মনত অলপো সন্তোষ দিব পাৰিব এনে আশা কৰিব নোৱাৰোঁ। তথাপি যি হওক ৰাইজৰ অনুগ্ৰহত ই আসামৰ ষ্টেজবিলাকত উঠিলে মোৰ পৰিশ্ৰম সফল জ্ঞান কৰিম। নিবেদন ইতি!

বৰবৰুৱা, ডিব্ৰুগৰ,
২১।১।২৪।

ৰাইজৰ ভৰিৰ ধুলা,
“ৰচোঁতা”।

 

ভাৱৰীয়াসকল।
মুনিহ।

ৰাম দশৰথ ৰজাৰ পুতেক।
লক্ষ্মণ  
ভৰত  
শক্ৰয়  
সুমন্ত্ৰ সাৰথি।
বাল্মিকী এজন ঋষি।
বশিষ্ঠ পুৰোহিত।
লৱ আৰু কুশ ৰামচন্দ্ৰৰ পুতেক।
বিশ্বকৰ্ম্মা দেৱ শিল্পী।
নালীয়া
কঠাল-গুটি
দুটা নগৰীয়া।
ব্ৰহ্মা সৃষ্টিকৰ্ত্তা।
সেনাসকল, দূতসকল, সভাসদসকল, হনুমান, মন্ত্ৰী।


তিৰোতা।

সীতা ৰামচন্দ্ৰৰ ভাৰ্য্যা।
উৰ্ম্মিলা লক্ষ্মণৰ ভাৰ্য্যা।
অলিক্ষৰা বাল্মিকীৰ জীয়েক।
নিকষা ৰাৱণৰ মাক।

বসুমতী আৰু সখী সকল

প্ৰস্তাৱনা।

অপ্সৰা সকল।— 
আমি বনৰাণী, বনবিহাৰিণী,
 বনে বনে ফুৰো নাচি-গাই;
ফুলনিৰ মাজে  বিতোপন সাজে,
 বিলাওঁ প্ৰেম হিয়া উদঙ্গাই।
সখীসৱে মিলি, বনফুল তুলি,
 মালা গাথোঁ প্ৰেমিক জনলৈ;
পালে প্ৰেমিক জন, দিওঁ মন-প্ৰাণ,
 অকপটে হিয়া উবুৰাই,—
 আমি, আজলী বনৰাণী হায়॥


লৱকুশ।



পৌৰাণিক নাটক।
প্ৰথম অঙ্ক।



প্ৰথম দৰ্শন—ৰাজসভা।
( ৰাম আৰু লক্ষ্মণ )

ৰাম।   ভাই লক্ষ্মণ,
নেৱাৰোঁ বুজিব একো,
ইনো কেনে ৰাজ্য সুখ;
ঘনে ঘনে পৰিছে মনত মোৰ —
দণ্ডক কাননে বাস হৰিণৰ সমে,
আছিলোঁ সুখেৰে তিনজন,
সংসাৰৰ চিন্তা-ভাব নাছিল সমূলি;
ভাবোঁ মনে মনে,
এয়েইহে জীৱনৰ একমাত্ৰ সুখ।
তেনে সুখ এতিয়া নো পৰেনে মনত?

লক্ষ্মণ। ৰঘুনাথ,
কি কাৰণে দেখোঁ এনে ভাৱ।
ইয়াৰ আগেয়ে,
এনে ৰাজ্য কৰা নাই কেঁৱে;
ৰাম ৰাজ্য ভুবন বিখ্যাত।
ত্ৰিজগতে মহাবীৰ তুমি;
যাৰ হাতত মৰে দুৰ্জ্জয় ৰাৱণ,
যাৰ হাতে ভৃগুৰামে মানে পৰাজয়,
লক্ষ্মী স্বৰূপিণী জনক-দুহিতা
বন্ধা যাৰ প্ৰেমৰ ডোলেৰে,
তাৰ আজি কিয় এনে বিপৰীত ভাব?
ৰাম। “সীতা, সীতা,
কত যে সহিছা তুমি দুৰ্ভগীয়া ৰামৰ কাৰণে;
তোমাকে। অশেষ কষ্ট দিছোঁ বাৰে বাৰে।
সিকাৰণে ভাই মোৰ
ৰাজ্য সুখ ভাল লগা নাই।
ইচ্ছা হয়
আজিয়েই ৰাজ্য ভোগ দিওঁ বিসৰ্জ্জন।
কোৱাঁ ভাই,
প্ৰজাৰ মুখত কিবা শুনানে সুখ্যাতি?
লক্ষ্মণ।  দয়াময়,
সকলোৱে গায় তৱ যশ;
কয় প্ৰতি জনে—
‘পুত্ৰসম পালিছে প্ৰজাক ৰঘুমণি।’

ৰাম। ৰাৱণে হৰাৰ বাবে জনক-দুহিতা,
কৰে নেকি কেতিয়াবা কুকথা প্ৰয়োগ?
লক্ষ্মণ। নকৰে কাচিতো,
অগ্নিৰ পৰীক্ষা কথা গাইছে সকলোৱে।
ৰাম। নোৱাৰোঁ বুজিব ভাই,
সন্তপ্ত প্ৰাণৰ খেলা।
সীতা সমে পালঙ্কত আছোঁ দুয়োজন;
নোৱাৰোঁ বুজিব,
সজাগ নে টোপনি তেতিয়া
দেখিলোঁ হঠাৎ,
মন্দোদৰী তাৰাৰ হাতত ধৰি,
তাৰ পাচে,
চকু লোৰে তিতিবুৰি নিকষা ৰাক্ষসী,
কয় তিনি জনে মোক,
“তোমাৰ ঘশেৰে পূৰ্ণ হল দশোদিশ,
সূৰ্য্যবংশে যশোগান গাইছে সকলোৱে;
সাগৰৰ পাৰে আৰু কিষ্কিন্ধ্যা নগৰে,
‘সীতা শান্তি নাৰী’ বুলি কয় জনে জনে।”
কিন্তু ভাই,
এই কথাতেই মোৰ জ্বলিছে অন্তৰ।
লক্ষ্মণ।  চিন্তামণি,
তাৰ বাবে নাই একো চিন্তাৰ কাৰণ।
যি দেখিলা সপোনত নহয় অসত্য;
সূৰ্য্যবংশ যশোৰাশি বিখ্যাত ভুবনে;

বিশেষতঃ,
সীতানাম সতীৰ আদৰ্শ।

( দূতৰ প্ৰবেশ )


ৰাম।  দূত,
প্ৰজাবোৰ আছেনে কুশলে?
দূত। প্ৰভো,
আছে সৱে মনৰ আনন্দে।
ৰাম।  দাৰিদ্ৰ দুৰ্ভিক্ষ আদি আছেনে ৰাজ্যত?
শস্য আৰু পানীৰ অভাৱ
কিম্বা অকাল মৰণ
আছেনে ৰাজ্যত মোৰ?
দুষ্টৰ পীড়ন আৰু শিষ্টৰ পালন
হইছেনে ৰাজ্যৰ ভিতৰে?
ৰাম যোগ্য ৰজা বুলি কয়নে সকলোৱে?
দূত।  দয়াময়,
সূৰ্য্যবংশে যোগ্য ৰজা ৰাম
অৱশ্যেই কথা কয় সকলোৱে।
ৰাম।  ক’মোক অতি সোনকালে
আন কিবা হেতু আৰু দিয়ে যদি দোষ।
যোৱাঁ ভাই ভৰত-সমীপে,
ৰাজসূয় যজ্ঞ হেতু কৰাঁ আয়োজন।
লক্ষ্মণ।  যিবা আজ্ঞা ৰঘুমণি।
[ লক্ষ্মণৰ প্ৰস্থান।]

ৰাম।  দূত, কিহেতু চিন্তিত তোৰ মন?
মুখত নোলায় মাত,
কঁপে অঙ্গ থৰথৰি,
যদি কিবা দোষাৰোপ কৰে কোনোজনে,
যথাৱতৰূপে তাক কৰিবি বৰ্ণন।
দূত। দয়াময়,
পদুমৰ গোন্ধে যেনে মোহে সকলোকে,
মোহিছে সি দৰে প্ৰভু আপোনাৰ গুণে।
ধৰ্ম্মাধৰ্ম্ম যাৰ নাই জ্ঞান,
সিয়ে মাথোঁ অনৰ্থক দোষাৰোপ ৷
ৰাম। ক’ দূত সঁচা কথা নিৰ্ভয় মনেৰে,
অশুভ সংবাদে মোক নোৱাৰে পীড়িব।
কয় নেকি কোনো জনে বাণীবধ কথা ?
দূত। হায় হায় প্ৰভো,
মুখত নোলায় মাত,
শত শেলাঘাত যেন বাজিছে বুকুত।
কয় পাপী লোকে পাপ কথা,⸺
সতী সাধ্বী জনক-নন্দিনী
পবিত্ৰ অগ্নিৰ সম,
নিষ্কলঙ্ক যেন পূৰ্ণিমাৰ জোন;
তাত দোষাৰোপ কৰি,—
পেলায় যেন গাখীৰত গোবৰৰ ৰে।
কয় পাপী পাপ-মুখে,⸺
“আছিল বন্দিনী সীতা ৰাক্ষস-ঘৰত"।

ৰাম। নকয় নে অগ্নিৰ পৰীক্ষা কথা?
দূত। প্ৰভো, ক্ষমা অপৰাধ;
“অগ্নিৰ পৰীক্ষা কথা ছায়াবাজী যেন”।
কয় আৰু কোনো জনে,
“লঙ্কাৰ ঘটনা
সঁচা-মিছা জানো কেনে কই?”
ৰাম। দীননাথ,
ভাল খ্যাতি ৰ’ল আৰু তোমাৰ বংশত।
ব্ৰহ্ম বধ কৰি
কলঙ্ক আনিলোঁ মই।
স্বয়ম্বৰ কালত যেতিয়া
নিজ বাহুবলে ভাঙ্গিলোঁ হৰৰ ধনু,
'মৰ্ মৰ্’ শব্দ কৰি কঁপালে ভুবন, —
সৱে বোলে,
হ’ল উল্কাপাত।
হায় হায়, বিবাহত দুৰ্ঘোৰ বিপদ;—
তাৰ পাচে ৰাজ্য এৰি হলোঁ বনবাসী,
ই ফালে ঢুকাল মোৰ পূজ্য পিতৃদেৱ;
দুৰ্ঘোৰ অৰণ্য মাজে সীতাৰ কাৰণে,
ৰক্ষ সমে হ’ল মহাৰণ;
ব্ৰহ্মবধী হলো মই সীতাৰ কাৰণে;
সীতাৰ কাৰণে আৰু; অকলঙ্ক ৰঘুকুল
কলঙ্কৰ ডাৱৰে ঢাকিলে।
এয়ে নে আছিল মোৰ ভুগিব লগীয়া?

হায় হায়,
কি কৰোঁ উপায়!
দূত।  ( কান্দোনৰ সুৰে )
ভাল খ্যাতি ৰ’ল মোৰ;
জটায়ু চৰাই আৰু বনৰ বান্দৰে,
সাধিলে ৰামৰ কাম;
বদ্ধ ময়ো ৰামৰ কামত,⸺
সিকাৰণে,
সীতাৰ কুযশ গাই সাধিলোঁ কাম;
মুখ অৰু জিভা,
না থাকিবি মোৰ শৰীৰত,
এতিয়াই ছাই হৈ যা
প্ৰতো,
ক্ষমিবা দানৰ দোষ;
শুনা কথা নিবেদিছোঁ তযু চৰণত।

২য় দৰ্শন—ৰাজআলি।

( নালীয়াৰ প্ৰবেশ। )

নালীয়া। ভাল পানী আহিল মোৰ জিভালৈ পৰভু! এ কোন টিকা ফটা ৰ’দৰ ঠেলা, পিঠিখনতো ক’লা পৰিলেই এডুখৰি মাখি ছালা নাইকিয়া হ’ল! ৰজাৰ গুণতহে ৰাজ্যৰো এনে অৱস্থা হৈছে। ৰজা পাট কেৱল সীতাৰ কাৰণেই বলিয়া; খাওঁতে সীতা, বহোতে সীতা, শোঁওঁতে সীতা; যেনি তেনি সীতাহে সীতা; সেই গুণে দেশখনো হৈছে তিতা। ৰাজ্যৰ কত কি হৈছে তাৰ খবৰকে নাই। ইমান ৰ’দৰ কোবত বাটৰুৱা মানুহ জিৰাবলৈ ঠাই এডুখৰি নাই; ৰজা পাটে এনেতো ভাবি নাচায় যে, “বাট ৰুৱা মানুহ জিৰাবলৈ আলিৰ দাঁতিত দুই চাইটা ঘৰকে সাজি দিওঁ।“ মানুহ হ’ল বুলিনো কিমান সহিৱ আৰু? এই গছৰ ছাঁতে অলপ জিৰাই লওঁ আগেয়ে। ( বহে )

( কঠালগুটিৰ প্ৰবেশ। )

কঠালগুটি। কি-অ’ নালীয়া কাই, কি কৰিছ ইয়াত বহি? তই

হলে বহুত দিন জীয়াই থাকিবি পাই। পিচে নালীয়া কাই, কোন ফালে নো আগমন কৰা হৈছে?

নালীয়া ৷ কোন অ’কঠালগুটি নে কি অ’; তই নো আকৌ

ক’ৰপৰা ওলালিহি? মই ৰজা ঘৰৰ ফালে যাম বুলি আহি ৰদৰ কোব সব নোৱাৰি এই গছৰ ছাঁত টিকা চপৰাওঁতেই তই ওলালিহি। পিচে তোৰ ঘৰৰ ফালে ভাল নে?

কঠালগুটি। এৰা কাই, ঈশ্বৰৰ চৰণে আৰু অলপ ভালে ৰাখিছে।

মই ৰজা ঘৰৰ ফালৰপৰা আহিলোঁ। পিচত গাঁঠিত চালি-তালি এডোখৰ আছে যদি দে তাকেই চোবাওঁ। ( নালীয়াৰ ওচৰতবহে )

নালীয়া। ৰজা-ঘৰৰপৰা আহিলি তামোল এখনো খাবলৈ নেপালি

নেঅ’?

কঠালগুটি। এ ক’ত তামোল পাবি কাই! ৰজাৰ ঘৰত যিহে

দুৰ্গতি হৈছে, ৰাজাই থাকেনে ৰাজ্যই যাকে একো ঠিক নাই।

নালীয়া ৰজাৰ নো আকৌ কি হল অ’কঠাল-গুটি?
কঠালগুটি। বৰ বিপদ কাই,বৰ বিপদ।ৰাজ্যৰ সকলোৱে

শুনিছে, তই শুনা নাই নে?

নালীয়া। কচোন বাৰু, কি বৰ পিপদ। তোৰে শপত, ম‍ই

গমকে পোৱ৷ নাই একো।

কঠালগুটি। কিবা কথাৰ বাবে হেনে৷ ৰজাই সীতাক হাবিলৈ

খেদি দিলে। এতিয়া সীতাৰ শোকত ৰজাতো মুৰ্চ্ছা গৈ আছেই, আনবোৰে ও হাহাকাৰ কৰি ফুৰিছে।

নালীয়া। হয় নে কঠাল-গুটি, বৰ ভাল কৰিলে ৰজাই। সেই

জনী মাইকীত কি বিশ্বাস আছেহোঁ? হাবিৰ মজাৰ- পৰা চুৰ কৰি নি ঘৰত ৰাখিলে, তাত কিমান মদ, ভাত মঙ্গহ খুৱালে তাৰ কি টায়ন আছে? মই সি দিনা দেউতাৰ শৰাধৰ বাবে লঘোন খাটিয়ে গম পাই- ছোঁ। মোৰ এদিনতে ইমান; আৰু তাই অতক দিন নোখোৱাকৈ আছিল নে? কেতিয়াও নহয়। যি জনীহে মাইকী তাৰ বাহিৰে আকৌ বা কি? নহয় জানো বাৰু?

কঠালগুটি। মোৰ মনে হলে সীতাক তেনে যেন নালাগে কাই ৷

কিন্তু, কবও নোৱাৰি মাইকী মানুহৰ মনতেও। হওঁতে একৰকম ভালেই হল দে।

নালীয়া বাৰু চা আমাৰ মাজতে ভাবি।

তাইৰ যে জাত থোৱা নাই, তাক কেনেকৈ জানিবি? ম‍ই এই কথা, ৰজাক আগেয়ে কৈছিলোঁ যে ৰাণীৰ আৰু জাত নাই। আপুনি ৰাণীক এৰি পেলাওক; মই এওঁতকৈ ভাল

ছোৱালী এজনী আনি ৰাণী কৰি দিম। পিছে ৰজাই

আকৌ তাইক এৰিবকে নোৱাৰে। বাৰু, চা কঠাল গুটি, মই কিমান মানুহক ছোৱালী আনি দিলোঁ, কোনোবাই জানোবয়া বুলি ফিৰাই দিছে? সিদিনা টিকাকটা বৰুৱাৰ পুতেক কাণকটা বৰুৱালৈ যি জনীহে ছোৱালী আনি দিছোঁ, তাইৰ ৰূপতে বাপেকে দিনতে ঘৰ খন পোহৰ হৈ থাকে নহয়। ৰজাক জানো নোৱাৰিলোঁ হেতেন!

কঠালগুটি। ভাল বিচাৰ উলিয়ালি কাই!
নালীয়া। উলিয়াম তো। তই মানুহটো যেনে কটীয়া তোৰ-বুদ্ধিৰ চুঙ্গাটো ও তেনে কটীয়া। কি ঢুকি পাবি!

তই সীতাক যে ভাল বুলি ভাবিছ, পিচে ৰাৱণটৈ মনত পৰি তাৰ ছবিটোকে আঁখি তাৰ ওপৰত শুই থকা কথা জানো শুনা নাই?

কঠালগুটি। হওঁতে শুনিছিলো। সেই গুণেহে আজি খেদিলে হব

পায়। বাৰু যি হবৰ হল; আৰু এই বোৰ কথাৰ দৰকাৰ নাই। ৰজা এনেয়ে ঘৈনীয়েকৰ চিন্তাত আধামৰা, তাতে আকৌ যদি এইবোৰ কথা শুনি কোনোৱাই ৰাজক কয় গৈ তেন্তে আমাৰ ফালে দিহা লাগিব। বল আৰু কাই এই ফালে যাব নালাগে

নালীয়া। এৰা কঠলগুটি কব নোৱাৰি; “ধানটোৱে পতি

কণটো, মানুহটোৱে পতি মনটো।” বল আৰু ঘৰলৈ বাওঁ, ইয়াত থকা যুগুত নহয়

(দুইবো প্ৰস্থান। )

৩য় দৰ্শন—ফুলনি।
সীতা শুই থাকে ঊৰ্ম্মিলা আৰু সখী সকল
ওপৰত থাকে।

সখীসকল।  

গীত!


আহাঁহে সখি আহাঁ আহাঁ,
 যাওঁ সকলোৱে ফুলনি লৈ;
ফুলৰ গোন্ধত বলিয়া ভোমোৰা
 ফুৰিছে কি দৰে বি ভোলহৈ।
পাতৰ মাজত কুলিয়ে মাতিছে,
ফুলে ফুলে মিলি আপুনি হাঁহিছে,
বসন্ত-মলয় বইছে কেনে,
 আহাঁ সৱে মিলি নাচিম গৈ।



উৰ্ম্মিলা।  চোৱা সখি, ফুলৰ অপূৰ্ব্ব শোভা।
জাতি যুই ‘সেফালিক।’ আদি কত ফুল,
মনৰ আনন্দে কেনে,
ফুলি আছে জক্‌ মক্‌ কই!
নিলাজ ভোমোৰা তাতে
ফুলে ফুলে মউ পান কৰি,
মনৰ আনন্দে সখী,
চোৱাঁ কেনে ফুৰে নাচি নাচি!

১ম সখী।  চোৱাঁ আৰু সখি,
সূৰ্য্যৰ লগত যেন খেলে ছাঁয়াদেবী;
খেলি খেলি লাগিছে আমনি,
সিকাৰণে সখি,
আছে ছাঁয়া জিৰণি পাটীত।
২য় সখী।  চোৱাঁ সখী,
পাতৰ আঁৰত থাকি চৰাইবিলাকে,
বিধে বিধে গায় গীত উলাত মনেৰে।
৩য় সখী।  চোৱাঁ আৰু সউ জোপা ফুল,
আশ্ৰয় বিহনে কেনে পৰিছে বাগৰি।
সীতা।  চোৱাঁ নাথ,
কাৰ ই সন্তান
খাইছে মাকৰস্তন?
ইকি?
১ম সখী।  কিয় সখী মাটিত শুইছা
কঠিন মাটীত শোৱা শোভেনে তোমাৰ?
সীতা।  সখী,
দেখিছিলো অদ্ভুত সপোন;
আশ্ৰম মাজত যেন
নাথৰ চৰণ ধৰি,
শুই আছো মাটিত বাগৰি;
সুকোমল শিশু দুটি খাইছে পিয়াহ
আহা, কি যে বিতোপন শোভা দেখিছিলোঁ।
তাতে উলাহতে কলোঁ⸺

চোৱা নাথ কাৰ ই সন্তান
সাৰ পাই চালোঁ চকু মেলি
সেদেখিলো কিন্তু সখি কেনি গ’ল নাথ ৷
তোমাসাক দেখিছোঁ কেৱল।
উৰ্ম্মিলা ।  ভাগ্যৱতি
যি দৰে দেখিলা সপোন
সি দৰে তোমাৰ পতি ও
অপি দুটি সুকোমল শিশু,
শুমুজিত প্ৰেমৰ ধাৰ;
ছায়া তাৰ দেখিলা স্বপ্নত।
সীতা ৷  সখি, প্ৰাণ নাথ গল কেনি,
নেদেখিলোঁ কিয়?
উৰ্ম্মিলা ।  সখি,
স্বপ্ন এটি মনৰ ভাৱনা;
শয়নত, সপোনত কিম্বা সজাগত,
পতিৰ বিচ্ছেদ তুমি নোৱাৰা সহিব;
সিহেতু স্বপ্নত তুমি দেখিলা ই দৰে।
সীতা ।  সখি,
নামানে বুজনি মোৰ অবোধ পৰাণে;
বিশেষতঃ,
ঘনে ঘনে কুলক্ষণ দেখিব লাগিছোঁ।
যেন সমীৰণে কয়,⸺
“সাৱধান, সাৱধান,
সীতাৰ বিচ্ছেদ দুখ পালেহি ওচৰ।”

যি মানে শুনিছোঁ এই কথা চা
সিমানে পৰিছে মনত মোৰ,
তাহানিৰ মায়া-মৃগ ৰূপ।
উৰ্ম্মিলা।  অকাৰণে দুখ তুমি নকৰা সুন্দৰি!
সঁচা নোহে সপোনৰ কথা।
কোৱা বাৰু সখি,
লঙ্কাৰ ফুলনি আৰু আমাৰ ফুলনি,
কোনটি শুৱনী বেচি?
সীতা।  ক্ষমা সখি, সেই বাবে মোক।
ৰাম-নাম ধ্যান মোৰ,
ৰাম-নাম জপ,
ৰামৰ চৰণ বিনে নাই-একো চিন্তা
দিন-ৰাতি নাই ভেদাভেদ,
চতুৰ্দ্দিকে ৰাম-মূৰ্ত্তি ওপঙ্গে চকুত।
শুনো যদি কেতিয়াবা গছত কুলিৰ মাত,
ৰাম-মাত বুলি মোৰ হয় অনুমান।
উৰ্ম্মিলা।  বহু দিন অৰণ্যত বনদেবী ৰূপে,
কৰিছা ভ্ৰমণ তুমি;
দণ্ডকাৰণ্যৰ কথা আছেনে মনত?
সীতা।   সখি,
নাপাহৰোঁ অৰণ্যৰ কথা
জুয়ে পোৰে যদি মোক,
বুৰো যদি পানীত কাচিতো,
নাপাহৰো তথাপিতো বনৰ কাহিনী।

দেখিলে ম’ৰাৰ চালি গছৰ ডালত,
আত্মহাৰা হওঁ ততালিকে;
গছৰ ডালত শুনি কোকিলৰ ৰাৱ,
মন নাচি উঠে ঘনে ঘনে;
হৰিণা-পোৱালি সমে
ফুৰোঁ সখি, ভাই ভনীৰূপে
উৰ্ম্মিলা।  দহ মুৰ, কুৰি হাত থকা বুলি ৰাৱণৰ
শুনিছোঁ সুন্দৰি,
কিৰূপে নো বেশছন্ কৰিলে ৰাৱণে?
ৰাক্ষসৰ চিন তাৰ নাছিল নে সমুলি?
সীতা।  জানি শুনি সখি মোক,
কিয় দিয়া বিপদ চপাই?
দেখিছিলোঁ মাত্ৰ এটি ঋষি
নাছিল সিমান লক্ষ্য তাৰ প্ৰতি মোৰ
ৰামৰ বিহনে সখি,
আছিলোঁ মৰাৰ দৰে।
যেতিয়া শুনিলোঁ মই,⸺
আহাঁ শীঘ্ৰে ভৈয়াই লক্ষ্মণ,
ৰাক্ষসে বধিলে মোৰ প্ৰাণ,
জ্ঞানহাৰা ততালিকে।
নাথৰ সাহায্য হেতু পাচি লক্ষ্মণক,
দিলোঁ ভিক্ষা আগ বাঢ়ি গই।
সুঁৱৰিলে সি সব কাহিনী,
ধৈৰ্য্য আৰু নাথাকে দেহত।

উৰ্ম্মিল৷।  দহমুৰ, কুৰি হাত দেখিলা কেতিয়া?
সীতা।  পাপিষ্ঠে তুলিলে মোক যেতিয়া ৰথত,
পৰাস্তি জটায়ু পক্ষী,
বায়ু সম গতি কৰি গ’ল লঙ্কামুখে,
আছিলোঁ মৰাৰ দৰে দুই চকু মুদি।
শুনিলোঁ তেতিয়া মই,
সাগৰেও যেন অভাগীৰ বাবে,
‘তৰ তৰ’ শব্দ কৰি কান্দিব লাগিছে;
চক্‌ খাই চালোঁ চকু মেলি,
কি ভীষণ পৰ্ব্বতাকৃতি ৰাক্ষসৰ ছায়া,
ওপঙ্গিছে পানীৰ বুকত।
দেখিলো তেতিয়া মই,
যেন দহমূৰে দহ গোটা পৰ্ব্বতৰ টিং,
গছ লতা ৰূপে শোভে কুৰি হাত তাৰ।
মৰমৰ সখি,
পৰিলে মনত সেই ভীষণ মূৰতি,
গাৰ লোম উঠে থিয় হই।
উৰ্ম্মিলা।  সখি, কৰোঁ অনুৰোধ,
ৰাৱণৰ ছবি আঁকি দেখুৱা এবাৰ ৷
সীতা।  সখি,
সিটি ছবি পৰিলে মনত,
অন্ধকাৰ দেখোঁ সকলোকে।
এনেৰে আন্ধাৰ সখি আঁউসীৰ নিশা,
তাতে যদি হয় আৰু ডাৱৰ সঞ্চাৰ

সি ছবিটি পৰিলে মনত
তাতোকই বেচি হয় মনৰ আন্ধাৰ।
তথাপিতো সখি,
আকোঁ মই তোমাৰ কাৰণে। (মাটিত ছবি আঁকে,)
১ম সখী।  শুনি সেই ৰাৱণৰ ছবিৰ বৰ্ণনা,
এতিয়াও মোৰ কঁপিছে সঘনে;
তুমি দেখি থাকিলা জীয়াই
হোৱা হলে আমি,
মাৰিলোঁহেতেন তেতিয়াই।
সীতা। চোৱাঁ সখি,
ৰাক্ষসৰ ভয়ঙ্কৰ ছবি।
সকলোৱে।  ইকি, ইকি, ভীষণ মূৰতি।
সীতা!  মৰমৰ সখি সৱ,
অতিকে ভীষণ আৰু লঙ্কাৰ আকৃতি ;
যাৰ মূৰ্ত্তি দেখি,
যমেও আতঙ্ক পায় জীৱনৰ বাবে।
অতিকে ভীষণ আৰু অশোক কানন,
তাতে আৰু লিগিৰীৰ অতি অত্যাচাৰ।
উৰ্ম্মিলা।  লঙ্কাত যি দৰে তুমি
বঞ্চিছিলা লিগিৰী সহিতে,
সিদৰে আমিও লিগিৰী সাজি
দিম শাস্তি যথোচিত ৰূপে।
ফুলেৰে সাজিম বেত
ফুলৰে শিকলি,

ফুলে ফুলে মালা গাঁথি,
দিম শান্তি যথোচিত প্ৰেম-বান্ধনীৰে;
তুলি আনি বন ফুল পুজিম যতনে।
সীতা ৷  সখি, অভাগিনী মই অতি!
উৰ্ম্মিলা ৷  কি কলা সুন্দৰি,
অভাগিনী তুমি?
কোন তেনে আছে ভাগ্যৱতী।
পূজে লোকে শিলৰ প্ৰতিমা,
পূজিম যতনে আমি সজীবিতা দেৱী।
সাক্ষাততে অন্নপূৰ্ণা ৰূপে,
পৃথিবীত লভিছা জনম।
পতি যাৰ ৰামচন্দ্ৰ,
দশৰথ শহুৰ,
কোনে কয় সেই সাৰী অভাগিনী বুলি?
আহাঁ যাওঁ সকলো সখীয়ে
যতনেৰে আনি ফুল তুলি,
পুজিম সীতাক
আজি সকলোৰে মিলি।
[ সখি সকল আৰু উৰ্ম্মিনাৰ প্ৰস্থান]
সীতা ৷  অকলই এৰি থই
গল মোৰ সকলো সখীয়ে;
গা-মন লাগিছে ভাগৰ,
নোৱাৰোঁ থাকিব আৰু,
নিজিৰালে খন্তেক সময়;
লভোঁ শান্তি কিছুপৰ গছৰ ছায়াতে।

(ছবিৰ ওপৰত শোৱে )

( ৰামৰ প্ৰবেশ )


ৰাম।  মনৰ স্থিৰতা আজি নেদেখোঁ অলপো;
হস্থিৰ অবোধ পৰাণ।
ইকি আচৰিত খেলা,
দুৰ্জ্জয় ৰণতো,
কদাপি নহয় মোৰ মন বিচলিত;
নাগ পাশ বন্ধনতো নহলো মহি
কিন্তু,
আজি কিয় হিয়া মোৰ কঁপিছে সঘনে?
হায় বিধি, কি খেলা খেলিছা আজি!
কিয় আজি এনে মোৰ বিপৰীত ভাব?
চেনে হতে পমি যোৱা হিয়া,
ক্ষন্তেকতে হয় কিয় কঠিন ইমান?
চাৰি দিশে দেখিছো আন্ধাৰ;
ঘনে ঘনে পৰিছে মনত আৰু,
সীতাৰ অমীয় সনা সুকোমল মাত।
হায় হায়!
অপযশে পূৰ্ণ হ’ল দেশ;
দুনাৱে দুভৰি মোৰ, নেদেখোঁ উপায়।
(সীতাৰ ফালে চাই) সোণাৰ প্ৰতিমা মোৰ হৃদয়ৰ হাৰ,
কিয় আজি শুইছা মাটিত?
উঠাঁ উঠাঁ, উঠাঁ বিধুমুখি,
হৃদয়ৰ ধন তুমি অভাগা ৰামৰ
উঠাঁ মোৰ শান্তিৰ জিৰণি।

তোমাৰ মুখকে চাই
পাহৰিম হৃদয়ৰ জ্বালা;
বম আৰু চিৰকাল কলঙ্কৰ বোজা।
উঠা মোৰ সোণাৰ সঁফুৰা। ( ধৰিতোলে, )
সীতা।   প্ৰাণনাথ,
ইমান পলম আজি কিহৰ কাৰণে?
নেদেখিলে শ্ৰীচৰণ দুটি,
প্ৰলয় ধুমুহা বলে মোৰ জীৱনত।
কৰিছোঁ কাকুতি প্ৰাণেশ্বৰ,
দুদিনৰ বাবে আৰু
পিঠি দিয়াঁ ৰাজ কাৰ্য্যলই।
যেতিয়া শুজিম মই প্ৰণয়ৰ ধাৰ,
দিম কোলাত তুলি সুকোমল শিশু,
নকৰোঁ তেতিয়া আৰু দাসীয়ে আমনি;
সাধিবা ৰাজ্যৰ কাম নিশ্চিন্ত মনেৰে।
ৰাম।   ( তললৈ চাই ৰাৱণৰ মূৰ্ত্তি দেখি )
( স্বগতঃ ) ইকি, ৰাৱণৰ ছবি?
নিশ্চয় জানিলোঁ,
ফলিল তাৰাৰ শাপ;
মন্দোদৰি,
মনো দুখ গুচিল তোমাৰ
নিশ্চয় জানিলোঁ
কলঙ্কিনী জনক-নন্দিনী।

সীতা।  প্ৰাণেশ্বৰ,
কিয় আজি মলিন বদন,
চিন্তান্বিত দেখোঁ কিয় আজি?
ৰাম।  প্ৰাণেশ্বৰি,
অপূৰ্ব্ব বহস্য কথা,
হঠাৎ পৰিছে মনে
আজি লঙ্কাৰ ঘটনা
যেন চকুৰ আগতে,
জ্বলি আছে ৰাৱণৰ চিতা,
মন্দোদৰী বহি তাত কৰিছে ক্ৰন্দন।
প্ৰিয়,
অপিক্ষিছে সউওৱা লক্ষ্মণে;
আহোঁ মই, ঘূৰিম তুৰন্তে। ( যাবখোজে। )
প্ৰাণেশ্বৰি
ভাল কথা পৰিছে মনত;
আশ্ৰমলৈ যাম বুলি কৈছিলা এদিন,
কোৱাঁ প্ৰিয়ে, যাবানো কেতিয়া?
সীতা।  প্ৰাণেশ্বৰ
দাসীলই যদি এনে হইছে সদয়
বলা তেন্তে যাওঁ আজিয়েই।
ৰাম।  প্ৰিয়ে,
যিবা হয় ভাবি-চিন্তি কৰিম বিধান;
যাওঁ ম‍ই কাৰ্য্যান্তৰে,
দেখা হম ভিতৰত গই।

[ প্ৰস্থান ]

সীতা।   প্ৰাণেশ্বৰ,
ৰাজকাৰ্য্য হেতু যেন নুভুলা দাসীক।
গুচি গল প্ৰাণনাথ,

যাওঁ ময়ো নকৰি পলম।

[ প্ৰস্থান ]।


[ গীত গাই গাই ঊৰ্মিলা আৰু সখী সকলৰ প্ৰবেশ]

সখীসকল।  

( গীত )


ফুলে ফুলে গাঁথি মালা, পিন্ধাম সাদৰি,
 আহাঁহে লগৰী;
জাতি, যুতি টগৰ, মালতী আছে ফুলি ফুলি,
 আহাঁহে লগৰী।
যতনেৰে তুলি পিন্ধাম মালা গাঁথি
যতেক গোলাপ ফুল,
সৌৰভে কৰে আকুল,
ফুলিছে কতনো ফুল উলাহে অলিকুল,
 মধুলোভে ব্যাকুল;
নতুন ফুলৰ নতুন হাৰ নতুন গাঁথনি,
চোৱাঁহে সঙ্গিনী, পিন্ধাম সাদৰি,
 আহাঁহে লগৰী।
উৰ্ম্মিলা।  সখী,
যতনে আনিলোঁ ফুল তুলি,
ছল কৰি সীতা দেৱী লুকাল কেনিবা;
আঁহা সকলোৱে মিলি কৰো অন্বেষণ,
পালে আজি সজাম ফুলেৰে।

[ সকলোৰে প্ৰস্থান ]

৪ৰ্থ দৰ্শন—কক্ষ।

( ৰাম আৰু লক্ষ্মণ। )

ৰাম।  কলঙ্কিনী সীতা মোৰ হৃদয়ৰ জুই,
কিমান সহিম আৰু সীতাৰ কাৰণে;
জন্মাৱধি সহিলোঁ বহুত,
ৰাজপুত্ৰ হৈ হলো বনবাসী;
অন্যায় সমৰ কৰি বধিলোঁ বালীক,
তাৰ বাবে কত দুখ ভুগিলোঁ শেহত;
অলঙ্ঘ্য সাগৰ বান্ধি,
ব্ৰহ্মবধ কৰিলোঁ লঙ্কাত ভাই, সীতাৰ কাৰণে।
হে সূৰ্য্যদেব,
দিবানে পোহৰ অৰু মোৰ অন্তৰত?
নিশাপতি,
নাই আৰু তোমাৰ মধুৰ হাঁহি।
ৰমণীৰ সুমধুৰ, সুকোমল মতি
কানত কণ্টক যেন লাগে;
সমস্ত পৃথিবী যেন দেখোঁ বিষময়;
সিকাৰণে ভাই আৰু
নহয় হেঁপাহ মোৰ সিংহাসনলই।
প্ৰাণৰ লক্ষ্মণ,

জানকীক দিয়াঁ বনবাস,
কলঙ্কিনী সীতা বুলি কয় সকলোৱে।
লক্ষ্মণ।  প্ৰভো,
কোনে পায় তোমাৰ মহিমা;
কি কাৰণে কৰা আজি দাসক ছল না?
ঋষি মুনি সৱে,
কোটী কল্প কঠোৰ তপস্যা কৰি
যাৰ তত্ত্ব না অলপো,
জ্ঞান হীনজনে
সেই তত্ত্ব বুজিম কিৰূপে?
কি লীলা কৰিছা প্ৰভো অজি?
ৰাম।  কি কম লক্ষ্মণ আৰু
বেশ্যা নাৰী সীতা;—
অশোক কানন মাজে ৰাৱণৰ ছবি আঁকি
শোৱে সীতা তাৰ ওপৰত,
দেখিলোঁ সাক্ষাতে মই।
মোৰ দৰে কাপুৰুষ
আছেনে কোনোবা আৰু ৰঘুৰ কুলত?
নাজানো লক্ষ্মণ,
কিয় দোষ ৰমণী বধিলে!
ছি ছি! হাবিৰ মাজত,
সীতাৰ কাৰণে মই কান্দিলো অশেষ,
নকৰিলোঁ ব্ৰহ্ম বধে ভয়;
বিষবৃক্ষ ৰুই হৃদয়ত,

লভিছোঁ এতিয়া তাৰ বিষময় ফল।
ধিক্ মোৰ হৃদয়ত,
ধিক্‌ ম‍ই দশৰথ পুত্ৰ!
লক্ষ্মণ।  দয়াময়,
চিৰ অনুগত, দাস ম‍ই তযু চৰণত,
নিদাৰুণ কথা আজি শুনো কি কাৰণে?
জনক নন্দিনী সীতা মাতৃতুল্যা মোৰ।
ৰাম।  নাৰীৰ কুলটা ৰীতি
নাজানা লক্ষ্মণ তুমি।
লক্ষ্মণ।  প্ৰভো,
আজন্ম সেবিলোঁ শ্ৰীচৰণ,
শ্ৰীচৰণ জ্ঞান মোৰ, শ্ৰীচৰণ ধ্যান,
পাহৰিলোঁ ৰাজ্য মুখ শ্ৰীচৰণ চাই ;
শ্ৰীচৰণ প্ৰসাদতে আৰু
নিদ্ৰাকো কৰিলো জয় দ্বিসপ্ত বছৰ।
বান্দৰৰ জয়ধ্বনি শুনি
প্ৰবেশিলে সমৰক্ষেত্ৰত যেবে
দুৰ্ম্মতি ৰাৱণ,
তাকো পৰাজিলুঁ প্ৰভো চৰণ কৃপাত।
হে অনাথ নাথ,
পাদাশ্ৰিত জনে আজি,
কিয় কৰা এনে বজ্ৰাঘাত;
প্ৰভো শিকোঁৱা দাসক,—
জানকী সুধিব যেবে

“দেৱৰ লক্ষ্মণ!
হিংস্ৰ জন্তু পৰিপূৰ্ণ বনৰ মাজত
কেনি যাম অকলই অনাথিনী হই”
কেনেকই বুজাম তেতিয়া?
দুৰ্ঘোৰ আন্ধাৰ নিশা জিলীৰ মাতত,
ভয়াতুৰা সীতা দেৱী মাতিব যেতিয়া
“ক’লৈ গ’লা দেৱৰ লক্ষ্মণ” বুলি
কি সতেৰে উভতি আহিম ?
প্ৰভো, বধাঁ ই দাসক,
নতু দিয়া বন বাস;
আনক আদেশি নতু
জানকীক দিয়াঁ বন বাস;
সোণাৰ প্ৰতিমা দিয়া পানীত বুৰাই।

ৰাম।  সদায় সৰল মতি তোমাৰ লক্ষ্মণ;
সিকাৰণে তুমি,
নাৰী-ৰীতি নাজানা সমুলি।
বেশ্যাহেতু অহল্যাও,
শিলামূৰ্ত্তি পতিৰ শাপত;
যেতিয়া বালীক ভাই নাশিলোঁ যুদ্ধত,
পতিৰ ভৰিত পৰি পাগলিনী প্ৰায়,
কান্দিলে কতনো তাৰা স্বামী-বিয়োগত;
চোৱাঁ তাৰ দুদিনৰ পাচে
সুগ্ৰীৱক পতিৰূপে কৰিলে বৰণ।

অম্বিকাৰ কৃপাবলে
নাশোঁ যেৱে দুৰ্জ্জয় ৰাৱণ,
মন্দোদৰী কান্দিলে কতনো
প্ৰিয় স্বামীৰ মৃত্যুত;
দেখিলে চকুৰ পানী
পৰ্ব্বত নিজৰা বুলি হয় অনুমান;
কিন্তু চোৱাঁ তাৰ দুদিনৰ পাচে
বিভীষণ সমে তাৰ বাঢ়িলে প্ৰণয়;
পাহৰিলে পতিৰ সকলো শোক ৷
মোহিনীৰ মায়াৰ জালত
আছিলোঁ আবদ্ধ মই,
সেই বাৰে,
হৃদয়ত দিলোঁ ঠাই কাল সৰ্পিণীক;
পদাঘাতে ভাঙ্গিলোঁ নিজৰ মুৰ।
হায় হায় অকলঙ্ক ৰঘুকুল,
কলঙ্কৰ ডাৱৰে ঢাকিলে!
হাঁ সীতা মমতাৰ ধন মোৰ
তুমিও এনে হলা বিষময়?
তুমি ও এনে হলা বিষময়?
যি মহা শৰেৰ
সীতাৰ উদ্ধাৰ হেতু অম্বিকা পদত
নিজ চকু দিবলই নহলোঁ কুণ্ঠীত,
সি মহা শৰেৰ ছিঙ্গি মমতাৰ বান্ধ
দিম আজি বন বাসে প্ৰাণৰ পুতলি।
যোৱাঁ ভাই অতি সোনকালে,

কলঙ্ক অগ্নিয়ে আজি দহে হিয়া মোৰ;
লক্ষ্মণ।ৰঘুমণি ক্ষমিবা দাসক ৷
ৰাম।  বুজিলোঁ এতিয়া ভাই,
ঘিণ কৰি পামৰক তুমিও এৰিলা;
সিবাৰে নুশুনা আজি কথা।
হায় হায় অস্থিৰ লাগিছে মোৰ মন।
লক্ষ্মণ ৷  বজ্ৰাঘাত,
শত বজ্ৰাঘাত হ’ক মোৰ শিৰে;
পৃথিবী হোৱাঁ তুমি দুইখণ্ড,
পশোঁ মই তোমাৰ গৰ্ভত।
চক্ষু এতিয়া ও ফুটা নাই কিয়?
ৰাবণৰ ছলনাত ভুলি
যি দিনা জানকী মোক,
কৰিছিল দুৰ্ব্বাক্য প্ৰয়োগ,
সি দিনাহে জ্বলিছিলি তই;
হই ছিল শত বজ্ৰাঘাত;
আজি, পুনঃ সেই বজ্ৰাঘাত?
দয়াময়,
পালিম তোমাৰ আজ্ঞা,
তোমাৰ আদেশে আৰু
দাৰুণ বজ্ৰকো মই ল’ম বুকুপাতি।
জ্যেষ্ঠ তুমি পিতৃতুল্য মোৰ;
কিন্তু,
এই দুঃখ থাকিল মনত

প্ৰাণপণে সেবিলোঁ তোমাক,
তাৰ বাবে এই ফল দিলা ই দাসক।
সূৰ্পনখাৰ নাক-কান কাটি,
নাৰীৰ কৰিলোঁ অপমান,
সিবাবে,
দাসৰ মুৰত দিনা কলঙ্কৰ বোজা
ৰাম।  ভাই, আছে এটি উপায় ইয়াৰ,⸺
আশ্ৰমলৈ যাম বুলি
কই ছিল জানকীয়ে মোক;
কবা জানকীক
কাৰ্য্যৰ গতিকে তেওঁ নোৱাৰিলে যাব,
সিহেতু পঠালে মোক,
ব’লা এৱে আশ্ৰম উদ্দেশে।”
ছলনাৰে ভুলাই সীতাক,
থই আহা ঋষি আশ্ৰমত;
ভাগ্য বলে মুনি পত্নী সহ মিলি
কি জানিবা খণ্ডে মহা পাপ?
লক্ষ্মণ।  কৰিছোঁ প্ৰতিজ্ঞা প্ৰভো,
প্ৰাণ-পণে কৰিম পালন।
( লক্ষ্মণৰ প্ৰস্থান।)
ৰাম।  যোৱোঁ শীঘ্ৰে নকৰি পলম।
( স্বগত ) কন্দিছে পৰাণ মোৰ
সীতা আৰু লক্ষ্মণৰ বাবে।
দেখিলে চকুৰ পাণী,

চেনে হতে পমি যায় হিয়া।
অকলে সীতাক এৰি হাবিৰ মাজত
কিৰূপেনো আহিব লক্ষ্মণ?
দয়া কৰাঁ দনুজ দলনি!
ৰণে বনে দুৰ্গন সঙ্কটে
ৰাখি আছা দাসক তোমাৰ;
ইবাৰো কৰুণা কৰি
ৰাখাঁ আই বিপদ-বাৰিণি।
মহিষাসুৰ বধৰ কালত
চৌদিকে কৰিলা তুমি যি দৰে আন্ধাৰ,
দিযঁ৷ আজি অন্তৰত সেই অন্ধকাৰ।
আই, বংশ-মান ৰক্ষাৰ কাৰণে,
হৃদয়ত দিয়াঁ বল, বাহুত শকতি;
চকুৰ পানীৰে,
উটাওঁ আই কুলৰ কলঙ্ক।


দ্বিতীয় অঙ্ক।


১ম দৰ্শন—নৈৰ দাতি।

( সীতা আৰু লক্ষ্মণ )

সীতা ৷   প্ৰাণেশ্বৰ সমে,
ফুৰিলোঁ অনেক দিন এই অৰণ্যত,
কি যে বিতোপন শোভা আছিল ইয়াৰ;
কিন্তু আজি,
সকলোকে দেখোঁ বিপৰীত।
যেন বগা মেঘ বোৰে
কৰি খেলা সূৰ্য্যৰ লগত,
প্ৰেম ভৰে ধৰিছে সাবটি;
ৰম্য কাননৰ মাজে,
লতা বোৰ আশ্ৰয় বিহীন হই
পৰি আছে মাটিত বাগৰি।
কোৱাঁহে লক্ষ্মণ,
কিহেতু নাহিল প্ৰাণেশ্বৰ?
লক্ষ্মণ ৷   চোঁৱা দেবি,
অস্তাগত প্ৰায় দিনমণি,
বলা শীঘ্ৰে অবিলম্বে আহিম উভতি।
সীতা ৷  নৈৰ কি মোহিণী শক্তি,

নোৱাৰোঁ বুজিব মই ;
যেন গুণ গুণ স্বৰে,
সৰযুৱে সম্ভাষিছে মোক।
সমীৰণে যেন মাতিছে সাদৰি;
পুৰণি মধুৰ স্মৃতি,
বংশীধ্বনি সম লাগিছে কাণত;
মায়া-মৃগ কথা হেৰা পৰেনে মনত?
লক্ষ্মণ।  ( স্বগতঃ ) মায়াধৰ আগতে তোমাৰ।
( প্ৰকাশ্যে) বলা দেবি সত্বৰ গমনে
গধুলি আহিছে আগ বাঢ়ি।
    ( সুমন্ত্ৰৰ প্ৰবেশ ৷ )
সুমন্ত্ৰ।  বীৰবৰ সৌ গছৰ তলতে
ৰথ সাজি বান্ধি থৈছে৷ ঘোৰা
লক্ষ্মণ।  সুমন্ত্ৰ,
ৰ’বা তুমি খন্তেক সময়;
বলা দেৰি,
বিলম্বৰ নাই প্ৰয়োজন।
[ সীতা আৰু লক্ষ্মণৰ প্ৰস্থান। ]
সুমন্ত্ৰ।  আজি ধৰি শক্তিহীনা অযোধ্যা নগৰী।
কোনে বুজে দেৱতাৰ লীলা?
কলঙ্কিণী সীতা বুলি,
নহয় বিশ্বাস কাৰো।
কোনে জানে এই বুঢ়া বয়সত

ই হেন দাৰুণ কষ্ট লাগিব ভূগিব?
লীলাময়,
কোনে বুজি মহিমা তোমাৰ!

২য় দৰ্শন——হাবিৰ মাজ।

( সীতা আৰু লক্ষ্মণৰ প্ৰবেশ। )
সীতা ৷  চোৱাঁ চোৱাঁ দেৱৰ লক্ষ্মণ,
অমঙ্গল প্ৰতি পলকতে; —
ভয়ত পলায় বনচৰ,
বাওঁ চকু নাচে ঘনে ঘনে;
শুনা, শুনা ভৈৰৱ গৰ্জ্জন,
ভূমিকম্প বুলি যেন হয় অনুমান।
আকাশত মেঘ বোৰে,
ঘূৰি ফুৰে ইফালে সিফালে;
মাজে মাজে মেঘৰ মুখেৰে,
প্ৰাকাশিছে অগ্নিৰ কিৰণ।
চোৱাঁ ঘোৰ অন্ধকাৰ আহি,
আগুৰিলে দশো দিক;
ঘোৰ ঢেৰেকণি শুনি বন্য জন্তুবোৰে,
ভয় পাই চিয়ঁৰি ফুৰিছে।
ক’লৈ যাওঁ ই হেন সময়?

প্ৰলয় বেগেৰে বলিছে বতাহ,
গছ লতা বোৰে,
‘মৰ, মৰ’ শব্দ পৰিছে বাগৰি।
মাজে মাজে বিজুলীৰ চমকত,
নাচিছে প্ৰকৃতি যেন পাগলিনী প্ৰায়;
অবিৰত বাৰিধাৰা কৰিছে বৰ্ষণ;
ঘোৰ নাদে গজ্জিছে পৱন।
বলা ভাই,
যাওঁ ফিৰি ৰাজপুৰীলই।
লক্ষ্মণ।  শুনা দেবি জনক নন্দিনী,
ৰামৰ আদেশ আজি তযু বনবাস;
শুনা আৰু কওঁ মই ধৰ্ম্ম সাক্ষী কৰি,
ৰাম-আজ্ঞা শিৰোধাৰ্য্য মোৰ;
থাকে মানে দেহত পৰাণ,
নোৱাৰোঁ লঙ্ঘিব মই ৰামৰ আদেশ।
কিন্তু দেবি,
ৰাম লীলা নোৱাৰো বুজিব।
( স্বগতঃ ) লক্ষ্মী স্বৰূপিণী জনক নন্দিনী
পুত্ৰৰ সদৃশ মই।
ৰঘুমণি,
ই হেন দাৰুণ কষ্ট,
কিয় দিলা দাসক তোমাৰ?
কিক্ষণত জনমিলোঁ মই,—
ধিক্ ধিক্ বলবীৰ্য্য ধিক্কাৰো শতেক ৷

সতী সাধ্বী অবলা ৰমণী সীতা,
তাক আজি বনবাস দি,
ভাল কীৰ্ত্তি ৰাখিলোঁ ধৰাত!
ইয়াৰ আগেয়ে,
মৃত্যু মোৰ নহল কি হেতু?
[ ধীৰে ধীৰে লক্ষ্মণৰ প্ৰস্থান ]
সীতা।  ইকি হ’ল মোৰ,
কি কথা সুনিলোঁ মই?
পতি মোক দিলে বনবাসে?
নিষ্ঠুৰ পৰাণ,
এতিয়াও আছ তই মোৰ হৃদয়ত।
ইন্দ্ৰ,
কৰাঁ বজ্ৰাঘাত অভাগীৰ শিৰে;
হে অগ্নি দেৱতা
এতিয়াই অভাগীক কৰা ভস্মীভূত।
প্ৰলয় ধুমুহা,
নাই নেকি দেহত শকতি,
অভাগীক বধিবৰ হেতু?
আই বসুমতি,
যোৱাঁ তুমি ৰসাতললই।
লক্ষ্মণ, লক্ষ্মণ,
আহা, শূন্যময় দেখিছোঁ সকলো।
জগত-জননি,
এয়েনে আছিল আৰু তোমাৰ মনত ?

যোৱাঁ, যোৱাঁ নিৰ্দ্দয় লক্ষ্মণ,
পাঁচমাহ গৰ্ভৱতী মই,
উদৰত ৰামৰ সন্তান,
সিহেতু ৰাখিলোঁ আজিপ্ৰাণ।
চিৰ সহচৰ তুমি আছিলা লক্ষ্মণ,
কিহেতু এৰিলা আজি মোক?
যোৱা বাৰু ৰামৰ সমীপে,
নিবেদিবা চৰণত দাসীৰ প্ৰণাম;
জন্মে জন্মে পাওঁযেন ৰামহেন স্বামী,
কিন্তু,
সীতা হেন নাৰী নহয় কদাপি। ”
নিৰ্দয় বিধাতা,
খোজা নাই একে৷ ধন,
দিছিলা শ্ৰীৰাম-ৰত্ন কৰি লগৰীয়া;
কিয় অকালতে নিলা কাঢ়ি?
বৰ আশা আছিল মনত,
সুকোমল শিশু অৰ্পি ৰামৰ কোলাত,
প্ৰেমধাৰ শুজিন প্ৰভুৰ;
কিন্তু
বিধি মোৰ মাজতে পথালি।
মাতৃহীনা ম‍ই,
সিকাৰণে বসুমতী,
মাতিছোঁ তোমাকে আই বুলি
ৰাখাঁ আই তনয়াক বিপদ কালত।

হিংস্ৰজন্তু পৰিপূৰ্ণ বনৰ মাজত,
অকলে অকলে মই যাওঁ কোন ভালে;
দুৰ্গতি হাৰিণী দুৰ্গা,
বিপদত ৰাখিব দাসীক।
( অলপপৰ ৰৈ ) কি কৰে৷, কলৈ যাওঁ,
কোনেনো ৰাখিব মোক ইহেন সময়।
হে অন্নপূৰ্ণা,
অশোক কানন মাজে
অন্নদানে ৰাখিছিলা প্ৰাণ;
এতিয়াও বিপদে পৰি মাতিছে দাসীয়ে,
দিয়াঁ ঠাই তযুচৰণত।
( বাল্মীকিৰ প্ৰবেশ )
বাল্মীকি।  কাৰ কণ্ঠস্বৰ শুনিলোঁ হঠাৎ?
হয় অনুমান,
অবলা ৰমণী কোনো বিপদত পৰি,
আৰ্ত্তনাদে কান্দিব লাগিছে;
যাওঁ বাৰু কিছু আগবাঢ়ি।
[ দোখোজ মানগৈ সীতাক দেখি ]
কোন তুমি আই,
কিকাৰণে,
বিষণ্ণ মনেৰে বহি হাবিৰ মাজত,
কান্দি কান্দি হইছ৷ আকুল;
আকৃতি প্ৰকৃতি দেখি,
দেবী বুলি হয় অনুমান,

দিয়াঁ দেৱি শীঘ্ৰে পৰিচয়।
সীতা।  চিৰ অনাথিনী ম‍ই ৰামৰ ঘৰিণী। (মুৰ্চ্ছা )
বাল্মীকি।  ধিক্ ধিক্ শত লেখনী তোমাক;
কিয় নই কলুষিত কৰিলি হাতক;
সীতাহেনে ৰমণীৰ এনুৱা দুৰ্গতি;
উঠাঁ উঠঁ জগত জননি,
সত্বৰে ইয়াৰ ফল পাবা হাতে হাতে। ( ধৰিতোলে, )
সীতা।  কোক তুমি সদাশয়?
সীতা মই জনম দুখিণী ৷
নাজানিলোঁ আই কেনে ফুৱা,
ৰাজৰ্ষি জনক মোৰ পিত;
সূৰ্য্যবংশ কুলবধু মই,
শহুৰ মোৰ ৰজা দশৰথ
সূৰ্য্যবংশ শিৰোমণি ৰামচন্দ্ৰ স্বামী।
মোৰ বাবে অনাথিনী তাৰা,
মন্দোদৰী পতিপুত্ৰহীনা,
ময়ো আজি অৰণ্য বাসিনী;
পতি মোক কৰিলে বৰ্জ্জন।
গৰ্ভত ধৰিছোঁ মই ৰামৰ সন্তান,
ৰক্ষা তাক কেনেকই,
পাপপ্ৰাণ ৰাখোঁ বা কিমতে?
বাল্মীকি।  নকৰা আক্ষেপ দেবি;
বিধি লিপি না যায় খণ্ডন,
নিজ নিজ কৰ্ম্মফল ভুগিব লাগিব;

সিকাৰণে, ধৈৰ্য্য ধৰাঁ জনক নন্দিনী।
এনেয়ে দুৰ্ব্বল দেহ,
তাতে যদি ধৈৰ্য্য হীন হোৱা,
নিশ্চয় ঘটিব দুযু দুৰ্ঘোৰ বিপদ।
বাল্মীকি দাসৰ নাম,
ওচৰতে কৰিছোঁ আশ্ৰম
বলা দেবি,
আশ্ৰম পৱিত্ৰ হোক চৰণ স্পৰ্শত।
সীতা ৷   প্ৰভো, দয়া কৰাঁঁ দুখিনীক,
নিজৰ তনয়া বুলি কৰাঁ প্ৰতিপাল ;
সদায় মনত ভয় গৰ্ভৱতী বাবে।
বাল্মীকি।   বলা আই,
জনক নন্দিনী সতী ৰামৰ ঘৰিণী
শান্তি হ’ক ক্ষুদ্ৰ তপোবন।
সীতা।   দিয়াঁ শাস্তি শান্তি বিধায়িনি!
শান্তিৰ নামত তুমি দেবি সনাতনী ;
শান্ত কৰি ভ্ৰান্ত মন মোৰ,
জগত জননি,
শিকোৱাঁ দাসীক আই জননীৰ প্ৰেম।
আঁতৰিল সকলো ভৰসা মোৰ
প্ৰেম বান্ধি ৰাখাঁ সংসাৰত।
( পেটত হাতদি ) কোন্ অভাগাই আহি,
উদৰত লইছ থিতাপি?
[ দুয়োৰে প্ৰস্থান। ]

৩য় দৰ্শন—-সৰযুনৈৰ দাঁতি।

( লক্ষ্মণ আৰু সুমন্ত্ৰ। )
লক্ষ্মণ।   শুনাহে সুমন্ত্ৰ,
যোৱাঁ তুমি ৰাজধানী লই,
সৰযু-পানীত মই,
পাপ-প্ৰাণ কৰোঁ বিসৰ্জ্জন।
শুনা শুনা —
সমীৰণে কয় ঘনে ঘনে
“উন্মাদিনী, সৱে উন্মাদিনী। ”
সেই উন্মাদ আৰাৱ
স্বকৰ্ণে শুনিছোঁ মই;
উন্মাদিনী নিস্বসৰ বলে,
হাবিত ভাঙ্গিছে গছ,
পাতালত কঁপিছে নাগিনী।
বিষশ ব্যাকুলা সতী
কান্দে সদা পাগলিনী হৈ
শুনি সেই উন্মাদ আৰাৱ
যেঘৰ লাগিছে ভয়;
সৌৱা, পাচে পাচে মোৰ
আছে সেই উন্মাদ আৰাৱ;

লুকাই থাকোঁগৈ মই সৰযু-গৰ্ভত ৷
সুমন্ত্ৰ।   বিজ্ঞ তুমি বীৰ বৰ
বুজাবৰ শক্তি নাই মোৰ;
অনৰ্থক কিয় তুমি কৰিছা বেজাৰ?
আছিল পূৰ্ব্বৰ যিটো কপালত লিখা,
সেয়ে এষে ঘটিল শেহত।
লেশমাত্ৰ দোষ নাই তযু
পালিছা ভ্ৰতৃৰ আজ্ঞা,
বিশেষতঃ ভ্ৰাতৃৰ কথাত
কৰিছা দুষ্কৰ কাম;
বীৰবৰ,
ভ্ৰাতৃ প্ৰেম পালিছা যতনে।
নাজানে৷ ইমান বেলি
কি কৰিছে ৰঘূনাথে সীতাৰ কাৰণে।
লক্ষ্মণ।   মেঘনাদৰ ভীষণ নাদতো
নকঁপিল হিয়া মোৰ,
নিৰ্ভয় হৃদয়ে,
ৰাৱণৰ শক্তি-শেল ললোঁ বুকুপাতি;
ভয় থকা হলে এই লক্ষ্মণৰ গাত,
নথাকোঁ জীয়াই মই
ভুগিবলৈ ই হেন যাতনা
শুনা সৌ উন্মাদ আৰাৱ আহিছে আকৌ;
নাজানো সুমন্ত্ৰ,
কি সাহেৰে আছা থিৰে তুমি;

শুনা পুনঃ হৃদিবিদাৰক মাত!
ছিছি,
বনবাস দিলোঁ জানকীক?
সুমন্ত্ৰ!   ব’লা বীৰবৰ,
বিলাপত নাই কোনো লাভ
ৰাখাঁ ৰাজ্য,
ৰাখাঁ আৰু অযোধ্যা নগৰ
চোৱাঁ যদি ৰামৰ কল্যাণ,
এৰাঁ তেন্তে শোক;
নতু, ৰাম-ৰাজ্য হব ছাৰখাৰ।
লক্ষ্মণ।   শুনা শুনা উন্মাদ প্ৰকৃতি,
গায় সেই উন্মাদ সঙ্গীত।
বলা তেন্তে,
ৰামৰ পাৱত ধৰি
ক্ষমা ভিক্ষা মাগোঁ - মিতিৰে।
নতুবা সুমন্ত্ৰ,
জীৱন সংশয় মোৰ শুনি সেই মাত।
[ দূতৰ প্ৰবেশ। ]
দূত।  প্ৰভো,
উপস্থিত মুৰ্ঘোৰ বিপদ
ৰঘুমণি অধীৰ হৃদয়ে,
শূন্য কৰি অযোধ্যা নগৰ,
লৰ মাৰে সৰযু উদ্দেশি নিতে;
ক্ষণে ক্ষণে হয় অচেতন,

চকুলোৰে বোৱাইছে নাই
বশিষ্ঠ মুনিয়ে
নানামতে কৰিছে সান্ত্বনা,
কিন্তু একোকে নামানেতেওঁ।
সুমন্ত্ৰ।   বলা শীঘ্ৰে, ঘটিছে বিপদ।
[ সকলোৰে প্ৰস্থান। ]


৪ৰ্থ দৰ্শন—অযোধ্যাৰ দাঁতি।
( ৰাম আৰু বশিষ্ঠৰ প্ৰবেশ। )
ৰাম।   কিহল কিহল হায়,
হেৰুৱালোঁ সীতা মোৰ প্ৰাণৰ পুতলি!
মন্থৰাৰ মন্ত্ৰনাত ভুলি,
যাওঁ যেবে বনবাসে মই,
কিয়নো লহৰী তুমি গৈছিলা লগত?।
নহলে নো মুনিবৰ,
দেখেনে ৰাক্ষসে মোৰ হৃদয়ৰ ধন।
আহা কলঙ্কিণী!
হৰিলে তোমাক যেবে দুষ্ট নিশাচৰে,
কান্দি কান্দি তিতালো পৃথিবী;
তৃণ সম জ্ঞান কৰি,
ভেদি ছিলোঁ সপ্ত তাল;
হিতাহিত নাভাবি অলপো,
হানিলোঁ দুৰ্জ্জয় শৰ বালীৰ বুকুত।

যি সীতাৰ বাবে প্ৰাণ লই মায়া এৰি
অবিশ্ৰান্তে কৰিলোঁ সমৰ,
ই হেন আজি বনবাস দি,
বাণিজ্যৰ ভৰা নাও বুৰালোঁ দাতিত;
নিজৰ বংশত কুখ্যাতি ৰাখিলোঁ।
[ লক্ষ্মণ আৰু সুমন্ত্ৰৰ প্ৰবেশ ]
আহাঁ আহাঁ প্ৰাণৰ লক্ষ্মণ,
ৰণে ৰণে হইছা সহায়,
ইবাৰো বচোৱাঁ ভাই
দুৰ্ভগীয়া ৰামৰ জীৱন।
লক্ষ্মণ।   ৰক্ষা কৰাঁ দয়াময়,
আহিব লাগিছে সেই ভীষণ আৰাৱ।
দুখিনী জানকী
বনৰ মাজত হায় কিমান কান্দিছে,
তাক মই নোৱাৰো বৰ্ণাব;
ক্ষমাকৰ অপৰাধ,
ৰাখাঁ এই দুৰ্ঘোৰ ভয়ত (মুৰ্চ্ছা। )
ৰাম।   হায় হায়,
সীতাক হাৰিত থ‍ই
লক্ষ্মণ পৰিল আজি শোক-শক্তিশেলে।
নাই কাম ৰানৰ নামত;
পাপাত্মাৰ ভাব তুমি সহিবা পৃথিবী,
যাওঁ, যাওঁ ময়ো ভাইৰ লগতে (মুৰ্চ্ছা। )
বশিষ্ঠ।   ধন্য ধন্য-মহামায়া শকতি তোমাৰ;

তোমাৰ মায়াতে
মুগ্ধ আজি জগত-ঈশ্বৰ।
মন্ত্ৰেৰে দুইকো, যদি নকৰোঁ চেতন,
ঘটিব নিশ্চয় আজি ভীষণ প্ৰমাদ।
শক্তি হীন হলে,
নাথাকে চেতন কাৰো;
শক্তি হীন আজি অযোধ্যা নগৰ,
অযোধ্যাৰ মহা-শক্তি,
ৰাজ্য এৰি অৰণ্য বাসিনী।
উঠা উঠা ৰঘুনাথ,
উঠাঁ হেৰা অনুজ লক্ষ্মণ।
ৰাজকাৰ্য্য তযু মহাব্ৰত;
'গতস্য শোচনা নাস্তি'
অতীতৰ হোৱা কথা মনত অলচি
শক্তি হানি নকৰা দেহৰ।
সাহেৰে বন্ধাই হিয়া ৰাজকাৰ্য্য সমাপন কৰি,
ৰাখাঁ তযু বংশৰ গৌৰৱ।
( ৰাম-লক্ষ্মণৰ চেতন। )
ৰাম।   মুনিবৰ,
শূন্য আজি মোৰ বিহনে;
কুল গুৰু তুমি,
ৰাখিলোঁ তোমাৰ কথা
অনেক সহিছোঁ,
চাওঁ আৰু কিমান সহিব পাৰোঁ।

ব’লা ভাই,

নাহে সীতা কান্দিলে দুভাই;
বংশৰ সম্মান হেতু,
ৰাজৰাণী কৰিলোঁ বৰ্জ্জন;
ৰাখিম বংশৰ মান পালি প্ৰজাকুল।
তুমি মোৰ বিপদৰ বন্ধু,
এৰাঁ শোক মোৰ মুখ চাই।

লক্ষ্মণ ৷ ৰঘুনাথ

অৰণ্যৰ ভীষণ আৰাৱ,
থাকি থাকি উকি মাৰি উঠে;
তথাপিতো শিৰোধাৰ্য্য কৰিলোঁ আদেশ।

[ সকলোৰে প্ৰস্থান। ]

[ নালীয়া আৰু কঠালগুটিৰ প্ৰবেশ। ]

কঠালগুটি। হে’ৰ নালীয়াকাই, ম‍ই নকৈছিলোঁ আগেয়ে, বোলোঁ

বৰকৈ সীতাৰ কুযশ নৰটিবি, ৰজাই শুনিলে আমাৰ ফালে পাতং।

নালীয়া। হেৰ কঠালগুটি ভাই, কৰবাত কিবা শুনিলি

নেকিঅ?

কঠালগুটি। ওঁ, শুনিছোঁতোন্; সিদিনা তই আলি বাটত কোৱা

কথা ৰজাই কেনেবাকৈ শুনিছে; আৰু কৈছে হে সীতাৰ বদনাম গোৱা মানুহ কেইধাক ধৰি জিভা কাটি দিব লাগে। কিবা বোলেনে কথাতে কয় নহয় “মৰে উৰুলি পুঙা, নৰে পদুলি শুঙা; পিচে

এতিয়া উপায়। কিকয়, কাই তোৰ ওপৰতহে ৰক্ষাৰ চকু বেচি তোক বিচাৰিবলৈ টেকেলাও পঠিয়াই দিছে!
নালীয়া। হেৰ কঠালগুটি, মোৰে শপত সঁচা নে মিছা, ক'ত শুনিলি ৰাক তই?
কঠালগুটি। এতিয়াই ৰহদৈ বাই হঁতৰ ঘৰত ৰহি থাকোতে ভটং-নালীয়া। কৰে টেকেলা এটা ওলাই মোক সুধিলে— "নালীয়াক দেখিছেন; সিহেনো ৰজাৰ কিবা জগৰ লগাইছে, সেইৱাবে তাক মাতি পঠিয়াইছে।” পিচে মই “নাই দেখা” বুলি কোৱাত গুচি গল গৈ। পিচে এতিয়া মোৰ কথা শুনা যদি তই ইয়াৰ পৰা আনঠাইলৈ পলাই গুচিয়া। নহলে তোৰ জিভা ৰথা টান হব।
নালীয়া। এৰা ভাই, এতিয়াই পলাম; মোৰে শপত তই কাৰে

আগতএই কথা নুলিয়াবি। আহ ভাই, ইয়াৰ পৰা আঁতৰোঁ।

(উভয়ৰে প্ৰস্থান।)

পঞ্চম দৰ্শন—ৰাজসভা।



(ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন আৰু মন্ত্ৰী )

ৰাম। মন্ত্ৰী, কি কৰোঁ উপায়?

সীতা অবিহনে মোৰ জীৱন অসাৰ।
শয়নে শপোনে নতু জাগ্ৰতাবস্থায়
সীতাময় দেখোঁ চতুৰ্দিকে;

যি সীতাৰ বাবে সহিলোঁ অশেষ দুথ,
সি সীতা বিহনে আজি,
ৰাজ পুৰী হ’ল অন্ধকাৰ।
কামত নপৰে সব,
ৰাজ-কাৰ্য্য দেখোঁ বিষময় ৷
বহু দিন ধৰি তুমি মন্ত্ৰী বাব লই
সুমন্ত্ৰণা দান কৰি লভিলা সুযশ
কওঁ সেই বাবে,
ইহেন বিপদ কালে সুমন্ত্ৰণা দানে,
পাতলোৱোঁ মনৰ উদ্বেগ;
কোৱাঁ নতু,
সমৰ্পি ৰাজ্যৰ ভাৰ ভাই ভৰতক,
নুনঃ মই যাওঁ বনবাসে।
মন্ত্ৰী।   প্ৰভো
কি দিম উপায় মই জ্ঞান হীন জনে,
নাই এনে শক্তি মোৰ,
যি উপায়ে চিন্তা দূৰ কৰোঁ আপোনাৰ।
তথাপিতো কৰিছোঁ মিনতি,
অনৰ্থক চিন্তা কৰা নাই প্ৰয়োজন,
বিশেষতঃ
ঘৃণনীয় জ্ঞানী, পুৰুষ ৷
এনেয়ে প্ৰজাৰ মন হইছে দুখিত,
তাতে যদি আপোনাৰ দেখে এনে ভাব,
নিশ্চয় ৰাজ্যত মহা মিলিব প্ৰলয়।

লক্ষ্মণ।   এতেকতে চিন্তা পৰিহৰি,
ৰাজ্য ৰক্ষা হেতু এটি কৰক উপায়।
অশ্বমেধ মহাযজ্ঞ কৰি আৰম্ভণ,
নিমন্ত্ৰিত কৰাঁ প্ৰভো যত ৰজা বোৰ;
নহলে হিয়াৰ ভাৰ নপৰে পাতল।
লক্ষ্মণ।   সঁচা কথা মন্ত্ৰিবৰ,
নকৰিলে অশ্বমেধ যজ্ঞ,
ৰাজ কাৰ্য্যে নপৰিব মন;
ৰঘু মণি, কৰক আদেশ,
ততালিকে যজ্ঞ হেতু কৰোঁ আয়োজন।
ৰাম।   যোৱা তেন্তে ভাই,
আনা মাতি কুলগুৰু বশিষ্ঠ মুনিক।
লক্ষ্মণ ৷   শিৰোধাৰ্য্য প্ৰভুৰ আদেশ।
( লক্ষ্মণৰ প্ৰস্থান )
ৰাম।   মন্ত্ৰি,
যজ্ঞহেতু যিবা প্ৰয়োজন,
সকলো যোগাৰ তুমি কৰাঁ সোন কালে;
আহিলে বশিষ্ঠ গুৰু,
আজিয়েই যজ্ঞব্ৰত কৰিম পালন।
মন্ত্ৰী।   যিবা আজ্ঞা দয়াময়,
অবিলম্বে কৰিম পালন।
( বশিষ্ঠক লৈ লক্ষ্মণৰ প্ৰবেশ )
ৰাম।   গুৰুদেৱ, প্ৰণামো চৰণ,
পৰা আছে সিংহাসন, কৰক গ্ৰহণ।

বশিষ্ঠ।   জয় লভাঁ মহাৰাজ,
ৰাজলক্ষ্মী কৰক কল্যাণ।
কিবা হেতু কৰিলে আহ্বান?
ৰাম।   গুৰুদেব, অশ্বমেধ যজ্ঞকৰোঁ বুলি,
ৰাখিছোঁ যুগুত কৰি সকলো সম্ভাৰ;
কৃপা কৰি কৰক আদেশ,
যজ্ঞব্ৰত কৰোঁ আৰম্ভণ।
বশিষ্ঠ :   শুনি তযু অভিলাষ,
বৰ সুখী হলো ৰঘুমণি।
কিন্তু এটি কথা,—
ভৰ্য্যা বিনা অশ্বমেধ নহয় পূৰণ।
মন্ত্ৰী।   প্ৰভো,
আছে এটি উপায় ইয়াৰ;—
বিশ্বকৰ্ম্মা হতুৱাই
স্বৰ্ণ সীতা কৰাই নিৰ্মাণ
অশ্বমেধ কৰক পূৰণ ৷
বশিষ্ট।   উত্তম উপায়;
যোৰাঁ তেন্তে শত্ৰুঘন,
অবিলম্বে বিশ্বকৰ্ম্মাক মাতি আনাগৈ।
শত্ৰুঘ্ন।   শিৰোধাৰ্য্য গুৰুৰ আদেশ।
[ শত্ৰুঘ্নৰ প্ৰস্থান ]
ৰাম।   মন্ত্ৰী, বিলম্বৰ নাই প্ৰয়োজন;
ঘোৰাৰ কপালে দিয়া জয়পত্ৰ লিখি।
যাব শত্ৰুঘন

সসৈন্যেৰে ঘেৰাৰ লগত;
ভৰত-লক্ষ্মণ দুয়ো সহায়ৰ বাবে,
যক পাচে পাচে;
পূজাৰ সম্ভাৰ আৰু লাগিব যতেক,
গুৰুদেৱ সমে তুমি কৰিবা যোগাৰ।
মন্ত্ৰী।   শিৰোধাৰ্য্য প্ৰভুৰ আদেশ।

[ বিশ্বকৰ্ম্মাক লৈ শত্ৰুঘ্নৰ প্ৰবেশ। ]


বিশ্বকৰ্ম্মা ৷   প্ৰণমো চৰণে প্ৰভো ত্ৰিজগত পতি;
প্ৰণমিছোঁ গুৰুদেব, তযু চৰণত
বশিষ্ঠ।   জয় লভাঁ সকলোতে তুমি মহামতি।
অশ্বমেধ যজ্ঞহেতু ৰঘুনাথে কৰিছে যোগাৰ,
সেই হেতু,
দিব লাগে স্বৰ্ণসীতা ততালিকে গঢ়ি;
প্ৰহৰেক মাত্ৰ আৰু আছে শুভক্ষণ।
বিশ্বকৰ্ম্মা।   শিৰোধাৰ্য্য গুৰুৰ আদেশ,
ততালিকে সাজি আনি দিম চৰণত;
মাগিলোঁ বিদায় মই।
[ প্ৰস্থান। ]
ৰাম।   যোৱা তেন্তে সকলোৱে নিজ নিজ কামে;
সকলোৱে হবা সাৱধান,
সূৰ্য্যবংশ নাম যেন থাকে পৃথিবীত।
ঘোৰাৰ লগত যোৱাঁ তুমি শত্ৰুঘন,
তোমাৰ পিচত আৰু ল‍ই কিছু সেনা

ভৰত-লক্ষ্মণ যাব সহায়ৰ বাবে।
যাওঁ বলা সকলোৱে সভাভঙ্গ কৰি।
[ সকলোৰে প্ৰস্থান ]

তৃতীয় অঙ্ক।


১ম দৰ্শন⸺কুটীৰ।

( লৱকুশ আৰু সীতা )

লব।   আই, ৰাম-নাম কৰিছিলোঁ গান।
সীতা।   বাছা, গোৱাঁ তেন্তে সীতাৰ বৰ্জ্জন।
কুশ।   আহা, তেন্তে গাওঁ দুয়ো মিলি।
লব।  কি হ’ল তোমাৰ আই,
কান্দিছা কেলেই?
কুশ।  ৰাম কোন আই?
লব ৷  আই, তুমিয়েতো সীতা,
আক কোন আছে সীতা!
সি সীতাও তোমাৰে নিচিনা নেকি?
কত আছে সেই সীতা আই,
আৰু কত আছে ৰাম;
বলা আই,
কওঁ তাক,
নিয়ক সীতাক;
জনম-দুখিনী তেওঁ।
কান্দা কিয় আই?
ৱন বাস নহয় সীতাৰ।

কুশ।   কৈছিল মুণিয়ে মোক,
ৰাম হেনো অতি গুণৱন্ত
আৰু অতি দয়াবান;
কিয় তেন্তে সীতালই এনুৱা নিৰ্দয়?
সীতা।   বাছাধন, নহয় নিৰ্দ্দয় তেওঁ,
দয়াময় পতিত পাৱন ৰাম;
অভাগিণী মাথোঁ এই জনক নন্দিনী।
লব।   কোৱাঁ আই,
দয়াময় যদি তেওঁ,
ভাৰ্য্যাক কিহেতু তেন্তে কৰিলে বৰ্জ্জন?
আই,
যি সীতাক ৰামে দিছে বনবাসে,
আই বুলি কোনে মাতে তাক?
সীতা।   বাছাধন,
গোৱাঁ দুয়ো ভাই মিলি ৰামগুণ গান।
লব।   নাকান্দিবা তেন্তে আই,
গাম আমি দুয়ো ভাই ৰাম গুণ গান।
কুশ।   আহাঁ দাদা, দুয়ো মিলি,
খেলোঁ আজি বনৰ মাজত।
সীতা। নাযাবা নাযাবা বাছা, তাঠ হাবিলই।
[ লৱকুশৰ প্ৰস্থান ]

( অলিক্ষৰাৰ প্ৰবেশ )


সীতা।   সখি, কি বাবে পলম আজি?
কিহেতু কন্দাৰ চিন্‌মু তোমাৰ মুখত?

মুৰ্ত্তিমতী শান্তি তপোবন,
কিয় আজি মলিন ইমান?
নাজানো সঙ্গিনি,
অভাগিণী পৰি আছোঁ কিমান ঋণত।
অলি।   অভাগিণী সখি মোৰ,
আছিল নে এয়ে তোৰ কপালত লিখা;
সীতা।   মোৰ বাবে সদায় দুখিনী তুমি;
সিহেতু সঙ্গিনি,
কান্দোঁ মই তোমাৰ কাৰণে
সখি,
তুমিওতো কান্দিছা বহুত;
কিয় তেন্তে কান্দিছা নীৰলে আজি ?
দিয়াঁ মোকো কান্দোনৰ ভাগ।
অলি।   শুনিলোঁ যি সমাচাৰ,
শিলেও কান্দিব সখি গুলিলে সি কথা।
ৰাম চন্দ্ৰে অশ্বমেধ কৰি আৰম্ভণ,
যজ্ঞ হেতু ব্ৰতী আছে অযোধ্যা পুৰীত,
নাহিল কোনেও কিন্তু নিবলৈ তোমাক।
সীতা।   সখি,
অকলৈ যজ্ঞ পূৰ্ণ কৰিবে নে তেওঁ;
নতু, কোন ভাগ্যৱতী হ’ল ৰাম পত্নী;
কোৱা সখি,
কোন নাৰী পালে পতি দূৰ্ব্বাদল শ্যাম;

অলি।   যজ্ঞ কথা শুনি সখি, ভাবিলোঁ মনত,
ভাৰ্য্যা বিনে অশ্বমেধ নহব পুৰণ;
সিহেতু পঠাৰ ৰামে নিবলৈ তোমাক।
ভাবিছিলোঁ ভাল দৰে সজাই ফুলেৰে;
পঠাম তোমাক সখি ৰামৰ সমীপে।
কিন্তু সখি,
ব্যৰ্থ হল সকলো বাসনা;
ধৈৰ্য্য ধৰাঁ হেৰা সখি, নহবা অস্থিৰ
সীতা।   সখি, নহওঁ অস্থিৰ ম‍ই;
বেলি ভাঁটী দিলে।
না থাকে অধিক তাপ সূৰ্য্যৰ দেহত।
কোৱাঁ বিধুমুখি,
লভিলে ৰামক পতি কোন ভাগ্যৱতী?
অলি!   শুনিলোঁ সঙ্গিনি,
ব্ৰহ্মাৰ আজ্ঞাত হেনো বিশ্বকৰ্ম্মা শিল্পী
গঢ়িছে সোণৰ সীতা যজ্ঞ পূৰ্ণ হেতু।
সীতা।   সখি, জন্ম-জন্মাত্তৰে,
পাওঁ যেন ৰাম হেন স্বামী,
ৰামৰ পাৱত যেন ৰয় মোৰ মতি।
কোৱাঁ সখি সবিশেষ যজ্ঞৰ বাতৰি,
কোনে দিলে ই খবৰ?
অলি।   নিমন্ত্ৰণ দিবলই
আহিছিল দূত এটি অযোধ্যাৰপৰা;
যজ্ঞ ঘোৰা স্বেচ্ছাধীন ভাৱে

ঘুৰি আছে দেশ দেশান্তৰে;
চতুৰঙ্গ দলে সাজি বীৰ শত্ৰুঘন
আহিছে লগত।
যাওঁ মই পূজা হেতু ফুলৰ কাৰণে,
সোনকালে আহিম উভতি।
নাকান্দিবা সখি,
সন্তানৰ মুখ চাই পাহৰাঁ সকলো।
সীতা।   কন্দা নাই মোৰ বাবে সখি,
দয়াময় ৰামে
না জানি কান্দিছে কত দাসীৰ বিহনে
সখি,
পৰিছে মনত আজি বনবাস কথা
পুষ্পকত উঠি,
আহিলোঁ যেতিয়া সখি অযোধ্যাৰ মুখে,
কত কথা কলে নাথে মোক আদৰি সাদৰি,
শুনিম নে ইজন্মত আৰু তেনকুৱা কথা?
এই দুখিনীৰ বাবে
কটালে কিমতে কাল থাকি কোন ঠাই,
দেখুৱালে নাথে মোক এটি এটি কই।
লোক নিন্দা হেতু,
কৰিলে যেতিয়া মোক অগ্নিৰ পৰীক্ষা,
গৰ্ভৱতী নাছিলোঁ তেতিয়া;
প্ৰবেশিলোঁ অগ্নিকুণ্ডে নিৰ্ভৰ অন্তৰে।

স্মৰিলে সি কথা সখি,
হৃদয়ত লাগে মোৰ বিষম আঘাত;
ভাবি নাথে অভাগীৰ কথা,
মূৰ্চ্ছা গই পৰিল মাটিত।
লাজ মান সকলোকে কাতি কৰি থই
কান্দিলোঁ কতনো মই নাথৰ কাৰণে;
কৰিলোঁ অগ্নি স্তুতি অশেষ প্ৰকাৰে।
খন্তেক পাচতে,
লভিলে চেতন নাথে দেখি ই দাসীক।
নাজানো সঙ্গিনি দুৰ্ব্বাদল শ্যামে
কান্দিছে কতনো সখি নিৰ্জ্জনত বহি,
কোনে দিব মছি চকু পানী;
(নিশা ) শিশু দুটি টোপনিত পৰেহি যেতিয়া
সেই চন্দ্ৰ মুখ মোৰ পৰেহি মনত;
জোনটিকে চাই চাই কান্দোঁ কত মই।
সোধোঁ আৰু ঘনে ঘনে,
আছেনে কুশলে নাথ ?
নাজানো লাহৰি,
কোনে নো বুজাব তেওঁক
স্বৰ্ণ সীতাই নিদিলে উত্তৰ;
চোৱাঁ সখি,
ক’ত তেওঁ, ক’ত মই ই হেন সময়।
অলি।   ( স্বগতঃ ) দুখিনীৰ দুখৰ কাহিনী,
শুনিলেই হিয়া ফাটি যায়

কোন মহা পাপী,
ৰাম-সীতাৰ বিচ্ছেদ ঘটালি ?
সীতা ৷   মুনিৰৰ যদি যায় যজ্ঞলই
যজ্ঞৰ সকলো কথা
কব তেওঁ তোমাৰ আগত;
কৰোঁ অনুৰোধ সখি,
কোৱাঁ যেন দুখিনীক সকলো সংবাদ।
যজ্ঞব্ৰতী ৰাম ৰঘু মণি,
অভাগিনী অৰণ্য-বাসিনী;
পঞ্চামৃত অবিহনে ৰামৰ সন্তানে
বন্যফল কৰিছে ভক্ষণ।
যেতিয়া যলই যাওঁ,
তাতে দেখোঁ হয় সৰ্ব্বনাশ?
সি কাৰণে সখি,
যমেও নামৰে মোক;
এই দৰে আৰু,
কত কাল ভুগিম যাতনা?
ভাৱোঁ মনে মনে আত্মঘাতী হওঁ বুলি;
কিন্তু,
দেখিলে বাছাৰ সেই কোমল বদন,
সমস্তকে যাওঁ ভুলি।
ভাগ্য বলে কেতিয়াবা ৰামৰ সন্তান দুটি,
দিব পাৰোঁ যদি মই ৰামক গতাই,
তেতিয়াই পাপ-প্ৰাণ দিম বিসৰ্জন;

বহুত সহিছোঁ সখি জনম দুখিনী।
অলি।   অনৰ্থক দুখ তুমি নকৰা সুন্দৰি,
কৰ্ম্মফল নোৱাৰা এৰাব,
আহা যাওঁ পূজা কৰোঁ গৈ।
[ দুয়োৰে প্ৰস্থান। ]


২য় দৰ্শন—আশ্ৰমৰ দাঁতি।
( দুটা দূতেৰ প্ৰবেশ! )

১ম দূত হেৰ ককাই! “কালৰো কাল, বিষম কাল, হৰি নাই

চেলেকে বাঘৰ গাল।” সিহঁত দুটা কালীৰ ফুকলীয়া লৰা, মুখ চেপিলে পিয়াহ ওলায়, সিহঁতৰ আকৌ কেনে সাঙিত লৰাব নোৱাৰা কথা। সিহঁতৰ কথা বোৰ শুনি মোৰ এনেহে খং উঠিছিল, বাপেকে দুয়োকে ধৰি আলুগুটি পিটিকা দিম নেকি? ককাই তই কি কৱ কব নোৱাৰোঁ, মোৰ হলে আকৌ গৈ এ সেকা দি আহিবৰ হেমন। এনে কথা মোৰ গাই নসহে আৰু।

২য় দূত। হেৰ, পাৰিছ যদি মেনে মেনে থাক, ইমান মতাটো

নোলাবি। ইহেন সামাইন্‌ লৰা দুটিয়ে যে, ইমান ডাঙ্গৰ কথা কৈছে, তই কম বুলি নাভাবিবি; ইয়াৰ ভিতৰত কিবা এটি মেৰ পাক আছেই আছে। নহলে কেতিয়াও ইমান কথা কবলৈ সাহ নাপায়। সিহঁতৰ গঢ় গতি বোৰ নেদেখিলি-নে? কোনোবা জানো ৰজাৰ লৰাহে।

সৌৱা যুৱৰাজ আহিবলৈ ধৰিছে ভালেই হ’ল; তেওঁৰ

আগত কওঁ তেওঁ যেনে দেখে তেনে কৰক।

(শত্ৰুঘ্নৰ প্ৰবেশ। )

২য় দূত। যুবৰাজ, প্ৰণাম।
শত্ৰুঘ্ন। দূত, ঘোৰাৰ কি সংবাদ?
১ম দূত। যুৱৰাজ, ঘোৰা নিৰ্ব্বিঘ্নে কিমান নদ, নদী পৰ্ব্বতাদি

পাৰহৈ আহি শেষত সৌ মুনিৰ আশ্ৰমত দুটা লৰাৰ হাতত বন্দী হৈছে। লৰা দুটিৰ বৰ সাহ; নানা প্ৰকাৰে সিহঁতক ভয় দেখুৱালোঁ, কিন্তু একোক নুশুনিলে। আৰু কলোঁ,—ঘোৰাৰ লগত মহাবীৰ শত্ৰুঘন আহিছে ভালে ভালে ঘোৰা এৰিদে নহলে তহঁতৰ জীৱনৰ ফালে আশা নাই। সিহঁত সেই বোৰ কেৰেপকে নকৰি আমাক মাৰি বলৈহে আহে। আৰু কয়, “যা তহঁতৰ মহাৱীৰ শত্ৰুঘ্নক লৈ আহ, পাৰে যদি আমাৰ হাতৰপৰা ঘোৰা নিয়কহি।” এতিয়া যি উচিত হয় কৰক।

শত্ৰুঘ্ন। কোন সেই শিশু দুটি,

কাৰ বা সন্তান?
শিশুক ভুলাই,
নোৱাৰিলি আনিব ঘোৰাটো মুক্ত কৰি?
ঘোৰা এৰি দিবলই
ক গই শিশুক দুনাই;
কৰি আৰু,
শিশু সনে যুজে যদি বীৰ শত্ৰুঘন,
সংসাৰে ৰটিব অপযশ।

২য় দূত। বীৰবৰ! সেই দুটা শিশু নহয়, সাক্ষাত যমহে জানিবা।

সিহঁতৰ কথা শুনিলে কাণত অঙ্গুলি দিব লাগে। বাৰে
বাৰে কয়,

শত্ৰুঘ্ন। বল তেন্তে, ক’ত সেই শিশু!

[ সকলোৱে প্ৰস্থান। ]

( লৱকুশৰ প্ৰবেশ। )

ভিতৰত। জয় মহাবীৰ শত্ৰুঘনৰ জয়।
লৱ। শুনা ভাই সৈন্য কোলাহল;

বোধ কৰোঁ,
ঘোৰা হেতু যুদ্ধ সাজে আহে শত্ৰুঘন।
সীতাৰ সন্তান আমি,
নাই ভয় কাৰো প্ৰতি।
যেয়ে হব বিপক্ষ জনাব,
বাহুবলে তাকে আজি সমূলে বধিম।

কুশ। দিয়াঁ পদদুলি মোক,

যুজোঁ গই শত্ৰুঘ্ন সমে,
সাৱধাৰে ৰাখাঁ তুমি ঘোৰা!

লৱ ৷ সৈন্য কোলাহল ক্ৰমে চাপিছে ওচৰ

আহাঁ দুয়ো একে লগে কৰোঁ আক্ৰমণ।

কুশ। নেদেখিলা কালি দাদা,

শৰেৰে ঢাকিলোঁ শৰ ম‍ই সূৰ্য্যৰ কিৰণ।
কিন্তু,
সম্বৰিলোঁ শৰ পাচে মাতৃৰ ভয়ত;

সিকাৰণে অন্ধকাৰ গুচিল চৌদিশে।
আজিৰ যুদ্ধত পুনঃ
সেই মতে বৰষিম শৰ;
দেখাম শকতি আজি শত্ৰুঘ্নবীৰক।
ভাল হল লাগিল সমৰ;
যুদ্ধ নাম শুনি মই অতি আনন্দিত।
লৱ।   ধন্য ধন্য ভাই,
শতবাৰ প্ৰশংসো তোমাক।
যুদ্ধ সাজে থাকিলোঁ প্ৰস্তুত;
দেখোঁ যদি কোনো অংশে হীন,
এক পাট শৰেৰেই নাশিম সবাকো ৷
( শত্ৰুঘ্ন আৰু সেনা সকলৰ প্ৰবেশ। )
শত্ৰুঘ্ন ৷   কোন তোমালোক দুটি মুনিৰ কুমাৰ!
দেখিলেই মৰম ওপজে।
যজ্ঞব্ৰতী ৰঘুমণি অযোধ্যা পুৰীত;
এৰি দিয়াঁ ঘোৰা;
লাগে যদি ইয়াৰ সলনি
ইচ্ছা মতে লোৱাঁ আন ঘোৰা।
লব।   বীৰবৰ,
তপোবন ৰাখি আমি থাকোঁ দুয়ো ভাই;
তযু ঘোৰা আশ্ৰম প্ৰবেশি,
ইচ্ছা মতে ভাঙ্গিলে ফুলনি;
সি কাৰণে,

বন্দী কৰি ৰাখিছোঁ ঘোৰাক।
যদি বীৰ, পৰাজয় কৰিছা স্বকাৰ,
নিয়াঁ তেন্তে ঘোৰা ;
বীৰৰ সন্তান নামি,
নোৱাৰিৰানিব কিন্তু মুখৰ কথাতে।
শত্ৰুঘ্ন।   ( স্বগত: ) আচৰিত কথা;
কোন এই শিশু দুটি ?
কিজানিবা ৰামৰে সন্তান?
আকৃতি প্ৰকৃতি ঠিক দেখিছোঁ সিৰূপ;
নহলে নো,
কাৰ হব পাৰে এনে সাহসিক কথা?
চাওঁ বাৰু দিয়ে যদি পৰিচয়।
কোৱাঁ হেৰা কোন তোমা লোক দুটি?
কিবা নাম জনকৰ,
জননী বা কোন ভাগ্যৱতী?
লৱ ৷   যদি বীৰ, লাগিছে মনত ভয়
প্ৰাণ লই যোৱাঁ তেন্তে অযোধ্যা পুৰীত;
নাই ৰীতি,
ভয়াৰ্ত্ত জনৰ প্ৰতি অস্ত্ৰক্ষেপ কৰা।
লিখিছা ঘোৰাৰ কপালত;⸺
“ধৰিব যজ্ঞৰ ঘোৰা বীৰ পুত্ৰ যেয়ে।”
আছোঁ সিকাৰণে,
দুয়ো ভাই যুদ্ধত প্ৰস্তুত।
তুমি বীৰ বিখ্যাত ভুবনে,

দিয়া ৰণ নকৰি পলম;
পৰিচয় কিবা কাম ৰণৰ ক্ষেত্ৰত?
নাজানো জনক কোন,
কেনেকই দিম পৰিচয়?
জানো মাথোঁ,—
মাতৃ নাম জনক-নন্দিনী।
কুশ।   দিয়া অনুমতি মোক,
শত্ৰুত্বৰ কৰোঁ কন্ধ পাত।

লৱ।   নহয় ই যুদ্ধ ৰীতি;
দিয়ক আগেয়ে ৰণ শত্ৰুঘন বীৰে।
বন্দী কৰি থৈছোঁ ঘোৰা,
কি ভয় আমাৰ?
বদি ভয়ে শত্ৰুঘন কৰে পলায়ন,
সংগ্ৰামত কিবা প্ৰয়োজন?
শত্ৰুঘ্ন।   ( স্বগতঃ ) নিশ্চয় জানিলোঁ দুয়ো ৰামৰ সন্তান;
যুদ্ধ পৰিহাৰ,
নিওঁ ঘোৰা ভয় দেখুৱাই।
( লৱক ) ভয় কাক বোলে,
নাজানে অলপ তাক শত্ৰুঘন বীৰে
বালকৰ সমে কৰোঁ যদি ৰণ,
ত্ৰিভুবনে কলঙ্ক ৰটিব;
সি কাৰণে এৰি দিয়াঁ ঘোৰা;
অকাৰণে কিয় দুয়ো হেৰুৱা জীৱন?

লৱ।   নালাগে বুজাব আৰু সমৰ ক্ষেত্ৰত;
কৰোঁ অনুৰোধ,
ঘোৰা আশা পৰিহৰি,
যোৱাঁ ফিৰি ইমানতে নকৰি পলম।
নহলে একান্তই কৰা যদি ৰণ,
সত্বৰে যুদ্ধৰ হেতু হোৱাঁ অগ্ৰসৰ!
শত্ৰুঘ্ন।   ( স্বগতঃ ) যুদ্ধ বিনা নেদেখোঁ উপায়;
চাওঁ বাৰু যি থাকে কপালে।
কুশ।   নালাগে মুখৰ কথা,
হান অস্ত্ৰ, নৰাধম, শক্তি আছে যদি;
নিশ্চয় জানিবি,
নাপাবি নিস্তাৰ আজি কুপৰ হাতত।
শত্ৰুঘ্ন।   নিতান্তই যমে তোৰ ধৰিছে চুলিত;
সামান্য বালক হই
এতে মান কৰ অহঙ্কাৰ?
( সেনালৈ ) কৰ যুদ্ধ সাৱধানে হৈ শাৰী শাৰী।
কৰ অস্ত্ৰ সম্বৰণ দুষ্ট মতি শিশু;
লম আজি অস্ত্ৰৰ পৰীক্ষা।
[ এফালে কুশৰ লগত শত্ৰুঘ্ন আৰু আন ফালে
লৱৰ লগত সেনা সকলে যুদ্ধ কৰি প্ৰস্থান। ]

⸻•⸻

৩য় দৰ্শন—সৰযুৰ দাঁতি।



( লৱৰ প্ৰবেশ। )


লৱ ৷  ( স্বগতঃ ) ধন্য বীৰ শত্ৰুঘন,
অত বেলি যুজে কুশ সমে;
ধন্য অস্ত্ৰ শিক্ষ৷ তোৰ লবন ঘাতক।
যাওঁ ময়ো কুশৰ সাহায্য হেতু;
দিয়াঁ আই আশীৰ্ব্বাদ পুত্ৰক তোমাৰ,
নাশোঁ যেন শত্ৰুঘ্নক আজি সমৰত। (যাব খোঁজে । )
নেপথ্যত সেনা।   পলোৱাঁ পলোৱা সৱে,
শিশু নোহে, সাক্ষাৎ শমন।
নেপথ্যত কুশ।   বা সৱে ভীৰু দল ৰামৰ সমীপে,
ক গই যুদ্ধৰ বাতৰি।
লৱ।   ধন্য ভাই কুশ,
বখানো তোমাৰ শৰ;
তোমাৰ গুণতে আজি
ধন্য হলো ময়ো ৷
[ কুশৰ প্ৰবেশ ]
কুশ।   কৰিছোঁ প্ৰণাম দাদা;
তোমাৰ কৃপাত আৰু মাতৃ আশীষত,
হলোঁআজী শত্ৰুঘন ঘাতী ৷

লৱ।  কি কঁম তোমাক ভাই,
ৰাখিলা মাতৃৰ নাম আজি সমৰত।
বলা এবে মাতৃৰ সমীপে,
নাজানো কন্দিছে কত আমাৰ কাৰণে;
কিন্তু এই যুদ্ধৰ সংবাদ
নাপায় মাতৃয়ে যেন।
ধনুশৰ আদি যত যুদ্ধৰ সঁজুলি
থোৱা ভাই হাবিত লুকাই।
কুশ।   বলা তেন্তে নকৰোঁ পলম।
আহিব লাগিব কিন্তু অতি সোন কালে,
অৱশ্যে আহিব ৰাম পালে সমাচাৰ।
কিন্তু দাদা,
ঘোৰা ৰাখোঁ ক’ত?
লৱ ৷   নালাগে লৰাব ঘোৰা,
বন্ধা থক আগৰ ঠাঁইতে,
তুৰন্তে আহিম ঘূৰি।
[ দুয়োৰে প্ৰস্থান ]

৪ৰ্থ দৰ্শন- তপোবন।



(সীতা আৰু অলিক্ষৰা )


অলি।   শুনা হেৰা জনক-নন্দিনি,
নাজানো কি বিপদ ঘটিছে।
শুনা শুনা আশ্ৰমত সৈন্যৰ গৰ্জ্জন;⸺
পানী আনিবৰ হেতু
গলোঁ যেবে সৰযু পাৰত,
দেখিলোঁ সাক্ষাতে মই,
জল স্থল কঁপিছে সঘনে;
দেখিলোঁ লগৰী আৰু
চতুৰ্দ্দিকে অগ্নিময় শৰ।
নাজানো সুন্দৰি,
কাৰ সমে কৰে কোনে ৰণ;
ধুমুহা বলিলে
যেনেকই উৰে বালি সাগৰ পাৰত,
তেনেকই অগণন সেনা
পলাইছে প্ৰাণৰ ভয়ত।
সীতা।   নাজানো সুন্দৰি,
কি লিখিছে বিধাতাই মোৰ কপালত;
ভুগিলোঁ অশেষ কষ্ট,
নাজানো আকউ,

কত কষ্ট লাগিব ভুগিব।
ক’ত লৱ-কুশ মোৰ অভাগীৰ ধন!

[ লৱ-কুশৰ প্ৰবেশ। ]


লৱ ৷   দিয়াঁ পদ ধুলি শিৰে পুত্ৰক জননি!
কৰিছোঁ প্ৰণাম আই তযু চৰণত!
সীতা।  
আহাঁ আহাঁ বাছা মোৰ
অভাগীৰ অঞ্চলৰ ধন;
ক’তনো আছিলি দুয়ো ইমান সময়?
নাজাননে,
ক্ষন্তেক সময় যদি নেদেখোঁ দুয়োকো,
সমস্ত পৃথিবী মই দেখোঁ অন্ধকাৰ।
থাকিলে আগত,
দুয়োৰো মুখকে চাই পাহৰোঁ সকলো;
সিকাৰণে বাছাধন,
ৰইছে পৰাণ দেহ-সজাৰ মাজত;
নাযাবি দুনাই বাছা ত্যজি অভাগীক।
অলি ৷  দুখিনীৰ হৃদয়ৰ ধন,
নাযাবা নাযাবা বোপা দুনাই ইদৰে;
থাকি সদা মাতৃৰ সমীপে,
পাতলাবা অভাগীৰ হৃদয়ৰ জ্বালা।
লৱ ৷  যোৱা নাই বেচি দূৰ লই;
আশ্ৰমৰ সমীপতে,
দুয়ো ভাই খেলিছিলোঁ মনৰ আনন্দে;

হাৰ জিত নহল নিৰ্ণয় কাৰো,

সিকাৰণে কিছু পৰ বেলি হল আজি।

সীতা ৷ বলা বাছা যাওঁ কুটীৰলৈ;

বেলি আহি ভাটী দিলে,
তাথাপিতো খাবলৈকে নপৰে মনত।
আহা সখি, যাওঁ ঘৰ লই।

[ সকলোৰে প্ৰস্থান ৷ ]

৫ম দৰ্শন— অৰণ্যৰ দাঁতি।



[ দুটা সেনাৰ প্ৰবেশ। ]

২য় সেনা ৷ ভাল সাৰিলোঁ ঔ ককাই, ভাল সাৰিলোঁ॥ ঈচপৰে

ভাল ৰইখা কৰিলে। নহলে আজি তাইৰ ফালে আইধা পৰিল হেতেনে। ককাইও, এনে বীৰ ক’ত দেখিছ হুঁ? সৰুতেই যেতিয়া ইমান সাহ পিত, আকৌ ডাঙ্গৰ হলে পৃথিবী চিৰাচিৰ নকৰিব তাক কোনে কৰ পাৰে? ককাই, তাইৰে শপত, মোক এৰি থৈ না যাবি, মোকে লৈ যা।

১ম সেনা। কটা, ইয়ালৈকেহে বৰ মতাটো হৈছ, আজিয়েই

তোৰ সাহৰ চিনাকী পালোঁ নহয়। দুটা ফুকলীয়া লৰাৰ ভয়তে নাই, গোটেইখন কম্পমান! শত্ৰুঘনো এটা বীৰ নে? দুটা লৰাৰ হাততে সশৰীৰে পতনং।

মোৰ স’তে লাগিব লাগিছিল, তেহে বাপেকে

মজা পালি পালেহেঁতেন।

২য় সেনা। ককাই ঔ, বেয়া কথা নকবি ঔ, শুনি আকৌ কি জানি আমাকো পাচে পাচে খেদা দিয়ে। চাচোন

ককাই, ভয়তে মোৰ চুৰিয়াখন তেনেই তিতি গৈছে। বল বেগেতে ইয়াৰ পৰা আঁতৰো। মোৰ মনে পায়হিয়েই যেন লাগে।

১ম সেনা। তোৰ পৰাই তো আজি এই খন হ'ল।

নহলে তই মুখ পাতি ধৰা হেঁতেন, সেকা পালি বাৰুকৈ দিলোঁ হেঁতেন। তই লৰ মৰা দেখিহে কি জানিবা মোকেই ধৰেহি বুলি উধাতু খাই টিকা ছিপা লৰ দিলোঁ ৷ পাচে পাচে অহিছে বুলি উভতিকে চোৱা নাই নহয়। নহলে আজি মোক পায় কোনে? নেদেখিছ একে লৰে তোতকৈ আগ হৈ ছোঁহি। বাৰু এতিয়া এই বোৰ কথাই কথা নহয়; আমাক বিচাৰি ভৰত লক্ষ্মণ বা কেনি গল। বল সিহঁতক বিচাৰি ভায়ে কৰ খবৰটো দিওঁ গৈ।

২য় সেনা ৷ ককাই, তোৰ সাহ পিতৰ বিষয়েও অলপ গম পালোঁ। সাহৰ কোবত একে লৰেই মোক মৰিবলৈ

দি তোৰ গাটো বঁচালি। ককাই, ম‍ই, হলে কৈছোঁ, যদি ৰজাই মোক সেনাপতিৰ বাব নিদিয়ে, তেন্তে মই ঘূৰি যুদ্ধলৈ নাহোঁ। ৰজাৰ মানুহে বিচাৰিলে ও শোৱা চাঙৰ তলত লুকাই থাকিম। চাচোন, বুকু বনে এতিয়াও ধান বানিয়েই আছে।

১ম সেনা। এই পাটৰ কথা খন শুনা। সেনাপতিৰ বাব না

পালে হেনো যুদ্ধলৈ নাহে। সেনাপতি নৌ হওঁতেই ‘পলায়ুৰ্দ্ধং’ আৰু সেনাপতি হোৱা হলে কি জানিবা কেঁকোৰাৰ গাঁতত “সোমায়ৰ্দ্ধং। হেৰ, এইবোৰ বেল্ বেলাই থাকিলে নহয়; ব’ল সিহঁতক বিচাৰি যাওঁগৈ।

২য় সেনা। ককাই ঔ মৰিলোঁ, লৰৰ কোবত কৰবাৰ গাঁততে

নে কিহতে ভৰি খন মচকা খাই, চাচোন কেনেকৈ উখহি উঠিছে।

১ম সেনা। তই তেন্তে থাক; ভাল পালে আহিবি। মই আগ-

বাঢ়োঁ ৷ ( যাব খোজে )

২য় সেনা। হেৰ ককাই, মোক এৰিথৈ না যাবি, বৌৱাৰীয়েৰৰে

শপত, মোকো লৈ যা

১ম সেনা। উঠ, তেন্তে যাওঁ; পলম হলে আকৌ সিপালিয়ে

পাবহি।

২য় সেনা। ককাই, পিঠিখন পাত; তাতেই লাহেকৈ খামোচ

মাৰি ধৰি যাওঁ।

১ম সেনা। ভাল আপদটোৱে পালে। ই হেনো মোৰ বোকোচা-

তহে উঠি যায়। কি কৰোঁ, নিনিলেও নহয়। হেৰ, উঠ বাৰু পিঠিতে; বৰকৈ হেঁচা নামাৰিবি।

২য় সেনা। ( বোকোচাত উঠি) ককাই ৰক্ষা কৰ, ৰক্ষা কৰ। তৱে

মোৰ কাহানিবাৰ টাঙোন ঘোৰা আছিলি। লৰ মাৰ, পাব হি এতিয়া।

[ প্ৰস্থান ]


চতুৰ্থ অঙ্ক।

১ম দৰ্শন—আশ্ৰমৰ দাঁতি।


( ভৰত ও লক্ষ্মণৰ প্ৰবেশ। )

ভৰত।  ভাই,
শত্ৰুঘ্ন সমে কেনি গ’ল ঘোৰা
নাপালোঁ সম্ভেদ একো;
যজ্ঞহেতু ব্ৰতী ৰঘুমণি,
যজ্ঞ পূৰ্ণাহুতি প্ৰায় চাপিলে ওচৰ;
কিন্তু, নাই কোনো ঘোৰাৰ সংবাদ।
কি জানিবা,
কোনো দেশে বন্দী হ’ল ঘোৰা?
লাগিছে বা বাদ-বিসম্বাদ কাৰো
শত্ৰুঘন সমে?
নকৰিলোঁ ভাল কিন্তু ন গই লগত।
লক্ষ্মণ।  নকৰিব চিন্তা দাদা, ঘোৰাৰ কাৰণে,
নাই এনে শক্তি কাৰো,
ৰাঘৱৰ ঘোৰা ধৰি জীয়ে পৃথিবীত।
তদুপৰি বীৰ শত্ৰুঘন,

ঘোৰাৰ লগত আছে অলেখ সেনাৰে,
যজ্ঞ পূৰ্ণাহুতি কাল মিলিব যেতিয়া,
অৱশ্যে ফিৰিব ঘোৰা
দলে বলে অযোধ্যা পুৰীত।
যদি কোনো দুৰাচাৰে বন্দী কৰে ক’তো,
সবংশে বিনাশি তাক কাঢ়ি লম ঘোৰা
লক্ষ্মণৰ শৰৰ আগত,
নাই কাৰো, নিস্তাৰ কদাপি।
ভৰত।   সঁচা ভাই, ঘোৰা বন্দী কৰি,
নিৰাপদে নাথাকিব কোনো;
সমুচিত শাস্তি তাৰ লাগিব ভুগিব।
তথাপিতো মোৰ অন্তৰত,
উদয় হইছে কিবা নতুন ভাবৰ;
সৌৱা; আহিছে বেগাই দুটা সেনা,
অৱশ্যে আনিছে কিবা ঘোৰাৰ বাতৰি।
[ দুটা সেনাৰ প্ৰবেশ, ২য় সেনা লেঙেৰাই আহে। ]
সেনা উভয়ে ৷  প্ৰণমোহে বীৰত্ব যুগল চৰণ
লক্ষ্মণ ৷   কি সংবাদ আনিছ ঘোৰাৰ?
নিৰ্ব্বিঘ্নে আছেনে ঘোৰা শত্ৰুঘ্ন সহিতে;
সেনা ৷   ( নিমাত। )
ভৰত ৷   নিমাতে থাকিলি কিয়?
সসৈন্যৰে বীৰ শত্ৰুঘণ,
কেনি গ’ল ঘোৰাৰ সহিতে;
ক অতি সোনকালে ঘোৰাৰ সংবাদ।

১ম সেনা।   কি দিম উত্তৰ প্ৰভো,
মুখত নোলায় মাত,
কঁপিছে সঘনে হিয়া
কবলই অশুভ বাতৰি,
মই সোৱাৰোঁ কিন্তু, কওঁ সেই বাবে;—
প্ৰভো,
শত্ৰুঘণ সমে ঘোৰা,
অতিক্ৰমি নদ-নদী, পৰ্ব্ব-নগৰ,
জয় কৰি আৰু কত ৰাজ্য ৰাজধানী
অৱশেষে আশ্ৰমত হল উপনীত;
মুনি নাই আশ্ৰমত,
তপস্যাৰ বাবে তেওঁ গল অন্য স্থানে;
আছেমাত্ৰ দুটি শিশু আশ্ৰম ৰখিয়া।
প্ৰবেশিলে ঘোৰা যেবে আশ্ৰম ভিতৰ
বন্দী কৰে দুয়ো শিশু কৰি অহঙ্কাৰ;
কলোঁ কত নানা মতে,
একোকে নুশুনে সেই যমৰূপী শিশু।
অৱশেষে লাগিল সংগ্ৰাম,
মৰিল সকলো সেনা শিশুৰ হাতত;
শত্ৰুঘ্ন বীৰৰো তাতে হইছে পতন।
ভৰত।   কি কলি, কি কলি,
শত্ৰুঘণ পৰিল ৰণত?
ৰাহুৱে গ্ৰাসিলে আছি পূৰ্ণিমাৰ জোন,
ৰঘুবংশ দিন মণি ডাৱৰে ঢাকিলে।

শত্ৰুঘণ বীৰ চূড়ামণি,
কলৈ গলি ভাই তই অভাগাক এৰি?
অভাগাৰ সমে
অহৰ্নিশে ছায়াদৰে আছিলি লগত,
কোন আৰু ফুৰিব এতিয়া ?
আজি ধৰি শক্তি হীনা অযোধ্যা নগৰী।
লক্ষ্মীহীনা হৈছে ৰাজ্য সীতাৰ বিহনে,
শক্তিহীনা হল আজি তোমাৰ কাৰণে।
এই বাৰ্ত্তা ৰঘুনাথে শুনিব যেতিয়া,
নাজানো, কি দুৰ্ঘটনা ঘটে অযোধ্যাত।
হায় ভাই, কিয় গলি ঘোৰাৰ লগত?
লক্ষ্মণ।   নকৰা বিলাপ দাদা,
বিলাপত নাহি কোনো ফল;
নপশে বিলাপ আৰু যমৰ কাণত।
সমুখ ৰণত পৰি,
হল বীৰ স্বৰ্গবাসী,
তাৰ বাবে থেদ কৰা নাই প্ৰয়োজন।
কিন্তু, প্ৰাণ দিলে শিশুৰ যুজত,
এই হেতু মৰ্ম্ম ব্যথা হয় অনুভূত;
তথাপিতো দাদা,
প্ৰতি হিংসা বীৰৰ কৰ্ত্তব্য।
ভৰত।   প্ৰাণৰ লক্ষ্মণ,
ভাতৃ শোক কেতিয়াও নহয় আঁতৰ,
জুই যেন জ্বলিছে অন্তৰ।

হাঁ ভাই শত্ৰুঘণ
প্ৰাণ দিলা শিশুৰ যুদ্ধত?
লক্ষ্মণ।   কৈকেয়ী-নন্দন,
পৰিহৰি ভ্ৰাতৃ শোক
যুদ্ধ হেতু কৰাঁ আয়োজন।
( সেনাৰ প্ৰতি ) কৰ গই আদেশ প্ৰচাৰ,
সকলোৱে ৰণ সাজে হওক বাহিৰ,
কোনো যেন নাথাকে ৰাজ্যভ।
১ম সেনা।   যিবা আজ্ঞা বীৰবৰ!

(প্ৰস্থান )


২য় সেনা।   মোৰ এতিয়াও কৰঙ্গণ জোৰা লগাই নাই, ম‍ই হলে
নোৱাৰোঁ যাব। মনে মনে চাঙৰ তলত লুকাই

থাকোঁ গৈ।

( প্ৰস্থান। )


লক্ষ্মণ।   ভ্ৰাতৃ-ঘাতী দুৰাচাৰ শিশু
পাবি সমুচিত প্ৰতিফল আজি।

[ ১ম সেনা আৰু সেনাবোৰৰ প্ৰবেশ। ]
১ম সেনা।   প্ৰভো,
উপস্থিত সকলোৱে ৰণৰ সাজেৰে।
লক্ষ্মণ।   হব আজি যুদ্ধ ভয়ঙ্কৰ;
সকলোৱে নিৰ্ভয় মনেৰে
কৰিব লাগিব যুদ্ধ শত্ৰুৰ লগত;
আহাঁ সবে হই শাৰী শাৰী।
সকলোৱে।   জয় মহাৰাজ শ্ৰীৰাম চন্দ্ৰৰ জয়!
জয় মহাবীৰ ভৰত লক্ষণৰ জয়!!

[ লৱ-কুশৰ প্ৰদেশ। ]


লৱ ৷   কোন হেৰা তোমা লোক,
কি বাৱে কৰিছা সবে তৰ্জ্জন গৰ্জ্জন?
মুনি নাই আশ্ৰমত,
তপোবন ৰাখোঁ আমি মুনিৰ আজ্ঞাত;
কাৰ আদেশত সৱে আহিলা ই ঠাই?
নামাৰিবা আশ্ৰমৰ হৰিণ পোৱালি,
যোৱাঁ ঘুৰি অতি সোনকালে।
লক্ষ্মণ ৷   কোন তোমালোক দুয়োজন,
যেন তাৰকা ৰধৰ হেতু
আশ্ৰমত দুই ৰাম হৈছাহি উদয়।
ভৰত।   আহা,
কাৰ এই শিশু দুটি;
নাৰাখি ই হেন বস্তু চকুৰ আগত
কি মতে নো দিছে এৰি জনক জননী?
কোন তোমালোক দুয়ো
কি কাৰণে বিহৰিছা
হিংস্ৰ জন্তু পপূিৰ্ণ বনৰ মাজত?
লৱ ৷   আমি দুয়ো বীৰৰ সন্তান,
নকৰোঁ অলপো ভয়—কাৰো প্ৰতি আমি;
নহলে নো যজ্ঞ ঘোৰা কৰোঁনে বন্ধন?
দিয়াঁ পৰিচয় বীৰ;
সসৈন্যেৰে কোন্ তোমালোক

ভৰত ৷   ভৰত-লক্ষ্মণ দুয়ো ৰামৰ কিঙ্কৰ;
ৰাম চন্দ্ৰে অশ্বমেধ পাতি
এৰি দিছে যজ্ঞ ঘোৰাঁ দেশ দেশান্তৰে।
শুনিলোঁ,
তোমালোকে হেনো ঘোৰা বন্দী কৰি,
বিনা শিলা শত্ৰুঘ্ন বীৰক।
যদি ভাল চোৱা
তেন্তে এৰি দিয়াঁ ঘোৰা,
নহলে ঘটিব আজি দুৰ্ঘোৰ বিপদ।
লৱ ৷   মিছাতে নকৰোঁ অহঙ্কাৰ;
কোৱাঁ বাৰু,
কাৰ সনে যুজিবা কোন জন;
আহাঁ কোন জন,
মেঘনাদ জয়ী সেই দুৰ্জ্জয় লক্ষ্মণ;
লৱ মই,
আছোঁ সাজু যুদ্ধৰ কাৰণে ৷
লক্ষ্মণ।   তোৰ সমে কৰিলে সমৰ
হাঁহিব সংসাৰে মোক।
লৱ।   কিন্তু, কাপুৰুষ,
দেখিলে বিক্ৰম মোৰ,
নোৱাৰিবি থিৰেৰে থাকিব;
বিনা যুদ্ধে হবি মৃত প্ৰায়।
কুশ।   নালাগে ভাবিব বীৰ
হোৱা সাতু যুদ্ধৰ কাৰণে;

লক্ষ্মণৰ সতে যুজিব অগ্ৰজে,
যুজাঁ তুমি মোৰ সতে হেভৰত বীৰ।
কৰিছোঁ প্ৰতিজ্ঞা,
নাৰাখোঁ মৰ্ত্ত্ ত আৰু ৰঘুবংশ নাম।
ভৰত।   নকৰিবি অহঙ্কাৰ মুনিৰ কুমাৰ;
ৰঘু বংশৰ প্ৰতি কুকথা প্ৰয়োগ?
থাকে, যদি প্ৰাণলৈ মৰম,
মাগ ক্ষমা ভিক্ষা;
নহলে নিশ্চয় আজি বধিম জীৱন।
কুশ।   জানানে ভৰত বীৰ,
বীৰ্য্যৱন্তে ক্ষমা খোজে বুলি?
ভৰত  । ধৰ অস্ত্ৰ দুৰাচাৰ ভ্ৰাতৃঘাতী শিশু;
নিশ্চয় জানিবি;
নাশি আজি তোক,
ভ্ৰাতৃ শোক গুচাম মনৰ।
কুশ।   আহ তেন্তে নৰাধম,
দিওঁ প্ৰতিফল।

[ উভয়ে যুদ্ধ কৰি প্ৰস্থান। ]


লৱ।   চোৱাঁ বীৰ,
ভৰতে কৰিছে যুদ্ধ কুশৰ লগত;
যুজাঁ তুমি, মোৰ সমে;
নহলে, যোৱা ফিৰি ৰাজ্য লই,
ৰামে আহি কৰক সমৰ।

লক্ষ্মণ।   দুৰাচাৰ মুনিৰ কুমাৰ
কত পাবি ৰাম দৰশন;
শমন নিকট তোৰ জানিবি নিশ্চয়।
ধৰ অস্ত্ৰ নৰাধম,
বুজা যাব সমৰ কালত।

[উভয়ে যুদ্ধ কৰি প্ৰস্থান আৰু আনফালে যুদ্ধ কৰি
ভৰত আৰু কুশৰ প্ৰবেশ।
]

কুশ।   ভাবিছনে নৰাধম,
যুদ্ধ জিনি অশ্বমেধ কৰিবি পূৰণ?
নকৰিবি সেই আশা।
ভৰত।   বনবাসী শিশু তই,
কাৰ আগত কৰ এনে অহঙ্কাৰ?
চাওঁ বাৰু কোনে ৰাখে তোক।
কুশ।   এইবাৰ নিশ্চয় মৰিলি।

[ উভয়ে যুদ্ধ কৰি প্ৰস্থান আৰু আন ফালে
যুদ্ধ কৰি লৱ আৰু লক্ষ্মণৰ প্ৰবেশ। ]

লক্ষ্মণ।   দুৰাচাৰ,
শিশু বুলি অত বেলি কৰিলোঁ অপেক্ষা
কিন্তু এইবাৰ তোৰ শোণিতেৰে,
পূৰ্ণাহুতি দিম আজি ভাতৃ-সন্তাপৰ।
লৱ ৷  নালাগে মুখৰ কথা,
প্ৰতিজ্ঞা পূৰণ কৰ শক্তি আছে যদি।

নকৰে অলপো ভয় সীতাৰ সন্তানে;
হান অস্ত্ৰ সৰাধম যত শক্তি তোৰ।
[ যুদ্ধ কৰি উভয়ে প্ৰস্থান আৰু কুশৰ প্ৰবেশ। ]
কুশ।   ভাল কীৰ্ত্তি ৰাখিলা যুদ্ধত;
ধন্য হে ভৰত বীৰ,
অতবেলি যুজি তুমি কুশৰ লগত,
অৱশেষে প্ৰাণ দিলা সমৰ ক্ষেত্ৰত।

[ লৱৰ প্ৰবেশ। ]


লৱ ৷   প্ৰাণাধিক কুশ,
মৰিল লক্ষ্মণ আজি লৱৰ হাতত;
আজি হন্তে ললোঁ নাম,
লক্ষ্মণাৰী সীতাৰ সন্তান।
কুশ।   দাদা,
ভাল কীৰ্ত্তি ৰাখিলোঁ মহীত;
তযু মৰমত আৰু মাতৃ-আশীষত,
ভৰতে এৰিলে প্ৰাণ কুশৰ হাতত।
লৱ।   বখানো বীৰত্ব তযু ভাই,
নাশিলা যুদ্ধত আজি ভৰত বীৰক
বলা ভাই,
যাওঁ দুয়ো মাতৃৰ সমীপে।
শুনিব যেতিয়া ৰামে,
লক্ষ্মণ আৰু ভৰতৰ নিধন সংবাদ,

অবশ্যে আহিব ৰাম সসৈন্যেৰে সাজি;
বল৷ ভাই, আহিম তুৰন্তে।
[ দুয়োৰে প্ৰস্থান। ]


২য় দৰ্শন—কুটীৰ।


( সীতা। )


সীতা ৷   সৈন্য কোলাহল কিয় শুনিলো হঠাৎ?
কাৰ সেনা পলাইছে প্ৰাণৰ ভয়ত।
আছিলোঁ যেতিয়া বন্দী অশোক বনত,
দিন দিন ৰঘুনাথে জিনিলে সংগ্ৰাম;
কিন্তু ‘জয় ৰাম’ শব্দ
নুশুনিলোঁ কাৰো মুখে;
শুনো মাথোঁ—
পলাতক ৰক্ষ সেনাৰ ঘোৰ আৰ্ত্তনাদ।
কাৰ সমে লাগিছে সমৰ?
লব-কুশ অশান্ত সন্তান,
নাথাকে অলপো থিৰে।
[ লৱ-কুশৰ প্ৰবেশ ]
আহাঁ বাছা দুখিনীৰ ধন,
নাযাবা দুনাই আৰু অভাগীক এৰি;
ইকি!ইকি!
অস্ত্ৰাঘাত দেখোঁ কিয় গাত?

দুখিনীৰ অঞ্চলৰ ধন,
কোনে বাণ হানিলে দেহত?
লৱ ৷   আই আশ্ৰম মাজত
দিনে দিনে আহে বহুৰজা
সসৈন্যেৰে মৃগয়াৰ হেতু;
নামানে আদেশ কাৰো,
ভাঙ্গে বন,
বধে আৰু হৰিণা পোৱালি;
সিকাৰণে,
লাগিল কাজিয়া আই আমাৰ লগত।
সীতা।   কোন আছে এনুৱা নিষ্ঠুৰ,
শৰাঘাত কৰে এনে কোমল দেহত;
লৱ ৷   আই, তযু পদ ধ্যান কৰি
জিনিলোঁ সগ্ৰাম;
কৰাঁ আই আশীৰ্ব্বাদ পুত্ৰক তোমাৰ।
সীতা।   অভাগীৰ হৃদয়ৰ নিধি,
কাৰো সমে নকৰিবি বাদ-বিসম্বাদ;
নিদিবি দুনাই বাপ কলঙ্কৰ বোজা।
সুধা অবিহনে,
খাবলই দিওঁ যেবে বন্য ফল মুল,
কান্দো কত যাদুমণি তাকে চাই চাই;
মণি-মুক্তা অবিহনে,
পিন্ধাওঁ যেতিয়া বাছা ফুল-অলঙ্কাৰ
ৰাখিব নোৱাৰোঁ মই চকুৰ লোতক;

অভাগীৰ উদৰত,
কি কাৰণে জনম ধৰিলি;
লৱ ৷   আনোগই ফুল তুলি,
দুয়োকে সজোৱাঁ আজি ফুলেৰে জননি!
কুশ।   আহা আই,
তিনো জনে আনো ফুল তুলি।
(সকলোৰে প্ৰস্থান )

[ অলিক্ষৰাৰ প্ৰবেশ। ]


আল ৷   ইকি
শূন্যত উৰিছে ধুলা ধোৱাঁৰে আকাৰে,
ঘনে ঘনে মেঘৰ আঁৰত,
জিলি কিছে কিবা সিটি বিজুলিৰ দৰে?
শুনো আৰু কোলাহল অপাৰ সেনাৰ⸺
যেন পৰ্ব্বতৰ পৰা,
আহিছে বেগেৰে নই সাগৰ উদ্দেশি।
কাৰ সেনা ভাঙ্গে তপোবন?
কুটীৰতো দেখা নাই কোনো প্ৰাণী;
যাওঁ বাৰু আছে ক’ত দুখিণী জানকী,
আৰু সেই দুখিণীৰ ধন লব-কুশ।
(প্ৰস্থান। )


৩য় দৰ্শন— তপোবন।
[ লৱ-কুশ আৰু সীতাৰ প্ৰবেশ। ]
কুশ।   দাদা,
নাজানো গাঁথিব মই,—
তুমিয়েই দিয়াঁ মোকো গাঁথি।
লৱ।   দিয়া বাৰু,
দিওঁ তেন্তে গাঁথি— ৷[ কুশে ফুল দিয়ে। ]
সীতা।   বাছা কুশ,
মালাৰ কাৰণে
কিয় আজি ইমান হেঁপাহ!
লৱ ধনুত বান্ধিবি নেকি মালা?
লৱ ৷   নহয় জননি,
মালা আজি পিন্ধাম তোমাক;
বহু দিন হন্তে আছিল মনত আশা,
মালা গাঁথি পিন্ধাম তোমাক;
সি কাৰণে আজি
পিন্ধাই তোমাক মালা,
মনো বাঞ্ছা কৰিম পূৰণ ৷
সীতা।   বাছা ধন,
সেই আশা নহব পূৰণ;

আছে এটি ব্ৰত মোৰ ⸺
নিপিন্ধিম অলঙ্কাৰ কিছুদিনলই।
লৱ ৷   আই,
কেতিয়ানো হব ব্ৰত শেষ;
দুয়ো ভাই মিলি,
কেতিয়ানো সজাম তোমাক?
সীতা।   ( স্বগতঃ ) ব্ৰত শেষ হব মোৰ দেহৰ লগত।
কুশ।   কোৱা আই,
ব্ৰত শেষ হব নো কেতিয়া?
সীতা।   বাছা ধন,
ব্ৰত শেষ হৱলই
নাই আৰু অধিক সময়।
ইকি! সৈন্য কোলাহল কিয় হাবিৰ মাজত?
লৱ ৷   আই,
কত দেশ-বিদেশৰপৰা,
ৰজা সৱে মৃগয়াৰ হেতু,
আহে এই বনৰ মাজলৈ
চাই থাকোঁ সি সৱকে বহি দুয়ো জনে।
আজিও আহিছে কোনো ৰজা
শুনিছ৷ সিহেতু আই সৈন্য কোলাহল।
হ’ল আহি পাঠৰ সময়;
আহাঁ যাওঁ ভাই;
বোৱাঁ আই কুটীৰলৈ তুমি।

সীতা।   বাছাহঁত মোৰ,
নকৰিবি কাৰো সনে বাদ-বিসম্বাদ।
লৱ।   বিবাদত কিবা লাভ আই!
কিন্তু আই,
কোনো জন হয় যদি বিপক্ষ আমাৰ,
তযু আশীষত তাক জিনিম অক্লেশে।
শুনা আই;
খেলোঁ যেবে আমি দুয়ো বনৰ মাজত।
অশেষ যাতনা পাওঁ ভোক-পিয়াহত;
তেনুৱা সময়,
চিন্তো যদি শ্ৰীচৰণ দুটি,
ক্ষুধা তৃষ্ণা নাথাকে সমুলি⸺
হয় বল দুগুণে বৰ্দ্ধিত;
খেলোঁ পুনঃ হৰিষ মনেৰে।
সীতা।   (স্বগতঃ)শুনো যত সৈন্যৰ আৰাও,
সাগৰে গৰ্জ্জিছে বুলি হয় অনুমান;
কোন আছে মৃগয়াৰ হেতু?
সাৱধানে থাকাঁ দুটি ভাই,
যাওঁ মই পূজা হেতু পানীৰ কাৰণে।
বিপদ-বাৰিণি,
অভাগীৰ ধন বুলি ৰাখিবা মনত;
কৰযোৰে কৰিছোঁ কাকুতি,
ৰণে বনে, দুৰ্গম-সঙ্কটে,
ৰাখিবা সততে আই কৰুণা বিতৰি

এয়ে মোৰ জীৱন সৰ্ব্বস্ব।
নকৰিবা বাছাধন দ্বন্দ কাৰো সমে;
কিন্তু যদি কোনোজনে কৰে আক্ৰমণ,
হানে অস্ত্ৰ কোমল দেহত,
সত্যে কৰি কওঁ মই,
দেশলই সি আৰু নাযাব উভতি।
স্বয়ং ৰামো যদি আছে সি সময়,
নাপাব নিস্কৃতি লৱ-কুশৰ হাতত।
যদি সতী হওঁ মই,
কায় মনে পূজোঁ যদি দেবী ভগৱতী,
যদি মতি থাকে মোৰ স্বামীৰ পাৱত,
নিশ্চয় নিশ্চয় কলোঁ,
লৰচৰ নহব ই কথা।
[ প্ৰস্থান। ]
কুশ।   বখানো তোমাক দাদা,
ভাল ফাঁকি দিলা জননীক।
লৱ।   শুনা শুনা সৈন্যৰ গৰ্জ্জন,
সসৈন্যে আহিছে ৰাম যুদ্ধৰ কাৰণে;
নাথাকিলে উপস্থিত ইহেন সময়,
ভীৰু বুলি কলঙ্ক ৰটিব।
আহাঁ ভাই,
আশীৰ্ব্বাদ কৰিছে মাতৃয়ে;
ক্ষুদ্ৰ ৰণ অৱশ্যে জিনিম।
[ দুয়োৰে প্ৰস্থান। ]

৪ৰ্থ দৰ্শন⸺ৰাজসভা।
( ৰাম, বশিষ্ঠ, মন্ত্ৰী আৰু সভাসদসকল। )
ৰাম।   মন্ত্ৰিবৰ,
নাপালোঁ সম্ভেদ একো,
যজ্ঞ-ঘোৰা গল কোন কালে;
কেনি গল ভৰত শত্ৰুঘ্ন,
বিপদৰ সহচৰ লক্ষ্মণ ভৈয়াই।
উপস্থিত হল প্ৰায় পূৰ্ণাহুতি কাল,
তথাপিতো ঘোৰা কিয় নাহিল উভতি?
নাজানো কাৰ বা কত ঘটিল বিপদ।
মন্ত্ৰী।   নকৰিব চিন্তা মহাৰাজ;
নাই এনে শক্তি কাৰো,
যজ্ঞ ঘোৰা কৰিব বন্ধন।
গল ঘোৰা দেশ দেশান্তৰে,
সিকাৰণে হইছে পলম।
হোৱা নাই কাৰো কতো একো অমঙ্গল,
সময়ত তিন বীৰ সমে,
আহিব উভতি ঘোৰা দিগ্বাজয় কৰি।
বশিষ্ঠ।   ৰঘুমণি,
ঘোৰা হেতু নাই একো চিন্তাৰ কাৰণ;
আন যত যজ্ঞৰ সম্ভাৰ,

ৰাখিছোঁ যুগুত,
আহি পালে যজ্ঞ ঘোঁৰা দিম পূৰ্ণাহুতি।
ৰাম ৷   গুৰুদেব,
সকলো ভৰসা মোৰ তযু চৰণত;
তযু আশ্বাসতে
পাহৰিছোঁ ভাৰ্য্যা-শোক।
কৰাঁ আশীৰ্ব্বাদ,
আহে যেন নিৰাপদে ঘুৰি সকলোৱে।
বশিষ্ঠ।   মহাৰাজ,
কৰোঁ আশীৰ্ব্বাদ,
নিৰাপদে ঘুৰিব সকলো—
ভৰত, লক্ষ্মণ আৰু শত্ৰুঘন সমে।
[ দূতৰ প্ৰবেশ। ]
দূত।   প্ৰণমোহে মহাৰাজ যুগল চৰণ!
ৰাম।   কি খবৰ আসিছ দুত!
দূত।   মহাৰাজ কিনো কম আৰু?
আশ্ৰমত বন্দী হল ঘোৰা।
সিকাৰণে,
লাগিল কাজিয়া দুটি শিশুৰ লগত।
অৱশেষে শিশুৰ যুদ্ধত,
সসৈন্যে তিনিও বীৰ হল স্বৰ্গ গামী।
ৰাম।   কি কথা শুনালি দূত,
তিনি ভাই ৰণত পৰিল?
কলৈ গলি ভৰত লক্ষ্মণ?

কলৈ গলি ভাই শত্ৰুঘণ?
এক বাণে মাৰিছিলা লৱন বীৰক।
যাৰ যুদ্ধ দেখি কঁপে ত্ৰিভুবন,
যাৰ বাতুলৰ প্ৰহাৰত
হনুমানে মানে পৰাজয়;
ই হেন ভৰত ভাই,
কলৈ গলি অভাগক এৰি?
যাৰ হাতে এৰে দেহা বীৰ ইন্দ্ৰজিত,
দশাননো স্তব্ধ হয় যাব ৰণ দেখি;
ৰাজ্যসুখ পৰিহৰি অভাগাৰ সমে,
হইছিলি বনবাসী,
নিদ্ৰাকো কৰিলি জয় দ্বি-সপ্ত বছৰ;
ই হেন লক্ষ্মণ ভাই,
হেৰুৱালি আজি প্ৰাণ শিশুৰ হাতত?
কি কুক্ষণত ম‍ই যজ্ঞ আৰম্ভিলোঁ;
অশ্বমেধ যজ্ঞ পাতি,
মৃত্যুক কৰিলোঁ আলিঙ্গন;
নিজ সম্মানৰ অৰ্থে
বিদেশত হেৰুৱালোঁ প্ৰাণৰ লাহৰী।
এনেয়ে সীতাৰ শোকে কৰিছে আকুল,
তাতে আৰু ভ্ৰাতৃশোকে,
মনৰ স্থিৰতা মোৰ নাশিলে সমূলি।
মন্ত্ৰী।   মহাৰাজ,
না যায় খণ্ডন কাৰো বিধিৰ লিখন।

সিদ্ধ কৰি ক্ষত্ৰিয় ধৰম,
সম্মুখ ৰণত পৰি হল স্বৰ্গগামী;
তাৰ বাবে শোক কৰা নহয় উচিত,
চিন্তা পৰিহৰি চিন্তা মণি,
শত্ৰুনাশ হেতু যিবা কৰোক উপায় ৷
ৰাম।   মন্ত্ৰিবৰ,
যুদ্ধ বিনা নেদেখোঁ উপায়।
ৰাজ্যভাৰ সকলোকে গতালো তোমাক;
নাশি সেই যমৰূপী শিশু,
শিশুৰ ৰক্তেৰে কৰি আহোঁ ভ্ৰাতৃৰ তৰ্পণ;
পাৰিলে জিনিলোঁ ৰণ,
নহলে,
প্ৰাণ দিম সমৰ ক্ষেত্ৰত।
যা দূত, শুনাবি আদেশ মোৰ; —
যুদ্ধ হেতু মহাৰাজে কৰিব গমন;
সিকাৰণে,
ডেকা বুঢ়া যত আছে ৰাজ্যৰ ভিতৰ
যাৰ লাগে সকলোৱে ৰজাৰ লগত।
দুত।   যিবা আজ্ঞা মহাৰাজ। [ প্ৰস্থান ]
ৰাম।  গুৰুদেৱ,
মাগিলোঁ বিদায় মই;
কৰাঁ আশীৰ্ব্বাদত,
নাশোঁ যেন ভ্ৰাতৃঘাতী শিশু।

বশিষ্ঠ।   ৰঘুমণি,
সিদ্ধি হ’ক্ তযু অভিলাষ।
[ সকলোৰে প্ৰস্থান ]


৫ম দৰ্শন—আশ্ৰমৰ দাঁতি।

( লবকুশৰ প্ৰবেশ )
ভিতৰৰ পৰা—  জয় মহাৰাজ ৰামচন্দ্ৰৰ জয়!
জয় মহাবীব হনুমানৰ জয়!!
কুশ।   শুনা শুনা সৈন্যৰ গৰ্জ্জন;
সম্ভৱতঃ,
অসংখ্য সেনাৰে সাজি আহিছে শ্ৰীৰাম;
সাবধানে থাকোঁ, দাদ পাবহি এতিয়া
লৱ ৷   নকৰিবা চিন্তা ভাই,
যমালয় যাব সৱে মাতৃৰ কৃপাত।
[ ৰাম, হনুমান আৰু সেনাসকলৰ প্ৰবেশ ]

লৱ ৷  চোৱা ভাই বিকট আকৃতি,
ভালুক বান্দৰ কত পৰ্ব্বত সদৃশ,
উঠে হাঁহি সিসৱৰ মুখ দেখি;
চোৱা আৰু সৌ,
বিকট মুখেৰে আৰু ধনুশৰ হাতে,
দেখি যেন মনুষ্য-আকৃতি;
কিন্তু ভাই, নহয় মনুষ্য সিটি।

হনু।   ৰঘুমণি,
কাৰ ই সন্তান দুটি ধনুশৰ হাতে?
নিশ্চয় জানিছোঁ প্ৰভো,
এই দুটি তোমাৰে সন্তান,
নহলে প্ৰভো,
তিন ৰাম কিয় দেখ হনুৰ চকুৱে?
মৰ্ম্মে মৰ্ম্মে মোৰ,
জাগিছে তোমাৰ ৰূপ;
জানিলোঁ হে দয়াময়,
এই দুটি তোমাৰে সন্তান।
ৰাম।   সঁচা হনু,
মোৰো মনে লাগিছে সন্দেহ।
আচৰিত কথা,
কাৰ ই সম্ভান?
মনৰ মাজত,
উদয় হইছে এটা নতুন ভাৱৰ,
কোৱাঁ হেৰা,
কোন তোমাবোব দুইজন।
কি কাৰণে বিহৰিছা নিৰ্জন বনত?
লৱ।   বীৰবৰ,
ৰঘুবংশ শত্ৰু আমি।
শুনিছোঁ, তুমি হেনো যুদ্ধত পণ্ডিত;
কিন্তু, ই কোন যুদ্ধ:নীতি,⸺
আনিছা অলেখ সেনা,

শিশু সমে যুজিবৰ হেতু?
কিন্তু নিশ্চয় জানিবা বীৰ,
নকৰে৷ অলপো ভয় সি সৱৰ প্ৰতি;
শৰৰ আগত,
তুলা যেন উৰি যাব চকু পচাৰতে।
শিশু বুলি দেখাইছা ভয়;
কিন্তু বীৰ,
নেখাটিব সেই ভয় আমাৰ লগত।
ইয়াৰ আগেয়ে আৰু তিন জন বীৰে
কৰিছিল অহঙ্কাৰ আমাৰ আগত,
কিন্তু চোৱাঁ চকু মেলি,
চকু মুদি পৰি আছে মাটীত বাগৰি।
শুনা বাৰু কওঁ পৰিচয় —
লৱ মই লক্ষ্মণ বিজয়ী,
ভৰত-শত্ৰুঘ্ন-জয়ী এই কুশ ভাই।
ৰাম।   অতি শিশু মতি তোমালোক,
খোজা নেকি মোৰ সমে ৰণ?
শুনা নাই লঙ্কাৰ ঘটনা?
এই হাতেৰেই মই,
ৰক্ষবংশ সমূলে ধ্বংসিলোঁ;
কি সাহেৰে তোমালোকে কৰিবা সমৰ?
লৱ ৷   নলবা প্ৰশংসা বীৰ শুনিছো সকলো।
নাগপাশ শৰে,
বান্ধিছিল ইন্দ্ৰজিতে,

কিন্তু যজ্ঞ ভঙ্গ কৰি,
অন্যায় যুদ্ধত তাক বধিলে লক্ষ্মণে;
ছল কৰি ভুলাই ৰমণী,
হৰিছিল মৃত্যুবাণ,
সিকাৰণে ৰাৱণ বিজয়ী তুমি;
বিভীষণ আত থল মতি,
নহলে নো,
কৰিব পাৰানে তুমি ৰাৱনক বধ?
নোহোঁ আমি বালিৰাজা
বিনাশবা গছত লুকাই।
বীৰৰ সন্তান আমি,
সিকাৰণে থৈছোঁ ঘোৰা বান্ধি;
মুক্ত কৰাঁ শক্তি আছে যদি,
যুদ্ধ হেতু সসৈন্যে আহিছা সাজি,
বেলি কিয়?—প্ৰকাশা বিক্ৰম।
ৰাম।  অন্তবত হৈছে এটি মায়াৰ উদয়,
সিকাৰণে অতবেলি,
হোৱ নাই অস্ত্ৰৰ প্ৰয়োগ!
কাৰ পুত্ৰ তোমালোক দুয়ো?
লৱ ৷  জানিলোঁ আশয় তষু।
সমৰ-ক্ষেত্ৰত আহি
নালাগে কৰিব স্নেহ,
নিবিচাৰে অনুগ্ৰহ বীৰৰ সন্তান।
কিমান দয়ালু তুমি জানো ভাল মতে;

গৰ্ভৱতী সীতাক যেবে দিলা বনবাসে,
সেই দিন ধৰি হেৰা তোমাৰ সুখ্যাতি,
ত্ৰিভুবনে কৰিছে ঘোষণা।
হনু।  দয়াময়, জানিলোঁ নিশ্চয়,
দুয়োজন সীতাৰ তনয়;
নহলে,
কিৰূপে জানিব প্ৰভু সীতাৰ সংবাদ?
ৰাম ৷   মোৰো মনে লাগিছে সিৰূপ
নহলে নো অতবেলি,
থাকেনে জীয়াই এই ভ্ৰাতৃঘাতী শিশু?
হনু ৷  শুনা হেৰা সুকোমল শিশু,
নিশ্চয় জানিছোঁ দুয়ে৷ ৰামৰ সন্তান;
আকৃত-প্ৰকৃতি আৰু অঙ্গ গঠন, —
মিলিছে সকলো চোঁৱা ৰামৰ লগত।
কওঁ ম‍ই সিকাৰণ,
নাই কাম বিবাদ কৰাৰ;
যি কাৰণে দোষী তোমালোক,
অৱ্শ্য ক্ষমিব তাক ৰাম ৰঘুমণি।
[ লৱে হনুমানক মাৰিবলৈ শৰ তোলে ]
কুশ ৷   দাদা,
নবধিবা এই বান্দৰক,
লই ঘাম মাতৃৰ সমীপে;
দেখিলে ই হেন জন্তু,
নিশ্চয় আইৰ মনে হব সুখোদয়।

ৰাম।  আহাঁ আহাঁ বাছাধন,
নিশ্চয় জানিলোঁ দুয়ো মোৰেই সন্তান;
আহাঁ উঠাই কোলাত,
ক্ষন্তেক জুৰাওঁ মোৰ তাপিত পৰাণ;
লৱ।  কি কলি দুৰ্ম্মতি,
তই মোৰ নিজৰ জনক?
কোন মুখে কলি এনে কথা?
কোন বীৰে নিজ মান অৱহেলা কৰি,
যাকে তাকে পুত্ৰ বুলি কৰে সম্বোধন?
নৰাধম,
সন্তানৰ ইচ্ছা যদি আছিল মনত,
গৰ্ভৱতী সীত৷ কিয় কৰিলি বৰ্জ্জন?
পুৰুষৰ নাই এনে ৰীতি,
যাকে তাকে পুত্ৰ বুলি ফুৰে।
নিশ্চয় জানিলোঁ,
সামান্য কুলত তই জনম লভিলি;
ধিক্ তোৰ জন্ম, ধিক্ পৰাক্ৰম।
তোৰ দৰে জন্মা নাই সামান্য বংশত;
বীৰৰ সন্তান আমি,
জনমিছোঁ বীৰৰ বংশত;
দিম পৰিচয় তাৰ সম্মুখ যুদ্ধত।
বসম ৷  সাপে যদি কামোৰে মুৰত,
মন্ত্ৰে তাক কি কৰিব পাৰে?
সেনানী সকল,

সাৱধানে কৰাঁ যুদ্ধ;
হোৱাঁ সকলোৱে সাৱধান,
পালাব নোৱাৰে যাতে ভ্ৰাতৃঘাতী শিশু।
আগ বাঢ়ি হনু,
বধাঁ শিশু পৰ্ব্বত প্ৰহাৰি।
আহ যুদ্ধে ভ্ৰাতৃঘাতী শিশু,
উপযুক্ত দিওঁ প্ৰতিফল ৷
লৱ ৷  বিলম্বৰ নাই প্ৰয়োজন;
গৰ্ব্ব চূৰ্ণ কৰিম নিশ্চয়।
হান অস্ত্ৰ নৰাধম যত শক্তি তোৰ।
ভাই কুশ,
দুই ফালে থাকোঁ দুইজন,
থাকক বিপক্ষ দল মাজত আমাৰ;
কৰা অস্ত্ৰ বৰিষণ,
হয় যাতে চৌদিশে আন্ধাৰ।
গছ-লতা ধ্বংস কৰি,
বাগৰে যি দৰে নই পৰ্ব্বতৰপৰা,
সিদৰে হানিবা বাণ মাতৃনাম স্মৰি।
আহ সবে নিৰ্ব্বোধ কণ্টক,
এই বাণ যুৰিলোঁ ধনুত ৷
[ যুদ্ধ কৰি সকলোৰে প্ৰস্থান আৰু ৰামৰ প্ৰবেশ ]
ৰাম ৷  ইকি আচৰিত যুদ্ধ!
অস্ত্ৰময় হল দশো দিশ;
প্ৰহাৰিলে হনুমানে যতেক পৰ্ব্বত,

তুলাযেন উৰি গল শৰৰ আগত;
অৱশেষে,
নাগ, পাশে বন্দী হল বীৰ হনুমান।
কঁপে প্ৰাণ দেখিলে শিশুৰ পৰাক্ৰম;
সামান্য বালকে,
ক’ত পালে এনে অস্ত্ৰ শিক্ষা?
কৰিলোঁ অনেক যুদ্ধ,
দেখা নাই কিন্তু এনে দুৰ্জ্জয় সংগ্ৰাম।
[ লৱৰ প্ৰবেশ। ]
লৱ ৷   পৰাজিলোঁ ৰঘুসেনা;
বাকি মাত্ৰ আছে ৰাম।
তাকো নিপাতিম আজি সম্মুখ যুদ্ধত।
[ কুশৰ প্ৰবেশ। ]
কুশ ৷   কি ভাবিছ ৰাম।
সামান্য বালক বুলি কৰিলি উপেক্ষা!
দেখ এবে শিশুৰ বিক্ৰম।
লৱ ৷   শুনা হেৰা অযোধ্যাৰ পতি,
সৈন্য সেনাপতি তযু মৰিল সকলো;
বইছে তেজেৰে নই।
আছে যদি যুদ্ধত হেঁপাহ,
হোৱাঁ সাজু নকৰি পলম;
যুদ্ধ দেখি যদি ভয় লাগিছে মনত,
যোৱাঁ তেন্তে ফিৰি ঘৰ লই।

নোতোলোঁ, নধৰোঁ অস্ত্ৰ ভীৰু জনলৈ ;
বিশেষতঃ,
সিকথাত গুৰুৰো নিষেধ।
নহলে,
ধৰাঁ ধনু, ৰক্ষা কৰা প্ৰাণ ৷

ৰাম ৷  নকৰোঁ অলপো ভয় তোসৱৰ প্ৰতি ;
সৈন্য সেনাপতি মোৰ যদিও মৰিছে,
অকলই দিম আজি শাস্তি যথোচিত ।

[ উভয় পক্ষৰ যুদ্ধ । ]
( স্বগতঃ ) অদ্ভুত মানিলোঁ ।
সামান্য শিশুৱে আজি বিতত কৰিলে ।
অব্যর্থ কুশৰ বাণ,⸺
একো একো শৰৰ আগত
জ্বলে যেন অগ্নি শিখা ;
ত্রিভুবন স্তব্ধ হয় দেখি পৰাক্ৰম ।
ধন্য কুশ,
ধন্য তোৰ অস্ত্ৰ শিক্ষা,
কিন্তু, সেই বুলি ক্ষুদ্রমতি শিশু,
নে পাবি নিস্তাৰ আজি ৰামৰ হাতত ৷
কুশ ৷  হান অস্ত্ৰ নৰাধম,
দিছোঁ বুকু পাতি ।
(যুদ্ধ কৰি প্ৰস্থান । )

[ নিকষাৰ প্ৰবেশ। ]
নিকষা।  নিশ্চয় পুৰিব আজি মনৰ হেঁপাহ;
বধ হল ভৰত লক্ষ্মণ,
বধ হল বীৰ শত্ৰুঘন;
ভালুক-বান্দৰ আদি যত ৰাম সেনা
মৰিল সকলো আজি শিশুৰ হাতত।
ৰক্ষবংশ ধ্বংসৰ কাৰণে আৰু,
নাই খেদ মোৰ অন্তৰত;
যাওঁ শীঘ্ৰে,
দেখোঁ গই ৰামৰ বিনাশ।
[ প্ৰস্থান। ]

⸻•⸻

পঞ্চম অঙ্ক।


১ম দৰ্শন— যুদ্ধক্ষেত্ৰ।


[ ৰামৰ প্ৰবেশ। ]


অদ্ভুত সমৰ।
শৰভঙ্গ দত্ত তুণ শূন্য হল আজি;
শিশুৰ যুদ্ধত আৰু,
পাশুপাত অস্ত্ৰেও মানিলে পৰাভৱ;
জয় আশা কিন্তু মই নেদেখো সমুলি।
কিন্তু, সেই বুলি নই নিৰাশ।
প্ৰাণপণে কৰিম সমৰ;
যুদ্ধ এৰি কদাচিত,
নপলাওঁ কাপুৰুষ প্ৰায়।
যায় যাব প্ৰাণ;
নিষ্কলঙ্ক ৰঘুৰ কুলত,
নেপেলাওঁ কদাচিতো কলঙ্কৰ ছিটা।
প্ৰহাৰিম ব্ৰহ্ম অস্ত্ৰ মই,
চাওঁ বাৰু, কিৰূপে নো জীয় তই ভ্ৰাতৃঘাতী শিশু।

[ লৱকুশৰ প্ৰবেশ ]
লৱ ৷  কি ভাবিছা বীৰবৰ!
ভাবিছানে যুদ্ধ জিনি,
অশ্বমেধ কৰিবা পূৰণ?
নোৱাৰা কাচিতো।
বল-বীৰ্য্য পৰাক্ৰম যতেক তোমাৰ,
সকলোৰে পালোঁ পৰিচয়।
আছে যদি প্ৰাণ লই মায়া,
যোৱা ঘুৰি এতিয়াও,
কৰ গই সুখে ৰাজ্য ভোগ
নিশ্চয় জানিবা
পৰিত্ৰাণ নাই আজি তব।
ৰাম ৷  ন কৰিবি অহঙ্কাৰ ক্ষুদ্ৰ মতি শিশু।
শিৱৰ, প্ৰদত্ত ব্ৰহ্ম অস্ত্ৰ এই,
অব্যৰ্থ ইয়াৰ তেজ;
এই অস্ত্ৰেৰেই,
ৰক্ষকুল সবংশে বধিলোঁ;
এতিয়াও এই অস্ত্ৰেৰেই,
কটিম দুয়োৰে মূৰ;
চা আজি অস্ত্ৰৰ বিক্ৰম।
লৱ ৷  নৰাধম,
ব্ৰহ্ম অস্ত্ৰ দেখিছোঁ বহুত।
তোৰ দৰে ভীৰুৰ হাতত,
ব্ৰহ্ম অস্ত্ৰ থকা বা নথকা,

উভয়ে সমান;
সিকাৰণে,
নকৰোঁ অলপো ভয় ব্ৰম্ভ অস্ত্ৰ লই;
হান বাৰু ব্ৰহ্ম অস্ত্ৰ যত শক্তি তোৰ।
মাতৃ নাম অক্ষয় কৱচ,
ৰাখিছেঁ বুকুত বান্ধি,
তিলমাত্ৰ নিবিন্ধিব মাতৃৰ কৃপাত;
হান অস্ত্ৰ দুৰাচাৰ, দিছোঁ বুকু পাতি।
[ যুদ্ধ কৰি প্ৰস্থান আৰু নিকষাৰ প্ৰবেশ। ]
নিকষা।   হায় হায় নুপূৰিল আশা মোৰ,
এতিয়াও জীয়ে ৰাম অদ্ভুত মায়াবী
হা কুম্ভকৰ্ণ,
হা পুত্ৰ দশানন,
ত্যজি আজি তোসৱৰ শোক,
ৰঘুবংশ ধ্বংস দেখি হৰিষ লভিম;
শৰীৰৰ পৰা,
নিশ্চয় খহিব আজি শ্ৰীৰামৰ মূৰ।
জানো, জানো মই ভাল মতে,
অশ্বমেধে ঘটিচ প্ৰলয়;
পিতা পুত্ৰে বিবাদ লাগিব,
নাশ হব চাৰি শিশুৰ হাতত।
সিকাৰণে আজি,
বিজয় পতাকা হাতে ৰাৱণৰ মাতৃ,

ৰঘুবংশ ধ্বংস দেখিবৰ বাবে,
উপস্থিত সমৰ ভূমিত
কিন্তু,
কিমান সহিব আৰু শিশুৰ পৰাণে?
দুৰ্জ্জয়, দুৰ্জ্জয়, অতিকে দুৰ্জ্জয় ৰাম;
ই কি!
অকস্মাৎ অগ্নিময় হ’ল দশো দিশে,
ৰক্ষা কৰা ভগৱতী মহেশ-মোহিনী।

[ লৱকুশৰ প্ৰবেশ ]
লৱ ৷   পলোৱা পলোৱা ভাই মাতৃৰ সমীপে,
নোৱাৰোঁ ফিৰাব বাণ;
কবা অৰু জননীক,—
সম্মুখ যুদ্ধত লৱে হেৰুৱালে প্ৰাণ।
কুশ।   দাদা,
অকাৰণে কিয় এনে হইছা চঞ্চল;
মাতৃ-নাম মহামন্ত্ৰ হৃদয়ত জপি,
কৰোঁ যদি দুয়োজনে অস্ত্ৰ বৰিষণ,
ব্যৰ্থ হব ব্ৰহ্ম অস্ত্ৰ;
মৰিব যুদ্ধত আজি কাপুৰুষ ৰাম।
লৱ ৷  ভাল মন্ত্ৰ দিলা ভাই,
ব্যৰ্থ হব ব্ৰহ্ম-অস্ত্ৰ মন্ত্ৰৰ বলত;
জয় জয় জনক নন্দিনী।

[ নিকষাৰ প্ৰবেশ ]
নিকষা  ৰোৱাঁ বাছা,
দুখিনীৰ ভৰসাৰ ধন;
মনোবাঞ্ছা হইছে পূৰণ,
কিন্তু বাকি মাত্ৰ আছে ৰাম;
পিন্ধি এই মোহিনী সিন্দুৰ,
তাকো নাশ কৰাঁ আজি সমৰ ক্ষেত্ৰত।
কপালত দেখিলে সিন্দুৰ,
শক্তি আৰু নাথাকিব ৰামৰ দেহত।
হানি শৰ সি হেন সময়,
মূৰ কাটি পেলাবা মটীত!

[ সিন্দুৰ পিন্ধাই দিয়ে ]
লৱ ৷   কোন তুমি ভৈৰৱী ৰূপিণী,
ডাকিনী প্ৰেতিনী কিম্বা
ৰাক্ষসী পিশাচী
বিহৰিছা সমৰ ক্ষেত্ৰত?
নিকষা।   পাচে পাবা মোৰ পৰিচয়।
যুদ্ধ জিনি আগে,
কাটি দিয়াঁ শ্ৰীৰামৰ মূৰ;
যোৱাঁ শীঘ্ৰে,
পলালেও নেৰিবা ৰামক ৷
[ লৱকুশৰ প্ৰস্থান।]
নিকষা।  সৌৱা, ৰামৰ হাতত পৰা
ধনুশৰ সুলকি পৰিল;

শূন্য হল অযোধ্যা নগৰ,
শ্মশানত পৰিণত ৰাম ৰাজধানী।
চাওঁ গই ৰামৰ বিনাশ।
[ প্ৰস্থান। ]

[ ৰামৰ প্ৰবেশ। ]
ৰাম।   নোৱাৰিলোঁ ব্ৰহ্ম অস্ত্ৰ কৰিব প্ৰয়োগ,
নোৱাৰিলোঁ বধিব শিশুক;
বাৰে বাৰে পৰেহি মনত,
হৰিণক্ষী সীতাৰ নয়ন দুটি।
দেখিলে শিশুৰ সেই কোমল বদন,
মৰমত পমি যায় হিয়া,
কি মতে নো হানো বান কোমল দেহত?
কোন্ এই শিশু দুটী,
কোন্ ভাগ্যবান জন্মদাতা?
মহা পৰাক্ৰমী শিশু দুটী;—
ৰঘুবংশ পৰাজয় শিশুৰ যুদ্ধত
পৰাজয় বীৰ হনুমান।
হায় হায়!
ক’ত মোৰ সহায় সকল।
ক’ত মোৰ অত্মীয় স্বজন?
যি বংশত জন্ম হ’ল ৰজা ভগীৰথ,
জন্মি সি বংশত মই,
অশ্বমেধ নোৱাৰোঁ পূৰাব ৷

মোৰ দৰে কাপুৰুষ,
আছেনে কোনোবা আৰু ৰঘুৰ কুলত?
ধিক্‌ জন্ম মোৰ,
ধিক্‌ মোৰ ৰাম নাম।
সীতা, হৃদয়ৰ হাৰ মোৰ,
ক’ত তুমি ই হেন সময়?
অৱসৰ লাগিছে দেহ;
হে দুৰ্গা দুৰ্গতি নাশিনী
কৰাঁ কৃপা দাসক তোমাৰ;
তোমাৰ কৃপাতে আই,
ৰাৱণক সবংশে নাশিলোঁ,
দেবি ভগৱতি!
হৃদয়ত দিয়াঁ বল, বাহুত শকতি।
কপা ময়ি।
দিয়া পদধূলি মোক,
যেন, শিশুৰ ৰক্তেৰে কৰি ভ্ৰাতৃৰ তৰ্পণ,
পূৰ্ণ কৰোঁ অশ্বমেধ যজ্ঞ।
[ লৱকুশৰ প্ৰবেশ। ]
লৱ ৷  নালাগে ভাবিব আৰু,
মৃত্যু তোৰ ওচৰ চাপিছে;
নাই আৰু পৰিত্ৰাণ নিশ্চয় ইয়াৰ।
ৰাম ৷  ই কি?
আচম্বিতে ঘোৰ অন্ধকাৰে
পূৰ্ণ হল ঢাকি দশোদিশ;

ঘনে ঘনে ঢেৰেকনি মাৰি,
কঁপাইছে শৃ্ন্যস্থল,
কঁপিছে মেদিনী;
সুলকি পৰিছে ধনু?
নিশ্চয় জানিলোঁ,
নাই মোৰ নিস্তাৰ কদাপি।
আহ্ দুষ্টমতি শিশু,
হয়, বিনাশিম তোক,
নহয়
সম্মুখ ৰণত পৰি হ’ম স্বগবাসী।
[ উভয়ে যুদ্ধ কৰি প্ৰস্থান আৰু নিকষাৰ প্ৰবেশ। ]
নিকষা ৷  চৌপাশে ঘেৰিলে অগ্নি,
নোৱাৰিলোঁ যাব কোনো মতে;
হ’ল নে নহল মৃত্যু দুৰ্ম্মতি ৰামৰ,
না জানিলোঁ একো সমাচৰ;
মৰি পুনঃ লভিছে চেতনা।
কিন্তু, ঘৰ পোৰা,
মৰা নাই এতিয়াও,
যাওঁ বাৰু পাৰিলে আকউ
[ প্ৰস্থান।]

২য় দৰ্শন—কুটীৰ।


( সীতা। )

গীত।

সীতা ৷  মন-দুখ শুনা যামিনী।
 শুনা শুনা গছ লতা,
 সীতাৰ দুখৰ কথা,
শুন৷ হেৰা সমীৰণ দুখ-কাহিনী।
 শুনা আজি চন্দ্ৰকলা,
 তাপিত প্ৰাণৰ জ্বালা,
শুনাহে নিৰ্দ্দয় বিধি, কান্দে দুখিনী।


কলৈ গল লৱকুশ মোৰ।
দিন গ’ল।
ৰাতিৰ আন্ধাৰ হল,
তেও কিয় নাহিল উভতি?
শুনো ঘনে ঘনে সৈন্যৰ গৰ্জ্জন,
শুনো আৰু অস্ত্ৰ-ঝন্‌ঝন;
নাজানো কি ঘটে মোৰ পোৰা কপালত।
[ হনুমানক বান্ধিলৈ আৰু ৰাম অলঙ্কাৰাদি
লৈ লৱকুশৱ প্ৰবেশ। ]
লৱ ৷  ( প্ৰণাম কৰি )
জিনিলোঁ সমৰ মাতৃ তোমাৰ কৃপাত,
অত দিনে যুদ্ধ কথা ৰাখিলোঁ গুপুত।

কৰিছোঁ মিনতি আই;
ক্ষমা যেন সেই অপৰাধ।
কুশৰ হাতত মৰে ভৰত শত্ৰুঘ্ন,
লক্ষণক নিজে মই কৰিলোঁ সংহাৰ;
তাৰ পাচে,
সসৈন্যেৰে আহিছিল ৰাম,
তাকো নিপাতিলোঁ আই চৰণ-কৃপাত।
চোৱা আই তোমাৰ কাৰণে
আনিছোঁ ৰামৰ অলঙ্কাৰ;
চোৱাঁ আৰু সউ এটা দুৰ্জ্জয় বান্দৰ,
বন্দী কৰি আনিছোঁ ইঠাই।
সীতা।   কি কলি কি কলি লৱ।
কত সেই দুৰ্জ্জয় বান্দৰ,
কত আৰু ৰামৰ ভূষণ?
কুশ।  এই, আই, দুৰ্জ্জয় বান্দৰ;
অতি বলবন্ত জন্তু,
মোৰ-সনে সাতবাৰ কৰিছে সমৰ;
নামাৰিয়া আই, আমি পুহিম ইয়াক।
সীতা।   হনুমান,
কি কাৰণে বন্দী তই আজি।
ক’ত তোৰ ৰাম ৰঘুমণি?
প্ৰাণনাথ, নাযাবা অকলে
লই যোৱা দাসীকো লগত। [ মূৰ্চ্ছা, ]
হনু ৷  সৰ্ব্বনাশ, সৰ্ব্বনাশ!

ঘটিল বিপদ;
গোৱাঁ দুয়ো ৰাম-নাম,
প্ৰবেশক সীতাৰ কাণত;
নহলে জানকী দেবী ত্যজিব পৰাণ।
জয় ৰাম, জয় ৰাম।
লৱ-কুশ—   জয় জয় ৰাম, জয় জয় ৰাম |
সীতা।   (লাহে লাহে উঠি )
ঘূৰিছে পৃথিবী যেন
ঘূৰিছে আকাশ,
কতো মই নাপাওঁ জিৰণি;
প্ৰাণ-নাথ,
শত শত অপৰাধ কৰিলোঁ দাসীয়ে,
ক্ষমি সকলোকে প্ৰভু,
শ্ৰীচৰণে দিয়াঁ যেন ঠাই;
ক্ষমা ভিক্ষা মাগিছোঁ দাসীয়ে।
কোৱাঁ হনুমান,
ক’ত আছে ৰাম ৰঘুমণি,
ক’ত মোৰ হৃদয়-বল্লভ?
হনু।  আই,
ঘোৰা হেতু ঘটিলে প্ৰমাদ।
শিশুৰ যুদ্ধত পৰি,
চাৰিজনে হ’ল স্বৰ্গবাসী;
দেহমাত্ৰ পৰি আছে সমৰ-ভূমিত;
বন্দী ময়ো নাগ পাশে শিশুৰ হাতত।

সীতা ।   অবোধ সন্তান,
ভাল খ্যাতি ৰাখিলি বংশত,
নিজ হাতে পিতৃঘাতী হই,
বিধবা কৰিলি মোক
তহঁতেও হলি নর্কগামী ।
মুক্ত কৰ তুৰন্তে হনুক,
জ্যেষ্ঠপুত্র হনুমান মোৰ ৷

( লৱকুশে হনুক মুক্ত কৰি দিয়ে )
হনুমান,
যাওঁ বলা সমৰ-ভূমিলৈ,
যত পৰি আছে মোৰ প্ৰাণৰ বল্লভ ;
দিবা এটী অগ্নিকুণ্ড সাজি,
চিতাব অগ্নিৰে,
নুনাম মোৰ অন্তৰৰ জুই ।
বলা শীঘ্ৰে ক’ত ৰণস্থল ৷
কুশ ৷   দাদা,
কি হ’ল কি হ’ল মোৰ,
শূন্যময় দেখিছোঁ সকলো ।
লব।   হায় হায়,
না জানি নুশুনি আগে,
কি কাৰণে সমৰ কৰিলোঁ,
নিজে হাতে পিতৃবধী হলোঁ ;
আছে নে কোনোবা আৰু পাপী মোৰ দৰে ?

নাই কাম জীৱন ধৰাৰ,
মৰিম চিতাত পুৰি মাতৃৰ কাষতে।
[ সকলোৰে প্ৰস্থান। ]


৩য় দৰ্শন—চিত্ৰকূট পৰ্ব্বত।
[ ধ্যানমগ্ন বাল্মিকী। ]
বাল্মিকী।   ( কিছু পৰবৈ )
ইকি, কৰ পৰা আহে যজ্ঞ ধোঁৱা;
কোন্ মহাজনে কত যজ্ঞ আৰম্ভিছে?
গছ লতা সকলোতে,
লাগি সেই ধোঁৱাৰ ৰহণ,
কাল মেঘ ৰূপ বৰ্ণ ধৰিছে সকলো;
চাওঁ বাৰু ধ্যানত বিচাৰি।
( ধ্যান কৰি কিছু পৰ ৰৈ )
জানিলোঁ সকলো,
অমঙ্গল ঘটিছে ৰামৰ;
যজ্ঞ-ঘোৰা হেতু
লাগিছিল পিতা-পুত্ৰে ৰণ,
ধ্বংস হল ৰঘু-বংশ পুত্ৰৰ হাতত ৷
সিকাৰণে দুখিনী জানকী
জ্বালি চিতা সমৰ ক্ষেত্ৰত,
আত্মঘাতী হব আজি পতিৰ লগত।

পূৰ্ণ হল ৰামায়ণ,
পূৰ্ণ হল ৰামৰ মহিমা।
ধন্য ধন্য দয়াময়
কোনে পায় তোমাৰ মহিমা?
সীতাৰ কলঙ্ক দূৰ কৰিবৰ হেতু,
প্ৰাণ দিলা সমৰ ক্ষেত্ৰত।
কৰিলোঁ অশেষ দোষ তোমাৰ পাৱত;
ক্ষমি সকলোকে প্ৰভু,
দিবা মুক্তি অন্তিম কালত ৷
নকৰোঁ পলম আৰু,
যাওঁ শীঘ্ৰে সমৰ ভূমিলৈ;
নহলে, অমঙ্গল ঘটিব নিশ্চয়।
মন্ত্ৰবলে নিদিলে চেতন,
নাথাকিব প্ৰাণ আৰু সীতাৰ দেহত।
জয় জয় ৰঘু পতি,
জয় জয় কৌশল্যা নন্দন।
[ প্ৰস্থান। ]


৪ৰ্থ দৰ্শন—যুদ্ধক্ষেত্ৰ।
ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন আৰু সেনাবোৰো পৰি থাকে। ]
মন্ত্ৰীৰ প্ৰবেশ।
মন্ত্ৰী।   অস্তগত দিনমণি বংশ নাশ কৰি;
অন্ধকাৰে পূৰ্ণ হল অযোধ্যা নগৰ;
দিন মণি,
অযোধ্যাত কিস্কিন্ধ্যাত আৰু লঙ্কাপুৰে।
নপৰিব আৰু তযু বিমল কিৰণ
যি দিনৰপৰা লক্ষ্মীহীনা অযোধ্যা নগৰী,
সি দিনৰ পৰা
নানাৰূপ অমঙ্গল ঘটিছে ৰাজ্যত।
কোনে জানে এই বুঢ়া-বয়সত
ইহেন দাৰুণ কষ্ট ভুগিব লাগিব?
কলৈ যাওঁ ম‍ই,
ক’ত হিয়া শীতল পৰিব।
নাই আৰু জীবণত কাম,
সৰযু পানীত পৰি মৰিম নিশ্চয়।
(হনুমান, সীতা, আৰু লৱ-কুশৰ প্ৰবেশ। )
হনু।   চোৱা আই পুত্ৰেৰ কুখ্যাতি,
কি কৰিলে প্ৰভুৰ দুৰ্দ্দশা!

সীতা।   হনুমান,
এৰিলোঁ সকলো,
যাওঁ ময়ো প্ৰভুৰ লগত। [ মূৰ্চ্ছ। ]
হনু আৰু
লৱকুশ 
জয় জয় ৰাম,
জয় জয় ৰাম।
সীতা।  কোনেনো ভাঙ্গিলি মোৰ সুখৰ টোপনি।
চোৱাঁ নাথ চকু মেলি,
তোমাৰ বিহনে আজি সীতাৰ বিলাই।
দিছিলা অশেষ দুখ,
হেলা ৰঙ্গে সহিলোঁ সকলো।⸺
ৰাজৰাণী ম‍ই,
ঠাই মোৰ অন্তেষ পুৰত;
কিন্তু, নিৰ্দয় বিধাতা,
নিদিঠাই অন্তেষ পুৰত,
দিলে স্থান হাবিৰ মাজত।
ইমানতো না পালে সন্তোষ,
শেষত বিধবা-দুখ দিলে অভাগীক।
যদি নাথ কিবা হেতু হৈছে অভিমান,
যদি দাসী কিবা হেতু দোষী তযু পদে,
সি-কাৰণে খং কৰি নিদিয়া উত্তৰ,
তেন্তে উঠা ৰঘুমণি,
যাওঁ মই পুনঃ বনবাসে;
যোৱাঁতুমি অযোধ্যালৈ,
কৰাঁগই সুখে ৰাজ্য ভোগ

জুৰোৱাঁ তাপিত প্ৰাণ হৃদয়বল্লভ।
কালসৰ্গ ধৰিলোঁ গৰ্ভত,
সিহেতু হেৰালোঁ আজি
অভাগীৰ জীবন সৰ্ব্বস্ব।
উঠা নাথ উঠাঁ প্ৰাণেশ্বৰ,
চোৱাঁ প্ৰভু, দাসীৰ বিলাই ৷
[ গীত গাই গাই বাল্মিকীৰ প্ৰবেশ। ]
বাল্মিকী ৷   গীত।
জন্ম সীতাৰঞ্জন, জয় ৰঘু নন্দন,
 জগত পালক জয় ৰাৱণাৰি।
জয় বন বিহাৰী, জয় ধনুৰ্ধাৰি,
 জয় শমন- দমন দৰ্পহাৰী ৷
ভাঙ্গিলা হৰৰধনু, লভিলা সীতাক পুনু
 জয় জয় তাৰকাৰি।
প্ৰভু কি লীলা কৰিছা আজি!
যাৰ আদেশত,
জন্ম মৃত্যু হইছে সাধিত,
চোৱাঁ সেইজনে আজি পুত্ৰৰ হাতত
প্ৰাণ দিছে সমৰ ক্ষেত্ৰত।
প্ৰভু, কোনে পায় তোমাৰ মহিমা।
সীতা।  মুনিবৰ,
ভাল খ্যাতি ৰাখিলে কুমাৰে;
নিজহাতে পিতৃবধ কৰি,

সংসাৰত ৰাখিলে কুখ্যাতি।
প্ৰভু, অভাগিনী মই
ৰামৰ দুখৰ বাবে জনম ধৰিলোঁ; ⸺
হৰধনু ভঙ্গ কৰি,
মোৰ বাবে বনবাসীৰাম;
মোৰ কাৰণে আৰু,
লঙ্কাত সমৰ কৰি ভুগিলে দুৰ্গতি;
অৱশেষে অভাগীৰ বাবে,
প্ৰাণ দিলে পুত্ৰৰ হাতত।
যম-সম শিশু মই ধৰিলোঁ গৰ্ভত,
সিকাৰণে বিধি আজি বিধবা কৰিলে।
‘অবিধৱা সীতা’ বুলি কয় সকলোৱে,
কিন্তু প্ৰভু,
মিছা হল সেই কথা আজি;—
কৰিলে বিধবা মোক পেটৰ ছৱালে।
বাল্মিকী।   জনকনন্দিনি!
ধ্যান কৰি জানিলোঁ সকলো;
সিকাৰণে আহিলোঁ ইঠাই
নকৰিবা শোক দেবী,
নমৰে কদাপি ৰাম;
মৰা নাই ভৰত-লক্ষ্মণ,
মৰা নাই বীৰ শত্ৰুঘণ,
সৱে মাথোঁ মোহাচ্ছন্ন দৈৱৰ বিপাকে,
মন্ত্ৰবলে সকলোৱে লভিব চেতন।

শিশু দুটি লই,
যোৱা তুমি নিজ কুটীৰলৈ;
ত্যজিছে যেতিয়া ৰামে
দেখা দিয়া নাই প্ৰয়োজন;
সময়ত সকলোটি মিলিবা দুনাই।
সীতা।   সঁচা নে হে মুনিবৰ,
পাব প্ৰাণ দুনাই শ্ৰীৰাম;
চিৰ অভাগিনী মই;
কি কম অধিক আৰু;
পালোঁ আজি অভাগীয়ে হেৰোৱা ৰতন।
চিৰ কাল অভাগীক,
বান্ধি থলা কৃতজ্ঞতা-ডোলে।
মুনিবৰ, মাগিলোঁ বিদায়;
আহাঁ বাছা যাওঁ কুটীৰলৈ।
[ সীতা আৰু লৱকুশৰ প্ৰস্থান ]

বাল্মিকী।   ( শান্তি-পানী ছটিয়াই )
যেয়ে যতে পৰি আছা মৃত সেনাবোৰ,
এই শান্তি পানীৰ পৰ্শত,
উঠা সৱে ৰাম গুণ গাই। [ সকলোৱে উঠে। ]
সকলোৱে।   জয় ৰাম, জয় ৰাম;
জয় ৰামচন্দ্ৰৰ জয়।
ৰাম ৷   সাৱধানে কৰিবা সমৰ,
নোৱাৰে পলাব যাতে ভ্ৰাতৃঘাতী শিশু।

বাল্মিকী।   দয়াময় দূৰ কৰাঁ মোহমায়া;
চোৱাঁ চকু মেলি,
নাই আৰু সেই শিশু;
যতবোৰ মৰিল যুদ্ধত,
চোৱাঁ, পালে প্ৰাণ দুনাই সবাৰে।
ৰাম।  ই কি, দিঠক নে সপোন!
মুনিবব, ক’ত আছো আমি,
ক’ত আৰু সেই ভ্ৰাতৃঘাতী শিশু?
বাল্মিকী।   যোৱাঁ প্ৰভু ঘোৰা লই অযোধ্য পুৰীত,
সবিশেষ জানিবা পিচত।
ৰাম।   মুনিবৰ, কোৱাঁ কৃপা কৰি
ক’ত সেই সেই দুটি,
কাৰ বা সন্তান?
বাল্মিকী।   প্ৰভু, নকৰা বিলম্ব আৰু;
নকওঁ এতিয়া মই,
পাৰা পৰিচয় কালি;
যজ্ঞৰ ঠাইতে,
দেখা পাবা কালি সেই ভ্ৰাতৃঘাতী শিশু।
ৰাম ৷  গুৰুদেৱ!
মাগিলোঁ বিদায় মই;
আহাঁ সকলোৱে,
কৰোঁ গই যজ্ঞ আৰম্ভণ।
[ সকলোৰে প্ৰস্থান। ]

[ সখীসকলৰ প্ৰবেশ।


সখীসকল ৷     গীত।
তেওঁ নো কিয় মোৰ ফালে ঘূৰি ঘূৰি চাই যায়?
বসন্ত-বতাহে যেন মন প্ৰাণ দহি যায়॥
ভাবিছিলোঁ মালা গাঁথি পিন্ধাম বুলি যাক,
অভাগী হেৰালোঁ আজি কৰ্ম্মদোষে তাক;
( কোৱাঁ ) তেওঁনো কিন্তু এনুৱা নিৰ্দ্দয়;—
পৰি ৰ’ল মোৰ গঁথা মালা
গোন্ধ বিলায় তাৰ মলয়াই।


৫ম দৰ্শন—ৰাজ-আলি।



[ নালীয়াৰ প্ৰবেশ। ]

নালীয়া। উঃ ৰেধা মাধৱ, ই আকৌ কেনে আচৰিত-কথা!

ৰজাৰ নো পুতেক আকৌ কৰপৰা ওলালহি? ঘৈণীয়েকক দেখোন কেতিয়াবাই হাবিলৈ খেদি পঠি- য়ালে; ইফালে আন ছোৱালি ও বিয়া কৰোৱা নাই, মনেৰে মাটি ফুটিয়ে ওলাল। কব নোৱাৰি, যেনেহে দিন হৈছে, মাটি ফুটিও ওলাব পাৰে। বাৰু জানিবা ওলালেই, পিচে নো আকৌ নিজৰ বাপেক-দদায়েকক বধ কৰিলে কেলেই? উঃ ৰেধা মাধৱ, এনে কথা দেখাতো নাইয়েই; কেতিয়াও শুনাও নাছিলোঁ।

বাৰু যি হ’ক অলপমান ইয়াত বহোঁ। সৌৱা মানুহ

এগৰাকী আহিবলৈ ধৰিছে;তেওঁক সুধি কথাষাৰ ভালকৈ আঁতি গুৰি লব লাগিল। ( বহে। ) [ কঠাল-গুটিৰ প্ৰবেশ।] ( ওপৰলৈ মুখকৰি ) অ’ সেইটো কঠাল-গুটি নে? আহ, ভাই আহ; আজি এটা বৰ আচৰিত কথা শুনিছোঁ। তাৰে সংশয় ছেদিম বুলিহে ইয়াতে বহি আছোঁ।

কঠাল-গুটি। তই নো আকৌ কি আচৰিত কথা শুনিলি অ'?
নালীয়া। বাৰু বহ চোন্ বহ, আচৰিত হয় নে নহয় শুনিবি।

( কঠাল গুটি বহে আৰু নালীয়াই তামোল এখন হাতত দি)পিচে ভাই, ৰজাৰ হেনো কৰবাৰ পৰা দুটা পুতেক ওলাই, বাপেক দদায়েক সকলোকে মাৰি পেলালে। ইহঁত নো কেতিয়া উপজিল অ’?

কঠা-গুটি। এইটো কথাকে তই কব নোৱাৰ? ৰাগীক যে হাবিলৈ খেদি দিছিল, তেতিয়া ঋষি, এজনে ৰাণীক কান্দি

থকা পাই, তেওঁৰ আশ্ৰমলৈ লৈ গৈছিল। কিছু দিনৰ মূৰত সেই ঋষিৰ ঘৰতে সিহঁতৰ জন্ম হয়। দুয়োটা যুঁজা।

নালীয়া ৷ উঃ ৰেধা মাধৱ। ৰেধা মাধৱ। কঠাল-গুটি, আগেয়ে

মই নালীয়াই নকৈছিলোঁ বোলো ৰাণীৰ জাত নাই। পিচে এতিয়া কেনে? মই সঁচা কৈ কব পাৰো সিহঁত দুটা লঙ্কাৰ ফালৰ হে; নহলে ৰজা থাকিল ইয়াত, ৰাণী থাকিল হাবিৰ মাজত; এনে ঠাইত

ৰজাৰ পুতেক হব পাৰে নে? ৰাণী তেনেকুৱা নহয়

বুলি তই কৈছিলি নহয়; পিচে এতিয়া কাৰ কথা সঁচা হল?

কঠাল-গুটি। নহয় অ’ নালীয়া কাই, তই যি ভাবিছ সি নহয়।

ৰাণীক যেতিয়া হাবিলৈ পঠিয়াই দিয়ে, তেতিয়া পাঁচ মাহ গৰ্ভৱতী আছিল আৰু সেই বাবেই ঋষিৰ ঘৰত লৰা দুটিৰ জন্ম হয়।

নালীয়া। বাৰু, ৰজাৰ যদি সিহঁত দুটা পুতেক হয়, তেন্তে ৰজাই

নো আকৌ পুতেকেৰ লগত যুদ্ধ কৰি মৰিল কেলেই?

কঠাল-গুটি। নহয় কাই; আগেয়ে তেওঁৰ লৰা বুলি নাজানে।

সেই বাবেহে যুজ কৰিলে ৷যেতিয়া সিহঁতে বাপেক, দদায়েকে হঁতক বধ কৰি মাকৰ আগত সকলো বৃত্তান্ত কৈ দিলে, তেতিয়া ৰাণীয়ে এইবোৰ কথা ভাঙ্গিকৈ ৰজাৰ শোকত বৰৰৈ কান্দিলে আৰু সিহঁত দুটা যে ৰজাৰ লৰা সিহঁতে জানিব পাৰিলে।

নালীয়া ৷ হয় নে কঠাল-গুটি? ম‍ই লোকৰ কথা শুনি অনা-হকতে ৰাণীক দোষ দিছিলো। মই এতিয়া বঢ়ি-

য়াকৈ জানিব পাৰিলোঁ ৰাণীৰ গাত একো দোষ নাই।

কঠাল-গুটি। পিচত ঋষিয়ে আটাইবোৰকে জীয়াই ঘৰলৈ পঠিয়াই

দিছে। সেই বাবে আজি বৰ ধুমধামেৰে যজ্ঞ পাতিছে। ৰাণী আৰু লৰা দুটাও হেনো আহিব।

নালীয়া। সঁচানে? তেনে হলে ব’ল, মনে মনে চাই আহোঁগৈ।
কঠাল-গুটি। মই সৌ টিকিধৰ বাপুৰ ঘৰৰপৰা মঙ্গল এখনি চোৱাই আহোঁগৈ। তই অলপ ৰবি দেই কাই।

[ প্ৰস্থান। ]

নালীয়া। বাৰু যা, সোনকালে আহিবি। ময়ো ঘৰৰপৰা সি আহে মানে ধোঁৱা-খোৱাটিত হোপা চেৰেক মাৰি আহোঁগৈ।

[ কাহিকাহি গুচি যায়। ]

 

৬ষ্ঠ দৰ্শন—যজ্ঞস্থল।


[ যজ্ঞ পতা আছে আৰু তাত ৰাম, ভৰত, শত্ৰুঘ্ন, সুমন্ত্ৰ, বশিষ্ঠ, হনুমান আৰু সভাসদসকল বহি আছে।]

বশিষ্ঠ।  

মহাৰাজ,নাই কাম পলম কৰাৰ।
“শুভস্য শীঘ্ৰম” বুলি বেদৰো সম্মত;
কয় আৰু “গতস্য শোচনা নাস্তি” বুলি।
এতেকতে মহাৰাজ,
অতীত বিষয় নাভাবি অলপো,
একমনে দিয়াঁ অৰ্পি যজ্ঞ পূৰ্ণাহুতি।
ৰাম।   গুৰুদেৱ,
ক্ষান্ত হ’ক ক্ষন্তেক সময়;
মহামুনি বাল্মিকীৰ আছে নিমন্ত্ৰণ,

পাবহি এতিয়া;
নিমন্ত্ৰিত জনে যদি নাপায় সম্মান,
ৰবনে সুখ্যাতি মোৰ?
[ বাল্মিকীৰ প্ৰবেশ। ]
( উঠি ) মুনিবৰ,
শ্ৰীচৰণ-প্ৰসাদত
শুদ্ধ হল অযোধ্যা নগৰী,
পূৰ্ণ হল অশ্বমেধ যজ্ঞ;
থৈছোঁ দাসে পাতি কুশাসন,
কৰে যেন নিঘিণি গ্ৰহণ।
বাল্মিকী।   কৰোঁ আশীৰ্ব্বাদ,
পূৰ্ণ হ’ক মনৰ বাসনা। ( বহে। )
ৰাম।   কোৱাঁ মুনিবৰ,
ক’ত সেব শিশু দুটি?
তাৰ বাবে আছোঁ ব্যাকুলিত;
কবা সঁচা তপোধন, নাভাৰি দাসক,
মোৰে নেকি সি দুটি কুমাৰ?
বাল্মিকী।   চোৱাঁ ৰঘুমণি,
আহিছে কুমাৰ দুটি লক্ষ্মণৰ সমে।
[ লক্ষ্মণ আৰু লৱ-কুশৰ প্ৰবেশ। ]
সভাসদসকল।   আহা, কি যে বিতোপন শোভা
ধৰিলে সৰমু আজি!

নিজ নিজ ভাগ্যৰ বলত,—
তিনিৰাম একেলগে পালোঁ দৰশন;
ধন্য ধন্য নশ্বৰ জীৱন।
কুশ।   চোৱাঁ দাদা,
জ্বলিছে বেলিটে কেনে পাণীৰ মাজত?
লৱ ৷  মনে মনে থাকাঁ কুশ;
নিচিনা-নজনা ঠাই,
য’তে ত’তে নকৰা ধেমালি।
বিশেষতঃ, আইয়ে কৰিছে মানা—
যাৰে তাৰে স’তে আৰু নকৰাঁ বিবাদ।
বাল্মিকী।   লৱকুশ,
কৰাঁ সেৱা ৰামৰ পাৱত।
লৱ।   পিতৃদেৱ,
নাজানি কৰিলোঁ দোষ,
নকলে মাতৃয়ে একো;
সিকাৰণে,
ক্ষমা কৰি অজ্ঞানৰ দোষ,
ঠাই দিয়াঁ তযু চৰণত ৷

গীত!


কৰিছোঁ মিনতি প্ৰভু, বিপদ ভঞ্জনে
নাজানি কৰিলোঁ দোষ অবোধে সন্তানে।
কৰোঁ দোষ শতবাৰ, নাজানো মিনতি তাৰ!
নাই মুক্তি ইদাসৰ তযু কৃপা বিনে।

অজ্ঞানীয়ে কৰে পাপ, জ্ঞানীজনে হৰে তাপ,
 নিজগুণে তুষ্ট হৈই ৰাখিবা চৰণে।
দুৰ্ঘোৰ পাপত পৰি, মাতিছোঁ কাতৰ কৰি,
 দিয়াঁ শান্তি শান্তিময়, শান্তিহীন জনে।

ৰাম ৷   আহাঁ আহাঁ বাছাধন,
উঠাহি কোলাত;
জুৰাওঁ তাপিত প্ৰাণ,
ধন্য হ’ক ৰামৰ জীৱন।
বাল্মিকী।   দয়াময়, দিছিলা অশেষ কাম
শিশুদুটি পালনৰ হেতু।
যাৰ হৃদয়ত আছে বিন্দুমাত্ৰ ভুল,
চোৱাঁ সৱে একান্ত মনেৰে;
ভক্ত বাঞ্ছা কল্পতৰু ৰাজীব লোচন,
ভক্ত বাঞ্ছা পূৰণৰ হেতু,
তিনি ৰাম কৰিছে মিলিত।
সফল জনম মোৰ,
সফল জনম আৰু অযোধ্যা বাসীৰ।
দয়াময়,
শিশু দুটি দিবলৈ কোলাত,
অধিকাৰ নাই ই দাসৰ;
ক্ষমিবা ই দোষ মোৰ;
মাথোঁ শিক্ষা গুৰু ম‍ই।
তাত বাজে মোৰ একো নাই অধিকাৰ!
শিশু দুটি দুখিনীৰ যতনৰ ধন,

দিম পুনু দুখিনীক সঁপি;
যাৰ বস্তু সেয়ে আহি গতাব তোমাক
জানকীক আনিবৰ হেতু
পঠোৱাঁ পুষ্পক ৰথ,
সকলোৰে মনোবাঞ্ছা পূৰ্ণ হক আজি।
ৰাম।   মুনিবৰ,
শিৰোধাৰ্য্য তোমাৰ আদেশ।
যোৱাঁ ভাই মুনিৰ আজ্ঞাত
লই আহা জানকীক আশ্ৰমৰপৰা ৷
লক্ষ্মণ।   দয়াময়,
অতদিনে দাসৰ কলঙ্ক,
কৃপাকৰি কৰিলা খণ্ডন;
যাওঁ প্ৰভু, তোমাৰ আদেশ,
অবিলম্বে লই আহোঁ জানকীক দেবী।
[ প্ৰস্থান। ]
বাল্মিকী।   ৰঘুমণি,
যিদিনা সীতাক তুমি দিলা বনবাসে,
কৰিছিলোঁ স্নান-পূজা মই সেই দিনা;
অকস্মাৎ অবলাৰ কৰুণ ক্ৰন্দন,
কৰ্ণ ভেদি মৰ্ম্মে মৰ্ম্মে কৰিলে প্ৰবেশ!
স্নান-পূজা সমাপন কৰি,
কান্দোনৰ শব্দ মতে কৰিলোঁ গমন।
দেখিলোঁ,
জনপ্ৰাণী হীন এক হাবিৰ মাজত

অবলা ৰমণী এটি বহি অকলই,
মনো দুখে কৰিছে বিলাপ ।
জিজ্ঞাসিলোঁ পাছে মই,—
কোন তুমি আই দেৱী নে মানবী ?
কি কাৰণে হল তযু ইহেন দুৰ্গতি ?
শুনি মোৰ কথা চাপিল সাহস,
কলে ভাঙ্গি সকলো কাহিনী ।
তাৰ পাচে নানা মতে কৰি সম্ভাষণ,
লই গলোঁ কুটীৰলৈ মোৰ ৷
তাৰ কিছু দিন পাচে জন্মিল কুমাৰ দুটি।
পত্নী সমে এৰি সকলোকে
তপস্যাৰ বাবে গলোঁ চিত্রকুটলই ;
লৱ-কুশ কুমাৰক
সমৰ্পিলোঁ আশ্ৰমৰ ভাৰ ৷
দিন ৰাতি তপ কৰি দ্বাদশ বছৰ,
জ্ঞাত হলোঁ সকলো কাহিনী ৷
আশ্ৰমত আহি যেবে হলোঁ উপস্থিত,
দুখিনী জানকী
কলে ভাঙি সকলো ঘটনা।
নানা মতে আশ্বাসি সীতাক,
অবিলম্বে কৰিলোঁ গমন—
সসৈন্যেৰে চাৰি ভাই য’ত আছে পৰি ।
পাচে তযু শ্ৰীচৰণ
এক মনে জঁপি হৃদয়ত,

দিলোঁ প্ৰাণ সকলোকে তোমাৰ কৃপাত ৷
তাৰ পাছে ঘটিছে যি বোৰ,
অবিদিত নাই চৰণত ৷
কি কম অধিক আৰু,
এই মাত্ৰ বাঞ্ছা মোৰ,—
অন্তিম-কালত যেন পাওঁ শ্ৰীচৰণ।
ৰাম ৷   মুনিবৰ,
প্ৰাণ পালোঁ তোমাৰ কৃপাত;
নাই এনে কোনো জন,
প্ৰাণ দিয়ে মৃতক জনৰ;
সিকাৰণে, ঋনী মই তোমাৰ কাষত।
হয় যদি কেতিয়া ৱা এনুৱা বিপদ,
কৰাঁ যেনে অনুগ্ৰহ এই মতে আৰু।
[ সীতাকলৈ লক্ষ্মণৰ প্ৰবেশ ]
লক্ষ্মণ।  ৰঘুনাথ প্ৰণমিছো দাসে,
প্ৰণমিছে সীতাদেৱী তযু চৰণত।
সীতা।   প্ৰাণনাথ কৰিছোঁ প্ৰণাম;
সহিলে অশেষ কষ্ট দাসীৰ কাৰণে;
সকলোকে পৰিহৰি প্ৰভু,
দিয়ে যেন চৰণত ঠাই।
ৰাম ৷   ( স্বগত ) বিপদত পৰিলোঁ এতিয়া;
নাভাবি-নিচিত্তি আগে অনালোঁ সীতাক,
কিন্তু পৰীক্ষা বিহনে,
কিমতে সুমাওঁ ম‍ই অন্তেষপূৰত।

কিসতেৰে ম‍ই আৰু
কওঁ পুনঃ জানকীক পৰীক্ষাৰ কথা?
উভয় সঙ্কট মোৰ;
হায় হায়, কি কৰোঁ উপায়!

সীতা।  প্ৰাণেশ্বৰ,
নিমাতে থাকিলা কিয়,
নাই কিয় শ্ৰীমুখৰ কথা?

ৰাম ৷   প্ৰিয়ে,
কৰোঁ মই অভিলাষ,⸺
বাহু আঁকোৱালি হৃদয়ৰ ধন,
ৰাখোঁ পুনঃ মোৰ হৃদয়ত;
জুৰাওঁ মনৰ জ্বালা চিৰদিনলই;
কিন্তু প্ৰাণেশ্বৰি,
ভয় কৰোঁ মন্দভাষী জনে।
লঙ্কাত অমৰ সৱে
দেখিলে সাক্ষাতে তযু অগ্নিৰ পৰীক্ষা;
তথাপিতো দুষ্ট লোকে
কৰে নানা কুকথা প্ৰয়োগ;
কয় আৰু, —
“অগ্নিৰ পৰীক্ষা ফথা ছায়াবাজী যেন।”
সিকাৰণে পুনঃ আজি মতি,
দেখুৱা পৰীক্ষা এটি অযোধ্যাবাসীক;

দেখাম পৰীক্ষা প্ৰভু তোমাৰ আজ্ঞাত;
কিন্তু মই,
এটি ভিক্ষা মাগো প্ৰাণেশ্বৰ,
দুনাই নিদিয়া যেন অগ্নিৰ পৰীক্ষা॥
ন্যায়ৱন্ত তুমি মহাৰাজ,
গতালোঁ তোমাক এই অভাগীৰ ধন;
বহুদিন প্ৰাণনাথ,
এই ভাৱ ৰাখিছিলোঁ পুহি,—
গুজিম প্ৰেমৰ ধাৰ,
অৰ্পি শিশুদুটি মই তোমাৰ কোলাত।
সেই আশা পূৰ্ণ হল আজি।
কৰিছোঁ মিনতি ৰঘুমণি,
থাকে যেন শিশু দুটি মনৰ আনন্দে।
আহাঁ আহাঁ বাছাহঁত মোৰ,
তোসৱৰ দুখিনী মাতৃয়ে,—
দিওঁ সঁপি দয়াময় পিতৃৰ হাতত।
অভাগীৰ বাবে,
নেদেখিলি পিতৃ-মুখ জন্ম-সময়ত;
সিহেতু নধৰি মাতৃ দোষ,
পিতা সমে থাকি,
কৰাঁ বাছা ৰাজ্য ভোগ মনৰ আনন্দে
কৰিছোঁ কাকুতি প্ৰভু,
জন্ম জন্মান্তৰে,
পাওঁ যেন তোমাকেহে স্বামী;

যেন পৃথিবীত আৰু
সীতা নাম না পায় কোনোৱে।
— শুনিছিলোঁ আই বসুমতি,
জন্ম মোৰ তোমাৰ গৰ্ভত;
কৰিছোঁ মিনতি আই,
তোমাৰ গৰ্ভতে পুনঃ
দিয়া ঠাঁই এই অভাগীক;
অভাগীৰ বাবে,
নাই আৰু পৃথিবীত জিৰাবৰ ঠাই ৷
জনম দুখিনী আই তোমাৰ জীয়াৰী;
আহাঁ আই,
লই যোৱা পুনঃ অভাগীক।


গীত।


অভাগী মই ৰঘুমণি,
 নসয় আৰু যাতনা।
আশা ছেদ মোৰ হল আজি
 নাই একো কামনা ॥
( মোৰ ) নাই আশা এনেকুৱা,
পাম তোমাৰ ভাল পোৱা,
গতালোঁ মোৰ পোনা দুটি,
 পূৰ্ণ হল মোৰ বাসনা;
ৰাখিবা দুয়োকে প্ৰভু
 কৰোঁ এই কামনা

[ পাতাললৈ জাপ দিয়ে আৰু বসুমতীয়ে
আবিৰ্ভাবহৈ সীতাক ধৰে। ]
বসুমতী।   আহাঁ, আই দুখিনীৰ ধন,
নাই আৰু পৃথিবীত থকাৰ সকাম,
নালাগে তোমাক আৰু পতি সহবাস।
সীতা ৷   প্ৰাণনাথ,
কৰিলোঁ অশেষ দোষ।
ক্ষমা যেন সকলোকে নিজৰ গুণতে।
কৰিছোঁ মিনতি পুনঃ,
জন্মে জন্মে পাও যেন তোমাৰ চৰণ,
শেষে দেখা কৰিলোঁ দাসীয়ে। [ অন্তৰ্দ্ধান ]
ৰাম ৷   ইকি,
শূন্যময় হল দশোদিশ;
ক’লৈ গলা প্ৰাণেশ্বৰি অভাগাক এৰি;
অভাগাৰ হৃদয়ৰ ধন,
আহাঁ পুনঃ ৰাখো হৃদয়ত। [ মূৰ্চ্ছা ]
লৱ ৷   কিহ’ল কিহ’ল কুশ।
ক’লৈ গল দুখিনী জননী?
কুশ ৷   দাদা কেনি গেল আই,
নাপালোঁ সম্ভেদ একো;
চকুৰ আগতে
অকস্মাৎ কেনিবা লুকাল।
লৱ ৷   ভাই মাতৃৰ বিহনে আৰু
কাক আই আই বুলি উঠিম কোলাত?

যেতিয়া লাগিব ভোক,
কোনে দিব বনফল মুখত সুমাই?
মাতৃৰ বিহনে ভাই,
শূন্যময় দেখিছোঁ সকলো।
কুশ ৷   কি ক’লা কি ক’লা দাদা,
আই যদি নাই পৃথিবীত,
গ’ল কেনি নেদেখিলোঁ কিয়?
আইৰ বিহনে আমি থাকোঁ কেনেকই?
লৱ ৷   কিয়নো লুকালা আই?
কিদোষৰ বাবে,
অভাগা সন্তান দুটি নিৰাশ্ৰয় কৰি,
কেনি গ’লা অকস্মাৎ।
লৱকুশ অভাগা সন্তান তোৰ;
কান্দি কান্দি আই আই বুলি,
তিতাইছে সৰ্ব্বদেহ চকুৰ পানীৰে;
আহা আই,
লোৱাঁহি কোলাত তুলি মাতৃহাৰা শিশু।
যেনি যাওঁ দুটি ভাই,
তোমাৰ চৰণ বিনে নিচিন্তোঁ একোকে ;
কিয়নো কৰিলা আই এনে নিৰাশ্ৰয়?
দেখা দিয়াঁ আই,
লৱকুশ অভাগা সন্তান তোৰ
কান্দি কান্দি হইছে আকুল।

ৰাম।   ( চেতন পাই )
নাকান্দিবা বাছাহঁত,
এনেয়ে আকুল ম‍ই সীতাৰ শোকত,
তাতে আৰু এই দৰে কান্দি দুয়ো জনে,
কিয় দিয়া ঘৃতাহুতি জ্বলন্ত অগ্নিত?
হৃদয়ত শোক মোৰ,
কিয় আৰু বঢ়োৱা দুগুণে?
ইকি, ইকি,⸺
কি হ’ল কি হ’ল মোৰ,
ৰাখিম কিমতে প্ৰাণ সীতাৰ বিহনে?
কেনি গলি সীতা মোৰ প্ৰাণৰ পুতলি!
ইন্দ্ৰ,
কৰাঁ বজ্ৰাঘাত তুমি অভাগাৰ শিৰে;
ব্ৰহ্মবধী মই,
সিকাৰণে আজিমোৰ ইহেন যাতনা।
সৰ্প ৰাজ
এতিয়াও নদংশিলা মোক?
দিলোঁ দুখ বাৰে বাৰে সতী ৰমণীক,
প্ৰাণৰ প্ৰতিমামোৰ,
পেলাইছোঁ অকূল সাগৰে;
মোৰ দৰে মহাপাপী,
নাই আৰু কোনোজন এই সংসাৰত।
হায় হায়, কিকৰোঁ উপায়?
বসুমতী,

দিয়াঁ ওভোতাই মোৰ হৃদয়ৰ ধন?
চিৰ দুখী ৰাম,
নহবা নিৰ্দ্দয় দেবি, অভাগাৰ বাবে;
দিয়াঁ শীঘ্ৰে জানকীক,
বচোৱাঁ ৰামৰ প্ৰাণ।
ইকি, ইমানতো নহলা সন্তুষ্ট?
কলেঁ মই অত কান্দি কান্দি,
অহঙ্কাৰ কৰি তুমি নিদিয়া উত্তৰ?
নাশো বুলি সাগৰক সীতাৰ কাৰণে,
লইছিলোঁ ধনুৰ্ব্বাণ তুলি;
সীতাৰ কাৰণে আৰু সবংশে নাশিলোঁ লঙ্কেশ্বৰ
লক্ষ্মণ, আনা শীঘ্ৰে ধনুশৰ,
একবাণে খণ্ড খণ্ড কৰিম পৃথিবী।
[ লক্ষ্মণে ধনুশৰ দিয়ে। ]
শুনা বান,
গুৰুৰ পাৱত যদি ভক্তি আছে মোৰ,
পূজিছিলোঁ যদি ভগৱতী,
তেন্তে,
বিন্ধা আজি পৃথিবীক কৰি খণ্ড খণ্ড;
সপ্ততল অতল-পাতাল ভেদি,
য’ত আছে জনক নন্দিনী,
যোৱা শীঘ্ৰে,
লই আহা আসনেৰে স’তে।

যদি কোনো জনে দিয়ে বাধা তাত,
তুৰন্তে কৰিবা তাক সমূলে বিনাশ।

[ বাণ মাৰিব খোজে, এনেতো বেগেৰে
ব্ৰহ্মাৰ প্ৰবেশ। ]

ব্ৰহ্মা।   সম্বৰা সম্বৰ বাণ,
নকৰিবা সৃষ্টি নাশ জগৎ পালক,
নাই এনে শক্তি কাৰো;
ফিৰাব তোমাৰ বাণ।
অনৰ্থক কি কাৰণে,
ৰসাতলে দিয়া পৃথিবীক?
সীতাদেবী নহয় সামান্যা নাৰী,
স্বয়ং লক্ষ্মী ভগৱতী,
ৰক্ষবংশ ধ্বংসৰ কাৰণে,
জন্মি ছিল পৃথিবীত তযু ভাৰ্য্যাৰূপে।
শেষ কৰি মৰতৰ লীলা,
গ’ল দেবী স্বস্থানে উভতি।
বিষ্ণু অংশে পৃথিবীত তোমাৰ জনম;
বাকি কাম শেষ কৰি,
পুনৰ মিলিবা গই বৈকুণ্ঠ পুৰীত।
চোৱাঁ দয়াময়,
সীতা দেবী বিমানত উঠি
লক্ষ্মীৰূপে বিৰাজিছে শূন্যৰ কোলাত।
[ লক্ষ্মীৰূপে সীতাৰ আবিৰ্ভাৱ। ]

সকলোৱে।   ( ওপৰলৈ চাই )
ধন্য আজি সকলোৱে,
ধন্য হ’ল অযোধ্যা নিবাসী;
ধন্য প্ৰভু দয়াময়,
তোমাৰ কৃপাত সৱে,
সাৰ্থক লভিলো আজি মানৱী জীৱন।
জয় জয় দয়াময়,
জয় জয় ৰাম ৰঘুমণি।
ব্ৰহ্মা।   অবোধ মানৱ!
চা আজি সতীৰ মহিমা।
শেষ কৰি সীতাদেৱী মৰতৰ লীলা,
নিজৰূপে বিমানত শোভিছে কিদৰে।
গোঁৱাঁ গোঁৱাঁ অপ্সৰা সকল,
সতীৰ সুযশ গান গোৱাঁ উলাহেৰে।
কৰাঁ সৱে পুষ্প বৃষ্টি যতেক অমৰ;
জয় জয় নাদে আৰু,
কৰাঁ সৱে সুমঙ্গল শঙ্খ-ঘণ্টা ধ্বনি।

( অমৰ বিলাকে পুষ্পবৃষ্টি কৰে, ব্ৰাহ্মণ সকলে

শঙ্খ-ঘণ্টা বাজায় আৰু গীত গাই থাকোঁতে
অপ্সৰা সকলৰ প্ৰবেশ। )

গীত —

কেনে আজি বিতোপন, দেখিলে জুৰায় মন,
আহাঁহে আহাঁহে দেৱি মাতিছোঁ এবাৰ

তোমাৰ কাৰণে সতি, লভি অশেষ দুৰ্গতি,
 ৰঘুনাথে কৰিলে উদ্ধাৰ।
অন্নপূৰ্ণাৰূপে দেবি আছিলা স্বৰ্গত,
 সীতাৰূপ জন্মিলা মৰ্ত্ত্যত?
মৰ্ত্ত্যলীলা সাঙ্গ কৰি, পুনঃ নিজ ৰূপ ধৰি,
 বিৰাজিছা শূন্যৰ কোলাত;
শুনাহে দেবিহে, আহাঁহে, লোঁৱাঁহে,
 যতনে গাথিছোঁ ফুল হাৰ;
ভুমি দেবি মহাধন, বঢ়ালা সতীৰ মান,
 কি আছে কি দিয় দেবি ভক্তি উপহাৰ।



যৱনিকা পতন।



এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )