সমললৈ যাওক

লেখক:প্ৰেমনাৰায়ণ দত্ত

ৱিকিউৎসৰ পৰা
প্ৰেমনাৰায়ণ দত্ত
(১৮৯৯–১৯৬৫)
প্ৰেমনাৰায়ণ দত্ত (১৯২৬-১৯৬৩) অসমীয়া সাহিত্যত ৰহস্য উপন্যাসৰ প্ৰতিষ্ঠাতা। ১৯৪৭ চনত তেওঁৰ প্ৰথমখন ৰহস্য উপন্যাস দিন ডকাইত প্ৰকাশ পায়। জন্ম বজালীত। পিতৃ ৰতিৰাম আৰু মাতৃ পানীপ্ৰিয়া। প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিও ঘৰুৱা অৱস্থাৰ বাবে উচ্চ শিক্ষা লোৱাৰপৰা বিৰত থাকিবলগা হয়। প্ৰথমে বৰপেটাৰ এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত গুৱাহাটীৰ এখন দোকানৰ কৰ্মচাৰী ৰূপে কাম কৰে। অৰিয়েণ্টেল নামৰ জীৱন বীমা কোম্পানী এটাৰো এজেণ্ট আছিল। পিছলৈ সকলো এৰি হোমিওপেথি চিকিৎসা কৰিবলৈ লয় আৰু সাহিত্য চৰ্চাত মনোনিৱেশ কৰে। পা ফু আৰু ৰহস্যৰ ৰহঘৰা তেওঁৰ দুটি জনপ্ৰিয় উপন্যাস চিৰিজ। দুইটা চিৰিজতে মুঠ বিশখন উপন্যাস আছে। মণিমানিক প্ৰকাশনৰ প্ৰতিষ্ঠাতা।


গ্ৰন্থসমূহ

[সম্পাদনা কৰক]
সামাজিক উপন্যাস
  • নিয়তিৰ নিৰ্মালি
  • প্ৰণয়ৰ সূঁতি
  • আকাঙ্খাৰ অন্তৰালত
ৰস-ৰচনা
  • অসমাপ্ত
  • আদিৰসৰ উৎপত্তি
  • কণ্ঠৰোল
  • আশীৰ্বাদ
  • হে হৰি সাৰ শূন্য

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )