সমললৈ যাওক

লেখক:বিৰিঞ্চি কুমাৰ বৰুৱা

ৱিকিউৎসৰ পৰা
(লেখক:ৰাস্না বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)
বিৰিঞ্চি কুমাৰ বৰুৱা
(১৯০৮–১৯৬৪)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক

বিৰিঞ্চি কুমাৰ বৰুৱা (১৮৯২-১৯৬৪) অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সংস্কৃতিৰ গৱেষক। ‘আৱাহন’, জয়ন্তী, সুৰভি, সাহিত্য সভা পত্ৰিকা, Journal of the Assam Research Society আদি আলোচনী আৰু গৱেষণামূলক পত্ৰিকাত প্ৰৱন্ধ-পাতি লিখাৰ উপৰিও বিৰিঞ্চি কুমাৰ বৰুৱা ৰংঘৰ(১৯৪৮) আৰু দৈনিক নতুন অসমীয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ ‘অকণ’ আৰু ‘সুৰভি’ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক আছিল। কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্ৰখনো তেওঁ কিছু বছৰ সম্পাদনা কৰিছিল।

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা ছদ্মনামত তেখেতে ক্ৰমে জীৱনৰ বাটত আৰু সেউজী পাতৰ কাহিনী নামৰ দুখন উপন্যাস ৰচনা কৰিছে।

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]
  1. অসমীয়া ভাষা আৰু সংস্কৃতি (১৯৬৩)
  2. অসমীয়া কথা সাহিত্য (১৯৫০)
  3. অসমৰ লোক সংস্কৃতি (১৯৬১)
  4. সাৰিপুত্ত আৰু মোগ্‌গল্লান
  5. সেউজী পাতৰ কাহিনী (ৰাস্না বৰুৱা ছদ্মনামত)
  6. জীৱনৰ বাটত (বীণা বৰুৱা ছদ্মনামত)

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )