সমললৈ যাওক

লৱণ-দৈত্যবধ

ৱিকিউৎসৰ পৰা
 

ৰামায়ণ উত্তৰা কাণ্ডৰ অন্তৰ্গত
লৱণ−দৈত্যবধ।

এবং

লৱ কুশৰ জন্মাপাখ্যান।

শ্ৰীদুৰ্গাপ্ৰসাদ দেব শৰ্ম্মা ফুকনৰ দ্বাৰা

ৰচিত।

শ্ৰীযুক্ত শিবনাথ ভট্টাচাৰ্য্যৰ দ্বাৰা

প্ৰকাশিত

৩য় তাঙৰণ

ভট্টাচাৰ্য্য এজেন্সী।
ৰিহাবাৰী আসাম।

১৮৪৯ শক

তিনি অনা মাথোন।

ৰামায়ণ উত্তৰা কাণ্ডৰ অন্তৰ্গত

লবণ বধ।

আৰু

লব কুশৰ জন্ম উপাখ্যান।

নমো ভগৱতে বাসুদেবায় নমঃ।

“নাৰায়ণং নমস্কৃত্যং নবঞ্চৈব নৰোত্তমং।
দেবীং সৰস্বতীং ব্যাসং ততোজয় মুদীৰয়েৎ॥"
পদ
নমো নাৰায়ণ দেব ব্ৰহ্ম সনাতন।
নমো ৰামচন্দ্ৰ ৰক্ষ কুল বিনাশন॥
নমো মহা মায়া আদ্যা শক্তি ত্ৰিনয়নী।
নমো বাণী দেবী মাতা বিজ্ঞান দায়িনী॥
তোমাসাৰ পাদ পদ্ম ধৰি হৃদয়ত।
সম্প্ৰতি ৰচিবো মই লবণৰ−বধ॥

ইটো কথা ৰামায়ণে বাল্মিকী ৰচিলা।
উত্তৰা কাণ্ডৰ মধ্যে ৰাম চন্দ্ৰ লীলা॥
ইয়াক ৰচিবে মই কৰিলোহো মন।
পদ বন্ধে ৰচিবে কৰিলে৷ আৰম্ভণ॥
অযোধ্যাত আছিলেক ৰাজা দশৰথ।
মহাবীৰ দানী মানী শাস্ত্ৰত পাৰ্গত॥
তাহাৰ তনয় ৰূপে গোলোক বিহাৰী।
পৃথিবীত আসি জন্ম ললে অংশে চাৰি॥
ৰাম ৰূপে জনমিলে কৌশল্যা গৰ্ভত।
কৈকেয়ীৰ গৰ্ভে জন্মে নামত ভৰত॥
সুমিত্ৰাৰ গৰ্ভে জন্মে দুজন কুমাৰ।
লক্ষ্মণ শত্ৰুঘ্ন বুলি ঘোষয় সংসাৰ॥
পৃথিবীৰ ভাৰ নিবাৰণে নাৰায়ণ।
ৰামচন্দ্ৰ ৰূপে আসি হলেহি জনম॥
লক্ষ্মীওঁ আসিয়া জনমিলে পৃথিবীত।
ক্ষেত্ৰ চাষ কালে তাঙ্ক পাইলেক জনক॥
পালন কৰিয়া তান নাম থ’লে সীতা৷
ক্ৰমে ক্ৰমে হলে সীতা ৰূপ গুণান্বিতা॥
অনন্তৰে ৰাম দশৰথৰ নন্দন।
হৰ ধনু ভঙ্গ কৰি কৰিলে গ্ৰহণ॥
ৰামে ৰাজ্য দিবে ইচ্ছিলেক দশৰথ।
কৈকেয়ীৰ হেতু ৰাজ্য পাইলেক ভৰত॥

তাৰ পাছে ৰাম পিতৃ সত্য পালিবাক৷
লক্ষ্মণ সীতাক লই গলে অৰণ্যক॥
দণ্ডকাৰণ্যৰ মাজে শৈলেক বসতি।
সীতাক হৰিলে তাত ৰাৱণ দুৰ্ম্মতি॥
সীতা অন্বেষণে সুগ্ৰীবক লগ পাই।
বালীক বধিযা ৰাজ্য দিলে পুনৰাই॥
অনন্তৰে সাগৰত বান্ধিলেক সেতু।
বধিলে ৰাৱণ সীতা হৰণৰ হেতু॥
অগ্নিত পৰীক্ষা আনি কৰিলে সীতাক।
ব্ৰহ্মা দেৱে বহু স্তুতি কৰিলে ৰামক॥
চতুৰ্দ্দশ বৰ্ষ বনে কৰি পৰ্য্যটন৷
অযোধ্যাক আসিলে সভাৰ্য্যে ৰঙ্গ মন॥
অযোধ্যাৰ ৰাজ পাটে হইলেক ৰজা।
পুত্ৰ সম পালে প্ৰজা ৰাম মহাতেজা॥
ৰামৰ ৰাজ্যত কোনো নাই দুঃখী জন৷
ধৰ্ম্মৱন্ত ৰজা বুলি কয় সৰ্ব্বজন॥
প্ৰজাৰ ৰঞ্জন হেতু সীতা ত্যাগ কৰি।
অকলে থাকিলে সদা চিত্ত স্থিৰ কৰি॥
যি সময়ে সীতাক কৰিলে পৰিত্যাগ।
গৰ্ভৱতী আছিলে জানকী পঞ্চ মাস॥
বন মাজে বাল্মিকীয়ে পাই জানকীক।
আশ্ৰমে আনিয়া থাকিবাক দিলে বাস॥

হেথা ৰাম ৰাজ্য কবে পাত্ৰ মিত্ৰ লই।
তিনি ভাই সঙ্গে ৰাম প্ৰজাক পালই॥
এক দিনা মুনি এক ভাৰ্গব নামত।
উপনীত হলে আসি ৰামৰ সভাত॥
নমস্কাৰ কৰি ৰাম বন্দিলে চৰণ।
পাদ্য অৰ্ঘে পূজি দিলে বসিৱে আসন॥
ৰঘু পতি নিগদতি কোৱা তপোধন।
কি কাৰণে হেথা তব হৈল আগমন॥
ভাৰ্গব বদতি ৰাম কৰা অবধান।
আসিছো দুঃখ নিবেদিবে তব স্থান॥
ৰাৱণক মাৰি ৰক্ষা কৈলা ত্ৰিভুবন।
ৰাৱণ অধিক এক আছে দুষ্ট জন॥
সত্য যুগে আছিলেক মধু দৈত্য নাম।
হিৰণ্য কশিপু পুত্ৰ বৰ বল বাল॥
সদা শিব ভক্ত সিটো দৈত্য় বলবান।
শিবৰ বৰত জয় কৈলে ত্ৰিভুবন।
এক পাট শূল তাক শিবে দিলা দান।
মহা তেজ ধৰে শূল কিকৈবো ব্যাখ্যান॥
মন্ত্ৰ পঢ়ি মধু দৈত্য শূল যদি এৰে।
শূল তেজে সৰ্ব্বলোক ভস্ম হই উড়ে॥
হৈলেক মধুৰ পুত্ৰ লবণ নামত।
স সাগৰা পৃথীজিনে শূলৰ বলত॥

কুম্ভনশী গৰ্ভে জন্মে ৰাৱণ ভাগিনা। .
তাৰ সম বীৰ আৰু নাই কোনো জনা॥
শূল পাট লই যদি কৰয় সংগ্ৰাম।
তাৰ কিছু কথা কওঁ শুনা হে শ্ৰীৰাম॥
মান্ধাতা নামত ৰাজা তব পূৰ্ব্ব বংশে।
অযোধ্যাত ৰাজ্য কৰি ত্ৰিভুবন শাসে॥
ইন্দ্ৰক জিনিবে গৈল অমৰ ভুবন।
ভয়ত পলাই ইন্দ্ৰ হৈল অদৰ্শন॥
মান্ধাতাক মাতিয়া কহয় দেবগণ।
অৰ্দ্ধ ৰাজ্য ভোগ কৰা শুনা হে ৰাজন।
বনত অৰ্দ্ধেক লোৱা ইটো অম্ৰাৱতী।
দেবৰাজ সঙ্গে তুমি কৰি যোৱা প্ৰীতি॥
মান্ধাতা বদতি শুনিয়োক দেবগণ।
বাসবক জিনি লৈবোঁ অমৰ ভুবন॥
পূৰন্দৰে জিনি মই ৰাখিম পৌৰুষ।
তিনিও ভূবনে মোৰ হ’ব ইটো যশ॥
শুনি দেব সবে মিলি যুক্তি কৈলা সাৰ॥
বিনা যুদ্ধে ইয়াক পঠাইবো যম দ্বাৰ॥
ইন্দ্ৰে কহে বচন শুনাহে মহাৰাজ।
পৃথিৱীত আছে বহু বীৰৰ সমাজ॥
পৃথিবী জিনিবে যিটো ৰাজা অপাৰগ।
লজ্জা নাই আগে কিয় জিনিবে স্বৰ্গক॥

আছয় লবণ দৈত্য অসীম সাহস।
ৰাক্ষসীৰ গৰ্ভে জন্মে জাতিত ৰাক্ষস॥
নিষ্কণ্টকে ৰাজ্য কৰে মথুৰাৰ দেশে।
তাক পৰাজিয়া স্বৰ্গ জিনা আসি শেষে॥
ইন্দ্ৰৰ কথাত লাজ পাইলেক মান্ধাতা।
লজ্জা পাই ৰাজা আৰু নাথাকিলে তথা॥
স্বৰ্গ এৰি আসিলেক মথুৰা দেশক।
লবণৰ স্থানে পঠাইলেক এক দূত॥
শীঘ্ৰ গতি গলে দৃত লবণ ওচৰ।
উপনীত হই তাক ক'লে সমাচাৰ॥
লবণ শুনিয়া মহা ক্ৰোধান্বিত হৈল।
লবণৰ ক্ৰোধ দেখি দূত ফিৰি গৈল॥
দূতৰ অপেক্ষা দেখি মান্ধাতা ভূপতি।
যুজিবে লৰিলে সব কটক সংহতি॥
মান্ধাতাৰ তেজ যেন সূৰ্য্যৰ কিৰণ।
তাৰ তেজ দেখি ক্ৰোধি গৈলেক লবণ।
মহাবীৰ মানে সেনাপতি মান্ধাতাৰ।
লবণ উপৰে কৰে বাণ অৱতাৰ॥
শূল হাতে কৰিয়া লবণ বীৰ আসে।
মাৰিলেক শূল পাট মান্ধাতা উদ্দেশে॥
মান্ধাতা সহিত ৰথ অশ্ব পদাতিক।
শূলৰ তেজত ভস্ম হুয়া উড়িলেক॥

পুনৰ্ব্বাৰ শূল গৈল লবণৰ হাতে।
পৰিলে মান্ধাতা সব ৰাজা ভয় চিন্তে॥
পূৰ্ব্বৰ পুৰুষ তব মান্ধাতা ভূপতি।
মান্ধাতাক বধি দৈত্য ৰাখিলে খিয়াতি॥
আৰু কত শত ৰাজা কৰিলে সংহাৰ।
লবণক মাৰি ৰাম কৰা প্ৰতিকাৰ॥
হেন শুনি ৰাম চন্দ্ৰ দিলেক উত্তৰ।
নিশ্চয় চিন্তিবো মাৰ সি দুষ্ট দৈত্যৰ॥
কিন্তু এক কথা মুনি সোধো আপোনাক।
কি ৰূপে সম্বন্ধ হলে দানব ৰাক্ষস॥
আৰু কোন বুদ্ধি কৰি বধো লবণক।
ই সব বৃত্তান্ত মুনি মোক কহিওক॥
হেন শুনি মুনিবৰ দিলেক উত্তৰ।
শুনা ৰাম চন্দ্ৰ দশৰথৰ কুমাৰ॥
যি সময়ে দিগ্বিজয় হেতু দশানন।
পৃথিবীৰ নানা স্থানে কৰয় ভ্ৰমণ॥
সি সময়ে আসি মধু দৈত্য মহাবল।
লঙ্কা জিনি কুস্তনশী কৰিলে হৰণ॥
ৰাৱণ মাতুল হয় প্ৰশস্ত নামত।
তাহাৰ জিয়াৰী কুস্তনশী যে নামত॥
বলে ধৰি মধুয়ে আনিলে মথুৰাক।
লবণ হৈলেক জন্ম তাইৰ গৰ্ভত॥

ৰাবণৰ সঙ্গে পাছে মৈত্ৰতা কৰিলে।
সেই ৰূপে ৰাক্ষসী দৈত্যৰ ভাৰ্য্যা হৈলে॥
ৰাৱণৰ সঙ্গে মধু দৈত্য মহাবল।
দিগ্বিজয় কৰি ভ্ৰমি ফুৰে ত্ৰিভুবন॥
তাৰ মৃত্যু পাছে ই লবণ হ’ল ৰাজা।
মুনি ঋষি হিংসয় বধিলে বহু ৰাজা।
মত্ত হস্তী খাই দিনে দশেক হাজাৰ॥
পালে পালে মৃগ মাৰি কৰয় আহাৰ॥
মুনি নিগদতি সিটো মহা বলবান।
তাৰ বধ যুক্তি কওঁ শুনা হে শ্ৰীৰাম॥
ৰজনী প্ৰভাতে যাই মৃগৰ উদ্দেশে।
অৰণ্যত ভ্ৰমে সিটো ভোজনৰ আশে॥
শূল পাট থই যাই শিব পূজা ঘৰে।
দুই প্ৰহৰৰ পাছ বন হন্তে ফিৰে॥
যি সময়ে সিটো শূল পাট এৰি থাকে।
সেই সময়তে তাক বধিবাক লাগে॥
এই বুলি ভাৰ্গব গৈলেক নিজস্থান।
পাত্ৰ মিত্ৰ সঙ্গে ৰাম কৰে অনুমান॥
হেন কালে কৰ যোৰে কয় শত্ৰুঘন।
মোক কৰিওক আজ্ঞা বধিবে লবণ॥
তুমি আৰু লক্ষ্মণ কৰিলা বহু ৰণ।
মোক পঠায়োক এৰে বধিবে লবণ॥

হেন শুনি ৰামে তাক দিলে অনুমতি।
সমৰ কৰিবে বহু শিকালে সুনীতি॥
বিষ্ণু-অস্ত্ৰ নামে মহাবান শ্ৰীৰামৰ।
শত্ৰুঘ্নক দিলে দৈত্য কৰিবে সংহাৰ॥
ৰামৰ আদেশ পাই বীৰ শত্ৰুঘন।
কৰিলে সকলো সংগ্ৰামৰ আয়োজন॥
মাতৃ ভ্ৰাতৃ আদি কৰি সবাকো প্ৰণামি।
পাত্ৰ মিত্ৰ গণ মানে লইয়া মেলানি॥
শুভক্ষণে যাত্ৰা কৈল কৰিয়া সাজনি।
পদাতিক লই সঙ্গে সাত অক্ষৌহিণী॥
কতোদিন পাছে পালে বল্মেীকিৰ দেশ।
একৰাত্ৰি সেই আশ্ৰমত কৈলে বাস॥
শত্ৰুঘ্নে বন্দিলে সেই মুনিৰ চৰণ।
ৰামৰ আজ্ঞাত যাওঁ বধিবে লবণ॥
হেন শুনি মুনি বৰ প্ৰশংসিলে তাক।
ব্ৰহ্মমন্ত্ৰ উচ্চাৰি কৰিলে আশীৰ্ব্বাদ॥
তাৰ বধ যুক্তি কওঁ শুনা শত্ৰুঘন।
মৃগ মাৰিবাক সদা যাৱঁয় লবণ॥
সেই সময়ত তাক কৰিবা নিধন।
এই যুক্তি ভাল হয় শুনা শত্ৰুঘন॥
মহেশৰ শূল এক আছে তাৰ ঘৰে।
সেই শূল লই সিটো সবাকো সংহাৰে॥

শূল এৰি যাই যেবে অৰণ্য ভিতৰ।
সেই সময়তে বেৰি লবা তাৰ ঘৰ॥
যদি সেই শূলপাট নাপায় ৰাক্ষস।
তাৰ বধ হেতু তেন্তে কৰিবা সাহস॥
শূল বন্দিবাক যদি নোৱাৰিবা।
দৈত্যৰ লগত তেবে যুদ্ধ নকৰিবা॥
এই ৰূপ কথোপ কথনে দুই জন।
সেই ৰাত্ৰি মুনি ঘৰে কৰে কৰিলে যাপন
বাল্মিকী শত্ৰুঘ্নে যেবে কয় কথা বাৰ্ত্তা।
সিসময়ে দুটী পুত্ৰ প্ৰসবিলে সীতা॥
শিষ্যসবে কয় আসি মুনিৰ আগত।
দুগুটী তনয় সীতা কৰিলে প্ৰসব॥
মুনি কয় গোপনত ৰাখা শিষ্যগণ।
এই কথা যেন নুশুনয় শত্ৰুঘন॥
মতান্তৰ আছে আত শুনা সৰ্ব্বজন।
বাল্মিকী নদীৰ তীৰে কৰয় তৰ্পণ॥
মুনিক সংবাদ দিলে শিষ্য একজন।
প্ৰসবিলে সীতা দুই যমজ নন্দন॥
আনন্দিত হই মুনি কৈলেক শিষ্যক।
লোণ আৰু কুশসহ ঘহিবে শিশুক॥
মুহিবাক্য শুনি শিষ্যে কলে জানকীক।
হৰ্ষযুক্ত হই সীতা ঘহিলে পুত্ৰক॥

লবণৰ হেতু লব কুশ হেতু কুশ।
মুনিয়ে ৰাখিলে দুইৰো নাম লব কুশ॥
দিনে দিনে বাঢ়ে দুই শিশু মহাৰথ।
এবে শুনিয়োক লবণৰ বধ কথা॥
শত্ৰুঘ্ন বাল্মিকী দুয়ো কথা বাৰ্ত্তা কই।
সেই ৰাত্ৰি বঞ্চিলেক আনন্দ হৃদয়॥
প্ৰভাতত উঠি সৈন্য কৰিলে সাজন।
মুনিক প্ৰণাম কৰি কৰিলে গমন॥
বাল্মিকীৰ উপদেশ লই শত্ৰুঘন।
মথুৰাক যাত্ৰা কৈল বধিবে লবণ॥
প্ৰভাতে লবণ গলে বিচাৰি আহাৰ।
সৈন্য সহ শত্ৰুঘ্নেও নদী হৈল পাৰ॥
মথুৰাৰ গড় বেঢ়ি ৰৈলে শত্ৰুঘন।
হেনকালে মৃগ লই আহিলে লবণ॥
সৈন্যসবে ঘৰ পথ বেৰিয়া আছিলে।
তাক দেখি দুষ্ট দৈত্য লবণ কুপিলে॥
মৃগক পেলাই এক বৃক্ষ তুলি ললে।
বৃক্ষৰ আঘাতে বহু সৈন্যক বধিলে॥
সৈন্য নাশ দেখি আসিলেক শত্ৰুঘন।
শত্ৰুঘ্নক দেখি ক্ৰোধে কহয় লবণ॥
কি কাৰণে মৰিবে আহিছ হেৰ তয়।
তোৰ সম কত ৰাজা বধিলোহো ময়॥

লবণৰ কথাক কৈলেক শত্ৰুঘন।
মিছা গৰ্ব্ব কৰ কিয় পামৰ লবণ॥
তোৰ যে মাতুল সিটো নামত ৰাবণ।
শ্ৰীৰামৰ হাতে দুষ্ট হৈলেক নিধন॥
শ্ৰীৰামৰ ভাই ময় তোকহে বিচাৰো৷
তোক বধকৰি মোৰ সাধ পূৰ্ণ কৰো॥
লবণ কৈলেক ক্ৰোধে শুন শত্ৰুঘন।
তোক বধি নিবাৰিবো মাতাৰ ক্ৰন্দন॥
মাতুলে কৰিলে বধ তোৰ সহোদৰ।
আজি তোক মাৰি পঠিয়াও যমঘৰ॥
তোৰ বংশ ৰাজাসবে কৰো তৃণজ্ঞান।
সসৈন্য মাৰিলো তাকে মান্ধাতায়ে নাম॥
হেন শুনি কয় কথা সুমিত্ৰা নন্দন।
তাৰ সোধ লৈবে আইলো শুনৰে লবণ॥
ৰামৰ কনিষ্ঠ তোক নকৰোহে ভয়।
তোক বধি আজি পঠিয়াইবো যমালয়॥
শুনিয়া লবণ বীৰ সিংহ যেন গৰ্জ্জে।
হাতে বৃক্ষ কৰি আইলা যুজিবাৰ সাজে।
গছ শিল লই দৈত্য কৰে মহামাৰ।
শত্ৰুঘ্নৰ বহু সৈন্য গৈলে যমদ্বাৰ॥
এক বক্ষ লই সিটো দানব দুৰ্জ্জয়।
শত্ৰুঘ্নক প্ৰহাৰ কৰিলে অতিশয়॥

বৃক্ষৰ কোবত বীৰ হৈল অচেতন।
ঘৰত যাইবে মন কৰিলে লবণ॥
হেনকালে চেতনা লভিলে দাশৰথী।
সম্বিত পাইয়া উঠিলেক ধনু পাতি॥
বিষ্ণুবান যুৰি বীৰ কৰয় গৰ্জ্জন।
অস্ত্ৰ দেখি ভয় পাই কহয় লবণ॥
ক্ষণেক ক্ষমাহা মোক খাওঁ ভক্ষ পানী।
পালটী আসিয়া যুদ্ধ কৰিবোহো আমি॥
মনে ভাবে শূল আছে দেবপূজা ঘৰে।
সবাকো বধোহো আনি শূলৰ প্ৰহাৰে॥
তাৰ মনো গত ভাব বুজি শত্ৰুঘন।
কহিবে লাগিলে বীৰ কৰিয়া গৰ্জ্জন॥
কৰিবি ভোজন তয় উপবাসী ময়।
দুয়ো উপবাসে যুদ্ধ কৰিবে লাগয়॥
এতিয়া ভোজনকৰা উচিত নহয়।
ভোজন কৰিবি তয় গই যমালয়॥
কুপিলে লবণ বীৰ দুৰ্জ্জয় প্ৰতাপ।
আহাৰ কৰিবে নিদিলিবে মহাপাপ॥
ৰঘুবংশে জন্ম তোৰ সৰ্ব্বলোকে জানে।
ৰঘুকুল উজ্জ্বল কৰিলি অত দিনে॥
এই বুলি খেদি আইলা দুৰ্জ্জয় লবণ।
ধনুক টঙ্কাৰি বান এড়ে শত্ৰুঘন॥

বানমুখে অগ্নি পৰে জলকে জলকে।
স্থাবৰ জঙ্গম স্বৰ্গ ৰসাতল কঁপে॥
বানৰ গৰ্জ্জন শুনি দৈত্য হৈল ভীত।
বৃক্ষ শিলা প্ৰহাৰ কৰয় চতুৰ্ভীত॥
বিষ্ণুবান মুখে সব ভস্মহুয়া গৈল।
মহাবেগে বান আহি বুকত পৰিল॥
পৰিলে লবণ বীৰ দেখে সৰ্ব্বলোকে।
দেৱতাৰ শূলপাট গলে অন্তৰীক্ষে॥
জয় জয় শব্দকৰে যত দেবগণ।
শত্ৰুঘ্ন উপৰে কৰে পুষ্প বৰিষণ॥
স্বৰ্গত দুন্দুভি বাজে নাচে বিদ্যাধৰী।
আনন্দত মগ্নহলে যত সুৰপৰি॥
লবণৰ বধ কথা অমৃত সমান।
দেবৰামে দ্বিজে কয় শুনে পুণ্যবান॥

 ⸻০⸻

লবণক বধি বীৰ সুমিত্ৰা নন্দন।
কৰিলে মথুৰা পুৰি অদ্ভুত নিৰ্ম্মান।
পদ্ম কোটি ঘৰ কৈলে সুবৰ্ণ গঠন।
ক্ষত্ৰ, বৈশ্য, শূদ্ৰ আৰু আনিলে ব্ৰাহ্মণ।
অট্টালিকা সাজিলন্ত বহু সৰোবৰ
পশুপক্ষী আদি বহু থলে জলচৰ।

বন উপবন ভাঙ্গি কৰিলে বসতি।
স্থান দি থাপিলে মনুষ্যকো নানাজাতি॥
প্ৰজাক পালন বীৰ কৰয় হৰিষে।
দ্বাদশ বছৰ নিবসিলে সিটো দেশে॥
মথুৰা নগৰী সবে কৰিয়া শাসন।
অযোধ্যা আহিলে হেতু ৰাম সম্ভাষণ॥
কটক সহিতে গৈল বাল্মিকীৰ দেশ।
সৈন্যসহ তপোবনে কৰিলে প্ৰবেশ॥
শত্ৰুঘ্নক দেখি মুনি হৰষিত মন।
শত্ৰুঘ্নে কৰিলে তান চৰণ বন্দন॥
মুণি কয় মহাবীৰ তুমি শত্ৰুঘন।
লবণক মাৰি ৰক্ষা কৈলা ত্ৰিভুবন॥
অনেক কষ্টত ৰাম বধিলে ৰাৱণে।
লৱণক বধ তুমি কৈলা এক দিনে॥
মানুহক খাই দৈত্য দেশে কৈল ছন্ন।
নগৰ পাতিলা তুমি বধিয়া লবণ॥
এই বুলি মুনিবৰ পৰম সাদৰে।
ৰাখিলে সকলো সৈন্য অতিথি সৎকাৰ॥
সুগন্ধি কোমল অন্ন পায়স পিষ্টক।
বহুভোগে খুৱাইলেক সকলো কটক॥
সোণাৰ পালঙ্কে বীৰ কৰিলে শয়ন।
হেন কালে শুনিলেক গীত ৰামায়ণ॥

বীণাৰ স্বৰত গীত হ'ল আচম্বিত।
মধুস্বৰে গান হয় ৰামায়ণ গীত॥
দেশ এৰি সীতা আৰু শ্ৰীৰাম লক্ষ্মণ।
গছৰ বাকলি পিন্ধি প্ৰবেশিলে বন॥
ৰামৰ শোকত কান্দে কত পৰ লোক।
দশৰথ মৰিলেক পাই পুত্ৰ শোক॥
ভৰত মাতুল ঘৰে ৰাম বনে গৈল।
চাৰি পুত্ৰ থাকোতেও বাহি মৰা হৈল॥
চৌদ্ধ বছৰ থাকিলেক পঞ্চবটী বনে।
সীতা হৰি নিলে লঙ্কাৰ ৰাবণে॥
বহু যুদ্ধে জানকীক কৰিলে উদ্ধাৰ।
সব শে ৰাবণে বন কৰিলে সংহাৰ॥
এই ৰূপ গান হৈল গীত ৰামায়ণ।
সৰ্ব্ব লোকে শুনিলে কৰিবা জাগৰণ॥
শক্ৰঘ্ন বদন্তি মুনি কৰো নিবেদন।
কাৰ বিৰচিত এই গীত ৰামায়ণ॥
দুই শিশু পান কৰে কোন দুন্ জন।
মুনি কয় শুনা তুমি বীৰ শত্ৰু ঘন॥
মই ৰচিয়াছোঁ সপ্ত কাণ্ড ৰামায়ণ।
দুই শিশু গান কৰে শিষ্য দুয়ো জন॥
কথাবাৰ্ত্তা আলাপনে হৈলেক প্ৰভাত।
মুনিক প্ৰণামি বীৰ গলে অযোধ্যাক॥

যমুনাক হই পাৰ বীৰ শত্ৰু ঘন।
অযোধ্যাত গই কৈল ৰামক বন্দন॥
তোমাৰ প্ৰসাদে প্ৰভো মাৰিলো লবণ।
মথুৰা নগৰে বহুৱালো লোক জন॥
হেন শুনি ৰামচন্দ্ৰ দিলেক উত্তৰ।
মথুৰাত ৰাজ্য তুমি কৰা অতঃপৰ॥
পঞ্চ দিন মানে তুমি থাকা ই স্থানত।
তাত পৰে যাই বাহা মথুৰা দেশক॥
শ্ৰীৰাম লক্ষ্মণ আৰু ভৰত শত্ৰুঘ্ন।
চাৰি ভাই একেলগে হলে সম্ভাষণ॥
চাৰি ভাই পাচ দিন একত্ৰে বঞ্চিলে।
তত পাছে শত্ৰুঘন মধুৰাক গৈলে॥
মথুৰাত শত্ৰুঘন হইলেক ৰজা।
অযোধ্যাত শ্ৰীৰাম পালন কৰে প্ৰজা॥
উত্তৰা কাণ্ডৰ মাজে লবণৰ বধ।
সমাপত হৈল এবে শুনা সভাসদ॥
মই অতি মূঢ় মতি নাজানো কথন।
তথাপিতো ইটো পদ কৈলো বিৰচন॥
অজ্ঞানীৰ বচনক তুচ্ছ নকৰিবা।
ভগৱন্ত লীলা বুলি ইয়াক ভাবিবা।
কলি কালে মাত্ৰ হৰি নামে ধৰ্ম্ম সাৰ।
ইহ লোকে সুখ অন্তে পাৱয় নিস্তাৰ॥

হেন জানি নৰলোকে এৰি আন কাম।
পাতক গুছোক মুখে বোলা ৰাম ৰাম॥



ডিব্ৰুগড় নামে যিটো আছয় নগৰ।
যাৰ অনুকুল সদা জল লৌহিত্যৰ॥
সি নগৰে ৰাজগুৰু ফুকন বশেত।
শ্ৰেষ্ঠ ব্ৰাহ্মণৰ কুল গৌতম গোত্ৰত॥
নিবসিলে লম্বোদৰ বলৰামাত্মজ।
লাভ কৰি প্ৰতিপত্তি জ্যোতিষ শাস্ত্ৰত॥
তাহান তনয় মোৰ নাম দেবৰাম।
শ্ৰীদুৰ্গাপ্ৰসাদ নামে খ্যাত মোৰ নাম॥
জগত আনন্দ পঞ্চাননৰ অগ্ৰজ।
ৰামেশ্বৰ দেৱশৰ্ম্মা ফুকন অনুজ অনুজ॥
ওঁঠৰস আঠাইশ শকঁৰ শেষ দিনে।
সংক্ৰান্তি মহা বিষুব হোৱয় গণনে॥
যিটো দিন গলে হয় বৰ্ষ আৰম্ভন।
সেই দিনে শেষ হৈল ইয়াৰ লিখন॥

ইতি ৰামায়ণ উত্তৰাকাণ্ডৰ অন্তৰ্গত
লবণ বধ আৰু লব কুশৰ
জন্ম উপাখ্যান
সম্পূৰ্ণ।

জাননী


 তলত দিয়া কিতাপ বিলাক একেবাৰেই সৰহ ধনৰ নিলে সস্তাকৈ দিয়া হ’ব।

কথা ৰামায়ণ
ৰুক্মিনী হৰণ
কুমৰ হৰণ
নাম−ঘোষা
ধৰ্ম্মতত্ব ১ম
ধৰ্ম্মতত্ব ২য়
সীতাৰ বনবাস
লক্ষীচৰিত
ৰাধাহৰণ
অনাদি পাতন
নামতি আই
পদ্মপুৰাণ
কালিকাপুৰাণ
উষাহৰণ
গোপিনী কীৰ্ত্তন
বৰ বেজালী
বাৰভনী
কুৰ্ম্মবলী বধ
কৃষ্ণগুণমালা
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
৴৹
৸৹
৷৹

৷৹
৴৹
৶৹
৶৹
৶৹
৷৹
৷৹
৶৹
৶৹
৶৹
৶৹
৶৹
৷৹
৷৹
৷৹
যমপুৰী
জীৱস্তুতি
বৈষ্ণবামৃত
ভীমচৰিত
দোঁহাবলী
স্যমন্ত হৰণ
মহীৰাবণ বধ
হৰিপ্ৰসঙ্গ আইনাম
শক্তিশেল
গুৰিগুণমালা
শিশুপাল বধ
লক্ষ্মণ চৰুত
পাৰিজাত হৰণ
ফুলকোৱৰ
অগ্নিপুৰাণ
লীলামালা
কাণখোৱা
বিয়া−নাম
অৰ্জুন−সংবাদ
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
৷৹
৷৹
৷৹
৶৹
৷৹
৶৹
৴৹
৴৹
৷৹
৷৹
৷৹
৷৹
৶৹
৶৹
৶৹
৶৹
৶৹
৶৹
৶৹

ঠিকানা-ভট্টাচাৰ্য্য এজেন্সি।
পোঃ ৰিহাবাৰী, (ডিব্ৰুগড়, অসম)

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )