সমললৈ যাওক

লেখক:ৰাজমোহন নাথ

ৱিকিউৎসৰ পৰা
ৰাজমোহন নাথ
(১৮৯৯–১৯৬৫)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক ৰাজমোহন নাথ (ছদ্মনাম:পীতাম্বৰ ৰাজমেধি) এগৰাকী ভাৰতীয় লেখক আৰু পুৰাতত্ববিদ। জন্মস্থান হাইলাকান্দি। ১৯১৯ চনত ভিক্টৰীয়া মেম'ৰিয়েল হাইস্কুলৰপৰা প্ৰৱেশিকা, শ্ৰীহট্টৰ মুৰাৰিচাঁদ কলেজৰপৰা আই এছ চি আৰু শিৱপুৰ ইঞ্জিনীয়াৰিং কলেজৰপৰা বি ই ডিগ্ৰী লাভ কৰিছিল। পেচাত তেওঁ অসমৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা আছিল। ১৯৫৭ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাত তেওঁ বহু কেইখন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ বহুতো প্ৰবন্ধ বিভিন্ন কাকত-আলোচনীত সিঁচৰতি হৈ আছে। তেওঁ বহু কেইখন প্ৰাচীন অসমীয়া গ্ৰন্থ সম্পাদনাও কৰিছে। অসম ৰাজ্যিক সংগ্ৰহালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ১৯৫৮ চনত তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ বুৰঞ্জী অধিৱেশনত সভাপতিত্ব কৰিছিল। নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই ১৯৮৫ চনত 'তত্ত্বভূষণ' উপাধি প্ৰদান কৰিছিল।
ৰাজমোহন নাথ

ৰচনা-ৰাজি

[সম্পাদনা কৰক]
  • বীৰ চিলাৰায় (১৯৪০)
  • নাম ধৰ্মৰ বৈজ্ঞানিক তত্ত্ব (১৯৪৪)
  • গৌৰৱময় অসম (১৯৪৯)
  • নাথ যোগীতত্ত্ব (১৯৫৮)
বঙালী
  • কদলী ৰাজ্য (১৯৪১)
  • আসামেৰ কথা ও কাহিনী (১৯৪৫)
  • কাছাড়েৰ ইতিহাস (১৯৬৫)
ইংৰাজী
  • এ হেণ্ডবুক অৱ আসাম ইঞ্জিনীয়াৰিং (১৯৪২)
  • দ্য বেকগ্ৰাউণ্ড অৱ আছামিজ কালচাৰ (১৯৪৮)
  • গ্লৰিয়াছ আছাম (১৯৪৯)
সম্পাদিত

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )