লেখক:লক্ষ্মীধৰ শৰ্মা
অৱয়ব
(লেখক:লক্ষ্মীধৰ শৰ্ম্মাৰ পৰা পুনঃনিৰ্দেশিত)
| ←লেখকৰ তালিকা | লক্ষ্মীধৰ শৰ্ম্মা (১৮৯৭–১৯৩৪) |
| লক্ষ্মীধৰ শৰ্মা (১৮৯৭-১৯৩৪) অসমৰ এগৰাকী সাহিত্যিক, সমাজ সংগঠক আৰু স্বাধীনতা সেনানী। জন্ম তেজপুৰৰ বিশ্বনাথ চাৰিআলিত। পিতৃ হলধৰ শৰ্ম্মা। ১৯১৬ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯১৮ চনত কটন কলেজৰপৰা আই এ আৰু ১৯২০ চনত স্নাতক পৰীক্ষাত উৰ্ত্তীণ হয়। কলিকতাত স্নাতকোত্তৰ শিক্ষাৰ লগতে আইন পঢ়িবলৈ নামভৰ্তি কৰে যদিও অসহযোগ আন্দোলনত জড়িত হৈ ১৯২১ চনত কাৰাবাস খাটে। ১৯২৪ চনত কলিকতাৰপৰাই ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ উপৰি আইনৰ স্নাতক ডিগ্ৰী লৈ প্ৰথমে গুৱাহাটীত আৰু পিছত তেজপুৰত ওকালতি কৰে। ১৯১৯ চনত ছাত্ৰ সন্মিলনীৰ তেজপুৰ অধিৱেশনৰ গুৰি ধৰোঁতা আছিল। অসম কংগ্ৰেছ দলৰো সক্ৰিয় কৰ্মী আছিল। ১৯২১ চনত পাণ্ডুত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ উদ্যোক্তা আছিল। ১৯৩০ চনত পত্নী বিয়োগৰ পাছত স্বদেশ ত্যাগ কৰি ব্ৰহ্মদেশলৈ গৈছিল। উভতি আহি আইন অমান্য আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। কানি বৰ্জন, খাদী বস্ত্ৰ প্ৰচলন, জাতিভেদ প্ৰথা নিবাৰণ, সাম্প্ৰদায়িক ঐক্য স্থাপন আদিত জড়িত হৈ দেশপ্ৰাণ নামেৰে জনাজাত হৈছিল। অসম হিতৈষী, আৱাহন আদি আলোচনীত তেওঁৰ গল্প, নাটক, প্ৰৱন্ধ প্ৰকাশ হৈছিল। |
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]- নাটক
- স্মৃতি চাৰণ
- জীৱন স্মৃতি (১৯৬৩)
- গল্প সংকলন
- ব্যৰ্থতাৰ দান (১৯৩০)
- অনাগতৰ অভিশাপ
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )